Home Blog Page 3312

আজি ত্যাগ আৰু ভাতৃত্ববোধৰ উত্‍সৱ ঈদ- উজ-জোহা, নহয় সমূহীয়া নামাজ

দৈনন্দিন বাৰ্তা ডিজিটেল ডেস্কঃ দেশত কোৰোণাৰ মহামাৰীৰ সংহাৰ অব্যাহত আছে। কোৰোণাৰ ফলত অসমৰ লগতে দেশবাসীয়ে  বঞ্চিত হৈছে বিভিন্ন উত্‍সৱ উদযাপনৰ পৰা। আজি ইছলামধৰ্মী লোকসকলৰ ত্যাগ আৰু ভাতৃত্ববোধৰ পবিত্ৰ উত্‍সৱ ঈদ। কোৰোণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ ঈদত নহয় সামূহীয়া নামাজ। কৰোণাৰ পৰিপ্ৰেক্ষিতত চৰকাৰে নীতি নিয়ম মানি ঘৰতে নামাজ পঢ়াৰ বাবে জনসাধাৰণক আহ্বান জনাইছে।

বাতৰি যোগুতালেঃ জ্যোতিস্মান শৰ্মা

মাতৃভূমি পালেহি শ্বহীদ প্ৰণয় কলিতাৰ নশ্বৰ দেহ, বিমান বন্দৰত আৰক্ষীৰ শ্ৰদ্ধাঞ্জলী জ্ঞাপন

দৈনন্দিন বাৰ্তা ডিজিটেল ডেস্কঃ অৱশেষত মাতৃভূমিত উপস্থিত হ’ল মণিপুৰত শ্বহীদ হোৱা অসম সন্তান পাঠশালাৰ প্ৰণয় কলিতাৰ নশ্বৰ দেহ। এয়াৰ এছিয়াৰ বিশেষ বিমানেৰে প্ৰনয় কলিতাৰ নশ্বৰ দেহ মণিপুৰৰ পৰা বৰঝাৰ বিমান বন্দৰলৈ অনা হয়। বিমান বন্দৰত আৰক্ষী আয়ুক্ত, বিমান বন্দৰ কৰ্তৃপক্ষ আৰু আৰক্ষীৰ লোকে শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰাৰ পিছত এম্বুলেন্সেৰে বীৰ শ্বহীদ প্ৰণয় কলিতাৰ নশ্বৰদেহ নিজগৃহ পাঠশালালৈ লৈ যোৱা হয়। বিমানবন্দৰতে সামৰিক মৰ্যাদা দিয়া হয় শ্বহীদ গৰাকীক। মণিপুৰত বুধবাৰে নিশা অসম ৰাইফলছৰ জোৱানৰ ওপৰত উগ্ৰপন্থীয়ে চলাইছিল ভয়ংকৰ আক্ৰমণ।মণিপুৰৰ চণ্ডেলত ম্যানমাৰ বৰ্ডাৰৰ সমীপত অসম ৰাইফলছৰ জোৱানৰ ওপৰত সংঘটিত হৈছিল এই আক্ৰমণৰ ঘটনা।

বাতৰি যোগুতালেঃ জ্যোতিস্মান শৰ্মা

পঞ্জাৱত বিষাক্ত মদ পান কৰি ২১ জনৰ মৃত্যু

দৈনন্দিন বাৰ্তা ডেস্ক : পঞ্জাৱত বিষাক্ত মদ পান কৰি ২১ জন লোকৰ মৃত্যু হৈছে৷ অমৃতসৰত বুধবাৰে ৰাতি প্ৰথমে ৫জনৰ মৃত্যুৰ খবৰ আহিছিল৷ কিন্তু ইয়াৰ পাছত গুৰুদাসপুৰ আৰু তৰণ তাৰণ জিলাৰ পৰা বিষাক্ত মদ পান কৰি মৃত্যু হোৱা লোকৰ সংখ্যা আহি আছে৷ শুকুৰবাৰে ৰাতি পঞ্জাৱৰ তিনিখন জিলাত বিষাক্ত মদ পান কৰি মৃত্যু হোৱা লোকৰ সংখ্যা ২১ জন হৈছেগৈ৷ আনহাতে চিকিৎসালয়ত কেইবাজনো সংকতজনক অৱস্থাত চিকিৎসাধীন হৈ আছে৷ এই ঘটনাৰ তদন্ত নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী অমৰেন্দ্ৰ সিঙে৷ মুখ্যমন্ত্ৰীজনে টুইট কৰি কয় যে বিষাক্ত মদ পান কৰি মৃত্যু হোৱাৰ ঘটনা দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে৷ জলন্ধৰ ডিভিজনৰ আয়ুক্তক এই তদন্ত পৰিচালনা কৰিব৷ সংশ্লিষ্ট আৰক্ষী অধীক্ষক আৰু অন্যান্য প্ৰশাসনিক বিষয়াই তেওঁক সহায় কৰিব৷ দোষীক কোনো কাৰণতে ৰেহাই দিয়া নহ’ব বুলি তেওঁ কয়৷ আৰক্ষীৰ সূত্ৰ মতে অমৃতসৰৰ তাৰছিক্কৰ এলেকাৰ মুচল আৰু টাংড়া গাঁৱত বিষাক্ত মদ পান কৰি ৫ জনৰ মৃত্যু হোৱাৰ কথা জানিব পাৰে৷ তাৰ কেইঘণ্টামানৰ পাছত গুৰুদাসপুৰৰ বটলা চহৰ আৰু তৰণ তাৰণ জিলাৰ পৰা এই মৃত্যুৰ খবৰ আহে৷ চুলাই মদ পান কৰি এই মৃত্যু ঘটনা হৈছে বুলি ৰাইজে মত প্ৰকাশ কৰি বিক্ষোভ কৰে৷

