Home Blog Page 3259

বাতিল হ’ল এছিয়া কাপ ৷

দৈনন্দিন বাৰ্তা ডেস্ক :

ক’ৰোনা ভাইৰাছৰ বাবেই বাতিল হ’ল এছিয়া কাপ ৷ বুধবাৰে বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলীয়ে এই কথা নিশ্চিত কৰে ৷ গাংগুলীয়ে কয়, ছেপ্টেম্বৰত এছিয়া কাপ হোৱাৰ কথা আছিল ৷ এইবাৰ এছিয়া কাপৰ আয়োজক আছিল পাকিস্তান ৷ শ্ৰীলংকাত এই টুৰ্ণামেণ্ট আয়োজনৰ চেষ্টা কৰিছিল আয়োজক পিচিবিয়ে ৷ আইপিএলক বাদ দি পাকিস্তানে এই টুৰ্ণামেণ্ট আয়োজনৰ ব্যৱস্থা কৰিছিল ৷ কিন্তু সেয়া নহ’ল ৷ আনহাতে টি-২০ বিশ্ব কাপও প্রায় বাতিল হোৱাৰ পথত ৷ উল্লেখ্য যে যোৱা এছিয়া কাপত ভাৰত চেম্পিয়ন হৈছিল ৷ তেতিয়া বিৰাট কোহলিৰ বিশ্ৰামৰ বাবে ৰোহিত শৰ্মাই দলৰ নেতৃত্বৰ ভাৰ লৈছিল৷ গ্ৰুপ পৰ্যায়ত দুবাৰ পাকিস্তানক ভাৰতে পৰাস্ত কৰিছিল ৷ ফাইনেলত বাংলাদেশক হৰুৱাই ভাৰত চেম্পিয়ন হৈছিল ৷

ৰাজনৈতিক ক্ষমতাৰ অপ-ব্যৱহাৰেৰে ষড়যন্ত্ৰমূলক ভাৱে সাংবাদিকৰ বিৰুদ্ধে গোচৰ ৰুজু মন্ত্ৰী যোগেন মহনৰ । মুখ্যমন্ত্ৰী, প্ৰেছ কাউন্সিলৰ হস্তক্ষেপ দাবী, নাজিৰাত ব্যাপক প্ৰতিক্ৰিয়া।

নাজিৰা : নতুনকৈ মন্ত্ৰীত্ব লাভ কৰা বিজেপি নেতৃত্বাধীন চৰকাৰৰ মন্ত্ৰী যোগেন মহনৰ বিভিন্ন কুকীৰ্তি উদঙাই সংবাদ মাধ্যমত প্ৰকাশিত এক বাতৰিৰ পাছতেই সাংবাদিকৰ বিৰুদ্ধে ষড়যন্ত্ৰমূলকভাৱে মন্ত্ৰীজনে থানাত গোচৰ ৰুজু কৰাৰ ঘটনাক লৈ জাঙুৰ খাই উঠিছে নাজিৰাৰ সাংবাদিক সকল। খবৰ অনুসৰি শেহতীয়াকৈ অসম চৰকাৰৰ ৰাজহ আৰু গড়কাপ্তানী বিভাগৰ দ্বায়িত্ব লাভ কৰাৰ পাছতেই বিভাগীয় বিভিন্ন নিবিদাত মন্ত্ৰীজনে হস্তক্ষেপ কৰি একাধিক দুৰ্নীতি সংঘটিত কৰা বুলি যোৱা ১ জুলাইত তথ্য সহ এক বাতৰি প্ৰকাশ পায়। উক্ত বাতৰি প্ৰকাশৰ পাছতেই খড়্গহস্ত হৈ পৰা মন্ত্ৰী মহনে নাজিৰাৰ সাংবাদিকজনৰ বিৰুদ্ধে মৰাণহাট আৰক্ষী চকীত ভাৰতীয় দণ্ডবিধিৰ 120(বি)/384/500/501/502/506 ধাৰাত 99/2020 ধাৰাত এক গোচৰ ৰুজু কৰে। সাধাৰণতে যিকোনো বাতৰিৰ সত্যতা খণ্ডন কৰি আইনী জাননী প্ৰেৰণ কৰাটো গণতান্ত্ৰিক অধিকাৰ যদিও মন্ত্ৰীজনে তাকে নকৰি ৰাজনৈতিক ক্ষমতাৰ অপব্যৱহাৰেৰে সংবাদকৰ্মী জনৰ বিৰুদ্ধে আৰক্ষী থানাত পোনপটীয়াকৈ জামিনবিহীন ধাৰাত গোচৰ ৰুজু কৰাটো সহজভাৱে লোৱা নাই নাজিৰাৰ সংবাদকৰ্মী সকলে। ৰাজনৈতিক ক্ষমতাৰে সাংবাদিকৰ মুখ বন্ধ কৰাৰ চক্ৰান্তত মন্ত্ৰীজন নামি পৰা বুলি নাজিৰাৰ সংবাদকৰ্মী সকলে বিষয়টো সম্পৰ্কত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু প্ৰেছ কাউন্সিল অৱ ইণ্ডিয়াৰ কাষ চপাৰ সিদ্ধান্ত লৈছে। মুক্ত সাংবাদিক সন্থা নাজিৰাৰ সভাপতি খাইৰুল হাছানৰ সভাপতিত্বত অনুষ্ঠিত এক ভিডিঅ কনফাৰেঞ্চত মিলিত হৈ নাজিৰাৰ সাংবাদিক সকলে মন্ত্ৰী জনে গণতান্ত্ৰিক প্ৰক্ৰিয়াক ভৰিৰে মোহাৰি আক্ৰোশমূলক ভাৱে সাংবাদিকৰ কলম ৰুদ্ধ কৰাৰ প্ৰচেষ্টাক গৰিহণা দিয়াৰ লগতে মন্ত্ৰী জনৰ দুৰ্নীতিৰ সমূহ তথ্য মুখ্য মন্ত্ৰীৰ লগতে গৃহ বিভাগক অৰ্পণ কৰাৰ সিদ্ধান্ত লয়। ইফালে সমগ্ৰ ঘটনাক নাজিৰাৰ বিভিন্ন দল সংগঠনে গৰিহণা দিছে।

