Home Blog Page 3244

মণিপুৰৰ জলপ্ৰকল্পৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ

দৈনন্দিন বাৰ্তা ডেস্ক :

 উত্তৰ পূৰ্বাঞ্চল ভাৰতৰ বৃদ্ধি ইঞ্জিনত পৰিণত হোৱাৰ সম্ভাৱনা আছে এইদৰে উল্লেখ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয় যে ইয়াত শান্তি সম্পূৰ্ণ প্ৰতিষ্ঠা হৈছে৷ সম্পূৰ্ণ বিপৰ্যয়ত বিধ্বস্ত উত্তৰ পূৱ ভাৰত৷ এফালে ক’ৰোনা আৰু আনফালে বান৷ এই দুয়োটা পৰিস্থিতিত পৰি দিনে ৰাতিয়ে পৰিশ্ৰম কৰিছে ৰাজ্য চৰকাৰে৷ বৃহস্পতিবাৰে মণিপুৰৰ জলপ্ৰকল্পৰ আধাৰশিলা স্থাপনৰ সময়ত উত্তৰ পূৱৰ ৰাজ্যবোৰৰ চৰকাৰক প্ৰশংসা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে৷ ইয়াৰ লগতে এই প্ৰকল্পটো উত্তৰ পূৱৰ মহিলাসকলৰ ৰাখিবন্ধনৰ উপহাৰ বুলি মোডীয়ে উল্লেখ কৰে৷ তদুপৰি এই ৰাজ্যবোৰৰ পৰিকাঠামো উন্নয়নত প্ৰধানমন্ত্ৰীয়ে জোৰ দিয়ে৷ প্ৰধানমন্ত্ৰীয়ে কয়, পৰ্যটকৰ ওচৰত এই ৰাজ্যবোৰৰ আকৰ্ষণ আছে ৷ সেয়ে ইয়াৰ পৰিকাঠামো  উন্নত কৰাৰ প্ৰয়োজন৷ ইয়াৰ লগতে ৰাষ্ট্ৰীয় পথ, ৰে’ল ট্ৰেক বা বিমানবন্দৰ উন্নয়নৰ কথাও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে ৷ 

মাজুলীত ২৩ বছৰে তিলতিলকৈ মৰ্মান্তিক যন্ত্ৰণাত শয্যাগত বৰবামৰ দুলাল নাথ ; ১৯৯৭ চনৰ পৰাই মেৰুদণ্ড ভাগি পৰি থকা দুলালৰ কৰুণ কাহিনীয়ে ম্ৰিয়মাণ কৰিছে সকলোকে; বৃদ্ধ মাতৃ আৰু কনিষ্ঠ ভগ্নীৰ শুশ্ৰূষাত জীয়াই আছে দুৰ্ভগীয়া দুলাল ; চৰকাৰী সাহায্যৰ আহ্বান

