দৈনন্দিন বাৰ্তা ডেস্ক : নতুন দিল্লীৰ ৱেলকম এলেকাত এটা টেলিভিচন বাতৰি চেনেলৰ এগৰাকী এনকৰে শুকুৰবাৰে আত্মহত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ঘৰতে আত্মহত্যা কৰা প্ৰিয়া জুনেজা (২৪) নামৰ এনকৰগৰাকীয়ে ক’ভিড-১৯ সংক্ৰমণৰ মাজত বৰ্তমান সমস্যাৰ মাজত কেনেকৈ এজন মানুহ ইতিবাচক আৰু ইতিবাচক চিন্তাৰ অধিকাৰী হৈ থাকিব পাৰি সেই বিষয়ত সংগীত শিল্পী কৈলাস খেৰৰ লগত এক সাক্ষাৎকাৰ ভিত্তিত টিভি শ্ব কৰিছিল৷ প্ৰাথমিক অনুসন্ধানত জানিব পৰা মতে তেওঁ হতাশাত ভুগিছিল৷ এই চূড়ান্ত সিদ্ধান্ত লোৱাৰ তাৎক্ষণিক কাৰণ বৰ্তমানলৈকে জানিব পৰা নাই৷ তেওঁৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে বুলি এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই জনাইছে৷ প্ৰিয়া জুনেজাই পিতৃ-মাতৃ, দুগৰাকী ভগ্নী আৰু এজন ভাতৃসহ ৱেলকাম এলেকাত বাস কৰিছিল ৷ ইপিনে কোঠাৰ দোৱাৰ খুলি নিদিয়াৰ বাবে আৰক্ষীক পুৱা ৭ বজাত জনোৱা হয়৷ তেওঁ আত্মহত্যা কৰাৰ সন্দৰ্ভত কোনো টোকা লিখি যোৱা নাই ৷
২ বিমানৰ মুখামুখি সংঘৰ্ষত নিহত ৭
দৈনন্দিন বাৰ্তা ডেস্ক : এংকৰবেজত শুকুৰবাৰে মাজ আকাশত মুখামুখি দুখন বিমান সংঘৰ্ষ হোৱাত সকলো যাত্ৰীৰ মৃত্যু হয়৷ তাৰে এখন বিমান চলোৱা ৰাষ্ট্ৰীয় পৰ্যায়ৰ অধিবক্তাসহ সাতজন লোকৰ মৃত্যু হয়৷ আলাস্কাৰ কৰ্মকৰ্তাই এই কথা জনাইছে৷ পেনিনছুলাৰ কেনাই মহানগৰৰ ছোলড’টনৰ ওচৰত হোৱা দুৰ্ঘটনাত কোনো লোকৰ প্ৰাণ ৰক্ষা নহ’ল৷ আলাস্কাৰ ষ্টেট ট্ৰুপে এক লিখিত বিবৃতিত এই কথা প্ৰকাশ কৰিছে৷ ইয়াৰে এখন বিমানত আছিল ৰাজ্যিক প্ৰতিনিধি গেৰী নপ্প৷ আনখন বিমানত দক্ষিণ কাৰোলিনাৰৰ পৰা অহা চাৰিগৰাকী পৰ্যটকৰ লগতে কেনছাছৰ এজন গাইড আৰু ছোলড’টনৰ এজন পাইলট আছিল৷ দুৰ্ঘটনাটোত এই সকলো লোকৰ মৃত্যু হয়৷ বিমান দুখনত সাতজন লোক আছিল৷ ইয়াৰে এজন চিকিৎসালয়লৈ নিয়া অৱস্থাত মৃত্যু হয়৷ আনহাতে দুৰ্ঘটনাত পতিত বিমানৰ ধ্বংসাৱশেষ ৰাষ্ট্ৰীয় পথৰ ওপৰত পৰে৷ ফলত সুৰক্ষাজনিত কাৰণত কিছু সময়ৰ বাবে পথটো বন্ধ কৰা হয়৷ ফেডাৰেল এভিয়েছন প্ৰশাসনি এখন বিমান ডি হাভিল্লায়েণ্ড ডিএইচ-২ বুলি চিনাক্ত কৰে৷ এফএএ আৰু ৰাষ্ট্ৰীয় পৰিবহণ সুৰক্ষা ব’ৰ্ডে এই সংঘৰ্ষৰ তদন্ত কৰিছে৷ দুৰ্ঘটনাত নিহত নপ্প (৬৭) ৰিপাব্লিকান আৰু ষ্টেট হাউচৰ দ্বিপাক্ষিক সংখ্যাগৰিষ্ঠ আছিল৷ তেওঁৰ মৃত্যুত সহকৰ্মীসহ বহু লোকে গভীৰ শোক প্ৰকাশ কৰিছে৷
