Home Blog Page 3280

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, বৰভাগ আঞ্চলিক সমিতিৰ অন্তৰ্গত বাংনাবাৰী শাখা সমিতিৰ উদ্যোগত বিশেষ সম্বৰ্দ্ধনা অনুষ্ঠান

নলবাৰী : অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, বৰভাগ আঞ্চলিক সমিতিৰ অন্তৰ্গত বাংনাবাৰী শাখা সমিতিৰ উদ্যোগত অনুষ্ঠিত কৰা হয় বিশেষ সম্বৰ্দ্ধনা অনুষ্ঠান। বাংনাবাৰী শাখা সমিতিৰ উপদেষ্টা তথা আঞ্চলিক সমিতিৰ প্ৰচাৰ সম্পাদক জিয়াউল ৰহমানে আঁত ধৰা আৰু বৰভাগ আঞ্চলিক সমিতিৰ সভাপতি তাজিমউদ্দিন আহমেদৰ সভাপতিত্ব অনুষ্ঠিত কৰা উক্ত সভাত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা শাখাৰ অন্তৰ্গত ৭ গৰাকী কৃতী শিক্ষাৰ্থী ক্ৰমে আছফী আম্মাচ, আচিফ আখতাৰ, ৰিজুল আলী, ৰিজুল আহমেদ, ৰঞ্জুমা বেগম, পাকিজা বেগম আৰু ইমৰাজুল হ’কক গামোচা, সম্বৰ্ধনা পত্ৰ, কিতাপৰ টোপোলা আৰু কলমেৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। উক্ত সম্বৰ্ধনা সভাত সমল ব্যক্তি হিচাপে উপস্থিত থাকি ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক সকলক উদ্দেশ্যি বিশেষ বক্তৱ্য প্ৰদান কৰে বৰভাগ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক চন্দন কলিতা, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, নলবাৰী জিলা সমিতিৰ সভাপতি মনোৰম কলিতা, সাধাৰণ সম্পাদক নিৰোদ দাস, সামাজিক ব্যক্তি ৰফিকউদ্দিন চৌধুৰী আৰু হাতিম আলীয়ে। ছাত্ৰ-ছাত্ৰী সকলক সফলতাৰ এই ধাৰা অক্ষুণ্ণ ৰখাৰ বাবে অনাগত সময়ত অহো-পুৰুষাৰ্থ কৰিবলৈ আহ্বান জনোৱাৰ লগতে সময়ৰ সৎ ব্যৱহাৰ কৰি সৎ কামত জড়িত হৈ গভীৰ অধ্যয়নত ব্ৰতী হৈ নিজকে মানৱ সম্পদ হিচাপে গঢ় দিবলৈ আহ্বান জনায়। সম্বৰ্দ্ধনা অনুষ্ঠানটো পৰিচালনা কৰাত আগভাগ লয় বাংনাবাৰী শাখা সমিতিৰ সভাপতি ইমাদাদুল হ’ক, সাধাৰণ সম্পাদক দ্বীপজ্যোতি দাসৰ লগতে সকলো সদস্যই।

