নাজিৰা : ইন্ধন জাতীয় সামগ্ৰীকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি আৰু চৰকাৰৰ নতুন উদ্যোগ নীতিৰে যি অসম বিৰোধী তথা জাতিধ্বংসী অধ্যাদেশ জাৰি কৰিছে সেই অধ্যাদেশ প্ৰত্যাহাৰৰ দাবীত আজি নাজিৰা নগৰৰ মাজমজিয়াত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল , খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ফণীভূষণ চৌধুৰী আৰু বাণিজ্য — উদ্যোগ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ প্ৰতিকৃতি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ” সংগ্ৰামী যুৱ – ছাত্র পৰিষদ , অসম ” ৰ নাজিৰা আঞ্চলিক সমিতিয়ে । সংগঠনটোয়ে যোগান বিভাগক দাবী উত্থাপন কৰে যে , কৰ’না মহামাৰীৰ সময়ত চৰকাৰে লকডাউনৰ দৰে পৰিস্থিতি ঘোষণা কৰিবলৈ বাধ্য হোৱাৰ সময়তে অসমৰ সাধাৰণ জনতাই অত্যন্ত আৰ্থিক অভাৱ অনাটনৰ মাজত দিন কটাবলগীয়া হৈছে । তেনে সময়তে যোগান বিভাগে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিৰ্ধাৰণৰ ক্ষেত্ৰত উপযুক্ত পদক্ষেপ গ্ৰহণ নকৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাক একেবাৰে কোঙা কৰি পেলাইছে । প্ৰতিবাস্থলীত উপস্থিত থাকি সংগ্ৰামী যুৱ – ছাত্ৰ পৰিষদৰ শিৱসাগৰ জিলা সমিতিৰ উপ — সভাপতি পংকজ দত্তই দাবী উত্থাপন কৰি কয় যে , অতি সোনকালে যোগান বিভাগৰ দায়িত্বত থকা মন্ত্ৰী গৰাকীয়ে মূল্য নিৰ্ধাৰণৰ ক্ষেত্ৰত সঠিক পদক্ষেপ গ্ৰহণ কৰি যোগান বিভাগটো গতিশীল কৰক , অন্যথা মন্ত্ৰী পদৰ পৰা অব্যাহতি লওক । আনহাতে ৰাজ্যিক কেবিনেটত উত্থাপিত হোৱা অনুমতি বিহীন নতুন ভূমি নীতি অধ্যাদেশ খনক সংগঠনটোয়ে পোনচাতেই নস্যাৎ কৰি খিলঞ্জীয়াক ভূমিৰ অধিকাৰ দিব নোৱাৰা বি জে পি নেৰ্তৃত্বাধীন চৰকাৰখনক তীব্ৰ ভাষাৰে নিন্দা কৰি খিলঞ্জীয়াক ভূমিৰ অধিকাৰ প্ৰদান কৰাৰ দাবী জনায় । জাতি — মাটি — ভেটিৰ কথা কৈ শাসনলৈ অহা বি জে পি নেৰ্তৃত্বাধীন চৰকাৰে উদ্যোগ স্থাপনৰ নামত অসমৰ খিলঞ্জীয়া লোকসকলৰ ভূমিৰ অধিকাৰ খৰ্ব কৰি খিলঞ্জীয়াক ভাতে মৰাৰ পৰিকল্পনা কৰা বুলি অভিযোগ কৰি সংগঠনটোৰ প্ৰতিবাদ কাৰী সকলে চৰকাৰ বিৰোধী ধৰ্ণাৰে উত্তাল কৰি তোলে ।
নাজিৰাৰ যুবকৰ নতুন উদ্যোগ : অসমীহাট অনলাইন ৱেবছাইট উদ্ধোধন ৷
নাজিৰা : ৰাজ্যৰ নতুন প্ৰজন্মৰ কৰ্ম সংস্কৃতিৰ নতুন সংযোজন হিচাপে আজি নাজিৰা প্ৰেছ ক্লাবত নাজিৰাৰ এদল যুবকৰ অসমীহাট নামৰ এটি অনলাইন ৱেবছাইট মুকলি কৰা হয় ৷ কৰ্মসংস্কৃতিৰ প্ৰতি ধাউতি নাই বুলি প্ৰচাৰিত ধাৰণা ভুল প্ৰমাণিত নাজিৰাৰ ছজনীয়া এটি দলে অনলাইনৰ জৰিয়তে বিভিন্ন সামগ্ৰী তথা কিতাপপত্ৰ ঘৰে ঘৰে দিব পৰাকৈ আৰম্ভ কৰা অসমীহাট আজি নাজিৰা প্ৰেছ ক্লাবত শুভউদ্ধোধন কৰে নাজিৰা প্ৰেছ ক্লাবৰ সভাপতি ,জ্যেষ্ঠ সাংবাদিক বুলু চেতিয়াই ৷ অনুজ ৰাজখোৱাৰ সভাপতিত্বত অনুষ্ঠিত সভাত আছুৰ শিৱসাগৰ জিলাৰ সভাপতি অসীম দত্ত ,নাজিৰা জিলা সাংবাদিক সন্হাৰ সম্পাদক অনন্ত কলিতা ,মুক্ত সাংবাদিক সন্হা নাজিৰাৰ সম্পাদক দিলীপ হাজৰিকা ,শিমলুগুৰি প্ৰেছ গীল্ডৰ সভাপতি মিন্টু চিত্ৰকৰকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷ নাজিৰাৰ কৃষ্ণজ্যোতি চুতীয়া ,শ্যামলজ্যোতি গগৈ ,শৰত গগৈ ,উজ্জ্বল গগৈ আৰু ধ্ৰুৱজ্যোতি কলিতাই আগভাগ লোৱা এই অসমীহাট ৱেবছাইটৰ জৰিয়তে বহুত যুবক উপকৃত হব পাৰিব বুলি আশা কৰিব পাৰি ৷