লংকাত নকল সোণসহ আটক দুই প্ৰৱঞ্চক ।

লংকাত নকল সোণসহ আটক দুই প্ৰৱঞ্চক ।

লংকা : লংকা আৰক্ষী থানাৰ অধীনৰ পশ্চিম ডাবলঙত গাঁৱত মাটিৰ তলৰ পৰা সোণ উলিয়াই দিয়াৰ প্ৰলোভনেৰে ধন লুটিবলৈ আহি  হাতে লুটে ৰাইজৰ হাতত আটক হ’বলগীয়া হ’ল দুজন প্ৰৱঞ্চক। প্ৰৱঞ্চক দুজন হ’ল  নগাঁৱৰ জুৰিয়াৰ শিঙাৰীৰ ইদ্ৰিছ আলী আৰু হিফজুৰ ৰহমান। দুয়োজনৰ পৰা দুটা সোণৰ ৰঙৰ প্ৰলেপ দিয়া বিস্কুট আকৃতিৰ ধাতু, দুটা কলহ আৰু এখন ৰঙা ৰঙৰ কাপোৰ উদ্ধাৰ কৰা হৈছে। জব্দ কৰা হৈছে এখন‌ চুইফট ডিজায়াৰ গাড়ীও। জানিব পৰা মতে, দুয়ো প্ৰৱঞ্চকে কালি নিশা AS 02M1646 নম্বৰৰ চুইফট ডিজায়াৰ গাড়ীৰে পশ্চিম ডাবলঙৰ তাজ উদ্দিন নামৰ এজনৰ  ঘৰলৈ আহিছিল। ঘৰত থিতাপি লোৱা  অশাৰিৰীক আত্মাক ঘৰখনৰ পৰা খেদি পঠিওৱাৰ লগতে মাটিৰ তলত থকা সোণ উলিয়াই দিয়াৰ প্ৰলোভনৰ নাটক ৰচনা কৰিছিল দুয়োজনে। কিন্তু গাঁৱৰ ৰাইজৰ সন্দেহ হোৱাত সোধাপোছা কৰাত ওলাই পৰে উৰহি গছৰ ওৰ। লগে লগে হাতে লুটে আটক কৰি লংকা আৰক্ষীক গতাই দিয়ে দুয়োজনকে। উল্লেখ যোগ্য যে, কিছুদিন পূৰ্বে  তাজ উদ্দিনৰ   পৰিয়ালৰ এজন লোক আকস্মিকভাৱে মৃত্যু হৈছিল। মৃত্যুৰ  কাৰণ ঘৰত থকা অশাৰীৰিক আত্মা  বুলি দুই প্ৰৱঞ্চকে প্ৰতিয়ন নিয়াইছিল। তাজ উদ্দিনৰ পৰা তিনিটা মান কিস্তিত ১ লাখ ২৬ হেজাৰ টকাও সৰকাইছিল দুই প্ৰৱঞ্চকে। অৱশেষত জেল হাজে পাবলগীয়া হ’ল দুই প্ৰৱঞ্চক।

প্ৰায় এসপ্তাহৰ নাটক অৱশেষত ইতি ৷ উজ্জয়িনীৰ মন্দিৰত গ্ৰেপ্তাৰ ম’ষ্ট ৱানটেড গেংষ্টাৰ ৷ পৃথক এনকাউণ্টাৰত বিকাশৰ দুই সহযোগীৰ মৃত্যু ৷

