Home Blog Page 3282

ব্যক্তিগত বিদ্যালয়বোৰক চৰকাৰে সকাহ দিয়ক

অংশুমান ভূঞা

ক’ৰোনাই সৃষ্টি কৰা জটিল পৰিস্থিতিৰ ফলত বিভিন্ন খণ্ড বেয়াকৈ প্ৰভাৱিত হৈছে। তাৰ ভিতৰত ৰাজ্যখনৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহো উল্লেখযোগ্য। এই বিদ্যালয়বোৰৰ ৰাজ্যখনৰ শৈক্ষিক দিশৰ উত্তৰণত অৱদান অনস্বীকাৰ্য। কোনো ধৰণৰ চৰকাৰী সাহায্য অবিহনে অতি দায়িত্ব সহকাৰে অনুষ্ঠানবোৰ পৰিচালনা কৰা হয়। মুষ্টিমেয় অভিজাত বিদ্যালয়ৰ বাহিৰে গৰিষ্ঠ সংখ্যক বিদ্যালয়েই কম মাচুলতে গুণগত শিক্ষা দি আহিছে। তদুপৰি দুখীয়া শিক্ষাৰ্থীক বিনামূলীয়াকৈ শিক্ষাদানো কৰি আহিছে। শিক্ষক-শিক্ষয়িত্ৰীৰ কষ্ট অনুপাতে দৰমহা-পাতিও কম। লকডাউনৰ ফলত মাচুল সংগ্ৰহ নোহোৱাত বহু বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীয়ে বিগত ৫-৬ মাহ ধৰি ফুটাকড়ি এটাও চুব পৰা নাই। অনাদায় মাচুল কেতিয়াবালৈ যে উঠিব সেয়াও সন্দেহৰ আৱৰ্তত। বিদ্যালয়বোৰৰ বহুখিনি কৰ্মচাৰীয়ে আকৌ মধ্যবিত্ত ঘৰৰ, যাক কোনো চৰকাৰী সাহায্য আঁ‌চনিয়ে ঢুকি নাপায়। এবাৰ শিক্ষকতা বৃত্তিৰ মাজত সোমোৱাৰ পাছত আন কামত সতকাই ধৰাও মানসিকভাৱে অত্যন্ত কঠিন। তাৰ মাজতে আকৌ মাচুল ৰেহাইৰ চৰকাৰী নিৰ্দেশ। যিহেতু ব্যক্তিগত বিদ্যালয়ত অকল চৰকাৰী কৰ্মচাৰীৰ সন্তানেই নপঢ়ে, সেয়ে এফালৰ পৰা এই নিৰ্দেশৰ যুক্তিযুক্ততাও নোহোৱা নহয়। কিন্তু আৰ্থিকভাৱে পৰিচালনা সমিতি সবল নোহোৱা বাবে বহু বিদ্যালয়ে শিক্ষক-শিক্ষয়িত্ৰীৰ দৰমহা কৰ্তন কৰিবলৈ বাধ্য হৈছে। ই তেওঁলোকক আৰু দুৰ্দশাৰ পিনে ঠেলি নিছে। পৰিচালনা সমিতিবোৰৰ যৎকিঞ্চিৎ জমাধন আছিল সেয়া সমূলি শেষ। সেয়ে মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী মহোদয়ে যাতে এই বিষয়টো এবাৰ বিবেচনা কৰি চাই ব্যক্তিগত বিদ্যালয়বোৰলৈ সহায়ৰ হাত আগবঢ়াই তাৰেই অনুৰোধ জনালোঁ।

