জামুগুৰিহাট : ৬৬তম বনপ্ৰাণী সুৰক্ষা দিৱস উপলক্ষ্যে আজি জামুগুৰিহাটৰ কুসুমটোলাত থকা বনবিভাগৰ পশ্চিম বনাঞ্চলিক কাৰ্য্যালয়ত বনবিভাগৰ তৰফৰ পৰা ১৩ গৰাকী প্ৰকৃতি প্ৰেমিক সম্বৰ্দ্ধনা জনোৱা হয়। জামুগুৰি, চতিয়াৰ দক্ষিণ প্ৰান্তত থকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ পৰা বিভিন্ন সময়ত জনাঞ্চললৈ ওলাই অহা বন্য জীৱ-জন্তু সমূহক সুৰক্ষা প্ৰদান কৰি বনবিভাগৰ সহযোগত পুনৰ বনাঞ্চললৈ উভতাই পঠোৱাৰ ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়োৱা চয়দুৰ ৰহমান, মিন্টু নাথ,আব্দুল মানাছ,ৰফিকুল ইছলামকে ধৰি মুঠ ১৩গৰাকী প্ৰকৃতিপ্ৰেমীক সম্বৰ্দ্ধনা জনোৱা হয়।সভাত বন সংপালক দেৱজিৎ শইকীয়া, উপ বন সংপালক ৰাফেল দাসকে ধৰি বনবিভাগৰ বিষয়া সকল উপস্থিত আছিল।
আই আই টি এডভান্স প্ৰৱেশ পৰীক্ষাত ৰামানুজনৰ চাৰি ছাত্ৰৰ সাফল্য
নগাঁও : উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কলা আৰু বিজ্ঞান শাখাত ধাৰাবাহিকভাৱে ঈৰ্ষনীয় ফলাফল প্ৰদৰ্শনেৰে ৰাজ্যৰ শৈক্ষিক ক্ষেত্ৰত উজ্বলি উঠা নগাঁও চহৰৰ ব্যক্তিগত খণ্ডৰ শিক্ষা প্রতিষ্ঠান ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে বিগত সময়ত সৰ্বভাৰতীয় পৰ্যায়ত অনুষ্ঠিত বিভিন্ন কাৰিকৰী শিক্ষা প্রতিষ্ঠানৰ প্ৰবেশ পৰীক্ষাত ভাল ফলাফল প্রদর্শন কৰি আহিছে। চলিত বর্ষত ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ চাৰিজন ছাত্ৰই সদ্যঘোষিত আই আই টি এডভান্স প্ৰৱেশ পৰীক্ষাত কৃতকার্যতা লাভ কৰি শিক্ষা প্রতিষ্ঠানখনৰ গৰিমা অক্ষুণ্ণ ৰাখে। সৰ্বভাৰতীয় পৰ্যায়ৰ উক্ত প্ৰৱেশ পৰীক্ষাত কৃতকার্যতা লাভ কৰা ছাত্ৰ কেইজন হৈছে উৎপলৰাজ কেম্পৰাই (এছ টি ৰেংক – ১৫৩), হেমাংগ পেইট (এছ টি ৰেংক- ৩১২), লিজাংচন ইংতি ( এছ টি ৰেংক-৩৫৭) আৰু অম্লানজ্যোতি পেগু ( এছ টি ৰেংক-৪৯২)। কৃতকার্যতা লাভ কৰা ছাত্ৰ কেইজনৰ ভিতৰৰে উৎপলৰাজ কেম্পৰাই আৰু অম্লানজ্যোতি পেগুৱে চলিত বর্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বিজ্ঞান শাখাত স্হান লাভ কৰিছিল। ছাত্ৰ কেইগৰাকীৰ সফলতাত ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ দিলীপ কুমাৰ বৰাৰ লগতে শিক্ষা প্রতিষ্ঠানখনৰ শিক্ষক-কৰ্মচাৰীসকলে সন্তোষ্টি প্ৰকাশ কৰে।
