Home Blog Page 3240

নলবাৰীত নতুনকৈ হ’ব লগা কোৱাৰেণ্টাইন চেণ্টাৰ পৰিদৰ্শন নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মাৰ

নলবাৰীত নতুনকৈ হ’ব লগা কোৱাৰেণ্টাইন চেণ্টাৰ পৰিদৰ্শন নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মাৰ

নলবাৰী

নলবাৰী জিলাত আকৌ নতুনকৈ আৰম্ভ কৰা হ’ব তিনিটাকৈ কোৱাৰেণ্টাইন চেণ্টাৰ। নলবাৰী জিলাত ক্ৰমে এছ আৰ ডি কাৰ্যালয়, কুমাৰ ভাস্কৰবাৰ্মা বিশ্ববিদ্যালয় আৰু নলবাৰী মহেন্দ্ৰ নাৰায়ন চৌধুৰী বালিকা মহাবিদ্যালয়ত নতুনকৈ কাইলৈৰ পৰা স্থাপন হ’ব এই কোৱাৰেণ্টাইন চেণ্টাৰ। সেইমৰ্মে আজি নলবাৰীৰ স্থানীয় বিধায়ক অশোক শৰ্মা, নলবাৰী এন ডি এ ৰ নৱ নিযুক্ত অধ্যক্ষ বনদ্বীপ ডেকা, জিলা বিজেপিৰ সভাপতি মৃগাংক তালুকদাৰ, নলবাৰী ৰাজহ চক্ৰ বিষয়াসহ প্ৰমুখ্যে বহুকেইজন বিষয়ববীয়াই এই কেন্দ্ৰসমূহ পৰিদৰ্শন কৰে। উল্লেখ্য যে বহিঃৰাজ্যৰ পৰা অহা লোকসকলক এই কোৱাৰেণ্টাইন চেণ্টাৰসমূহত কোৱাৰেণ্টাইন কৰা হ’ব৷

বোকাজানত কৰ্তব্যৰত আৰক্ষী বিষয়ক প্ৰহাৰ উদণ্ড দম্পতীৰ

বোকাজানত কৰ্তব্যৰত আৰক্ষী বিষয়ক প্ৰহাৰ উদণ্ড দম্পতীৰ

 বোকাজান

 বোকাজান নগৰৰ মাজমজিয়াত আজি আৰক্ষী থানাৰ সন্মুখতে থকা এটা আস্থা নামৰ অবৈধ ট্ৰেন্সপ’ৰ্টৰ স্বয়ম্ভূ গৰাকী অমৃত (মদন) মেচ আৰু তেওঁৰ পত্নী ৰীতা দত্ত মেছে এগৰাকী কৰ্তব্যৰত আৰক্ষী বিষয়া চৰণ মোহন চেতিয়াক শাৰীৰিকভাৱে প্ৰহাৰ কৰা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। আৰক্ষী সূত্ৰে জানিব পৰা মতে বোকাজান আৰক্ষী থানাৰ সন্মুখতে অমৃত মেছে কিছুদিন পূৰ্বে সম্পূৰ্ণ নথিপত্ৰবিহীনভাৱে আস্থা নামৰ এটা পৰিবহন সামগ্ৰী সৰবৰাহ কৰা কায্যলয় আৰু গুদাম গৃহ স্থাপন কৰে৷ এই গুদাম ঘৰটোত তেওঁ অবৈধভাৱে বিভিন্ন ট্ৰেন্সপ’ৰ্টৰ সামগ্ৰী ৰখাৰ লগতে সম্পূৰ্ণ নীতি বৰ্হিভূতভাৱে জুইশলাৰ একাধিক কাৰ্টুন, চেগুন কাঠ, সন্দেহজনক তেল আৰু ভাৰতীয় খাদ্য নিগমৰ চাউল মজুত ৰখাত এই বিষয়ে ৰাইজৰ মাজত সৰৱ চৰ্চা  হৈ থকাত আজি আৰক্ষী বিষয়াগৰাকী গৈ গুদাম ঘৰৰ বাহিৰত উপস্থিত হৈ এই বিষয়ে সোধপোচ কৰি গুদাম ঘৰটোৰ নামত থাকিব লগীয়া যাৱতীয় নথিপত্ৰ বিচাৰে৷ তেনে সময়তে ঘটনাৰ কালপ্ৰীত অবৈধ গুদামটোৰ গৰাকী উদণ্ড অমৃত (মদন) মেচ হঠাৎ  খঙত অগ্নিশর্মা হৈ আৰক্ষী বিষয়াগৰাকীক অকস্মাৎ আক্ৰমণ কৰি তেওঁৰ ওপৰত জঁপিয়াই পৰে। সেই সময়ত অমৃতৰ পত্নী ঘৰৰ পৰা ওলাই আহি আৰক্ষী বিষয়া গৰাকীক প্ৰচণ্ড চৰ সোধায়। এনে পৰিস্থিতিত আৰক্ষী থানাৰ অন্য এগৰাকী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ  হস্তক্ষেপৰ বাবে যায় যদিও তেওঁলৈও চুচা লৈ প্ৰহাৰ কৰিবলৈ উদ্যত হয় উদণ্ড মেচ দম্পতীয়ে। উক্ত সময়ত থানাৰ সন্মুখতে হুলস্থলীয় পৰিস্থিতি উদ্ভৱ হোৱাৰ কথা জানিব পাৰি বোকাজান আৰক্ষী থানাৰ ভাৰাপাপ্ত আৰক্ষী বিষয়াগৰাকী সদলবলে লৰালৰিকৈ থানাৰ পৰা দৌৰি ওলাই আহি আক্ৰমণকাৰী গিৰিয়েক-ঘৈণীয়েক দুয়োকে বশ কৰি লৈ আটক কৰি থানালৈ লৈ আহে। পৰৱৰ্তী সময়ত  আৰক্ষীয়ে উদণ্ড দম্পতীক স্বাস্থ্য পৰীক্ষা কৰাই ততাটিয়াকৈ জামিন বিহীন ধাৰাত গ্ৰেপ্তাৰ কৰে।উল্লেখযোগ্য যে অমৃত(মদন) মেচ এগৰাকী চৰকাৰী গাঁও বুঢ়া বুলি অঞ্চলটোত জনাজাত আৰু এই গাঁও বুঢ়াই চৰকাৰী দায়িত্বত থাকি মাফিয়া ৰাজেৰে দীৰ্ঘদিন ধৰি বিভিন্ন অসমাজিক কৰ্মত লিপ্ত হৈ আহিছিল বুলি ৰাইজে কব খোজে । ঘটনাৰ পাছতেই বোকাজান মহকুমা আৰক্ষী বিষয়া গৰাকী ঘটনা স্থলীত উপস্থিত হৈ অধিক তদন্ত কৰাৰ লগতে বোকাজান মহকুমাধিপতি কাৰ্যলয়ৰ দুজনকৈ মহকুমা দণ্ডাধীশ উপস্থিত হৈ উদণ্ড অমৃত মেচ ৰ বাস গৃহ সংলগ্ন গুদাম ঘৰ তো পৰীক্ষা কৰি ছিল কৰি দিয়ে । এই ঘটনাই এতিয়া  সমগ্ৰ বোকাজান মহকুমাত তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

