দৈনন্দিন বাৰ্তাৰ সেৱা/নলবাৰী : কিছুমান আৰক্ষীৰ অমানৱীয় কাণ্ডৰ বাবেই অসম আৰক্ষী সততে হয় ঘৃণাৰ পাত্ৰ । নলবাৰীত সংঘটিত আৰক্ষীৰ বৰ্বৰতাৰ বাবে পুনৰ নিন্দিত হল আৰক্ষী । গুৱাহাটী ভৰলুৰ পিছত এইবাৰ নলবাৰীত বেলশৰ আৰক্ষীৰ বৰ্বৰতা প্ৰদৰ্শন কৰাত পৰিলক্ষিত হৈছে । দিন হাজিৰা কৰি পৰিয়াল পোহ পাল দি থকা এজন ব্যক্তিৰ ওপৰত কৰিলে বেলশৰ আৰক্ষীয়ে বীৰত্ব প্ৰদান । বিগত সময়ত বেলশৰ বাটচৰত সংঘটিত হোৱা এগৰাকী যুৱতীৰ নৃশংস হত্যাকাণ্ডৰ হত্যাকাৰী বিগত তিনিমাহে চিনাক্ত কৰিব নোৱাৰা বেলশৰ আৰক্ষীয়ে দিন হাজিৰা কৰি খাঁটি খোৱা লোকৰ ওপৰত দেখুৱাই বীৰত্বৰ প্ৰদৰ্শন । দিন হাজিৰা কৰি পৰিয়াল পোহ পাল দি থকা নলবাৰীৰ খাৰশিঠাৰ যতীন দাসক নলবাৰী বেলশৰ থানাৰ অন্তৰ্গত বালিজাৰ-খাৰশিঠা সীমান্ত পথত আৰক্ষীয়ে নিৰ্মম ভাৱে প্ৰহাৰ কৰি মুৰ ফটাই দিয়ে । যাৰ ফলত দুৰ্ভগীয়া ব্যক্তিজনৰ মুৰ তেজেৰে ৰাঙলী হল । যতীন দাসৰ একমাত্ৰ দোষ আছিল যে তেখেত সন্ধিয়া ৬ বজাৰ পিছত দিন হাজিৰা কৰি ঘৰলৈ আহি আছিল । তেনে অৱস্থাত ৰাজপথতে তেখেতক আৰক্ষীয়ে লগ পাই কোনো সোধা-পোছা নকৰাকৈ আৰক্ষীয়ে কেৱল নিৰ্মম প্ৰহাৰ কৰিছে । গাড়ীৰ ভিতৰৰ পৰাই যতীন দাসক কৰিলে প্ৰহাৰ । এতিয়া প্ৰশ্ন হৈছে বেলশৰ আৰক্ষীৰ এই কাণ্ড কিমানদূৰ যুক্তিসংগত । ভুক্তভোগীয়ে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ হস্তক্ষেপ বিছাৰিছে ৷ দুৰ্ভাগ্যজনক বিষয় এই যে এতিয়াও আৰক্ষীৰ ফালৰ পৰা কোনো ধৰণৰ চিকিৎসাৰ ব্যৱস্থা নকৰিলে যতীন দাসৰ মুৰ ফাটি যোৱাৰ পিছত ও । এইয়াই নেকি জন হিতাৰ্থে জন সেৱাৰ্থে অসম আৰক্ষী । দুৰ্ভগীয়া ব্যক্তি জনে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ ফালৰ কিমান সোণকালে ন্যায় পাব সেয়াই সময় অনুসৰি লক্ষণীয় হব ।
গড়গাঁও ঐতিহ্য আহোমৰ ৰাজধানী : আজিও জাতিৰ গৌৰৱ কাৰেং
প্ৰতিবেদক, গেলেকী, ২৬জুলাইঃ নাজিৰা মহকুমা অন্তৰ্গত গড়গাঁওৱৰ আছে এক সুকীয়া মৰ্যদা । জাতিৰ ঐতিহ্যৰ অলংকাৰেৰে পৰিপূৰ্ণ আহোমৰ ৰাজধানী গড়গাঁওৱৰ ৰাজকাৰেং ৷ ৬০০ বছৰীয়া আহোম ৰাজত্বৰ শাসনৰ প্ৰায় তিনিশ বছৰ ৰাজধানী আছিল গড়গাঁও । স্বৰ্গদেউ চুক্লেনমূঙে প্ৰায় ১৯ কিলোমিটাৰ দীঘল আৰু ১৬ কিলোমিটাৰ বহল হেমেনাবাৰী নামৰ ঠাইত চাৰিও দিশে গড় মাৰি খাৱৈ খন্দাই স্থাপন কৰিছিল ৰাজধানী ।