Home Blog Page 3265

দিল্লীত বিশ্বৰ সকলোতকৈ ডাঙৰ ক’ৰোনা চিকিৎসালয় ।

দৈনন্দিন বাৰ্তা ডেস্ক :

বিশ্বৰ সকলোতকৈ ডাঙৰ ক’ৰোনা চিকিৎসালয়খন দেশৰ ৰাজধানী দিল্লীত গঢ়ি তোলা হৈছে ৷ এই চিকিৎসালয়খন দীঘলে ১৭০০ ফুট, বহলে ৭০০ ফুট। প্রায় ২০খন ফুটবল ষ্টেডিয়ামৰ সমান। মাত্ৰ ১২ দিনত এখন চাদৰ তলত ১০ হাজাৰ বিচনাৰে সাজু কৰে প্ৰতিৰক্ষা সংক্ৰান্তীয় গৱেষণাৰ চৰকাৰী প্ৰতিষ্ঠান ডিআৰডিঅ’ অৰ্থাৎ ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অ’ৰ্গেনাইজেচনে৷ ৰাজধানী দিল্লীত বিশ্বৰ সকলোতকৈ ডাঙৰ ক’ৰোনা চিকিৎসালয়- চৰ্ডাৰ পেটেল ক’ভিড কেয়াৰ চেণ্টাৰ এণ্ড হাস্পতাল ৷ দিল্লীৰ লেফটেনেণ্ট গবৰ্ণৰ অনিল বৈজালে দেওবাৰে এই চিকিৎসালয়খন আৰম্ভ কৰে ৷ চিকিৎসালয়খন কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে পৰিদৰ্শন কৰে ৷ দক্ষিণ দিল্লীৰ ইন্দিৰা গান্ধী আন্তৰ্জাতিক বিমান বন্দৰৰ কাষৰ ভূমিত প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অধীনত অস্থায়ীভাৱে এই চিকিৎসালয়খন গঢ়ি তোলা হৈছে ৷ ইয়াত ৫০খন বিচনাৰে মুঠ ২০০ খনকৈ বেলেগে বেলেগে ৰখা হৈছে ৷ ইয়াত মুঠ ১০ হাজাৰ বিচনা আছে৷ তাৰ মাজতে ২৫০ টা আইচিইউৰ ব্যৱস্থা আছে ৷ আনহাতে ১০ শতাংশ অৰ্থাৎ ১০০০ বিচনাত অক্সিজেন দিব পৰা যাব ৰোগীক৷ চিকিৎসালয়খনত দিল্লী আৰু নেচনেল কেপিটেল ৰিজিৱন (এনচিআৰ)ৰ বাসিন্দাসকলে পৰিসেৱা পাব ৷ এই কথা দিল্লীৰ লেফটেনেণ্ট গবৰ্ণৰ অনিল বৈজালে জনায় কয় যে চিকিৎসক, নাৰ্চৰ লগতে মানসিকভাৱে ভাঙি পৰা ক’ৰোনা আক্ৰান্তৰ বাবে কাউন্সিলিঙৰ ব্যৱস্থা ৰখা হৈছে ৷ তাত থাকিব মনোৰোগ বিশেষজ্ঞও ৷

গলৱান নদীৰ জলস্তৰ বৃদ্ধি : চীনে দখল কৰা এলেকাৰ ৫ কিলোমিটাৰ পৰ্যন্ত প্লাৱিত ৷

দৈনন্দিন বাৰ্তা ডেস্ক :

গৰমত গলিছে হিমালয়ৰ বৰফ ৷ তাৰ ফলত চীনত উৎপত্তি হোৱা গলৱান নদীৰ জলস্তৰ বাঢ়িছে৷ বৰফ-ঠাণ্ডা জলস্তৰ ক্ৰমান্বয়ে বাঢ়ি আছে ৷ পূৱ লাডাখৰ গালৱান উপত্যকাৰ যি অংশ চীনে দখল কৰিছে তাৰ পৰা পাঁচ কিলোমিটাৰ পৰ্যন্ত প্লাৱিত হৈ পৰিছে ৷ ফলত সেই ঠাইত সমস্যাত পৰিছে তাত মোতায়েন কৰা পিএলএৰ জোৱান৷ চীন সেনাৰ এক শীর্ষস্থানীয় কমাণ্ডাৰে কয়, বৰফ গলিছে দ্ৰুত হাৰত৷ নদীৰ তীৰ এতিয়া খুউব বিপদজনক ৷ তেওঁ লগতে কয়, বৰফ গলাৰ কাৰণে নদীৰ জলস্তৰ বাঢ়ি গৈছে গালৱানত৷ গোগৰা, হট স্প্ৰিংছ আৰু পেংগং ছো অঞ্চলত পিএলএৰ বৰ্তমান অৱস্থান ধৰি ৰখা কঠিন হ’ব ৷ তেওঁৰ এই কথাই ইংগিত দিছে যে দ্বিপাক্ষিক বৈঠকত সম্ভৱ নহ’ল, ভাৰতীয় সেনাবাহিনী এতিয়াও সফল হোৱা নাই পিএলএক আঁতৰাই পঠোৱাত ৷ সেই কাম হয়তু কৰিব পাৰে প্ৰকৃতিয়ে ৷ প্ৰাণ বচাবলৈ নিজৰ বৰ্তমান অৱস্থানৰ পৰা পিছুৱাই যাব পাৰে পিএলএ ৷

