অনলাইন বাৰ্তা, ১ আগষ্ট : শচীনৰ ধুমুহাত বিপৰ্যস্ত গেহলট ৷ এতিয়া আস্থা ভোটৰ নাম মুখত নাই ৷ এইবাৰ বাৰম্বাৰ শচীন পাইলট আৰু দলৰ বিদ্ৰোহী বিধায়কক ঘুৰাই অনাৰ কথা কৈছে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক পাইলটে ৷ ৰাজ্যৰ ৰাজনৈতিক সংকটৰ বাবে তেওঁ প্ৰধানমন্ত্ৰী মোডীক লক্ষ্য কৰি ল’বলৈ এৰা নাই৷ আগতে অৱশ্যে গেহলটে দাবী কৰিছিল, ৰাজ্য কংগ্ৰেছৰ বিধায়কক লৈ চৰকাৰ পতন ঘটাব বিচাৰিছে বিজেপিয়ে৷ শনিবাৰে অশোক গেহলটে কয়, ৰাজ্যত যি চলিছে সেয়া প্ৰধানমন্ত্ৰী মোডীয়ে বন্ধ কৰা উচিত৷ প্ৰধানমন্ত্ৰী হিচাপে মোডীজীৰ উচিত এই ‘তামাচা’ বন্ধ কৰাৰ ৷ ৰাজ্যত এতিয়া বিধায়ক কিনাবেচাৰ দৰ বহু বেছি ৷ বিধানসভাৰ অধিৱেশন আৰম্ভ হ’লে ইয়াতকৈ বাঢ়ি যাব৷ উল্লেখ্য যে দল ভাঙোনৰ ভয়ত গেহলটে তেওঁৰ অনুগত বিধায়কক জয়ছলমিৰৰ এখন হোটেলত প্ৰায় বন্দী কৰি ৰাখিছে ৷ তেওঁ দাবী কৰিছে, তেওঁৰ হাতত ১০১ জন বিধায়ক আছে ৷ শনিবাৰে গেহলটে সাংবাদিকক কয়, কংগ্ৰেছৰ হাইকমাণ্ডে যদি বিদ্ৰোহী বিধায়কক ক্ষমা কৰে তেনে তেওঁৰ কোনো আপত্তি নাই৷ শচীনসহ আন বিধায়কৰ তেওঁ স্বাগত জনাবলৈ সাজু ৷
মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শিক্ষা ব্যৱস্থাক চৰম ভেঙুচালি নগাঁৱৰ শিক্ষানুষ্ঠানৰ । ডিগ্ৰী প্ৰদানৰ নামত কোটি টকাৰ বেহা : শিক্ষাগ্ৰহণ নকৰাকৈয়ে বহুজনে কেৱল টকাৰ জোৰতে অৰ্জন কৰিছে ডিগ্ৰী
নগাঁও : বি ফাৰ্ম ডিগ্ৰী প্ৰদানৰ নামত নগাঁৱৰ এখন শিক্ষা প্রতিষ্ঠানৰ বিৰুদ্ধে ভয়ংকৰ জালিয়াতিৰ আশ্ৰয় লোৱাৰ অভিযোগ উত্থাপিত হৈছে । শিক্ষা প্রতিষ্ঠানখনে উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত ধনৰ বিনিময়ত চাৰ্টিফিকেট প্ৰদানৰ অভিযোগ জিলা প্ৰশাসনৰ ওচৰত দাখিল কৰিছে এগৰাকী চিকিৎসকে। হাম এক গ্ৰুপ অৱ ইনষ্টিটিউট নামৰ প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে উঠিছে এই অভিযোগ। ২০১৭ চনতে ৰাষ্ট্ৰীয় সংখ্যালঘূ শিক্ষা সঞ্চালকালয়ে বাতিল কৰা সংখ্যালঘূ শিক্ষা বৰ্ডৰ নামত উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত উৰ্ত্তীণ হোৱাৰ চাৰ্টিফিকেট প্ৰদান কৰি সেইসকল ছাত্ৰকে পুনৰ ডি ফাৰ্মৰ ডিগ্ৰী প্ৰদান কৰে এইখন প্ৰতিষ্ঠানে। আৰ কে ডি এফ আৰু এচ ভি এন নামৰ দুখন বিশ্ববিদ্যালয়ৰ পৰা BPharm, বি ফাৰ্ম, বি এ, বিএচ চি, এম এচ চি, পিএইচ ডি, এমফিল,বি এড আদি ডিগ্ৰী প্ৰদান কৰা এইখন প্ৰতিষ্ঠানে ছাত্ৰ-ছাত্ৰীৰ পৰা প্ৰতিটো ডিগ্ৰীৰ বাবদ চাৰি লক্ষাধিক টকা আদায় লয় বুলিও অভিযোগ উঠিছে।