টিংখাং : ডিব্ৰুগড় জিলাৰ টিংখাং বিধান সভা সমষ্টিৰ অন্তৰ্গত ৩নং দিঘলীয়াত আজি পুৱা প্ৰায় সাত বজাত পানীত পৰি তিনিগৰাকীকৈ কিশোৰী কৰুণভাৱে মৃত্যু হয় । কৰুণ ঘটনাটোত গাঁওখনৰ ৰমেশ খাৰিয়াৰ দুগৰাকী কন্যা টিংখাং বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ষষ্ট শ্ৰেণীৰ ছাত্ৰী বেবী খাৰিয়া(১১), শিঙৰাজান প্ৰাথমিক বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰী সঞ্জনা খাৰিয়া(৭) আৰু একেখন গাঁৱৰে শিঙৰাজান প্ৰাথমিক বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰী বাবু কেওটৰ কন্যা মণ্টি কেওটে পুৱা প্ৰায় সাত বজাত কঁঠাল আনিবলৈ ঘৰৰ পৰা ওলাই গৈ এখন দ- জান পাৰ হওঁতে পানীত ডুবগৈ কৰুণ ভাৱে মৃত্যুক আকোঁৱালী লয় | উল্লেখযে,ৰমেশ খাৰিয়াৰ আন এগৰাকী প্ৰায় চাৰি বছৰীয়া কন্যা লগতে আছিল যদিও দৈৱক্ৰমে স্থানীয় এগৰাকী মহিলাই প্ৰাণ বচাবলৈ সক্ষম হয়। আনহাতে তিনিগৰাকী কিশোৰীৰ কৰুণ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে সমগ্য অঞ্চলটো শোকস্তদ্ধহৈ পৰে | স্থানীয় লোক সকলে ঘটনাস্থলীত উপস্থিত হৈ কিশোৰী তিনিগৰাকীক মৃত অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় | আনহাতে এনে অনাকাংক্ষিত ঘটনাৰ খবৰ পোৱাৰ লগে লগে স্থানীয় বিধায়ক বিমল বড়া গুৱাহাটীৰ পৰাই দুৰ্ভগীয়া পৰিয়াল দুটাৰ লগত টেলিফোনত বাৰ্তালাপ কৰি সমবেদনা জ্ঞাপন কৰাৰ লগতে সমগ্ৰ ঘটনা মুখ্যমন্ত্ৰী আৰু জিলা উপায়ুক্তক অৱগত কৰি তাৎক্ষণিকভাৱে এককালীন সাহাৰ্য ঘোষণা কৰে | অসম পেট্ৰকেমিকেলৰ অধ্যক্ষ বিকুল চন্দ্ৰ ডেকাই দুৰ্ভগীয়া পৰিয়াল দুটি ঘৰত উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ লগতে সমবেদনা জ্ঞাপন কৰে | আনহাতে টিংখাং থানাৰ আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিতহৈ মৃতদেহ কেইটা চমজি লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিব্ৰুগড়স্থ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে | ঘটনাটোৱে সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে।
শোকস্তদ্ধ টিংখাঙত : তিনিগৰাকী কিশোৰী পানীত পৰি সলিল সমাধি।

নগাওঁ জিলা গোর্খা ছাত্র সন্থাৰ আদৰণীয় পদক্ষেপ।
কলিয়াবৰ : সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জ্ঞাপন নগাওঁ জিলা গোর্খা ছাত্র সন্থাৰ। উচ্চতৰ মাধ্যমিকৰ কলা শাখাত সপ্তম স্থান লাভ কৰা প্ৰিয়াংসী গোস্বামী আৰু নৱম স্থান লাভ কৰা নম্ৰতা বৰুৱাৰ ঘৰলৈ গৈ সন্থাৰ কৰ্ম-কৰ্তাসকলে অভিনন্দন জনাই। লগতে কলা শাখাৰ ৰাণু দেৱী আৰু বিজ্ঞান শাখাৰ মণিষ উপাধ্যায়কো অভিনন্দন জনায়। তদুপৰি আৰ্থিকভাৱে পিছপৰা পৰিয়ালৰ ছাত্ৰী মণিকা