হাৰিয়া নৈত ডুব যোৱা বৰক’লাৰ যুৱক চিংকু বৰদলৈ মৃতদেহ উদ্ধাৰ ৷

দৈনন্দিন বাৰ্তাৰ সেৱা

ননৈ : নগাঁও জিলাৰ বৰক’লা আদৰ্শ লালুং গাৱঁৰ চিংকু বৰদলৈ নামৰ এজন যুৱক (৩৫) হাৰিয়া নৈত গা ধুবলৈ বুলি যাওঁতে নৈৰ বুকুত ডুব গৈছিল যোৱা শনিবাৰে ৷ কালি দিনৰে পৰা এছ ডি আৰ এফৰ লোকে যুৱক জনৰ সন্ধানত সমগ্ৰ অঞ্চলতে অভিযান আৰম্ভ কৰিছিল যদিও যুৱক জনৰ কোন সন্ধান লাভ কৰা নাছিল ৷ অৱশ্যে আজি দুপৰীয়া এছ ডি আৰ এফে অশেষ কষ্ট কৰি ঘটনাস্থলীৰ কিছু নিলগত মৃত যুৱক জনৰ নশ্বৰ দেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ উল্লেখ্য যে, যোৱা ৪ জুলাই শনিবাৰে দিনৰ ভাগত গাৱঁৰ এগৰাকী  ব্যক্তিৰ মৃতদেহ সৎকাৰ কৰি হাৰিয়া নৈত গা ধুৱলৈ বুলি নামোতেই উক্ত ঘটনাটো সংঘটিত হয় ৷ বৰ্তমান হাৰিয়া নৈ ফেনেফুটুকাৰে বাঢ়ি অহা নৈৰ বুকুত ডুব যোৱা যুৱক জনৰ আজি দুপৰীয়া সন্ধান পোৱাৰ পিছতে বৰ্তমান সমগ্ৰ অঞ্চলতে এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে ৷

মহাবিদ‍্যালয়ত ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিত জটিলতা ; বেংক একাউণ্ট খুলিবলৈ গৈ সমস‍্যাত ছাত্ৰ-ছাত্ৰী। নিৰাময়ৰ বাবে কলিয়াবৰ মহাবিদ‍্যালয় আছু গোটৰ স্মাৰকপত্ৰ।