দৰঙত এদিনতে আক্ৰান্ত ৬৭ জন, মঙলদৈ থানা হমগাৰ্ড, বন বিভাগৰ কৰ্মচাৰীও পজিটিভ। জিলা প্ৰশাসনৰ হাহাকাৰ, ৩৮ জন ৰোগীক ৰাখিবলৈ চিকিৎসালয়ত ঠাইৰ অভাৱ।
মঙলদৈ : দৰং জিলাত দ্ৰুত হাৰত বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা । আজিৰ দিনটোতেই ৬৭ জন লোক ক’ভিড আক্ৰান্তৰ ৰিপোৰ্ট আহিছে। জিলা তথ্য আৰু জনসংযোগ বিভাগে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিৰ মতে ইয়াৰ অধিকাংশলোক বহি:ৰাজ্যৰ পৰা আহি কোৱাৰান্টাইন হৈ আছিল বুলি জানিব দিয়ে । আনহাতে অসম লক্ষ্য প্ৰণোদিত নিৰীক্ষণ কাৰ্যসূচীৰ অধীনত শ্লেষ্মাৰ নমুনা প্ৰদান কৰা দৰং বন্যপ্ৰাণী সংমণ্ডলৰ কৰ্মচাৰী পূৰ্ণকান্ত পেগু, ধৰ্ম কান্ত বড়োৰ লগতে মঙলদৈ সদৰ থানাৰ নগৰীয়া শাখাৰ গৃহৰক্ষী বাহিনীৰ জোৱান ৰচীম আলীৰ শৰীৰত ধৰা পৰিছে ক’ভিড-১৯ ৰ উপস্থিতি। পেগু আৰু বড়ো দুয়োজনেই জিলা বন বিষয়া কাৰ্যালয়ৰ কৰ্মচাৰী হোৱা হেতুকে কাৰ্যালয়টোৰ একাংশ কন্টেনমেন্ট জুন ঘোষণা কৰিছে। আনহাতে ৰচিম আলী আৰক্ষী বিভাগৰ লোক হোৱা বাবে তেওৰ সংস্পৰ্শলৈ অহা আৰক্ষী লোক সকলক হোম কোৱাইন্টাম কৰা হৈছে । ইফালে আজিৰ দিনটোতেই ৬৭ জন লোকৰ দেহত কভিড পজিটিভ ধৰা পৰাৰ লগে লগে হাহাকাৰ লাগিছে দৰং জিলা স্বাস্থ্য বিভাগত কিয়নো ইয়াৰে ৩৮ জন লোকক ৰাখিবলৈ মঙ্গলদৈৰ কভিড হস্পিতাল সমূহত ঠাই নোহোৱা হৈছে। মঙ্গলদৈ অসামৰিক চিকিৎসালয়, জনৰাম চৌকা মডেল হস্পিতালত ইতিমধ্যে ৰোগীৰে পৰিপূৰ্ণ হৈ আছে আনহাতে দৰং জিলা উপায়ুক্ত দিলীপ কুমাৰ বৰাই এই ৩৮ জন কভিড পজিটিভ ৰোগীক চিকিৎসাৰ বাবে শোণিতপুৰ জিলা প্ৰশাসনৰ সৈতে যোগাযোগ কৰিছে। আজিৰ দিনটোত দৰং জিলাত কভিড হস্পিতাল সমূহ সম্পূৰ্ণ হৈ পৰাত জিলাবাসীৰ বাবে সমস্যাৰ সৃষ্টি হৈ পৰিব, কিয়নো ইতিমধ্যে বহুকেইজন লোকৰ স্বাৱৰ নমুনা প্ৰেৰণ কৰা হৈছে তেওঁলোকৰ মাজৰ পৰা যদিহে কভিড পজিটিভ ব্যক্তি ওলায় তেওঁলোকে চিকিৎসাৰ বাবে সমস্যাৰ সৃষ্টি হব এফালে অসম লক্ষ্য প্ৰণোদিত কাৰ্যসূচীৰ অধীনত ৰাজহুৱা ভাৱে স্বাৱৰ নমুনা সংগ্ৰহ অব্যাহত আছে আৰু আনফালে জিলাখনত ভয়াবহ গণ সংক্ৰমণ বৃদ্ধি পোৱাই আৰু অধিক কভিড পজিটিভ হোৱাৰ সম্ভৱনা নুই কৰিব নোৱাৰি। উল্লেখযোগ্য যে, এতিয়ালৈকে জিলাখনৰ ৩৬০ জন লোক ক’ভিডত আক্ৰান্ত হৈছে আৰু ১০৩ জন লোক বৰ্তমান চিকিৎসাধীন হৈ আছে। আনহাতে সুখৰ বতৰা যে ২৫৭ জনক সুষ্ট হৈ ঘৰলৈ উভটিছে। মঙলবাৰে আক্ৰান্ত হোৱা লোককেইজনক চিকিৎসাৰ বাবে বিভিন্ন চিকিৎসালয় আৰু মেডিকেল কলেজ হাস্পতাললৈ স্থানান্তৰ কৰাৰ বাবে জিলা প্ৰশাসনৰ সহযোগত ব্যৱস্থা গ্ৰহণ কৰিছে স্বাস্থ্য বিভাগে।
ক’ৰোনা লৈ শাসকীয় পক্ষৰ ৰাজনীতি : গভীৰ উদ্বেগ প্ৰকাশ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়াৰ।
নাজিৰা : ৰাজ্যৰ শাসকীয় পক্ষই ৰাজনৈতিক হেঁচাৰ ফলত Indian Council For Medical Research (আই চি এম আৰ) ৰে ক’ভিড-১৯ ৰ ভেকচিন সঠিকভাৱে পৰীক্ষা নকৰাকৈ ১৫ আগষ্টৰ ভিতৰত বজাৰত মুকলি কৰি দিয়াৰ যো-জা চলোৱাক লৈ উদ্বেগ প্ৰকাশ কৰিছে অসম বিধান সভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। এক প্ৰেছ বিজ্ঞপ্তি যোগে শইকীয়াই কয় যে ভাৰত বায়োটেক ইণ্টাৰনেছনেল লিমিটেড (BBIL) ৰ পৃষ্ঠাপোষকতাত ক’ভাকচিন নামেৰে কোভিডত-১৯ ৰ এটা ভেকচিন প্ৰস্তুত কৰাৰ প্ৰক্ৰিয়া যোৱা মে’ মাহৰ পৰা আৰম্ভ কৰা হৈছে। শেহতীয়াকৈ এই ভেকচিনটো প্ৰস্তুতিকৰণ প্ৰক্ৰিয়া অস্বাভাৱিকভাৱে ক্ষীপ্ৰ কৰাৰ প্ৰচেষ্টা কৰা হৈছে, যিটো সঠিক নহয়। গোটেই বিশ্বতে এতিয়া