Home Blog Page 3242

ছাত্র-ছাত্রীসকলক মানসিক চাপ নিদিব তেওঁলোকৰ মনৰ কথাওঁ শুনক

চন্দন কুমাৰ নাথ

বিশ্ববিদ্যালয় অনুদান আয়োগ (ইউ জি চি) এ স্নাতক আৰু স্নাতকোত্তৰ মহলাৰ চূড়ান্ত বর্ষৰ ছেপ্টেম্বৰ মাহৰ ভিতৰত অনুষ্ঠিত কৰিব বুলি কৰা ঘোষণাই সাধাৰণতে ছাত্র-ছাত্রীসকলৰ মনত এক শৈক্ষিক হেঁচা প্রয়োগ কৰাৰ দৰে হৈছে। কিয়নো বর্তমান গোটেই ভাৰতবৰ্ষৰ লগতে অসমতো ক’ভিডৰ ভয়াৱহ সংক্রমণ আৰম্ভ হোৱাটো পৰিলক্ষিত হৈছে। এনে এক জটিল পৰিস্থিতিত যদি পৰীক্ষা অনুষ্ঠিত হয় তাৰ ফলত আমাৰ ছাত্র-ছাত্রীসকলে এক ভয়াবহ বিপদৰ সম্মুখীন হোৱাটো নিশ্চিত। ইউ জি চি এ ইতিমধ্যে জনোৱা মতে পৰীক্ষা অনুষ্ঠিত কৰিলেই তেওঁলোকে শ্রেণীকোঠাসমুহ  চেনিটাইজ কৰিব আৰু ইয়াৰ লগত জড়িত অন্যান্য কার্য পন্থা অৱলম্বন কৰি চূড়ান্ত বর্ষৰ পৰীক্ষাসমূহ অনুষ্ঠিত কৰিব। কিন্তু যি সময়ত ক’ভিড-১৯ ৰ গণ সংক্রমণ আৰম্ভ হৈছে তেনে এক কঠিন তথা ভয়াৱহ পৰিস্থিতিত আমাৰ ছাত্র-ছাত্রীসকলক কোনো অভিভাৱকে হয়তো ঘৰৰ পৰা বাহিৰলৈ যাব নিদিব। এতিয়া পৰীক্ষার্থীসকলে এক বিভ্রান্তিৰ তথা মানসিক চাপৰ সম্মুখীন হোৱাটো পৰিলক্ষিত হৈছে। উল্লেখযোগ্য যে ইউ জি চি এ স্নাতক আৰু স্নাতকোত্তৰ শ্রেণীৰ চূড়ান্ত বর্ষৰ পৰীক্ষাসমূহ অনলাইন আৰু অফলাইন দুয়োটা মাধ্যমেৰে অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে। কিন্তু এটা কথা বর্তমানো ভাৰতৰ প্রায় বহু সংখ্যক অঞ্চলত ইন্টাৰনেট সেৱা ইমান ভাল নহয় আৰু লগতে যিহেতু অনলাইন পৰীক্ষা কিছুমান ভিতৰুৱা অঞ্চলৰ ছাত্র-ছাত্রীৰ বাবে নতুন মাধ্যম হ’ব ইয়াৰ ফলত নানান সমস্যাৰ সম্মুখীন হ’ব পাৰে। ইতিমধ্যে প্রাপ্ত খৱৰ অনুসৰি দেশৰ ৬৪০ খন বিশ্ববিদ্যলয়ৰ বেছি সংখ্যকেই পৰীক্ষা অনুষ্ঠিত কৰিব বিচাৰে, ইয়াৰ বিপৰীতে ১৭৭ খন বিশ্ববিদ্যলয়ে এই সন্দর্ভত এতিয়াও কোনো ধৰণৰ সিদ্ধান্ত ল’ব পৰা নাই। এই কঠিন পৰিস্থিতিত পৰীক্ষা অনুষ্ঠিত কৰা মানে ছাত্র-ছাত্রীসকলৰ জীৱনক ক’ৰণাৰ বিপদৰ মুখত থেলি দিয়াৰ দৰেই হ’ব। পৰীক্ষা পিছত আকৌ দিব পৰা সুযোগ থাকে কিন্তু এই মূল্যবান জীৱন দুনাই পোৱা নাযায়। ছাত্র-ছাত্রীসকলক পৰীক্ষা অনুষ্ঠিত নকৰাকৈ উত্তীর্ণ  কৰি দিব লাগে আৰু যিসকল ছাত্র-ছাত্রীয়ে নিজৰ (%) শতাংশ কম বা সন্তুষ্টি প্রকাশ নকৰে তেওঁলোকক পিছত দেশৰ পৰিস্থিতি ভাল হ’লে বেটাৰমেন্ট দিব পৰাৰ ব্যবস্থা কৰি দিব লাগে। সেয়েহে ছাত্র-ছাত্রীসকলৰ জীৱনৰ লগত যেন কোনো ধৰণৰ খেলা নকৰে আৰু ছাত্র-ছাত্রীসকলক এই কঠিন পৰিস্থিতিত কোনো ধৰণৰ মানসিক হেঁচা প্রয়োগ নকৰে তাৰ বাবে বিশ্ববিদ্যালয় অনুদান আয়োগে এবাৰ ভাবি চোৱাৰ দৰকাৰ। 

