Home Blog Page 3279

বানপীড়িতক উপযুক্ত সাহাৰ্য প্ৰদানৰ দাবী মৰাণ ছাত্ৰৰ ।

তিনিচুকীয়া : বিগত দুদিন ধৰি ৰাজ্যত হোৱা মুষলধাৰ বৰষুণৰ ফলত ৰাজ্যত বান পৰিস্থিতি ভয়াবহ হৈ পৰিছে। তিনিচুকীয়া জিলাতো বান পৰিস্থিতিয়ে লৈছে সংহাৰী ৰূপ। জিলাখনৰ বিভিন্ন প্ৰান্ত এতিয়া জলমগ্ন হৈ আছে আৰু বহু অঞ্চলৰ ঘৰ-দুৱাৰ বাঢ়নী পানীয়ে উচন কৰিছে যাৰ বাবে বহু লোকে এতিয়া আশ্ৰয় শিবিৰত থাকিব লগীয়া এক পৰিস্থিতিৰ সৃষ্টি হৈছে। আজি সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণ আৰু সাধাৰণ সম্পাদক নৱ মৰাণৰ নেতৃত্বত দুটা সঁজাতি দলে পৃথকে পৃথকে বানাক্ৰান্ত অঞ্চলৰ আশ্ৰয় শিবিৰ সমূহ পৰিদৰ্শন কৰি বানাক্ৰান্ত লোক সকলৰ পৰিস্থিতিৰ বুজ লয়। মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণে কয় যে আশ্ৰয় শিবিৰৰ লোক সকলে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। পৰ্যাপ্ত পৰিমাণৰ খাদ্য আৰু অত্যাৱশ্যকীয় সামগ্ৰী পোৱা নাই আৰু পশু ধনৰো যথেষ্ট ক্ষতিসাধন হৈছে। গতিকে বানপীড়িত লোকসকলক পৰ্যাপ্ত সাহায্য প্ৰদান কৰিবলৈ সভাপতি গৰাকীয়ে চৰকাৰক দাবী জনাই লগতে পশু খাদ্য যোগান ধৰিবলৈও চৰকাৰক আহ্বান জনায়। সমান্তৰালভাৱে প্ৰতি বছৰে হৈ থকা বানপানী আৰু গঢ়াখহনীয়া সমস্যাৰ স্থায়ী ভাৱে সমাধান কৰিবলৈও চৰকাৰক দাবী জনায় সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণে।

