Home Blog Page 3258

হোজাইত এগৰাকী অভিযন্ত্ৰাৰ কভিড-১৯ পজেটিভ ওলোৱাৰ পাছতো চেনিটাইজাৰ নকৰাকৈ চলাই গৈছে কাৰ্যালয়।

হোজাই : ডবকাত এগৰাকী অভিযন্তাৰ দেহত ধৰা পৰিছে কভিড-১৯ পজেটিভ।অভিযন্ত্ৰা গৰাকীৰ নাম শ্বনাতন বশ্য।শ্বনাতন বশ্য নামৰ অভিযন্ত্ৰা গৰাকীৰ দেহত কভিড-১৯ পজেটিভ ধৰা পৰাৰ পাছত অভিযন্ত্ৰা গৰাকীক গুৱাহাটী চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।জানিব পৰা মতে অভিযন্ত্ৰা গৰাকীয়ে যোৱা শনিবাৰে ডবকাৰ বিন্নাকান্দী উন্নয়ন খণ্ডৰ কাৰ্য্যলয়ত প্ৰৱেশ কৰাত বহুতে আহিছিল সংস্পৰ্শলৈ। কেবল কাৰ্যালয়তে নহয় তেওঁৰ দায়িত্বত থকা নীলবাগান গাও পঞ্চায়তৰ কাৰ্যালয়ৰ লগতে নীলবাগানৰ একাংশ ৰাইজৰ সংস্পৰ্শলৈ আহিছিল।অভিযন্ত্ৰা গৰাকীৰ দেহত কভিড-১৯ পজেটিব ধৰা পৰাৰ কথা বিন্নাকান্দী উন্নয়ন খণ্ডত থকা কোনো বিষয়-বৱীয়া সকলে বৰ্তমান লৈকে জ্ঞাত নহয় বুলি জানিব পৰা গৈছে।কভিড-১৯ পজেটিভ ধৰা পৰাৰ পাছতো উন্নয়ন খণ্ডটোত হোৱা নাই চেনিটাইজাৰ।এনেকৈয়ে উন্নয়ন খণ্ডখনত বিষয়-ববিয়া সকলে পালন কৰি গৈছে নিজৰ কৰ্তব্য।এতিয়া প্ৰশ্ন হয় জিলা প্ৰশাসনৰ লগতে স্বাহ্য বিভাগে কিয় অৱগত কৰা নাই এই ভয়কংকৰ খবৰটো।জিলা প্ৰশাসনে এই ভয়ংকৰ খবৰটো অৱগত নকৰাৰ বাবেই কাৰ্য্যলয় খনত বাকী বিষয় ববীয়া সকলে চলাই গৈছে নিজৰ কাম-কাজ।উল্লেখযোগ্য যে অভিযন্তা গৰাকীৰ ঘৰ গুৱাহাটী মালিগাওঁত, মালিগাওঁত অন্য এজন লোকৰ দেহত কভিড-১৯ ধৰা পৰাৰ পুৰ্বে সংস্পৰ্শলৈ আহিছিল বুলি অভিযন্তা গৰাকীয়ে উল্লেখ কৰিছে। ডবকা বিন্নাকান্দিত ৰাইজে সঘনাই নিয়মীয়া অহা যোৱা কৰিছে যদিও কভিড-১৯ পজিটিভ ধৰা পৰাৰ পিছতো কিয় মনতা অৱলম্বন কৰিছে একাংশ বিষয়াই এই লৈ প্ৰশ্ন উত্থাপন কৰিছে সচেতন ৰাইজে।
এতিয়া প্ৰশ্ন হয় এই কভিড-১৯ বীজাণুয়ে যদি বেলেগ বিষয়-বৱীয়া সকলক আক্ৰান্ত কৰে তেন্তে ইয়াৰ দায়িত্ব লব কোনে,ইয়াৰ দায়ি কোন ? প্ৰশাসনৰ এনেধৰনৰ কিছু কাণ্ডই ডবকা বাসী স্তম্ভিত হৈ পৰিছে।

বিজ্ঞানৰ স্নাতক হৈয়ো গো-পালনৰে স্বাৱলম্বীতাৰ অৰ্পূৱ নিৰ্দশন দাঙি ধৰিছে নগাঁৱৰ লক্ষী প্ৰসাদ বৰাই।

