Home Blog Page 3281

বেক্টেৰিয়া সংক্ৰমণত জিম্বাবুৱেত ২২টা হাতীৰ মৃত্যু

দৈনন্দিন বাৰ্তা ডেস্ক : জিম্বাবুৱেৰ বন্যপ্ৰাণী সংস্থাই জনাইছে যে এখন বৃহৎ গেম পাৰ্কৰ সমীপত বহু হাতীৰ শৱদেহ উদ্ধাৰ কৰিছে ৷ প্ৰাথমিকভাৱে বেক্টেৰিয়া সংক্ৰমণৰ ফলত ২২টা হাতীৰ মৃত্যু হৈছে বুলি সন্দেহ কৰা হৈছে ৷ জিম্বাবুৱেৰ পাৰ্কছ এণ্ড ৱাইল্ডলাইফ মেনেজমেণ্ট অথৰিটি (জিম্পাৰ্কছ)য়ে ইতিমধ্যে পশ্চিম জিম্বাবুৱেৰ পাণ্ডামছসুৰ হাবিত হাতীৰ মৃত্যুৰ বাবে সকলোতকৈ বৃহৎ বন্যপ্ৰাণী অভয়াৰণ্য হাওৱাঞ্জ নেচনেল পাৰ্ক আৰু ভিক্টোৰিয়া জলপ্ৰপাতৰ মাজৰ চিকাৰ কৰা আৰু চায়নাইড বিষ দিয়া বন্ধ কৰিছে ৷ জিম্পাৰ্কছৰ মুখপাত্ৰ টিনাশে ফাৰাৱে জনায় যে মঙলবাৰ আৰু বুধবাৰে শেষৰটো হাতীৰ শৱদেহ পোৱা যায় ৷ বেছিভাগ হাতী কম বয়সীয়া আছিল ৷ সকলোতকৈ বেছি বয়স আছিল ১৮ বছৰ ৷ যোৱা সপ্তাহত প্ৰথম আবিষ্কাৰ হোৱা হাতীবোৰ একেই পৰিস্থিতিত মৰিছিল, যিবোৰৰ দাঁত অক্ষত আছিল ৷ জিম্পাৰ্কছৰ বিষয়াই কয় যে হাতীৰ সংখ্যা বহু বেছি হোৱা আৰু বৰষুণৰ পৰিমাণ কম হোৱাটো বৃহৎ ভাবুকি হৈ পৰিছে ৷ পানী আৰু খাদ্যৰ বাবে ২০১৯ চনত কমেও ২০০ হাতীৰ মৃত্যু হৈছিল ৷ উল্লেখ্য যে জিম্বাবুৱে ৮০ হাজাৰ হাতীৰ ৰম্যভূমি ৷ ইয়াত আফ্ৰিকাৰ মুঠ হাতীৰ এক পঞ্চমাংশ আছে ৷ ইয়াৰ পূৰ্বে চলিত বছৰত কাষৰীয়া বোটছৱানাত শতাধিক হাতীৰ মৃত্যু হৈছিল ৷

মুখ্যমন্ত্ৰী সমষ্টি মাজুলীৰ মুদৈবিল-কুঁহিয়াৰবাৰী পথৰ কালভাৰ্টে বিপদ মাতি আনিছে পথচাৰীৰ