জামুগুৰিহাটত পূৰ্ৱৰ সাফল্যৰ ধাৰা অব্যাহত ।

জামুগুৰিহাট : আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত পূৰ্ৱৰ সাফল্যৰ ধাৰা অব্যাহত ৰাখিবলৈ সক্ষম হৈছে জামুগুৰিহাটৰ জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু জামুগুৰি জুনিয়ৰ কলেজে৷ জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা এইবেলি বিজ্ঞান আৰু বৃত্তিমূলক শাখাত এশ শতাংশ উৰ্ত্তীৰ্ণ হোৱাৰ বিপৰীতে কলা শাখাত ৯০.৬ শতাংশ উৰ্ত্তীৰ্ণ হয়৷ বিদ্যালয়খনৰ পৰা বিজ্ঞান শাখাত পৰীক্ষাত অৱতীৰ্ণ ৩৬ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত আজি ঘোষণা কৰা ফলাফলত ১৩ গৰাকীয়ে প্ৰথম বিভাগত আৰু ২৩ গৰাকীয়ে দ্বিতীয় বিভাগত উৰ্ত্তীৰ্ণ হয়৷ ঠিক সেইদৰে বাণিজ্য শাখাত পৰীক্ষাত অৱতীৰ্ণ ১৬ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ১ গৰাকী প্ৰথম বিভাগ আৰু ১৫ গৰাকী দ্বিতীয় বিভাগত উৰ্ত্তীৰ্ণ হয়৷ কলা শাখাতো বিদ্যালয়খনৰ পৰা পৰীক্ষাত অৱতীৰ্ণ ১৯২ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ২ গৰাকীৰ ষ্টাৰ মাৰ্ক সহিতে প্ৰথম বিভাগত ২৬ গৰাকী, দ্বিতীয় বিভাগত ৭১ গৰাকী আৰু তৃতীয় বিভাগত ৭৭ গৰাকী উৰ্ত্তীৰ্ণ হ’বলৈ সক্ষম হয়৷ ইয়াৰোপৰি জামুগুৰি জুনিয়ৰ কলেজখনেও উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলত ৯৮ শতাংশ হাৰত সাফল্যৰ ধাৰা অব্যাহত ৰাখিবলৈ সক্ষম হৈছে৷ কলেজখনৰ পৰা কলা শাখাত এইবেলি ৩২ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হোৱাৰ বিপৰীতে ৯৭ শতাংশ হাৰত উৰ্ত্তীৰ্ণৰে ৩১ গৰাকী পৰীক্ষাৰ্থী সফলতাৰে উত্তীৰ্ণ হয়৷ ইয়াৰ ভিতৰত ২ গৰাকীৰ ষ্টাৰ মাৰ্ক সহিতে প্ৰথম বিভাগত ৯ গৰাকী, দ্বিতীয় বিভাগত ১৪ গৰাকী আৰু তৃতীয় বিভাগত ৮ গৰাকী উৰ্ত্তীৰ্ণ হয়৷ ঠিক সেইদৰে বাণিজ্য বিভাগত ১০০ শতাংশ হাৰত উৰ্ত্তীৰ্ণৰে ১ গৰাকীৰ ষ্টাৰ মাৰ্কসহ প্ৰথম বিভাগত ৫ গৰাকী, দ্বিতীয় বিভাগত ৫ গৰাকী আৰু তৃতীয় বিভাগত ২ গৰাকী উৰ্ত্তীৰ্ণ হয়৷ তাৰোপৰি বিজ্ঞান শাখাত কলেজখনৰ পৰা ১০০ শতাংশ হাৰত উৰ্ত্তীণৰে প্ৰথম বিভাগত ১৩ গৰাকী আৰু দ্বিতীয় বিভাগত ২৩ গৰাকী উৰ্ত্তীৰ্ণ হয়৷ ইয়াৰোপৰি পূৱ ভৰলীপাৰৰ অন্যতম উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ ফলাফলো সন্তোষজনক ৷ মহাবিদ্যালয়খনৰ পৰা এইবেলি বিজ্ঞান শাখাত উৰ্ত্তীণৰ হাৰ হ’ল ৮০.৭৬ শতাংশৰ লগতে কলা শাখাত উৰ্ত্তীৰ্ণৰ হাৰ হ’ল ৬৬.৬৬ শতাংশ৷

স্থানপ্ৰাপ্ত ছাত্র-ছাত্ৰীলৈ আমছুৰ শুভেচ্ছা ।

দলগাও : সদ্য প্ৰকাশিত উচ্চতৰ মাধ্যমিক কলা, বিজ্ঞান আৰু বাণিজ্য শাখাৰ  চূড়ান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা সমূহ শিক্ষাৰ্থীসকললৈ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৱে অভিনন্দন জ্ঞাপন কৰিছে। আমছুৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক আব্দুৰ ৰহমান বিশ্বাসৰ স্বাক্ষৰিত দিয়া প্ৰেছ বিবৃতিৰ জৰিয়তে সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৰাজ্যখনৰ ভিতৰত ক’লা, বিজ্ঞান আৰু বাণিজ্য শাখাত  প্ৰথম স্থান দখল কৰা ক্ৰমে দৰং জিলাৰ পাথৰিঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পুবালী ডেকা আৰু নগাঁও জিলাৰ ৰামানুজন জুনিয়ৰ কলেজৰ ছাত্ৰী  শ্ৰদ্ধা বৰগোহাঁই, বৰপেটাৰ আনন্দৰাম বৰুৱা একাডেমীৰ ছাত্ৰ অবিনাশ কলিতা আৰু  ডিব্ৰগড় জিলাৰ ছল্টব্ৰক একাডেমী  কৃষ্ণা মহেশ্বৰীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে আমছুৱে। জীৱন বেলাৰ প্ৰথম খোজত যিদৰে সফলতা লাভ কৰিছে সেইদৰে জীৱনৰ গুৰুত্বপূৰ্ণ স্তৰবোৰো এইদৰে সমফলতাৰ দ্বাৰা অব্যাহত ৰাখি দেশ আৰু জাতিৰ কাৰণে একো একোটা সম্পদ লৈ ৰূপান্তৰিত হওঁক তাকে এই শুভ মুহূৰ্তত কামনা কৰে আমছুৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক আব্দুৰ ৰহমান বিশ্বাসে।