উজনি-মাজুলী : মাজুলী জিলাৰ এজন দুৰ্ভগীয়া যুৱকৰ কৰুণ কাহিনীয়ে সকলোকে শোকত ম্ৰিয়মাণ কৰি তুলিছে। জীৱনৰ সকলো হেৰুৱাই যোৱা ২৩ বছৰে নিজৰ বিছনাখনতে শৰ্যাশায়ী হৈ কেৱল চকুলো টুকি টুকি কটাইছে দুলাল নাথে । ভৰ যৌৱনত নিয়তিৰ পৰিহাসত ৰাজহাড় ভগা দুলালৰ মৰ্মান্তিক যন্ত্ৰণা নেদেখিলে বিশ্বাস কৰিবলৈকে অসুবিধা হ’ব।মাজুলী জিলাৰ ৰঙাচাহী গাঁও পঞ্চায়তৰ বৰবাম গাওঁত বিছনাত পৰি থকা দুলাল নাথ ঘৰখনৰ একমাত্ৰ পুত্ৰ। বৰবামৰ প্ৰয়াত দয়াৰাম নাথ আৰু পখিলী নাথৰ একমাত্ৰ পুত্ৰ দুলাল এসময়ত গাঁও তথা অঞ্চলটোৰ এজন প্ৰতিভাৱান যুৱক আছিল।দয়াৰাম নাথ আৰু পখিলী নাথৰ ছয় গৰাকী কন্যা সন্তানৰ মাজতে একমাত্ৰ পুত্ৰ  দুলাল আছিল ঘৰখনৰ আলাসৰ লাৰু।মৰম-চেনেহ আৰু আবেগৰ মাজত ডাঙৰ  হোৱা দুলালে  স্নাতক ডিগ্ৰী লোৱাৰ পাছতে নিয়তিৰ কোপদৃষ্টি পৰিল দুলালৰ ওপৰত। সুখৰ মাজত থকা দুলালক নিয়তিয়ে যেন বাছি বাছি শাস্তি দিলে। ভৰ যৌৱনৰ প্ৰায় ২৫ বছৰ সম্পূৰ্ণ হৈছিল দুলালৰ। ১৯৯৭ চনৰ নৱেম্বৰ মাহ; সেই আপদীয়া দিন এটাত দুলালে ঘৰৰ চোতালৰ কৃষ্ণ চূড়া গছৰ ডাল কাটিবলৈ গছত উঠিছিল; কিন্তু সেইসময়ত  নিষ্ঠুৰ নিয়তি ৰৈ আছিল ।কৃষ্ণচূড়া গছজোপাৰ সামান্য উচ্চতাৰ পৰা হঠাৎ পিচলি পৰিছিল দুলাল নাথ। ফলত দেহৰ মূল মেৰুদণ্ড বিকল হৈ পৰে আৰু ককালৰ তলৰ অংশ সম্পূৰ্ণ বিকল হৈ যায়। পিতৃ, মাতৃ, পৰিয়াল, আত্মীয়স্বজন সকলো মিলি দুলালক দেশৰ কেইবাখনো আগশাৰীৰ চিকিৎসালয়ত বহু বছৰ চিকিৎসা কৰালে কিন্তু কোনো ফলপ্ৰসূ সমাধান নাপালে। দুলালৰ পিতৃ এগৰাকী প্ৰগতিশীল কৃষক আছিল আৰু ৫ গৰাকী কন্যাক স্নাতক ডিগ্ৰী, এগৰাকীক স্নাতকোত্তৰ আৰু দুলালক স্নাতক ডিগ্ৰীৰে সু-শিক্ষিত কৰি আদৰ্শ পৰিয়াল হিচাপে গঢি  তুলিছিল। এক আশাভৰা আৰু আনন্দময় পৰিৱেশৰ পৰিয়ালটোৰ একমাত্ৰ ভৱিষ্যতৰ ভৰসা দুলালে স্নাতক ডিগ্ৰী লোৱাৰ পাছত ঘৰৰ পৰা ১২ কিলোমিটাৰ দূৰত্বৰ তেতিয়াৰ বেচৰকাৰী পুৰণিবাৰী হাইস্কুল( বৰ্তমান  চৰকাৰী)ত শিক্ষকতা কৰিছিল।শৰ্যাশায়ী হোৱাৰ আগতেই চাৰি বাই- ভনীৰ বিয়া হৈ গৈছিল আৰু তেওঁ নিজেই বিবাহৰ পৰিকল্পনা কৰাৰ সময়তেই  জীৱনলৈ নামি আহিল ঘোৰ অমানিশা। ২০০২ চনত দুলালৰ পিতৃৰ বিয়োগ ঘটাত  পৰিয়ালটোৰ হাঁহাকাৰ অৱস্থাৰ সৃষ্টি হয়। আনহাতে, বৰ্তমান বৃদ্ধা মাতৃ আৰু সৰ্বকনিষ্ঠ ভগ্নীয়ে দুলালক বিচনাতে পৰিচৰ্যা কৰি জীয়াই ৰাখিছে। যোৱা ২৩ বছৰে মাতৃ-ভগ্নীৰ শুশ্ৰূষাত কেৱল জীয়াই থকা দুলাল নাথৰ দেহৰ উৰ্ধ অংশৰ সুন্দৰ চেহেৰা নিম্ন অংশৰ নিথৰ অৱস্থা দেখিলে সকলো হৃদয়বান ব্যক্তিয়েই শোকত ভাগি পৰে।দেহাটোক ইফাল সিফাল কৰিব নোৱাৰা ,বিচনাতে মল ত্যাগ ,গা- ধোৱা,খাদ্য-গ্ৰহণ কৰা ইত্যাদি নিত্যনৈমিত্তিক কাৰ্যৰ বাবে ভগ্নী আৰু মাতৃয়ে নিজেই ব্যৱস্থা গ্ৰহণ কৰি দুলালক শুশ্ৰূষা কৰি আছে। বৃদ্ধা মাতৃয়ে নিজৰ ৰুগ্ন সন্তানটোক সুস্থ হোৱাৰ আশাতে অদৃষ্টক প্ৰাৰ্থনা কৰি আছে। বৰ্তমান শৰ্যাশায়ী দুলাল যিকোনো ৰোগত প্ৰায়েই ভুগি থাকে ।কিন্তু একমাত্ৰ পুত্ৰৰ চিকিৎসাৰ বাবে অৰ্থ সংকটত পৰা পৰিয়ালটোক চৰকাৰী সাহায্যৰ তীব্ৰ প্ৰয়োজন হৈ পৰিছে। চৰকাৰী পক্ষই দুলালক সহায় কৰাৰ লগতে কোনো হৃদয়বান লোকেও দুৰ্ভগীয়া ব্যক্তিজনক  সহায় কৰিবলৈ মাতৃয়ে অনুৰোধ জনাইছে। দুলাল নাথক সহায় কৰিব খোজা   ব্যক্তিসকলক  ৬০০৩৬৪০০৪২নম্বৰত যোগাযোগ কৰিবলৈ  অনুৰোধ জনাইছে।

