Home Blog Page 3306

সংগীতপ্ৰাণ ইন্দ্ৰেশ্বৰ শৰ্মাৰ বিয়োগ সংগীত জগতৰ বাবে অপূৰণীয় ক্ষতিঃ উজনি অসম মুছলিম কল্যাণ পৰিষদ ।

যোৰহাট 

সাংস্কৃতিক মহানগৰী যোৰহাটৰ বিশিষ্ট সাংস্কৃতিককৰ্মী , বৰ্ষীয়ান সংগীতজ্ঞ তথা যোৰহাট সংগীত বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ইন্দ্ৰেশ্বৰ শৰ্মাৰ মৃত্যুৱে যোৰহাটৰ সংগীত ক্ষেত্ৰখনকেই যেন ওকা কৰি থৈ গ’ল ৷ এক অৰ্থত ক’বলৈ গলে যোৰহাটবাসী সংগীত অনুৰাগীয়ে একোজন অভিভাৱকক হেৰুৱালে ৷ শাস্ত্ৰীয় সংগীতৰ চৰ্চা আৰু শিক্ষা প্ৰদানত ওৰে জীৱন সংগীত চৰ্চাত নিমগ্ন হোৱা এই মহীৰূহ স্বৰূপ সংগীতজ্ঞ গৰাকীৰ মৃত্যু সমগ্ৰ ৰাজ্যখনৰ সাংস্কৃতিক ক্ষেত্ৰত এক অপুৰণীয় ক্ষতি বুলি অভিহিত কৰে উজনি অসম মুছলিম কল্যাণ পৰিষদৰ যোৰহাট জিলা সমিতিৰ সম্পাদক ৰফিক হুছেইন আৰু তমিজুৰ ৰহমানে ৷ বাতৰি কাকতলৈ দিয়া এক বিবৃতিত প্ৰয়াত শৰ্মাৰ মৃত্যুত কল্যাণ পৰিষদে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে ৷

১৪ গৰাকী ক’ৰোনা ৰোগীক অব্যাহতি মঙলদৈ চিভিলৰ পৰা ।

মঙলদৈ

 বহিঃ ৰাজ্যৰ পৰা আহি নিজ গৃহ জিলা দৰঙলৈ যোৱা ২৭ মে’ৰ পৰা ৫ জুনলৈ প্ৰৰ্যায়ক্ৰমে অহা ক’ভিড আক্ৰান্ত ১৪ গৰাকী লোকক আজি মঙলদৈ অসামৰিক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হয়। তেওঁলোকৰ শ্লেষৰ নমুনা সংগ্ৰহৰ পিছত নিম্ন উল্লেখিত লোককেইগৰাকীৰ দেহত ক’ভিড-১৯ ৰ উপস্থিতি ধৰা পৰিছিল। কিন্তু  চিকাৎসালয় খনত কৰা চিকিৎসাৰ অন্তত তেওঁলোক বৰ্তমান সুস্থ হৈ উঠাত আজি সন্ধিয়া তেওঁলোকক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হয়। অব্যাহতি দিয়া ৰোগী সকল হ’ল ক্ৰমে – খাৰুপেটীয়া আৰিমাৰীৰ আমিৰুল ইছলাম (১৭), ৩ নং বৰুৱাঝাৰৰ নজৰুল ইছলাম (২১), আটাকাটাৰ শ্বেখ ফৰিদ (২৫), লালপুলৰ চিকন্দৰ আলী (২১), ৩ নং চিকনমাটিৰ বাৰেক আলী (২৮), ধূলা গৰাপৰিৰ লোকমান হাকিম (২০), দলগাঁও বড়িগাঁৱৰ চাজিকুল হক (২২), ছিপাঝাৰ শান্তিপুখুৰীৰ হিমাংশু শৰ্মা (২৯), ৩ নং আৰিমাৰীৰ ৰফিকুল ইছলাম (৪০), দলগাঁও বৰগুলিৰ চহিদুল হক (১৯), ছিপাঝাৰ গোমঠাপাৰাৰ দয়াৰাম দাস (৪৯), খাৰুপেটীয়া মণ্ডলপাৰাৰ ওচমান গণি, নামখলা আঠিয়াবাৰীৰ ৰূপম বৰ্মন (২০) আৰু দলগাঁৱৰ হামিদ আলী (২২)। দৰং জিলাত মুঠ ৭৩ গৰাকী ক’ভিড পজিটিভ ৰোগী আছিল আৰু বৰ্তমান ৫৯ গৰাকী চিকিৎসাধীন হৈ আছে।

সীমান্তত উত্তেজনা অব্যাহত : অসমৰ ভূখণ্ডত নগাৰ আগ্ৰাসন বন্ধ ন’হলে অসম আৰু অসমীয়া জাতিৰ অধিকাৰ ৰক্ষাৰ স্বাৰ্থত তীব্ৰ গণ আন্দোলনৰ হুংকাৰ ” আছু” ৰ ।

সীমান্তত উত্তেজনা অব্যাহত : অসমৰ ভূখণ্ডত নগাৰ আগ্ৰাসন বন্ধ ন'হলে অসম আৰু অসমীয়া জাতিৰ অধিকাৰ ৰক্ষাৰ স্বাৰ্থত তীব্ৰ গণ আন্দোলনৰ হুংকাৰ " আছু" ৰ ।