চাৰিওফালে গড়মৰাৰ বাবে ইয়াৰ নাম গড়গাঁও ৰাখে । উল্লেখ্য যে দ খাৱৈ আৰু বাঁহৰ ঘন গোজমৰা ওখ-ওখ গড়বোৰে নগৰ খনক সুৰক্ষাৰ দিশত আন এক মাত্ৰ প্ৰদান কৰিছিল । চুক্লেনমূঙৰ দিনত বাঁহ-কাঠৰ এক অনুপম কাৰেং সজাইছিল । যি কাৰেঙৰ বিশদ বিৱৰণ পোৱা যায় চিহাবুদ্দিন তালিছৰ বিৱৰণিত । পাছলৈ অষ্টাদশ শতিকাত স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰে বৰ্তমানৰ পকী কাৰেং । সাত মহলীয়া পকী কাৰেংৰ বৰ্তমান কিয়দংশহে অৱশিষ্ট আছে । ইতিহাসপ্ৰসিদ্ধ গড়গাঁৱৰ কথা কৈ গ’লে অন্ত নপৰে ৷ গড়গাঁৱৰ আছে এক সুকীয়া বৰ্ণনাতীত অতীত ইতিহাস ৷ যি ইতিহাসত জড়িত হৈ আছে প্ৰায় ছশ বছৰীয়া আহোম ৰাজত্বৰ অনেক ৰঙীন স্মৃতি ৷ আহোম ৰাজত্বৰ তৃতীয়খন ৰাজধানী হিচাপে বিশ্ব বিদিত, লোককথা, গীত-মাত, গদ্য-পদ্য সকলোতেই যেন সিঁচৰিত হৈ আছে গড়গাঁৱৰ ঐতিহ্যকথা ৷ গড়গাঁও আহোম ৰাজত্বৰ তৃতীয়খন ৰাজধানী । স্বৰ্গদেউ চুক্লেনমূঙে ষোল্লশ খ্ৰীষ্টাব্দত স্থাপন কৰিছিল গড়গাঁও ৰাজধানী । চাৰিও দিশে গড় মাৰি ৰাজধানী স্থাপন কৰাৰ বাবে এইখন ঠাইৰ নাম গড়গাঁও ৰূপে পৰিচিত হয় । স্থাপনৰ পাছৰ পৰা প্ৰায় তিনিশ বছৰ ধৰি স্থায়ী ৰাজধানী ৰূপে পৰিগণিত হৈ অহা গড়গাঁও আহোম ৰাজত্বৰ শৌৰ্য আৰু বীৰ্যৰ প্ৰতীক আছিল ।সামৰিক দিশত যেন গড়গাঁও হৈ পৰিছিল উত্তৰ ভাৰতৰ বাবে অজেয় । এনে এক অজেয় শক্তি যাক পৰাভূত কৰিবলৈ সক্ষম নহৈছিল পৰাক্ৰমী মোগল । শিৱসাগৰ নগৰৰ পৰা প্ৰায় ১৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত ঐতিহাসিক গড়গাঁও ৷ গড়গাঁও ৰাজধানী থকা অৱস্থাত আহোম ৰাজত্বৰ ৰাজ্য কলেৱৰ বৃদ্ধি পোৱাৰ লগতে সামৰিক দিশত এক বিশেষ মাত্ৰা লাভ কৰিবলৈ সক্ষম হৈছিল । গড়গাঁও ৰাজধানীৰ কাষতে আছিল দিখৌ নদী ।দিখৌৰ পাৰত সেই সময়ত বহু কেইটা নাওশাল আছিল ।এই সমূহ নাওশালত নিৰ্মিত হৈছিল উচ্চমানৰ সামৰিক নাও । বৃহৎ-বৃহৎ নাও সমূহ দিখৌ নদীয়েদি হৈ ব্ৰহ্মপুত্ৰ নদীলৈ গৈছিল । তাৰ পৰা অতি বেগী সুচল যাত্ৰা হৈছিল গুৱাহাটীলৈ । যুদ্ধৰ আন-আন আহিলা নিৰ্মাণো সেই দিনত উন্নত মানৰ আছিল । বৰটোপ নিৰ্মাণত আহোম ৰাজত্বই বিশাৰদ লাভ কৰিছিল । যাৰ বাবে গড়গাঁওৰ পৰা মৰা এটা হয় লৈৰ গুলা বহু কিলোমিটাৰ দূৰৰ দিখৌমুখত পৰা বুলি ইতিহাসে কয় । এনে সময়ত অৰ্থাৎ স্বৰ্গদেউ জয়ধ্বজ সিংহৰ দিনত মিৰজুমলাৰ নেতৃত্বত মোগল সেনাই গড়গাঁও দখল কৰিছিল । যদিও তৎকালীন ভাৱে পৰৱৰ্তী স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ দিনত লাচিত বৰফুকনৰ নেতৃত্বত মোগলক সমুলঞ্চে উৎখাত কৰিছিল আহোম সেনাই । গড়গাঁও ৰাজধানী স্থাপনৰ পাছতে সামৰিক দিশত গড়গাঁও এক অজেয় শক্তিত পৰিণত হৈছিল । এই শক্তিৰ প্ৰতিফলন দেখিব পোৱা গৈছিল শৰাইঘাটৰ যুদ্ধত । য’ত মোগল সেনাপতি ৰাম সিংহৰ নেতৃত্বত অহা বিশাল সেনা বাহিনীক পৰাস্ত কৰিছিল আহোম সেনাই । গড়গাঁও ৰাজধানী থকাৰ সময়ত আহোম সাম্ৰাজ্যবাদৰ লগতে আন-আন সকলো দিশত চাপ ৰাখিবলৈ সক্ষম হৈছিল আহোম শাসন । আনহে নালাগে গড়গাঁৱৰ পৰা ৰংপুৰ লৈকে দিখৌ নদীৰ তলেদি এক সুৰুংগ খান্দি সৰ্বোকৃষ্ট কাৰিকৰী কৌশলৰ পৰিচয় দিছিল । জাতিৰ ঐতিহ্যৰ অলংকাৰেৰে আবৃত ইতিহাসে প্ৰতি যুগতেই জাতিৰ গতি-প্ৰগতি, উত্থান-পতন কঢ়িয়াই ৷ ইতিহাস পুনৰাবৃত্তি হয় । কিন্তু কোনেও সলনি অথবা ধ্বংস কৰিব নোৱাৰে ৷ শৌৰ্য-বীৰ্য-কলা-কৌশলৰ কেন্দ্ৰবিন্দু গড়গাঁও কাৰেং । সম্প্ৰতি ই আজিও জাতিৰ গৌৰৱ ।
ফাৰহাদ আহমেদ লস্কৰ (গেলেকী)
ভ্ৰাম্যভাষঃ ৬৯০১১৬৪০১৩

১০০০ বানাক্ৰান্তক আছু আৰু এন জি অ’ৰ সাহায্য বিতৰণ
দৈনন্দিন বাৰ্তা সেৱা, ভগামুখ: সদৌ শিমলুগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু স্বেচ্ছাসেৱী অনুস্থান ফিডিং ইন্দিয়াৰ দ্বাৰা যোৰহাট জিলাৰ চিন্তামণিগঢ় অঞ্চলৰ জেলেঙীটুপৰ প্ৰায় ১০০০ টা বান ক্ষতিগ্ৰস্ত পৰিয়ালৰ মাজত সাহায্য বিতৰণ কৰে৷ যোৰহাটৰ এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জিতু নেওগে৷ এই ক্ষেত্ৰত বিশেষভাবে সহযোগিতা আগবঢ়াই স্থানীয় স্বেচ্ছাসেৱী অনুস্থান ৰেঙণি এটি আশাই৷ ফিডিং ইন্দিয়াৰ যোৰহাট শাখাৰ সভাপতি ডুইজ ভাৰ্গৱ পৱন মণ্ডলে, অম্লান, প্ৰমোদ ভগত, নিৰ্মলে উপস্থিত থাকি পৰিচালনা কৰে৷ এই সাহায্যৰ ভিতৰত আছে চাউল, ডাইল, চিৰা মুড়ি, চবোন, চাৰ্ফ, চেনিটেৰী নেপকিন, মম, জুইশলা আদি ৷ শিমলুগুৰি মৌজা আঞ্চলিক ছাত্ৰ সন্থাৰ এই বিতৰণৰ সময়ত সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জিতু নেওগ, টীয়ক জাতীয় বিদ্যালয়ৰ সচিব সৌৰভ বৰা, জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ড০ মণ্টু কুমাৰ বড়া, সমাজকৰ্মী অৰুণ জ্যোতি গগৈ, টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰন্টু ভূঞা, ৰেঙণি এটি আশাৰ সঞ্চালক বিজু শৰ্মা, শিমলুগুৰি মৌজা আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা যদুমণি বৰুৱা, সভাপতি দেৱব্ৰত শইকীয়া, ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক পৱিত্ৰ বৰা৷ আছু আৰু স্বেচ্ছাসেৱী অনুস্থানৰ এনে প্ৰদক্ষেপৰ বাবে স্থানীয় ৰাইজে শলাগ লৈছে ৷