মনোৰঞ্জন ফুকনৰ মৃত্যুত তাই আহোম জাতীয় পৰিষদৰ গভীৰ শোক, মৰণোত্তৰভাৱে চুকাফা বঁটা প্ৰদানৰ দাবী
টিংখাং : তাই আহোম জাতীয় পৰিষদৰ উপদেষ্টা পূৰ্বাঞ্চল তাই সাহিত্য সভাৰ প্ৰাক্তন সভাপতি মনোৰঞ্জন ফুকনৰ আকস্মিক বিয়োগত তাই আহোম জাতীয় পৰিষদে গভীৰ শোক প্ৰকাশ কৰিছে। দুই অক্টোবৰত অনুষ্ঠিত পত্নীৰ তিলনীৰ কাম কাজত ব্যস্ত থকা সময়ছোৱাতে গুৰুতৰভাৱে হৃদৰোগত আক্ৰান্ত হৈ পৰাত মনোৰঞ্জন ফুকনক চিকিৎসালয়লৈ অনাৰ পথত শেষ নিশ্বাস ত্যাগ কৰে। বিগত কিছুবছৰ ধৰি হৃদৰোগত আক্ৰান্ত হৈ থকাৰ বাবে চিকিৎসা সেৱা গ্ৰহণ কৰিছিল। বৃহত্তৰ আহোম সমাজৰ লগতে ৰাজ্যৰ এগৰাকী বিদ্বান ব্যক্তি হিচাপে পৰিচিত মনোৰঞ্জন ফুকনৰ বিয়োগত অপূৰণীয় ক্ষতি হোৱা বুলি তাই আহোম জাতীয় পৰিষদে মন্তব্য প্ৰকাশ কৰিছে। এগৰাকী দক্ষ সংগঠনক সুবক্তা হিচাপে জনপ্ৰিয় মনোৰঞ্জন ফুকনে তাই ভাষা সাহিত্যলৈ বুৰঞ্জীমূলক প্ৰৱন্ধৰ লগতে গ্ৰন্থ ৰচনা কৰি অনবদ্য অৱদান আগবঢ়াই গৈছে। ৰাজ্যখনৰ বিভিন্ন ঠাইত সিচৰিত প্ৰাচীন কীৰ্তি চিহ্নসমূহ সংৰক্ষন আৰু সংবৰ্ধন বাবে যথোচিত গুৰুত্ব আৰোপ কৰিছিল। তদুপৰি তাই আহোম জনগোষ্ঠীটোৰ সামগ্ৰিক উত্তৰণৰ বাবে অতি তীক্ষ্ণ মেধা সম্পন্ন ব্যক্তি মনোৰঞ্জন ফুকনে জীৱন উৎসৰ্গা কৰি গ’ল বুলি তাই আহোম জাতীয় পৰিষদৰ ভাৰপ্ৰাপ্ত সভাপতি পূৰ্ণ গন্ধীয়া আৰু সাধাৰণ সম্পাদক অমৰজ্যোতি আৰন্ধৰাই এক শোক বাৰ্তা যোগে জনাইছে। শোক বাৰ্তা যোগে প্ৰয়াত মনোৰঞ্জন ফুকনৰ বিদেহী আত্মাৰ সদ্গতি কামনা কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ তাই আহোম জাতীয় পৰিষদে গভীৰ সমবেদনা জ্ঞাপন কৰিছে। আনহাতে আহোম সমাজৰ এগৰাকী বিদগ্ধ পণ্ডিত মনোৰঞ্জন ফুকনৰ মৃত্যুত ৰাজ্য চৰকাৰে সামান্যতমো সন্মান প্ৰদৰ্শন নকৰাৰ অভিযোগ কৰি তাই আহোম জাতীয় পৰিষদে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে। প্ৰয়াত মনোৰঞ্জন ফুকনক মৰণোত্তৰভাৱে চুকাফা বঁটা প্ৰদান কৰিবলৈ তাই আহোম জাতীয় পৰিষদে অসম চৰকাৰক দাবী জনাইছে।
নাজিৰা, সোণাৰিত উপ-পৰিদৰ্শকৰ পৰীক্ষা আৰু নিযুক্তি কেলেংকাৰীক লৈ প্ৰতিবাদ কংগ্ৰেছৰ