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কলা শাখাত প্ৰথম স্হান দখলৰে নগাঁও জিলালৈ গৌৰৱ কঢ়িয়াই আনিলে ৰামানুজনৰ শ্ৰদ্ধা বৰগোহাঁয়ে ।

নগাঁও : কঠোৰ পৰিশ্ৰম, কতৰ্ব্যনিষ্ঠা আৰু সততাৰে ভগৱানৰ ওপৰত বিশ্বাস ৰাখি কৰ্ম কৰিলে এশ শতাংশই যে সফলতা লাভ কৰিব পাৰি তাকে প্ৰমাণ কৰি দেখুৱালে নগাঁও জিলাৰ কামপুৰৰ শ্ৰদ্ধা বৰগোঁহাইয়ে। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰত কলা শাখাত প্ৰথম স্হান দখল কৰি সমগ্ৰ ৰাজ্যৰ লগতে নগাঁও জিলালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে  নগাঁৱৰ ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ ছাত্ৰী শ্ৰদ্ধা বৰগোঁহায়ে। নগাঁও জিলাৰ কামপুৰৰ ক্ষূদ্ৰ ব্যৱসায়ী মঞ্জিল বৰগোঁহাই আৰু পমী ৰাজখোৱাৰ জ্যেষ্ঠ কন্যা শ্ৰদ্ধাই ইংৰাজী, অসমীয়া, ৰাজনীতি বিজ্ঞান, সমাজ বিজ্ঞান, তৰ্ক শাস্ত্ৰ আৰু অৰ্থনীতি বিজ্ঞানত লেটাৰ সহ মুঠ ৪৮১ নম্বৰ লাভ কৰিছে। শ্ৰদ্ধাই ৯৬. ২ শতাংশ নম্বৰ লাভ কৰিছে। নিজৰ সাফল্যত অতি সুখী ছাত্ৰীগৰাকী ভাল ফলাফল পাব বুলি আত্মবিশ্বাসী আছিল। প্ৰথম দহটা স্হানত নিজৰ নাম থকাটোত তেওঁ নিশ্চিত আছিল যদিও প্ৰথম স্হান লাভ কৰিব বুলি ভবা নাছিল। দৈনিক কোনো ঘন্টাৰ হিচাপত তেওঁ পঢ়া নাছিল আৰু যেতিয়াই পঢ়িছিল মন দি জ্ঞান আৰ্জনৰ বাবে পঢ়িছিল। অধ্যয়ণৰ সমান্তৰালকৈ সংগীত চৰ্চা কৰা শ্ৰদ্ধাই ‘ভয়চ ইণ্ডিযা কিডচ্’ প্ৰতিযোগিতাত শীৰ্ষ আশীজনৰ ভিতৰত স্হান লাভৰ লগতে ‘চা ৰে গা মা পা ‘ ত শীৰ্ষ ষাঠীগৰাকী প্ৰতিযোগীৰ ভিতৰত স্হান লাভ কৰিছিল। তেওঁৰ প্ৰিয় শিল্পীৰ ভিতৰত আছে লতা মঙ্গেশকাৰ, কিশোৰ কুমাৰ, জ্যোতি প্ৰসাদ আগৰৱালা , বিষ্ণু প্ৰসাদ ৰাভা, ভূপেন হাজৰিকা জুবিন গাৰ্গ, চনু নিগম আদি। আজৰি পৰত উপন্যাস পঢ়ি ভাল পোৱা ছাত্ৰীগৰাকীয়ে ৰীতা চৌধুৰী  আৰু অনুৰাধা শৰ্মা পূজাৰীৰ উপন্যাস পঢ়ি ভাল পায়। সফলতাৰ বাবে শ্ৰদ্ধাই ৰামানুজনৰ অধ্যক্ষ দিলীপ বৰা, শিক্ষক-শিক্ষয়িত্ৰী আৰু পিতৃ-মাতৃক কৃতজ্ঞতা জনায়। সমাজৰ হিতৰ হকে কাম কৰা উদ্দেশ্যে মনত পুহি ৰখা শ্ৰদ্ধাৰ ভৱিষ্যতে এগৰাকী দক্ষ প্ৰশাসনিক বিষয়া হোৱাৰ লক্ষ্য। শ্ৰদ্ধাই ৰাজনীতি বিজ্ঞান বা সমাজ বিজ্ঞানত মেজৰ লৈ স্নাতক পাঠ্যক্ৰমত নামভৰ্তি কৰিব। অনুজ ছাত্ৰ-ছাত্ৰীৰ প্ৰতি শ্ৰদ্ধাৰ আহবান- কৰ্তব্যত ত্ৰুটী নকৰি সততাৰে যদি পৰিশ্ৰম কৰি জীৱনৰ পথত আগবাঢ়া ভগৱানে ফল দিবই। শ্ৰদ্ধাৰ এই ফলাফলক লৈ শ্ৰদ্ধাৰ বাসগৃহ কামপুৰতো আজি এক উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি হয়। শ্ৰদ্ধাৰ পিতৃ-মাতৃয়ে তেওঁলোকৰ ছোৱালীয়ে ভাল ফলাফল লাভ কৰিব বুলি আশাবাদী আছিল যদিও  ৰাজ্যৰ ভিতৰত প্ৰথম স্হান দখল কৰিব বুলি আশা কৰা নাছিল। পঢ়া, শুনাকে ধৰি সকলো ক্ষেত্ৰত থকা একাগ্ৰতাৰ বাবেই আজি শ্ৰদ্ধাই এই ফলাফল লাভ কৰিবলৈ সক্ষম হয় বুলি তেওঁৰ পিতৃ-মাতৃয়ে উল্লেখ কৰে।