আজি পবিত্ৰ ঈদ-উল-জোহা : নাজিৰা, জয়সাগৰত চৰকাৰী নিয়ম অনুসৰি ঈদ উদযাপন
গেলেকী : আজি পবিত্ৰ ঈদ-উল-জোহা অথবা ঈদ-উল-আজহা৷ সমগ্ৰ বিশ্বতে ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰিছে ত্যাগৰ প্ৰতিভূ স্বৰূপ এই উৎসৱটি। শিৱসাগৰ জিলা অন্তৰ্গত নাজিৰা মহকুমা লগতে জয়সাগৰতো বিশেষ সম্প্ৰদায়ৰ লোক সকলে উলহ-মালহেৰে ঈদ-উল-জোহা পালন কৰা ৰাইজে প্ৰত্যক্ষ কৰিছে। নিজৰ প্ৰিয় সম্পদ এটি এই দিনটোত আল্লাৰ চৰণত অৰ্পন কৰে মুছলমান লোক সকলে৷ প্ৰতিবছৰে এই উৎসৱ ইছলাম ধৰ্মীয় লোক সকলে উলহ-মালহৰে পালন কৰে। যদিও বৰ্তমানে ক’ৰনা মহামাৰীৰ বাবে এই ঈদ উৎসৱ অনুষ্টূপীয়াকৈ পালন কৰা দেখা গৈছে। যিহেতু ঈদগাহ, মছজিদ সমূহত সমজুৱাকৈ ঈদৰ নামাজ পঢ়া নিষেধাজ্ঞা কৰা হৈছে। আজি পৱিত্ৰ ঈদ-উল-জোহা। ক’ৰনাকেন্দ্ৰিক পৰিস্থিতিৰ মাজতে প্ৰশাসনে জাৰি কৰা নীতি-নিয়মৰ মাজেৰে সমগ্ৰ দেশৰ লগতে অসমতো পালন কৰা হৈছে মুছলমান ধৰ্মাৱলম্বী লোকসকলৰ পৱিত্ৰ ঈদ। ঈদৰ পৰম্পৰা অনুসৰি পুৱাই পাঁচ বজাৰ পৰা ছয় বজাৰ ভিতৰত অসমৰ লগতে ভাৰতত বিভিন্ন স্থানত আদায় কৰে নামাজ। এফালে ক’ৰনা মাহামাৰীৰ সন্ত্ৰাস, ঠিক তাৰ মাজতেই শনিবাৰে অনুষ্টুপীয়াকৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰিলে পবিত্ৰ ঈদ-উল-জোহা৷ সম্প্ৰতি নাজিৰা, ন-মাটি, মেছাগড়, শিমলুগুৰি, চণ্টক, বিহুবৰ, চূণপুৰা, বালিঘাট, নামটি, মেজেঙ্গা, মিছাজান, বৰতল, লিগিৰীপুখুৰী, গড়আলি, মেকিপুৰ, গেলেকী, লাহনগাওঁ, শিঙিবিল, ৰঙাগড়া, ন-আলি, কলগাওঁ, জ্যোতিনগৰৰ বিপৰীতে জয়সাগৰ, ৰংঘৰ চাৰিআলি, ঢুলীয়াপাৰ, হাতীখোঁক গাওঁ, আমগুৰি আদি স্থানত সামাজিক দূৰত্ব বজাই ঈদৰ ধৰ্মীয় ৰীতি-নীতি পালন কৰিলে ইছলাম ধৰ্মাৱলম্বী লোকসকলে৷ চৰকাৰে জাৰি কৰা নিয়ম মানি তেওঁলোকে নিজৰ ঘৰতে সীমিত সংখ্যক লোকেৰে আদায় কৰিলে ঈদৰ নামাজ৷ নামাজৰ অন্তত বিশ্ব শান্তিৰ হকে আল্লাহৰ ওচৰত সকলোৱে কৰিলে দোৱা৷ ইয়াৰোপৰি লোক সকলে প্ৰশাসনে জাৰি কৰা নিয়ম অনুসৰি সম্পন্ন কৰিলে কুৰ্বানিৰ কাৰ্যসূচীও৷ ক’ৰনা মহামাৰীৰ বাবে এইবাৰ ঈদৰ উছাহ-উদ্দীপনা ম্লান পৰিলেও পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰৰ নীতি নিৰ্দেশনা মানি চলাত বিশেষ গুৰুত্ব প্ৰদান কৰিছে ইছলাম ধৰ্মাৱলম্বী লোকসকলে৷