কলিয়াবৰ :  অসমৰ বিভিন্ন প্ৰান্তৰ মহাবিদ্যালয় সমূহত নতুন নামভৰ্তি চলি থকা সময়তে কলিয়াবৰ মহাবিদ্যালয়ৰো নতুন নামভৰ্তিৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। কিন্তু বহু ছাত্ৰ-ছাত্ৰী এতিয়া আহুকালৰ সন্মুখীন হৈছে এক বিশেষ কাৰণত। কিয়নো মহাবিদ‍্যালয়সমূহে নামভৰ্তিৰ বাবে ছাত্ৰ-ছাত্ৰীৰ বেংক একাউন্ট এতিয়া বাধ‍্যতামূলক। কিন্তু নামভৰ্তি কৰিবলগীয়া সৰহভাগ উচ্চ মাধ‍্যমিক পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ লগতে কিছুসংখ‍্যক উচ্চতৰ মাধ‍্যমিক উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰো নাই। এই ক্ষেত্ৰত বেংক একাউন্ট নথকা ছাত্ৰ-ছাত্ৰীসকল মহা বিপদত পৰিছে। একাউন্ট খুলিবলৈ যোৱা ছাত্ৰ-ছাত্ৰীসকল বেংকৰ নীতি-নিয়মৰ বাবে সন্মুখীন হৈছে সীমাহীন সমস‍্যাৰ। অপ্ৰাপ্তবয়ষ্ক ছাত্ৰ-ছাত্ৰীৰ প্ৰয়োজনীয় নথি-পত্ৰ সময় মতে যোগাৰ কৰিব নোৱাৰাৰ ফলত নামভৰ্তিত বেমেজালি ঘটাৰ উপক্ৰম হৈছে। আনহাতে, বেংকে কৰ্তৃপক্ষই ইচ্ছা কৰিলেও বৰ্তমানৰ কঠিন নীতি-নিয়ম আওকাণ কৰিব নোৱাৰা অৱস্থা। মুঠতে এতিয়া বেংক একাউণ্ট খোলাক লৈ গ্ৰাহক-সেৱক দুয়োপক্ষ বিপাঙত।ছাত্ৰ-ছাত্ৰীয়ে সন্মুখীন হোৱা এনে বেমেজালি নিৰাময়ৰ বাবে এক সুচল পৰিৱেশ উদ্ভাৱন বৰ্তমান সময়ৰ প্ৰয়োজন। এক সুচল প্ৰক্ৰিয়া যাতে আৰম্ভ কৰে তাৰ বাবে স্মাৰক পত্ৰ প্ৰদান কৰে কলিয়াবৰ মহাবিদ্যালয় আছু গোটে। শনিবাৰে আছু গোটৰ তৰফৰ পৰা ভাৰতীয় ষ্টেট বেংক, কলিয়াবৰ শাখাৰ শাখা পৰিচালক এখন স্মাৰকপত্ৰৰ যোগেদি ছাত্ৰ-ছাত্ৰীসকল সন্মীখীন হোৱা জটিলতাৰ বিষয়ে অৱগত কৰে। আছু গোটৰ সভাপতি ত্ৰিদিপ বৰা, সম্পাদক প্লাৱন বৰা আৰু শিক্ষা সম্পাদক মৃন্ময়জ‍্যোতি বৰা স্বাক্ষৰিত স্মাৰক পত্ৰখন প্ৰদানৰ পাছত সমস‍্যাটোৰ তৎকালীন সমাধানৰ বাবে আছু গোটৰ সদস‍্যসকলে শাখা পৰিচালকৰ লগত এক আলোচনাত মিলিত হয়। পৰিচালকেও ছাত্ৰ-ছাত্ৰীসকলে সন্মুখীন হোৱা জটিলতা নিৰাময়ৰ আশ্বাস প্ৰদান কৰে। নামভৰ্তি কৰিবলগীয়া ছাত্ৰ-ছাত্ৰীসকলক অগ্ৰাধিকাৰ ভিত্তিত বেংক একাউণ্ট খুলিব পৰাকৈ কিছু শিথিলতা অনাৰ বাবে ব‍্যৱস্থা গ্ৰহণ কৰিব বুলিও জনাই পৰিচালক গৰাকীয়ে। যাতে ছাত্ৰ-ছাত্ৰীসকলে অনতিপলমে বেংক একাউন্ট সমূহ খুলিব পাৰে।

অসমৰ কৃষিভূমি শ্ৰেণী পৰিৱৰ্তনৰ নীতি বাতিলৰ দাবীত অসম জাতীয়তা যুৱ-ছাত্ৰ পৰিষদৰ স্মাৰক পত্ৰ প্ৰদান ।

অসমৰ কৃষিভূমি শ্ৰেণী পৰিৱৰ্তনৰ নীতি বাতিলৰ দাবীত অসম জাতীয়তা যুৱ-ছাত্ৰ পৰিষদৰ স্মাৰক পত্ৰ প্ৰদান ।

কলিয়াবৰ : অসমৰ খিলঞ্জীয়ৰ অধিকাৰ আৰু জাতি-মাটি-ভেটি ৰক্ষাৰ শ্ল’গানেৰে অসমৰ ক্ষমতা দখল কৰা ভাজপা নেতৃত্বধীন চৰকাৰখনৰ এটাৰ পিছত এটাকৈ লোৱা হঠকাৰী সিদ্ধান্তই অসমৰ অস্তিত্ব বিপদাপন্ন কৰি আহিছে। সেই হঠকাৰী সিদ্ধান্তসমূহৰ শেহতীয়া সংযোজন হ’ল – অসমৰ কৃষিভূমি শ্ৰেণী পৰিৱৰ্তনৰ নীতি। অসমৰ খিলঞ্জীয়া-ভূমিপুত্ৰসকলৰ ভূমি বনিয়াই হস্তগত কৰিব পৰাকৈ অসম চৰকাৰৰ সৰ্বনাশী নীতিৰ বিৰুদ্ধে অসমৰ জনগণে সৰৱ প্ৰতিবাদ সাব‍্যস্ত কৰিছে। চৰকাৰৰ এই জাতিদ্ৰোহী নীতিৰ বিৰুদ্ধে কলিয়াবৰতো সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। যোৱা শুকুৰবাৰে এক স্মাৰক পত্ৰ যোগে এই জাতিদ্ৰোহী আইন বাতিলৰ দাবী তুলিলে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কলিয়াবৰ জিলা সমিতিয়ে। অসম চৰকাৰে কৌশলপূৰ্ণভাৱে বনিক শ্ৰেণীক কৃষিভূমি উদ‍্যোগ প্ৰতিষ্ঠাৰ নামত ৰঙা দলিচা পাৰি দিয়া কাৰ্য‍্যক তীব্ৰ বিৰোধিতা কৰাৰ লগতে এই আইন বাতিল নকৰিলে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে সংগঠনটোৱে। ৰাজ‍্যৰ মুখ‍্যমন্ত্ৰীলৈ প্ৰৰণ কৰা স্মাৰকপত্ৰখনত অধ‍্যাদেশখন খিলঞ্জীয়াক নিঃশেষ কৰাৰ চক্ৰান্ত বুলি অভিহিত কৰে সংগঠনটোৱে। কলিয়াবৰ জিলা শাখাৰ সভাপতি প্ৰদীপ লস্কৰ আৰু সম্পাদক দিপুমণি বৰা স্বাক্ষৰিত স্মাৰক পত্ৰখন কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি কাৰ্য‍্যালয়ত সহকাৰী অতিৰিক্ত আয়ুক্তক আনুষ্ঠানিকভাৱে অৰ্পন কৰে সমিতিৰ বিষয়ববীয়াই।

