Home Blog Page 3267

কৰোণাৰ গ্ৰাসত হেৰাই যাব নেকি যাত্ৰিক নাট্যদল সমূহ ?

✍ ভুপেশ খাটনিয়াৰ

সমগ্ৰ বিশ্বতে আতংকৰ সৃষ্টি কৰা মহামাৰী ক’ৰোনাই এতিয়া চকুৰ টোপনি হৰিছে এচাম থলুৱা শিল্পীৰ। যেন অমানিশা নামি আহিছে তেওঁলোকৰ জীৱনলৈ। বিশেষকৈ লকডাউনৰ বাবে যথেষ্ট পৰিমাণে ক্ষতিগ্ৰস্ত হৈছে অসমৰ শিল্পী কলাকুশলী, বাদ্যযন্ত্ৰী সকল। নামী দামী শিল্পীসকলক বাদ দি যদি আমি সাধাৰণ শিল্পীসকলৰ কথা চিন্তা কৰি চাও সঁচাকৈ দুখজনক। অসমৰ স্বাভিমান ভ্ৰাম্যমাণ থিয়েটাৰ কথা চৰকাৰে কিছু পৰিমাণে হ’লেও চিন্তা কৰাৰ দৃষ্টিগোচৰ হৈছে যদিও অসমৰ অপেচাদাৰী যাত্ৰিক নাট্যদলসমূহৰ কথা যেন কোনেও চিন্তা কৰা নাই। অৱহেলিত হৈ আছে কিয় এই এমেচাৰ নাট্যদলসমূহ। য’ত নাই লাখটকীয়া শিল্পী, য’ত নাই গ্লেমাৰ, যাৰ পিছত দৌৰি নুফুৰে সাংবাদিকৰ কেমেৰা। তথাপি কিন্তু নাটকৰ মানদণ্ড ঐতিহ্য পৰম্পৰা ৰক্ষা কৰি ভোক নিবাৰণৰ বাবে দিনে-নিশাই কষ্ট কৰিছে এচাম থলুৱা শিল্পীয়ে। কিয় অৱহেলিত হয় সেইসকল শিল্পী, কিয় তেওঁলোকক কোনো আঁচনিয়ে ধুকি নাপায়, লকডাউনৰ এই দীঘলীয়া সময়ছোৱাত যদি সকলো সামাজিক সাংস্কৃতিক অনুষ্ঠান বন্ধ হয় তেনেহ’লে কেনেকৈ চলিব সেই শিল্পীসকলৰ পৰিয়াল সেয়াও জানো চিন্তনীয় বিষয় নহয়, নে তেওঁলোকে বাতৰিৰ শিৰোনাম দখল নকৰে বাবে গুৰুত্বহীন। নামী দামী শিল্পী সকলক উপৰিও অপেচাদাৰী নাট্যদলসমূহৰ মঞ্চ কঁপোৱা তেওঁলোকো শিল্পী তেওঁলোকৰো পৰিয়াল আছে গতিকে মোৰ চৰকাৰলৈ অনুৰোধ অপেচাদাৰী যাত্ৰিক নাট্যদল সমূহৰ কথা এবাৰ চিন্তা কৰক। অসমত থকা শতাধিক ঐতিহ্যমণ্ডিত অপেচাদাৰী নাট্যদল সমূহেও শ শ পৰিয়ালৰ পেটৰ ভাত মুঠি যোগাৰ কৰি দি আহিছে। অতি নিম্নতম পৰিমাণৰ মজুৰি লৈ অসমৰ সংস্কৃতি পথাৰখন চহকী কৰাৰ স্বাৰ্থত এই অপেচাদাৰী নাট্যদল সমূহে নাটক কৰি দৰ্শকৰ মাজত আলোড়ন সৃষ্টি কৰি আহিছে গতিকে চৰকাৰলৈ অনুৰোধ এই থলুৱা শিল্পী কলাকুশলী সকলক জীয়াই ৰাখক আৰু এই দুৰ্যোগৰ সময়ত তেওঁলোকক সহায় কৰি অনাগত দিনত নাটক কৰাৰ বাবে তেওঁলোকক উৎসাহ প্ৰদান কৰক।

ভূমিৰ শ্ৰেণী পৰিৱৰ্তন- এক ষড়যন্ত্ৰ

ডাঃ প্ৰণৱ চক্ৰৱৰ্তী

অসম চৰকাৰে শেহতীয়াভাৱে কেবিনেটত ভূমিৰ শ্ৰেণী পৰিৱৰ্তন প্ৰক্ৰিয়া সৰলীকৰণৰ যি সিদ্ধান্ত লৈছে সেইয়া আমাৰ সাধাৰণ ৰাইজৰ ওপৰত এক ষড়যন্ত্ৰ যেন বোধ হয় ৷ জাতি-মাটি-ভেটিৰ সুৰক্ষাৰ কথা কৈ শাসনলৈ অহা চৰকাৰখনে প্ৰথমটো কাৰ্যকাল শেষ নহওঁতেই, ৰাইজে মহামাৰীৰ লগত যুঁজি থকাৰ সময়তে অতি কৌশলেৰে এনে এক সিদ্ধান্ত লৈছে৷ ফলস্বৰূপে নগৰৰ পাৰ্শ্বৱৰ্তী এলেকাৰ আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰীয়া এলেকাৰ কৃষিভূমিসমূহ হয়তো অচিৰেই বৃহৎ বণিক গোষ্ঠীক গতাই দিয়া হ’ব৷ যি সমূহ কৃষকৰ আজি পৰ্যন্ত ভূমিপট্টা নাই তেওঁলোকৰ জীৱিকাৰ প্ৰতি ভাবুকি আহিব৷ অকল চৰকাৰী ভূমিতেই ইয়াৰ প্ৰভাৱ সীমাবদ্ধ নহ’ব৷ এই সিদ্ধান্তৰ লগে লগে সক্ৰিয় হৈ উঠিব ভূ-মাফিয়া আৰু দালাল চক্ৰ এটা যিয়ে চলে বলে কৌশলে কল কাৰখানা স্থাপনৰ গইনা লৈ কৃষকৰ মাটি বেদখল কৰা অথবা অতি কম মূল্যত হস্তগত কৰাৰ ষড়যন্ত্ৰত লিপ্ত হ’ব ৷ অসমৰ খিলঞ্জীয়া মানুহৰ উত্তৰ পুৰুষৰ ভূমি অধিকাৰ খৰ্ব হ’ব৷ এনেও ঔদ্যোগিক ক্ষেত্ৰ সমূহৰ বহু নিলগলৈ সাধাৰণ মানুহৰ বসবাসৰ সুচল পৰিৱেশ নোহোৱা হৈ যায়৷ গাঁৱৰ মানুহে নিজৰ ভেটি বনিকৰ ওচৰত গটাব হয়তো বাধ্য হৈ যাব৷ ইয়াত ৰাইজৰ মতামতৰ কোনো মূল্যই নাথাকিব৷ চৰকাৰে এনে সিদ্ধান্ত পুনৰ বিবেচনা কৰা উচিত৷ অকল কৰ্ম সংস্থাপনৰ সুযোগ বাঢ়িব বুলি অসমীয়া যুৱক-যুৱতীক আভুৱা ভাৰিলে নহ’ব৷ আচৰিত ধৰণে এইক্ষেত্ৰত অসমৰ জাতীয় দল-সংগঠন প্ৰায়বোৰেই নিমাত হৈ থকা যেন বোধ হয়। ইয়াৰ কাৰণ দুটা হ’ব পাৰে৷ হয়তো এই ভূমি নীতি আমি ভুলকৈ বুজিছোঁ বা নিমাত সংগঠনৰ বিষয়ববীয়া ইতিমধ্যে মেনেজ হ’ল৷ সময়লৈ বাট চাম..

