Home Blog Page 3231

আগষ্ট মাহত ছবিগৃহ খোলাৰ পৰিকল্পনা লগতে বলিউড ছবিৰ চিত্ৰগ্ৰহণ

ভিকি শৰ্মা

সমগ্ৰ বিশ্বতে ক’ৰোনাৰ ভয়ংকৰ ত্ৰাসৰ ফলত ক্ষতিগ্ৰস্ত হৈছে ভিন্ন ক্ষেত্ৰত জড়িত ব্যক্তিৰ জীৱন জীৱিকা। সমান্তৰালকৈ অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ দৰে বলিউড উদ্যোগটিয়েও চৰকাৰে বান্ধি দিয়া ল’কডাউন তিনি মাহ ধৰি ঘৰতেই আৱদ্ধ হৈ থকাৰ পৰিস্থিতিৰ উদ্ভৱ হ’ল। কিন্তু ক্ৰমান্বয়ে যেন বলিউড উদ্যোগটিৰ ক্ষেত্ৰত কিছু শিথিলতা আহি পৰিছে যাৰ বাবে বিভিন্ন ছবিৰ চিত্ৰগ্ৰহণৰ কাম আৰম্ভ কৰা এক পৰিকল্পনা হাতত লৈছে নিৰ্মাতা সকলে। যদিওবা তেওঁলোকে ছবিসমূহ চিত্ৰগ্ৰহণ কৰিব পাৰিব তথাপি মানি চলিব লাগিব ক’ৰোনা ভাইৰাছৰ প্ৰতিৰোধৰ নিয়মাৱলী, যি নিয়মাৱলী তৈয়াৰ কৰিছে উদ্যোগটিক পুনৰ সজীৱ কৰাৰ ক্ষেত্ৰত FCWI আৰু উদ্যোগটিৰ সৈতে জড়িত প্ৰতিনিধি সকলে। উদাহৰণ স্বৰূপে ৬৫ বছৰৰ ঊৰ্দ্ধৰ যি সকল অভিনয় শিল্পী তেওঁলোকক চিত্ৰগ্ৰহণ স্থলীলৈ অহা নিষেধাজ্ঞা আৰোপ কৰিছে। লগতে চুম্বন বা অতিৰঞ্জিত ৰোমাঞ্চিত দৃশ্য সমূহ আঁতৰাবলৈও নিৰ্দ্দেশ জাৰি কৰিছে সামাজিক ব্যৱধান মানি চলি। তাৰোপৰি সকলো অভিনয় শিল্পীয়ে স্বগৃহতে ৰূপ-সজ্জাৰ সকলো যাৱতীয় কাম-কাজ কৰি আহিব লাগিব দৃশ্যগ্ৰহণ স্থলীলৈ। সকলো ছবিৰে নিৰ্মাতাসকলে দৃশ্যগ্ৰহণৰ সময়ত কৰ্মৰত সদস্য সমূহক ১২ ঘন্টাৰ ভিতৰত চাৰিখনকৈ মাস্ক প্ৰদান কৰাটো বাধ্যতামূলক কৰি দিয়া হৈছে। প্ৰতিটো দৃশ্যগ্ৰহণ স্থানত উপলদ্ধ থাকিব লাগিব এম্বুলেন্স, চিকিৎসক আৰু নাৰ্ছ। ইতিমধ্যে এই সকলো ১৬ পৃষ্ঠা যোৰা নিয়মাৱলী কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিছে FCWI য়ে আৰু সেই অনুপাতে এই মাহৰ শেষৰ পিনে এই সকলোবোৰ নিয়ম পালন কৰি শিল্পীসকলে চিত্ৰগ্ৰহণ কৰাৰ এক সম্ভৱনা