Home Blog Page 3313

ৰাজপথৰ সংকীৰ্ণ বজাৰেহে বিপদ কঢ়িওৱাৰ আশংকা ঘনীভূতঃ ক’ৰোনাৰ আশংকাতে বন্ধ দৈনিক বজাৰ ।

দিলীপ হাজৰিকা : নাজিৰাঃ

নাজিৰা নগৰত পৌৰসভাৰ দ্বাৰা পৰিচালিত দৈনিক বজাৰৰ দুৰাৱস্থাৰ মাজতে আহি পৰা ক’ৰোনাৰ সংক্ৰমণৰ পৰা ব্যৱসায়ী আৰু গ্ৰাহক ৰাইজক সুৰক্ষিত ৰখাৰ স্বাৰ্থত লকডাউনৰ ঘোষনাৰ লগে লগে বজাৰখন বন্ধ হৈ পৰে ।  আনহাতে অতিশয় ঘোপ-মৰা আৰু প্ৰৱেশ আৰু প্ৰস্থানৰ কোনো নিৰ্দিষ্ট পৰিকল্পনা অবিহনেই নিৰ্মিত বজাৰখনৰ এক জাবৰ পেলোৱা স্থান, পানী ওলাই যোৱাৰ পথ, উপযুক্ত পোহৰ ব্যৱস্থা, আহল – বহল পৰিৱেশ অবিহনেই প্ৰায় পঞ্চাশ জন ব্যৱসায়ীয়ে নিয়মীয়াকৈ নিত্য প্ৰয়োজনীয় শাক পাচলি আৰু মাছ-মাংসৰ ব্যৱসায় কৰি আহিছে । এনেয়ে জৰাজীৰ্ণ আৰু এক লেতেৰা পৰিৱেশৰসৈতে অভ্যস্ত হৈও ব্যৱসায়ী সকলে  নিজ নিজ পৰিয়ালৰ ভৰণ-পোষণৰ দায়িত্ব পালন কৰি যাবলৈ সক্ষম হৈছে । পিছে এই ব্যৱসায়ী সকলেই সম্প্ৰতি প্ৰায় আঢ়ৈ মাহ কাল ব্যৱসায় বন্ধ ৰাখিব লগীয়া হোৱাত তেওঁলোকৰ পৰিয়ালৰ অৰ্থনীতি ভাগি পৰিছে । আনহাতে নাজিৰাৰ মহকুমা প্ৰশাসনেও ক’ৰোনাৰ লকডাউনৰ সময়ত আন কিছু সংখ্যক নাগৰিকক শাক-পাচলি, মাছ আদিৰ ব্যৱসায় কৰিবৰ বাবে বিশেষ অনুমতি প্ৰদান কৰাত সেইসকল ব্যৱসায়ীয়েও নাজিৰা দৈনিক বজাৰৰ সমুখতে বহি লৈ ব্যৱসায় কৰিবলৈ ধৰাত নাজিৰা নগৰৰ ধোদৰ আলি ৰাজপথটোৱেই এতিয়া বজাৰৰ ৰূপ গ্ৰহণ কৰি জনসমাগম ভয়ানকভাৱে বঢ়াই তুলিছে ।  এনেদৰে চলি ৰোৱা ৰাজপথৰ বজাৰখনত এতিয়া মানুহৰ শাৰীৰিক দূৰত্ব ভয়ানকভাৱে হ্ৰাস পাই নিতৌ ঠেলা-হেঁচাৰ এক থলীত পৰিণত হৈছেগৈ । নাজিৰা মহকুমা প্ৰশাসন আৰু পুলিচ প্ৰশাসনে এই ক্ষেত্ৰত সম্পূৰ্ণ আওকণীয়া মনোভাৱ প্ৰকাশ কৰিছে.। যাৰ বাবে যিকোনো স্থানৰে ব্যক্তিয়েই নাজিৰা দৈনিক বজাৰৰ আগফালে পথেদি অতিক্ৰম কৰাৰ বেলিকা শাৰীৰিক দূৰত্ব নথকা পৰিস্থিতিত ক’ৰোনাৰ সংক্ৰমণ ঘটাৰ তীব্ৰ আশংকাত ভোগে.। নাজিৰা দৈনিক বজাৰৰ নিয়মীয়া ব্যৱসায়ী সকলে তেওঁলোকৰ ভাগি পৰা অৰ্থনীতি পুনৰ জীপাল কৰি তোলাৰ স্বাৰ্থত দৈনিক বজাৰখন খুলি দিয়াৰ বাবে নাজিৰা মহকুমা প্ৰশাসনক আবেদনযোগে  দাবী জনাইছে । নাজিৰা মহকুমা প্ৰশাসনেও যদি পথৰ ওপৰত বহা বজাৰ নিয়ন্ত্ৰণ কৰিবলৈ বিচাৰি শীঘ্ৰেই দৈনিক বজাৰ খুলি দিয়ে তেন্তে সেই স্থানৰো পানী আৰু জাবৰৰ নিস্কাশন ঘটোৱা, ব্যৱসায়ী সকলৰ বহা স্থান সমূহ নিয়াৰি আৰু পৰিস্কাৰ কৰা, পোহৰৰ ব্যৱস্থা উন্নত কৰা, বজাৰৰ বেৰ সমূহত চূণ-তেল ঘঁহাৰ ব্যৱস্থা কৰি দিয়ে সেয়া পৌৰসভা তথা স্থানীয় মহকুমা প্ৰশাসনৰ এক দায়িত্ব বুলি চৰ্চ্চিত হৈছে।

বাধাৰ প্ৰাচীৰ ভাঙি সফলতা লাভ অন্ধ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ ৷

দৈনন্দিন বাৰ্তাৰ সেৱা,ননৈ

সফলতাৰ ধাৰা অক্ষুন্ন ৰাখিবলৈ সক্ষম হ’ল নগাঁৱৰ বঢ়মপুৰ শ্ৰীমন্ত শংকৰ মিছন অন্ধ বিদ্যালয়ে। ১০০ শতাংশ উৰ্ত্তীণৰে শাৰীৰিক বাধাগ্ৰস্ততাকো নেওচি  বঢ়মপুৰ শ্ৰীমন্ত শংকৰ মিছন অন্ধ বিদ্যালয়ে বিজয়ৰ ধাৰা অক্ষুন্ন ৰাখিলে । আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত উজলিল নগাঁৱৰ বঢ়মপুৰ শ্ৰীমন্ত শংকৰ মিছন অন্ধ বিদ্যালয়ৰ চাৰিগৰাকী ছাত্ৰ- ছাত্ৰী । বিদ্যালয় খনৰ পৰা মুঠ চাৰিগৰাকী ছাত্ৰ ছাত্ৰী অবতীৰ্ণ হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষাত। শাৰীৰিক বাধাগ্ৰস্ততাকো নেওচি বিদ্যালয় খনৰ ছাত্ৰ  চম্পক নাথে প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ লগতে গণিত বিষয়ত লেটাৰ মাৰ্ক লাভ কৰিছে। আনহাতে, বিদ্যালয় খনৰ ছাত্ৰ টালিবুল ইছলামে গণিত বিষয়ত লেটাৰমাৰ্কসহ উত্তীৰ্ণ হৈছে প্ৰথম বিভাগত। ঠিক তেনেদৰে অনামিকা বৰদলৈ নামৰ ছাত্ৰীগৰাকীয়ে গণিত বিষয়ত লেটাৰমাৰ্কসহ প্ৰথম বিভাগত আৰু কমল হাজৰিকা নামৰ দিব্যাংগ ছাত্রজনে গণিত বিষয়তে লেটাৰমাৰ্ক লাভ কৰি প্ৰথম বিভাগত উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছে ।
উল্লেখ্য যে, বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি নৱজ্যোতি নাথে জনোৱা মতে , বিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰী সকলৰ পৰ্যাপ্ত নাছিল কিতাপ । ৰেকৰডিং শুনি কঠিন সংগ্ৰামক জীৱনৰ ব্ৰত হিচাপে লৈ কাঁইটীয়া পথেৰে চাৰিওগৰাকী ছাত্ৰ-ছাত্ৰী পৰীক্ষাত অৱৰ্ত্তীণ হৈছিল আৰু কিতাপ নথকা প্ৰত্যাহবান বুকুত বান্ধিয়ে সফলতাৰে উত্তীৰ্ণ হৈ শ্ৰীমন্ত শংকৰ মিছন অন্ধ বিদ্যালয়ৰ লগতে বৃহত্তৰ বঢ়মপুৰ অঞ্চললৈ ছাত্ৰ-ছাত্ৰী কেইগৰাকীয়ে গৌৰৱ কঢ়িয়াই আনিলে। ছাত্ৰ-ছাত্ৰী কেইজনৰ এই সাফল্যক লৈ এতিয়া উৎফুল্লিত হৈ পৰিছে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়ত্ৰী সকলৰ লগতে সমগ্ৰ বঢ়মপুৰবাসী ৰাইজ।

নগাঁৱত জিলা আইন সেৱা প্ৰাধীকাৰীৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱস উদযাপন ৷

