Home Blog Page 3218

নায়েৰ আলগাত বিধ্বংসী অগ্নিকাণ্ড, পাঁচটা পৰিয়ালৰ ১৫ টা বাসগৃহ ভষ্মীভূত

লক্ষীগঞ্জ : চলিত মাহত চাৰিটা কৈ বানপানীয়ে জোঁকাৰি যোৱা বিলাসীপাৰা মহকুমাৰ নায়েৰ আলগা ৪ৰ্থ খণ্ড গাঁৱত বুধবাৰে নিশা সংঘটিত হয় এক ভয়াবহ অগ্নিকাণ্ডৰ। বিধ্বংসী অগ্নিকাণ্ডত গাঁওখনৰ পাঁচটা পৰিয়ালৰ প্ৰায় ১৫ টাকৈ বাসগৃহ জুইত জাহ যায়। গাঁওখনৰ বাসিন্দা কলিমুদ্দিন সেখৰ ঘৰৰ পৰা জুইৰ সুত্ৰপাত হয়। লোকজনৰ ঘৰৰ পৰা সুত্ৰপাত হোৱা জুয়ে নিমিষতে ভয়াৱহ ৰূপ ধাৰণ ১৫ টাকৈ বাসগৃহ পুৰি ছাইত পৰিণত কৰি পেলায়। বান বিধ্বস্ত অঞ্চলটোৰ পথ ঘাট জহি খহি যোৱাত গাঁওখনত উপস্থিত হ’ব পৰা নাই অগ্নি নিৰ্বাপক বাহিনী। পৰবৰ্তী সময়ত স্থানীয় ৰাইজৰ তৎপৰতাৰে জুই নিৰ্বাপিত কৰাত কথমপি ৰক্ষা পৰে চুবুৰীয়াৰ অন্যান্য পৰিয়ালৰ বাসগৃহ। এই অগ্নিকাণ্ডত পৰিয়াল কেইটাৰ গুৰুত্বপূৰ্ণ নথি পত্ৰ, ধান, মৰাপাট, সৰিয়হকে ধৰি প্ৰায় ত্ৰিশ লক্ষাধিক টকাৰ সা সম্পত্তি ভষ্মীভুত হয় বুলি জানিব পৰা গৈছে।

ডবকাত আম আদমী পাৰ্টিৰ সভা, হোজাইৰ তিনিওটা সমষ্টিত প্ৰাৰ্থীত্ব প্ৰদানৰ পৰিকল্পনা আম আদমীৰ

ডবকা : আগন্তুক বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ বাকী আছে। প্ৰতিটো ৰাজনৈতিক দলে আৰাম্ভ কৰিছে নিৰ্বাচনী কুচকাৱাজ, পিছ পৰি থকা নাই আম আদমী পাৰ্টিয়েও, হোজাই জিলাত এইবাৰ আম আদমী পাৰ্টিয়ে যমুনামুখ, হোজাই আৰু লামডিঙ সমষ্টিত সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়াই তীব্ৰ প্ৰতিদ্বন্দিতা কৰাৰ আশা কৰিছ্, কালি ডবকাত অধিবক্তা শ্বাহাব উদ্দিনৰ বাসগৃহত নজৰুল ইছলামৰ সভাপতিত্ব আম আদমী পাৰ্টিৰ এক সভাত ঘোষণা কৰে আম আদমীৰ নেতা কৰ্মীয়ে।