নাজিৰা 

 ১৯৬৩ চনত অসমৰ নাগিনীমৰা জিলাৰ সীমাকে নিৰ্ধাৰণ কৰি নাগালেণ্ড হিচাপে সুকীয়া ৰাজ্যৰ মৰ্যাদা পোৱাৰ পাছত নাগালেণ্ডে সেই সীমাক মানি নলৈ উত্তৰ – পূৱ সীমান্ত ৰে’ল পথলৈকে নাগালেণ্ড ৰাজ্যৰ সীমা হ’ব লাগে বুলি দাবী কৰি সম্প্ৰতি নগা চৰকাৰ আৰু উগ্ৰপন্থী সংগঠন এন এছ চি এনৰ দুই ফৈদেও এই দাবীকেলৈ অতল থাকি বৃহত্তৰ নাগালিম গঠনৰ প্ৰচেষ্টা কৰি আহিছে । নগাৰ এই দাবীক সুনিশ্চিত কৰাৰ উদ্দেশ্যে বিভিন্ন সময়ত সীমান্তৱৰ্তী অঞ্চলটোত অপহৰণ , হত্যা , অসমৰ বনাঞ্চলত থকা মূল্যৱান গছ – গছনি কাটি , অসমীয়া পৰিয়ালৰ পোহনীয়া জীৱ — জন্তু কাঢ়ি – নিধন কৰি আৰু সীমান্তৰ অসমীয়া ব্যক্তিৰ চাহ গছ কাটি – জ্বলাই আদি বিভিন্ন ধৰণে সন্ত্ৰাস চলাই আহিছে । তাৰোপৰি সীমান্তৰ অসমৰ হাজাৰ হাজাৰ হেক্টৰ ভূ – খণ্ড নগাৰ দখললৈ নি আগ্ৰাসন অব্যাহত ৰাখিছে । নাগালেণ্ডে অসমৰ শিৱসাগৰ , যোৰহাট , গোলাঘাট , কাৰ্বিআংলং জিলাৰ বৃহৎ এলেকা নাগালিমত অন্তৰ্ভুক্ত কৰি লোৱাত অসমৰ মানচিত্ৰ ক্ৰমে সংকোচনহৈ পৰিছে । ইতিমধ্যে নাগালেণ্ডে শিৱসাগৰ জিলাৰ ৪২৭৯.০৬ হেক্টৰ , যোৰহাট জিলাৰ ১৯,৭৭৭.৬৩ হেক্টৰ, গোলাঘাট জিলাৰ ৪১ .৯৮৫ হেক্টৰ , কাৰ্বিআংলং জিলাৰ ২০০ হেক্টৰ ভূমি বেদখল কৰাৰ উপৰি যোৰহাট জিলাৰ সংৰক্ষিত বনাঞ্চলৰ তিৰু হিলছত ৪৮২৯.১৫ হেক্টৰ , দিচৈ বনাঞ্চলৰ ১৫৩২ . ৩৪ হেক্টৰ , দিচৈ ভেলীৰ ১৩, ৩২২ হেক্টৰ , গোলাঘাট জিলাৰ ডিফু সংৰক্ষিত বনাঞ্চলৰ ২৭, ২৯৩ হেক্টৰ , দক্ষিণ নামবৰ।বনাঞ্চলৰ ১৪,৩৬০ হেক্টৰ , ৰেংমা বনাঞ্চলৰ ৯.৯৩৫ হেক্টৰ , দৈয়াং বনাঞ্চলৰ ৩৯৭ হেক্টৰ , কাৰ্বিআংলং জিলাৰ দলদলি বনাঞ্চলৰ ১০ হেক্টৰ , শিৱসাগৰ জিলাৰ গেলেকী সংৰক্ষিত বনাঞ্চলৰ ৪০০০ হেক্টৰ ভূমিকে ধৰি ৬৬,২৪১ হেক্টৰ ভূমি দখল কৰিলে । তাৰোপৰি নাজিৰা ৰাজহ চক্ৰৰ ১১৫৩,০০ হেক্টৰ , আমগুৰি ৰাজহ চক্ৰৰ ৪৬.০০ হেক্টৰ , সোণাৰি ৰাজহ চক্ৰৰ ১৯.১৯ হেক্টৰ চৰকাৰী ৰাজহ ভূমিত খোপনি পুতি  বাট – পথ নিৰ্মাণ , গিৰ্জা , স্কুল , চাহ বাগিচা , চৰকাৰী কাৰ্যালয় আদি স্থাপন কৰি অসমৰ ভূখণ্ড সংকুচিত কৰিলে । নগাই ইমানতো ক্ষান্ত নাথাকি সঘনাই সীমান্তৱৰ্তী অঞ্চলত সন্ত্ৰাস – আগ্ৰাসন চলাই আহিছে । শেহতীয়াকৈ সীমান্তৱৰ্তী অসমীয়াৰ চাহ বাগিচাৰ চাহ গছ কাটি — জ্বলাই ধ্বংস কৰি অহাৰ উপৰি যোৱা ৮ মে’ত শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ গেলেকী অঞ্চলৰ শিঙিবিল লাহদৈগড় এলেকাৰ অসম সীমান্তত নগাই বাহৰ গেট , দি অসমীয়া লোকৰ প্ৰৱেশ বন্ধ কৰাৰ উপৰি অসমৰ ভূমিতেই বাংকাৰ নিৰ্মাণ কৰি আগ্ৰাসনৰ চেষ্টা কৰাৰ কাৰ্যকলৈ সীমান্তত বিৰাজ কৰা অগ্নিগৰ্ভা পৰিস্থিতিৰ মাজতে কালি সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ এটি সজাতি দল উক্ত এলেকাত উপস্থিত হৈ পৰিস্থিতি বুজ লয় । আছুৰ কেন্দ্ৰীয় শিক্ষা সম্পাদক শৰৎ হাজৰিকা , জিলা ছাত্র সন্থাৰ সভাপতি অসীম দত্ত , সাধাৰণ সম্পাদক সমীৰণ ফুকন , জিলা ছাত্র সন্থাৰ উপ – সভাপতি তথা নাজিৰা মহকুমা ছাত্র সন্থাৰ সভাপতি মানৱ হাজৰিকা , শিৱসাগৰ মহকুমা ছাত্র সন্থাৰ সাধাৰণ সম্পাদক সুভাষ চন্দ্ৰ দাস , গেলেকী আঞ্চলিক ছাত্র সন্থাৰ সভাপতি প্ৰাঞ্জল গগৈ , সাধাৰণ সম্পাদক মানস জ্যোতি শইকীয়া , ছাত্র নেতা দীপাংকৰ শইকীয়া , প্ৰতীম বৰগোঁহাই আদিৰ নেৰ্তৃত্বত যোৱা দলটোৱে শিঙিবিলত উপস্থিত হৈ স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰি পৰিস্থিতি বুজ লোৱাৰ লগতে নাজিৰা মহকুমা আৰক্ষী বিষয়া দ্বীপ জ্যোতি তালুকদাৰ , গেলেকী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দ্বীপেন্দ্ৰ ছেত্ৰী সহ আৰক্ষী প্ৰশাসনৰ উচ্চ স্তৰীয় বিষয়া বৰ্গৰে শিঙিবিস্থিত বি অ’ পিত স্থানীয় জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰা , ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ স্বাৰ্থ সুৰক্ষিত কৰা , অসমৰ ভূখণ্ডত নগাৰ বেদখল মুক্ত কৰা আদি বিভিন্ন দিশ সামৰি এক আলোচনাত মিলিত হয় । উল্লেখ্য যে , অসম – নাগালেণ্ড সীমান্তৰ এফ ছেক্টৰৰ অন্তৰ্গত নাজিৰা মহকুমাৰ ঐতিহাসিক লাহদৈগড় অঞ্চলৰ দাতিকাষৰীয়া অঞ্চলত স্থানীয় নিবনুৱা তথা ক্ষুদ্ৰ চাহ খেতিয়কে অসমৰ ভূখণ্ডত চাহ পুলি ৰোপণ কৰি স্বাৱলম্বী হোৱাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে যদিও সময়ে সময়ে নগাই উক্ত লোক সকলক বহু বছৰ ধৰি বিভিন্ন ধৰণৰ হাৰাশাস্তি কৰি আহিছে । অসম আৰু কেন্দ্ৰীয় চৰকাৰৰ উদাসীন মনোভাৱৰ বাবেই নগাই নাগালেণ্ড প্ৰশাসনৰ সহযোগত আগ্ৰহী মনোভাৱেৰে অসমৰ ভূখণ্ডত নিজৰ মই মতালি প্ৰদৰ্শন কৰাৰ সুযোগ লাভ কৰা বুলি মত প্ৰকাশ কৰি অসম চৰকাৰক আন্ত:ৰাজ্যিক সীমান্ত এলেকাত অসমীয়া মানুহৰ স্বাৰ্থ সুৰক্ষিত কৰি ৰাখিব পৰাকৈ শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিবৰ বাবে আহ্বান জনাইছে। অসমৰ সীমান্তত বাট — পথকে ধৰি অন্যান্য প্ৰয়োজনীয় সা – সুবিধা প্ৰদান কৰাত অসম চৰকাৰ ব্যৰ্থ হোৱাৰ ফলতে সীমান্ত অঞ্চলত নগাই আগ্ৰাসন অব্যাহত ৰাখিবলৈ সক্ষম হোৱা বিষয়টোৱে অনাগত দিনত অধিক ভয়াবহ ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা থকা সন্দৰ্ভত চৰকাৰে সময় থাকোতেই উচিত পদক্ষেপ গ্ৰহণ কৰাটো প্ৰয়োজন বুলি ” আছু” ৰ নেৰ্তৃত্বই স্পষ্ট মত পোষণ কৰে । ইয়াৰ উপৰিও সীমান্ত এলেকাত নিয়োজিত নিৰাপত্তা ৰক্ষী সকলকো প্ৰয়োজনীয় সকলো সা – সুবিধা গৃহ বিভাগে প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰি সীমান্ত নিৰীক্ষণ চকীত প্ৰয়োজনীয় সংখ্যক জোৱান মোতায়েনয়, বি অ’ পি সমূহৰ আন্ত:গাথনিৰ উন্নয়ন সাধন আৰু জোৱানসকলৰ প্ৰয়োজনীয় সকলো সা – সুবিধা প্ৰদান কৰিবৰ।বাবে অসম চৰকাৰলৈ ” আছু ” আহ্বান জনাইছে । আনহাতে এনেধৰণৰ কাৰ্য অনাগত দিনত নগাই অব্যাহত ৰাখিলে সীমান্তৱৰ্তী ৰাইজৰ বৃহত্তৰ স্বাৰ্থত আৰু অসমৰ ভূখণ্ডৰ ওপৰত অসমীয়া ৰাইজৰ অধিকাৰ ৰক্ষা কৰাৰ স্বাৰ্থত ” আছু” ৱে তীব্ৰ গণ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ’ব বুলি সকীয়াই দিয়ে ।