বিভিন্ন দেশত কোভিড প্ৰতিষেধক নিৰ্মাণ কৰাৰ বাবে গৱেশনা চলি আছে। ইউৰোপৰ এটা কোম্পানীয়ে এনে প্ৰতিষেধক অহা ছেপ্তেম্বৰত তৈয়াৰ হ’ব পাৰে বুলি ঘোষণা কৰিছে। চীন দেশটো ৫ টা প্ৰতিষেধক গৱেষণা চলি আছে আৰু এই বছৰৰ শেষৰ ফালে এটা বজাৰত ওলাব পাৰে বুলি জানিব পৰা গৈছে। ইতিপূৰ্বে পলিঅ’, ডিপথেৰিয়া, সৰু আই, ৰুবেলা আদি বিভিন্ন ৰোগৰ প্ৰতিষেধক বেজী ওলাইছে কিন্তু এইবিলাকৰ ক্ষেত্ৰত বহু বছৰ গৱেষণাৰ ফলত পোৱা গৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰ চৰকাৰেও কৈছে যে একৰ পৰা ডেৰ বছৰৰ পিছতহে এটা কৰ’নাৰ প্ৰতিষেধক ওলাব পাৰে। শইকীয়াই কয় যে বিশেষজ্ঞৰ অনুসৰি যিকোনো ভেকচিন প্ৰস্তুত কৰোতে দুবছৰৰ পৰা পাচ বছৰ সময় লাগে। কোভিড-১৯ ৰ ক্ষেত্ৰত চীনকে ধৰি কোনো দেশে এই বছৰৰ শেষ ভাগৰ আগত ভেকচিন প্ৰস্তুত কৰিব পাৰিব বুলি দাবী কৰিব পৰা নাই। আই চি এম আৰৰ প্ৰাক্তন সঞ্চালক প্ৰধান এন কে গাংগুলীৰ উক্তি দি দেৱব্ৰত শইকীয়াই কয় যে ভাৰতত ক’ভিড-১৯ ভেকচিন প্ৰস্তুত কৰিবলৈ কমেও ১৮ মাহ সময় লাগিব। কাৰণ এটা ভেকচিন প্ৰস্তুত কৰোতো বহু প্ৰকাৰৰ সঠিক পৰীক্ষাৰ প্ৰয়োজন হয়। এই পৰীক্ষা প্ৰক্ৰিয়াৰ ভিতৰত নিগনি, বান্দৰ আদিৰ ওপৰত ভেকচিনটো পৰীক্ষা কৰাৰ উপৰিও মানুহৰ ওপৰত কমেও তিনিটা পৰ্যায়ৰ পৰীক্ষা কৰিব লাগিব। তেনেস্থলত মে’ মাহত প্ৰক্ৰিয়া আৰম্ভ কৰি আগষ্ট মাহৰ ভিতৰত যদি কোনো ভেকচিন প্ৰস্তুত কৰা যায় সেই ভেকচিন ক’ভিড-১৯ প্ৰতিৰোধত কিমান সফল হ’ব সেইটো সহজে অনুমেয়। বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই লগতে কয় যে শাসকীয় দলে পৰিকল্পনা কৰা যেন লাগিছে যাতে ১৫ আগষ্টত যেতিয়া প্ৰধান মন্ত্ৰীয়ে দেশবাসীক সম্বোধন কৰিব তেতিয়া ভাৰতে ক’ভিড-১৯ ৰ ভেকচিন প্ৰস্তুত কৰিছে বুলি ঘোষণা কৰি বাঃ বাঃ ল’ব পাৰে। কিন্তু ভেকচিনটো ক্ৰিয়া তথা পাৰ্শ্বক্ৰিয়া ভালকৈ অনুধাৱন নকৰাকৈ ব্যৱহাৰৰ বাবে মুকলি কৰি দিলে হিতে বিপৰিত হোৱাটো নিশ্চিত। সেই হেতুকে অধিক সময় লাগিলেও সঠিক পৰীক্ষা প্ৰক্ৰিয়া অৱলম্বন নকৰাকৈ এই ভেকচিন ভাৰতৰ বজাৰত মুকলি কৰি দিয়াটো উচিত নহ’ব বুলি বিৰোধী দলপতি গৰাকীয়ে বিবৃতিটোত লগতে মত প্ৰকাশ কৰে।
ঘোষণাতে আবদ্ধ নহয় কাৰ্য্য ক্ষেত্ৰতো সফল বিধায়ক বলিন চেতীয়া।
ডিৰাক সীমান্ত : বিগত কেইদিনমান পূৰ্বে নেৰানেপেৰাকৈ দিয়া বৰষুণৰ বাঢ়নী পানীত অসম অৰুণাচল সীমান্তৱৰ্তী তিনিচুকীয়া জিলাৰ ১২৬ নং শদিয়া বিধানসভা সমষ্টিৰ কাকপথাৰ উন্নয়ন খণ্ডৰ অৰ্থাৎ ডিৰাক গাঁও পঞ্চায়তৰ অন্তৰ্গত বৰডিৰাক আৰু ন চোমণি গাঁও সংযোগী পথৰ ডিৰাক নদীৰ ওপৰত থকা দলংখন উটুৱাই লৈ যায়। কেইবাদিনো যোগাযোগ বিচ্ছিন্ন হৈ থকাত গাঁওবাসীয়ে উপায়ন্তৰ হৈ শ্ৰমদানেৰে দলংখন পুনৰ নিৰ্মাণ কৰাৰ সিদ্ধান্ত লৈ যোৱা ৩ জুলাইত দলংখন নিৰ্মাণ কৰি থাকোতে নদীত পৰি কৰুণ মৃত্যুক সাৱটি ল’ব লগা হৈছিল জগত কোঁৱৰ (৪৫) নামৰ ব্যক্তিজন । মৃত্যু সময়ত তেখেতে পত্নীসহ পাঁচগৰাকী কন্যা সন্তানক এৰি থৈ যায় । যোৱা ৫ জুলাইত ব্যক্তিজনৰ ঘৰত ১২৬ নং শদিয়া বিধান সভা সমষ্টিৰ বিধায়ক বলীন চেতিয়াই উপস্থিত হৈ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা চাৰি লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান আৰু কেন্দ্ৰীয় চৰকাৰলৈ সাহায্যৰ বাবে প্ৰস্তাৱ প্ৰেৰণ কৰাৰ কথা ঘোষণা কৰা মৰ্মে আজি ডুমডুমা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত তিনিচুকীয়া জিলা অতিৰিক্ত উপায়ুক্ত পলাশ আহোম আৰু নীলুৰাম শৰ্মা দেৱৰ লগতে বিধায়ক প্ৰতিনিধি সীমান্ত মৰাণ, যুৱ মৰ্চা ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সদস্য সুৰজিত মৰাণ, ডিৰাক গাওঁ পঞ্চায়তৰ সভাপতি ৰাণা হাজৰিকাৰ উপস্থিতিত বিধায়ক বলিন চেতিয়াই জগত কোঁৱৰৰ পত্নী মন্দিৰা কোৱঁৰক ৪,০০০০০ টকা চেক প্ৰদান কৰে৷ বিধায়ক গৰাকীৰ অতি ক্ষীপ্ৰতাৰে গ্ৰহণ কৰা এনে কাৰ্য্যক পৰিয়ালৰ লগতে গাঁওবাসীয়ে শলাগ লৈছে।
প্ৰয়াত প্ৰিয়ংকা বড়োৰ পিতৃক ৪ লাখ টকাৰ সাহৰ্য্য প্ৰদান মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ ৷
আৰ্থিক অনুদানৰ পত্ৰ খাৰঘুলি হিড়িম্বাপুৰত যোৱা ২৮ জুনত সংঘটিত ভুমিস্খলনৰ ঘটনাত নিহত হোৱা গুৱাহাটী কলেজৰ মেধাবী ছাত্ৰী প্ৰিয়ংকা বড়োৰ পিতৃ কুশল বড়ো চৌধুৰীক সোমবাৰে অসম চৰকাৰৰ তৰফৰ পৰা ৪ লাখ টকাৰ সাহৰ্য্য প্ৰদান কৰা হয়৷ কামৰুপ মহানগৰ জিলা প্ৰশাসন তথা গুৱাহাটী ৰাজহ বিভাগৰ বিষয়ববীয়াৰ উপস্থিতিত গুৱাহাটী উন্নয়ন মন্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই নৃত্য শিল্পী গৰাকীৰ বিয়োগত যথেষ্ট দুখ প্ৰকাশ কৰাৰ লগতে শোকসমপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জনায়৷ সোমবাৰে শিল্পী গৰাকীৰ বাসগৃহত আদ্যশ্ৰাদ্ধ অনুষ্ঠানত পূৱ গুৱাহাটী সমষ্টিৰ বিধায়ক তথা গুৱাহাটী উন্নয়ন মন্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য গুৱাহাটী ৰাজহ চক্ৰ বিষয়া আদিত্য গগৈসহ কেইবাগৰাকী বিষয়াৰ উপস্থিত হৈ প্ৰিয়ংকা বড়োৰ পিতৃ কুশল বড়ো চৌধুৰীৰ হাতত ৪ লাখ টকাৰ আৰ্থিক অনুদান পত্ৰ প্ৰদান কৰে৷ উল্লেখ্য যে কিছু দিন পূৰ্বে মন্ৰীগৰাকীয়ে প্ৰিয়ংকা বড়োৰ বাসগৃহত উপস্থিত হৈ ব্যক্তিগতভাৱে নগদ দহ হেজাৰ টকা আৰ্থিক অনুদান হিচাপে আগবঢ়ায় ৷
দৰিদ্ৰৰ বাবে সাহায্য হিচাপে বন্ধনৰ প্ৰতিস্থাপক চন্দ্ৰশেখৰ ঘোচ, এফ আই টি আৰু এন ই এফ আই টিৰ ৫০ কোটি টকাৰ সাহায্য ৷
গুৱাহাটী : নাৰী সবলীকৰণ আৰু দৰিদ্ৰতা দূৰীকৰণৰ লক্ষ্য আগত লৈ চন্দ্ৰশেখৰ ঘোচে ২০০১ চনত এটি এন জি অ’ হিচাপে বন্ধন প্ৰতিষ্ঠা কৰিছিল ৷ ইয়াৰ বাবে বন্ধনে উপাৰ্জনমুখী কামৰ উদ্দেশ্যে আৰ্থিকভাৱে পিছপৰা মহিলাসকলক ক্ষুদ্ৰ ঋণ প্ৰদান কৰি আহিছে ৷ এদিন এই এন জি অ’টোৱে লক্ষ্যস্থানত উপনীত হয় আৰু আৰ্থিকভাৱে পিছপৰা লোকসকলক উন্নয়নমূলক পৰিকল্পনাৰ বাবে ফাইনেন্সিয়েল ইনক্লুজন ট্ৰাষ্ট (এফ আই টি) আৰু নৰ্থ-ইষ্ট ফাইনেন্সিয়েল ইনক্লুজন ট্ৰাষ্ট (এন ই এফ আই টি) নামৰ দুটা ন্যাস গঠন কৰে ৷ ২০১৫ চনত বন্ধন বেংকলৈ ৰূপান্তৰিত হয় আৰু এফ আই টি আৰু এন ই এফ আই টিয়ে বেংকটোৰ প্ৰমোটাৰ হিচাপে ভূমিকা পালন কৰে ৷ দেশ বৰ্তমান গভীৰ সংকটৰ সন্মুখীন হৈছে ৷ ইফালে কৰ’না ভাইৰাছে মহামাৰীৰ ৰূপ ধাৰণ কৰি ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৷ দেশৰ এই সংকটৰ সময়ত এফ আই টি আৰু এন ই এফ আই টিৰ সৈতে ব্যক্তিগত সামৰ্থ্যৰে বন্ধনৰ প্ৰতিস্থাপক চন্দ্ৰশেখৰ ঘোচে আৰ্থিকভাৱে পিছপৰা লোকসকলৰ খাদ্যৰ প্ৰয়োজন পূৰণৰ চেষ্টা চলাইছে ৷ একে সময়তে চন্দ্ৰশেখৰ ঘোচ, এফ আই টি আৰু এন ই এফ আই টিয়ে ৰাজ্যসমূহৰ মুখ্য মন্ত্ৰীৰ সাহায্য পূজিলৈ ২৫ কোটি টকাৰ সাহায্য আগবঢ়াইছে আৰু প্ৰধান মন্ত্ৰীৰ সাহায্য পূজিলৈ ২৫ কোটি ১ লাখ টকাৰ বৰঙণি আগবঢ়াইছে ৷ প্ৰতিটো দুখীয়া পৰিয়ালৰ ১৫ দিনৰ খাদ্যৰ প্ৰয়োজন পূৰণ কৰিবলৈ ১,০০০ টকা নিৰ্ধাৰণ কৰি এই ৫০ কোটি ১ লাখ টকা দেশৰ মুঠ ৫ লাখ পৰিয়ালৰ সহায়ৰ বাবে প্ৰদান কৰিছে ৷