হোজাই শংকৰদেৱনগৰ আদালত চৌহদত ন্যায় বিচাৰি এগৰাকী ভুক্তভোগী মহিলাৰ উচুপনি

ডবকা : হোজাই জিলাৰ শংকৰদেৱনগৰ আদালত চৌহদত কালি প্ৰেমিকৰ দ্বাৰা প্ৰতাৰিত এগৰাকী মহিলাৰ হিয়াভগাঁ কান্দোনে সকলোকে আচৰিত কৰি তোলে৷ বিবাহপাশত আৱদ্ধ নোহোৱাকৈয়ে এজন লম্পটৰ লগত তিনি বছৰ সংসাৰ কৰিছিল এই মহিলাগৰাকীয়ে৷ তিনিবছৰৰ অন্তত এটি পুত্ৰ সন্তানসহ মহিলাগৰাকীক নিশা পেলাই থৈ গুছি গ’ল লম্পট স্বামী ৰঞ্জিত দাস ৷ যাৰ বাবে ন্যায় বিচাৰি লংকাৰ মমতা মজুমদাৰ নামৰ এই মহিলাগৰাকীৰ উচুপনিয়ে হোজাই শংকৰদেৱনগৰ আদালত চৌহদত কালি এক আবেগিক পৰিৱেশৰ সৃষ্টি কৰে৷ লংকাৰ মমতা মজুমদাৰক একে গাঁৱৰে ৰঞ্জিত দাস নামৰ লম্পট যুৱকজনে প্ৰেমৰ চলনাৰে ফুচলাই পলুৱাই লৈ গৈছিল তিনি বছৰ পূৰ্বে৷ বিবাহপাশত আৱদ্ধ নোহোৱাকৈয়ে ৰঞ্জিত দাসে লামডিঙত মহিলাগৰাকীক ৰাখি তাতে ঘৰ সংসাৰ চলাই আহিছিল৷ এনেকৈয়ে তেওঁলোকৰ সংসাৰত আগমণ হয় এটি কন্যা সন্তানৰ৷ তাৰ পিছতে মমতাৰ সুখৰ সংসাৰখন ভৰি পৰে অজস্ৰ দুখেৰে৷ মমতাৰ ওপৰত আৰম্ভ হয় স্বামীৰ অকথ্য নিৰ্যাতন৷ কেইদিনমান পূৰ্বে কিবা কামৰ অজুহাতত স্বামী ৰঞ্জিত দাসে পত্নী মমতাক পেলাই থৈ মনে মনে গুছি যায়৷ দীৰ্ঘদিন স্বামী ঘৰলৈ ঘূৰি নহাত মমতা স্বামীগৃহত উপস্থিত হয় যদিও শহুৰৰ পৰিয়ালেও মাৰপিট কৰি অকথ্য নিৰ্যাতন চলাই মহিলাগৰাকীক ঘৰৰ পৰা খেদি দিয়ে৷ উপায়ান্তৰ হৈ মহিলাগৰাকীয়ে শংকৰদেৱনগৰ আদালত চৌহদত ন্যায় বিচাৰি এনেদৰে উচুপি উঠে৷ অধিবক্তা সকলৰ হাতে ভৰিয়ে ধৰি সহায়ৰ বাবে আহ্বান জনায়৷ আদালত চৌহদত মহিলাগৰাকীৰ এই উচুপনিৰ দৃশ্য প্ৰত্যক্ষ কৰে হোজাই জিলা আইনসেৱা প্ৰাধিকৰণৰ সম্পাদিকা তথা ন্যায়িক দণ্ডাধীশ প্ৰনিতা মৰাঙে৷ অৱশেষত প্ৰনিতা মৰাঙৰ নিৰ্দেশত পেনেল অধিবক্তা ৰোহিনা ৱাৰিছ আৰু দীপক দেৱনাথে মহিলাগৰাকীক বিনামূলীয়া আইনী সাহায্য প্ৰদানৰ বাবে আগবাঢ়ি আহে৷ হোজাই জিলা আইনসেৱা প্ৰাধিকৰণৰ তৎপৰতাত মহিলাগৰাকীয়ে স্বামী আৰু স্বামীৰ পৰিয়ালৰ বিৰুদ্ধে লংকা থানাত তৰা হৈছে এটা গোচৰ৷ হোজাই জিলা আইনসেৱা প্ৰাধিকৰণেও নিজাবৱীয়াকৈ ৰুজু কৰিছে আন এটা গোচৰ৷ সম্প্ৰতি মহিলা গৰাকীক হোজাই জিলা আইনসেৱা প্ৰাধিকৰণে উদ্ধাৰ কৰি সুৰক্ষিত স্থানলৈ প্ৰেৰণ কৰিছে৷ উল্লেখ্য যে আজিৰ পৰা ৭ বছৰ পূৰ্বে মহিলাগৰাকী বিবাহপাশত আৱদ্ধ হৈছিল কৰিমগঞ্জৰ সন্তোষ সিকদাৰৰ সৈতে৷ স্বামীৰ নিৰ্যাতনত অতিষ্ট হৈ মহিলাগৰাকী লংকাৰ পিতৃগৃহত গুছি আহে৷ তাৰ পিছতে লম্পট ৰঞ্জিত দাসে প্ৰেমসুত্ৰে পলুৱাই নিছিল মহিলাগৰাকীক৷ ন্যায় বিচাৰি আদালত চৌহদত এগৰাকী মহিলাৰ এই হৃদয় বিদাৰক দৃশ্যই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

মাজুলীবাসীৰ বাবে ৬ আগষ্ট দিনটো স্মৰণীয় হৈ ৰ’ৱ। মাজুলী যোৰহাট সংযোগী দলঙৰ পথৰেখা সন্দৰ্ভত উপায়ুক্ত সভাকক্ষত প্ৰথম পৰ্যায় মতামত গ্ৰহণ