দিল্লীত প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ শেষকৃত্য

দৈনন্দিন বাৰ্তা ডেস্ক : সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে দিল্লীত শেষকৃত্য সম্পন্ন হ’ল দেশৰ প্ৰাক্তন ৰাষ্ট্ৰীয় প্ৰণৱ মুখাৰ্জীৰ ৷ দিল্লীৰ লোদী ৰ’ডত গান চেলুটৰ মাজেৰে শেষ বিদায় জনোৱা হ’ল দেশৰ ১৩তম ৰাষ্ট্ৰপতিক ৷ ইয়াৰ লগে লগে অৱসান হ’ল পাঁচ দহক দিল্লীত বৰ্ণময় ৰাজনীতি কৰা প্ৰণৱ মুখাৰ্জী যুগৰ ৷ চিকিৎসা চলি থকা সময়তে প্ৰণৱ মুখাৰ্জীৰ ক’ৰোনা ৰিপৰ্ট পজিটিভ আহে ৷ তেওঁক দিল্লীৰ ৰাজাজী ৰ’ডৰ ঘৰৰ পৰা আৰম্ভ কৰি লোদী ৰোডৰ মহাশ্মশানত সকলোৱে ক’ভিড নিয়ম মানি শেষকৃত্য কৰে ৷ পিপিই কিট পৰিধান কৰি অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰে পুত্ৰ অভিজিৎ মুখাৰ্জীয়ে ৷ পৰিয়ালৰ আন সদস্যইও পিপিই কিট পৰিধান কৰি শ্মশানত উপস্থিত হয় ৷ সকলোৱে ক’ভিড নিয়ম মানি শেষকৃত্যত উপস্থিত থাকে ৷ অৱশ্যে ইয়াত লোকৰ সংখ্যা সীমিত ৰখা হৈছিল ৷ ইয়াৰ আগতে দিল্লীৰ সেনা হাস্পতালৰ পৰা প্ৰণৱ মুখাৰ্জীৰ মৃতদেহ লোদী ৰ’ডৰ বাসভৱনলৈ অনা হয় ৷ তাতে ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীসহ শাসক-বিৰোধীসহ সকলো দলৰ ৰাজনীতিবিদে তেওঁক শেষ শ্ৰদ্ধা জনায় ৷ ইপিনে ক’ভিডৰ বাবে মৃতদেহ ঘৰৰ এটা কোঠাত ৰখা হয় ৷ কিন্তু তাত কাকো সোমাবলৈ দিয়া নাছিল ৷ তাৰ পৰিবৰ্তে এটা বেদি তৈয়াৰ কৰি প্ৰণৱ মুখাৰ্জীৰ ছবি ৰখা হয় ৷ সেই ছবিতে সকলোৱে ফুল, মালা দি শ্ৰদ্ধা জনায় ৷ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ উপৰি প্ৰয়াত প্ৰাক্তন ৰাষ্ট্ৰপতিক শ্ৰদ্ধা জনায় উপৰাষ্ট্ৰপতি বেংকয়া নাইডু, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, লোকসভাৰ অধ্যক্ষ ওম বিৰলা, চিফ অব ডিফেন্স ষ্টাফ বিপিন ৰাৱাত, সস্ত্ৰীক প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং, কংগ্ৰেছৰ লোকসভাৰ দল নেতা অধীৰ চৌধুৰী, কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালসহ বহু নেতা-মন্ত্ৰী আৰু সাধাৰণ লোক ৷ তেওঁৰ মৃত্যুত সাত দিন ৰাষ্ট্ৰীয় শোক ঘোষণা কৰিছে কেন্দ্ৰই৷ এই সাত দিন ৰাষ্ট্ৰীয় পতাকি অৰ্ধনমিত কৰা হ’ব ৷