অষ্ট্ৰেলিয়াত কোৱাৰেণ্টাইন পৰ্বত হোটেলত চলিছে উদ্দাম যৌনতা ।

দৈনন্দিন বাৰ্তা প্ৰতিবেদন

কোৱাৰেণ্টাইন পৰ্বত হোটেলত চলিছে উদ্দাম যৌনতা ৷ কোনোও এবাৰো ভুলতে হেৰুৱাব বিচৰা নাই৷ এনে অৱস্থাৰ সৃষ্টি হৈছে অষ্ট্ৰেলিয়াৰ একাধিক চহৰত ৷ উল্লেখ্য যে মেলবৰ্ণত ভয়ানকভাৱে বৃদ্ধি পাইছে ক’ৰোনাৰ সংক্ৰমণ ৷ কিন্তু তাত মনা নাই কোৱাৰেণ্টাইনৰ নিয়ম৷ যৌৱনতাত মছগুল বহুজন ৷ তাকে লৈ তদন্ত আৰম্ভ কৰিবলৈ নিৰ্দেশ দিছে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীয়ে৷ অষ্ট্ৰেলিয়াত জুন মাহৰ পৰা ক’ৰোনা সংক্ৰমণ বৃদ্ধি পাইছে৷ ইয়াৰ বাবে দুটা বিষয়ক দায়ী কৰিছে দেশখনৰ প্ৰশাসনে৷ তাৰে প্ৰথমটো হ’ল মানুহ ঘুৰি আহিছে৷ তেওঁলোকক বাধ্যতামূলকভাৱে বিভিন্ন হোটেলত কোৱাৰেণ্টাইনত ৰখা হৈছে ৷ দ্বিতীয়তে কোৱাৰেণ্টাইনৰ সুবিধা লৈ চলিছে যৌৱনৰ বাসনা ৷ সম্প্ৰতি সমীক্ষাত দেখা গৈছে  যে অষ্ট্ৰেলিয়াৰ বেছিভাগ মানুহে লকডাউনৰ সময়ত যৌৱনতাত মগ্ন হয় ৷ উল্লেখ্য যে অষ্ট্ৰেলিয়াত ১৪ দিনৰ বাবে কোৱাৰেণ্টাইন বাধ্যতামূলক ৷ কিন্তু হোটেলবোৰত কোৱাৰেণ্টাইনৰ কোনো গাইডলাইন মনা নাই ৷ ফলত হোটেলবোৰৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল’বলৈ কৈছে প্ৰশাসনে৷ মন কৰিব লগা যে মেলবৰ্ণৰ এখন নামী হোটেলত এদিনতে ৩১জন ক’ৰোনা পজিটিভ চিহ্নিত হয় ৷ আন হোটেলটো বহু ধৰা পৰিছে৷ প্ৰত্যেকে স্বীকাৰ কৰিছে যে কোৱাৰেণ্টাইনত থকাৰ সময়ত তেওঁলোক নিজৰ যৌৱনতাত ব্যস্ত ৷ অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্কট মৰিছনে জনাইছে যে এই ঘটনাৰ দোষী প্ৰমাণিত হ’লে উপযুক্ত  শাস্তি দিয়া হ’ব ৷ 

গড়গাঁও মহাবিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনিলে ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ স্বেচ্ছাসেৱক দীপজ্যোতি গোৱালাই ।