সমাজকৰ্মী অসীম বৰুৱাৰ ব্যতিক্ৰমী প্ৰদক্ষেপ
ভগামুখ : দিনে দিনে ৰাজ্যত বাঢ়িছে কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা৷ চিকিৎসাত নিয়োজিত চিকিৎসক নাৰ্চে দিনে নিশাই সেৱাৰে সুস্থ কৰি তুলিছে বহু ৰোগীক ৷ ভগামুখ আদৰ্শ চিকিৎসালয়ত স্থাপন হোৱা কোৱাৰেনটাইন চেন্টাৰত দ্বায়িত্ববাহী বিষয়া ডা° ভাষ্কৰ শইকীয়াৰ নেতৃত্বত এটি চিকিৎসক আৰু নাৰ্চ তথা চিকিৎসাকৰ্মীৰ দলে অহৰ্নিশে আগবঢ়াই আহিছে সেৱা ৷ আজি ভাৰতীয় জনতা পাৰ্টিৰ জেষ্ঠ কৰ্মকৰ্তা সমাজকৰ্মী অসীম বৰুৱাই চিকিৎসালয়খনত উপস্থিত হৈ সকলো চিকিৎসক, নাৰ্চ আৰু চিকিৎসাকৰ্মীক তেওঁলোকৰ কৰ্মক শ্ৰদ্ধা জনোৱাৰ লগতে একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই উৎসাহিত কৰি কয় যে তেখেত সকলক ভগাৱান প্ৰেৰিত দূত৷ ইয়াৰ পাচতেই তেখেতে চিন্তামণিগড়, জেলেঙীটুপৰ বান বিধস্ত অঞ্চলত উপস্থিত হৈ দূৰ্গত সকলৰ ক্ষয় ক্ষতিৰ বুজ লোৱাৰ লগতে অতি সোনকালে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে আলোচনাত বহি ইয়াৰ সমাধান সূত্ৰ উলিয়াব বুলি কয়৷ ইয়াৰ পিছতে বৰুৱাই ৰাইজৰ উদ্যোগত নিৰ্মাণ হৈ থকা চিন্তামণিগড় উচ্চ মাধ্যমিক বিদ্যালয়ত উপস্থিত কামৰ অগ্ৰগতি দেখি সন্তুষ্ট হয় আৰু স্বেচ্ছাসেৱী অনুস্থান ৰেঙণি এটি আশাৰ সহযোগত এটি বকুল পুলি ৰোপণ কৰে৷ তেখেতৰ এই কাৰ্য্যসূচীত যোৰহাট জিলা যুৱ মৰ্চাৰ পল্লব ভট্টাচাৰ্য, কলিয়াপানী মণ্ডল যুৱ মৰ্চা সভাপতি অজয় ভট্টাচাৰ্য, যোৰহাট জিলা কিষাণ মৰ্চাৰ উপসভাপতি প্ৰহ্লাদ শৰ্মা উপস্থিত থাকে ৷
আগন্তুক নিৰ্বাচনত কোন হ’ব তৃতীয় বিকল্প ? ‘কাকনো বুলিম ককা, সকলোৰে দাড়ি-চুলি পকা’
✍ প্ৰাঞ্জল প্ৰতীম ডেকা
বতৰৰ বতৰা আগতীয়াকৈ দিব পাৰি যদিও নিৰ্বাচনৰ আগলি বতৰা দিয়াটো কিছু জটিল। তথাপিও আগন্তুক নিৰ্বাচনৰ প্ৰাকক্ষণত তৃতীয় বিকল্পৰ কথা চৰ্চিত হোৱাটো এক প্ৰকাৰৰ সময়ৰ আহ্বান। কিন্তু এইখিনিতে প্ৰশ্ন উত্থাপিত হয় যে- তৃতীয় বিকল্প কোন হ’ব? অজিৎ ভূঞাৰ নেতৃত্বত গঠিত আঞ্চলিক দলটো নে কাঠফুলাৰ দৰে গঠিত হোৱা আন কিবা ৰাজনৈতিক দল? শাসনাধিস্থ বিজেপি চৰকাৰক প্ৰত্যাহ্বান জনাব পাৰিবনে তৃতীয় বিকল্পই, সেয়াও এটা ডাঙৰ প্ৰশ্নবোধক! গতিকে, এটা কথা স্পষ্ট