বিদ্যা ভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থানৰ ৰাষ্ট্ৰীয় অধ্যক্ষ শ্ৰী ডি. ৰামকৃষ্ণ ৰাওৰ প্ৰেছ বাৰ্তা । অতীতৰ অনুভৱ, বৰ্তমানৰ প্ৰত্যাহ্বান আৰু ভৱিষ্যতৰ আৱশ্যকতাৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্মাণ কৰা হৈছে ৰাষ্ট্ৰীয় শিক্ষা নীতি

যোৱা ছয় বছৰ ধৰি বিভিন্ন শিক্ষাবিদ, বুদ্ধিজীৱী, আলোচক, শৈক্ষিক নেতৃত্ব, প্ৰশাসক তথা শৈক্ষিক জগতৰ অন্যান্য শুভ চিন্তকৰ পৰামৰ্শ, ভৌগোলিক দৃষ্টিৰে প্ৰায় এক লাখ গাঁৱৰ সৈতে কৰা যোগাযোগ, অসংখ্য কৰ্মশালাৰ আয়োজন আৰু আলোচনা-বিলোচনাৰ পাছত বহু প্ৰতীক্ষিত ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ ভাৰত চৰকাৰৰ অনুমোদনৰ পাছত জনসাধাৰণৰ হাতত আহি পৰিছে। নিশ্চিতভাৱে ই এক যুগান্তকাৰী তথা পথ প্ৰদৰ্শনকাৰী তথা প্ৰশংসনীয় পদক্ষেপ। এই ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে সৰ্বজনস্বীকৃত, একাত্ম, সৰ্বসমাৱেশী তথা উচ্চ মান সম্পন্ন শিক্ষাৰ দিশত এক শক্তিশালী পদক্ষেপ হোৱাৰ লগতে একবিংশ শতিকাৰ বাবে আৱশ্যক হোৱা কৌশল তথা মূল্যবোধ আধাৰিত, মনুষ্য নিৰ্মাণকাৰী পদ্ধতিসমূহক প্ৰযোজ্য কৰাৰ পথ প্ৰশস্ত কৰিব বুলি আশা কৰিব পাৰি। বিদ্যা ভাৰতীয়ে ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ক আন্তৰিকতাৰে স্বাগতম জনোৱাৰ লগতে এই আশাও প্ৰকাশ কৰে যে সাৰ্বজনীন প্ৰচেষ্টা, সহযোগিতা তথা অনুৱৰ্তী ক্ৰিয়াকলাপৰ দ্বাৰা ই নিজৰ উদ্দেশ্যত সফল হ’ব। ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ মুখ্য বিন্দুবিলাকৰ ভিতৰত পঢ়াশলীয়া শিক্ষাৰ কাঠামোৰ আমূল পৰিৱৰ্তন সাধি ৫+৩+৩+৪ লৈ ৰূপান্তৰিত কৰাৰ উদ্দেশ্য হৈছে শিক্ষাক প্ৰাক্ প্ৰাথমিকৰ পৰা উচ্চতৰ মাধ্যমিকলৈকে সাৰ্বজনীন কৰা আৰু ইয়াক বৃত্তিমূলক শিক্ষাৰ লগত সংযুক্ত কৰা।
শিশু পৰিচৰ্যা আৰু শিক্ষা (Early Childhood Care and Education- ECCE) ক ব্যৱস্থিত স্বৰূপ প্ৰদান কৰিলে ই শিক্ষাৰ ভেটি গঢ়ি তুলিব লগতে স্বাস্থ্য শিক্ষা, পুষ্টি, আত্ম নিৰ্ভৰশীলতাৰ কৌশলসমূহৰ বিকাশৰ বাবে খেলৰ মাধ্যমেৰে শিক্ষাৰ যি আৰ্হি প্ৰস্তুত কৰিব, ই দেশৰ ১০ লাখ অঙ্গনবাদী কেন্দ্ৰসমূহৰ জৰিয়তে শিক্ষাৰ লগত যুক্ত হোৱা প্ৰায় ৭ কোটি শিশুক শিক্ষাৰ মূল সুঁতিৰ লগত যুক্ত কৰাত সহায়ক হ’ব।
শিক্ষা সম্পূৰ্ণ নকৰাকৈ বিদ্যালয় এৰা (dropout) শিশুৰ সংখ্যা হ্ৰাস কৰিবলৈ শিক্ষাৰ পৰিসৰৰ বৃদ্ধি ঘটাই তেওঁলোকৰ বাবে শিক্ষাৰ বহুমূখী আনুষ্ঠানিক তথা অনানুষ্ঠানিক বাট মোকলোৱাৰ নতুন ব্যৱস্থা এই শিক্ষা নীতিৰ এক অন্যতম আকৰ্ষণ বুলি কব পাৰি। সেইদৰে, সমান তথা সমাৱেশী শিক্ষাৰ মাধ্যমেৰে আৰ্থিক আৰু সামাজিক ভাৱে পাছপৰা সমাজৰ প্ৰতি বিশেষ দৃষ্টিৰে বিদ্যালয় স্তৰৰ শিক্ষাত দেখা দিয়া বৈষম্য দূৰ কৰাটোও এক উল্লেখযোগ্য পদক্ষেপ।