শিৱসাগৰ জিলা কবি সন্মিলনৰ ব্যতিক্ৰমী কবিতাৰ সন্ধিয়া অনুষ্ঠান সম্পন্ন ।

 নাজিৰা

  কালি সন্ধিয়া সাত বজাৰ পৰা “ম’বাইল ভিডিঅ’ কনফাৰেন্স”ৰ যোগেদি শিৱসাগৰ জিলা কবি সন্মিলনৰ এক মননশীল স্বৰচিত কবিতা পাঠৰ অনুষ্ঠান অনুষ্ঠিত হয়। সম্পাদক প্ৰশান্ত কুমাৰ নাথে আঁত ধৰা আৰু সহকাৰী সম্পাদক সুৰেশ ভূঞা আৰু মনপিয়াশী জোনাকৰ  কাৰিকৰী ব্যৱস্থাপনাত অনুষ্ঠিত অনুষ্ঠানটি সঞ্চালনা কৰে জিলা সভাপতি ত্ৰিদীপ কুমাৰ বৰগোহাঁঞিয়ে। অনুষ্ঠানত সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন সভাপতি কাব্যপ্ৰাণ প্ৰেম গগৈ, বৰ্তমানৰ উপ-সভাপতি হৰেন গগৈ মূখ্য অতিথি হিচাপে থকাৰ  উপৰিও জিলা উপ-সভাপতি তৰুণ চন্দ্ৰ নাথ আৰু অশ্ৰুমণি ঘোষ, ব্ৰজেন দাস, পদ্মা গগৈ, অপৰাজিতা গগৈ,  গীতৰাজ, জনম খনিকৰ, কুন্তলা কল্যাণী সন্দিকৈ, জীতেন নাথ, সুষমা চাংমাই আদিকে ধৰি জিলা খনৰ কেইবাগৰাকী কবিয়ে নিজৰ ঘৰৰ পৰাই সংযোজিত হৈ  নিজৰ অনুভৱ প্ৰকাশ কৰাৰ লগতে স্বৰচিত কবিতা পাঠ কৰে। যশস্বী কবি প্ৰেম গগৈয়ে জিলা কবি সন্মিলনে  গ্ৰীষ্মকালীন সন্ধিয়াটি কবিতাৰ শীতল আমোঘেৰে জীপাল কৰা কাব্য চৰ্চাৰ এই ব্যতিক্ৰমী ব্যৱস্থাৰ শলাগ লয়। কবি হৰেন গগৈয়ে কয় যে কবিসকলে যিকোনো প্ৰতিকুল পৰিৱেশকো নেওচি শব্দৰ সতে খেলা কৰি নিজৰ কবিসত্তাৰ পৰিচয় দি আহিছে। আজিৰ অনুষ্ঠানটো সেই সত্তাৰ তাড়নাতে ব্যতিক্ৰমী ব্যৱস্থাৰে অনুষ্ঠিত কৰা হৈছে। এই চৰ্চা অব্যাহত ৰাখিব লাগে। প্ৰায় দেৰ ঘণ্টাজোৰা অনুষ্ঠানৰ শেষত সহকাৰী সম্পাদকদ্বয় সুৰেশ ভূঞা আৰু অভিৰাজ জিৎ গগৈৰ দ্বাৰা শলাগৰ শৰাই আগবঢ়াই সদৌ অসম কবি সন্মিলনৰ কাব্য মন্ত্ৰ পাঠেৰে অনুষ্ঠানৰ সামৰণি কৰে। শিৱসাগৰ জিলা কবি সন্মিলনৰ এই ব্যতিক্ৰমী প্ৰচেষ্টাক কাব্যিক সমাজে ভূয়সী প্ৰশংসা কৰে।