দৈনন্দিন বাৰ্তা :
প্ৰায় এসপ্তাহৰ নাটক অৱশেষত ইতি পৰিল৷ কানপুৰত বিষয়াসহ ৮ আৰক্ষীক হত্যা কৰা ম’ষ্ট ৱানটেড গেংষ্টাৰ বিকাশ ডুবেক গ্ৰেপ্তাৰ কৰিল আৰক্ষীয়ে ৷ বৃহস্পতিবাৰে পুৱা মধ্য প্ৰদেশৰ উজ্জয়িনীৰ এটা মন্দিৰৰ পৰা এই দুৰ্ধৰ্ষ অপৰাধীটোক গ্ৰেপ্তাৰ কৰে ৷ আনহাতে প্ৰায় একে সময়তে হোৱা দুটা পৃথক এনকাউণ্টাৰত বিকাশৰ দুই সহযোগীৰ মৃত্যু হয় ৷ আৰক্ষীৰ সূত্ৰে জানিব পৰা মতে বৃহস্পতিবাৰে উজ্জয়িনীৰ মহাকালেশ্বৰ মন্দিৰত পুৱা আঠ বজাত এই অপৰাধীটোক দেখা পায় ৷ মন্দিৰৰ চৌহদৰ এখন দোকানৰ পৰা ফুলৰ মালা কিনিবৰ সময়তে দোকানীয়ে বিকাশক চিনি পালে ৷ তাৰ পাছত তেওঁ মন্দিৰৰ নিৰাপত্তাৰক্ষীক কথাটো জনায় ৷ লগে লগে আৰক্ষীলৈ খবৰ যায় ৷ নিৰাপত্তাৰক্ষীয়ে বিকাশক মন্দিৰৰ ভিতৰতে আবদ্ধ কৰি ৰাখে ৷ কিন্তু বিকাশে ভুৱা পৰিচয়পত্ৰ দেখুৱায় ৷ নিৰাপত্তাৰক্ষী নিশ্চিত আছিল যে এই ব্যক্তি বিকাশেই ৷ তাতে বিকাশৰ লগত হতাহতি আৰম্ভ হয় ৷ কিন্তু শেষ ৰক্ষা নহ’ল ৷ মন্দিৰৰ নিৰাপত্তাৰক্ষীয়ে বিকাশক আটক কৰি ৰাখে ৷ পাছত আৰক্ষীৰ হাতত অপৰাধীটোক তুলি দিয়া হয় ৷ এই মন্দিৰৰ চিচিটিভি ফুটেজত দেখা যায় যে কেইজনমান আৰক্ষীয়ে বেৰি ৰাখিছে মাস্ক পিন্ধা বিকাশক ৷ আৰক্ষীৰ জেৰাত অপৰাধীটোৱে স্বীকাৰ কৰে কানপুৰৰ বিকাশ ডুবে বুলি ৷ তাৰ পাছতে অপৰাধীটোক গ্ৰেপ্তাৰ কৰে ৷ উল্লেখ্য যে যোৱা শুকুৰবাৰে নিশা বিকাশক ধৰিবলৈ গাঁৱলৈ যোৱা আৰক্ষীৰ ওপৰত গুলী বৰ্ষণ কৰিছিল ৷ উত্তৰ প্ৰদেশৰ কানপুৰত হোৱা সেই ঘটনাত ঘটনাস্থলীতে বিষয়াসহ আঠজন আৰক্ষী নিহত হৈছিল ৷ তাৰ পাছতে বিকাশৰ সন্ধানত আছিল আৰক্ষী ৷ বুধবাৰে হাৰিয়ানাৰ ফৰিদাবাদৰ এখন হোটেলত আছিল বুলি জনাৰ কিছু সময়ৰ পাছতে বিকাশ পলাই গৈছিল ৷ কিন্তু উজ্জয়িনীৰ মন্দিৰৰ পৰা পলাব নোৱাৰিলে গেংষ্টাৰ বিকাশ ৷ আনহাতে একেটা দিনতে পুৱা আৰক্ষীৰে সৈতে হোৱা সংঘৰ্ষত বিকাশৰ দুই সহযোগীৰ মৃত্যু হয় ৷ তাৰে এটাক বুধবাৰে ফৰিদাবাদৰ হোটেলত বিকাশক ধৰিবলৈ যাওতে গ্ৰেপ্তাৰ কৰিছিল ৷ গ্ৰেপ্তাৰৰ পাছত অপৰাধীটোক কানপুৰলৈ নিয়া হৈছিল ৷ ইপিনে গৈ থকা অৱস্থাত গাড়ীৰ চকা ফুটাত আৰক্ষীৰ আগ্নেয়াস্ত্র লৈ পলাবলৈ চেষ্টা কৰিছিল প্ৰভাত নামৰ অপৰাধীটো ৷ তেতিয়া আৰক্ষীয়ে গুলী চালনা কৰে ৷ ফলত গুৰুতৰভাৱে আহত অপৰাধীটোক চিকিৎসালয়লৈ নিয়ে যদিও মৃত্যু হয় ৷ আনহাতে বিকাশৰ আন এক সহযোগী প্ৰবীন ওৰফে বৌবা ডুবেৰ আৰক্ষীৰ গুলীত মৃত্যু হয় ৷ উত্তৰ প্ৰদেশৰ এয়াৱাৰ ওচৰত দিনৰ ৩ বজাত এখন ছুইফট ডিজায়াৰ চাৰিটা দুষ্কৃতিকাৰীয়ে চুৰি কৰিছিল ৷ তাৰ প্ৰায় এঘণ্টাৰ পাছত আৰক্ষীয়ে সেই অপৰাধীক আটক কৰে ৷ তেতিয়া আৰক্ষীলৈ লক্ষ্য কৰি গুলী কৰিছিল ৷ আৰক্ষীয়ে তাৰ প্ৰত্যুত্তৰ দিয়ে৷ এই অপৰাধী চিকিৎসালয়লৈ নিয়ে যদিও মৃত্যু হয় ৷ এই অপৰাধীটোৰ পৰিচয় পোৱা নাই আৰক্ষীয়ে ৷ উল্লেখ্য যে প্ৰবীনক ধৰিবৰ বাবে আৰক্ষীয়ে ৫০ হাজাৰ টকা ঘোষণা কৰিছিল ৷

তথ্য ফাদিল হোৱা ৰোধ কৰাৰ পদক্ষেপ জোৱানৰ ম’বাইল ফোনৰ ৮৯টা এপ ডিলিট কৰিবলৈ ক’লে সেনাবাহিনীয়ে ৷

