Home Blog Page 3309

ৰূপহীহাটত শ্বামিমুলে গোপনে চলাইছে পাঞ্জাৱ বেংকৰ তিনিটাকৈ চিএচপি । পত্নী-ভগ্নীৰ নামাতো চিএচপিৰ আবণ্টন ।বিভিন্ন আঁচনিৰ হিতাধিকাৰীৰ ভুৱা একাউণ্টৰ জৰিয়তে চলাইছে লুন্ঠণ ।

এ জে আকন্দ‌, নগাঁও

বিভিন্ন বেংক বিত্তীয় প্ৰতিষ্ঠানৰ অধীনত এতিয়া কাঠফুলৰ দৰে গঢ়ি উঠিছে গ্ৰাহক সেৱা কেন্দ্ৰ চমুকৈ চিএচপি। নগাঁও জিলাতো একেই দৃশ্য পৰিলক্ষিত হৈছে। এই চি এচ পি সমূহৰ নামত একাংশ বাণিজ্যিক প্ৰতিনিধিয়ে লুন্ঠণৰ আহিলা হিচাপে ব্যৱহাৰ কৰাৰ অভিযোগ সৰ্বত্ৰ উঠিছে। উত্থাপিত অভিযোগ মতে, জিলাখনৰ ৰূপহীহাটৰ শ্বামিমুল ইছলাম নামৰ এজন যুৱকে নিজৰ লগতে একাংশ আত্মীয়ৰ নামত চলাই গৈছে একাধিক চিএচপি। পাঞ্জাৱ নেচনেল বেংক ৰূপহী শাখাৰ অধীনত শ্বামিমুলে লাভ কৰিবলৈ সক্ষম হৈছে তিনিটাকৈ চিএচপি। সেই অনুসৰি, নিজৰ নামত থকা চিএচপিটোৰ ঠাই দেখুৱাইছে ভকতগাঁও। তেওঁৰ ক’ড নম্বৰটো হ’ল K2200652, পত্নীৰ নামত থকা চিএচপিটোৰ ঠাই দেখুৱাইছে ৰৌমাৰী যাৰ ক’ড নম্বৰ হ’ল K1402050 আৰু শ্বামিমুলে নিজৰ ভগ্নীৰ নামত একেটা। বেংক শাখাৰ অধীনত লাভ কৰিছে আন এখন চিএচ পি । এই চিএচপিটোৰ ঠাই দেখুৱাইছে ফাকলি যাৰ ক’ড নম্বৰ হৈছে K1403414। এই চিএচপি কেইটাৰ নিৰ্দিষ্ট এলেকাত কাৰ্যালয় থাকিব লাগে যদিও নাই কোনো আনুষ্ঠানিক কাৰ্যালয়। একমাত্ৰ ধন ঘটাৰ আহিলা হিচাপে ব্যৱহাৰ কৰা এই চিএচপি কেইটা চলাই গৈছে ৰূপহীৰ বজাৰ এলেকাত থকা এটা গোপন স্থানত। এই চিএচপি কেইটাৰ বিপৰীতে জব কাৰ্ড শ্ৰমিক, প্ৰধানমন্ত্ৰী কৃষাণ সন্মান নিধি, সংখ্যালঘু ছাত্র-ছাত্ৰীৰ জলপানি আঁচনিকে ধৰি বিভিন্ন আঁচনিৰ হিতাধিকাৰীৰ নামত ভুৱা একাউন্টৰ জৰিয়তে লক্ষ লক্ষ টকা আত্মসাত কৰাৰ অভিযোগ উঠিছে। অকল ইমানেই নহয় বহু গ্ৰাহকৰ ধন জমা নকৰি সেই ধনৰে  ৰূপহী বজাৰত শ্বপিং মল খুলি অগাধ সম্পত্তিৰ গৰাকী হ’বলৈ সক্ষম হৈছে। সংশ্লিষ্ট বেংকৰ একাংশ বিষয়া-কৰ্মচাৰীক মেনেজ কৰি এইদৰে নামে বেনামে একাধিক চিএচপি খুলিবলৈ সক্ষম হৈছে। এনে দুৰ্নীতি-অনিয়ম সংঘটিত কৰা স্বত্বেও বেংক কৰ্তৃপক্ষই ৰহস্যজনক ভাবে নিমাত হৈ থকাৰ গুৰুতৰ অভিযোগ উঠিছে। সেয়ে সচেতন ৰাইজে এই ক্ষেত্ৰত যাবতীয় ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনাইছে।

ঋতু সলনি হ’ল ভাৰতীয় ফুটবলৰ

ক’ৰোনা মহামাৰীৰ বাবে পিছুৱাই গ’ল ভাৰতীয় ফুটবলৰ সময়সূচী তথা ঋতু৷ দুমাহ পিছুৱালে এই ঋতু৷ ১ জুনত আৰম্ভ হয় ভাৰতীয় ফুবটবলৰ ঋতু৷ কিন্তু এইবাৰ আৰম্ভ হ’ব ১ আগষ্ট৷ এই কথা ইতিমধ্যে ঘোষণা কৰা হৈছে৷ এই ঋতু অহা বছৰৰ ৩১ মে’ত শেষ হ’ব৷ সেয়ে ফুটবল খেলুৱৈৰ পঞ্জীয়ন আৰম্ভ কৰিব পাৰে ক্লাববোৰে৷ ভাৰতীয় ফুটবল ফেডাৰেছনৰ প্ৰস্তাৱিত নতুন কেলেণ্ডাৰত সন্মতি দিছে ফিফাই৷ ফিফাই আগেয়ে জনাইছিল যে ক’ৰোনাৰ বাবে শেষ মুহূৰ্তত ট্ৰান্সফাৰ উইণ্ড পৰিৱৰ্তন কৰিব পাৰে সংশ্লিষ্ট দেশৰ ফুটবল সংস্থাবোৰে৷ সেই মতে নতুন ট্ৰান্সফাৰ উইণ্ড খোলাৰ দিন ঘোষণা কৰিলে ফেডাৰেছনে৷ প্ৰথম পৰ্যায়ৰ ৰেজিষ্ট্ৰেচন ১ আগষ্টৰ পৰা আৰম্ভ হ’ব৷ দ্বিতীয় ট্ৰান্সফাৰ উইণ্ড খুলিব ১ জানুৱাৰীত৷ ট্ৰান্সফাৰ উইণ্ডৰ দিন ঘোষণা কৰিলেও আইএছএল আৰু আই লীগ কেতিয়া হ’ব সেয়া জনোৱা নাই ভাৰতীয় ফুটবল ফেডাৰেছনে ৷