কংগ্ৰেছী সাংসদ প্ৰদ্যুৎ বৰদলৈ নিৰুদ্দেশক লৈ নগাঁও চহৰত পোষ্টাৰিং

কংগ্ৰেছী সাংসদ প্ৰদ্যুৎ বৰদলৈ নিৰুদ্দেশক লৈ নগাঁও চহৰত পোষ্টাৰিং

নগাঁও

নগাঁও সংসদীয় সমষ্টিৰ  সাংসদ প্ৰদ্যু্ৎ বৰদলৈৰ বিৰুদ্ধে নগাঁও চহৰৰ বিভিন্ন স্থানত কোনো অচিন ব্যক্তিয়ে পোষ্টাৰিং কৰাক লৈ বিতৰ্কৰ সৃষ্টি হৈছে। উল্লেখযোগ্য যে লকডাউনৰ পূৰ্বৰে পৰা নতুন দিল্লীত থকা কংগ্ৰেছ সাংসদজনক  লৈ ছ’চিয়েল মিডিয়াত তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছিল। দুৰ্যোগৰ সময়ত নগাঁৱৰ সাংসদগৰাকী সমষ্টিবাসীৰ কাষত থকাৰ পৰিৱৰ্তে দিল্লীত থকাক লৈ এচাম লোকে তীব্ৰ সমালোচনাও কৰিছিল। ইপিনে সাংসদগৰাকীক লৈ চলা এনে সমালোচনাৰ বিপৰীতে কংগ্ৰেছ শিবিৰে সাংসদ বৰদলৈয়ে দিল্লীত থাকিয়েই সমষ্টিবাসীৰ সকলো ধৰণৰ খা-খবৰ লৈ থকা বুলিও প্ৰত্যুত্তৰ দিছিল। আনহাতে সাংসদগৰাকীয়েও ফেচবুক আৰু টুইটাৰ লাইভৰ যোগেদি সমষ্টিবাসীক সম্বোধন কৰিছিল। পৰৱৰ্তী পৰ্যায়ত প্ৰদেশ যুৱ-কংগ্ৰেছৰ উপসভাপতি মৃণাল হাজৰিকাই সমষ্টিৰ বিভিন্ন লোকক মাস্ক, ছেনিটাইজাৰ আদি বিতৰণ কৰি সেয়া প্ৰদ্যুৎ বৰদলৈৰ দ্বাৰা প্ৰেৰণ কৰা বুলিও সংবাদ মাধ্যমক জনাইছিল। ইয়াৰ পিছতে ক’ৰোনা ভাইৰাছত আক্ৰান্ত নগাঁৱৰ এগৰাকী ৰোগীক লৈ যুৱ কংগ্ৰেছৰ নেতা মৃণাল হাজৰিকাই কৰা এটা টুইটাৰ পোষ্টৰ আলমত সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে স্বাস্থ্য বিভাগক সমালোচনা কৰা পৰিলক্ষিত হৈছিল। ইয়াৰ প্ৰত্যুত্তৰত সাংসদগৰাকীক উভতি ধৰিছিল ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পিযুষ হাজৰিকাই। কিন্তু শেহতীয়াভাৱে কোনো অচিনাক্ত ব্যক্তিয়ে নগাঁও চহৰৰ মিচন মাৰ্কেট, নগাঁও মহাবিদ্যালয় চৌহদৰ দেৱাল, বৰবজাৰ, ঢাকাইপট্টি আদি স্হানত সাংসদ গৰাকীৰ সন্ধান বিচাৰি কৰা পোষ্টাৰিং আজি চহৰবাসীৰ দৃষ্টিগোচৰ হয়। আনহাতে নগাঁও সংসদীয় সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ নিৰুদ্দেশ হৈ থকা বুলি উল্লেখ কৰি কোনো লোকে সাংসদগৰাকীৰ সন্ধান পালে নিকটবৰ্তী থানাত খবৰ দিবলৈ অনুৰোধ জনাই কোনো অচিনাক্ত লোকে এনেদৰে পোষ্টাৰিং কৰাক লৈ ক্ষুদ্ধ হৈ পৰিছে নগাঁৱৰ কংগ্ৰেছী শিবিৰ। তেওঁলোকৰ মতে এয়া একাংশ লোকৰ নিকৃষ্ট ৰাজনীতি। এনে পোষ্টাৰিং কৰাসকলৰ বিৰুদ্ধে যুৱ কংগ্ৰেছৰ উপসভাপতি মৃণাল হাজৰিকাই নগাঁও জিলা উপায়ুক্তক  অভিযোগ দাখিল কৰা বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে । লগতে  উক্ত বিষয় সম্পৰ্কত কংগ্ৰেছ মহলৰ তৰফৰ  পৰাও আৰক্ষীক অভিযোগ দিছে বুলিও জানিব পৰা গৈছে।উল্লেখযোগ্য যে  নিশা মুষলধাৰ বৰষুণৰ মাজতো কোনে এই কাৰ্য কৰিলে সেই বিষয়ে কোনো সম্ভেদ পোৱা নাই নগাঁও আৰক্ষীয়ে।  দুৰ্যোগৰ সময়ত সাংসদগৰাকীৰ অনুপস্থিতিয়ে ৰাইজক ক্ষোভিত কৰি তোলাৰ বাবেই কিছু লোকে এনে পন্থাৰ আশ্ৰয় লোৱা বুলি একাংশ লোকে ক’ব খোজে। ইপিনে এই পোষ্টাৰিং কাৰ্যক আমোদজনক ঘটনা বুলি সামাজিক মাধ্যমত মত প্ৰকাশ কৰি সাংসদ বৰদলৈয়ে বিজেপি দলে তেওঁক আক্রমণৰ লক্ষ্য কৰি লোৱা বুলিও অভিযোগ কৰে। আনহাতে লকডাউনৰ বাবে  দিল্লীত আবদ্ধ হৈ পৰা সাংসদ গৰাকীয়ে সমষ্টিবাসীৰে সম্পৰ্ক ৰক্ষা কৰি অহা বুলি উল্লেখ কৰি দুই এদিনতে অসমত উপস্থিত হ’বহি বুলি জানিবলৈ দিয়ে৷

ডিমৌত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

ডিমৌত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

ডিমৌ

ডিমৌত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল দেওবাৰে উপস্থিত হয়৷ মুখ্যমন্ত্ৰী সোণোৱাল ইয়াত উপস্থিত হৈ পৰিদৰ্শন কৰে ডিমৌৰ  বৰুৱাচাংমাই গাঁওস্থিত শিৱসাগৰ কাৰিকৰী বিদ্যালয়স্থিত কোৱাৰেণ্টাইন কেন্দ্ৰ। লক্ষণীয় যে মুম্বাই, চেন্নাই, কেৰেলা, বাংগালুৰু, দিল্লী আদি বহিঃৰাজ্যৰ পৰা অহা ৭৩ গৰাকী লোক এই কেন্দ্ৰত কোৱাৰেণ্টাইন হৈ আছে। ডিব্ৰুগড়ৰ নিজা বাসগৃহৰ পৰা পোনে পোনে ডিমৌৰ এই কোৱাৰেণ্টাইন কেন্দ্ৰত উপস্থিত হৈ ক’ৰোনা যুদ্ধৰ প্ৰকৃত যোদ্ধা চিকিৎসক আৰু চিকিৎসাকৰ্মীসকলৰ সৈতে মত বিনিময় কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে “আগন্তুক দিনবোৰ আমি ক’ৰোনা বিৰুদ্ধে যুদ্ধৰ বাবে সাজু হ’ব লাগিব৷ সন্মুখত অহা সমস্যাসমূহক প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰিব লাগিব।” তেওঁ আনুষ্ঠানিক কোৱাৰেণ্টাইন আৰু হোম কোৱাৰেণ্টাইনত থকা লোকসকলকো ধৈৰ্য সহকাৰে ক’ৰোনা বিৰোধী যুদ্ধত সহায় আগবঢ়াবলৈ আহ্বান জনায়। তদুপৰি সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত কোৱাৰেণ্টাইন কেন্দ্ৰত থকা একাংশ আৱাসীয়ে বিগত দিনকেইটাত কৰা কেতবোৰ উদ্ভণ্ডালি সম্পৰ্কত মুখ্যমন্ত্ৰীগৰাকীয়ে এইসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ’ব বুলি মন্তব্য কৰে। মুখ্যমন্ত্ৰীৰ লগত সাংসদ তপন গগৈ, মন্ত্ৰী যোগেন মহন, মৰাণৰ বিধায়ক চক্ৰধৰ গগৈ, থাওৰাৰ বিধায়ক কুশল দুৱৰী, সোণাৰীৰ বিধায়ক নৱনীতা সন্দিকৈ আদি মন্ত্ৰী-বিধায়কসকল উপস্থিত থাকে।

সাপেখাতীত ক’ভিড-১৯ সেৱাত জড়িত চিকিৎসক, সংবাদ কৰ্মী, আৰক্ষীক সম্বৰ্ধনা সাপেখাতী উচ্চতৰ মাধ্যমিক বিদ্যালয় কৰ্তৃপক্ষৰ