সুখৰ সজ্ঞা বিচাৰি…

জ্যোতি গগৈ

সুখৰ সংজ্ঞা কি নাজানো…. অথবা কিমান পালেনো মানুহ সুখী হয় সেয়াও নাজানো। অনুভৱ কৰো, সুখ-দুখৰ সমষ্টিয়েই জীৱন। কেতিয়াবা যদি পোৱাৰ আনন্দত উল্লাসিত হৈছোঁ  কেতিয়াবা আকৌ হেৰুৱাৰ বেদনাত মৰ্মাহতো হৈছোঁ। জীৱন এনেকুৱাই…. পোৱা-নোপোৱা, ঘাট-প্ৰতিঘাট, হাঁহি-কান্দোনৰ মাজেৰে আগবাঢ়ি গৈ থাকে। এটা সুন্দৰ জীৱন অতিবাহিত  কৰিবৰ বাবে আমাক প্ৰকৃততে কি লাগে…. কিছুমান অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে  অন্ন, বস্ত্ৰ আৰু বাসস্থানেই নহয় জানো। কিন্তু এই সকলোবোৰ থকাৰ পিছতো আমাৰ হেঁপাহ পূৰ নহয়। মুঠৰ ওপৰত আমাক লাগে আৰু লাগে। ডাঙৰ অট্টালিকা লাগে, বিলাসী গাড়ী লাগে আৰু বিলাসী জীৱন লাগে… কাৰণ আমি সুখেৰে জীয়াই থাকিব বিচাৰোঁ… আমাক সুখ লাগে… বহুত সুখ। কিন্তু সুখ জানো বিচাৰিলেই পায়… প্ৰকৃততে সুখৰ সংজ্ঞানো কি? কবিৰ ভাষাৰে যদি ক’ব বিচাৰো-

 সুখ সুখ বুলি            মানুহ বলিয়া

নেদেখে সুখৰ মুখ;