পাহাৰীয়া এলেকাত ভয়ংকৰ ভাৰতীয় সেনা ।

দৈনন্দিন বাৰ্তা

পাহাৰীয়া এলেকাত ভাৰতীয় সেনা সকলোতকৈ ভয়ংকৰ৷ এই কথা কৈছে চীনৰ এক সামৰিক বিশেষজ্ঞই৷ পৃথিৱীৰ সকলোতকৈ অভিজ্ঞ আৰু বৃহৎ মাউণ্টেইন আৰ্মি ভাৰততে আছে বুলি বিশেষজ্ঞজনে স্বীকাৰ কৰে৷ চীনৰ মডাৰ্ণ ৱেপনাৰী নামৰ আলোচনীখনৰ জ্যেষ্ঠ সম্পাদক হুয়াং গৌঝিয়ে কয়, ভাৰতৰ সকলো সেনাক পাহাৰত চলাফুৰাৰ প্ৰশিক্ষণ দিয়া হয়৷ আনকি ব্যক্তিগত খণ্ডতো বহু পেশাদাৰী আৰু অপেশাদাৰী পৰ্বতাৰোহীক নিয়োগ কৰা হয়৷ মুঠ ১২টা ডিভিজনত ২ লাখৰো বেছি ভাৰতীয় সেনা পাহাৰী এলেকাত তৎপৰ৷ চিয়াচীনতো পাঁচ হাজাৰ বেছি মিটাৰ উচ্চতাত এশৰো অধিক আউটপ’ষ্ট নিৰ্মাণ কৰিছে ভাৰতে৷ তাত প্ৰায় ৬-৭ হাজাৰ সেনা মোতায়েন কৰা আছে৷ ভাৰততে সকলোতকৈ উচ্চ ৬৭৫৯ মিটাৰতো সেনা আউটপ’ষ্ট নিৰ্মাণ কৰিছে৷ নিৰাপত্তাৰ বাবে ভাৰতে ব্যয় বঢ়াইছে৷ আমেৰিকাৰ পৰা অত্যাধুনিক যুদ্ধাস্ত্র কিনিছে৷ বায়ুসেনাৰ ওপৰত যাতে সকলো সময়তে ভৰসা নকৰে তাৰ বাবে বিশ্বৰ সকলোতকৈ পাতল ১৫৫এমএম হাউৎজাৰ এম৭৭৭ আৰু চিনুক হেলিকপ্টাৰ কিনিছে৷ তদুপৰি ভাৰতৰ হাতত আছে আমেৰিকাৰ এএইচ ৬৪ই লংবো এপাছে হেলিকপ্টাৰ৷

৪০ বেকগ্ৰাউণ্ড ডান্সাৰক আৰ্থিক সাহায্য শ্বাহিদ কাপুৰৰ ।

দৈনন্দিন বাৰ্তা

একালত তাৰকাৰ পিছত থাকি নৃত্য কৰি বলীউডত জীৱন আৰম্ভ কৰা শ্বাহিদ কাপুৰ আজি অন্যতম প্রতিভাবান আৰু জনপ্রিয় অভিনেতা। এইজন অভিনেতাই এতিয়া মানুহক সহায় কৰাৰ চেষ্টা অব্যাহত ৰাখিছে৷ হায়দৰ খ্যাত শ্বাহিদ কাপুৰে অতীতৰ অৱস্থানত থকা লোকক সাহায্য দিয়াত বিভিন্নজনে প্ৰশংসা কৰিছে৷ যিসকলৰ লগত তেওঁ জীৱন আৰম্ভণিৰ ছবিত কাম কৰিছিল সেই ৪০ গৰাকী বেকগ্ৰাউণ্ড ডান্সাৰক আৰ্থিক সাহায্য দিলে শ্বাহিদ কাপুৰে৷ প্ৰাক্তন নৃত্যশিল্পী ৰাজ সুৰানিয়ে জনায় যে যাৰ সৈতে শ্বাহিদ কাপুৰে কাম কৰিছিল তেওঁলোকৰ বেংক একাউণ্টত সম্প্ৰতি তেওঁ টকা পঠিয়াইছে৷ সিই ৪০ গৰাকীক আগন্তুক দুমাহ ধৰি সাহায্য দিব বুলি জনাইছে৷ উল্লেখ্য যে তেওঁ এখন তালিকা প্ৰস্তুত কৰিছিল৷ ‘ইছক ভিছক’ ছবিখন কৰাৰ সময়ত তেওঁৰ সৈতে কাম কৰা বহুৰে সময় বেয়াকৈ গৈছে৷ ইয়াৰ উপৰি আন কেইখনমান ছবিত কাম কৰাসকলক লৈও তালিকাভুক্ত কৰিছে৷

পূৰ্বতকৈ তললৈ নামিল ভাৰতৰ শিক্ষানুষ্ঠানৰ ৰেংকিং ।

দৈনন্দিন বাৰ্তা

বিশ্বৰ বিভিন্ন শিক্ষানুষ্ঠানৰ তুলনাত ভাৰতৰ শিক্ষানুষ্ঠানৰ মান তললৈ নামিছে৷ কিউএছ ৱ’ৰ্ল্ড ইউনিভাৰচিটি ৰেংকিঙত তলৰ ফালে আছেগৈ ভাৰতৰ উল্লেখযোগ্য বিশ্ববিদ্যালয়ৰ স্থান৷ 

* প্ৰতি বছৰে প্ৰকাশ হয় কিউএছ ৱ’ৰ্ল্ড ইউনিভাৰচিটি ৰেংকিং ৷

* ইয়াত সাধাৰণতে বিশ্বৰ ১০০০ বিশ্ববিদ্যালয়ে স্থান পায় ৷

* যোৱা বছৰ ভাৰতৰ ২৫খন বিশ্ববিদ্যালয়ে স্থান পাইছিল ৷

* এই বছৰ স্থান পাইছে ২১ খনে ৷

* তালিকাত ভাল স্থান পোৱা বম্বে আইআইটিৰ স্থান ১৭২।

* যোৱা বছৰ এইখন আইআইটিৰ স্থান আছিল ১৫২ নম্বৰত ৷  

* ইয়াৰ পাছত আছে বেংগালুৰু আইআইএছচি, দিল্লী আইআইটি, মাদ্ৰাজ আইআইটি, খড়গপুৰ আইআইটি, কানপুৰ আইআইটি, ৰুৰকি আইআইটি, দিল্লী বিশ্ববিদ্যালয় আৰু হায়দৰাবাদ আইআইটি ।