নগাঁও : নগাঁও জিলাৰ বৃহত্তৰ হাতীচোং মৌজাৰ অন্তৰ্গত ব্ৰাহ্মণ গাঁৱৰ লক্ষী প্ৰসাদ বৰা সম্প্ৰতি জিলা খনৰ আন নিবনুৱাৰ বাবে আদৰ্শস্বৰূপ হৈ পৰিছে। বিগত ১৯৯১ চনতে নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ পৰা বিজ্ঞানৰ স্নাতক ডিগ্ৰীধাৰী লাভ কৰা বৰাই নিৰ্দ্দিষ্ট সময়ত এটা চৰকাৰী চাকৰি যোগাৰ কৰি ল’ব নোৱাৰা হেতুকে তেওঁ মানসিক ভাৱে ভাগি পৰিছিল যদিও পৰৱৰ্তী সময়ত তেওঁ চৰকাৰী চাকৰিৰ মোহ ত্যাগ কৰি আত্মৰ্ভৰশীল হোৱাৰ মানসেৰেই গো পালনৰ লগত জড়িত হৈ স্বাৱলম্বী হোৱাৰ প্ৰয়াস চলায়।লক্ষী প্ৰসাদ বৰাই প্ৰকাশ কৰা মতে, তেওঁ ১৯৯৩চনত প্ৰথমে থলুৱা প্ৰজাতিৰ মাত্ৰ তিনি জনী গাই পালন কৰি গাখীৰ বিক্ৰী কৰিছিল।১৯৯৫চনত গাইৰ সংখ্যা পাঁচ জনীলৈ বৃদ্ধি পায়। ১৯৯৩চনতে গো পালনৰ লগত জড়িত হৈ পৰিলেও বৰাই সম্পূৰ্ণ ব্যৱসায়িক ভিৰ্তিত গো পালন আৰু দুগ্ধ উৎপাদনৰ লগতে ইয়াৰ ব্যৱসায় আৰম্ভ কৰে ১৯৯৯চনৰ ফেব্ৰুৱাৰী মাহতহে। তেওঁ ১৫জনী জাৰ্ছী গাই ক্ৰয় কৰি আনি এখন ফাৰ্ম আৰম্ভ কৰে।লাহে লাহে তেওঁৰ দুগ্ধ পামখনে সফলতাৰ মুখ দেখিবলৈ আৰম্ভ কৰে। পৰৱৰ্তী সময়ত তেঁওৰ ফাৰ্মত পশুধনৰ সংখ্যা ২৫-৩০টালৈ বৃদ্ধি পায়।ইয়াৰে দমৰা আৰু বৃদ্ধা গাই কেইজনী বিক্ৰী কৰি তেওঁ সংগৃহীত ধনেৰে এখন টেম্পুভানো ক্ৰয় কৰে। স্মৰ্তব্য যে, প্ৰথমাৱস্থাত বৰাই চাইকেলেৰে গাখীৰ গাঁৱে গাঁৱে ঘূৰি বিক্ৰী কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ ড্ৰামত গাখীৰ ভৰাই সেই গাখীৰ সমূহ নগাঁও চহৰৰ একাংশ হোটেলত বিক্ৰী কৰিছিল বুলিও সদৰী কৰে।চহৰত গাখীৰ বিক্ৰীৰ সুবিধাৰ বাবেই তেওঁ গৰু-গাই বিক্ৰী কৰি টেম্পুভান খন ক্ৰয় কৰে বুলি সদৰী কৰি আৰু কয়যে, বৰ্তমান তেঁওৰ অতি উন্নত প্ৰজাতিৰ ১০জনী জাৰ্ছী গাই আছে।এই গাই কেইজনীৰ পৰা দৈনিক উৎপাদন হয় ৬০-৭০লিটাৰ পৰ্যন্ত গাখীৰ।গাখীৰ বিক্ৰী কৰিয়েই এতিয়া তেওঁ মাহিলী ৭৫-৮০হেজাৰ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে।গাই খিৰোৱাৰ পাছত সেই গাখীৰ সমূহ তেওঁ টেম্পুভান খনৰে নিজেই আনি নগাঁও চহৰৰ একাংশ হোটেলত পুৱা আৰু বিয়লি যোগান ধৰে।কৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে চৰকাৰে সমগ্ৰ দেশজুৰি তলাবন্ধ ঘোষণা কৰাৰ পৰিপ্ৰেক্ষিতত তেওঁৰ দুগ্ধ ব্যৱসায়ত কেইবামাহো ভীষণ লোকচান হয় যদিও এতিয়া তলাধন্ধ শিথিল হোৱাৰ পৰিপ্ৰেক্ষিতত পুনৰ ন উদ্যমেৰে দুগ্ধ ব্যৱসায় আৰম্ভ কৰিছে। সম্প্ৰতি বৰাই গাখীৰ সমূহ নগাঁও চহৰৰ কেইখনমান হোটেলৰ লগতে এক দুগ্ধ প্ৰতিষ্ঠানকো যোগান ধৰি আহিছে।তথাপিও শেহতীয়াকৈ চৰকাৰে চহৰ এলেকাত শণিবাৰ আৰু দেওবাৰে তলাবন্ধ বলবৎ কৰাত তেওঁ চিন্তিত হৈ পৰিছে।বৰাৰ এই শ্বেত বিপ্লৱৰ যাত্ৰাত সহযোগিতা আগবঢ়াইছে তেওঁৰ পত্নী জোনালী শইকীয়া বৰাই।এসময়ত অভাৱ আৰু দৰিদ্ৰতাৰ লগত যুঁজি থকা লক্ষী প্ৰসাদ বৰা এতিয়া আৰ্থিক ভাৱে স্বচ্ছল। দুগৰাকী কন্যা সন্তান সহ তেওঁ লোকৰ এখন সুখৰ সংসাৰ আছে । কোনো ধৰণৰ চৰকাৰী সহযোগিতা অবিহনে সম্পূৰ্ণ একক প্ৰচেষ্টাৰেই গো পালন আৰু দুগ্ধ উৎপাদনৰ জৰিয়তে স্বাৱলম্বী হৈ দহ জন নিৱনুৱাৰ বাবে আদৰ্শস্বৰূপ হৈ পৰা লক্ষী প্ৰসাদ বৰাই কয়,”ইচ্ছা থাকিলেই উপায় ওলায়।আচলতে কাম কৰাৰ এটা মানসিকতা থকা দৰ্কাৰ।কামৰ কোনো সৰু-ডাঙৰ নাই।নিষ্ঠা সহকাৰে কাম কৰিলে সৰু কামৰ জৰিয়তেও বিপূল সসলতা অৰ্জন কৰিব পাৰি।”স্মৰ্তব্য যে,বৰাৰ পশুধনৰ ফাৰ্ম খনত নাই কোনো কৰ্মচাৰী।সকলো কাম তেওঁ আৰু তেওঁৰ পত্নীয়ে নিজেই কৰে।গো পালনৰে এক শ্বেত বিপ্লৱৰ সূচনা কৰা লক্ষী প্ৰসাদ বৰাৰ এই ফফলতা প্ৰত্যক্ষ কৰি এতিয়া হাতীচোং,চকলাঘাট অঞ্চলৰ আন একাংশ শিক্ষিত নিবনুৱা যুৱকো গো পালনৰ সৈতে জড়িত হৈ পৰিছে বুলি জানিব পৰা গৈছে।

সাংসদ প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে জিলা প্ৰশাসনৰ গোচৰৰ প্ৰতিক্ৰিয়া : জিলা প্ৰশাসনৰ বিৰুদ্ধে গোচৰ তৰিলে যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক মৃণাল হাজৰিকাই ।

নগাঁও : ক’ভিড-১৯ ৰ ভয়াবহতাৰ মাজত স্বাস্থ্য বিধি উলংঘা কৰি প্ৰসিদ্ধ ধৰ্মীয় নেতা মৌলানা মুফতি খাইৰুল ইছলামৰ জানাজাত অংশগ্ৰহণ কৰাৰ অভিযোগত নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে নগাঁও জিলা প্ৰশাসনে গোচৰ তৰা কাৰ্যত অসন্তুষ্ট হৈ পৰিছে যুৱ কংগ্ৰেছী। সেয়ে নগাঁও জিলা প্ৰশাসনৰ বিৰুদ্ধে এইবাৰ ওলোটাই গোচৰ তৰিলে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক মৃণাল হাজৰিকাই। যুৱ কংগ্ৰেছী মৃণাল হাজৰিকাই অভিযোগ কৰা মতে মৌলানা খাইৰুল ইছলামৰ জানাজাত জনসমাগম নিয়ন্ত্ৰনত ব্যৰ্থ হোৱা নগাঁও জিলা প্ৰশাসনে নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে গোচৰ তৰি দায় সাৰিব বিচাৰিছে। সেয়ে কৰ’না ভাইৰাছৰ সংকটপূৰ্ণ মুহুৰ্তত জনসমাগম নিয়ন্ত্ৰন নোৱাৰা নগাঁও জিলা প্ৰশাসনৰ বিৰুদ্ধে তেওঁ গোচৰ তৰে। আজি নগাঁও সদৰ থানাত জিলা প্ৰশাসনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰি সংবাদ মাধ্যমৰ সন্মুখত এই মন্তব্য প্ৰকাশ কৰে মৃনাল হাজৰিকাই । উল্লেখ্য যে মঙলবাৰে ধিং ৰাজহ চক্ৰ বিষয়াই জুৰীয়া আৰক্ষী থানাত সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ২৬৯/২৭০ আৰু দুৰ্যোগ প্ৰশমন আইনৰ ৫১(বি) ধাৰাত ২৬৩/২০ আৰু ২৬৪/২০ নম্বৰত দুটা গোচৰ ৰুজু কৰিছিল। ইয়াৰ পিছতে আজি যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক গৰাকীয়ে নগাঁও জিলা প্ৰশাসনক পৰিস্থিতি নিয়ন্ত্ৰনত ব্যৰ্থ হোৱাৰ অভিযোগ তুলি গোচৰ তৰা কাৰ্যই বিশেষ তাৎপৰ্য্য বহন কৰিছে।

পৰিবৰ্তনকামী চৰকাৰৰ ৪ টা বছৰত এচপৰা মাটি, এটা শিলগুটি নপৰিল শিমলুডোঙা অঞ্চলৰ এটা পথত । এখন দলঙৰ অভাৱত বছৰ বছৰ ধৰি জীয়াতু ভোগিছে ৫ খনৰো অধিক গাঁৱৰ ৰাইজে ।

ঢকুৱাখনা : ১৫ বছৰীয়া কংগ্ৰেছৰ শাসন উফৰাই উন্নয়ন আৰু পৰিবৰ্তনৰ শ্লোগান আওৰাই শাসনৰ গাদীলৈ অহা বিজেপি চৰকাৰৰ যোৱা চাৰিটা বছৰতো একো উন্নয়নৰ প্ৰভাৱ নপৰিল প্ৰশাসনিকভাৱে ঢকুৱাখনা মহকুমাৰ আৰু ৰাজনৈতিকভাৱে ধেমাজী সমষ্টিৰ অন্তৰ্গত শিমলুডোঙা অঞ্চলৰ বহু কেইখন গাঁৱত। ঢকুৱাখনা উন্নয়ন খণ্ডৰ অধীনৰ গন্ধিয়া গাঁও পঞ্চায়তৰ কান্ধুলিমাৰিৰ পৰা হাৰ্হি গাঁও পঞ্চায়তৰ মাজুলী গাঁৱলৈকে সংযোগী পথটোৰ হাৰ্হি নদীৰ ওপৰত দেশে স্বাধীনতা লাভ কৰাৰ ৭৩ বছৰৰ পিছতো নিৰ্মাণ নহ’ল এখন স্থায়ী দলং। ৰাজ্যত কিমান যে চৰকাৰ আহিল গ’ল, কিমান যে মন্ত্ৰী বিধায়ক হ’ল তাৰ লেখ জোখ নাই। তথাপিও কোনো এজন জনপ্ৰতিনিধিয়েই গুৰুত্ব নিদিলে উল্লেখিত ব্যস্ত যাতায়তী পথটোত এখন স্থায়ী দলং দিয়াৰ কথা। ফলত স্থানীয় ৰাইজে প্ৰতিবছৰে নিজৰ গাঁঠিৰ ধন ভাঙি সাজি লোৱা এখন বাঁহৰ জৰাজীৰ্ণ দলঙেৰে বাৰিষা-খৰালি যাতায়ত অব্যাহত ৰাখে। শিমলুডোঙাৰ ৫ খনৰো অধিক গাঁৱৰ ৰাইজৰ যাতায়তৰ একমাত্ৰ এই পথটোৱে বছৰ বছৰ ধৰি জীয়াতু ভোগাই অহাৰ কথা বৰ্তমানৰ বিধায়ক ডা: ৰণোজ পেগু আৰু সাংসদ প্ৰদান বৰুৱাক বিভিন্ন সময়ত অৱগত কৰি অহাৰ পিছতো গুৰুত্ব নিদিলে যোৱা ৪ টা বছৰে। স্থানীয় ৰাইজৰ লগতে পশ্চিম মাছখোৱা আঞ্চলিক ছাত্ৰ সন্থাই অৱগত কৰা মতে- বিধায়ক ডা: ৰণোজ পেগুৱে ২০২১ চনৰ নিৰ্বাচনত অঞ্চলটোৰ ৰাইজৰ ভোট হেৰুওৱাৰ ভয়ত চলিত বৰ্ষৰ মে’ মাহত গড়কাপ্তানি বিভাগৰ জড়িয়তে অৱশেষত হাৰ্হি নদীৰ ওপৰত এখন দলং নিৰ্মাণৰ বাবে টেণ্ডাৰ ক’ল কৰোৱাই জনৈক ঠিকাদাৰক কাম আৰম্ভ কৰিবলৈ নিৰ্দেশ দিয়ে যদিও কৰ’না মহামাৰীৰ বাবে হোৱা লক ডাউন, ধাৰাষাৰ বৰষুণৰ বাবে খুঁটা নিৰ্মাণৰ গাঁত খন্দাৰ পিছতে বানে বুৰাই পেলোৱাত কাম সামৰিবলগীয়া হ’ল। ফলত শাসনাধিষ্ঠ বিজেপি চৰকাৰৰ যোৱা ৪ টা বছৰীয়া কাৰ্যকালত এচপৰাও মাটি, এটাও শিলগুটি নপৰা কান্ধুলিমাৰীৰ পৰা মাজুলীগাঁও সংযোগী গড়কাপ্তানি পথটো বোকাময় হৈ পৰাৰ লগতে হাৰ্হি নদীত দলং নোহোৱাৰ বাবে যাতায়ত বন্ধ হৈ পৰে। ফলত স্থানীয় ৰাইজে শাসকীয় দলৰ পঞ্চায়ত প্ৰতিনিধিৰ জড়িয়তে ঠিকাদাৰক বাৰিষা যাতায়তৰ বাবে এখন বাঁহৰ দলং নিৰ্মাণ কৰিবলৈ দাবী জনায়। ইয়াৰ পিছতে হাৰ্হি নদীৰ ওপৰত এখন বাঁহৰ দলং সাঁজি দিয়ে ঠিকাদাৰে। কিন্তু এইখন দলং যাতায়তৰ বাবে বাৰিষাতেই উপযোগী নহ’ল। কিছুদিন পূৰ্বে হোৱা সামান্য বানতে ডুব গৈছিল। কাৰণ দলংখন উচ্চতাৰ ফালৰ পৰা মূল পথতকৈও তলত হোৱাৰ বাবে এজাক বৰষুণ দিলেই উফন্দি থকা নদীৰ পানীয়ে বুৰাই বিধস্ত কৰি পেলায়। তাতে দলংখনৰ সংযোগী মূৰ দুটাও যাতায়তৰ উপযোগীকৈ ঠিক কৰি নিদিলে ঠিকাদাৰে। ফলত কেইবাজনো লোক যোৱা এমাহত দুৰ্ঘটনাৰ বলী হৈছে দলঙৰ পৰা পিছলি নদীত পৰি। সেইয়ে স্থানীয় ৰাইজে বানে বিধস্ত কৰিব নোৱাৰাকৈ উখ এখন বাঁহৰ দলং আৰু দুই মুৰৰ সংযোগ স্থলৰ পথটো ঠিক কৰি দিবলৈ অনুৰোধ জনাইছে। ইফালে পশ্চিম মাছখোৱা আঞ্চলিক ছাত্ৰ সন্থাইও দাবী জনাইছে পথটোৰ উন্নয়ন সাধিবলৈ।

চন্টকৰ ঐতিহাসিক সোনাদৈ পুখুৰীৰ পাৰত বন বিভাগৰ উদ্যোগত বৃক্ষৰোপণ।

চন্টকৰ ঐতিহাসিক সোনাদৈ পুখুৰীৰ পাৰত বন বিভাগৰ উদ্যোগত বৃক্ষৰোপণ।

নাজিৰা : যোৱা পহিলা জুলাইৰ পৰা আৰম্ভ হোৱা ৭১ তম বন মহোৎসৱ সপ্তাহৰ অন্তিম দিনটোত নাজিৰা মহকুমাৰ অসম নগালেণ্ড সীমান্তৱৰ্তী চন্টকৰ ঐতিহাসিক সোনাদৈ পুখুৰীৰ পাৰত আজি এক বৃক্ষৰোপণ কাৰ্যসূচী গ্ৰহণ কৰে বিহুবৰ খণ্ড বন বিভাগে। বিহুবৰ খণ্ড বন বিষয়া কাৰ্য্যালয়ৰ উদ্যোগত আৰু বিহুবৰ গাঁও পঞ্চায়ত, বিহুবৰ ক্ৰেচাৰ মেচিন সংস্থা, ১৪৯ নং চিআৰপিএফ বেটেলিয়ানৰ সহযোগত অনুষ্ঠিত হোৱা উক্ত বৃক্ষৰোপণ কাৰ্য্যসূচীৰ জৰিয়তে ঐতিহাসিক সোনাদৈ পুখুৰীৰ পাৰত বহুসংখ্যক গছপুলি ৰোপণ কৰে। এই কাৰ্যত সহযোগিতা কৰি ১৪৯ নং চিআৰপিএফ জোৱানসকলেও একোটাকৈ গছপুলি ৰোপণ কৰে। উক্ত কাৰ্যসূচীত বিহুবৰ খণ্ড বন বিষয়া কাৰ্য্যালয়ৰ বন বিষয়া সন্তোষ ফুকন, সোনাৰি আঞ্চলিক বন বিষয়া প্ৰশান্ত গগৈ, ১৪৯ নং চিআৰপিএফ বেটেলিয়ানৰ সহকাৰী অধিনায়ক কমলা প্ৰসাদ, বিহুবৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পাৰ্থ চিংকন, বিহুবৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী মঞ্জু বড়া, চন্টক চাহ বাগিছাৰ সহকাৰী পৰিচালক পুলিন ভট্ট, চুকাফা জিলা পৰিষদৰ প্ৰাক্তন সদস্যা মায়া বাউৰী, বিহুবৰ ক্ৰেচাৰ ইউনিয়নৰ বিষয়ববীয়া মুখেশ্বৰ ফুকন, তিলক কোঁৱৰ, ১০৭ নং চন্টক গ্ৰান্টৰ গাঁওৰক্ষী বাহিনীৰ সভাপতি জাকিৰুদ্দিন আহমেদকে ধৰি কেইবাজনো গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

গেলেকী আঞ্চলিক ছাত্ৰ সন্থাৰ ব্যতিক্ৰমী প্ৰদক্ষেপ, মেধাবী ছাত্ৰ-ছাত্ৰীক ঘৰে ঘৰে অভিনন্দন।

গেলেকী আঞ্চলিক ছাত্ৰ সন্থাৰ ব্যতিক্ৰমী প্ৰদক্ষেপ, মেধাবী ছাত্ৰ-ছাত্ৰীক ঘৰে ঘৰে অভিনন্দন।

নাজিৰা : কৰ’না ভাইৰাছৰ গণ সংক্ৰমণৰ আশংকাত চৰকাৰে গ্ৰহণ কৰি নীতি-নিৰ্দেশনাক সন্মান জনাই গেলেকী আঞ্চলিক ছাত্ৰ সন্থাই এইবছৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা বৃহত্তৰ গেলেকী অঞ্চলৰ মেধাবী ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জনোৱাৰ এক ব্যতিক্ৰমী প্ৰদক্ষেপ কৰিছে। সদৌ অসম ছাত্ৰ সন্থাৰ গেলেকী আঞ্চলিকৰ সভাপতি প্ৰাঞ্জল গগৈ, সম্পাদক মানসজ্যোতি শইকীয়া আৰু শিক্ষা সম্পাদিকা প্ৰকৃতি চেতিয়াৰ নেতৃত্বত গেলেকী আঞ্চলিক ছাত্ৰ সন্থাৰ এটা দলে কৰ’না মহামাৰীৰ পৰিপ্ৰেক্ষিতত কোনো আনুষ্ঠানিক অভিন্দন অনুস্হানৰ আযোজন নকৰি বৃহত্তৰ গেলেকী অঞ্চলৰ পৰা এইবাৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ডিষ্টিংচনসহ প্ৰথম বিভাগত উত্তীৰ্ণ মেধাবী ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জ্ঞাপন কৰে। আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে যোৱা ১ জুলাইৰ পৰা গেলেকীৰ বিভিন্ন অঞ্চলৰ মেধাবী ছাত্ৰ-ছাত্ৰী সকলৰ বাসগৃহত উপস্হিত হৈ এখন ফুলাম গামোছা, এখন অভিনন্দন পত্ৰ, এটা কলম, এডাল গছপুলি আৰু এটা সৰু উপহাৰেৰে সম্বৰ্ধনা জনোৱা কাৰ্যসূচী অব্যাহত ৰাখিছে।

দুৰ্নীতিৰ অভিযোগ : গান্ধী পৰিয়ালৰ ৩ ট্ৰাষ্টৰ বিৰুদ্ধে তদন্ত কমিটী গঠন কেন্দ্ৰৰ ৷

দৈনন্দিন বাৰ্তা ডেস্ক :

লাডাখ, ক’ৰোনা আৰু পেট্ৰলজাত সামগ্ৰীৰ মূল্যবৃদ্ধিৰ ত্ৰিমূখী আক্ৰমণৰ মাজতে কংগ্ৰেছ তথা গান্ধী পৰিয়ালৰ বিৰুদ্ধে বৃহৎ পদক্ষেপ লৈছে কেন্দ্ৰই ৷ ছোনীয়া গান্ধী পৰিচালিত তিনিটা ট্ৰাষ্টৰ বিৰুদ্ধে একাধিক আৰ্থিক দুর্নীতি আৰু অনিয়মৰ অভিযোগত তদন্ত আৰম্ভ কৰিলে গৃহ মন্ত্ৰালয়ে ৷ ৰাজীৱ গান্ধী ফাউণ্ডেচন, ৰাজীৱ গান্ধী চেৰিটেব’ল ট্ৰাষ্ট আৰু ইন্দিৰা গান্ধী মেম’ৰিয়েল ট্ৰাষ্টত দুর্নীতিৰ অভিযোগত তদন্তৰ বাবে গৃহ মন্ত্ৰালয়ৰ তৰফৰ পৰা উচ্চস্তৰৰ কমিটী গঠন কৰা হৈছে ৷ প্রয়াত প্রধানমন্ত্রী ৰাজীৱ গান্ধীৰ নামত গঠন কৰা প্ৰতিষ্ঠানটোৰ সভানেত্রী ছোনীয়া গান্ধী। তদুপৰি পৰিচালনা সমিতিত আছে প্ৰিয়ংকা গান্ধী, প্রাক্তন প্রধানমন্ত্রী মনমোহন সিং আৰু পি চিদাম্বৰমৰ দৰে কংগ্ৰেছৰ শীৰ্ষ নেতা ৷ আনহাতে ৰাজীৱ গান্ধী চেৰিটেব’ল ট্ৰাষ্ট আৰু ইন্দিৰা গান্ধী মেম’ৰিয়েল ট্ৰাষ্টৰ দায়িত্বত আছে ছোনীয়া গান্ধীয়েই ৷ গৃহ মন্ত্ৰালয়ৰ অভিযোগ, এই তিনিটা ট্ৰাষ্টত কংগ্ৰেছৰ আমোলত বৃহৎ দুর্নীতি হৈছে৷ আৰ্থিক প্ৰতাৰণা আইন, আয়কৰ আইন, বিদেশী বিনিয়োগৰ দৰে বহু আইন ভংগ কৰিছে এই ট্ৰাষ্টকেইটাই ৷ এই তিনিটা ট্ৰাষ্টৰ বিৰুদ্ধে তদন্ত কৰিবলৈ এখন আন্তঃমন্ত্ৰালয় কমিটী গঠন কৰিছে গৃহ মন্ত্ৰালয়ে ৷ সেই কমিটীৰ শীৰ্ষত আছে ই ডিৰ বিশেষ সঞ্চালক৷ তদন্তত চিবিআইৰ বিষয়াকো অন্তৰ্ভূক্ত কৰা হৈছে ৷

