Home Blog Page 3263

জয়া তিনিআলি-ম’হখুটি পথৰ দুৰৱস্থা : সংগ্ৰামী যুৱ-ছাত্ৰ পৰিষদ, অসমৰ প্ৰতিক্ৰিয়া।

নাজিৰা : শিৱসাগৰ জিলাৰ বকতা মৌজাৰ অন্তৰ্গত জয়া তিনিআলি-ম’হখুটি পথৰ দুৰৱস্থাই ৰাইজৰ পানীত হাঁহ নচৰা অৱস্থা কৰিছে। বকতাৰ ৪২ খন গাৱঁৰ যাতায়তৰ মূল পথটিৰ দুৰৱস্থাই ৰাইজক জীয়াতু ভোগাইছে। দৈনিক শ শ অ’এনজিচিৰ গধুৰ যান-বাহন চলাচলৰ ফলত পথটি অতি জৰাজীৰ্ণ হৈ পৰিছে। সাধাৰণ এজাক বৰষুণতেই বৰ্তমান পথটোত গাড়ী লাগি ধৰে। এই ক্ষেত্ৰত গড়কাপ্তানি বিভাগ আৰু অ’এনজিচিয়ে চকু মুদা কুলিৰ ভাও ধৰিছে। উন্নয়নৰ ফটা ঢোল বজোৱা বিজেপি চৰকাৰ বিয়াগোম গড়কাপ্তানি বিভাগটো এই ক্ষেত্ৰত কুম্ভকৰ্ণ নিদ্ৰাত। আগন্তুক দিনত সংশ্লিষ্ট পক্ষৰ এই  দায়সৰা মনোভাৱ অব্যাহত থাকিলে সংগ্ৰামী যুৱ-ছাত্ৰ পৰিষদ অসমে অনিৰ্দিষ্টকালীন পথ বন্ধৰ দৰে কাৰ্যসূচী ল’বলৈ বাধ্য হ’ব বুলি সংগঠনটোৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ভাস্কৰ নাথে এক প্ৰেছ বিজ্ঞপ্তি যোগে সকীয়াই দিয়ে।

লাডাখত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী : শান্তি ভংগ কৰিছে ‘সাম্ৰাজ্যবাদী’ চীনে ৷

দৈনন্দিন বাৰ্তা ডেস্ক :

আগতে কোনো খবৰ নিদিয়াকৈ শুকুৰবাৰে পুৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী লাডাখত উপস্থিত হয় ৷ গালৱানত সংঘৰ্ষ হোৱাৰ পাছত প্ৰধানমন্ত্ৰী মোডীৰ এয়াই প্ৰথম লাডাখ ভ্ৰমণ ৷ সীমান্ত চকীৰ পৰা সেনা চিকিৎসালয়লৈকে ঘুৰি জোৱানসকলৰ সৈতে প্ৰধানমন্ত্ৰীয়ে কথা পাতে ৷ বিশেষজ্ঞসকলৰ মতে প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণে সেনাৰ মনোবল বহু বঢ়াই তুলে ৷ ইয়াৰ লগতে চীনকো কঠোৰ বাৰ্তা দিলে ৷ প্ৰধানমন্ত্ৰীৰ সৈতে আছিল তিনি সেনা বাহিনীৰ প্ৰধান চিডিএছ জেনেৰেল বিপিন ৰাৱাট আৰু স্থল বাহিনীৰ প্ৰধ মনোজ মুকুন্দ নাৰভান ৷ নিমুত প্ৰধানমন্ত্ৰীয়ে কয়, ইতিহাস সাক্ষী, পৃথিৱীৰ পৰা সাম্ৰাজ্যবাদী শেষত হৈ গৈছে ৷ ইয়াৰ লগতে জোৱানসকলক ভূয়সী প্ৰশংসা কৰি কয়, ভাৰতমাতাৰ শত্ৰুৱে তোমালোকৰ অগ্নি দেখিছে ৷ এই পাহাৰৰ মাজত তোমালোকৰ বাহু শক্তিশালী ৷ তোমালোকৰ আত্মবিশ্বাস এই পাহাৰৰ চূড়াৰ দৰে অটল ৷ শুকুৰবাৰে পুৱা প্ৰধানমন্ত্ৰীৰ তৰফৰ পৰা এখন ছবি টুইট কৰে ৷ তাত দেখা গৈছে যে সেনাৰ তম্বুত বহি আছে মোডী ৷ লগত ৰাৱাট, নাৰভান আৰু সেনাৰ বিষয়ববীয়া ৷ সকলোৰে মাজত যথেষ্ট দূৰত্ব৷ প্ৰাপ্ত খবৰ মতে মোডীৰ সৈতে তাত সেনা, বায়ুসেনা আৰু আইটিবিপিৰ বিষয়াসকল আছিল ৷ প্রধানমন্ত্রী দপ্তৰৰ পৰা জনোৱা মতে নিমুত ৰয় প্ৰধানমন্ত্ৰী ৷ শুকুৰবাৰে দিনৰ ভাগত তাত উপস্থিত হয়৷ আজিয়েই ঘুৰি আহিব ৷ সিন্ধুৰ তীৰত এই নিমু সমুদ্ৰপৃষ্ঠৰ পৰা ১১ হাজাৰ ফুট উচ্চতাত আছে ৷ চাৰিওদিশে আছে জানস্কাৰ পৰ্বত শ্ৰেণী ৷ বিশ্বৰ কঠিনতম অঞ্চল বুলি ক’ব পাৰি৷ উল্লেখ্য যে বৃহস্পতিবাৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙো লাডাখ যোৱাৰ কথা আছিল ৷ কিন্তু শেষ মুহূৰ্তত বাতিল হয় ৷ কিয় বাতিল হ’ল জনা নাযায় ৷ কিন্তু প্ৰধানমন্ত্ৰীয়ে নিজে লাডাখলৈ গৈ দিলে বাৰ্তা ৷ উল্লেখ্য যে ১৫ জুনত পূৱ লাডাখৰ গালৱানত ভাৰত-চীনৰ মুখামুখি সংঘৰ্ষত ২০ জন জোৱান শ্বহীদ হৈছিল ৷ চীনে প্ৰকাশ কৰা নাছিল হতাহতৰ সংখ্যা৷ তাৰ মাজতো জানিব পৰা মতে ৪৫ জন চীনা সেনা হতাহত হয় ৷ প্ৰধানমন্ত্ৰীয়ে কয় যে সমগ্ৰ পৃথিৱীত যেতিয়া ‘বিকাশবাদ’ প্ৰাসংগিক তেতিয়া ‘সাম্ৰাজ্যবাদী’ চীনে শান্তি ভংগ কৰিছে ৷ সকলো দেশতে ‘সাম্ৰাজ্যবাদী’ৰ বিৰুদ্ধে একগোট হৈছে বুলি তেওঁ কয় ৷ গালৱানৰ নিহতসকলৰ প্ৰতি শ্ৰদ্ধা জনাই মোডীয়ে কয়, গালৱানৰ যি বীৰত্ব আমি দেখিছো সেয়া সমগ্ৰ দেশে মনত ৰাখিব ৷ সমগ্ৰ বিশ্বক দেখুৱাই দিছে ভাৰত তথা ভাৰতীয় সেনা কিমান শক্তিশালী৷ আপোনালোকৰ সংকল্প এই উপত্যকাতকৈ শক্তিৰ ৷ আপোনালোকৰ ইচ্ছাশক্তি এই পৰ্বতৰ দৰেই অটল ৷ আমি সেইসকল তোক যি বাঁহিধাৰী শ্ৰীকৃষ্ণৰ ধ্বজা ধৰি সুদৰ্শন চক্ৰধাৰী শ্ৰীকৃষ্ণৰ আদৰ্শ মনা বুলি প্ৰসংগ ক্ৰমে প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে ৷