ভৱিষ্যত জীৱনৰ বাবে প্ৰয়োজন হোৱা কৌশল (skill) আৰু ক্ষমতাৰ বিকাশ, বিদ্যা আহৰণৰ উদ্দেশ্যৰ আধাৰত বিষয়ৰ সামগ্ৰীকতা, বৈজ্ঞানিক চিন্তাধাৰাৰ বিকাশ, ডিজিটেল সাক্ষৰতা তথা বহুভাষীক শিক্ষাৰ প্ৰসাৰৰ জৰিয়তে ভাৰতীয় ভাষাসমূহৰ বিকাশৰ দ্বাৰা ক্ৰিয়া আধাৰিত শিক্ষণৰ মাধ্যমেৰে আজিৰ প্ৰজন্মই মাত্ৰ বৰ্তমানৰ পৰিস্থিতিৰে নহয়, ভৱিষ্যতৰ ভাৰতৰ বাবেও নিজৰ ক্ষমতাৰে বলীয়ান হ’ব পাৰিব।
মূল্যাংকন পদ্ধতিক কেৱল পৰীক্ষা কেন্দ্ৰীক কৰাৰ পৰিৱৰ্তে ছাত্ৰৰ মূল্যাংকন বহুমুখী মানকৰ ওপৰত কৰা সম্পৰ্কে নিৰ্দেশাৱলীত যি পৰিৱৰ্তন হ’ব লগীয়া আছে, ই প্ৰচলিত প্ৰণালীক সহজ আৰু সৰ্বস্পৰ্শী কৰিব। এই নতুনত্বৰ সু পৰিণাম নিশ্চয় পোৱা যাব।
শিক্ষাৰ লগত জড়িত প্ৰায় সকলো ব্যক্তিয়েই শিক্ষক-শিক্ষাত পৰিৱৰ্তনৰ বাবে বাট চাই আছিল। ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ ত এনে বহু উদাহৰণ পোৱা যায় যে অধিক সৰ্বস্পৰ্শী ৰাষ্ট্ৰীয় পাঠ্যক্ৰম সম্ভৱতঃ ২০২১ বৰ্ষৰ পৰাই শিক্ষা ব্যৱস্থাত গুৰুত্বপূৰ্ণ সংশোধন ঘটাব।
উচ্চ শিক্ষাতো বহুতো পৰিৱৰ্তনৰ প্ৰয়োজননীয়তা আছিল। স্নাতক স্তৰত চাৰি বছৰীয়া পাঠ্যক্ৰমত অন্তৰ্ভুক্তিৰ একাধিক বিকল্প দিয়া হৈছে যিটো শিক্ষাৰ্থীসকলৰ বাবে এক সুবিধাজনক বিকল্প হিচাপে পৰিগনিত হ’ব। কেইবাটাও নীতি নিৰ্ধাৰক সংস্থাক একত্ৰীকৰণ কৰি এটাই মাত্ৰ সংস্থালৈ ৰূপান্তৰণ কৰাটো আদৰণীয় পদক্ষেপ। এটা নতুন ৰাষ্ট্ৰীয় অনুসন্ধানৰ মাধ্যমেৰে শৈক্ষিক গৱেষণাৰ বাবে বিভিন্ন ক্ষেত্ৰসমূহৰ একত্ৰীকৰণ আৰু মানদণ্ডৰ বিকাশো আনন্দৰ বিষয়।
শিক্ষা নীতিৰ যি আৰ্হি কালি প্ৰকাশ কৰা হৈছে, তাক দেখি অনুভৱ হৈছে যে অতীজৰ পৰা অভিজ্ঞতা আহৰণ কৰি, বৰ্তমানৰ প্ৰত্যাহ্বানসমূহক বুজি লৈ আৰু ভৱিষ্যতৰ আৱশ্যকতাৰ প্ৰতি লক্ষ্য ৰাখি ইয়াক তৈয়াৰ কৰা হৈছে। শিক্ষা নীতিৰ দ্বাৰাই শিক্ষা জগতৰ আমূল পৰিৱৰ্তনৰ সম্ভাৱনা আশা কৰিব পাৰি। ১৯৬৮ চনৰে পৰা শিক্ষা নীতিৰ সম্পূৰ্ণ বলবৎ কৰাটো এক ডাঙৰ প্ৰত্যাহ্বান আছিল। বিদ্যা ভাৰতীয়ে এই ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ প্ৰভাৱী ক্ৰিয়ান্বয়নৰ ক্ষেত্ৰত অধিক সহযোগ কৰাৰ আশ্বাস প্ৰদান কৰিছে তথা সকলো সংশ্লিষ্ট সংস্থান, শিক্ষাবিদ, বুদ্ধিজীৱী, শৈক্ষিক চিন্তক, গৱেষক, প্ৰশাসকক ইয়াৰ প্ৰভাৱী কাৰ্যকৰীকৰণৰ বাবে যাৱতীয় সহযোগিতা আগবঢ়াবলৈ অনুৰোধ কৰিছে। চৰকাৰৰ দ্বাৰা ৰাষ্ট্ৰীয় হিতৰ বাবে গ্ৰহণ কৰা এই নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ ৰূপী সৎ প্ৰচেষ্টাত সহায়-সহযোগিতা আগবঢ়োৱা সকলোকে পুনৰ বাৰ অভিনন্দন জ্ঞাপন কৰিছো।

