Home Blog Page 3317

ঐশ্বৰ্য কাকতি আৰু ভৱেশ বৰুৱালৈ ২০২০ বৰ্ষৰ নটসূর্য ফণী শৰ্মা বঁটা ঘোষণা

দৈনন্দিন বাৰ্তা সাংস্কৃতিক বাৰ্তাঃ অসমৰ নাট্য জগতৰ কিংবদন্তি নটসূর্য ফণী শৰ্মাৰ স্মৃতিত অসম চৰকাৰে ২০০৪ৰে পৰা প্ৰযোজ্য হোৱাকৈ প্ৰৱৰ্তন কৰা নটসূর্য ফণী শৰ্মা বঁটাৰ ২০২০ বৰ্ষৰ বাবে বিশিষ্ট নাট্য শিল্পীদ্বয় ক্ৰমে ঐশ্বৰ্য কাকতি আৰু ভৱেশ বৰুৱাক মনোনীত কৰা হৈছে। অহা ৩১ জুলাইত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আৰু শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত তেজপুৰৰ বাণ থিয়েটাৰত আয়োজিত এক অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নটসূর্য ফণী শৰ্মা বঁটা প্ৰদান কৰিব। সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী নৱ কুমাৰ দলে, তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱলোচন দাস, বিধায়ক ক্ৰমে বৃন্দাবন গোস্বামী, বিধায়ক পদ্ম হাজৰিকা, বিধায়ক অশোক সিংঘাল, বিধায়ক গণেশ লিম্বু প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল অতিথিৰূপে এই
বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকিব। নাট্য জগতৰ কিংবদন্তি নটসূর্য ফণী শৰ্মাৰ স্মৃতিত অসম চৰকাৰে আগবঢ়োৱা বঁটাত আছে নগদ দুই লাখ টকাৰ লগতে এখন প্ৰশস্তি পত্ৰ আৰু এখন অংগবস্ত্ৰ।

জ্যোতিস্মান শৰ্মা

ক’ৰোনাৰ গৰাহত হেৰাই যাব নেকি ৰং তুলিকাৰ শিল্পীসকল

✍ভুপেশ খাটনিয়াৰ

ক’ৰণাৰ গৰাহত তথা যান্ত্ৰিকতাৰ যুগত হেৰাই যাব নেকি ৰং তুলিকাৰ শিল্পীসকল। তেনেই কিছু অসমৰ ৰং তুলিকাৰ শিল্পীৰ মৰ্মবেদনাক লৈ এক প্ৰতিবেদন

হাৰুণ আলি : আমাৰ দৰে এই কৰ্মীসকলৰ আজি বহুকেইটা বছৰ ধৰি আমাৰ এই কৰ্ম শিল্পত বেয়াকৈ আঘাট হানিছে। এইফালে আকৌ কা আন্দোলন আৰু বিশ্বব্যাপী কৰোণা ভাইৰাছৰ বাবে আমাৰ জীবনত বৰ বেয়াকৈ প্ৰভাব পৰিছে। এই কৰ্মত জড়িত ৰং তুলিকাৰ শিল্পী সকলৰ বিদ্যালয়বোৰো আজি মাৰ্চ মাহৰ পৰা বন্ধ হৈ পৰাত পানীত হাঁহ নচৰা অবস্থাৰ দৰে হৈছে। পৰিয়ালতো পোহপাল দিয়াত ব্যাঘাত জন্মিছে, দিন হাজিৰা কৰিবলৈও কোনেও নামাতেও। এই ল’ৰা-ছোৱালীৰ বিদ্যালয়ৰ মাচুল মুঠতে বিপাঙত পৰিছো। চৰকাৰৰো সহাৰি তেনেকুৱা এমুঠি শাকত এটি জলকীয়া দিয়াৰ লেখীয়া। আমাৰ দৰে এই ৰং তুলিকাৰ কৰ্মৰে অসমত বহুতো পৰিয়াল চলি আছে। কিন্তু এতিয়া কি হ’ব কি কৰিম কাক কম কোনে বুজিব আমাৰ মৰ্মান্তিক কাহিনী। কিমান দিন জ্বলা নাই আমাৰ আখলৰ জুই। আশা মাথো আকৌ প্ৰভাত হ’ব।

