Home Blog Page 3222

পত্ৰৰ আঁ‌ত ধৰি…

অংশুমান ভূঞা

যোৱা কেইবাদিনো বিভিন্নজনে বাতৰি কাকতবোৰত পত্ৰযোগে কৰ’না কালত ব্যক্তিগত খণ্ডৰ বিদ্যালয়বোৰক মাচুল ৰেহাই দিয়াৰ আহ্বান জনাইছে।এই আহ্বানৰ যুক্তি নথকা নহয়।কৰ’নাই বহু মানুহৰ জীৱিকালৈ সংকট নমাই আনিছে।চৰকাৰী শিক্ষানুষ্ঠানৰ প্ৰতি আস্থা হেৰুওৱাৰ ফলত আজিকালি বহু অভিভাৱকৰ প্ৰথম পচন্দ ব্যক্তিগত বিদ্যালয়।কিন্তু আমি যদি ব্যক্তিগত শিক্ষানুষ্ঠানবোৰলৈ লক্ষ্য কৰোঁ তেন্তে দেখিবলৈ পাম যে মুষ্টিমেয় কিছু অভিজাত বিদ্যালয়ক বাদ দি গৰিষ্ঠসংখ্যকেই আৰ্থিক দিশত টনকিয়াল নহয়।বিদ্যালয়বোৰৰ অসমৰ শৈক্ষিক দিশলৈ অৰিহণা অপৰিসীম যদিও কোনোধৰণৰ চৰকাৰী সাহায্য নাপায়।শিক্ষাৰ্থীৰ মাহিলি মাচুলৰ দ্বাৰাই শিক্ষক-শিক্ষয়িত্ৰীৰ দৰমহাৰ জোৰা মৰা হয়। নামভৰ্তিৰ মাচুল বহু শিক্ষাৰ্থীক ৰেহায়ো দিয়া হয়।তাতে আকৌ বহু অভিভাৱকৰে সময়ত মাচুল আদায় দিয়াৰ ক্ষেত্ৰত এক অনীহা। ফলত অপৰিসীম কষ্ট কৰিও সময়ত টকাকেইটা হাতেৰে চুব নোৱাৰে। কষ্ট অনুপাতে যে দৰমহা অতি কম সেয়া সকলোৰে জ্ঞাত।সেইখিনি টকাৰে জীৱন মুঠেও নচ’লে বাবে ৰাতি-দিন একাকাৰ কৰি টিউশ্যন কৰে যদিও এতিয়া সেয়াও বন্ধ। গতিকে এই শিক্ষকখিনিৰো এতিয়া একেই দুৰৱস্থা। এনে অৱস্থাত মাচুল ৰেহাই মানেই শিক্ষকসকলে পেটত গামোচা বান্ধিবলগীয়া হ’ব। সংবাদ মাধ্যমবোৰেও সকলো বিদ্যালয়কে সাঙুৰি মাচুল ৰেহাইৰ প্ৰসংগ উত্থাপন কৰি থকাটো সমীচীন হোৱা নাই। ‘কৰ্মই ধৰ্ম’, ‘কৰ্মত লাজ নাই’ বুলি ক’লেও এবাৰ শিক্ষকতাৰ ক্ষেত্ৰখনত নমাৰ পাছত সতকাই অন্য যিকোনো কাম কৰিবলৈ নিজৰ সৈতেই এক যুঁজত অৱতীৰ্ণ হ’বলগীয়া হয়। সেয়ে চৰকাৰলৈ কাতৰ অনুৰোধ যাতে ব্যক্তিগত বিদ্যালয়সমূহলৈ আৰ্থিক অনুদানৰ দিহা কৰি দুৰ্দশাগ্ৰস্ত অভিভাৱকসকলক সকাহ দিয়াৰ লগতে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত কাম কৰা শিক্ষক-শিক্ষয়িত্ৰীচামকো উদ্ধাৰ কৰে। সকলো পক্ষৰে সমস্যাৰ সমাধান হোৱাকৈ এক ইতিবাচক পদক্ষেপ কামনা কৰিলোঁ।

পহিলা ছেপ্তেম্বৰৰ পৰা কণমানিহঁতক বিদ্যালয়লৈ পঠোৱা উচিত হ’বনে ?