মৌলানা মুফতি খাইৰুল ইছলামৰ জানাজাত লক্ষাধিক লোকৰ সমগমক লৈ চিন্তিত জিলা প্ৰশাসন । গনসংক্ৰমণৰ আশংকাত শংকিত ৰাইজ ।

নগাঁও : ইছলাম ধৰ্মৰ জনপ্ৰিয় ধৰ্মগুৰু, উত্তৰ পূৱ ভাৰতৰ আমীৰে শ্বৰীয়ত  মৌলানা মুফতি খাইৰুল ইছলামৰ  জানাজাত শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ যোৱা গুণমুগ্ধৰ জনসমাগমে চিন্তিত কৰি তুলিছে জিলা প্ৰশাসনৰ লগতে নগঁঞা ৰাইজক। সমগ্ৰ ভাৰতবৰ্ষৰে প্ৰখ্যাত ধৰ্মীয় নেতা গৰাকীৰ বিয়োগত শোকস্তব্ধ হৈ পৰিছিল ইছলাম ধৰ্মালম্বী ৰাইজ। সেয়ে কালি বিয়লি  জনপ্ৰিয় ধৰ্মীয় নেতাগৰাকীৰ জানাজাত ভাগ ল’বলৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা নগাঁৱৰ জুৰীয়ালৈ ব্যাপক জনস্ৰোতৰ সৃষ্টি হয় । এ আই ইউ ডি এফৰ ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামৰ পিতৃ মৌলানা মুফতি খাইৰুল ইছলামক শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ যোৱা গুণমুগ্ধৰ জনসমাগমৰ ভিডিঅ’ সামাজিক মাধ্যমত বিয়পি পৰাৰ পিছতে চিন্তিত হৈ পৰিছে জিলা প্ৰশাসন। জানিব পৰা মতে,  কৰ’না ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি জনপ্ৰিয় ধৰ্মীয় নেতাগৰাকীৰ জানাজাত  সামাজিক ব্যৱধানৰ দিশটোৰ ওপৰত গুৰুত্ব আৰোপ কৰি জনপ্ৰিয় ধৰ্মীয় নেতাগৰাকীৰ জানাজাত অংশ লবলৈ ৰাইজক জিলা প্ৰশাসনে আহ্বান জনাইছিল । জিলা প্ৰশাসনৰ এনে আহ্বানৰ বিপৰীতে জনপ্ৰিয় ধৰ্মীয় নেতা গৰাকীৰ জানাজাত বহুকেইগৰাকী হাইপ্ৰফাইল ৰাজনৈতিক নেতাৰ উপৰি হেজাৰ হেজাৰ লোকে অংশগ্ৰহণ কৰিছিল। জনপ্ৰিয় ধৰ্মীয় নেতা গৰাকীৰ বিয়োগত সকলো শোকস্তব্ধ হৈ পৰে যদিও লক্ষাধিক লোকে তেওঁৰ জানাজত অংশগ্ৰহণ কৰাৰ বিষয়টোৱে জিলাখনৰ ৰাইজক  শংকিত কৰি তোলে। উল্লেখ্য নগাঁৱত  ভ্ৰমণ বৃত্তান্ত নথকা ভালেকেইজন লোক কোভিড-১৯ ত ইতিমধ্যে আক্ৰান্ত হয়  । তেনেস্থলত ধৰ্মীয় নেতাগৰাকীৰ জানাজাত লক্ষাধিক লোকৰ সমাগমে কৰ’না ভাইৰাছৰ গনসংক্ৰমণৰ কাৰক হৈ পৰিব পাৰে বুলি বহুতেই শংকা প্ৰকাশ কৰে ।