উজনি-মাজুলী : মুখ্যমন্ত্ৰী সমষ্টি মাজুলীৰ উজনি মাজুলী উন্নয়ন খণ্ডৰ অন্তৰ্গত সদাব্যস্ত মুদৈবিল-কুঁহিয়াৰবাৰী গড়কাপ্টানী পথত থকা এটা ভগা কালভাৰ্টে বিপদ মাতি আনিছে পথচাৰীলৈ। উল্লেখ যে, উক্ত পথটো ইতিপূৰ্বে প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত নিৰ্মাণ কৰা হয় যদিও পথটোত থকা পুৰণা কালভাৰ্ট নিৰ্মাণ নকৰাৰ ফলতেই সৃষ্টি হৈছে এই সমস্যাৰ। মুদৈবিল-কুঁহিয়াৰবাৰী গড়কাপ্টানী পথচোৱাৰ কুঁহিয়াৰবাৰী আৰু মুদৈবিল গাঁৱৰ মাজত মুঠ চাৰিটা পুলৰ ভিতৰত দুটা পুলহে নতুনকৈ নিৰ্মাণ কৰা হয় যদিও বাকী দুটা পুল নিৰ্মাণ কৰা নহ’ল। কেইবা বছৰৰ পূৰ্বে নিৰ্মাণ কৰা এটা পুল ভাগি পৰাত বৰ্তমান যাতায়তৰ ক্ষেত্ৰত পথচাৰিৰ সমস্যা সৃষ্টি হোৱাৰ লগতে ভয়ংকৰ দুৰ্ঘটনা হোৱাৰো আশংকা কৰা হৈছে। মাজুলী গড়কাপ্টানী বিভাগৰ অদূৰদৰ্শীতাৰ ফল স্বৰূপে জনসাধাৰণে যাতায়তৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ’ব লগা হৈছে। মাজুলী সমষ্টি বিধায়ক তথা মুখ্যমন্ত্ৰীৰ নিৰ্দেশকো গুৰুত্ব নিদিয়া গড়কাপ্টানী বিভাগৰ একাংশ বিষয়া-কৰ্মচাৰী আৰু ঠিকাদাৰৰ বাবে বিভাগটো যেন খীৰতি গাইত পৰিণত হৈছে। গড়কাপ্টানী বিভাগে পুৰণি পুল এটাকে জোৰা-টাপলি মাৰি দায়িত্ব পালন কৰাৰ অন্তৰালত যে গভীৰ ৰহস্য লুকাই আছে সেই কথা জনসাধাৰণে ঠিকেই বুজি পাইছে। ৰাজ্য চৰকাৰে যিমানেই নিকা প্ৰশাসনৰ কথা নকওঁক কিয় এই ক্ষেত্ৰত একাংশ বিষয়াৰ বাবে সেয়া ফুটুকাৰ ফেনত পৰিণত হৈছে। সি যি কি নহওঁক, কুঁহিয়াবাৰী-মুদৈবিল গড়কাপ্টানী পথৰ ভগা পুলটো শীঘ্ৰে মেৰামতি নকৰিলে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ’ব বুলি জনসাধাৰণে আশংকা কৰিছে।

সোণতলীৰ চৌধুৰীপামৰ আনোৱাৰ হুছেইনৰ জীৱনত ঘোৰ অমানিষা, অকালতে বিকল দুয়োটা চকু

সোণতলী : দক্ষিণ কামৰূপ জিলাৰ বকো বিধান সভা সমষ্টিৰ অন্তৰ্গত সোণতলী চৌধুৰীপাম গাঁৱৰ এগৰাকী অসহায় দৰিদ্ৰ পৰিয়ালৰ কৰুণ গাঁথা। পৰিয়ালৰ মুখ্য উপাৰ্জনকাৰী আনোৱাৰ হুছেইনে হঠাতেই দুটি চকুৰে নেদেখা হ’ল ৷ জন্মৰে পৰা এটা চকু বিকল হৈ আছিল যদিও কিছুদিন আগত দুয়োটা চকুৱেই বিকল হৈ পৰিল আনোৱাৰ হুছেইনৰ ৷ তাৰ পিছতে পৰিয়ালটোলৈ নামি আহিল ঘোৰ অমানিষা ৷ বৃদ্ধ মাতৃ, পত্নী আৰু দুটি কণমানি সন্তানকলৈ আনোৱাৰ হুছেইনে জীৱনৰ মধ্য বয়সতেই জীৱন যুদ্ধত পৰাজয়ৰ বাস্তৱ কাহিনীয়ে স্তম্ভিত কৰি তুলিছে সকলোকে। জীৱন যুদ্ধত হাৰ মনা পৰিয়ালটোৱে সম্প্ৰতি এসাজ খাই এসাজ নাখাই পাৰ কৰিব লগীয়া হৈছে দিনৰাতি। ঘৰৰ ভেটিৰ বাহিৰে খেতিবাতিৰ মাটি নথকা আনোৱাৰ হুছেইনে দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিছিল মাতৃসহ পাঁচজনীয়া পৰিয়ালক। কিন্তু ৰুষ্ঠ নিয়তিয়ে মূহুৰ্তৰ ভিতৰতে পৰাজিত কৰিলে আনোৱাৰ হুছেইনক ৷ ৰাতি টোপনিৰ পৰা উঠিয়েই হঠাতে চকুত নেদেখা হৈ পৰিল আনোৱাৰ হুছেইনে ৷ এতিয়া চিকিৎসাৰ বাবে আনোৱাৰ হুছেইনৰ হাতত নাই এটা ফুটা কৰিও ৷ সেয়ে আপোনাৰ অকণমান সহায়ে আনোৱাৰ হুছেইনৰ পৰিয়ালে পাব পাৰে আৰ্থিক সকাহ৷ বকো সমষ্টিৰ বিধায়িকাৰ প্ৰত্যক্ষ হস্তক্ষেপ বিচাৰিছে স্থানীয় ৰাইজে ৷ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱকো জনাইছে কাতৰ আহ্বান ৷ কোনো সদাশয় ব্যক্তিয়ে আনোৱাৰ হুছেইনৰ চিকিৎসাৰ বাবে সহায় আগবঢ়াব বিচাৰিলে ষ্টেট বেংকৰ একাউন্ট নম্বৰ ৩৩৫৬৯৪১৫২১১ আই এফ ছি কোড নম্বৰ এছ বি আই এন০০০৯৪৩৯ অথবা +৯১৬০০০১৫৯৯১২ অথবা নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে ৷