দেৱীৰ উচ্চতৰ মাধ্যমিক পৰ্য্যায়ৰ শিক্ষাৰ সম্পূৰ্ণ খৰচ বহন কৰিব বুলি জনাই সংগঠনটোৱে। অতি দুখীয়া পৰিয়ালৰ এইগৰাকী ছাত্ৰীয়ে এই বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল যদিও পৰিয়ালৰ আৰ্থিক অনাটনৰ বাবে উচ্চতৰ মাধ্যমিক পৰ্য্যায়ত নামভৰ্তি কৰিব পৰা নাছিল ছাত্ৰীগৰাকীয়ে। ইতিমধ্যে ছাত্ৰীগৰাকীক কলিয়াবৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান কে. জি. ইনষ্টিটিউট অফ একাডেমীত নামভৰ্তি কৰি দিয়াত সহায় কৰিছে নগাঁও জিলা গোৰ্খা ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলে। লগতে ছাত্ৰীগৰাকীৰ পঢ়াৰ সম্পূৰ্ণ দায়িত্ব বহন কৰে সংগঠনটোৱে। লগতে দৰিদ্ৰতা আৰু আৰ্থিক অনাটনৰ বাৱে কোনো শিক্ষাৰ্থীয়ে যাতে শিক্ষাগ্ৰহণৰ পৰা বঞ্চিত নহয় তাৰ বাবে সংগঠনটিয়ে সদায় চকু ৰাখিব বুলি জানিবলৈ দিয়ে। এই ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱা কলিয়াবৰৰ হৃদয়বান ব্যক্তি মদন উপাধ্যায়, স্বপ্ন বৰা, অজয় বুচ্চা, চন্দন গোস্বামী আৰু ৰবিকান্ত বুচ্চাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছে সংগঠনটোৱে।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান জলমগ্ন । জীৱকূলক ৰক্ষাৰ বাবে সষ্টম কৰ্তৃপক্ষ ।
কলিয়াবৰ : জলমগ্ন বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী আৰু নেৰানেপেৰা বৰষুণৰ ফলত ৰাষ্ট্ৰীয় উদ্যানখনত এতিয়া নব্বৈ শতাংশ জলমগ্ন। কালি বতৰ ফৰকাল হোৱাৰ বাবে জলস্তৰ কমিছে যদিও, কাজিৰঙাৰ জীৱকূলৰ বিপদ এতিয়াই কমা নাই। ৰাষ্ট্ৰীয় উদ্যানখনৰ মাজত থকা উচ্চ ভূমিৰ লগতে কাষৰীয়া কাৰ্বি-আংলঙৰ পাহাৰলৈ গতি কৰিছে পহু, হাতীকে ধৰি অনান্য জীৱ-জন্তু। অৱশ্যে কাজিৰঙাৰ পৰা গঁড় ৰাষ্ট্ৰীয় পথ পাৰ হৈ কাৰ্বি-পাহাৰলৈ যোৱা নাই বুলি ৰাষ্ট্ৰীয় উদ্যানৰ কৰ্তৃপক্ষই জনাইছে। বানৰ কঠিন সময়ছোৱাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱ-কূলক সুৰক্ষা দিবলৈ সষ্টম ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ। কৰ্তৃপক্ষক সহায়ৰ বাবে সাজু বন বিভাগ, বোকাখাট আৰু কলিয়াবৰ মহকুমা প্ৰশাসন, আৰক্ষী প্ৰশাসন, গাঁওৰক্ষী বাহিনী, ইক ডেভেলপমেণ্ট কমিটী স্বেচ্ছসেৱী সংস্থা তথা উদ্যানখনৰ দাঁতি-কাষৰীয়া বাসিন্দা। উদ্যানৰ বিষয়া-কৰ্মচাৰী, বনৰক্ষীসকলে বানৰ সময়ছোৱাত দিনে-নিশাই কৰ্তব্যত নিয়োজিত হৈ আছে যাতে জীৱ-জন্তুৰ হানি-বিঘিনী নহয়। ৩৭ নং ৰাষ্ট্ৰীয় পথত যান-বাহনৰ গতি নিয়ন্ত্ৰণৰ বাবে ইতিমধ্যে দিন-ৰাতি সমানে “টাইম কাৰ্ড”ৰ ব্যৱহাৰ কৰিছে। তদুপৰি, মেছিন নাও, হাত নাঁৱৰ জৰিয়তে বনৰক্ষীয়ে দিনে-নিশাই কাজিৰঙাৰ অন্তৰ্ভাগত তহল দি জীৱকূল ৰক্ষাৰ বাবে তৎপৰ হৈ আছে। কোনো কাৰণতে যাতে গঁড় চিকাৰীয়ে বানৰ সুবিধা ল’ব নোৱাৰে তাৰ বাবেও সষ্টম কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ। তাৰ মাজতে বানৰ কৱলত দুৰ্ভাগ্যজনকভাৱে এটা গঁড় আৰু চৈধ্যটা সুগৰী পহুৰ মৃত্যু হৈছে।
পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদ বাঁওপন্থী দলৰ ।
তিনিচুকীয়া : চিপিআই, চিপিআই(এম), চিপিআই(এম-এল), আৰএচপি আৰু অল ইণ্ডিয়া ফৰৱাৰ্ড ব্লক এই পাঁচটা বাওঁপন্থী দলৰ উদ্যোগত আজি পেট্ৰ’ল-ডিজেলৰ অভাৱনীয় মূল্যবৃদ্ধিৰ বিৰুদ্ধে আৰু আন কেইবাটাও দাবীৰ ভিত্তিত দেশজোৰা প্ৰতিবাদৰ অংশ হিচাপে তিনিচুকীয়াতো চাৰ্কোল অফিচৰ সন্মুখত ধৰ্ণা অনুষ্ঠিত কৰি লকডাউনৰ নিয়ম অনুসৰি প্ৰতিবাদ সাব্যস্ত কৰা হয় আৰু মাননীয় চাৰ্কোল অফিচাৰ মহোদয়ৰ জৰিয়তে প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰা হয় বুলি চিপিআই(এম)ৰ মৃণাল দত্ত আৰু চিপিআই(এম-এল)ৰ সুভাষ সেনে এক বিবৃতি যোগে জানিবলৈ দিয়ে। বিবৃতিটোত ব্যক্তি কৰা হয় যে বৰ্তমান প্ৰতি লিটাৰ পেট্ৰ’ল আৰু ডিজেলৰ মূল্য যেতিয়া যথাক্ৰমে ৭.১৭ আৰু ৮.৮৮ টকাকৈ বৃদ্ধি কৰা হৈছে তেতিয়া আমাৰ প্ৰতিবেশী আৰু অইন কিছুমান দেশত অতি আচৰিত ধৰণেৰে পেট্ৰ’ল প্ৰতি লিটাৰৰ মূল্য এনে ধৰণৰঃ- পাকিস্তানত- ২৬.০০ টকা, বাংলাদেশত– ২২.০০ টকা, নেপালত- ৩৪.০০ টকা, বাৰ্মাত- ৩০.০০ টকা, আফগানিস্তানত- ৩৬.০০ টকা, শ্ৰীলংকাত– ৩৪.০০ টকা, কিউবাত ১৯.০০ টকা আৰু ইটালীত- ১৪.০০ টকা মাত্ৰ। এনেহেন অৱস্থাত ২০২০ ৰ ৩০ জুন তাৰিখে দিল্লীত ১ লিটাৰ পেট্ৰ’লৰ মূল্য আছিল ৮০.৪৩ টকা। এই মূল্যৰ লগত যুক্ত আছে আন্তঃশুল্ক হিচাপে ৩২.৯৮ টকা, ভেট ১৭.৭১% কৈ আৰু পেট্ৰ’ল পাম্প ডিলাৰৰ লভ্যাংশ হিচাপে ৩.৬০ টকা। এইবোৰ অবিহনে দেশত প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য যে আমাৰ প্ৰতিবেশী দেশসমূহৰ সমান বা তাতকৈও নিম্নমূল্যত সহজলভ্য হ’লহেতেন সেয়া খাটাং। আৰু এটা সংবাদ উৎস মতে ভাৰতত এক লিটাৰ পেট্ৰ’লৰ মূলমূল্য (baseprice) ১৮.০০ টকা আৰু ওপৰত কেন্দ্ৰ আৰু ৰাজ্যৰ শুল্কসহ সৰ্বমুঠ মূল্য দিব লাগে ২৫০% ৰ পৰা ২৭৫% হিচাপত। বিবৃতিটোত কয়লা খণ্ড ব্যক্তিগতকৰণৰ বিৰুদ্ধে অহা ২, ৩ আৰু ৪ জুলাই তাৰিখৰ দেশজোৰা কয়লা শ্ৰমিকৰ ধৰ্মঘট আৰু ৩ জুলাই তাৰিখৰ দহটা কেন্দ্ৰীয় ট্ৰেড ইউনিয়নৰ ৰাষ্ট্ৰজোৰা বিভিন্ন দাবীৰ ভিত্তিত প্ৰতিবাদ দিৱসৰ প্ৰতিও পূৰ্ণ সমৰ্থন আগবঢ়োৱা হৈছে। দাবীসমূহ হৈছেঃ- পেট্ৰ’ল ডিজেলৰ অভাৱনীয় তথা অপৰাধমূলক মূল্যবৃদ্ধি ৰোধ কৰক। কয়লা আৰু বিদ্যুৎ খণ্ডৰ ব্যক্তিগতকৰণ বন্ধ কৰক। আয়কৰৰ আওতাৰ ভিতৰত নপৰা নাগৰিকসকলৰ বেংক একাউণ্টত মাহিলি ৭,৫০০.