মাজুলি : অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ সহযোগত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰিবলৈ স্থিৰ কৰা প্ৰস্তাৱিত “মাজুলী-যোৰহাট সংযোগী দলঙ”ৰ পথৰেখা (এলাইনমেণ্ট) সন্দৰ্ভত মাজুলী জিলাবাসীৰ মতামত গ্ৰহণৰ প্ৰক্ৰিয়া কালিৰ পৰা আৰম্ভ হৈছে। গড়কাপ্তানী বিভাগ (ৰাষ্ট্ৰীয় ঘাইপথ)ৰ যোৰহাট সংমণ্ডলে মাজুলী জিলা প্ৰশাসনৰ সহযোগত মাজুলীৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত ক’ভিড-১৯ প্ৰ’ট’কল অনুসৰণ কৰি বৃহস্পতিবাৰৰ পৰা তিনিদিনিয়াকৈ মাজুলীবাসীৰ বহু আকাংক্ষিত এই দলঙৰ পথৰেখা প্ৰতিবেদনক লৈ মাজুলীত ৰাজহুৱা শুনানী গ্ৰহণৰ ব্যৱস্থা কৰিছে। গড়কাপ্তানী (ৰাষ্ট্ৰীয় ঘাইপথ) বিভাগে দলঙখন নিৰ্মাণৰ বাবে ইতিমধ্যে বিস্তৃত অধ্যয়ন-জৰীপেৰে যুগুতোৱা ‘এলাইনমেণ্ট ৰিপ’ৰ্ট’ সন্দৰ্ভত ৰাজহুৱা মতামত গ্ৰহণৰ বাবে মাজুলীৰ উপায়ুক্ত বিক্ৰম কৈৰীৰ অধ্যক্ষতাত কালি আয়োজিত প্ৰথম দিনাৰ শুনানিত মাজুলীৰ বিভিন্ন সত্ৰৰ অধিকাৰ তথা প্ৰতিনিধিৰ লগতে কেইবাখনো মহাবিদ্যালয়ৰ প্ৰতিনিধি, বিশিষ্ট নাগৰিক তথা দল-সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। শুনানীৰ আৰম্ভণিতে গড়কাপ্তানী (ৰাষ্ট্ৰীয় ঘাইপথ) বিভাগৰ যোৰহাট সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা প্ৰশান্ত শইকীয়াই প্ৰস্তাৱিত দলঙখনৰ পথৰেখাৰ প্ৰতিবেদন (এলাইনমেণ্ট ৰিপ’ৰ্ট) উপস্থাপন কৰি জনাই যে দক্ষিণপাটৰ দীঘলীগাঁৱৰ পৰা যোৰহাটৰ দিশত জাঁজীমুখ হাতীশালক সংযোগ কৰি প্ৰায় ২৪৪২.০১ কোটি টকা প্ৰকল্প ব্যয়ৰে নিৰ্মাণ কৰিবলৈ ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত প্ৰস্তাৱ দাখিল কৰা এই দলংখনৰ মুঠ দৈৰ্ঘ্য হ’ব ৬.৭৫ কিলোমিটাৰ। একেদৰে, দলঙখন সংযোগী পথৰ ক্ষেত্ৰত মাজুলীৰ কমলাবাৰী চাৰিআলিৰ পৰা দক্ষিণপাট দীঘলীগাঁৱলৈ ১৫ কিলোমিটাৰ আৰু হাতীশালৰ পৰা যোৰহাটৰ বিজ্ঞান প্ৰযুক্তি কেন্দ্রৰ ওচৰত ৰাষ্ট্ৰীয় ঘাইপথ সংযোগ কৰাকৈ মুঠ পথৰ দৈঘ্য হ’ব ৩০.২ কিলোমিটাৰ। সভাত উত্তৰ কমলাবাৰী সত্ৰৰ অধিকাৰ জনাৰ্দন দেৱগোস্বামী, আধাৰ সত্ৰৰ অধিকাৰ মহেশ গোস্বামী, দক্ষিণপাট আশ্ৰমী সত্ৰৰ অধিকাৰ জনাৰ্দন দেৱগোস্বামী, চামগুৰি সত্ৰৰ তিলক গোস্বামীৰ লগতে আউনীআটী সত্ৰ, বেঙেনাআটী সত্ৰ, নতুন কমলাবাৰী সত্ৰ, মধ্য কমলাবাৰী সত্ৰ, এলেঙী সত্ৰ, ঔৱা সত্ৰ, দক্ষিণপাট সত্ৰসহ কেইবাখনো সত্ৰৰ প্ৰতিনিধিৰ উপৰি মাজুলী জিলা সাহিত্য সভাৰ প্ৰতিনিধি, বিজেপিৰ প্ৰতিনিধি, মাজুলী মহাবিদ্যালয়, পূৱ মাজুলী মহাবিদ্যালয় আদি একাধিক শিক্ষানুষ্ঠানৰ প্ৰতিনিধিয়েও অংশগ্ৰহণ কৰি মাজুলী-যোৰহাট সংযোগী প্ৰস্তাৱিত দলঙখন নিৰ্মাণৰ বাবে অসম চৰকাৰে লোৱা পদক্ষেপৰ লগতে গড়কাপ্তানী(ৰাষ্ট্ৰীয় ঘাইপথ) বিভাগে যুগুতোৱা দলঙৰ এই পথৰেখালৈ পূৰ্ণ সমৰ্থন আগবঢ়ায়। সভাত মাজুলী-যোৰহাট সংযোগী প্ৰস্তাৱিত দলঙে মাজুলীবাসীৰ বহু জ্বলন্ত সমস্যাৰ সমাধান কৰিব বুলি মত প্ৰকাশ কৰি উপায়ুক্ত কৈৰীয়ে এই দলঙৰ নিৰ্মাণ কাৰ্য সম্পন্ন কৰাৰ সময়ত মাজুলীৰ জৈৱ বৈচিত্ৰ্য সম্পূৰ্ণ সুৰক্ষিত কৰি ৰাখিবলৈও চৰকাৰে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব বুলি সদৰি কৰে। সভাত উপায়ুক্ত কৈৰীৰ লগতে অতিৰিক্ত উপায়ুক্ত নৰেণ দাস আৰু সহকাৰী আয়ুক্ত ড০ ৰাকেশ চেত্ৰীয়ে জিলা প্ৰশাসনক প্ৰতিনিধিত্ব কৰে। উল্লেখ্য যে, তিনিদিয়াকৈ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আয়োজন কৰা এই ৰাজহুৱা শুনানীৰ কাইলৈ অনুষ্ঠিতব্য দ্বিতীয় দিনাৰ শুনানীত মাজুলীৰ আন বহুকেইটা জাতীয় সংগঠন-দল, সাংবাদিক সংগঠন আদিৰ প্ৰতিনিধিক আমন্ত্ৰণ জনোৱা হৈছে। একেদৰে, তৃতীয় দিনাৰ শুনানীত মাজুলীৰ নিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধিসকলৰ মতামত গ্ৰহণ কৰা হ’ব।