সমাজৰ হিতৰ হকে কাম কৰা উদ্দেশ্যে মনত পুহি ৰখা শ্ৰদ্ধাৰ প্ৰশাসনিক বিষয়া হোৱাৰ মন ।

নাজিৰাৰ ধিতাইপুখুৰী বাকচু কোচ গাঁৱলৈ গৌৰৱ কঢ়িয়াই আনে উদীতা ঈশানী কাকতীয়ে : ৰামানুজন জুনিয়ৰ কলেজৰ পৰা সপ্তম স্হান লাভ ।

নাজিৰাৰ ধিতাইপুখুৰী বাকচু কোচ গাঁৱলৈ গৌৰৱ কঢ়িয়াই আনে উদীতা ঈশানী কাকতীয়ে ।

নাজিৰা: নাজিৰাৰ সমীপৰ ধিতাইপুখুৰী বাকচু কোছ গাঁৱৰ ত উখল মাখল পৰিবেশ ৷আজি ঘোষিত উচ্চতৰ মাধ্যমিক কলা শাখাত অসমৰ ভিতৰত ৰামানুজন জুনিয়ৰ কলেজৰ পৰা পৰীক্ষা দি সপ্তম স্হান লাভ কৰি গৌৰব কঢ়িয়াই আনিছে ৷ বিহু নৃত্য ,সত্ৰীয়া নৃত্যত পাৰ্গত উদীতা ঈশানীয়ে সাফল্যৰ আৰত ককাকৰ সহায়ৰ কথা উল্লেখ কৰে ৷উদীতা ঈশানীয়ে অসমীয়াত ৯৮ ,ইংৰাজীত ৮৭ ,অৰ্থনীতিত ৯৪ ,ৰাজনীতি বিজ্ঞানত ৯৫ ,সমাজতত্বত ৯৫ আৰু শিক্ষাতত্বত ৯১ নম্বৰসহ ৯৩.৮% লাভ কৰে ৷ হাহচৰাৰ ডিমুৱাল বিদ্যাভবনৰ পৰা উচচ মাধ্যমিক চুড়ান্ত পৰীক্ষাত অলপৰ বাবে স্হান লাভৰ পৰা বঞ্চিত উদীতা ঈশানীয়ে এইবাৰ কঠোৰ পৰিশ্ৰম কৰি ৰামানুজনৰ পৰা স্হান কৰিবলৈ সক্ষম হয় ৷ ককাক আৰু মাতৃৰ প্ৰেৰণাত ,ফেচবুকহীন ভাবে একাগ্ৰতাৰে পঢ়ি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে আজি উদীতা ঈশানীৰ ঘৰত বহু ৰাইজ উপস্থিত হৈ শুভেচ্ছা জনায় ।