ৰিয়া চক্ৰৱৰ্তীক ৮ ঘণ্টা জেৰা এনচিবিৰ

অনলাইন বাৰ্তা : অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীক সোমবাৰে এনচিবিয়ে ৮ ঘণ্টা জেৰা কৰে৷ ইয়াকে লৈ সুশান্ত সিং ৰাজপুতৰ ড্ৰাগছত মৃত্যু হোৱাৰ সন্দৰ্ভত অভিনেত্ৰীগৰাকীক একেৰাহে দ্বিতীয় দিনাৰ বাবে জেৰা কৰা হৈছে ৷ প্ৰাপ্ত তথ্য মতে তেওঁক মঙলবাৰে তৃতীয়বাৰলৈ এনচিবিয়ে জেৰা কৰিব ৷ উল্লেখ্য যে ২৮ বছৰীয়া অভিনেত্ৰীগৰাকীয়ে বালাৰ্ড ইষ্টেটত পুৱা প্ৰায় ৯.৩০ বজাত হাজিৰ হয় আৰু সন্ধিয়া প্ৰায় ৬ বজাত তাৰ পৰা আহে ৷ যোৱা ৬ ছেপ্টেম্বৰত এনবিচিয়ে প্ৰথমবাৰৰ বাবে তেওঁক প্ৰশ্ন কৰিছিল ৷ তেতিয়া ৰিয়াক প্ৰায় ছঘণ্টা জেৰা কৰিছিল ৷ এনবিচিয়ে কয় যে তেওঁলোকে ৰিয়াক প্ৰশ্ন কৰে আৰু তেওঁৰ ভাতৃ শোমিক, সুশান্তৰ ঘৰৰ ব্যৱস্থাপক ছেমুৱেল মিৰাণ্ডা আৰু তেওঁৰ ঘৰৰ কৰ্মচাৰী দিপেশ ছাৱান্তৰ সৈতে ম’বাইল ফোনৰ চাটৰ ৰেকৰ্ড আৰু আন বৈদ্যুতিন তথ্য প্রাপ্তিৰ পাচত এই অভিযোগ ঔষধৰ ক্ষেত্ৰত তেওঁৰ ভূমিকা নিৰ্ধাৰণ কৰিবলৈ চায় ৷ কিছু নিষিদ্ধ এই লোককেইজনে সংগ্ৰহ কৰিছে বুলি অভিযোগ কৰা হৈছে ৷ ইতিমধ্যে যোৱা কেইটামান দিনত তিনিজন লোককগ্ৰেপ্তাৰ কৰা হৈছে ৷ ইয়াৰ পূৰ্বে ৰিয়া চিবিআই আৰু এনফৰ্চমেণ্ট ডিৰেক্টৰৰ প্ৰশ্নৰ সন্মুখীন হৈছিল ৷ আনহাতে এনচিবিয়ে অঞ্জু কেছবানী নামৰ এজন লোকক এই গোচৰৰ সন্দৰ্ভত গ্ৰেপ্তাৰ কৰিছিল ৷ এই লোকজনৰ নাম কাইজান ইব্ৰাহিম নামৰ লোকজনক জেৰা কৰাৰ পাচত আহিছিল ৷ ইব্ৰাহিম সম্প্ৰতি জামিনত আছে ৷

১০ ছেপ্টেম্বৰত ফ্ৰান্সৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ ভাৰত ভ্ৰমণ

অনলাইন বাৰ্তা : ফ্ৰান্সৰ প্ৰতিৰক্ষা মন্ত্ৰী ফ্লৰেন্স পাৰ্লিয়ে অহা ১০ ছেপ্টেম্বৰত আম্বালাত ভাৰতীয় বায়ুসেনাই ৰাফেল জেট আৱেশ অনুষ্ঠানত অংশ লোৱাৰ উদ্দেশ্যে ভাৰত ভ্ৰমণ কৰিব ৷ এই ভ্ৰমণ কালত ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে দ্বিপাক্ষীয় হোৱাৰ উপৰি ৰাষ্ট্ৰীয় নিৰাপত্তা সুৰক্ষা উপদেষ্টা। অজিত দোভেলক সাক্ষাৎ কৰিব ৷ উল্লেখ্য যে ভাৰতে প্ৰথম বেটচৰ পাঁচখন ৰাফেল যুঁজাৰু বিমান জুলাই মাহত পাইছিল ৷ পাৰ্লিৰ সৈতে এখন বিশেষ বিমানত বিশাল প্ৰতিৰক্ষাৰ কৰ্মকৰ্তা আৰু এটা প্ৰতিৰক্ষা উদ্যোগৰ প্ৰতিনিধি উপস্থিত থাকিব আৰু সম্পূৰ্ণ দিনটো ব্যস্ত থাকিব ৷ উল্লেখ্য যি ফ্ৰান্সত ব্যাপকভাৱে হোৱা ক’ভিডৰ পাচত এয়াই দেশখনৰ মন্ত্ৰীয়ে প্ৰথম বিদিশ ভ্ৰমণ হ’ব ৷ তদুপৰি চীনৰ আগ্ৰাসনৰ পাচত ভাৰতলৈ প্ৰথম উচ্চ পৰ্যায়ৰ ব্যক্তিৰ প্ৰথম ভ্ৰমণ ৷ স্মৰ্তৱ্য যে গালৱানত ২০ জন ভাৰতীয় সেনাৰ মৃত্যুৰ পাচত পাৰ্লেয়ে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰীলৈ শোক প্ৰস্তাৱ প্ৰেৰণ কৰি পত্ৰ লিখিছিল ৷