সুখ বিচাৰোঁতে          পায় সংসাৰত

দুখৰ উপৰি দুখ।

সুখৰ সংজ্ঞা প্ৰত্যেকৰে বাবে বেলেগ বেলেগ। কোনোবাজনে যদি  উৰুখা পঁজাতে স্বৰ্গীয় সুখ অনুভৱ কৰিছে কোনোবাজনে শীত তাপ নিয়ন্ত্ৰিত কোঠাত থাকিও সেই সুখ অনুভৱ কৰিব পৰা নাই। আচলতে সুখী হ’বৰ বাবে ঐশ্বৰ্য ধন-সম্পত্তি বা বহুত টকা-পইচা নালাগে। হাজাৰ হাজাৰ টকা ব্যয় কৰিও মানুহে সুখ কিনিব নোৱাৰে।  সুখ থাকে আমাৰ মনৰ মাজত; ইয়াক আমি অনুভৱহে কৰিব পাৰোঁ। সুখ মানেই হ’ল এক মানসিক শান্তি। যি কামৰ মাজেৰে মানসিক শান্তি লাভ কৰা হয় তেনে কামৰ মাজেৰেই সুখবোৰ বৈ আহে স্বত্বঃস্ফুৰ্তভাৱে। সুখ আৰু দুখ কোনোটোৱেই আমাৰ জীৱনত স্থায়ী নহয় তথাপিও ভাৱ হয় দুখৰ দিনবোৰ যেন নাযায় নুপুৱায়। আমাৰ জীৱনত সুখ-দুখবোৰ আচলতে চক্ৰাকাৰে ঘূৰি থাকে, ঠিক ঋতুৰ দৰে। উচ্চাকাংক্ষা প্ৰত্যেক ব্যক্তিৰে থাকিব লাগে; কিন্তু অত্যাধিক উচ্চাকাংক্ষা বা প্ৰয়োজনতকৈ বেছি বিচাৰিলে সুখতকৈ দুখবোৰহে নামি আহে অজানিতে। কথাতে কয় – “আঠুৱা চাই ঠেং মেলা”। গতিকে শক্তি আৰু সাধ্য অনুযায়ী আমি এটা সীমাৰ ভিতৰত থকাই  ভাল বুলি অনুভৱ কৰোঁ। বহু ক্ষেত্ৰত মানুহ পৰিস্থিতিৰ দাস। সকলো পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পৰা শক্তি আমাৰ হাতত নাথাকে। যেনে ধৰক- বাৰিষাৰ বৰষুণজাক,  গ্ৰীষ্মত অত্যাধিক সূৰ্যৰ তাপ, বৰ্তমানৰ কৰোণাৰ কাৰণে হোৱা ভয়ঙ্কৰ পৰিস্থিতি এইবিলাক আমি নিয়ন্ত্ৰণ কৰিব নোৱাৰো। এইবিলাকৰ পৰা আমি কেনেদৰে সুৰক্ষিত থাকিব পাৰিম সেয়াহে চিন্তা কৰিব পাৰোঁ। কিন্তু এনে পৰিস্থিতি কিয়  হৈছে; কিয় হ’ল বুলি দুখ কৰি বহি থাকিবওতো নোৱাৰোঁ। সুখৰ সংজ্ঞা বিচাৰোঁতে এটা কথাই উপলদ্ধি কৰিছোঁ যে ব্যক্তি আৰু পৰিস্থিতি সাপেক্ষে আমি সদায় সুখী হ’বলৈ চেষ্টা কৰিব লাগে। কেতিয়াবা অতিকে আপোন বুলি ভৱা মানুহেও আমাক সাংঘাটিকভাৱে মানসিক আঘাত কৰিছে যাৰ বাবে আমি সেইসময়ত মনত বহুত দুখ পাইছোঁ, সেইবুলি আমি কিয় ক’লে বা কিয় ক’ব এনে ধৰণৰ কথা ভাবি দীৰ্ঘ দিনৰ বাবে দুখী হৈ থাকিম জানো? নিশ্চয় নাথাকো…। কাৰণ আমাৰ ব্যক্তিগত জীৱনৰ সুখৰ ছাৱিটো আনৰ হাতত এৰি দিব নোৱাৰোঁ। মনটো আমাৰ… গতিকে আনৰ মন্তব্যৰ চিকাৰ হৈ মনৰ মাজত দুখো চপাই ল’ব নিবিচাৰোঁ। সুখৰ বিষয়ে বিজ্ঞজনে মন্তব্য আগবঢ়াইছে এনেদৰে- মানুহে বৰ্তমানক লৈয়ে সুখী হ’ব লাগে। আধ্যাত্মিক পৰিবৰ্তন আৰু গভীৰ উপলব্ধিয়ে মানুহক স্থায়ী সুখৰ সন্ধান দিয়ে। তাৰ বাবে লাগে মাত্ৰ মনৰ স্থিৰতা। দুখী হ’বলৈ সহজ কিন্তু সুখী হ’বলৈ বৰ কঠিন। সুখী হ’বলৈ হাজাৰটা কাৰণ লাগে কিন্তু দুখী হ’বলৈ… এটা মাত্ৰ কাৰণেই যথেষ্ট। সাতোৰঙী ৰামধেনুৰ সৃষ্টি হ’বলৈ যিদৰে ৰ’দ আৰু বৰষুণ দুয়োটাই লাগে সেইদৰে জীৱনক সুন্দৰভাৱে অনুভৱ কৰিবলৈ সুখ আৰু দুখ দুয়োটাই লাগে। সুখ আৰু দুখৰ সংমিশ্ৰনেই জীৱন… দুখে বিচাৰি দিয়ে সুখৰ সংজ্ঞা….। সেয়ে হয়তো কবিয়ে কৈছে-  দুখৰ অৰণ্য নাথাকিলে ক’ত জিৰাবহি সুখৰ চৰাই…। শেষত এটা কথাই অনুভৱ কৰোঁ- মনৰ অপ্ৰয়োজনীয় চিন্তাবোৰ আঁতৰাই বৰ্তমান যি  আছে, যি পাইছোঁ তাতে সন্তুষ্ট হ’ব পাৰিলেই আমি সুখী হ’ব পাৰিম। সুখেৰে থাকক…. সুখী হওক আপোনোলোকো….।

