Home Blog Page 3282

সতী ৰাধিকাৰ প্ৰতিমূৰ্ত্তিৰ তলত বন্তি প্ৰজ্বলন কৰি সতী ৰাধিকা দিৱস পালন অনুসূচিত জাতি ছাত্ৰ সন্থাৰ

শিৱসাগৰ

 শংকৰী যুগতেই জাতিবাদ আৰু অস্পৃশ্যতাবাদৰ বিৰুদ্ধে থিয় দিবলৈ সক্ষম হৈছিল অসমৰ কৈৱৰ্ত কোলত জন্মগ্ৰহণ কৰা এগৰাকী নাৰী, যাক জগতগুৰু শংকৰদেৱে সতী হিচাপে স্বীকৃতি দি গৈছে। সতী ৰাধিকা হ’ল সংস্কাৰমুখী অসমীয়া সমাজখনৰ বাবে এক আদৰ্শ। সতী ৰাধিকাই এক আলৌকিকতাৰে নিজা গুণ আৰু কৰ্মৰ জৰিয়তে সমগ্ৰ অসমৰ ধৰ্মীয় সমাজখনক এক উচিত শিক্ষা দি গৈছিল। সেইগৰাকী মহিয়সী নাৰীক স্মৰণ কৰি বৃহস্পতিবাৰে সতী ৰাধিকা দিৱসত সদৌ শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাই শিৱসাগৰ জিলাৰ নামডাংস্থিত সতী ৰাধিকাৰ প্ৰতিমূৰ্ত্তিৰ তলত বন্তি প্ৰজ্বলন কৰি সতী ৰাধিকা দিৱস পালন কৰে। সামাজিক দূৰত্ব বজাই ৰাখি পালন কৰা এই কাৰ্যসূচীত উপস্থিত থাকে সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক পৰশজ্যোতি দাসৰ লগতে শিৱসাগৰ জিলা সমিতিৰ সভাপতি মতিক্য প্ৰসাদ দাস, সম্পাদক মৃদুল দাস আৰু উপসভাপতি বিদ্যুৎ দাস। উল্লেখযোগ্য যে সতী ৰাধিকা দিৱসৰ দিনা সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাই সমগ্ৰ অসমবাসী ৰাইজক নিজা বাসগৃহতে বন্তি প্ৰজ্বলন কৰি এইবাৰৰ সতী ৰাধিকা দিৱস পালন কৰাৰ আহ্বান জনাইছিল। এই সন্দৰ্ভত কেন্দ্ৰীয় সাধাৰণ সম্পাদকগৰাকীয়ে কয় যে বৃহস্পতিবাৰে অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সমূহ জিলা সমিতি, আঞ্চলিক সমিতি, মহকুমা সমিতি, শাখা সমিতিৰ প্ৰতিজন বিষয়ববীয়াই নিজা নিজা বাসগৃহত বন্তি প্ৰজ্বলন কৰি সতী ৰাধিকা দিৱস পালন কৰিছে। তদুপৰি সন্থাৰ আহ্বানক সঁহাৰি জনোৱা অসমৰ প্ৰতিগৰাকী ব্যক্তিলৈ সন্থাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছে।

কাৰ্বি আংলং জিলাত উল্লেখনীয় সেৱা ১০৮ৰ

কাৰ্বি আংলং জিলাৰ অধীনত ১০৮ ব্যৱস্থাই জৰুৰীকালীন সেৱা আগবঢ়োৱা সেৱাই ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিছে

দেওপানী

সমগ্ৰ বিশ্বতেই ক’ভিড-১৯ মহামাৰীয়ে যি ত্ৰাস চলাই আছে তেনে ভয়ানক সময়তে দেশতো অব্যাহত আছে লকডাউন কাৰ্যসূচী৷ তেনে সময়তে অসম চৰকাৰৰ অধীনৰ এক জৰুৰীকালীন মানৱ সেৱাত উৎসৰ্গিত বিভাগ ১০৮ৰ কৰ্মচাৰীসকলেও আগবঢ়াই আহিছে তেওঁলোকৰ নিষ্ঠা আৰু কৰ্তব্যৰ পাৰদৰ্শিতা৷ সমগ্ৰ ৰাইজৰ লগতে পাহাৰীয়া জিলা কাৰ্বি আংলঙতো ১০৮ সেৱাই বিপদ কালত ৰাইজৰ কাষত ঠিয় দি আহিছে প্ৰতিটো ক্ষণত৷ বৰ্তমান জৰুৰীকালীন সময়ত কাৰ্বি আংলং জিলাৰ অধীনত ১০৮ ব্যৱস্থাই জৰুৰীকালীন সেৱা আগবঢ়োৱা সেৱাই ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিছে৷ চৰকাৰী তথ্য অনুসৰি এই সময়চোৱাত ৬৬ গৰাকী ক’ভিড-১৯ত, ৩৪৯ গৰাকী গৰ্ভৱতী, ১৭২ গৰাকী পেটৰ বিষত, ৬০ গৰকী টিউমাৰত, ৩৭ গৰাকী শ্বাসপ্ৰশ্বাস সমস্যাত, ৩৩ গৰাকী জ্বৰত, ৩৯ গৰাকী হৃদপিণ্ড আদি অসুখত ভোগা লোকক সেৱা আগবঢ়াইছে৷ ১০৮ সেৱাত জড়িতসকলৰ এনে মানৱ সেৱাৰ  বাবে বিভিন্ন অঞ্চলৰ ৰাইজে প্ৰশংসা কৰিছে৷

গৰৈমাৰীত ৰাইজৰ হাতত আটক মহিলাসহ ২ ড্ৰাগছ ব্যৱসায়ী

গৰৈমাৰীত ৰাইজৰ হাতত আটক মহিলাসহ ২ ড্ৰাগছ ব্যৱসায়ী

সোণতলী

দীৰ্ঘদিনৰে পৰা এচাম দুষ্ট চক্ৰই নিৰ্বিঘ্নে চলাই অহা ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে সচেতন ব্যক্তিসকলে বিশেষ তৎপৰতা অৱলম্বন কৰিছে দক্ষিণ কামৰূপত৷ উল্লেখ্য যে দক্ষিণ কামৰূপৰ ছয়গাঁও আৰক্ষী থানাৰ অন্তৰ্গত গৰৈমাৰীৰ চাম্পুপাৰা, শিঙিমাৰী অঞ্চলৰ পিছত এইবাৰ ঘোৰামাৰা গাঁৱত ১০ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ধৰা পৰিছে এক দম্পতী৷ জানিব পৰা মতে ড্ৰাগছ ব্যৱসায়ী দুজন ছয়গাঁৱৰ দাস পাৰা গাঁৱৰ জামাল উদ্দিন আৰু তেওঁৰ পত্নী নুৰজাহান বেগম৷ ইতিমধ্যে ধৃত ড্ৰাগছ ব্যৱসায়ী দুজনক ৰাইজে জোৰশিমুলী আৰক্ষীৰ হাতত গতাই দিছে৷  আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ী দুজনৰ পৰা দুটা মবাইল ফোন আৰু এটা নম্বৰবিহীন আপাছি বাইক জব্দ কৰিছে বুলি জানিব পৰা গৈছে৷ গৰৈমাৰী অঞ্চলত  বাৰে বাৰে সচেতন ৰাইজৰ হাতত ড্ৰাগছ ব্যৱসায়ী কৰায়ত্ত হোৱাৰ পিছতো জিলা প্ৰশাসন আৰু স্থানীয় আৰক্ষীয়ে কি কাৰণে এই অসামাজি চক্ৰটোৰ মূল ঘাটি উৎখাৎ কৰা নাই সেইটোৱে আজিৰ তাৰিখত সচেতন মহলৰ মাজত লাখটকীয়া প্ৰশ্ন উত্থাপন হৈছে৷

নভেল ক’ৰ’ণা ভাইৰাছ পটভূমিত প্ৰথমখন অসমীয়া গ্ৰন্থৰ প্ৰস্তুতি সম্পূৰ্ণ

ক'ৰ’ণা সম্পৰ্কীয় প্ৰথমখন অসমীয়া গ্ৰন্থ 'ক'ৰোনা- শ্বাসৰুদ্ধ সময়ৰ দস্তাবেজ'

নগাঁও

আজি বিশ্বৰ মানৱ জাতি তথা মানৱ সভ্যতা গভীৰ সংকটত। মাত্ৰ কেইটামান মাহৰ পূৰ্বে আধুনিক বিজ্ঞান তথা তথ্য প্ৰযুক্তিৰে আকাশ চুব পৰা চীনৰ য়ুহান প্ৰদেশত আবিৰ্ভাৱ ঘটিছিল এটা অচিন ভাইৰাছৰ। মাত্ৰ এটা সপ্তাহৰ ভিতৰত  সদাব্যস্ত য়ুহানলৈ এই অচিন ভাইৰাছটোৱে  নমাই আনিলে মৰিশালীৰ নিস্তব্ধতা। যি সময়ত নভেল ক’ৰ’ণা ক’ভিড-১৯ নামৰ ভাইৰাছে চীনত নৰসংহাৰ চলাইছিল সেইখিনি সময়ত সমগ্ৰ বিশ্ববাসীয়ে সপোনতো ভবা নাছিল এই ক’ভিড-১৯ৰ আগ্ৰাসনে মাত্ৰ কেইটামান মাহৰ ভিতৰত সমগ্র বিশ্বকে স্তব্ধ কৰি দিব বুলি। অতি তীব্ৰগতিত সংক্ৰমিত বিষাক্ত ক’ভিড-১৯এ সমগ্ৰ বিশ্বৰ দুশৰো অধিক দেশত প্ৰৱেশ কৰিবলৈ সময় লাগিল মাত্ৰ চাৰিটা মাহ।আজি বিশ্বৰ গতিশীল মানৱ জাতিক লকডাউনৰ নামত পিঞ্জৰাবদ্ধ কৰিলে নভেল ক’ৰোনাই। আধুনিক বিশ্বক গতিৰুদ্ধ কৰি দিয়া ক’ভিড-১৯ৰ ভয়াবহ নৰসংহাৰৰ ওচৰত হাৰ মানিবলৈ বাধ্য হ’ল বিশ্বৰ বহু শক্তিশালী ৰাষ্ট্ৰ। দিশহাৰা তথা অসহায় হৈ পৰিছে সৌৰজগতত বিচৰণ কৰি ফুৰা আধুনিক বিজ্ঞান৷ এই বিষাক্ত ভাইৰাছটো আৰু বিশ্ব মানৱৰ জীৱনলৈ নামি অহা অভিশপ্ত এই সময়খিনিৰ পটভূমিত নগাঁৱৰ সাংবাদিক মুৰুলী বৰুৱাই লিখি উলিয়াইছে ক’ৰ’ণা সম্পৰ্কীয় প্ৰথমখন অসমীয়া গ্ৰন্থ ‘ক’ৰোনা- শ্বাসৰুদ্ধ সময়ৰ দস্তাবেজ’৷ গ্ৰন্থখন প্ৰকাশৰ বাবে আগবাঢ়ি আহিছে অসমৰ এক অভিজাত প্ৰকাশন গোষ্ঠী নগাঁৱৰ ‘ক্ৰান্তীকাল’ প্ৰকাশন৷ প্ৰায় ২৫০ পৃষ্ঠাৰ এই গ্ৰন্থখনৰ বেটুপাতৰ পৰিকল্পনা প্ৰকাশক কৈলাশ ৰাজখোৱাৰ৷ জুন মাহৰ পহিলা সপ্তাহতে গ্ৰন্থ উন্মোচিত হ’ব৷

দৰঙৰ নামখলাত শিক্ষাৰ সজুলি প্ৰদান অধ্যাপক খনিন্দ্ৰ কলিতাৰ

দৰঙৰ নামখলাত শিক্ষাৰ সজুলি প্ৰদান অধ্যাপক খনিন্দ্ৰ কলিতাৰ ৷

দৰং

কৰ’নাৰ আতংকময় পৰিবেশত দেশজুৰি চলি থকা তৃতীয় পৰ্যায়ৰ লকডাউনৰ সময়ত ব্যতিক্ৰমী মহানুভৱতা৷ লকডাউনৰ সৰ্বাত্মকৰূপত প্ৰভাৱ পৰিছে অসমৰ প্ৰায়বোৰ অঞ্চলত৷ এই লকডাউন ফলত বহু মানুহৰ খাদ্য সামগ্ৰীৰ নাটনি হৈছে যদিও একাংশ দল-সংগঠন তথা ছাত্ৰ নেতা, সমাজ সচেতক ৰাইজ আগুৱাই আহিছে দৰিদ্ৰক সহায়ৰ উদ্দেশ্যে৷ ইফালে বিদ্যালয়বোৰত বন্ধৰ ফলত ছাত্ৰ-ছাত্ৰীসকল ঘৰতেই অধ্যয়নত ব্যস্ত৷ সেয়ে ছাত্ৰ-ছাত্ৰীৰ বাবে ব্যতিক্ৰমী উদেশ্য আগত ৰাখি উপস্থিত হ’ল দৰঙৰ স্বস্বগাঁও দগিয়াপাৰাত এজন শিক্ষিত লোক৷ এই গাঁওখনতে জন্মলাভ কৰা ঐতিহ্যমণ্ডিত দৰং মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক খনিন্দ্ৰ কুমাৰ কলিতা৷ সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য অৰূপ কলিতাক লগত লৈ প্ৰায় ১৫০জন ছাত্ৰ-ছাত্ৰীক পাঠদান কৰাৰ উপৰি কিছু শিক্ষাৰ সজুলি বিতৰণ কৰে৷ খনিদ্ৰ কলিতাই মতপ্ৰকাশ কৰে যে লকডাউন সময়ত যাতে ছাত্ৰ-ছাত্ৰীৰ ওপৰত কোনো ধৰণৰ  প্ৰভাৱ নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ সকলোকে আহ্বন জনায়৷