ৰশ্মিৰেখা ভট্টাচাৰ্য

কৰ’না ভাইৰাছৰ দ্ৰুত সংক্ৰমণ হেতু ভীত-সত্ৰস্ত সমগ্ৰ মানৱকূল। জীৱশ্ৰেষ্ঠ মানুহ আজি নিজৰ সামৰ্থৰ ওপৰতেই সন্দিহান। এটি ক্ষুদ্ৰ ভাইৰাছে কেনেকৈ বিজ্ঞান/প্ৰযুক্তিবিদ্যাৰ গৌৰৱোজ্জ্বল ইতিহাস ম্লান কৰি বিশ্বৰ আগশাৰীৰ দেশসমূহতো সংহাৰলীলা চলালে… সেয়া আমি বিভিন্ন সূত্ৰে অহা বাতৰিযোগে দেখিবলৈ পালোঁ। ভাৰতবৰ্ষৰ লগতে অসমতো বৰ্তমানলৈকে কৰ’নাৰ সংক্ৰমণ ঘটি থকাৰ বাতৰি আমি দৈনিক পাই আছো, চিকিৎসাকৰ্মী/প্ৰশাসন/স্বাস্থ্যমন্ত্ৰীয়ে নিতৌ এই ৰোগৰ ভয়াৱহতা সম্পৰ্কে জনসাধাৰণক বাতৰি কাকত/টেলিভিছন/ৰেডিঅ’ তথা অন্যান্য গণমাধ্যমযোগে সকিয়নি দি আছে। পৰ্যায়ক্ৰমে আমি লকডাউন পালন কৰিছোঁ, আনলক প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিছোঁ। কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ আহ্বান অনুসৰি আমি শিশু আৰু বৃদ্ধসকলক বিশেষ যত্ন সহকাৰে ঘৰত ৰাখিছোঁ। পহিলা ছেপ্তেম্বৰৰ পৰা যদি আমাৰ শিশুসকল বিদ্যালয়ত পাঠ গ্ৰহণ কৰিবলৈ যায়, সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয় হ’ব শাৰীৰিক ব্যৱধান। যদিওবা কম সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে পৰ্যায়ক্ৰমে শিক্ষাগ্ৰহণ কৰাৰ কথা কোৱা হৈছে, তথাপি শিশুসকলক চেনিটাইজাৰ, মাস্ক আদিৰ ব্যৱহাৰেৰে এক মিটাৰ ব্যৱধান ৰাখি পাঠদান কৰিবলৈ পৰ্যাপ্ত ঠাই তথা সুবিধা আমাৰ বিদ্যালয়সূহত আছে বুলি মই নাভাবো। তাৰোপৰি সপ্তাহত দুদিন/তিনিদিন পাঠ গ্ৰহণ কৰি কণমানিসকল উপকৃত হ’ব বুলিও নাভাবো। শিক্ষক কৰ্মচাৰীসকলৰ কৰ’না টেষ্ট বাধ্যতামূলক কৰা হৈছে, ছাত্ৰ-ছাত্ৰীসকলৰ কৰা হোৱা নাই। যদি ছাত্ৰ-ছাত্ৰীসকলৰ মাজতো কৰ’না আক্ৰান্ত কোনোবাজন থাকে, তেনেহ’লে? যদি কৰ’না এক ভয়াৱহ ব্যাধি, তেনে শিশুসকলৰ সুৰক্ষাৰ প্ৰশ্ন আগত, তাৰ পিছতহে শিক্ষা… দেশৰ ভৱিষ্যত নাগৰিকসকলৰ সুৰক্ষাৰ পৰিপ্ৰেক্ষিতত এটা শিক্ষাবৰ্ষ নষ্ট হোৱাটো কোনো ডাঙৰ কথা নহয়। লগতে কোৱা হৈছে কণমানিহঁতৰ উপস্থিতি ধৰাবন্ধা নহয়, অৰ্থাৎ কোনোবা যাব আৰু কোনোবা নোযোৱাকৈও চলিব, এই নীতি কোনোপধ্যে সমৰ্থনযোগ্য নহয়।এটা শিক্ষাবৰ্ষত যিমানখিনি অৰ্হতা এজন ছাত্ৰই আয়ত্ব কৰিব লাগে, সেইখিনি এনেধৰণৰ শিক্ষা ব্যৱস্থাৰে সম্ভৱ হ’বনে? বিদ্যালয়খনৰ ওচৰে-পাজৰে যদি কোনো কোৱাৰেইণ্টাইন চেণ্টাৰ থাকে, তেনেহ’লে ব্যৱস্থা কেনে ধৰণৰ হ’ব? সম্পূৰ্ণ বিধিগত প্ৰক্ৰিয়াৰে বিদ্যালয়সমূহৰ বাহিৰ-ভিতৰ চেনিটাইজড কৰা হৈছেনে, তাৰ স্পষ্ট নিৰ্দেশনা জাৰী কৰা হৈছেনে? মুকলি ঠাইত পাঠদানৰ প্ৰসংগও উল্লেখ কৰা হৈছে, তেনে স্বাস্থ্যসন্মত আৰু সামাজিক দূৰত্ব মানি চলিব পৰা উপযুক্ত স্থান থকা বিদ্যালয় কেইখন আছে? মুঠতে পহিলা ছেপ্তেম্বৰৰ পৰা কণমানিহঁতক বিদ্যালয়লৈ পঠোৱা প্ৰসংগটোত এশ এবুৰি প্ৰশ্ন জড়িত হৈ আছে। সেই প্ৰশ্নসমূহৰ সদুত্তৰ নোপোৱালৈকে কণমানিহঁতক বিদ্যালয়লৈ পঠোৱা অনুচিত বুলি মতপোষণ কৰোঁ।

