Home Blog Page 3281

গেলেকী সীমান্তত অব্যাহত উত্তেজনা : শূন্যলৈ গুলী ফুটাই সন্দেহজনক নগা দুৰ্বৃত্তৰ সন্ত্ৰাস, চাহ বাগিচাৰ পৰা খেদিলে শ্ৰমিকক ।

নাজিৰা : আন্তঃৰাজ্যিক সীমান্ত অঞ্চলৰ ভূমিৰ প্ৰতি ৰাজ্য চৰকাৰৰ চুড়ান্ত দায়িত্বজ্ঞানীনতা আৰু নিৰ্লীপ্ততাৰ বাবে আগ্ৰাসী নগা বাহিনীয়ে শিৱসাগৰ জিলাৰ অসম-নাগালেণ্ড সীমান্তবৰ্তী গেলেকীত যোৱা কেইটামান দিনত অসমৰ ৰাজহ ভূমিত চলোৱা ভয়াবহ আগ্ৰাসন আৰু সন্ত্ৰাসৰ ঘটনাৰ উত্তেজনা মাৰ নৌযাওতেই আজি পুনৰ  সন্দেহজনক নগা  দুৰ্বৃত্তৰ এটা দলে হাতে হাতে বন্দুকলৈ সীমান্তৰ উক্ত অঞ্চলটোত প্ৰবেশ কৰি শূন্যলৈ গুলি চলাই সন্ত্ৰাসৰ সৃষ্টি কৰে। নগাৰ দলটোৱে থলুৱা ক্ষুদ্ৰ চাহ খেতিয়কৰ চাহ বাগিচাত কাম কৰা শ্ৰমিকসকলক খেদি পঠাই। এই ঘটনাৰ পাছত অসম আৰক্ষীয়ে অভিযান চলাবলৈ যায় যদিও নগাৰ দলটোৱে পলায়ন কৰে। ঘটনা সন্দৰ্ভত জানিব পৰা মতে নাজিৰা মহকুমাৰ অসম-নাগালেণ্ড সীমান্তবৰ্তী গেলেকী শিঙিবিলস্হিত অসম আৰক্ষী বেটেলিয়ান কেম্পৰ সমীপৰ অসমৰ ৰাজ ভূমিত আজি নাগালেণ্ডৰ লুংলেই জিলাৰ অধীনৰ ইয়ংলক বস্তিৰ দিশৰ পৰা অহা এটা সন্দেহজনক নগা দুৰ্বৃত্তৰ দলে প্ৰবেশ কৰে। হাতে হাতে বন্দুক লৈ প্ৰবেশ কৰা প্ৰায় ৮/১০ জনীয়া নগা দুৰ্বৃত্তৰ দলটোৱে সীমান্ত অঞ্চলটোৰ এখন চাহ বাগিচাত পাত তুলি থকা অসমীয়া শ্ৰমিকসকলক উক্ত ভূমি নাগালেণ্ডৰ বুলি দাবী কৰি পাত নুতুলিবলৈ কৈ খেদি পঠায়।কিন্তু শ্ৰমিকসকল বাগিচা এৰি আহিব নিবিচৰাত নগাৰ দলটোৱে শূন্যলৈ এজাই গুলী ফুটাই অঞ্চলটোৰ থলুৱা চাহ খেতিয়ক আৰু বাগিচাত কৰ্মৰত শ্ৰমিকসকলক আতংকিত কৰি তোলে। পাছত বাগিচাখনত কৰ্মৰত শ্ৰমিকসকল নগাৰ ভয়ত আঁতৰি আহে। ইফালে নগাৰ বন্দুকৰ শব্দ শুনি সীমান্ত অঞ্চলটোৰ আন আন ক্ষুদ্ৰ চাহ খেতিয়কসকল উক্ত স্হানত উপস্হিত হৈ গেলেকী আৰক্ষীক খবৰ দিয়ে। আনহাতে গেলেকী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দ্বীপেন্দ্ৰ ছেত্ৰীৰ নেতৃত্ব শিঙিবিল অসম আৰক্ষী বেটেলিয়ানৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ নগা দুৰ্বৃত্তৰ দলটোৰ বিৰুদ্ধে অভিযান চলাবলৈ বিচাৰে যদিও ইতিমধ্যে নগা দুৰ্বৃত্তৰ দলটোৱে পলায়ন কৰে। উল্লেখ্য যে বিগত বৰ্ষৰ আগষ্ট মাহৰ পৰা নাগালেণ্ড প্ৰশাসনৰ সহযোগত আগ্ৰাসী নগা বাহিনীয়ে সীমান্ত অঞ্চলটোৰ অসমৰ বৃহৎ ৰাজহভূমি বৃহত্তৰ নাগালিমত অন্তৰ্ভুক্ত কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। যাৰ বাবে ২১ মে’ৰ পৰা নগাই অঞ্চলটোৰ অসমীয়া ক্ষুদ্ৰ চাহ খেতিয়কৰ হাজাৰ হাজাৰ চাহ গছ ধ্বংস কৰি সীমান্ত অঞ্চলটোৰ অসমৰ বৃহৎ ৰাজহভূমি বেদখল কৰি পাঁচটাকৈ গৃহ নিৰ্মাণ কৰি নিজৰ দখললৈ নিছিল। কিন্তু যোৱা ১০ জুনৰ পুৱতি নিশা নিৰপেক্ষ বাহিনীৰ উদ্যোগত শিৱসাগৰ জিলা প্ৰশাসনে নগাৰ উক্ত গৃহ ভাঙি জ্বলাই দিয়াৰ লগতে উক্ত স্হানত বাহৰ পতা নগা আৰক্ষীক খেদি পঠায়। ইফালে অসম আৰক্ষীৰ এই অভিযানৰ পাছতো নাগালেণ্ড আৰক্ষীয়ে অসমৰ উক্ত ৰাজহ ভূমিত তহল দিয়া ঘটনাই সীমান্ত অঞ্চলটোৰ ৰাইজক আতংকিত কৰি তুলিছে। জাতি-মাটি-ভেটী ৰক্ষাৰ প্ৰতিশ্ৰুতি দিয়া ৰাজ্যৰ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰে সীমান্ত অঞ্চলটোৰ অসমৰ এই বৃহৎ ভূমি ৰক্ষাৰ বাস্তৱসন্মত প্ৰদক্ষেপ গ্ৰহণ নকৰিলে অচিৰেই এই ভূমি বৃহত্তৰ নাগালিমৰ অন্তৰ্ভুক্ত হোৱাটো নিশ্চিত।

বাংলাদেশৰ পৰা নাজিৰাৰ লুটফুৰ ৰহমানে কঢ়িয়ালে শান্তিৰ “বা-বাপু সেৱা ৰত্ন” বটা ।

নাজিৰা : নেপালৰ গান্ধী পোৰা ফাউণ্ডেচনে মানৱ সমাজলৈ আগবঢ়োৱা সেৱাৰ বাবে প্ৰতিষ্ঠানটোৰ বাংলাদেশ শাখাৰ পৰা ২০২০ বৰ্ষৰ  মহামানৱ মহাত্মা গান্ধীৰ শান্তিৰ “বা-বাপু সেৱা ৰত্ন” বটা নাজিৰাৰ লুটফুৰ ৰহমানে কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। অলপতে বাংলাদেশত অনুস্থিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰহমানে বাংলাদেশ চৰকাৰৰ বিত্ত বিভাগৰ উপ সচিব চৈয়দ চাহেবুৰ ৰহমানৰ পৰা এই বঁটা গ্ৰহণ কৰে। নাজিৰাৰ সমাজসেৱী লুটফুৰ ৰহমানে বাংলাদেশৰ পৰা এই বঁটা কঢ়িয়াই ভাৰতবৰ্ষ তথা অসমলৈ গৌৰৱৰ স্বাক্ষৰ বহন কৰাত নাজিৰাবাসীয়ে ৰহমানক অভিনন্দন জনাইছে।

মাজুলীৰ দুৰ্গম চাপৰিত সফলতাৰে অসম সামূহিক নিৰীক্ষণ কাৰ্যসূচী সম্পন্ন।

মাজুলী : মাজুলী জিলাৰ আঁহতগুৰি আৰু দক্ষিণ আঁহতগুৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰৰ মাজৰ দুৰ্গম চাপৰিসমূহত সফলতাৰে ‘অসম সামূহিক নিৰীক্ষণ কাৰ্যসূচী’  (আছাম কমিউনিটী ছাৰ্ভিলেন্স প্ৰগ্ৰাম) সম্পূৰ্ণ কৰে মাজুলীৰ নৌকা চিকৎসালয় টীম (বোট ক্লিনিক, মাজুলী)-এ। জিলাখনৰ দক্ষিণ-পশ্চিম প্ৰান্তৰ অতি আওহতীয়া  গাঁও পঞ্চায়ত দুখনৰ এলেকাধীন পগলা চাপৰি, বক্সি চাপৰী, ধোদাং, ভেকেলী, বুঢ়া চাপৰি, সুবিধা চাপৰি, বালি চাপৰি, নাৰমাৰী, বাঘে ধৰা, সুবিধা কলিতা, ঘিটিং চাপৰি আদিত বোট ক্লিনিক টীমে এই কাৰ্যসূচীৰ অধীনত চাপৰিবাসী ৰাইজৰ মাজত বিশেষ স্বাস্থ্য জৰীপ চলায়। এই কাৰ্যসূচীৰ জৰিয়তে বোট ক্লিনিক টীমে ক’ভিড-১৯ৰ সংক্ৰমণ প্ৰতিৰোধৰ লগতে ইনফ্লুয়েঞ্জা, জাপানীজ এনকেফেলাইটিজ, মেলেৰীয়া ৰোগৰ প্ৰাদুৰ্ভাৱ ৰোধত সহায়ক হোৱাকৈ  চাপৰি এলেকাসমূহত বাস কৰা লোকসকলৰ স্বাস্থ্য পৰীক্ষা কৰাৰ উপৰি পৰীক্ষাৰ বাবে নমুনা সংগ্ৰহ কৰে।

দিখৌ নদীৰ বাঢ়নি পানীয়ে সৃষ্টি কৰা দূৰ্গতৰ কাষত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ।

নাজিৰা : মুখলধাৰ বৰষুণৰ ফলত  হঠাৎ বাঢ়ি অহা দিখৌ পানীয়ে সৃষ্টি কৰা ভয়াৱহ পৰিস্হিতিৰ বুজ লবৰ বাবে   বিৰোধী দলপতি তথা নাজিৰা বিধায়ক দেৱব্ৰত শইকীয়াই দলীয় কৰ্মী সকলৰ সৈতে বানাক্ৰান্ত অঞ্চল পৰিভ্ৰমণ কৰে। প্ৰথমে বিহুবৰ, চন্টক , কেন্দুগুৰী, লুঠুৰি , তেতেলিগুৰী গাঁও,শিমলুগুৰি আদি কৰি অঞ্চলৰ বানাক্ৰান্ত ঠাই সমূহ পৰিদৰ্শন কৰে আৰু ইয়াৰ লগতে ভুক্তভোগীসকলক খোৱাপানীৰ যোগান ধৰাৰ লগতে, খোৱা বোৱাৰ সামগ্ৰী তথা লাগতীয়াল বয়-বস্তুৰ যোগাৰ কৰি দিয়ে । বিহুবৰৰ উপৰিও সমষ্টিৰ সকলোবোৰ বান বিধস্ত অঞ্চল পৰিদৰ্শন কৰাৰ ওপৰি সকলো অঞ্চললৈ বিশুদ্ধ খোৱা পানীৰ লগতে খাদ্য সামগ্ৰী ও প্ৰয়োজনীয় সামগ্ৰী দিয়াৰ ব্যৱস্হা কৰা হ’ব বুলি শইকীয়াই মত পোষণ কৰে । অসম বিধানসভাৰ অধ্যক্ষৰ সৈতে আলোচনাত মিলিত হ’বৰ  বাবেই ২১ তাৰিখে গুৱাহাটীলৈ গৈছিল যদিও দিখৌ নদীৰ বাঢ়নি পানীয়ে লোৱা সংহাৰী ৰূপৰ কথা গম পাই  ২২ তাৰিখে পুনৰ তেওঁ নিজা সমষ্টিলৈ ঘূৰি আহি পুৱাই বানপীড়িত অঞ্চলসমূহৰ বুজ ল’বলৈ যায় আৰু  সমষ্টিৰ লোকসকলৰ সৈতে সহায়ৰ হাত আগ বঢ়াবলৈ সদায় প্ৰস্তুত বুলি শইকীয়াই কয় আৰু কিছুলোকে চৰকাৰী ৰাস্তাৰ নলা নৰ্দমা অতিক্ৰম কৰি আছে যাৰ ফলত বহু অঞ্চলত পথাৰ আদিত পানী জমা হৈ পৰিছে এই সকলোবোৰ প্ৰশাসনৰ দ্বাৰা ব্যৱস্হা গ্ৰহণ কৰিবলৈ নাজিৰা মহকুমাধিপতি আৰু ৰাজহ চক্ৰ বিষয়াক আহ্বান জনায় । অঞ্চলসমূহ পৰিদৰ্শন কৰোতে তেখেতৰ সৈতে শিৱসাগৰ জিলা কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক মামুদ আলিৰ লগতে, পঞ্চায়তৰ সভাপতি, আঞ্চলিক পঞ্চায়তৰ সদস্যা ও বহু ব্যক্তি উপস্হিত থাকে । দুৰ্যোগৰ প্ৰতি লক্ষ্য ৰাখি দেৱব্ৰত শইকীয়াই প্ৰশাসনৰ সৈতে যোগাযোগ কৰি বান বিধস্ত লোকসকলৰ মাজত উপস্হিত হৈ সহায়ৰ হাত আগবঢ়োৱা বাবে ভুক্তভোগী ৰাইজে বিধায়ক শইকীয়াক ধন্যবাদ প্ৰদান কৰে ।

দৰঙৰ বড়ীচৌকাত কংগ্ৰেছী গুণ্ডাৰ আক্ৰমণত বিজেপিৰ নেতা আহত হোৱা ঘটনাত বিধায়ক বিনন্দ কুমাৰ শইকীয়াৰ গৰিহণা ৷

দৰং: দৰঙত নিৰ্বাচনৰ বহু পূৰ্বেই সংঘটিত হল হিংসাত্মক ঘটনা । সোমবাৰে নিশা পাথৰিঘাটৰ সমীপৱৰ্তী বড়িচৌকাত বিজেপিৰ যুৱ মৰ্চাৰ পাথৰিঘাট মণ্ডলৰ সভাপতি ভূষণ চন্দ্ৰ ডেকা সহ ভাতৃ মিন্টু কুমাৰ ডেকাক কংগ্ৰেছ কৰ্মী চফিকুল ৰহমানৰ  নেতৃত্বত এটা দলে পোনতে বাক্ বিতণ্ডা আৰু পাছলৈ পৰিকল্পিতভাৱে লৈ অহা লোৰ দীঘল মাৰিৰে আক্ৰমণ কৰে। এই আক্ৰমণত বিজেপি নেতা গৰাকী এখন হাতত  বেয়াকৈ আঘাট পোৱাৰ উপৰিও ঘটনাস্হলীতে বাগৰি পৰে বিজেপি নেতা ভূষণ ডেকা । উক্ত সময়ত আন্ধাৰৰ সুযোগলৈ ভূষণ ডেকাৰ ডিঙিৰ পৰা সোনৰ চেইন সহ মূল্যৱান সামগ্ৰীও আক্ৰমণকাৰীয়ে চিঙি আজুৰি নিয়ে বুলি পাছত আৰক্ষীক এজাহাৰক জনোৱা হয়। নিশা প্ৰায় ৯ মান বজাৰ এই ঘটনাক লৈ উত্তপ্ত পৰিস্হিতিৰ সৃষ্টি হোৱাত উপস্থিত হয় ছিপাঝাৰ থানাৰ আৰক্ষী বিষয়া আৰু দৰঙৰ উপ আৰক্ষী অধীক্ষক মামনী  হাজৰিকা ৷ আৰক্ষীৰ উপস্হিতিত পৰিস্হিতি  নিয়ন্ত্ৰণ হয় যদিও  ঘটনাস্হলীৰ পৰা পলায়ন কৰিবলৈ লওঁতেই আক্ৰমণকাৰী চাইফুল ৰহমানক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । সম্প্ৰতি বিষয়টোকলৈ দুই দলৰ বিভিন্ন নেতা, কৰ্মীৰ মাজত চেপা উত্তেজনা বিৰাজ কৰিছে ৷ ঘটনা সম্পৰ্কত ছিপাঝাৰ থানাত এজাহাৰ দাখিল কৰিছে বিজেপি নেতা ভূষণ ডেকাৰ ভাতৃ মিন্টু কুমাৰ ডেকাই ৷ ইফালে বিজেপি নেতাক আক্ৰমণ কৰা ঘটনাত  আজি ছিপাঝাৰত উপস্থিত হয় ছিপাঝাৰ সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়া ৷ বিধায়ক গৰাকী  উপস্থিত হৈ যুৱ মৰ্চাৰ কৰ্মী সকলৰ লগত আলোচনাত মিলিত হৈ ঘটনা সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ঘটনাত জড়িত দুষ্কৃিকাৰী সকলক গৰিহণা দিয়াৰ উপৰিও দৃষ্টান্তমুলক শাস্তিৰ দাবী তোলে ৷ আনহাতে  বিজেপিৰ যুৱ মৰ্চায়ো  প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গৰিহণা দিয়ে ঘটনা সম্পৰ্কত ৷

১৭ বছৰ অনুৰ্ধ ফিফা বিশ্ব কাপৰ গ্ৰুপ মেচ গুৱাহাটীত ।

দৈনন্দিন বাৰ্তাৰ ডেস্ক : উত্তৰ পূৱৰ ফুটবলপ্ৰেমীৰ বাবে সুখবৰ যে মহিলাৰ ১৭ বছৰ অনুৰ্ধ ফিফা বিশ্ব কাপৰ গ্ৰুপ মেচ গুৱাহাটীৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত অনুষ্ঠিত হ’ব৷ বিশ্ব ফুটবলৰ মূল সংস্থা ফিফাই মঙলবাৰে এই প্ৰতিযোগিতাৰ কাৰ্যসূচী প্ৰকাশ কৰে৷ সেই অনুসৰি অহা বছৰৰ ১৭ ফেব্ৰুৱাৰীৰ পৰা ৭ মাৰ্চলৈ খেলবোৰ অনুষ্ঠিত হ’ব৷ উল্লেখ্য যে ইয়াৰ পূৰ্বে অহা নৱেম্বৰ মাহত এই বিশ্ব কাপ আয়োজন কৰাৰ কথা আছিল৷ কিন্তু ক’ৰোনা ভাইৰাছৰ সংক্ৰমণৰ বাবে বিশ্ব কাপখন পিছুৱাই দিব লগা হয়৷ আনহাতে যোগ্যতা নিৰ্ণায়ক মেচবোৰ আহমদাবাদ, নভী মুম্বাই, ভূবনেশ্বৰ আৰু কলকাতাত অনুষ্ঠিত হ’ব ৷

মাজবাটত মহিলাৰ দেহত কভিড’ ১৯ প্ৰজিটিভ : অঞ্চল জুৰি তীব্ৰ চাঞ্চল্য ।

মাজবাট : ওদালগুৰি জিলাৰ মাজবাট আৰক্ষী থানাৰ এলেকাৰ মাজবাট ৰেলৱে ষ্টেচনৰ ক’লনিৰ বাসিন্দা কৃষ্ণ চেত্ৰীৰ পত্নী বিমলা থাপা (৩৯)ৰ দেহত  কভিড’১৯ পজিটিভ ধৰা পৰাৰ লগে লগে অঞ্চল জুৰি তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে । জানিব পৰা মতে মহিলা গৰাকী পশ্চিম বংগৰ পৰা মাজবাটলৈ অহাৰ পাছত  স্বাস্থ্য বিভাগে ১৯ জুন তাৰিখৰ পৰা বিমলা থাপাক হোম কোৱাৰেন্টন হৈ থকাৰ বাবে নিৰ্দেশ দিয়ে।পাছত ২২ জুন তাৰিখে স্বাস্থ্য বিভাগৰ পৰা অহা কৰোনা পৰিক্ষাত মহিলা গৰাকীৰ দেহত কভিড’১৯ পজিটিভ ধৰা পৰে । নিশাই মহিলা গৰাকীক ওৰাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ব্লক বিপিএম পংকজ সভাপন্ডিতৰ নেতৃত্বত অহা এটি চিকিৎসা কৰ্মীয়ে উন্নত চিকিৎসাৰ বাবে ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

বিজেপিত যোগদান কৰাৰ প্ৰশ্নই নাহে ; বিপিএফৰ হৈ নিৰ্বাচনত অৱতীৰ্ণ হম : বিধায়ক চৰণ বড়ো ।