০০ টকাকৈ অহা ছমাহলৈকে জমা কৰক। প্ৰতিটো দৰিদ্ৰ পৰিয়ালৰ প্ৰতিগৰাকী সদস্যক অহা ছমাহলৈকে মাহে ১০ কেজিকৈ খাদ্য সামগ্ৰী যোগান ধৰক। যি নিয়ম অনুসৰি ধৰ্মস্থান মুকলি কৰা হৈছে সেই কঠোৰ নিয়ম অনুসৰি ৰাজনৈতিক দল আৰু ট্ৰেড ইউনিয়নৰ জমায়েতৰ অনুমতি শীঘ্ৰে প্ৰদান কৰক। অঘোষিত জৰুৰী অৱস্থা চলাই বিৰোধী কণ্ঠ স্তব্ধ কৰাৰ চক্ৰান্ত বন্ধ কৰক। প্ৰধান মন্ত্ৰীৰ গৰীৱ কল্যাণ আঁচনিৰ পৰা অসমক বাদ দিয়া হ’ল কিয়, কেন্দ্ৰীয় চৰকাৰে জবাব দিয়ক। প্ৰতিদিনে নিৰ্দিষ্ট সংখ্যক মানুহৰ ক’ভিড টেষ্ট সুনিশ্চিত আৰু বাধ্যতামূলক কৰক। অসমৰ বান-গড়াখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে ঘোষণা কৰক।
পৰ্বতঝোৰাৰ বন্যাক্ৰান্ত অঞ্চল পৰিদৰ্শন মহকুমাধিপতিৰ । ৬০খন গাঁও জলমগ্ন, ৩ ঠাইত আশ্ৰয় শিবিৰ ।
পৰ্বতঝোৰা : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা মহকুমাৰ শিলাই, টিপকাই, সৃষ্টি আৰু কালভাণ্ডাৰী নদীৰ জলপৃষ্ঠ নেৰানেপেৰা বৰষুণৰ ফলত ওফন্দি উঠাৰ বাবে বিভিন্ন অঞ্চল বানত বুৰ যায়৷ বিশেষকৈ ডুলিগাঁও, জলাবিলা, কুৰ্শাকাটী, খোৰাঘাট নামাপাৰা, তমাকুবাৰী, পলাশগুৰি, খুঁটাবাগ্ৰা, মোৱামাৰী, ৰূপসী আদিকে ধৰি বিভিন্ন গাঁও তথা অঞ্চল প্লাৱিত হয় ৷ উল্লেখযোগ্য যে মহকুমাটোৰ মুঠ ৬০খন ৰাজহ গাঁও বানত প্লাৱিত হৈছে৷ বৰ্তমানলৈ তিনি ঠাইত আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে৷ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চুপাৰীঘাটৰ পৰা কাজিগাঁৱলৈ যোৱা গড়কাপ্টানি পথছোৱাৰ দুঠাইত তীব্ৰবেগী পানীয়ে খহোৱাৰ লগতে বংশীঝোৰা আৰু মংগলঝোৰা সংযোগী তিনিখন কাঠৰ দলং ক্ষতিগ্ৰস্ত হৈছে, যাৰ ফলত যাতায়াত ব্যাহত হৈছে৷ ইতিমধ্যে মহকুমাটোৰ মহকুমাধিপতি হেমন্ত প্ৰসাদ ৰাজকুমাৰে দণ্ডাধীশসকলক বন্যাক্ৰান্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি তেখেতক সবিশেষ জনাবলৈ নিৰ্দেশ দিয়াৰ লগতে তেখেতে নিজেও অঞ্চলটোৰ বিভিন্ন বন্যাক্ৰান্ত অঞ্চল পৰিভ্ৰমণ কৰি দুৰ্দশাগ্ৰস্ত ৰাইজৰ বুজ লয়৷ তেখেতে প্ৰশাসনৰ তৰফৰ পৰা দুৰ্গতসকলৰ মাজত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ কৰে৷ উল্লেখযোগ্য যে কোভিড-১৯ প্ৰতিৰোধৰ প্ৰতি লক্ষ্য ৰাখি তেখেতে কাৰ্যবাহী দণ্ডাধীশ প্ৰীতম ৰাজা শৰ্মাৰ উপস্থিতত দুৰ্গতসকলৰ মাজত মাস্কো বিতৰণ কৰিছে৷ এইক্ষেত্ৰত ‘জুপিটাৰ’ এনজিঅ’ৰ সহযোগিতাও প্ৰশংসনীয়৷ মহকুমাধিপতিৰ এই সচেতনতাক অঞ্চলটোৰ ৰাইজে ভূয়সী প্ৰশংসা কৰিছে ৷
শ্ৰীশ্ৰীগুৰু পূৰ্ণিমাত গুৰু বন্দনা কৰিবলৈ ৰাজ্যবাসীক আহ্বান শিশু শিক্ষা সমিতিৰ ।