ড্ৰাগছৰ বিৰুদ্ধে টীয়কত প্ৰতিটো দল-সংগঠনৰ ঐক্যবদ্ধ প্ৰতিবাদ

ভগামুখ : নৱপ্ৰজন্মক ধ্বংসৰ মুখলৈ থেলি দিব বিচৰা ড্ৰাগছৰ কু-চক্ৰক উভালি পেলোৱাৰ বাবে এইবাৰ টীয়কৰ প্ৰতিটো দল-সংগঠনে একেলগে আৰম্ভ কৰিছে সংগ্ৰাম ৷ সকলো টীয়কবাসী ৰাইজৰ সহযোগত আজি টীয়ক আৰক্ষী থানাৰ সন্মুখত সদৌ যোৰহাট জিলা ছাত্ৰ সন্থা, শিমলুগুৰি মৌজা আঞ্চলিক ছাত্ৰ সন্থা, টীয়ক আঞ্চলিক ছাত্ৰ সন্থা,  অসমপ্ৰেমী যুৱ ছাত্ৰ সমাজ, যুৱ ছাত্ৰ পৰিষদৰ টীয়ক আঞ্চলিক,  কৃষক মুক্তি সংগ্ৰাম সমিতিৰ টীয়ক আঞ্চলিক, লাচিত সেনাকে ধৰি বহু সংগঠনে একেলগে প্ৰতিবাদ সাব্যস্ত কৰে৷ ইয়াৰ পিছতে যোৰহাটৰ আৰক্ষী অধীক্ষক মৃণাল তালুকদাৰৰ সৈতে প্ৰতিবাদকাৰীসকলৰ টীয়ক আৰক্ষী থানাত এক দীঘলীয়া আলোচনাচক্ৰ অনুস্থিত হৈ স্মাৰক পত্ৰ প্ৰদান কৰে৷ আৰক্ষী অধীক্ষক গৰাকীয়ে অতিশীঘ্ৰে ইয়াৰ সৈতে জড়িত দোষী সকলক শাস্তি প্ৰদান কৰা হ’ব বুলি কয় ৷

চতিয়াত ছাত্ৰ সন্থাৰ বিষয়ববীয়াসহ ‘কা’ বিৰোধী আন্দোলনত জড়িত ১৩ গৰাকী বিজেপিত যোগদান

জামুগুৰিহাট : যিটো সময়ত সদৌ অসম ছাত্ৰ সন্থাই ২০২১ত অনুষ্ঠিত হ’ব লগা ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ বাবে নতুন ৰাজনৈতিক দল গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সেই সময়তে কালি চতিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত জামুগুৰিহাটত আছুৰ তিনিজনলৈ বিষয়ববীয়াসহ কা বিৰোধী আন্দোলনত সক্ৰিয় অংশ গ্ৰহণ কৰা ১৩ জনকৈ যুৱকে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে। চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ ওচৰত যোগদান কৰা আছুৰ বিষয়ববীয়া তিনিজন হ’ল তেজপুৰ মহকুমা ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক কুলদীপ ভৰলী, সদৌ জামুগুৰি ছাত্ৰ সন্থাৰ কাৰ্য্যনিৰ্বাহক সদস্য বিতুপন ভৰলী আৰু নিৰ্মিতা ভূঞা। ইয়াৰোপৰি কা বিৰোধী আন্দোলনত অংশগ্ৰহণ কৰা মানস নাথ, বিকি নাথ, লক্ষজিৎ নাথ, বিদুৎ নাথ, ৰিপু কটকী, বিশ্বজিৎ নাথ, প্ৰবিত্ৰ নাথ, পৰাগ জ্যোতি নাথ, দেৱজিৎ নাথ, পলাশ নাথে ভাৰতীয় জনতা পাৰ্টিৰ যোগদান কৰে। চতিয়াৰ বিধায়ক গৰাকীৰ কাম-কাজৰ প্ৰতি আকৰ্ষিত হৈ তেওঁলোকে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে বুলি জানিবলৈ দিয়ে। ২০২১ৰ নিৰ্বাচনৰ আগমুহুৰ্ত্বত এইদৰে ছাত্ৰ সন্থা ত্যাগ কৰি লগতে কা বিৰোধী আন্দোলনত অংশগ্ৰহণ কৰা একাংশই ভাৰতীয় জনতা পাৰ্টিৰ যোগদান কৰা ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিছে।