থানাত মহিলা আৰক্ষীক চৰ মৰাৰ ভাবুকি দি গ্ৰেপ্তাৰ ৰূপাৰানী ভূঞা : ন্যায়িক জিম্মালৈ প্ৰেৰণ

মঙলদৈ

অৱশেষত আৰক্ষী গ্ৰেপ্তাৰ কৰিলে বিৰ্তকিত প্ৰবক্তা ৰূপাৰাণী ভূঞাক। বুধবাৰে দৰং জিলা আৰক্ষীয়ে ৰূপাৰাণী ভূঞাক গ্ৰেপ্তাৰ কৰি বৰ্তমান থানাতে ৰাখিছে। প্ৰবক্তাগৰাকীয়ে কিছুদিনৰ পৰা সামাজিক মাধ্যমত আপলোড কৰা বিতৰ্কিত পোষ্টৰ ওপৰত ভিত্তি কৰি বহুকেইটা সংগঠনে এজাহাৰো দাখিল কৰিছিল। উল্লেখ্য যে মঙলদৈ থানাৰ মহিলা কোষৰ উপ পৰিদৰ্শিকাক দুৰ্ব্যৱহাৰ কৰাকলৈবুধবাৰে কাৰাগাৰলৈ প্ৰেৰণ কৰে মঙলদৈ মহাবিদ্যালয়ৰ প্ৰৱক্তা ৰূপাৰাণী ভূঞা। ছ’চিয়েল মিডিয়াত চৈয়দ আব্দুল মালিকৰ কবিতা বিকৃতকৰণ, সাম্প্ৰদায়িক পোষ্ট লিখা আদি কেবাটাও বিষয়কলৈ দৰং আৰক্ষীয়ে দিনৰ ভাগত সোধপোচ কৰি থকাৰ সময়তে তদন্তকাৰী বিষয়া টুইংকল গোস্বামীক চৰিয়াবলৈ উদ্যত হয়। এইলৈ ২৬৪/২০ নং গোচৰ ৰুজু কৰে আৰু আৰক্ষীয়ে কৰ্তব্যত বাধা দানৰ ধাৰাত কাৰাগাৰতৈ প্ৰেৰণ কৰে৷ লক্ষনীয় যে ভূঞাৰ বিৰুদ্ধে মঙলদৈ থানাত দুটা আৰু হাতীগাঁও থানাত মুঠতে ৩টা গোচৰ ৰুজু হয়। বিপৰীতে ভূঞাই ছ’চিয়েল মিডিয়াত ভাবুকি, অশালীন ব্যৱহাৰ কৰাকলৈ আন এটা গোচৰ ৰুজু কৰে। সমুদায় ৪টা গোচৰৰ তদন্ত চলি আছিল আৰু বুধবাৰে বক্তব্য গ্ৰহণৰ বাবে ভূঞা উপস্হিত হয় দিনৰ প্ৰায় ১২ বজাত। তদন্তৰ সময়ত পোনতে আৰক্ষী অধীক্ষকৰ কাৰ্যালয় আৰু পাছলৈ মঙলদৈ থানাৰ মহিলা কোষত দৰঙৰ হেডকোৱাৰ্টাৰ ডিএছপি মামনি হাজৰিকাই ভূঞাৰ বক্তব্য গ্ৰহণ কৰাৰ উপৰি উপ পৰিদৰ্শক টুইংকল গোস্বামীয়েও সোধপোচ কৰে। কিন্তু ভূঞাই বাৰে বাৰে তেওঁৰ বিৰুদ্ধে এফবিত পোষ্ট দিয়াসকলক কিয় আটক কৰা নাই তাকলৈ বাক বিতণ্ডাত লিপ্ত হয়। ইয়াৰ মাজতে বৈদ্যুতিন মাধ্যমত বক্তব্য ৰাখিবলৈ ওলাই অহাত ভূঞাক হাতত ধৰি বাধা দিয়াত গোস্বামীক চৰিয়াম বুলি ভাবুকি দিয়ে। সমগ্ৰ সময়চোৱাত তীব্ৰ বাক বিতণ্ডাৰ পাছত আবেলি ৫ বজাত উপ পৰিদৰ্শক গোস্বামীয়ে দিয়া এজাহাৰৰ ভিত্তিত কাৰাগাৰলৈ প্ৰেৰণ কৰা বুলি মঙলদৈ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিৰঞ্জন বৰুৱাই সদৰি কৰে। আৰক্ষীয়ে ভূঞাক আৰু জিম্মাত নলয় বুলিও প্ৰকাশ কৰে। ইপিনে ভূঞাক কৰায়ত্ত কৰাকলৈ গুণমুগ্ধসকলে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি হিন্দুৰ নাম ল’লেই সাম্প্ৰদায়িক হৈ যায় বুলি ক্ষোভ প্ৰকাশ কৰে। তেওলোকে ভূঞাই দাখিল কৰা আনখন এজাহাৰ সন্দৰ্ভত কি পদক্ষেপ লৈছে তাক লৈ প্ৰশ্নৰ অৱতাৰণা কৰিছে।