ভুল চিকিৎসাৰ বাবে চকু হেৰুৱালে এগৰাকী কিশোৰীয়ে।

কৰিমগঞ্জ : মুন্নাভাই গদাধৰ ডাক্তৰৰ চিকিত্সাত চকু হেৰুৱালে এটি কণমানিয়ে। কণমানিটিৰ জীৱনত নামি আহিল অমিনিশা। আচলতে ভুৱা ফাৰ্মাচীৰে ভৰি উঠিছে সীমান্তবৰ্তী জিলা কৰিমগঞ্জ। আৰু সেই ফাৰ্মাচীত নাই কোনো ফাৰ্মাচীষ্ট, নাই কোনো বৈধ নথিপত্ৰ। এনে অনুজ্ঞা পত্ৰবিহীন ফাৰ্মাচীৰ খবৰ পাই উপস্থিত হৈ গৈ সাংবাদিক। সাংবাদিক যোৱাৰ খবৰ পাই উপস্থিত হয় ড্ৰাগছ পৰিদৰ্শক। তেওঁ উপস্থিত হৈ দোকানৰ গৰাকীৰ পৰা বৈধ নথিপত্ৰ বিচাৰিলে। দোকানৰ গৰাকীয়ে দিব পৰা নাই কোনো ধৰণৰ নথিপত্ৰ। যাৰ ফলতে পৰিদৰ্শক গৰাকীয়ে দোকানখন বন্ধ কৰি দিয়াৰ নিৰ্দেশ দিয়ে। অভিযোগ অনুসৰি, সুতাৰকান্দি কুড়িখালা জিপিৰ জড়ৰৰ বজাৰত ‘জে জে আয়ুৰ্বেদিক মেডিকেল হল’ নামৰ এইখন ঔষধৰ দোকান। সেই দোকানৰ মালিকগৰাকী হল ডিমপুৰৰ আল্তাপ হুসেন । যোৱা কেইবছৰ ধৰি সমগ্র জড়ৰ বজাৰ এলাকাত নিজকে মুন্নাভাই ডাক্তৰ হিচাবে পৰিচয় দি জীবনদায়ী ঔষধ প্রেসক্রিপসন কৰি আহিছে বুলি অভিযোগ। উল্ল্যেখ্য, জড়ৰ বজাৰৰ পাশ্ববর্তী সনোডৰি গাঁৱৰ দিনদৰিদ্র নেওৱা বেগমৰ কন্যা অষ্টম শ্রেণীৰ ছাত্ৰী মমতা বেগমৰ যোৱা কেইবাদিন পূৰ্বে মূৰৰ বিষ হৈছিল। যাৰবাবে জে জে আয়ুৰ্বেদিক মেডিকেল হলৰ আল্তাপ হুসেনেৰ ওচৰত মমতা বেগমক লৈ গৈছিল মা নেওৱা বিবিয়ে। নেওৱা বিবিৰ ভাষ্যমতে মূৰৰ বিষৰ টেবলেট দিয়াৰ লগতে মমতাক ইনজেকশনও দিছিল আল্তাপ হুসেনে। কিছু সময় পিছত মূৰৰ বিষ কমি যায় কিন্তু প্রচণ্ড চকুৰ বিষ অনুভৱ কৰিছিল মমতাই। ক্ৰমাৎ বিষ বঢ়াৰ লগে লগে চকুটো ফুলি উঠে। পিছদিনা পুৱাৰে পৰা চকুৰে একো নেদেখা হয় ছাত্রী গৰাকীয়ে। মমতাৰ চকুৰ অৱস্থা বেয়া হোৱাত মমতাৰ মাতৃয়ে কৰিমগঞ্জ চিভিল হাস্পাতাললৈ লৈ আহে। কিন্তু মমতাক শিলচৰৰ মেডিকেল কলেজ হাস্পাতাললৈ পাঠিয়াই দিয়া হয়। তাত ডাক্তৰে পৰীক্ষা কৰি কয় মমতাৰ বাওঁ চকুটো একেবাৰে নষ্ট হৈ গৈছে। এতিয়া স্বামীহাৰা অসহায় নেওৱা বিবিয়ে কেনেকৈ চিকিত্সা কৰাব চিন্তাৰ বিষয় হৈ পৰিছে। আনহাতে জড়ৰৰ বাজাৰৰ জে জে আয়ুৰ্বেদিক মেডিকেল হলৰ মালিক আল্তাপ হসেনৰ বিৰুদ্ধে ভূল চিকিত্সাৰ অভিযোগ উঠিছে। নেওৱা বিবিয়ে সংবাদ মাধমৰ সম্মুখত স্বীকাৰ কৰে যে সংশ্লিষ্ট সেই ফার্মাচীখনৰ পৰা মূৰৰ বিষৰ দৰব খোৱাৰ পিছৰ পৰাই চক্ষু নষ্ট হৈ যায় মমতা বেগমৰ। বৃহস্পতিবাৰে ড্রাগছ ইন্সপেক্টৰ পূর্ণসিন্ধু মুদই সেই ফার্মাচীখন পৰিদর্শনৰ বাবে উপস্থিত হয় ফাৰ্মাচীৰ মালিক আল্তাপ হুসেনে লাইচেঞ্চ বা আন কোনো কাগজপাতি দেখাব নোৱাৰিলে। ইয়াত আৰু এটা কথা উল্লেখযোগ্য যে, ড্ৰাগছ পৰিদৰ্শকে যেতিয়া ওহিদৰ পৰা ঔষধ ক্ৰয় কৰাৰ কোনো বিল বিচাৰিলে, তেতিয়া দেখিবলৈ পোৱা গ’ল বিলত এলিপ্যাথিক ঔষধৰ বিল কৰা হৈছে। যাৰ ফলতে ড্ৰাগছ পৰিদৰ্শকে এই বিল কেইখন জব্দ কৰি লৈ আহে। এই ফাৰ্মাচীখন যদি আয়ুৰ্বেদিক হয় তেনেহ’লে এলোপ্যাথিক ঔষধ কেনেকৈ বিক্ৰী কৰি আছে? যিয়েই নহওঁক কিয়, এতিয়া চৰ্চাৰ বিষয় হৈছে এই ছোৱালী জনৰ ভবিষ্যতৰ কি হব ? কোনে ল’ব তাৰ দায়িত্ব ? কেনেকৈ হ’ব চিকিত্সা ? এনে নানা প্ৰশ্ন লৈ এলাকা জুৰি সৃষ্টি হৈছে এক তীব্ৰ চাঞ্চ্যল।

অসম গণ পৰিষদৰ নাজিৰা জিলা সমিতিৰ তথ্য আৰু প্ৰযুক্তি কোষ গঠন ।

নাজিৰা : আগন্তুক অসম বিধান সভাৰ সাধাৰণ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অসম গণ পৰিষদৰ নাজিৰা জিলা সমিতিয়ে দলীয় কাম-কাজ ক্ষীপ্ৰ কৰি তোলা পৰিলক্ষিত হৈছে। দলৰ প্ৰচাৰ আৰু প্ৰসাৰ তৃণমূল পৰ্যায়লৈ নিয়াৰ লক্ষ্যৰে জিলা সমিতিয়ে ইয়াৰ তথ্য আৰু প্ৰযুক্তি কোষ গঠন কৰিছে। এই উদ্দেশ্যে নাজিৰা জিলা সমিতিৰ কাৰ্যালয়ত কালি বিয়লি জিলা সভাপতি গণেশ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত এখন সভাত জিলা সমিতিৰ তথ্য আৰু প্ৰযুক্তি কোষ গঠন কৰে। সভাত অসম গণ পৰিষদৰ কেন্দ্ৰীয় উপ-সভাপতি তথা প্ৰাক্তন মন্ত্ৰী তথা আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকা আৰু কেন্দ্ৰীয় সমিতিৰ সম্পাদক তুলসী গগৈ পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে। জিলা সমিতিৰ সম্পাদকে আঁত ধৰি বিস্তৃত আলোচনা আগবঢ়োৱা সভাত মৃদুল মহন্ত, প্ৰাঞ্জল বৰঠাকুৰ, অৰুণ কোঁৱৰ, পংকজ মহন্ত আৰু শান্তনু বৰগোঁহাইক আহ্বায়ক হিচাপে লৈ অগপৰ নাজিৰা জিলা সমিতিৰ তথ্য আৰু প্ৰযুক্তি কোষটো গঠন কৰা হয়।

ৰাজ‍্যৰ ঔদ্যোগিক নীতিৰ অধ‍্যাদেশৰ বিৰোধিতা আলফাৰ চেয়াৰমেন অৰবিন্দ ৰাজখোৱাৰ : আত্মঘাটি সিদ্ধান্ত আখ্যা, প্ৰত‍্যাহাৰৰ দাবী ।

