Home Blog Page 3262

গুৱাহাটী উন্নয়ন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ নিৰ্দেশৰ তাৎক্ষণিক প্ৰভাৱ ৷ অনিল নগৰৰ বোকাময় পৰিবেশ পৰিস্কাৰ কৰিলে গুৱাহাটী পৌৰনিগমে ৷

গুৱাহাটী : গুৱাহাটী উন্নয়ন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ এক নিৰ্দেশ মৰ্মে আজি গুৱাহাটী পৌৰনিগমৰ আয়ুক্ত দেবজ্যোতি হাজৰিক, পৌৰনিগমৰ মুখ্য অভিযন্তা দেৱজিত দাস সহ কেইবাগৰাকী বিষয়াৰ উপস্থিতিত অনিল নগৰৰ বোকাময় পথছোৱা পৰিস্কাৰ কৰা দেখিবলৈ পোৱা যায় ৷ যোৱা ৬ জুনত সন্ধিয়া অহা এজাক মুষলধাৰ বৰষুণে গুৱাহাটী মহানগৰীৰ বিভিন্ন অঞ্চল পানীৰে বুৰাই পেলায় ৷ প্ৰায় এঘন্টা সময় বৰষুণ দিয়াৰ ফলত অনিল নগৰ অঞ্চলত এবুকু প্ৰৰ্যান্ত পানীৰে উপচি পৰে পথচোৱা ৷ কৃত্ৰিম বানৰ ফলত কেইঘণ্টামানৰ বাবেই অঞ্চল বাসী ৰাইজে যঠেষ্ট অসুবিধাৰ সন্মুখীন হয় ৷ এই ক্ষেত্ৰত গুৱাহাটী পৌৰনিগমৰ পানীৰ পাম্পৰে কম সময়ত ভিতৰত পানী নিস্কাষণ কৰিবলৈ সক্ষম হয়৷ পথচোৱাৰ পৰা পানী নাইকিয়া হোৱাৰ পিছত বোকময় পৰিবেশৰে ভৰপুৰ হৈ থকা দেখা গৈছে৷ স্হানীয় ৰাইজৰ অভিযোগৰ ভিত্তিত আজি পুৱ গুৱাহাটী সমষ্টিৰ বিধায়ক তথা গুৱাহাটী উন্নয়ন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই পৌৰনিগমক পথছোৱা পৰিস্কাৰ কৰাৰ লগতে ছেনিটাইজাৰ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে ৷ সেই মৰ্মেই  পৌৰনিগমৰ আয়ুক্ত সহ মুখ্য অভিযন্তাৰ তদাৰকত পথচোৱা পৰিস্কাৰ কৰাৰ লগতে ছেনিটাইজাৰ কৰা হয় ৷ এই ক্ষেত্ৰত স্হানীয় বাসিন্দা প্ৰশান্ত বৰ্মনে মন্ত্ৰী গৰাকীৰ তাৎক্ষণিক পদক্ষেপক ধন্যবাদ জ্ঞাপন কৰে ৷ লগতে গুৱাহাটী পৌৰনিগমৰ আয়ুক্ত অভিযন্তা গৰাকীৰ পদক্ষেপক আদৰণীয় বুলি অভিষিত কৰে ৷

জামুগুৰিহাটত মাইক্ৰ’ফাইনেঞ্চৰ দৌৰাত্ম্য : ঋণগ্ৰস্তক মাহিলী কিস্তি পৰিশোধ কৰিবলৈ ব্যাপক তাগিদা ৷