প্লাৱিত কাজিৰঙা দেখি অশ্ৰু ব্ৰিটিছ ৰাজকুমাৰ-ৰাজকুমাৰীৰ
দৈনন্দিন বাৰ্তা ডেস্ক : চাৰি বছৰৰ আগতে কাজিৰঙা ভ্ৰমণ কৰিছিল ব্ৰিটিছ ৰাজকুমাৰ আৰু ৰাজকুমাৰীয়ে৷ কাজিৰঙাত অৰণ্যৰ মাজত প্ৰাণীৰ মুক্ত জীৱন দেখি তেওঁলোক আপ্লুত হৈ পৰিছিল৷ নিজৰ হাতেৰে গঁড়, হাতীক খাবলৈ দি আনন্দত উতলি উঠিছিল৷ তেওঁলোকৰ স্মৃতিৰ মানস পটত ভাহি আছে কাজিৰঙা৷ এই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বানপানীৰ কৱলত পৰাত বন্যপ্ৰাণীৰ অৱস্থা দেখিলে ছবি৷ তাকে দেখি নিজৰ আবেগ ৰাখিব নোৱাৰিলেহী ব্ৰিটেইনৰ প্ৰিন্স উইলিয়াম আৰু তেওঁৰ পত্নী কেট মিডলটন৷ অশ্ৰুসিক্ত নয়নেৰে তেওঁলোকে কাজিৰঙাৰ কৰ্তৃপক্ষলৈ চিঠি লিখিলে৷ জনালে, এই পৰিস্থিতি দেখি তেওঁলোকৰ অতি দুখ লাগিছে৷ যোৱা কিছু সপ্তাহ হোৱা বৰষুণত প্লাবিত দিশৰ অন্যতম বৃহৎ এই অভয়াৰণ্য৷ ৯২ শতাংশই প্লাবিত৷ গঁড়, হৰিণা, বাঘ, হাতী আদি বন্যপ্ৰেমীয়ে প্ৰাণৰ মমতাত পলাইছে৷ বন্যপ্ৰাণী সোমাইছে লোকাৰণ্যত৷ মৃত্যু হৈছে শতাধিক বন্যপ্ৰাণী৷ বন্যপ্ৰাণী ৰক্ষা কৰিবলৈ দিনেনিশাই বনকৰ্মীয়ে কাম কৰিছে৷ সম্প্ৰতি এই ছবি চকুত পৰিছে ব্ৰিটিছ ৰাজকুমাৰ উইলিয়াম আৰু তেওঁৰ পত্নী কেটৰ৷ তাকে দেখি তেওঁলোক আচৰিত হৈ পৰে৷ চাৰি বছৰৰ আগতে দেখা কাজিৰঙাৰ লগত একো মিল দেখা নাই৷ কাজিৰঙাৰ সঞ্চালক পি শিৱকুমাৰলৈ চিঠি লিখি সেই কথা প্ৰকাশ কৰিলে ডিউক এণ্ড ডাছেছ অব কেমব্ৰিজে৷ জনালে, এই ছবি দেখি তেওঁলোকৰ হৃদয় বেদনাই ভৰি পৰিছে৷ চিঠিত কেট-উইলিয়ামে লিখিছে, ২০১৬ চনৰ এপ্ৰিলত কাজিৰঙাত জীৱনৰ অন্যতম সুন্দৰ মুহূৰ্ত কটাইছিল৷ কিন্তু এতিয়া যি দেখিছো আচৰিত হৈছো৷ তেওঁলোকৰ প্ৰত্যেকৰ প্ৰতি গভীৰ সমবেদনা জনাইছো৷ সুদুৰ ব্ৰিটেইনৰ পৰা উইলিয়াম-কেটৰ এই চিঠিয়ে প্ৰাণ যোগালে কাজিৰঙাৰ কৰ্তৃপক্ষক৷ সঞ্চালক পি শিৱকুমাৰে কয়, ”নিঃসন্দেহে এই চিঠিয়ে আমাৰ কৰ্মীসকলক উজ্জীবিত কৰিব৷”
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ‘মন কি বাত’ : কাৰ্গিলত ভাৰতীয় সেনাই দিয়া শিক্ষা চিৰজীৱনলৈ মনত ৰাখিব পাকিস্তানে