উদ্ধব ঠাকৰেৰ পাচত এনচিপিৰ নেতা শৰদ পাৱাৰক ডাউদৰ নামলৈ ভাবুকি

অনলাইন বাৰ্তা : শনিবাৰে স্বয়ং মুখ্যমন্ত্ৰীৰ লেণ্ড লাইনত ডাউদৰ নাম লৈ ফোনত ভাবুকি দিছিল ৷ সোমবাৰে ফোনত একেদৰে ভাবুকি দিলে মহাৰাষ্ট্ৰৰ গৃহ মন্ত্ৰী অনিল দেশমুখ আৰু এনচিপিৰ নেতা শৰদ পাৱাৰক ৷ দেওবাৰে দুয়োজন নেতাক তেওঁলোকৰ ঘৰৰ ফোনত ভাবুকি দিয়া হয় ৷ জানিব পৰা মতে এই দুয়োজনকেই ফোন কৰা হয় দেশৰ বাহিৰৰ পৰা ৷ ফোনত কি কোৱা হৈছে সেয়া মুকলি কৰা নান আৰক্ষীয়ে ৷ উল্লেখ্য যে বান্দ্ৰাত উদ্ধব ঠাকৰেৰ ঘৰৰ লেণ্ড লাইনত এটা ভাবুকিৰ ফোন আহিছিল ৷ ডন ডাউদ ইব্ৰাহিমৰ নাম লৈ এজন ব্যক্তিয়ে উদ্ধব ঠাকৰেৰ বাসভৱন ‘মাতশ্ৰী’ উৰুৱাই দিয়াৰ ভাবুকি দিছিল ৷ তাৰ পাচত উদ্ধব ঠাকৰেৰ বাংলোত নিৰাপত্তা বঢ়াই দিয়া হয় ৷