লক্ষী দাস : কিমান যুঁজিম জীবনটোৰ সৈতে। হয়তো কেতিয়াবা ৰাজপথত আন্দোলন কৰিছো গভীৰ প্ৰাপ্তিৰ আশাত, আন্দোলনে মোক কোঙা কৰিছিল এটা সময়ত আৰু এতিয়া কৰোণাই কোঙা কৰিলে মোৰ উদৰ পুৰযোৱাকৈ খাবলৈ ওলোৱা ভাত সাজতো। কোন দিশে আমাৰ দৰে ৰং তুলিকাৰ সৈতে জীয়াই থকাৰ জীবন সংগ্ৰামখনি কেনেবাকৈ চলাই নিয়া ব্যক্তিসকলৰ ভবিষ্যত। আমাৰ আৰ্তনাদ শুনিবলৈ কোনো যেন আজি নাই সকলো যেন শুই পৰিছে গভীৰ নিদ্ৰাত। দুখ লাগে আমাৰ অভাব সম্পৰ্কে ইলেকট্ৰনিক মিডিয়াই প্ৰচাৰৰ কৰিলে কিজানি জাগি উঠিল হয় চৰকাৰ নামৰ প্ৰশাসন যন্ত্ৰটোৱে। মাথো মই এটাই অনুৰোধ জনাও বৰমূৰীয়াসকলক আমিও জীয়াই থাকিব বিছাৰো আমিও এসাজ ভাত পেট পুৰ যোৱাকৈ খাব খুজো, আমাৰ ল’ৰা-ছোৱালী আছে সিহতক ভাল মানুহ কৰাৰ সপোন আমাৰো আছে। হে চৰকাৰৰ হে জননেতাসকল আমাক জীয়াই থাকিবলৈ দিয়ক আমাক এসাজ ভাত দিয়ক।

অকণ চৌধুৰী : ঘৰতে বাহ বেতেৰে চাৰিখন বেৰ দি এখন আৰ্ট বিদ্যালয় আৰম্ভ কৰিছিলোহে। পৰিয়ালৰ সদস্য বুলি ক’বলৈ পাচজন। এটি সোণালী সপোন দেখিছিলোহে মাথো পৰিয়াল খনকলৈ, ভালকৈ পোহপাল দিম এই বিদ্যালয়খনৰ জৰিয়তে কিন্তু কি হ’ব হঠাত বাঢ়ি অহা কৰোণা নামৰ মহামাৰী ধুমুহাজাকে সকলো সপোন তচনচ কৰি থৈ গ’ল। আশাবোৰে টঙালি বান্ধিছিলেহে মাথো কিন্তু কি কৰিম আমাৰ চিঞৰ কোনে শুনিব।

কল্প কাকতি : চিত্ৰ শিল্প কৰ্মৰ জৰিয়তে মই মোৰ জীবনটোৰ ৭০ টা বছৰ বহু ঘাট-প্ৰতিঘাটৰ মাজেৰে পাৰ কৰিলো। কিন্তু এনেকুৱা সমস্যাৰ সন্মুখীন কাহানিও হোৱা নাছিলো। যি মহামাৰীয়ে আমাৰ দৰে ব্যক্তিসকলৰ কৰ্ম-সংস্কৃতিয়ে বন্ধ কৰি পেলালে। আজিলৈকে চৰকাৰৰ শিল্পী পেঞ্চনৰ আঁচনিয়েও ঢুকি নেপালে আমাৰ দৰে বৰ্ষীয়ান ব্যক্তি সকলক। কিমানবাৰ আবেদন কৰিলো, বছৰ বাগৰিল চৰকাৰ বাগৰিল একো এটাকে সলনি নহ’ল মোৰ জীবনৰ। মাথো ৰং তুলিকা হাতত লৈয়ে পেটৰ ভাত মুঠি মিলাই আছিলো। ভ্ৰাম্যমান থিয়েটাৰৰ অনিশ্চিয়তাৰ দিশে এই বৃহৎ উদ্যোগটোৰ লগতো আমাৰ দৰে লোকে কাম কৰি পৰিয়ালটো পোহপাল দি আহিছিল হঠাৎ আজি সেই অনুষ্ঠানবোৰো অনিশ্চিয়তাৰ দিশে ধাবমান। গতিকে চৰকাৰক মই অনুৰোধ কৰিছো আমাক জীয়াই থকাৰ এডাল জখলা দিয়ক য’ত থাকিব খোপ খপলী প্ৰেৰণা।