গুৱাহাটীৰ পৰা অহা লোকসকলক স্বাৱ পৰীক্ষাৰ বাবে আহ্বান নাজিৰা মহকুমা প্ৰশাসনৰ।

নাজিৰা : কিছুদিনৰ পৰা গুৱাহাটী ক’ভিদ-১৯ৰ অভিকেন্দ্ৰ হিচাবে চিনাক্ত হৈছে আৰু গুৱাহাটীৰ বহুলোক এই ৰোগত আক্ৰান্ত হৈছে বুলি ধৰা পৰিছে। ক’ভিদ-১৯ ৰ সংক্ৰমণ ৰোধ কৰাৰ লগতে নাজিৰা মহকুমাটিক সুৰক্ষিত কৰাৰ স্বাৰ্থত গুৱাহাটীৰ পৰা নাজিৰালৈ অহা লোকসকলৰ স্ব-ইচ্ছাই স্বাব পৰীক্ষা কৰাটো অতিকে প্ৰয়োজনীয়। গতিকে এই সময়ত গুৱাহাটীৰ পৰা যিসকল লোক নাজিৰালৈ আহিছে তেখেতসকলক স্ব-ইচ্ছাৰে অনতিপলে গড়গাওঁ মহাবিদ্যালয়ত স্থাপন কৰা স্বাস্থ্য বিভাগৰ “স্বাব সংগ্ৰহ কেন্দ্ৰ”ত নিজৰ স্বাব পৰীক্ষাৰ বাবে দিবলৈ নাজিৰা মহকুমা প্ৰশাসনৰ তৰফৰ পৰা অনুৰোধ জনাইছে। লগতে এই স্বাব পৰীক্ষাৰ ফলাফল লাভ নকৰা পৰ্যন্ত নিজৰ লগতে পৰিয়ালৰ সদস্যসকলক গৃহ পৃথকীকৰণ হৈ থাকিব বাবে প্ৰশাসনৰ তৰফৰ পৰা পুনৰবাৰ অনুৰোধ জনাই নাজিৰা মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি তথা অতিৰিক্ত উপায়ুক্ত সম্প্ৰীতি গোস্বামীয়ে এই ক্ষেত্ৰত নাজিৰাবাসীৰ যোগাত্মক সঁহাৰিয়ে প্ৰশাসনক ক’ভিদ-১৯ মহামাৰীৰ বিৰুদ্ধে যুঁজখনক সফল কৰি তোলাত অৰিহনা যোগাব বুলি আশা প্ৰকাশ কৰে।

মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে ক’লে, “ঐশ্বৰিক ক্ষমতা আছে মোডীৰ” ৷

দৈনন্দিন বাৰ্তা ডেস্ক :

ভগৱানৰ বৰ নৰেন্দ্ৰ মোডী ৷ আগতে মোডীক প্ৰশংসা কৰি এই মন্তব্য দিছিল মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে ৷ এইবাৰ তাতকৈ ওপৰলৈ গ’ল মুখ্যমন্ত্ৰীজন৷ প্ৰধানমন্ত্ৰীৰ কামত স্তুতি কৰি শিৱৰাজ সিং চৌহানে ক’লে, ‘মোডীৰ ঐশ্বৰিক ক্ষমতা আছে’ ৷ মধ্য প্ৰদেশ চৰকাৰৰ ১০০ দিন পূৰ্ণ উপলক্ষে বক্তব্য ৰাখিছিল শিৱৰাজ সিং চৌহানে ৷ তাতেই কংগ্ৰেছ নেতা ৰাহুল গান্ধীক সংকীৰ্ণ ৰাজনৈতিক বোধৰ বুলি তেওঁ কটাক্ষ কৰে ৷ চৌহানে কয়, ‘তেওঁ (ৰাহুল গান্ধী) মোডীজীক চেলেঞ্জ কৰে ? মোডীজী হ’ল ভাৰতৰ কাৰণে ভগৱানৰ বৰদান৷’ গীতাৰ উদ্ধৃতি দি তেওঁ কয়, ‘ভগৱানে কোনো অৱতাৰ পোনে পোনে নপঠায়৷ কিন্তু নৰেন্দ্ৰ মোডীৰ দৰে নেতা দেখিলে মনলৈ ভাব আহে, বিনা ঐশ্বৰিক ক্ষমতাত এনে কাম কোনো সাধাৰণ মানুহৰ পক্ষে সম্ভৱ নহয়’ ৷ এই অনুষ্ঠানত উপস্থিত থাকি জ্যোতিৰাদিত্য সিন্ধিয়াই কয়, মোডীজী সংবেদনশীল আৰু উদ্যোগী। মোডীৰ লকডাউনৰ সিদ্ধান্তৰ ফলত হাজাৰ হাজাৰ মানুহ ক’ৰোনা ভাইৰাছৰ পৰা ৰক্ষা পাইছে ৷ সীমান্তত মোডীজীৰ নেতৃত্বত চীনক উপযুক্ত প্ৰত্যুত্তৰ দিছে বুলি কয় কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগ দিয়া নেতাজনে ৷