গেলেকী : উপ-পৰিদৰ্শকৰ পৰীক্ষা তথা নিযুক্তি কেলেংকাৰীৰ প্ৰতিবাদত উত্তাল শিৱসাগৰ জিলা অন্তৰ্গত নাজিৰা মহকুমা আৰু চৰাইদেউ জিলা অন্তৰ্গত সোণাৰি । ৫ অক্টোবৰৰ দিনা নাজিৰা নগৰকে ধৰি চৰাইদেউ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ কৰ্মীয়ে। চৰাইদেউ জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত চৰাইদেউ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদ কংগ্ৰেছ কৰ্মীৰ। আৰক্ষীৰ উপ-পৰিদৰ্শকৰ কেলেংকাৰীৰ চিবিআই তদন্তৰ দাবী কংগ্ৰেছৰ। নিযুক্তিৰ নামত ছিণ্ডিকেটৰ অভিযোগ উত্থাপন কৰি বিজেপি চৰকাৰ বিৰোধী শ্ল’গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছে। আনহাতে উত্তৰ প্ৰদেশৰ জঘন্য ধৰ্ষণ আৰু হত্যাকাণ্ডৰ দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী কংগ্ৰেছৰ৷
আাসাম ষ্টেট পাৱাৰ ৱ’কাচ ইউনিয়নৰ ধৰ্না কাৰ্যসূচী
ডিকমঃ নিখিল ভাৰত বিদ্যুৎ কৰ্মচাৰী মহাসংঘৰ আাহ্বানত, ৰাজহুৱা খণ্ডৰ শক্তি বিতৰণ কোম্পানী সমূহ ব্যক্তিগত কৰণ কৰাৰ প্ৰতিবাদ জনাই অধ্য়ক্ষ লৈ এক স্মাৰক পত্ৰ প্ৰেৰন কৰাৰ লগতে আৰু কৰ্মচাৰীৰ সকলৰ সমস্যা সমাধানৰ দাবীত এক ধৰ্না কাৰ্যসূচী ৰূপায়ন কৰা দেখা যায় । ডিব্ৰুগড় বৈদ্যুতিক সংমণ্ডলত পূৱা ১০বজাৰ পৰা ১২ বজালৈ হোৱা ধৰ্ণা কাৰ্যসূচীত উপস্থিত থাকে এ.উ.পি.ই ইঞ্জিনিয়াৰ এছচিএচনৰ কাৰ্যকাৰী সভাপতি ৰঞ্জন দত্ত , এ.এচ.পি.উ.ইউ কেন্দীয় কাৰ্যকাৰী সভাপতি শ্ৰী লীলা চাংমাই, শাখা সভাপতি শ্ৰী থানুৰাম ফুঁকন, সম্পাদক শ্ৰী বিপ্লৱ গোহাঁই, চাপ্লাই ইউনিতৰ সম্পাদক শ্ৰীবিপুল কোঁৱৰ লগতে কেইবা গৰাকিও গন্য-মান্য ব্যক্তি উপস্থিত থাকে।
নগাঁৱত ভূমি পট্টা প্ৰদান অনুষ্ঠানত জল সম্পদ মন্ত্ৰী কেশৱ মহন্ত : কথাৰে নহয় কামেৰে জাতি মাটি ভেটিৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰিছো
নগাঁও : মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰে নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি অনুসৰি কাম কৰি আহিছে। ৰাজ্যখনৰ সকলো জাতি-জনগোষ্ঠীৰ সমউন্নয়ন আৰু সম বিকাশৰ বাবে কাম কৰি আহিছে। যাৰ বাবে ৰাজ্যখনত এতিয়া সকলো ক্ষেত্ৰতে দ্ৰুত উন্নয়ন হৈছে।