দুই ভাৰতীয় নাগৰিকক আন্তৰ্জাতিক সন্ত্ৰাসবাদী সজোৱাৰ চেষ্টা : ৰাষ্ট্ৰসংঘত পুনৰ ব্যৰ্থ পাকিস্তানৰ অপচেষ্টা

অনলাইন বাৰ্তা : ভাৰতৰ বিৰুদ্ধে চক্ৰান্ত কৰিবলৈ গৈ পুনৰ ব্যৰ্থ হ’ল পাকিস্তান ৷ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ১২৬৭ কমিটীৰ সহায়ত দুই ভাৰতীয় নাগৰিকক আন্তৰ্জাতিক সন্ত্ৰাসবাদী সজোৱাৰ চেষ্টা কৰিছিল ইমৰান খান চৰকাৰে ৷ ১২৬৭ কমিটীৰ কামৰ পদ্ধতিত ধৰ্মীয় ৰং লগাই ৰাজনীতি কৰিবলৈ বিচাৰিছিল ৷ কিন্তু প্ৰতিৱেশী চিৰবৈৰী দেশখনৰ সেই উদ্দেশ্য পুৰণ নহ’ল ৷ আন্তৰ্জাতিক মহলৰ সহায়ত নতুন দিল্লীক বিপদত পেলাবলৈ গৈ নিজেই বিপদৰ সন্মুখীন হ’ল পাকিস্তান ৷ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদ (ইউএনএছচি)ৰ ১২৬৭ কমিটীৰ প্ৰস্তাৱনা অনুসৰী অংগাৰা আপ্পাজি আৰু গোবিন্দ পাটনায়ক নামৰ দুজন ভাৰতীয় নাগৰিকক আন্তৰ্জাতিক সন্ত্ৰাসবাদী সজোৱাৰ চেষ্টা কৰিছিল পাকিস্তানে ৷ ইয়াৰ বাবে নিৰাপত্তা পৰিষদত প্ৰস্তাৱ দাখিল কৰা হৈছিল ৷ কিন্তু ইয়াত কোনো প্ৰমাণ জমা দিব পৰা নাছিল ৷ তদুপৰি ইছলামাবাদৰ এই প্ৰস্তাৱৰ পত্ৰপাঠ বাতিল কৰি দিয়ে আমেৰিকা, ফ্ৰান্স, জাৰ্মানী, বেলজিয়াম আৰু ব্ৰিটেইনে ৷ বুধবাৰে এই বিষয়টোৰ কথা উল্লেখ কৰি পাকিস্তানৰ অপচেষ্টা ৰখাৰ বাবে নিৰাপত্তা পৰিষদৰ সদস্যসকলক ধন্যবাদ জনায় ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্ৰতিনিধি টি এছ তিৰুমূৰ্তিয়ে ৷ তেওঁ টুইট কৰি কয়, ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ১২৬৭ কমিটীৰ কাৰ্য পদ্ধতিত ধৰ্মীয় ৰং সানিবলৈ চেষ্টা কৰিছিল পাকিস্তানে ৷ কিন্তু তেওঁলোকৰ এই উদ্দেশ্য ব্যৰ্থ কৰে নিৰাপত্তা পৰিষদে ৷ পাকিস্তানৰ এই অপচেষ্টা ৰোধ কৰাত পৰিষদৰ সকলো সদস্যক ধন্যবাদ জনায় ৷