অসমৰ ক্ষুদ্ৰ কৃষকৰ দূৰাৱস্থা আৰু চৰকাৰৰ কৰণীয়

গুনোজীৎ দাস

অসম এখন কৃষি প্ৰধান ৰাজ্য। প্ৰাকৃতিক অনুকুল পৰিৱেশত বাৰিষা-খৰালি বিভিন্ন ধৰণৰ খেতি কৰা দেখিবলৈ পোৱা যায়। মুলতঃ ধান খেতি , বিভিন্ন শাক-পাচলিৰ খেতি আদিয়ে প্ৰধান। ইয়াৰ উপৰিও পশুপালন, মীন পালন আদিয়ে ৰাজ্যৰ অৰ্থনৈতিক দিশত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা দেখা যায়। অৰ্থাত দেশৰ অৰ্থনৈতিক ভেটি শক্তিশালী কৰাৰ দিশত খেতিয়কসকলে মুখ্য ভুমিকা পালন কৰি আহিছে। এনেবোৰ কাৰণতে ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰে দেশৰ জৰুৰীকালীন অৱস্থাত অসমৰ খেতিয়ক সকলোক ভূয়সী প্ৰসংশা কৰিছে । কিন্তু বৰ্তমান সময়ত অসমৰ খেতিয়কসকল বিভিন্ন দিশত সমস্যাৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা যায় । বিশেষকৈ মুলধনৰ অভাৱ, বজাৰৰ অভাৱৰ ফলত খেতিয়সকল লোকচানৰ সন্মুখীন হৈ অহা দেখা যায় । উন্নত মানদণ্ডৰ বীজৰ অভাৱত তেওঁলোকৰ উৎপাদন বহু পৰিমাণে কমি অহা দেখা যায় । আনহাতে অৰ্থৰ অভাৱত তেওঁলোকে বিভিন্ন চৰকাৰী- বেচৰকাৰী বেংক, অনুষ্ঠান-প্ৰতিষ্ঠানৰ পৰা টকা সূত ল’ব লগা অৱস্থা হয়। ইয়াৰ উপৰিও এডৰা মাটিতে পুৰণিকলীয়া কৃষি পদ্ধতিৰে বছৰ-বছৰ ধৰি খেতি কৰাৰ ফলত ক্ৰমান্বয়ে উৎপাদন হ্ৰাস হৈ অহা দেখা যায় । প্ৰাকৃতিক কাৰণবশতঃ তেওঁলোকৰ খেতি সমুহ নষ্ট হোৱা দেখিবলৈ পোৱা যায়। প্ৰতিবছৰে হোৱা বানপানীৰ ফলত খেতিয়ক সকল সমস্যাৰ সন্মুখীন হৈ আহিছে । মুঠৰ ওপৰত কবলৈ গ’লে খেতি চপোৱাৰ সময়লৈকে খেতিয়কসকলে এশ এবুৰি সমস্যাৰ সতে যুজ দিব লগা হয় । সাম্প্ৰতিক সময়ত ক’ৰ’ণা মহামাৰীৰ কাৰণে অসমৰ ক্ষুদ্ৰ খেতিয়ক সকলোৰ পানীত হাঁহ নচৰা অৱস্থা হোৱা দেখা গৈছে। বিশেষকৈ বিঘাক-বিঘায়ে খাদ্য সামগ্ৰী উপযুক্ত বজাৰৰ অভাৱত নষ্ট হৈ যোৱাৰ উপক্ৰম হৈছে। সাধাৰণতে এই ক্ষুদ্ৰ খেতিয়কসকলৰ বছৰযোৰা উপাৰ্জন নিৰ্ভৰ কৰে এই ৰবি শস্যৰ ওপৰত। তেওঁলোকে মূলধনৰ কাৰণে বিভিন্ন বিত্তীয় প্ৰতিষ্ঠানসমূহৰ পৰা টকা সুতত লোৱা দেখা যায় ।এনে অৱস্থাত তেওঁলোকৰ উৎপাদিত খাদ্য সামগ্ৰী সমুহ উপযুক্ত বজাৰ নাপালে খেতিয়কসকল যথেষ্ট ক্ষতি হোৱাৰ সম্ভাৱনা আছে। এই ক্ষেত্ৰত চৰকাৰ এখনৰ ভুমিকা গুৰুত্বপূৰ্ণ হোৱাটো প্ৰয়োজন। বিশেষকৈ যোগান মন্ত্ৰালয় এই দিশত গুৰুত্ব আৰোপ কৰাটো প্ৰয়োজন । এই ক্ষুদ্ৰ খেতিয়ক সকলোৰ উৎপাদিত সামগ্ৰীসমূহৰ বাবে এখন বজাৰৰ ব্যৱস্থা কৰিব পাৰিলে ৰাজ্য অৰ্থনৈতিক ভেটি টনকিয়াল হোৱাৰ লগতে খেতিয়ক সকলোৰ সমস্যা সমুহ সমাধান হ’ব । ইয়াৰ লগতে কৃষি কাৰ্যৰ লগত জড়িত নাগৰিক সকল উৎসাহিত হোৱাৰ লগতে জৰুৰীকালীন সময়ত সকলো শ্ৰেণীৰ নাগৰিকৰ মাজত খাদ্য সামগ্ৰী বিতৰণ সম্ভৱপৰ হৈ উঠিব ।এই ক্ষেত্ৰত চৰকাৰখনক সঠিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ সকলো শ্ৰেণীৰ নাগৰিকে আহ্বান জনাইছে। 