অসমত ক্ৰমান্বয়ে জটিল ৰূপ ধাৰণ বানপানীৰ, মৃত্যু হোৱা লোকৰ সংখ্যা ৯৩ গৰাকীলৈ বৃদ্ধি

দৈনন্দিন বাৰ্তা ডিজিটেল ডেস্কঃ ৰাজ্যত ক্ৰমান্বয়ে অধিক জটিল ৰূপ ধাৰণ কৰিছে বান পৰিস্থিতিয়ে। ৰাজ্য চৰকাৰে সদৰি কৰা মতে এতিয়ালৈকে অসমত বানপানীৰ ফলত ৯৩ গৰাকী লোকৰ মৃত্যু হৈছে। আনহাতে অসমৰ ২৬ খন জিলাৰ মুঠ ৫৬,৬৪,৪৯৯ গৰাকী লোক বানপানীত আক্ৰান্ত হৈছে। বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হোৱা লোকসকলৰ বাবে ইতিমধ্যে ৫৮৭ টা আশ্ৰয়ৰয় শিৱিৰ স্থাপন কৰা হৈছে।

সোণতলীত বন্যাৰ্তক সাহায্য বিতৰণ আৰাফা ৰয়েল একাডেমিৰ

সোণতলী : দ্বিতীয়টো বানে ইতিমধ্য ৰাজ্যৰ ভিন্নপ্ৰান্ত বিস্তৰ ক্ষতিসাধন কৰাৰ পিছতে আকৌ ব্ৰহ্মপুত্ৰ জলপৃষ্ঠ ফেনে ফুটুকাৰে বৃদ্ধি হ’ব ধৰিছে৷ কেবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত লুইতৰ বাঢ়নী পানীয়ে তৃতীয় বাৰৰ বাবে জলমগ্ন হৈ পৰিছে সোণতলীৰ বিস্তীৰ্ণ অঞ্চল৷ ওখ শিৱিৰ অথবা মথাউৰিত আশ্ৰয় লৈ থকা হাজাৰ হাজাৰ পৰিয়ালে নিজৰ আপোন ঘৰখনলৈ উভতি পূৰ্ব্বেই তৃতীয়টো শংকিত কৰি পেলাইছে নৈপৰীয়া ৰাইজক৷ উল্লেখ্য যে, জনপ্ৰতিনিধি অথবা চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ সহাৰি নোপোৱা বন্যাৰ্তক সহায় কৰিবলৈ আগবাঢ়ি আহিল সোণতলী অঞ্চলৰ অগ্ৰণী ব্যক্তিগত খণ্ডৰ বিদ্যালয় ‘আৰাফা ৰয়েল একাডেমিৰ শিক্ষক সমাজ৷ উল্লেখনীয় যে, বিদ্যালয়খনৰ স্বত্বাধিকাৰী তথা সোণতলী আঞ্চলিক মহাবিদ্যালয়ৰ প্ৰবক্তা মুল্লুক চান বাবুৰ (এম চি বাবু) নেতৃত্বত বিদ্যালয়খনৰ শিক্ষকসকলে যন্ত্ৰচালিত নাৱৰে পানীখাইতী, বৰদিয়া নয়াপাৰা, জতিয়াদিয়া আদি অঞ্চল পৰিদৰ্শন কৰে৷ প্ৰতিটো শিবিৰত আশ্ৰয় লোৱা বন্যাৰ্তক সহায় কৰিবলৈ বিদ্যালয়ৰ তৰফৰ পৰা চাউল, দালি, আলু, মিঠাতেল, চিৰা, চেনী, বিস্কুট, নিমখ, মমবাতি আদি অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰে৷ ইয়াৰ উপৰিও পানীখাইতীত বানে উঠি অহা অসহায় এটা পৰিয়ালক ত্ৰিপালৰ লগতে খাদ্য সামগ্ৰীৰ যোগান ধৰে৷ ইপিনে বিদ্যালয়খনৰ স্বত্বাধিকাৰী মুল্লুক চান বাবুয়ে (এম চি বাবু) বান সমস্যা সমাধান কৰাৰ উপৰিও খহনীয়াগ্ৰস্থ পৰিয়ালক পুনৰ সংস্থাপন দিয়াৰ বাবে চৰকাৰলৈ আহ্বান জনায়৷ স্মৰ্তব্য যে, বিদ্যালয়খনৰ শিক্ষক সমাজৰ এনে মহানুভৱতাক বানাক্ৰান্তই ভূয়সী প্ৰশংসা কৰা দেখা যায়৷

কাইলৈ সদ্যপ্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ শেষৰখন চলচ্চিত্ৰ DIL BECHARAৰ শুভমুক্তি, কিদৰে চাব পাৰিব আপুনি

দৈনন্দিন বাৰ্তা সাংস্কৃতিক বাৰ্তাঃ কৰোনাৰ মাজতে চলচ্চিত্ৰ প্ৰেমীসকলৰ বাবে এটা ভাল খবৰ। অতি কম সময়ৰ ভিতৰতে জনপ্ৰিয়তা লাভ কৰা সুশান্ত সিং ৰাজপুতৰ অন্তিম খন চিনেমা “দিল বেচাৰা” মুক্তি পাব শুকুৰবাৰে। ২৪ জুলাই অৰ্থাৎ কাইলৈ সন্ধিয়া ৭-৩০ বজাত ডিজিটেল মাধ্যমত মুক্তিত লাভ কৰিব সুশান্ত সিং ৰাজপুতৰ অন্তিমখন ছবি দিল বেচাৰা, ডিজনী প্লাছ হটষ্টাৰত শুভমুক্তি দিয়া হ’ব ছবিখন। যোৱা ৭ জুলাইত মুক্তি লাভ কৰিছিল প্ৰয়াত সুশান্ত সিং ৰাজপুত আৰু নৱাগতা সঞ্জনা সংঘীৰ ছবি দিল বেচাৰাৰ ট্ৰেইলাৰ। মুক্তিৰ প্ৰথমটো দিনতে ইণ্টাৰনেটত সকলো অভিলেখ ভংগ কৰিছে সুশান্ত সিং ৰাজপুতৰ অন্তিম ছবিৰ ট্ৰেইলাৰে। ছবিখনৰ ট্ৰেইলাৰে চেৰ পেলাইছিল এভেঞ্জাৰ্চ এণ্ডগেমোকো। কেৱল ইমানেই নহয় সমগ্ৰ বিশ্বতে এক নম্বৰ জনপ্ৰিয় ভিডিঅ’ হৈ চৰ্চাৰ কেন্দ্রবিন্দু হৈ পৰিছিল ট্ৰেইলাৰটো। ভাৰতৰ লগতে আমেৰিকা, বিটেইন, কানাডা দৰ্শক সকলৰ বাবেও ডিজিটেল মাধ্যমত উপললদ্ধ হব চিনেমাখন। পৰিচালক মুকেশ ছাৱড়াই এই ছবিখনৰ সন্দৰ্ভত কয়, পৰিয়ালৰ সৈতে উপভোগ কৰিব পৰা এখন সুন্দৰ ছবি দিল Dil Bechara। কোনো ধন নোলোৱাকৈ দৰ্শকৰ বাবে ফ্ৰী(মাচুল নোলোৱাকৈ)ত এই ছবিখন আগবঢ়াই দিব Dil Bechara টীমে।