প্ৰকট হোৱা দেখা গৈছে। ইতিমধ্যে অভিনেতা অনিল কাপুৰে তেওঁৰ আহিবলগীয়া ছবিৰ বাবে ফটোশ্বুট কৰাৰ কথাও পোহৰলৈ আহিছে। এইপিনে সদা ব্যস্ত অভিনেতা খিলাড়ী কুমাৰ অৰ্থ্যাৎ অক্ষয় কুমাৰে তেওঁৰ আহিবলগীয়া ছবি বেল বুট’মৰ দৃশ্যগ্ৰহণৰ কামত চলিত মাহৰ শেষ ভাগত ব্যস্ত হ’ব বুলি সদৰী কৰিছে। জানিবলৈ পোৱা মতে অক্ষয় কুমাৰ আৰু তেওঁৰ দলটিয়ে অহা সপ্তাহত স্কটলেণ্ডলৈ ৰাওনা হ’ব তেওঁৰ ব্যক্তিগত জেটেৰে যিহেতু আন্ত:ৰাষ্ট্ৰীয় বিমান সেৱা বন্ধ হৈ আছে। যেনেকৈ নহওঁক কিয় অক্ষয় কুমাৰে নিজৰ অনুৰাগীসকলক মনোৰঞ্জন প্ৰদানৰ হেতু চেষ্টা অব্যাহত ৰাখিছে সংকটময় পৰিস্থিতিৰ মাজতো। ছবিখনৰ পৰিচালক ৰঞ্জিত এম তিৱাৰীয়ে সংবাদ মাধ্যমত প্ৰকাশ কৰিছে যে সকলো ধৰণৰ সাৱধনতা অৱলম্বন কৰিয়ে ছবিৰ চিত্ৰগ্ৰহণৰ কাম কৰা হ’ব। বেল বুট’মৰ উপৰিও অক্ষয় কুমাৰ অভিনীত তথা ৰোহিত চেট্টী পৰিচালিত সৌৰবংশী দেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ বাবে মুক্তিৰ দিন পিছুৱাই এই বৰ্ষৰ দীপাৱলীত চিত্ৰগৃহলৈ অহাৰ এক সিদ্ধান্ত হাতত লৈছে। লগতে প্ৰতিখন ৰাজ্যৰ ছবিগৃহ সমূহ ৪-৫ মাহ ধৰি বন্ধ হৈ থকাৰ ফলশ্ৰুতিতে বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হৈছে চলচ্চিত্ৰ উদ্যোগটি। যাৰ বাবে উদ্যোগটিৰ লগতে ছবিগৃহত কৰ্মৰত কৰ্মীসকলৰ জীৱনলৈ দুৰ্বিহ নামি পৰিছে। কাৰণ এইদৰে থাকিলে ছবি উদ্যোগটি বহুখিনি পিছুৱাই যাব। এই কথাৰ ওপৰত লক্ষ্য ৰাখি বিভিন্ন নিয়মাৱলীৰ মাজেৰে অহা আগষ্ট মাহত পুনৰ ছবিগৃহ সমূহ খোলাৰ এক পৰিকল্পনা হাতত লৈছে। আই.বিৰ সম্পাদক অমিত খাৰে জনাইছে যে গৃহ মন্ত্ৰালয়ৰ সম্পাদক অজয় ভাল্লাই ইয়াৰ ওপৰত চূড়ান্ত সিদ্ধান্ত প্ৰকাশ কৰিব অচিৰেই। সামাজিক ব্যৱধান মানি চলি চিনেমা হ’ল সমূহ আগষ্ট মাহৰ ভিতৰত খোলাৰ সম্ভাৱনা অধিক।