লক ডাউন আৰু অসমৰ চাহ শিল্প

এটি কলি দুটি পাত হিচাপে গ্ৰাম্য অঞ্চলত পৰিচিত চাহ উদ্যোগ।চাহ উদ্যোগ সম্পৰ্কে বিশেষ ঐতিহাসিক তথ্য বিচাৰি পোৱা নাযায় যদিও ভাৰতবৰ্ষত চাহ উৎপাদন প্ৰক্ৰিয়া আৰম্ভ হৈছিল ব্ৰিটিছৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত। ১৭৭৮ চনত ছাৰ যোছেফ বেংকক ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতবৰ্ষত নতুন শস্য উৎপাদন সম্পৰ্কত জেলানি টোকা প্ৰস্তুত কৰোঁতে ব্ৰিটিছ বিষয়াজনে তেওঁ ভাৰতবৰ্ষত চাহ উৎপাদন কৰিব লাগে বুলি পৰামৰ্শ প্ৰদান কৰে। হয়তো এয়াই আছিল আজিৰ চাহ শিল্পৰ অংকুৰিত বীজ। প্ৰথম অৱস্থাত ব্ৰিটিছ সকলে নিজা উদ্যোগত চাহ বাগিচা সমূহ স্থাপন কৰিছিল। পৰৱৰ্তী সময়ত মণিৰাম দেৱানে নিজ প্ৰচেষ্টাত চেনিমৰা আৰু চেংলুঙত দুখন চাহ বাগিচা পাতে। উল্লেখ্য যে ১৮৫২ চনলৈ ব্যক্তিগত উদ্যোগত শিৱসাগৰত মানুহে মাথোঁ তিনিখন বাগিচা পাতিছিল। ইয়াৰ দুখন মণিৰামৰ আৰু এখন আছিল এজন চাহাবৰ। ব্ৰিটিছ যুগ বা তাৰ পৰৱৰ্তী সময়ত এক বিশেষ শ্ৰেণীৰ মাজত এই উদ্যোগ আছিল। নিবনুৱা সমস্যা বৃদ্ধিৰ ফলত আৰু স্থানীয় ভাবে বটলিফ ফেক্টৰী সমূহ হোৱাৰ ফলত অসমৰ সকলো শ্ৰেণীৰ মানুহে ইয়াক কৃষি হিচাপে আঁকোৱালি ল’লে আৰু কালক্ৰমত ই এক গ্ৰাম্য সমাজৰ অৰ্থনীতিত বিশেষ প্ৰভাৱ পেলালে। বৰ্তমান অসমৰ কিছু কিছু অঞ্চলত চাহ শিল্পই অৰ্থনীতিৰ মূল ভেটি। সাম্প্ৰতিক সময়ৰ কোভিড-১৯ সন্ত্ৰাসে সৃষ্টি কৰা লক ডাউনৰ ফলত বিশ্ব অর্থনীতি বিধ্বস্ত হৈছে। সকলোতে হাহাকাৰ।এই বিধ্বস্ত অৰ্থনীতিৰ বতাহজাকে বাৰুকৈয়ে ভাঙি পেলাইছে চাহ শিল্পৰ অৰ্থনীতিক।এই লকডাউনৰ ফলত ব্যাপক লোকচানৰ সন্মুখীন হ’ব লগীয়া হৈছে সমগ্ৰ ভাৰতৰ লগতে অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কসকল। সাধাৰণতে চাহ গছৰ উৎপাদন আৰম্ভ হয় এপ্ৰিল মাহৰ পৰা। কিন্তু লকডাউনৰ বাবে এই উৎপাদন স্তব্ধ হৈ পৰিল।অৱশ্যে চৰকাৰে এই উদ্যোগৰ কথা চিন্তা কৰি লকডাউনৰ মাজতে চাহ উদ্যোগৰ ক্ষেত্ৰত চৰকাৰে কিছু নীতি-নিৰ্দেশনা দি ৰাজ্যৰ চাহ বাগিচা আৰু বটলিফ ফেক্টৰীসমূহৰ কাম-কাজ চলাবলৈ অনুমতি প্ৰদান কৰিলে যদিও ক্ষুদ্ৰ চাহ খেতিয়কসকলে আজিও কেঁচা পাত উৎপাদন কৰিবলৈ সক্ষম হোৱা নাই বুলি জানিব পৰা গৈছে।চাহ গছৰ চিঙিবলগীয়া পাত সমূহ এক নিদিষ্ট সময়ৰ ভিতৰত ছিঙিব লাগে কিন্তু ক্ষুদ্ৰ চাহ খেতিয়ক সকলে সময়ত কেঁচা পাত ছিঙিব নোৱাৰাৰ ফলত পাতসমূহ দীঘল হৈ পৰে। ফলস্বৰূপে বছৰৰ প্ৰথম উৎপাদনৰ কেঁচা পাত (FIRSTFLUSH) সম্পূৰ্ণ ৰূপে হেৰুৱা লগতে বৰ্তমান ক্ষুদ্ৰ চাহ খেতিয়কসকলে চকুপানী টুকি টুকি দীঘল পাত সমূহ কাটি পেলাবলৈ বাধ্য হৈছে। ফলত এতিয়া আৰ্থিক অনাটনে জুৰুলা কৰা ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ অৱস্থা পানীত হাঁহ নচৰা হৈছে। ভাগি পৰিছে অৰ্থনীতি।ক্ষুদ্ৰ চাহ খেতিয়কসকলে এতিয়া নিজৰ বাগিচাত লঘু কলম দিয়া পাছত কেঁচা পাত উৎপাদন হ’বলৈ কমেও এমাহ সময় লাগিব অৰ্থাৎ মে’ মাহৰ শেষলৈহে চাহ পাত ছিঙিব পাৰে। এনে অৱস্থাত বহু ক্ষুদ্ৰ চাহ খেতিয়কৰ মূৰত সৰগ ভাগি পৰিছে। অলপতে সৰ্বভাৰতীয় ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সৰ্বভাৰতীয় মহাসংঘ চমুকৈ ছিছটাৰ সম্পাদক অচ্যুত প্ৰসাদ গগৈয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে যে সমগ্ৰ ভাৰতত ২ লাখ ৫০ হাজাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ ভিতৰত অসমতে প্ৰায় ১লাখ ৫০ হাজাৰ ক্ষুদ্ৰ চাহ খেতিয়ক আছে। লকডাউনৰ ফলত অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ লোকচান হৈছে প্ৰায় ৫০০ কোটি টকা। এটা বৰ্ষত ভাৰতত মুঠ চাহ উৎপাদন হয় প্ৰায় ১৩৯০ মিলিয়ন কেজি। ইয়াৰে ৫০ শতাংশ চাহ উৎপাদন কৰে ক্ষুদ্ৰ চাহ খেতিয়কসকলে। চাহ উৎপাদন বৰ্ষৰ আৰম্ভণিৰ পৰা এপ্ৰিল মাহলৈকে বছৰটোৰ মুঠ উৎপাদনৰ ১৫ শতাংশ কেঁচা পাত উৎপাদন হয়। সেই হিচাপত প্ৰতি কেজি কেঁচা পাতত গড়ে ২০ টকাকৈ ধৰিলে প্ৰায় ১০০০ কোটি টকা সমগ্ৰ ভাৰতত ক্ষুদ্ৰ চাহ খেতিয়কৰ লোকচান হৈছে। এই লোকচান প্ৰতি বিঘাত প্ৰায় ৭০০০ টকাকৈ। এই হিচাপত লোকচানৰ পৰিমাণ প্ৰায় এহেজাৰ কোটি টকা। ইয়াৰে অৰ্ধেক সংখ্যক গ্ৰাম্য মধ্য, নিম্নমধ্য বিত্ত আৰু দুখীয়া পৰিয়ালৰ। অসমৰ গ্ৰাম্য বহু এনে পৰিয়াল আছে যি হয়তো নিজৰ বাৰীখনত কিছু চাহ গছ ৰোপণ কৰি যেনেতেনে চলি আছিল।এই উদ্যোগৰ লগত জড়িত আছে বহু শ্ৰমিক পৰিয়াল।এনে দুৰ্যোগপূৰ্ণ সময়ত নিশ্চয় চৰকাৰৰ কিছু কৰণীয় আছে। আমি ভাবো চৰকাৰে অৰ্থনীতিত বিশেষ অৰিহণা যোগোৱা এই চাহ উদ্যোগৰ বাবে বিশেষ সাহায্য প্ৰদান কৰি কিছু সকাহ দিব। নহ’লে এই উদ্যোগ এসময়ত মৃতপ্ৰায় উদ্যোগলৈ ৰূপান্তৰ হ’ব। আমাৰ আশা চৰকাৰে এই ক্ষেত্ৰত ইতিবাচক ভূমিকা ল’ব।