হিন্দু ক্ৰান্তি দল নলবাৰী সমিতিৰ “বেগম জান” ধাৰাবাহিকখন বন্ধ কৰাৰ বাবে নলবাৰী জিলা উপাযুক্তৰ দ্বাৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল লৈ স্মাৰক পত্ৰ প্ৰদান।

নলবাৰী : সমগ্ৰ অসমত সাম্প্ৰদায়িক বিষবাস্পৰ সৃষ্টি কৰা দূৰদৰ্শনৰ অসমীয়া ৰেঙণি চেনেলত সম্প্ৰচাৰিত হোৱা ধাৰাবাহিক চিৰিয়েল বেগমজান বয়কট কৰাৰ বাবে হিন্দু ক্ৰান্তি দল অসম নলবাৰী জিলা সমিতিয়ে নলবাৰীৰ উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে। এক বিবৃতি যোগে হিন্দু ক্ৰান্তি দলে অসমৰ নলবাৰী জিলাৰ জিলা সংযোজক নিৰ্মল ৰাজবংশীয়ে কয় যে উক্ত ধাৰাবাহিক খনৰ দোহাই দি অসমৰ হিন্দু যুৱতীক ইছলামলৈ ৰূপান্তৰ কৰা এক অভিসন্ধিহে কিয়নো যিখন ৰাজ্যত অহৰহ উপযাচি হিন্দু মুছলমানৰ কথা কৈ থকা হয়, সেইখন অসমতে ধৰ্মীয় সংখ্যালঘুৰ স্বাৰ্থ ৰক্ষাৰ নামত এআইডিইউএফৰ নামৰ ৰাজনৈতিক দলৰ জন্ম দিয়া হল এয়া গভীৰ ষড়যন্ত্ৰ নহয়নে। তদুপৰি সংযোজক গৰাকীয়ে প্ৰশ্ন উত্থাপন কৰে যে, কিয় চেঙাত দুৰ্গা প্ৰতিমা বিসৰ্জন দিব গ’লেও অস্ত্ৰৰে সু-সজ্জিত হৈ আক্ৰমণ কৰে, কিয় গৌৰীপুৰৰ মন্দিৰৰ সমীপত ঈদোজ্জোহাত কুৰবানি দিয়া গৰু মাৰি পেলাব লাগে, কিয় অসমৰ মুচলমান যুৱকে জেহাদৰ প্ৰশিক্ষণ ল’বলৈ কাশ্মীৰলৈ যাব লাগে, কিয় মুচলমান যুৱকে অল কায়দাৰ প্ৰশিক্ষণ ল’বলৈ পাকিস্তান যাব লাগে। তাতোকৈও গুৰুত্বপূৰ্ণ কথাতো হ’ল সম্প্ৰীতিৰ পীঠ স্থলিত শিক্ষয়িত্ৰী অৰ্ণমাই বৰাক হত্যা কৰিলে, যিয়ে ১৪বছৰীয়া ময়ুৰী দাসক হত্যা কৰিলে, যিয়ে সত্ৰৰ ভিতৰত সত্ৰাধিকাৰক হত্যা কৰিলে, যিয়ে সনাতন দাস, সৌৰভ দাস, ঋতুপৰ্ণ পেগুক হত্যা কৰিলে সেইসকলক গৰিহণা দিবলৈ, সেইসকলৰ ভয়ংকৰ বিচাৰধাৰা উদঙাই দিবলৈ চিৰিয়েল নিৰ্মাণ হ’ব লাগিছিল কিন্তু হৈছে বাংলাদেশী, লাভ জেহাদীক ত্ৰাণকৰ্তা। অসমীয়াই সম্প্ৰীতিৰ হকে যুঁজ দি অহাৰ পিচতো মুচলমান হোৱাৰ নামত একাংশই যি ইচ্ছা তাকে কৰি থাকিবনে। নিজৰ সুবিধা আদায়ৰ স্বাৰ্থত সম্প্ৰীতিৰ দোহাই নেতা সকলৰ কৰণীয় নাইনে। লগতে সংযোজক গৰাকীয়ে কয় যে হিন্দু ক্ৰান্তি দল অসমৰ ষ্পষ্ট কথা এনেকুৱা সম্প্ৰীতি সমন্বয় প্ৰয়োজনীয়তা সংগঠনটোৱে নিবিচাৰোঁ‌। চৰকাৰলৈ এই স্মাৰক পত্ৰৰ জৰিয়তে অসমৰ পৰিৱেশ বিনষ্ট কৰিব বিচৰা এই অসমীয়া ধাৰাবাহিকখন অনতিপলমে বন্ধ কৰক। জিলা উপাযুক্তৰ দ্বাৰা মুখ্যমন্ত্ৰী লৈ স্মাৰক পত্ৰ প্ৰদান কৰিবলৈ হিন্দু ক্ৰান্তি দল নলবাৰী সমিতিৰ দীপক হালৈ, বিদ্যুৎ কুমাৰ দাস, সীমান্ত মেধী, অসীম মেধীসহ ভালে কেইজন কাৰ্যকৰ্তা উপস্থিত থাকে।