যে- যিমানেই তৃতীয় বিকল্পৰ কথা চৰ্চিত নহওঁক কিয়, আগন্তুক নিৰ্বাচনত তৃতীয় বিকল্পৰ সম্ভাৱনা অতি ক্ষীণ। কিয়নো-জনতাই আকোঁৱালি ল’ব পৰা তৃতীয় বিকল্পৰ এতিয়াও সৃষ্টিয়েই হোৱা নাই। তেনেস্থলত তৃতীয় বিকল্পৰ সম্ভাৱনাৰ কথা ভবাটোও অমূলক। আগন্তুক নিৰ্বাচনত তৃতীয় বিকল্পৰ সম্ভাৱনা থাকিলহেতেঁন, যদিহে অসম আৰু অসমীয়াৰ বৃহত্তৰ স্বাৰ্থত সকলো দল-সংগঠন ঐক্যবদ্ধ হৈ এটাই মাত্ৰ আঞ্চলিক ৰাজনৈতিক দল গঠন কৰিলেহেতেঁন। বাস্তৱত দেখা গৈছে-যাৰ মন গৈছে, সিয়েই পৃথকে পৃথকে ৰাজনৈতিক দল গঠন কৰিছে, কিন্তু অসমৰ ৰাইজে তৃতীয় বিকল্প বুলি ভাবিব পৰা বিধৰ সবল আৰু উপযুক্ত ৰাজনৈতিক দল এটাও নাই। গতিকে, স্পষ্ট হয় যে-আগন্তুক নিৰ্বাচনত আকৌ বিজেপিয়েই বিজয়ৰ ধ্বজা উৰুওৱাবলৈ সক্ষম হ’ব। সকলো দল-সংগঠনলৈ আহ্বান-অন্তত: অসম আৰু অসমীয়াৰ বৃহত্তৰ স্বাৰ্থত ঐক্যবদ্ধভাৱে সকলোৱে মিলি এটাই মাত্ৰ আঞ্চলিক ৰাজনৈতিক দল গঠন কৰক, যি হ’ব পাৰে অসম বিৰোধী দলবোৰৰ বিপৰীতে সঠিক বিকল্প। নি:সন্দেহে ক’ব পাৰি-সঠিক বিকল্পক আকোঁৱালি ল’বলৈ অসমৰ ৰাইজেও সংকল্প ল’ব।
ক’ৰোনাত যোৱা চাৰি দিনত দেশত দুই লাখৰো অধিক আক্ৰান্ত
দৈনন্দিন বাৰ্তা ডেস্ক : দেশত ক’ৰোনাত বৃহস্পতিবাৰে ৫২ হাজাৰ, শুকুৰবাৰে ৫৫ হাজাৰ নতুন আক্রান্ত হৈছিল। শনিবাৰে আক্ৰান্ত হ’ল ৫৭ হাজাৰ। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ মতে যোৱা ২৪ ঘণ্টাত নতুনকৈ ৫৭,১১৮ জন লোক ক’ৰোনাত আক্ৰান্ত হৈছে৷ ফলত দেশত ক’ৰোনাত আক্ৰান্তৰ মুঠ সংখ্যাটো হ’ল ১৬ লাখ ৯৫ হাজাৰ ৯৮৮ জন ৷ অৰ্থাৎ যোৱা চাৰি দিনত দুই লাখৰো অধিক লোক ক’ৰোনাত আক্ৰান্ত হৈছে৷ মন কৰিব লগা যে যোৱা ২৪ ঘণ্টাত আমেৰিকাত নতুনকৈ আক্রান্ত হয় প্রায় ৬৬ হাজাৰ আৰু ব্রাজিলত ৫২ হাজাৰ। উল্লেখ্য যে দেশত সংক্ৰমণৰ হাৰ হ’ল ১০.৮৭ শতাংশ ৷ দেশৰ বিভিন্ন ৰাজ্যৰ তথ্য মতে ভাৰতত যোৱা ২৪ ঘণ্টাত ৭৬৪ জন লোকৰ মৃত্যু হৈছে৷ ভাৰতত মুঠতে ক’ৰোনাত ৩৬,৫১১ জন লোকৰ মৃত্যু হৈছে ৷
নগাঁও বাইপাছত ভয়ংকৰ দুৰ্ঘটনা : তীব্ৰবেগী চেন্ট্ৰ’ গাড়ীয়ে মহতীয়াই নিলে ষ্কুটী আৰোহীক ; নিহত ভাতৃ-ভগ্নী