সংগীতপ্ৰাণ ইন্দ্ৰেশ্বৰ শৰ্মাৰ বিয়োগ সংগীত জগতৰ বাবে অপূৰণীয় ক্ষতিঃ উজনি অসম মুছলিম কল্যাণ পৰিষদ ।

যোৰহাট 

সাংস্কৃতিক মহানগৰী যোৰহাটৰ বিশিষ্ট সাংস্কৃতিককৰ্মী , বৰ্ষীয়ান সংগীতজ্ঞ তথা যোৰহাট সংগীত বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ইন্দ্ৰেশ্বৰ শৰ্মাৰ মৃত্যুৱে যোৰহাটৰ সংগীত ক্ষেত্ৰখনকেই যেন ওকা কৰি থৈ গ’ল ৷ এক অৰ্থত ক’বলৈ গলে যোৰহাটবাসী সংগীত অনুৰাগীয়ে একোজন অভিভাৱকক হেৰুৱালে ৷ শাস্ত্ৰীয় সংগীতৰ চৰ্চা আৰু শিক্ষা প্ৰদানত ওৰে জীৱন সংগীত চৰ্চাত নিমগ্ন হোৱা এই মহীৰূহ স্বৰূপ সংগীতজ্ঞ গৰাকীৰ মৃত্যু সমগ্ৰ ৰাজ্যখনৰ সাংস্কৃতিক ক্ষেত্ৰত এক অপুৰণীয় ক্ষতি বুলি অভিহিত কৰে উজনি অসম মুছলিম কল্যাণ পৰিষদৰ যোৰহাট জিলা সমিতিৰ সম্পাদক ৰফিক হুছেইন আৰু তমিজুৰ ৰহমানে ৷ বাতৰি কাকতলৈ দিয়া এক বিবৃতিত প্ৰয়াত শৰ্মাৰ মৃত্যুত কল্যাণ পৰিষদে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে ৷