ভুল চিকিৎসাৰ বলি হৈ মৃত্যুক আকোৱালি লোৱা প্ৰমীলা ছেত্ৰীৰ বাসগৃহত উপস্থিত দল-সংগঠনৰ বিষয়ববীয়া ।

ডিৰাক সীমান্ত : তিনিচুকীয়া জিলাৰ ডুমডুমাস্থিত ওঝা নাৰ্চিং হোমত যোৱা ২৯ জুন তাৰিখে এগৰাকী প্ৰসুতিয়ে চিকিৎসকৰ ভুলৰ বাবে দুৰ্ভাগ্যজনকভাৱে কৰুণ মৃত্যুক আকোৱালি লবলগীয়া হৈছিল । ওঝা নাৰ্চিং হোমত কৰ্মৰত চিকিৎসক ডা• প্ৰকাশ গুপ্তাৰ ভুল চিকিৎসাৰ ফলত ফিল’বাৰী বৰগাওঁৰ শিৱ ছেত্ৰীৰ পত্নী প্ৰমীলা ছেত্ৰী (২৯) নামৰ প্ৰসুতিগৰাকীৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপিত হৈছে । প্ৰসুতীগৰাকী ঘৰৰ পৰা সু-শৰীৰে ডুমডুমাৰ ওঝা নাৰ্চিং হোমলৈ স্বাস্থ্য পৰীক্ষাৰ বাবে গৈছিল যদিও চিকিৎসাধীন অৱস্থাতেই প্ৰসুতিগৰাকীৰ মৃত্যু হৈছিল । পিছত চিকিৎক ডাঃ প্ৰকাশ গুপ্তা আৰু ওঝা নাৰ্ছিং হোম কতৃপক্ষই ঘটনাক অন্য এক ৰূপ দিয়াৰ চেষ্টা কৰি প্ৰসুতিগৰাকীক ডুমডুমাৰ পৰা এখন এম্বুলেঞ্চেৰে তিনিচুকীয়াৰ আৰ. চি. আগৰৱালা নামৰ এখন ব্যক্তিগত নাৰ্চিং হোমত লৈ যায় । তাৰ পাছতেই প্ৰসুতিগৰাকীক পুণৰ তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ লৈ যোৱাৰ পিছতেই চিকিৎক  গৰাকী উক্ত স্থানৰ পৰা পলায়ন কৰে। আজি প্ৰয়াত প্ৰমীলা ছেত্ৰীৰ ফিল’বাৰী বৰগাওঁস্থিত বাসগৃহত সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণ, উপ সভাপতি অনিৰুদ্ধ মৰাণ, দিলিপ মৰাণ, প্ৰতাপ মৰাণ, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি সুৰজিৎ মৰাণ, যুটীয়া সম্পাদক তমাল গুপ্তা , চুতীয়া ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্য্যকৰি সভাপতি সমীৰণ বৰা, গোৰ্খা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক নোমল ছেত্রী, জিলা সভাপতি সন্তোষ ছেত্রী, সম্পাদক অশোক কুমাৰ লামা ,উপ- সভাপতি দুৰ্গা ছেত্রীকে আদি আটাইকেইটা সংগঠনৰ জিলা আৰু আঞ্চলিক পৰ্য্যায়ৰ বিষয়ববীয়াসকল উপস্থিত থাকে । আটাইকেইটা সংগঠনৰ বিষয়ববীয়াই অভিযুক্ত চিকিৎসক ডা• প্ৰকাশ গুপ্তাৰ লগতে ওঝা নাৰ্চিং হোমৰ বিৰুদ্ধে তদন্ত কৰি উচ্চিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাবলৈ জিলা উপায়ুক্ত আৰু  জিলা আৰক্ষী অধীক্ষকক দাবি জনাইছে  লগতে তদন্ত সম্পূৰ্ণ নোহোৱাৰ আগত ডুমডুমা স্থিত ওঝা নাৰ্ছিং হোম বন্ধ ৰাখিবলৈ দাবী তুলিছে দল সংগঠনে। অন্যহাতে, প্ৰয়াত প্ৰমীলা ছেত্ৰীৰ তিনি বছৰীয়া কন্যা শিশুগৰাকীৰ ভৱিষ্যত নিৰাপত্তাৰ লগতে শিক্ষা ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক আহ্বান জনাই । ইফালে আজি প্ৰয়াত প্ৰমীলা ছেত্রীৰ বাসগৃহত উপস্থিত হয় ১৪ নং লক্ষিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ডুমডুমা বিধানসভা সমষ্টিৰ সাংসদ প্ৰতিনিধি মুলেন্দ্ৰ মৰাণ। মুলেন্দ্ৰ মৰাণে আমাক জানিবলৈ দিয়া মতে ডুমডুমা ওঝা নাৰ্ছিং হোমত চিকিৎসকৰ ভুলৰ বাবে যি আকস্মিক ঘটনা হৈ গল উক্ত ঘটনা অতি ক্ষিপ্ৰতাৰে তদন্ত কৰা হ’ব বুলি আশ্বাস দিয়াৰ লগতে দুখীক উচিত শাস্তি প্ৰদান কৰিব বুলি উল্লেখ কৰে । লগতে সাংসদ প্ৰতিনিধি গৰাকীয়ে মৃতকৰ আদ্য শ্ৰাদ্ধৰ বাবে কিছু আৰ্থিক সাহাৰ্য্য প্ৰদান কৰে ।