নায়েৰ আলগাত বিধ্বংসী অগ্নিকাণ্ড, পাঁচটা পৰিয়ালৰ ১৫ টা বাসগৃহ ভষ্মীভূত

লক্ষীগঞ্জ : চলিত মাহত চাৰিটা কৈ বানপানীয়ে জোঁকাৰি যোৱা বিলাসীপাৰা মহকুমাৰ নায়েৰ আলগা ৪ৰ্থ খণ্ড গাঁৱত বুধবাৰে নিশা সংঘটিত হয় এক ভয়াবহ অগ্নিকাণ্ডৰ। বিধ্বংসী অগ্নিকাণ্ডত গাঁওখনৰ পাঁচটা পৰিয়ালৰ প্ৰায় ১৫ টাকৈ বাসগৃহ জুইত জাহ যায়। গাঁওখনৰ বাসিন্দা কলিমুদ্দিন সেখৰ ঘৰৰ পৰা জুইৰ সুত্ৰপাত হয়। লোকজনৰ ঘৰৰ পৰা সুত্ৰপাত হোৱা জুয়ে নিমিষতে ভয়াৱহ ৰূপ ধাৰণ ১৫ টাকৈ বাসগৃহ পুৰি ছাইত পৰিণত কৰি পেলায়। বান বিধ্বস্ত অঞ্চলটোৰ পথ ঘাট জহি খহি যোৱাত গাঁওখনত উপস্থিত হ’ব পৰা নাই অগ্নি নিৰ্বাপক বাহিনী। পৰবৰ্তী সময়ত স্থানীয় ৰাইজৰ তৎপৰতাৰে জুই নিৰ্বাপিত কৰাত কথমপি ৰক্ষা পৰে চুবুৰীয়াৰ অন্যান্য পৰিয়ালৰ বাসগৃহ। এই অগ্নিকাণ্ডত পৰিয়াল কেইটাৰ গুৰুত্বপূৰ্ণ নথি পত্ৰ, ধান, মৰাপাট, সৰিয়হকে ধৰি প্ৰায় ত্ৰিশ লক্ষাধিক টকাৰ সা সম্পত্তি ভষ্মীভুত হয় বুলি জানিব পৰা গৈছে।

ডবকাত আম আদমী পাৰ্টিৰ সভা, হোজাইৰ তিনিওটা সমষ্টিত প্ৰাৰ্থীত্ব প্ৰদানৰ পৰিকল্পনা আম আদমীৰ

ডবকা : আগন্তুক বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ বাকী আছে। প্ৰতিটো ৰাজনৈতিক দলে আৰাম্ভ কৰিছে নিৰ্বাচনী কুচকাৱাজ, পিছ পৰি থকা নাই আম আদমী পাৰ্টিয়েও, হোজাই জিলাত এইবাৰ আম আদমী পাৰ্টিয়ে যমুনামুখ, হোজাই আৰু লামডিঙ সমষ্টিত সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়াই তীব্ৰ প্ৰতিদ্বন্দিতা কৰাৰ আশা কৰিছ্, কালি ডবকাত অধিবক্তা শ্বাহাব উদ্দিনৰ বাসগৃহত নজৰুল ইছলামৰ সভাপতিত্ব আম আদমী পাৰ্টিৰ এক সভাত ঘোষণা কৰে আম আদমীৰ নেতা কৰ্মীয়ে।