জামুগুৰিহাট : কৰ’না ভাইৰাছৰ দ্ৰুত সংক্ৰমণে ৰাইজক শংকিত কৰি ৰখাৰ সময়তে ৰাজ্যখনৰ চুকে কোণে একাংশ মাইক্ৰ’ফাইনেঞ্চ কোম্পানীয়ে পুনৰাই দৌৰাত্ম্য অব্যাহত ৰখাৰ খবৰ পোৱা গৈছে৷ এইক্ষেত্ৰত ব্যতিক্ৰম নহয় শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ একাংশ মাইক্ৰ’ফাইনেঞ্চ কোম্পানীও৷ জানিব পৰা মতে একাংশ মাইক্ৰ’ফাইনেঞ্চৰ প্ৰতিনিধিয়ে আৰ্থিকভাৱে জুৰুলা একাংশ ঋণগ্ৰস্তক ঋণৰ মাহিলি কিস্তি পৰিশোধ কৰিবলৈ ব্যাপক তাগিদা দিয়া বুলি অভিযোগ উঠিছে৷ কেন্দ্ৰীয় চৰকাৰৰ বিধি বিধান মানি যি সময়ত জনগণ গৃহবন্দী হ’বলগীয়া হৈছে, ব্যৱসায় বাণিজ্য বন্ধ হোৱাৰ ফলত অধিকাংশ লোকে আজিও আৰ্থিক স্বচ্ছলতা ঘূৰাই আনিবলৈ সক্ষম হোৱা নাই। আনকি ভাৰতীয় ৰিজাৰ্ভ বেংকেও মাৰ্চ মাহৰ পৰা আগষ্ট মাহ পৰ্যন্ত ৬ মাহৰ বাবে ঋণৰ মাহিলী কিস্তি পৰিশোধ কৰাৰ পৰা ঋণ লোৱা সকলক ৰেহাই দি সাময়িক সকাহ প্ৰদান কৰিছে। তেনে সময়তে জামুগুৰিহাটৰ কেবাটাও বিত্তীয় প্ৰতিষ্ঠানে ঋণ গ্ৰহণ কৰা ব্যক্তিক ঋণ আদায়ৰ বাবে হেঁচা প্ৰয়োগ কৰাৰ অভিযোগ উল্থাপন কৰিছে একাংশ লোকে৷ আনকি ঋণগ্ৰস্তক কটু কথা শুনাই মানসিকভাৱে কষ্ট দিয়াৰ অভিযোগো উত্থাপন হৈছে৷ মন কৰিবলগীয়া যে ভাৰতীয় ৰিজাৰ্ভ বেংকে কৰ’না কেন্দ্ৰীক লকডাউনৰ সময়চোৱাত সমস্যাজৰ্জৰ জনগণক বেংক, বিত্তীয় প্ৰতিষ্ঠান আদিৰ মাহিলী কিস্তি সমুহ ৬ মাহৰ বাবে পিছুৱাই দিয়াৰ ঘোষণা কৰিছিল আৰু জনগণেও কিছু সকাহ লাভ কৰিছিল যদিও জামুগুৰিহাটৰ একাংশ মাইক্ৰ’ফাইনেঞ্চ কোম্পানীৰ বাবেই ৰিজাৰ্ভ বেংকৰ নীতি নিৰ্দেশনা সম্প্ৰতি ধোৱাচাঙত উঠা পৰিলক্ষিত হৈছে৷ উল্লেখ্য যে সময়মতে ঋণ পৰিশোধ কৰিব নোৱাৰাৰ বাবেই ঋনীৰ গৃহৰ আচবাব লৈ অহা, ঋণীক আইন আদালতৰ ভয় দেখুওৱা আদি অনেক মানসিক নিৰ্যাতনৰ বলি কৰাৰ বাবেই বিগত সময়ত ঋণীয়েও ঘৰ এৰি পলায়ন কৰা, আত্মহননৰ পথ বাচি লোৱাকে ধৰি সংঘটিত বহু ঘটনাৰাজীৰ বাবেই মাইক্ৰ’ফাইনেঞ্চৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদৰ ঢৌ উঠিছিল আৰু পৰিণতিত আৰবিআইয়ে এলানি কঠোৰ নিৰ্দেশনা জাৰি কৰিছিল৷ কিন্তু ইমানৰ পিছতো গা নলৰা একাংশ মাইক্ৰ’ফাইনেঞ্চৰ প্ৰতিনিধিয়ে সম্পূৰ্ণ মইমতালিৰে ঋনীক ঋণ পৰিশোধ কৰিবৰ বাবে ব্যাপক তাগিদা দিয়া খবৰে প্ৰতিক্ৰিয়াৰো সৃষ্টি কৰিছে জামুগুৰিহাটত৷ মাইক্ৰ’ফাইনেঞ্চ কোম্পানীসমুহৰ একাংশ প্ৰতিনিধিয়ে সঘনাই মেল মিটিং অনুষ্ঠিত কৰি সামাজিক দূৰত্বৰ চৰকাৰী নিয়মকো অংগুষ্ঠ প্ৰদৰ্শন কৰা বুলিও গুৰুতৰ অভিযোগ উল্থাপন কৰে ৰাইজে৷ শীঘ্ৰে মাইক্ৰ’ফাইনেঞ্চ কোম্পানীসমুহৰ এনে মইমতালি ৰোধ কৰিবলৈ চৰকাৰক দাবী জনাইছে জনসাধাৰণে ৷

আগন্তুক শিক্ষাবৰ্ষত ৩০ শতাংশ পাঠ্যক্ৰম হ্ৰাস চিবিএছইৰ ৷

দৈনন্দিন বাৰ্তা ডেস্ক :

অহা ২০২০–২১ বৰ্ষৰ নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰমৰ ৩০ শতাংশ কমাইছে চিবিএছইয়ে ৷ মঙলবাৰে এই কথা ব’ৰ্ডৰ তৰফৰ পৰা জনোৱা হয় ৷ মহামাৰীৰ ফলত এই বছৰ পাঠ্যক্ৰমত হেঙাৰ সৃষ্টি হৈছে ৷ সেয়া পুৰণৰ বাবে এই পদক্ষেপ লোৱা হৈছে ৷ কেন্দ্রীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ মন্ত্ৰী ৰমেশ পোখৰিয়াল নিশংকই কয় যে দেশ আৰু বিশ্বৰ অস্বাভাৱিক পৰিস্থিতিৰ বাবে চিবিএছইক পাঠ্যক্ৰম পুনৰ বিবেচনা কৰিবলৈ কোৱা হৈছিল ৷ যাতে নৱমৰ পৰা দ্বাদশ শ্ৰেণীলৈ ছাত্ৰ-ছাত্ৰীৰ ওপৰত বোজা কমে ৷ ইপিনে চিবিএছইয়ে জনায় যে পঢ়াশুনাৰ মাত্ৰাৰ গুৰুত্ব বুজি পাঠ্যক্ৰম কমোৱা হৈছে ৷ এই পাঠ্যক্ৰমত বিকল্প শিক্ষা কেলেণ্ডাৰ আৰু এনচিইআৰটিৰ কিছু বিষয় থাকিব পাৰে ৷ মন্ত্ৰীজনে লগতে জনায় যে দেশৰ ১৫০০ জন শিক্ষাবিদৰ পৰামৰ্শ আৰু আবেদন পোৱা গৈছিল ৷ যাতে এই বছৰৰ পৰিস্থিতিৰ বাবে ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ অৰ্থে আগন্তুক শিক্ষা বৰ্ষৰ পাঠ্যক্ৰম কমোৱা হয় ৷ আনকি দিল্লীৰ উপ মুখ্যমন্ত্রী মণীছ শিছোদিয়াই যোৱা এপ্ৰিলত কেন্দ্ৰীয় মন্ত্ৰীক ৩০ শতাংশ পাঠ্যক্ৰম কমাবলৈ আবেদন কৰিছিল ৷ সকলো বিবেচনা কৰি চিবিএছইক এই পৰামৰ্শ দিয়ে৷ যাৰ ফলত এই সিদ্ধান্ত লয় চিবিএছই ব’ৰ্ডে ৷

ভাৰত-চীন সীমান্তত ৩ খন দলং নিৰ্মাণ সীমান্ত পথ সংগঠনৰ ৷

দৈনন্দিন বাৰ্তা ডেস্ক :

কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে নিৰ্মাণ কৰি থকা প্ৰকল্পবোৰৰ বিষয়ে সীমান্ত পথ সংগঠনৰ মুখ্য লেফটেনেণ্ট জেনেৰেল হৰপাল সিং আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকলৰ সৈতে আলোচনা কৰে ৷ তদুপলক্ষে দক্ষিণ ব্লকত মঙলবাৰে এখন সভা অনুষ্ঠিত হয় বুলি প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনাইছে ৷ লেফটেনেণ্ট জেনেৰেল হৰপাল সিঙে মন্ত্ৰী ৰাজনাথ সিঙক নিৰ্মাণ হৈ থকা পথবোৰৰ বিষয়ে চমুকৈ অৱগত কৰে ৷ এই প্ৰকল্পবোৰ চীনৰ সৈতে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা আৰু পাকিস্তানৰ সৈতে থকা নিয়ন্ত্ৰণ ৰেখাত চলি আছে ৷ সীমান্ত পথ সংগঠনৰ মুখ্য লেফটেনেণ্ট জেনেৰেল হৰপাল সিঙে আশ্বস্ত দিয়ে যে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা আৰু নিয়ন্ত্ৰণ ৰেখাত চলি থকা প্ৰকল্পবোৰ যথা সদয়ত সম্পন্ন কৰিব ৷ তেওঁ লগতে কয় যে প্ৰতিৰক্ষা, গৃহ আৰু পৰিবহণ বিভাগসহ সকলো বিভাগে সমন্বয় ৰক্ষা কৰি কাম কৰি আছে বুলি তেওঁ জনায় ৷ উল্লেখ্য যে সীমান্ত পথ সংগঠনে তিনিখন নতুন দলং নিমুৰ ওচৰত নিৰ্মাণ কৰি আছে ৷ ইয়াত ভাৰতীয় সেনাই টেংক আৰু বন্দুকসহ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ পূৱ লাডাখত ভ্ৰমণ কৰি সহায় কৰিছে ৷ এই বেইলি দলংবোৰ আগতে ২৪ টনৰ যানবাহন গৈছিল ৷ এতিয়া নতুনকৈ ৭০ টনৰ কৰা হৈছে ৷ তিনি মাহৰ ভিতৰত এই কাম সম্পন্ন হয় ৷ দ্বিতীয়খন দলং নিমুৰ ওচৰৰ বাছগ’ত পুনৰ নিৰ্মাণ কৰা হৈছে ৷ গধুৰ যানবাহনৰ চলাচল কৰিব পৰা এই দলংখন সোনকালে পুনৰ নিৰ্মাণ কৰা হ’ব ৷ তৃতীয়খন দলং উলে ট’প’ত নিৰ্মাণ কৰা হৈছে ৷