দিপাংক শৰ্মা : শিল্প কৰ্মৰ লগত জৰিত প্ৰতিগৰাকী মানুহৰে বাবে এই সময় দু সময়। এই সময়ছোৱাত শিল্প চৰ্চাত কৰোণাই বাৰুকৈয়ে প্ৰভাব বিস্তাৰ কৰিছে। যোৱা মাৰ্চ মাহৰ পৰাই লক ডাউনৰ থকাৰ বাবে চিত্ৰশিল্পী সকলৰ চিত্ৰ সম্পৰ্কীয় দোকান তথা অসমৰ বিভিন্ন অঞ্চলত থকা আৰ্টৰ শিক্ষানুষ্ঠানবোৰ বন্ধ হৈ থকাৰ ফলত আমাৰ দৰে চিত্ৰ শিল্পীসকল আৰ্থিক অভাবত ভুগিবলগীয়া হৈছেয আমাৰ দৰে শিল্পীসকলক চৰকাৰে সহাৰি জনাব বুলি আশাবাদী।

ত্ৰিদিপ তালুকদাৰ : ৰং তুলিকা এৰি এতিয়া হাতত দাখন ল’বলৈ বাধ্য। জীবনৰ ৪০ টা বছৰ প্ৰায় ৰং তুলিকাৰ লগত অতিবাহিত কৰিলো এই জীবন। এফালে যান্ত্ৰিকতাই মাৰিলে আনফালে এই মহামাৰী কৰোণাই। দিন হাজিৰা কৰিবলৈ ওলাই কিন্তু আমাৰ কামত সন্তুষ্ট নহয় কাম কৰিবলৈও নেমাতে। দুই এখন থিয়েটাৰৰ কাম কৰিছিলো সেয়াও এতিয়া বন্ধৰ দিশে। বিদ্যালয় এখনত কাম কৰিছিলো বিদ্যালয়খনো বন্ধ। কি কৰো কি কও চৰকাৰক, প্ৰতিবাদ কৰিলে জানো শুনিব আমাৰ কথা।