নাজিৰা : অসম চৰকাৰৰ মন্ত্ৰী পৰিষদে শেহতীয়াকৈ অনা ঔদ্যোগিক নীতিৰ অধ্যাদেশে অসমক ঔদ্যোগিকৰণৰ জৰিয়তে এখন আগশাৰীৰ ৰাজ্যত পৰিণত কৰি নিবনুৱা সমস্যাৰ আশু সমাধান কৰিব, সেই কথাৰ নিশ্চয়তা নাথাকিলেও এই কথাত তিলমানো সন্দেহ নাই যে এই অধ্যাদেশৰ জৰিয়তে অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ হাতত বাকী থকা সমূহ কৃষি ভূমি বহিৰাগত উদ্যোগীৰ হাতলৈ বিনা বাধাই খিলঞ্জীয়া মানুহৰ স্বাৰ্থক ভৰিৰে মোহাৰি হস্তান্তৰ কৰা হ’ব। এই অভিযোগ উত্থাপিত কৰিছে আলফাৰ চেয়াৰমেন অৰবিন্দ ৰাজখোৱাই। এক বিবৃত্তিত তেওঁ কয় যে সন্দেহ একেবাৰেই নোহোৱা হ’ল যে অসমৰ সমূহ বনাঞ্চলত এতিয়াও যিখিনি জৈৱ-বৈচিত্ৰ বাকী আছে, সেইয়াও আগন্তুক তিনিবছৰৰ ভিতৰতেই বিলুপ্ত হ’ব। অসমত এতিয়াও বহু হাজাৰ বিঘা মাটি ঔদ্যোগিক অঞ্চল হিচাবে অব্যৱহৃত হৈ পৰি আছে। বহু হাজাৰ হাজাৰ বিঘা মাটি বহিৰাগত তথা সন্দেহজনক নাগৰিকে বেদখল কৰি বহি আছে। আমি নিশ্চিত যে এই তথ্য অসম চৰকাৰৰ হাতত ইতিমধ্যেই আছে আৰু চৰকাৰ সম্পূৰ্ণ ৰূপে জ্ঞাত। লাজ লাগে যদিও আজি আমি এই কথা চৰকাৰক উনুকিয়াই দিবলৈ বাধ্য। ইয়াৰ পিছতো এনে কি মহান উদ্দেশ্য আগত ৰাখি অসমৰ খিলঞ্জীয়া খেতিয়কৰ হাতত বাকী থকা মাটিখিনিও বহিৰাগতৰ হাতত বিনা বাধাই গতাই দিবলৈ অসম চৰকাৰ উঠি পৰি লাগিছে, সেইয়া আমাৰ বোধগম্য নহয়। আমি যোৱা ৮ বছৰ ধৰি অসমৰ মাটি আৰু থলুৱা মানুহসকলৰ সাংবিধানিক সুৰক্ষাৰ বাবে দিল্লীৰ লগত আলোচনা কৰি আছো। ত্ৰিপাক্ষিক আলোচনাৰ বাবে ৰাজ্য চৰকাৰৰ সমৰ্থন আমাৰ বাবে অপৰিহাৰ্য আৰু কাম্য। ‘কা’ৰ জৰিয়তে থলুৱা মানুহসকলৰ সাংবিধানিক সুৰক্ষাৰ বিষয়টোক নস্যাৎ কৰাৰ পিছতো আমি অত্যন্ত ধৈৰ্য সহকাৰে আলোচনা আগবঢ়াই আহিছো। এতিয়া জাতি, মাটি আৰু ভেটিৰ কথা কোৱা এই অসম চৰকাৰেই আমাৰ মানুহৰ মাটিখিনিও বহিৰাগতৰ হাতত তুলি দিবলৈ বিচৰাত আমি অত্যন্ত ক্ষোভিত হৈছো। এই আত্মঘাটী সিদ্ধান্তই আমাৰ অসমৰ সকলো থলুৱা জাতি-জনগোষ্ঠীক নি:শেষ কৰি পেলাব। আমাৰ হাতত এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদৰ বাহিৰে অন্য বিকল্প নাই। নিজ মানুহৰ চৰকাৰেই যেতিয়া আমাৰ পিঠিত কুঠাৰাঘাত কৰিছে, কেন্দ্ৰক দুখিবলৈ ৰাস্তা নাই যিহেতু সাংবিধানিকভাৱে ভূমি ৰাজ্য চৰকাৰৰ অধীনস্থ বিষয়। আমি আমাৰ নিজৰ ভূমি আৰু অধিকাৰৰ সুৰক্ষাৰ বাবে সজোৰে প্ৰতিবাদ কৰো।এই হঠকাৰী সিদ্ধান্ত তৎকালীনভাৱে বাতিল কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনায়|

ছেপ্টেম্বৰলৈ পিছুৱাই গ’ল জে ই ই-এন ই ই টি ।

দৈনন্দিন বাৰ্তা ডেস্ক :

ক’ৰোনা ভাইৰাছ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি পিছুৱাই দিয়া হ’ল জে ই ই-এন ই ই টি ৷ কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰী ৰমেশ পোখৰিৱাল নিশংকই এই কথা জনাইছে৷ মন্ত্ৰীজনে জনোৱা মতে অহা ছেপ্টেম্বৰ পৰ্যন্ত পিছুৱাই গ’ল এই বছৰৰ নেচনেল এলিজিবিলিটি কাম এণ্ট্ৰেন্স টেষ্ট বা এন ই ই টি আৰু জয়েণ্ট এণ্ট্ৰেন্স এক্সামিনেচন বা জে ই ইৰ মেইন পৰীক্ষা৷ শুকুৰবাৰে ৰাতি এই কথা ঘোষণা কৰে কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰী ৰমেশ পোখৰিৱাল নিশংকই ৷ মূল পৰীক্ষা পিছুৱাই যোৱাত জে ই ই এডভান্স পৰীক্ষাও পিছুৱাই গ’ল৷ দেশত ক’ৰোনা ভাইৰাছ সংক্ৰমণৰ হোৱা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আৰু বিশেষজ্ঞক লৈ গঠিত পেনেলৰ ৰিপৰ্টৰ ওপৰত ভিত্তি কৰি এই সিদ্ধান্ত লয় মন্ত্ৰালয়ে৷ অভিযান্ত্ৰিকৰ মূল প্ৰৱেশিকা পৰীক্ষা হ’ব ১-৬ ছেপ্টেম্বৰৰ ভিতৰত আৰু জে ই ই এডভান্স পৰীক্ষা হ’ব ২৭ ছেপ্টেম্বৰত৷ চিকিৎসা পঢ়াৰ ক্ষেত্ৰত প্ৰৱেশিকা পৰীক্ষা এন ই ই টি হ’ব ১৩ ছেপ্টেম্বৰত ৷ এই কথা টুইট কৰি জনায় মন্ত্ৰীজনে ৷