টীয়কত পিতা-পুত্ৰৰ অভিনৱ সজাগতা, চাইকেল চলাওক সুস্থ থাকক

ভগামুখ : সময় বাগৰাৰ লগে লগে আধুনিক সমাজখনৰ পৰা হেৰাই যাব ধৰিলে পিতা-পুত্ৰৰ বন্ধুত্বপূৰ্ণ সম্বন্ধ৷ সন্তান আৰু অভিভাৱকৰ এই ব্যৱধানৰ বাবেই সমাজত কৈশোৰ তথা যুৱ সমাজৰ মাজত দিনে দিনে বাঢ়িছে ড্ৰাগছ মাদক দ্ৰব্যৰ প্ৰচলন৷ এনে সময়তে টীয়কৰ পিতাই পুতাই খ্যাত সমাজকৰ্মী তথা ব্যৱসায়ী চন্দন বৰা আৰু তেওঁৰ সুযোগ্য সন্তান নীলিম চন্দন বৰা, এই দুই পিতা-পুত্ৰৰ আকৰ্ষণীয় বন্ধুত্ব আৰু কাৰ্যকলাপে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে৷ ক’ভিড-১৯ মহামাৰীৰ বাবে সমগ্ৰ ভাৰতবৰ্ষতে ঘোষণা কৰা লকডাউনে সকলোৰে বাবে অফুৰন্ত সময় উপহাৰ দিলে৷ এক উচ্চ মনৰ চিন্তাৰে প্ৰতিদিনে পুৱা চাৰি বজাৰ পৰা দুয়ো চাইকেলেৰে আৰম্ভ কৰে এই যাত্ৰা৷ কেতিয়াবা বানে গৰকা জাজীঁমুখ, কেতিয়াবা ঐতিহাসিক চিন্তামণিগড়, কেতিয়াবা কেতিয়াবা বুৰঞ্জী প্ৰসিদ্ধ ৰংঘৰ, তলাতলঘৰ, লাচিত মৈদাম, কেতিয়াবা আধ্যাত্মিক স্থান ঢেকীয়াখোৱা বৰনামঘৰ, কলীয়াপানীস্থিত আউনীআটী সত্ৰ আৰু এই যাত্ৰা পাইগৈ। কেতিয়াবা অপূৰ্ব প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপুৰ আমগুৰি হৈ নাগালেণ্ড সীমান্ত৷ উদেশ্য এক সজগতা সৃষ্টি কৰা আৰু হেজাৰজনক পুনৰ চাইকেল চলাবলৈ উৎসাহিত কৰা৷ কাৰণ পিতাই পুতাইৰ কথা হ’ল চাইকেল চলালে সুস্বাস্থ্য লাভ কৰিব পাৰি, বায়ু প্ৰদুষণৰ পৰিমাণ কমাব পাৰি৷ ইয়াৰ লগতে তেওঁলোক জড়িত স্বেচ্ছাসেৱী অনুস্থান ৰেঙণি এটি আশাৰ সহযোগত গছত গজাল মাৰিলে গছজোপাই কষ্ট পাই, বিভিন্ন স্থানত গছপুলি বিতৰণৰ দ্বাৰা গছ থাকিলেহে মানুহ থাকিব তাৰ সজাগতা সৃষ্টি কৰিছে৷ চন্দন বড়াৰ মতে যদি এশ গৰাকী ব্যক্তিকো এই চাইকেল চলোৱাৰ প্ৰতি আকৰ্ষিত কৰিব পাৰে তেওঁলোক সফল হৈছে বুলি ভাবিব৷ ইতিমধ্যে তেওঁলোকৰ এই যাত্ৰাৰ সহযোগী হৈছে টীয়ক অঞ্চলৰ কেইবাগৰাকীও যুৱকৰ লগতে দিহা সম্ৰাট কমলা গগৈ৷