দৈনন্দিন বাৰ্তাৰ সেৱা,ননৈ

সমগ্ৰ বিশ্ব লগতে দেশৰ অন্যান্য প্ৰান্তৰ ওপৰি নগাঁৱত ৫ জুন বিশ্ব পৰিৱেশ দিৱৰ দিনা জিলা আইন সেৱা প্ৰাধীকৰণৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱসটি উদযাপন কৰা হয় ৷ পুৱা দহ বজাত নগাঁও ন্যায়িক আদালত ভৱনৰ চৌহদত এটি গছ পুলি ৰূপন কৰি এই কাৰ্যসূচীৰ মুকলি কৰে নগাঁও জিলা ও সত্ৰ ন্যায়াধীশ তথা জিলা আইন সেৱা প্ৰাধীকৰণ নগাঁৱৰ অধ্যক্ষ মৃদুল কুমাৰ কলিতাই ৷  নগাঁও ন্যায়িক আদালত ভৱনৰ বিভিন্ন বিভাগৰ সমূহ বিষয়া-কৰ্মচাৰীৰ মাজত দুটিকৈ গছপুলি বিতৰণ কৰা এই কাৰ্যসূচীৰ আতঁধৰে আইন সেৱা প্ৰাধীকৰণ নগাঁৱৰ সচিব মনালিছা দাসে ৷ আজিৰ এই অনুষ্ঠানত উপস্থিত থাকে মটৰ দূৰ্ঘটনা নিস্পতি ন্যায়াধীকৰণৰ  সদস্য আবু বক্কৰ চিদ্দিক,অতিৰিক্ত জিলা ও সত্ৰ ন্যায়াধীশ কাঞ্চন নেৱাৰ,মূখ্য ন্যায়িক দণ্ডাধীশ জ্যোৎস্না দাস,অতিৰিক্ত মূখ্য ন্যায়িক দণ্ডাধীশ চালেহ আহমদ,প্ৰথম শ্ৰেণীৰ ন্যায়িক দণ্ডাধীশ ক্ৰমে-এফ.ৱাই.লয়,দৃঢ়তা কাকতি,সুজাতা কুৰ্মীৰ লগতে সমূহ আদালতৰ বিষয়া-কৰ্মচাৰী তথা আইন সেৱা প্ৰাধীকৰণ নগাঁৱৰ কৰ্মচাৰী, অৰ্ধআইনী স্বেচ্ছাসেৱী সকল উপস্থিত থাকে ৷ উল্লেখ্য যে, ৫ জুন বিশ্ব পৰিৱেশ দিসৱ উপলক্ষে সকলোৰে সম্পূৰ্ণ সামাজিক দূৰত্বৰ প্ৰতি লক্ষ্যৰাখি আইন সেৱা প্ৰাধীকৰণ নগাঁৱৰ তৰফৰ পৰা প্ৰায় পাঁচ শতাধিক ভিন্ন বিধ মূল্যৱান তথা ফলমুলৰ গছ পুলি বিতৰণ কৰাৰ লগতে নগাঁৱৰ কেন্দ্ৰীয় আৰু বিশেষ দুয়োখন কাৰাগাৰতে নানাবিধ গছপুলি বিতৰণ কৰা হয় ৷  আনহাতে, শেনছোৱাৰ এখনি অসমীয়া মাধ্যমৰ অগ্ৰণী শিক্ষানুষ্ঠান  শংকৰদেৱ শিশু বিদ্যা নিকেতনতো আজি পৰিচালনা সমিতিয়ে আচাৰ্য-আচাৰ্যা আৰু অভিভাৱক সকলৰ সহযোগত সামাজিক দূৰত্ব বজাই ৰাখি নিকেতন চৌহদত প্ৰায় শতাধিক ফলমূলকে ধৰি মূল্যৱান গছপুলি ৰোপন কৰে। ইফালে,নগাঁৱৰ এটি অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠান কলংভেলী বহুমুখী উন্নয়ন সমিতিয়ে বেবেজীয়া-বৰঘাট-উৰিয়াগাওঁ বাইপাছ আৰু নগাঁও-চিধা মৰিগাওঁ ৰাজ্যিক পথৰ কাষত বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি পথচাৰিক ভৱিৎষ্যতে চাঁ দিবৰ নিমিৰ্তে শতাধিক ভিন্নবিধ গছপুলি ৰূপন কৰে ৷ 

মাশ্বৰুম খেতিৰে স্বাৱলম্বিতাৰ অপূৰ্ব নিৰ্দশন বৰবাৰী-বামুনিৰ জয়ন্ত কলিতা-তুলু বৰাৰ ৷