নগাঁও : নগাঁও চহৰৰ পাৰ্শ্বৱৰ্তী নগাঁও বাইপাছৰ ওপৰ পাথৰীত কালি পুৱা ১০.৩০ বজাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাটোত দুই ভাতৃ-ভগ্নী নিহত হোৱাৰ উপৰিও আন চাৰিগৰাকী লোক আহত হয়। দুৰ্ঘটনাটোত নিহত যুৱকজনৰ নাম পল্লৱ শইকীয়া আৰু তেওঁৰ ভনীয়েকৰ নাম পংখী শইকীয়া (১৫)। দুৰ্ভগীয়া ভাতৃ-ভগ্নীৰ ঘৰ ননৈ কুমাৰ গাঁৱত। পল্লৱে এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল আৰু তেওঁৰ কিশোৰী ভনীয়েকে নৱম শ্ৰেণীত পঢ়ি আছিল। নগাঁৱৰ বৰঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজেন শইকীয়াই জনোৱা মতে, পল্লৱ শইকীয়া নামৰ যুৱক জনে এ এছ ০২ এফ ৮৮৪৫ নম্বৰৰ ষ্কুটী খনত তেওঁৰ ভনীয়েকক আৰু তেওঁলোকৰ জেঠায়েকৰ ছোৱালী প্ৰণামী বৰা (১৯)ক উঠাই লৈ নগাঁও বাইপাছেৰে গৈ আছিল। পুৱা প্ৰায় ১০.৩০ বজাত পল্লৱে ওপৰ পাথৰীত ষ্টুটীখন বাইপাছৰ পৰা দেওধৰৰ চাৰ্ভিছ ৰোডৰ দিশে লৈ যাওঁতেই সেই সময়ত গুৱাহাটীৰ পৰা তেজপুৰ অভিমুখে তীব্ৰবেগেৰে আহি থকা এ এছ ০১ ই এইচ ৪০৬৫ নম্বৰৰ চেন্ট্ৰ’ গাড়ীখনে ষ্কুটীখনক মহতীয়াই নিয়ে। ফলত শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাটোত ষ্কুটীখনৰ চালক পল্লৱ শইকীয়া ঘটণাস্থলীতে মৃত্যু হোৱাৰ বিপৰীতে তেওঁৰ ভনীয়েক পংখীক অতি সংকটজনক অৱস্থাত গুৱাহাটীৰ চিকিৎসালয়লৈ লৈ যোৱা অৱস্থাত আদ বাটতে শেষ নিশ্বাস ত্যাগ কৰে। আনহাতে, স্কুটীখনৰ আনগৰাকী আৰোহী প্ৰণামী শইকীয়াকো প্ৰথম অৱস্থাত নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও তেওঁৰ অৱস্থা অধিক শোচনীয় হৈ পৰাত তেওঁক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়। ইপিনে, দুৰ্ঘটনাটো সংঘটিত কৰিয়েই “চেন্ট্ৰ” গাড়ীখন পথৰ ওপৰতে লুটি খাই পৰাত গাড়ীখনৰ দুই আৰোহী ক্ৰমে গুৱাহাটীৰ জাপৰিগোগৰ অংকুশ দাস (৪০) আৰু গুৱাহাটীৰ বেলতলাৰ পাৰ্থ প্ৰতীম দাস(৪০)য়ো গুৰুতৰভাৱে আহত হয়। অৱশ্যে গাড়ীখনৰ চালক প্ৰসেনজিৎ বৰুৱা আহত হোৱা নাই বুলি বৰঘাট সূত্ৰই জনাইছে।
হোজাইৰ ডবকাত অৱ্যাহত আছে চোৰাং গৰুৰ বেহা
ডবকা : ৰাজ্যৰ আন আন প্ৰান্তৰ সমান্তৰালকৈ হোজাই জিলাতো অৱ্যাহত আছে গৰুৰ চোৰাং বেহা৷ বৃহস্পতিবাৰে নিশা ডবকাৰ পৰা কাছাৰলৈ চোৰাংভাবে সৰবৰাহ কৰোতে ২০ টা গৰুসহ এখন বাৰচকীয়া ট্ৰাক জব্দ কৰে৷ জব্দ কৰা গৰু ভৰ্তি ট্ৰাকখনৰ নম্বৰৰ হ’ল AS11CC 8056 ৷ সোধপোচৰ বাবে তিনি শ্ৰমিকক আটক কৰিছে যদিওঁ চালক আৰু চোৰাং ব্যাৱসায়ী সকল পলাই যাবলৈ সক্ষম হয়৷ আটক কৰা শ্ৰমিক