এন এফ ৰে’লৱে মজদুৰ ইউনিয়নৰ নেতাৰ মৃত্যু, তিনিদিনীয়া শোক পালন

তিনিচুকীয়া : ৰে’ল শ্ৰমিকসকলৰ দুৰন্ত তথা আপোচহীন নেতা ৰূপে পৰিচিত এন এফ ৰে’লৱে মজদুৰ ইউনিয়নৰ কেন্দ্ৰীয় কমিটীৰ সহ:সাধাৰণ সম্পাদক ভজন চন্দ্ৰ দে ৬৮ বছৰ বয়সত ইহলীলা সম্বৰণ কৰে। আজি পুৱতি নিশা ৩-২০ বজাত বদৰপুৰৰ ৰে’লৱে চিকিৎসালয়ত মৃত্যুবৰণ কৰা শ্ৰমিক দৰদী নেতা ভজন চন্দ্ৰ দেৰ মৃত্যুৰ বাতৰি বিয়পি পৰা লগে লগে তিনিচুকীয়া ডিভিজনৰ লগতে সমগ্ৰ এন এফ ৰে’লৱে অন্তৰ্গত ৰে’ল শ্ৰমিক সকলৰ মাজত শোকৰ বন্যা বৈছে। শ্ৰমিক নেতাজনৰ মৃত্যুত এন এফ ৰে’লৱে মজদুৰ ইউনিয়নে গভীৰ শোক প্ৰকাশ কৰি এক প্ৰেছ বাৰ্তাত কেন্দ্ৰীয় সাংগাঠনিক সম্পাদক তথা তিনিচুকীয়া ডিভিজনৰ সমন্বয়ক পুলক গগৈয়ে কয় যে, ২০১২ চনত ৰে’লৱে চাকৰিৰ পৰা অৱসৰগ্ৰহণ কৰা ৰে’ল শ্ৰমিক দৰদী নেতা ভজন চন্দ্ৰ দেই দহ বছৰ কাল বদৰপুৰ শাখাৰ শাখা সম্পাদক আৰু ২০১০ চনৰ পৰা মৃত্যু পৰ্যন্ত এন এফ ৰে’লৱে মজদুৰ ইউনিয়নৰ কেন্দ্ৰীয় কমিটীৰ সহকাৰী সাধাৰণ সম্পাদক ৰূপে কাৰ্যনিৰ্বাহ কৰি আছিল। ৰে’ল শ্ৰমিক সকলৰ ন্যাৰ্য্য প্ৰাপ্য আদায়ৰ সংগ্ৰামখনৰ এজন বলিষ্ঠ নেতা হেৰুৱালে বুলি গভীৰ শোক প্ৰকাশ কৰি বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰা লগতে শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। ভজন চন্দ্ৰেৰ মৃত্যুত অল ইণ্ডিয়া ৰে’লৱেমেনচ ফেডাৰেচনৰ সভাপতি তথা এন এফ ৰে’লৱে মজদুৰ ইউনিয়নৰ কেন্দ্ৰীয় কমিটীৰ সাধাৰণ সম্পাদক ৰাখাল দাসগুপ্তায়ো গভীৰ শোক প্ৰকাশ কৰিছে আৰু তেখৰ মৃত্যুত এন এফ ৰে’লৱে মজদুৰ ইউনিয়নে কেন্দ্ৰীয় কমিটীৰ লগতে ইউনিয়নৰ সকলো শাখাই পতাকা অৰ্ধনমিত কৰি ১ আগষ্টৰ পৰা ৩ আগষ্টলৈকে তিনিদিনীয়া শোক দিৱস ৰূপে পালন কৰিব বুলি ঘোষণা কৰিছে। একেদৰে  মজদুৰ ইউনিয়নৰ বদৰপুৰ শাখাৰ নেতা উত্তম দাসকে ধৰি কেন্দ্ৰীয় নেতা সজল চক্ৰৱতী, মহিলা নেত্রী সুমনা বেনাৰ্জী, পেঞ্চনাৰ এছ’চিয়েচনৰ কৰ্মকৰ্তা সকলৰ উপৰি অনেক গুণমুদ্ধই শোকাকুল পৰিবেশত নশ্বৰ দেহত মাল্যাৰ্পণ কৰি শেষ শ্ৰদ্ধা তৰ্পন কৰে শ্ৰমিক নেতা জনক। ৰে’ল শ্ৰমিক নেতাজনে  মৃত্যুৰ সময়ত এজন পুত্র আৰু বোৱাৰীকে ধৰি দুগৰাকী জী জোঁৱাই আৰু  নাতি-নাতিনী ইহ সংসাৰত এৰি থৈ গৈছে। 

নাজিৰা, জয়সাগৰত ক’ৰোনা ত্ৰাসৰ মাজত কেনেদৰে চলিছে ঈদ-উল জোহাৰ প্ৰস্তুতি

গেলেকী : সমগ্ৰ ৰাজ্য তথা শিৱসাগৰ জিলা অন্তৰ্গত নাজিৰা আৰু জয়সাগৰত অনুষ্টুপীয়াকৈ ঈদ-উল জোহাৰ ব্যাপক প্ৰস্তুতি চলিছে। ঈদ-উল জোহালৈ মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী ৷ ক’ৰোনা ত্ৰাসৰ বাবে নাজিৰা, জয়সাগৰত পৱিত্ৰ ঈদ-উল জোহা অনুষ্টুপীয়াকৈ উদযাপন কৰিবলৈ প্ৰস্তুতি চলাইছে ইছলাম ধৰ্মাৱলম্বী লোকসকলে। ঈদ উপলক্ষে গ্ৰামাঞ্চলৰ যুৱতী ও মহিলাসকলে ঘৰতে ৰং বিৰঙী পিঠা পনা বনোৱাত ব্যস্ত হৈ পৰিছে। বজাৰসমূহতো ভিৰ নাই পূৰ্বৰ দৰে৷ ঈদগাহ ময়দান আৰু মছজিদ সমূহতো পূৰ্বৰ দৰে নাই কোনো জাক জমকতা। কিয়নো চৰকাৰৰ নিৰ্দেশনা অনুসৰি ঈদগাহ নাইবা মছজিদত হ’ব নোৱাৰিব জন সমাগম। ইছলাম ধৰ্মাৱলম্বী লোকসকলে জনোৱা অনুসৰি চৰকাৰ নীতি নিৰ্দেশনাক সন্মান জনাই এইবাৰ সকলোৱে ঘৰতেই আদায় কৰিব ঈদৰ নামাজ। পূৰ্বতকৈ এইবাৰ কমিব কুৰবানীৰ সংখ্যাও। মুঠতে ৰাজ্যখনৰ মুছলমান লোকসকলে চৰকাৰৰ নীতি নিৰ্দেশনা মানি পৱিত্ৰ ঈদ-উল জোহা পালন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। মুছলমান লোকসকলৰ এনে সিদ্ধান্তই সঁচাকৈ কঢ়িয়াই আনিছে এক শুভবাৰ্তা ৷

সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ নতুন ৰহস্য

দৈনন্দিন বাৰ্তা ডিজিটেল ডেস্কঃ অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাক লৈ সৃষ্টি হৈছে নতুন ৰহস্য। সুশান্তৰ প্ৰাক্তন প্ৰেয়সী অংকিতা লৌক্ষণ্ডেৰ এটা মন্তব্যই সৃষ্টি কৰিছে আন এক ৰহস্যৰ। অংকিতাৰ মন্তব্যৰ পাছতেই এতিয়া পুনৰ তীব্ৰ চৰ্চালৈ আহিছে বলীউদৰ প্ৰখ্যাত অভিনেতা জনৰ মৃত্যুৰ প্ৰসংগ। অংকিতাই মন্তব্য কৰিছে যে,”সুশান্তই হতাশাত ভোগা নাছিল। তেওঁ এনেকুৱা মানুহ নহয় যে তেওঁ আত্মহত্যা কৰিব। মই জীৱনত সুশান্তৰ দৰে ব্যক্তি লগ পোৱা নাই। তেওঁ তেওঁৰ নিজৰ সপোন নিজেই ৰচিছিল….।” উল্লেখ কৰিব পাৰি যে, সুশান্তৰ মৃত্যুৰ বাবে জগৰীয়া কৰি অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ বিৰুদ্ধে সুশান্তৰ পিতৃয়ে ইতিমধ্যে দাখিল কৰিছে এজাহাৰ। এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰা বুলি জানিব পৰা গৈছে।