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মনোজ সিনহাক জম্মু-কাশ্মীৰৰ উপৰাজ্যপাল হিচাপে নিযুক্তি

দৈনন্দিন বাৰ্তা ডেস্ক : জম্মু আৰু কাশ্মীৰৰ উপৰাজ্যপাল হিচাপে গিৰিশ চন্দ্ৰ মুৰ্মুৰ উত্তৰসুৰী হিচাপে প্ৰাক্তন কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী মনোজ সিনহাক নিযুক্তি দিয়া হৈছে৷ বৃহস্পতিবাৰে ৰাষ্ট্ৰপতি ভৱনৰ পৰা দিয়া বিবৃতিত এই কথা প্ৰকাশ৷ বিবৃতিটোত কোৱা হৈছে যে জম্মু আৰু কাশ্মীৰৰ উপৰাজ্যপাল গিৰিশ চন্দ্ৰ মুৰ্মুৰ ইস্তফা ৰাষ্ট্ৰপতিয়ে গ্ৰহণ কৰিছে৷ নতুন উপৰাজ্যপাল হিচাপে মনোজ সিনহাক নিয়োগ কৰিছে ৰাষ্ট্ৰপতিয়ে৷ ৰাষ্ট্ৰপতি ভৱনৰ বাৰ্তা পোৱাৰ পাচত ৬১ বছৰীয়া মনোজ সিনহাই কয়, গুৰু দায়িত্ব পাইছো৷ আজিয়েই কাশ্মীৰ ৰাওনা হম৷ মুৰ্মুৰ দৰে দক্ষ আমোলাৰ উত্তৰসুৰী হিচাপে মনোজ সিনহাৰ দৰে ৰাজনৈতিক ব্যক্তিক বাচি দিয়াত নৰেন্দ্ৰ মোডী চৰকাৰে এইবাৰ উপত্যকাটোত ৰাজনৈতিক প্ৰক্ৰিয়া আৰম্ভ কৰাৰ বাৰ্তা দিছে বুলি লক্ষ্য কৰিছে৷ উল্লেখ্য যে বৃহস্পতিবাৰে হ’ল ৩৭০ ধাৰা বাতিল আৰু জম্মু-কাশ্মীৰা বিশেষ ৰাজ্য মৰ্যাদা বিলোপ কৰাৰ আনুষ্ঠানিক অনুমোদনৰ বৰ্ষপূৰ্তি৷ এনে সময়তে উত্তৰ প্ৰদেশৰ বিজেপি নেতা মনোজ সিনহাৰ নিযুক্তি তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে৷ বেনাৰস হিন্দু বিশ্ববিদ্যালয় (বিএইচইউ) প্ৰাক্তন ছাত্ৰ মনোজ সিনহাৰ ৰাজনৈতিক জীৱন ১৯৮২ চনত আৰম্ভ হয়৷ বেনাৰস হিন্দু বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সভাপতি হিচাপে তেওঁ নিৰ্বাচিত হৈছিল৷ ১৯৯৬, ১৯৯৯ আৰু ২০১৪ চনত উত্তৰ প্ৰদেশৰ গাজিপুৰ সমষ্টিৰ পৰা লোকসভালৈ তেওঁ নিৰ্বাচিত হৈছিল৷ ২০১৪-১৯ চনত তেওঁ কেন্দ্ৰৰ ৰে’ল আৰু টেলিকমৰ ৰাজ্যিক পৰ্যায়ৰ মন্ত্ৰী আছিল৷ কিন্তু ২০১৯ চনত তেওঁ বিএছপি প্ৰাৰ্থীৰ হাতত পৰাস্ত হৈছিল৷ কেন্দ্ৰৰ এক সূত্ৰ মতে কম্পট্ৰ’লাৰ এণ্ড অ’ডিটৰ জেনেৰেল ৰাজীৱ মহৰ্ষিৰ স্থলাভিষিক্ত হ’ব মুৰ্ম৷ ১৯৮৫ চন বেটছৰ গুজৰাট কেডাৰ আইএএছ মুৰ্মু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ঘনিষ্ঠ হিচাপে পৰিচিত৷ মোডী মুখ্যমন্ত্ৰী হৈ থকা সময়ত মুৰ্মুয়ে গুজৰাটৰ একাধিক পদত কাম কৰিছিল৷ মোডী প্ৰধানমন্ত্ৰী হোৱাৰ পাছত বিত্ত মন্ত্ৰালয়ৰ যুটীয়া সচিব আছিল৷