প্ৰদেশ কংগ্ৰেছৰ মুখপাত্র কমল কুমাৰ মেধিক আৰটিআই কোষৰ অধ্যক্ষ ৰূপে নিযুক্তি

দৈনন্দিন বাৰ্তা ডিজিটেল ডেস্কঃ অসম প্ৰদেশ কংগ্ৰেছৰ মুখপত্ৰ কমল কুমাৰ মেধিক প্ৰদেশ কংগ্ৰেছৰ আৰটিআই কোষৰ অধ্যক্ষ ৰূপে নিযুক্তি। এই নিযুক্তি সন্দৰ্ভত দিল্লীৰ পৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰালৈ অল ইণ্ডিয়া কংগ্ৰেছ কমিটী লিগেল হিউমেন ৰাইটছ আৰু আৰটিআই বিভাগৰ সাধাৰণ সম্পাদক বিপুল মাহেশ্বৰীয়ে পত্ৰ প্ৰেৰণ কৰিছে। অল ইণ্ডিয়া কংগ্ৰেছ কমিটীৰ আইন, মানৱ অধিকাৰ আৰু আৰটিআইৰ অধ্যক্ষ বিবেক টাংখাই কমল কুমাৰ মেধিক নিযুক্ত কৰিছে প্ৰদেশ আৰটিআই কোষৰ অধ্যক্ষ পদত।

বিতৰ্কৰ কেন্দ্ৰবিন্দু বলীউড : কাশ্মীৰী বিচ্ছিন্নতাবাদীৰ সৈতে শ্বাহৰুখ খানৰ ফটো

দৈনন্দিন বাৰ্তা ডেস্ক :