স্বাস্থ্য সন্মত মাছৰ খুচুৰা বজাৰ ৰাইজৰ বাবে মুকলি কৰিলে বিধায়ক ৰূপক শৰ্মাই ।

নগাঁও : কৰ’না মহামাৰীৰ ভয়াবহতাৰ মাজতে নগাঁও সদৰ সমষ্টিত চৰকাৰৰ  উন্নয়ন মূলক আচঁনিৰ  কামকাজ অব্যাহত আছে ।   নগাঁও চহৰত ৰূপায়িত কেতবোৰ উন্নয়ন মূলক আচঁনিৰ লগতে শেহতীয়াকৈ হয়বৰগাঁও স্হিত মাছৰ খুচুৰা  বজাৰখন স্বাস্হ্য সন্মত ভাবে পুনৰ নিৰ্মাণ কৰি উলিওৱা হৈছে।আজি এই মাছৰ বজাৰখনৰ আনুষ্ঠানিক ভাবে মুকলি কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই । উল্লেখ্য যে দীৰ্ঘদিন ধৰি এই বজাৰখনৰ অস্বাস্হ্যকৰ পৰিবেশৰ লগতে বজাৰগৃহটোৰ ওপৰৰ চালিৰ জৰাৰ্জীন অৱস্থাৰ বাবেই  এজাক বৰষুণ আহিলেই বিক্ৰেতা সকলৰ লগতে ক্ৰেতা সকলে বজাৰখনত থাকিব নোৱাৰা পৰিবেশৰ সৃষ্টি হৈছিল। ফলস্বৰূপে  স্হানীয় ৰাইজে বজাৰখনত সমগ্ৰী ক্ৰয়  কৰিব যাবলৈও কুন্ঠাবোধ কৰিছিল।আজি মাছৰ খুচুৰা বজাৰখন আনুষ্ঠানিক ভাবে মুকলি কৰি বিধায়ক ৰূপক শৰ্মাই কয় যে বিক্ৰেতা সকলৰ লগতে স্হানীয় ৰাইজে বজাৰখন পৰিস্কাৰ, স্বাস্থ্য সন্মত  আৰু উন্নত কৰি তুলিবলৈ আহ্বান জনাই আহিছিল। ৰাইজৰ  সুবিধা আৰু আহ্বানৰ প্ৰতি লক্ষ্য ৰাখি মাছৰ খুচুৰা বজাৰখনৰ পুনৰ নিৰ্মাণ  কৰি উলিওৱা হৈছে।সুন্দৰভাৱে নিৰ্মাণ কাৰ্য সমাপ্ত হৈ উঠা বজাৰখনৰ জৰিয়তে নগঞা ৰাইজ উপকৃত হব বুলি আমি আশা কৰিছো।আজি বজাৰ মুকলি অনুষ্ঠানত বিধায়ক গৰাকীৰ লগতে প্ৰাক্তন পৌৰপতি দিগন্ত দাস প্ৰমুখ্যে পৌৰসভাৰ বিভিন্ন বিষয়া কৰ্মচাৰী উপস্থিত থাকে।স্মৰ্তব্য যে কিছুদিন পূর্বে নগাঁও চহৰৰ বৰবজাৰ স্হিত মূল মাছৰ বজাৰখনো স্বাস্থ্য সন্মত ভাবে পুনৰ নিৰ্মাণ কৰি ৰাইজৰ বাবে মুকলি কৰি দিয়ে বিধায়ক ৰূপক শৰ্মাই।   

১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী ১ নং সৰুমেছাই (কুৰুকানী) গাঁও সংযোগী পথৰ দুৰৱস্থা : চৰকাৰ কিম্বা জন প্ৰতিনিধিৰ নাই কোনো কানসাৰ ।

