Home Blog Page 3283

পাক হাইকমিচনাৰক জনালে ভাৰতৰ বিদেশ মন্ত্ৰালয়ে : শীঘ্ৰে আধা কৰা হ’ব পাক হাইকমিচনাৰৰ কৰ্মীৰ সংখ্যা ।

দৈনন্দিন বাৰ্তাৰ ডেস্ক : পাক দূতাবাসৰ কৰ্মীসকলৰ বহুৱে দেশত গুপ্তচৰৰ কাম কৰিছে৷ লগতে উগ্ৰপন্থীৰ হৈ কামত লিপ্ত আছে৷ ভিয়েনা চুক্তি মনা নাই পাকিস্তানে৷ দিল্লীত পাক হাইকমিচনাৰ দপ্তৰত কৰ্মীৰ সংখ্যা আধা কৰা হ’ব৷ পাকিস্তানক এই বাৰ্তা দিলে ভাৰতে৷ এক সপ্তাহৰ ভিতৰত কৰ্মীৰ সংখ্যা আধা কৰা হ’ব বুলি পাক কমিচনাৰ দায়িত্বৰ বিষয়াক বিদেশ মন্ত্ৰালয়ে জনাই দিয়ে৷ আনহাতে ইছলামাবাদত থকা ভাৰতীয় হাইকমিচনাৰৰ কৰ্মীৰ সংখ্যা আধা কৰাৰ সিদ্ধান্ত লৈছে ভাৰত চৰকাৰে৷ বিদেশ মন্ত্ৰালয়ে এক বিবৃতিত জনায় যে পাকিস্তান আৰু দেশখনৰ বিষয়াসকলৰ আচৰণ ভিয়েনা কনভেনচন আৰু কূটনীতিক আৰু দূতাবাসৰ কৰ্মীসকলৰ সৈতে কি ব্যৱহাৰ কৰা হ’ব তাক লৈ সমগ্ৰ দ্বিপাক্ষিক চুক্তিৰ পৰিপন্থী। বৰং সীমান্তত সন্ত্ৰাস আৰু হিংসা বিয়পাই দিনাৰ নীতি প্ৰতিষ্ঠা কৰিছে৷ সেই বাবেই ভাৰতে দিল্লীৰ পাকিস্তান দূতাবাসৰ কৰ্মীৰ সংখ্যা পঞ্চাশ শতাংশ কমোৱাৰ সিদ লৈছে বুলি বিবৃতিত জনাইছে৷ একেই অনুপাতত ইছলামাবাদত থকা ভাৰতীয় দূতাবাসৰ কৰ্মীৰ সংখ্যা সাত দিনৰ ভিতৰত কমোৱা হ’ব বুলি বিবৃতিত বিদেশ মন্ত্ৰালয়ে জনাইছে৷

মধ্যস্থতাকাৰীৰ ভূমিকা পালনত ব্যৰ্থ হয় ৰাছিয়া : সীমান্ত সমস্যাত তৃতীয় পক্ষৰ হস্তক্ষেপ নিবিচাৰে ভাৰত-চীনে ।

দৈনন্দিন বাৰ্তাৰ ডেস্ক : সীমান্তত ভাৰত আৰু চীনৰ মাজত সংঘৰ্ষ৷ দুয়োখন দেশৰ দ্বন্দ্বৰ বাবেই ত্ৰিপাক্ষিক বৈঠকত মধ্যস্থতাকাৰীৰ ভূমিকা পালনত ব্যৰ্থ  হয় ৰাছিয়া৷ সীমান্ত সমস্যাত তৃতীয় পক্ষৰ হস্তক্ষেপ নিবিচাৰে ভাৰত আৰু চীনে৷ বৈঠকৰ শেষত এই কথা জনালে ৰাছিয়াৰ বিদেশ মন্ত্ৰীয়ে৷ ভাৰত-চীন সীমান্ত সংঘাতত ৰাছিয়াৰ ভূমিকা গুৰুত্বপূৰ্ণ হৈ উঠিব পাৰে৷ এয়াই আশা কৰিছিল কূটনীতিবিদে৷ সেই আশাত চেঁচা পানী ঢালিলে৷ উল্লেখ্য যে পূৱ লাডাখ সীমান্তত শান্তি ঘুৰাই আনিবলৈ মঙলবাৰে ভাৰ্চুৱেল ত্রিপাক্ষিক বৈঠকত বহিছিল ৰাছিয়া, ভাৰত আৰু চীনৰ বিদেশ মন্ত্ৰীসকল৷ কিন্তু সেই বৈঠক ফলপ্রসূ হৈ নুঠিল৷ সেই কথা জনালে ৰাছিয়াৰ বিদেশ মন্ত্ৰী ছাৰজেই লাভৰোভে৷ তেওঁ কয়, আমাৰ ধাৰণা সীমান্ত সংক্ৰান্ত বিষয়ত ভাৰত-চীনে তৃতীয় পক্ষ কাৰোৰে সহায় নিবিচাৰে৷ আমাৰ মতে এই বিষয়ে তেওঁলোকক সহায় কৰাৰো প্ৰয়োজন নাই৷ ত্রিপাক্ষিক বৈঠকত ভাৰতৰ বিদেশ মন্ত্রী এছ জয়শংকৰে যোৱা সপ্তাহত গালৱানত হোৱা ঘটনা কয়৷ চীনৰ লালফৌজৰ হাতত ভাৰতৰ ২০জন সেনা নিহত হোৱাত ক্ষোভপ্রকাশ কৰে৷ সীমান্তত সংঘাতৰ বাবে চীনৰ ওপৰত অৰ্থনৈতিক ব্যৱস্থা গ্ৰহণৰ কথা আহি পৰিছে৷ আনহাতে নিজৰ সিদ্ধান্তত শেষ পৰ্যন্ত অটল থাকে চীনৰ বিদেশ মন্ত্ৰী ৷

বাঘজানৰ ঘটনাৰ সন্দৰ্ভত বাঘজান মিলনজ্যোতি যুৱ সংঘৰ সংবাদমেল : অইল ইণ্ডিয়া আৰু ৰাজ্য চৰকাৰক শেষ সকীয়নি : অন্যথা সমজুৱা আত্মজাহৰ দৰে ভয়ঙ্কৰ কাৰ্যসূচীৰ লোৱাৰ ভাবুকি ।

ডিৰাক সীমান্ত : যোৱা ২৭ মে’ৰ পূৱা বাঘজান বি জি আৰ ৫ নং গেছ কুপত বিস্ফোৰণ সংঘটিত হৈ অপৰিবৰ্তিত অৱস্থাত নিৰ্গমন হৈ আছিল তেল সংমিশ্ৰিত গেছ । চিংগাপুৰৰ পৰা অহা বিশেষজ্ঞ দলটোৱে ১৪ দিনৰ দিনা তেল সংমিশ্ৰিত গেছ নিৰ্গমণ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰাৰ সময়তে অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটিছিল । অগ্নিকাণ্ডত জাহ গল বহুজনৰ ঘৰ-বাৰী । অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটা আজি ১৪ দিন পাৰ হৈ যোৱাৰ পিছতো জুই নিৰ্বাপন কৰিবলৈ সক্ষম হোৱা নাই ।  বিস্ফোৰিত দিন ধৰি অঞ্চলটোৰ ৰাইজে ভয়ত  নিজৰ আপোন ঘৰ-বাৰী এৰি আশ্ৰয় শিবিৰত থাকিব লগা হৈছে । এতিয়াও অগ্নিকাণ্ডৰ ফলতে অঞ্চটো ভূকম্পমানে বিৰাজ কৰি ৰাখিছে । যাৰ ফলত ঘৰসমূহত মেলিছে বৃহৎ বৃহৎ ফাট ।  বাঘজান ৫ নং গেছ কূপৰ কাণ্ডই সমগ্ৰ বাঘজানৰ লগতে মাগুৰি মতাপুং বিল আৰু ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ জৈৱ বৈচিত্ৰৰ প্ৰতি কঢ়িয়াই অনা ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি  যোৱা ১৯ জুন তাৰিখে অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে WB/DIB/T-396/08-09/243-A/131 নং পত্ৰ যোগে বাঘজান তৈলক্ষেত্ৰৰ সকলো ড্ৰিলিং আৰু খনন কায্য বন্ধ কৰিবলৈ জাননী জাৰি কৰিছিল যদিও নাটকীয়ভাবে উক্ত পত্ৰখন উঠাই লোৱাত ক্ষোভ প্ৰকাশ কৰিছে বাঘজান মিলনজ্যোতি যুৱ সংঘই । বিপদাপন্ন হৈ পৰা জীৱকুল, মৎস্যকুল তথা জৈৱ-বৈচিত্ৰৰ ভাৰসাম্য প্ৰতি গুৰুত্ব প্ৰদান কৰি এই সকলোবোৰৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ দাবী জনোৱাৰ লগতে ক্ষতিগ্ৰস্তসকলক উচিত তথা দীৰ্ঘম্যাদী ক্ষতিপূৰণ দিবলৈ যুৱ সংঘই দাবী জনাইছে । বৃহত্তৰ  বাঘজানত বৰ্তমান সময়ত এক অৰ্থনৈতিক বিপৰ্যয়ে দেখা দিছে ৷ বাঘজানৰ জৈৱ বৈচিত্ৰৰ প্ৰতি নামি আহিছে ঘোৰ আমানিশা ৷ প্ৰদূষিত হৈ পৰিছে বাঘজানৰ বায়ু, পানী, মাটি সকলো ৷ যাৰ বাবে তাৎক্ষণিকভাৱে সকলো ধৰণৰ দাবী পূৰণ কৰিবলৈ শেষ বাৰৰ কাৰণে ৰাজ্য চৰকাৰৰ লগতে অইল ইণ্ডিয়া লিমিটেডক আহ্বান জনাইছে সংঘৰ কৰ্মকৰ্তা সকলে ৷ অন্যথা সমজুৱা আত্মজাহৰ দৰে চৰম সিদ্ধান্ত লোৱাৰ ভাবুকি প্ৰদান কৰিছে ৷ 

ক’ৰোনা ৰোগীক সুস্থ কৰিবলৈ প্রথম আয়ুর্বেদিক ঔষধ পতঞ্জলিৰ ।

দৈনন্দিন বাৰ্তাৰ ডেস্ক : ক’ৰোনা ভাইৰাছত আক্ৰান্তক আৰোগ্য কৰিবলৈ সমগ্ৰ পৃথিৱীত গৱেষণা অব্যাহত আছে৷ ইতিমধ্যে ভেকছিন আবিষ্কাৰৰ দাবী কৰিছে৷ এইবাৰ আয়ুৰ্বেদিক শাস্ত্ৰও লাগি গ’ল ঔষধ আবিষ্কাৰৰ কামত৷ যোগগুৰু ৰামদেৱৰ কোম্পানী পতঞ্জলিয়ে প্ৰস্তুত কৰিলে ক’ৰোনা প্ৰতিৰোধী ঔষধ৷ এই ঔষধে মাত্ৰ এসপ্তাহতে সম্পূৰ্ণ সুস্থ কৰি তুলে ক’ৰোনা ৰোগী৷ মঙলবাৰে ঔষধৰ কথা এনেদৰে দাবী কৰিলে এই কোম্পানীটোৱে৷ ইয়াৰ আগেয়ে ক’ৰোনা ৰোধত গো-মূত্র পান বা যোগাভ্যাসৰ কথা শুনিবলৈ পোৱা গৈছিল ৰামদেৱৰ মুখত৷ এতিয়া পতঞ্জলিৰ তৰফৰ পৰা জনোৱা হ”ল যে ক’ভিড-১৯ ৰোধত বিশ্বৰ প্ৰথম আয়ুর্বেদিক ঔষধ তৈয়াৰ কৰিলে৷ এই ঔষধে প্ৰতিষেধক হিচাপে কাম নকৰিলেও ক’ৰোনা আক্ৰান্তক সুস্থ কৰি তুলিব৷ ‘কৰোনীল আৰু শ্বাসৰি’ নামৰ এই ঔষধ ক’ভিড ৰোগীৰ ওপৰত পৰীক্ষা কৰি চোৱা হৈছে৷ এই ঔষধ প্ৰয়োগত সুস্থতাৰ পৰিমাণ ১০০ শতাংশ বুলি কোম্পানীটোৱে উল্লেখ কৰিছে৷ আজি হৰিদ্বাৰত সাংবাদিকৰ আগত ৰামদেৱে সমগ্ৰ বিশ্ব ন’ভেল ক’ৰোনা ভাইৰাছৰ ভেকছিন বা ঔষধৰ অপেক্ষাত আছে৷ তেওঁ অতি গৌৰৱে কয়, পতঞ্জলি ৰিচাৰ্চ চেণ্টাৰ আৰু এনআইএমএছৰ অক্লান্ত চেষ্টাত প্রথম আয়ুর্বেদিক ঔষধ আমি আনিছো৷ ইয়াক ইতিমধ্যে ক’ৰোনা ৰোগীৰ ওপৰত পৰীক্ষা কৰি চোৱা হৈছে৷ যাৰ প্ৰমাণ আমাৰ হাতত আছে৷ এই ঔষধত তিনি দিনৰ পৰা সাত দিনৰ ভিতৰত ১০০ শতাংশ সুস্থ হৈ উঠে ক’ৰোনা আক্ৰান্ত৷ পতঞ্জলিৰ চিইঅ’ আচার্য বালকৃষ্ণই কয়, ৫৪৫ টকাত ইয়াৰ এটা কিট পোৱা যাব৷ ইয়াৰ দ্বাৰা চলিব এমাহ৷ অহা সপ্তাহৰ মাজভাগত পতঞ্জলিৰ ষ্ট’ৰত এই কিট উপলব্ধ হ’ব৷ ঘৰতে বহি ঔষধ বিচাৰাৰ বাবে এটা এপ অনা হৈছে৷ 

নগাঁৱত ক’ভিড আক্ৰান্তৰ সংখ্যা ৪৮৩ গৰাকীলৈ বৃদ্ধি ।

নগাঁও : নগাওঁ জিলাত ক’ভিড-১৯ ত আক্ৰান্তৰ সংখ্যা দিনে দিনে বৃদ্ধি পাবলৈ ধৰিছে। অৱশ্যে বিগত দিন কেইটাৰ তুলনাত আজি মাত্ৰ চাৰিজন লোক ক’ভিড-১৯ ত আক্রান্ত হোৱাটো জিলা স্বাস্থ্য বিভাগে নিশ্চিত কৰিছে। ইয়াকে লৈ জিলাখনত ক’ভিড আক্ৰান্তৰ সংখ্যা ৪৮৩ গৰাকীলৈ বৃদ্ধি পালে। ইপিনে আজি জিলা স্বাস্থ্য বিভাগে সুস্থ হৈ উঠা ক’ৰোনাত আক্রান্ত দুজন লোকক ঘৰলৈ যাবলৈ অনুমতি প্ৰদান কৰিছে। এই লোক দুজন মোৱামাৰী আদৰ্শ চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হৈছে। এই দুজনকে ধৰি জিলাখনত সুস্থ হৈ উঠা লোকৰ সংখ্যা ২৩১ জনলৈ বৃদ্ধি পালে। জিলাখনত ক’ৰোনা আক্ৰান্তৰ সুস্থতাৰ হাৰ প্ৰায় ৪৯%। আজি দিনটোত জিলাখনৰ ৫৬ টা কোৱাৰেণ্টাইন চেণ্টাৰত ৩৩৪৭ গৰাকী লোক কোৱাৰেণ্টাইন হৈ আছে। আজিৰ দিনটোত বহিঃ ৰাজ্যত আৱদ্ধ নগাঁৱৰ পাছশতাধিক লোক নগাঁৱলৈ আহিছে। আজি লৈকে জিলাখনলৈ বহিঃ ৰাজ্যৰ পৰা প্ৰায় ১২ হাজাৰ লোক আহিছে। আনহাতে আজি দিনটোত নগাওঁ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ক’ভিড হস্পিতালত ১১০ গৰাকী, কন্দলি আদৰ্শ প্ৰাথমিক চিকিৎসালয়ত ৩৭ গৰাকী, উজৰা গাওঁ আদৰ্শ চিকিৎসালয়ত ৩৩ আৰু মোৱামাৰী আদৰ্শ চিকিৎসালয়ত ২৯ গৰাকী চিকিৎসাধীন হৈ আছে।

বেতজান চাহ বাগিচাৰ নৈশ চকীদাৰক হত্যা । ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ : গোর্খা ছাত্ৰ সন্থাৰ গৰিহণা ।

তিনিচুকীয়া জিলাৰ মাকুম থানাৰ অন্তৰ্গত বেতজান চাহ বাগিচাৰ নৈশ চকীদাৰক অচিনাক্ত দুৰ্বৃত্তই হত্যা কৰে ।

ডিৰাক সীমান্ত : তিনিচুকীয়া জিলাৰ মাকুম থানাৰ অন্তৰ্গত বেতজান চাহ বাগিচাত যোৱা নিশা এক হত্যাকাণ্ড সংঘটিত হয় । বাগিছাখনৰ নৈশ চকীদাৰৰ দায়িত্বত থকা জেকি বাইগাৰ নামৰ লোকজনক কোনো অচিনাক্ত দুৰ্বৃত্তই কৰ্তব্যৰত অৱস্থাত চোকা অস্ত্ৰেৰে আঘাট হানী নৃশংসভাৱে হত্যা কৰে । এতিয়া ঘটনাটোক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ।  শেহতীয়াকৈ নৈশ চকীদাৰজনৰ হত্যাকাৰীক অতি শ্ৰীঘে কৰায়ত্তৰ কৰি উচিত শাস্তি বিহিবলৈ দাবী জনাই হিন্দু জাগৰণ মঞ্চ, আটছা আদিকে ধৰি বিভিন্ন দল সংগঠনক প্ৰতিবাদ মুখৰ হৈ পৰা দেখা গৈছে । সংগঠন কেইটাই মাকুমত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰিছে । অন্যহাতে আটছাই তিনিচুকীয়া জিলাৰ কাকপথাৰ, ডুমডুমা, মাকুম, ৰূপাই আদি অঞ্চল বিশেষত দোকান পোহাৰসমূহ বন্ধ কৰি দিয়া পৰিলক্ষিত হৈছে । ইফালে উক্ত ঘটনাক সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিয়ে তীব্ৰ গৰিহণা দিছে। তিনিচুকীয়া জিলা গোর্খা ছাত্ৰ সন্থাৰ  সম্পাদক অশোক লামাই এই ঘটনাৰ তীব্ৰ গৰিহনা দিয়াৰ লগতে হত্যাকাৰীক অতি শীঘ্ৰে কৰায়ত্ব কৰি কঠোৰতম শাস্তি প্ৰদান কৰিবলৈ জিলা প্ৰশাসনক দাবী জনোৱাৰ লগতে ভুক্তভোগী পৰিয়ালটোক অসম চৰকাৰৰ লগতে মাকুম বেতজান চাহ বাগিচা কৰ্তৃপক্ষই উচিত ক্ষতিপূৰণ দিয়াৰ উপৰিও জেকি বাইগাৰৰ পৰিয়ালৰ  এগৰাকীক কৰ্মসংস্থাপন দিযাৰ লগতে জেকি বাইগাৰৰ  একমাত্ৰ ডেৰ বছৰীয়া পুত্ৰক  অসম চৰকাৰ লগতে বাগিছা কৰ্তৃপক্ষই  ভৰণ পোষণৰ সকলো দায়িত্ব গ্ৰহণ কৰিবলৈ দাবী জনাইছে গোৰ্খা ছাত্ৰ সন্থাই। জেকি বাইগাৰৰ আত্মাৰ চিৰ শান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰি  গোৰ্খা ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ সম্পাদক অশোক লামাই সংবাদ মাধ্যম লৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত এই কথা প্ৰকাশ কৰিছে।

আত্মহত্যা আৰু যুৱপ্ৰজন্মলৈ আহ্বান….

অংশুমান ভূঞা

ভাৰতবৰ্ষ এখন যুৱ সংখ্যাগৰিষ্ঠ দেশ। আজিৰ যুৱপ্ৰজন্ম কাইলৈ দেশৰ ভৱিষ্যৎ। কিন্তু যুৱপ্ৰজন্মৰ একাংশৰ বিভিন্ন কৰ্ম-কাণ্ডই সমাজৰ সচেতন মহলক প্ৰায়েই বিব্ৰত কৰি আহিছে। নিচাগ্ৰস্ততা, মোবাইল-বাইকৰ আসক্তি, প্ৰেমৰ নামত ব্যভিচাৰ, জ্যেষ্ঠজনৰ প্ৰতি সৌজন্যবোধৰ অভাৱ, পাশ্চাত্য সংস্কৃতিৰ অন্ধ অনুকৰণ আদিয়ে যুৱপ্ৰজন্মক কলুষিত কৰি আহিছে। এই স্খলনৰ সুলভ দৃশ্যৰ বাবে গোটেই প্ৰজন্মটোৱে দোষৰ সমভাগী হ’বলগীয়া হৈছে। যুৱপ্ৰজন্মই তেনে আন এক সমাজৰ বাবে অত্যন্ত চিন্তনীয় বিষয়ৰ উদ্ৰেক ঘটাইছে আৰু সেয়া হৈছে আত্মহত্যা। মানুহৰ জীৱনটোৱেই হৈছে সুখ-দুখ, সমস্যা-সফলতাৰ সমষ্টি। দুখ-বিফলতাতেই সুখ-সফলতাৰ সোপান তৈয়াৰ কৰাতেই জীৱনৰ প্ৰকৃত মাদকতা। দুখ আছে বাবেই আমি সুখৰ অনুভৱ উপভোগ কৰি আপ্লুত হওঁ‌। বিফলতা আছে বাবেই সফলতাক আঁ‌জুৰি আনিবৰ বাবে উত্ৰাৱল হওঁ‌, সফলতাত সীমাহীন আনন্দ পাওঁ‌। কিন্তু বৰ্তমান প্ৰজন্মটোৰ কিছুমানৰ মাজত সেই ধৈৰ্যৰ খুবেই অভাৱ। প্ৰতিযোগিতামূলক জীৱনৰ ধামখুমীয়াত সহজেই মানসিক চাপ, উদ্বিগ্নতা আদিৰ চিকাৰ হয়। সকলো নিজে বিচৰা ধৰণে কৰিব বিচাৰে আৰু তাৰ হেৰ-ফেৰ হ’লেই তীব্ৰ মানসিক সংঘাতত জৰ্জৰিত হয় আৰু এই চাপ সহিব নোৱাৰিয়ে চৰম সিদ্ধান্ত গ্ৰহণ কৰি সমাজলৈ বিভীষিকা নমাই আনে। এনেকুৱা এক জটিল পৰিস্থিতি আহি পৰিছে যে নিঃস্বাৰ্থভাৱে সন্তানৰ আজন্ম মংগল কামনা কৰা মাক-দেউতাকেও আজি নিজ সন্তানক টানকৈ এষাৰ কথা ক’বলৈ শতবাৰ ভাবিবলৈ বাধ্য হয়। আমি সকলো সময়তে আশা কৰা ধৰণে যে সকলো লাভ কৰিম তেনেকুৱা কোনো ধৰা-বন্ধা কথা নাই। অপ্ৰাপ্তিতেই প্ৰাপ্তিৰ হেঁপাহক দুগুণ উদ্যমেৰে আগুৱাই নিব লাগিব। কিন্তু তাকে নকৰি সামায়িক বিফলতাতেই এটা অমূল্য জীৱন শেষ কৰি পেলোৱাটো অতিকৈ গৰ্হিত কাম। এই মানসিকতা নিঃশেষ কৰিবলৈ নিজক ভালপাবলৈ শিকিব লাগিব। আটায়ে বুজিব লাগিব যে প্ৰতিটো সমস্যাৰে সমাধান সূত্ৰ থাকিবই। সমাধানৰ পথৰ সন্ধানত ধৈৰ্য সহকাৰে সমস্যাৰে যুঁজি যাবলৈ শিকিব লাগিব। কাৰণ সফলতাৰ চমু বাট নাই। আমাৰ জীৱনলৈ বিভিন্ন সময়ত ভিন ভিন কাৰণত নিৰাশা-হতাশা অহাটো তেনেই স্বাভাৱিক। কিন্তু তাতেই ভাগি পৰি তিলতিলকৈ নিজকে ধ্বংস কৰাৰ সলনি এই পৰিস্থিতিৰ পৰা উদ্ধাৰ পাবলৈ সমস্যা সম্বন্ধে আনৰ সৈতে মুকলি মনেৰে আলোচনা কৰাহে উচিত। আমাৰ জীৱনৰ আদি পাঠশালাই হৈছে প্ৰকৃতি। প্ৰকৃতিৰ পৰাই আমি জীৱন জীয়াৰ পাঠ লাভ কৰিব পাৰোঁ‌। সেয়ে প্ৰকৃতিৰ সৈতে একাত্ম হোৱা উচিত। প্ৰকৃতি জগতৰ প্ৰতিটো বস্তুৱে অনাবিল আনন্দ, অনুপ্ৰেৰণাৰ সমল। গছ, নৈ, তৰা আদিৰ সৈতে বন্ধুত্বই আমাক জীৱনৰ বহু আশাৰ বতৰা দি যায়। শৈক্ষিক জীৱনৰ বিফলতাও কুমলীয়া শিক্ষাৰ্থীসকলৰ আত্মহত্যাৰ এক অন্যতম কাৰণ হিচাপে দেখা দিছে। আমাৰ নম্বৰসৰ্বস্ব শিক্ষা ব্যৱস্থাৰ চাপ ইয়াৰ বাবে দায়ী। কিন্তু এটা মাথোঁ পৰীক্ষাত বিফলতাই আমাৰ জীৱন কোনোপধ্যেই শেষ কৰিব নোৱাৰে। নিজৰ ওপৰত বিশ্বাস থাকিব লাগিব। লক্ষ্য অটুট ৰাখিব লাগিব। তেতিয়া সফলতাও অনিবাৰ্য। এই জগতত এনে বহু গুণৱন্ত পুৰুষৰ উদাহৰণ পোৱা যাব যাৰ আনুষ্ঠানিক শিক্ষা ক্ষেত্ৰৰ প্ৰদৰ্শন অত্যন্ত নিম্ন। কিন্তু তথাপিও তেওঁলোক বিশ্বত আজিও জিলিকি থাকিবলৈ সক্ষম হৈছে একমাত্ৰ তেওঁ‌লোকৰ হাৰিও নাহাৰা, ভাগৰিও নাভাগৰা অদম্য মনোবলৰ বাবে। নিজৰ ওপৰত বিশ্বাস ৰাখি তেওঁলোকে অন্য ক্ষেত্ৰত উজ্বলি উঠি জীৱন ধন্য কৰাৰ লগতে মানৱ জাতিৰ কল্যাণ সাধিছিল। সেয়ে শিক্ষাৰ্থীসকলে এটা কথা মনত ৰখা উচিত যে কেইটামান নম্বৰৰ ইফাল-সিফালে কেতিয়াও জীৱনৰ ইতি পেলাব নোৱাৰে। মনৰ দৃঢ়তা থাকিলে তাক পুনৰুদ্ধাৰ কৰা তেনেই সম্ভাৱ। প্ৰত্যেক মানুহ চাৰিওফালৰ পৰা সম্পূৰ্ণ দক্ষ নহ’লেও কিবা নহয় কিবা ধৰণেৰে দক্ষ। গতিকে পৰীক্ষাৰ ফলাফলেই সৰ্বোচ্চ কেতিয়াও নহয়। তাৰ উদাহৰণ আমাৰ চাৰিওফালেই অজস্ৰ পোৱা যাব। জীৱনৰ সুখ-সফলতা এটা সম্পূৰ্ণ বেলেগ বস্তু। কোমল বয়সৰ প্ৰেম আৰু ই অনা সংঘাত-বিচ্ছেদো আত্মহননৰ এক প্ৰধান কাৰণত পৰিণত হৈছে। প্ৰেম কেতিয়াও জীৱন ধ্বংসকাৰী হ’ব নোৱাৰে। প্ৰকৃত প্ৰেমে সদায় সৃষ্টিৰ সন্ধান কৰে। কিন্তু উঠি অহা চামৰ বহুতেই খন্তেকীয়া আৱেগত অন্ধ হৈ প্ৰেম বিচ্ছেদত আজন্ম সম্পৰ্ককো নস্যাৎ কৰি চৰম সিদ্ধান্ত লয়। এবাৰলৈও ভাবি নাচায় সেই মাতৃগৰাকীৰ কথা,যিয়ে জন্মৰ পূৰ্বতেই সম্পৰ্ক স্থাপন কৰে। সেই পিতৃজনৰ কথা, যিয়ে সন্তানৰ সুখ-সুবিধাৰ দিহা কৰি নিজৰ কষ্ট-অসুবিধাক চকু দিবলৈ আহৰি নাপায়। প্ৰেমৰ নামত সামাজিক জীৱন ত্যাগ কৰা মনোভাবৰ বাবেই বিচ্ছেদ সহ্যাতীত হোৱাৰ কথাক নুই কৰিব নোৱাৰি। সেয়ে খন্তেকীয়া আৱেগ পৰিহৰি জীৱন জীয়াৰ সাধনা কৰক। প্ৰেমক জীৱন হৰণকাৰী ৰূপে কলুষিত নকৰি জীৱনদায়িনী ৰূপত সজাই তোলক। জীৱনৰ কোনোবা নহয় কোনোবাখিনি সময়ত সমস্যা আহিবই, তাক আমি নুই কৰিব নোৱাৰো। কিন্তু সেইবুলি জীৱন অসুন্দৰ নহয়। সকলো আমাৰ হাতত। আমি জীৱনক সকলো বাধাৰ পৰা মুক্ত কৰি বোকাৰ পদুমৰ দৰে ফুলাব লাগিব। আনে কি ভাবিব সেই কথাত মূৰ ঘমাই নিজক শেষ কৰাৰো যুক্তি নাই। নিজৰ জীৱন সুস্থভাৱে পৰিচালনা কৰাহে মূল। মানুহ সামাজিক প্ৰাণী। গতিকে আমি কেতিয়াও অকলশৰীয়া নহয়। সেয়ে নৱপ্ৰজন্মলৈ আহ্বান সমস্যাৰ পৰা পলায়ন কৰাৰ পৰিৱৰ্তে তাৰ সৈতে যুঁজাৰ মানসিকতা গঢ়ক, সেই যুঁজত আন বহুজন সহায়ৰ হাত হ’বলৈ নিশ্চয় আগবাঢ়ি আহিব। এয়া জীৱনৰ আৰম্ভণিহে, আৰু বহু যোজন বাট আমি হাতে হাত ধৰি আগুৱাই যাবলৈ আছেই। শেষত জীৱনবোৰ সুন্দৰ হওক, তাৰেই কামনাৰে।

বানপানীক লৈ নগাঁও জিলা প্ৰশাসনৰ তৎপৰতা ।

নগাঁও : কৰ’না আতংকৰ সময়ত সাম্ভাৱ্য বানপানীৰ জটিলতা আৰু ব্যৱস্থাপনা সন্দৰ্ভত নগাঁও জিলা উপায়ুক্ত কাৰ্য্যালয় সভা-কক্ষত কালি  জিলা দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণৰ উদ্যোগত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। জিলা উপায়ুক্ত যাদৱ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাত জিলাখনত বৰ্তমান সময়ত কৰ’না মহামাৰীক  প্ৰতিৰোধ কৰাৰ লগতে আহি থকা দিনত সম্ভাব্য বানপানীৰ সময়ত লবলগীয়া আগতীয়া প্ৰস্তুতি আৰু কিছু বিশেষ সতৰ্কতামূলক ব্যৱস্থাৰ ওপৰত আলোচনা কৰা হয়। উক্ত সভাত কোভিড-১৯ মহামাৰী প্ৰতিৰোধৰ প্ৰতি লক্ষ্য ৰাখি বানপানীৰ সময়ত যাতে সকলো বিভাগে সক্ৰিয়ভাবে দায়িত্ব পালন কৰাৰ লগতে তৎক্ষণিকভাবে সাহাৰ্য্য শিবিৰ স্থাপন কৰা, বানাক্ৰান্ত লোক অথবা ক্ষতিগ্ৰস্ত পৰিয়ালক সাহাৰ্য্য প্ৰদান, শিশু, গৰ্ভৱতী মহিলা, দিব্যাংগ আৰু জ্যেষ্ঠ নাগৰিকৰ প্ৰতি বিশেষ যত্ন লোৱা, দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণ, অসমৰ নিৰ্দেশাৱলী সাপেক্ষে চাইল্ড ফ্ৰেন্দলি স্পেচৰ ব্যৱস্থা কৰা আদি বিষয়সমূহ পৰ্যালোচনা কৰা হয়। ইয়াৰ উপৰি শিবিৰত বাস কৰা শৰণাৰ্থীৰ বাবে স্বাস্থ্য পৰীক্ষা আৰু সুকীয়া কোৱাৰেন্টীন  চেণ্টাৰৰ লগতে তাৎক্ষণিক এম্বুলেন্স সেৱাৰ ব্যৱস্থাৰ ওপৰতো গুৰুত্ব প্ৰদান কৰা হয়। সভাত নগাওঁ জিলা আৰক্ষী অধীক্ষক  গৌৰৱ অভিজিৎ দিলীপ, অতিৰিক্ত উপায়ুক্ত হেমন্ত ভূঞা, সঞ্জীৱ দলৈ, জিলাখনৰ চক্ৰ বিষয়া সকল আৰু বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া সকল উপস্থিত থাকে।

প্ৰত‍্যেকটো প্ৰত‍্যাহ্বানৰ মুখামুখী হ’ব পৰাকৈ ছাত্ৰ-ছাত্ৰীসকলক নিজকে প্ৰস্তুত কৰাৰ আহ্বান মন্ত্ৰী কেশৱ মহন্তৰ ।

কলিয়াবৰ : প্ৰত‍্যেকটো প্ৰত‍্যাহ্বানৰ মুখামুখী হ’ব পৰাকৈ নিজকে প্ৰস্তুত কৰিবলৈ আহ্বান মন্ত্ৰী কেশৱ মহন্তৰ। আজি প্ৰথমখন অভিনন্দন অনুষ্ঠানত মন্ত্ৰী তথা কলিয়াবৰ সমষ্টিৰ বিধায়কে কৰ’নাৰ এই জটিল সময়ছোৱাত ছাত্ৰ-ছাত্ৰীসকলে সন্মুখীন হোৱা গতানুগতিক জীৱনৰ প্ৰত‍্যাহ্বানক নেওচি নতুন উদ‍্যমেৰে সফলতাৰ পথত অগ্ৰসৰ হ’বলৈ আহ্বান জনাই। কৰ’না সংক্ৰমণৰ প্ৰতি লক্ষ‍্য ৰাখি স্থান বিশেষে সীমিত সংখ‍্যক ছাত্ৰ-ছাত্ৰীক অভিনন্দন অনুষ্ঠান কলিয়াবৰত। আজিৰে পৰা কলিয়াবৰত মন্ত্ৰী তথা স্থানীয় বিধায়ক কেশৱ মহন্তৰ অভিনন্দন অনুষ্ঠান আৰম্ভ হৈছে। কৰ’না সংক্ৰমণৰ প্ৰতি লক্ষ‍্য ৰাখি পাঁচটা স্থানত সীমিত সংখ‍্যক ছাত্ৰ-ছাত্ৰীক অভিনন্দন জনোৱা পৰ্ব আৰম্ভ হৈছে। ২০২০ বৰ্ষৰ  মুঠ ২০৪ জন কীৰ্তিমান ছাত্ৰ-ছাত্ৰীক আজি শিশু বিদ‍্যাপীঠ উচ্চ মাধ‍্যমিক,  কুঁৱৰীটোল,  জখলাবন্ধা উচ্চতৰ মাধ‍্যমিক বিদ‍্যালয়, চুলুং উচ্চ মাধ‍্যমিক বিদ‍্যালয়ত এই সম্বৰ্দ্ধনা অনুষ্ঠান অনুস্থিত হয়। কাইলৈ মঙ্গলবাৰে ডনবস্ক মিছা, কুঁৱৰীটোল হাইস্কুল পৰৱৰ্তী সম্বৰ্দ্ধনা অনুষ্ঠান অনুষ্ঠিত হ’ব। যোৱা ২০০৬ চনৰে পৰা বিধায়ক ৰূপে উচ্চ মাধ‍্যমিক আৰু উচ্চতৰ মাধ‍্যমিক চুড়ান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক অভিন্দন অনুষ্ঠানৰ জৰিয়তে প্ৰেৰণা যোগাই আহিছে বৰ্তমানৰ মন্ত্ৰী কেশৱ মহন্তই। আজি কুঁৱৰীটোল স্থিত শিশু বিদ‍্যাপীঠ উচ্চ মাধ‍্যমিক বিদ‍্যালয়ত হোৱা প্ৰথমখন সম্বৰ্দ্ধনা সভাত মুঠ ৫১ জন ছাত্ৰ-ছাত্ৰীক সম্বৰ্দ্ধনা জনোৱা অনুষ্ঠানত উপস্থিত থাকে কলিয়াবৰৰ সু-সন্তান ভাৰতীয় প্ৰশাসনিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া (মনোনীত) বিষয়া বীৰেন ফুকন, নগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত তথা কলিয়াবৰ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি বিতুপন নেওগ, কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাস, কুঁৱৰীটোল শিশু বিদ‍্যাপীঠৰ পৰিচালনা সমিতিৰ বিষয়-ববীয়া ৰেক্টৰ তথা শিশু বিদ‍্যাপীঠ উচ্চ মাধ‍্যমিক বিদ‍্যালয়ৰ মুঠ ৫১ গৰাকী ছাত্ৰ-ছাত্ৰী আজিৰ অভিনন্দন অনুষ্ঠানত উপস্থিত থাকে। এই অনুষ্ঠানতে কলিয়াবৰ সমষ্টিৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত এশ শতাংশ ফলাফল লাভ কৰা মুঠ পাঁচখন বিদ‍্যালয় ক্ৰমে শিশু বিদ‍্যাপীঠ উচ্চ মাধ‍্যমিক বিদ‍্যালয়, শঙ্কৰদেৱ শিশু নিকেতন, কলিয়াবৰ তিনিআলি, আয়ুস পাব্লিক স্কুল, জখলাবন্ধা, চে’ণ্ট ৰবাৰ্ট্চ হাইস্কুল, জখলাবন্ধা আৰু মধ‍্য কলিয়াবৰ বালিকা উচ্চ মাধ‍্যমিক বিদ‍্যালয়ক বিধায়ক উন্নয়ন পূঁজিৰ পৰা এক লাখকৈ টকা আগবঢ়োৱা হয়। আনহাতে, কুঁৱৰীটোল শিশু বিদ‍্যাপীঠ উচ্চ মাধ‍্যমিক বিদ‍্যালয়ত অনুষ্ঠিত বিদ‍্যালয়ৰ অভিনন্দন অনুষ্ঠান। ধাৰাবাহিকভাৱে সপ্তদশ বাৰলৈ এশ শতাংশ ফলাফল দেখুওৱা বিদ‍্যালয়ৰ মুঠ ৭১ গৰাকী ছাত্ৰী-ছাত্ৰীক অভিনন্দন জনোৱা হয়। বিদ‍্যালয়ৰ তৰফৰ পৰা আগবঢ়োৱা প্ৰয়াত ৰেৱন চন্দ্ৰ নাথ ন‍্যায়ালয়ৰস বঁটা লাভ কৰে কলিয়াবৰ মহকুমাৰ ভিতৰত সৰ্বোচ্চ নম্বৰৰে উত্তীৰ্ণ হোৱা জখলাবন্ধাৰ চে’ণ্ট ৰবাৰ্টচ হাইস্কুলৰ ৰাজদ্বীপ মহন্তই। সুস্মিতা ভূঞা স্মৃতি ন‍্যাস বঁটা লাভ কৰে দৰিণা শইকীয়াই। ঐছিক গণিতত এশ শতাংশ নম্বৰ লাভ কৰা বিদ‍্যালয়ৰে জ‍্যোতিষ্মান বৰাই নগদ ধনৰ বঁটা লাভ কৰে।    