ক’ৰোনা সংক্ৰমণ : ৮৯০.৩২ কোটিৰ টকাৰ আৰ্থিক পেকেজ মুকলি কেন্দ্ৰৰ

দৈনন্দিন বাৰ্তা ডেস্ক : দেশত ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰই ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলবোৰলৈ ৮৯০.৩২ কোটিৰ টকাৰ আৰ্থিক পেকেজ বৃহস্পতিবাৰে মুকলি কৰি দিছে৷ উল্লেখ্য যে ক’ৰোনা ভাইৰাছ সংক্ৰমণৰ বিৰুদ্ধে যুঁজ কৰিবলৈ কেন্দ্ৰই দিয়া আৰ্থিক পেকেজৰ এয়া দ্বিতীয় কিস্তি৷ কেন্দ্ৰই ২২ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজ কৰাত পৰিকাঠামো শক্তিশালী কৰাত এই ধনৰাশি ব্যৱহাৰ কৰিব৷ ২৪ মাৰ্চত ১৫ হাজাৰ কোটি টকাৰ পুঁজি ঘোষণা কৰা হৈছিল যিটো কেন্দ্ৰই ৰাজ্যবোৰক দিয়াৰ কথা আছিল৷ কেন্দ্ৰই সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলবোৰলৈ তিনি হাজাৰ কোটি টকাৰ প্ৰথম কিস্তি এপ্ৰিলত মুকলি কৰি দিছিল৷ ৰাজ্যবোৰে সেই টকাৰে বিচনা, টেষ্টিং কিট আদি কিনিছিল৷

আইপিএলৰ মূল স্পনশ্বৰৰ পৰা বাদ চীনা ফোন প্ৰস্তুতকাৰী কোম্পানী ভিভ’

দৈনন্দিন বাৰ্তা ডেস্ক : বিচিচিআইৰ তৰফৰ পৰা ঘোষণা কৰা হৈছে যে এইবাৰ আইপিএলৰ মূল স্পনশ্বৰ হিচাপে নাথাকে চীনা ফোন প্ৰস্তুতকাৰী কোম্পানী ভিভ’ ৷ এক বিবৃতিত কয় যে বিচিচিআই আৰু ভিভ’ ম’বাইল ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ মাজত হোৱা আইপিএল সংক্ৰান্তীয় চুক্তি চলিত বছৰৰ বাবে বাতিল কৰা হৈছে ৷ ইয়াৰ অৰ্থ কেৱল আসন্ন আইপিএলৰ বাবে বিচ্ছেদ ঘটিছে দুয়োটা পক্ষৰ ৷ টুৰ্ণামেণ্টখনৰ আন তিনি বছৰৰ চুক্তি বাকী আছে ভিভ’ৰ ৷ ২০২১, ২০২২ আৰু ২০২৩ এই তিনি বছৰৰ চুক্তিৰ ম্যাদ শেষ কৰিব ৷ আনহাতে অহা ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱাৰ কথা আইপিএলৰ নতুন টাইটোল স্পনশ্বৰ হিচাপে আহিছে ৰিলায়েন্স, বানজু আৰু আমাজনৰ নাম ৷ উল্লেখ্য যে লাডাখত চীনৰ আগ্ৰাসন আৰু ২০ জন ভাৰতীয় সেনা জোৱান শ্বহীদ হোৱাৰ পাচত ভাৰতত চীনা সামগ্ৰী বৰ্জনৰ দাবী উঠিছিল ৷ তদুপৰি বহু চীনা এপ ভাৰতত বন্ধ কৰি দিয়া হৈছিল ৷ সমগ্ৰ দেশত চীনৰ বিৰুদ্ধে সৰৱ হৈ থকা সময়ত ভিভ’ক ত্যাগ কৰাৰ সিদ্ধান্ত লয় বিচিচিআই-এ ৷ উল্লেখ্য যে অহা ১৯ ছেপ্টেম্বৰৰ পৰা ১০ নৱেম্বৰলৈকে আইপিএল আয়োজন কৰা হৈছে ৷ এতিয়া আইপিএলৰ টাইটোল স্পনশ্বৰ কোন হ’ব তাকে লৈ আলোচনা চলিছে ৷