অনুষ্ঠুপীয়াকৈ গুৱাহাটীত ৩৭ তম অভিৰুচি ক্ৰীড়া দিৱস উদযাপন

গুৱাহাটী : অসমৰ ক্ৰীড়া ইতিহাসৰ নমস্য ক্ৰীড়াবিদ প্ৰথম গৰাকী অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্ম দিন ৩ ছেপ্টেম্বৰত আয়োজিত অভিৰুচি ক্ৰীড়া দিৱসৰ ৩৭ তম বাৰ্ষিকী গুৱাহাটীত অনুষ্ঠুপীয়াকৈ উদযাপন কৰা হয় ৷ সম্প্ৰতি মহামাৰী কৰোনা সংক্ৰমণৰ বাবে আজি গুৱাহাটী প্ৰেছ ক্লাবত এক গাম্ভীৰ্যপুৰ্ন পৰিবেশত অভিৰুচি ক্ৰীড়া পালন কৰা হৈছে ৷ প্ৰতিষ্ঠাপক সভাপতি বলেন্দ্ৰ মোহন চক্ৰৱৰ্তীৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা সভাত বৰুৱা দেৱলৈ জন্মদিনৰ শুভেচ্ছা’ শীৰ্ষক কাৰ্য্যসূচী ‘কেক্’ কাটি শুভাৰম্ভ কৰে বিশিষ্ট এথলেট তৈবুননিছাই ৷ সভাত অভিৰুচি ক্ৰীড়া দিৱসৰ প্ৰতিষ্ঠা কালৰ অন্যতম সদস্য বিশিষ্ট ফটো সাংবাদিক প্ৰয়াত তৰনী বৰ্মনলৈ শ্ৰদ্ধা জনাই এক মিনিট মৌন প্ৰাৰ্থনা জনায় ৷ বিশিষ্ট অতিথি হিচাপে অসম চৰকাৰৰ অবসৰপ্ৰাপ্ত এ,চি,এচ বিষয়া ৰাজীৱ প্ৰকাশ বৰুৱাই ভোগেশ্বৰ বৰুৱাৰ সুস্বাস্থ্যৰ আৰু দীৰ্ঘায়ু কামনা কৰে ৷ উল্লেখ্য যে অভিৰুচি দিৱস অনুষ্ঠানত জেষ্ঠ্ সাংবাদিক পবিত্ৰ গগৈ, সৰ্বভাৰতীয় ক্ৰীড়া সাংবাদিক সন্হাৰ সভাপতি সুবোধ মল্ল বৰুৱা উপস্থিত থাকি ভোগেশ্বৰ বৰুৱালৈ শুভেচ্ছা জ্ঞাপন কৰে ৷ আনহাতে শলাগৰ শৰাই আগবঢ়াই ক্ৰীড়া দিৱসৰ সম্পাদক প্ৰধান সুকুমৰ মেধিয়ে ৷