দিখৌ নদীৰ বাঢ়নি পানীত সলিল সমাধি ঘটা দুটা পৰিয়ালক ৪ লাখ টকাকৈ সাহাৰ্য ৰাজ্যিক দূৰ্যোগ ব্যৱস্থাপনা বিভাগৰ।

নাজিৰা : দিখৌ নদীৰ বাঢ়নি পানীত সলিল সমাধি ঘটা শিৱসাগৰ জিলাৰ দুটা পৰিয়ালক ৪ লাখ টকাকৈ অৰ্থ সাহাৰ্য আগবঢ়াইছে অসম চৰকাৰৰ ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগে। অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ স্বতন্ত্ৰ মন্ত্ৰী যোগেন মহনে দিখৌ নদীৰ বানত প্ৰাণ হেৰুওৱা শিৱসাগৰ জিলাৰ দুয়োগৰাকী লোকৰ ঘৰত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে আৰু চৰকাৰৰ ৰাজ্যিক দুৰ্যোগ সহাৰি পুঁজিৰ পৰা মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাকৈ এককালীন সাহাৰ্য প্ৰদান কৰে। উল্লেখযোগ্য যে, যোৱা ২২ জুনত নাজিৰা মহকুমাৰ ১৫৯ নং চণ্টক গ্ৰাণ্ট গাঁৱৰ নিবাসী নন্দন নাথৰ পুত্ৰ সুনীল নাথ(২২) আৰু বকতা মৈৰামৰা গাঁৱৰ ঘন স্বৰ্ণকাৰৰ পুত্ৰ ৰাতুল স্বৰ্ণকাৰ (৩৭) দিখৌ নদীৰ বাঢ়নী পানীৰ কবলত পৰি সলিল সমাধি ঘটে। চলিত বানত দুৰ্ভাগ্যজনক ভাৱে প্ৰাণ হেৰুওৱা দুয়োগৰাকী লোকৰ ঘৰত উপস্থিত হৈ মন্ত্ৰী গৰাকীয়ে আৰ্থিক সাহাৰ্য প্ৰদান কৰাৰ সময়ত নাজিৰা মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি তথা অতিৰিক্ত উপায়ুক্ত সম্প্ৰীতি গোস্বামী, নাজিৰা ৰাজহ চক্ৰ বিষয়া কবিতা কাকতি কোৱৰ, শিৱসাগৰ জিলা দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ জিলা প্ৰকল্প বিষয়া ৰূপম বৰা, বিজেপি দলৰ নেতা ভৱেন মহন, জিলা সভানেত্ৰী সুৰভী ৰাজকুমাৰী, জিলা বিজেপিৰ উপ-সভাপতি ডাঃ প্ৰৱীণ কুমাৰ কোৱৰ, বিজিত গগৈ, বেণু শৰ্মা আদিকে ধৰি ভালেকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

পাচলি বিক্ৰী কৰা পিতৃৰ সন্তান মনিৰুলে দখল কৰিলে অষ্টম স্থান ৷ উৎফুল্লিত পৰিয়াল, অঞ্চলবাসী ৷

মনিৰুল ইছলামে এইবেলি বিজ্ঞান শাখাত ৪৭৫ নম্বৰ লৈ ৰাজ্যৰ ভিতৰত অষ্টম স্থান লাভ কৰি গৰৈমাৰী অঞ্চলৰ সুনাম কঢ়ুৃিয়াই আনিবলৈ সক্ষম হৈছে ৷