টিংখাঙত বিবাহিতা মহিলাৰ ৰহস্যজনক সন্ধানহীন।

টিংখাং:  ডিব্ৰুগড় জিলাৰ টিংখাং আৰক্ষী থানাৰ অন্তৰ্গত বাইলুংভেটী গাঁৱৰ মিতালী গগৈ নামৰ এগৰাকী বিবাহিতা মহিলা ১৭ জুলাইৰ পৰা ৰহস্যজনকভাৱে সন্ধানহীন হৈ আছে। জানিব পৰা মতে নিজা বাসগৃহৰ পৰা নিশা সন্ধানহীন হোৱা মহিলা গৰাকীৰ স্বামীৰ লগতে চাৰি পুত্ৰ কন্যা সন্তান আছে।ইতিমধ্যে মহিলাগৰাকীৰ স্বামী কনক গগৈয়ে টিংখাং আৰক্ষী থানাত অৱগত কৰাৰ লগতে স্থানীয় দল সংগঠনক পত্নীৰ সন্ধান পালে অৱগত কৰিবলৈ আবেদন কৰিছে।টিংখাঙত পুনৰ এগৰাকী বিবাহিতা মহিলাৰ ৰহস্যজনকভাৱে সন্ধানহীন হোৱাৰ ঘটনাই বৃহত্তৰ অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। উল্লেখ্য যে জিলাখনৰ ভিতৰুৱা অঞ্চলটোত ইয়াৰ পূৰ্বে একাধিক যুৱতী মহিলাৰ ৰহস্যজনকভাৱে সন্ধানহীন হৈ আহিছে।  

উত্তৰ কমলাবাৰী শাখা সাহিত্য সভাৰ উদ্যোগ ৱেবিনাৰৰ মাধ্যমেৰে ড০ লীলা গগৈক স্মৰণ

উজনি-মাজুলী : অসম সাহিত্য সভাৰ ১৯৯৪ চনৰ মৰিগাঁও অধিৱেশনত সভাপতিত্ব কৰা বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ, গ্ৰন্থকাৰ, সু-সংগঠক ড০ লীলা গগৈৰ মৃত্যু দিৱসটি অনন্য ৰূপত পালন কৰে মাজুলীৰ উত্তৰ কমলাবাৰী শাখা সাহিত্য সভাই | ‘বেলি মাৰ গ’ল’ শীৰ্ষক জনপ্ৰিয় গ্ৰন্থৰ স্ৰষ্টাগৰাকীৰ সোঁৱৰণত শাখাৰ বিষয়ববীয়াসকলৰ নিয়ন্ত্ৰণত আয়োজিত হোৱা এখনি গাম্ভীৰ্যপূৰ্ণ ‘ৱেবিনাৰ সাহিত্য সন্মিলন’ত অংশগ্ৰহণ কৰি অসম সাহিত্য সভাৰ ৰামধেনু সমিতিৰ কাৰ্যকৰী সভাপতি তথা ডিব্ৰু মহাবিদ্যালয়ৰ অধ্যাপক বীৰেন বৰুৱাই মুখ্য বক্তাৰ ভাষণত গগৈৰ ছাত্র হিচাপে শিক্ষাগ্ৰহণ কৰাৰ লগতে তেখেতৰ গুণানুকীৰ্তন কৰি আবেগ-বিহ্বল হৈ পৰে | অনাতাঁৰ শিল্পী গোলাপ চন্দ্ৰ নাথৰ সংগীতেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটিত মাজুলী জিলা সাহিত্য সভাৰ নৱনিৰ্বাচিত সম্পাদক মনোজ্যোতি ৰেগনে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক গৰাকীৰ বিস্তৃত সাহিত্য-কৰ্মৰ আলোকপাত কৰি শ্ৰদ্ধাঞ্জলি আগবঢ়ায় | উত্তৰ কমলাবাৰী শাখা সাহিত্য সভাৰ সম্পাদক শংকুসিদ্ধ নাথে আঁত ধৰি উদ্দেশ্য ব্যাখ্যা কৰা ৱেবিনাৰখনত উত্তৰ কমলাবাৰী শাখা সাহিত্য সভাৰ সভাপতি কনক চন্দ্ৰ বৰুৱা, উপ-সভাপতি প্ৰণৱজিৎ মিশ্ৰ, সত্রীয়া শিল্পী মুহিকান্ত বৰা বৰবায়ন, নিয়মীয়া বাৰ্তাৰ সাংবাদিক প্ৰাঞ্জল খাউণ্ড, সাহিত্য-সংগঠক পাপু বৰা, ডা: বিমান সাগৰ নাথ, নৃপেন বৰা প্ৰমুখ্যে বহুকেইজন সাহিত্যকৰ্মীৰ শব্দ-মালিতাৰে জীপাল হৈ পৰে | সাম্প্ৰতিক সময়ত কৰোণাই ছানি ধৰা সমাজখনত সামূহিক উপস্থিতি বৰ্জনেৰে লোৱা এই সময়োপযোগী ব্যতিক্ৰমী প্ৰয়াসৰ শলাগ লয় অংশগ্ৰহণকাৰীসকলে |