দিল বেচাৰা : চিনেমা জগতৰ এটা নতুন যুগ

দেবাহুতি ৰাজবংশী

প্ৰতি শুকুৰবাৰে চিনেমা হলত বহি একোখনকৈ চিনেমা চোৱাৰ সৌভাগ্য সকলোৰে নঘটিব পাৰে, কিন্ত্ত যোৱা শুকুৰবাৰে অৰ্থাৎ ২৫ জুলাই ২০২০ত ডিজনী হটষ্টাৰ নামৰ এপৰ যোগেদি মুক্তি পোৱা “দিল বেচাৰা” নামৰ চিনেমাখনত দৰ্শকৰ সহাৰি দেখি ত্ৰয়োবিংশ শতিকাৰ আৰম্ভণিতে চিনেমা জগতখনৰ এক নতুন যুগৰ সূচনা কৰা বুলি কব পাৰি। ফক্স ষ্টাৰ ষ্টুডিঅ’ৰ বেনাৰত মুকেশ চাব্ৰাৰ পৰিচালনাৰে “দিল বেচাৰা” কেৱল এজন ল’ৰা আৰু এজনী ছোৱালীৰ প্ৰেম কাহিনী সংযোজিত চিনেমা নহয়, বৰঞ্চ এনে এখন চিনেমা, য’ত সকলো প্ৰকাৰৰ প্ৰেম, যেনে – সন্তানৰ প্ৰতি পিতৃ-মাতৃৰ প্ৰেম, বন্ধুত্ব প্ৰেম, প্ৰণয়ৰ উপৰিও এজন চিকিৎসকৰ ৰোগীসকলৰ প্ৰতি থকা দায়বদ্ধতাৰ উৰ্দ্ধত কেনেধৰণৰ প্ৰেম থাকিব পাৰে তাৰ উৎকৃষ্ট উদাহৰণ। নায়ক মেন্নিৰ চৰিত্ৰত সুশান্ত সিং ৰাজপুতে অনবদ্য ভুমিকা পালন কৰিছে। নায়িকা কিজীৰ চৰিত্ৰত সঞ্জনা সাংগীৰ অভিনয়েও দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে। কিজীৰ মাক  দেউতাকৰ চৰিত্ৰত স্বাস্বত চেতাৰ্জী আৰু স্বাষ্টিকা মুখাৰ্জীয়ে দায়িত্বশীল তথা যোগ্য অভিভাৱক হিচাপে বাস্তব অভিনয় কৰিছে। অন্যান্য চৰিত্ৰ সমূহ, যেনে: মেন্নীৰ বন্ধু জেপি হিচাপে চাহিল ৱেদ আৰু নায়িকাক অনা নিয়া কৰা ৰিক্সাৱালা হিচাপে  দুৰ্গেশ কুমাৰ, এই দুয়োটা চৰিত্ৰৰ মাজেৰে কিছু হাহিৰ খোৰাক পাবলৈ সক্ষম হৈছো। এজন দায়িত্বশীল ডাক্তৰৰ ভূমিকাত সুনীত টেন্ডুন আৰু এটা অন্যতম বিশেষ চৰিত্ৰ, কিজীৰ প্ৰিয় গায়ক অভিমন্যু বীৰৰ চৰিত্ৰত চইফ আলী খানৰ ভুমিকা লেখত ল’বলগীয়া। পুষ্পিন্দৰ নামৰ বিশেষ চিলিণ্ডাৰটো আৰু ঔষধবোৰৰ লগত থকা নায়িকাৰ সম্পৰ্কবোৰে জীৱনত সকলোৰে পৰা আদৰ আব্দাল পাইয়ো নিসঙ্গ জীৱন কটোৱাৰ কথাকে সূক্ষ্মভাৱে বিশ্লেষণ কৰিছে। চিনেমাৰ কাহিনীৰ দৰে নাইবা সাধুকথাৰ দৰে বাস্তব জীবনৰ ঘটনাবোৰ সংঘটিত হোৱা যে অসম্ভব, এই বাস্তব সত্যটোকে চিনেমাখনত সুন্দৰভাৱে উপস্হাপন কৰিছে। ২দিনৰ ভিতৰতে ৫.৫ ষ্টাৰ সংগ্ৰহ কৰা চিনেমাখনৰ নায়িকাৰ বৰ্ণনাৰে তাইৰ অসহ্যকৰ জীবন যন্ত্ৰণাৰ লগত যুজি থকা দৃশ্যসমূহ দেখুৱাই গ’লেও, কাহিনীৰ সংলাপ সমূহ আৰম্ভণিতে হাস্যকৰ আৰু কৰুণভাৱে শেষ হোৱা বাবে দৰ্শকৰ অন্তৰ স্পৰ্শ কৰিবলৈ সক্ষম হৈছে। নায়ক মেন্নী আৰু নায়িকা চিজী, দুয়োটা চৰিত্ৰই বলিষ্ঠ অথচ সাধাৰণ ৰূপত বৰ্ণিত হৈছে।চিনেমাখনত দুই এটা ভুল নথকা নহয়। কেইটামান শ্বট লওতে কেমেৰাৰ Imaginary Line Cross অৰ্থাৎ একেটা দৃশ্যকে ওলট-পালট কৰি দেখুওৱা হৈছে। যেনে- মে তুম্হাৰা গীতৰ কেইটামান দৃশ্যত এনেধৰণৰ ভুল পৰিলক্ষিত হয়। অস্কাৰ বিজয়ী সংগীত পৰিচালক এ আৰ ৰহমানৰ পৰিচালনাত চিনেমাখনৰ মুঠ ৬টা গীতৰ আটাইকেইটা গীতেই  অন্তৰস্পৰ্শী। জনপ্ৰিয়তাৰ ফালৰ পৰাও চাবলৈ গ’লে বিশেষকৈ দিল বেচাৰা শীৰ্ষক গীতটিয়ে ৮ কোটিৰো অধিক দৰ্শকৰ সমাদৰ লাভ কৰিছে। দিল বেচাৰা গীতটোৰ অন্যতম ব্যতিক্ৰম আকৰ্ষণ এয়ে যে, আৰম্ভণিৰ পৰা শেষলৈ একেটা শ্বটৰ সহায়ত সম্পূৰ্ণ কৰা হৈছে। চিনেমাখন মূলত: প্ৰেমৰ কাহিনীৰ আধাৰত নিৰ্মিত হঁলেও,  যোগাত্মক দৃষ্টিভংগীৰে পৰিপূৰ্ণ “দিল বেচাৰা” এখন সকলো বয়সৰ লোকৰ বাবে এখন ৰুচিসম্পন্ন চিনেমা।