 পাকিস্তানৰ গুপ্তচৰ সংস্থা আইএছআইৰ সৈতে বলীউডৰ সম্পৰ্ক আছে বুলি দাবী কৰিছে বিজেপিয়ে৷ ইয়াৰ পাছতে দেশত নতুন বিতৰ্কৰ সৃষ্টি হৈছে৷ বলীউডৰ তাৰকাই ভাৰত বিৰোধী শক্তিৰ লগত ফটোত উঠিছে, যিটো ছচিয়েল মিডিয়াত দেখিবলৈ পোৱা গৈছে৷ শ্বাহৰুখ খান আৰু তেওঁৰ পত্নী গৌৰী খান কেলিফৰ্ণিয়াস্থিত কাশ্মীৰী বিচ্ছিন্নতাবাদী টনী আজহাইৰ লগত ফটো উঠাত বলীউড বিতৰ্কৰ কেন্দ্ৰবিন্দু হৈ পৰিছে৷ এই কাশ্মীৰী বিচ্ছিন্নতাবাদী টনী আজহাইয়ে কাশ্মীৰৰ যুৱকক ভাৰতৰ বিৰুদ্ধে যুঁজ কৰিবলৈ আহ্বান জনাই আহিছে৷ শ্ৰীনগৰ ভিত্তিক জনপ্ৰিয় কৰ্মী, যি আল ইস্কান্দাৰ নাম অনুকৰণ কৰি দ্যস্কেন্দাৰে টুইটাৰত প’ষ্ট কৰি দাবী কৰে যে টনী আজহাই, যি আজিজ আজহাই নামেৰে পৰিচিত, তেওঁ আইএছআইৰ পৃষ্ঠপোষকতাৰ সন্ত্ৰাসবাদী সংগঠন জম্মু আৰু কাশ্মীৰ লিবাৰেচন ফ্ৰণ্ট (জেকেএলএফ)ৰ সদস্য আছিল৷ টনী আজহায়ে কয় যে শ্বাহৰুখ খানৰ ডুবাই ভৱন আৰু লছ এঞ্জেলছৰ এপাৰ্টমেণ্টৰ নক্সা কৰি তেওঁ দিছিল৷ শ্ৰীনগৰৰ কৰ্মীজনৰ মতে বলীউডৰ ছুপাৰষ্টাৰে আজহাইক এজন স্থাপত্যবিদ হিচাপে নিয়োগ কৰিছে৷ তেওঁ দাবী কৰে যে খানৰ পত্নী গৌৰী বিচ্ছিন্নতাবাদী আজহাইৰ বহু প্ৰকল্পত জড়িত৷ আল ইস্কান্দাৰে কয় যে টনী আজহায়ে বলীউডত প্ৰভাৱ খটুৱাবৰ বাবে এটা এটাকৈ পৰিকল্পনা কৰিছে৷ তেওঁ কয় যে শ্বাহৰুখ খান এজন দেশপ্ৰেমীক ব্যক্তি যদিও টনী আজহাইৰ পৰিকল্পনাৰ সম্পৰ্কে সচেতন নহয়৷

এনআইটি, চিএফটিআইএছত নামভৰ্ত্তিত জেইই মেইনত প্ৰাৰ্থীৰ দ্বাদশ শ্ৰেণীত প্ৰয়োজন নাই ৭৫ শতাংশ

দৈনন্দিন বাৰ্তা ডেস্ক :

জেইই মেইন ২০২০ৰ যোগ্যতা অৰ্জনকাৰী প্ৰাৰ্থীয়ে এইবাৰ নেচনেল ইনষ্টিটিউট অব টেকন’লজী (এনআইটি) আৰু কেন্দ্ৰীয় চৰকাৰৰ পুঁজিৰ প্ৰযুক্তি প্ৰতিষ্ঠান (চিএফটিআইএছ)ত নামভৰ্ত্তিৰ বাবে এইবছৰ ৭৫ শতাংশ নম্বৰ পাব নালাগে৷ এই কথা ঘোষণা কৰিছে কেন্দ্ৰই৷ ক’ৰোনা ভাইৰাছ সংকটৰ বাবেই এই পদক্ষেপ লোৱা হৈছে৷ টুইটাৰত কেন্দ্ৰীয় মানৱসম্পদ উন্নয়নমন্ত্ৰী ৰমেশ পোখৰিয়াল নিহংকই ঘোষণা কৰে যে যোগ্য প্ৰাৰ্থীৰ প্ৰাপ্ত নম্বৰ কেৱল দ্বাদশ শ্ৰেণীৰ পৰীক্ষা উত্তীৰ্ণ হ’লেই হ’ব৷ এনআইটি আৰু আন চিএফটিআইএছত নামভৰ্ত্তিৰ বাবে জেইই মেইন পৰীক্ষাৰ যোগ্যতাৰ বাদে, যোগ্যতাৰ ন্যূনতম ৭৫ শতাংশ নম্বৰ অৰ্জনৰ বাবে দ্বাদশ শ্ৰেণীৰ ব’ৰ্ডৰ পৰীক্ষা বা যোগ্য পৰীক্ষাত শীৰ্ষ ২০ শতাংশৰ মাজত ৰেংক পাব লাগিব৷ বৰ্তমান পৰিস্থিতিৰ বাবে কেন্দ্ৰীয় আসন নিৰ্ধাৰণ ব’ৰ্ড (চিএছএবি)ৰ যোগ্যতাৰ মান শিথিল কৰাৰ সিদ্ধান্ত লৈছে বুলি মত প্ৰকাশ কৰে মানৱসম্পদ উন্নয়ন মন্ত্ৰীজনে৷