শ্ৰীযুত ডি. ৰামাকৃষ্ণ ৰাও
অখিল ভাৰতীয় অধ্যক্ষ

চীনা এপৰ পাছত ৰঙীন টিভি আমদানিত নিষেধাজ্ঞা ভাৰতৰ

দৈনন্দিন বাৰ্তা ডেস্ক : চীনৰ বিৰুদ্ধে পুনৰ পদক্ষেপ ল’লে ভাৰতে৷ ইয়াৰ আগতে ভাৰতে চীনৰ এপ নিষিদ্ধ কৰিছিল৷ এইবাৰ চীনৰ ৰঙীন টেলিভিছন আমদানিৰ ওপৰত বিধিনিষেধ আৰোপ কৰিলে ভাৰতে৷ ইয়াৰ লগে লগে চীনৰ ব্যৱসায়ৰ ওপৰত প্ৰভাৱ পৰাটো নিশ্চিত হৈ পৰিছে৷ তদুপৰি বিদেশী পণ্য আমদানি কমাই ভাৰতীয় পণ্যৰ উৎপাদন আৰু চাহিদা বাঢ়িব৷ তাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ স্বপ্ন আত্মনির্ভৰ ভাৰত হোৱাত সফল হ’ব৷ ডিৰেক্টৰ জেনেৰেল অব ফৰেইন ট্ৰেড (ডিজিএফটি)ৰ এক বিজ্ঞপ্তিত কোৱা হৈছে যে ৰঙীন টিভি আমদানি নীতি সংশোধন কৰা হৈছে৷ আগতে টেলিভিছন আমদানিৰ বাবে কোনো লাইচেন্সৰ প্ৰয়োজন নাছিল৷ এইবাৰ ডিজিএফটিৰ পৰা এই বিষয়ত অনুমতি ল’ব লাগিব৷ অৱশ্যে কিহৰ ভিত্তিত অনুমতি দিয়া হ’ব সেয়া স্পষ্ট নহয়৷ ৩৬ ইঞ্চিৰ পৰা ১০৫ ইঞ্চি স্ক্ৰীণৰ ৰঙীন টিভিৰ ক্ষেত্ৰত এই নিষেধাজ্ঞা  জাৰি কৰা হৈছে৷ এই বিধিনিষেধৰ আওতাত আছে ৬৩ চেণ্টিমিটাৰৰ তলৰ এলচিডি টিভিও৷ উল্লেখ্য যে ভাৰতে সকলোতকৈ বেছি ৰঙীন টিভি চীনৰ পৰা আমদানি কৰে৷ ২০১৯-২০ বিত্তীয় বছৰত ৭৮১ মিলিয়ন ডলাৰৰ ৰঙীন টিভি ভাৰতে আমদানি কৰিছিল৷ চীনৰ পৰা ২৯৩ মিলিয়ন ডলাৰৰ ৰঙীন টিভি আমদানি কৰিছিল ৷