ডিৰাক সীমান্ত : চৰকাৰ আহে চৰকাৰ যায়, কিন্তু ৰাইজৰ যাতায়াত সমস্যাৰ কোনো সমাধান নহয় ৷ বছৰৰ পিছত বছৰ অতিবাহিত হ’ল, ইখনৰ পিছত সিখনকৈ চৰকাৰ আহিল আৰু গ’ল, কিন্তু কোনো পৰিৱর্তন নহ’ল ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী ১ নং সৰুমেছাই (কুৰুকানী) গাঁও সংযোগী পথটোৰ । শাসনাধিস্থিত বিজেপি নেতৃত্বাধীন সোনোৱাল চৰকাৰখনে উন্নয়নৰ নামত বহুতো প্ৰতিশ্ৰুতি আগবঢ়াইছিল যদিও ফুটুকাৰ ফেনত পৰিণত হৈছে উন্নয়নৰ প্ৰতিশ্ৰুতিসমূহ। যিমানেই উন্নয়ন জয়ঢোল নবজাওঁক কিয় এতিয়া গ্রাম্য পথৰ মৃত্যু ঘণ্টা বাজিছে । তিনিচুকীয়া জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তী ১২৬ নং শদিয়া বিধানসভা সমষ্টিৰ, কাকপথাৰ উন্নয়ন খণ্ডৰ তথা ডিৰাক আৰু মাইথং গাওঁ পঞ্চায়তৰ অন্তৰ্গত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী ১ নং সৰুমেছাই (কুৰুকানী) গাঁও সংযোগী পথটোৰ দুৰৱস্থাৰ বাবেই সুদীৰ্ঘ কাল যমৰ যাতনা ভুগি আহিছে অঞ্চলবাসীয়ে । বাৰিষাৰ লগে লগে পথটো পংকময় আৰু ঠায়ে ঠায়ে পুখুৰীসদৃশ গাত সৃষ্টি হৈ পৰাৰ ফলত গাড়ী মটৰ চলাচলত বহু অসুবিধা সন্মুখীন হ’ব লগা হয় । পথটোৰ এনে দুৰৱস্থাৰ ফলত বেমাৰ-আজাৰ হ’লে ৰোগীক চিকিৎসালয়লৈ নিয়া, ছাত্ৰ-ছাত্ৰীসকল বিদ্যালয়লৈ অহা যোৱা কৰা, কৃষি উৎপাদিত সামগ্ৰীসমূহ বজাৰলৈ নিয়া, ঘৰলৈ অন্য সামগ্ৰী অনাকে আদি কৰি বিভিন্নধৰণৰ অসুবিধাৰ সন্মুখীন হ’ব লগা হোৱাৰ লগতে বিপদসংকুলভাবে যাত্ৰা কৰিব লগা হৈছে অঞ্চলটোৰ ৰাইজ । শতবৰ্ষ গৰকা গাঁওখনৰ মুখ্য পথটো আজিকোপতি চকুত নপৰিল চৰকাৰ, পঞ্চায়ত প্ৰতিনিধি, স্থানীয় বিধায়ক কিম্বা নেতা পালিনেতাসকলৰ । উল্লেখযোগ্য যে, ১২৬ নং শদিয়া বিধান সভা সমষ্টিৰ বিধায়ক বলীন চেতিয়াই একেৰাহে তৃতীয়টো কাৰ্যকাল পাৰ কৰিবলৈ মাজত মাথোঁ কেইটামান মাহ বাকী, কিন্তু আজি পৰ্যন্ত বিধায়কগৰাকীৰ চকুত নপৰিল বিধস্তময় পথটো । স্থানীয় ৰাইজে উক্ত পথটো অতি সোনকালে পকীকৰণ ব্যৱস্থা কৰিবলৈ স্থানীয় বিধায়ক আৰু বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছে ।

শদিয়া সমষ্টিৰ বৰডিৰাকত নিৰ্মীয়মান এখন বাঁহৰ দলঙত শ্ৰমদান কৰি থকা অৱস্থাত পানীত পৰি এজনৰ সলিল সমাধি ।