জীৱ-জন্তুৰ বিপদ হ’লেই তৎমুহূৰ্তত উপস্থিত হয় নিৰ্দিষ্ট স্থানত জামুগুৰিহাটৰ প্ৰকৃতিপ্ৰেমী

জামুগুৰিহাটৰ বৰভগীয়া গাঁৱৰ এগৰাকী প্ৰকৃতিপ্ৰেমী যুৱক পল্লৱ জৈন (ৰাজু) ৷

জামুগুৰিহাট

হেল্ল দাদা, অলপ সোনকালে আহিব পাৰিব নেকি, আমাৰ ঘৰত সাপ এডাল ওলাইছে, আমাৰ ফালে হাতী ওলাইছে, আমাৰ ফালে গঁড় ওলাইছে নতুবা কোনো জীৱ-জন্তু বিপদ বা ৰোগত পৰিছে ইত্যাদি ইত্যাদিৰ কেৱল এটা ফোনকল৷ ১ মিনিট সময়ো অপচয় নকৰাকৈ খবৰ দিওতাজনৰ খবৰৰ সমাধা কৰিবলৈ নিৰ্দিষ্ট স্থানলৈ গতি কৰে লোকজন৷ সেয়া লাগিলে দিনতেই হওক বা ভৰ নিশাই হওক নতুবা পুহ মহীয়া দেহ কপোৱা ঠাণ্ডাই নহঁওক কিয়৷  জামুগুৰিহাটৰ বৰভগীয়া গাঁৱৰ এগৰাকী প্ৰকৃতিপ্ৰেমী যুৱক পল্লৱ জৈন (ৰাজু)ৰ কথা কোৱা হৈছে৷ এসময়ত জামুগুৰিহাটৰ কোনো লোক ৰোগত আক্ৰান্ত হ’লেই ৰোগীগৰাকীক লগত লৈ পৰিয়াল ধাপলি মেলা “জৈন ফাৰ্মাচী”ৰ স্বত্বাধিকাৰী সকলোৰে বাবে পৰিচিত তথা সকলো ৰোগ নিৰাময়ৰ দিশত পাৰ্গত প্ৰয়াত ফাৰ্মাচিষ্ট পিতৃ হুকুম চান্দ জৈনৰ পদাংক অনুকৰণ কৰিয়েই সেইখন ঔষধৰ বিপনীকেই (ফাৰ্মাচী) নীতি নিয়ম তথা দায়িত্বসহকাৰে পৰিচালনা কৰি পৰিয়াল পোহপাল দিয়া পল্লৱ জৈন (জামুগুৰিহাটত ৰাজু দা বুলি পৰিচিত) বৰ্তমান এগৰাকী ঔষধ বিক্ৰেতাই নহয় এগৰাকী প্ৰকৃতিপ্ৰেমী লোক বুলিয়েই সকলোৱে চিনি পায়৷ নিজৰ পৰিয়াল পোহপাল দিয়া উপাৰ্জনৰ একমাত্ৰ পথ ঔষধৰ বিপনীৰ কামতকৈ এইগৰাকী ব্যক্তিয়ে নিজৰ বেছিভাগ সময় দিয়ে প্ৰকৃতিৰ জীৱ-জন্তুৰ চৰাই-চিৰিকতিৰ বাবেই৷ প্ৰকৃতিৰ কোনো জীৱ-জন্তুক মানুহে যাতে আক্ৰমণ নকৰে নতুবা হত্যা নকৰে তাৰ বাবেই দিনে নিশাই দৌৰি ফুৰে ৰাজু জৈন৷ অঞ্চলটোৰ সকলোৰে বাবে চিনাকী নাম হৈ পৰা এইগৰাকী ব্যক্তিলৈ যদি কোনো লোকৰ ঘৰৰ পৰা সাপ ওলোৱাৰ খবৰ দিয়ে তেন্তে লগে লগে হাতত এডাল ষ্টিক আৰু এডাল চুঙা আকৃতিৰ পাইপ লৈ উদ্ধাৰৰ বাবে সেই স্থানত উপস্থিত হয় আৰু উদ্ধাৰ কৰে সেই সাপডাল৷ সি লাগিলে সাপেই নহঁওক কিয়৷ পৰৱৰ্তী সময়ত কোনো মুকলি ঠাইত গৈ নতুবা কাজিৰঙা ষষ্ঠ সংযোজন এলেকাত এৰি দিয়ে বন্দী কৰি লৈ অনা সাপডাল৷ উল্লেখ্য যে গ্ৰামাঞ্চলত সাপ ওলালেই একাংশই সাপডালক হত্যা কৰি পেলোৱা পৰম্পৰা আৰম্ভ হোৱাত পাঁচ বছৰ পূৰ্ৱেই ৰাজু জৈনে সাপ হত্যা বন্ধ কৰাৰ স্বাৰ্থত সাপ ধৰিবলৈ আৰম্ভ কৰিছিল আৰু সেই দিন ধৰি উদ্ধাৰ কৰা সেই সাপবোৰক লগে লগে কোনো নিৰ্জন নতুবা কাজিৰঙা ষষ্ঠ সংযোজনৰ মুকলি ঠাইত এৰি দি আহিছে৷ বৰ্তমানলৈকে ৰাজু জৈনে প্ৰায় চাৰিশৰো অধিক সাপ উদ্ধাৰ কৰি নিৰ্জন ঠাইত এৰি দিছে বুলি জানিব পৰা গৈছে৷ অন্যহাতে জামুগুৰিহাটৰ দক্ষিণ-পশ্চিম অঞ্চলত প্ৰায়েই দেখা দিয়া হাতী-মানুহৰ সংঘাটৰ সময়ত বন বিভাগৰ উপস্থিতিৰ পূৰ্বে ৰাইজে সেই স্থানত বিচাৰে কেৱল এইগৰাকী প্ৰকৃতিপ্ৰেমী ৰাজু জৈনক৷ কাৰণ নিশা হাতী বনাঞ্চললৈ খেদি পঠোৱাত পুৱতি নিশালৈকে ৰাইজৰ লগত থাকি কাম কৰি ভাল পায় এইগৰাকী প্ৰকৃতিপ্ৰেমীয়ে৷ তদুপৰি ৰাজু জৈনে আঘাতপ্ৰাপ্ত পশু-পক্ষী, চৰাই চিৰিকতি আদি ধৰি আনি নিজা খৰচত চিকিৎসা কৰি সুস্থ কৰাই এৰি দিয়ে নিৰ্দিষ্ট স্থানত৷ নিজৰ একমাত্ৰ উপাৰ্জনৰ পথ ঔষধৰ বিপনীখনো কোনোবাদিনা বন্ধ ৰাখি নতুবা খবৰ পোৱাৰ লগে লগেই খুলি ৰখা ঔষধৰ বিপনীখনো বন্ধ কৰি প্ৰকৃতিৰ জীৱ-জন্তুৰ মৰমৰ বাবেই উদ্ধাৰ নতুবা নিৰাপদ স্থানলৈ পঠিয়াই দিয়াৰ বাবে নিৰ্দিষ্ট স্থানলৈ ধাপলি মেলে ৰাজু জৈনে৷ নিঃস্বাৰ্থভাৱে প্ৰকৃতিৰ বাবে জীৱনৰ বহুখিনি সময় দিয়া ৰাজু জৈন সেয়ে জামুগুৰিহাটৰ সকলোৰে বাবেই প্ৰিয় ব্যক্তি৷ নিজৰ জীৱনকো কোনোবা দিনা তুচ্ছজ্ঞান কৰি বনৰীয়া হাতী, গঁড় আদিৰ মুখামুখি হৈ ৰাইজক বিপদৰ মুহূৰ্তত সহায় কৰা তথা প্ৰকৃতিৰ জীৱ-জন্তু, পশু-পক্ষীক আপোন পৰিয়াল বুলি পৰিচয় দি অহা পল্লৱ জৈনৰ এই যাত্ৰা অব্যাহত থাকক৷ অন্যহাতে প্ৰকৃতিৰ সুৰক্ষাৰ দায়িত্বত থকা বিভাগেও নিঃস্বাৰ্থভাৱে এনেবোৰ কৰ্মত আত্মনিয়োগ কৰা ব্যক্তিক উৎসাহ যোগাবৰ বাবে তথা আগন্তুক দিনত অধিক উৎসাহেৰে কাম কৰি যোৱাত সহায়ক হোৱাকৈ এক ইতিবাচক কৰ্ম আঁচনি প্ৰস্তুত কৰি এনেবোৰ লোকক উদগনি যোগোৱাত আগভাগ ল’ব লাগে বুলিও সচেতন মহলে মন্তব্য কৰিছে৷