বাতৰি যোগুতালেঃ জ্যোতিস্মান শৰ্মা

আত্ম নিৰ্ভৰশীল ভাৰতৰ কথা কোৱা চৰকাৰ নিজেই আত্ম নিৰ্ভৰশীল নহয়

জিতু দাস

চলিত বিত্তীয় বৰ্ষত ভাৰতৰ এনিডএ নেতৃত্বাধীন চৰকাৰৰ বৃত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ মুখত আখৈ ফুটাদি ফুটিল ২০ লাখ কোটি টকাৰ এটি বৃহৎ পেকেজ। পেকেজ মানে সাহাৰ্য্য নহয়, এয়া সৰু সুৰা লঘু উদ্যোগ সমূহক পুনৰুজ্জীৱিত কৰাৰ বাবে ঋণ প্ৰদান প্ৰক্ৰিয়াহে। লকডাউনে মূৰত কোব মৰা সাধাৰণ ব্যৱসায়ীসকলৰ এই ঋণ কিমান গণতান্ত্ৰিক হ’ব সময়ত গম পোৱা যাব। যিটো সময়ত সকলোবোৰ ব্যৱসায়ী প্ৰতিষ্ঠান ধ্বংসৰ গৰাহত, দোকান পোহাৰ বন্ধৰ ফলতো মালিক পক্ষক ভাড়া দিবলগীয়া হৈছে, বেংকৰ পূৰ্বৰ ৠণ পৰিশোধ কৰিব পৰা টান হৈছে তাতেই আকৌ ইমান ডাঙৰ পেকেজেৰে সাধাৰণ লোকক সাহাৰ্য্য পৰিৱৰ্তে ঋণৰ বোজা ল’বলৈ আগ্ৰহী হ’ব জানোঁ? নিঃসন্দেহে এইবোৰ ঋণ সাধাৰণ লোকৰ বাবে গ্ৰহণযোগ্য নহয়। গাঁৱৰ হোজা মানুহ খিনিৰ পৰা পূৰ্বতে ক্ৰয় কৰা বনিক সকলক শক্তিশালী কৰি সেউজীয়া পৰিৱেশ ম্লান কৰি বহিৰাগত কোম্পানীক বৰপীৰা পাৰি দিয়াৰ ষড়যন্ত্ৰ সৰ্বজনবিদিত। অলপতে অসমৰ উদ্যোগমন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী মুখত নতুন উদ্যোগ নীতিত এই কথা স্পষ্ট। কিয়নো গাঁৱৰ কৃষি ভূমি সমূহত কোনো অনুমতিৰ অবিহনে যিকোনো কোম্পানী বা উদ্যোগ তিনিমাহৰ ভিতৰত প্ৰতিষ্ঠা কৰিব পাৰিব। গতিকে আত্ম নিৰ্ভৰশীল ভাৰতৰ কোটি টকাৰ আঁচনিৰ ঋণ এই বৃহৎ গোষ্ঠীৰ বাবেহে সংৰক্ষিত। এইবাৰ আহিছোঁ বিশেষ কেইটামান কথা লৈ আমি সকলোৱে জানোঁ আত্মনিৰ্ভৰশীল মানে নিজেৰ নিজৰ ভৰিত থিয় হৈ আগুৱাই যোৱা আৰু সংগ্ৰামিত জীৱন সাৰ্থকিত কৰা। চৰকাৰে নিজেই আত্মনিৰ্ভৰশীল হয় জানোঁ? নৰেন্দ্ৰ মোডী আসনৰ গাদীত বহাৰে পৰা এটাৰ পিছত এটাকৈ সকলোবোৰ ৰাজহুৱা সম্পত্তি ব্যক্তিগতকৰণ কৰিলে। এল আই চি, বিদ্যুত বিভাগ, বিমান সেৱা, ৰে’ল, বিএছএনএল, কাগজ কল, কয়লা খনি, বেংক ইত্যাদি ভাৰতৰ সকলোবোৰ আগশাৰীৰ উদ্যোগ ব্যক্তিগত খণ্ডক গোটাই দি কেনে ধৰণৰ আত্মনিৰ্ভৰশীল ভাৰতৰ জয় গান গাব ওলাইছে সাধাৰণ জনতা সহজেই অনুমান কৰিব পাৰিছে নিশ্চয়। যিখন দেশৰ চৰকাৰে নিজৰ ৰাজহুৱা সম্পত্তিবোৰ পুনৰ উদ্ধাৰ কৰাৰ বিপৰীতে কেইটিমান টকাৰ বাবে সকলো শেষ কৰিব খুজিছে তেন্তে দেশৰ সুস্থ অৰ্থনৈতিক কৰ পৰা জন্মিব?