হোজাইত উদ্বেগজনকভাৱে বৃদ্ধি পাবলৈ ধৰিছে ক’ভিড-১৯

ডবকা : হোজাই জিলাত উদ্বেগজনকভাৱে বৃদ্ধি পাবলৈ ধৰিছে ক’ভিড সংক্ৰমন, তাৰ সমান্তৰালভাৱে ধোৱা চাঙত উঠিবলৈ ধৰিছে সামাজিক দূৰত্ব। যমুনামুখ অঞ্চলত বৃহৎ এলেকাৰ একমাত্ৰ বিত্তীয় প্ৰতিষ্ঠান ইউ বি আই বেংকৰ ছবিয়ে আপোনাৰ চকু কপালত তুলিব। পুৰুষ-মহিলা, বৃদ্ধ-বৃদ্ধা সকলে প্ৰতিদিনে বেংকটোত বিত্তীয় লেনদেনৰ বাবে ব্যাপক হাৰত ভিৰ কৰা পৰিলক্ষিত হয় যদিও কোনো সু ব্যৱস্থা গ্ৰহণ কৰা নাই কৰ্তৃপক্ষই। সামাজিক দূৰত্ব ভৰিৰে মোহাৰি জীৱনক তুচ্ছ কৰি ক’ভিড 19ক কেৰেপ নকৰি ঠেলা হেঁচাৰ মাজেৰে ভয়ংকৰভাৱে টকা লেনদেন কৰা কাৰ্যক উদ্বেগ প্ৰকাশ কৰিছে সচেতন লোক সকলে। কেবল সেয়াই নহয় UBI বেংকটোত গ্রাহকক দুব্যৱহাৰ অভিযোগ মেনেজাৰৰ বিৰুদ্ধে। ঘন্টাৰ পাছত ঘন্টা লাইনত থিয় হৈ থকা গ্রাহকক দুৰ্ব্যৱহাৰ কৰে বেংকৰ বিষয়া কৰ্মচাৰীসকলে। এগৰাকী যুৱকে বেংকৰ মেনেজাৰৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে। বুধবাৰে জাহাংগীৰ নামৰ যুৱকজনে তিনি বজাত বেংকত এখন চেক লৈ আহিছিল, উক্ত চেকখনৰ চহী ভুল হোৱাত পুনৰ চেকখন শুধৰণি কৰি বেংকত জমা দিয়াত বেংক মেনেজাৰে উক্ত চেকখন জমা নলৈ উলটাই দুৰ্ব্যৱহাৰ কৰে যুৱকজনক। উল্লেখ্য যে, বিতর্কিত বেংক মেনেজাৰে প্রায় সময়ত গ্রাহকক দুৰ্ব্যৱহাৰ কৰাৰ অনেক অভিযোগ আছে। এই ক্ষেত্ৰত কৰ্তৃপক্ষই কি ব্যৱস্থা লয় সেয়া লক্ষণীয় হ’ব।

চহৰাঞ্চললৈ প্ৰসাৰ এনৰেগা

দৈনন্দিন বাৰ্তা ডেস্ক : ক’ৰোনাৰ বাবেই দেশৰ অৰ্থনীতিৰ দুৰৱস্থা হ’ল ৷ ইয়াৰ লগতে বহু মানুহ কৰ্মহীন হ’ল ৷ গাঁৱৰ পৰা নগৰলৈকে সকলোতে একেই ছবি ৷ দিন হাজিৰা কৰা মানুহে ঘৰতে বহি থাকিব লগা হ’ল ৷ এইবাৰ নগৰত থকা কাম হেৰুৱা মানুহক কৰ্মসংস্থাপন দিব কেন্দ্ৰীয় চৰকাৰে ৷ চহৰাঞ্চলত নিবনুৱাৰ বাবে চাকৰিৰ প্ৰকল্প এনৰেগা প্ৰসাৰ ঘটোৱাৰ কামনা কৰিছে মোডী চৰকাৰে ৷ অৱশ্যে ডাঙৰ চহৰবোৰত নহয়, দেশৰ সৰু সৰু চহৰবোৰত ১০০ দিনৰ কাম আৰম্ভ কৰাৰ চিন্তা কৰিছে চৰকাৰে ৷ এই প্ৰসংগত কেন্দ্ৰীয় আৱাস আৰু নগৰ উন্নয়ন মন্ত্ৰালয়ৰ যুটীয়া সচিব সঞ্জয় কুমাৰে জনায়, সৰু চহৰত এই প্ৰকল্পৰ কাম হ’ব পাৰে ৷ যোৱা বছৰৰ পৰা এই বিষয়ে চিন্তা কৰিছে চৰকাৰে ৷ বৰ্তমান পৰিস্থিতিত এই পৰিকল্পনা অধিক ত্বৰান্বিত হৈছে ৷ ইয়াৰ বাবে প্ৰাথমিক পৰ্যায়ত ৩৫০ বিলিয়ন টকা খৰচ হ’ব বুলি সচিবজনে জনাইছে ৷ জানিব পৰা মতে, চলিত বছৰত গ্ৰামীণ কৰ্মসংস্থাপনৰ প্ৰকল্পত ১ ট্ৰিলিয়নৰ বেছি টকা দিছে মোডী চৰকাৰে ৷ যি প্ৰকল্পত কৰ্মীৰ বছৰী ১০০ দিনত প্ৰতিদিনে ২০২ টকা উপাৰ্জন কৰে ৷ উল্লেখ্য যে কংগ্ৰেছৰ তৰফৰ পৰা বাৰম্বাৰ দাবী কৰা হৈছিল যে চহৰাঞ্চলত ১০০ দিনৰ কাম আৰম্ভ কৰা হওক ৷ এইবাৰ সেই দাবীক কাৰ্যত হাত দিছে কেন্দ্ৰীয় চৰকাৰে ৷ পৰিসংখ্যা মতে লকডাউনৰ বাবে মাৰ্চ মাহৰ পৰা দেশত প্ৰায় ১ কোটি ২০ লাখ মানুহে কাম হেৰুৱাইছিল ৷ নিবনুৱাৰ হাৰ ২৩ শতাংশ বাঢ়িছিল ৷