হোজাই শংকৰদেৱনগৰ আদালত চৌহদত ন্যায় বিচাৰি এগৰাকী ভুক্তভোগী মহিলাৰ উচুপনি

ডবকা : হোজাই জিলাৰ শংকৰদেৱনগৰ আদালত চৌহদত কালি প্ৰেমিকৰ দ্বাৰা প্ৰতাৰিত এগৰাকী মহিলাৰ হিয়াভগাঁ কান্দোনে সকলোকে আচৰিত কৰি তোলে৷ বিবাহপাশত আৱদ্ধ নোহোৱাকৈয়ে এজন লম্পটৰ লগত তিনি বছৰ সংসাৰ কৰিছিল এই মহিলাগৰাকীয়ে৷ তিনিবছৰৰ অন্তত এটি পুত্ৰ সন্তানসহ মহিলাগৰাকীক নিশা পেলাই থৈ গুছি গ’ল লম্পট স্বামী ৰঞ্জিত দাস ৷ যাৰ বাবে ন্যায় বিচাৰি লংকাৰ মমতা মজুমদাৰ নামৰ এই মহিলাগৰাকীৰ উচুপনিয়ে হোজাই শংকৰদেৱনগৰ আদালত চৌহদত কালি এক আবেগিক পৰিৱেশৰ সৃষ্টি কৰে৷ লংকাৰ মমতা মজুমদাৰক একে গাঁৱৰে ৰঞ্জিত দাস নামৰ লম্পট যুৱকজনে প্ৰেমৰ চলনাৰে ফুচলাই পলুৱাই লৈ গৈছিল তিনি বছৰ পূৰ্বে৷ বিবাহপাশত আৱদ্ধ নোহোৱাকৈয়ে ৰঞ্জিত দাসে লামডিঙত মহিলাগৰাকীক ৰাখি তাতে ঘৰ সংসাৰ চলাই আহিছিল৷ এনেকৈয়ে তেওঁলোকৰ সংসাৰত আগমণ হয় এটি কন্যা সন্তানৰ৷ তাৰ পিছতে মমতাৰ সুখৰ সংসাৰখন ভৰি পৰে অজস্ৰ দুখেৰে৷ মমতাৰ ওপৰত আৰম্ভ হয় স্বামীৰ অকথ্য নিৰ্যাতন৷ কেইদিনমান পূৰ্বে কিবা কামৰ অজুহাতত স্বামী ৰঞ্জিত দাসে পত্নী মমতাক পেলাই থৈ মনে মনে গুছি যায়৷ দীৰ্ঘদিন স্বামী ঘৰলৈ ঘূৰি নহাত মমতা স্বামীগৃহত উপস্থিত হয় যদিও শহুৰৰ পৰিয়ালেও মাৰপিট কৰি অকথ্য নিৰ্যাতন চলাই মহিলাগৰাকীক ঘৰৰ পৰা খেদি দিয়ে৷ উপায়ান্তৰ হৈ মহিলাগৰাকীয়ে শংকৰদেৱনগৰ আদালত চৌহদত ন্যায় বিচাৰি এনেদৰে উচুপি উঠে৷ অধিবক্তা সকলৰ হাতে ভৰিয়ে ধৰি সহায়ৰ বাবে আহ্বান জনায়৷ আদালত চৌহদত মহিলাগৰাকীৰ এই উচুপনিৰ দৃশ্য প্ৰত্যক্ষ কৰে হোজাই জিলা আইনসেৱা প্ৰাধিকৰণৰ সম্পাদিকা তথা ন্যায়িক দণ্ডাধীশ প্ৰনিতা মৰাঙে৷ অৱশেষত প্ৰনিতা মৰাঙৰ নিৰ্দেশত পেনেল অধিবক্তা ৰোহিনা ৱাৰিছ আৰু দীপক দেৱনাথে মহিলাগৰাকীক বিনামূলীয়া আইনী সাহায্য প্ৰদানৰ বাবে আগবাঢ়ি আহে৷ হোজাই জিলা আইনসেৱা প্ৰাধিকৰণৰ তৎপৰতাত মহিলাগৰাকীয়ে স্বামী আৰু স্বামীৰ পৰিয়ালৰ বিৰুদ্ধে লংকা থানাত তৰা হৈছে এটা গোচৰ৷ হোজাই জিলা আইনসেৱা প্ৰাধিকৰণেও নিজাবৱীয়াকৈ ৰুজু কৰিছে আন এটা গোচৰ৷ সম্প্ৰতি মহিলা গৰাকীক হোজাই জিলা আইনসেৱা প্ৰাধিকৰণে উদ্ধাৰ কৰি সুৰক্ষিত স্থানলৈ প্ৰেৰণ কৰিছে৷ উল্লেখ্য যে আজিৰ পৰা ৭ বছৰ পূৰ্বে মহিলাগৰাকী বিবাহপাশত আৱদ্ধ হৈছিল কৰিমগঞ্জৰ সন্তোষ সিকদাৰৰ সৈতে৷ স্বামীৰ নিৰ্যাতনত অতিষ্ট হৈ মহিলাগৰাকী লংকাৰ পিতৃগৃহত গুছি আহে৷ তাৰ পিছতে লম্পট ৰঞ্জিত দাসে প্ৰেমসুত্ৰে পলুৱাই নিছিল মহিলাগৰাকীক৷ ন্যায় বিচাৰি আদালত চৌহদত এগৰাকী মহিলাৰ এই হৃদয় বিদাৰক দৃশ্যই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

মাজুলীবাসীৰ বাবে ৬ আগষ্ট দিনটো স্মৰণীয় হৈ ৰ’ৱ। মাজুলী যোৰহাট সংযোগী দলঙৰ পথৰেখা সন্দৰ্ভত উপায়ুক্ত সভাকক্ষত প্ৰথম পৰ্যায় মতামত গ্ৰহণ