মাজুলীত পলসৰ উদ্যোগত অমৰ শিশুপ্ৰাণ অমৰেন্দ্ৰ বৰুৱা সোঁৱৰণী ৰচনা প্ৰতিযোগিতাৰ আয়োজন ।

উজনি-মাজুলী : মাজুলীৰ যুৱ কবি সাংবাদিক পাপু বৰাৰ দ্বাৰা সম্পাদিত আৰু প্ৰকাশিত কাব্যালোচনী পলসৰ উদ্যোগত অমৰ শিশুপ্ৰাণ অমৰেন্দ্ৰ বৰুৱাৰ পবিত্ৰ স্মৃতিত মাজুলী ভিত্তিত ৰচনা প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে| দুটা শাখাত অনুস্থিত হ’ব লগা প্ৰতিযোগিতাৰ নিম্ন শাখাত তৃতীয় শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ আৰু উচ্চ শাখাত নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব পাৰিব| ৰচনা প্ৰতিযোগিতাখনিৰ নিম্ন শাখাৰ বিষয় হৈছে ”মাজুলীৰ বান সমস্যা” আৰু উচ্চ শাখাৰ বিষয় “মাজুলী-যোৰহাট সংযোগী দলং”| ইচ্ছুক প্ৰতিযোগীয়ে তেওঁলোকৰ ৰচনাসমূহ অহা ১২ জুলাই ২০২০ৰ ভিতৰত পোৱাকৈ ডাক যোগে পাপু বৰা, নতুন খলিহামাৰী, ডাক-ভূৰামৰা, জিলা-মাজুলী, পিন-৭৮৫১০৪ অথবা মেইল papumajuli@gmail.comত ৫০০ শব্দৰ ভিতৰত সম্পূৰ্ণ ঠিকনা ফোন নম্বৰসহ প্ৰেৰণ কৰিব লাগিব| প্ৰতিযোগিতাত স্থানপ্ৰাপ্তসকলক অমৰ শিশুপ্ৰাণ অমৰেন্দ্ৰ বৰুৱাৰ পবিত্ৰ স্মৃতিত হ’বলগা ‘সাহিত্য সন্মিলন’ত মান পত্র, গ্ৰন্থৰ টোপোলা আৰু নগদ ধনেৰে পুৰস্কৃত কৰা হ’ব| সবিশেষ জানিবৰ বাবে পলসৰ সম্পাদক পাপু বৰাৰ লগত ৭০০২৬২৪৭৫২ ফোন নম্বৰত যোগাযোগ কৰিব পাৰিব|

জয়া তিনিআলি-ম’হখুটি পথৰ দুৰৱস্থা : সংগ্ৰামী যুৱ-ছাত্ৰ পৰিষদ, অসমৰ প্ৰতিক্ৰিয়া।

নাজিৰা : শিৱসাগৰ জিলাৰ বকতা মৌজাৰ অন্তৰ্গত জয়া তিনিআলি-ম’হখুটি পথৰ দুৰৱস্থাই ৰাইজৰ পানীত হাঁহ নচৰা অৱস্থা কৰিছে। বকতাৰ ৪২ খন গাৱঁৰ যাতায়তৰ মূল পথটিৰ দুৰৱস্থাই ৰাইজক জীয়াতু ভোগাইছে। দৈনিক শ শ অ’এনজিচিৰ গধুৰ যান-বাহন চলাচলৰ ফলত পথটি অতি জৰাজীৰ্ণ হৈ পৰিছে। সাধাৰণ এজাক বৰষুণতেই বৰ্তমান পথটোত গাড়ী লাগি ধৰে। এই ক্ষেত্ৰত গড়কাপ্তানি বিভাগ আৰু অ’এনজিচিয়ে চকু মুদা কুলিৰ ভাও ধৰিছে। উন্নয়নৰ ফটা ঢোল বজোৱা বিজেপি চৰকাৰ বিয়াগোম গড়কাপ্তানি বিভাগটো এই ক্ষেত্ৰত কুম্ভকৰ্ণ নিদ্ৰাত। আগন্তুক দিনত সংশ্লিষ্ট পক্ষৰ এই  দায়সৰা মনোভাৱ অব্যাহত থাকিলে সংগ্ৰামী যুৱ-ছাত্ৰ পৰিষদ অসমে অনিৰ্দিষ্টকালীন পথ বন্ধৰ দৰে কাৰ্যসূচী ল’বলৈ বাধ্য হ’ব বুলি সংগঠনটোৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ভাস্কৰ নাথে এক প্ৰেছ বিজ্ঞপ্তি যোগে সকীয়াই দিয়ে।