আইপিএল : আমিৰশ্বাহিত ক্ৰিকেটাৰে মানিব লগা নিয়ম প্ৰকাশ

দৈনন্দিন বাৰ্তা ডেস্ক : কেন্দ্ৰীয় চৰকাৰৰ চূড়ান্ত সিদ্ধান্ত দিবলৈ বাকী যদিও আসন্ন আইপিএলৰ বাবে সকলো কথাই হৈ গৈছে৷ সংযুক্ত আৰৱ আমিৰশ্বাহিত অহা ১৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব এই মেগা টুৰ্ণামেণ্ট৷ ফাইনেল খেলখন ৮ বা ১০ ছেপ্টেম্বৰত হ’ব৷ দেওবাৰে আইপিএলৰ গভৰ্ণিং কাউন্সিলৰ সভাত সূচীসহ বাকী বিষয় চূড়ান্ত হোৱাৰ কথা৷ আইপিএলৰ সভাপতি ব্ৰিজেছ পেটেলে জনোৱা মতে এই মেগা টুৰ্ণামেণ্ট ডুবাই, শ্বাৰজাহ আৰু আবুধাবিত অনুষ্ঠিত হ’ব৷ ৮টা ফ্ৰেঞ্চাইজিৰ লগত শনিবাৰে সভা হোৱাৰ পাছত কেতবোৰ কথা পৰিষ্কাৰ হ’ব৷ ইয়াত সবাতোকৈ ডাঙৰ বিষয় হ’ল ক্ৰিকেটাৰসকলৰ স্বাস্থ্য৷ যাৱতীয় স্বাস্থ্য বিধি মানিয়ে আইপিএল আয়োজন কৰা হ’ব৷ জানিব পৰা মতে আঠটা ফ্ৰেঞ্চাইজিয়ে আমিৰশ্বাহিত যাৱতীয় সুৰক্ষা খুঁটিনাটি মাৰি চাব৷ ক্ৰিকেটাৰসকলৰ নিৰাপত্তাৰ বাবে কেতবোৰ বিষয়ত গুৰুত্ব আৰোপ কৰা হৈছে৷ তাৰ ভিতৰত আছে কোৱাৰেণ্টাইন বিধি৷ ডুবাইৰ বৰ্তমান স্বাস্থ্যবিধি মতে ক’ভিড নিগেটিভ ৰিপৰ্ট দেখুৱাব পাৰিলে কোৱাৰেণ্টাইনত থকাৰ প্ৰয়োজন নাই৷ কিন্তু ৰিপৰ্ট নাথাকিলে পৰীক্ষা হ’ব৷ আনহাতে ক্ৰিকেটাৰসকলে দেশ এৰাৰ আগতে দুবাৰ ক’ৰোনা পৰীক্ষা হ’ব৷ ডুবাই পোৱাৰ পাছত আকৌ দুবাৰ পৰীক্ষা হ’ব৷ ক্ৰিকেটাৰৰ উপৰি ছাপৰ্ট ষ্টাফ আৰু আনসকলৰ ৰিপৰ্ট বাধ্যতামূলক৷ তদুপৰি প্ৰতিটো ফ্ৰেঞ্চাইজিয়ে তেওঁলোকৰ ক্ৰিকেটাৰৰ বাবে জৈৱ সুৰক্ষা বলয় তৈয়াৰ কৰিব লাগিব৷ সীমিত সংখ্যক ব্যক্তিৰ বাদে আন কাৰো লগত দেখা বা কথা পতা নিষিদ্ধ৷ ইয়াৰ উপৰি যিসকলে আইপিএল খেলিবলৈ আমিৰশ্বাহি যাব, তেওঁলোকে প্ৰত্যেকে ডিএক্সবি এপ ডাউনলড কৰি ল’ব লাগিব৷ ই এটা আৰোগ্য সেতু এপৰ দৰে৷ ইয়াত সামাজিক দূৰত্ব বিধিৰ উপৰি যাৱতীয় নিয়ম দেখুওৱা থাকিব৷ ফ্ৰেঞ্চাইজিবোৰে নিজেই হোটেলৰ ব্যৱস্থা কৰিব লাগিব৷ ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে এই ক্ষেত্ৰত ফ্ৰেঞ্চাইজিবোৰক সহায় কৰিব৷ তদুপৰি ড্ৰেচিং ৰোমত একেলগে ১৫ জনৰ বেছি ক্ৰিকেটাৰ থাকিব নোৱাৰিব৷

লকডাউন : মদ নাপাই ছেনিটাইজাৰ পান কৰি মৃত্যু ৯

দৈনন্দিন বাৰ্তা ডেস্ক : লকডাউনৰ বাবে মদৰ দোকান বন্ধ৷ সেয়ে মদ্যপান কৰিবলৈ নাপায় এলকহলযুক্ত ছেনিটাইজাৰ পান কৰে৷ ফলত মৃত্যুৰ মুখত পৰে ৯জনকৈ লোক৷ উল্লেখ্য যে ক’ৰোনা সংক্ৰমণৰ বাবে অন্ধ্ৰপ্ৰদেশত যোৱা ১৮ জুলাইৰ পৰা লকডাউন ১৪ দিনৰ বাবে বঢ়াই দিয়া হয়৷ তাৰ মাজতে ৰাজ্যখনৰ কুৰিছেদু এলেকাত এই ঘটনাটো সংঘটিত হয়৷ আৰক্ষীৰ সূত্ৰে জানিব পৰা মতে লকডাউনৰ বাবে কুৰিছেদু আৰু কাষৰীয়া এলেকাৰ সকলো দোকান বন্ধ আছিল৷ বন্ধ আছিল মদৰ দোকান৷ সেয়ে সেই ৯ জন লোকে ছেনিটাইজাৰকে পান কৰে৷ এই নিহত লোককেইজনৰ মাজত আছে ২৫ বছৰীয়া শ্ৰীনু, ৩৭ বছৰীয়া বি তিৰুপাতাইয়া, ৬০ বছৰীয়া জি ৰামিৰেড্ডী, ২৯ বছৰীয়া কে ৰামনাইয়া, ৬৫ বছৰীয়া ৰামনাইয়া, ৬৫ বছৰীয়া ৰাজিৰেড্ডী, ৪০ বছৰীয়া বাবু, ৪৫ বছৰীয়া চাৰ্লচ আৰু ৪৭ বছৰীয়া অগাষ্টাইন৷ মৃত্যু হোৱা সকলৰ ভিতৰত তিনিজন পেশাত ভিক্ষাৰী বুলি জানিব পৰা গৈছে৷ মৃত্যুৰ হোৱা লোককেইজনৰ হাতত ছেনিটাইজাৰ আছিল বুলি প্ৰকাশ ৷ 