ডিৰাক সীমান্ত : বিগত কেইদিনমান পূৰ্বে নেৰানেপেৰাকৈ মুখলধাৰে দিয়া বৰষুণৰ বাঢ়নী পানীত অসম অৰুণাচল সীমান্তৱৰ্তী তিনিচুকীয়া জিলাৰ ১২৬ নং শদিয়া বিধানসভা সমষ্টিৰ কাকপথাৰ উন্নয়ন খণ্ডৰ অৰ্থাৎ ডিৰাক গাওঁ পঞ্চায়তৰ অন্তৰ্গত বৰডিৰাক আৰু ন-চোমণি গাঁও সংযোগী পথৰ  ডিৰাক নদীৰ ওপৰত থকা দলংখন উটুৱাই লৈ যায় । কেইবাদিনো যোগাযোগ বিচ্ছিন্ন হৈ থকাত গাঁওবাসীয়ে উপায়ন্তৰ হৈ শ্ৰমদানেৰে দলংখন পুনৰ নিৰ্মান কৰাৰ সিদ্ধান্ত লৈ আজি দলংখন নিৰ্মান কৰি থাকোতে ঘটিল অঘটন । নিৰ্মাণ কৰি থাকোতে নদীত পৰি কৰুণ মৃত্যুক সাৱটি লব লগা হয় এজন গঞাই । মৃত লোকজন জগত কোঁৱৰ (৪৫) বুলি জানিব পৰা গৈছে । তেখেতে মৃত্যু সময়ত সংসাৰত পত্নীসহ পাঁচ গৰাকী কন্যা সন্তানক এৰি থৈ যায় । স্মতব্য যে, জৰাজীৰ্ণ এই বাঁহৰ দলঙৰ বাবেই সুদীৰ্ঘ কাল জীয়াতু ভুগি আহিছে অঞ্চলবাসীয়ে। বাৰিষা অহাৰ লগে লগেই বিভিন্ন সমস্যাৰ সন্মুখীন হয় অঞ্চলবাসী ।  ছাত্র-ছাত্ৰীসকলৰ লগতে আঞ্চলবাসীৰ প্ৰধান সমস্যা এই দলংখন। অঞ্চলটোত কেৱল মাত্ৰ এখন অঙ্গনবাড়ী অৱস্থিত হোৱাৰ ফলত এই জৰাজীৰ্ণ বাঁহৰ দলঙেৰেই দৈনিক আহ-যাহ কৰে ছাত্র-ছাত্ৰীসকল। বাৰিষাৰ কাল চোৱাত নৈৰ সোঁতে বাঁহৰ দলং উটাই নিয়াৰ ফলত কেতিয়াবা ছাত্র-ছাত্ৰী বিদ্যালয়ত উপস্থিত থকাৰ পৰা বিৰত থাকিব লগা পৰিস্থিতিৰো সন্মুখীন হয়। অস্থায়ী বাঁহৰ দলং টিকি থাকে কেইদিন, নৈৰ সোঁত বঢ়াৰ লগে লগেই উটাই নিয়ে। দিন হাজিৰা কৰি, খেতি কৰি জীৱন নিৰ্বাহ কৰা অঞ্চলবাসীৰ দলং মেৰামতি কৰাৰ সময়েই বা ক’ত? কামৰ মাজতে সময় উলিয়াই দলং মেৰামতি কৰিবলৈ বাধ্য অঞ্চলবাসী। কিয়নো এই দলংখনেই হৈছে আন স্থানলৈ আহ-যাহ কৰাৰ একমাত্ৰ মাধ্যম। কিন্তু আৰু কিমান মেৰামতি কৰিব? বছৰি ৪-৫ বাৰ মেৰামতি কৰি ভাগৰি পৰে অঞ্চলবাসী।  আনফালে চিকিৎসাৰ ক্ষেত্ৰতো দলংখনৰ বাবে জীয়াতু ভুগিবলগীয়াত পৰে অঞ্চলবাসী। বৰডিৰাক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ এই দলং পাৰ হৈ প্ৰায় ৩ কি: মি: যাব লাগে আঞ্চলবাসীয়ে। বাঁহৰ দলং বাবে গাড়ী-মটৰ আহিব নোৱাৰে অঞ্চলটোলৈ। ফলস্বৰূপে ৰোগীৰ জৰুৰীকালীন অৱস্থাত বিপদত পাৰিবলগীয়া হয় ৰোগীৰ লগতে পৰিয়ালবৰ্গ । উল্লেখ্য যে নির্বাচনৰ প্ৰাকমুহূৰ্তত ৰাজনৈতিক দলসমূহে কেৱল ভোট বেঙ্কৰ স্বাৰ্থত অঞ্চলটোৰ উন্নয়নৰ টোপ দি ভোট আদায় কৰি নিৰ্বাচন যোৱাৰ পিছত  কোনোধৰণৰ উন্নয়নৰ নামেই নলয় বুলি আঞ্চলবাসীয়ে জানিবলৈ দিয়ে ।  স্থানীয় বিধায়কৰ একেৰাহে তিনিটা কাৰ্যকাল সামৰিবলৈ মাজত মাথোঁ কেইটামান মাহ বাকী কিন্তু অঞ্চলটোৰ উন্নয়নৰ বাবে কোনো ধৰণৰ কাম নকৰিলে বুলিও গাঁওবাসীয়ে অভিযোগ উত্থাপন কৰাৰ লগতে আজি এই দুৰ্ঘটনাৰ বাবে একমাত্ৰ চৰকাৰখনেই দায়ী বুলিও কয় । যিহেতু অঞ্চলটোৰ ৰাইজৰ অহা যোৱা কৰিবলৈ নাই কোনো এখন স্থায়ী দলং দিয়াৰ ব্যৱস্থা কৰা নাই চৰকাৰে । উন্নয়নৰ জয়ঢোল বজোৱা সোনোৱাল চৰকাৰৰ লগতে স্থানীয় বিধায়কৰ এনেধৰণৰ কিমান ঘটনা সংঘটিত হ’লে অঞ্চলটোৰ ওপৰত কৃপাদৃষ্টি পৰিব ?এতিয়া আর্থিকভাৱে জুৰুলা পৰিয়ালটোৰ ভৰণ পোষণৰ দায়িত্ব লবনে চৰকাৰে সেয়াহে এক ডাঙৰ প্ৰশ্ন ।