কেইজনৰ নাম হল ক্ৰমে নাচিৰ উদ্দিন, আব্দুল খালিক আৰু আচাব উদ্দিন৷ জানিব পৰা মতে এক গোপন তথ্যৰ ভিত্তিত হোজাইৰ আৰক্ষী অধীক্ষক অংকুৰ জৈনৰ নিৰ্দ্দেশ মৰ্মে ডবকা আৰক্ষীয়ে ডবকাৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা গৰুভৰ্তি ট্ৰাকখন জব্দ কৰিবলৈ সক্ষম হয়৷ জব্দ কৰা গৰু কেইটা ডবকা চহৰৰ সমীপৰ এটি পাউণ্ডত ৰাখি থৈছে৷ চোৰাংভাবে গৰুখিনি ক’ৰ পৰা কোনে, ক’লৈ সৰবৰাহ কৰিছে সেই বিষয়ে সবিশেষ তথ্য আৰক্ষীয়ে সংবাদ মাধ্যমক প্ৰকাশ কৰা নাই যদিও সাংবাদিকে চলোৱা অনুসন্ধানত গৰু খিনি ৰাঙলুৰ জনৈক আব্দুছ ছাত্তাৰ নামৰ লোকজনে ডবকাৰ NRL পেট্ৰল পাম্পৰ সমীপত গাড়ীত গৰুখিনি বোজাই কৰা হৈছে আৰু এইখিনি কাছাৰলৈ সৰবৰাহ কৰিব খুজিছিল৷ ইফালে ঈদৰ প্ৰাকমূৰ্তত এনেদৰে চোৰাংভাবে গৰু সৰবৰাহ কৰা গাড়ী জব্দ কৰিবলৈ সক্ষম হোৱা কাৰ্য্যক আদৰণি জনাইছে ডবকাবাসী ৰাইজে৷ উল্লেখ্য যে লক ডাউনৰ পূৰ্বে ডবকা, মোৰাঝাৰ, লংকা, উদালী আদি অঞ্চলৰ পৰা ব্যাপক হাৰত চোৰাংভাবে গৰু সৰবৰাহ হৈ আছিল৷ আৰক্ষীয়েও বহু গৰুৰ ট্ৰাক জব্দ কৰাৰ লগতে কেবাজনত জেললৈ প্ৰেৰণ কৰিছিল। চোৰাং গৰুৰ লগত একাংশ মুখা পিন্ধা ভদ্ৰলোক জৰিত থকাৰ অভিযোগ উঠিছে। এই চক্ৰটোৰ বিৰুদ্ধে সাংবাদিক তথা কোনো দল-সংগঠনে মাত মাতিলে চক্ৰটোৱে গভীৰ ষড়যন্ত্ৰত লিপ্ত হোৱাৰ অভিযোগ উঠিছে। হোজাই জিলা আৰক্ষী অধীক্ষকেও এটা এটাকৈ নাকী লগোৱাই চোৰাং ব্যৱসায়ী তথা চক্ৰ উৎখাত কৰিবলৈ ধৰিছে যদিও একাংশ তলতীয়া আৰক্ষীয়ে চক্ৰটোৰ সৈতে সু সম্পৰ্ক ৰক্ষা কৰাৰ অভিযোগ উঠিছে।
নামখলাৰ সৰু থেকেৰাবাৰীত ৬০ ফুট উচ্চতাৰ অমিতা গছক লৈ ৰাইজৰ মাজত কৌতূহল-চাঞ্চল্য
নামখলা : সাধাৰণতে ওখ গছ বুলিলে আমি তামোল, নাৰিকল, খেজুৰ, আম, বটগছ আদিকেই বুজো যদিও এতিয়া এই ধাৰণা সলনি কৰি অমিতা গছেও স্থান দখল কৰিছে ওখ গছৰ তালিকাত। সচৰাচৰ এডাল অমিতা গছ সৰ্বাধিক ২০-২৫ ফুট ওখ হয় যদিও দৰং জিলাৰ মঙলদৈত এডাল ৬০ ফুট উচ্চতাৰ অমিতা গছে সকলোৰে দৃষ্টি আকৰ্ষণ কৰাৰ লগতে ইয়াক কেন্দ্ৰ কৰি অঞ্চলটোত এক প্ৰকাৰ কৌতূহল আৰু চাঞ্চল্যৰ সৃষ্টি হৈছে। প্ৰাপ্ত খবৰ অনুসৰি জিলাখনৰ মঙলদৈ নগৰৰ নিকটৱৰ্তী সৰু থেকেৰাবাৰী গাঁৱৰ জমছেদ আলী নামৰ এজন লোকৰ ঘৰৰ বাৰীত আছে এই ৬০ ফুট উচ্চতাৰ অমিতা গছ গছজোপা। এতিয়া এই অসাধাৰণ অমিতা গছ জোপাক লৈ ৰাইজৰ মাজত চলিছে সৰৱ চৰ্চা। পথচাৰীয়ে জুমি জুমি চাই যোৱা এই অমিতা গছ জোপা চাবলৈ দৈনিক শ শ লোকে ভিৰ কৰিছেহি জমছেদ আলীৰ ঘৰত। সকলোকে হতভম্ব কৰি তোলা এই বিশেষ অমিতা গছজোপা সন্দৰ্ভত গৃহস্থ জমছেদ আলীয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰে যে পুলি অৱস্থাত অমিতা গছজোপা সাধাৰণ অমিতা গছৰ দৰেই লহপহকৈ বাঢ়ি আহে আৰু এটা সময়ত ফল দিবলৈ আৰম্ভ কৰে। সাধাৰণতে এডাল অমিতা গছ ৪-৫ বছৰ হে জীয়াই থাকে যদিও এইজোপা অমিতা গছে প্ৰায় ১৫ বছৰ ধৰি নিয়মিতভাৱে ফল দি আহিছে বুলি জানিবলৈ দিয়ে গৃহস্থই। ইপিনে গছজোপাৰ উচ্চতা ক্ৰমাৎ বৃদ্ধি পাই অহাৰ পৰিপ্ৰেক্ষিতত গছজোপাৰ পৰা অমিতা পাৰি অনাৰ ক্ষেত্ৰত গৃহস্থই সমস্যাৰ সন্মুখীন হয়, যাৰ ফলত বিগত এবছৰ ধৰি গছজোপাৰ পৰা অমিতা খাবলৈ সক্ষম হোৱা নাই বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে গৃহস্থ জমছেদ আলীয়ে। অমিতা গছজোপাৰ সন্দৰ্ভত গৃহস্থ জমছেদ আলীৰ অনুভৱ জানিব বিচৰাত তেওঁ কয় যে এয়া আল্লা-ঈশ্বৰৰ এক লীলা। উল্লেখ্য যে ৬০ ফুট উচ্চতাৰ এই অমিতা গছজোপাৰ অমিতা বৰ্তমান বিভিন্ন চৰাই-চিৰিকটিৰ খাদ্য হৈ পৰাৰ লগতে গছজোপা চৰাই-চিৰিকটিৰ বাসস্থান হৈ পৰাৰ পৰিপ্ৰেক্ষিতত ইয়াক সম্পূৰ্ণ ৰক্ষণাবেক্ষণ দি আছে গৃহস্থই।

অসম আৰু অসমীয়া জাতি ৰক্ষাৰ স্বাৰ্থত সকলোকে এক হ’বলৈ আহ্বান
জামুগুৰিহাট : তেজ দিম, কিন্তু মাটি নিদিওঁ। অসমীয়া জাতি ৰক্ষাৰ স্বাৰ্থত সন্দেহজনক নাগৰিকৰ বিৰুদ্ধে আমি যুজঁ দি যাম৷ অংগীকাৰ কৰিছোঁ যে আমাৰ অধিকাৰৰ বিৰুদ্ধে গৈ সন্দেহজনক নাগৰিকে চকীঘাটত যি ঘৃণনীয় কাণ্ড সংঘটিত কৰিলে তাৰ উচিত জবাব দিয়া হ’ব৷ নিজৰ জীৱন দিম কিন্তু মাটি নিদিওঁ। – এই মন্তব্য চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ। বৃহস্পতিবাৰে জামুগুৰিহাটৰ চকীঘাটত সন্দেহজনক নাগৰিকে বৰ্বৰকাণ্ড সংঘটিত কৰা স্হানত কালি পুনৰ বিধায়ক পদ্ম হাজৰিকা উপস্থিত হৈ সাংবাদিকৰ আগত এনেদৰে কয়৷ বিধায়কগৰাকীয়ে অসমবাসীলৈ পুনৰ আহ্বান জনাই কয় যে চকীঘাটৰ এই ঘটনাই কেৱল চতিয়া সমষ্টিৰ বাবেই নহয় সমগ্ৰ অসম তথা অসমীয়া জাতিৰ বাবে ঋণাত্মক বতৰা কঢ়িয়াই আনিছে। সময় থাকোতেই জাতিটোৰ স্বাৰ্থত এই অপশক্তিক ওফৰাই পেলাবলৈ সকলোকে একগোট হ’বলৈ কোৱাৰ লগতে দূৰদৰ্শীতাৰে