গৰৈমাৰী : আজি ঘোষণা হোৱা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত দক্ষিণ কামৰূপ জিলাৰ গৰৈমাৰীৰ নাম উজলালে এগৰাকী দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰই ৷ পিতৃ আমিৰ হামজায় পাচলি বিক্ৰী কৰি দুখ কষ্টৰ মাজেৰে সু-পুত্ৰ মনিৰুল ইছলামক শিক্ষাদান কৰোৱাইছিল নগাঁৱৰ ৰামানুজন কণিষ্ট মহাবিদ্যালয়ত ৷ মহাবিদ্যালখনৰ পৰা গৰৈমাৰী এলেকাধীন মহিমাৰী গাঁৱৰ  মনিৰুল ইছলামে এইবেলি বিজ্ঞান শাখাত ৪৭৫ নম্বৰ লৈ ৰাজ্যৰ ভিতৰত অষ্টম স্থান লাভ কৰি গৰৈমাৰী অঞ্চলৰ সুনাম কঢ়ুৃিয়াই আনিবলৈ সক্ষম হৈছে৷ খবৰ পোৱা মাত্ৰই গৰৈমাৰী কালাতলী সোণতলী চমুকৈ জিকেএছ প্ৰেছ ক্লাৱৰ কৰ্ম-কৰ্তা সকলে অতিকৈ দূৰ্গম বোকা বাট-পথ নেওচি মনিৰুলৰ ঘৰত উপস্থিত হৈ পৰিয়াবৰ্গক শুভেচ্ছা জনাই প্ৰেছ ক্লাৱৰ সম্পাদক নুৰুল ইছলামে ৷ উল্লেখ্য যে, মেধাৱী ছাত্ৰ মনিৰুল ইছলাম বিজ্ঞান বিভাগত ছয়গাঁৱৰ গৰৈমাৰী অঞ্চলত প্ৰথমজন স্থানপ্ৰাপ্ত হোৱা হেতুকে উৎফুল্লিত হৈ পৰিছে সমগ্ৰ গৰৈমাৰীবাসী ৷

নাজিৰাৰ ধিতাইপুখুৰীৰ প্ৰিয়াক্ষী বৰাই নগাঁৱৰ ৰামানুজ জুনিয়ৰ কলেজৰ পৰা কলা শাখাত তৃতীয় স্হান লাভেৰে গৌৰৱ কঢ়িয়াই আনিছে ৷

কলা শাখাত ধিতাইপুখুৰী অঞ্চলৰ প্ৰিয়াক্ষী বৰাই নগাঁৱৰ ৰামানুজম জুনিয়ৰ কলেজৰ পৰা অসমৰ ভিতৰত তৃতীয় স্হান লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷

নাজিৰা: আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক কলা শাখাত ধিতাইপুখুৰী অঞ্চলৰ প্ৰিয়াক্ষী বৰাই নগাঁৱৰ ৰামানুজম জুনিয়ৰ কলেজৰ পৰা অসমৰ ভিতৰত তৃতীয় স্হান লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷অএনজিচিৰ অবসৰপ্ৰাপ্ত কৰ্মচাৰী জীবন বৰা আৰু ভাৰতী বৰাৰ একমাত্ৰ কন্যা প্ৰিয়াক্ষীৰ সাফল্যই অঞ্চলবাসীয় আনন্দিত হৈ পৰিছে ৷প্ৰিয়াক্ষীয়ে অসমীয়াত ৯৮ ,ইংৰাজীত ৯১ ,অৰ্থনীতিত ৯৪ ,ৰাজনীতি বিজ্ঞানত ৯৫ ,ভৃগোলত ৯৪ আৰ শিক্ষাতত্বত ৯৫ শতাংশ নম্বৰ সহ মুঠ ৯৪.৬% লাভ কৰে ৷ ডিমুৱাল বিদ্যাভবনৰ পৰা ৰামানুজমত অধ্যয়ন কৰা মেধাবী ছাত্ৰীগৰাকীয়ে আজি সাংবাদিকৰ আগত কয় সফলতাৰ বাবে মনোযোগেৰে ,একাগ্ৰতাৰে অধ্যয়ন কৰা আবশ্যক ৷ পিতৃ-মাতৃৰ লগতে শিক্ষক সকলক নিজৰ কৃতিত্বৰ বাবে  প্ৰেৰণাৰ উৎস বুলি উল্লেখ কৰি প্ৰিয়াক্ষীয়ে ভবিষ্যতে প্ৰশাসনিক বিষয়া হোৱাৰ  সপোন পুহি ৰাখিছে ৷ দৈনিক পঢ়াৰ ক্ষেত্ৰত গুৰুত্ব দিয়া প্ৰিয়াক্ষীয়ে মবাইলত ব্যস্ত হোৱাৰ পৰিবৰ্তে পঢ়াতহে গুৰুত্ব দিছিল ।