লকডাউনে সলনি কৰিছে বহুতৰে জীৱনৰ গতিপথ ৷ অসমীয়াৰ স্বাভিমানৰ প্ৰতীক ফুলাম গামোচাৰে তৈয়াৰী মাস্ক বিক্ৰীৰে কৰি গৈছে জীৱন যুঁজৰ আন এক সংগ্ৰাম ৷
✍ দ্বীপেন শইকীয়া
বিশ্বব্যাপী ত্ৰাসৰ সৃষ্টি কৰা ক’ৰোনা ভাইৰাছৰ ভয়াৱহতাৰ বাবে দেশজুৰি অব্যাহত থকা তলাবন্ধৰ ফলত বহু ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়ীয়ে হতাশাত দিন অতিবাহিত কৰিছে ৷ যোবা ২৪ মাৰ্চৰ পৰা সমগ্ৰ দেশত অব্যাহত থকা তলাবন্ধৰ ফলত তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে দৈনিক ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়ৰ লগত জড়িত শ্ৰেণীটো ৷ অৱশ্যে চতুৰ্থ পৰ্যায়ৰ তলাবন্ধৰ সময়ত কিছু কিছু ক্ষেত্ৰত বহুখিনি শিথিলতা অহাত একাংশ কমোদ্যমী ক্ষুদ্ৰ ব্যৱসায়ীয়ে কিন্তু হাত সাবতি ঘৰত বহি নেথাকি পূৰ্বৰ উপাৰ্জনৰ উৎসৰ পৰিৰ্বতে সাম্প্ৰতিক পৰিস্থিতিৰ লগত মিলাই এই ক্ষুদ্ৰ ব্যৱসায়ীক শ্ৰেণীটোবে অন্যধৰণে আৰম্ভ কৰিছে জীৱন জীয়াৰ আন এক সংগ্ৰাম ৷ দিৰ্ঘদিনীয়া তলাবন্ধত পূৰ্বৰ ব্যৱসায়ত সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হোবা এইসকল ক্ষুদ্ৰ ব্যৱসায়ীয়ে বৰ্তমান হাতত থকা সীমিত জমা ধনেৰে আৰম্ভ কৰিছে পুনৰ এটা নতুন ব্যৱসায় ৷ এই নতুন ব্যৱসায় কৰি দৈনিক উপাৰ্জন কৰিছে ২৫০ টকাৰ পৰা আৰম্ভ কৰি ৬০০-৭০০ টকা পৰ্যন্ত ৷ সেই টকাৰে তেওঁলোকে পৰিচালনা কৰি গৈছে নিজৰ নিজৰ পৰিয়াল-সংসাৰ সমূহ ৷ ক’ৰোনা ভাইৰাছক প্ৰতিহত কৰাৰ ক্ষেত্ৰত বৰ্তমান সৰ্বসাধাৰণ ৰাইজৰ মাজত মাস্ক এবিধ অত্যাৱশ্যকীয় সামগ্ৰী ৰূপে পৰিগণিত হোবাৰ সময়তে বহু লোকে এতিয়া মাস্ক বিক্ৰী কৰাতো এক জীৱিকা ৰূপে গ্ৰহণ কৰিছে ৷ এইক্ষেত্ৰত থলুৱাভাৱে উৎপাদিত অসমীয়াৰ স্বাভিমানৰ প্ৰতীক ফুলাম গামোচা খনকে বাচি লৈ একাংশই আৰম্ভ কৰিছে এই নতুন ব্যৱসায় ৷ এইক্ষেত্ৰত নগাঁৱৰ কলংপাৰ সাৰ্ব্বজনীন শিৱ মন্দিৰৰ প্ৰাংগণত মন্দিৰলৈ অহা দৰ্শনাৰ্থী সকলৰ সুবিধাৰ্থে মিঠা তেলৰ চাকি-বন্তি,ঘিউৰ বন্তি,ধূপ,মেছৰ লগতে মন্দিৰত প্ৰয়োজন হোবা ভিন্ন বিধ উপাসনাৰ সামগ্ৰী,নতুন মুৱাইল ফোনৰ চিম কাৰ্ডৰ সংযোগ,মুৱাইলৰ ৰিৰ্চাজ কাৰ্ড,মুৱাইল কৰ্ভাৰ,কলম,ভিন্ন বিধ অন্যান্য সামগ্ৰী বিক্ৰী কৰি আজি পোন্ধৰ-ষোল্ল বছৰে নিজৰ পৰিয়ালটো পৰিচালনা কৰি অহা চহৰৰ পাৰ্শ্ব্ৱ্তী হুঁজ গাঁৱৰ এজন উচ্চ শিক্ষিত কৰ্মোদ্যমী যুৱক বিপুল কলিতা ৷ চহৰৰ প্ৰায় সংখ্যক লোকৰ মাজতে অতিকৈ পৰিচিত বিপুল এজন ক্ষুদ্ৰ ব্যৱসায়ী ৷ সমগ্ৰ দেশতে আজি তলাবন্ধই সত্তৰ দিন অতিক্ৰম কৰিলে ৷ ক’ৰোনা ভাইৰাছৰ এই ভয়াৱহ পৰিস্থিতি ৰাজ্যখনলৈ অহাৰ আগতে মই কলংপাৰৰ সাৰ্ব্বজনীন শিৱ মন্দিৰৰ প্ৰাংগণত এই ক্ষুদ্ৰ দোকান খন দি পৰিয়াল চলাই আছিলো ৷ নগাঁৱৰ আদালত,জিলা উপায়ুক্ত,আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ ওপৰি আন আন চৰকাৰী কাৰ্যালয় সমূহত কৰ্মৰত চাকৰীয়াল সকল,চহৰৰ ভিন্ন খন কলেজৰ ছাত্ৰছাত্ৰী সকলে মোৰ দোকানৰ পৰাই বিভিন্ন মুৱাইলৰ নতুন সংযোগ,মুৱাইলৰ ৰিৰ্চাজ কাৰ্ডৰ ওপৰি মন্দিৰলৈ অহা অসংখ্য দৰ্শনাৰ্থীয়ে মিঠাতেল,ঘিউৰ চাকি-বন্তি-ধূপ-মেছৰ লগতে মন্দিৰত উপাসনাৰ বাবে প্ৰয়োজনীয় সামগ্ৰী সমূহ মোৰ পৰা ক্ৰয় কৰি আহিছিল ৷ কিন্তু,আজি দিৰ্ঘদিনীয়া তলাবন্ধৰ ফলত সেই সকলো ব্যৱসায়ত যতি পেলালে ৷ দিৰ্ঘদিনীয়া