১৪ গৰাকী ক’ৰোনা ৰোগীক অব্যাহতি মঙলদৈ চিভিলৰ পৰা ।

মঙলদৈ

 বহিঃ ৰাজ্যৰ পৰা আহি নিজ গৃহ জিলা দৰঙলৈ যোৱা ২৭ মে’ৰ পৰা ৫ জুনলৈ প্ৰৰ্যায়ক্ৰমে অহা ক’ভিড আক্ৰান্ত ১৪ গৰাকী লোকক আজি মঙলদৈ অসামৰিক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হয়। তেওঁলোকৰ শ্লেষৰ নমুনা সংগ্ৰহৰ পিছত নিম্ন উল্লেখিত লোককেইগৰাকীৰ দেহত ক’ভিড-১৯ ৰ উপস্থিতি ধৰা পৰিছিল। কিন্তু  চিকাৎসালয় খনত কৰা চিকিৎসাৰ অন্তত তেওঁলোক বৰ্তমান সুস্থ হৈ উঠাত আজি সন্ধিয়া তেওঁলোকক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হয়। অব্যাহতি দিয়া ৰোগী সকল হ’ল ক্ৰমে – খাৰুপেটীয়া আৰিমাৰীৰ আমিৰুল ইছলাম (১৭), ৩ নং বৰুৱাঝাৰৰ নজৰুল ইছলাম (২১), আটাকাটাৰ শ্বেখ ফৰিদ (২৫), লালপুলৰ চিকন্দৰ আলী (২১), ৩ নং চিকনমাটিৰ বাৰেক আলী (২৮), ধূলা গৰাপৰিৰ লোকমান হাকিম (২০), দলগাঁও বড়িগাঁৱৰ চাজিকুল হক (২২), ছিপাঝাৰ শান্তিপুখুৰীৰ হিমাংশু শৰ্মা (২৯), ৩ নং আৰিমাৰীৰ ৰফিকুল ইছলাম (৪০), দলগাঁও বৰগুলিৰ চহিদুল হক (১৯), ছিপাঝাৰ গোমঠাপাৰাৰ দয়াৰাম দাস (৪৯), খাৰুপেটীয়া মণ্ডলপাৰাৰ ওচমান গণি, নামখলা আঠিয়াবাৰীৰ ৰূপম বৰ্মন (২০) আৰু দলগাঁৱৰ হামিদ আলী (২২)। দৰং জিলাত মুঠ ৭৩ গৰাকী ক’ভিড পজিটিভ ৰোগী আছিল আৰু বৰ্তমান ৫৯ গৰাকী চিকিৎসাধীন হৈ আছে।

সীমান্তত উত্তেজনা অব্যাহত : অসমৰ ভূখণ্ডত নগাৰ আগ্ৰাসন বন্ধ ন’হলে অসম আৰু অসমীয়া জাতিৰ অধিকাৰ ৰক্ষাৰ স্বাৰ্থত তীব্ৰ গণ আন্দোলনৰ হুংকাৰ ” আছু” ৰ ।

সীমান্তত উত্তেজনা অব্যাহত : অসমৰ ভূখণ্ডত নগাৰ আগ্ৰাসন বন্ধ ন'হলে অসম আৰু অসমীয়া জাতিৰ অধিকাৰ ৰক্ষাৰ স্বাৰ্থত তীব্ৰ গণ আন্দোলনৰ হুংকাৰ " আছু" ৰ ।