গুৱাহাটী : আহাৰ মাহৰ পূৰ্ণিমা অৰ্থাৎ অহা ৫ জুলাইৰ দিনটোক শ্ৰীশ্ৰীগুৰু পূৰ্ণিমা উৎসৱ হিচাপে পালন কৰিবলৈ যো-জা চলাইছে বিদ্যা ভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থাৰ অধীনস্থ সংস্থা শিশু শিক্ষা সমিতি, অসমে। এই অনুযায়ী সেইদিনা সন্ধিয়া ৬.৩০ বজাত কৰ’নাৰ সংক্ৰমণৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি সকলোকে নিজ নিজ ঘৰতে গুৰু বন্দনা কৰিবলৈ শিক্ষাৰ সৈতে জড়িত অসমৰ আগশাৰীৰ সংস্থা “শিশু শিক্ষা সমিতি, অসমৰ” সাধাৰণ সম্পাদক কুলেন্দ্ৰ কুমাৰ ভাগৱতীয়ে আহ্বান জনাইছে । শ্ৰীশ্ৰীগুৰু পূৰ্ণিমা উৎসৱ উপলক্ষে সেইদিনা শিশু শিক্ষা সমিতিৰ কাৰ্যকৰ্তাসকলৰ লগতে সমিতিয়ে পৰিচালনা কৰি অহা ৰাজ্যৰ প্ৰতিখন শংকৰদেৱ বিদ্যা নিকেতনৰ শিক্ষক-শিক্ষয়িত্ৰী আৰুি ছাত্ৰ-ছাত্ৰীসকলে গুৰু বন্দনা কাৰ্যসূচীত ভাগ ল’ব বুলি শিশু শিক্ষা সমিতি, অসমৰ সাধাৰণ সম্পাদক কুলেন্দ্ৰ কুমাৰ ভাগৱতীয়ে জনাইছে। সমিতিৰ তৰফৰ পৰা গুৰু বন্দনা কৰাৰ সময়ত নিজ ঘৰতে কৰিলেও পৰস্পৰৰ মাজত অতি কমেও ১ মিটাৰৰ ব্যৱধান ৰাখিবলৈ পৰামৰ্শ আগবঢ়োৱা হৈছে। ‘শব্দই ব্ৰহ্ম’ আৰু ‘গুৰুৱেই শক্তি, গুৰুৱেই ভক্তি, গুৰুবিনে নাই গতি’ বুলি উল্লেখ কৰি শিশু শিক্ষা সমিতিয়ে সেইদিনা ১১ বাৰ ঔঁ ব্ৰহ্মনাদেৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰণাম আৰু গুৰু বন্দনা আৰম্ভ কৰি মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ ‘মুক্তিত নিস্পৃহ যিটো’ শীৰ্ষক ভগৱৎ বন্দনাৰে গুৰুৰ কৃপা লাভেৰে বৰ্তমানৰ বৈশ্বিক মহামাৰীৰ পৰা মানৱ সমাজক মুক্ত কৰিবলৈ সকলোকে প্ৰাৰ্থনা জনাবলৈ শিশু শিক্ষা সমিতি, অসমৰ সাধাৰণ সম্পাদক কুলেন্দ্ৰ কুমাৰ ভাগৱতীয়ে আহ্বান জনাইছে।উল্লেখ্য যে, ভাৰতীয় দৰ্শনত যুগ যুগ ধৰি শব্দক ব্ৰহ্ম আখ্যা দি অহা হৈছে। সৃষ্টিৰ পাতনিও শব্দৰ দ্বাৰাই হৈছে। ঔঁ হৈছে আদি শব্দ। নাদব্ৰহ্ম স্বৰূপ এই ঔঁ ভক্তিসহকাৰে উচ্চাৰণ কৰিলে সৃষ্টি গুৰু ব্ৰহ্মা, পালন গুৰু বিষ্ণু আৰু সংহাৰ গুৰু মহেশ্বৰ তিনিওৰে সন্মিলিত উপাসনা কৰা হোৱাৰ লগতে ই প্ৰতিজনৰে মনক নতুন শক্তি প্ৰদান কৰে। ধন্যবাদৰে শিশু শিক্ষা সমিতি অসম।
নাজিৰাৰ ঐতিহাসিক ৰাজগড়-বাঁহগড় সংযোগী পথ অৱৰোধ কৰিলে মহিলাই ।
নাজিৰা : নাজিৰা মহকুমাৰ অন্তৰ্গত ঐতিহাসিক ৰাজগড়-বাহগড় পথটো অতিকে জৰাজীৰ্ণ তথা প্ৰকাণ্ড দ দ গাঁতে যাতায়তৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগাইছে ৰাইজক । পথচাৰী সঘনাই দুৰ্ঘটনাস্থ হৈ চিকিৎসাধীন হোৱাই নহয়, বহুলোক চিৰ জীৱনৰ বাবে পংগু আৰু বহুলোকে অকালতে জীৱন হেৰুৱাব লগা হৈছে। পৰিবহণ বিভাগৰ যাৱতীয় নথিপত্ৰবিহীন অত্যধিক বুজাই ট্ৰাক-ডাম্পাৰে শোচনীয় কৰি তুলিছে ৰাজগড়-বাঁহগড পথ। এই বাহগড়ৰ জৰাজীৰ্ণ পথেৰে অসম নগালেণ্ড সীমান্তৱৰ্তী বিহুবৰ পৰা অত্যাধিক বোজাই কৰা