তলাবন্ধৰ সময়ত ঘৰতে বহি থাকিলো বিভিন্ন ঘৰুৱা কাম-কাজ কৰি লগতে লৰা-ছোৱালী হতঁৰ লগত ব্যস্ত হৈ থাকি ৷ যদিও চৰকাৰে চতুৰ্থ পৰ্যায়ৰ তলাবন্ধৰ পিছত নিতী-নিয়ম এতিয়া কিছু শিথিল কৰিছে আৰু পূৰ্বৰ দৰে বৰ্তমান ৰাইজ মঠ-মন্দিৰলৈ আহিব লৈছে ৷ গতিকে,আমাৰ দৰে ক্ষুদ্ৰ ব্যৱসায়ীয়ে সেয়ে এতিয়া বজাৰত বাঢ়ি অহা প্ৰয়োজনীয়তাৰ প্ৰতি গুৰুত্ব দি উন্নত মানদণ্ডৰ ফুলাম গামোচাৰে তৈয়াৰী মাস্কৰ লগতে N-95 মাস্ক, গ্ৰামাঞ্চলৰ বিভিন্ন আত্মসহায়ক গোটৰ মহিলা গোটে তৈয়াৰ কৰা ফুলাম গামোচাৰ মাস্ক সমূহ বিক্ৰী কৰাত নিয়োজিত হোৱাৰ কথা ভৌৰৱেৰে ব্যক্ত কৰে ক্ষুদ্ৰ ব্যৱসায়ৰে নিজৰ পিতৃ-মাতৃ,পত্নীৰ লগতে দুটি সন্তানৰে ছয় জনিয়া পৰিয়ালটো পৰিচালনা কৰা ৩৪ বছৰীয়া এইগৰাকী উচ্চ শিক্ষিত তথা কৰ্মোদ্যমী যুৱক বিপুল কলিতাই ৷ বৰ্তমান জনমানসত গামোচাৰে তৈয়াৰী মাস্কৰ চাদিহা বৃদ্ধি পোৱাত দৈনিক চাৰিশ টকাৰ পৰা আৰম্ভ কৰি ছশ-সাতশ টকালৈকে উপাৰ্জন কৰিবলৈ সক্ষম হোবা বুলি জনায় এইজন যুৱ ব্যৱসায়ীয়ে ৷ আনহাতে, পূৰ্বে নগাঁও চহৰৰ শ্বহীদ ভৱনৰ সন্মুখত এখন ঠেলাত আটকধুনীয়াকৈ সুসজ্জিত ৰূপত শিশু সকলৰ উপযোগী বিভিন্ন খন জ্ঞানৰ পুথি,সাধুকথাৰ কিতাপ,কবিতা,ৰসাল গ্ৰন্থ,দেশ-বিদেশৰ নানা লাগতিয়াল জ্ঞানৰ কিতাপ,বিভিন্ন অসমীয়া ফকঁৰা যোজনা,হিন্দী চায়েৰী,ইংৰাজী সাধুকথা আদিৰ কিতাপ,কলম,স্কেল,ৰং-পেঞ্চিল,ৰৱৰ,কাৰ্যালয়ৰ বিভিন্ন বিধ সামগ্ৰী বিক্ৰী কৰি নিজৰ দেউতাকৰ লগতে তেওঁৰ চাৰি জনিয়া পৰিয়ালটো পৰিচালনা কৰা নগাঁৱৰ কছলুখোৱা নিৱাসী মঞ্জু দাসে ঢাকাপট্টিস্থিত বিষ্ণুৰাভা মাৰ্কেটৰ পৰা ফুলাম গামোচা সমূহ ক্ৰয় কৰি নিজ ঘৰত তেওঁৰ পত্নীৰ সৈতে তৈয়াৰ কৰা মাস্ক সমূহ শ্বহীদ ভৱনৰ সন্মুখতে এতিয়া পুনৰ এনেদৰে মাস্ক বিক্ৰী কৰি দৈনিক ৪০০ ৰ পৰা ৬০০ টকা পৰ্যন্ত উপাৰ্জন কৰি গৈছে ৷ এইক্ষেত্ৰত মঞ্জু দাস নামৰ চল্লিছ বছৰীয়া যুৱ ব্যৱসায়ী জনে কয়- আগতে এই স্থানতে মই এখন থেলাত কিতাপৰ দোকান দি উপাৰ্জন কৰি পৰিয়াল পোহপাল দিছিলো ৷ কিন্তু আজি দিৰ্ঘদিনীয়া এই লকডাউনৰ বাবে আমাৰ সেই ব্যৱসায়ত বহু ব্যাঘাত পৰিল ৷ স্কুল-কলেজ-চৰকাৰী কাৰ্যালয় সমূহৰ বন্ধত অস্থায়ীৰূপে থেলাত কিতাপৰ দোকান দি উপাৰ্জন কৰাতো এতিয়া কঠিন হৈ পৰিছে ৷ সেয়ে কি কৰিম কি নকৰিম বুলি চিন্তা কৰি থাকোতেই মনলৈ আহিল মাস্ক বিক্ৰী কৰা কথাটো ৷ তেতিয়াৰ পৰাই এইস্থানত মাস্ক বিক্ৰী কৰি আহিছো ৷ হাতত পৰ্যাপ্ত টকাৰ অভাৱৰ বাবে প্ৰথমাৱস্থাত মাত্ৰ চল্লিছ খন মাস্ক তৈয়াৰ কৰি বিক্ৰী কৰিছিলো ৷ পৰৰ্বতি সময়ত ডেৰশ-দুশখন মাস্ক তৈয়াৰ কৰি বিক্ৰী কৰিব পৰা অৱস্থা হৈছে ৷ বৰ্তমান সময়ত তলাবন্ধৰ নিতী নিয়ম চৰকাৰে কিছু শিথিল কৰাত মানুহ ঘৰৰ পৰা বাহিৰলৈ উলাব পৰা হৈছে আৰু শ্বহীদ ভৱনৰ কাষেৰে পাৰ হৈ যোবা প্ৰায়ভাগ লোকেই মোৰ পৰা মাস্ক ক্ৰয় কৰি আহিছে ৷ এতিয়া দৈনিক মাস্ক বিক্ৰী কৰি ৪০০ টকাৰ পৰা ৬০০-৭০০ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছো ৷ ইফালে, চহৰ খনৰ নতুন বজাৰস্থিত এগৰাকী ট্ৰেইলাৰিং ব্যৱসায়ী হয়ৱৰগাওঁ ৰেল ষ্টেচনৰ কাষৰ এজন আৱাসী ৫৩ বছৰীয়া স্বপন দাসে আজি প্ৰায় ২৮ বছৰ ধৰি নতুন বজাৰত ট্ৰেইলাৰিংৰ কাম কৰি নিজৰ এজন ককাইয়েকৰ ওপৰি পত্নী আৰু দুজন পুত্ৰ সন্তানেৰে পাঁচ জনিয়া পৰিয়ালটো পৰিচালনা কৰি আহিছিল ৷ কিন্তু,আজি দিৰ্ঘদিনীয়া তলাবন্ধৰ ফলত ট্ৰেইলাৰিং ব্যৱসায়টোত ঘোৰ অমানিশা