নাজিৰা 

 ১৯৬৩ চনত অসমৰ নাগিনীমৰা জিলাৰ সীমাকে নিৰ্ধাৰণ কৰি নাগালেণ্ড হিচাপে সুকীয়া ৰাজ্যৰ মৰ্যাদা পোৱাৰ পাছত নাগালেণ্ডে সেই সীমাক মানি নলৈ উত্তৰ – পূৱ সীমান্ত ৰে’ল পথলৈকে নাগালেণ্ড ৰাজ্যৰ সীমা হ’ব লাগে বুলি দাবী কৰি সম্প্ৰতি নগা চৰকাৰ আৰু উগ্ৰপন্থী সংগঠন এন এছ চি এনৰ দুই ফৈদেও এই দাবীকেলৈ অতল থাকি বৃহত্তৰ নাগালিম গঠনৰ প্ৰচেষ্টা কৰি আহিছে । নগাৰ এই দাবীক সুনিশ্চিত কৰাৰ উদ্দেশ্যে বিভিন্ন সময়ত সীমান্তৱৰ্তী অঞ্চলটোত অপহৰণ , হত্যা , অসমৰ বনাঞ্চলত থকা মূল্যৱান গছ – গছনি কাটি , অসমীয়া পৰিয়ালৰ পোহনীয়া জীৱ — জন্তু কাঢ়ি – নিধন কৰি আৰু সীমান্তৰ অসমীয়া ব্যক্তিৰ চাহ গছ কাটি – জ্বলাই আদি বিভিন্ন ধৰণে সন্ত্ৰাস চলাই আহিছে । তাৰোপৰি সীমান্তৰ অসমৰ হাজাৰ হাজাৰ হেক্টৰ ভূ – খণ্ড নগাৰ দখললৈ নি আগ্ৰাসন অব্যাহত ৰাখিছে । নাগালেণ্ডে অসমৰ শিৱসাগৰ , যোৰহাট , গোলাঘাট , কাৰ্বিআংলং জিলাৰ বৃহৎ এলেকা নাগালিমত অন্তৰ্ভুক্ত কৰি লোৱাত অসমৰ মানচিত্ৰ ক্ৰমে সংকোচনহৈ পৰিছে । ইতিমধ্যে নাগালেণ্ডে শিৱসাগৰ জিলাৰ ৪২৭৯.০৬ হেক্টৰ , যোৰহাট জিলাৰ ১৯,৭৭৭.৬৩ হেক্টৰ, গোলাঘাট জিলাৰ ৪১ .৯৮৫ হেক্টৰ , কাৰ্বিআংলং জিলাৰ ২০০ হেক্টৰ ভূমি বেদখল কৰাৰ উপৰি যোৰহাট জিলাৰ সংৰক্ষিত বনাঞ্চলৰ তিৰু হিলছত ৪৮২৯.১৫ হেক্টৰ , দিচৈ বনাঞ্চলৰ ১৫৩২ . ৩৪ হেক্টৰ , দিচৈ ভেলীৰ ১৩, ৩২২ হেক্টৰ , গোলাঘাট জিলাৰ ডিফু সংৰক্ষিত বনাঞ্চলৰ ২৭, ২৯৩ হেক্টৰ , দক্ষিণ নামবৰ।বনাঞ্চলৰ ১৪,৩৬০ হেক্টৰ , ৰেংমা বনাঞ্চলৰ ৯.৯৩৫ হেক্টৰ , দৈয়াং বনাঞ্চলৰ ৩৯৭ হেক্টৰ , কাৰ্বিআংলং জিলাৰ দলদলি বনাঞ্চলৰ ১০ হেক্টৰ , শিৱসাগৰ জিলাৰ গেলেকী সংৰক্ষিত বনাঞ্চলৰ ৪০০০ হেক্টৰ ভূমিকে ধৰি ৬৬,২৪১ হেক্টৰ ভূমি দখল কৰিলে । তাৰোপৰি নাজিৰা ৰাজহ চক্ৰৰ ১১৫৩,০০ হেক্টৰ , আমগুৰি ৰাজহ চক্ৰৰ ৪৬.০০ হেক্টৰ , সোণাৰি ৰাজহ চক্ৰৰ ১৯.১৯ হেক্টৰ চৰকাৰী ৰাজহ ভূমিত খোপনি পুতি  বাট – পথ নিৰ্মাণ , গিৰ্জা , স্কুল , চাহ বাগিচা , চৰকাৰী কাৰ্যালয় আদি স্থাপন কৰি অসমৰ ভূখণ্ড সংকুচিত কৰিলে । নগাই ইমানতো ক্ষান্ত নাথাকি সঘনাই সীমান্তৱৰ্তী অঞ্চলত সন্ত্ৰাস – আগ্ৰাসন চলাই আহিছে । শেহতীয়াকৈ সীমান্তৱৰ্তী অসমীয়াৰ চাহ বাগিচাৰ চাহ গছ কাটি — জ্বলাই ধ্বংস কৰি অহাৰ উপৰি যোৱা ৮ মে’ত শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ গেলেকী অঞ্চলৰ শিঙিবিল লাহদৈগড় এলেকাৰ অসম সীমান্তত নগাই বাহৰ গেট , দি অসমীয়া লোকৰ প্ৰৱেশ বন্ধ কৰাৰ উপৰি অসমৰ ভূমিতেই বাংকাৰ নিৰ্মাণ কৰি আগ্ৰাসনৰ চেষ্টা কৰাৰ কাৰ্যকলৈ সীমান্তত বিৰাজ কৰা অগ্নিগৰ্ভা পৰিস্থিতিৰ মাজতে কালি সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ এটি সজাতি দল উক্ত এলেকাত উপস্থিত হৈ পৰিস্থিতি বুজ লয় । আছুৰ কেন্দ্ৰীয় শিক্ষা সম্পাদক শৰৎ হাজৰিকা , জিলা ছাত্র সন্থাৰ সভাপতি অসীম দত্ত , সাধাৰণ সম্পাদক সমীৰণ ফুকন , জিলা ছাত্র সন্থাৰ উপ – সভাপতি তথা নাজিৰা মহকুমা ছাত্র সন্থাৰ সভাপতি মানৱ হাজৰিকা , শিৱসাগৰ মহকুমা ছাত্র সন্থাৰ সাধাৰণ সম্পাদক সুভাষ চন্দ্ৰ দাস , গেলেকী আঞ্চলিক ছাত্র সন্থাৰ সভাপতি প্ৰাঞ্জল গগৈ , সাধাৰণ সম্পাদক মানস জ্যোতি শইকীয়া , ছাত্র নেতা দীপাংকৰ শইকীয়া , প্ৰতীম বৰগোঁহাই আদিৰ নেৰ্তৃত্বত যোৱা দলটোৱে শিঙিবিলত উপস্থিত হৈ স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰি পৰিস্থিতি বুজ লোৱাৰ লগতে নাজিৰা মহকুমা আৰক্ষী বিষয়া দ্বীপ জ্যোতি তালুকদাৰ , গেলেকী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দ্বীপেন্দ্ৰ ছেত্ৰী সহ আৰক্ষী প্ৰশাসনৰ উচ্চ স্তৰীয় বিষয়া বৰ্গৰে শিঙিবিস্থিত বি অ’ পিত স্থানীয় জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰা , ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ স্বাৰ্থ সুৰক্ষিত কৰা , অসমৰ ভূখণ্ডত নগাৰ বেদখল মুক্ত কৰা আদি বিভিন্ন দিশ সামৰি এক আলোচনাত মিলিত হয় । উল্লেখ্য যে , অসম – নাগালেণ্ড সীমান্তৰ এফ ছেক্টৰৰ অন্তৰ্গত নাজিৰা মহকুমাৰ ঐতিহাসিক লাহদৈগড় অঞ্চলৰ দাতিকাষৰীয়া অঞ্চলত স্থানীয় নিবনুৱা তথা ক্ষুদ্ৰ চাহ খেতিয়কে অসমৰ ভূখণ্ডত চাহ পুলি ৰোপণ কৰি স্বাৱলম্বী হোৱাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে যদিও সময়ে সময়ে নগাই উক্ত লোক সকলক বহু বছৰ ধৰি বিভিন্ন ধৰণৰ হাৰাশাস্তি কৰি আহিছে । অসম আৰু কেন্দ্ৰীয় চৰকাৰৰ উদাসীন মনোভাৱৰ বাবেই নগাই নাগালেণ্ড প্ৰশাসনৰ সহযোগত আগ্ৰহী মনোভাৱেৰে অসমৰ ভূখণ্ডত নিজৰ মই মতালি প্ৰদৰ্শন কৰাৰ সুযোগ লাভ কৰা বুলি মত প্ৰকাশ কৰি অসম চৰকাৰক আন্ত:ৰাজ্যিক সীমান্ত এলেকাত অসমীয়া মানুহৰ স্বাৰ্থ সুৰক্ষিত কৰি ৰাখিব পৰাকৈ শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিবৰ বাবে আহ্বান জনাইছে। অসমৰ সীমান্তত বাট — পথকে ধৰি অন্যান্য প্ৰয়োজনীয় সা – সুবিধা প্ৰদান কৰাত অসম চৰকাৰ ব্যৰ্থ হোৱাৰ ফলতে সীমান্ত অঞ্চলত নগাই আগ্ৰাসন অব্যাহত ৰাখিবলৈ সক্ষম হোৱা বিষয়টোৱে অনাগত দিনত অধিক ভয়াবহ ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা থকা সন্দৰ্ভত চৰকাৰে সময় থাকোতেই উচিত পদক্ষেপ গ্ৰহণ কৰাটো প্ৰয়োজন বুলি ” আছু” ৰ নেৰ্তৃত্বই স্পষ্ট মত পোষণ কৰে । ইয়াৰ উপৰিও সীমান্ত এলেকাত নিয়োজিত নিৰাপত্তা ৰক্ষী সকলকো প্ৰয়োজনীয় সকলো সা – সুবিধা গৃহ বিভাগে প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰি সীমান্ত নিৰীক্ষণ চকীত প্ৰয়োজনীয় সংখ্যক জোৱান মোতায়েনয়, বি অ’ পি সমূহৰ আন্ত:গাথনিৰ উন্নয়ন সাধন আৰু জোৱানসকলৰ প্ৰয়োজনীয় সকলো সা – সুবিধা প্ৰদান কৰিবৰ।বাবে অসম চৰকাৰলৈ ” আছু ” আহ্বান জনাইছে । আনহাতে এনেধৰণৰ কাৰ্য অনাগত দিনত নগাই অব্যাহত ৰাখিলে সীমান্তৱৰ্তী ৰাইজৰ বৃহত্তৰ স্বাৰ্থত আৰু অসমৰ ভূখণ্ডৰ ওপৰত অসমীয়া ৰাইজৰ অধিকাৰ ৰক্ষা কৰাৰ স্বাৰ্থত ” আছু” ৱে তীব্ৰ গণ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ’ব বুলি সকীয়াই দিয়ে ।