সাপেখাতী

 অসম এতিয়া সৰ্বত্ৰে মহামাৰী ক’ৰোনাৰ গৰাহত ত্ৰস্তমান হৈ থকাৰ সময়তে জৰুৰীকালীন সেৱাত আত্মনিয়োগ কৰি থকা পুলিচ প্ৰশাসন, চিকিৎসক, সংবাদকৰ্মীকে ধৰি বিভিন্ন স্তৰৰ  লোকসকলে দিনেই নিশাই একাকাৰ কৰি ৰাইজৰ সেৱাত ব্ৰতী  হৈ আছে।তেনে এক জটিল সময়তে চৰাইদেউ জিলাৰ সাপেখাতীৰ মাজমজিয়াত অস্থায়ীভাৱে সাপেখাতীৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপিত কোৱেৰেণ্টাইন চেণ্টাৰত নিয়োজিত চিকিৎসক, আৰক্ষী প্ৰশাসনৰ লগতে বিভিন্ন অঞ্চলত এই দুৰ্বিসহ দিনটো সংবাদ সংগ্ৰহত ব্যস্ত সাংবাদিকসকলক আগন্তুক দিনসমূহত দুগুন উৎসাহেৰে কৰ্ম প্ৰেৰণা যোগোৱাৰ উদ্দেশ্যেৰে  আজি সাপেখাতী উচ্চতৰ মাধ্যমিক বিদ্যালয় কৰ্তৃপক্ষৰ হৈ  অধ্যক্ষ ৰবীন বৰুৱা, বিষয় শিক্ষক অৱিকল গায়ন, প্ৰশান্ত ফুকন, নন্দ কুর্মী সহিতে একোখন কৈ ফুলাম গামোচাৰে শুভেচ্ছামূলক সম্বৰ্ধনা জনায়। উক্ত অনুষ্ঠানত সম্বৰ্ধনা গ্ৰহণ কৰে সাপেখাতী ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ৰ  চিকিৎসক ধ্ৰুৱলোচন নাথ, সাপেখাতী প্ৰেছ ক্লাবৰ সম্পাদক গৌতম গগৈ, সাংবাদিক মুকুল বড়া, সাংবাদিক মিন্টু বড়া, সাংবাদিক নৱদ্বীপ বৰুৱাৰ লগতে অন্য চিকিৎসা কৰ্মীসকলে৷ উক্ত অনুষ্ঠানটোৰ আঁত ধৰে বিদ্যালয়ৰখনৰ শিক্ষক প্ৰশান্ত ফুকনে লগতে আৰম্ভণিতে বিদ্যালয়ৰ অধ্যক্ষ ৰবীন বৰুৱাই সকলোকে এনে জটিল সময়তো  নিজ কৰ্মত পিছ নুহুকি নিষ্ঠা আৰু  দুগুণ কর্ম উদ্যোমেৰে আগবাঢ়ি যোৱাত ধন্যবাদ দিয়াৰ লগতে ভৱিষ্যতেও এনে সুন্দৰ মনোবৃত্তিৰে আগুৱাই যাবলৈ আহ্বান জনায়।

জামুগুৰিহাটত ছেনিটাইজ ৰক্তদাতা (এইচবিএছ) স্বেচ্ছাসেৱী সংগঠন, অগ্নিনিৰ্বাপক বাহিনীৰ

জামুগুৰিহাট

ক’ৰোনাৰ সংক্ৰমণ ক্ৰমাৎ বৃদ্ধি পোৱাৰ সময়তে মহামাৰীৰ এই সংক্ৰমণ ৰোধ কৰাৰ বাবে কালি জামুগুৰিহাটৰ ব্যৱসায়িক কেন্দ্ৰস্থলৰ দোকান-পোহাৰ, বেংক প্ৰতিস্থান, আৰক্ষী থানা, চিকিৎসালয়, পৰিদৰ্শন বঙলাকে আদি কৰি সকলোবোৰ স্থান ছেনিটাইজ কৰে ৰক্তদাতা (এইচবিএছ) নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে৷ শোণিতপুৰ জিলাৰ ভিন্ন প্ৰান্তত ক’ৰোনাৰ সংক্ৰমণ ৰোধ কৰাৰ স্বাৰ্থত উপায়ুক্তৰ নিৰ্দেশ লৈ স্বেচ্ছাসেৱী সংগঠনটোৱে এইদৰে ছেনিটাইজ কৰি আহিছে জনসমাগম এলেকাসমুহ৷ মহামাৰীৰ ৰূপ লোৱা ক’ৰোনাৰ ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ স্বাৰ্থত এসপ্তাহ পূৰ্বেও স্বেচ্ছাসেৱী সংগঠনটিয়ে জিলাখনৰ ভিন্ন প্ৰান্তৰ লগতে তেজপুৰৰপৰা আহি জামুগুৰিহাটত এইদৰেই ছেনিটাইজ কৰাৰ লগতে জৰুৰীকালিন সেৱাৰ লগত জড়িত লোকসকলৰ লগতে জনসাধাৰণক মাস্ক, ছেনিটাইজৰ বিতৰণ কৰা আৰু ৰাইজক সজাগ সচেতন কৰিবৰ বাবে চৰকাৰী নীতি নিয়ম সম্বলিত টোকাৰ বেনাৰ দেৱাল পোষ্টিৰিঙকে ধৰি কেবাটাও কাৰ্যসূচী গ্ৰহণ কৰিছিল৷ ইয়াৰোপৰি বহিঃৰাজ্যৰপৰা আহি কোৱাৰেণ্টাইন চেণ্টাৰত থকা যুৱক-যুৱতীসকলৰ বাবেও চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ জৰিয়তে তিনিশ মাস্ক আৰু ছেনিটাইজৰ প্ৰদান কৰে স্বেচ্ছাসেৱী সংগঠনটোৱে৷ অন্যহাতে আজিও জামুগুৰি অগ্নিনিৰ্বাপক বাহিনীৰ কৰ্মচাৰীসকলে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ নিৰ্দেশত বাৰেচহৰীয়া সামুহিক ভৱণত থকা কোৱাৰেণ্টাইন চেণ্টাৰ ছেনিটাইজ কৰাৰ লগতে জামুগুৰি ব্যৱসায়িক কেন্দ্ৰস্থলটোও ছেনিটাইজ কৰে৷ উল্লেখ্য যে জামুগুৰি বাৰেচহৰীয়া সামুহিক ভৱনটোত বৰ্তমান বহিঃৰাজ্যৰপৰা উভতি অহা ৩০ জনৰো অধিক যুৱক কোৱাৰেণ্টাইন হৈ আছে৷

মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিবস পালন

মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিবস পালন

 তিনিচুকীয়া

২১৮ সংখ্যক স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিৱস আজি কেন্দ্ৰীয়ভাৱে তিনিচুকীয়াৰ তিনিকোণীয়াত পালন কৰা হয়৷ মটক সন্মিলন, ৰাজবংশকে ধৰি জনগোষ্ঠীটোৰ কেউটা সংগঠনে অনুষ্ঠিত কৰা দিবসত নামঘৰত ভকত সেৱা প্ৰতিমূৰ্তীত মাল্যাৰ্পণ কৰা হয়। ৰাজ্য চৰকাৰৰ শ্ৰমমন্ত্ৰী সঞ্জয় কিষানে মাল্যৰ্পণ কৰাৰ পিছতে সামাজিক দুৰত্ব বজাই ৰাখি এক সভা অনুষ্ঠিত হয়। হেমন্ত গোহাঁইৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত মৰান সভাৰ ধৰ্মেন্দ্ৰ মৰান, মৰান ছাত্ৰৰ অৰুনজ্যোতি মৰান, প্ৰনব বৰুৱা আদিকে ধৰি ভালে কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সন্ধিয়া প্ৰতিমূৰ্তিৰ চাৰিওকাষে ২১৮ বন্তি প্ৰজ্জ্বলন কৰা হয়। ইয়াৰ উপৰি মটক সন্মিলনৰ মুখ্য কাৰ্যালয় আৰু জিলাখনৰ বিভিন্ন অঞ্চলত দিবস পালনৰ লগতে সন্ধিয়া ঘৰে ঘৰে বন্তি প্ৰজ্জ্বলন কৰা হয়৷

বহিঃৰাজ্যত কৰ্মৰত লোকৰ আগমণত শ্বাসৰুদ্ধ পৰিৱেশ টিংখাঙত : প্ৰতিটো অঞ্চলতে কোৱাৰেণ্টাইন শিবিৰ

টিংখাং

ৰাজ্যখনত ক’ৰোনা ভাইৰাছত ৰোগীৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পোৱাত জনসাধাৰণ শংকিত হৈ পৰিছে।বিশেষকৈ বহিঃৰাজ্যত কাম কবিবলৈ যোৱা হাজাৰ হাজাৰ লোক নিজ গৃহলৈ ঘূৰি অহাৰ বাবে ৰাজ্যখনত এক হাহাকাৰময় পৰিৱেশ সৃষ্টি হৈছে। ডিব্ৰুগড় জিলাৰ বৃহত্তৰ টিংখাং অঞ্চলত এক শ্বাসৰুদ্ধকৰ পৰিৱেশ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে টিংখাং অঞ্চলতো স্থানীয় প্ৰশাসনে বহিঃৰাজ্যৰ পৰা অহা লোকসকলক কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰিছে। জানিব পৰা মতে বহিঃৰাজ্যত থকা অঞ্চলটোৰ পাঁচ সহস্ৰাধিক লোকৰ অধিকাংশই নিজৰ ঘৰলৈ আহিব। গতিকে এই লোকসকলক কোৱাৰেণ্টাইনৰ বাবে ইতিমধ্যে শ’লগুৰি আৰু শ্ৰীবাংগোৰ উচ্চ মাধ্যমিক বিদ্যালয় দুখনত কোৱাৰেণ্টাইন কৰিবলৈ স্থানীয় প্ৰশাসনে সম্ভৱপৰ সকলোবোৰ প্ৰস্তুতি সম্পন্ন কৰি তুলিছে। এই দুয়োখন শিক্ষানুষ্ঠানৰ লগতে বৃহত্তৰ টিংখাঙৰ কেবাটা অঞ্চলৰ বহুকেইখন শিক্ষানুষ্ঠানত কোৱাৰেণ্টাইন শিবিৰ স্থাপন কৰিবলৈ যাৱতীয় প্ৰস্তুতি চলোৱা বুলি প্ৰশাসনৰ এক সূত্ৰই প্ৰকাশ কৰিছে। অহা দুই এদিনৰ ভিতৰতে সমষ্টিটোৰ বহিঃৰাজ্যত থকা লোকসকল আহি পাবহি বুলি জানিব পৰা গৈছে। এই লোকসকলক ৰে’ল ষ্টেচনৰ পৰা স্বাস্থ্য পৰীক্ষা কৰি পোনে পোনে কোৱাৰেণ্টাইন শিবিৰলৈ নি থকাৰ ব্যৱস্থা কৰিছে। উল্লেখ্য যে ডিব্ৰুগড় জিলাত এগৰাকী লোক ক’ৰোনা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাৰ পাছৰে পৰা সমগ্ৰ জিলাখনতে প্ৰশাসনে ক’ৰোনাৰ বিৰুদ্ধে ব্যাপক সতৰ্কতা অৱলম্বন কৰিছে। জিলাখনৰ প্ৰায়বোৰ ঠাইৰ লগতে টিংখাঙতো প্ৰশাসনে মাইকযোগে ক’ৰোনা ভাইৰাছ পৰা পৰিত্ৰাণ পাবলৈ সামাজিক দূৰত্বৰ লগতে ফেচ মাস্ক আৰু সঘনে চাবোনেৰে হাত ধুবলৈ জনসাধাৰণক আহ্বান জনাইছে। ইপিনে টিংখাঙত সমষ্টিটোৰ বিধায়ক বিমল বড়াই বহিঃৰাজ্যৰ পৰা ঘৰলৈ ঘূৰি অহা সমষ্টিটোৰ একাংশ লোকৰ ঘৰে ঘৰে গৈ কোৱাৰেণ্টাইনৰ বুজ লোৱা বুলি জানিব পৰা গৈছে। বিধায়কগৰাকীয়ে লগতে কিছু সংখ্যক লোকক সাহায্য প্ৰদান কৰা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে সমষ্টিটোত বহিঃৰাজ্যৰ পৰা অহা শতাধিক লোক হোম কোৱাৰেণ্টাইনত আছে।টিংখাঙত স্থানীয় প্ৰশাসনৰ বিভিন্ন বিভাগৰ লগতে পঞ্চায়তসমূহৰ প্ৰতিনিধিসকলেও বহিঃৰাজ্যৰ পৰা অহা সমষ্টিটোৰ লোকসকলক কোৱাৰেণ্টাইনৰ বাবে সহযোগিতা আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সন্দৰ্ভত টিংখাং উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ সভা গৃহত বিধায়ক বিমল বড়াৰ উপস্থিতিত অলপতে এখন সভা অনুষ্ঠিত হয়। সভাখনত কোৱাৰেণ্টাইনৰ বাবে এখন উচ্চ পৰ্যায়ৰ তদাৰক সমিতি গঠন হয়।

