গেলেকী : ৰাজ্যজুৰি অব্যাহত আছে হোজাইৰ বিতৰ্কিত বিধায়ক শিলাদিত্যদেৱৰ বিৰুদ্ধে প্ৰতিবাদ৷ ১০ আগষ্ট সোমবাৰে আবেলি পৰত নাজিৰা মহকুমা নগৰৰ অ’এনজিচি চাৰিআলিত ঐক্য সেনা অসমৰ উদ্যোগত বিধায়ক শিলাদিত্যদেৱৰ বিৰুদ্ধে পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত। লগতে আন দুটা জাতীয় সংগঠনে সহযোগ আগবঢ়ায়। সম্প্ৰতি সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পদ্মশ্ৰী বিজয়ী চৈয়দ আব্দুল মালিকক জেহাদী আখ্যা দিয়াৰ বাবে এইদৰে নাজিৰাত শিলাদিত্যদেৱৰ পুত্তলিকা দাহ কৰে ঐক্য সেনা অসমে। প্ৰতিবাদকাৰীয়ে নাজিৰা সদৰ আৰক্ষীৰ চকুৰ সন্মুখতেই বিভিন্ন কটু মন্তব্যৰে চৰকাৰ বিৰোধী শ্ল’গানেৰে শিলাদিত্যদেৱৰ পুত্তলিকা দাহ কৰি উত্তাল কৰি তোলে নাজিৰাৰ ৰাজপথ।
শিল্পী সকলৰ প্ৰতি কিয় ইমান অৱহেলিত অসম চৰকাৰ
✍ ভুপেশ খাটনিয়াৰ
‘কা’ আন্দোলন কৰোণা মহামাৰীৰ বাবে যোৱাটো বৰ্ষৰ আধাতে ভ্ৰাম্যমান থিয়েটাৰৰ নাট্য দলসমূহে নাট সামৰিব লগা হোৱাত একাংশ শিল্পী কৰ্মীৰ জীৱনলৈ কালধুমুহা নামি আহে। মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু আপোনাৰ নিৰ্দেশতেই সাংস্কৃতিক সঞ্চালকালয়ে ভ্ৰাম্যমান থিয়েটাৰৰ শিল্পী কলা-কুশলীক এককালীন সাহায্য আৰু খাদ্য সামগ্ৰী বিতৰণৰ বাবে প্ৰযোজক সন্থাৰ পৰা শিল্পী কলা-কুশলীৰ সম্পূৰ্ণ ঠিকনা লৈ ৩ মাহ আগতে এখন তালিকা প্ৰস্তুত কৰি অসমৰ বিভিন্ন জিলাত খাদ্য সামগ্ৰী বিতৰণ কৰিলে তাৰ বাবে অসম চৰকাৰৰ লগতে সাংস্কৃতিক সঞ্চালকালয়ক ধন্যবাদ জনাইছোঁ। কিন্তু তিনিচুকীয়া, ডিব্ৰুগড়, বৰপেটা, কামৰূপ জিলাত তালিকাত নাম থকাৰ পিছতো কাৰ হেমাহিৰ বাবে এতিয়ালৈকে শিল্পীসকল বঞ্চিত হৈ থাকিব লগা হৈছে? সাংস্কৃতিক সঞ্চালকালয়ৰ তালিকা আৰু নিৰ্দেশ মতে উজনি অসমৰ দুখন জিলাত উপায়ুক্ত মহোদয়ে শিল্পীসকলক দিঙিত গামোছা পিন্ধাই সাহাৰ্য্য বিতৰণ কৰিছে তেখেতসকলক ধন্যবাদ জনাইছোঁ। কিন্তু আমাৰ বৰপেটা জিলাকে ধৰি বহু কেইখন জিলাই এতিয়ালৈকে বহু শিল্পী কৰ্মীৰ নাম থকাৰ পিছত আজি ৩ মাহলৈকে এই এচাম শিল্পী বঞ্চিত হৈ থাকিব লগা হৈছে ? ভ্ৰাম্যমান থিয়েটাৰৰ এজন কৰ্মী হিচাপে আপোনাক প্ৰশ্ন কৰা নাই মাথো জানিব বিচাৰিছো। আপোনাৰ নিৰ্দেশ থকাৰ পিছতো আমি যে বঞ্চিত হৈ আছো সেইখিনি দৃস্তি গোচৰ কৰিবৰ বাবে কথাখিনি ক’লো। হয় এইতো মানি লওঁ চৰকাৰী সাহায্য দুদিনৰহে পেটৰ ভোক পলাব হ’লেও মনটোক শান্তনা দিব পাৰিম। ভ্ৰাম্যমান থিয়েটাৰ জীয়াই ৰাখি শিল্পীসকলৰ বাবে পৰিস্থিতি ভাল হ’লে নীতি-নিৰ্দেশনাৰ মাজেৰে সেই আগৰ পৃথিৱীখনলৈ ঘুৰি যাব অনুমতি দিয়ে যেন।
ভাৰতত প্ৰথমবাৰৰ বাবে উৎপাদন হ’ব গাধৰ গাখীৰ : প্ৰতি লিটাৰত মূল্য ৭,০০০টকা
দৈনন্দিন বাৰ্তা ডিজিটেল ডেস্কঃ ভাৰতত প্ৰথমবাৰৰ বাবে উৎপাদন হ’ব গাধৰ গাখীৰ। কৰ’না ভাইৰাছৰ সংক্ৰমণৰ সময়তে নেচনেল ৰিছাৰ্চ চেণ্টাৰ অৱ ইকুইনেছ চমুকৈ এন আৰ চি ই-এ দেশত গাধৰ গাখীৰ বাণিজ্যিক ভিত্তিত উৎপাদন আৰম্ভ কৰিছে। ইতিমধ্যে প্ৰতিষ্ঠানটোৱে হাৰিয়ানাত গাধৰ গাখীৰৰ উৎপাদন আৰম্ভ কৰাৰ পিছত দেশৰ আন প্ৰান্ততো এনে উদ্যোগ গ্ৰহণ কৰিব জানিব পৰা গৈছে। বিভিন্ন সূত্ৰৰ পৰা জানিব পৰা মতে, গাধৰ গাখীৰে কৰ্কটৰ পৰা আৰম্ভ কৰি বহু জটিল ৰোগৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। গাধৰ গাখীৰ বিশ্বৰ দামী প্ৰসাধন সামগ্ৰী প্ৰস্তুতকে ধৰি বহু ৰোগৰ দৰৱ প্ৰস্তুতত ব্যৱহাৰ হৈ আহিছে। উল্লেখযোগ্য কৰিব পাৰি যে, গাধৰ গাখীৰৰ প্ৰতি লিটাৰত বজাৰ মূল্য প্ৰায় ৭,০০০ টকা। কিয়নো এক লিটাৰ গাধৰ গাখীৰ পাবলৈ কেইবাটাও গাধ খীৰাব লগীয়া হয়।
বাতৰি যোগুতালেঃ জ্যোতিস্মান শৰ্মা
জাতিৰ পিতা মহাত্মা গান্ধীৰ এযোৰ চছমা,দাম শুনিলে আপুনিও আচৰিত হ’ব
দৈনন্দিন বাৰ্তা ডিজিটেল ডেস্কঃ ব্ৰিটেইনত হব লগীয়া অনলাইন নিলামীত আছে এযোৰ চছমা। চচমা যোৰ জাতিৰ পিতা মহাত্মা গান্ধীয়ে পিন্ধিছিল বুলি সকলোৱে কয়। আচৰিত ইয়াৰ মূল্য ১০,০০০ ৰ পৰা ১৫,০০০ পাউণ্ড হব বুলি জানিব পৰা গৈছে। কোম্পানীটোৰ কৰ্মচাৰীয়ে জনাই যে যেতিয়া চছমা যোৰ বিক্ৰী কৰিব আহিছিল তেতিয়া তাৰ দাম বিক্ৰেতা জনে গম পোৱা নাছিল কিন্তু পিছত চছমা যোৰৰ দাম গম পাই তেওঁ আচৰিত হৈছিল৷ তেঁও কৈছিল যে এই চছমা যোৰ তেওঁৰ পিতৃক ১৯১০ ৰ পৰা ১৯৩০ চনৰ ভিতৰত মহাত্মা গান্ধীয়ে উপহাৰ স্বৰূপে দিছিল আৰু তেওঁ গম পোৱা নাছিল যে ইয়াৰ দাম ইমান হব ৷ দক্ষিন-পশ্চিম ইংলেণ্ডৰ উপনগৰ হনহমস্থিত ‘ ইষ্ট ব্ৰিস্টল আকচন ‘ নামৰ কোম্পানী এটাই ৰবিবাৰে কয় যে ‘‘এয়া গম পাই অতি আনন্দিত হৈছিলো যে এটা খামৰ ভিতৰত ইমান ধুনীয়া ইতিহাস আছে” লগতে কয় যে ইয়াৰ বিক্ৰীৰ পূৰ্বেই ইয়াৰ দাম অধিক ওপৰলৈ উঠিছে। এতিয়া মহাত্মা গান্ধীৰ এই চছমা যোৰ বিক্ৰীৰ পূৰ্বেয়ে অধিক জনপ্ৰিয় হৈ পৰা দেখা গৈছে লগতে ভাৰতৰ লোক সকলেও ইয়াৰ অধিক গুৰুত্ব প্ৰদান কৰা দেখা গৈছে।
বাতৰি যোগুতালেঃ জ্যোতিস্মান শৰ্মা
ক’ৰোনাত আক্ৰান্ত প্রাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী
দৈনন্দিন বাৰ্তা ডেস্ক : ক’ৰোনা ভাইৰাছত আক্ৰান্ত হৈছে প্রাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী ৷ সোমবাৰে তেওঁ নিজেই এই কথা জনায়৷ সেয়ে যোৱা এটা সপ্তাহত তেওঁৰ সংস্পৰ্শলৈ অহা সকলোকে অবিলম্বে ক’ভিড-১৯ পৰীক্ষা কৰিবলৈ পৰামৰ্শ দিছে৷ দিল্লীৰ এখন চিকিৎসালয়ত প্ৰাক্তন ৰাষ্ট্ৰপতিজনে স্বোৱাব পৰীক্ষা কৰাইছিল৷ সোমবাৰে পুৱাই তেওঁ টুইট কৰি লেখে, আন কাৰণত চিকিৎসালয়লৈ যোৱাৰ পাচত মোৰ ক’ভিড-১৯ পৰীক্ষা হয়৷ সোমবাৰে তাৰ ৰিপৰ্ট দিয়ে৷ এনে সময়তে অনুৰোধ কৰিছো, যোৱা এটা সপ্তাহত মোৰ সংস্পৰ্শলৈ যিসকল আহিছিল তেওঁলোক কোৱাৰেণ্টাইনত থাকক আৰু ক’ভিড-১৯ পৰীক্ষা কৰক৷ প্ৰাপ্ত তথ্য মতে কিছুদিনৰ আগতে হৃদযন্ত্ৰ ব্লকেজ সমস্যাত পৰিছিল প্ৰণৱ মুখাৰ্জী৷ সেয়ে নিয়মীয়া চিকিৎসাৰ বাবে চিকিৎসকৰ পৰ্যৱেক্ষণত থাকে৷ সেই সংক্ৰান্তীয় শাৰীৰিক পৰীক্ষাৰ বাবে তেওঁ চিকিৎসালয় গৈছিল৷ তাতেই ক’ৰোনা পৰীক্ষা হয় ৷
কেৰালাত ধাৰাসাৰ বৰষুণ : ভূমিস্খলনত মৃত্যু ৪৮
দৈনন্দিন বাৰ্তা ডেস্ক : কেৰালাত যোৱা তিনি দিন ধাৰাসাৰ বৰষুণ হৈ থকাত জনসাধাৰণ সমস্যাত পৰিছে৷ যোৱা দেওবাৰে কেৰালাৰ ছখন জিলাক সতৰ্ক কৰি ভাৰতীয় বতৰ বিভাগে কয় যে সোমবাৰে ২০ চেণ্টিমিটাৰৰ অধিক বৰষুণ হ’ব৷ এই বৰষুণৰ পৰিমাণ মঙলবাৰে কমাৰ সম্ভাৱনা আছে৷ ইপিনে এই বৰষুণৰ লগতে ভূমিস্খলন হোৱাত ইডোক্কি জিলাত মানুহৰ মৃত্যু হৈছে৷ এই ভূমিস্খলনত ৪৮ জন লোকৰ মৃত্যু হৈছে৷ আনহাতে ১২ জন লোকক উদ্ধাৰ কৰা হৈছে৷ ইপিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বান সমস্যাক লৈ কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত সম্পৰ্ক উন্নত কৰাত গুৰুত্ব আৰোপ কৰিছে৷ ইতিমধ্যে প্ৰধানমন্ত্ৰীয়ে ছখন ৰাজ্য অসম, বিহাৰ, উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, কৰ্ণাটক আৰু কেৰালাৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্স যোগে সোমবাৰে এখন সভাত মিলিত হৈ বান পৰিস্থিতিৰ ওপৰত পৰ্যালোচনা কৰে৷ আনহাতে ক’ৰোনা ভাইৰাছ সংক্ৰমণৰ ওপৰত গুৰুত্ব দি পৃথকে বানাক্ৰান্তৰ বাবে শিবিৰ মুকলি কৰিছে৷ ইতিমধ্যে ইৰনাকুলাম জিলাত ১২০৩ গৰাকী বানাক্ৰান্তক সাহায্য শিবিৰলৈ স্থানান্তৰিত কৰা হৈছে৷
ইন্দোনেছিয়াৰ মাউণ্ট ছিনাবাং আগ্নেয়গিৰি উদগীৰণ
দৈনন্দিন বাৰ্তা ডেস্ক : জাগি উঠিল ইন্দোনেছিয়াৰ মাউণ্ট ছিনাবাং আগ্নেয়গিৰি৷ ইন্দোনেছিয়াৰ নেচনেল ভলকেন’ এজেন্সী বা এনভিএয়ে শনিবাৰে সকলোকে সতৰ্ক কৰি দিছিল যে উত্তৰ সুমাত্ৰা দ্বীপত অৱস্থিত ২৪৭৫ মিটাৰ উচ্চতাৰ আগ্নেয়গিৰিটোৰ পৰা ছাই ওলাবলৈ আৰম্ভ কৰিছে৷ সোমবাৰে স্থানীয় সময় পুৱা ১০.১৬ বজাত তীব্ৰ উদগীৰণ হয়৷ তাৰ লগে লগে ১৬,৪০০ ফুট উচ্চতালৈকে যায় ছাই, ধোঁৱা, শিল, লাভা৷ কেৱল ছাইৰ কুণ্ডলী পৰ্বতৰ শিখৰৰ পৰা ৫ কিলোমিটাৰ ওপৰলৈকে যায়৷ আগ্নেয়গিৰিটো উদগীৰণৰ ফলত ভূমিকম্পৰ সৃষ্টি হয়৷ ইতিমধ্যে লেভেল-৩ সতৰ্কতা জাৰি কৰা হৈছে৷ উল্লেখ্য যে ইন্দোনেছিয়াৰ ১২৯ টা সক্ৰিয় আগ্নেয়গিৰিৰ ভিতৰত মাউণ্ট ছিনাবাং অন্যতম ৷ শনিবাৰে প্ৰথম উদগীৰণৰ ফলতে মূল গহ্বৰৰ তিনি কিলোমিটাৰ ব্যাসাৰ্দ্ধ এলেকাত যাতায়াত বন্ধ কৰা হৈছে৷ আনহাতে বাসিন্দাসকলক নিৰাপদ দূৰত্বত ৰখা হৈছে৷
জ্যেষ্ঠ নাগৰিকৰ ঘৰে ঘৰে মাস্ক, চেনিটাইজাৰ বিতৰণ জামুগুৰিহাট গুৱাহাটী ফ’ৰামৰ
জামুগুৰিহাট : সমগ্ৰ জামুগুৰিহাট অঞ্চলৰ গাঁৱে গাঁৱে মাক্স বিতৰণ আৰু স্বাস্থ্য সজাগতা সভাৰে মহানতাৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হোৱা, প্ৰায় ডেৰ লাখ মাক্স বিতৰণৰ লক্ষ্যৰে বৰ্তমানলৈকে বৰভগীয়া, মূঢ়াদ’ল, চিলাবন্ধা মৌজাৰ শতাধিক গাঁৱত সজাগতা সভা অনুষ্ঠিত কৰা জামুগুৰিহাট গুৱাহাটী ফ’ৰামে আৰম্ভ কৰিছে। অন্য এক প্ৰশংসনীয় কাৰ্যসূচী জ্যেষ্ঠ নাগৰিকৰ ঘৰে ঘৰে মাস্ক আৰু চেনিটাইজাৰ বিতৰণ আৰু স্বাস্থ্য সম্পৰ্কীয় সাৱধানতা সম্পর্কে অৱগতিকৰণ। ৮ আগষ্টত এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে সদ্য গিয়াচুদ্দিন আহমেদ সোঁৱৰণী বঁটা প্ৰাপক, বিশিষ্ট নাট্যকাৰ, এসময়ৰ ভ্ৰাম্যমাণ জগতৰ জ্যোতিস্ক, এক আপোচবিহীন সংগ্ৰামী সত্ত্বাৰ অধিকাৰী বলদেৱ শইকীয়াৰ ডেকাসুন্দৰৰ বাসগৃহত। উক্তদিনা সন্ধ্যা গুৱাহাটী ফ’ৰামৰ হৈ ড০ কন্দৰ্প শইকীয়া, ঈশ্বৰ চন্দ্ৰ বৰা আৰু সহযোগী মিংকু কলিতাই তেখেতৰ বাসগৃহত উপস্থিত হৈ শিল্পীগৰাকীৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে অভিনন্দন জ্ঞাপন কৰি মাক্স আৰু চেনিটাইজাৰ অৰ্পণেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। ইয়াৰ পাছত জামুগুৰিহাটৰ বিবেকস্বৰূপ, বিশিষ্ট চিন্তাবিদ, শোণিতকোঁৱৰ গজেন বৰুৱা বঁটা প্ৰাপক বিশিষ্ট নাট্য শিল্পী ভবেন বৰা, জামুগুৰি জ্যেষ্ঠ নাগৰিক মঞ্চৰ সভাপতি লীলা ভূঞা, বাৰেচহৰীয়া ভাওনা কমিটীৰ সভাপতি ভৱ গোস্বামী, প্ৰাক্তন প্ৰধান সম্পাদক তথা ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ অৱসৰী উপাধ্যক্ষ গণেশ পাঠক, বাপুজী ভৱন নাট্য সমাজৰ সভাপতি, প্ৰবীণ নাট্য শিল্পী জনাৰ্দন ভূঞা, পাঁচিঘাট চৰকাৰী মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ ধৰ্মেশ্বৰ হাজৰিকা, অৱসৰী গ্ৰন্থগাৰিক সুৰেন কলিতা, বিশিষ্ট নিবন্ধকাৰ প্ৰেম নাৰায়ণ গোস্বামী, অৱসৰী শিক্ষক বংশী দাস, বিশিষ্ট সমাজকৰ্মী জগত শইকীয়া, বিশিষ্ট কবি-সাহিত্যিক গিৰীণ কুমাৰ নাথ, নদুৱাৰ আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সভাপতি মাধৱ ওজা, বৰ্ষীয়ান সাংবাদিক, অৱসৰী অধ্যাপক গোলাপ কলিতা, অৱসৰী শিক্ষক নলিনী ৰঞ্জন ভূঞা, চিলাবন্ধা মৌজাৰ মৌজাদাৰ, নাট্য শিল্পী শৈলেন বৰকটকীকে ধৰি অঞ্চলটোৰ গণ্য মান্য ব্যক্তি সকলৰ ঘৰলৈ গৈ কাৰ্যসূচী ৰূপায়ন কৰে। উল্লেখ্য যে বিশিষ্ট ব্যক্তিসকলে গুৱাহাটী ফ’ৰামৰ এনে মহৎ কৰ্মৰ শলাগ লয়। গুৱাহাটী ফ’ৰামৰ সম্পাদক ড০ কন্দৰ্প শইকীয়াই জানিবলৈ দিয়া মতে অঞ্চলটোৰ প্ৰায় দুশ গৰাকী জ্যেষ্ঠ ব্যক্তিৰ গৃহলৈ গৈ এই কাৰ্যসূচী ৰূপায়ন কৰাৰ সিদ্ধান্ত ফ’ৰামে গ্ৰহণ কৰিছে। ইতিমধ্যে অঞ্চলটোত প্ৰায় ৯০ খনৰো অধিক গাঁৱত ফ’ৰামৰ সদস্যসকলে জামুগুৰিবাসী ৰাইজৰ সহযোগত এক লক্ষাধিক মাক্স বিতৰণ কৰাৰ লগতে এই কাৰ্যসূচীলৈও ফ’ৰামৰ সদস্য সকলে অকুণ্ঠ সহযোগিতা আগবঢ়াইছে। আনহাতে কাৰ্যসূচীৰ সফল ৰূপায়নৰ বাবে জামুগুৰিহাটৰ বিশিষ্ট সমাজকৰ্মী প্ৰয়াত হিতেশ্বৰ শইকীয়াৰ পৰিয়ালবৰ্গই ‘হিতেশ্বৰ শইকীয়া ফাউণ্ডেচন’ৰ পৰা এক লাখ মাক্স আগবঢ়াইছে বুলি আনগৰাকী সম্পাদক বেদব্ৰত বৰাই জানিবলৈ দিয়ে। গুৱাহাটী ফ’ৰামৰ এনে শুভ চিন্তা তথা কৰ্মক অঞ্চলবাসী ৰাইজে ভূয়সী প্ৰশংসা কৰে।
দৈপামত পাৰিবাৰিক কন্দলৰ ফলত কাল ৰূপ ধাৰণ কৰাৰ আশংকা দুটা পৰিয়ালৰ মাজত
দলগাঁও : দৰঙ দৈপামত পাৰিবাৰিক কন্দলৰ ফলত নিদ্ৰাহৰণ হৈছে এটা পৰিয়ালৰ। দীৰ্ঘদিন ধৰি চলি থকা পাৰিবাৰিক কন্দলৰ ফলত ভয়ংকৰ অমানিশা নামি আহিব নেকি পৰিয়াল দুটাৰ মাজত। চিন্তিত অঞ্চলবাসী। জানিব পৰা মতে দৰঙ জিলাৰ দৈপাম আৰক্ষী থানাৰ অন্তৰ্গত দৈপামত দীৰ্ঘদিন ধৰি বসতি কৰি আহিছিল মিৰাজ আলী নামৰ এজন দৰিদ্ৰ পৰিয়াল। মিৰাজ আলী নামৰ ব্যক্তিজনে নিৰক্ষৰ হ’লেও নিজৰ ল’ৰা-ছোৱালীক শিক্ষিত কৰাৰ হেপাঁহ আছিল যদিও আৰ্থিকভাৱে দুৰ্বল থকাৰ বাবে প্ৰথম ল’ৰাজনক পঢ়া-শুনা কৰাই উচ্চ শিক্ষিত কৰিছিল। একমাত্ৰ দেউতাকৰ উপাৰ্জনেৰে পৰিয়াল পোহ পাল দিব নোৱাৰাৰ বাবেই আলালউদ্দিন নামৰ দ্বিতীয় সন্তানজনে দেউতাকৰ লগত কাম বন কৰি পৰিয়ালটো পোহ পাল দিয়াত সহায় কৰিবলৈ ধৰিলে। দুলাল নামৰ তৃতীয় জন সন্তানে পঢ়া শুনা আধাতে সামৰি পৰিয়ালটোক সহায় কৰাৰ উদ্দেশ্যেৰে বিদেশত কাম বিচাৰি গল। তাৎপৰ্যপূৰ্ণ কথা হল দৰিদ্ৰ পৰিয়ালটোৱে অনাহাৰে অনিদ্ৰাই কাম কৰি ডাঙৰ লৰা ইন্তাজ আলীক পঢ়া শুনা কৰাই কাল হল দৰিদ্ৰ মিৰাজ আলীৰ। ইন্তাজ আলী নামৰ শিক্ষকজনে চাকৰি পোৱাৰ পিচৰ পৰাই বৃদ্ধা পিতৃ-মাতৃক অৱহেলা কৰিবলৈ আৰম্ভ কৰিলে। আনকি বৃদ্ধা পিতৃ-মাতৃক অশ্লীল ভাষাৰে গালি গালাজ কৰাৰ লগতে মা-দেউতা বুলি মাতিবলৈ লাজ লাগে শিক্ষক ইন্তাজ আলীৰ। তাৎপৰ্যপূৰ্ণ কথা হ’ল নিজৰ পিতৃ-মাতৃক অশ্লীল ভাষা ব্যৱহাৰ কৰা শিক্ষকজনে বিদ্যালয়ৰ ছাত্র-ছাত্ৰীক কি নীতি শিক্ষা দিব তাকে লৈ সমাজত ব্যাপক চৰ্চা লাভ কৰিছে। আনহাতে দেউতাকৰ সম্পূৰ্ণ অভিযোগ খণ্ডন কৰে পুত্ৰ তথা শিক্ষক ইন্তাজ আলীয়ে।শিক্ষক ইন্তাজ আলীয়ে অভিযোগ কৰা মতে তেওঁৰ ঘৰৰ ওচৰেদি যোৱা পথটোলৈ চলি আহিছিল কাজিয়া। সেই কাজিয়াৰ সূত্ৰপাতত ৫ আগষ্টত আলাল উদ্দিন নামৰ ব্যক্তিজনে বলপূৰ্বকভাৱে শিক্ষক ইন্তাজ আলীৰ পকা দেওৱাল ভাঙি দিয়াৰ লগতে গছ-গছনি কাটি দিয়াৰ অভিযোগ উত্থাপিত হৈছে । শিক্ষকজনৰ ঘৈণীয়েকে সেই কামত বাধা দিবলৈ অহাত আলাল উদ্দিনে অশ্লীল ভাষাত গালি গালাজ পাৰে আৰু গাৰ কাপোৰ-কানি ফালি অপমানিত কৰে। ঘৈণীয়েকৰ চিঞৰ-বাখৰ শুনি শিক্ষক ইন্তাজ আলীয়ে ঘটনাস্থলীত উপস্থিত হোৱাত আলাল উদ্দিনৰ হাতত থকা চোকা অশ্ৰৰে শিক্ষক জনক প্ৰহাৰ কৰাত আহত হয় শিক্ষক জন। ঘটনা সন্দৰ্ভত শিক্ষক ইন্তাজ আলীৰ ঘৈণীয়েকে দৈপাম আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। আনহাতে ঘৰত কোনেও নথকাৰ সুযোগতে শিক্ষক ইন্তাজ আলীয়ে সেইদিনাই একে সময়তে আলাল উদ্দিনৰ ঘৈণীয়েকক সাৱটি ধৰি বলপূৰ্বকভাৱে ধৰ্ষণ কৰিবলৈ চেষ্টা কৰাত পত্নীৰ চিঞৰ-বাখৰ শুনি স্বামীয়ে ঘটনাস্থলীত উপস্থিত হোৱাত দুয়ো ভাই-ককাই তৰ্কা-তৰ্কিত লিপ্ত হয় বুলি দৈপাম আৰক্ষী থানাত আলাল উদ্দিনৰ ঘৈণীয়েকে এজাহাৰ দাখিল কৰে। তাৎপৰ্যপূৰ্ণ কথা হ’ল পাৰিবাৰিক কন্দলৰ ফলত একে দিনাই একে সময়তেই ধৰ্ষণ কৰা বুলি উত্থাপিত হোৱা অভিযোগ কিমান দূৰ সঁচা সেয়া আৰক্ষীৰ তদন্তত ওলাই পৰিব ঘটনাৰ আচল ৰহস্য।

ভাৰত বাচাও কাৰ্যসূচীৰে গোলাঘাটত কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰী ফেডাৰেশ্যনৰ প্ৰতিবাদ
গোলাঘাট : গোলাঘাটত ভাৰত বাচাও কাৰ্যসূচীৰে প্ৰতিবাদ। কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰী ফেডাৰেচনৰ এই প্ৰতিবাদ সাব্যস্ত কৰে। সংগঠন দুটাই গোলাঘাট নগৰৰ মাজেৰে এক ৰেলী বাহিৰ কৰি ভাৰত বাচাও কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰে। সংগঠনটোৰ দাবী স্বাস্থ্য সেৱা সম্পূৰ্ণ ৰূপে বিনামূলীয়া আৰু সাৰ্বজনীন কৰা। ৰেল, বিদ্যুৎ, তেল, কয়লা, প্ৰতিৰক্ষা আৰু বেংকসহ দেশৰ ৰাজহুৱা খণ্ড ব্যক্তিগতকৰণৰ অভিযান বন্ধ কৰা। কৰ’না পৰিস্থিতিয়ে আয়হীন কৰি তোলা প্ৰতিজন ব্যক্তিক প্ৰতিমাহে ১০ কিলোকৈ চাউলসহ অত্যাৱশ্যকীয় সামগ্ৰী প্ৰদান কৰা। কৰ্মহীন হোৱা মটৰ পৰিবহণ শ্ৰমিকসহ অসংগতি খণ্ডৰ সকলো শ্ৰমিকক মাহিলি ৭৫০০ টকা হাৰে সাহায্য প্ৰদান কৰা। পৰিৱেশ প্ৰভাৱ নিৰূপণ (EIA) ২০২০ বিধেয়ক বাতিল কৰা। সংগঠনটোৱে কেন্দ্ৰীয় তথা ৰাজ্যৰ বিজেপি চৰকাৰক বিভিন্ন সমালোচনা কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।