মানি আহিল ৷ তলাবন্ধৰ আৰম্ভণিৰে পৰা আজি পৰ্যন্ত এজনো গ্ৰাহক অহা নাই ট্ৰেইলাৰলৈ ৷ চিলাব পৰা নাই এযোৰ কাপোৰ ৷ এনেদৰে আৰু কিমান দিন ঘৰতে হাত সাবতি বহি থাকিব এইসকল ক্ষুদ্ৰ ব্যৱসায় ৷ সেয়ে আৰম্ভ কৰিছে এতিয়া এনেদৰে ফুলাম গামোচাৰে তৈয়াৰী মাস্ক আৰু বিক্ৰী কৰি গৈছে নিজৰ ট্ৰেইলাৰৰ সন্মুখত অস্থায়ীৰূপে গঢ়ি উঠা বজাৰত ৷ সেইদৰে নতুন বজাৰত ফুলাম গামোচাৰে নিজ হাতে মাস্ক তৈয়াৰ কৰি বিক্ৰী কৰা আন এগৰাকী উদ্যমী মহিলা হৈছে অনিতা দত্ত দাস ৷ নগাঁও চহৰৰ পানীগাওঁ শান্তিবন নিৱাসী পেছাত এজন টম্-টম্ চালক প্ৰদীপ দাসৰ পত্নী এইগৰাকী মহিলাৰো চহৰৰ নতুন বজাৰতে আছে এখন ট্ৰেইলাৰিংৰ দোকান ৷ তলাবন্ধৰ বাবে কোনো এবিধ পোচাক তৈয়াৰ কৰিবলৈ সক্ষম নোহোবা ৪২ বছৰীয়া মহিলা গৰাকীয়ে বজাৰৰ পৰা ক্ৰয় কৰা ফুলাম গামোচাৰ লগতে কটনৰ ভিন্ন ৰঙি কাপোৰ কাটি অত্যাধুনিক ৰূপত নিজ হাতে তৈয়াৰ কৰি গ্ৰাহকক বিক্ৰী কৰি আহিছে ইখনৰ পিছত সিখন মাস্ক ৷ এই মাস্ক বিক্ৰী কৰি বৰ্তমান তেওঁ দৈনিক উপাৰ্জন কৰিছে ৩০০ পৰা পাঁচশৰো অধিক টকা আৰু তাৰেই সুন্দৰকৈ পৰিচালনা কৰি আহিছে স্বামীৰ লগতে পুত্ৰ-কন্যাৰে চাৰিজনীয়া পৰিয়ালটো ৷ এক কথাত কবলৈ গলে সম্প্ৰতি লকডাউনে সলনি কৰিছে বহুতৰে জীৱনৰ গতিপথ | বিশ্বব্যাপী মহামাৰীৰ প্ৰভাৱে ৰাজ্যখনৰ অৰ্থনীতি বহু পৰিমানে বিধ্বস্ত কৰাৰ সময়তে প্ৰতিজন অসমীয়াৰ অতিকৈ আপোন,অসমীয়া জাতিৰ পৰিচয় তথা স্ব্যভিমানৰ প্ৰতীক ফুলাম গামোচাৰে তৈয়াৰী মাস্কৰ এই চাহিদা বৃদ্ধিয়ে বহু সংখ্যক ক্ষুদ্ৰ ব্যৱসায়ীৰ জীৱনলৈ কঢ়িয়াই আনিছে এক আশাৰ ৰেঙণি ৷
ভ্ৰাম্যভাষঃ ৮৭২৪৯-১০১৪৪
নগাঁৱত সামাজিক দুৰত্ব ভৰিৰে মোহাৰি কংগ্ৰেছৰ ইয়ং ব্ৰিগেড সেৱাদলৰ কৰ্মী সভা। “২০২১ৰ নিৰ্বাচনত কংগ্ৰেছ আৰু ‘কা’ বিৰোধী শক্তিয়ে এশ খন আসন লাভ কৰিব”: ৰকিবুল।
নগাঁও : নগাঁৱত কংগ্ৰেছৰ ইয়ং বিগ্ৰেড সেৱা দলৰ এখন কৰ্মীসভা আজি জিলা কংগ্ৰেছ কাৰ্যালয় ৰাজীৱ ভৱনত অনুষ্ঠিত হয়। ইয়ং বিগ্ৰেডৰ জিলা সভাপতি দিব্যজ্যোতি বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই সভাখনত জ্যেষ্ঠ কংগ্ৰেছী নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, গৌতম বৰা , বিধায়ক ইলিয়াছ আলি, নুৰুল হুদা, প্ৰাক্তন বিধায়ক ডাঃ দূৰ্লভ চমুৱাৰ লগতে ইয়ং বিগ্ৰেডৰ ৰাজ্যিক সভাপতি দ্বীপ বায়নকে ধৰি বহু কেইগৰাকী জিলা আৰু ৰাজ্যিক পৰ্যায়ৰ নেতা-কৰ্মী উপস্থিত থাকে । ইয়ং বিগ্ৰেডত শতাধিক যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰা সভাৰ আৰম্ভণিতে ভাৰত-চীন সীমান্ত লাডাখত নিহত হোৱা ভাৰতৰ বীৰ শ্বহীদ ২০ জোৱানৰ প্ৰতিচ্ছবিত কংগ্ৰেছৰ নেতা-কৰ্মী সকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সভাৰ ভাষণ প্ৰসংগত ইয়ং বিগ্ৰেডৰ ৰাজ্যিক সভাপতি দ্বীপ বায়নয়ে কয়, “কেন্দ্ৰ আৰু ৰাজ্যত বৰ্তমান ঘৃণাৰ ৰাজনীতি চলিছে। বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত দীৰ্ঘদিন ধৰি বৰ্তি থকা সাতামপুৰুষীয়া ঐক্য-সংহতিৰ মাজত ঘুণে ধৰিছে।” তেওঁ ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ কংগ্ৰেছৰ হাত মজবুত কৰিবলৈ আহ্বান জনায়।