দৈনন্দিন বাৰ্তা :
ভিতৰৰ পৰা তথ্য ফাদিল হোৱা ৰোধ কৰিবৰ বাবে কৰ্মীসকলৰ ফোনৰ পৰা ৮৯টা এপ ডিলিট কৰিবলৈ কৈছে সেনাবাহিনীয়ে ৷ এই এপবোৰৰ মাজত আছে ফেচবুক, টিণ্ডাৰ, পাবজী, স্নেপশ্বট, ইনষ্টাগ্ৰাম, হেল’, ক্লাব ফেক্টৰী আদিৰ দৰে জনপ্ৰিয় এপবোৰ ৷ লাডাখ কাণ্ডৰ পাছত টিকটক, কেমস্কেনাৰ আদিৰ দৰে ৫৯টা এপ নিষিদ্ধ কৰিছিল কেন্দ্ৰই ৷ উল্লেখ্য যে যি ৮৯ টা এপ সেনাবাহিনীয়ে তেওঁলোকৰ কৰ্মীৰ স্মার্টফোনৰ পৰা ডিলিট কৰিবলৈ কৈছে সেইবোৰ বিভিন্ন ভাগত বিভক্ত ৷ ইয়াৰ ভিতৰত উই, চাট, হেল’, শ্বেয়াৰ চাট, আইএমঅ’ৰ দৰে এপবোৰ মেছেজিং এপ ৷ টিকটক, ছাম’চাৰ আদি ভিডিঅ’ হ’ষ্টিং এপ, জেণ্ডাৰ, শ্বেয়াৰৰেল্টা দৰে কণ্টেণ্ট শ্বেয়াৰিং এপ, ইউচি ব্ৰাউজাৰ আৰু ইউচি ব্ৰাউজাৰ মিনিৰ দৰে৷ৱেব ব্ৰাউজাৰ, জুম, লাইভমি, আপলাইভ ভিডিঅ’ এণ্ড লাইভ ষ্ট্ৰিমিং এপ, কেমস্কেনাৰ, ট্ৰু কলাৰ, বিউটি প্লাছ আদি ইউটিলিটি এপ, ডেইলি হাণ্ট আৰু নিউজ ডগৰ দৰে নিউজ এপৰ উপৰি মিউজিক এপ, ডেটিং এপ আদি এপবোৰে তথ্য ফাদিল কৰাৰ আশংকা কৰিছে সেনা প্ৰশাসনে ৷ তাৰ ফলতে এই পদক্ষেপ লোৱা হৈছে ৷ কূটনৈতিক মহলৰ অনুমান, অত্যাধুনিক প্রযুক্তি সমৃদ্ধ চীনৰ সৈতে টনাআজোৰা চলাৰ বাবেই এই উদ্যোগ লৈছে চৰকাৰে৷ যাতে কোনো কাৰণতে ভাৰতীয় সেনাৰ ফোনৰ যোগেদি ভাৰতৰ অভ্যন্তৰীণ খবৰ জানিবলৈ নাপায় ৷

কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ প্ৰশ্ন : অ’ত দিনে কিদৰে আৰক্ষীৰ চকুত ধূলি মাৰি ঘুৰি ফুৰিছিল বিকাশে ?

দৈনন্দিন বাৰ্তা : যোৱা শুকুৰবাৰে দুৰ্ধৰ্ষ গেংষ্টাৰ বিকাশ ডুবেক ধৰিবলৈ গৈ কানপুৰত নিহত হৈছিল আঠজন আৰক্ষী ৷ তাৰ পাছত পলাতক আছিল বিকাশ ৷ বৃহস্পতিবাৰে উজ্জয়িনীৰ এটা মন্দিৰত এই অপৰাধীটোক গ্ৰেপ্তাৰ কৰে ৷ মন্দিৰতে নিৰাপত্তাৰক্ষীয়ে বিকাশক কৰায়ত্ত কৰে ৷ ইয়াৰ পাছতে মধ্য প্ৰদেশৰ আৰক্ষীৰ হাতত বিকাশ ডুবেক তুলি দিয়া হয়৷ উল্লেখ্য যে যোৱা ৬ দিন ধৰি অপৰাধীটোক আৰক্ষীয়ে বিচাৰি পোৱা নাছিল ৷ আৰক্ষীয়ে উত্তৰ প্ৰদেশৰ অৰায়াত শেষবাৰ ফোনত নিশ্চিত কৰিছিল ৷ দিল্লীৰ এখন হোটেলৰ চিচিটিভি ফুটৱেজত বিকাশক দেখা গৈছিল ৷ সেই বিকাশ আজি কি দৰে হঠাৎ মন্দিৰত সোমাল, মধ্যপ্ৰদেশৰ আৰক্ষীয়ে নজৰ দিছিল নে, ধৰাৰ ক্ষেত্ৰত ক’লৈ গৈছিল আদি বিভিন্ন প্ৰশ্ন উদয় হৈছে ৷ উত্তৰ প্ৰদেশৰ বিৰোধী দল সমাজবাদী পার্টিৰ দাবী যে বিকাশে নিজেই ধৰা দিছে ৷ আৰক্ষীয়ে কৃতিত্ব লৈছে৷ কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ অভিযোগ, অ’ত দিনে কিভাৱে আৰক্ষীৰ চকুৰ আগত ধূলি মাৰি ঘুৰি ফুৰিছিল বিকাশ ডুবেয়ে ? যোৱা ৬দিনত ৭০০ কিলোমিটাৰ ঘুৰিছে বিকাশে৷ হাৰিয়ানাৰ ফৰিদাবাদৰ পৰা ৰাজস্থানৰ কোটা গৈছে৷ তাত থাকি আহিছে মধ্যপ্রদেশৰ উজ্জয়িনীলৈ ৷ কানপুৰৰ ইনস্পেক্টৰ জেনেৰেল মোহিত আগৰৱালে জনায়, বিকাশৰ কেইবাজনো সহযোগীক ধৰা হৈছে৷ কেইবাজনো এনকাউণ্টাৰত মৃত্যু হৈছে ৷ স্বাভাৱিকভাৱেই জীৱন বচাই পলাই ফুৰিছিল ৷ প্ৰিয়ংকা গান্ধীয়ে কয়, উত্তৰ প্ৰদেশ চৰকাৰৰ তৎপৰতাত ব্যৰ্থ হৈছে৷ আঠজন আৰক্ষীক নিহত কৰাৰ পাছত মধ্য প্ৰদেশলৈ কি দৰে গ’ল? ইয়াৰ পৰা স্পষ্ট যে আৰক্ষী আৰু বিকাশৰ মাজত যোগাযোগ আছে৷ সমাজবাদী পাৰ্টিৰ নেতা অখিলেশ যাদৱৰ স্পষ্ট মত, উজ্জয়িনীত বিকাশে আত্মসমৰ্পণ কৰিছে ৷ অপৰাধীটোক কৰায়ত্ত কৰাত ব্যৰ্থ আৰক্ষী৷ আনহাতে বিকাশে যে আত্মসমৰ্পণ কৰিছে সেই কথা টুইটাৰত লিখিছে স্বয়ং উত্তৰ প্ৰদেশৰ আইপিএছ বিষয়া অমিতাভ ঠাকুৰে। অৱশ্যে মধ্যপ্ৰদেশ আৰক্ষীয়ে জনাইছে যে বিকাশক ধৰা হৈছে, আত্মসমৰ্পণ কৰা নাই ৷