হোজাই জিলা পৰিষদৰ সন্মুখত ধৰ্ণা দিব শিলাদিত্য দেৱে।

লংকা : এইবাৰ পুনৰ সৰৱ হৈছে হোজাইৰ বিধায়ক শিলাদিত্য দেৱ । গুৱাহাটী সেই বিশেষ ৰাজ‌্যিক নেতা গৰাকীৰ বিৰুদ্ধে এইবাৰ ৰাজপথলৈ ওলাই অহাৰ হুংকাৰ দিলে বিধায়ক শিলাদিত্যা দেৱে । এইবাৰ যদি নেতা গৰাকীয়ে ওলটা পোল্টা কৰি তেন্তে ৰাজপথলৈ ওলাই আহি ধৰ্নাত বহাৰ কথা ঘোষণা কৰে শিলাদিত্য দেৱে। মংগলবাৰে লংকাৰ জোৰাপুখুৰীৰ নিজা বাসগৃহত সংবাদ মেল অনুষ্ঠিত কৰি এইদৰে সোচ্ছাৰ হৈ পৰিল হোজাই সমষ্টিৰ বিধায়ক জন । পূৰ্বে এক সংবাদ মেলত গুৱাহাটীৰ কান্ধত বেগ লৈ ফুৰা বিজেপিৰ এগৰাকী নেতাৰ বিৰুদ্ধে মুখা খুলি দিয়াৰ হুংকাৰ দিয়াৰ পাছত আজি পুনৰ সংবাদমেলত হোজাই জিলা পৰিষদৰ দূৰ্নীতিবিৰোধী বিৰুদ্ধে মাত মাতিবলৈ গৈ নাম প্ৰকাশ নকৰিও সেই বিশেষ নেতা গৰাকীয়ে বিৰুদ্ধে গৰজি উঠিল প্ৰায়ে,বিতৰ্কিত মন্তব্যৰে ৰাজ্যৰ ৰাজনীতিত তোলপাৰ লগোৱা বিজেপিৰ হোজাই সমষ্টিৰ বিধায়ক শিলাদিত্য দেৱে। হোজাই জিলা পৰিষদখনৰ সভাপতি পদত বিজেপি আৰু উপ সভাপতি পদত কংগ্ৰেছ দলৰ সদস্যই অধিস্ঠিত থকাকলৈ অসন্তোষ্ট হৈ আছিল শিলাদিত্য দেৱ । পূৰ্বে হোজাই জিলা বিজেপিৰ পূৰ্বৰ সভাপতিজনে গুৱাহাটীৰ সেই বিশেষ নেতা জনৰ জৰিয়তে শিলাদিত্য দেৱক একো নজনোৱাকৈ হোজাই জিলা পৰিষদ খন গঠন কৰিছিল । কিন্তু শেহতীয়াকৈ জিলা বিজেপি পদৰ পৰা অৰ্জুন মজুমদাৰ আতৰি যোৱাত শিলাদিত্য দেৱে নিজৰ মানুহক উপ সভাপতি পদত বহোৱাবলৈ উঠি পৰি লাগি অনাস্হা আনিবলৈ বাধ্য কৰোৱাই নিজৰ দলৰে সভানেত্ৰী ৰমাবালা দেৱীয়ে চলাই থকা হোজাই জিলা পৰিষদৰ বিৰুদ্ধে অভিযোগ আনিলে ৰেণ্ডম দূৰ্নীতিবিৰোধী সংঘটিত হোৱাৰ ।এইবাৰ সভানেত্ৰীৰ লগতে বৰ্তমান কংগ্ৰেছৰ সদস্য থকা উপ সভাপতি পদ বিজেপিৰ দখললৈ অনাৰ লক্ষ্য লোৱা শিলাদিত্য দেৱৰ অংকত সফল হ’বলৈ হলে কংগ্ৰেছ অথবা এআইইউডিএফ দলৰ সদস্যৰে সৰ্মথন ল’ব লাগিব ।জিলা পৰিষদ খনত উপ-সভাপতি পদত কংগ্ৰেছৰ দলৰ নূৰ আহমেদ থকাত আপত্তি থকা শিলাদিত্যৰ । কিন্তু কংগ্ৰেছ অথবা এআইইউডিএফ দলৰ সমৰ্থনত উপ-সভাপতি পদত বিজেপিৰ সদস্যক অধিষ্ঠিত কৰোৱাত আপত্তি নাই ।কিয়নো ১২খন আসনবিশিষ্ট হোজাই জিলা পৰিষদত বিজেপিৰ ৬গৰাকী ,কংগ্ৰেছৰ ৫ গৰাকী আৰু এই আই ইউ ডিএফ দলৰ ১ জন সদস্য আছে । সেয়েহে অহা ১৪ জুলাইত অনাস্থা সভা অনুষ্ঠিত হবে আৰু তাতেই সিন্ধান্ত হব কংগ্ৰেছী উপ সভাপতি পৰিষদত থাকিব নে নাই? আগন্তক দিনত যদি বিজেপিয়ে পৰিষদ গঠন কৰিব পাৰে তেনেহলে গঠন কৰিব আৰু যদি নোৱাৰে কংগ্ৰেছকে পৰিষদ গঠন কৰিবলৈ এৰি দিয়া হব বুলি মন্তব্য কৰে বিধায়ক শিলাদিত্য দেৱে। প্ৰথম জিলা পৰিষদ গঠন কৰা সময়তো শিলাদিত্য আৰু লামডিংৰ বিধায়ক শিবু মিশ্ৰৰ লগত আলোচনা কৰা নাছিল বুলি মন্তব্য প্ৰকাশ কৰে।

জৰাজীৰ্ণ বাঁহৰ দলঙে জীয়াতু ভোগাইছে গঞা ৰাইজক : ফুচকৰামুখত পকী দলং নিৰ্মাণৰ দাবী মন্ত্ৰী নৱ দলেক । অন্যথা অহা নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ।