শিৱসাগৰ জিলা কবি সন্মিলনৰ ব্যতিক্ৰমী কবিতাৰ সন্ধিয়া অনুষ্ঠান সম্পন্ন ।

 নাজিৰা

  কালি সন্ধিয়া সাত বজাৰ পৰা “ম’বাইল ভিডিঅ’ কনফাৰেন্স”ৰ যোগেদি শিৱসাগৰ জিলা কবি সন্মিলনৰ এক মননশীল স্বৰচিত কবিতা পাঠৰ অনুষ্ঠান অনুষ্ঠিত হয়। সম্পাদক প্ৰশান্ত কুমাৰ নাথে আঁত ধৰা আৰু সহকাৰী সম্পাদক সুৰেশ ভূঞা আৰু মনপিয়াশী জোনাকৰ  কাৰিকৰী ব্যৱস্থাপনাত অনুষ্ঠিত অনুষ্ঠানটি সঞ্চালনা কৰে জিলা সভাপতি ত্ৰিদীপ কুমাৰ বৰগোহাঁঞিয়ে। অনুষ্ঠানত সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন সভাপতি কাব্যপ্ৰাণ প্ৰেম গগৈ, বৰ্তমানৰ উপ-সভাপতি হৰেন গগৈ মূখ্য অতিথি হিচাপে থকাৰ  উপৰিও জিলা উপ-সভাপতি তৰুণ চন্দ্ৰ নাথ আৰু অশ্ৰুমণি ঘোষ, ব্ৰজেন দাস, পদ্মা গগৈ, অপৰাজিতা গগৈ,  গীতৰাজ, জনম খনিকৰ, কুন্তলা কল্যাণী সন্দিকৈ, জীতেন নাথ, সুষমা চাংমাই আদিকে ধৰি জিলা খনৰ কেইবাগৰাকী কবিয়ে নিজৰ ঘৰৰ পৰাই সংযোজিত হৈ  নিজৰ অনুভৱ প্ৰকাশ কৰাৰ লগতে স্বৰচিত কবিতা পাঠ কৰে। যশস্বী কবি প্ৰেম গগৈয়ে জিলা কবি সন্মিলনে  গ্ৰীষ্মকালীন সন্ধিয়াটি কবিতাৰ শীতল আমোঘেৰে জীপাল কৰা কাব্য চৰ্চাৰ এই ব্যতিক্ৰমী ব্যৱস্থাৰ শলাগ লয়। কবি হৰেন গগৈয়ে কয় যে কবিসকলে যিকোনো প্ৰতিকুল পৰিৱেশকো নেওচি শব্দৰ সতে খেলা কৰি নিজৰ কবিসত্তাৰ পৰিচয় দি আহিছে। আজিৰ অনুষ্ঠানটো সেই সত্তাৰ তাড়নাতে ব্যতিক্ৰমী ব্যৱস্থাৰে অনুষ্ঠিত কৰা হৈছে। এই চৰ্চা অব্যাহত ৰাখিব লাগে। প্ৰায় দেৰ ঘণ্টাজোৰা অনুষ্ঠানৰ শেষত সহকাৰী সম্পাদকদ্বয় সুৰেশ ভূঞা আৰু অভিৰাজ জিৎ গগৈৰ দ্বাৰা শলাগৰ শৰাই আগবঢ়াই সদৌ অসম কবি সন্মিলনৰ কাব্য মন্ত্ৰ পাঠেৰে অনুষ্ঠানৰ সামৰণি কৰে। শিৱসাগৰ জিলা কবি সন্মিলনৰ এই ব্যতিক্ৰমী প্ৰচেষ্টাক কাব্যিক সমাজে ভূয়সী প্ৰশংসা কৰে।