মাজুলীত সংস্কৃতিৰ বিকাশ মঞ্চ গঠন

উজনি-মাজুলী : অসমৰ সাংস্কৃতিক ৰাজধানী, মহাপুৰুষ গুৰুদুজনাৰ মহা মিলন ক্ষেত্ৰ, সত্ৰীয়া সংস্কৃতিকৰ পীঠভূমি আৰু নানা জাতি-জনগোষ্ঠীৰ  মিলনভূমি মাজুলীত বুধবাৰে কেইবাখনো সত্ৰৰ সত্ৰাধিকাৰ প্ৰমুখ্যে বিশিষ্ট সাংস্কৃতিক কৰ্মীসকলৰ উপস্থিতিত ‘সাংস্কৃতিক বিকাশ মঞ্চ’ নামৰ এটি অনুষ্ঠান গঠন কৰা হয়। এই মঞ্চখনৰ মূল লক্ষ্য হৈছে মাজুলীৰ লগতে সমগ্ৰ অসমতে অসমীয়া সংস্কৃতিৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ হকে কাম কৰা। সাংস্কৃতিক-সৃষ্টিশীলতাৰ ক্ষেত্ৰত নতুনচাম শিকাৰুক উৎসাহ প্ৰদান কৰা আৰু আগবঢ়াই নিয়াৰ ব্যৱস্থা গ্ৰহণো ইয়াৰ অন্যতম উদ্দেশ্য। গুৰুদুজনাৰ সৃষ্ট গায়ন-বায়নৰ লগতে গীত-মাত, নৃত্যসমূহ আজিৰ প্ৰজন্মক দেখুৱাই দিয়া, সত্ৰীয়া সংস্কৃতিৰ বিশাল-বৰ্ণাঢ্য সাংস্কৃতিক সুষমা বিলাই দিয়াও ইয়াৰ অন্যতম প্ৰধান উদ্দেশ্য। মাজুলী কমলাবাৰীৰ শ্ৰী শ্ৰী আধাৰ সত্ৰৰ নামঘৰত অনুষ্ঠিত হোৱা এই সভাখনিত  সত্ৰৰ খনৰ সত্ৰাধিকাৰ মহেশ গোস্বামীয়ে সভাপতিত্ব কৰে। কৰ’ণা মহামাৰীৰ সংক্ৰমণ প্ৰতি লক্ষ্য ৰাখি নিৰ্দিষ্ট সামাজিক ব্যৱধান ৰক্ষা কৰি আয়োজন কৰা এই সভাখনত শ্ৰীশ্ৰী দক্ষিণপাট গৃহাশ্ৰমী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামী, শ্ৰীশ্ৰী চামগুৰি সত্ৰৰ ডেকা সত্ৰীয়া, অসম সত্ৰ মহাসভা মাজুলী জিলাৰ প্ৰাক্তন সম্পাদক সৰ্বানন্দ গোস্বামী, শ্ৰীমন্ত শংকৰদেৱ সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ, বিশিষ্ট সাংস্কৃতিক কৰ্মী প্ৰফুল্ল বৰুৱা, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন মূলৰ সদস্য, সাংস্কৃতিক কৰ্মী  বিশ্বনাথ মেধি, শ্ৰীশ্ৰী এলেঙ্গী টকৌবাৰী সত্ৰৰ ডেকা সত্ৰীয়া, শিক্ষক পদুম মহন্ত, কবি-সাহিত্যিক, মাজুলী জিলা কবি সন্মিলনৰ প্ৰতিষ্ঠাপক সম্পাদক জয়ন্ত হাজৰিকা, শ্ৰীশ্ৰী অনন্ত কালশীলা সত্ৰৰ সত্ৰীয়া, সাংস্কৃতিক কৰ্মী যাদৱ কৃষ্ণ মহন্ত, মাজুলীৰ  বিশিষ্ট শিল্পী মালভোগ শইকীয়া, বিশিষ্ট সাংস্কৃতিক কৰ্মী নৃপেন কলিতা, সাংস্কৃতিক কৰ্মী লোকনাথ ওজা, শ্ৰীশ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ বৈষ্ণৱ সৰ্বানন্দ দুৱৰীয়া, শ্ৰীশ্ৰী আধাৰ সত্ৰৰ সত্ৰীয়া কুমুদ গোস্বামী প্ৰমুখ্যে বিশিষ্ট সংস্কৃতিবান লোক সকল উপস্থিতি থাকে। সভাখনৰ সৰ্বসন্মত সিদ্ধান্ত মৰ্মে ‘সাংস্কৃতিক বিকাশ মঞ্চ’ অনুষ্ঠানটিৰ বিষয়-বাচনি কৰা হয়। সেইমৰ্মে,  মহেশ গোস্বামীক উপদেষ্টা হিচাপে লৈ  জনাৰ্দন দেৱ গোস্বামী সভাপতি, উপ সভাপতি হিচাপে ক্ৰমে- প্ৰফুল্ল বৰুৱা, সৰ্বানন্দ গোস্বামী আৰু পদুম মহন্ত, সম্পাদক হিচাপে জয়ন্ত হাজৰিকা, সহকাৰী সম্পাদক হিচাপে-নৃপেন কলিতা, বিশ্বনাথ মেধি, সৰ্বানন্দ দুৱৰীয়া আৰু কাৰ্য্যকৰী সদস্য হিচাপে মালভোগ শইকীয়া, কুমুদ গোস্বামী, লোকনাথ ওজা আৰু ভাস্কৰ শইকীয়াক মনোনীত কৰা হয়। অৱশ্য, এই সমিতিৰ কাৰ্যনিৰ্বাহক সভাত সমিতিখন বৰ্ধিত কৰাৰ সুবিধা ৰাখিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। সভাখনৰ সভাপতি গোস্বামীয়ে আঁশা প্ৰকাশ কৰি কয় যে মাজুলীৰ লগতে সমগ্ৰ অসমতে এই মঞ্চখনৰ জড়িয়তে এক সামাজিক-সাংস্কৃতিক সমন্বয় সাধনৰ বাবে সমিতিখনে দৃষ্টি নিক্ষেপ কৰিব।  সভাত জনাৰ্দন দেৱ গোস্বামীয়ে কয় যে সংস্কৃতিৰ সমন্বয়ৰ বাবে জ্যেষ্ঠসকলৰ উদাৰ সহযোগিতা একান্তই বাঞ্ছনীয়। নৱ নিৰ্বাচিত সম্পাদক জয়ন্ত হাজৰিকাই কয় যে সাংস্কৃতিক মনৰ জ্যেষ্ঠসকল পৰামৰ্শ, নমস্য গুৰুসকলৰ আশীৰ্বাদ আৰু প্ৰেৰণাৰ লগতে সমূহ দল-সংগঠন, বিভিন্ন জাতি-জনগোষ্ঠীৰ অনুষ্ঠান-প্ৰতিষ্ঠান আৰু অৰুণোদয় যুৱ শক্তিৰ সমন্বিত প্ৰচেষ্টাত অসমীয়াৰ অভিজাত সাংস্কৃতিক পৰিচয় প্ৰোজ্বল কৰিব পৰা যাব। নতুন সমিতিখনৰ সমূহ বিষয়-ববীয়াই মাজুলীবাসীৰ লগতে অসমবাসীৰ পূৰ্ণ সহযোগিতা, পৰামৰ্শ আৰু আশীৰ্বাদ বিচাৰি সকলোকে ইয়াত অংশগ্ৰহণ কামনা কৰিছে।  শ্ৰীশ্ৰী আধাৰ সত্ৰৰ নামঘৰত সকলোৱে পবিত্ৰতাৰে এটি সেৱা আগবঢ়াই সভাখনিৰ সফল সামৰণি ঘটোৱা হয়।