নাজিৰা বিধানসভা সমষ্টি দখলৰ বাবে শাসকীয় কুচকাৱাজ আৰম্ভ : কংগ্ৰেছৰ দুৰ্গ আখ্যা

গেলেকী : নাজিৰা বিধানসভা সমষ্টি শক্তিশালী ভেটি স্বৰূপে দীৰ্ঘদিনে কংগ্ৰেছৰ দখলত থকা ৰাইজে প্ৰত্যক্ষ কৰিছে। অপেক্ষা নহয়, শাসকীয়ৰ বাবে গভীৰ প্ৰত্যাহ্বানৰ বিষয় হ’ব নাজিৰা সমষ্টিৰ পৰা কংগ্ৰেছৰ ভেটি উৎখাত কৰাটো। সমাগত ২০২১ চনৰ বিধান সভাৰ নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ দুৰ্গ আখ্যা বিভিন্ন মহলৰ। সম্প্ৰতি ১০৪ নং নাজিৰা বিধান সভা সমষ্টিটো বিজেপি দলে দখল কৰাৰ বাবে কুচকাৱাজ আৰম্ভ কৰিছে৷ ইতিমধ্যে প্ৰাক্তন কেন্দ্ৰীয় ৰাজ্যিক ৰে’লমন্ত্ৰী ৰাজেন গোহাইঁ নাজিৰাত উপস্থিত হৈ জন সম্পৰ্ক ৰক্ষাৰ অভিযান চলাই গৈছে৷ সমান্তৰালভাৱে চৰাইদেউ জিলা। বিশিষ্ট সমাজকৰ্মী, প্ৰাক্তন শিক্ষক, প্ৰকৃতিপ্ৰেমী হিচাপে ধৰ্মেশ্বৰ কোঁৱৰে বিজেপিৰ হৈ সমষ্টিটোত বানপানী, লক ডাউনৰ সময়ত ঘৰে-ঘৰে গৈ সহায়ৰ হাত আগবঢ়োৱাৰ দৰে বিজেপিৰ যুৱ মৰ্চাৰ উপ সভাপতি ময়ূৰ বৰগোহাঁইয়েও সমষ্টিটোৰ বিভিন্ন ৰাইজক সহায়ৰ হাত আগবঢ়াই আহিছে ৷ তেনেদৰে শিমলুগুৰি নগৰ সমিতিৰ প্ৰাক্তন সভাপতি প্ৰাক্তন ৱাৰ্ড সদস্য ও বৰ্তমান শিৱসাগৰ জিলা ভাৰতীয় জনতা পাৰ্টিৰ সাধাৰণ সম্পাদক পলাশ পবন শইকীয়ায়ো সমষ্টিৰ বিভিন্ন ৰাইজৰ সহযোগত সমষ্টিটোৰ জনসাধাৰণৰ বাবে কাম কৰি আছে৷ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়াৰ ভাতৃ টংকেশ্বৰ শইকীয়াৰ পুত্ৰ পলাশ শইকীয়াৰ একাংশ কংগ্ৰেছ নেতা-কৰ্মীৰ লগত সু-সম্পৰ্ক থকাৰ বাবে কংগ্ৰেছক আঘাত দিব পাৰিব বুলি বিজেপিৰ লগতে একাংশ কংগ্ৰেছ কৰ্মীয়েও মন্তব্য কৰা দেখা গৈছে ৷ সংসদীয় নিৰ্বাচন, ত্ৰিপুৰাৰ নিৰ্বাচনত ওতঃপ্ৰোত ভাৱে জড়িত পলাশ শইকীয়া টিকটৰ দাবীদাৰ হিচাপে ৰাইজৰ আহ্বানত আত্মপ্ৰকাশ কৰিছে। যদিহে পলাশ শইকীয়াই দলীয় প্ৰাৰ্থীত্ব লাভ কৰে তেনেহ’লে এইবাৰ দুই ভাতৃৰ যুঁজ দেখিবলগীয়া হ’ব। উল্লেখ্য যে বিগত নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থী দেৱব্ৰত শইকীয়াই প্ৰায় ১৮হাজাৰ ভোটত বিজেপিৰ প্ৰাৰ্থী চাহ জনগোষ্ঠীৰ নেতা প্ৰহ্লাদ গোৱালাক পৰাস্ত কৰিছিল ৷ বিজেপিৰ সত্বেও প্ৰাৰ্থীত্ব কেন্দ্ৰীক সংঘাটৰ বাবে বিজেপি দল পৰাস্ত হোৱা বুলি প্ৰচাৰ হৈছিল। যদিও এইবাৰ পুনৰ বিজেপি দলত কেইবাগৰাকীও প্ৰাৰ্থীত্ব প্ৰয়াসী হোৱাত পুনৰ বিজেপি বিৰোধী দলৰ নেতা তথা কংগ্ৰেছৰ দেৱব্ৰত শইকীয়াক পৰাস্ত কৰাৰ ক্ষেত্ৰত যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব শাসকীয় প্ৰাৰ্থী।