নাজিৰা : অসম চৰকাৰৰ ৰাজ্যিক মাদক দ্ৰব্য নিবাৰণী কোষ (State Tobacco Control Cell, Assam), ৰাষ্ট্ৰীয় সেৱা আঁচনি অসম, ‘Assam Cancer Care Foundation, আৰু ‘Tata Trust’ ৰ সহযোগত আৰম্ভ হোৱা ‘Anti Spitting Campaign’ ৰ আধাৰত ‘Public Spitting and Covid-19’ বিষয়ৰ ওপৰত অনুষ্ঠিত হোৱা পোষ্টাৰ প্ৰতিযোগিতাত গড়গাঁও মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ স্বেচ্ছাসেৱক দীপজ্যোতি গোৱালাই প্ৰথম স্থান লাভ কৰি মহাবিদ্যালয়লৈ গৌৰৱ কঢিয়াই আহিছে। তেওঁৰ এই সাফল্যত মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সব্যসাচী মহন্ত আৰু ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ কাৰ্যক্ৰম বিষয়া ড০ ৰিমঝিম বৰাই সন্তোষ প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে এই ‘Anti Spitting Campaign’ ত অংশগ্ৰহণ কৰি গড়গাঁও মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিয়ে এতিয়া লৈকে পাঁচ শতাধিক লোকৰ মাজত সজাগতা বৃদ্ধি কৰিবলৈ সক্ষম হৈছে।

সমগ্ৰ বিশ্বত ১৩, ভাৰতত ৭ টা ভূমিকম্প।

দৈনন্দিন বাৰ্তা ডেস্ক :