ঢকুৱাখনা : দেশে স্বাধীনতা লাভ কৰাৰ ৭৩ টা বছৰ অতিক্ৰম কৰাৰ পিছততো ঢকুৱাখনা বিধান সভা সমষ্টিৰ অন্তৰ্গত মৰনৈ গাঁও পঞ্চায়তৰ বাটচ’ৰা শিৱ মন্দিৰ তিনিআলিৰ পৰা মৰনৈ পমুৱা তিনিআলি সংযোগী গুৰুত্বপূৰ্ণ পথটোৰ ফুচকৰামুখত ন’হল চামপৰা নদী আৰু বলাহী জানৰ ওপৰত এখনো দলং।খৰালি পানী শুকাই যোৱাত নদীৰ বুকুৰ বালিচৰেদি মৰনৈ,সোৱণশিৰি আৰু বিলমুখ তিনিখনৰ পঞ্চায়তক সংযোগ কৰা পথটোৰে অগনন লোক যাতায়ত কৰে যদিও বাৰিষা যাতায়ত বন্ধ হৈ পৰে।ফলত টুলুঙা নাৱেৰে বিপদসংকুলভাবে ৰাইজে যাতায়াত কৰিব লগীয়া হয়।কোনোবছৰ ৰাইজে,কোনো বছৰ পঞ্চায়তে,আৰু কোনো বছৰ স্থানীয় বিধায়কে অস্থায়ী বাঁহৰ দলং দিয়াৰ ব্যৱস্থা কৰে যদিও বাৰিষাতে আকৌ মেৰামতি কৰিব লগা হয় বাঁহৰ দলং।কিয়নো এই পথটোত যাতায়তৰ বাবে ভিৰ বেছি হয় ৩ খন পঞ্চায়তক সংযোগ ঘটোৱা চমু পথ হোৱা হেতুকে।কেতিয়াবা এই বাঁহৰ দলং ভাগি বাইচাইকেল,মটৰ চাইকেলসহ বহু পথচাৰী পানীত পৰাৰো উদাহৰণ আছে।উল্লেখ্য যে ফুচকৰামুখ-কৰঙা সংযোগী চামপৰা নৈৰ ওপৰত আৰু নাগপুৰ আৰু কৰঙা সংযোগী পথৰ বলাহী জানৰ ওপৰত থকা দুইখন বাঁহৰ জৰাজীৰ্ণ দলঙেই যাতায়তৰ বাবে অতি গুৰুত্বপূৰ্ণ।কিন্তু পূৰ্বৰ ঢকুৱাখনাৰ বিধায়ক ভৰত নৰহৰ কাৰ্যাকলত এই দুখন দলং নিৰ্মাণৰ নামত নিম্ন মানৰ কামেৰে পূঁজিৰ লুণ্ঠন চলাত।দুখনকৈ পকী দলং চামপৰাৰ বাননতে খহি পৰিল। তাৰ পিছৰ পৰা আৰু আজিকোপতি নিৰ্মাণ নহ’ল পুনৰ দলং দুখন।ফলত বছৰ বছৰ ধৰি এতিয়াও দুৰ্ভোগ ভোগিব লগীয়া হৈছে ফুচকৰামুখতে থকা দুখনকৈ বিদ্যালয়ৰ ছাত্র ছাত্ৰীৰ লগতে ওচৰৰ কেইবাখনো গাঁৱৰ বিভিন্ন ৰোগী আৰু সাধাৰণ ৰাইজে। শাসনাধিষ্ঠ বিজেপি চৰকাৰেও যোৱা ৪ টা বছৰে গ্ৰহণ নকৰিলে দুয়োখন দলং নিৰ্মাণৰ আঁচনি।স্থানীয় ৰাইজে সাংসদ তথা বিধায়কক দলং দুখন নিৰ্মাণৰ বাবে বহুবাৰ আবেদন-নিবেদন কৰিছে যদিও আজিলৈকে কোনো কামত অহা নাই।সেয়েহে অহা ২০২১ চনৰ বিধান সভাৰ নিৰ্বাচনৰ আগতেই দলংদুখন নিৰ্মাণৰ আঁচনি গ্ৰহণ কৰিবলৈ স্থানীয় বিধায়ক তথা মন্ত্ৰী নৱ কুমাৰ দলেক পুনৰবাৰ দাবী জনাইছে স্থানীয় ৰাইজে। অন্যথা নাগপুৰ,ফচকৰামুখৰ ৰাইজে নিৰ্বাচনত ভোট বৰ্জনোৰো হুংকাৰ দিছে।

ৰেঙনি চেনেলৰ বেগমজান চিৰিয়েলক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া। গনেশৰ মূৰ্ত্তি আৰু ব্ৰাহ্মিণ ছোৱালীৰ মুছলমানৰ সৈতে বিবাহক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া।

মঙ্গলদৈ : অসমৰ মনোৰঞ্জন ধৰ্মী চেনেল ৰেঙনিত যোৱা কালিৰে পৰা প্ৰচাৰিত বেগমজান নামৰ নামৰ চিৰিয়েল খনক লৈ লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিশেষকৈ হিন্দু ধৰ্মৰ উপাশ্য দেৱতা গনেশক অপমান কৰা বুলি চিৰিয়েল খন বন্ধ কৰাৰ দাবী জনাইছে। তাৰোপৰি এগৰাকী ব্ৰাহ্মিণ ছোৱালীক মুছলমানলৈ বিয়া দিয়াৰ দৃশ্যই সমগ্র ব্ৰাহ্মিণ সমাজক অপমান কৰা বুলি সদৌ অসম ব্ৰাহ্মণ যুৱ পৰিষদে অভিযোগ কৰিছে। এই সম্পৰ্কে যুৱ পৰিষদৰ দৰং জিলা সমিতিৰ সভাপতি দিপজ্যোতি শৰ্মা আৰু সম্পাদক বিতোপন শৰ্মা আৰু সহকাৰী সম্পাদক ধিমান জোতি কৌশিকে সনাতন হিন্দু ধৰ্মৰ আৱেগ অনুভূতিত আঘাট হানিছে বুলি মন্তব্য কৰিছে। চিৰিয়েল খনৰ বিভিন্ন দৃশ্যৰ আলম লৈ ধাৰাবাহিক খনে সাম্প্ৰদায়িক বিষবাস্প বিয়পাইছে বুলি অভিযোগ কৰিছে। শেহতীয়া ভাৱে ৰাজ্যখনত দেখা দিয়া লাভ জেহাদৰ পৰিনতিত বহু প্ৰতিভাধৰ যুৱতী, মহিলাৰ জীৱন ধবংস হোৱাৰ সময়তে এই চিৰিয়েল খনে লাভ জেহাদক উদগনি যোগোৱা বুলি অভিযোগ কৰিছে। অসম ব্ৰাহ্মণ যুৱ পৰিষদে বেগমজান নামৰ চিৰিয়েল খন শীঘ্ৰে বন্ধ কৰি প্ৰযোজক পৰিচালকক ক্ষমা খুজিবলৈ দাবী জনাইছে। আনহাতে দৰং জিলা বজৰং দলে বেগমজান নামৰ চিৰিয়েল খনৰ বিৰুদ্ধে আৰু প্ৰযোজক পৰিচালকৰ বিৰুদ্ধে ছিপাঝাৰ থানাত আজি গোচৰ ৰুজু কৰিছে।

ছাত্ৰ নেতা ভাৰত নাথৰ ইতিবাচক চিন্তা ৷ জামুগুৰিহাটত চেলুন ব্যৱসায়ৰে আত্ম সংস্থাপনৰ প্ৰচেষ্টা ৷

জামুগুৰিহাট : মহামাৰী কৰ’নাৰ এই সংকটকালত বহুলোক কৰ্মসংস্থাপনহীন হৈ পৰাৰ সময়তে জাতীয়তাবাদী সত্ত্বাৰে উৎসাহিত জামুগুৰিহাটৰ এজন যুৱক হৈ পৰিছে সকলোৰে আদৰ্শ৷যুৱকজনে আদৰি লোৱা কৰ্মটিক সকলোৱে সততে আদৰি লোৱা দেখা পোৱা নাযায় যদিও কম মুলধনত কৰিব পৰা কামটোকেই আঁকোৱালি লৈ আৰম্ভ কৰিছে তেওঁ এই ব্যৱসায়৷হয়,এখন চেলুন খুলি বহি:ৰাজ্যৰ লোকসকলৰ হাতত থকা ব্যৱসায়টিক থলুৱা লোকৰ হাতলৈ ঘুৰাই আনিবৰ বাবেই এইদৰেই জামুগুৰিহাটৰ কাঠবাৰীৰ মুল কেন্দ্ৰস্থলত বামুণবাৰী গাঁৱৰ যুৱক ভাৰত নাথে আৰম্ভ কৰিছে চেলুনৰ ব্যৱসায়৷গাঁৱৰে এজন যুৱকক প্ৰশিক্ষণ দি লগত লৈ প্ৰায়সংখ্যক অসমীয়া যুৱকে ইচ্ছা নকৰা এই কৰ্ম কৰিবলৈ আগবাঢ়ি আহিছে এইগৰাকী যুৱক৷সুন্দৰকৈ সজাই পৰাই তোলা চেলুনখন আজি আনুষ্ঠানিকভাৱে মুকলি কৰে শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি অভিজিত নাথে৷আনকি উচ্চ শিক্ষা লাভ কৰাৰ পিছতো চাকৰিৰ তাড়নাত নাথাকি কৰ্মসংস্কৃতিৰ জৰিয়তে অৰ্থনৈতিক বিপ্লৱৰ চিন্তা কৰা ভাৰতৰ এই কৰ্মৰাজিক ভূয়সী প্ৰশংসা কৰাৰ লগতে ভাৰতে বাছি লোৱা এই কৰ্ম আনসকলৰ বাবে এক আদৰ্শ হঁওক বুলিও ব্যক্ত কৰে জিলা ছাত্ৰ সন্থাৰ সভাপতিগৰাকীয়ে৷ মনকৰিবলগীয়া যে বৰ্তমান সদৌ জামুগুৰি ছাত্ৰ সন্থাৰ উপ সভাপতিৰ দায়িত্বতো আছে ভাৰত নাথ।চেলুন খুলি ব্যৱসায় আৰম্ভ কৰা দৰেই আন আন কামবোৰতো ৰাজ্যখনৰ থলুৱা লোকসকলৰ প্ৰভুত্ব বিস্তাৰ হোৱাতো বিচাৰে ভাৰতে৷যাৰ জৰিয়তে নিবনুৱা সমস্যা হ্ৰাস পাব আৰু নিজেও স্বাৱলম্বী হ’ব পাৰিব বুলি বিশ্বাসী উদ্যমী যুৱক ভাৰত নাথ৷ ছাত্ৰ সংগঠণৰ বিষয়ববীয়াৰ দায়িত্বত থাকিও সমান্তৰালভাৱে আন আন যুৱকসকলকো লাজ শংকা ত্যাগ কৰি সকলো সৰু সৰু কামত আত্মনিয়োগ কৰিবৰ বাবে উপদেশৰ পৰিৱৰ্তে আৰ্হি হিচাপে নিজেই কৰ্মৰ জৰিয়তে দেখুৱাই দিবলৈ সক্ষম হোৱা ভাৰত সকলোৰে বাবে আদৰ্শ হোৱাৰ কামনা কৰিছে বিভিন্ন জনে। মনকৰিবলগীয়া যে, বহি:ৰাজ্যত থকা হাজাৰ হাজাৰ যুৱক উভতি আহিছে নিজ গৃহলৈ৷ ভৱিষ্যত দিনবোৰত পৰিয়ালটোক কিদৰে পোহপাল দিব সেই কথা চিন্তা কৰি কোনো কোনো লোক হীনমন্যতাতো ভোগা পৰিলক্ষিত হৈছে৷ঠিক তেনে সময়তে ভাৰত নাথৰ দৰে যুৱক তথা ছাত্ৰ নেতাৰ ইতিবাচক চিন্তা আন দহজনৰ বাবে হ’ব পাৰে প্ৰেৰণাৰ উৎস।

ৰাজেন গোঁহাইক প্ৰত্যুত্তৰ ৰূপক শৰ্মাৰ : দুৰ্যোগৰ সময়ত আমি খোৱাকামোৰাৰ ৰাজনীতি নকৰো ।

নগাঁও : বিগত কেইদিনমান ধৰি সংবাদ মাধ্যমত নগাঁও সদৰ সমষ্টি অথবা বঢ়মপুৰত দলীয় টিকট লাভ কৰিলে বিধানসভা নিৰ্বাচন খেলিবলৈ সাজু থকা বুলি উল্লেখ কৰি আহিছে প্ৰাক্তন ৰেলৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁইয়ে।ইয়াৰ লগতে নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাক সংবাদ মাধ্যমৰ আগত কটু সমালোচনা কৰি অহা ৰাজেন গোঁহাইক আজি নগাঁৱত নাম উল্লেখ নকৰাকৈ প্ৰত্যুত্তৰ দিলে বিধায়ক ৰূপক শৰ্মাই। চিগনেচাৰ প্ৰজেক্টৰ অধীনত ১০কোটি টকা ব্যয় সাপেক্ষে নগাঁৱৰ মাজৰআটিৰ পৰা বেবেজীয়া পৰ্যন্তনিৰ্মান হ’ব লগা এটি পথৰ আজি আধাৰশিলা স্থাপন কৰি বিধায়ক ৰূপক শৰ্মাই কয় যে নগাঁৱৰ উন্নয়ণৰ কৃতিত্ব কেৱল বিজেপি চৰকাৰৰহে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু গড়কপ্তানি মন্ত্ৰী হিমন্ত বিশ্বৰ সদিচ্ছাৰ বাবেই বিগত ৪ বছৰত নগাঁও চহৰৰ বাট-পথৰ লগতে বিভিন্ন ক্ষেত্ৰত ক্ষিপ্ৰ উন্নয়ণ হৈছে। এই উন্নয়ণৰ কৃতিত্ব কোনো ব্যক্তি বিশেষৰ নহয়, বিজেপি চৰকাৰৰহে। আনহাতে নগাঁও সদৰ সমষ্টিত প্ৰাক্তন মন্ত্ৰী ৰাজেন গোঁহাইয়ে টিকট বিচৰা সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত বিধায়ক গৰাকীয়ে কয় যে নিৰ্বাচনলৈ এতিয়াও বহুদিন বাকী আছে। সেয়ে এতিয়া মোক টিকটৰ কথা নুসুধিব। এতিয়া দুৰ্যোগৰ সময়। সমগ্ৰ বিশ্বৰ লগতে নগাঁৱৰ ৰাইজো ক’ৰোণা সংক্ৰমণৰ বলি হৈছে। বানপানীয়েও ৰাইজক বিপৰ্যস্ত কৰিছে। সেয়ে এতিয়া ৰাইজক সহায় কৰাৰহে সময়। এইসময়ত ৰাইজে জনপ্ৰতিনিধিৰ পৰা ক্ষমতাৰ ৰাজনীতি নিবিচাৰে। আমি ৰাইজক সহায় কৰাৰ বাবেহে আগ্ৰহী, খোৱাকামোৰাৰ ৰাজনীতি আমি বেয়াপাঁও। উল্লেখযোগ্য যে প্ৰাক্তন মন্ত্ৰী ৰাজেন গোঁহায়ে ৰূপক শৰ্মাক সংবাদ মাধ্যমত প্ৰত্যক্ষ ভাৱে সমালোচনা কৰাৰ বিপৰীতে ৰূপক শৰ্মাই ৰাজেন গোঁহাইৰ নাম উল্লেখ নকৰাকৈয়ে সংবাদ মাধ্যমৰ সন্মুখত প্ৰত্যুত্তৰ দিলেও নগাঁৱত যে এতিয়া ৰাজেন গোঁহাই আৰু ৰূপক শৰ্মাৰ মাজত শীতল যুদ্ধৰ অৱতাৰণা ঘটিছে সেয়া স্পষ্ট হৈছে। আধাৰশিলা স্থাপন অনুষ্ঠানত নগাঁও গড়কপ্তানি বিভাগৰ অধীক্ষক অভিযন্তা পল্লৱ শৰ্মা,কাৰ্যবাহী অভিযন্তা হিতেন কলিতা, সহকাৰী অভিযন্তা অতনু শৰ্মা,প্ৰাক্তন পৌৰপতি দিগন্ত দাস, বিজেপি দলৰ নগাঁও সদৰ আৰু বঢ়মপুৰ মণ্ডলৰ সভাপতিদ্বয় ক্ৰমে দীপাংকৰ ৰয় আৰু বিজয় গুপ্তা উপস্থিত থাকে ।

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি আৰু নতুন উদ্যোগ নীতিৰ অধ্যাদেশ প্ৰত্যাহাৰৰ দাবীত মুখ্যমন্ত্ৰী, যোগান মন্ত্ৰী আৰু উদ্যোগ মন্ত্ৰীৰ প্ৰতিকৃতি দাহ সংগ্ৰামী যুৱ ছাত্র পৰিষদৰ ।

নাজিৰা : ইন্ধন জাতীয় সামগ্ৰীকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি আৰু চৰকাৰৰ নতুন উদ্যোগ নীতিৰে যি অসম বিৰোধী তথা জাতিধ্বংসী অধ্যাদেশ জাৰি কৰিছে সেই অধ্যাদেশ প্ৰত্যাহাৰৰ দাবীত আজি নাজিৰা নগৰৰ মাজমজিয়াত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল , খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ফণীভূষণ চৌধুৰী আৰু বাণিজ্য — উদ্যোগ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ প্ৰতিকৃতি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ” সংগ্ৰামী যুৱ – ছাত্র পৰিষদ , অসম ” ৰ নাজিৰা আঞ্চলিক সমিতিয়ে । সংগঠনটোয়ে যোগান বিভাগক দাবী উত্থাপন কৰে যে , কৰ’না মহামাৰীৰ সময়ত চৰকাৰে লকডাউনৰ দৰে পৰিস্থিতি ঘোষণা কৰিবলৈ বাধ্য হোৱাৰ সময়তে অসমৰ সাধাৰণ জনতাই অত্যন্ত আৰ্থিক অভাৱ অনাটনৰ মাজত দিন কটাবলগীয়া হৈছে । তেনে সময়তে যোগান বিভাগে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিৰ্ধাৰণৰ ক্ষেত্ৰত উপযুক্ত পদক্ষেপ গ্ৰহণ নকৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাক একেবাৰে কোঙা কৰি পেলাইছে । প্ৰতিবাস্থলীত উপস্থিত থাকি সংগ্ৰামী যুৱ – ছাত্ৰ পৰিষদৰ শিৱসাগৰ জিলা সমিতিৰ উপ — সভাপতি পংকজ দত্তই দাবী উত্থাপন কৰি কয় যে , অতি সোনকালে যোগান বিভাগৰ দায়িত্বত থকা মন্ত্ৰী গৰাকীয়ে মূল্য নিৰ্ধাৰণৰ ক্ষেত্ৰত সঠিক পদক্ষেপ গ্ৰহণ কৰি যোগান বিভাগটো গতিশীল কৰক , অন্যথা মন্ত্ৰী পদৰ পৰা অব্যাহতি লওক । আনহাতে ৰাজ্যিক কেবিনেটত উত্থাপিত হোৱা অনুমতি বিহীন নতুন ভূমি নীতি অধ্যাদেশ খনক সংগঠনটোয়ে পোনচাতেই নস্যাৎ কৰি খিলঞ্জীয়াক ভূমিৰ অধিকাৰ দিব নোৱাৰা বি জে পি নেৰ্তৃত্বাধীন চৰকাৰখনক তীব্ৰ ভাষাৰে নিন্দা কৰি খিলঞ্জীয়াক ভূমিৰ অধিকাৰ প্ৰদান কৰাৰ দাবী জনায় । জাতি — মাটি — ভেটিৰ কথা কৈ শাসনলৈ অহা বি জে পি নেৰ্তৃত্বাধীন চৰকাৰে উদ্যোগ স্থাপনৰ নামত অসমৰ খিলঞ্জীয়া লোকসকলৰ ভূমিৰ অধিকাৰ খৰ্ব কৰি খিলঞ্জীয়াক ভাতে মৰাৰ পৰিকল্পনা কৰা বুলি অভিযোগ কৰি সংগঠনটোৰ প্ৰতিবাদ কাৰী সকলে চৰকাৰ বিৰোধী ধৰ্ণাৰে উত্তাল কৰি তোলে ।