তিনি মাহৰ সকলো মাচুল ৰেহাই, প্ৰশংসনীয় পদক্ষেপেৰে চৰ্চাত আগশাৰীৰ শিক্ষা প্রতিষ্ঠান হেপি চাইল্ড হাইস্কুল

দৈনন্দিন বাৰ্তা ডিজিটেল ডেস্কঃ আধুনিক শিক্ষাৰ পৰিৱৰ্তিত ধ্যান-ধাৰণাৰ ভিতৰত বিদ্যালয়ৰ ধাৰণা অন্যতম। মহামাৰীৰ সময়ত লোৱা ভূমিকাৰ বাবে বৰ্তমান চৰ্চালৈ আহিছে এখন আগশাৰীৰ বিদ্যালয়। হেপি চাইল্ড হাইস্কুলে অতি মহামাৰী ৰূপে চিহ্নিত হোৱা কৰোনাৰ সময়ত জুন, জুলাই আৰু আগষ্ট মাহৰ মাহিলী শিক্ষা মাচুলৰ লগতে কম্পিউটাৰ শিক্ষা মাচুল, পৰীক্ষা মাচুল আৰু বাছ ভাড়া মাচুল ৰেহাই দিয়া বুলি এক কাৰ্যালয় নিৰ্দেশত উল্লেখ কৰিছে। আনহাতে যিসকলে এই মাচুল আদায় দিছে তেওঁ লোকক পিছৰ মাচুলৰ সময়ত মিলাই ৰেহাইৰ ব্যবস্থা কৰা বুলিও নিৰ্দেশনাত উল্লেখ আছে। বৰ্তমান সমাজৰ এক অবিচ্ছেদ্য অংগ আৰু সামাজিক বিকাশৰ এক শক্তিশালী আহিলা স্বৰূপে বিদ্যালয়ৰ এনে সিন্ধান্তক শিক্ষক, অভিভাবক আৰু সমাজৰ প্ৰতিজন সচেতন নাগৰিকৰে অতি প্ৰয়োজনীয় বুলি উল্লেখ কৰি বিদ্যালয়খনৰ প্ৰশংসা কৰে।