দৈনন্দিন বাৰ্তা ডেস্ক : দেওবাৰ দিনটো আছিল কৰ্গিল যুদ্ধৰ ২১ তম বিজয় দিৱস৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই দেনটোতে তেওঁৰ ‘মন কি বাত’ অনুষ্ঠানত সেই সুযোগৰ সদ্ব্যৱহাৰ কৰিলে৷ অটল বিহাৰী বাজপেয়ীৰ দিনত জম্মু আৰু কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাত পাকিস্তানৰ আগ্ৰাসনৰ প্ৰসংগ তুলি ক্ষুৰধাৰ আক্ৰমণ কৰে ইছলামাবাদক৷ তাৰ লগতে তুলি ধৰিলে ভাৰতীয় সেনাৰ বীৰত্বৰ কাহিনী৷ প্ৰধানমন্ত্ৰীৰ ৩৪ মিনিটৰ বক্তৃতাত উচ্চাৰণ হ’ল একাধিকবাৰ পাকিস্তানৰ নাম৷ যোৱা ২৮ জুনৰ ‘মন কি বাত’ত এইদৰে পূৱ লাডাখৰ গালৱানত বিহাৰ ৰেজিমেণ্টৰ বীৰ সেনাৰ আত্মবলিদানৰ প্ৰসংগ তুলিছিল৷ ব্যতিক্ৰম কেৱল এটাই, প্ৰধানমন্ত্ৰীৰ মুখত সেইদিনা এবাৰো শুনিবলৈ পোৱা নাছিল আক্ৰমণকাৰী চীনা সেনাৰ নাম৷ কাৰ্গিল যুদ্ধৰ প্ৰসংগত মোডীৰ মন্তব্য, ভাৰতৰ বন্ধুত্বৰ প্ৰতিদানত পিছৰ পৰা ছুৰী মাৰিবলৈ চাইছিল পাকিস্তানে৷ কিন্তু আমাৰ সেনাই ইমান শিক্ষা দিছে, সেয়া তেওঁলোকে চিৰজীৱন মনত ৰাখিব৷ কিয় ইমান বিশ্বাসঘাতকতা? মোডীৰ ব্যাখ্যা, দিশৰ অভ্যন্তৰীণ অস্থিৰতা প্ৰতি দৃষ্টি ঘুৰুৱা আৰু ভাৰতৰ মাটি দখলৰ উদ্দেশ্যে আক্ৰমণ চলোৱা হৈছিল৷ ভাৰতীয় সেনাৰ বীৰত্ব প্ৰসংগত তেওঁৰ মন্তব্য, তেওঁলোকে (পাকিস্তানৰ) পাহাৰৰ ওপৰত ঘাঁটি বহুৱাইছিল৷ আমাক তললৈ পেলাব৷ কিন্তু কাৰ্গিলে প্ৰমাণ কৰিছিল, অৱস্থানগত উচ্চতা নহয় যুদ্ধত জয়-পৰাজয়ৰ ক্ষেত্ৰ নিৰ্ণায়ক হৈ উঠে সেনাৰ মানসিক উচ্চতা৷ কাৰ্গিলৰ লগতে দেশত হৈ থকা ক’ৰোনা ভাইৰাছ সংক্ৰমণৰ প্ৰসংগও আনে মোডীয়ে৷ তেওঁৰ দাবী, আন দেশৰ তুলনাত ভাৰতত আক্ৰান্তসকল সুস্থ হৈ উঠাৰ হাৰ বেছি৷ মৃত্যুৰ হাৰ কম৷ ক’ৰোনা ভাইৰাছ আগৰটোৰ দৰেই সমানে বিপদজনক বুলি মোডীয়ে উল্লেখ কৰি কয়, অসুবিধা হ’লেও মাস্ক (পৰিৱৰ্ত হিচাপে গামোচাৰ কথাও কয়) আমি ব্যৱহাৰ কৰিবই লাগিব৷ যিসকলে কয়, মাস্ক পিন্ধিলে অস্বস্তি লাগে, তেওঁলোকে চিকিৎসক-নাৰ্চ-স্বাস্থ্য কৰ্মীৰ কথা এবাৰ ভাবক৷ কিমান অসুবিধা সহ্য কৰি ঘণ্টাৰ পাছত ঘণ্টা মাস্ক পিন্ধি কাম কৰিছে৷ এই ‘মন কি বাত’ত দেশীয় পণ্য কিনিবলৈ আহ্বান জনায় মোডীয়ে৷ অহা ৭ আগষ্টত খাদী দিৱস সফল কৰিবলৈ তেওঁ আহ্বান জনায়৷ তেওঁৰ মতে দেশীয় পণ্য কিনাৰ অভ্যাস গঢ়ি উঠিলে ‘আত্মনির্ভৰ ভাৰত’ শ্ল’গান সফল হ’ব৷ লগতে শিশুক ইণ্টাৰনেটৰ অনলাইন গেমৰ সলনি প্ৰাচীন ভাৰতীয় ইনড’ৰ গেম খেলাৰ অভ্যাস গঢ়ি তুলিবৰ বাবে অভিভাৱকক পৰামৰ্শ দিয়ে৷
শিল্পী এ আৰ ৰহমানৰ বিস্ফোৰণ : ‘বলীউডত এটা গেঙে মোৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাইছে’