বাইহাটা চাৰিআলিত তিনি তৰপীয়াকৈ ব্যৱসায়িক প্ৰতিষ্ঠান খোলাৰ অনুমতি

বাইহাটা চাৰিআলিত তিনি তৰপীয়াকৈ ব্যৱসায়িক প্ৰতিষ্ঠান খোলাৰ অনুমতি

বাইহাটা চাৰিআলি

ক’ৰ’ণা ত্ৰাসৰ বাবে দেশত চলিছে এতিয়া তৃতীয় পৰ্যায়ৰ লকডাউন। এই লকডাউনত বৰ্তমান গ্ৰীন জ’নত থকা কামৰূপ জিলাৰ বাইহাটা চাৰিআলিত  ব্যৱসায়ী সন্থাৰ সহযোগ প্ৰশাসনে তিনি ৰঙৰ চিহ্ন ব্যৱহাৰ কৰি (এক তিতীয়াংশ ৰূপত) তিনি তৰপীয়াকৈ ব্যৱসায়িক প্ৰতিষ্ঠান খোলাৰ অনুমতি দিয়ে। বাইহাটা চাৰিআলিত থকা ফাৰ্মাচী, অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ দোকান গেলামাল বাদ দি অঞ্চলটোৰ সমূহ ব্যৱসায়িক প্ৰতিষ্ঠানৰ সন্মুখভাগত প্ৰশাসনে  ৰঙা, হালধীয়া, নীলা ৰঙৰ চিহ্ন ব্যৱহাৰ কৰে। চৰকাৰৰ নিৰ্দেশনা অনুষায়ী তৃতীয় পৰ্যায়ৰ ১৭ মে’লৈ দিয়া লকডাউনৰ সময়ছোৱাত এক তৃতীয়াংশ ৰূপত বাইহাটা চাৰিআলি অঞ্চলৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ স্থানীয় প্ৰশাসনৰ হৈ কমলপুৰ ৰাজহ চক্ৰ বিষয়া ড° অংকিতা শৰ্মা, বাইহাটা চাৰিআলি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰূপম হাজৰিকাই ৰঙা চিহ্ন ব্যৱহৃত মে’ মাহৰ ৬, ৯, ১২, ১৫ তাৰিখ, হালধীয়া চিহ্ন ব্যৱহৃত মে’ মাহৰ ৭, ১০, ১৩, ১৬ তাৰিখ আৰু নীলা চিহ্ন ব্যৱহৃত মে’ মাহৰ ৮, ১১, ১৪, ১৭ তাৰিখে খুলিব পাৰিব বুলি জানিবলৈ দিয়ে।

বাইহাটা চাৰিআলিত কামৰূপ উন্নয়ন ন্যাসৰ উদ্যোগত আৰক্ষী, দৰিদ্ৰক বিনামূলীয়াকৈ মাস্ক বিতৰণ

বাইহাটা চাৰিআলিত আজি কামৰূপ উন্নয়ন ন্যাসৰ উদ্যোগত বিনামূলীয়াকৈ মাস্ক বিতৰণ কৰা হয়।