অৱশ্যে এই অভিযোগ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ কোনো উত্তৰ নিদিলে শিক্ষা প্ৰতিষ্ঠানখনৰ মুৰব্বী ইমামূল হাছানে।সংবাদ মাধ্যমৰ সন্মুখীন হ’ব নিবিচৰা প্ৰতিষ্ঠানটোৰ মুৰব্বী গৰাকীৰ বিৰুদ্ধে নগাঁও জিলা উপায়ুক্তক অভিযোগ দাখিল কৰিছে গোলাঘাটৰ চিকিৎসক ডা: কামাল হাছানে । ডা: হাছানৰ মতে শিক্ষা ব্যৱস্থাৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই অনা শিক্ষা প্ৰতিষ্ঠান খনে কোনোধৰণৰ পাঠদান অথবা পৰীক্ষা অনুষ্ঠিত নকৰাকৈয়ে কেৱল বৃহৎ পৰিমাণৰ ধনৰ বিনিময়ত বিভিন্ন আদবয়সীয়া লোকক প্ৰদান কৰি আহিছে ডিগ্ৰী। আনকি এজন ছাত্ৰক মাচুল সংগ্ৰহৰ নামত দুখন বিশ্ববিদ্যালয়ৰ ৰছিদ প্ৰদান কৰাৰো প্ৰমাণ ইতিমধ্যে জিলা প্ৰশাসনক দাখিল কৰিছে চিকিৎসক গৰাকীয়ে । উল্লেখযোগ্য যে প্ৰতিজন ছাত্ৰৰ পৰা ৪লাখকৈ টকা সংগ্ৰহ কৰা এইখন প্ৰতিষ্ঠানে বিগত ৫বছৰত শিক্ষাৰ নামত চলোৱা ব্যৱসায়ৰ বিৰুদ্ধে তদন্ত চলোৱাৰো দাবী তুলিছে। চিকিৎসক গৰাকীৰ মতে বহু আদবয়সীয়া লোকক কোনোধৰণৰ শিক্ষা গ্ৰহণ নকৰাকৈয়ে ৪লাখ টকাৰ বিনিময়ত ডিগ্ৰী প্ৰদান কৰা কাৰ্যই ৰাজ্যখনৰ শিক্ষাবিভাগৰ লগতে স্বাস্থ্যখণ্ডকো চৰম ক্ষতিগ্ৰস্ত কৰিব। সেয়ে উল্লেখিত শিক্ষা প্রতিষ্ঠানখনৰ বিৰুদ্ধে তদন্ত কৰি বিহিত ব্যৱস্থা গ্রহণ কৰিবলৈ ৰাজ্যৰ শিক্ষা মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক অভিযোগকাৰী চিকিৎসক গৰাকীয়ে আহ্বান জনায় । ইপিনে ইউ ই বি অৰ্থাৎ উৰ্দু এডুকেচন বৰ্ডৰ বৈধতাক লৈ দিল্লী উচ্চ ন্যায়ালয়ত গোচৰ চলি থকাৰ সময়তে নগাঁৱৰ এইখন শিক্ষানুষ্ঠানে উৰ্দু শিক্ষা ব’ৰ্ডৰ নামত চাৰ্টিফিকেট প্ৰদান কৰাৰ জৰিয়তে কোটি কোটি টকাৰ ব্যৱসায় কৰা ঘটনাৰ তদন্ত কৰাৰ প্ৰয়োজন যদিও নগাঁও জিলা প্ৰশাসনে ইমানদিনে কিয় কৰা নাই সেয়াও ৰহস্যজনক হৈ পৰিছে । আনহাতে, নাম প্ৰকাশত অনিচ্ছুক প্ৰতিষ্ঠানখনৰ একাংশ ছাত্ৰৰ মতে জিলা প্ৰশাসন তথা নগাঁও জিলা শিক্ষাবিভাগৰ একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়াৰ এই প্ৰতিষ্ঠানটোৰ লগত আছে গোপন সম্পৰ্ক। পিছে শিক্ষাখণ্ডত দূৰ্নীতি তথা অনিয়ম কঠোৰ হাতেৰে দমন কৰিম বুলি হুংকাৰ দি অহা মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ত কেতিয়া তদন্ত কৰিব সেয়া আগ্ৰহৰে বাট চাইছে নগাঁৱৰ প্ৰবীণ শিক্ষাবিদ সকলে ।
নাজিৰা তেল খাদত নিয়োজিত ৯ জনৰ দেহত ক’ভিড-১৯ পজিটিভ
গেলেকী : নাজিৰা মহকুমা অন্তৰ্গত (চেলেং পথাৰ) নিৰ্মলীয়া গাঁৱত অৱস্থিত তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ এটি তেল খাদত নিয়োজিত কৰ্মচাৰীসকলৰ ৩১ জুলাইলৈকে ৫৫জন কৰ্মচাৰীৰ স্বোৱাব পৰীক্ষাৰ অন্তত ৯ গৰাকীৰ দেহত ক’ভিড-১৯ পজিটিভ পোৱা গৈছে। এই তথ্য লাভ কৰা পাছতে নাজিৰা মহকুমা প্ৰশাসনে ততালিকে তেল খাদটো কনটেইনমেণ্ট জ’ন হিচাবে চিনাক্ত কৰি ঘোষণাৰ বাবে ব্যৱস্থা গ্ৰহণৰ লগতে আক্ৰান্ত সকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। ইয়াৰোপৰি তেল খাদৰ এলেকাটো বীজাণুনাশকৰণ কৰা হৈছে। ঠিক সেই সময়ত কোনো লোক প্ৰত্যক্ষ বা পৰোক্ষভাৱে তেখেতসকলৰ সংস্পৰ্শত আহিছিল বুলি অনুভৱ কৰে। তেন্তে স্ব-ইচ্ছাৰে স্বোৱাব পৰীক্ষা কৰিবৰ বাবে সদৰ প্ৰশাসনৰ তৰফৰ পৰা তেখেত লোকক অনুৰোধ জনোৱা হৈছে। আনহাতে ৰাইজক ভয় অথবা শংকা মনত নাৰাখিবৰ বাবে নাজিৰা মহকুমা প্ৰশাসনে পুনৰবাৰ অনুৰোধ জনাইছে।
ৰাম মন্দিৰৰ আধাৰশিলা : ৪-৫ আগষ্টত উত্তৰ প্ৰদেশত দীপাৱলী
দৈনন্দিন বাৰ্তা ডেস্ক : উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে অহা ২ আগষ্টত ৰাম মন্দিৰৰ আধাৰশিলা স্থাপনৰ বাবে চলাই থকা প্ৰস্তুতিৰ বুজ লোৱা উদ্দেশ্যে অযোধ্যা ভ্ৰমণ কৰিব ৷ উল্লেখ্য যে অহা ৫ আগষ্টত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাম মন্দিৰৰ আধাৰশিলা স্থাপন কৰিব ৷ শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টৰ সভাপতি মহন্ত নৃত্য গোপাল দাসে এই কথা জনাইছে ৷ ৰাম মন্দিৰৰ ভূমি পূজাৰ বাবে সমগ্ৰ উত্তৰ প্ৰদেশত ব্যাপক প্ৰস্তুতি চলোৱা হৈছে ৷ অহা ৪-৫ আগষ্টত মথুৰা, কাশী, চিট্ৰকপুৰ, প্ৰয়াগৰাজ, গোৰখপুৰ আৰু নাইমিশ্ৰায়ন আৰু টেক্সাছত প্ৰাৰ্থনাৰ আয়োজন কৰা হৈছে৷ অযোধ্যাত ৰাম মন্দিৰৰ আধাৰশিলা স্থাপনৰ উপলক্ষে এই তীৰ্থস্থান বোৰত