সোণতলীৰ বৰঘোল আঞ্চলিক বাগান বজাৰ ক্লাৱৰ ঈদৰ সামগ্ৰী বিতৰণ

সোণতলী : সমগ্ৰ বিশ্বৰ লগতে অসমতো ১ আগষ্টত উদযাপন হ’ব ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পৱিত্ৰ উৎসৱ ঈদ-উল-আজহা৷ কৰোনা আতংকৰ মাজতে প্ৰশাসনৰ নিৰ্দেশ অনুসৰি ৰাজ্যবাসীয়ে ঘৰতে সামাজিক দূৰত্ব বজাই ৰাখি ঈদৰ নামাজ আদায় কৰাৰ প্ৰস্তুতি সম্পন্ন কৰা দেখা গৈছে৷ উল্লেখ্য যে, ৰাজ্যত ইতিমধ্য তিনিবাৰকৈ হৈ যোৱা বানপানীয়ে দক্ষিণ কামৰূপৰ সোণতলীৰ নৈপৰীয়া ৰাইজৰ মাজত হাহাকাৰ পৰিস্তিতিৰ সৃষ্টি হৈছে৷ বান আৰু খহনীয়াই আপোন ঘৰখন হেৰুৱাই মথাউৰি অথবা পথৰ দাঁতিত ভোকে লগোণে দিন পাৰ কৰিবলগীয়া হৈছে সোণতলীৰ নৈপৰীয়া ৰাইজে৷ ইপিনে ইছলাম ধৰ্মাৱলম্বী লোকৰ পৱিত্ৰ উৎসৱ ঈদ চাপি অহাৰ লগে লগে খহনীয়াগ্ৰস্থ দুখীয়া পৰিয়ালৰ মাজত হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে৷ ইয়াৰ মাজতে সোণতলী অঞ্চলৰ স্বেচ্চাসেৱী সংগঠন বৰঘোল আঞ্চলিক বাগান বজাৰ ক্লাবে ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰা  পৰিলক্ষিত হৈছে ৷ বৰঘোল আঞ্চলিক বাগান বজাৰ ক্লাৱৰ উদ্যোগত এটি সজাতি দলে বানে ঘৰ-বাৰী উটুৱাই নিয়া দুখীয়া পৰিয়ালৰ মাজত ঈদৰ সামগ্ৰী বিতৰণ কৰে৷ ক্লাৱৰ সভাপতি জাহিদুল ইছলামৰ নেতৃত্বত প্ৰায় ৩৫ ঘৰ পৰিয়ালৰ মাজত চেনি, সেৱাই, গাখীৰ, কিচমিচ, বাদাম, মিঠাতেল, চাবোন আদি বিতৰণ কৰে৷ স্মৰ্তব্য যে, বৰঘোল আঞ্চলিক বাগান বজাৰ ক্লাৱৰ বিষয়-ববীয়াসকলে  চৰকাৰী নিৰ্দেশনা অনুযায়ী পৱিত্ৰ ঈদৰ নামাজ ঘৰতে আদায় কৰিবলৈ আহ্বান জনাইছে৷ ক্লাৱখনৰ এনে মহানুভৱতাক স্থানীয় সচেতন মহেল ভূয়সী প্ৰশংসা কৰে ৷