‘মিছন কৰ্মযোগী’ অনুমোদন কেন্দ্ৰীয় মন্ত্ৰীসভাৰ

দৈনন্দিন বাৰ্তা ডেস্ক : কেন্দ্ৰীয় মন্ত্ৰীসভাই বুধবাৰে অসামৰিক কৰ্মচাৰীৰ বাবে দক্ষতা তৈয়াৰ কৰা কৰ্মসূচী মিছন কৰ্মযোগী অনুমোদন কৰে ৷ ইয়াৰ দ্বাৰা ভৱিষ্যতে তেওঁলোকক সহায় কৰিব বুলি জনাইছে ৷ এয়া চৰকাৰৰ সকলোতকৈ বৃহৎ মানৱসম্পদ উন্নয়ন সংস্কাৰ, কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভেদকাৰে মন্ত্ৰীসভাৰ সিদ্ধান্ত সম্পৰ্কে এক প্ৰেছ বিজ্ঞপ্তিত এই কথা জনাইছে ৷ প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত নিৰ্বাচিত কেন্দ্ৰীয় মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰে এক শীৰ্ষ এইচআৰ কাউঞ্চিল হ’ব ৷ বিশিষ্ট চিন্তাবিদ (বিশিষ্ট শিক্ষাবিদ আৰু বিশ্ব নেতা) আৰু অসামৰিক সেৱাৰ নেতৃত্ব ইয়াত থাকিব ৷ এই আঁচনিত চৰকাৰী কৰ্মচাৰী কেনে হোৱা উচিত সেই বিষয়ে চৰকাৰৰ দৃষ্টিভংগীৰ ওপৰত ভিত্তি কৰিব ৷ বিশ্বৰ এক প্ৰত্যাহ্বান মোকাবিলা কৰাত আজি এজন অসামৰিক কৰ্মচাৰীক কল্পনাপ্ৰসূত আৰু উদ্ভাৱনী, উদ্যমী আৰু শালীন, পেশাদাৰ আৰু প্ৰগতিশীল, উদ্যমী আৰু সক্ষম, স্বচ্ছ আৰু প্ৰযুক্তি সক্ষম আৰু গঠনমূলক আৰু সৃজনশীল হ’ব, কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগৰ সচিব চি চন্দ্ৰমৌলিয়ে এইদৰে কয় ৷ তেওঁ মন্ত্ৰী জাভেদকাৰৰ সৈতে সংবাদ মেলত ভাষণ দিয়ে ৷ তেওঁ লগতে কয় যে মিছন কর্মযোগী ব্যক্তি (অসামৰিক কৰ্মচাৰী) আৰু প্ৰাতিষ্ঠানিক সক্ষমতা বৃদ্ধিত মনোনিৱেশ কৰিব ৷ বিভাগবোৰৰ পৰা সচিব পৰ্যন্ত সকলোৰে বাবে এই আঁচনি অধিগম্য হ’ব৷ ইয়াত দুটা পথ থাকিব, স্ব-চালিত, য’ত আধিকাৰিক আগ্ৰহৰ ক্ষেত্ৰত বাচি ল’ব পাৰিব আৰু গাইড কৰিব পাৰে, য’ত বিষয়াসকলে তেওঁলোকৰ তেওঁলোকৰ কাম কাৰ্যকৰিভাৱে সম্পাদন কৰিবৰ বাবে সেয়া সৰবৰাহ কৰা হ’ব৷ আনহাতে কেন্দ্ৰীয় মন্ত্ৰীসভাই আন তিনিখন বুজাবুজি চুক্তিত অনুমোদন কৰে বুলি মন্ত্ৰী জাভেদকাৰে কয় ৷