ক’ৰোনাত মৃত্যুৰ সংখ্যাত ইটালীক পিছ পেলাই বিশ্বৰ পঞ্চম স্থানত ভাৰত

দৈনন্দিন বাৰ্তা ডেস্ক : ভাৰতত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই আছে ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ মতে যোৱা ২৪ ঘণ্টাত নতুনকৈ ৫৫,০৭৮ জন লোক ক’ৰোনাত আক্ৰান্ত হৈছে৷ ফলত দেশত ক’ৰোনাত আক্ৰান্তৰ মুঠ সংখ্যাটো হ’ল ১৬ লাখ ৩৮ হাজাৰ ৮৭০ জন৷ অৰ্থাৎ যোৱা দুদিনত এক লাখৰো অধিক লোক ক’ৰোনাত আক্ৰান্ত হৈছে৷ ইপিনে ক’ৰোনাত মৃত্যুৰ হিচাপত ইতিমধ্যে ফ্ৰান্স আৰু স্পেইনক পিছ পেলাইছিল ভাৰতে৷ শেহতীয়া তথ্য মতে মৃত্যুৰ নিৰিখত ইটালীক পিছ পেলালে ভাৰতে৷ ইউৰোপৰ দেশ ইটালীত ক’ৰোনাত ৩৫,১৩২ জন লোকৰ মৃত্যু হৈছিল৷ বৃহস্পতিবাৰৰ বিভিন্ন ৰাজ্যৰ তথ্য মতে ভাৰতত ৩৫,৭৪৮ জন লোকৰ মৃত্যু হৈছে৷ ফলত ক’ৰোনাত মৃত্যুৰ নিৰিখৰ তালিকাত পঞ্চম স্থান পালেগৈ ভাৰত৷ ভাৰতত যোৱা ২৪ ঘণ্টাত ৭৭৯ জনৰ মৃত্যু হয়৷ ইয়াৰ ভিতৰত কেৱল মহাৰাষ্ট্ৰত ১৪৭২৯ জন লোকৰ মৃত্যু হয় ৷ তাৰ পাছতে দিল্লীত ৩৯৩৬, তামিলনাডুত ৩৮৩৮ জনৰ মৃত্যু হৈছে৷ দেশত প্ৰতিদিনে মানুহৰ ক’ৰোনা পৰীক্ষা হৈ আছে৷ যোৱা ২৪ ঘণ্টাত ৬ লাখ ৪২ হাজাৰ ৫৮৮ জন লোকৰ পৰীক্ষা হয়৷ আনহাতে দেশত সংক্ৰমণৰ হাৰ হ’ল ৮.৫৭ শতাংশ ৷

মণিপুৰত সন্ত্ৰাসবাদীৰে সংঘৰ্ষত শ্বহীদ ৩ অসম ৰাইফলৰ জোৱান : আহত ৫

দৈনন্দিন বাৰ্তা ডেস্ক : মণিপুৰত সন্ত্ৰাসবাদীৰ সৈতে হোৱা গুলীয়াগুলীত অসম ৰাইফলছৰ তিনিজন জোৱান শ্বহীদ হৈছে৷ আনহাতে এই ঘটনাত আহত হৈছে আন পাঁচজন জোৱান৷ বৃহস্পতিবাৰে পুৱা মণিপুৰৰ চান্দেল জিলাৰ ম্যানমাৰৰ সীমান্তত এই ঘটনা সংঘটিত হয়৷ স্থানীয় সূত্ৰই জনোৱা মতে গোপন সূত্ৰৰ খবৰৰ ভিত্তিত ম্যানমাৰ সীমান্তত মণিপুৰৰ চান্দেল জিলাৰ এঠাইত ৪ নং অসম ৰাইফলছৰ জোৱানে তালাচী অভিযান চলাই আছিল৷ হৰ্থাৎ সেই ঠাইত আইইডি বিস্ফোৰণ ঘটায় স্থানীয় উগ্ৰপন্থী সংগঠন পিপুলছ লিবাৰেছন আৰ্মিৰ সদস্যই৷ তাৰ পাছত অসম ৰাইফলৰ সেনাৰ ওপৰত ধাৰাসাৰ গুলীবৰ্ষণ কৰে৷ ফলত তিনিজন জোৱানৰ মৃত্যু হয়৷ লগতে আন চাৰিজন জোৱান আহত হয়৷ এই ঘটনাটো মণিপুৰৰ ৰাজধানী ইম্ফলৰ পৰা ১০০ কিলোমিটাৰ নিলগৰ চান্দেল জিলাত সংঘটিত হয়৷ আহতসকলক চিকিৎসালয়ত ভৰ্ত্তি কৰা হৈছে৷ অঞ্চলটোত তালাচী অভিযান ব্যাপক কৰা হৈছে৷

সুগন্ধি পখিলাৰ কবি হীৰুদালৈ ওপজা দিনৰ শুভকামনা

জ্যোতিস্মান শৰ্মা

“তুমিতো জানাই

এই কবিৰ আৰু একো নাই

এটাই মাথোঁ কামিজ

তাৰো ছিগো-ছিগো চিলাই

প্ৰেম নিশ্চয় এনেকুৱাই

আৱৰণ খুলি হৃদয় জোৰাই।”(হীৰুদা) 