ক’ৰোনা ভাইৰাছৰ আতংকৰ মাজতে সমগ্ৰ বিশ্বত ঘনাই ভূমিকম্প হৈ থকাত বহু লোকৰ নিদ্ৰা হৰণ হৈছে ৷ যোৱা ২৪ ঘণ্টাত সমগ্ৰ বিশ্বত ১৩ টা ভূমিকম্প সৃষ্টি হয়৷ তাৰে ভিতৰত ভাৰতত সাতটা ভূমিকম্প সৃষ্টি হয় ৷ ভাৰতৰ ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান বিভাগে এই কথা প্ৰকাশ কৰিছে৷ ইয়াৰে ভিতৰত জাপানৰ টকীয়ত শুকুৰবাৰে পুৱা এটা ভূমিকম্পৰ সৃষ্টি হয় ৷ এই ভূমিকম্পটো ৰিখটাৰ স্কেলত ৫.১ প্ৰাৱল্যৰ আছিল ৷ ভূমিকম্পটোৰ কেন্দ্ৰ আছিল টকীয়ৰ পৰা ২৯১ কিলোমিটাৰ পূৱ-উত্তৰ অঞ্চলত৷ এই ভূমিকম্পটো পুৱা ১০.৪২ বজাত অনুভূত হয় ৷ দহ কিলোমিটাৰ গভীৰতাতে এই ভূমিকম্পটো সৃষ্টি হৈছিল৷ আনহাতে টংগাৰ নুকুৱাল’ফাত ৰিখটাৰ স্কেলত ৫.১ প্ৰাৱল্যৰ এটা ভূমিকম্পৰ সৃষ্টি হয়৷ টংগাৰ নুকুৱাল’ফাৰ পৰা ৩৬৪ কিলোমিটাৰ উত্তৰে ইয়াৰ কেন্দ্ৰ আছিল ৷ এই ভূমিকম্পটো পুৱা ৮.২৯ বজাত সৃষ্টি হয়৷ দহ কিলোমিটাৰ গভীৰতাতে এই ভূমিকম্পটো সৃষ্টি হৈছিল ৷ ভাৰতৰ জম্মু আৰু কাশ্মীৰৰ গানদহত ৰিখটাৰ স্কেলত ৪.৪ প্ৰাৱল্যৰ এটা ভূমিকম্পৰ সৃষ্টি হয় ৷ বৃহস্পতিবাৰে বিয়লি হোৱা ভূমিকম্পটোৰ কেন্দ্ৰ আছিল জম্মু আৰু কাশ্মীৰৰ কাটৰাৰ পৰা ৮৮ কিলোমিটাৰ পূৱে৷ এই ভূমিকম্পটো দিনৰ ১.১০ বজাত সৃষ্টি হয় ৷ ৫ কিলোমিটাৰ গভীৰতাতে এই ভূমিকম্পটো সৃষ্টি হৈছিল ৷ আনহাতে টাইৱানৰ টাইপেত ৰিখটাৰ স্কেলত ৫.৪ প্ৰাৱল্যৰ এটা ভূমিকম্পৰ শুকুৰবাৰে সৃষ্টি হয় ৷ টাইপেৰ পৰা ৪২৭ কিলোমিটাৰ দক্ষিণ পূৱত ইয়াৰ কেন্দ্ৰ আছিল৷ এই ভূমিকম্পটো পুৱা ৭.৫৩ বজাত সৃষ্টি হয় ৷ দহ কিলোমিটাৰ গভীৰতাতে এই ভূমিকম্পটো সৃষ্টি হৈছিল ৷ তদুপৰি উত্তৰ মাৰিয়না দ্বীপৰ ছাইপানত ৰিখটাৰ স্কেলত ৫.২ প্ৰাৱল্যৰ এটা ভূমিকম্প শুকুৰবাৰে সৃষ্টি হয় ৷ ছাইপানৰ পৰা ৫৫৯ কিলোমিটাৰ উত্তৰে ইয়াৰ কেন্দ্ৰ আছিল ৷ এই ভূমিকম্পটো পুৱা ৭.৫০ বজাত সৃষ্টি হয় ৷ দহ কিলোমিটাৰ গভীৰতাতে এই ভূমিকম্পটো সৃষ্টি হৈছিল ৷ ইয়াৰ উপৰি ইণ্ডোনেছিয়াৰ ছুলাৱেছিৰ ক’টাম’বাগুত ৰিখটাৰ স্কেলত ৫.১ প্ৰাৱল্যৰ এটা ভূমিকম্পৰ সৃষ্টি হয় ৷ ক’টাম’বাগুৰ পৰা ৬৪৭ কিলোমিটাৰ উত্তৰ-উত্তৰ পূৱে ইয়াৰ কেন্দ্ৰ আছিল৷ এই ভূমিকম্পটো দিনৰ ১২.৩০ বজাত সৃষ্টি হয়৷ দহ কিলোমিটাৰ গভীৰতাতে এই ভূমিকম্পটো সৃষ্টি হৈছিল ৷ ইপিনে, হায়দৰাবাদত ৰিখটাৰ স্কেলত ৫.২ প্ৰাৱল্যৰ এটা ভূমিকম্পৰ সৃষ্টি হয়৷ হায়দৰাবাদৰ পৰা ১০৭ কিলোমিটাৰ দক্ষিণ পশ্চিমে ইয়াৰ কেন্দ্ৰ আছিল৷ এই ভূমিকম্পটো পুৱা ৬.২০ বজাত সৃষ্টি হয়৷ দহ কিলোমিটাৰ গভীৰতাতে এই ভূমিকম্পটো সৃষ্টি হৈছিল৷ আনহাতে লাডাখৰ কাৰ্গিলত ৰিখটাৰ স্কেলত ৪.৫ প্ৰাৱল্যৰ এটা ভূমিকম্পৰ সৃষ্টি হয়৷ কাৰ্গিলৰ পৰা ১১৯ কিলোমিটাৰ উত্তৰ-উত্তৰ পশ্চিমে ইয়াৰ কেন্দ্ৰ আছিল ৷ এই ভূমিকম্পটো দিনৰ ১.১১ বজাত সৃষ্টি হয়৷ ৯০ কিলোমিটাৰ গভীৰতাতে এই ভূমিকম্পটো সৃষ্টি হৈছিল ৷ অৰুণাচল প্ৰদেশৰ চাংলঙত ৰিখটাৰ স্কেলত ৪.৪ প্ৰাৱল্যৰ এটা ভূমিকম্প বৃহস্পতিবাৰে সৃষ্টি হয়৷ চাংলঙৰ পৰা ১৭৪ কিলোমিটাৰ দক্ষিণ-দক্ষিণ পূৱে ইয়াৰ কেন্দ্ৰ আছিল ৷ এই ভূমিকম্পটো দিনৰ ১.০৮ বজাত সৃষ্টি হয়৷ দহ কিলোমিটাৰ গভীৰতাতে এই ভূমিকম্পটো সৃষ্টি হৈছিল ৷ উত্তৰ প্ৰদেশৰ বাৰিউটত ৰিখটাৰ স্কেলত ৪.৫ প্ৰাৱল্যৰ এটা ভূমিকম্পৰ সৃষ্টি হয় ৷ নতুন দিল্লীৰ পৰা ৬৫ কিলোমিটাৰ উত্তৰ-উত্তৰ পূৱত ইয়াৰ কেন্দ্ৰ আছিল ৷ এই ভূমিকম্পটো পুৱা ৯.৫১ বজাত সৃষ্টি হয়৷ ৭৪২ কিলোমিটাৰ গভীৰতাতে এই ভূমিকম্পটো সৃষ্টি হৈছিল ৷ ৰাজস্থানৰ টোদাৰাসিং টেহছিলত বৃহস্পতিবাৰে পুৱা ৰিখটাৰ স্কেলত ৪.৬ প্ৰাৱল্যৰ এটা ভূমিকম্পৰ সৃষ্টি হয়৷ ৰাজস্থানৰ আজমিৰৰ পূৱ-দক্ষিণ পূৱে ৮৬ কিলোমিটাৰ নিলগত ইয়াৰ কেন্দ্ৰ আছিল ৷ পুৱা ৬.৫৪ বজাত হোৱা এই ভূমিকম্পটো ১০ কিলোমিটাৰ গভীৰতাত আছিল ৷

নগাঁৱৰ বৃহত্তৰ মৰিকলং-বৰঘাটত ক’ৰোনা গণসংক্ৰমণৰ আশংকা। নগাঁৱত ক’ৰোনা আক্ৰান্ত যুৱকৰ মুকলি বিচৰণ ।