দেশত ১২০ বিশেষ ৰে’ল চলাচলৰ ব্যৱস্থা

দৈনন্দিন বাৰ্তা ডেস্ক : দেশত ইতিমধ্যে ২৩০ বিশেষ ৰে’ল চলিছে ৷ ইয়াৰ পাচত আন ১২০ বিশেষ ৰে’ল চলোৱাৰ পৰিকল্পনা কৰা হৈছে ৷ আনলক ৪ আৰম্ভ হোৱাৰ পাচত আৰম্ভ হৈছে মেট্ৰ’ ৰে’ল সেৱা ৷ ৰে’ল ব’ৰ্ডৰ সূত্ৰই জনোৱা মতে ৰে’ল চলাবৰ বাবে ৰাজ্যবোৰৰ লগত আলোচনা কৰিছে ৰে’ল কৰ্তৃপক্ষই ৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ সেউজ সংকেত পালে প্ৰায় ১০০ খন ৰে’ল চলোৱা হ’ব ৷ পাচত বঢ়োৱা হ’ব ৰে’লৰ সংখ্যা ৷ ৰে’লবোৰ চলিব বিভিন্ন ৰাজ্য আৰু ৰাজ্যৰ ভিতৰত ৷ উল্লেখ্য যে ক’ৰোনা সংক্ৰমণৰ মাজতে পৰ্যটক, শিক্ষাৰ্থী, বিভিন্ন ৰাজ্যত বন্দী হৈ থকা মানুহ আৰু শ্ৰমিকৰ বাবে ১ মে’ৰ পৰা এক্সপ্ৰেছ আৰম্ভ কৰিছিল ৷ ৰাজ্যবোৰৰ সৈতে পৰামৰ্শ লৈ ক’ৰোনা স্বাস্থ্য বিধি মানি আৰম্ভ হৈছিল এই ৰে’ল চলাচল ৷ ইপিনে ৰে’ল মন্ত্ৰী পীয়ূষ গোৱেলে জনায় যে দেশৰ ৯৬০টা ষ্টেচন সৌৰ বিদ্যুতৰ ব্যৱস্থা কৰিছে ৷ ২০৩০ চনৰ ভিতৰত দেশৰ সকলো ষ্টেচনত সৌৰ বিদ্যুতৰ ব্যৱস্থা কৰা হ’ব ৷ সেই ষ্টেচনৰ ভিতৰত আছে নতুন দিল্লী, পুৰণা দিল্লী, ছেকেন্দ্ৰাবাদ, কলকাতা, গুৱাহাটী, হাইদৰাবাদ ৷

ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজ : ভাৰতক ৩৫০০ কোটি টকাৰ ঋণ জাপানৰ

দৈনন্দিন বাৰ্তা ডেস্ক : ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজ দিবৰ বাবে জাপানৰ দাতা এজেন্সী জাইকাই ভাৰতক ৩৫০০ কোটি টকাৰ ঋণ দিয়া উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰৰ লগত এক চুক্তিত স্বাক্ষৰ কৰিছে ৷ স্বাস্থ্য খণ্ডত আত্মনিৰ্ভৰ ভাৰত পেকেজ হিচাপে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ দ্বাৰা পৰিচালিত প্ৰধানমন্ত্ৰী আত্মনিৰ্ভৰ স্বাস্থ্য ভাৰত যোজনা (প্ৰধানমন্ত্ৰী-এএছবিৱাই) বাস্তৱায়িতৰ বাবে প্ৰত্যাশিত ধন ব্যয়ৰ বাবে ভাৰত চৰকাৰক এই ঋণৰ ধন বিতৰণ কৰা হ’ব ৷ জাপানৰ আন্তৰ্জাতিক সহযোগিতা সংস্থা (জাইকা)ই এক বিবৃতিত কয়, প্ৰকল্পৰ উদ্দেশ্য ক’ভিড-১৯ৰ বিৰুদ্ধে প্ৰতিৰোধ হিচাপে স্বাস্থ্যত জৰুৰী প্ৰতিক্ৰিয়া কৰ্মসূচী বাস্তৱায়িত কৰাত ভাৰত চৰকাৰক বাজেটৰ সহায়ক ৰূপে জনস্বাস্থ্য সেৱা ব্যৱস্থা তীব্ৰ কৰা ৷ এয়া ভাৰতৰ সামাজিক আৰু অৰ্থনৈতিক স্থিতিশীলতা আৰু উন্নয়নৰ প্ৰচেষ্টা প্ৰচাৰত অবদান ৰাখিব বুলি কোৱা হৈছে ৷ জাইকাই ভাৰত চৰকাৰৰ সৈতে ক’ভিড-১৯ সংকটৰ প্ৰতিক্ৰিয়া জৰুৰী সমৰ্থন ঋণ হিচাপে ৫০ বিলিয়ন জাপানী য়েন (অনুমানিক ৩৫০০ কোটি টকা) চৰকাৰী উন্নয়ন সহায়ক (অ’ডিএ) প্ৰদানৰ বাবে ভাৰত চৰকাৰৰ সৈতে স্বাক্ষৰ কৰিছে৷ এই অ’ডিএ ঋণ চুক্তিত বিত্ত মন্ত্ৰালয়ৰ অৰ্থনৈতিক বিভাগৰ অতিৰিক্ত সচিব চি এছ মহাপাত্ৰ আৰু জাইকা ইণ্ডিয়াৰ মুখ্য প্ৰতিনিধি কাটছু মাটছুমোটোৱে স্বাক্ষৰ কৰে ৷ উল্লেখ্য যে এই ঋণ হ’ল ভাৰত চৰকাৰলৈ ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজ কৰিবলৈ আৰু সম্ভৱপৰ সকলোতে সমৰ্থনৰ বাবে জাপানীজ অ’ডিএৰ প্ৰথম বৃহৎ সমৰ্থন ৷