আজি নগাঁৱৰ খগেন মহন্ত প্ৰেক্ষাগৃহত ভূমিহীন খিলঞ্জীয়া লোকক ভূমি পট্টা প্ৰদান কৰাৰ বাবে নগাঁও জিলা প্ৰশাসনে আয়োজন কৰা এক অনুষ্ঠানত অংশ লৈ এই মন্তব্য কৰে ৰাজ্যৰ জল সম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই । নগাঁও জিলা উপায়ুক্ত কবিথা পদ্মনাভনৰ সভাপতিত্বত অনুষ্ঠিত সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি মহন্তই কয়- আজি অসম চৰকাৰে লক্ষাধিক লোকক ভূমি পট্টা প্ৰদান কৰিছে। ইয়াৰ জৰিয়তে চৰকাৰে ভূমিহীন খিলঞ্জীয়া লোক সকলৰ সুৰক্ষাৰ ব্যৱস্থা কৰিছে। আহি থকা দিনত আমাৰ চৰকাৰে নতুনকৈ লক্ষাধিক ভূমিহীন খিলঞ্জীয়াক ভূমি পট্টা দিয়াৰ ব্যৱস্থা কৰিব। অসমৰ ভূমিহীন ভুমিপুত্ৰ সকলক অগ্ৰাধিকাৰ ভিত্তিত ভূমি পট্টা দিয়া হ’ব। জাতি মাটি ভেটিৰ সুৰক্ষা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি আমি ৰক্ষা কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছো। কথাৰে নহয় কামেৰে আমি এই প্ৰতিশ্ৰুতি ৰক্ষা কৰিম। ভাষন প্ৰসংগত তেওঁ ৰাজ্য চৰকাৰৰ চাৰে চাৰি বছৰীয়া উন্নয়নমূলক কামৰ এক খতিয়ন দাঙি ধৰে। সভাত অংশগ্ৰহণ কৰি নগাঁও সদৰ সমষ্টি বিধায়ক ৰূপক শৰ্মাই কয় বৰ্তমানৰ চৰকাৰখনৰ দিনত ৰাজ্যখনত দ্ৰুত উন্নয়ন হৈছে। তেওঁ চৰকাৰৰ উন্নয়নমূলক কাম-কাজত ৰাইজৰ সহযোগীতা কামনা কৰে। সভাত ৰহা সমষ্টি বিধায়ক ডিম্বেছৰ দাস, অতিৰিক্ত উপায়ুক্ত জয়ন্ত কুমাৰ বৰা , লাচিত দাস আৰু জিলাখনৰ ৭টা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া উপস্থিত থাকে। জিলাখনৰ ১১৬৭ গৰাকী ভূমিহীন খিলঞ্জীয়া লোকক আজি ভূমি পট্টা প্ৰদান কৰা হয়। আজি আনুষ্ঠানিক ভাৱে ৫০ জন লোকক এই পট্টা প্ৰদান কৰা হয়। ইপিনে সভাৰ অন্তত সাংবাদিকে কলং সম্পৰ্কে সোধা এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰী মহন্তই কয় কলঙে নগঞা সভ্যতাক সমৃদ্ধ কৰি আহিছে। এই সভ্যতা হৈছে কলংপৰীয়া সভ্যতা । কিন্তু কলং এতিয়া স্তব্ধ । এই কলং নৈক নিয়ন্ত্ৰিত ৰূপত বোৱাই ৰখাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে। অহা বৰ্ষত নগাঁৱৰ ৰাইজে কলং নৈক নিয়ন্ত্ৰিত ৰূপত বৈ থকা দেখা পাৱ। সাংবাদিকে সোধা আন এক প্ৰশ্নৰ উত্তৰত মহন্তই কয়- মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ জন্মভূমি বটদ্ৰবাৰ বেদখলিকৃত ভূমি বে-দখল মুক্ত কৰা হৈছে। বটদ্ৰৱাক লৈ চৰকাৰে এক আঁচনি গ্ৰহণ কৰিছে। ইয়াৰ জৰিয়তে বটদ্ৰৱাৰ সংৰক্ষণ আৰু উন্নয়নৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। শ্ৰীমন্ত শংকৰদেৱ সংঘই গুৰুজনাৰ নামত স্থাপন কৰা বিশ্ববিদ্যালয়ৰ বাবে পূৰ্বৰ মাটি খিনি উপৰিও নতুনকৈ ৩০০ বিঘা মাটি আমাৰ চৰকাৰে আবন্তন দিছে । বিশ্ববিদ্যালয়খনৰ উন্নয়নৰ বাবে চৰকাৰে সকলো সুবিধা প্ৰদান কৰিব।
মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ উপস্থিতিত ইছলামপুৰত শতাধিক ব্যক্তিৰ বিজেপিত যোগদান
গুৱাহাটী : পূৱ গুৱাহাটী সমষ্টিৰ অন্তৰ্গত ইছলামপুৰত দেওবাৰে অনুষ্ঠিত হোৱা বিজেপিৰ এক সাংগঠনিক সভাত বিভিন্ন স্তৰৰ প্ৰায় শতাধিক ব্যক্তিয়ে বিজেপিত যোগদান কৰে ৷ পূৱ গুৱাহাটী মণ্ডল বিজেপিয়ে আয়োজন কৰা সভাখনত স্হানীয় বিধায়ক তথা গুৱাহাটী উন্নয়ন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য উপস্থিত থাকে ৷ মন্ত্ৰীগৰাকীৰ উপস্থিতিত বৃহত্তৰ ইছলামপুৰৰ প্ৰায় শতাধিক ব্যক্তিয়ে আনুষ্ঠানিকভাবে বিজেপি দলত যোগদান কৰে ৷ বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ উন্নয়ন মুলক কাম-কাজক লৈ যথেষ্ট সন্তুষ্টি লাভ কৰাৰ লগতে স্হানীয় বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই বিগত সময়চোৱাত ইছলামপুৰ অঞ্চলত যথেষ্ট উন্নয়নমূলক কাম কৰাৰ বাবেই বিজেপিক প্ৰতি তেওঁলোকে আকৃষ্ট হৈ যোগদান কৰাৰ কথা উল্লেখ কৰে ৷ এই ক্ষেত্ৰত মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই নিজ সমষ্টিৰ ইছলামপুৰত এনেদৰে বিজেপি দলত যোগদান কৰাৰ বাবেই প্ৰতিগৰাকী ব্যক্তিলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে ৷ লগতে তেওঁ যোগদান কৰা প্ৰতিগৰাকী বিজেপি সদস্যক আগন্তুক দিনত নিষ্ঠা সহকাৰে দলৰ হৈ কাম কৰি যাবলৈ আহ্বান জনায় ৷ ইছলামপুৰ অঞ্চলৰ সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত তেওঁ প্ৰচেষ্টা অব্যাহত ৰাখিব বুলি উল্লেখ কৰে৷ উল্লেখ্য যে পূৱ গুৱাহাটী মণ্ডল বিজেপি আয়োজন কৰা সভাখনত মণ্ডল সমিতিৰ বিষয়ববীয়াৰ লগতে বুথ সভাপতিসহ ভালেসংখ্যক সদস্য উপস্থিত থাকে।
নামতিত অগপৰ বিশাল নিৰ্বাচনী সভা : কংগ্ৰেছ ত্যাগ কৰি ১৭৬ পৰিয়াল অগপত যোগদান