ঢকুৱাখনাত চাৰিকড়ীয়াৰ ভয়ংকৰ খহনীয়া। খহনীয়াত জাহ গ’ল ঢকুৱাখনা মহাবিদ্যালয়ৰ দুই কৰ্মচাৰীৰ আবাসগৃহ। মহাবিদ্যালয়ৰ অস্তিত্বৰ প্ৰতিও ভাবুকি

ঢকুৱাখনা : ঢকুৱাখনা মহকুমাৰ মাজেৰে বৈ যোৱা শান্ত সমাহিত চাৰিকড়ীয়া নদীয়ে আজি হঠাৎ ভয়ংকৰ ৰূপ ধাৰণ কৰে।আজি বিয়লি প্ৰায় ২-৩০ বজাত ঢকুৱাখনা মহকুমাৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ স্বৰূপ ঢকুৱাখনা মহাবিদ্যালয়ৰ দক্ষিণ দিশত নদীখনে ভয়ানক খহনীয়াৰ সৃষ্টি কৰে। এই খহনীয়াত চকুৰ পচাৰতে শিক্ষানুষ্ঠানখনৰ দুজনকৈ কৰ্মচাৰীৰ দুটা আৱাস গৃহ জাহ যায়।ইয়াৰোপৰি মহাবিদ্যালয়খনৰ প্ৰায় ১ বিঘা মান  মাটি আৰু কেইবাজোপাও মূল্যবান গছ খহনীয়াৰ কবলত পৰে ।উক্ত খহনীয়া আধা ঘণ্টামান সময়ৰ  ভিতৰতে সংঘটিত হয়।ঘটনাটো দিনৰ ভাগত  ঘটাৰ বাবে আৱাস দুটাত বাস কৰা পৰিয়াল দুটাৰ ১০জনৰো অধিক সদস্যৰ প্ৰাণ দৈৱক্ৰমে ৰক্ষা পৰে যদিও দুয়োটা পৰিয়ালৰ ঘৰৰ আচবাব ,বাচন-বৰ্তন আৰু ল’ৰা-ছোৱালীৰ কিতাপ পত্ৰকে আদি কৰি বহু মূল‍্যবান সামগ্ৰী নদীৰ বুকুত জাহ যায়।ঘটনাৰ খবৰ পাইয়েই আজি সমষ্টিত উপস্থিত থকা স্থানীয় বিধায়ক তথা মন্ত্ৰী নৱ কুমাৰ দলেয়ে জল সম্পদ বিভাগৰ অধীক্ষক অভিযন্তা ,কাৰ্যবাহীঅভিযন্তা ,সহকাৰী কাৰ্যবাহী অভিযন্তা আৰু মহকুমাধিপতিক লগত লৈ খহনীয়া পৰিদৰ্শন কৰি শীঘ্ৰে খহনীয়া নিবাৰণৰ বাবে তাৎক্ষণিক কাৰ্যকৰী ব‍্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে জলসম্পদ বিভাগক।শীঘ্ৰে খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা নকৰিলে মহাবিদ্যালয়খনৰ মূল ভৱনৰ লগতে ছাত্ৰী নিৱাসো খহনীয়াৰ কবলত পৰিব।ইফালে মন্ত্ৰী দলেই দূৰ্গত পৰিয়াল দুটাৰ সাময়িক সংস্থাপনৰ বাবে নগদ দহ হাজাৰকৈ টকা আৰু চাৰি বান্দোলকৈ টিনপাত প্ৰদান কৰে।উল্লেখ্য যে বিগত দুবছৰ ধৰি চাৰিকড়িয়া নদীৰ খহনীয়াই ঢকুৱাখনা কলেজৰ পিছফালে তাণ্ডৱ চলাই আহিছিল যদিও ঢকুৱাখনা জলসম্পদ বিভাগে উপযুক্তভাৱে খহনীয়া প্ৰতিৰোধৰ আঁচনি গ্ৰহণ নকৰিলে।যোৱা বছৰ জলসম্পদ বিভাগৰ ঠিকাদাৰ, অভিযন্তাই পাকুপাইন স্থাপনৰ কেইবালাখ টকীয়া এখন আঁচনি ৰূপায়ণ কৰিছিল যদিও কামত নাহিল।জলসম্পদ বিভাগক এইবছৰো খহনীয়া অব্যাহত থকাৰ বিষয়টো কলেজৰ অধ্যক্ষই বাৰে অৱগত কৰাৰ পিছতো বিভাগটোৱে বাঁহৰ সামান্য স্পাৰ দিয়ে খহনীয়া ৰোধৰ ব্যথা চেষ্টা চলোৱাত আজি চাৰিকড়িয়াই কালৰূপ ধৰি খহাই নিলে ঘৰ-দুৱাৰ,প্ৰকাণ্ড প্ৰকাণ্ড গছ।