আজি ২৮ জুলাই, সুগন্ধি পখিলাৰ কবি ‘হীৰুদা’ৰ (হীৰেন ভট্টাচাৰ্য) ওপজা দিন। ১৯৯২ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰা হীৰুদাৰ সুগন্ধি পখিলাৰ কবি আৰু প্ৰেম আৰু ৰ’দালিৰ কবি বুলিও অসমীয়া সাহিত্য জগতত এক সুকীয়া পৰিচয় আছে। তেখেতৰ ১৩খন কবিতা পুথি অসমীয়া ভাষাত প্ৰকাশ পেৱাৰ লগতে বঙালী ভাষাত ২ খনকৈ কবিতা পুথি অনুদিত হৈছে। ২০১২চনৰ চাৰি জুলাই তাৰিখে ‘হীৰুদা’ই গুৱাহাটীৰ দিশপুৰ চিকিৎসালয়ত অন্তিম নিশ্বাস ত্যাগ কৰিছিল। সুগন্ধি পখিলাৰ কবি হীৰুদালৈ দৈনন্দিন বাৰ্তা ডিজিটেল সংস্কৰণৰ পৰা ওপজা দিনৰ শুভকামনা জনালে।

ভাৰতত শীঘ্ৰে ৭ নতুন পথত বুলেট ট্ৰেইন : তীব্ৰ বেগী ৰে’লৰ ট্ৰেকৰ বাবে ভূমি অধিগ্ৰহণ

দৈনন্দিন বাৰ্তা ডেস্ক : দেশত শীঘ্ৰে সাতটা নতুন ৰুটত দ্ৰুতগতিৰ বুলেট ট্ৰেইনৰ বিশাল নেটৱৰ্ক তৈয়াৰ কৰা হ’ব৷ এই প্ৰকল্পটো ত্বৰান্বিত কৰিবলৈ ভাৰতৰ ৰে’ল বিভাগে ভাৰতৰ ৰাষ্ট্ৰীয় পথ কৰ্তৃপক্ষৰ সৈতে অতিৰিক্ত ভূমি অধিগ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে৷ প্ৰাপ্ত তথ্য মতে ভাৰতৰ ৰাষ্ট্ৰীয় পথ কৰ্তৃপক্ষই শীঘ্ৰে দেশৰ ৰে’ল পৰিবহণ নেটৱৰ্কৰ সংহত উন্নয়নৰ বাবে গ্ৰীণফিল্ড এক্সপ্ৰেছক ধৰি দ্ৰুতগতিৰ ৰে’লৰ বাবে ট্ৰেক ৰাখিবলৈ ভূমি অধিগ্ৰহণ কৰিব ৷ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ নেতৃত্বত এটা দলে পৰিকাঠামোৰ এক বৈঠকত অতিৰিক্ত ভূমি অধিগ্ৰহণৰ সিদ্ধান্ত লোৱা হৈছিল৷ ইনফ্ৰা ছেক্টৰ গ্ৰুপৰ সভাৰ সময়ত সিদ্ধান্ত লোৱা হৈছিল যে ৰাষ্ট্ৰীয় পথ কৰ্তৃপক্ষই ভূমি অধিগ্ৰহণৰ দায়িত্ব ল’ব আৰু এই প্ৰক্ৰিয়া আগুৱাই নিবলৈ এখন চাৰিজনীয়া সদস্যৰ সমিতি গঠন কৰা হৈছিল৷ চাৰি সদস্যৰ টাস্ক ফৰ্চে ভূমি অধিগ্ৰহণ আৰু ব্যয় ভাগ কৰি নিয়াৰ পদ্ধতিবোৰ কাৰ্যকৰি কৰিব৷ উল্লেখ্য যে ভাৰতীয় ৰে’ল পথ দিশৰ ৭টা হাই-স্পীড ৰে’ল ৰুটৰ ব্লুপ্ৰিণ্ট তৈয়াৰৰ প্ৰক্ৰিয়াটো চলি আছে৷ এই সাতটা হাই-স্পীড ৰে’ল  কৰিডৰ হ’ল নয়দা হৈ দিল্লীৰ পৰা বাৰানসী, আগ্ৰা আৰু লক্ষ্ণৌ, বাৰানসীৰ পৰা পাটনা হৈ হাওৰা, জয়পুৰ আৰু উদয়পুৰ হৈ দিল্লীৰ পৰা আহমদাবাদ, চণ্ডীগড়, লুধিয়ানা আৰু জলন্ধৰ হৈ দিল্লীৰ পৰা অমৃতশৰলৈ, নাছিক হৈ মুম্বাইৰ পৰা নাগপুৰ, পুনে হৈ মুম্বাইৰ পৰা হাইদৰাবাদ আৰু বেংগালুৰু হৈ চেন্নাইৰ পৰা মহিহুৰ৷