বাইহাটা চাৰিআলি

কামৰূপ জিলাৰ বাইহাটা চাৰিআলিত আজি কামৰূপ উন্নয়ন ন্যাসৰ  উদ্যোগত বিনামূলীয়াকৈ  মাস্ক বিতৰণ কৰা হয়। কমলপুৰ ৰাজহ চক্ৰ বিষয়া ড° অংকিতা শৰ্মা, বিশিষ্ট ব্যৱসায়ী ৰবি জামাৰ জড়িয়তে বাইহাটা চাৰিআলিত অঞ্চলটোত কৰ্তব্যৰত  আৰক্ষী, ঠেলা-ৰিস্কা চালক আদি দৰে শতাধিক লোকক বিতৰণ কৰা হয়। কামৰূপ উন্নয়ন ন্যাসটোৰ উদ্যোক্তা ইন্দ্ৰজিৎ ডেকাই পৰৱৰ্তীকালত অনুৰূপ ধৰণে ৰঙিয়া মহকুমাৰ ভিন্ন এলেকাতো দৰিদ্ৰ লোকসকলক এনেদৰে মাস্ক বিতৰণ কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব বুলি জানিবলৈ দিয়ে।

পাভৈ ছাত্ৰ সন্থাৰ সভাপতি অভিজিৎ শইকীয়াৰ আদ্যশ্ৰাদ্ধত ড° সমুজ্জল কুমাৰ ভট্টচাৰ্য

পাভৈ ছাত্ৰ সন্থাৰ সভাপতি অভিজিৎ শইকীয়াৰ আদ্যশ্ৰাদ্ধত ড° সমুজ্জল কুমাৰ ভট্টচাৰ্য

পাভৈ

উদীয়মান যুৱ নেতা তথা পাভৈ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি অভিজিৎ শইকীয়াৰ আদ্যশ্ৰাদ্ধ গৃহত বুধবাৰে উপস্থিত হয় আছুৰ নেতৃত্ব। সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জল কুমাৰ ভট্টচাৰ্য, সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথৰ লগতে প্ৰায় ১০ গৰাকী আছুৰ শীৰ্ষস্থানীয় নেতৃত্ব প্ৰয়াত ছাত্ৰ নেতাগৰাকীৰ পাভৈ হাতীশালস্থিত বাসগৃহত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। আছুৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই সাংবাদিকৰ আগত মন্তব্য কৰে যে মানৱীয় ধৰ্ম পালন কৰিবলৈ গৈ অকাল মৃত্যুক সাৱটি লোৱা অভিজিত শইকীয়াৰ পৰিয়ালৰ লগতে আছু সদায় সাৰথি হৈ থাকিব। আনহাতে আছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি দীপাংক কুমাৰ নাথে অভিজিৎ শইকীয়াৰ পৰিয়ালক সমবেদনা জনাই কয় যে অভিজিৎ এজন সুদক্ষ আৰু মেধাসম্পন্ন যুৱক আছিল৷ অভিজিতৰ কৰ্মৰাজিক জীয়াই ৰাখিব লাগিব বুলি উল্লেখ কৰি আছুৰ কেন্দ্ৰীয় সভাপতিগৰাকীয়ে ছাত্ৰ সন্থাৰ মজিয়াত অভিজিতৰ পৰিয়ালটিৰ প্ৰতি এক বিশেষ স্থান সদায় থাকিব বুলিও মন্তব্য কৰে। উল্লেখযোগ্য যে যোৱা ২৩ এপ্ৰিলত বিশ্বনাথ জিলাৰ অসম-অৰুণাচল সীমান্তবৰ্তী তিনিসুঁতি, ফুলবাৰী, জিৎপুৰ, বলোদঙা আদি অঞ্চলৰ ৰাইজৰ মাজত লকডাউনৰ সময়ত সাহায্য সামগ্ৰী বিতৰণ কৰি উভতি অহাৰ পথত নপমুৱা-মিজিকাৰ সমীপত দুৰ্ঘটনাত পতিত হৈ ২৭ এপ্ৰিলৰ বিয়লি ছাত্ৰ নেতাগৰাকীয়ে দিছপুৰৰ জিএনআৰচি চিকিৎসালয়ত মৃত্যুৰে যুঁজি শেষ নিশ্বাস ত্যাগ কৰিছিল। বুধবাৰৰ শ্ৰদ্ধাঞ্জলি অনষ্ঠানত আছুৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক দুলদুল বৰকটকী, সহকাৰী সাধাৰণ সম্পাদক প্ৰকাশ দাস, সাংগঠনিক সম্পাদক প্ৰজ্ঞান ভূঞা, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য মৃদুল হাজৰিকা, নিতুল বৰা, পৰিস্মিতা বৰা, সদৌ বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ধ্ৰুৱজ্যোতি বৰা, সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা ভাৰত দাস, শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি অভিজিত নাথ, সাধাৰণ সম্পাদক মনোজ দাসৰ লগতে বিশ্বনাথ জিলাৰ বহুকেইটা দল সংগঠনৰ নেতৃত্ব উপস্থিত থাকে।