মাজুলি : অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ সহযোগত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰিবলৈ স্থিৰ কৰা প্ৰস্তাৱিত “মাজুলী-যোৰহাট সংযোগী দলঙ”ৰ পথৰেখা (এলাইনমেণ্ট) সন্দৰ্ভত মাজুলী জিলাবাসীৰ মতামত গ্ৰহণৰ প্ৰক্ৰিয়া কালিৰ পৰা আৰম্ভ হৈছে। গড়কাপ্তানী বিভাগ (ৰাষ্ট্ৰীয় ঘাইপথ)ৰ যোৰহাট সংমণ্ডলে মাজুলী জিলা প্ৰশাসনৰ সহযোগত মাজুলীৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত ক’ভিড-১৯ প্ৰ’ট’কল অনুসৰণ কৰি বৃহস্পতিবাৰৰ পৰা তিনিদিনিয়াকৈ মাজুলীবাসীৰ বহু আকাংক্ষিত এই দলঙৰ পথৰেখা প্ৰতিবেদনক লৈ মাজুলীত ৰাজহুৱা শুনানী গ্ৰহণৰ ব্যৱস্থা কৰিছে। গড়কাপ্তানী (ৰাষ্ট্ৰীয় ঘাইপথ) বিভাগে দলঙখন নিৰ্মাণৰ বাবে ইতিমধ্যে বিস্তৃত অধ্যয়ন-জৰীপেৰে যুগুতোৱা ‘এলাইনমেণ্ট ৰিপ’ৰ্ট’ সন্দৰ্ভত ৰাজহুৱা মতামত গ্ৰহণৰ বাবে মাজুলীৰ উপায়ুক্ত বিক্ৰম কৈৰীৰ অধ্যক্ষতাত কালি আয়োজিত প্ৰথম দিনাৰ শুনানিত মাজুলীৰ বিভিন্ন সত্ৰৰ অধিকাৰ তথা প্ৰতিনিধিৰ লগতে কেইবাখনো মহাবিদ্যালয়ৰ প্ৰতিনিধি, বিশিষ্ট নাগৰিক তথা দল-সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। শুনানীৰ আৰম্ভণিতে গড়কাপ্তানী (ৰাষ্ট্ৰীয় ঘাইপথ) বিভাগৰ যোৰহাট সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা প্ৰশান্ত শইকীয়াই প্ৰস্তাৱিত দলঙখনৰ পথৰেখাৰ প্ৰতিবেদন (এলাইনমেণ্ট ৰিপ’ৰ্ট) উপস্থাপন কৰি জনাই যে দক্ষিণপাটৰ দীঘলীগাঁৱৰ পৰা যোৰহাটৰ দিশত জাঁজীমুখ হাতীশালক সংযোগ কৰি প্ৰায় ২৪৪২.০১ কোটি টকা প্ৰকল্প ব্যয়ৰে নিৰ্মাণ কৰিবলৈ ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত প্ৰস্তাৱ দাখিল কৰা এই দলংখনৰ মুঠ দৈৰ্ঘ্য হ’ব ৬.৭৫ কিলোমিটাৰ। একেদৰে, দলঙখন সংযোগী পথৰ ক্ষেত্ৰত মাজুলীৰ কমলাবাৰী চাৰিআলিৰ পৰা দক্ষিণপাট দীঘলীগাঁৱলৈ ১৫ কিলোমিটাৰ আৰু হাতীশালৰ পৰা যোৰহাটৰ বিজ্ঞান প্ৰযুক্তি কেন্দ্রৰ ওচৰত ৰাষ্ট্ৰীয় ঘাইপথ সংযোগ কৰাকৈ মুঠ পথৰ দৈঘ্য হ’ব ৩০.২ কিলোমিটাৰ। সভাত উত্তৰ কমলাবাৰী সত্ৰৰ অধিকাৰ জনাৰ্দন দেৱগোস্বামী, আধাৰ সত্ৰৰ অধিকাৰ মহেশ গোস্বামী, দক্ষিণপাট আশ্ৰমী সত্ৰৰ অধিকাৰ জনাৰ্দন দেৱগোস্বামী, চামগুৰি সত্ৰৰ তিলক গোস্বামীৰ লগতে আউনীআটী সত্ৰ, বেঙেনাআটী সত্ৰ, নতুন কমলাবাৰী সত্ৰ, মধ্য কমলাবাৰী সত্ৰ, এলেঙী সত্ৰ, ঔৱা সত্ৰ, দক্ষিণপাট সত্ৰসহ কেইবাখনো সত্ৰৰ প্ৰতিনিধিৰ উপৰি মাজুলী জিলা সাহিত্য সভাৰ প্ৰতিনিধি, বিজেপিৰ প্ৰতিনিধি, মাজুলী মহাবিদ্যালয়, পূৱ মাজুলী মহাবিদ্যালয় আদি একাধিক শিক্ষানুষ্ঠানৰ প্ৰতিনিধিয়েও অংশগ্ৰহণ কৰি মাজুলী-যোৰহাট সংযোগী প্ৰস্তাৱিত দলঙখন নিৰ্মাণৰ বাবে অসম চৰকাৰে লোৱা পদক্ষেপৰ লগতে গড়কাপ্তানী(ৰাষ্ট্ৰীয় ঘাইপথ) বিভাগে যুগুতোৱা দলঙৰ এই পথৰেখালৈ পূৰ্ণ সমৰ্থন আগবঢ়ায়। সভাত মাজুলী-যোৰহাট সংযোগী প্ৰস্তাৱিত দলঙে মাজুলীবাসীৰ বহু জ্বলন্ত সমস্যাৰ সমাধান কৰিব বুলি মত প্ৰকাশ কৰি উপায়ুক্ত কৈৰীয়ে এই দলঙৰ নিৰ্মাণ কাৰ্য সম্পন্ন কৰাৰ সময়ত মাজুলীৰ জৈৱ বৈচিত্ৰ্য সম্পূৰ্ণ সুৰক্ষিত কৰি ৰাখিবলৈও চৰকাৰে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব বুলি সদৰি কৰে। সভাত উপায়ুক্ত কৈৰীৰ লগতে অতিৰিক্ত উপায়ুক্ত নৰেণ দাস আৰু সহকাৰী আয়ুক্ত ড০ ৰাকেশ চেত্ৰীয়ে জিলা প্ৰশাসনক প্ৰতিনিধিত্ব কৰে। উল্লেখ্য যে, তিনিদিয়াকৈ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আয়োজন কৰা এই ৰাজহুৱা শুনানীৰ কাইলৈ অনুষ্ঠিতব্য দ্বিতীয় দিনাৰ শুনানীত মাজুলীৰ আন বহুকেইটা জাতীয় সংগঠন-দল, সাংবাদিক সংগঠন আদিৰ প্ৰতিনিধিক আমন্ত্ৰণ জনোৱা হৈছে। একেদৰে, তৃতীয় দিনাৰ শুনানীত মাজুলীৰ নিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধিসকলৰ মতামত গ্ৰহণ কৰা হ’ব।