নগাঁৱত কিশোৰীৰ মৃত্যুক লৈ চাঞ্চল্য । ড্ৰাগচ সেৱন কৰাই হত্যা কৰাৰ সন্দেহ । ড্ৰাগছ ব্যৱসায়ী সহ আটক ৫।

নগাঁও : দুই বন্ধুৰ সৈতে ঘৰৰ পৰা ফুৰিবলৈ যোৱা এগৰাকী কিশোৰীয়ে ৰহস্যজনক ভাৱে মৃত্যুক সাৱতি লোৱা এক ঘটনাক কেন্দ্ৰ কৰি নগাঁও চহৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় । নগাঁৱৰ ফৌজদাৰীপট্টিৰ নামঘৰ পথৰ স্নেহা ডেকা নামৰ এগৰাকী নৱম মান শ্ৰেণীৰ ছাত্ৰী কালি দিনৰ প্ৰায় ৩ বজাত ঘৰৰ ওচৰৰে এগৰাকী বান্ধৱীৰ সৈতে ফুৰিবলৈ গৈছিল। জানিব পৰা মতে, মানস বৰা, ক্ষীৰোদ কমল বৈশ্য আৰু টিকু সিং নামৰ তিনিজন যুৱকৰ সৈতে এখন ছুইফট গাড়ীত ফুৰিবলৈ গৈছিল স্নেহা। কিন্তু নিশা প্ৰায় ৯বজাত দুজন যুৱকে মুমুৰ্ষ অৱস্থাত স্নেহাক ঘৰৰ পদূলিত পেলাই থৈ যায়। পাচত পৰিয়ালৰ লোকে স্নেহাক নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। আনহাতে স্নেহাৰ এগৰাকী বান্ধৱীক নগাঁও চহৰৰ নিকটৱর্তী মাহৰআটিৰ পৰা সংজ্ঞাহীন অৱস্থাত ৰাইজে উদ্ধাৰ কৰে । চিকিৎসকে সন্দেহ কৰা মতে অধিক পৰিমাণৰ ড্ৰাগছ সেৱন কৰাৰ ফলতে স্নেহাৰ মৃত্যু হয় । নগাঁৱৰ এখন ইংৰাজী মাধ্যমৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰী স্নেহা ড্ৰাগছ আসক্ত হোৱাৰ কথা সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়েও। ঘটনা সন্দৰ্ভত নগাঁও আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। স্নেহাৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ অন্তত আজি পৰিয়ালক গতাই দিয়া হয়। উল্লেখযোগ্য যে ড্ৰাগছৰ কৰাল গ্ৰাসত পৰি নগাঁৱৰ যুৱ প্ৰজন্ম তিল তিলকৈ ধ্বংসৰ মুখলৈ গতি কৰাৰ বিষয়ে ইয়াৰ আগতেও বহুবাৰ বাতৰি সম্প্ৰচাৰিত হৈছে। ইতিমধ্যে স্নেহাৰ বান্ধৱীগৰাকীকো চিকিৎসালয়ত ভৰ্তি কৰা হয় আৰু তেওঁ বৰ্তমান বিপদমুক্ত বুলি জানিব পৰা গৈছে । ইপিনে এই ঘটনাৰ পিছতে আৰক্ষীয়ে ক্ষিপ্ৰতাৰে অভিযান চলাই মানস বৰা আৰু ক্ষীৰোদ কমল বৈশ্যক গ্ৰেপ্তাৰ কৰে। এই দুই যুৱকৰ স্বীকাৰোক্তিৰ ভিত্তিত নগাঁও আৰক্ষীয়ে নগাঁৱৰ দাতিকাষৰীয়া অঞ্চল চিলঙনীৰ ড্ৰাগছ ব্যৱসায়ী নুৰ মহম্মদৰ ঘৰত অভিযান চলাই ব্ৰাউন ছুগাৰ আৰু নগদ ৩৮ হাজাৰ টকা জব্দ কৰে। আৰক্ষীয়ে ড্ৰাগছৰ ব্যৱসায় চলোৱা নুৰ মহম্মদ আৰু পত্নী জাইৰুণ নেছাক গ্ৰেপ্তাৰ কৰে। ইপিনে আজি বিয়লি আৰক্ষীৰ অভিযানত টিকু সিং নামৰ তৃতীয়জন অভিযুক্তকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। সম্প্ৰতি নগাঁও সদৰ আৰক্ষী থানাত অভিযুক্ত কেইজনক আৰক্ষীয়ে মাৰাথান জেৰা অব্যাহত ৰাখিছে। কিন্তু ড্ৰাগছৰ বাবেই এগৰাকী ফুলকুমলীয়া কিশোৰীয়ে মৃত্যুক সাৱতি লোৱা ঘটনাক সহজভাৱে ল’ব পৰা নাই নগাঁৱৰ সচেতন ৰাইজে। এই ঘটনাৰ পিছতে নগাঁৱৰ যুৱপ্ৰজন্মৰ মাজত ড্ৰাগছৰ প্ৰচলন যে ভয়ানক ভাৱে বৃদ্ধি পাইছে সেয়াও নিশ্চিত হৈছে।