* তালিকাৰ তলত অৰ্থাৎ ৩১৪ নম্বৰত আছে খড়গপুৰ আইআইটি ৷

* তালিকাত পূৰ্বতকৈ উন্নতি হোৱা চাৰিখন বিশ্ববিদ্যালয় হ’ল গুৱাহাটী আইআইটি, হায়দৰাবাদ আইআইটি, অ’পি জিন্দাল বিশ্ববিদ্যালয় আৰু সাবিত্ৰীবাঈ ফুলে পুনে বিশ্ববিদ্যালয় ৷

দীৰ্ঘদিন একে স্থানত থাকি চলাই গৈছে ইটোৰ পিছত সিটো দুৰ্নীতি। কাৰ আৰ্শীবাদত লাভ কৰিছে তিনিটাকৈ মহকুমাৰ দায়িত্ব !

নগাঁও 

নগাঁও মহকুমা বিদ্যালয় সমুহৰ উপ-পৰিদৰ্শকৰ কাৰ্যালয়ত দীৰ্ঘদিন ধৰি ব্যাপক দুৰ্নীতি-অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে। দীৰ্ঘদিন ধৰি একে স্থানতে থাকি উপ-পৰিদৰ্শক বুদ্ধ কটকীৰ নেতৃত্বত চলিছে এই দুৰ্নীতিৰ বজাৰ। কাৰ্যালয়টোত বিষয়া-কৰ্মচাৰীক উৎকোচ নিদিলে কোনো কামেই সময়মতে সম্পন্ন হোৱাটো এতিয়া যেন এক নিয়মত পৰিণত হৈছে। নগাঁও মহকুমাটোৰ অন্তৰ্গত বিভিন্ন বিদ্যালয়ৰ পৰা শিক্ষক-শিক্ষয়িত্ৰীৰ অভিযোগ আহিলেই সংশ্লিষ্ট শিক্ষক-কৰ্মচাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বিপৰীতে তদন্তৰ নামত দৰ দাম আৰম্ভ কৰা বুলি সৰ্তত্ৰ চৰ্চা চলি আহিছে। বিশেষকৈ একাংশ শিক্ষকক আন বিদ্যালয়ত সংলগ্ন কৰাৰ নামত ব্যাপক পৰিমাণৰ ধন আদায় কৰাৰ লগতে শিক্ষকৰ বকেয়া বিল, পেন্সন, ছুটি আদি মঞ্জুৰীৰ নামতো কাৰ্যালয়টোৰ এগৰাকী কৰ্মচাৰী শিৱ প্ৰসাদ চেত্ৰীৰ জৰিয়তে ধন আদায় কৰা পাং পাতি অহাৰ গুৰুতৰ অভিযোগ কৰিছে আৰ টি আই কৰ্মী এ জে আকন্দয়ে ।অভিযোগ মতে অকল ইমানেই নহয় বিভিন্ন কাৰণত শিক্ষক-শিক্ষয়িত্ৰী সকলক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা নাইবা নিলম্বিত কৰা একাংশ শিক্ষক-শিক্ষয়িত্ৰী সকলৰ পৰা নিলম্বন উঠাই লোৱাৰ নামত মোটা অংকৰ ধন আদায় কৰি অহাৰ অভিযোগ অতি পুৰণি। লকডাউনৰ পুৰ্বে প্ৰাথমিক বিদ্যালয় প্ৰাদেশিকৰণৰ বাবে অসম চৰকাৰৰ শিক্ষা বিভাগে যোগ্যতা সম্পন্ন বিদ্যালয়সমুহৰ তালিকা বিচৰাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি একাংশ অস্তিত্বহীন তথা বিভাগীয় নীতি অনুসৰি পৰ্যাপ্ত ছাত্ৰ-ছাত্ৰী নথকা বিদ্যালয়ৰ নাম চুড়ান্ত বাচনি তালিকাত সুমাই ধনৰ বজাৰ বহুৱাৰ বাতৰিও সংবাদ মাধ্যমত ইতিমধ্যে প্ৰকাশ পাইছিল। নিজে উপ-পৰিদৰ্শক হোৱাৰ সুবাদতে কিছুদিন পুৰ্বে নিজৰ পত্নীক দুখনকৈ বিদ্যালয়ত শিক্ষক পদত অধিষ্ঠিত কৰাৰ চেষ্টা চলাই সংবাদ মাধ্যমৰ শিৰোনামো দখল কৰি আহিছিল। যাৰ বাবে তেওঁ নিজৰ নিকটতম উৰ্ধতম কৰ্তৃপক্ষ জিলা শিক্ষা বিষয়াৰ ৰোষত পৰিছিল। বিতৰ্কিত শিক্ষা বিষয়া হিচাপে পৰিচিত বুদ্ধ কটকীৰ দুৰ্নীতি-অনিয়মৰ সীমা নাই। কিয়নো মেনেজ মাষ্টৰ ৰূপে খ্যাত এইগৰাকী শিক্ষা বিষয়াই ৰাজনৈতিক নেতাৰ সৈতে মধুৰ সম্পৰ্ক ৰক্ষা কৰি বদলি হোৱাৰ পৰিৱৰ্তে একে স্থানতে বছৰ বছৰ ধৰি থাকিবলৈ সক্ষম হৈছে। ইমানেই নহয় একমাত্ৰ ধনৰ বলত নগাঁও মহকুমা বিদ্যালয় সমুহৰ উপ-পৰিদৰ্শক হৈ থকাৰ সমান্তৰাল ভাবে হোজাই আৰু কলিয়াবৰ মহকুমাৰ উপ-পৰিদৰ্শক হিচাপে অতিৰিক্ত ভাবে দায়িত্ব বহন কৰি আহিছে। আটাইতকৈ আচৰ্যজনক আৰু লজ্জাজনক বিষয় এই যে নগাঁও জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ গাতে লাগি থকা উপ-পৰিদৰ্শকৰ কাৰ্যালয়টোত দিন দুৰতে একাংশ কৰ্মচাৰীয়ে মদৰ ৰাগিত মতাল হৈ থকাও গুৰুতৰ অভিযোগ কৰিছে । এইদৰে শিক্ষা বিভাগৰ দৰে এক পৱিত্ৰ অনুষ্ঠানৰ দায়িত্ব পালন কৰি বিভিন্ন দুৰ্নীতি-অনিয়মৰে সততে বিতৰ্কৰ সৃষ্টি কৰি অহা এইগৰাকী শিক্ষা বিষয়াৰ বিৰুদ্ধে চৰকাৰে ব্যৱস্থা লোৱাতো দূৰৰে কথা ৰহস্যজনকভাবে তেওঁক বৰপীড়া পাৰি দি লুন্ঠন বজাৰ বহুৱাৰ অনুমতি দিয়াৰ কথাও জিলাখনৰ শিক্ষা মহলত গুণাগথা আৰম্ভ কৰা গুৰুতৰ অভিযোগ কৰিছে । সেয়ে দুৰ্নীতিৰ মহানায়ক হিচাপে চৰ্চিত বুদ্ধ কটকীৰ বিৰুদ্ধে শিক্ষামন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই ব্যৱস্থা গ্ৰহণ কৰিবনে, এয়াই এতিয়া এক কোটিটকীয়া প্ৰশ্ন বুলি আৰ টি আই কৰ্মী এ জে আকন্দয়ে জনাইছে।