দৈনন্দিন বাৰ্তাৰ সেৱা,ননৈ

নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত বৰবাৰী-বামুনিৰ ধনতলা জংঘল গাঁৱৰ এহাল কৰ্মোদ্যমী দম্পতীয়ে নিজৰ বুদ্ধিমত্ৰাৰ পৰিচয়ৰে তথা বাহুৰ বলেৰে কৰি গৈছে আন এক জীৱন সংগ্ৰাম ৷ লকডাউনৰ এই ভয়াৱহ পৰিস্থিতিৰ সময়তো থমকি ৰোৱা নাই তেওঁলোকৰ সৰু কাঠফুলাৰ ব্যৱসায়ৰ লগতে আন-আন ক্ষুদ্ৰ ব্যৱসায় সমূহ ৷ লকডাউনৰ সময়তো কাঠফুলা ব্যৱসায়ক পিছলৈ যাব দিয়া নাই এই কৰ্মোদ্যমী দম্পতীহালে ৷ সমানে সমানে তেওঁলোক দুয়োজনে ঘৰতে পালন কৰিছে লোকেল মুৰ্গী,ছাগলী,হাঁহ,গাইগৰু আদিৰ ওপৰি কৰি গৈছে বিভিন্ন বিধ ৰবি শস্যৰ খেতি ৷ এই দুইগৰাকী কৰ্মোদ্যমী দম্পতী হৈছে বঢ়মপুৰ সমষ্টিৰ বৰবাৰী বামুনিৰ ধনতলা জংঘল গাঁৱৰ জয়ন্ত কলিতা আৰু তুলু বৰা ৷ আজি কেইবাবছৰ ধৰি বৰবাৰী-বামুনিৰ মইনাজান চাহ বাগানত কৰ্মৰত জয়ন্ত বৰাই আজি দুইবছৰ মানৰ পৰা চাহপাত বাগানৰ কাম-কাজ কৰা বন্ধ হোবাত নিজা প্ৰচেষ্টাত ঘৰতে নিজে খোৱাৰ উপযোগীকৈ প্ৰথমাবস্থাত সৰুকৈ মাশ্বৰুমৰ খেতি কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে ৷ পিছলৈ ওচৰ-চুবুৰীয়া সকলে আনৰ মুখেৰে শুনি যেতিয়া তেওঁলোকৰ ঘৰত মাশ্বৰুম বিচৰা আৰম্ভ কৰিলে তেতিয়াৰ পৰাই তেওঁলোকে দুয়ো বহল ভাৱে এই মাশ্বৰুম খেতি কৰাৰ বাবে উৎসাহিত হয় আৰু মাশ্বৰুম খেতি কৰিবলৈ ধৰে ৷ তেতিয়াৰ পৰাই মাশ্বৰুম খেতিৰে স্বাৱলম্বী হৈ আহিছে এই দম্পতীহাল ৷ আনহাতে, সৰুৱে পৰা নিজা উদ্যোগত কিবা এটা কৰাৰ বাবে মনত প্ৰৱল ইচ্ছা বান্ধি ৰখা কৰ্মোদ্যমী মহিলা তুলু বৰাই ঘৰতে পুহিছে ছাগলী,গাইগৰু,লোকেল কুকুৰা,হাঁহ আদি ৷ ইয়াৰ ওপৰি তেওঁলোকে ঘৰৰ কাষৰ প্ৰায় তিনিকঠা মাটিত কৰি গৈছে বিভিন্ন বিধ ৰবিশস্য যেনে-জিকা, ভাতকেৰেলা, তিঁয়হ, ভেণ্ডি, তৰৈ, ৰঙালাও, ভূটজলকীয়া,লেচেৰা আদিৰ খেতি ৷ পথাৰৰ পৰা খেৰ কাটি,ৰ’দত শুকোৱাই পুনৰ সেই শুকান খেৰৰে প্লাস্তিকৰ পেকেট বনাই কৰা মাশ্বৰুম খেতিত সম্প্ৰতি এপাহ মাশ্বৰুমত প্ৰায় ৫০০-৬০০ গ্ৰামকৈ মাশ্বৰুম উৎপাদন হোবাত বৰ্তমান প্ৰতিমাহে বহুকেজি মাশ্বৰুম উৎপাদন কৰিবলৈ সক্ষম হোবা উদ্যমী দম্পতীহালে ব্যৱসায়ীক চাহিদা থকা বিভিন্ন প্ৰজাতিৰ মাশ্বৰুম উৎপাদন কৰি আত্মনিৰ্ভৰশীল হৈ আহিছে ৷ অতিকষ্টৰে কৰা এই সমূহ মাশ্বৰুম বজাৰত কেচা অৱস্থাত ২০০-২৫০-৩০০ টকা প্ৰতিকেজিত আৰু শুকান অৱস্থাত ৭০০-৮০০-১০০০ টকাত প্ৰতিকেজি বিক্ৰী হৈ অহাৰ বিষয়ে অৱগত কৰে তেওঁলোকে ৷ বৰ্তমান ৪৮ বছৰীয়া জয়ন্ত বৰা আৰু ৪৩ বছৰীয়া তুলু বৰা এখন সুখৰ সংসাৰৰ গৰাকী এই দম্পতী হালে আজি কোপতি কোনো চৰকাৰী আচঁনিৰ সাৰ্হায্য লাভ নকৰাকৈ নিৰলস ভাৱে নিজা প্ৰচেষ্টাত কৰি গৈছে বিভিন্ন বিধ ৰবিশস্যৰ খেতিৰ লগতে মাশ্বৰুমৰ নানন বিধ প্ৰজাতিৰ খেতি ৷ বৰ্তমান মাশ্বৰুম কম্পেনিৰ পৰা ৫২০০ টকাৰে নিজৰ নাম পঞ্জীয়ন কৰাৰ পিছতে মাশ্বৰুমৰ বিভিন্ন গুটি ক্ৰয় কৰি অধিক হাৰত মাশ্বৰুম উৎপাদন কৰি স্বাৱলম্বী হোবাৰ পথ প্ৰসস্ত হৈ পৰিছে ৷ বৰ্তমান জিলা আইন সেৱা প্ৰাধিকৰণ নগাঁৱৰ এগৰাকী অৰ্ধ-আইনী সহায়ক ৰূপে ভোগেশ্বৰী ফুকনণী অসামৰিক চিকিৎসালয়ৰ বিনামূলীয়া আইন সেৱা কেন্দ্ৰত সুচাৰু ৰূপে কৰ্তব্য সম্পাদন কৰি থকা তুলু বৰাই তেওঁৰ ঘৰত উৎপাদিত সামগ্ৰী সমূহ আন দহ জনক অপ্যায়ন কৰোবাৰ ওপৰি আনক বিলাই দি মনত বৰ তৃপ্তি লাভ কৰাৰ কথা প্ৰকাশ কৰে ৷

লকডাউনৰ ফলত বৃহৎ ক্ষতিৰ সন্মুখীন হৈছে আইনজীৱী ৷ লকডাউনত আইনী সেৱাৰ লগত জড়িত সকলৰ ক্ষতি লাখ-লাখ টকা ৷