দৈনন্দিন বাৰ্তা ডেস্ক : বলীউডৰ ছবি উদ্যোগত ‘গেং’লৈ এইবাৰ সৰৱ হৈ পৰিছে স্বয়ং অস্কাৰ জয়ী সংগীত শিল্পী এ আৰ ৰহমান ৷ বলীউডত যি গেঙৰ আধিপত্য চলিছে তিক একপ্ৰকাৰ স্বীকাৰ কৰিছে খ্যাতনামা এই সংগীত শিল্পীজনে৷ তেওঁ কয়, ফ্লিম ইণ্ডাষ্ট্ৰীত এটা ‘গেং’ আছে, যাৰ সৈতে মোৰ সম্পৰ্ক আছে বুলি উৰাবাতৰি বিয়পি পৰিছে ৷ সুশান্ত সিং ৰাজপুতৰ শেষ ছবি ‘দিল বেচাৰা’ত সংগীত পৰিচালনা কৰিছিল এ আৰ ৰহমানে ৷ এই ছবিখনক লৈ সম্প্ৰতি ৰেডিঅ’ মিৰ্চিত এটা সাক্ষাৎকাৰত শিল্পীজনে কয়, কোনো ভাল ছবি হ’লে মই ক’তো সেইটো নহয় বুলি নকও ৷ মই লক্ষ্য কৰিছো, তাত এটা গেং আছে, যিটোৱে এই ভুল বুজাবুজিৰ কাৰণ ৷ তাৰ পৰাই মোৰ সম্পৰ্কত উৰাবাতৰি বিয়পিছে ৷ এ আৰ ৰহমানে কয়, য’ত মুকেশ ছৰবৰা মোৰ কাষত আছিল, মই তেওঁক দুদিনৰ ভাতৰতে গান সৃষ্টি কৰি দিছিলো ৷ মুকেশে মোক কৈছিল, ছাৰ মোক বহুৱে কৈছি তেওঁৰ কাষলৈ নাযাবা, আপদত একো নোপোৱা ৷ বহুৱে আপোনাৰ সম্পৰ্কে গল্প শুনায় ৷ এ আৰ ৰহমানে কয়, মই মুকেশ ছাবৰাৰ মুখত এই কথা শুনি বিষয়টো বুজি পালো ৷ বুজিলো যে কেনেকৈ মই এতিয়া কাম পাম ৷ কোনো ভাল ছবিত সংগীত পৰিচালনাৰ প্ৰস্তাৱ মোৰ কাষলৈ অহা নাই ৷ গেঙৰ চক্ৰান্তত কিছু ডাৰ্ক ছবিৰ কামত মোক বাচি নিয়া হৈছে ৷ তথাপি মই কেতিয়াও তেওঁলোকক বুজিবলৈ নিদিও যে তেওঁলোকে মোৰ ক্ষতি কৰিছে ৷
ক’ৰোনাত আক্ৰান্ত মধ্যপ্রদেশৰ মুখ্যমন্ত্রী শিৱৰাজ সিং চৌহান
দৈনন্দিন বাৰ্তা ডেস্ক : ক’ৰোনাত আক্ৰান্ত হ’ল মধ্যপ্রদেশৰ মুখ্যমন্ত্রী শিৱৰাজ সিং চৌহান। শনিবাৰে এই কথা টুইট কৰি জনালে স্বয়ং মুখ্যমন্ত্ৰীজনে৷ হিন্দীতে টুইট কৰি লিখে, মোৰ প্ৰিয় দেশবাসী ৷ মোৰ কিছুদিন ধৰি ক’ৰোনা উপসৰ্গই দেখা দিছিল ৷ পৰীক্ষা কৰাৰ পাছত ৰিপৰ্টত পজিটিভ আহে ৷ ইয়াৰ লগতে তেওঁ অনুৰোধ কৰে, যোৱা কিছুদিন তেওঁৰ আশেপাশে যিসকল আহিছিল, তেওঁলোকে নিজৰ পৰীক্ষা কৰি লয় যেন ৷ ইতিমধ্যে মুখ্যমন্ত্ৰীৰ সংস্পৰ্শলৈ যোৱাসকলক কোৱাৰেণ্টাইন কৰা হৈছে৷ উল্লেখ্য যে ইয়াৰ আগতে সেইখন ৰাজ্যৰ বিজেপি নেতা জ্যোতিৰাদিত্য সিন্ধিয়া আৰু তেওঁৰ মাতৃ ক’ৰোনা পজিটিভ হৈছিল ৷ তেওঁলোক বৰ্তমান সুস্থ৷ ৰাজ্যখনত ক’ৰোনা পৰিস্থিতি অতি বেয়া ৷ সমাজৰ সকলো স্তৰলৈ বিয়পিছে মাৰাত্মক ক’ৰোনা ৷ এই পৰ্যন্ত ৰাজ্যখনত মুঠ আক্ৰান্ত হৈছে ২৬২১০ জন আৰু মৃত্যু হৈছে ৭৯১ জন ৷
ক’ৰোনা যোদ্ধালৈ সোণৰ পদক উৎসৰ্গা হিমা দাসৰ