শিল ভৰ্তি ট্ৰাক ডাম্পাৰে শোচনীয় কৰি তুলিছে পথটো। কিন্তু জিলা প্ৰশাসনে কোনো গুৰুত্ব নিদিয়াত ট্ৰাক ডাম্পাৰে গুৰু গোঁসাই নামানি দৈনিক জৰাৰ্জীণ পথেৰে দিনে-নিশাই সৰবৰাহ কৰি আহিছে শিল। পথটো বিজ্ঞান সন্মতভাৱে পুনৰ নিৰ্মাণৰ বাবে ৰজাঘৰ, প্ৰশাসন কৰ্তৃপক্ষক বাৰম্বাৰ আবেদন-নিবেদন কৰি অহাৰ পিছতো ৰাইজৰ এই আবেদনসমূহ কেৱল ফাইলৰ মাজত অথবা ডাচবিনৰ আলহী কৰাহে পৰিলক্ষিত হৈছে। অৱশেষত উপায়ন্তৰ হৈ ১৩ খন গাঁৱৰ শ শ মহিলা ৰাজপথলৈ ওলাই আহি আজি পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰে। শীঘ্ৰে জৰাৰ্জীণ ৰাজগড়-বাঁহগড় পথ মেৰামতি নকৰিলে অনিৰ্দিষ্টকালীন পথ অৱৰোধ কৰিব বুলি মহিলা সকলে প্ৰশাসনক সকিয়াই দিয়ে।

কঠোৰ নিৰ্দেশনাবোৰ অকল ৰাইজৰ বাবেহে নেকি ?
✍ ডাঃ প্ৰণৱ চক্ৰৱৰ্তী
মহানগৰীত পুনৰ লকডাউন ঘোষণা কৰিলে৷ গেলামালৰ দোকান পৰ্যন্ত বন্ধ৷ পৰিস্থিতি সাপেক্ষে আপত্তি কৰাৰ থল নাই৷ সুপৰিকল্পিতভাৱে যে কথাবোৰ হোৱা নাই সেইয়া স্পষ্ট৷ পাঁচদিনমান পিছৰ পৰাই যে মহানগৰীৰ বহুতৰে চৌকা নজ্বলিব সেইটো খাটাং৷ মাহৰ শেষত নিম্ন মধ্যবিত্তৰ অৱস্থা কি হয় আমি জানো৷ কাঢ়া নিৰ্দেশনা এটাৰ পিছত আনটো আহিছে৷ পুলিচ প্ৰশাসনৰ ভয় দেখুওৱা হৈছে সাধাৰণ জনসাধাৰণক৷ ঠিকেই আছে বুলি ধৰি লৈছোঁ৷ এইখিনি সময়ত ৰোগৰ পৰা বাছি থকাটোৱেই মূল কথা৷ মহানগৰবাসীয়ে বেয়া পাব বুলিয়ে হয়তো অন্য চহৰ নগৰতো শনি-দেওবৰীয়া লকডাউন দি দিলে৷ তাৰ পৰা কি লাভ হ’ব ঘোষণা কৰা সকলেও হয়তো নাজানে৷ এতিয়া কথা হ’ল আমি বাৰু চৰকাৰে দিয়া আটাইবোৰ নিয়ম মানিম কিন্তু চৰকাৰে আমাৰ বাবে এই সময়ছোৱাৰ বাবে কি চিন্তা কৰিলে সেইটোও জনাৰ নিশ্চয় আমাৰ অধিকাৰ আছে৷ বজাৰৰ বস্তুৰ দামত যে ব্যৱসায়ীসকলে জুই লগাই আমাক লুটিলে তাক নিয়ন্ত্ৰণ কিয় কৰা নহ’ল৷ হয়তো সময় নাপালে৷ এইযে বাছভাড়া আগৰ দুগুণৰ ঠাইত চাৰিগুণমান হ’ল তাৰ ওপৰত ব্যৱস্থা লোৱা মুঠেও চকুত নপৰিল৷ কথাটো এনেকুৱা নেকি যে ৰাজভড়াল টনকিয়াল কৰিবলৈ চৰকাৰে পেট্ৰল-ডিজেলৰ দাম বঢ়োৱাৰ দৰে বা ৰাতিৰ ভিতৰতে টোলগেট সৃষ্টি কৰাৰ নিচিনাকৈ ব্যৱসায়ী সকলোকো সাধাৰণ ৰাইজক লুটাৰ বিশেষ অফাৰ এটা দি দিলে৷ তেনে কিবা চক্ৰান্ত থকা বুলি আমি ভাবিবলৈ বাধ্য হৈছোঁ৷ নিজৰ পৰিয়ালটোৰ মোহত বহুতেই নীতি নিৰ্দেশনা যি দিয়ে তাকেই মানিম বুলি দৃঢ় হৈছে যদিও বৰ মানসিক অশান্তিত ভুগিছে। লকডাউন হয়তো বঢ়াই থাকিব লগা পৰিস্থিতি হ’ব পাৰে, মাত্ৰ অতি সাধাৰণ ব্যক্তি হিচাপে চৰকাৰী পক্ষলৈ অনুৰোধ পৰিকল্পনাবোৰ সুপৰিকল্পনা কৰাত গুৰুত্ব দিব৷ ব্যৱসায়ী সকলক সন্তুষ্ট কৰিব গৈ সাধাৰণ ৰাইজক ৰাম টাঙোন নামাৰিব৷ সময় বৰ জটিল…৷
চিকিৎসক দিৱসৰ বিষয়ে যৎকিঞ্চিৎ ….