পানবজাৰত নিৰ্মীয়মাণ ৰোপৱেৰ মাটি সম্পৰ্কে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু গুৱাহাটী উন্নয়ন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ বৈঠক ৷

দৈনন্দিন বাৰ্তা ডেস্ক :

গুৱাহাটী মহানগৰীৰ পানবজাৰত নিৰ্মান হবলগীয়া ৰোপৱেৰ’ ভুমি সম্পৰ্কে আজি অসম চৰকাৰৰ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু গুৱাহাটী উন্নয়ন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ মাজত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় ৷ জনতা ভৱনত অনুষ্ঠিত হোৱা বৈঠকত ৰাজ্য চৰকাৰৰ কেইবাগৰকী উচ্চপদস্থ বিষয়া উপস্থিত থাকে ৷ ৰোপ, ৱেৰ নিৰ্মানৰ বাবে বন বিভাগৰ তৰফৰ পৰা সম্পূৰ্ণ  সহযোগিতা আগবঢ়াব বুলি মন্ত্ৰী পৰিমল শুক্লবৈদ্য অবগত কৰে ৷ এই ক্ষেত্ৰত গুৱাহাটী উন্নয়ন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই সংবাদ মাধ্যমক জানিবলৈ দি কয় পানবজাৰৰ ৰোপ,ৱেৰ অতিকৈ আবশ্যকীয় হৈ পৰিছে ৷ নিৰ্মাণৰ বাবে বনবিভাগৰ কিছু সহযোগিতা প্ৰয়োজন ৷ সেই বাবেই বনমন্ত্ৰী গৰাকীৰ লগত গুৱাহাটী উন্নয়ন বিভাগৰ এক আলোচনা অনুষ্ঠিত হয় ৷ আলোচানাত অন্তত দুয়োটা  বিভাগে এক সিদ্ধান্তত উপনীত হৈছে ৷ অনতিপলমে ৰোপৱেৰ’ কাৰ্য্যক্ষম হৈ উঠিব বুলি সিদ্ধাৰ্থ ভট্টাচাৰ্যই আশা প্ৰকাশ কৰে ৷

নগাঁৱত মূল্য বৃদ্ধিৰ প্ৰতিবাদ ছাত্র সন্থাৰ: ধৰ্মেন্দ্ৰ প্ৰধান- ফণীভূষণ চৌধুৰীৰ প্ৰতিমূৰ্তি দাহ।

নগাওঁ : পেট্ৰলজাত সামগ্ৰীৰ লগতে নিত্য ব্যৱহার্য সামগ্ৰীৰ অত্যাধিক মূল্য বৃদ্ধিৰ প্ৰতিবাদত আজি নগাঁৱত সদৌ নগাওঁ জিলা ছাত্র সন্থাই প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে। ছাত্র সন্থাৰ সদস্য সকলে  আধা ঘন্টা সময় জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সমীপৰ নগাওঁ ষ্টেট বেংক আৰু জিলা পৰিবহন বিভাগৰ সংযোগী পথ অৱৰোধ কৰি এক উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰে। ছাত্র সন্থাৰ সদস্য সকলে কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু অসমৰ যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ প্ৰতিকৃতি দাহ কৰে। ধৰ্মেন্দ্ৰ প্ৰধান হায় হায়, ফণীভূষণ চৌধুৰী হায় হায়, আছু জিন্দাবাদ, মূল্যবৃদ্ধি ৰোধ কৰক আদি বিভিন্ন শ্ল’গানেৰে নগাঁও আছুৱে ৰাজপথ উত্তাল কৰি তোলে। আনহাতে কেন্দ্র আৰু ৰাজ্য চৰকাৰৰ ভূমিকাক সমালোচনা কৰি জিলা ছাত্ৰ সন্থাৰ সভাপতি গৌৰী শংকৰ শইকীয়া আৰু সাধাৰণ সম্পাদক অমৰজ্যোতি ফুকনে কয় যে কেন্দ্ৰ আৰু ৰাজ্য দুইখন চৰকাৰ এতিয়া বৃহৎ পুঁজিপতিৰ হাতোৰাত বন্দী হৈছে। পুঁজিপতিৰ স্বাৰ্থক সুৰক্ষিত কৰিবলৈ গৈ দুয়োখন চৰকাৰে সৰ্বসাধাৰণ ৰাইজক ৰাম টাঙোন শোধাই পেট্ৰলজাত সামগ্ৰীকে ধৰি নিত্য ব্যৱহার্য সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধি ঘটাইছে। চৰকাৰৰ এনে জনস্বার্থ বিৰোধী কাৰ্য্য আমি কেতিয়াও মানি নলওঁ। মূল্যবৃদ্ধি ৰোধ হবই লাগিব। ছাত্ৰ সন্থাৰ এই কাৰ্যসূচীত জিলা ছাত্র সন্থাৰ বিষয়ববীয়াৰ লগতে নগাওঁ সদৰ আঞ্চলিক ছাত্র সন্থা, নগাওঁ মহকুমা ছাত্র সন্থাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।