কলিয়াবৰত গাঁও পঞ্চায়ত কাৰ্য‍্যালয়ত খণ্ডযুদ্ধ । বৰভগীয়া গাঁও পঞ্চায়ত কাৰ্য‍্যালয়ত সচিবৰে হতাহতি জিলা পৰিষদৰ সদস‍্য আৰু সদ‍স্যাৰ স্বামীৰ । দুই পক্ষৰে মিছা আৰক্ষী চকীত এজাহাৰ দাখিল ।

কলিয়াবৰ : পঞ্চায়ত প্ৰতিনিধি আৰু পঞ্চায়ত সচিবৰ খণ্ডযুদ্ধৰ এক চাঞ্চল‍্যকৰ ঘটনা সংঘটিত হয় পশ্চিম কলিয়াবৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত বৰভগীয়া পঞ্চায়তৰ কাৰ্য‍্যালয়ত। কলিয়াবৰৰ দ্বাৰ-বাগৰি জিলা পৰিষদৰ সদস‍্য জীতেন গড় আৰু চতিয়াল-বৰভগীয়া জিলা পৰিষদৰ সদস‍্যা ঈৰা বৰাৰ স্বামী মৃণাল বৰাৰ মাজত বুধবাৰে বিয়লি এক খণ্ড যুদ্ধৰ সূত্ৰপাত হয়। জানিব পৰা মতে, বৰভগীয়া গাঁও পঞ্চায়তৰ ভাজপা দলৰ নিৰ্বাচিত সভানেত্ৰী পবিত্ৰা বৰা প্ৰমুখ‍্যে পঞ্চায়ত প্ৰতিনিধিসকলক একপ্ৰকাৰ গুৰুত্বহীন কৰি পঞ্চায়ত সচিব হৰ্ক বাহাদুৰ ছেত্ৰীয়ে নিজ-খেয়াল-খুছী মতে উন্নয়নমূলক কাম-কাজসমূহ কৰিবলৈ লোৱাৰ অভিযোগৰ দীৰ্ঘদিনীয়া। সচিব গৰাকীৰ বিৰুদ্ধে সভানেত্ৰীয়ে বহুবাৰ উৰ্দ্ধতন মহলত অভিযোগো দিছে। কিন্তু কোনো ফল নধৰাত সচিবগৰাকীৰ মইমতালি দিনক-দিনে বাঢ়ি আহিছিল। তদুপৰি, কাৰ্য‍্যালয় চলি থকাৰ সময়ত প্ৰায়েই সচিব গৰাকীয়ে সভানেত্ৰীৰ অগোচৰে নিজ পচন্দৰ ব‍্যক্তিৰ লগত প্ৰীতিভোজৰ আয়োজন কৰে বুলিও আন এক অভিযোগ উত্থাপিন কৰে জিতেন গড়ে। সেই লৈ দুই পক্ষৰ মাজত চলি থকা শীতল যুদ্ধৰ বুধবাৰে পশ্চিম কলিয়াবৰৰ ভাৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া লীনা পাৱেৰ সমুখতে বিস্ফোৰণ ঘটে। ফলস্বৰূপে দুয়োপক্ষল মাজত প্ৰথমে তৰ্কা-তৰ্কি আৰু পিচলৈ হতাহতি হয়। জীতেন গড়ে অভিযোগ কৰা মতে, কাৰ্য‍্যালয় চলি থকাৰ সময়তে বুধবাৰে ভোজ-ভাতৰ আয়োজন চলি থকাৰ সময়তে উন্নয়নমূলক আঁচনিৰ বিষয়ৰ ওপৰত আলোচনা কৰি বিষয়টৈ মীমাংসা কৰা প্ৰচেষ্টা সচিব হৰ্ক বাহাদুৰ ছেত্ৰীয়ে গুৰুত্ব নিদিয়াৰ ফলত উতপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। আলোচনাৰ মাজতে সচিবগৰাকী কাৰ্য‍্যালয় এৰি যাবলৈ বাধা দিওঁতে জীতেনজিৎ গৌৰক সচিবে গাড়ীৰে খুন্দিয়াই আঘাতপ্ৰাপ্ত কৰে। তেতিয়াই তাত থকা ভাজপা দলৰ কৰ্মীয়ে সচিব হৰ্ক বাহাদুৰক গাড়ীৰ পৰা নমায় আনি উত্তম মাধ‍্যম সোধায়। জীতেনে এই লৈ ইতিমধ‍্যে মিছা আৰক্ষী চকীত সচিব গৰাকীৰ বিৰুদ্ধে প্ৰাণে মৰাৰ অপচেষ্টা কৰা বুলি এজাহাৰ দাখিল কৰিছে। আনহাতে, সচিব হৰ্ক বাহাদুৰ ছেত্ৰীয়ে জানিবলৈ দিয়া মতে বৰভগীয়া গাঁও পঞ্চায়তৰ সভানেত্ৰী পবিত্ৰা বৰাই পঞ্চায়তটোৰ সকলো উন্নয়নমূলক কামৰ ঠিকা নিজ অঙহী-বঙহীক দি একপ্ৰকাৰ লুণ্ঠন অব‍্যাহত ৰাখিছে। এই লুণ্ঠন কাৰ্য‍্য চৰকাৰী প্ৰতিনিধিগৰাকীয়ে বাৰম্বাৰ বাধা দিয়াৰ ফলত পৰিকল্পিতভাৱে গাঁও পঞ্চায়তৰ সভানেত্ৰীয়ে এই কাৰ্য‍্য সংঘটিত কৰাইছে। পূৰ্বে সভানেত্ৰী গৰাকীয়ে নিজ পচন্দৰ ব‍্যক্তিক ঠিকা-ঠুকলিত নিয়োগ কৰাই অকৰ্তৃত্বশীলভাৱে ধনৰ লেন-দেন কৰিবলৈ সচিবগৰাকীক বাধ‍্য কৰাব নোৱাৰি দলীয় কৰ্মীৰ দ্বাৰা লঘু-লাঞ্চনা কৰি আহিছিল। বুধবাৰে পঞ্চায়ত কাৰ্য‍্যালয়ত চাউল বিতৰণ কৰি থকাৰ সময়ত চাউল বিতৰণকাৰীসকলে মিলি এক ভোজ-ভাতৰ আয়োজন কৰিছিল য’ত ভাৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়াগৰাকীও উপস্থিত আছিল। কিন্তু সভানেত্ৰী পবিত্ৰা বৰাই কাৰ্য‍্যালয়ত ভোজ-ভাতৰ আয়োজনক লৈ খৰ্গহস্ত হৈ জিলা পৰিষদৰ সদস‍্য জিতেন গড় আৰু ভাজপা দলীয় কৰ্মী মৃনাল বৰা তথা দলীয় কৰ্মীক মাতি আনি এক অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি কৰে। এই পৰিস্থিতিৰ পৰা পৰিত্ৰাণৰ বাবে নিজ গাড়ীৰে কাৰ্য‍্যালয়ৰ পৰা যাব বিচাৰোতে মৃণাল বৰা আৰু জীতেনে বাধা দি গাড়ীৰ পৰা নমাই আনি মাৰ-ধৰ কৰে বুলি অভিযোগ কৰে। ইতিমধ‍্যে হৰ্ক বাহাদুৰ ছেত্ৰীয়ে ঘটনাৰ উচিত তদন্ত বিচাৰি মিছা আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে। লগতে সদৌ অসম পঞ্চায়ত সচিব সন্থাৰ ওচৰতো অভিযোগ দাখিল কৰিছে। ইফালে, জিতেন গড়েও সচিবগৰাকীৰ বিৰুদ্ধে বিহীত ব‍্যৱস্থা ল’বলৈ চৰকাৰক অনুৰোধ জানাইছে।