✍হেমন্ত ডেকা
চিকিৎসকসকল হ’ল স্বাস্থ্য সেৱা প্রদায়ক, যাৰ পেচা হ’ল শাৰীৰিক আৰু মানসিক ৰোগ, আঘাত বা বিকাৰ নিৰক্ষীন, নির্ণয় আৰু নিৰাময়ৰ দ্বাৰা মানুহৰ স্বাস্থ্য বজায় ৰখা। চিকিৎসকসকল নিজৰ পেচাৰ প্রতি যথেষ্ঠ দায়িত্বশীল আৰু সময় সচেতক । এই চিকিৎসকসকলক সন্মান জনোৱাৰ উদ্দেশ্যে সমগ্র বিশ্বতে বিশেষ দিন একোটাত চিকিৎসক দিৱস পালন কৰা হয় । জাতীয় চিকিৎসক দিৱসৰ অন্যতম প্রধান বিষয় হ’ল চিকিৎসা সেৱা আৰু স্বাস্থ্য সুৰক্ষাৰ ক্ষেত্রত চিকিৎসক আৰু ৰোগীৰ সম্পর্ক আৰু চিকিৎসকৰ দায়ৱদ্ধতা সম্পর্কে সজাগতা অনাৰ উপৰিও ৰোগীয়া মানুহক যন্ত্রণাৰ পৰা অৱসাদ দিয়া মহান চিকিৎসক সকলক সন্মান প্রদর্শন কৰা । আমেৰিকা তথা পশ্চিমীয়া দেশসমূহৰ বেছিভাগতে ৩০ মার্চ তাৰিখে চিকিৎসক দিৱস পালন কৰা হয় । আমেৰিকাৰ প্রসিদ্ধ চিকিৎসক ডা: ক্রফোর্ড ডব্লিউ লঙে বিশ্বত পোন প্রথমবাৰৰ বাবে এনাস্থেচিয়াৰ প্রয়োগ কৰি জার্জিয়াত এজন ৰোগীৰ ডিঙিৰ পৰা অস্ত্রোপচাৰ কৰি এটা টিউমাৰ আঁতৰাই পেলাইছিল। ডা: লঙৰ এই ঐতিহাসিক সাফল্যৰ স্বীকৃতি স্বৰূপে আমেৰিকাত ১৯৩৩ চনৰ পৰা চিকিৎসক দিৱস পালন কৰি আহিছে । আমাৰ দেশ ভাৰতবর্ষত ১ জুলাই তাৰিখে চিকিৎসক দিৱস পালন কৰা হয় । কিংবদন্তি চিকিৎসক ডা: বিধান চন্দ্র ৰায়ৰ সন্মানার্থে এই দিৱস সমগ্র দেশ জুৰি পালন কৰা হয় । বিধান চন্দ্র ৰাও ব্যক্ত নাম ভজন নামেৰে পৰিচিত আছিল I তেখেতৰ জন্ম হৈছিল ১৮৮২ চনৰ পহিলা জুলাই তাৰিখত আৰু মৃত্যু হৈছিল ১৯৬২ চনৰ ১ জুলাই তাৰিখত । তেখেতে ১৪ বছৰ পশ্চিমবঙ্গৰ মুখ্যমন্ত্রী পদত থাকি যথেষ্ঠ উন্নয়কমূলক কাম কৰিছিল । সেইবাবে তেখেতক পশ্চিম বঙ্গৰ “ৰপকাৰ”বুলি কোৱা হয় I বঙ্গীয় ইতিহাসৰ এক কঠিন সময়ত ডা: ৰায়ে লক্ষ টকীয়া উপার্জনৰ পথ পৰিহাৰ কৰি বিপন্ন বঙালী সকলৰ ৰক্ষাৰ নিমিত্তে জপিয়াই পৰিছিল । চিকিৎসক দিৱসৰ আনুষ্ঠানিক প্রতীক হিচিপে ৰঙা কাৰনেচন (Carnetion dianthus coryiphylle) ফুল নিৰ্বাচিত কৰা হৈছে । এই ফুল উদ্দ্যমৰ প্রতীক। ই শ্রদ্ধা, সেৱাৰ মনোভাৱ, ত্যাগ, সাহস আৰু সুবিবেচনা প্রতিনিধিত্ব কৰে । ইয়াৰ পৰা স্পষ্ট হয় যে চিকিৎসক সকল উদ্দমী হোৱাৰ উপৰিও তেওঁলোকৰ এটা সেৱাৰ মনোভাৱ থকাটো অতি প্রয়োজনীয় কথা । চিকিৎসক সকলে তেওঁলোকৰ সাহসী মনেৰে মৃত্যুৰ সৈতে যুঁজি থকা ৰোগী সকলক উপযুক্ত চিকিৎসা সেৱা আগবঢ়াই নতুন জীৱন দান কৰে । এই মহান চিকিৎসক সকলৰ বাবে এটা দিন হ’লেও ধার্য্য কৰি সন্মান জনোৱাতো অতি প্রাসঙ্গিক।