অসমৰ নীল বিপ্লৱত নৱ-সংযোজনেৰে স্বাৱলম্বী কৰাৰ প্ৰয়াস । গ্ৰাম‍্য অৰ্থনীতি উন্নয়নৰ বাবে ঘৰে-ঘৰে পুখুৰী, ঘৰে-ঘৰে মাছ শীৰ্ষক আঁচনিৰ ৰূপায়ণৰ পদক্ষেপ ।

কলিয়াবৰত মুখ‍্যমন্ত্ৰীয়ে উদ্ধোধন কৰিলে নৱ-নিৰ্মিত পুণৰাৱৰ্তন জলীয় কৃষি পদ্ধতিত মৎস পালন প্ৰকল্প ।

ঘৰে-ঘৰে পুখুৰী, ঘৰে-ঘৰে পুখুৰী”, সেই পদক্ষেপৰ অন্তৰ্গত আজি অসমৰ ম‍ৎস‍্য উৎপাদনৰ ক্ষেত্ৰত সংযোজন হ’ল এক নৱ পদক্ষেপ। কলিয়াবৰৰ উলুৱনীত স্থাপিত কলিয়াবৰ একুৱাটেক। পোণ প্ৰথমে ইজৰাইলত আৰম্ভ হোৱা পুণৰাৱৰ্তন জলীয় কৃষি পদ্ধতিত মৎস পালনেৰে ৰাজ‍্যৰ মৎস‍্য চাহিদাৰ যোৰা মাৰ্চব পৰাকৈ নীল বিপ্লৱৰ অংশ স্বৰূপে প্ৰতিষ্ঠা কৰা এই প্ৰকল্পৰ শুভ উদ্বোধন কৰে ৰাজ‍্যৰ মুখ‍্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। এই প্ৰকল্পৰ জৰিয়তে ৰাজ‍্যৰ মৎসৰ চাহিদা পুৰণৰ লগতে স্ব-নিয়োজনৰ ক্ষেত্ৰত ৰাজ‍্যলৈ এক যোগাত্মক পৰিৱৰ্তন আনিব বুলি মুখ‍্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। ৰাজ‍্যৰ ক্ৰমবৰ্দ্ধমান নিবনুৱা সম‍স‍্যা ভাৰাক্ৰান্ত হৈ থকাৰ সময়তে ৰাজ‍্যৰ শিক্ষিত যুৱক-যুৱতীয়ে কৃষি কৰ্ম নিয়োজিত হৈ নিয়ন্ত্ৰণ কৰিবলৈ বিভিন্ন চৰকাৰী আঁচনিৰৰ সুবিধা ল’বলৈ আহ্বান জনাই মুখ‍্যমন্ত্ৰীয়ে। যোৱা লকডাউনৰ সময়ছোৱাত পৰিৱৰ্তিত বজাৰ ব‍্যৱস্থাৰ প্ৰতি লক্ষ‍্য ৰাখি গ্ৰাম‍্য অৰ্থনীতিত নৱ-উন্মেষ ঘটোৱাৰ পৰিকল্পনা বাস্তৱত ৰূপায়ণ কৰাৰ উদ‍্যোগ লাগিবৱা হৈছে। ঘৰুৱা চাহিদাৰ প্ৰতি লক্ষ‍্য ৰাখি সকলো সামগ্ৰী ঘৰুৱাভাৱে উৎপাদন কৰি আত্ম-নিৰ্ভৰশীল হ’ব লাগিব। নিষ্ঠা আৰু সততাৰে আত্মনিৰ্ভৰ্শীলতাৰ ক্ষেত্ৰত আজিৰ যুৱচাম আগবাঢ়িব লাগিব। জৈৱ-বৈচিত্ৰতাৰে ভৰপূৰ অসমখনত উৰ্বৰ ভূমিত কৃষিৰ জৰিয়তে আত্মনিৰ্ভৰশীল হোৱাৰ সুযোগ লকডাউনে দিছে। অসমৰ সামগ্ৰীয়ে ইতিমধ‍্যে বিশ্বৰ বজাৰ লাভ কৰা সমাদৰৰ আৰু প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে আজিৰ যুৱচামে আত্মনিয়োগ কৰিব লাগিব। আজিৰ যুৱচামে অসম চৰকাৰৰ বিভিন্ন আঁচনিৰ সুবিধা গ্ৰহণ কৰি নিজৰ লগতে ৰাজ‍্যখনৰ অৰ্থনেতিক উন্নয়নত গুৰুত্বপূৰ্ণ ল’ব পাৰে। অসমৰ বজাৰ দখল কৰি দেশ আৰু বিশ্বৰ বজাৰ দখল কৰিবলৈ মানদণ্ডৰ সামগ্ৰী উৎপাদন কৰিব লাগিব।উদ্বোধনী অনুষ্ঠানত মীন মন্ত্ৰী পৰিমল শুক্ল বৈদ‍্যই মন্তব‍্য আগবঢ়াই জনাই অসমক মৎস‍্য উৎপাদনৰ ক্ষেত্ৰত স্বাৱলম্বী কৰাৰ দিশত যোৱা চাৰি বছৰে যথেষ্ট উন্নতি লাভ কৰিছে। ভৱিষ‍্যতে আন ৰাজ‍্যকো মৎস‍্য যোগান ধৰিব পাৰিব বুলি মন্তব‍্য আগবঢ়াই।আজিৰ এই উদ্বোধনী অনুষ্ঠানত ৰাজ‍্যৰ মীন বিভাগৰ মন্ত্ৰী পৰিমল শুক্ল বৈদ‍্য আৰু স্থানীয় বিধায়ক তথা জল সম্পদ মন্ত্ৰী কেশৱ মহন্ত, নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা, ৰহাৰ ডিম্বেশ্বৰ দাস, অসম চৰকাৰৰ সংবাদ উপদেষ্টা সহ কৃষি উৎপাদ বিভাগ আৰু মীন বিভাগৰ আয়ুক্ত উপস্থিত থাকে।উল্লেখযোগ‍্য যে, কলিয়াবৰৰ উলুৱনীৰ শৈলেন্দ্ৰ গোস্বামী আৰু মিছাৰ ধনঞ্জয় উপাধ‍্যায়, এই দুই শিক্ষিত যুৱকে দুবছৰৰ আগতে নিজাববীয়া প্ৰচেষ্টাৰে বৈজ্ঞানীক পদ্ধতিৰে কৃটিমভাৱে পানীৰ টেংকীত মাছ পালন আৰম্ভ কৰিছিল। সপোন আছিল মৎস‍্য পালনৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ আৰু আনকো সংস্থাপিত কৰাৰ সপোন পূৰণ হোৱাৰ পথত আজি মুকলি হ’ল

টীয়ক চাহ বাগিছাত গছ পুলি ৰোপণ কাৰ্যসূচী ।

টীয়ক চাহ বাগিছাত গছ পুলি ৰোপণ কাৰ্যসূচী ।

টীয়কৰ পৰা অঞ্জন প্ৰকাশ  

কৃষি বিজ্ঞান কেন্দ্ৰ যোৰহাটৰ উদ্যোগত আৰু বেচৰকাৰী সন্থা ৰেঙণি এটি আশাৰ সহযোগত টীয়ক চাহ বাগিছাত আজি বিশ্ব পৰাবেশ দিৱসৰ লগত সংগতি ৰাখি গছ পুলি ৰোপণ কাৰ্যসূচী গ্ৰহণ কৰা হয়।বাগিছাত কৰ্মৰত কেইবাগৰাকীও শ্ৰমিকৰ হতোৱাই আৰম্ভণি কৰা এই কাৰ্যসূচীৰ আঁতধৰে টীয়ক চাহ বাগিছা শ্ৰমিক কল্যাণ বিষয়া জীৱন কুৰ্মীয়ে।উক্ত কাৰ্যসূচীত কৃষি বিজ্ঞান কেন্দ্ৰৰ কেইবাজনো বিষয়া,টীয়ক চাহ বাগিছা বিষয়া কৰ্মচাৰী, টীয়কৰ প্ৰতিস্থিত ব্যৱসায়ী সঞ্জীৱ সভাপণ্ডিত,ৰেঙণিৰ সঞ্চালক বিজু শৰ্মাকে প্ৰমুখ্য কৰি ভালেসংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকে।লগতে অনুষ্ঠানৰ আৰম্ভণিতেই কৃষি বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা শ্ৰমিকসকলক মাস্ক বিতৰণ কৰা হয়।