ভাৰতীয় জ্যোতিৰ্বিজ্ঞানীক অভিনন্দন নাছাৰ

দৈনন্দিন বাৰ্তা ডেস্ক : ভাৰতীয় জ্যোতিৰ্বিজ্ঞানীয়ে পৃথিৱীৰ পৰা ৯.৩ বিলিয়ন আলোকবৰ্ষৰ দূৰৈত অৱস্থিত বিশ্বব্ৰহ্মাণ্ডৰ সকলোতকৈ দূৰৱৰ্ত্তী তাৰকাপুঞ্জ আবিষ্কাৰ কৰাৰ এদিনৰ পাচত নাছাই এই আবিষ্কাৰৰ বাবে ভাৰতীয় জ্যোতিৰ্বিজ্ঞানীসকলক অভিনন্দন জনাইছে ৷ এই আশ্চৰ্যজনক আবিষ্কাৰৰ বাবে নাছাই গৱেষকসকলক অভিনন্দন জনাইছে ৷ নাছাৰ জনসম্পৰ্কৰক্ষী বিষয়া ফেলিচিয়া চুৱে এই কথা কয় ৷ তেওঁ লগতে কয়, বিজ্ঞানে বিশ্বজুৰি এটা সহযোগী প্ৰচেষ্টা আৰু এই আবিষ্কাৰবোৰে আমি ক’ৰ পৰা আহিছো, ক’লৈ গৈছো আৰু আমি কি অকলশৰীয়া সেই সম্পৰ্কে বুজাত সহায় কৰিব ৷ পুনেৰ ইণ্টাৰ ইউনিভাৰচিটি চেণ্টাৰ ফৰ এষ্ট্ৰন’মী আৰু এষ্ট্ৰ’ফিজিকছৰ ড° কনক সাহাই এইউডিএফঐছ০১ নামৰ তাৰকাপুঞ্জ আবিষ্কাৰ কৰা দলটোৰ নেতৃত্ব দিছিল ৷ পৃথিৱীৰ পৰা এই তাৰকাপুঞ্জ ৯.৩ বিলিয়ন দূৰৈৰ অৱস্থিত৷ ভাৰতৰ এষ্ট্ৰছাট/ইউভিআইটিয়ে এই অন্যান্য কীৰ্তি অৰ্জন কৰিবলৈ সক্ষম হয় ৷ কাৰণ নাছাৰ হাবল স্পেছ টেলিস্কোপতকৈ সমস্যা বহু কম ৷ ইণ্টাৰ ইউনিভাৰচিটি চেণ্টাৰ ফৰ এষ্ট্ৰন’মী আৰু এষ্ট্ৰ’ফিজিকছৰ সঞ্চালক ড° ছমিক ৰয় চৌধুৰীয়ে কয় যে এই আবিষ্কাৰে বিশ্বৰ কৃষ্ণ যুগ অন্ত পৰিল আৰু বিশ্ব পোহৰ হ’ল সেই বিষয়ে জনাত গুৰুত্বপূৰ্ণ দিশ দিব ৷ ভাৰতৰ প্ৰথম মহাকাশ পৰ্যৱেক্ষক এষ্ট্ৰছেট যিটো আবিষ্কাৰ কৰিছে, ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো)য়ে ২০১৫ চনৰ ২৮ ছেপ্টেম্বৰত আৰম্ভ কৰিছিল ৷ ইছৰোৰ সম্পূৰ্ণ সহযোগত ইণ্টাৰ ইউনিভাৰচিটি চেণ্টাৰ ফৰ এষ্ট্ৰন’মী আৰু এষ্ট্ৰ’ফিজিকছ প্ৰাক্তন এমেৰিটাছ অধ্যাপক, শ্যাম টেণ্ডনৰ নেতৃত্বত এটা দল গঠন কৰা হৈছিল ৷