পূব মাজুলী আঞ্চলিক নাথ-যোগী ছাত্ৰ সন্থা গঠন

উজনি-মাজুলীঃ যোৱা ৩০ আগষ্টত মাজুলী জিলা নাথ-যোগী ছাত্ৰ সন্থাৰ অন্তৰ্গত পূব মাজুলী আঞ্চলিকৰ এখন পূৰ্ণাংগ সমিতি গঠন কৰা হয়। সভা খনিত সভাপতিত্ব কৰে যোগী গাঁৱৰ গাওঁ উন্নয়ন সমিতিৰ সভাপতি অনন্ত নাথে | সভা খনিত উপস্থিত থাকে মাজুলী জিলা নাথ-যোগী ছাত্ৰ সন্থাৰ সভাপতি যোগী দিব্যজোতি নাথ, সম্পাদক যোগী অচ্যুত কুমাৰ নাথৰ লগতে জিলা সমিতিৰ ভালেকেইজন বিষয়ববীয়াৰ লগতে পূব মাজুলী আঞ্চলিক যুৱ-ছাত্র পৰিষদৰ সাধাৰণ সম্পাদক মানৱ বৰা। সভাই দিব্যজোতি নেওঁগক সভাপতি আৰু অভিজিত বৰুৱাক সম্পাদকৰ দায়িত্ব দি ২০২০- ২০২১ বৰ্ষৰ বাবে এখন ৩১জনীয়া পূৰ্ণাংগ সমিতি গঠন কৰে। সভাত মানৱ বৰাই নৱনিৰ্বাচিত সমিতি খনক উদ্দেশ্য কৰি সাংগঠনিক দিশৰ ওপৰত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই। নৱগঠিত সমিতিখনক শপত বাক্য পাঠ কৰাই যোগী অচ্যুত কুমাৰ নাথে ।

ভ্ৰাম্যমাণ থিয়েটাৰৰ শিল্পী সন্থাৰ উদ্যোগত আলোচনা চক্ৰ ও মত বিনিময় অনুষ্ঠানৰ আয়োজন

নলবাৰী : সদৌ অসম ভ্ৰাম্যমাণ থিয়েটাৰ শিল্পী সন্থাৰ উদ্যোগত আজি নলবাৰী চহৰস্থিত হৰিমন্দিৰ প্ৰাংগনত এখন আলোচনা চক্ৰ ও মত বিনিময় অনুষ্ঠান আয়োজন কৰা হয় । লক ডাউনৰ সময়চোৱাত শিল্পী সকলে থিয়েটাৰৰ মঞ্চ এৰিব লগা হৈছে । যাৰ বাবে থিয়েটাৰত জৰিত শিল্পী সকলৰ লগতে, কলা কুশলীৰ লগত জৰিত ব্যক্তি সকল আৰ্থিক দীনতাত ভুগিব লগীয়া হৈছে । তাৎপৰ্যপূৰ্ণ বিষয় যে যোৱা কিছুদিন পূৰ্বে চৰকাৰে বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান খুলি দিছে যদিও সেই অনুষ্ঠানত ১০০ জনতকৈ বেছি জনসমাগম হব নোৱাৰিব । কিন্তু ১০০ জন ব্যক্তিৰ উপস্থিত এখন ভ্ৰাম্যমাণ থিয়েটাৰ নচলিব আৰু থিয়েটাৰ কৰ্তৃপক্ষৰ বিশেষকৈ বহুত লোকচানৰ সন্মুখীন হব । যাৰ বাবে এইবেলি থিয়েটাৰ আয়োজন কৰিব নোৱাৰিব বুলিও শিল্পী সকলে সন্দেহ প্ৰকাশ কৰিছে । আজি অনুষ্ঠিত এই আলোচনা চক্ৰত উক্ত বিষয় সন্দৰ্ভত বিতং ভাৱে আলোচনা কৰা হয় । বৰ্তমান সময়ত চৰকাৰে যেতিয়া ভ্ৰাম্যমাণ থিয়েটাৰৰ এই শিল্পী সকলৰ লগতে কলা কুশলীৰ লগত জৰিত ব্যক্তি সকল চলিবলৈ কিবা এটা সুবিধা প্ৰদান কৰিবলৈ তথা থিয়েটাৰৰ ক্ষেত্ৰত ১০০ তকৈ বেছি জনসমাগম হোৱা সন্দৰ্ভত ব্যৱস্থা কৰিবলৈ অসম চৰকাৰক সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান জনাই ।