দৈনন্দিন বাৰ্তাৰ সেৱা,ননৈ

বিশ্বব্যাপী সন্ত্ৰাসৰ সৃষ্টি কৰা ক’ৰোনা ভাইৰাছৰ দেশজুৰি বলবৎ হৈ থকা তলাবন্ধৰ ফলত সকলো প্ৰকাৰে বৃহৎ ক্ষতিৰ সন্মুখীন হব লগাত ভিন্ন জন ব্যৱসায়ীৰ লগতে আদালতত আইনী সেৱাৰ লগত জড়িত অধিৱক্তা সমাজো  ৷
তলাবন্ধৰ ফলত আইনী সেৱাৰ ব্যৱস্থাটোত বৃহৎ ক্ষতি হৈছে ৷ সম্প্ৰতি তলাবন্ধৰ সময়ত মুকলি আদালতৰ বিপৰীতে সীমিত পৰিসৰত কেৱল বিশেষ জৰুৰী গোচৰসমূহ চলাই থকাৰ পৰিপেক্ষিতত মুকলি আদালতত সেৱা আগবঢ়াই জীৱন নিৰ্বাহ কৰা অধিৱক্তা সমাজ গভীৰ সংকটত পৰা পৰিলক্ষিত হৈছে ৷ সমগ্ৰ ৰাজ্যখনতে প্ৰায় লক্ষাধিক অধিৱক্তা তথা আইনজীৱীয়ে মুকলি আদালতত সেৱা আগবঢ়াই জীৱন-নিৰ্বাহ কৰি আহিছে ৷ নগাঁও জিলাতো প্ৰায় পোন্ধৰশ অধিৱক্তা তথা আইনজীৱীয়ে বিভিন্ন সময়ত আইনী সেৱাৰ লগতে ভিন্নজনক আইনী পৰাৰ্মশ আগবঢ়াই আহিছে ৷ কিন্তু,বিগত ২৪ মাৰ্চৰ পৰা সমগ্ৰ দেশজুৰি বলবৎ হৈ থকা তলাবন্ধৰ ফলত নগাঁৱৰ আদালতৰ কাম-কাজ বন্ধ হৈ থকাত এই সকল অধিৱক্তা সমাজৰ উপাৰ্জনত প্ৰচণ্ড ব্যাঘাত জন্মিছে ৷ এনে ব্যাঘাতৰ পৰিপেক্ষিতত নগাঁও আইনী সেৱাৰ লগত জড়িত অধিৱক্তা সমাজতো লাখ-লাখ টকাৰ ক্ষতিৰ সন্মুখীন হৈছে ৷ উল্লেখ্য যে ,উচ্চ ন্যায়ালয় আৰু শুনানি আদালত সমূহে সীমিত পৰিসৰত গোচৰ সমূহ চলাই আছে বিভিন্ন প্ৰকাৰে কিন্তু,মুকলি আদালতত সেৱা আগবঢ়োৱা অধিৱক্তা সকলে কোনোধৰণৰ কাম কাজ কৰিবলৈ বৰ্তমান সময়ত সক্ষম হোবা নাই ৷ অৰ্থাৎ একাংশ অধিৱক্তাই গুচৰীয়া পক্ষৰ পৰা গোচৰ সমূহ নিজৰ হাতত ল’লেও আদালতৰ ন্যায়াধীশৰ ওচৰত গোচৰ সমূহ দাখিল কৰিব পৰা নাই ৷ বিশেষ জৰুৰী গোচৰ সমূহৰ বাদে ৷ এইলৈ এতিয়া মুকলি আদালতৰ কাম-কাজ কৰা অধিৱক্তা সমাজ বৃহৎ ক্ষতিৰ সন্মুখীন হৈছে ৷ তাক লৈ এতিয়া অধিৱক্তা সমাজৰ মাজতো বিৰোপ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ৷ সম্প্ৰতি লকডাউনত ৰাজ্যখনৰ লগতে নগাঁৱৰ অধিৱক্তা সমাজো একপ্ৰকাৰ বৃহৎ ক্ষতিৰ সন্মুখীন হব লগাত পৰিছে ৷

জলবায়ু পৰিৱৰ্তন : অহা ৮০ বছৰত ভাৰত ধ্বংসাত্মক হৈ উঠাৰ সম্ভাৱনা ।

দৈনন্দিন বাৰ্তা ডেস্ক

প্ৰাকৃতিক বিপৰ্যয়ই আগুৰি ধৰিছে ভাৰতবৰ্ষ৷ আমফাম, নিসৰ্গই ইতিমধ্যে তাণ্ডৱ সৃষ্টি কৰিলে৷ অহা ৮০ বছৰত ভাৰতৰ জলবায়ু বহু পৰিৱৰ্তন হ’ব৷ ইয়াৰ ফল ধ্বংসাত্মক হৈ উঠাৰ সম্ভাৱনা প্ৰকট বুলি গৱেষকসকলে মত প্ৰকাশ কৰিছে৷
অহা ৮০ বছৰৰ ভিতৰত ভাৰতত প্ৰাকৃতিক দুৰ্যোগ ভয়াৱহ হৈ উঠিব৷ তীব্ৰ তাপমাত্ৰা, বিধ্বংসী বান, ভয়ানক তথা শক্তিশালী ভূমিকম্প আদি হোৱাৰ সম্ভাৱনা আছে৷ এই পৃথিৱীৰ অর্থনীতি, পৰিবেশ, সমাজ আদি ৰক্ষা কৰাৰ আগতে ধৰিত্ৰীক ৰক্ষা কৰাৰ প্ৰয়োজন৷ প্ৰতিখন দেশকে গ্ৰীণ হাউচ গেছ নিৰ্গমনৰ পৰিমাণ কমাবলৈ সতৰ্ক কৰি প্ৰচাৰ কৰা হৈছে৷ 
উল্লেখ্য যে ছৌদি আৰবৰ বিশ্ববিদ্যালয় আব্দুলাজিজৰ অধ্যাপক মনছুৰ আলমাজৌৰিয়ে কয় যে ২১ শতিকাত ভাৰতৰ বাৰ্ষিক সর্বনিম্ন তাপমাত্রা প্রায় ৪.২ ডিগ্রী চেলচিয়াচ বৃদ্ধি পাইছে৷ ভাৰতৰ দৰে জনবসতিপূৰ্ণ দেশ এখনত এনেয়ে প্ৰকৃতিৰ খামখেয়ালি আছে৷ অনুমানিক ২১ শতিকাৰ বাকী সময়ত হয়তো ভাৰত ভয়াৱহ প্রাকৃতিক বিপর্যয়ৰ সম্মুখীন হ’ব৷ 
ইতিমধ্যে সেই প্রাকৃতিক বিপর্যয়ৰ সামান্য নমুনা দেখিছে ভাৰতৰ কেইখনমান ৰাজ্যই৷ আমফাম, নিসৰ্গ, হিমাচল প্ৰদেশৰ বান আদি এই ক্ষেত্ৰত অতি সামান্য বুলি উল্লেখ কৰিছে বিশেষজ্ঞসকলে৷ আৰ্থ ছিষ্টেম এণ্ড ছাইন্স নামৰ জার্নালখনত প্ৰকাশ পোৱা এক প্ৰতিবেদনত কোৱা হৈছে যে আগন্তুক দিনত ভাৰতৰ অৱস্থা সকলোতকৈ বেয়া হ’ব৷ কেৱলমাত্ৰ তীব্র তাপপ্রবাহ বা উষ্ণতা বৃদ্ধিয়ে নহয় ভয়াৱহ বানৰ সম্ভাৱনা আছে ভাৰতত৷ 
এই জার্নালখনৰ প্ৰতিবেদনত কোৱা হৈছে যে উত্তৰ-পশ্চিম ভাৰতত মূলত ভয়াৱহ বানৰ সম্ভাৱনা আছে৷ অতিৰিক্ত তাপমাত্রাৰ ফলত হিমবাহ গলিব আৰু জলস্তৰৰ পৰিমাণ বাঢ়িব৷ সেই কথা মানুহক বিজ্ঞানীসকলৰ তৰফৰ পৰা বাৰে বাৰে বুজোৱা হৈছে৷ সেই জলস্তৰ বৃদ্ধিৰ ফলত বান হ’ব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে বিজ্ঞানীসকলে৷ আনহাতে বার্ষিক গড় বৰষুণ মাত্ৰাধিকভাৱে হৰ্থাৎ বাঢ়ি যাব বুলি উল্লেখ কৰিছে গৱেষকসকলে৷