কৰোণাৰ আতংকৰ মাজতে নলবাৰীত গৃহহীন পুৰোহিত। পত্নী , পুত্ৰৰ নিৰ্যাতন সহিব নোৱাৰি আত্মহত্যাৰ প্ৰচেষ্টা পুৰোহিতৰ । উদ্ধাৰ কৰি আশ্ৰয় দিলে সাংবাদিকে।

নলবাৰীত পত্নী , পুত্ৰৰ নিৰ্যাতন সহিব নোৱাৰি আত্মহত্যাৰ প্ৰচেষ্টা পুৰোহিতৰ ।

নলবাৰী 

কৰোণা ভাইৰাছৰ বিভিষিকাময় পৰিস্থিতিৰ বাবেই দেশজুৰি চলি থকা লক ডাউনৰ মাজতে নলবাৰীত গৃহহীন হৈ পৰা এগৰাকী পুৰোহিতৰ এক দুখজনক ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ জিলাখনতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । নিজৰ পুত্ৰ আৰু পত্নীৰ  নিৰ্যাতন সহিব নোৱাৰি আত্মহত্যাৰ প্ৰচেষ্টা চলাইছিল   অমুল্য শৰ্মা নামৰ পুৰোহিত গৰাকীয়ে ।জিলাখনৰ পশ্চিম খাটাৰ কালাকুছি গাওঁৰ অমুল্য শৰ্মা নামৰ আক্ৰান্ত  পুৰোহিত গৰাকী এটা সম্ভ্ৰান্ত পৰিয়ালৰ লোক । চিকিৎসক , ইঞ্জিনিয়াৰৰ পৰা কলেজৰ অধ্যক্ষলৈ কি নাই তেওঁৰ পৰিয়ালটোত । পৰিয়ালটোত সকলো ডাঙৰ মানুহ । পিছে তেওঁহে আৰ্থিক দৈন্যতাত ককবকাইছে । উপায় বিহীন হৈ যজমানি কৰিয়ে (পুৰোহিত) নিজৰ পৰিয়ালটোক পোহপাল দি আহিছিল দীৰ্ঘ বছৰে । কোচবিহাৰত যজমানি কৰি দুই পুত্ৰ , এগৰাকী কন্যা  আৰু পত্নীক ভৰণ পোষণ দি অহা অমুল্য শৰ্মা এতিয়া পৰিয়ালটোৰ সকলোৰে এলাগী । সুদীৰ্ঘ ৩০ বছৰ ধৰি কোচবিহাৰত যজমানি কৰি পৰিয়ালটোক পোহপাল দি অহা অমুল্য শৰ্মাই নিজে অধিক কষ্টত চলিও সৰহকৈ উপাৰ্জনৰ টকা দিছিল নলবাৰীৰ গৃহত থকা পৰিয়ালটোক । পিছে শেহতীয়াকৈ উচ্চ ৰক্তচাপত আক্ৰান্ত হৈ ৰুগীয়া হৈ পৰে  পুৰোহিত গৰাকী । লাহে লাহে  পুৰোহিত অমুল্য শৰ্মাই কোনো কষ্টকৰ কাম কৰিব নোৱাৰা হ’ল । সেইমৰ্মে তেওঁ নলবাৰীৰ আপোন ঘৰখনলৈ ঘুৰি আহিল । আপোন ঘৰখনলৈ আহিয়েই চকুৰে সৰিয়হ ফুল দেখিলে বৃদ্ধ পুৰোহিত গৰাকীয়ে । পত্নী , পুত্ৰৰ  নিৰ্যাতনত জৰ্জৰিত হবলগীয়া হোৱাৰ অভিযোগ আনি গৃহ ত্যাগ কৰিবলৈ বাধ্য হয় লোকজন । পুৰোহিত গৰাকীৰ অভিযোগ মতে পত্নীৰ উচতনিত প্ৰায়েই সৰু পুত্ৰই মাৰপিট কৰে । পত্নী , পুত্ৰৰ নিৰ্যাতন সহিব নোৱাৰিয়ে তেওঁ আত্মহত্যাৰ সিদ্ধান্ত লৈছিল । তেনে এক মুহুৰ্ততে পুৰোহিত গৰাকীক উদ্ধাৰ কৰি শান্তি নিৱাস বৃদ্ধাশ্ৰমত আশ্ৰয়ৰ ব্যৱস্থা কৰে সাংবাদিক মজিবুৰ ৰহমানে ।কোচবিহাৰত যজমানি কৰি পোৱা টকা কেইটাৰে নলবাৰীত থকা পৰিয়ালটোক দীৰ্ঘ বছৰে  পোহপাল দি অহা অমুল্য শৰ্মাই শেহতীয়াকৈ উচ্চ ৰক্তচাপ আৰু স্নায়ু ৰোগত আক্ৰান্ত হৈ উপাৰ্জন কৰিব নোৱাৰা হৈ উভতি আহিল  নিজৰ আপোন ঘৰখনলৈ । ঘৰলৈ ঘুৰি অহাৰ পিছত পৰিয়ালটোত আৰু শান্তিৰে থাকিব নোৱাৰিলে । পত্নীৰ তিতা কেহা মাত , কনিষ্ঠ পুত্ৰৰ মাৰপিট সহিব নোৱাৰি ঘৰ এৰি গুছি আহিল যাজনিক গৰাকী । কোনো আশ্ৰয়স্থল নাপালে জীয়াই নথকাৰ  সিদ্ধান্ত লোৱাত আপোন গাওঁখনিৰে শৰ্মা উপাধীৰ  এজন লোকে পুৰোহিত গৰাকীক কিছুদিন আশ্ৰয় দিলে তেওঁৰ বাৰান্দাত । পুৰোহিত গৰাকীৰ এনে দুখজনক ঘটনাৰ খবৰ লাভ কৰি তেওঁক উদ্ধাৰ কৰি আশ্ৰয়ৰ ব্যৱস্থা কৰে সাংবাদিক মজিবুৰ ৰহমানে ।  অবশেষত বহুদিন ধৰি সাংবাদিক ৰহমানে তেওঁৰ শান্তি নিৱাস বৃদ্ধাশ্ৰম ও অনাথ আশ্ৰমত পুৰোহিত অমুল্য শৰ্মাক আশ্ৰয় ও ভৰণ পোষণ দিয়াৰ পিছত পৰিয়ালৰ সতে যোগাযোগ হয় । আজি পুৰোহিত গৰাকীৰ পত্নী আৰু ভাতৃয়ে শান্তি নিৱাস বৃদ্ধাশ্ৰমত উপস্থিত হোৱাৰ পিছত বুজাই বঢ়াই পৰিয়ালটোক চমজি দিয়ে সাংবাদিক গৰাকীয়ে । ৭০ বছৰীয়া বৃদ্ধ পুৰোহিত গৰাকীক জীৱনৰ বিয়লি বেলাত পুনৰ নিৰ্যাতন নকৰিবলৈ আদহীয়া পত্নী আৰু পুত্ৰক সাদৰেৰে অনুৰোধ জনাইছে সাংবাদিক ৰহমানে । লক্ষনীয়ভাবে এগৰাকী তৃতীয় ব্যক্তিৰ প্ৰৰোচনাত পৰি পত্নীয়ে পুৰোহিত গৰাকীক অত্যাচাৰ কৰাৰো অভিযোগ উঠিছে ।