ৱাই-প্লাছ কেটেগৰী লাভ কংগনা ৰানাৱাটৰ

অনলাইন বাৰ্তা : ৱাই- প্লাছ কেটেগৰী লাভ কৰিলে কংগনা ৰানাৱাটে ৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ সূত্ৰত এই কথা প্ৰকাশ ৷ উল্লেখ্য যে ব্যক্তিগত নিৰাপত্তাৰক্ষী আৰু কমাণ্ডোসহ ১১ জন সশস্ত্ৰ আৰক্ষীৰে সুৰক্ষিত হ’ব ‘কুইন’ কংগনা ৰানাৱাট ৷ অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পাচত বলীউডত এক বৃহৎ অংশৰ মাজত ড্ৰাগছ সেৱনৰ অভ্যাস আছে বুলি তেওঁ জনাইছিল ৷ তাৰ পাচৰে পৰা মুম্বাইত নিৰাপদে থাকিবনে তাকে লৈ আতংকিত হৈ আছিল অভিনেত্ৰীগৰাকী ৷ তেওঁ টুইট কৰি জনাইছিল যে মুম্বাই আৰক্ষীৰ ওপৰত তেওঁৰ ভৰসা নোহোৱা হৈছে ৷ তেওঁ কেন্দ্ৰীয় বা হিমাচল প্ৰদেশ চৰকাৰে যদি তেওঁক সুৰক্ষা দিয়ে তেতিয়া নিশ্চিতভাৱে ল’ব ৷ আনকি দেওবাৰে তেওঁৰ পিতৃয়ে সেই বিষয়ে কেন্দ্ৰৰ আবেদন কৰিছিল ৷ ইয়াৰ পাচতে কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত লয় যে বলীউডৰ অভিনেত্ৰীগৰাকীক ৱাই-প্লাছ কেটেগৰীৰ নিৰাপত্তা দিয়া হ’ব ৷ এই সিদ্ধান্তত অতি সুখী হৈ কংগনাই কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক উদ্দেশ্যি হিন্দীত টুইট কৰে, ‘বহু ধন্যবাদ অমিত শ্বাহজী ৷ আপোনাৰ এই সহায়ে এটাই প্ৰমাণিত হ’ল যে এজন দেশপ্ৰেমিকৰ কণ্ঠ ৰোধ কৰা নাযায়৷ মই অমিত শ্বাহৰ ওচৰত কৃতজ্ঞ ৷ তেওঁ যদি বিচাৰে মই কেইদিনমানৰ পাচত মুম্বাই ঘুৰি যাবলৈ পৰামৰ্শ দিব পাৰে ৷ কিন্তু তেওঁ ভাৰতৰ এগৰাকী কন্যাক সন্মান জনাই নিৰাপত্তা দিলে৷ তেওঁ গৰ্ব আৰু আত্মসন্মানক মূল্য দিলে ৷ উল্লেখ্য যে বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক টেগ কৰি তেওঁ এটা টুইট কৰিছিল কংগনাই ৷ তেওঁৰ দাবী, ৰনবীৰ সিং, ৰানবীৰ কাপুৰ, ভিকি কৌশল আদি কোকেইনত আসক্ত ৷ তেওঁলোকৰ তেজ পৰীক্ষা কৰা হওক ৷ কিছুদিনৰ আগতে এক সাক্ষাৎকাৰত কংগনাই দাবী কৰিছিল, বলীউডৰ ৯৯ শতাংশ অভিনেতা যিকোনোভাৱে মাদক দ্ৰব্য লৈছে৷ নাৰক’টিক্স কণ্ট্ৰল ব্যুৰই যদি কংগনাৰ সহায় বিচাৰে তেনে তেওঁ স্বইচ্ছাই তেওঁলোকক এই অন্ধকাৰ জগতৰ ক্ষেত্ৰত সহায় কৰিব ৷ তেওঁৰ দাবী, তেওঁ এই মহান কামটো কৰাৰ বাবে নিজকে সুৰক্ষিত বুলি নাভাবে ৷ তেওঁ নিৰাপত্তা বিচাৰে৷ কিন্তু মুম্বাই আৰক্ষীৰ ওপৰত তেওঁৰ ভৰসা হেৰাই গৈছে৷ তেওঁৰ প্ৰয়োজন কেন্দ্ৰ বা হিমাচল প্ৰদেশ চৰকাৰৰ পৰা সুৰক্ষা দিয়া হওক৷ তাৰ পাচতে একাধিক টুইটত তেওঁ মুম্বাই আৰক্ষীক নিন্দা কৰে৷ আনহাতে কংগনাৰ নাম ব্যৱহাৰ কৰি ‘‌আজাদি’ গ্ৰাফিটি তৈয়াৰ কৰিছিল মুম্বাইৰ পথত৷ সেই ছবি টুইটত প’ষ্ট হোৱাৰ দেখা গৈছিল মুম্বাই আৰক্ষীয়ে সেই প’ষ্টত লাইক কৰিছে ৷ ইয়াৰ পাচত সঞ্জয় ৰাউতে তেওঁক মুম্বাইলৈ যোৱাত নিষেধ কৰিছিল৷ তদুপৰি শিৱসেনাৰ বিধায়ক প্ৰতাপ ছৰনায়কে টুইট কৰি ভাবুকি দিছিল ৷