লাডাখত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী : শান্তি ভংগ কৰিছে ‘সাম্ৰাজ্যবাদী’ চীনে ৷

দৈনন্দিন বাৰ্তা ডেস্ক :

আগতে কোনো খবৰ নিদিয়াকৈ শুকুৰবাৰে পুৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী লাডাখত উপস্থিত হয় ৷ গালৱানত সংঘৰ্ষ হোৱাৰ পাছত প্ৰধানমন্ত্ৰী মোডীৰ এয়াই প্ৰথম লাডাখ ভ্ৰমণ ৷ সীমান্ত চকীৰ পৰা সেনা চিকিৎসালয়লৈকে ঘুৰি জোৱানসকলৰ সৈতে প্ৰধানমন্ত্ৰীয়ে কথা পাতে ৷ বিশেষজ্ঞসকলৰ মতে প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণে সেনাৰ মনোবল বহু বঢ়াই তুলে ৷ ইয়াৰ লগতে চীনকো কঠোৰ বাৰ্তা দিলে ৷ প্ৰধানমন্ত্ৰীৰ সৈতে আছিল তিনি সেনা বাহিনীৰ প্ৰধান চিডিএছ জেনেৰেল বিপিন ৰাৱাট আৰু স্থল বাহিনীৰ প্ৰধ মনোজ মুকুন্দ নাৰভান ৷ নিমুত প্ৰধানমন্ত্ৰীয়ে কয়, ইতিহাস সাক্ষী, পৃথিৱীৰ পৰা সাম্ৰাজ্যবাদী শেষত হৈ গৈছে ৷ ইয়াৰ লগতে জোৱানসকলক ভূয়সী প্ৰশংসা কৰি কয়, ভাৰতমাতাৰ শত্ৰুৱে তোমালোকৰ অগ্নি দেখিছে ৷ এই পাহাৰৰ মাজত তোমালোকৰ বাহু শক্তিশালী ৷ তোমালোকৰ আত্মবিশ্বাস এই পাহাৰৰ চূড়াৰ দৰে অটল ৷ শুকুৰবাৰে পুৱা প্ৰধানমন্ত্ৰীৰ তৰফৰ পৰা এখন ছবি টুইট কৰে ৷ তাত দেখা গৈছে যে সেনাৰ তম্বুত বহি আছে মোডী ৷ লগত ৰাৱাট, নাৰভান আৰু সেনাৰ বিষয়ববীয়া ৷ সকলোৰে মাজত যথেষ্ট দূৰত্ব৷ প্ৰাপ্ত খবৰ মতে মোডীৰ সৈতে তাত সেনা, বায়ুসেনা আৰু আইটিবিপিৰ বিষয়াসকল আছিল ৷ প্রধানমন্ত্রী দপ্তৰৰ পৰা জনোৱা মতে নিমুত ৰয় প্ৰধানমন্ত্ৰী ৷ শুকুৰবাৰে দিনৰ ভাগত তাত উপস্থিত হয়৷ আজিয়েই ঘুৰি আহিব ৷ সিন্ধুৰ তীৰত এই নিমু সমুদ্ৰপৃষ্ঠৰ পৰা ১১ হাজাৰ ফুট উচ্চতাত আছে ৷ চাৰিওদিশে আছে জানস্কাৰ পৰ্বত শ্ৰেণী ৷ বিশ্বৰ কঠিনতম অঞ্চল বুলি ক’ব পাৰি৷ উল্লেখ্য যে বৃহস্পতিবাৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙো লাডাখ যোৱাৰ কথা আছিল ৷ কিন্তু শেষ মুহূৰ্তত বাতিল হয় ৷ কিয় বাতিল হ’ল জনা নাযায় ৷ কিন্তু প্ৰধানমন্ত্ৰীয়ে নিজে লাডাখলৈ গৈ দিলে বাৰ্তা ৷ উল্লেখ্য যে ১৫ জুনত পূৱ লাডাখৰ গালৱানত ভাৰত-চীনৰ মুখামুখি সংঘৰ্ষত ২০ জন জোৱান শ্বহীদ হৈছিল ৷ চীনে প্ৰকাশ কৰা নাছিল হতাহতৰ সংখ্যা৷ তাৰ মাজতো জানিব পৰা মতে ৪৫ জন চীনা সেনা হতাহত হয় ৷ প্ৰধানমন্ত্ৰীয়ে কয় যে সমগ্ৰ পৃথিৱীত যেতিয়া ‘বিকাশবাদ’ প্ৰাসংগিক তেতিয়া ‘সাম্ৰাজ্যবাদী’ চীনে শান্তি ভংগ কৰিছে ৷ সকলো দেশতে ‘সাম্ৰাজ্যবাদী’ৰ বিৰুদ্ধে একগোট হৈছে বুলি তেওঁ কয় ৷ গালৱানৰ নিহতসকলৰ প্ৰতি শ্ৰদ্ধা জনাই মোডীয়ে কয়, গালৱানৰ যি বীৰত্ব আমি দেখিছো সেয়া সমগ্ৰ দেশে মনত ৰাখিব ৷ সমগ্ৰ বিশ্বক দেখুৱাই দিছে ভাৰত তথা ভাৰতীয় সেনা কিমান শক্তিশালী৷ আপোনালোকৰ সংকল্প এই উপত্যকাতকৈ শক্তিৰ ৷ আপোনালোকৰ ইচ্ছাশক্তি এই পৰ্বতৰ দৰেই অটল ৷ আমি সেইসকল তোক যি বাঁহিধাৰী শ্ৰীকৃষ্ণৰ ধ্বজা ধৰি সুদৰ্শন চক্ৰধাৰী শ্ৰীকৃষ্ণৰ আদৰ্শ মনা বুলি প্ৰসংগ ক্ৰমে প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে ৷