কটন ৰাজ্যিক বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত এৰাবিক বিভাগৰ মুৰব্বী অধ্যাপক ডঃ আতাউৰ ৰহমানৰ মৃত্যু ।
গুৱাহাটী : কটন ৰাজ্যিক বিশ্ববিদ্যালয়ৰ এৰাবিক বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ডঃ আতাউৰ ৰহমানৰ মৃত্যুক বিভিন্ন জনে শোক প্ৰকাশ কৰিছে। সোমবাৰে নিশা ১০.৩০ বজাত গুৱাহাটীৰ গাড়ী গাৱৰ নিজ বাসগৃহত মৃত্যু ঘটে অৱসৰপ্ৰাপ্ত অধ্যাপক জনৰ। কটন কলেজ তথা কটন ৰাজ্যিক বিশ্ববিদ্যালয়ৰ এৰাবিক, উৰ্দু আৰু ফাৰ্ছী বিভাগৰ মূৰব্বী অধ্যাপক হিচাপে ২০১৫ চনৰ ৩০ ছেপ্তেম্বৰত অৱসৰ গ্ৰহণ কৰিছিল। কটন কলেজত প্ৰায় ৩১ বছৰ কাল অধ্যাপনা কৰিছিল মহান শিক্ষাবিদ গৰাকীয়ে। তেওঁ আৰবী, উৰ্দু, ফাৰ্ছী ভাষাৰ সুদক্ষ প্ৰবক্তা থকাৰ লগতে আৰৱী ব্যাকৰণৰ পণ্ডিত আছিল। কটন মহাবিদ্যালয়ৰ আৰবী আৰু ফাৰ্চী আৰু উৰ্দু বিভাগৰ মুৰব্বী অধ্যাপক ডঃ আতাউৰ ৰহমান ধুবুৰী জিলাত জন্ম গ্ৰহণ কৰে। ড৹ আতাউৰ ৰহমান গোটেই অসমৰ ভিতৰত এজন বিখ্যাত আৰবী ব্যাকৰণবিদ আৰু দাৰ্শনিক তথা বিদগ্ধ পণ্ডিত আছিল যিটো বৌদ্ধিক মহলৰ মাজত সৰ্বজনবিধিত।শিক্ষা জীৱনত গুৱাহাটি বিশ্ববিদ্যালয়ৰ পৰা সোণৰ পদকৰে পুৰস্কৃত হোৱা ড৹ আতাউৰ ৰহমানৰ বিয়োগত এক বৃহৎ ক্ষতি হোৱাৰ অনুভৱ কৰিছে বিভিন্ন জনে। বিদ্যালয়, মহাবিদ্যালয় তথা বিশ্ববিদ্যালয়ৰ আৰবী ভাষা-সাহিত্য তথা পাঠ্যক্ৰমৰ ওপৰত তেখেতৰ যথেষ্ঠ অৱদান আছিল। তেওঁৰ মৃত্যুৰ সময়ত দুগৰাকী পুত্ৰ, এজনী কন্যা, সহধৰ্মিনীসহ অজস্ৰ জনক এৰি থৈ যায়। শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে আমছু’ৰ সাধাৰণ সম্পাদক মুশ্বাৰফ হুছেইন কবিৰ, উপদেষ্টা আজিজুৰ ৰহমান, আমছাৰ প্ৰাক্তন সভাপতি মৃদুল হক, সাধাৰণ সম্পাদক আব্দুল হাকিম, অধ্যাপক ডঃ নুৰ উদ্দিন আহমেদ, ড০ আবুবক্কৰ চিদ্দিকৰ লগতে বিভিন্ন দল সংগঠনে।প্ৰয়াত ড০ আতাউৰ ৰহমানক গুৱাহাটীৰ পৰা জন্মস্থান ধুবুৰীলৈ যোৱাৰ পৰিকল্পনা কৰিছে পৰিয়ালৰ লোকে। ধুবুৰীতেই সমাধিস্থ কৰাৰ পৰিকল্পনা কৰিছে বুলি জানিব পৰা গৈছে।