কৰ’না, অসম আৰু দিহিং-পাটকাই অভৰায়ণ্য

  •  বিদ্যাৱতী গগৈ

দ্ৰুতগতিত বাঢ়ি অহা কৰ’ণা ৰোগীৰ সংখ্যাই আতংকৰ সৃষ্টি কৰিছে। কিন্তু লক্ ডাউনৰ শিথিলতাৰ সুযোগ লৈ দোকান বজাৰত মানুহৰ সমাগম দেখি আমি প্ৰকৃততেই আতংকিত হৈছোঁ বুলি ক’ব পাৰিমনে? অসমৰ তিনি কোটি জনতাৰ মাজৰ পৰা এক তৃতীয়াংশ জনতাও ছাগে আতংকিত হোৱা নাই। বৰ্হি ৰাজ্যৰ পৰা ৰেল বা বাছৰ জৰিয়তে অহা লোকসকলক কোৱেৰেন্টিন কৰাৰ ব্যৱস্থা কৰিছে ঠিকেই; কিন্তু খোজ কাঢ়ি বা অইন বিভিন্ন উপায়েৰে আহি থকা লোকসকলক দেখি তেওঁলোকৰ দুখত দুখী হৈ উঠিছোঁ। এই সকল লোক অসমলৈকে আহিছে বা অন্য ৰাজ্যলৈকে গৈছে, য’তেই নাযাওক কিয় তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰাতো জৰুৰী আছিল। নহ’লে কি অৱস্থালৈ গতি কৰিব সেইয়া হয়তো কল্পনাতীত। আমাৰ অসমখনৰ স্বাস্থ্যবিভাগটো উন্নত নহয় যদিও বৰ্তমানৰ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যি তৎকালীন তথা ক্ষিপ্ৰতাৰে মানুহক সজাগ সচেতন কৰাৰ লগতে বিভিন্ন ঠাইত কোৱেৰেন্টিন শিবিৰ স্থাপন কৰিছে তাৰবাবে আমি তেখেতৰ শলাগ ল’ব‌ই লাগিব। বৰ্তমান অসমৰ মানুহৰ বাবে তেখেত দেৱতাস্বৰূপ। কিন্তু ইমানখিনি কৰাৰ পিছতো আমাৰ মানুহবোৰৰ অসাৱধানতাই তেখেতৰ কষ্ট পানী কৰিব যেন বোধ হৈছে। আমি সজাগ আৰু সচেতন হ’লেহে কৰ’ণা আক্ৰমণৰ পৰা বাচিম।এতিয়া কথা হ’ল- দূৰদৰ্শনৰ পৰ্দাতে হ‌ওঁক বা চ’ছিয়েল মাধ্যমতে হ‌ওঁক, আমি পাই আহিছোঁ যে অসমৰ মানুহৰ বেমাৰ প্ৰতিৰোধ ক্ষমতা বহু বেছি। এইয়া নিশ্চয় অসমৰ জলবায়ু তথা পৰিৱেশৰ বাবেই সম্ভৱ হৈছে। সৰুতেই পঢ়িছিলোঁ- কল-কাৰখানাই মানুহৰ দৈনন্দিন জীৱনত জীৱন ধাৰণ প্ৰণালী উজু কৰাৰ লগতে মানুহৰ জীৱনলৈ মৃত্যু ভাৱুকিও কঢ়িয়াই আনে। জীৱশ্ৰেষ্ঠ মানুহৰ তেন্তে এইকণো জ্ঞান নাই নে যে- য’ত বৰ্তমান কৰ’ণাৰ আতংক চলি আছে, যি এক অদৃশ্য মৃত্যুদূত, য’ত দিনে হাজাৰ হাজাৰ লোকৰ মৃত্যু হৈছে তাৰপিছতো নিজৰ লাভালাভৰ কথা চিন্তা কৰিছে! আজি কৰ’ণাৰ বাবেই গোটেই বিশ্বৰ বিজ্ঞান পিছ পৰি ৰৈছে। মৃত্যুক ৰোধ কৰিব পৰা নাই বিজ্ঞানে। মহাকাশজান, মঙ্গল গ্ৰহৰ চিন্তাও দূৰ হৈ গৈছে। একমাত্ৰ জীৱনৰ স্বাৰ্থত টকা মূল্যহীন হৈ পৰিছে। বৰ্তমান সময়তো এনেকুৱা হৈ পৰিছে দুসাঁজ ভালকৈ খাই জীয়াই থাকিলেই যেন সুখী হৈ পৰিম। তাৰপিছতো প্ৰকৃতিক লৈ  খেলা খেলখন দেখিলে সহ্য নহয়।  দিহিং-পাটকাই অভৰায়ণ্য ! বৰ্তমান সকলোৰে চৰ্চিত বিষয়। কিন্তু কিয় আমি এই বৰ্ষাৰণ্যখনৰ বাবে চিঞঁৰিব লগা হৈছে। কাৰণ Coal India Ltd.ৰ পৰা অহা প্ৰস্তাৱ অসম ফৰেষ্ট ডিপাৰ্টমেন্টে  মানি লৈছে। যিখন অৰণ্য হাতীৰ মুক্ত বিচৰণথলী সেই অৰণ্যকে আমি ধ্বংস কৰিবলৈ আগবাঢ়িছোঁ। অথচ দুদিনমানৰ আগতে যেতিয়া ব্ৰাজিলৰ আমাজানক জুইৰ লেলিহান শিখাই আগুৰি ধৰিছিল, জীৱ জন্তুবোৰ জীয়াই জীয়াই পুৰি এঙাৰ হৈছিল, বৰ বৰ গছবোৰ ছাইত পৰিণত হৈছিল তেতিয়া গোটেই বিশ্ব‌ই কান্দিছিল। আমি ভাৰতবাসীয়েও উচুপিছিলো। কিন্তু সেই উচুপনিৰ কি মূল্য থাকিব যদি আমি পুনৰ আন এখন অৰণ্যক নিজ হাতেৰে ধ্বংস কৰোঁ!! কি মূল্য থাকিব আমাৰ সেই চকুলোৰ যদি পশু পখীৰ হাহাকাৰবোৰ চকুৰে দেখিও বুজি নাপাওঁ!! যেনেকৈ আছে তেনেকৈয়ে থাকিব দিয়ক হে জীৱশ্ৰেষ্ঠ সকল! লাভ লোকচান বিচৰাতকৈ ইমানদিনে থকাখিনিকে তাতকৈ ভালকৈ গঢ়ি তোলক। প্ৰকৃতিক বিনষ্ট নকৰিব। প্ৰকৃতিৰ বুকুত থকা জীৱকুলৰ কথাও চিন্তা কৰক। আমি লক্ ডাউনত বন্দী হৈ থাকোঁতে বনৰ জীৱকুল মুক্ত হৈ ঘূৰিছিল। সিহঁতৰো একোটা প্ৰাণ আছে, মুক্ত মন আছে। আমি প্ৰাণৰ মমতাত ঘৰৰ ভিতৰত আছোঁ। অৰণ্যখন ধ্বংস হ’লে সিহঁতৰ কি হ’ব ভাৱক। বন ঔষধিৰে ভৰি থকা অসমৰ অৰণ্যবোৰ আৰু ধ্বংস নকৰিব। জীৱনটো সুন্দৰ, সৰল আৰু সুখী কৰিবলৈ বহুত বস্তু আমাক নালাগে। যদি মৃত্যুক জিনিব খোজে প্ৰকৃতিক বচাওক। প্ৰকৃতিয়েহে আমাক বচাব, উদ্যোগে মৃত্যু মাতিব।