পাহাৰীয়া এলেকাত ভয়ংকৰ ভাৰতীয় সেনা ।

দৈনন্দিন বাৰ্তা

পাহাৰীয়া এলেকাত ভাৰতীয় সেনা সকলোতকৈ ভয়ংকৰ৷ এই কথা কৈছে চীনৰ এক সামৰিক বিশেষজ্ঞই৷ পৃথিৱীৰ সকলোতকৈ অভিজ্ঞ আৰু বৃহৎ মাউণ্টেইন আৰ্মি ভাৰততে আছে বুলি বিশেষজ্ঞজনে স্বীকাৰ কৰে৷ চীনৰ মডাৰ্ণ ৱেপনাৰী নামৰ আলোচনীখনৰ জ্যেষ্ঠ সম্পাদক হুয়াং গৌঝিয়ে কয়, ভাৰতৰ সকলো সেনাক পাহাৰত চলাফুৰাৰ প্ৰশিক্ষণ দিয়া হয়৷ আনকি ব্যক্তিগত খণ্ডতো বহু পেশাদাৰী আৰু অপেশাদাৰী পৰ্বতাৰোহীক নিয়োগ কৰা হয়৷ মুঠ ১২টা ডিভিজনত ২ লাখৰো বেছি ভাৰতীয় সেনা পাহাৰী এলেকাত তৎপৰ৷ চিয়াচীনতো পাঁচ হাজাৰ বেছি মিটাৰ উচ্চতাত এশৰো অধিক আউটপ’ষ্ট নিৰ্মাণ কৰিছে ভাৰতে৷ তাত প্ৰায় ৬-৭ হাজাৰ সেনা মোতায়েন কৰা আছে৷ ভাৰততে সকলোতকৈ উচ্চ ৬৭৫৯ মিটাৰতো সেনা আউটপ’ষ্ট নিৰ্মাণ কৰিছে৷ নিৰাপত্তাৰ বাবে ভাৰতে ব্যয় বঢ়াইছে৷ আমেৰিকাৰ পৰা অত্যাধুনিক যুদ্ধাস্ত্র কিনিছে৷ বায়ুসেনাৰ ওপৰত যাতে সকলো সময়তে ভৰসা নকৰে তাৰ বাবে বিশ্বৰ সকলোতকৈ পাতল ১৫৫এমএম হাউৎজাৰ এম৭৭৭ আৰু চিনুক হেলিকপ্টাৰ কিনিছে৷ তদুপৰি ভাৰতৰ হাতত আছে আমেৰিকাৰ এএইচ ৬৪ই লংবো এপাছে হেলিকপ্টাৰ৷

৪০ বেকগ্ৰাউণ্ড ডান্সাৰক আৰ্থিক সাহায্য শ্বাহিদ কাপুৰৰ ।

দৈনন্দিন বাৰ্তা

একালত তাৰকাৰ পিছত থাকি নৃত্য কৰি বলীউডত জীৱন আৰম্ভ কৰা শ্বাহিদ কাপুৰ আজি অন্যতম প্রতিভাবান আৰু জনপ্রিয় অভিনেতা। এইজন অভিনেতাই এতিয়া মানুহক সহায় কৰাৰ চেষ্টা অব্যাহত ৰাখিছে৷ হায়দৰ খ্যাত শ্বাহিদ কাপুৰে অতীতৰ অৱস্থানত থকা লোকক সাহায্য দিয়াত বিভিন্নজনে প্ৰশংসা কৰিছে৷ যিসকলৰ লগত তেওঁ জীৱন আৰম্ভণিৰ ছবিত কাম কৰিছিল সেই ৪০ গৰাকী বেকগ্ৰাউণ্ড ডান্সাৰক আৰ্থিক সাহায্য দিলে শ্বাহিদ কাপুৰে৷ প্ৰাক্তন নৃত্যশিল্পী ৰাজ সুৰানিয়ে জনায় যে যাৰ সৈতে শ্বাহিদ কাপুৰে কাম কৰিছিল তেওঁলোকৰ বেংক একাউণ্টত সম্প্ৰতি তেওঁ টকা পঠিয়াইছে৷ সিই ৪০ গৰাকীক আগন্তুক দুমাহ ধৰি সাহায্য দিব বুলি জনাইছে৷ উল্লেখ্য যে তেওঁ এখন তালিকা প্ৰস্তুত কৰিছিল৷ ‘ইছক ভিছক’ ছবিখন কৰাৰ সময়ত তেওঁৰ সৈতে কাম কৰা বহুৰে সময় বেয়াকৈ গৈছে৷ ইয়াৰ উপৰি আন কেইখনমান ছবিত কাম কৰাসকলক লৈও তালিকাভুক্ত কৰিছে৷