দেৱালীসদৃশ আয়োজন কৰা হৈছে ৷ এই সন্দৰ্ভত যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবে প্ৰশাসনক উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে নিৰ্দেশ দিছে৷ ৩১ জুলাইত পুৰুহিতে অযোধ্যাৰ ৰাম মন্দিৰৰ আধাৰশিলা অনুষ্ঠানৰ বাবে হিমালয় অঞ্চলৰ পৰা বৈ অহা যমুনোত্ৰী ধামৰ মাটি, যমুনা নদীৰ পানে আৰু ব্ৰহ্মা কমল ফুল প্ৰেৰণ কৰিছিল ৷ গংগোত্ৰী ধামৰ মাটি আৰু গংগাৰ পানী মঙলবাৰে স্পীড প’ষ্টৰ জৰিয়তে প্ৰেৰণ কৰা হৈছিল বুলি গংগোত্ৰী মন্দিৰ সমিতিৰ সভাপতি সুৰেশ ছেমৱালে জনায় ৷
জামুগুৰিহাটৰ চকীঘাট পৰিদৰ্শন বিধায়ক মৃণাল শইকীয়াৰ। অসমৰ বিৰোধী দল পাকিস্তান পন্থী ৷ কিছু সংগঠন, ভুৱা বুদ্ধিজীৱিৰ সাহসত চকীঘাটৰ সংঘটিত হ’ল এই ঘটনা
জামুগুৰিহাট : জামুগুৰিহাটৰ পশ্চিমাঞ্চলৰ চকীঘাটত যোৱা ৩০ জুলাইত একাংশ সন্দেহজনক নাগৰিকৰ হাতত চক্ৰ বিষয়া,আৰক্ষী বিষয়াসহ ১২ জনকৈ খিলঞ্জীয়া লোক আক্ৰমণৰ বলি হোৱাৰ পিছত আজি জীয়া ভৰলী নদীৰ পাৰৰ সেই ঘটনাস্থলী পৰিদৰ্শন কৰি বিস্ফোৰক মন্তব্য আগবঢ়াই খুমতাইৰ বিধায়ক মৃণাল শইকীয়াই। একাংশ জাতীয় সংগঠন, কৃষক সংগঠন আৰু ভুৱা বুদ্ধিজীৱীৰ পৰা লাভ কৰা সাহসৰ বাবেই সন্দেহজনক বাংলাদেশী নাগৰিকে এইদৰে খিলঞ্জীয়াৰ ওপৰত জপিয়াই পৰিবলৈ সুবিধা পোৱা বুলি উল্লেখ কৰি নেতা বনোৱা এগৰাকী কৃষক নেতা আজি জেলত নথকা হলে এইসকল সন্দেহজনক লোকক সপক্ষে ওকালতি কৰিবলৈ জামুগুৰিহাটত উপস্থিতি হ’লহি হেতেন বুলিও উল্লেখ কৰে।নগাওঁ, মৰিগাঁও, দৰংৰ পাছত এতিয়া শোণিতপুৰ জিলাখনো বাংলাদেশী নাগৰিকৰ হাতলৈ নিবলৈ ভয়াবহ পৰিকল্পনা চলা বুলি উল্লেখ কৰি বিধায়ক শইকীয়াই এই ক্ষেত্ৰত সন্দেহজনক নাগৰিকৰ আগ্ৰাসী ৰূপ বাধা দিয়াৰ ক্ষেত্ৰত চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ দৰে সাহসৰে আগবাঢ়ি আহিব লাগিব বুলিও উল্লেখ কৰে। খিলঞ্জীয়াৰ ওপৰত হোৱা ভয়াৱহ আক্ৰমণৰ পাছতো প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই খিলঞ্জীয়াৰ পক্ষ ন’লৈ সন্দেহজনক নাগৰিকৰ পক্ষ লোৱা বুলি উল্লেখ কৰি অসমৰ বিৰোধী দল এতিয়া পাকিস্তান পন্থী বুলি বিস্ফোৰক মন্তব্য আগবঢ়াই ।