চীনৰ উহানত আচৰিত বিশেষজ্ঞ : ক’ৰোনাত সুস্থ হৈ উঠা ৯০ শতাংশৰে ক্ষতিগ্ৰস্ত ফুচফুচ

দৈনন্দিন বাৰ্তা ডেস্ক : চীনৰ উহানতে প্ৰথম ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ আৰম্ভ হৈছিল ৷ এই চহৰৰ এখন চিকিৎসালয়ৰ ৰিপৰ্ট দেখি আচৰিত হৈছে বিশেষজ্ঞসকল ৷ সেই চিকিৎসালয়খনত ক’ৰোনা চিকিৎসাত সুস্থ হৈ উঠিলে তেওঁলোকৰ ৯০ শতাংশৰে ফুচফুচ ক্ষতিগ্ৰস্ত হৈছে ৷ আনহাতে ৫ শতাংশ দ্বিতীয়বাৰ ক’ৰোনাত আক্ৰান্ত হৈ কোৱাৰেণ্টাইনত থাকিব লগা হৈছে ৷ উহানৰ জংগনান নামৰ চিকিৎসালয়খনত ক’ৰোনাত আক্ৰান্ত হৈ যিসকল বছৰৰ আৰম্ভণিতে ভৰ্ত্তি হৈছিল তেওঁলোক সুস্থ হৈ পৰাৰ পাচত পুনৰ শৰীৰ পৰীক্ষা কৰিবলৈ চিকিৎসালয়লৈ কেইবাবাৰো যায় ৷ এপ্ৰিলৰ পৰা এনেদৰে ১০০ জন ৰোগীৰ ওপৰত সমীক্ষা চলায় উহান বিশ্ববিদ্যালয় আৰু চিকিৎসালয়ৰ এটা দলে ৷ সমীক্ষা কৰা দলটোৰ নেতৃত্বত আছিল চিকিৎসালয়খনৰ আইচিইউৰ সঞ্চালক পেং জিয়ং ৷ জুলাই পৰ্যন্ত এই সমীক্ষা চলে ৷ যিসকল ৰোগীৰ ওপৰত পৰীক্ষা চলিছিল তেওঁলোকৰ গড় বয়স ৫৯ বছৰ আছিল ৷ ইয়াত দেখা যায় যে ক’ৰোনাৰ পৰা সুস্থ হৈ উঠা ১০০ জন ৰোগীৰ ভিতৰত ৯০ জনৰ ফুচফুচ ক্ষতিগ্ৰস্ত হৈছে ৷ অক্সিজেন আৰু কাৰ্বন-ডাই-অক্সাইড সঠিকভাৱে বিনিময় কৰিব পৰা নাই ফুচফুচে ৷ পেংৰ দলটোৱে ক’ৰোনাৰ পৰা সুস্থ হোৱা ৰোগীক ছয় মিনিট খোজ কাঢ়িবলৈ দিয়ে৷ তেতিয়া দেখা যায় এই ৰোগীসকলে ছয় মিনিটত ৪০০ মিটাৰ খোজ কাঢ়িব পাৰে ৷ য’ত সুস্থ মানুহে ৫০০ মিটাৰ খোজ কাঢ়িব পাৰে ৷ ডাঃ লিয়াং টেংজিয়াই জনায়, চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া কোনো কোনো ক’ৰোনা ৰোগী প্ৰায় তিনি মাহ অক্সিজেন যন্ত্ৰৰ ওপৰত নিৰ্ভৰ কৰে ৷ পৰীক্ষাৰ পৰা ইয়াকো দেখা গৈছে যে ক’ৰোনাৰ পৰা সুস্থ হৈ উঠা ১০০ জন ৰোগীৰ ভিতৰত ১০ জনৰ শৰীৰত এণ্টিব’ডি নাই ৷ ৫ শতাংশৰ আকৌ ক’ভিড-১৯ নিউক্লেইক পৰীক্ষা কৰি ৰিপৰ্ট নিগেটিভ আহিছে৷ কিন্তু ইমিউন’গ্লোবিউলিন এম (‌আইজিএম)‌ পৰীক্ষা কৰি ৰিপৰ্ট পজিটিভ আহিছে৷ তেওঁলোকক পুনৰ কোৱাৰেণ্টাইনলৈ পঠোৱা হৈছে ৷ উল্লেখ্য যে কোনো ব্যক্তি ক’ৰোনা ভাইৰাছত আক্ৰান্ত হ’লে তেওঁৰ দেহত প্ৰথমে যি এণ্টিব’ডি উৎপাদন হয় তাক আইজিএম বুলি কোৱা হয় ৷ আইজিএম পৰীক্ষাৰ ৰিপৰ্ট পজিটিভ অহা মানে সেই ব্যক্তি ক’ৰোনাত আক্ৰান্ত হৈছিল ৷ কিন্তু এতিয়াও পৰীক্ষাত স্পষ্ট নহয় যে এই ৫ শতাংশ ৰোগী পুনৰ ক’ৰোনাত আক্ৰান্ত হৈছে নে নাই ৷ এই পৰীক্ষাত দেখা আন এক বিষয় হ’ল যিসকল এবাৰ ক’ৰোনাত আক্ৰান্ত হৈছে তেওঁলোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বহু পৰিমাণে কমি গৈছে৷ উল্লেখ্য যে হুবেই প্ৰদেশৰ ৰাজধানী উহান ৷ এই প্ৰদেশত ৬৮,১৩৮ জন ক’ৰোনাত আক্ৰান্ত হৈছিল আৰু মৃত্যু হৈছিল ৪,৫১২ জন।