আগষ্ট মাহত ছবিগৃহ খোলাৰ পৰিকল্পনা লগতে বলিউড ছবিৰ চিত্ৰগ্ৰহণ

ভিকি শৰ্মা

সমগ্ৰ বিশ্বতে ক’ৰোনাৰ ভয়ংকৰ ত্ৰাসৰ ফলত ক্ষতিগ্ৰস্ত হৈছে ভিন্ন ক্ষেত্ৰত জড়িত ব্যক্তিৰ জীৱন জীৱিকা। সমান্তৰালকৈ অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ দৰে বলিউড উদ্যোগটিয়েও চৰকাৰে বান্ধি দিয়া ল’কডাউন তিনি মাহ ধৰি ঘৰতেই আৱদ্ধ হৈ থকাৰ পৰিস্থিতিৰ উদ্ভৱ হ’ল। কিন্তু ক্ৰমান্বয়ে যেন বলিউড উদ্যোগটিৰ ক্ষেত্ৰত কিছু শিথিলতা আহি পৰিছে যাৰ বাবে বিভিন্ন ছবিৰ চিত্ৰগ্ৰহণৰ কাম আৰম্ভ কৰা এক পৰিকল্পনা হাতত লৈছে নিৰ্মাতা সকলে। যদিওবা তেওঁলোকে ছবিসমূহ চিত্ৰগ্ৰহণ কৰিব পাৰিব তথাপি মানি চলিব লাগিব ক’ৰোনা ভাইৰাছৰ প্ৰতিৰোধৰ নিয়মাৱলী, যি নিয়মাৱলী তৈয়াৰ কৰিছে উদ্যোগটিক পুনৰ সজীৱ কৰাৰ ক্ষেত্ৰত FCWI আৰু উদ্যোগটিৰ সৈতে জড়িত প্ৰতিনিধি সকলে। উদাহৰণ স্বৰূপে ৬৫ বছৰৰ ঊৰ্দ্ধৰ যি সকল অভিনয় শিল্পী তেওঁলোকক চিত্ৰগ্ৰহণ স্থলীলৈ অহা নিষেধাজ্ঞা আৰোপ কৰিছে। লগতে চুম্বন বা অতিৰঞ্জিত ৰোমাঞ্চিত দৃশ্য সমূহ আঁতৰাবলৈও নিৰ্দ্দেশ জাৰি কৰিছে সামাজিক ব্যৱধান মানি চলি। তাৰোপৰি সকলো অভিনয় শিল্পীয়ে স্বগৃহতে ৰূপ-সজ্জাৰ সকলো যাৱতীয় কাম-কাজ কৰি আহিব লাগিব দৃশ্যগ্ৰহণ স্থলীলৈ। সকলো ছবিৰে নিৰ্মাতাসকলে দৃশ্যগ্ৰহণৰ সময়ত কৰ্মৰত সদস্য সমূহক ১২ ঘন্টাৰ ভিতৰত চাৰিখনকৈ মাস্ক প্ৰদান কৰাটো বাধ্যতামূলক কৰি দিয়া হৈছে। প্ৰতিটো দৃশ্যগ্ৰহণ স্থানত উপলদ্ধ থাকিব লাগিব এম্বুলেন্স, চিকিৎসক আৰু নাৰ্ছ। ইতিমধ্যে এই সকলো ১৬ পৃষ্ঠা যোৰা নিয়মাৱলী কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিছে FCWI য়ে আৰু সেই অনুপাতে এই মাহৰ শেষৰ পিনে এই সকলোবোৰ নিয়ম পালন কৰি শিল্পীসকলে চিত্ৰগ্ৰহণ কৰাৰ এক সম্ভৱনা প্ৰকট হোৱা দেখা গৈছে। ইতিমধ্যে অভিনেতা অনিল কাপুৰে তেওঁৰ আহিবলগীয়া ছবিৰ বাবে ফটোশ্বুট কৰাৰ কথাও পোহৰলৈ আহিছে। এইপিনে সদা ব্যস্ত অভিনেতা খিলাড়ী কুমাৰ অৰ্থ্যাৎ অক্ষয় কুমাৰে তেওঁৰ আহিবলগীয়া ছবি বেল বুট’মৰ দৃশ্যগ্ৰহণৰ কামত চলিত মাহৰ শেষ ভাগত ব্যস্ত হ’ব বুলি সদৰী কৰিছে। জানিবলৈ পোৱা মতে অক্ষয় কুমাৰ আৰু তেওঁৰ দলটিয়ে অহা সপ্তাহত স্কটলেণ্ডলৈ ৰাওনা হ’ব তেওঁৰ ব্যক্তিগত জেটেৰে যিহেতু আন্ত:ৰাষ্ট্ৰীয় বিমান সেৱা বন্ধ হৈ আছে। যেনেকৈ নহওঁক কিয় অক্ষয় কুমাৰে নিজৰ অনুৰাগীসকলক মনোৰঞ্জন প্ৰদানৰ হেতু চেষ্টা অব্যাহত ৰাখিছে সংকটময় পৰিস্থিতিৰ মাজতো। ছবিখনৰ পৰিচালক ৰঞ্জিত এম তিৱাৰীয়ে সংবাদ মাধ্যমত প্ৰকাশ কৰিছে যে সকলো ধৰণৰ সাৱধনতা অৱলম্বন কৰিয়ে ছবিৰ চিত্ৰগ্ৰহণৰ কাম কৰা হ’ব। বেল বুট’মৰ উপৰিও অক্ষয় কুমাৰ অভিনীত তথা ৰোহিত চেট্টী পৰিচালিত সৌৰবংশী দেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ বাবে মুক্তিৰ দিন পিছুৱাই এই বৰ্ষৰ দীপাৱলীত চিত্ৰগৃহলৈ অহাৰ এক সিদ্ধান্ত হাতত লৈছে। লগতে প্ৰতিখন ৰাজ্যৰ ছবিগৃহ সমূহ ৪-৫ মাহ ধৰি বন্ধ হৈ থকাৰ ফলশ্ৰুতিতে বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হৈছে চলচ্চিত্ৰ উদ্যোগটি। যাৰ বাবে উদ্যোগটিৰ লগতে ছবিগৃহত কৰ্মৰত কৰ্মীসকলৰ জীৱনলৈ দুৰ্বিহ নামি পৰিছে। কাৰণ এইদৰে থাকিলে ছবি উদ্যোগটি বহুখিনি পিছুৱাই যাব। এই কথাৰ ওপৰত লক্ষ্য ৰাখি বিভিন্ন নিয়মাৱলীৰ মাজেৰে অহা আগষ্ট মাহত পুনৰ ছবিগৃহ সমূহ খোলাৰ এক পৰিকল্পনা হাতত লৈছে। আই.বিৰ সম্পাদক অমিত খাৰে জনাইছে যে গৃহ মন্ত্ৰালয়ৰ সম্পাদক অজয় ভাল্লাই ইয়াৰ ওপৰত চূড়ান্ত সিদ্ধান্ত প্ৰকাশ কৰিব অচিৰেই। সামাজিক ব্যৱধান মানি চলি চিনেমা হ’ল সমূহ আগষ্ট মাহৰ ভিতৰত খোলাৰ সম্ভাৱনা অধিক।