অসমত এতিয়া এটা হিন্দুস্থান পন্থী আৰু আন এটা পাকিস্থান পন্থী বুলি দুটা পন্থী থকা বুলি উল্লেখ কৰি পাকিস্থান পন্থীৰ দ্বাৰা শোণিতপুৰ খনো দ্বিতীয় বাংলাদেশত পৰিণত কৰোৱাৰ ষড়যন্ত্ৰ চলা বুলি তাৎপযপূৰ্ণ মন্তব্য আগবঢ়াই ।মনকৰিবলগীয়া যে সন্দেহজনক নাগৰিকৰ কবলৰ পৰা জামুগুৰিহাটৰ চকীঘাটত বেদখল মুক্ত কৰা চৰকাৰী মাটি একাংশ আত্মসহায়ক গোটক চমজাই দিবলৈ যাওঁতে এই সন্দেহজনক নাগৰিকৰ আক্ৰমণত যোৱা ৩০ জুলাইত খিলঞ্জীয়া লোক আহত হোৱাৰ পাছত আজি সেই ঘটনাস্থলী খুমতাই বিধায়ক মৃণাল শইকীয়াই পৰিদৰ্শন কৰাৰ সময়ত তেওঁৰ সংগ দিয়ে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই৷
প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ পৰা আপত্তি বিহীন প্ৰমাণপত্ৰ ল’ব লাগিব সেনাবাহিনীক লৈ চিনেমা, ডকুমেণ্টেৰী নিৰ্মাণত
দৈনন্দিন বাৰ্তা ডেস্ক : যিকোনো বিষয়বস্তুত এতিয়াৰে পৰা প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ পৰা আপত্তি বিহিন প্ৰমাণপত্ৰ (এনঅ’চি) বা ক্লিয়েৰেঞ্ছ ল’ব লাগিব৷ কেতবোৰ ৱেব ছিৰিজে সশস্ত্ৰ বাহিনীৰ একোটা বিকৃত চিত্ৰ উপস্থাপন কৰাৰ পাছত এই সিদ্ধান্ত লোৱা হয়৷ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ ওপৰত কোনো ফ্লিম, ডকুমেণ্টেৰী, ৱেব ছিৰিজ প্ৰচাৰৰ আগতে প্ৰডাকচন হাউচবোৰে এনঅ’চি ল’বলৈ পৰামৰ্শ দিয়াৰ বাবে চেণ্ট্ৰেল ব’ৰ্ড অব ফ্লিম চাৰ্টিফিকেট (চিবিএফচি), ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয় আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়লৈ চিঠি দিছে৷ এই পত্ৰখন প্ৰতিৰক্ষা মন্ত্ৰালয়ে ২৭ জুলাইত প্ৰেৰণ কৰিছিল৷ এক সূত্ৰই জনোৱা মতে ভাৰতীয় সেনাবাহিনীৰ সদস্য আৰু সামৰিক ইউনিফৰ্মক অৱমাননাৰে চিত্ৰিত কৰাৰ বিষয়ে মন্ত্ৰালয়ক তীব্ৰ আপত্তি উত্থাপন কৰি অভিযোগ দিয়া হৈছে৷ ‘জি ৫’ত ‘কোড এম’ আৰু এএলটি বালাজীৰ এক্সএক্সএক্স আনচেনছ’ৰ্ড (ছিজন -২)’ৰ দৰে ৱেব ছিৰিজৰ কেতবোৰত সেনাবাহিনীৰ সৈতে সম্পৰ্কিত দৃশ্যবোৰ বাস্তৱতাৰ পৰা বহু দূৰত আৰু সশস্ত্ৰ বাহিনীৰ এটা বিকৃত চিত্ৰ উপস্থাপন কৰা হৈছে৷ এজন জ্যেষ্ঠ চৰকাৰী বিষয়াই এনেদৰে কয়৷ কেইজনমান সংশ্লিষ্ট নাগকিক আৰু প্ৰাক্তন সৈনিক সমিতিয়ে এনে প্ৰযোজক আৰু অ’টিটি প্লেটফৰ্মৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণৰ বাবে এএলটি বালাজীৰ বিৰুদ্ধে গোচৰ তৰিছে৷ অ’ভাৰ-দ্য-টপ (অ’টিটি) মিডিয়া পৰিসেৱা হ’ল এটা ষ্ট্ৰিমিং মিডিয়া পৰিসেৱা যি সচৰাচৰ দৰ্শকৰ ওচৰলৈ ইণ্টাৰনেটৰ জৰিয়তে দিয়া হয়৷ এনঅ’চি লোৱাটো বাধ্যতামূলক কৰাৰ পদক্ষেপ বহু বিবেচনাৰ পাছত লোৱা হৈছে৷ সূত্ৰটোৱে লগতে উল্লেখ কৰে যে প্ৰতিৰক্ষা বাহিনীৰ ভাৱমূৰ্ত্তি বিকৃত কৰা আৰু প্ৰতিৰক্ষা কৰ্মী আৰু প্ৰৱীণসকলৰ অনুভূতিত আঘাত কৰা ঘটনাবোৰ ৰোধ কৰাৰ বাবে এই ব্যৱস্থা কৰা হৈছে৷
নতুন দিল্লীত টিভি এনকৰৰ আত্মহত্যা
দৈনন্দিন বাৰ্তা ডেস্ক : নতুন দিল্লীৰ ৱেলকম এলেকাত এটা টেলিভিচন বাতৰি চেনেলৰ এগৰাকী এনকৰে শুকুৰবাৰে আত্মহত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ঘৰতে আত্মহত্যা কৰা প্ৰিয়া জুনেজা (২৪) নামৰ এনকৰগৰাকীয়ে ক’ভিড-১৯ সংক্ৰমণৰ মাজত বৰ্তমান সমস্যাৰ মাজত কেনেকৈ এজন মানুহ ইতিবাচক আৰু ইতিবাচক চিন্তাৰ অধিকাৰী হৈ থাকিব পাৰি সেই বিষয়ত সংগীত শিল্পী কৈলাস খেৰৰ লগত এক সাক্ষাৎকাৰ ভিত্তিত টিভি শ্ব কৰিছিল৷ প্ৰাথমিক অনুসন্ধানত জানিব পৰা মতে তেওঁ হতাশাত ভুগিছিল৷ এই চূড়ান্ত সিদ্ধান্ত লোৱাৰ তাৎক্ষণিক কাৰণ বৰ্তমানলৈকে জানিব পৰা নাই৷ তেওঁৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে বুলি এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই জনাইছে৷ প্ৰিয়া জুনেজাই পিতৃ-মাতৃ, দুগৰাকী ভগ্নী আৰু এজন ভাতৃসহ ৱেলকাম এলেকাত বাস কৰিছিল ৷ ইপিনে কোঠাৰ দোৱাৰ খুলি নিদিয়াৰ বাবে আৰক্ষীক পুৱা ৭ বজাত জনোৱা হয়৷ তেওঁ আত্মহত্যা কৰাৰ সন্দৰ্ভত কোনো টোকা লিখি যোৱা নাই ৷
২ বিমানৰ মুখামুখি সংঘৰ্ষত নিহত ৭
দৈনন্দিন বাৰ্তা ডেস্ক : এংকৰবেজত শুকুৰবাৰে মাজ আকাশত মুখামুখি দুখন বিমান সংঘৰ্ষ হোৱাত সকলো যাত্ৰীৰ মৃত্যু হয়৷ তাৰে এখন বিমান চলোৱা ৰাষ্ট্ৰীয় পৰ্যায়ৰ অধিবক্তাসহ সাতজন লোকৰ মৃত্যু হয়৷ আলাস্কাৰ কৰ্মকৰ্তাই এই কথা জনাইছে৷ পেনিনছুলাৰ কেনাই মহানগৰৰ ছোলড’টনৰ ওচৰত হোৱা দুৰ্ঘটনাত কোনো লোকৰ প্ৰাণ ৰক্ষা নহ’ল৷ আলাস্কাৰ ষ্টেট ট্ৰুপে এক লিখিত বিবৃতিত এই কথা প্ৰকাশ কৰিছে৷ ইয়াৰে এখন বিমানত আছিল ৰাজ্যিক প্ৰতিনিধি গেৰী নপ্প৷ আনখন বিমানত দক্ষিণ কাৰোলিনাৰৰ পৰা অহা চাৰিগৰাকী পৰ্যটকৰ লগতে কেনছাছৰ এজন গাইড আৰু ছোলড’টনৰ এজন পাইলট