ছাইবাৰ যুদ্ধ : ভাৰতত পাবজীসহ ১১৮ টা চীনা এপ নিষিদ্ধ

দৈনন্দিন বাৰ্তা ডেস্ক : গালৱান উপত্যকাত সেনাৰ সংঘৰ্ষৰ পাচত কাৰ্যত ভাৰত-চীনৰ ছাইবাৰ যুদ্ধ আৰম্ভ হয় ৷ প্ৰথম পৰ্যায়ত ৫৯টা এপ নিষিদ্ধ কৰাৰ পাচত কেন্দ্ৰই জনাইছিল, কেন্দ্ৰৰ ২৫০টা এপ পৰ্যৱেক্ষণৰ ভিতৰত ৰাখিছে ৷ পূৱ লাডাখত পুনৰ চীনে অনুপ্ৰৱেশৰ চেষ্টা চনাই থকাৰ সময়তে এইবাৰ ১১৮টা এপ নিষিদ্ধ কৰিলে মোডী চৰকাৰে ৷ এইবোৰৰ ভিতৰত সবাতোকৈ গুৰুত্বপূৰ্ণ এপটো হ’ল ‘পাবজী’। ভাৰতে এই এপবোৰ পুনৰ ডাউনলড কৰিবলৈ নিদিয়ে ৷ এই সকলোবোৰ মিলি ২২৪টা চীনা এপ নিষিদ্ধ কৰিলে ভাৰতে ৷ কেন্দ্ৰীয় তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে জনোৱা মতে তথ্য প্ৰযুক্তি আইনৰ ৬৯এ ধাৰাত এই এপবোৰ নিষিদ্ধ কৰা হৈছে ৷ কাৰণ হিচাপে কোৱা হৈছে, এই সকলো এপ ইমান কামত লিপ্ত, যিটো ভাৰতৰ সার্বভৌমত্ব আৰু অখণ্ডতা, প্ৰতিৰক্ষা, নিৰাপত্তা আৰু জনস্বাৰ্থৰ পৰিপন্থী ৷ কোটি কোটি ভাৰতীয় ম’বাইল আৰু ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ নিৰাপত্তাৰ স্বাৰ্থত এই সিদ্ধান্ত লোৱা হয় বুলি জনাইছে তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে ৷ স্মৰ্তৱ্য যে যোৱা ১৫ জুনত গালৱান উপত্যকাত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত সেনাৰে সংঘৰ্ষত কমাণ্ডাৰ পৰ্যায়ৰ এজন বিষয়া আৰু ১৯জন জোৱানৰ মৃত্যু হৈছিল ৷ তাৰ পাচতে নতুন দিল্লী-বেইজিঙৰ মাজত সংঘাত চৰম পৰ্যায়ত উপনীত হয় ৷ তাৰ ফলতেই যোৱা ২৯ জুনত টিকটক, ইউচি ব্ৰাউজাৰ, শ্বেয়াৰইট, উইচাট, ভিগ’ লাইভসহ ৫৯টা এপ নিষিদ্ধ কৰিছিল তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে ৷ তাৰ কিছু দিনৰ পাচত এই সকলো এপৰ সহযোগী আন ৪৯টা এপ বাতিল কৰা হৈছিল ৷ ইয়াৰ লগতে কেন্দ্ৰই জনাই যে সকলো মিলি ২৫০ টা চীনা এপ কেন্দ্ৰই তীক্ষ্ণ দৃষ্টি ৰাখিছে ৷ সেই তালিকাৰ পৰাই ১১৮টা এপ নিষিদ্ধ কৰা হ’ল ৷ তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে জনাইছে যে সমাজৰ বিভিন্ন স্তৰৰ পৰা পাবজীৰ দৰে কিছু এপ লৈ অভিযোগ দিছিল বিভিন্ন মহলে ৷ গ্ৰাহকৰ তথ্য হাতত লৈ সেই তথ্যৰ অপব্যৱহাৰসহ নানা অভিযোগ উত্থাপন হৈছিল ৷ মন্ত্ৰালয়ে লক্ষ্য কৰিছে, এয়া অতি গুৰুতৰ উদ্বেগৰ বিষয় ৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ছাইবাৰ ক্ৰাইম শাখাক এই এপবোৰ ব্লক কৰিবলৈ কৈছিল ৷