মৌলানা মুফতি খাইৰুল ইছলামৰ জানাজাত লক্ষাধিক লোকৰ সমগমক লৈ চিন্তিত জিলা প্ৰশাসন । গনসংক্ৰমণৰ আশংকাত শংকিত ৰাইজ ।

নগাঁও : ইছলাম ধৰ্মৰ জনপ্ৰিয় ধৰ্মগুৰু, উত্তৰ পূৱ ভাৰতৰ আমীৰে শ্বৰীয়ত  মৌলানা মুফতি খাইৰুল ইছলামৰ  জানাজাত শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ যোৱা গুণমুগ্ধৰ জনসমাগমে চিন্তিত কৰি তুলিছে জিলা প্ৰশাসনৰ লগতে নগঁঞা ৰাইজক। সমগ্ৰ ভাৰতবৰ্ষৰে প্ৰখ্যাত ধৰ্মীয় নেতা গৰাকীৰ বিয়োগত শোকস্তব্ধ হৈ পৰিছিল ইছলাম ধৰ্মালম্বী ৰাইজ। সেয়ে কালি বিয়লি  জনপ্ৰিয় ধৰ্মীয় নেতাগৰাকীৰ জানাজাত ভাগ ল’বলৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা নগাঁৱৰ জুৰীয়ালৈ ব্যাপক জনস্ৰোতৰ সৃষ্টি হয় । এ আই ইউ ডি এফৰ ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামৰ পিতৃ মৌলানা মুফতি খাইৰুল ইছলামক শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ যোৱা গুণমুগ্ধৰ জনসমাগমৰ ভিডিঅ’ সামাজিক মাধ্যমত বিয়পি পৰাৰ পিছতে চিন্তিত হৈ পৰিছে জিলা প্ৰশাসন। জানিব পৰা মতে,  কৰ’না ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি জনপ্ৰিয় ধৰ্মীয় নেতাগৰাকীৰ জানাজাত  সামাজিক ব্যৱধানৰ দিশটোৰ ওপৰত গুৰুত্ব আৰোপ কৰি জনপ্ৰিয় ধৰ্মীয় নেতাগৰাকীৰ জানাজাত অংশ লবলৈ ৰাইজক জিলা প্ৰশাসনে আহ্বান জনাইছিল । জিলা প্ৰশাসনৰ এনে আহ্বানৰ বিপৰীতে জনপ্ৰিয় ধৰ্মীয় নেতা গৰাকীৰ জানাজাত বহুকেইগৰাকী হাইপ্ৰফাইল ৰাজনৈতিক নেতাৰ উপৰি হেজাৰ হেজাৰ লোকে অংশগ্ৰহণ কৰিছিল। জনপ্ৰিয় ধৰ্মীয় নেতা গৰাকীৰ বিয়োগত সকলো শোকস্তব্ধ হৈ পৰে যদিও লক্ষাধিক লোকে তেওঁৰ জানাজত অংশগ্ৰহণ কৰাৰ বিষয়টোৱে জিলাখনৰ ৰাইজক  শংকিত কৰি তোলে। উল্লেখ্য নগাঁৱত  ভ্ৰমণ বৃত্তান্ত নথকা ভালেকেইজন লোক কোভিড-১৯ ত ইতিমধ্যে আক্ৰান্ত হয়  । তেনেস্থলত ধৰ্মীয় নেতাগৰাকীৰ জানাজাত লক্ষাধিক লোকৰ সমাগমে কৰ’না ভাইৰাছৰ গনসংক্ৰমণৰ কাৰক হৈ পৰিব পাৰে বুলি বহুতেই শংকা প্ৰকাশ কৰে ।