খটৰা সত্ৰত মাধৱদেৱৰ তিৰোভাৱ তিথি পালন

অনলাইন বাৰ্তা : মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ ৪২৪ সংখ্যক তিৰোভাৱ তিথি ৷ ৰাজ্যত পালন কৰা হৈছে মহাপুৰুষ জনাৰ তিৰোভাৱ তিথি ৷ সত্ৰ নামঘৰ সমূহত পুৱাৰে পৰা আৰম্ভ হৈছে নাম – প্ৰসঙ্গ ৷ হৰি নামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে সত্ৰ নামঘৰ সমূহ৷ দৰঙৰ ঐতিহ্যমণ্ডিত খটৰা সত্ৰতো পুৱাৰে পৰা আৰম্ভ হৈছে নাম – প্ৰসঙ্গ ৷ খটৰা সত্ৰত ১০ দিনিনীয়াকৈ পালন কৰা হয় মাধৱদেৱৰ তিৰোভাৱ তিথি ৷ মহাপুৰুষ শ্ৰীশ্ৰী মাধদেৱৰ ৪২৪ সংখ্যক তিৰোভাৱ তিথি ৷ পুৱাৰে পৰা ৰাজ্যৰ সকলো সত্ৰ নামঘৰ সমুহত আৰম্ভ হৈছে নাম প্ৰসঙ্গ ৷ হৰি নামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে সত্ৰ নামঘৰ সমূহ ৷ ব্যতিক্ৰম নহয় দৰঙৰ ঐতিহ্যমণ্ডিত খটৰা সত্ৰও ৷ শ্ৰীশ্ৰী মাধদেৱৰ প্ৰিয় শিষ্য লেচাকোনীয়া গোবিন্দ্ৰ আতৈয়ে ৪৫০ বছৰ পূৰ্বে এক শৰন হৰিনাম ধৰ্ম প্ৰচাৰ কৰিবলৈ দৰঙলৈ আহি প্ৰতিষ্ঠা কৰা খটৰা সত্ৰত পুৱাৰে পৰা আৰম্ভ হৈছে নাম – কীৰ্ত্তন ৷ পুৱাৰে পৰা হৰি নামৰ ধ্বনিৰে মুখৰিত হৈছে খটৰা সত্ৰ ৷ বিভিন্ন প্ৰান্তৰ পৰা দৰ্শনাৰ্থী সকল আহি নাম প্ৰসঙ্গত অংশগ্ৰহণ কৰিছে ৷ খটৰা সত্ৰত ১০ দিনিয়াকৈ পালন কৰা হয় মাধৱদেৱৰ তিৰোভাৱ তিথি ৷