দৈনন্দিন বাৰ্তা ডেস্ক : ২০১৮ চনত জাকাৰ্টা এছিয়ান গেমছত ৪×৪০০ মিক্সড ৰীলেত ৰূপৰ পদক লাভ কৰিছিল ভাৰতীয় এথলেট হিমা দাসে৷ বৃহস্পতিবাৰে এটা সুখবৰটো দিছিল এছিয়ান গেমছ কৰ্তৃপক্ষই৷ তেওঁৰ সেই ৰূপৰ পদক সলনি হৈ সোণৰ পদক হয়৷ ক’ৰোনা সংক্ৰমণৰ সময়ত এনে সুখবৰ পাই আনন্দিত হিমা দাসে সেই পদক উৎসৰ্গা কৰিলে ‘নিঃস্বাৰ্থভাৱে কাম কৰাসকলৰ’ বাবে৷ উল্লেখ্য যে সেইবাৰ ৪×৪০০ মিক্সড ৰীলেত সোণৰ পদক লাভ কৰিছিল বাহৰেইন দলে৷ কিন্তু সেই দলৰ এথলেট কেমি আডেকোৱা ড’প টেষ্ট পৰীক্ষাত ব্যৰ্থ হয়৷ সেয়ে শাস্তিৰ সন্মুখীন হয় এথলেটগৰাকী৷ এথলেটিকছ ইণ্টিগ্ৰিটি ইউনিটৰ তৰফৰ পৰা কেমিক চাৰি বছৰৰ বাবে নিৰ্বাসন কৰা হৈছে৷ সেয়ে তেওঁক জাকাৰ্টা গেমছৰ পৰা অযোগ্য কৰা হয়৷ ফলত নিয়ম অনুযায়ী দ্বিতীয় স্থান লাভ কৰোতাই প্ৰথম স্থানলৈ উঠে৷ সেয়ে বৃহস্পতিবাৰে ভাৰতৰ ৰূপ সলনি হৈ সোণ হৈ পৰে৷ ইয়াৰ পাছত টুইটাৰত উল্লাস প্ৰকাশ কৰি হিমা দাসে জনালে, যিসকলে নিজৰ প্ৰাণক ভয় নকৰি দিনেৰাতিয়ে ক’ৰোনা মোকাবিলা কৰিছে, সেইসকল যোদ্ধাৰ বাবে এই পদক উৎসৰ্গা কৰা হৈছে৷ তেওঁ কয়, আমি জাকাৰ্টা গেমছৰ ৪×৪০০ মিক্সড ৰীলে ইভেণ্টত সোণ জিকিলো, সেয়া আৰক্ষী, চিকিৎসক আৰু সকলো যোদ্ধাৰ প্ৰতি উৎসৰ্গা কৰিছো৷ এইসকলে মহামাৰীৰ মাজতো অক্লান্ত পৰিশ্ৰম কৰিছে, যাতে আমি সুস্থ আৰু সুৰক্ষিত থাকিব পাৰো৷ সকলোলৈকে আমাৰ শ্ৰদ্ধা৷
বাৰিষাই ভাঙি পেলোৱা এখন বাঁহৰ দলঙে জীয়াতু ভুগাইছে অঞ্চল বাসীক : নাঁও ডুবি কথমপি জীৱন ৰক্ষা এজনৰ
মহুৰামুখ : বোকাখাত বিধান সভা সমষ্টিৰ মহুৰামুখৰ বংকোৱাল-নেঘৰিটিং মথাউৰিৰ সমিপৰ দিচৈ সুতিৰ ওপৰৰ এখন বাহঁৰ দলঙে জীয়াতু ভুগাইছে অফলা, কেমেৰি, ৰোহিতাকে ধৰি কেইবাখনো গাঁৱৰ ৰাইজক৷স্বাধীনতা ৭৩ টা বছৰৰ পিছতো পকীকৰণৰ কথাটো বাদেই আনকি কাঠৰ দলঙলৈও উন্নিত নোহোৱা উক্ত অফলৰ বাঁহৰ দলংখন বছৰৰ পিছত বছৰ ৰাইজৰ গাঁঠিৰ ধন ভাঙি নিৰ্মাণ কৰি আহিছে৷মাজে সময়ে খণ্ড উন্নয়ন বিভাগ অথবা পঞ্চায়তে নিৰ্মাণ কৰি দিয়ে যদিও এটা বাৰিষা আহিলেই উটুৱাই লৈ যায় ফলত আকৌ ৰাইজেই বাঁহ,টকা আদি তুলি মেলি পুনৰ নিৰ্মাণ কৰিব লগা হয়৷সমগ্ৰ অঞ্চলতোৰ এক মাত্ৰ আৰু অতি গুৰুত্বপূৰ্ণ এই দলংখন পকী কৰণৰ বাবে ৰাইজে বিধায়ক,সাংসদ তথা মন্ত্ৰীক বাৰে বাৰে লগ কৰি আবেদন নিবেদন কৰাৰ পিছতো গুৰুত্ব প্ৰদান কৰা নাই কোনো এখন চৰকাৰে৷১৫ টা বছৰ শাসনত থকি উন্নয়নৰ ধ্বজা উৰুৱা চৰকাৰ খনৰ প্ৰতিশ্ৰুতি বোৰ মিছা বুলি প্ৰমাণ হোৱাৰ পিছত পৰিৱৰ্তনৰ শ্ল’গান লৈ অহা মিত্ৰজোঁটৰ চৰকাৰ খনক অঞ্চল বাসীয়ে হিয়া উজাৰি ভোট প্ৰদান কৰাৰ আজি চাৰিটা বছৰ অতিক্ৰম কৰাৰ পিছতো অঞ্চলতোৰ মুল সমস্যাৰ এই দলংখনকে নিৰ্মাণৰ পদক্ষেপ নোলোৱাৰ এই বিষয়টোৱে গঁঞা ৰাইজে আকৌ এবাৰ মিছা প্ৰতিশ্ৰুতিৰ টুপি পিন্ধোৱ কথাটো অনুধাৱন কৰিছে৷ইফালে প্ৰথমতো বানতে আংশিক ভাবে ভাগি পৰা দলংখন বোকাখাত মহকুমাৰ মহকুমাধিপতি বিবেক শ্যামৰ তৎপৰতাত মেৰামতি কৰা হৈছিল যদিও দ্বিতীয়তো বানে উটুৱাই নিছিল৷দ্বিতীয় বানৰ পিছত ৰাইজে যেনে তেনে পাৰ হব পৰা ব্যৱস্থা কৰিছিল যদিও তৃতীয়তো বানে এইটোও উটুৱাই নিয়ে৷বাৰিষাৰ সময়ত সমগ্ৰ অঞ্চলতোৰ ৰাইজৰ পশু ধন নেঘেৰিটিং-বংকোৱাল মথাউৰিতে ৰাখিব লগা হোৱাৰ বাবে অতিকৈ প্ৰয়োজনীয় হৈ পৰে যদিও বৰ্তমান দলংখন উটুৱাই নিয়াৰ বাবে এখন টুলুঙা নাঁওৰেই পাৰাপাৰ হব লগা হৈছে ৰাইজ৷অন্যহাতে যোৱা ২৩ জুলাই দিনা উক্ত নাঁওখনেৰে পাৰ হওঁতে নাঁও ডুবি আকাশ কাৰ্ডং নামৰ এজন ১৪ বছৰীয়া কিশোৰ কথমপি প্ৰান ৰক্ষা পৰিছিল৷এতিয়া উক্ত দলংখনক লৈ স্হানীয় বিধায়ক তথা মন্ত্ৰী অতুল বৰাৰ লগতে অন্য দলসমূহে নিৰ্বাচনৰ আগমুহূৰ্তত কেনে প্ৰতিশ্ৰুতি দিয়ে সেইয়া লক্ষনীয় হব ৷
সন্ধান লাভ মেৰিলেণ্ড বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ ৷ শুক্ৰ গ্ৰহত সক্ৰিয় ৩৭টা আগ্নেয়গিৰি
দৈনন্দিন বাৰ্তা ডেস্ক : বুধৰ পাছত সৌৰজগতৰ উষ্ণ গ্ৰহটো হ’ল শুক্ৰ ৷ এই গ্ৰহটোৰ ৩৬টা বৈশিষ্ট পাইছে বিজ্ঞানীসকলে ৷ এইবোৰ আগ্নেয়গিৰিৰ পৰা তৈয়াৰ হোৱা বুলি প্ৰকাশ ৷ যদি এই তথ্য পৰীক্ষামূলকভাৱে সত্য প্ৰমাণিত হয়, তেন্তে গ্ৰহৰ আমূল পৰিৱৰ্তনৰ কথা ভাবিবলৈ আৰম্ভ কৰিব বিজ্ঞানীসকলে ৷ বিবৰ্তনৰ সম্পৰ্কে নতুন ধাৰণা উদঘাটন হ’বলৈও ধৰিছে৷ জানিব পৰা মতে শুক্ৰ গ্ৰহত এতিয়াও একাধিক আগ্নেয়গিৰি সক্ৰিয় হৈ আছে ৷ তাৰ পৰা আৰম্ভ হৈছে অগ্নিপাত ৷ শুক্ৰ গ্ৰহটোত প্ৰায়ে তাৰ কাৰ্যকলাপ বদলি ঘটাই থাকে ৷ সম্প্ৰতি মেৰিলেণ্ড বিশ্ববিদ্যালয়ৰ বিজ্ঞানীয়ে এই আগ্নেয়গিৰিবোৰৰ সন্ধান দিছে৷ একাধিক বিৰাটকায় গাঁতৰ সৃষ্টি হৈছে শুক্ৰ গ্ৰহত ৷ লক্ষ্য কৰা হৈছে গ্ৰহটোত মাজে মাজে ভূমিকম্প হৈ থাকে ৷ মূলত শুক্ৰ গ্ৰহটো কোনো দিনাই ভৌগোলিকভাৱে শান্ত নাছিল ৷ জানিব পৰা মতে শুক্ৰ গ্ৰহত ১৯৯০ চনৰ পাছৰ পৰা মুঠ ১৩৩ টা আগ্নেয়গিৰিৰ সন্ধান পোৱা গৈছে ৷ ইয়াৰ মাজত এতিয়াও ৩৭ টা সক্ৰিয় হৈ আছে ৷