এই বিষয়টো আলোচনা কৰিবলৈ বিধায়ক গৰাকীয়ে সকলোলৈকে আহ্বান জনাইছে। উল্লেখযোগ্য যে চতিয়া সমষ্টিৰ জামুগুৰিহাটৰ দক্ষিণ পশ্চিমাঞ্চলৰ চকীঘাটত বৃহস্পতিবাৰে সংঘটিত হোৱা ভূমিকেন্দ্ৰীক বিবাদৰ পিছত কালিও চকীঘাটত উপস্থিত হয় চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা৷ চকীঘাটত বেদখলমুক্ত মাটি আত্মসহায়ক গোট, কৃষি গোট, দল-সংগঠনক বিতৰণৰ মুহুৰ্তত সংঘটিত খিলঞ্জীয়া যুৱকৰ ওপৰত সন্দেহযুক্ত নাগৰিকৰ আক্ৰমণ কোনো কাৰণতে সহ্য কৰা নহ’ব বুলি হুংকাৰ দিয়াৰ লগতে প্ৰয়োজনত তেজ দিম কিন্তু মাটি নিদিও বুলিও হুংকাৰ দিয়ে বিধায়ক পদ্মই৷ চকীঘাটৰ কাষৰ মাটি যদি আক্ৰমণকাৰী দুস্কৃতিকাৰীয়ে এৰি থৈ যাব বুলি ভাবিছে তেন্তে সেয়া ভুল ভাবিছে বুলি উল্লেখ কৰি দৰকাৰ হ’লে সেইসকল সন্দেহযুক্ত লোক যাব লাগিব কিন্তু মাটি কোনো কাৰণত এৰা নহ’ব বুলি বিধায়ক পদ্ম হাজৰিকাই ব্যক্ত কৰি এই ক্ষেত্ৰত সময় থাকোতেই সকলো একত্ৰিত হৈ যুঁজ দিবৰ বাবে আহবান জনাই৷ অন্যহাতে চকীঘাটৰ কালিৰ পৰিৱেশ শান্ত যদিও চেপা উত্তেজনা বিৰাজ কৰি আছে সমগ্ৰ অঞ্চলটিত৷ ইফালে আক্ৰমণৰ ঘটনা সন্দৰ্ভত জামুগুৰি আৰক্ষী চকীত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰাঞ্জল কুমাৰ নাথে দিয়া এজাহাৰৰ ভিত্তিত ৪৬/২০ নম্বৰত গোচৰ ৰুজু কৰি নুৰজামাল আলি(২৭) আৰু ছাদ্দাম হুছেইন(২০) নামৰ দুই আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে আক্ৰমণৰ ঘটনাৰ লগত জড়িত আন লোকসকলকো বিচাৰি তীব্ৰ অভিযান আৰম্ভ কৰিছে আৰক্ষীয়ে৷ উল্লেখ্য যে, যোৱা ফেব্ৰুৱাৰী মাহত চতিয়া সমষ্টিৰ অন্তৰ্গত চকীঘাট, দিঘলী চাপৰী, ননকে গটাইমাৰী, গটাইমাৰী, লালেটাপু আদি চৰ চাপৰীৰ পৰা ৪৭৩ টা সন্দেহজনক পৰিয়ালক শোণিতপুৰ জিলা প্ৰশাসনে উচ্ছেদ কৰিছিল আৰু এই উচ্ছেদিত ভূমিৰ এহেজাৰ বিঘা অলপতে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে স্থানীয় নিবনুৱাক কৃষি কৰ্মৰ বাবে আৱণ্টণ দিছিল৷ ইয়াৰোপৰি চৰ চাপৰি সমূহৰ শ শ বিঘা চৰকাৰী মাটি বেদখল কৰি থকা লোক সকলক চৰকাৰী মাটি এৰি দিবলৈ প্ৰশাসনে নিৰ্দেশ জাৰি কৰিছিল যদিও মাটি এৰি দিব নোখোজা একাংশ সন্দেহজনক লোকে পৰিকল্পিতভাৱে এই আক্ৰমণৰ ঘটনা সংঘটিত কৰিছিল বুলিও সন্দেহ প্ৰকাশ কৰিছে স্থানীয় সচেতন মহলে ৷