নলবাৰীৰ বামুন্দিত দুষ্প্ৰাপ্য পক্ষী উদ্ধাৰ

দৈনন্দিন বাৰ্তাৰ সেৱা, নলবাৰী : নলবাৰী জিলাৰ বামুন্দি গাঁওত আজি এটা দুষ্প্ৰাপ্য পক্ষী উদ্ধাৰ হয় । বামুন্দী গাঁওৰ স্থানীয় ৰাইজে উদ্ধাৰ কৰে এই দুষ্প্ৰাপ্য পক্ষীটো । দুপৰীয়াৰ ভাগত গাঁও খনৰে এজন সচেতন ব্যাক্তিয়ে এই দুষ্প্ৰাপ্য পক্ষীটোক প্ৰত্যেক্ষ কৰি উদ্ধাৰ কৰে আৰু বন বিভাগক অৱগত কৰাই । পিছত বন বিভাগৰ লোক তাৎক্ষণিকভাৱে ঘটনা স্থলীত উপস্থিত হৈ পক্ষীটোক লৈ যায় । দুষ্প্ৰাপ্য পক্ষীটোক প্ৰত্যেক্ষ কৰিবলৈ স্থানীয় ৰাইজে ভিৰ হোৱাত পৰিলক্ষিত হয় ।

‘কা’ বাতিলৰ দাবীত আছুৰ বাইক ৰেলী

তিনিচুকীয়া ১ ছেপ্তেম্বৰ : জাতি, মাটি, ভেটি ৰক্ষা কথা কৈ প্ৰতিটো পদে পদে জাতিটোক চৰম প্ৰতাৰণা কৰা বিজেপি চৰকাৰৰ বিৰুদ্ধে আজি সৰৱ হৈ পৰে তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থা আৰু পানীতোলা আঞ্চলিক ছাত্ৰ সন্থা ৷ সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি তিনিচুকীয়া আৰু পানীতোলা আঞ্চলিক ছাত্ৰ সন্থাই যৌথ ভাৱে নাগৰিকত্ব সংশোধনী আইন ২০১৯ বাতিলৰ দাবীত এক বৃহৎ বাইক ৰেলী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্য্যালয়ৰ পৰা আৰম্ভ হোৱা বাইক ৰেলীটো তিনিচুকীয়া থানা চাৰিআলি হৈ বৰগুৰি আৰু তাৰ পিছত বাই পাছেৰে পানীতোলা বৰুৱাহোলা হৈ পানীতোলা গেটেৰে আহি তিনিচুকীয়া চান্দমাৰী তিনিআলিৰ ওচৰত ৰেলী সমাপ্ত কৰে ৷ প্ৰায় তিনি শতাধিক বাইকেৰে হোৱা এক বিশাল বাইক ৰেলী কাৰ্যসূচীত উপস্থিত থাকে সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমৰজ্যোতি গোঁহাই ৷ কাৰ্যসূচীত উপস্থিত থা্কি সমৰজ্যোতি গোঁহাইয়ে স্পষ্টকৈ চৰকাৰক সকীয়াই দিয়ে যে কোনো মূল্যৰ বিনিময়ত “কা” মানি লোৱা ন’হব ৷ ইয়াৰ কাৰণে যিকোনো প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ তিনিচুকীয়া আছু সদা প্ৰস্তুত আছে ৷