ওদালগুৰি : মই বিজেপিত যোগদান কৰাৰ কোনো প্ৰশ্ন আহিব নোৱাৰো। বিটিচিৰ আঞ্চলিক দল হিচাপে আগন্ত্তুক ২০২১ ৰ নিৰ্বাচনত মাজবাট সমষ্টিৰ পৰাই  অৱতীৰ্ণ হম। এই মন্তব্য বিপিএফ কেন্দ্ৰীয় সমিতিৰ যুৱ মৰ্চাৰ সভাপতি তথা  ৭০ নং  মাজবাট বিধান সভা সমষ্টিৰ বৰ্তমানৰ বিধায়ক চৰণ বড়োৰ।আজি এক বিবৃতিত বড়োই কয়- কিছুদিন ধৰি একাংশ সংবাদ মাধ্যম,সামাজিক মাধ্যম ( ফেচবুক) আৰু কালি ইলেকট্ৰনিক মাধ্যম প্ৰাক নিউজ চেনেলত পদূম ফুলৰ চিহ্নৰ  সৈতে মোৰ ছবি সন্নিবিষ্ট কৰি বিজিপিৰ হৈ মাজবাট সমষ্টিৰ সাম্ভাব্য প্ৰাৰ্থী বুলি যি সম্প্ৰচাৰণ চলাইছে ই সম্পূৰ্ণ  ভুৱা আৰু মিছা কথা।এচাম বিৰোধী ৰাজনৈতিক দলৰ লোকে মোৰ ৰাজনৈতিক জীৱন বিনষ্ট কৰাৰ উদ্দেশ্যে এনেধৰণে অপপ্ৰচাৰত লিপ্ত হোৱা পৰিলক্ষিত হৈছে।বড়োই এনে প্ৰচাৰৰ তীব্ৰ প্ৰতিবাদ জনাই লগতে কয়- মই জন্ম লগ্নৰে পৰা বিপিএফ দলৰ কেন্দ্ৰীয় সমিতিৰ যুৱ মৰ্চাৰ এগৰাকী সভাপতি  হিচাপে নিজৰ দল এৰি বিজেপিত যোগদান কৰাৰ কোনো যুক্তি নাই।যি সকলে মোৰ ছবি সম্বলিত পদূম ফুলৰ চিহ্ন ব্যৱহাৰ কৰি প্ৰচাৰ চলাই মোক জনমানসত হেয় প্ৰতিপন্ন কৰিব বিছাৰিছে তেওঁলোকৰ বিৰুদ্ধে মানহানি গোচৰ ৰুজু কৰিবলৈ সাজু হৈছো।এতিয়া বিটিচিত আঞ্চলিক দল বিপিএফৰ জনপ্ৰিয়তাৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিৰ এচাম কৰ্মীহে বিপিএফত যোগদান কৰি আছে।আমাৰ শক্তিশালী পদক্ষেপ দেখি বিজেপিৰ একাংশ নেতা সংকিত হৈ এনধৰণৰ অপপ্ৰচাৰ চলাইছে আৰু তেওঁলোকৰ এনে অপ্ৰচাৰে মোৰ লগতে সমষ্টিটো এক শক্তিশালী ৰূপতহে দেখা গৈছে বুলি বড়োই উল্লেখ কৰে।

মাজবাটত প্ৰধান মন্ত্ৰী আবাস যোজনাৰ ঘৰ দিয়াৰ নামত শতাধিক দুখীয়া পৰিয়ালৰ পৰা ৩,২০০ টকাকৈ সংগ্ৰহ । বি পি এফ নেতাৰ ঘৰ ঘেৰাও কৰি প্ৰতিবাদ ।