ধন বিচাৰি পত্নীক শাৰিৰীক মানসিক অত্যাচাৰ : স্বামীৰ বিৰুদ্ধে থানাত এজাহাৰ

নলবাৰী : প্রায় বাৰ বছৰ পূৰ্বে অগ্নিক সাক্ষী কৰি পত্নীৰ মৰ্যদা দি ঘৰলৈ অনা নিজৰ বিবাহিত পত্নীক একমাত্র ধনৰ লালসাত অকথ্য নিৰ্যাতন চলাই শাৰিৰীক-মানসিকভাবে ভাৰাক্ৰান্ত কৰা এক ঘটনাই নলবাৰীত তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি কৰিছে । অভিযোগ অনুসৰি নলবাৰী চহৰৰ সমীপৰ বালি কৰিয়াৰ ৰমেশ মালাকৰৰ কন্যা দিপ্তী মালাকৰৰ সৈতে প্রায় বাৰ বছৰ পূৰ্বে নলবাৰী চহৰৰ দহ নং ৱাৰ্ডৰ  পুস্পকপৰৰ ৰিংকু মালাকৰৰ বিয়া হয় । বিবাহিত দম্পত্তিদ্বয়ৰ বৈবাহিক জীৱনৰ সাক্ষীৰূপে পৰিয়ালটিলৈ আগমন ঘটে এহাল পুত্র-কন্যাৰ । ইফালে সময় বাগৰাৰ লগে লগে ৰিংকু মালাকৰৰ স্বভাৱ সলনি হয় আৰু সঘনাই ধন দাবী কৰি পত্নীৰ ওপৰত অকথ্য শাৰিৰীক-মানসিক অত্যাচাৰ চলাবলৈ ধৰে । উল্লেখ্য যে অভিযুক্ত ৰিংকুই তেওঁৰ পত্নীক পিতৃগৃহৰ পৰা ধন আনি দিবলৈ দাবী জনোৱাৰ উপৰি হকে বিহকে পত্নীৰ নামত বিভিন্ন বিত্তীয় অনুষ্ঠানৰ পৰা ধাৰ লয় ।  ইফালে স্বামীৰ হেচাত পৰি মহিলাগৰাকীয়ে ধন বিছাৰি পিতৃগৃহলৈ যায় যদিওঁ দিপ্তীৰ শ্রমিক পিতৃয়ে জোঁৱাইৰ  অন্যায় দাবী পূৰাবলৈ অপাৰগতা প্রকাশ কৰে । এই কথাত খৰ্গহস্ত হৈ কালি লম্পট ৰিংকু মালাকৰে পত্নীক মাৰধৰ কৰি নিগৃহীত কৰাত মহিলাগৰাকীয়ে ন্যায় বিচাৰি নিজৰ দুই সন্তান সহ নলবাৰী সদৰ থানাত উপস্হিত হৈ সমস্ত কথা বিৱৰি উদন্ড স্বামীৰ অত্যাচাৰৰ পৰা পৰিত্রাণ আৰু ন্যায় বিচাৰি এখন এজাহাৰ দাখিল কৰে । উল্লেখ্য যে এই খবৰ লাভ কৰাৰ পিছতে আইন-কানুন নমনা অভিযুক্ত ৰিংকুই বালিকৰিয়াৰ শহুৰৰ গৃহত উপস্হিত হৈ সমুদায় পৰিয়ালটিক নি:শেষ কৰিম বুলি হুংকাৰ দিয়া বুলি ৰিংকুৰ শহুৰ ৰমেশ মালাকৰে অভিযোগ কৰে । সম্প্রতি সমগ্র অঞ্চলটোতে তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি কৰা নাৰী নিৰ্যাতনৰ ঘটনাটিৰ ক্ষেত্রত নলবাৰী আৰক্ষীয়ে কি পদক্ষেপ গ্রহন কৰে সেয়া লক্ষনীয় হ’ব । ইতিমধ্যে নলবাৰীকে ধৰি বৃহত্তৰ বালিকৰিয়াৰ বিভিন্ন দল-সংগঠন তথা সচেতন মহলে উক্ত ঘটনাৰ সৈতে জড়িত অভিযুক্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্হা গ্রহণ কৰাৰ বাবে আৰক্ষীক আহ্বান জনাইছে ।

কংগ্ৰেছৰ সভানেত্ৰীলৈ পুনৰ পত্ৰ বোমা : পৰিয়ালতন্ত্ৰৰ মোহ এৰি দললৈ গণতন্ত্ৰ ঘূৰাই অনাৰ দাবী