ৰেল শিল্পক ব্যক্তিগতকৰণ : তিনিচুকীয়াত ৰেল শ্ৰমিকৰ উত্তাল প্ৰতিবাদ ।

তিনিচুকীয়া : খালে ঐ খালে প্ৰাইভেটাইজেচন কৰা নীতিয়ে ভাৰতীয় ৰেল শিল্পটোক খালে| খেদ ঐ খেদ কৰ্পৰেট গোষ্ঠীক খেদ| জাগ ঐ জাগ জনতা জাগ আদি শ্ল’গান দি ৰে’ল শ্ৰমিকসকলে আজি তিনিচুকীয়া ৰেল মণ্ডল প্ৰৱন্ধকৰ কাৰ্যালয় প্ৰাংগণ উত্তাল কৰে| এফ ৰে’লৱে মজদুৰ ইউনিয়নৰ আহ্বান ক্ৰমে আজি কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় ৰে’ল শিল্পক ব্যক্তিগতকৰণ কৰা সৰ্বনশীয়া নীতিৰ বিৰুদ্ধে এইদৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৰেল শ্ৰমিক সকলে| দেশৰ বুনিয়াদ গঢ়া ১৬৭ বছৰীয়া সৰ্ববৃহত ৰেল শিল্পটোক প্ৰধান মন্ত্রী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰে ব্যক্তিগত খণ্ডৰ হাতত গতাবলৈ লোৱা হঠকাৰী নীতিৰ বিৰুদ্ধে তিনিচুকীয়া ডিভিজনৰ তিনিচুকীয়া, লিডু, ডিব্ৰুগড় ৱৰ্কশ্বপ, শিমলুগুৰি, মৰিয়নি আৰু ফৰকাটিং আদিত বিশাল প্ৰতিবাদী কাৰ্যসূচী পালন কৰে| ৰেল শ্ৰমিক সংগঠনটোৰ তিনিচুকীয়া আৰু নিউ তিনিচুকীয়া শাখাই যুটীয়াভাৱে পালন কৰা প্ৰতিবাদী কাৰ্যসূচীত এনএফ ৰেলৱে মজদুৰ ইউনিয়নৰ কেন্দ্ৰীয় কমিটীৰ সাংগাঠনিক সম্পাদক তথা তিনিচুকীয়া ডিভিজনৰ সমন্বয়ক পুলক গগৈয়েও অংশগ্ৰহণ কৰি কয় যে সমগ্ৰ দেশত ক’ভিড-১৯ এ যিদৰে মহামাৰী ৰূপ ধাৰণ কৰি আতংক সৃষ্টি কৰিছে ঠিক একেদৰে ভাৰতীয় ৰেল শিল্পটোত কেন্দ্ৰীয় চৰকাৰে মেলি দিয়া ক’ৰ্পৰেট নামৰ মহামাৰীটোৱে শ্ৰমিক সকলৰ মাজত ভয়ানক আতংকৰ সৃষ্টি কৰিছে বুলি কয় আৰু ইয়াক খেদবলৈ ৰাজ পথলৈ আজি শ্ৰমিক সকল ওলাই আহিছে| ইয়াৰ উপৰি ক’ভিড-১৯ মহামাৰী সংক্ৰমণ প্ৰতিৰোধ ক্ষেত্রত বলবত কৰা মাজতে মৰগীয়া ভাত্তা কৰ্তন কৰা, মূল্য বৃদ্ধি, শ্ৰম আইন বিলুপ্তিকৰণ কৰা আদি বিৰুদ্ধে মুঠ ছয়টা দাবীত পালন কৰা প্ৰতিবাদী কাৰ্যসূচী ধাৰাষাৰে দি থকা প্ৰবল বৰষুণকো নেওচি সাব্যস্ত কৰা ৰে’ল শ্ৰমিক সকলে অতিশীঘ্ৰে কেন্দ্ৰীয় চৰকাৰক এই শ্ৰমিক বিৰোধী নীতিসমূহ প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায়| অন্যথা আন্দোলন আৰু তীব্ৰতৰ কৰি তুলিব বুলি কেন্দ্ৰীয় চৰকাৰক সকীয়াই দিয়ে| উল্লেখযোগ্য যে এই প্ৰতিবাদ তিনিচুকীয়া ডিভিজনৰ উপৰি লামডিং, ৰঙিয়া, আলিপুৰদুৱাৰ আৰু কাটিহাৰ ডিভিজনটো ব্যাপক ৰূপত পালন কৰা হয় বুলি ৰেল শ্ৰমিক নেতা পুলক গগৈয়ে সদৰি কৰিছে|