হোজাইত পুনৰ ৰেলৰ চেইন টানি পলায়ন যাত্ৰীৰ ।

লংকা :

আজি হোজাইৰ  শংকৰদেৱ নগৰত  স্বাস্থ্য মন্ত্ৰী হিমন্ত  বিশ্ব শৰ্মা উপস্থিত থকা সময়তে হোজাইত বিয়লি উপস্থিত হোৱা  ব্ৰহ্মপুত্ৰ মেইলত  পুনৰ ৰে’লৰ চেইন টানি যাত্ৰীৰ পলায়ন কৰা ঘটনাই তীব্র প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। উল্লেখ্য যে  আজি আবেলি  উজনিমুৱা ব্ৰহ্মপুত্ৰ মেইল খনে হোজাই স্টেশন পাৰ হোৱাৰ পিছতে ২নং গেটৰ গোপাল আশ্ৰমৰ ওচৰত মেইলখনৰ  চেইন টানি কেইবাজনো যাত্ৰী  পলায়ন  কৰিছে । উল্লেখ যে মেইল খন বৰ্তমান হোজাইত ষ্টপেজ নথকাৰ কাৰণে  এনে কাৰ্য্য কৰা বুলি  অভিযোগ উঠিছে। এই ঘটনা সংক্ৰান্তত কাকো আটক কৰিবলৈ সক্ষম হোৱা  GRP তথা RPF। কাণ্ডজ্ঞানহীন এই  লোকসকলৰ বাবে  এনে কাৰ্য্যত  বৰ্তমান আতংকিত হোজাইবাসী।।

নৱেম্বৰত আমেৰিকাত ৰাষ্ট্ৰপতি নিৰ্বাচন : ডেমক্ৰেটিক পাৰ্টিৰ প্ৰাৰ্থী জো বাইডেন ।

দৈনন্দিন বাৰ্তা ডেস্ক

অহা নৱেম্বৰ মাহত আমেৰিকাত ৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত হ’ব৷ এই নিৰ্বাচনৰ বাবে ডেমক্ৰেটিক পাৰ্টিৰ প্ৰাৰ্থী হ’ব জো বাইডেন৷ আমেৰিকাৰ স্থানীয় সময় শুকুৰবাৰে এই কথা ঘোষণা কৰে৷ তেওঁৰ নাম ঘোষণাৰ পাছত এক বিবৃতিত বাইডেনে কয়, ইমান দিনে ডেমক্ৰেটিক পাৰ্টিৰ নেতাৰ প্ৰতিনিধি হিচাপে কাম কৰিছিল, তাত নিজকে দেখিবলৈ পায় সন্মানিত আৰু গৰ্বিত৷ এই নিৰ্বাচনত একক দল হিচাপে যুঁজ কৰিব৷ বাইডেনৰ অন্যতম প্রতিদ্বন্দ্বী বার্নি ছাণ্ডাৰ্ছে এপ্ৰিলত প্ৰচাৰ স্থগিত কৰে৷ তাৰ পাছতে ডেমক্ৰেটিক পাৰ্টিৰ প্ৰাৰ্থী হিচাপে তেওঁৰ নাম মনোনীত কৰে৷ তেওঁৰ নাম দলৰ ১৯৯১জন প্রতিনিধিৰ সিদ্ধান্তৰ প্ৰয়োজন আছিল৷ ক’ৰোনা ভাইৰাছ মহামাৰীৰ বাবে এই কাম পিছুৱাই গৈছিল৷

হোজাইত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ সভা । হোজাই স্বাস্থ্য বিভাগত খালী থকা পদসমূহ শীঘ্ৰেই পূৰণৰ আশংকা।