টীয়কত পিতা-পুত্ৰৰ অভিনৱ সজাগতা, চাইকেল চলাওক সুস্থ থাকক

ভগামুখ : সময় বাগৰাৰ লগে লগে আধুনিক সমাজখনৰ পৰা হেৰাই যাব ধৰিলে পিতা-পুত্ৰৰ বন্ধুত্বপূৰ্ণ সম্বন্ধ৷ সন্তান আৰু অভিভাৱকৰ এই ব্যৱধানৰ বাবেই সমাজত কৈশোৰ তথা যুৱ সমাজৰ মাজত দিনে দিনে বাঢ়িছে ড্ৰাগছ মাদক দ্ৰব্যৰ প্ৰচলন৷ এনে সময়তে টীয়কৰ পিতাই পুতাই খ্যাত সমাজকৰ্মী তথা ব্যৱসায়ী চন্দন বৰা আৰু তেওঁৰ সুযোগ্য সন্তান নীলিম চন্দন বৰা, এই দুই পিতা-পুত্ৰৰ আকৰ্ষণীয় বন্ধুত্ব আৰু কাৰ্যকলাপে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে৷ ক’ভিড-১৯ মহামাৰীৰ বাবে সমগ্ৰ ভাৰতবৰ্ষতে ঘোষণা কৰা লকডাউনে সকলোৰে বাবে অফুৰন্ত সময় উপহাৰ দিলে৷ এক উচ্চ মনৰ চিন্তাৰে প্ৰতিদিনে পুৱা চাৰি বজাৰ পৰা দুয়ো চাইকেলেৰে আৰম্ভ কৰে এই যাত্ৰা৷ কেতিয়াবা বানে গৰকা জাজীঁমুখ, কেতিয়াবা ঐতিহাসিক চিন্তামণিগড়, কেতিয়াবা কেতিয়াবা বুৰঞ্জী প্ৰসিদ্ধ ৰংঘৰ, তলাতলঘৰ, লাচিত মৈদাম, কেতিয়াবা আধ্যাত্মিক স্থান ঢেকীয়াখোৱা বৰনামঘৰ, কলীয়াপানীস্থিত আউনীআটী সত্ৰ আৰু এই যাত্ৰা পাইগৈ। কেতিয়াবা অপূৰ্ব প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপুৰ আমগুৰি হৈ নাগালেণ্ড সীমান্ত৷ উদেশ্য এক সজগতা সৃষ্টি কৰা আৰু হেজাৰজনক পুনৰ চাইকেল চলাবলৈ উৎসাহিত কৰা৷ কাৰণ পিতাই পুতাইৰ কথা হ’ল চাইকেল চলালে সুস্বাস্থ্য লাভ কৰিব পাৰি, বায়ু প্ৰদুষণৰ পৰিমাণ কমাব পাৰি৷ ইয়াৰ লগতে তেওঁলোক জড়িত স্বেচ্ছাসেৱী অনুস্থান ৰেঙণি এটি আশাৰ সহযোগত গছত গজাল মাৰিলে গছজোপাই কষ্ট পাই, বিভিন্ন স্থানত গছপুলি বিতৰণৰ দ্বাৰা গছ থাকিলেহে মানুহ থাকিব তাৰ সজাগতা সৃষ্টি কৰিছে৷ চন্দন বড়াৰ মতে যদি এশ গৰাকী ব্যক্তিকো এই চাইকেল চলোৱাৰ প্ৰতি আকৰ্ষিত কৰিব পাৰে তেওঁলোক সফল হৈছে বুলি ভাবিব৷ ইতিমধ্যে তেওঁলোকৰ এই যাত্ৰাৰ সহযোগী হৈছে টীয়ক অঞ্চলৰ কেইবাগৰাকীও যুৱকৰ লগতে দিহা সম্ৰাট কমলা গগৈ৷