কৃষক নেতা অখিল গগৈসহ “কা” আন্দোলনত জড়িত কাৰাৰুদ্ধ সকলক শীঘ্ৰে মুক্তিৰ দাবী : ৰাজপথত তিনি সংগঠনৰ প্ৰতিবাদত উত্তাল নাজিৰা ।

নাজিৰা : জাতি-মাটি-ভেটি সুৰক্ষাৰ প্ৰতিশ্ৰুতিৰে দেশ তথা অসমৰ শাসনভাৰ গ্ৰহণ কৰা বিজেপি নেতৃত্বাধীন চৰকাৰে সেই প্ৰতিশ্ৰুতি ৰক্ষাৰ বিপৰীতে “নাগৰিকত্ব সংশোধনী আইন”ৰ জৰিয়তে অসম আৰু অসমীয়া জাতি-ভেটি নি:শেষ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰাত সমগ্ৰ দেশ তথা অসমত সৰ্বত্ৰে প্ৰতিবাদ-ৰণডংকা উদগীৰণ ঘটে। চৰকাৰৰ এই হঠকাৰী পদক্ষেপৰ গণ আন্দোলনক নেৰ্তৃত্ব বহন কৰাৰ অপৰাধ তথা দেশৰ সংবিধান উলংঘাৰে জনতাৰ বাক স্বাধীনতাক স্তব্ধ কৰি ৰখাৰ মানসেৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈ, ধৈৰ্য কোঁৱৰ, বিতু সোনোৱাল, মানস কোঁৱৰকে ধৰি বহুকেইজনক দুশদিনৰোধিক কাৰাৰুদ্ধ কৰি চৰকাৰৰ প্ৰকৃত স্বৰূপ উদঙাই দেখুৱাইছে বুলি সৰ্বত্ৰে অভিযোগ উঠি আহিছে। বিজেপি নেতৃত্বাধীন চৰকাৰৰ এনে কৰ্ম- কাণ্ডক প্ৰত্যাহ্বান জনাই সম্প্ৰতি ৰাজপথলৈ ওলাই প্ৰতিবাদ সাব্যস্ত কৰিছে জনতাই। ইয়াৰ পিছতো গা লৰা নাই শাসক পক্ষৰ। যাৰ বাবে আজি ৰাজপথলৈ ওলাই আহি চৰকাৰক সকীয়াই দিব লগা পৰিস্থিতি উদ্ভৱ হৈছে। ইয়াৰে অংশস্বৰূপে আজি “বীৰ লাচিত সেনা, অনুসূচীত জাতি যুৱ-ছাত্ৰ পৰিষদ, ঐক্য সেনা অসম”ৰ অৰ্ধশতাধিক বিষয়-ববীয়া আৰু কৰ্মীয়ে নাজিৰা নগৰৰ নাট্য মন্দিৰৰ সন্মুখত “মানৱ শৃংখল” এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদকাৰী সকলে “বিজেপি নেতৃত্বাধীন চৰকাৰ হায় হায়, নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, সৰ্বানন্দ সোনোৱাল, হিমন্ত বিশ্ব শৰ্মাৰ গুণ্ডাৰাজ নচলিব, আছে হেংডাং লোৱা নাই-ললে হেংডাং ৰক্ষা নাই, ৰাইজ আজি ৰাজপথত-সৰ্বা তোমাৰ কাম নাই” আদি বিভিন্ন শ্ল’গানেৰে ধৰ্ণা দি উত্তাল কৰি তোলে নাজিৰাৰ আকাশ-বতাহ। পিছত কৃষক নেতা অখিল গগৈ, ধৈৰ্য কোঁৱৰ, বিতু সোনোৱাল, মানস কোৱৰকে ধৰি “কা” আন্দোলনত জড়িত কাৰাৰুদ্ধ সকলক বিনা চৰ্ত্ৰে শীৰ্ঘ্ৰে মুক্তিৰ দাবী জনাই অসমৰ গৃহ বিভাগৰো দায়িত্বত থকা মুখ্যমন্ত্ৰীলৈ এখনি স্মাৰক পত্ৰ প্ৰদান কৰে। নাজিৰা মহকুমাৰ মহকুমাধিপতিৰ যোগেদি প্ৰদান কৰা স্মাৰক পত্ৰখনত উক্ত দাবী শীৰ্ঘ্ৰে কাৰ্যকৰী নকৰিলে সকলো দল-সংগঠন আৰু ৰাইজক একত্ৰিত কৰি চৰকাৰৰ বিৰুদ্ধে বৃহৎ গণ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ’ব বুলি সকীয়াই দিয়ে।