হোজাইত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ সভা।

হোজাই

হোজাই জিলাত দ্ৰুতগতিত কৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ সময়তেই শনিবাৰে অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,বিত্ত আদি বিভাগৰ মন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মা ,তেজপুৰ লােক সভা সমষ্টিৰ সাংসদ পল্লৱলােচন দাস আৰু স্বাস্থ্য ও পৰিয়াল কল্যাণ বিভাগৰ ( ৰাজ্যিক ) মন্ত্রী পিযুষ হাজৰিকা হােজাই জিলাত উপস্থিত হৈ উপায়ুক্ত কাৰ্যালয়ৰ সভা কক্ষত স্থানীয় বিধায়ক শিলাদিত্য দেব আৰু শিবু মিশ্রৰ উপস্থিতিত হােজাই জিলা প্ৰশাসনৰ বিষয়ববিয়া আৰু স্বাস্থ্য বিভাগৰ লগত কভিড -১৯ ৰ উপৰত এক গুৰুত্বপূৰ্ণ পৰ্যালােচনা সভাত ভাগ লয়। সভাত উপায়ুক্ত ডঃ সদনেক সিংয়ে হােজাই জিলা প্রশাসনে কৰ’না ভাইৰাছ প্ৰতিৰােধৰ ক্ষেত্ৰত লােৱা পদক্ষেপ সমুহৰ বিষয়ে বিতং ভাবে অবগত কৰাৰ লগতে এক পাৱাৰ পয়েন্ট উপস্থাপন কৰে । সভাত ডঃ হিমন্ত বিশ্ব শর্মাই হােজাই জিলাত কৰ’না আক্ৰান্তৰ সংখ্যা দ্রুতগতিত বাঢ়ি গৈ থকাৰ প্রতি লক্ষ্য ৰাখি হােজাই জিলা প্রশাসন আৰু আৰক্ষী প্রশাসন অধিক তৎপৰতা অবলম্বনৰ লগতে মাস্ক নিপিন্ধা ব্যক্তি সকলক জৰিমনা আদায় কৰিবলৈ নির্দেশ দিয়ে । তাৰােপৰি কঠোৰ ভাবে স্বাস্থ্য বিধিৰ নীতি নিয়ম সমুহ পালন কৰাৰ বাবে ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ বাবে কাম কৰি যাবলৈ নির্দেশ দিয়ে আৰু হােম কোৱাৰিনটিন ব্যৱস্থাটো যাতে সঠিক ভাবে ৰূপায়িত হয় তাৰ প্রতি সতর্ক দৃষ্টি ৰাখিবলৈ নির্দেশ দিয়ে । তাৰােপৰি হােজাই স্বাস্থ্য বিভাগত খালি হৈ থকা পদ সমুহ অতিসােনকালে পূৰণৰ ব্যৱস্থা কৰা হব বুলি সভাত জনায় ।