চীনৰ দখলত নেপালৰ গাঁও : আঁতৰাই দিলে সীমান্তৰ খুঁটা ।

দৈনন্দিন বাৰ্তা ডেস্ক :

চীনে নেপালৰ এখন গাঁও নিজৰ দখললৈ নিছে৷ লগতে দেশখনে সীমান্তত থকা খুঁটাবোৰ আঁতৰাই দিছে৷ মঙলবাৰে নেপালৰ শীৰ্ষ পৰ্যায়ৰ এক সূত্ৰত এই কথা জানিব পৰা গৈছে৷ ইয়াৰ পৰা এইটো প্ৰতিয়মান হয় যে চীনে ক্ৰমান্বয়ে নেপালৰ বিভিন্ন এলেকাত পথ নিৰ্মাণৰ বাবে নিজৰ নিয়ন্ত্ৰণলৈ নি আছে৷ শেহতীয়াকৈ নেপালৰ গুৰখা জিলাৰ ৰুই গাঁওখন চীনৰ নিয়ন্ত্ৰণলৈ নিছে৷ এই গাঁওখনত প্ৰায় ৭২টা পৰিয়াল আছে৷ তেওঁলোকৰ নিজস্ব পৰিচয় আছে৷ এইটোৰ পৰা দেখা যায় যে নেপালে সাম্প্ৰতি চীনৰ ওচৰত আত্মসমৰ্পণ কৰিছে আৰু ইয়াৰ লগতে ভাৰত বিৰোধী স্থিতি গ্ৰহণ কৰি আছে৷ এই ৰুই গাঁওখনৰ উপৰি চীনে নেপালৰ এঘাৰখন ঠাই দখল কৰিছে৷ নেপাল সীমান্তৰ চাৰিখন জিলাৰ প্ৰায় ৩৬ একৰ ভূমি দখল কৰিছে৷ ইয়াৰ পাছতো নেপাল চৰকাৰে এটাও মাত মতা নাই বুলি প্ৰকাশ৷ উল্লেখ্য যে এক সুনিয়মেৰে ৰুই গাঁওখন যোৱা৷ চীনে দুবছৰ ধৰি নিজৰ হাতলৈ নি আছে৷ ইয়াৰ লগে লগে গাঁওবাসীয়ে মেপলৈ আঙুলিয়াই দিছে৷ মন কৰিব লগা যে নেপাল হ’ল এখন হিমালয়ৰ ৰাষ্ট্ৰ৷ ইয়াৰ বাসিন্দাসকলে সদায় দেশখনৰ নাগৰিক হিচাপে পৰিচয় দি আছে৷

বিলুপ্তিৰ পথত পুতলা থিয়েটাৰ : জীৱিকাৰ বিকল্প পথৰ সন্ধানত পুতলা থিয়েটাৰৰ লগত জড়িত শিল্পী – কলা-কুশলী।