কলিয়াবৰৰ উলুৱনী আৰক্ষীৰ জালত গৰুৰ অবৈধ সৰবৰাহকাৰী। ৭৮ টা গৰু সহ ১৩ খন বাহন জব্দ। সৰবৰাহৰ লগত জড়িতৰ সন্দেহত ৩০ জন লোক আটক‌

কলিয়াবৰ : ৰাজ‍্যত এতিয়া সক্ৰিয় অবৈধ গৰুৰ বেহা। কলিয়াবৰৰ উলুৱনী আৰক্ষীৰ জালত গৰুৰ অবৈধ সৰবৰাহকাৰী। আটক কৰা হৈছে ৩০ জন লোক। অসমৰ বিভিন্ন স্থানৰ পৰা অবৈধভাবে সৰবৰাহ কৰা ১৩ খন বাহন জব্দ। বুধবাৰে পুৱা উলুৱনী আৰক্ষী চকীৰ এক তালাচীত ৭৮ গৰু সহ ১৩ খন বাহন জব্দ কৰে। ইয়াৰে ৬৯ টা মতা, ৭ জনী মাইকী আৰু ২টা পোৱালি। ইতিমধ‍্যে, ভাৰতীয় দণ্ডবিধি আইনৰ কেইবাটাও ধাৰা সন্বিবিষ্ট কৰি উলুৱনী আৰক্ষী চকীত ৫০/২০২০ নম্বৰত এটা গোচৰ ৰুজু কৰা হৈছে। গোচৰ ৰুজু হোৱা ধাৰাকেইটা হ’ল – ৫৫/২০২০, ১২০/বি/৩৭৯/৪১১/২৮৯/১৮৬, ভাৰতীয় দণ্ডবিধি আৰ/ডব্লিউ ১১ (১)(এ), (ডি), (চি), যান-বাহন প্ৰতিৰোধী আইনৰ ধাৰা ১৯২। উলুৱনী আৰক্ষী চকীত মহিন্দ্ৰ জীতো – এ. এচ. ০২চি চি ৩৭২২, মহিন্দ্ৰ বলেৰ’ পিক-আপ – এ. এচ. ০২ চি চি ৪৯২৫, এ. এচ. ১২ বি চি ৫৫৪০, এ. এচ. ১২ এ. চি. ৯২৪৮, এ. এচ. ১২ এ. চি. ৩৯৫৭, এ. এচ. ১২ এ. চি. ৯২৪৮, টাটা এ. চ. ১২ বি. চি. ৫৪২৪, টাটা যোদ্ধা – এ. চ. ১২ বি. চি. ৬৭৭৯ নম্বৰৰ সাতখন গৰু ভৰ্তি বাহন সহ ব‍্যৱসায়ত জড়িতৰ সন্দেহত ৩০ জন লোক আকশটক হৈ আছে। আন ছখন বাহন আমবাগান আৰক্ষী চকীত আছে বুলি জানিব পৰা গৈছে। ৰাজ‍্যত অবৈধ আৰু চোৰাং গৰুৰ বেহাই বাতৰি শিৰোনাম দখল কৰাৰ সময়তে অবৈধভাবে বৃহৎ সংখ‍্যক গৰু জব্দই চাঞ্চল‍্যৰ সৃষ্টি কৰিছে। নিশা হ’লেই ট্ৰাকে ট্ৰাকে সৰবৰাহ হয় শ শ গৰু। উজনিৰ পৰা নামনি দৈনিক অবৈধভাৱে সৰবৰাহ হৈছে শ-শ গৰু। ৰাজ্যত অব্যাহত গৰুৰ অবৈধ সৰবৰাহৰ অভিযোগ সোমবাৰে পুৱতি নিশা কলিয়াবৰত জব্দ হোৱা ১৩ খনকৈ গৰু ভৰ্তি বাহনে প্ৰমাণ কৰিলে সেই কথা।

ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটৰ ভাতৃৰ ঘৰত অভিযান ইডিৰ

দৈনন্দিনবাৰ্তাডেস্ক:

ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটৰ ভাতৃৰ ঘৰত অভিযান চলালে এনফৰ্চমেণ্ট ডিৰেক্টৰে ৷ সাৰ কেলেংকাৰীত নাম সাঙোৰ খোৱাৰ বাবে জেৰাৰ সন্মুখীন হ’ব অগ্ৰসেন গেহলট৷ তেওঁৰ বিৰুদ্ধে ধন আত্মসাতৰ অভিযোগ উত্থাপন হৈছে৷ ইডি (এনফৰ্চমেণ্ট ডিৰেক্টৰ)ৰ সূত্ৰত জানিব পৰা মতে ইতিমধ্যে সাৰ কেলেংকাৰীৰ বাবে অগ্ৰসেন গেহলটক সাত কোটি টকা গ্ৰাহকক দিবলৈ নিৰ্দেশ দিয়া হৈছে ৷ উল্লেখ্য যে ৰাজস্থানৰ প্ৰায় ১৩ ঠাইত ইডিয়ে অভিযান চলাইছে ৷ তদুপৰি দুটা বাংলোৰ লগতে গুজৰাটৰ চাৰি আৰু দিল্লীৰ এঠাইত তালাচী চলোৱা হৈছে৷ ২০০৭-২০০৯ চনত কেন্দ্ৰত কংগ্ৰেছ নেতৃত্বাধীন ইউপিএ চৰকাৰ থকা সময়ত ৰাজসাহায্যৰ ৰাসায়নিক সাৰ বিদেশলৈ ৰপ্তানি কৰে অগ্ৰসেনৰ প্ৰতিষ্ঠানে ৷ গ্ৰাহৰক অভিযোগৰ ভিত্তিত ইডিয়ে তদন্ত আৰম্ভ কৰে ৷ অগ্ৰসেনৰ বিৰুদ্ধে ধন আত্মসাত প্ৰতিৰোধ আইনত গোচৰ ৰুজু কৰিছে ইডিয়ে ৷ ২০১৭ চনৰ নৱেম্বৰ মাহত অগ্ৰসেন গেহলটৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ আনিছিল বিজেপিয়ে৷ অভিযোগত প্ৰকাশ যে কেন্দ্ৰত কংগ্ৰেছ চৰকাৰ থকা সময়ত ৰাজসাহায্য প্ৰাপ্ত ৰাসায়নিক সাৰ বিদেশলৈ ৰপ্তানি কৰিছে অগ্ৰসেনৰ প্ৰতিষ্ঠানে ৷ এই সাৰ বিদেশলৈ ৰপ্তানি কৰা আইন বিৰুদ্ধ ৷

ওৰাং আৰু মাজবাটত বৃহৎ পৰিমাণৰ গাঞ্জাসহ ৩ গৰাকী লোকক আটক

ওৰাং : ওৰাং আৰু  মাজবাটত পৃথকে পৃথকে বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ। গোপন সূত্ৰৰ খবৰৰ ভিত্তিত পৃথকে পৃথকে আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে গাঞ্জাখিনি। মাজবাটৰ আদৰ্শ বাহাদুৰ গাঁৱৰ পৰা ৫৫ কিলোগ্ৰাম গাঞ্জাসহ ইলিয়া দৈমাৰী নামৰ এজন লোকক আটক কৰে মাজবাট আৰক্ষীয়ে। ইফালে বুধবাৰে দিনৰ ভাগত ওৰাঙতে গাঞ্জাসহ এজন লোকক আটক ওৰাং আৰক্ষীয়ে। গোপন সূত্ৰৰ খবৰৰ ভিত্তিত অভিযান চলাই ওৰাং আৰক্ষীয়ে জব্দ কৰে ৩০ কিলোগ্ৰাম গাঞ্জা। অভিযান কালত ৬ পেকেট গাঞ্জা সহ আতক কৰে ৰুবুংচা বড়ো নামৰ এজন লোকক। AS 01 DN 5657 নম্বৰৰ এখন বিলাসী বিলেনু বাহনৰ পৰা জব্দ কৰে গাঞ্জাখিনি। ওৰাং আৰক্ষীয়ে আটক কৰা লোকজন ওদালগুৰিৰ ১ নম্বৰ সাপকাতিৰ বুলি জানিব পৰা গৈছে। গাঞ্জাসহ দুজন লোকক আটক কৰা ঘটনাৰ সন্দৰ্ভত ওৰাং আৰু মাজবাট আৰক্ষীয়ে ৰজু কৰিছে গোচৰ।  ইফালে মাজবাট আৰক্ষীয়ে ইলিয়া দৈমাৰীৰ লগত গাঞ্জা সৰবৰাহত জড়িত থকাৰ সন্দেহত মাজবাটৰ নাও হৰুৱা গাঁৱৰ বিলিয়ন দৈমাৰী নামৰ আন এজন লোককো আটক কৰিছে।