অনলাইন বাৰ্তা : পুনৰ এক পত্ৰ বোমা ৷ আগৰ পত্ৰৰ সমস্যা শেষ হ’বলৈ নাপালেই পুনৰ আন এখন চিঠি পালে কংগ্ৰেছ সভানেত্ৰীয়ে৷ এইবাৰ চিঠি আহিল উত্তৰ প্ৰদেশৰ পৰা ৷ চিঠিত লিখা হৈছে পৰিয়ালতন্ত্ৰৰ উৰ্দ্ধত থাকি পথাৰত নমা জৰুৰী ৷ নহ’লে শেষ হৈ যাব কংগ্ৰেছ৷ নাম উল্লেখ্য নকৰি উত্তৰ প্ৰদেশত কংগ্ৰেছক গঢ়াৰ দায়িত্বত থকা প্ৰিয়ংকা গান্ধীক লক্ষ্য কৰা হৈছে বুলি ৰাজনৈতিক পৰ্যৱেক্ষক মহলে মত প্ৰকাশ কৰে ৷ এই চিঠিখন চাৰি পৃষ্ঠাৰ ৷ চহী কৰিছে দলৰ পৰা বহিষ্কৃত ৯জন নেতাই ৷ ‌প্রাক্তন বিধায়ক সন্তোষ সিং, প্রাক্তন মন্ত্রী সত্যদেৱ ত্রিপাঠি, প্রাক্তন বিধায়ক বিনোদ চৌধুৰী, ভূধৰ নাৰায়ণ মিশ্র, নেকচন্দ মিশ্র, স্বয়ম প্রকাশ গোস্বামী আৰু সঞ্জীব সিঙে ইয়াত চহী কৰিছে ৷ চিঠিত লিখিছে, উত্তৰ প্ৰদেশত সকলোতকৈ বেয়া সময়ৰ মাজেৰে গৈছে কংগ্ৰেছ ৷ এতিয়াই পদক্ষেপ নল’লে ইতিহাসত বিলীন হৈ যাব এই দলটো ৷ পৰিয়ালতন্ত্ৰৰ মোহ এৰি দললৈ গণতন্ত্ৰ ঘূৰাই আনক ৷ ‘বিক্ষুব্ধ’ নেতাসকলৰ দাবী, যোৱা এবছৰ ধৰি তেওঁলোকে ছোনীয়া গান্ধীৰ মুখামুখী হৈ বহিবলৈ চাইছিল ৷ কিন্তু তেওঁলোকৰ আবেদনক গুৰুত্ব নিদিলে কংগ্ৰেছৰ হাইকমাণ্ডে ৷ চিঠিত তেওঁলোকৰ দাবী, দায়িত্বত থকা নেতাৰ বাবে উত্তৰ প্ৰদেশত কংগ্ৰেছৰ কি অৱস্থা হৈছে সেই সম্পৰ্কে আপুনি হয়তু একোৱেই নাজানে ৷ বেআইনীভাৱে আমাক বহিষ্কাৰ কৰাৰ বিৰুদ্ধেও আবেদন কৰিছিলো ৷ কিন্তু কোনেও নুশুনিলে৷ এতিয়া উত্তৰ প্ৰদেশত যি দলৰে যুক্ত হৈছে তাত সকলো বেতনভোগী কৰ্মী ৷ কোনোৱে দলৰ আদৰ্শৰ সম্পৰ্কে নাজানে ৷ তথাপি দলৰ কামৰ দায়িত্ব তেওঁলোকৰ কান্ধত তুলি দিয়া হৈছে ৷

গেংষ্টাৰ ডাউদ ইব্ৰাহিমৰ নামত চাৰিটা ফোন কল : মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ ‘মাতশ্ৰী’ বাসভৱন উৰুৱাই দিয়াৰ ভাবুকি

দৈনন্দিন বাৰ্তা ডেস্ক : স্বয়ং মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ লেণ্ড লাইনত ফোন কৰি ‘মাতশ্ৰী’ বাসভৱন উৰুৱাই দিয়াৰ ভাবুকি দিছে গেংষ্টাৰ ডাউদ ইব্ৰাহিমে ৷ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধব ঠাকৰেয়ে গেংষ্টাৰ ডাউদ ইব্ৰাহিমৰ নামত চাৰিটা এনে ফোন কল পায় ৷ প্ৰাপ্ত সূত্ৰৰ খবৰ মতে ডাউদ ইব্ৰাহিমৰ নাম কৈ বান্দ্ৰাৰ মুখ্যমন্ত্ৰীৰ বাসভৱনৰ লেণ্ড লাইনলৈ ফোন আহে ৷ তাত ভাবুকি দিয়া হয় যে ‘মাতশ্রী’ উৰুৱাই দিয়া হ’ব ৷ উদ্ধৱ ঠাকৰেৰ ওচৰলৈ এনে ধৰণৰ ফোন অহাৰ কথা অস্বাভাৱিক নহয় বুলি প্ৰাপ্ত সূত্ৰই প্ৰকাশ কৰে ৷ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰে ক্ষমতালৈ অহাৰ পাচত ডাউদৰ বিৰুদ্ধে মুম্বাই আৰক্ষী যিদৰে তৎপৰ হৈছে, বাণিজ্য নগৰীত চলি থকা ডনৰ আণ্ডাৰগ্ৰাউণ্ড ব্যৱসায়ত বিপুল ক্ষতি হৈছে ৷ ইপিনে, এই ঘটনাৰ পাচতে মুখ্যমন্ত্ৰীৰ বাসভৱনত নিৰাপত্তা বঢ়াই দিয়া হৈছে ৷ উল্লেখ্য যে ডাউদ এই মুহূৰ্তত পাকিস্তানত আছে বুলি প্ৰকাশ ৷ স্মৰ্তৱ্য যে কেইটামান দিনৰ আগতে কংগনা ৰানাউটে বিস্ফোৰক মন্তব্যৰে ব্যংগ কৰি লিখিছিল, মুম্বাই কিয় পাক অধিকৃত কাশ্মীৰৰ দৰে হৈছে? সুশান্ত সিং ৰাজপুতৰ মৃত্যু সন্দৰ্ভত কংগনা ৰানাউটে মুম্বাইক পাক-অধিকৃত কাশ্মীৰৰ লগত তুলনা কৰি মত প্ৰকাশ কেইটামান দিনৰ পাচতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীলৈ গেংষ্টাৰ ডাউদ ইব্ৰাহিমৰ নামত ফোন কল অহাত গুৰুত্বপূৰ্ণ হৈ পৰিছে ৷