গেলেকী : ২০২১ বৰ্ষৰ বিধান সভা নিৰ্বাচন আগত লৈ অসমৰ প্ৰতিটো ৰাজনৈতিক দলে নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিছে। সমান্তৰালভাৱে আজি ১০৩নং আমগুৰি বিধানসভা সমষ্টিটো অসম গণ পৰিষদ দলে এক বিশাল সমদলেৰে নিৰ্বাচনী ৰণডঙ্কা বজায়। ৰাজনৈতিক দলটোৰ দলীয় কৰ্মীসকলে সমষ্টিটোৰ বিধায়ক প্ৰদীপ হাজৰিকাক আমগুৰিৰ পৰা বৃহৎ মটৰ চাইকেল ৰেলীৰে আদৰি আনি নামতি চাৰিআলিত উস্ম আদৰণি জনায়। বিধায়কগৰাকীক দলীয় কৰ্মীসকলে পুনৰ নামতি চাৰিআলি হাইস্কুল খেলপথাৰ প্ৰাঙ্গণত অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাখনলৈ পদব্ৰজে প্ৰায় ৫০০ মিটাৰ লৈ আনে। অগপ দলৰ বৰুৱা পুখুৰী আঞ্চলিক সমিতিৰ সভাপতি মুক্তি চুতিয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাখনত প্ৰৱীণ অগপ নেতা বিপুল বৰকটকী, যুৱনেতা সুদৰ্শন হাজৰিকা, ইমদাদ হুছেইন, প্ৰভাত হাজৰিকা, ম’ৰাবজাৰ জিলা পৰিষদৰ সদস্য সুমিত্ৰ তামুলীকে প্ৰমুখ্যে বহু নেতা কৰ্মী উপস্থিত থাকে। এই সভাতে বৰুৱা পুখুৰী পঞ্চায়তৰ অন্তৰ্গত ১৭৬টাকৈ পৰিয়ালে কংগ্ৰেছ দল ত্যাগ কৰি অগপ দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ অগপত যোগদান কৰে। যোগদান কৰা প্ৰতিটো পৰিয়ালৰ জ্যেষ্ঠ ব্যক্তিক একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। উক্ত সভাত বিধায়ক প্ৰদীপ হাজৰিকাই আমগুৰিত অগপৰ ভেটি অধিক শক্তিশালী বুলি মন্তব্য কৰাৰ লগতে সমষ্টিটোত কৰা উন্নয়নৰ কৰ্মৰাজীকে মূল শক্তি হিচাপে লৈ নিৰ্বাচনী যুঁজত প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ হুংকাৰ দিয়ে। আনহাতে ২০২১ৰ ৰণত এই সমষ্টিত নিশ্চিত বিজয়ৰ যাত্ৰাত বীৰ যোদ্ধা হিচাবে অংশীদাৰ হ’বলৈ অহা প্ৰতিগৰাকী নৱাগত সদস্যকে দললৈ উষ্ম আদৰণি জনায়।
টিংখাঙৰ তৰুণ কবি তথা সমাজকৰ্মী বিনিন্দ্ৰ গগৈৰ মৃত্যুত শোক
টিংখাংঃ ডিব্ৰুগড় জিলাৰ টিংখাঙৰ তৰুণ কবি, বিশিষ্ট সমাজকৰ্মী তথা সৰবৰহী ব্যক্তি বিনিন্দ্ৰ গগৈ যোৱা নিশা প্ৰায় ১২.৩০নিজৰ বাসগৃহত পৰলোকপ্ৰাপ্তি ঘটে। দীৰ্ঘ দিন ধৰি মধুমেহ আৰু উচ্চ ৰক্তচাপজনিত ৰোগত আক্ৰান্ত হৈ থকা গগৈয়ে শেহতীয়াকৈ জ্বৰ কাহ আদি ৰোগতো আক্ৰান্ত হৈ স্বাস্থ্য ক্ৰমে অৱনতি ঘটে। মৃত্যুৰ সময়ত পত্নীসহ তিনি গৰাকী কন্যা, তিনি ভ্ৰাতৃ আৰু অনেক আত্মীয় স্বজনক এৰি থৈ যায়। ছাত্ৰ অৱস্থাৰ পৰাই কাব্য চৰ্চা কৰা উপৰিও বিভিন্ন সময়ত সামাজিক কাম কাজত সক্ৰিয় ভাৱে জড়িত হৈ থকা