ছয়টাকৈ স্থানেৰে উজলিল নলবাৰী জিলা ।

নলবাৰী

আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত নলবাৰী চহৰৰ পৰা দুগৰাকী তথা নলবাৰী বৰভাগ অঞ্চলৰ তিনি শিক্ষানুষ্ঠানৰ পৰা চাৰিটাকৈ কৃতি শিক্ষাৰ্থীয়ে ছয় টাকৈ স্থান দখল কৰি গৌৰৱ কঢ়িয়াই আনিলে নলবাৰী জিলালৈ ৷ শংকৰদেৱ শিশু বিদ্যা নিকেতন, বৰভাগৰ ছাত্ৰ জ্যোতিস্মান দেৱশৰ্মাই তৃতীয় স্থান দখল কৰি সুনাম অৰ্জন কৰে ৷ কৰিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ হিৰকজ্যোতি বৈশ্যই পঞ্চম স্থান লাভ কৰি গৌৰৱ কঢ়িয়াই আনে সমগ্ৰ অঞ্চলটোলৈ ৷ আনহাতে বাহাৰঘাটৰ শংকৰদেৱ শিশু নিকেতনৰ দুই ছাত্ৰ মাচুম  মেহতাব আৰু ইমন বৈশ্যই  নৱম স্থান দখল কৰি গৌৰৱ কঢ়িয়াই আনে ৷  শংকৰদেৱ শিশু নিকেতন, বৰভাগৰ ছাত্ৰ জ্যোতিস্মান দেৱশৰ্মাই ৫৯১ নম্বৰ লাভ কৰি তৃতীয় স্থান লাভ কৰে ৷ তেওঁ অসমীয়াত ৯৭, ইংৰাজীত ১০০, সাধাৰণ গণিতত ১০০, উচ্চ  গণিতত ১০০, সাধাৰণ বিজ্ঞানত ৯৮ আৰু সমাজ বিজ্ঞানত ৯৬ নম্বৰ লাভ কৰে ৷ বৰভাগৰ বৰৰা গাওঁ নিবাসী শিক্ষক কুলেশ্বৰ শৰ্মা আৰু ৰীতা দেৱীৰ পুত্ৰ জ্যোতিস্মানে নিতৌ ৮-৯ পঢ়ি আশা কৰামতে ফল লাভ কৰা বুলি কয় ৷ ভৱিষ্যতে এগৰাকী চিকিৎসক হোৱাৰ মন আছে বুলি কয় ছাত্ৰজনে ৷ আনহাতে চতুৰ্থ স্থান লাভ কৰিছে নলবাৰীৰ নমস্যা ডেকাই ৷ ত্ৰৈলোক্য ডেকা আৰু দিপ্তী ডেকাৰ একমাত্ৰ ছোৱালী নমস্যা ৷ ছাত্ৰী গৰাকীয়ে ইংৰাজীত ৯৯ অসমীয়াত ৯৫ গণিতত ৯৯ উচ্চ গণিতত ১০০ বিজ্ঞানত ১০০ আৰু সমাজবিজ্ঞান বিষয়ত ৯৭ নম্বৰ লাভ কৰি সৰ্বমুঠ ৫৯০ নম্বৰ অৰ্জন কৰিবলৈ সক্ষম হয় । ৰাজ্য খনৰ ভিতৰত চতুৰ্থ স্থান লাভ কৰি নলবাৰী লিটিল ফ্লাৱাৰ স্কুলৰ ছাত্ৰী নমস্যা ডেকাই নলবাৰী বাসীলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷ নলবাৰী জিলাৰ সীমান্তৱৰ্তী তথা কামৰূপ জিলাৰ হাবলাখা গাওঁ নিবাসী তথা অম্বিকাগিৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ফণীধৰ বৈশ্য আৰু  অংগনবাদী কৰ্মী প্ৰতিভা বৈশ্যৰ পুত্ৰ হিৰকজ্যোতিয়ে কৰিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা  ৯৮.১৮ শতাংশ নম্বৰেৰে সৰ্ব্বমুঠ ৫৮৯ নম্বৰ লাভ কৰে ৷ ৰামানুজন জুনিয়ৰ কলেজত অধ্যয়ণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰা হিৰকজ্যোতি ভৱিষ্যতে এজন চিকিৎসক হোৱাৰ বাসনা থকা বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে ৷ দৈনিক ৮-৯ ঘণ্টা অধ্যয়ণ কৰা ছাত্ৰজনে তেওঁৰ কৃতিত্বৰ বাবে পিতৃ-মাতৃৰ লগতে শিক্ষাগুৰু সকলৰ অৱদান থকাৰ কথা প্ৰকাশ কৰে ৷ তেওঁ অসমীয়াত ৯৭, ইংৰাজীত ৯৭, সাধাৰণ গণিতত ৯৮, সাধাৰণ  বিজ্ঞানত ১০০, সমাজ বিজ্ঞানত ১০০ আৰু উচ্চ গণিতত ৯৭ নম্বৰ লাভ কৰে ৷শংকৰদেৱ শিশু নিকেতন, বাহাৰঘাটৰ মৌচম মেহতাবে ৫৮৫ নম্বৰ লাভ কৰি নৱম স্থান দখল কৰিবলৈ সক্ষম হয় ৷ তেওঁ অসমীয়াত ৯৭, ইংৰাজীত ৯৭, সাধাৰণ গণিতত ৯৭, সমাজ বিজ্ঞানত ৯৮, উচ্চ গণিতত ৯৯ আৰু সাধাৰণ বিজ্ঞানত ৯৭ নম্বৰ লাভ কৰে ৷ বাৰাংহাটী গাওঁ নিবাসী তথা বাৰাংহাটী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ফাৰ্মাচিষ্ট চাদেক আলী আৰু মফিদা মল্লিকৰ পুত্ৰ মাচুম মেহতাবে নিতৌ ১০ ঘণ্টাকৈ পঢ়িছিল ৷ এগৰাকী চিকিৎসক হোৱাৰ সপোন আছে মাচুমৰ ৷ শংকৰদেৱ শিশু নিকেতন ,বাহাৰঘাটৰ দ্বিতীয়গৰাকী নৱম স্থান লাভ কৰা ছাত্ৰ ইমন বৈশ্য ৷ ইমন বৈশ্যই ৫৮৫ নম্বৰ লাভ স্থান দখল কৰে ৷ তেওঁ অসমীয়াত ৯৩, ইংৰাজীত ৯৯, সাধাৰণ গণিতত ৯৬, সাধাৰণ বিজ্ঞানত ১০০, সমাজ বিজ্ঞানত ৯৮আৰু উচ্চ গণিতত ৯৯ নম্বৰ লাভ কৰে ৷ বৰভাগ ৰাজহ চক্ৰৰ অন্তৰ্গত বৰখালা গাওঁ নিবাসী অৰ্থনীতি আৰু পৰিসংখ্যা বিভাগৰ কৰ্মচাৰী খগেন চন্দ্ৰ বৈশ্য আৰু উষা বৈশ্যৰ পুত্ৰ ইমনে দৈনিক ৬-৭ ঘণ্টা পঢ়িছিল ৷ আশা কৰা মতে তেওঁ ফলাফল লাভ কৰা বুলি প্ৰকাশ কৰে ৷ তেৱোঁ  ভৱিষ্যতে এগৰাকী চিকিৎসক হোৱাৰ বাসনা মনত পুহি ৰাখিছে ৷ সমান্তৰালভাৱে ৰাজ্যৰ খনৰ ভিতৰত দশম স্থান লাভ কৰিবলৈ সক্ষম হৈছে শশাংক হালৈ  ৷ শশাংক হালৈ জগদীশ হালৈ আৰু   হিৰন হালৈৰ একমাত্ৰ পুত্ৰ ৷ নলবাৰী আনন্দ বিদ্যা নিকেতনৰ উত্তীৰ্ণ হোৱা শশাংকই সৰ্বমুঠ ৫৮৪ নম্বৰ লাভ কৰে । ছাত্ৰ গৰাকীয়ে সাধাৰণ গণিতত ১০০ অসমীয়াত ৯২ ইংৰাজীত ৯৮ বিজ্ঞানত ৯৮ সমাজবিজ্ঞানত ৯৯ আৰু উচ্চ গণিতত ৯৭ নম্বৰ লাভ কৰে । ছাত্ৰ গৰাকীয়ে ভৱিষ্যতে এজন সুদক্ষ চিকিৎসক হোৱাৰ আশা মনত পুহি ৰাখিছে । আটাইকেইগৰাকী ছাত্ৰ ছাত্ৰীকে আজি বিভিন্ন দল সংগঠনৰ লগতে বিভিন্ন সামাজিক অনুষ্ঠানে উষ্ম অভিনন্দন জনায় ৷