দেবাংগনা কলিতাক জামিন মঞ্জুৰ দিল্লী উচ্চ ন্যায়ালয়ৰ

দৈনন্দিন বাৰ্তা ডেস্ক : দিল্লী উচ্চ ন্যায়ালয়ে উত্তৰ-পূৱ দিল্লীত হিংসাত্মক ঘটনাত পিনজ্ৰা টডৰ সদস্য দেবাংগনা কলিতাক জামিন মঞ্জুৰ কৰিছে ৷ লগতে কোৱা হৈছে তেওঁৰ উপস্থিতিত এটা ‘শান্তিপূৰ্ণ আন্দোলন’ দেখা গৈছে, যিটো ভাৰতৰ সংবিধানৰ ১৯ অনুচ্ছেদৰ অধীনত গেৰাণ্টীযুক্ত মৌলিক অধিকাৰ ৷ উল্লেখ্য যে তেওঁক মে’ মাহত গ্ৰেপ্তাৰ কৰা হৈছিল ৷ ‘আমাৰ বিবেচিত মতামত অনুসৰি আবেদনকাৰীক ত্ৰাণ মঞ্জুৰ কৰি উত্তৰদাতাৰ তদন্তত কোনো কুসংস্কাৰ সৃষ্টি নহয় আৰু তেওঁক অহেতুক হাৰাশাস্তি, অবমাননা আৰু বিচাৰহীনভাৱে চিকাৰ হোৱাত বাধা দিয়া হ’ব ৷’ ৰায় ঘোষণাৰ আদেশত ন্যায়াধীশ সুৰেশ কুমাৰ কেইটে মঙলবাৰে এইদৰে কয় ৷ দেবাংগনা কলিতাক কাৰাগাৰৰ পৰা মুক্তি নাপায় ৷ কাৰণ তেওঁ ‘ষড়যন্ত্ৰ’ কৰাৰ অভিযোগত সন্ত্ৰাস বিৰোধী আইন, ইউএপিএৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে ৷ যোৱা সপ্তাহত দিল্লীৰ এখন আদালতত সেই গোচৰৰ জামিন আবেদন প্ৰত্যাখান কৰিছিল ৷ মঙলবাৰে উচ্চ ন্যায়ালয়ে লগতে কয় যে আৰক্ষীয়ে তেওঁৰ বক্তৃতাত নিৰ্দিষ্ট সম্প্ৰদায়ৰ মহিলাক প্ৰৰোচিত কৰা বা কোনো বিদ্বেষৰ গতি দিয়াত উপাদান তৈয়াৰ কৰাত ব্যৰ্থ হৈছে ৷ দেবাংগনা কলিতা হ’ল জাফৰাবাদ থানাত ভাৰতীয় দণ্ডবিধি, অস্ত্ৰ আইন আৰু ৰাজহুৱা সম্পত্তি ধ্বংস প্ৰতিৰোধ আইনৰ বিভিন্ন ধাৰা অনুসৰি এফআইআৰত অভিযুক্ত ৷ তদন্তকাৰী সংস্থাই হিংসাত্মক ঘটনাৰ পাচত তেওঁ প্ৰধান ষড়যন্ত্রকাৰী৷ আদেশত ন্যায়াধীশ কাইটে কয় যে তেওঁ উচ্চ শিক্ষা অৰ্জনৰ শিক্ষার্থী ৷

নগাঁৱত নতুন উপায়ুক্তৰ আনুষ্ঠানিক ভাৱে দায়িত্বভাৰ গ্ৰহণ

নগাঁও, ১ ছেপ্টেম্বৰঃ নগাঁও জিলাৰ নৱনিযুক্ত উপায়ুক্ত হিচাপে ইতিমধ্যে ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া কবিতা পদ্মনাভনে আনুষ্ঠানিকভাৱে কাৰ্যভাৰ গ্ৰহণ কৰিছে। এই অনুসৰি নগাঁও জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সভা-কক্ষত আয়োজিত সম্বৰ্ধনা অনুষ্ঠানত উপায়ুক্ত কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰী সকলে বিদায়ী উপায়ুক্ত যাদৱ শইকীয়াক এখনি শৰাই,ফুলাম গামোচাৰে বিদায় সম্বৰ্ধনা জনোৱাৰ লগতে নৱনিযুক্ত উপায়ুক্ত গৰাকীক সমূহ বিষয়া কৰ্মচাৰীয়ে সম্বৰ্ধনা আৰু আদৰণি জনায়। আজিৰ এই সভাত নৱনিযুক্ত উপায়ুক্ত গৰাকীয়ে নগাঁও জিলাখনক আগুৱাই নিয়াৰ ক্ষেত্ৰত সকলোৰে সহায় সহযোগিতা কামনা কৰে আৰু বিদায়ী উপায়ুক্ত গৰাকীক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে ।