গেলেকী : নাজিৰা মহকুমা সমীপৰ মথুৰাপুৰত ৭ আগষ্টৰ নিশা এগৰাকী প্ৰাপ্তঃবয়স্ক মহিলাৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তেজনা। মথুৰাপুৰ বিছানগৰত উক্ত ঘটনাটো সংঘটিত হৈছে৷ মহিলাগৰাকীৰ শৰীৰত কিছু আঘাতৰ চিন পোৱাত এই মৃত্যু ৰহস্যজনক বুলিও মন্তব্য কৰিছে স্থানীয় লোকে৷ মৃত মহিলাগৰাকী নাম সুকান্তি মুড়া (৩৮) বুলি জানিব পৰা গৈছে৷ তিনিটা সন্তানৰ মাতৃ সুকান্তি মুড়াক শুকুৰবাৰে নিশা স্বামীয়ে পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগ স্থানীয় লোকৰ৷ যাক লৈ আজি অঞ্চলজুৰি উত্তেজনাৰ সৃষ্টি হৈছে।
চেৰেকাপাৰ হলিনেম বিদ্যালয়ৰ ছাত্ৰৰ বৈজ্ঞানিকতাৰ চমক
গেলেকী : শিৱসাগৰ জিলা অন্তৰ্গত তথা চেৰেকাপাৰস্থিত হলিনেম বিদ্যালয়ৰ দশম শ্ৰেণী ছাত্ৰৰ অভিনৱ প্ৰচেষ্টাত গঢ়ি উঠিছে কিছু নতুনত্ব ৰাজহুৱা আৱিস্কাৰ। লকডাউনৰ বাবে অফুৰন্ত সময় লাভ কৰা প্ৰতিজনে ব্যস্ত হৈ পৰিছে সৃষ্টিশীল কাৰ্যত৷ প্ৰতিভা বিকাশ কৰিছে ভাল লগা কামৰ জৰিয়তে৷ তেনে এগৰাকী ছাত্ৰ হৈছে গীতাৰ্থ বৰগোঁহাই৷ হলিনেম বিদ্যালয়ৰ ছাত্ৰ গীতাৰ্থ বৰগোঁহাইৰ উদ্ভাৱনী প্ৰতিভাই চমক সৃষ্টি কৰিছে ৰাইজৰ মাজত৷ একাণপতীয়া অধ্যয়ন আৰু সদিচ্ছাৰ বলতে ছাত্ৰগৰাকীয়ে সাজি উলিয়াইছে এখন ড্ৰোণ৷ ৰিম’ৰ্টৰ সহায়েৰে আকাশত উৰুৱাব পাৰি ড্ৰোণখন৷ ইতিপূৰ্বে গীতাৰ্থই বৰগোঁহাইয়ে সাজি উলিয়াইছে অন্য বহু সামগ্ৰী৷ বিদ্যুত চালিত ডাষ্টবিন, ভেকুৱাম ক্লিনাৰ, বেটাৰীবিহীন টৰ্চ, কণীৰ পৰা পোৱালী জন্ম দিব পৰা অত্যাধুনিক ইনকুৱেটৰ ইত্যাদি উদ্ভাৱন কৰি চমক সৃষ্টি কৰিছে দশম শ্ৰেণীৰ ছাত্ৰগৰাকীয়ে৷ অষ্টম শ্ৰেণীত থাকোতে ছাত্ৰ গৰাকীয়ে সাজি উলিয়াইছিল এখন ইলেট্ৰ’নিক বাই চাইকেল৷ এই সকলোবোৰৰ মাজতে গীতাৰ্থই অব্যাহত ৰাখিছে নিয়মীয়া সংগীত চৰ্চা৷ ভৱিষ্যতে এগৰাকী বৈজ্ঞানিক হোৱা আশা পুহি ৰখিছে ছাত্ৰগৰাকীয়ে।
বিশ্বৰ ধনীৰ তালিকাত চতুৰ্থ স্থান লাভ মুকেশ আম্বানিৰ
দৈনন্দিন বাৰ্তা ডেস্ক : বিশ্বৰ ধনীৰ তালিকাত চতুৰ্থ স্থান লাভ কৰিছে মুকেশ আম্বানিয়ে৷ এমাহৰ কম সময়তে সপ্তম স্থানৰ পৰা তেওঁ চতুৰ্থ স্থান পালেহি৷ শনিবাৰে ব্লুমবার্গ বিলিনিয়াৰৰ তালিকা অনুযায়ী ৰিলায়েন্সৰ কৰ্ণধাৰৰ সম্পত্তিৰ মূল্য ৮০.৬ বিলিয়ন ডলাৰ৷ অথচ ২৩ জুলাইত তেওঁ আছিল পঞ্চম স্থানত৷ মাত্ৰ ১০-১২ দিনৰ ভিতৰত আন এটা ঢাপ উঠিল মুকেশ আম্বানি৷ এতিয়া তেওঁৰ আগত আছে মাত্ৰ তিনিজন৷ যোৱা ১০ জুলাইত বিশ্বৰ সপ্তম ধনী ব্যক্তি আছিল ৰিলায়েন্স ইণ্ড্ৰাষ্টিজৰ কৰ্ণধাৰ৷ বাৰ্কছায়াৰ হাথাৱেৰ চিইঅ’ ৱাৰেন বাফেটক পিছ পেলাই তেওঁ এই স্থান দখল কৰিছে৷ মাত্ৰ ১২ দিনতে ৭৫ মাৰ্কিন বিলিয়ন ডলাৰেৰে পঞ্চম স্থান লাভ কৰিছিল মুকেশ আম্বানিয়ে৷ তেতিয়া ভাৰতীয় মুদ্ৰাত তেওঁৰ সম্পত্তিৰ মূল্য আছিল ৫.৬১ লাখ কোটি টকা৷ এতিয়া ৮০.৬ বিলিয়ন ডলাৰ মূল্য সম্পত্তিৰ গৰাকী মুকেশ আম্বানি৷ তেওঁৰ আগত আছে জেফ বেজছ, বিল গেটছ আৰু মাৰ্ক জুকাৰবাৰ্গ৷ তেওঁলোকৰ সম্পত্তিৰ পৰিমাণ হ’ল যথাক্রমে ১৮৭ বিলিয়ন, ১২১ বিলিয়ন আৰু ১০২ বিলিয়ন ডলাৰ৷
প্ৰধানমন্ত্ৰীক ব্যৱস্থা গ্ৰহণৰ দাবী আইএমএৰ : দেশত ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু ১৯৬ চিকিৎসকৰ
দৈনন্দিন বাৰ্তা ডেস্ক : সন্মুখৰ শাৰীৰ পৰা ক’ৰোনাৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখিছে চিকিৎসকসকলে৷ ইয়াৰ মাজতে চিকিৎসকো ক’ৰোনাত আক্ৰান্ত হোৱাৰ লগতে মৃত্যুৰ মুখত পৰিছে৷ এনে পৰিস্থিতিত দেশত দুশজন চিকিৎসকৰ মৃত্যু হৈছে৷ ইণ্ডিয়ান মেডিকেল এছ’চিয়েছন (আইএমএ)ৰ এক প্ৰতিবেদনত কোৱা হৈছে যে দেশজুৰি মাৰাত্মক ভাইৰাছৰ সংক্ৰমণত ১৯৬ জন চিকিৎসকৰ মৃত্যু হৈছে৷ অথচ জুলাই মাহৰ মাজভাগত এই সংখ্যা এশজনৰো কম আছিল৷ যোৱা কেইটামান মাহত দেশৰ বিভিন্ন প্ৰান্তত থকা চিকিৎসক, নাৰ্চ, স্বাস্থ্য কৰ্মীৰ মৃত্যুৰ খবৰ আহি আছে৷ ইণ্ডিয়ান মেডিকেল এছ’চিয়েছনৰ তথ্য মতে এই পৰ্যন্ত দেশত ১৯৬ জন চিকিৎসকৰ মৃত্যু হৈছে৷ তাৰ ভিতৰত ১৭০ জন ৫০ বছৰৰ অধিক৷ চিকিৎসক আৰু স্বাস্থ্য কৰ্মীৰ সুৰক্ষা ব্যৱস্থাক লৈ বাৰম্বাৰ অৱগত কৰা হৈছে৷ তেওঁলোকৰ সুৰক্ষাত অৱহেলা কৰা হৈছে বুলি অভিযোগ উঠিছে৷ কিন্তু তাত কোনো গুৰুত্ব দিয়া নাই৷ এনে পৰিস্থিতিত এই বিষয়ত গুৰুত্ব আৰোপ কৰিবলৈ ইণ্ডিয়ান মেডিকেল এছ’চিয়েছনে প্ৰধানমন্ত্ৰীৰ ওচৰত আবেদন কৰিছে৷ এই প্ৰসংগত আইএমএৰ তৰফৰ পৰা জনাইছে যে পৰিস্থিতি উদ্বেগজনক৷ চিকিৎসকৰ সুৰক্ষা নিশ্চিত নকৰিলে স্বাস্থ্য পৰিকাঠামোত ভয়ংকৰ বিপদ আহি পৰিব৷ ইণ্ডিয়ান মেডিকেল এছ’চিয়েছনৰ সৰ্বভাৰতীয় সভাপতি ডাঃ ৰাজন শৰ্মাই কয়, নিজৰ পৰিয়ালক এৰি চিকিৎসকে চিকিৎসালয়ত মাৰাত্মক ভাইৰাছৰ বিৰুদ্ধে যুঁজ কৰি আছে৷ ক’ৰোনা ৰোগীৰ ৱাৰ্ডত ঘণ্টাৰ পাচত ঘণ্টা আছে৷ তেওঁলোকৰ সুৰক্ষা সকলোতকৈ আগত হোৱাৰ প্ৰয়োজন৷ দ্ৰুত কাৰ্যকৰী পদক্ষেপ নল’লে অধিক বিপদৰ মুখামুখি হ’ব পাৰে৷
জম্মু-কাশ্মীৰত লস্কৰ-ই-তৈবাৰ ৬ অভাৰ গ্ৰাউণ্ড কৰ্মীক গ্ৰেপ্তাৰ
দৈনন্দিন বাৰ্তা ডেস্ক : জম্মু আৰু কাশ্মীৰ আৰক্ষীৰ স্পেচিয়েল অ’পাৰেচন গ্ৰুপ (এছঅ’জি)ৰ অভিযানত শনিবাৰে পাকিস্তানৰ সমৰ্থনপুষ্ট লস্কৰ-ই-তৈবাৰ সন্ত্ৰাস-আৰ্থিক দিশত জড়িত অভাৰ গ্ৰাউণ্ডৰ ৬ কৰ্মীক গ্ৰেপ্তাৰ কৰে৷ জম্মুৰ আৰক্ষী মহা পৰিদৰ্শক মুকেশ সিঙে জনায় যে লস্কৰ-ই-তৈবাৰ সন্ত্ৰাস-আৰ্থিক দিশত কাম কৰা মুদাছিৰ ফাৰুক ভাটক গ্ৰেপ্তাৰ কৰি জেৰা কৰে৷ জেৰাত এলইটিৰ লগত জড়িত থকাৰ কথা প্ৰকাশ কৰে৷ আৰক্ষী মহা পৰিদৰ্শক সিঙে লগতে জনায় যে ভাটৰ তথ্য মতে এছঅ’জিয়ে আন ৫ ব্যক্তিক গ্ৰেপ্তাৰ কৰে৷ এই ব্যক্তিসকল এলইটিৰ লগত জড়িত ৷ গ্ৰেপ্তাৰ কৰা কেইজন হ’ল টাকিৰ আহমেদ ভাট, আছিফ ভাট, খালিদ লটিফ ভাট, গাজি ইকবাল আৰু টাৰিক হুছেইন মিৰ বুলি চিনাক্ত কৰা হৈছে৷
ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উপলক্ষে ৰাজগড়ত তাঁতশাল বিতৰণ
দৈনন্দিন বাৰ্তা ডেস্ক : ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উপলক্ষে আজি গুৱাহাটী মহানগৰীৰ ৰাজগড় বিহুতলীত গুৱাহাটী উন্নয়ন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ উপস্হিতিত তাঁতশাল বিতৰণ কৰা হয়৷ ৫৩ নং পূৱ গুৱাহাটী সমষ্টিৰ অন্তৰ্গত চানমাৰি, লাচিত নগৰ, ৰাজগড়, ভঙাগড়কে ধৰি বিভিন্ন অঞ্চলৰ অতি প্ৰতিভাসম্পন্ন প্ৰায় ২৫ গৰাকী মহিলাৰ মাজত তাঁতশালৰ লগতে আৱশ্যকীয় অন্যান্য সামগ্ৰী বিতৰণ কৰা হৈছে৷ পূৱ গুৱাহাটী সমষ্টিৰ বিধায়ক তথা ৰাজ্যৰ কেবিনেট মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ অনুষ্ঠানত উপস্থিত থাকি কয় যে একাংশ প্ৰতিভাবান মহিলাই নিজৰ কৰ্মদক্ষতাৰ অটুট আছে৷ তেওঁলোকে উপযুক্ত সামগ্ৰীৰ অভাৱত নিজৰ কৰ্মত আগুৱাই যোৱত যঠেষ্ট বাধাৰ সন্মুখীন হয়৷ ইয়াৰ বাবেই যি সকল মহিলা হস্তশিল্পত আগবঢ়া সেইসকলক সামান্য সহায়ৰ বাবেই আজি তাঁতশালৰ লগতে যাৱতীয় সামগ্ৰী দিয়া হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে৷ উল্লেখ্য যে আজি তাঁতশাল বিতৰণ অনুষ্ঠানত বিজেপি চেন্ট্ৰেল কমিটীৰ সভাপতি অসীম হাজৰিকা, পূৱ গুৱাহাটী মণ্ডল সভাপতি সঞ্জীৱ গোশ্বামীৰ লগতে ভালে সংখ্যক ব্যক্তি উপস্থিত থাকে ৷
সোণতলীত ছাত্ৰ বৃত্তিৰ ধন আত্মসাৎ কৰা চাৰি অপৰাধীক আটক
সোণতলী : সংখ্যালঘু ছাত্ৰবৃত্তিৰ নামত সংঘটিত কৰা কোটি টকীয়া কেলেংকাৰীৰ লগত জড়িত চাৰি অপৰাধীক কালি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷ জানিব পৰা মতে সোণতলী আৰক্ষীয়ে এক এজাহাৰৰ ভিত্তিত প্ৰথমে চাৰিজনকৈ অপৰাধীক আটক কৰে আৰু নিশাৰ ভিতৰতে বকো থানালৈ প্ৰেৰণ কৰে ৷ উল্লেখ্য যে, ছাত্ৰবৃত্তিৰ নামত কোটি টকা আত্মসাৎ কৰা চাৰি অপৰাধীৰ বিৰুদ্ধে ৩নং দক্ষিণ ৰাঙাপানী গাঁৱৰ হজৰত আলী নামৰ এজন ব্যক্তিয়ে সোণতলী আৰক্ষী চকীত তৰিছিল গোচৰ ৷ গোচৰৰ ভিত্তিত সোণতলী আৰক্ষীয়ে কালি চাৰিজনকৈ দুৰ্নীতিকাৰী ক্ৰমে আবুশ্বমা, আমিৰ হামজা, শুকুৰ আলী আৰু শ্বাইজুদ্দিনক আটক কৰে৷ উল্লেখ্য যে, এই চাৰি অপৰাধীক জামিনত মুকলি কৰি নিবলৈ কেবাটাও দালাল চক্ৰই একগোট হৈ কোচকাৱাজ চলাইছিল যদিও সেয়া সম্ভৱ নহ’ল ৷ সোণতলী আৰক্ষীয়ে নিশাৰ ভিতৰতে চাৰিওজনকে বকো থানালৈ প্ৰেৰণ কৰে৷ বৰ্তমান বকো আৰক্ষীয়ে চাৰিওজনকে মাৰাথন জেৰা অব্যাহত ৰাখিছে ৷
৯ আগষ্টত ‘ৰেল বচাও, দেশ বচাও’ গণ আন্দোলন ৰেলৱে মজদুৰ ইউনিয়নৰ
তিনিচুকীয়া : ‘কৰিম নাইবা মৰিম’ জাতিৰ পিতা মহাত্মা গান্ধীৰ এই অমোঘ বাণী শিৰোগত কৰি এইবাৰ ৰে’ল শ্ৰমিকসকলে দেশৰ সম্পদ আৰু শিল্প ৰক্ষাৰ গণ আন্দোলনৰ হুংকাৰ দিছে। ৰে’ল শ্ৰমিকসকলৰ অন্যতম শক্তিশালী সংগঠন এন এফ ৰে’লৱে মজদুৰ ইউনিয়নে অহা ৯ আগষ্টত ‘ৰে’ল বচাও, দেশ বচাও’ গণ আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰি আজি তিনিচুকীয়াত এক প্ৰেছ বিবৃতি প্ৰকাশ কৰিছে কেন্দ্ৰীয় নেতা তথা তিনিচুকীয়া ডিভিজনৰ সমন্বয়ক পুলক গগৈয়ে। বিবৃতিটোত তীব্ৰ ক্ষোভ প্ৰকাশ কৰি ৰে’ল শ্ৰমিক নেতা পুলক গগৈয়ে কয় যে, সবকা সাথ, সবকা বিকাশৰ কথা কৈ দ্বিতীয়বাৰৰ বাবে ক্ষমতাত অধীস্থিত হোৱা প্ৰধান মন্ত্রী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰে জনতাৰ কণ্ঠক ভেঙুছালী কৰি দেশৰ সম্পদ আৰু শিল্পসমূহ এফালৰ পৰা কৰ্প’ৰেট গোষ্ঠীৰ হাতত অৰ্পণ কৰি গৈছে। তৈলক্ষত্র, কয়লা তথা বনজ সম্পদ, বিপিচিএল, টেলিকম, এয়াৰ ইণ্ডিয়া, বেংক, ষ্টীল অথৰিটি অৱ ইণ্ডিয়া আৰু ভাৰতীয় সভ্যতা সংস্কৃতি আৰু অৰ্থনীতি ৰূপৰেখা স্বৰূপ ৰে’ল শিল্প আদি লাভজনক উদ্যোগসমূহক কৰ্প’ৰেট গোষ্ঠীৰ হাতত পানীৰ দৰত বিক্ৰী কৰি গৈছে এফালৰ পৰা। দেশ স্বাধীন হোৱা দিনাৰ পৰা এই শিল্প আৰু সম্পদ সমূহে আত্মনিৰ্ভৰ লক্ষ্যৰে দেশৰ বুনিয়াদ গঢ়ি তুলিছিল সেয়া আজি সংকটাপৰ্ণ দিশলৈ গতি কৰিছে কেন্দ্ৰীয় চৰকাৰৰ সৰ্বনশীয়া নীতিৰ বাবে। গতিকে অল ইণ্ডিয়া ৰে’লৱেমেনচ ফেডাৰেচনে আহৱান দিয়া ‘ৰে’ল বচাও, দেশ বচাও’ গণ আন্দোলন সমগ্ৰ দেশৰ লগতে এন এফ ৰে’লৱে মজদুৰ ইউনিয়নেও দলে বলে যোগদান কৰিব বুলি প্ৰকাশ কৰিছে। লগতে এই গণ আন্দোলনত দেশৰ বুনিয়াদ ৰক্ষাৰ হকে আৰু প্ৰধান মন্ত্রী নৰেন্দ্ৰ মোডীয়ে গ্ৰহণ কৰা হঠকাৰী নীতিৰ বিৰুদ্ধে তথা কৰ্প’ৰেট গোষ্ঠীৰ গ্ৰাসৰ পৰা ৰক্ষা কৰিবলৈ সকলো দল সংগঠনক সহযোগ কৰিবলৈ আহৱান জনাইছে ৰে’ল শ্ৰমিক নেতাজনে। বিবৃতিটোত লগতে ক’ভিড-১৯ মহামাৰী সংক্ৰমণ প্ৰতিৰোধ কৰা ক্ষেত্রত চৰকাৰে গ্ৰহণ কৰা নীতি নিৰ্দেশনা সমূহ পালন কৰি সামাজিক দূৰত্ব বৰ্তাই ৰাখি মাস্ক পৰিধান কৰি সকলো ধৰণৰ অত্যাৱশ্যকীয় সেৱা সমূহৰ বাধা সৃষ্টি নকৰাকৈ নিজ নিজ কৰ্মস্থলীতে গণ আন্দোলন সফল কৰি তুলিবলৈ আহ্বান জনাইছে।
পত্ৰৰ আঁত ধৰি…
✍ অংশুমান ভূঞা
যোৱা কেইবাদিনো বিভিন্নজনে বাতৰি কাকতবোৰত পত্ৰযোগে কৰ’না কালত ব্যক্তিগত খণ্ডৰ বিদ্যালয়বোৰক মাচুল ৰেহাই দিয়াৰ আহ্বান জনাইছে।এই আহ্বানৰ যুক্তি নথকা নহয়।কৰ’নাই বহু মানুহৰ জীৱিকালৈ সংকট নমাই আনিছে।চৰকাৰী শিক্ষানুষ্ঠানৰ প্ৰতি আস্থা হেৰুওৱাৰ ফলত আজিকালি বহু অভিভাৱকৰ প্ৰথম পচন্দ ব্যক্তিগত বিদ্যালয়।কিন্তু আমি যদি ব্যক্তিগত শিক্ষানুষ্ঠানবোৰলৈ লক্ষ্য কৰোঁ তেন্তে দেখিবলৈ পাম যে মুষ্টিমেয় কিছু অভিজাত বিদ্যালয়ক বাদ দি গৰিষ্ঠসংখ্যকেই আৰ্থিক দিশত টনকিয়াল নহয়।বিদ্যালয়বোৰৰ অসমৰ শৈক্ষিক দিশলৈ অৰিহণা অপৰিসীম যদিও কোনোধৰণৰ চৰকাৰী সাহায্য নাপায়।শিক্ষাৰ্থীৰ মাহিলি মাচুলৰ দ্বাৰাই শিক্ষক-শিক্ষয়িত্ৰীৰ দৰমহাৰ জোৰা মৰা হয়। নামভৰ্তিৰ মাচুল বহু শিক্ষাৰ্থীক ৰেহায়ো দিয়া হয়।তাতে আকৌ বহু অভিভাৱকৰে সময়ত মাচুল আদায় দিয়াৰ ক্ষেত্ৰত এক অনীহা। ফলত অপৰিসীম কষ্ট কৰিও সময়ত টকাকেইটা হাতেৰে চুব নোৱাৰে। কষ্ট অনুপাতে যে দৰমহা অতি কম সেয়া সকলোৰে জ্ঞাত।সেইখিনি টকাৰে জীৱন মুঠেও নচ’লে বাবে ৰাতি-দিন একাকাৰ কৰি টিউশ্যন কৰে যদিও এতিয়া সেয়াও বন্ধ। গতিকে এই শিক্ষকখিনিৰো এতিয়া একেই দুৰৱস্থা। এনে অৱস্থাত মাচুল ৰেহাই মানেই শিক্ষকসকলে পেটত গামোচা বান্ধিবলগীয়া হ’ব। সংবাদ মাধ্যমবোৰেও সকলো বিদ্যালয়কে সাঙুৰি মাচুল ৰেহাইৰ প্ৰসংগ উত্থাপন কৰি থকাটো সমীচীন হোৱা নাই। ‘কৰ্মই ধৰ্ম’, ‘কৰ্মত লাজ নাই’ বুলি ক’লেও এবাৰ শিক্ষকতাৰ ক্ষেত্ৰখনত নমাৰ পাছত সতকাই অন্য যিকোনো কাম কৰিবলৈ নিজৰ সৈতেই এক যুঁজত অৱতীৰ্ণ হ’বলগীয়া হয়। সেয়ে চৰকাৰলৈ কাতৰ অনুৰোধ যাতে ব্যক্তিগত বিদ্যালয়সমূহলৈ আৰ্থিক অনুদানৰ দিহা কৰি দুৰ্দশাগ্ৰস্ত অভিভাৱকসকলক সকাহ দিয়াৰ লগতে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত কাম কৰা শিক্ষক-শিক্ষয়িত্ৰীচামকো উদ্ধাৰ কৰে। সকলো পক্ষৰে সমস্যাৰ সমাধান হোৱাকৈ এক ইতিবাচক পদক্ষেপ কামনা কৰিলোঁ।
পহিলা ছেপ্তেম্বৰৰ পৰা কণমানিহঁতক বিদ্যালয়লৈ পঠোৱা উচিত হ’বনে ?
✍ ৰশ্মিৰেখা ভট্টাচাৰ্য
কৰ’না ভাইৰাছৰ দ্ৰুত সংক্ৰমণ হেতু ভীত-সত্ৰস্ত সমগ্ৰ মানৱকূল। জীৱশ্ৰেষ্ঠ মানুহ আজি নিজৰ সামৰ্থৰ ওপৰতেই সন্দিহান। এটি ক্ষুদ্ৰ ভাইৰাছে কেনেকৈ বিজ্ঞান/প্ৰযুক্তিবিদ্যাৰ গৌৰৱোজ্জ্বল ইতিহাস ম্লান কৰি বিশ্বৰ আগশাৰীৰ দেশসমূহতো সংহাৰলীলা চলালে… সেয়া আমি বিভিন্ন সূত্ৰে অহা বাতৰিযোগে দেখিবলৈ পালোঁ। ভাৰতবৰ্ষৰ লগতে অসমতো বৰ্তমানলৈকে কৰ’নাৰ সংক্ৰমণ ঘটি থকাৰ বাতৰি আমি দৈনিক পাই আছো, চিকিৎসাকৰ্মী/প্ৰশাসন/স্বাস্থ্যমন্ত্ৰীয়ে নিতৌ এই ৰোগৰ ভয়াৱহতা সম্পৰ্কে জনসাধাৰণক বাতৰি কাকত/টেলিভিছন/ৰেডিঅ’ তথা অন্যান্য গণমাধ্যমযোগে সকিয়নি দি আছে। পৰ্যায়ক্ৰমে আমি লকডাউন পালন কৰিছোঁ, আনলক প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিছোঁ। কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ আহ্বান অনুসৰি আমি শিশু আৰু বৃদ্ধসকলক বিশেষ যত্ন সহকাৰে ঘৰত ৰাখিছোঁ। পহিলা ছেপ্তেম্বৰৰ পৰা যদি আমাৰ শিশুসকল বিদ্যালয়ত পাঠ গ্ৰহণ কৰিবলৈ যায়, সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয় হ’ব শাৰীৰিক ব্যৱধান। যদিওবা কম সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে পৰ্যায়ক্ৰমে শিক্ষাগ্ৰহণ কৰাৰ কথা কোৱা হৈছে, তথাপি শিশুসকলক চেনিটাইজাৰ, মাস্ক আদিৰ ব্যৱহাৰেৰে এক মিটাৰ ব্যৱধান ৰাখি পাঠদান কৰিবলৈ পৰ্যাপ্ত ঠাই তথা সুবিধা আমাৰ বিদ্যালয়সূহত আছে বুলি মই নাভাবো। তাৰোপৰি সপ্তাহত দুদিন/তিনিদিন পাঠ গ্ৰহণ কৰি কণমানিসকল উপকৃত হ’ব বুলিও নাভাবো। শিক্ষক কৰ্মচাৰীসকলৰ কৰ’না টেষ্ট বাধ্যতামূলক কৰা হৈছে, ছাত্ৰ-ছাত্ৰীসকলৰ কৰা হোৱা নাই। যদি ছাত্ৰ-ছাত্ৰীসকলৰ মাজতো কৰ’না আক্ৰান্ত কোনোবাজন থাকে, তেনেহ’লে? যদি কৰ’না এক ভয়াৱহ ব্যাধি, তেনে শিশুসকলৰ সুৰক্ষাৰ প্ৰশ্ন আগত, তাৰ পিছতহে শিক্ষা… দেশৰ ভৱিষ্যত নাগৰিকসকলৰ সুৰক্ষাৰ পৰিপ্ৰেক্ষিতত এটা শিক্ষাবৰ্ষ নষ্ট হোৱাটো কোনো ডাঙৰ কথা নহয়। লগতে কোৱা হৈছে কণমানিহঁতৰ উপস্থিতি ধৰাবন্ধা নহয়, অৰ্থাৎ কোনোবা যাব আৰু কোনোবা নোযোৱাকৈও চলিব, এই নীতি কোনোপধ্যে সমৰ্থনযোগ্য নহয়।এটা শিক্ষাবৰ্ষত যিমানখিনি অৰ্হতা এজন ছাত্ৰই আয়ত্ব কৰিব লাগে, সেইখিনি এনেধৰণৰ শিক্ষা ব্যৱস্থাৰে সম্ভৱ হ’বনে? বিদ্যালয়খনৰ ওচৰে-পাজৰে যদি কোনো কোৱাৰেইণ্টাইন চেণ্টাৰ থাকে, তেনেহ’লে ব্যৱস্থা কেনে ধৰণৰ হ’ব? সম্পূৰ্ণ বিধিগত প্ৰক্ৰিয়াৰে বিদ্যালয়সমূহৰ বাহিৰ-ভিতৰ চেনিটাইজড কৰা হৈছেনে, তাৰ স্পষ্ট নিৰ্দেশনা জাৰী কৰা হৈছেনে? মুকলি ঠাইত পাঠদানৰ প্ৰসংগও উল্লেখ কৰা হৈছে, তেনে স্বাস্থ্যসন্মত আৰু সামাজিক দূৰত্ব মানি চলিব পৰা উপযুক্ত স্থান থকা বিদ্যালয় কেইখন আছে? মুঠতে পহিলা ছেপ্তেম্বৰৰ পৰা কণমানিহঁতক বিদ্যালয়লৈ পঠোৱা প্ৰসংগটোত এশ এবুৰি প্ৰশ্ন জড়িত হৈ আছে। সেই প্ৰশ্নসমূহৰ সদুত্তৰ নোপোৱালৈকে কণমানিহঁতক বিদ্যালয়লৈ পঠোৱা অনুচিত বুলি মতপোষণ কৰোঁ।