লাডাখত প্ৰধানমন্ত্ৰীৰ আকস্মিক ভ্ৰমণ ।

দৈনন্দিন বাৰ্তা ডেস্ক :

সংঘৰ্ষক লৈ তাৎপর্যপূর্ণ তৎপৰতাৰ মাজতে লাডাখত উপস্থিত হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী৷ লেহ সামৰিক ঘাটিত প্রধানমন্ত্রী নৰেন্দ্ৰ মোডী পুৱা ১০ বজাত অৱতৰণ কৰে৷ উল্লেখ্য যে এই দিনটোতে প্ৰধানমন্ত্ৰী লাডাখ যাব বুলি আগতীয়াকৈ কোনো খবৰ দিয়া নাছিল৷ সেনাৰ তিনিটা বাহিনীৰ প্ৰধান চিডিএছ জেনেৰেল বিপিন ৰাৱাট আৰু স্থল বাহিনীৰ প্ৰধান মনোজ মুকুন্দ নৰবনক লগত লৈ গৈছিল প্ৰধানমন্ত্ৰীয়ে৷ প্ৰধানমন্ত্ৰীৰ এই আকস্মিক ভ্ৰমণ অতি তাৎপর্যপূর্ণ বুলি উল্লেখ কৰিছে প্ৰতিৰক্ষা বিশেষজ্ঞই৷ লেহৰ পৰা প্ৰধানমন্ত্ৰী এলএচি দিশে যায় বুলি প্ৰাথমিক খবৰ পোৱা গৈছে৷ এলএচিত ভাৰতীয় সেনা বাহিনীৰ যিমানবোৰ সীমান্ত চকী আছে তাৰে কেইটামানলৈ প্ৰধানমন্ত্ৰী যায় আৰু সীমান্তত মোতায়েন জোৱানৰ লগত কথা পাতে বুলি জানিব পৰা গৈছে৷ যোৱা ১৫ জুনৰ নিশা গালৱানত হোৱা সংঘৰ্ষত জোৱান হতাহত হৈছিল৷ তেওঁলোকক প্ৰধানমন্ত্ৰীয়ে ইতিমধ্যে লেহত দেখা কৰিছে বুলি জানিব পৰা গৈছে৷ প্ৰধানমন্ত্ৰী আগতে লেহ গৈছিল, আনকি সীমান্তত অৱস্থিত ফৰৱাৰ্ড লেণ্ডিং গ্ৰাউণ্ড নিমুত তেওঁৰ বিমান অৱতৰণ কৰিছে৷ তাক লৈ এতিয়াও ধোঁৱাৰ মাজত আছে৷ প্ৰধানমন্ত্ৰী দপ্তৰ বা প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ পৰা প্ৰধানমন্ত্ৰী যে লাডাখ যাব সেই কথা আগতে জনোৱা নাছিল৷ যোৱা বৃহস্পতিবাৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং লাডাখ ভ্ৰমণ কৰাৰ কথা আছিল৷ কিন্তু সেই ভ্ৰমণ মুহূৰ্ততে বাতিল হয়৷ কিয় বাতিল কৰিলে দিল্লীয়ে স্পষ্টকৈ জনোৱা নাই৷ কিন্তু প্ৰতিৰক্ষা বিশেষজ্ঞসকলৰ মতে চীনৰ সৈতে আলোচনা প্রক্রিয়া আগুৱাই যোৱাৰ বাবে ৰাজনাথ সিঙৰ ভ্ৰমণ স্থগিত কৰা হ’ল৷ ভাৰতে এতিয়া সংঘাত বিচৰা নাই৷ বৰং পৰিস্থিতি প্ৰশমিত হ’লে সামৰিক তৎপৰতা কমাই অনাৰ লক্ষ্য ৰাজনাথ সিঙৰ ভ্ৰমণ স্থগিত কৰাটোৱে সেই বাৰ্তা দিয়ে বুলি কোনো কোনো মহলে ব্যাখ্যা দিয়ে৷ কিন্তু শুকুৰবাৰে পুৱা স্পষ্ট হয় যে অধিক ডাঙৰ বাৰ্তা চীনক দিবৰ বাবেই বৃহস্পতিবাৰে ৰাজনাথ সিঙৰ ভ্ৰমণ স্থগিত হৈছিল৷ এলএচিত পৰিস্থিতি উত্তপ্ত হোৱাৰ পাছত স্থল সেনা প্ৰধান মনোজ মুকুন্দ নৰবান আৰু বায়ু প্ৰধান আৰ কে এছ ভদৌৰিয়া আগেয়ে লাডাখ ঘুৰি আহিছিল৷ তেওঁলোকে সামৰিক প্ৰস্তুতি চাই আহিছিল ৷ যিকোনো আগ্রাসনৰ প্ৰত্যুত্তৰ দিবলৈ ভাৰত সাজু বুলিও জনোৱা হৈছিল৷ তাৰ পাছত চীনৰ সৈতে আলোচনা হৈছিল৷ তাৰ মাজতে আকস্মিকভাৱে প্ৰধানমন্ত্ৰী মোডী লাডাখত উপস্থিত হয় ৷ প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণে সেনা বাহিনীৰ মনোবল বৃদ্ধি পাই বুলি জানিব পৰা গৈছে ৷