ননৈ : কৰোণা ভাইৰাছৰ গণ সংক্ৰমণৰ দিশে অগ্ৰসৰ হৈছে নগাঁও জিলা৷ কোনো ভ্ৰমণ বৃত্তান্ত নথকা কেইবাজনো লোক বৰ্তমান সময়ত নগাঁৱত আক্ৰান্ত হৈয়ে আছে ৷ নগাঁও আদালতৰ দণ্ডাধীশৰ পৰা আৰম্ভ কৰি আদালতৰ চৰকাৰী কৰ্মচাৰী, শ্ৰমিক, সাধাৰণ লোককে ধৰি কোনো ভ্ৰমণ বৃত্তান্ত নথকা কেইবাজনো লোক ইয়াৰ ভিতৰত আছে। নতুনকৈ কভিড-১৯ত আক্ৰান্ত হোৱা ৬০ জনৰ ভিতৰত কেইবাজনো ভ্ৰমণ বৃত্তান্ত নথকা লোক আছে যদিওঁ বৰ্তমানলৈকে সঠিক তথ্য লাভ কৰিব পৰা হোবা নাই। জিলাখনত এতিয়ালৈকে ভ্ৰমণ বৃত্তান্ত নথকা বহুকেইজন লোক আক্ৰান্ত হোৱাটো নিশ্চিত হৈছে। দ্ৰুতগতিত কৰোনা ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাত নগাঁও জিলাবাসীৰ মনত এক সংকাৰ ভাৱ অধিক ঘনীভূত হৈ পৰিছে। সচেতন মহলে সামাজিক সংক্ৰমণৰ আশংকা কৰিছে যদিও একাংশ লোকে বজাৰ-সমাৰ, ৰাজহুৱা স্থান, চৰকাৰী কাৰ্যালয় আদি সকলোতে ভিৰ কৰা পৰিলক্ষিত হৈছে। শাক-পাচলিৰ বজাৰ গেলামালৰ বিপনী, ঔষধৰ বিপনী, ভিতৰুৱা অঞ্চলৰ বজাৰ বেংক, চি এছ পি আদিত ৰাইজৰ অভাবনীয় ভিৰ পৰিলক্ষিত হৈছে। চৰকাৰ প্ৰশাসন স্বেচ্ছাসেৱী অনুষ্ঠান আদিয়ে সকলোকে সামাজিক দূৰত্ব মানি চলিবলৈ আহ্বান জনাই আহিছে যদিও কোনেও এই আহ্বানৰ প্ৰতি গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই। এই ক্ষেত্ৰত জিলা প্ৰশাসন কঠোৰ নহলে নগাঁও জিলাত কৰোণাই ভয়াৱহ পৰিস্হিতি সৃষ্টি কৰাৰ আশংকা বৃদ্ধি পাইছে। নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভ্ৰমণ বৃত্তান্ত নথকা তিনিগৰাকী ছাফাই কৰ্মী ২ জুলাইত কৰোনাত আক্ৰান্ত হোৱাটো নিশ্চিত হৈছে। এই তিনিগৰাকী ছাফাই কৰ্মী চিকিৎসালয়খনৰ বিভিন্নজনৰ সংস্পৰ্শলৈ আহিছিল বুলি চিকিৎসালয়খনৰ বহুকেইজন কৰ্মচাৰীয়ে অৱগত কৰিছে৷ যাৰ বাবে চিকিৎসালয়খনৰ একাংশ চিকিৎসক-কৰ্মচাৰী বৰ্তমান চিন্তিত হৈ পৰিছে। জানিব পৰা মতে ইয়াৰে এগৰাকী অস্থায়ী ছাফাই কৰ্মীয়ে ২ জুলাইত অস্থায়ী কৰ্মচাৰীয়ে ৰূপায়ন কৰা ধৰ্ণা কাৰ্যসূচীতো অংশগ্ৰহণ কৰিছিল। এনেদৰে ভ্ৰমণ বৃত্তান্ত নথকা কৰোণা আক্ৰান্ত লোক কোৱাৰেণ্টাইনত থকা সময়ত বিভিন্নজনৰ সংস্পৰ্শলৈ অহাৰ অভিযোগ আছে। জিলাখনৰ বিভিন্ন স্থানত হোম কোৱাৰেন্টাইন হোৱা বহু লোকে স্বাস্থ্য বিভাগৰ নিয়ম নীতি নামানি বিভিন্নজনৰ সংস্পৰ্শলৈ আহিছে। যাৰ বাবেই জিলাখনত এতিয়া গণ-সংক্ৰমণ হোৱাৰ সম্ভাৱনাই দেখা দিছে। উল্লেখ্য যে, বৃহত্তৰ মৰিকলং-বৰঘাটবাসী ৰাইজো এতিয়া নিজাকৈ সাৱধান হোৱাৰ সময় আহি পৰিছে৷ কিয়নো মাজ-মৰিকলঙৰ সম্পৰ্কীয় এঘৰ লোকৰ বিবাহ অনুষ্ঠানত বহু সময় ধৰি অংশগ্ৰহণ কৰিছিল নগাঁৱৰ স্বাস্থ্য বিভাগে যোৱা ২ জুলাইত ক’ৰোনা পজিটিভৰূপে চিনাক্ত কৰা নগাঁও ন্যায়িক আদালতৰ কৰ্মচাৰী মৃন্ময় জ্যোতি বৰাই৷ এইলৈ এতিয়া বৃহত্তৰ মৰিকলংবাসী ৰাইজৰ মাজত তীব্ৰ আতংকই বিৰাজ কৰাৰ লগতে বিবাহ অনুষ্ঠানত ক’ৰোনা পজিটিভ ৰূপে চিনাক্ত হোৱা ন্যায়িক আদালতৰ কৰ্মচাৰী বৰাৰ সংস্পৰ্শলৈ অহা প্ৰতিজন লোকৰে স্বাস্থ্য  পৰীক্ষা কৰোবাৰ বাবে জিলা উপায়ুক্তৰ লগতে স্বাস্থ্য বিভাগক আহ্বান জনাইছে বৃহত্তৰ অঞ্চলৰ  সচেতন লোক সকলে ৷