আছিল৷ দুৰ্ঘটনাটোত এই সকলো লোকৰ মৃত্যু হয়৷ বিমান দুখনত সাতজন লোক আছিল৷ ইয়াৰে এজন চিকিৎসালয়লৈ নিয়া অৱস্থাত মৃত্যু হয়৷ আনহাতে দুৰ্ঘটনাত পতিত বিমানৰ ধ্বংসাৱশেষ ৰাষ্ট্ৰীয় পথৰ ওপৰত পৰে৷ ফলত সুৰক্ষাজনিত কাৰণত কিছু সময়ৰ বাবে পথটো বন্ধ কৰা হয়৷ ফেডাৰেল এভিয়েছন প্ৰশাসনি এখন বিমান ডি হাভিল্লায়েণ্ড ডিএইচ-২ বুলি চিনাক্ত কৰে৷ এফএএ আৰু ৰাষ্ট্ৰীয় পৰিবহণ সুৰক্ষা ব’ৰ্ডে এই সংঘৰ্ষৰ তদন্ত কৰিছে৷ দুৰ্ঘটনাত নিহত নপ্প (৬৭) ৰিপাব্লিকান আৰু ষ্টেট হাউচৰ দ্বিপাক্ষিক সংখ্যাগৰিষ্ঠ আছিল৷ তেওঁৰ মৃত্যুত সহকৰ্মীসহ বহু লোকে গভীৰ শোক প্ৰকাশ কৰিছে৷
আজি পবিত্ৰ ঈদ-উল-জোহা : নাজিৰা, জয়সাগৰত চৰকাৰী নিয়ম অনুসৰি ঈদ উদযাপন
গেলেকী : আজি পবিত্ৰ ঈদ-উল-জোহা অথবা ঈদ-উল-আজহা৷ সমগ্ৰ বিশ্বতে ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰিছে ত্যাগৰ প্ৰতিভূ স্বৰূপ এই উৎসৱটি। শিৱসাগৰ জিলা অন্তৰ্গত নাজিৰা মহকুমা লগতে জয়সাগৰতো বিশেষ সম্প্ৰদায়ৰ লোক সকলে উলহ-মালহেৰে ঈদ-উল-জোহা পালন কৰা ৰাইজে প্ৰত্যক্ষ কৰিছে। নিজৰ প্ৰিয় সম্পদ এটি এই দিনটোত আল্লাৰ চৰণত অৰ্পন কৰে মুছলমান লোক সকলে৷ প্ৰতিবছৰে এই উৎসৱ ইছলাম ধৰ্মীয় লোক সকলে উলহ-মালহৰে পালন কৰে। যদিও বৰ্তমানে ক’ৰনা মহামাৰীৰ বাবে এই ঈদ উৎসৱ অনুষ্টূপীয়াকৈ পালন কৰা দেখা গৈছে। যিহেতু ঈদগাহ, মছজিদ সমূহত সমজুৱাকৈ ঈদৰ নামাজ পঢ়া নিষেধাজ্ঞা কৰা হৈছে। আজি পৱিত্ৰ ঈদ-উল-জোহা। ক’ৰনাকেন্দ্ৰিক পৰিস্থিতিৰ মাজতে প্ৰশাসনে জাৰি কৰা নীতি-নিয়মৰ মাজেৰে সমগ্ৰ দেশৰ লগতে অসমতো পালন কৰা হৈছে মুছলমান ধৰ্মাৱলম্বী লোকসকলৰ পৱিত্ৰ ঈদ। ঈদৰ পৰম্পৰা অনুসৰি পুৱাই পাঁচ বজাৰ পৰা ছয় বজাৰ ভিতৰত অসমৰ লগতে ভাৰতত বিভিন্ন স্থানত আদায় কৰে নামাজ। এফালে ক’ৰনা মাহামাৰীৰ সন্ত্ৰাস, ঠিক তাৰ মাজতেই শনিবাৰে অনুষ্টুপীয়াকৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰিলে পবিত্ৰ ঈদ-উল-জোহা৷ সম্প্ৰতি নাজিৰা, ন-মাটি, মেছাগড়, শিমলুগুৰি, চণ্টক, বিহুবৰ, চূণপুৰা, বালিঘাট, নামটি, মেজেঙ্গা, মিছাজান, বৰতল, লিগিৰীপুখুৰী, গড়আলি, মেকিপুৰ, গেলেকী, লাহনগাওঁ, শিঙিবিল, ৰঙাগড়া, ন-আলি, কলগাওঁ, জ্যোতিনগৰৰ বিপৰীতে জয়সাগৰ, ৰংঘৰ চাৰিআলি, ঢুলীয়াপাৰ, হাতীখোঁক