ক’ৰোনাৰ পৰা ৰক্ষা পাবলৈ ভাৰতক সাহায্য জাৰ্মানীৰ

দৈনন্দিন বাৰ্তা ডেস্ক : ভাৰতত নিতৌ বৃদ্ধি পাইছে ক’ৰোনাৰ সংক্ৰমণ ৷ এই মহামাৰীৰ পৰা ৰক্ষা পাবৰ বাবে ভাৰতক সহায়ৰ হাত আগবঢ়াইছে বন্ধু দেশ জাৰ্মানীয়ে ৷ বৃহৎ পৰিমাণৰ টেষ্টিং কিট, পিপিই পঠাইছে জাৰ্মানীয়ে৷ তাৰ লগতে আর্থিক সাহায্য আগবঢ়াইছে এংগেলা মাৰকেল চৰকাৰে ৷ উল্লেখ্য যে জাৰ্মানীয়ে ভাৰতলৈ ৩ লাখ ৩৩ হাজাৰ টেষ্টিং কিট পঠিয়াইছে ৷ তাৰ লগতে ছয় লাখ পিপিই পঠাব ৷ ইয়াৰ আৰ্থিক মূল্য এক কোটি ৫০ লাখ ইউৰো বুলি প্ৰকাশ ৷ ভাৰতীয় মুদ্ৰাত প্ৰায় ১৩০ কোটিৰো অধিক ৷ এই সাহায্যৰ কথা দেওবাৰে ঘোষণা কৰে জাৰ্মানীৰ মন্ত্ৰী জাৰ্ড মুলাৰে ৷ মন্ত্ৰীজনে লগতে কয়, ভাৰতত ক’ৰোনা ৰোধৰ বাবে এই সাহায্য আগবঢ়োৱা হৈছে ৷ জাৰ্মানীৰ উন্নয়ন মন্ত্ৰালয়ে ভাৰতক হ্ৰস্ব ম্যাদী ঋণ দিছে ৷ ৪৬ কোটি ইউৰো ঋণ দিয়া হৈছে ভাৰতক ৷ মুলাৰে জনায় যে ভাৰতৰ ৮০ কোটি মানুহক খাবৰ বাবেই এই ঋণ দিয়া হৈছে ৷ উল্লেখ্য যে ৩২ কোটি মানুহে ক’ৰোনাৰ বাবে কাম হেৰুৱাইছিল ৷ তেওঁলোককো সহায় কৰা হ’ব ৷ বিশ্বত ক’ৰোনা মোকাবিলা কৰাৰ উদ্দেশ্যে এই যুঁজ বুলি প্ৰকাশ ৷ মন কৰিব লগা যে ভাৰতত যোৱা ২৪ ঘণ্টাত ৯০ হাজৰা ৬৩২ জন লোক ক’ৰোনাত আক্ৰান্ত হৈছে ৷ ইমান সংখ্যক মানুহ একেদিনাই পৃথিৱীত কোনো দেশতে আক্ৰান্ত হোৱা নাই ৷