এন এফ ৰে’লৱে মজদুৰ ইউনিয়নৰ নেতাৰ মৃত্যু, তিনিদিনীয়া শোক পালন

তিনিচুকীয়া : ৰে’ল শ্ৰমিকসকলৰ দুৰন্ত তথা আপোচহীন নেতা ৰূপে পৰিচিত এন এফ ৰে’লৱে মজদুৰ ইউনিয়নৰ কেন্দ্ৰীয় কমিটীৰ সহ:সাধাৰণ সম্পাদক ভজন চন্দ্ৰ দে ৬৮ বছৰ বয়সত ইহলীলা সম্বৰণ কৰে। আজি পুৱতি নিশা ৩-২০ বজাত বদৰপুৰৰ ৰে’লৱে চিকিৎসালয়ত মৃত্যুবৰণ কৰা শ্ৰমিক দৰদী নেতা ভজন চন্দ্ৰ দেৰ মৃত্যুৰ বাতৰি বিয়পি পৰা লগে লগে তিনিচুকীয়া ডিভিজনৰ লগতে সমগ্ৰ এন এফ ৰে’লৱে অন্তৰ্গত ৰে’ল শ্ৰমিক সকলৰ মাজত শোকৰ বন্যা বৈছে। শ্ৰমিক নেতাজনৰ মৃত্যুত এন এফ ৰে’লৱে মজদুৰ ইউনিয়নে গভীৰ শোক প্ৰকাশ কৰি এক প্ৰেছ বাৰ্তাত কেন্দ্ৰীয় সাংগাঠনিক সম্পাদক তথা তিনিচুকীয়া ডিভিজনৰ সমন্বয়ক পুলক গগৈয়ে কয় যে, ২০১২ চনত ৰে’লৱে চাকৰিৰ পৰা অৱসৰগ্ৰহণ কৰা ৰে’ল শ্ৰমিক দৰদী নেতা ভজন চন্দ্ৰ দেই দহ বছৰ কাল বদৰপুৰ শাখাৰ শাখা সম্পাদক আৰু ২০১০ চনৰ পৰা মৃত্যু পৰ্যন্ত এন এফ ৰে’লৱে মজদুৰ ইউনিয়নৰ কেন্দ্ৰীয় কমিটীৰ সহকাৰী সাধাৰণ সম্পাদক ৰূপে কাৰ্যনিৰ্বাহ কৰি আছিল। ৰে’ল শ্ৰমিক সকলৰ ন্যাৰ্য্য প্ৰাপ্য আদায়ৰ সংগ্ৰামখনৰ এজন বলিষ্ঠ নেতা হেৰুৱালে বুলি গভীৰ শোক প্ৰকাশ কৰি বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰা লগতে শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। ভজন চন্দ্ৰেৰ মৃত্যুত অল ইণ্ডিয়া ৰে’লৱেমেনচ ফেডাৰেচনৰ সভাপতি তথা এন এফ ৰে’লৱে মজদুৰ ইউনিয়নৰ কেন্দ্ৰীয় কমিটীৰ সাধাৰণ সম্পাদক ৰাখাল দাসগুপ্তায়ো গভীৰ শোক প্ৰকাশ কৰিছে আৰু তেখৰ মৃত্যুত এন এফ ৰে’লৱে মজদুৰ ইউনিয়নে কেন্দ্ৰীয় কমিটীৰ লগতে ইউনিয়নৰ সকলো শাখাই পতাকা অৰ্ধনমিত কৰি ১ আগষ্টৰ পৰা ৩ আগষ্টলৈকে তিনিদিনীয়া শোক দিৱস ৰূপে পালন কৰিব বুলি ঘোষণা কৰিছে। একেদৰে  মজদুৰ ইউনিয়নৰ বদৰপুৰ শাখাৰ নেতা উত্তম দাসকে ধৰি কেন্দ্ৰীয় নেতা সজল চক্ৰৱতী, মহিলা নেত্রী সুমনা বেনাৰ্জী, পেঞ্চনাৰ এছ’চিয়েচনৰ কৰ্মকৰ্তা সকলৰ উপৰি অনেক গুণমুদ্ধই শোকাকুল পৰিবেশত নশ্বৰ দেহত মাল্যাৰ্পণ কৰি শেষ শ্ৰদ্ধা তৰ্পন কৰে শ্ৰমিক নেতা জনক। ৰে’ল শ্ৰমিক নেতাজনে  মৃত্যুৰ সময়ত এজন পুত্র আৰু বোৱাৰীকে ধৰি দুগৰাকী জী জোঁৱাই আৰু  নাতি-নাতিনী ইহ সংসাৰত এৰি থৈ গৈছে।