ওদালগুৰি : ওদালগুৰি জিলাৰ  ৭০ নং মাজবাট বিধানসভা সমষ্টিৰ আৰু ৩৯ নং পাঁচনৈ চেৰফাং বিটিচি পৰিষদীয় সমষ্টিৰ ৰৌতা গেট আৰু পাঠকপুৰ গাঁৱত আজি শতাধিক পুৰুষ-মহিলা ওলাই আহি পাঁচনৈ চেৰফাং ব্লক বি পি এফৰ এছ টি বোৰ্ডৰ সদস্য তথা প্ৰাক্তন কাৰ্যবাহী সদস্য শ্যাম চুণ্ডী আৰু মাজবাট সমষ্টিৰ বিধায়ক চৰণ বড়োৰ  সোঁ-হাত চৰুপ দানেশ্বৰ ইছলাৰী আৰু বি পি এফ কৰ্মী ৰহেণ দৈমাৰীৰ ঘৰ ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । জানিব পৰামতে ৩৯ নং পাঁচনৈ চেৰফাং বি টি চি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ৰৌতা গেট নিবাসী তথা উক্ত সমষ্টিটোৰ এছ টি বোৰ্ডৰ সদস্য দানেশ্বৰ ইছলাৰী আৰু পাঠকপুৰ নিবাসী ৰহেণ দৈমাৰীয়ে মাজবাট সমষ্টিৰ বিধায়ক আৰু প্ৰাক্তন কাৰ্যবাহী সদস্য শ্যাম চুণ্ডীৰ নামত  দহখন গাঁৱৰ প্ৰায় তিনিশ দুখীয়া নিছলা পৰিয়ালৰ  পৰা প্ৰধান মন্ত্ৰী আবাস যোজনাৰ ঘৰ দিয়াৰ প্ৰতিশ্ৰুতিৰে আজি প্ৰায় তিনি বছৰ আগতে ৩২০০ টকাকৈ সংগ্ৰহ কৰিছিল। এই লৈ আজি প্ৰতাৰিত প্ৰৱঞ্চিত ৰাইজ একগোট হৈ ওলাই আহি বি পি এফৰ ঠগ প্ৰৱঞ্চক দানেশ্বৰ ইছলাৰী আৰু ৰহেণ দৈমাৰীৰ ঘৰ ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতাৰিত প্ৰৱঞ্চিত ৰাইজে আমাৰ টকা আমাক ঘুৰাই দিয়ক, বি পি এফৰ দালালী নছলিব , চৰণ বড়ো মুৰ্দাবাদ , শ্যাম চুণ্ডী মুৰ্দাবাদ , বি পি এফ গ’বেক আদি শ্লো’গান দি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি আকাশ বতাহ কপাই তুলে। পিছত ৰাইজৰ ৰুদ্ৰমূৰ্তী দেখি বিপিএফৰ ঠগ প্ৰৱঞ্চক  দানেশ্বৰ ইছলাৰীয়ে পোন্ধৰ দিনৰ ভিতৰত সমূদাই টকা ঘুৰাই দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাত ৰাইজ শান্ত হয়। ইফালে ৰাইজৰ ৰুদ্ৰমূৰ্তী দেখি আন এগৰাকী  প্ৰৱঞ্চক ৰহেণ দৈমাৰীয়ে ঘৰৰ পৰা পলায়ন কৰি ৰাইজৰ ৰুদ্ৰমূতী ক্ষোভৰ পৰা ৰক্ষা পৰে ।

ক’ৰোনত আক্ৰান্ত বিশ্বৰ শীৰ্ষ টেনিছ তাৰকা জকোভিছ ।

দৈনন্দিন বাৰ্তাৰ ডেস্ক: মহামাৰী ক’ৰোনা ভাইৰাছে আশ্ৰয় ল’লে বিশ্বৰ শীৰ্ষ টেনিছ তাৰকা ন’ভাক জকোভিছৰ শৰীৰত৷ এই ছাৰ্বিয়ান তাৰকাজনৰ পৰীক্ষাত পজিটিভ ওলোৱাত এই কথা নিশ্চিত হয়৷ আজি জকোভিছে জনায় যে বেলগ্রেড পাওতে তেওঁ ক’ৰোনা পৰীক্ষা কৰায়৷ তেতিয়া তেওঁ আৰু তেওঁৰ পত্নী জেলেনাৰ ৰিপৰ্ট পটিজিভ আহে৷ আনহাতে তেওঁৰ সন্তানৰ শৰীৰত ক’ৰোনাৰ জীৱাণু পোৱা নাই বুলি তেওঁ জনায়৷ ফলত ১৪ দিন ছেলফ আইচ’লেছনত থাকিব তাৰকাজন৷ আনহাতে ৫ দিনৰ পাছত পুনৰ পৰীক্ষা কৰাব৷ উল্লেখ্য যে এই টেনিছ তাৰকাজনে সামাজিক দূৰত্ব বিধি মানি নচলাৰ কথা জানিব পৰা গৈছে৷ খেলৰ শেষত তেওঁ কৰমৰ্দনো কৰিছে৷ প্ৰকৃততে ক’ৰোনাক অংগুষ্ঠ প্ৰদৰ্শন কৰিছিল বুলি জানিব পৰা গৈছে৷ ছাৰ্বিয়াৰ আন এগৰাকী টেনিছ তাৰকা ট্রোইকিও ক’ৰোনা পজিটিভ বুলি প্ৰকাশ ৷