গাওঁ, আমগুৰি আদি স্থানত সামাজিক দূৰত্ব বজাই ঈদৰ ধৰ্মীয় ৰীতি-নীতি পালন কৰিলে ইছলাম ধৰ্মাৱলম্বী লোকসকলে৷ চৰকাৰে জাৰি কৰা নিয়ম মানি তেওঁলোকে নিজৰ ঘৰতে সীমিত সংখ্যক লোকেৰে আদায় কৰিলে ঈদৰ নামাজ৷ নামাজৰ অন্তত বিশ্ব শান্তিৰ হকে আল্লাহৰ ওচৰত সকলোৱে কৰিলে দোৱা৷ ইয়াৰোপৰি লোক সকলে প্ৰশাসনে জাৰি কৰা নিয়ম অনুসৰি সম্পন্ন কৰিলে কুৰ্বানিৰ কাৰ্যসূচীও৷ ক’ৰনা মহামাৰীৰ বাবে এইবাৰ ঈদৰ উছাহ-উদ্দীপনা ম্লান পৰিলেও পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰৰ নীতি নিৰ্দেশনা মানি চলাত বিশেষ গুৰুত্ব প্ৰদান কৰিছে ইছলাম ধৰ্মাৱলম্বী লোকসকলে৷
সমাজকৰ্মী অসীম বৰুৱাৰ ব্যতিক্ৰমী প্ৰদক্ষেপ
ভগামুখ : দিনে দিনে ৰাজ্যত বাঢ়িছে কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা৷ চিকিৎসাত নিয়োজিত চিকিৎসক নাৰ্চে দিনে নিশাই সেৱাৰে সুস্থ কৰি তুলিছে বহু ৰোগীক ৷ ভগামুখ আদৰ্শ চিকিৎসালয়ত স্থাপন হোৱা কোৱাৰেনটাইন চেন্টাৰত দ্বায়িত্ববাহী বিষয়া ডা° ভাষ্কৰ শইকীয়াৰ নেতৃত্বত এটি চিকিৎসক আৰু নাৰ্চ তথা চিকিৎসাকৰ্মীৰ দলে অহৰ্নিশে আগবঢ়াই আহিছে সেৱা ৷ আজি ভাৰতীয় জনতা পাৰ্টিৰ জেষ্ঠ কৰ্মকৰ্তা সমাজকৰ্মী অসীম বৰুৱাই চিকিৎসালয়খনত উপস্থিত হৈ সকলো চিকিৎসক, নাৰ্চ আৰু চিকিৎসাকৰ্মীক তেওঁলোকৰ কৰ্মক শ্ৰদ্ধা জনোৱাৰ লগতে একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই উৎসাহিত কৰি কয় যে তেখেত সকলক ভগাৱান প্ৰেৰিত দূত৷ ইয়াৰ পাচতেই তেখেতে চিন্তামণিগড়, জেলেঙীটুপৰ বান বিধস্ত অঞ্চলত উপস্থিত হৈ দূৰ্গত সকলৰ ক্ষয় ক্ষতিৰ বুজ লোৱাৰ লগতে অতি সোনকালে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে আলোচনাত বহি ইয়াৰ সমাধান সূত্ৰ উলিয়াব বুলি কয়৷ ইয়াৰ পিছতে বৰুৱাই ৰাইজৰ উদ্যোগত নিৰ্মাণ হৈ থকা চিন্তামণিগড় উচ্চ মাধ্যমিক বিদ্যালয়ত উপস্থিত কামৰ অগ্ৰগতি দেখি সন্তুষ্ট হয় আৰু স্বেচ্ছাসেৱী অনুস্থান ৰেঙণি এটি আশাৰ সহযোগত এটি বকুল পুলি ৰোপণ কৰে৷ তেখেতৰ এই কাৰ্য্যসূচীত যোৰহাট জিলা যুৱ মৰ্চাৰ পল্লব ভট্টাচাৰ্য, কলিয়াপানী মণ্ডল যুৱ মৰ্চা সভাপতি অজয় ভট্টাচাৰ্য, যোৰহাট জিলা কিষাণ মৰ্চাৰ উপসভাপতি প্ৰহ্লাদ শৰ্মা উপস্থিত থাকে ৷