গগৈয়ে টিংখাং তেল পথাৰ জনস্বাৰ্থ সুৰক্ষা সমিতি, শালমাৰী দীঘলীয়া যুৱ সংঘ, গাওঁৰক্ষী বাহিনী, পথাৰ পৰিচালনা সমিতি আদি বহু কেইটা অনুষ্ঠান-প্ৰতিষ্ঠানৰ দায়িত্বত থাকি সংক্ৰিয় ভাৱে পৰিচালনা কৰিছিল। আনহাতে ৰাজনৈতিক ক্ষেত্ৰ lখনতো অসম গণ পৰিষদ দল শালমাৰী আঞ্চলিক সমিতিৰ সভাপতি হিচাপে জাতীয় জীৱনলৈ সেৱা প্ৰদান কৰিছিল । তেওঁৰ মৃত্যুত স্থানীয় বিভিন্ন দল সংগঠনে গভীৰ শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।
নাজিৰাত উন্নয়নৰ নতুন বাৰ্তা দিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই : ৭টাকৈ পথৰ শুভাৰম্ভ কৰি সমাধিক্ষেত্ৰ উন্নয়নৰ বাবে আগবঢ়ালে ৫০লাখকৈ টকা
গেলেকী : দিনজোৰা কাৰ্যসূচীৰে উজনি অসমৰ নাজিৰাত উন্নয়ণৰ নতুন বাৰ্তা দিলে মন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মাই। ৪ অক্টোবৰৰ আবেলি পৰত মন্ত্ৰীৰ নাজিৰা আগমণ। ঠিক তাৰ পাছতেই নাজিৰাত ৭টাকৈ পথৰ পুনৰ নিৰ্মাণৰ কামৰ শুভাৰম্ভ কৰি একেদৰে শিমলুগুৰিত প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে অসম চৰকাৰৰ বিত্ত, স্বাস্থ্য, শিক্ষা তথা গড়কাপ্তানী মন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মাই, তেখেত নাজিৰাত উপস্থিত হৈ সমষ্টিটোৰ বিভিন্ন উন্নয়নমূলক কামৰ শুভাৰম্ভ কৰে। মন্ত্ৰীগৰাকীয়ে শিমলুগুৰিস্থিত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া উদ্যানৰ প্ৰতিমূৰ্তিত সেৱা জনাই মাল্যৰ্পণ কৰি সমাধিক্ষেত্ৰ উন্নয়ণৰ বাবে বিত্তমন্ত্ৰীয়ে আগবঢ়ালে ৫০ লাখ টকা। য’ত ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিযুষ হাজৰিকা, মন্ত্ৰী যোগেন মহন, প্ৰাক্তন সাংসদ কামাখ্যা প্ৰসাদ তাচা, সোণাৰি সমষ্টিৰ বিধায়িকা নৱনীতা সন্দিকৈ আৰু বিধায়ক ও বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া উপস্থিত থাকে। বিজেপি চৰকাৰৰ আমোলত নাজিৰাত বহুকেইটা পথৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰীগৰাকীয়ে। পথকেইটাৰ কাম সোমবাৰৰ পৰা আৰম্ভ হ’ব আৰু নিৰ্বাচনৰ আগত সম্পূৰ্ণ হ’ব বুলি প্ৰকাশ কৰে মন্ত্ৰী শৰ্মাই। লগতে মন্ত্ৰীগৰাকীয়ে বেতনবঞ্চিত শিক্ষকসকলৰ সমস্যা অহা নৱেম্বৰ মাহত সমাধান হ’ব বুলিও মন্তব্য প্ৰকাশ কৰে ৷