ক’ৰোনা ভাইৰাছৰ উৎস সন্ধানত অহা সপ্তাহত চীনলৈ যাব বিশ্ব স্বাস্থ্য সংস্থাৰ বিশেষ তদন্তকাৰী দল ৷

দৈনন্দিন বাৰ্তা ডেস্ক :

ক’ৰোনা ভাইৰাছৰ উৎস সন্ধানত অহা সপ্তাহত চীনলৈ যাব বিশ্ব স্বাস্থ্য সংস্থাৰ বিশেষ তদন্তকাৰী দল। চীনৰ প্ৰতি পক্ষপতিত্বৰ অভিযোগৰ পৰিপ্ৰেক্ষিতত এই ভ্ৰমণ অতি গুৰুত্বপূর্ণ৷ যোৱা জানুৱাৰী মাহত বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধান টেড্ৰছ আধানম ঘেব্ৰিৱাছুছে আন্তৰ্জাতিক মঞ্চৰ উদ্বেগৰ কথাৰ প্ৰতি লক্ষ্য ৰাখি জনায় যে চীনলৈ দ্ৰুত তদন্তকাৰী দল পঠোৱাৰ সন্দৰ্ভত বেইজিঙৰ লগত তেওঁৰ আলোচনা হৈছে৷ সেয়ে দ্ৰুত দল পঠোৱাৰ কথা কৈছে৷ তদন্তত ইমান দিন লাগিল কিয়, তাক লৈ প্ৰশ্ন সন্মুখীন হৈছে ঘেব্ৰিৱাছুছ ৷ সংবাদ প্ৰতিষ্ঠানৰ মতে বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰধান গৱেষক ড° সৌম্যা স্বামীনাথনে জনায় যে ক’ৰোনা ভাইৰাছৰ উৎস বিচাৰিবলৈ সম্পূৰ্ণ তদন্তৰ প্ৰয়োজন৷ তেওঁ কয়, তদন্তৰ খাতিৰত আমি ডিচেম্বৰ মাহত পুনৰ যাব লগা হ’ব৷ আমি চাম কি দৰে আৰু ক’ৰ পৰা জন্তুৰ শৰীৰৰ পৰা মানুহৰ শৰীৰলৈ প্ৰৱেশ কৰিলে ভাইৰাছটো৷ নিপাৰ দৰে আন ভাইৰাছ বাদুলিয়ে বিয়পায়৷ এই ক্ষেত্ৰত কি হৈছে সেয়া চোৱা যাব৷ তাৎপর্যপূর্ণভাৱে ড° সৌম্যা স্বামীনাথনে জনায় যে যোৱা ৩১ ডিচেম্বৰত উহান চহৰত নিউমোনিয়াৰ একাধিক ৰোগী পোহৰলৈ আহে৷ চীনে বিশ্ব স্বাস্থ্য সংস্থাৰ কাৰ্যালয়ত বিষয়টো ১ জানুৱাৰীত জনায়৷ উল্লেখ্য যে ক’ৰোনা ভাইৰাছৰ পৰা মুক্তি পাবৰ বাবে আদা, জলকীয়া খোৱাই চেষ্টা কৰিছিল বিজ্ঞানীয়ে৷ বিভিন্ন প্ৰান্তত চলিছে গৱেষণা, পৰীক্ষা-নিৰীক্ষা। একাধিক ঔষধৰ পৰীক্ষা আৰম্ভ হৈছে৷ বিশ্ব স্বাস্থ্য সংস্থাই অধিক আশাৰ খবৰ শুনাব ৷