সভাত প্ৰাক্তন মন্ত্ৰী তথা বিৰোধী দলৰ উপ দলপতি ৰকিবুল হুছেইনে কয়, “বিজেপিয়ে প্ৰলোভনৰ ৰাজনীতি কৰিছে। সৰ্বসাধাৰণ ৰাইজক মিছা প্ৰতিশ্ৰুতিৰে আভুৱা ভাৰি আছে। তেওঁলোকে ৰাইজক দিয়া কোনো এটা প্ৰতিশ্ৰুতিয়েই পুৰণ নকৰিলে।” ফলত ৰাইজে অনাগত নিৰ্বাচনত বিজেপিক এসেকা দিবলৈ সাজু হৈছে বুলি মন্তব্য কৰি হুছেইনে আৰু কয়,” ইয়ং বিগ্ৰেড কংগ্ৰেছৰ শক্তি। ২০২১ ত কংগ্ৰেছৰ নেতৃত্বত ‘কা’ বিৰোধী শক্তিয়ে ১০০ টা খন আসন লাভ কৰিব।” লগতে হুছেইনে বিজেপিয়ে কৰ’না ভাইৰাছক লৈ ৰাজনীতি কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় যে,ইতিমধ্যে বিজেপি সমাজৰ পৰা আঁতৰি গৈছে। তেওঁ নিজৰ ভাষণত টোলগেটত কৰ সংগ্ৰহ কৰিবলৈকে অখিল গগৈক চৰকাৰে আৱদ্ধ কৰি ৰাখিছে বুলিও মন্তব্য কৰাৰ লগতে নতুন উদ্যোগ নীতিৰ অধ্যাদেশৰ বিৰুদ্ধেও সৰৱ হৈ পৰে। উক্ত সভাত বিধায়ক নুৰুল হুদাই কয়যে,কংগ্ৰেছ এটা ইতিহাস প্ৰসিদ্ধ দল। এনে ইতিহাস আন কোনো দলতেই নাই। কংগ্ৰেছে এতিয়া নতুন ৰূপত আত্মপ্ৰকাশ কৰিব বুলিও তেওঁ কয়। সভাত প্ৰাক্তন বিধায়ক ডাঃ দুৰ্ল্লভ চমুৱায়ো ভাষণ দিয়ে। অতি আচৰ্যজনক বিষয় এই যে ৰাজ্যৰ আন ঠাইৰ লগতে নগাঁৱতো কৰ’না ভাইৰাছে সামাজিক সংক্ৰমণৰ ৰূপ লোৱাৰ সময়ত আজিৰ কংগ্ৰেছৰ সভাখনত একাংশ নেতা-কৰ্মীয়ে সামাজিক দূৰত্ব বজাই ৰখা পৰিলক্ষিত নহ’ল। যিয়ে সকলোকে চিন্তিত কৰি তুলিছে। উক্ত সভাত বিজেপি নেতা মোহন দে’, হেমৰাজ ভাজপাৰ, হেমেন বৰদলৈ আৰু মদন ঘোষৰ নেতৃত্বত শতাধিক বিজেপি কৰ্মী কংগ্ৰেছত আজি আনুষ্ঠানিক ভাবে যোগদান কৰে।
গেলেকীত দৈখনা নদীৰ বানৰ তাণ্ডৱ : কেইবাশ হেক্টৰ ভূমি বানৰ কবলত : কেইবাখনো গাওঁ প্লাৱিত ।
নাজিৰা : শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ অসম-নাগালেণ্ড সীমান্তবৰ্তী গেলেকীত বৰনৈৰ তাণ্ডৱ অব্যাহত থকাৰ সময়তে কালি নিশাৰ ভাগৰ পৰা গেলেকী দৈখনা নদীৰ বানৰ তাণ্ডৱ অব্যাহত আছে।সীমান্তবৰ্তী অঞ্চলটোৰ নগা পাহাৰৰ পৰা ওলোৱা দৈখনা নদী জলপৃষ্ঠ তীব্ৰ গতিত বাঢ়ি অহাত নদীখনৰ বাঢ়নী পানীয়ে ভয়াবহৰূপ ধাৰণ কৰিছে ।ধাৰাষাৰ বৰষুণৰ ফলত ফেনে-ফুটুকাৰে উপচি পৰা নৈখনৰ বাঢ়নি পানীয়ে গেলেকী নপুখুৰী পঞ্চায়তৰ অধীনৰ লাহন গাওঁ,মৰাণ গাওঁ,ওখটিং,নামদাং ট্ৰাইবেল গাওঁ,তল মৰাণ গাঁও আদি কৰি কেইবাখনো গাওঁ প্লাৱিত কৰি তুলিছে।গাওঁকেইখনৰ শ শ লোক বানত আক্ৰান্ত হোৱাৰ লগতে গাওঁকেইখনৰ কেইবাশ হেক্টৰ কৃষি ভূমি জলমগ্ন কৰি তুলিছে।গাওঁৰ কৃষক ৰাইজে কপালৰ ঘাম মাটিত পেলাই অতি কষ্টৰে কৰা আগতীয়া ধানৰ পথাৰ জলমগ্ন কৰি অনিষ্ট সাধন কৰিছে।উল্লেখ্য যে এই বাঢ়নী পানীৰ ফলত নামদাং ট্ৰাইবেল গাৱঁৰ নামঘৰকে ধৰি বহু ঘৰ বাৰী পানীৰ তলত ডুব যায়।নদীখনৰ বাঢ়নি পানীয়ে নিশাৰ ভাগত নদীখনৰ পাৰত থকা নাম মাত্ৰ মাথাউৰিটোৰ বিভিন্ন অঞ্চলত খহাই নিয়াৰ ফলত অঞ্চলটোৰ বাট-পথ সকলো পানীৰ তলত।ইফালে হাহাকাৰ পৰিস্হিতিৰ সৃষ্টি হৈছে গঞা ৰাইজৰ মাজত।স্মৰ্তব্য যে বছৰি ব্যাপক বানপানী আৰু নদীখনৰ পাৰত উন্নত মানৰ মাথাউৰি নোহোৱাৰ বাবে নাগালেণ্ড ত হোৱা অবৈধ কয়লা খননৰ ফলত নদীখনৰ পানীয়ে কয়লাৰ বিষাক্ত দ্ৰব্য কঢ়িয়াই আনি অঞ্চলটোৰ কৃষি ভূমিত ভয়াবহ প্ৰদূষণৰ সৃষ্টি কৰাৰ বাবে হাজাৰ হাজাৰ বিঘা কৃষি ভূমি নষ্ট কৰাৰ লগতে ক্ষুদ্ৰ চাহ খেতিয়কৰো কেইবাশ হেক্টৰ ভূমিৰ চাহ নষ্ট কৰি আহিছে ।অসম-নাগালেণ্ড সীমান্তবৰ্তী এই অঞ্চলৰ বান খহনীয়া প্ৰতিৰোধৰ বাবে বিভিন্ন সংগঠন আৰু স্হানীয় ৰাইজে দাবী জনাই অহাৰ পাছতো এই পৰ্যন্ত কোনো প্ৰদক্ষেপ গ্ৰহন কৰা নাই।যাৰবাবে দশক দশক ধৰি নদীখনৰ ভয়াবহ বান খহনীয়াৰ সৈতে সহাৱস্থান কৰিব লগা হৈছে সীমান্ত অঞ্চলটোৰ ন-পুখুৰী পঞ্চায়তৰ ৰাইজে।