বিলুপ্তিৰ পথত পুতলা থিয়েটাৰ

নগাঁও : অসমৰ সংস্কৃতিৰ পথাৰত এসময়ত ৰাইজৰ অকুণ্ঠ সহাঁৰি লাভ কৰা ভ্ৰাম্যমান পুতলা থিয়েটাৰ সম্প্ৰতি অতীত হোৱাৰ পথত। যোৱা শতিকাৰ  আশী আৰু নব্বৈ দশকত মধ্য অসমত জনপ্ৰিয় হৈ পৰিছিল ভ্ৰাম্যমান পুতলা থিয়েটাৰ। লোক কৃষ্টিৰ অন্যতম অংগ স্বৰূপ পুতলা অভিনয়ক সাৰথি কৰি একাংশ সংস্কৃতিবান লোকে নগাঁও জিলাৰ পশ্চিম অঞ্চলত জন্ম দিছিল এই পুতলা থিয়েটাৰ। আনহাতে  পৰম্পৰাগত  পুতলা থিয়েটাৰক সংস্কৃতিৰ পথাৰত জীয়াই ৰখাৰ প্ৰয়াস কৰি আহিছে নগাঁৱৰ কাকমাৰী  ৰাজু বৰাই।  কাকমাৰী গাঁৱত ৰাজু বৰাৰ প্ৰচেষ্টাত  অংকুৰণ ঘটিছিল ‘ৰূপালীম পুতলা থিয়েটাৰ’। পৌৰাণিক আখ্যান,  আধ্যাত্মিক দৰ্শন,  ইতিহাস সমৃদ্ধ ঘটনা প্ৰৱাহ, আধুনিক প্ৰেমৰ মনোৰম কাহিনীকে ধৰি পুতলাৰ জৰিয়তে পৰিবেশন কৰা মঞ্চ অভিনয়ক দৰ্শকে বিনোদনৰ এক উৎস হিচাপে এই ভ্ৰাম্যমান পুতলা থিয়েটাৰক আঁকোৱালি লয়। পৰিবৰ্তিত সময়ত  কাকমাৰীৰ ৰাজু বৰাই এই পুৰণি কলা বিধক  ধৰি ৰখাৰ প্ৰয়াস কৰিছে যদিও বৰ্তমান  প্ৰযুক্তি বিদ্যাৰ খৰটকীয়া গতিৰ লগত খাপ খাই চলিবলৈ অসমৰ্থ হৈ পৰিছে। ফলস্বৰূপে আৰ্থিক সংকটৰ সন্মুখীন হৈছে পুতলা থিয়েটাৰ উদ্যোগ । অনাদৃত হৈ পৰিছে পুতলা সমূহৰ লগতে থিয়েটাৰত ৱ্যৱহৃত সা-সৰঞ্জাম। এই পুতলা থিয়েটাৰত কৰ্মৰত কলা কুশলীসকলৰো জীৱনৰ পথ অনিশ্চয়তাৰ ফালে গতি কৰিছে। এই লোক সংস্কৃতি জীয়াই ৰখাৰ বাবে চৰকাৰী পক্ষই যদি ব্যৱস্থা গ্রহণ নকৰে তেন্তে এই বিধ লোককৃষ্টি লুপ্ত হোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে। চলিত বর্ষত বিশেষকৈ  কৰ’ণা মহামাৰীৰ বাবে হোৱা লকডাউনে বাৰুকৈয়ে  ক্ষতিগ্ৰস্ত কৰিলে এই পুতলা সংস্কৃতিক। ইপিনে এই সংস্কৃতিৰ অৱনতি ঘটাৰ লগে লগে নাট্যকাৰ,  পৰিচালক তথা ৰূপালীম পুতলা থিয়েটাৰৰ  ব্যৱস্হাপক ৰাজু বৰাই জীৱন নিৰ্বাহৰ  আন বিকল্প পথৰ সন্ধানত নামি পৰে। নিজ ঘৰতে তেওঁ বিজ্ঞান সন্মতভাৱে টাৰ্কি,  ব্লেক চিকেন, ইণ্ডিয়ান ৰাণাৰ, হোৱাইট টেকিঙকে ধৰি প্ৰায় ১৫ বিধ বিভিন্ন প্ৰজাতিৰ চৰাই পোহপালেৰে ব্যৱসায় আৰম্ভ কৰাৰ লগতে বায়’ফ্লক পদ্ধতিৰে মৎস্য পালন কৰি স্বাৱলম্বীতাৰ এক নিদৰ্শন দাঙি ধৰিছে। বৰাৰ এই ফাৰ্মত কৰ্ম কৰি পৰিয়াল পোহপাল দি আহিছে দুই তিনিটিকৈ পৰিয়ালে।  ৰাজু বৰাৰ এই স্বাৱলম্বীতাক শলাগ লৈছে অঞ্চলৰ ৰাইজে। ইপিনে  পক্ষী পালন আৰু মৎস্য পালনেৰে জীৱিকাৰ পথ উলিয়ালেও ৰূপালীম পুতলা থিয়েটাৰক পুনৰ  উজ্জীৱিত কৰাৰ বাবে দৃঢ় প্ৰতিজ্ঞ সাংস্কৃতিবান যুৱক ৰাজু বৰা। এই ক্ষেত্ৰখনত তেওঁ চৰকাৰৰ পোষকতা কামনা কৰিছে।