জামুগুৰিহাটত আন এগৰাকীৰ দেহত ক’ভিড পজিটিভ, ভীতিবিহ্বল জনসাধাৰণ ।

জামুগুৰিহাট : জামুগুৰিহাটৰ কেৱাৰীচুক গাঁৱৰ যুৱতী শান্তি বৰা(১৮)ৰ দেহত যোৱা ১৮ জুনত ক’ভিড পজিটিভ ধৰা পৰাৰ পিছতেই সমগ্ৰ অঞ্চলটি প্ৰশাসনে কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰাৰ পিছত কভিড’ত আক্ৰান্ত শান্তি বৰাৰ পৰিয়ালৰ ১৫ গৰাকী লোকৰ স্বোৱাব সংগ্ৰহ কৰিছিল স্বাস্থ্যবিভাগে৷ কিন্তু যোৱা কালি নিশা শান্তি বৰাৰ মাতৃ মুনু বৰা(৪২)ৰ স্বোৱাব টেষ্টৰ ফলাফলত ক’ভিড পজিটিভ অহাত অঞ্চলটোৰ ৰাইজৰ মাজত হুৱাদুৱাৰ সৃষ্টি হৈছে৷ স্মৰ্তব্য যে জামুগুৰিহাটৰ কেৱাৰীচুক গাৱঁৰ শান্তি বৰাই তেওঁৰ বায়েকৰ সৈতে ২৫ জানুৱাৰীত কৰ্মসুত্ৰে দিল্লীলৈ গৈছিল। কিন্তু দেশজুৰি ঘোষণা হোৱা লক ডাউনৰ বাবে দুই ভগ্নী দিল্লীতে আবদ্ধ হৈ পৰে। পিছত আন্তঃৰাজ্যিক যাতায়ত মুকলি হোৱাত যোৱা ১ জুনত স্ব-গৃহমুখী হোৱা দুই ভগ্নী যোৱা ৩ জুনত উপস্থিত হয় তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত স্থাপন কৰা জ’নেল স্ক্ৰীনিং চেন্টাৰত আৰু তেজপুৰৰ হোটেল কে.আৰ.চি. পেলেচত প্ৰতিষ্ঠানিক পৃথকীকৰন (Institutional quarantine) হৈ আছিল। অৱশ্যে শান্তি আৰু বায়েকৰ স্বোৱাব পৰীক্ষাৰ ফলাফল নিগেটিভ অহাত শোণিতপুৰ জিলা প্ৰশাসনে দুই ভগ্নীকে ৬ জুনৰ নিশা জামুগুৰিহাটৰ কেৱাৰীচুকৰ নিজা ঘৰত থৈ হোম কোৱাৰেন্টাইন হোৱাৰ নিৰ্দেশ দি যায়। হোম কোৱাৰেন্টাইন হৈ থকা অৱস্থাতে শান্তি বৰা মূৰৰ বিষত ভোগে আৰু ১০৮ সেৱাৰ জৰিয়তে যোৱা ১৪ জুনৰ দিনা শান্তি আৰু বায়েক যামিনী বৰা দুয়োকে বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়লৈ আনি স্বোৱাব সংগ্ৰহ কৰি বিশ্বনাথ জিলাৰ নাগশংকৰ হাইস্কুলত স্থাপন কৰা কোৱাৰেন্টাইন কেন্দ্ৰত ৰখা হৈছিল যদিও ১৮ জুনত শান্তি বৰা ক’ভিড পজিটিভত আক্ৰান্ত হোৱাটো নিশ্চিত হোৱাত লগে লগে ক’ভিডত আক্ৰান্ত শান্তিক বিশ্বনাথ চাৰিআলি আইচ’লেচন কেন্দ্ৰলৈ প্ৰেৰণ কৰে স্বাস্থ্যবিভাগে৷ লগতে শান্তি বৰা হোম কোৱাৰেন্টাইন হৈ থকা কেৱাৰীচুক গাঁওখনকো শোণিতপুৰ জিলা প্ৰশাসনে কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰিছিল৷ কালি শান্তি বৰাৰ প্ৰাথমিক সংস্পৰ্শলৈ অহা মাতৃৰো ক’ভিড ১৯ ত আক্ৰান্তৰ ফলাফল অহাত নিশাই মাতৃ মুনু বৰাক তেজপুৰ মেডিকেল হস্পিতাললৈ প্ৰেৰণ কৰাৰ লগতে আজি পু্ৱা কন্টেইনমেন্ট এলেকাটো পুনৰ প্ৰশাসনে চেনিটাইজ কৰে৷ উল্লেখ্য যে যোৱা ২০ জুনত ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ কোৱাৰেন্টাইন চেন্টাৰতো বহি:ৰাজ্যৰ পৰা আহি কোৱাৰেন্টাইন হৈ থকা তিনিজন যুৱকৰ দেহত ক’ভিড পজিটিভ ধৰা পৰিছিল৷ কালি মুনু বৰা(৪২) ক’ভিডত আক্ৰান্ত হোৱাত বৰ্তমানলৈকে জামুগুৰিহাটত ক’ভিডত আক্ৰান্তৰ সংখ্যা ৫ গৰাকীলৈ বৃদ্ধি পালে৷ ইতিমধ্যে ক’ভিডত আক্ৰান্ত জীয়ৰীৰ পৰা মাতৃলৈ কৰ’না সংক্ৰমণ হোৱাৰ বাতৰিয়ে জামুগুৰিহাটৰ জনসাধাৰণক ভীতিবিহ্বল কৰি তোলাৰ লগতে জনসমাগমো হ্ৰাস পোৱা পৰিলক্ষিত হৈছে৷