ইউপিএছছিত সফলতা প্ৰাক্তন মিছ ইণ্ডিয়া ফাইনেলিষ্টৰ : দেশৰ ভিতৰত ৯৩ স্থান লাভ

দৈনন্দিন বাৰ্তা ডেস্ক : মিছ ৱ’ৰ্ল্ডৰ সপোন দেখিছিল এগৰাকী সুন্দৰী নীলনয়নাই৷ অৱশ্যে তিনি বছৰৰ পাছত সেই সপোনৰ দোৱাৰ দলিত উপনীত হৈছিল ৷ এইগৰাকী সুন্দৰীৰ নাম ‘ঐশ্বর্যা’। ঐশ্বৰ্যা শ্বেৰাণ নামৰ এইগৰাকী সুন্দৰী প্ৰাক্তন মিছ ইণ্ডিয়া ফাইনেলিষ্ট ৷ এইগৰাকী সুন্দৰীয়ে সদ্যঘোষিত কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত উৰ্ত্তীণ হৈ দেশবাসীৰ দৃষ্টি আকৰ্ষণ কৰিলে ৷ ইউপিএছছিৰ ২০১৯ বৰ্ষৰ ফলাফলত আইএএছ বিষয়া হ’বলৈ সক্ষম হোৱা সুন্দৰীগৰাকীৰ ৰাষ্ট্ৰীয় ৰেংক হ’ল ৯৩ ৷ ঐশ্বৰ্যা ৰায়ৰ নামটোৰ পৰাই তেওঁৰ মাকে নাম দিছিল ঐশ্বৰ্যা ৷ মিছ ইণ্ডিয়া ফাইনেলিষ্টৰ ২১ গৰাকীৰ মাজত আছিল তেওঁ ৷ ইপিনে মাকৰ ইচ্ছা আছিল কন্যা এদিন মডেলিং জগতত পৰিচিত হ’ব ৷ ডাঙৰ হৈ মাকৰ ইচ্ছা পুৰণ কৰিব কন্যাই ৷ সেই স্বপ্ন দেখিছিল পিতৃ অজয় কুমাৰ শ্বেৰাণে ৷ তেওঁ এনচিচিৰ তেলেংগানা বেটেলিয়নৰ কমাণ্ডিং বিষয়া ৷ বৰ্তমান কৰিমনগৰত কৰ্মৰত ৷ কন্যাই দেশবাসীৰ সেৱাত ব্ৰতী হোৱা কামনা কৰে পিতৃয়ে৷ পিতৃৰ সেই স্বপ্ন প্ৰথমবাৰে ইউপিএছছিৰ পৰীক্ষাত সফল হয় ঐশ্বৰ্যা৷ প্ৰকৃততে ঐশ্বৰ্যা মেধাবী হিচাপেই পৰিচিত৷ পৰীক্ষাৰ ফলাফল সৰুৰে পৰা প্ৰথম শাৰিত থকাত তেওঁ ক্লাছ কেপ্টেইন আছিল৷ উল্লেখ্য যে ঐশ্বৰ্যা ৰাজস্থানৰ চৰু গাঁৱত জন্ম হৈছিল ৷ পিতৃৰ কৰ্ম সূত্ৰে বিদ্যালয় পৰ্যায়ত বিভিন্ন চহৰত কটাব লগা হৈছিল ৷ তেওঁ প্ৰথমে বিজ্ঞান শাখাৰ ছাত্ৰী আছিল৷ পাছত দিল্লীৰ লেডী শ্ৰীৰাম কলেজ অব কমাৰ্চৰ পৰা স্নাতক হয়৷ বাণিজ্য শাখাৰ বিষয়ৰ লগতে তেওঁৰ হৃদয় আছিল মডেলিং জগতত ৷ ইপিনে মাতৃৰ উৎসাহ৷ মহাবিদ্যালয় পৰ্যায়ত পঢ়ি থাকোতেই মডেলিং আৰম্ভ কৰে৷ তাৰ পাচত নামে সৌন্দৰ্য প্ৰতিযোগিতাত ৷ ২০১৬ চনত মিছ ইণ্ডিয়া প্রতিদ্বন্দ্বিতা মঞ্চত নামে ৷ প্ৰতিযোগিতাৰ মূল পৰ্বত উপনীত হয় ৷ তাৰ পাচতে বিভিন্ন ফেচন শ্ব’ত অংশগ্ৰহণ কৰে ৷ মডেলিং জগতত লাহে লাহে জনপ্ৰিয়তা বাঢ়িবলৈ ধৰে ঐশ্বৰ্যাৰ৷ কিন্তু স্বপ্ন পুৰণত গ্লেমাৰৰ আলোকে তেওঁক ধৰিব পৰা নাছিল ৷ এৰি দিলে মডেলিং জগত ৷ সাফল্য আহক বা নাহক চেষ্টা কৰিবই৷ মডেলিঙক বিদায় দিলে লগতে বিদায় দিলে নিজৰ স্মাৰ্ট ফোন ৷ নিতান্ত প্রয়োজনত হাত দিয়ে ম’বাইল ফোনত ৷ পঢ়াশুনাত একাগ্ৰতাৰ বাবে বিচ্ছিন্ন কৰে সামাজিক মাধ্যম৷ ৱাটছএপ, ফেচবুক, টুইটাৰ এৰি কেৱল পৰীক্ষাৰ বাবে ব্যস্ত হয় ৷ কিন্তু কোনো কচিং চেণ্টাৰলৈ নগ’ল ৷ নিজেই প্ৰস্তুতি চলালে৷ প্ৰথম প্ৰচেষ্টাত সফল হ’ল ২৩ বছৰীয়া যুৱতীগৰাকী৷ সেনা বাহিনীত মহিলাৰ কামত সীমাবদ্ধতা থকাত আইএএছ বিষয়া হ’ল, য’ত কামৰ কোনো সীমা নাই ৷