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মনোজ সিনহাক জম্মু-কাশ্মীৰৰ উপৰাজ্যপাল হিচাপে নিযুক্তি

দৈনন্দিন বাৰ্তা ডেস্ক : জম্মু আৰু কাশ্মীৰৰ উপৰাজ্যপাল হিচাপে গিৰিশ চন্দ্ৰ মুৰ্মুৰ উত্তৰসুৰী হিচাপে প্ৰাক্তন কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী মনোজ সিনহাক নিযুক্তি দিয়া হৈছে৷ বৃহস্পতিবাৰে ৰাষ্ট্ৰপতি ভৱনৰ পৰা দিয়া বিবৃতিত এই কথা প্ৰকাশ৷ বিবৃতিটোত কোৱা হৈছে যে জম্মু আৰু কাশ্মীৰৰ উপৰাজ্যপাল গিৰিশ চন্দ্ৰ মুৰ্মুৰ ইস্তফা ৰাষ্ট্ৰপতিয়ে গ্ৰহণ কৰিছে৷ নতুন উপৰাজ্যপাল হিচাপে মনোজ সিনহাক নিয়োগ কৰিছে ৰাষ্ট্ৰপতিয়ে৷ ৰাষ্ট্ৰপতি ভৱনৰ বাৰ্তা পোৱাৰ পাচত ৬১ বছৰীয়া মনোজ সিনহাই কয়, গুৰু দায়িত্ব পাইছো৷ আজিয়েই কাশ্মীৰ ৰাওনা হম৷ মুৰ্মুৰ দৰে দক্ষ আমোলাৰ উত্তৰসুৰী হিচাপে মনোজ সিনহাৰ দৰে ৰাজনৈতিক ব্যক্তিক বাচি দিয়াত নৰেন্দ্ৰ মোডী চৰকাৰে এইবাৰ উপত্যকাটোত ৰাজনৈতিক প্ৰক্ৰিয়া আৰম্ভ কৰাৰ বাৰ্তা দিছে বুলি লক্ষ্য কৰিছে৷ উল্লেখ্য যে বৃহস্পতিবাৰে হ’ল ৩৭০ ধাৰা বাতিল আৰু জম্মু-কাশ্মীৰা বিশেষ ৰাজ্য মৰ্যাদা বিলোপ কৰাৰ আনুষ্ঠানিক অনুমোদনৰ বৰ্ষপূৰ্তি৷ এনে সময়তে উত্তৰ প্ৰদেশৰ বিজেপি নেতা মনোজ সিনহাৰ নিযুক্তি তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে৷ বেনাৰস হিন্দু বিশ্ববিদ্যালয় (বিএইচইউ) প্ৰাক্তন ছাত্ৰ মনোজ সিনহাৰ ৰাজনৈতিক জীৱন ১৯৮২ চনত আৰম্ভ হয়৷ বেনাৰস হিন্দু বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সভাপতি হিচাপে তেওঁ নিৰ্বাচিত হৈছিল৷ ১৯৯৬, ১৯৯৯ আৰু ২০১৪ চনত উত্তৰ প্ৰদেশৰ গাজিপুৰ সমষ্টিৰ পৰা লোকসভালৈ তেওঁ নিৰ্বাচিত হৈছিল৷ ২০১৪-১৯ চনত তেওঁ কেন্দ্ৰৰ ৰে’ল আৰু টেলিকমৰ ৰাজ্যিক পৰ্যায়ৰ মন্ত্ৰী আছিল৷ কিন্তু ২০১৯ চনত তেওঁ বিএছপি প্ৰাৰ্থীৰ হাতত পৰাস্ত হৈছিল৷ কেন্দ্ৰৰ এক সূত্ৰ মতে কম্পট্ৰ’লাৰ এণ্ড অ’ডিটৰ জেনেৰেল ৰাজীৱ মহৰ্ষিৰ স্থলাভিষিক্ত হ’ব মুৰ্ম৷ ১৯৮৫ চন বেটছৰ গুজৰাট কেডাৰ আইএএছ মুৰ্মু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ঘনিষ্ঠ হিচাপে পৰিচিত৷ মোডী মুখ্যমন্ত্ৰী হৈ থকা সময়ত মুৰ্মুয়ে গুজৰাটৰ একাধিক পদত কাম কৰিছিল৷ মোডী প্ৰধানমন্ত্ৰী হোৱাৰ পাছত বিত্ত মন্ত্ৰালয়ৰ যুটীয়া সচিব আছিল৷