নলবাৰী আঞ্চলিক কৃষক সভাৰ প্ৰতিবাদী সমদলৰ কাৰ্যসূচী ৰূপায়ণ

নলবাৰী : নিখিল ভাৰত কৃষক সভাৰ অন্তৰ্ভুক্ত নলবাৰী আঞ্চলিক কৃষক সভাই আজি এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। নলবাৰী জিলাৰ যজ্ঞভূমিত কৃষক সভাই সামাজিক দূৰত্ব বজাই ৰাখি এক প্ৰতিবাদী সমদল উলিয়াই। আয়কৰৰ আওতাত নপৰা প্ৰতিটো পৰিয়ালক প্ৰতি মাহে ৬ মাহৰ বাবে ৭৫০০ টকাকৈ প্ৰদানৰ ব্যৱস্থা কৰক, অসমৰ বান গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধান কৰক, স্বাস্থ্য সেৱা বিনামূলীয়া আৰু সাৰ্বজনীন কৰক আদি শ্ল’গান দি চৰকাৰক দাবী জনাই কৃষক সভাৰ কৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰে। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিশিষ্ট বাওপন্থী নেতা ৰবীন মিশ্ৰই ওপৰোক্ত দাবী সমূহৰ ভিত্তিত ঐক্যবদ্ধভাৱে সংগ্ৰাম গঢ়ি তুলিবলৈ ৰাইজক আহ্বান জনায়।

নলবাৰীৰ বাৰগোপাল দেৱালয় সৰিয়হতলীৰ সংযোগী পথৰ শুভ উদ্বোধন বিধায়ক অশোক শৰ্মাৰ

নলবাৰী : অসম দৰ্শন আঁচনিৰ অধীনত আজি নলবাৰী জিলাৰ ৬ নং পশ্চিম বতাহগিলা গাঁও পঞ্চায়তৰ অন্তৰ্গত সৰিয়হতলীৰ বাৰগোপাল দেৱালয়ৰ সংযোগী পথৰ শুভ উদ্বোধন কৰা হয়। প্ৰায় ১ কোটি ৩৯ হাজাৰ ৭৩ হাজাৰ টকাৰে  নিৰ্মাণ হ’বলগীয়া এই সংযোগী পথটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মাই। উদ্বোধনীৰ পিছত বাৰগোপাল দেৱালয়ৰ প্ৰাংগণত এখন সভাও অনুষ্ঠিত কৰা হয় আৰু এই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে মন্দিৰ পৰিচালনা সমিতিৰ প্ৰাক্তন সম্পাদক জিতেন তালুকদাৰে। আজিৰ এই উদ্বোধনী কাৰ্যসূচীত গড়কাপ্তানি বিভাগৰ কাৰ্যবাহী অভিযন্তা মৃদুল দাস, ৬ নং পশ্চিম বতাহগিলা গাঁও পঞ্চায়তৰ সভাপতি বীৰেণ দাস, কাউন্সিলাৰ ৰীতু ডেকা সহ প্ৰমুখ্যে বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকেৰ। সভাত উপস্থিত বিশিষ্ট ব্যক্তি সকলক সম্বৰ্দ্ধনা জনাই দেৱালয় সমিতিয়ে।