অসমীয়া ভাষাৰ সংকটৰ বাবে অসমীয়াই জগৰীয়া

প্ৰাঞ্জল প্ৰতীম ডেকা

প্ৰসংগ:-ক’ত ক’ত অসমীয়া ভাষাৰ সংকট

একাংশ অসমীয়াই আজিকালি ভাত ৰান্ধিবলৈ বাদ দি বনাবলৈ ল’লে কিছুমানে গাঁ নোধোৱে, তিয়াইহে, একাংশই  ভৰি দুখনক ভৰি ‘দুটা’, পাহাৰখনক ‘পাহাৰটো’ লৈ ৰূপান্তৰিত কৰিলে। ৰাতিপুৱাৰ জলপান হৈ পৰিল ‘ব্ৰেকফাষ্ট’। ‘দেউতা’ক ‘পাপা’ বুলি মতাটো একাংশৰ বাবেটো অভিজাত্যৰেই প্ৰতীক। (ৰাতি ‘নাইট চুপাৰ’ত গৈ পুৱা ‘মৰ্ণিং-ৱাক’ কৰি ‘ৰিটাৰ্ণ’ হৈ ঘূৰি অহা ৰিমিক্স প্ৰজন্মটোৰ কথাটো ক’বই নালাগে।) আমি বাৰু ভ্ৰাম্যভাষত ‘হেল্ল’ বুলি কোৱাৰ পৰিৱৰ্তে ‘নমস্কাৰ’ বুলি ক’ব নোৱাৰোনে? মনত ৰাখিব অসমীয়া ভাষাৰ সংকটৰ বাবে অসমীয়াই জগৰীয়া। আপুনি এটা আঙুলি আনলৈ টোৱাব পাৰে, চাৰিটা আঙুলি কিন্তু নিজৰ ফালে।

চৰকাৰী নীতি নিৰ্দেশনা মানি ঈদ উদযাপনৰ আহ্বান নগাঁও জিলা প্ৰশাসনৰ

নগাঁও : কৰ’না ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি  আগন্তুক  ঈদ-উদ-জোহা উদযাপনৰ ক্ষেত্ৰত নগাঁও জিলা প্ৰশাসনে কেতবোৰ নীতি-নিৰ্দেশনা জাৰি কৰে। কালি নগাঁও জিলা উপায়ুক্ত কাৰ্যালয় সভাকক্ষত জিলা উপায়ুক্ত যাদৱ শইকীয়াৰ সভাপতিত্বত জিলাখনৰ বিভিন্ন ঈদগাহ সমিতিৰ বিষয়ববীয়াসকলৰ লগত আগন্তুক ঈদ উদযাপন সম্পৰ্কে এখন বৈঠক অনুষ্ঠিত হয়। উক্ত বৈঠকত উপায়ুক্তগৰাকীয়ে বৰ্তমান পৰিস্থিতিত কৰ’না মহামাৰী প্ৰতিৰোধৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰ আৰু স্বাস্থ্য বিভাগে বান্ধি দিয়া নীতি-নিৰ্দেশনা মানি আগন্তুক ঈদ-উদ-জোহা পালনৰ আহ্বান জনায়। উপায়ুক্ত গৰাকীয়ে বৰ্তমান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজহুৱা স্থানত জনসমাগম আৰু নামাজ পঢ়াত নিষেধাজ্ঞা আৰোপ কৰাৰ বিষয়ে অৱগত কৰে। উক্ত বৈঠকত ইছলাম ধৰ্মাৱলম্বী লোকক ঈদৰ নামাজ নিজ নিজ ঘৰত পঢ়িবলৈ আহ্বান জনোৱা হয়। বৈঠকত জিলা আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ দিলীপে চৰকাৰী নীতি-নিৰ্দেশনা মানি আগন্তুক ঈদ-উদ-জোহা পালন কৰিবলৈ আহ্বান জনায়। আৰক্ষী অধীক্ষক গৰাকীয়ে ঈদৰ সময়ত মছজিদত নামাজ অনুষ্ঠিত কৰোতে মাত্ৰ তিনিজন ব্যক্তি উপস্থিত থাকিব পাৰিব বুলিও অৱগত কৰে। বৈঠকত অতিৰিক্ত উপায়ুক্ত জয়ন্ত কুমাৰ বৰাকে প্ৰমুখ্যে বিভিন্ন বিষয়াসকল উপস্থিত থাকে।

কলেজৰ অধ্যাপক ঠিকাদাৰ, দুৰ্নীতিৰ অভিযোগ স্থানীয় ৰাইজৰ

সোণতলী : দক্ষিণ কামৰূপৰ বকো সমষ্টিৰ মালিবাৰীত এখন দলং নিৰ্মাণক লৈ ব্যাপক দুৰ্নীতি হোৱাৰ অভিযোগ উত্থাপন হৈছে৷ ছমৰীয়া উন্নয়ন খণ্ডৰ এলেকাধীন ৩ নং মালিবাৰী পথাৰ ঈদগাহৰ পৰা কৱৰস্থান সংযোগী এখন কাঠৰ দলং নিৰ্মাণক লৈ সৃষ্টি হৈছে চাঞ্চল্য৷ উল্লেখ্য যে, ২০১৯ বৰ্ষতে ১০ লাখ টকা ব্যয় সাপেক্ষে বিধায়ক পুঁজিৰে নিৰ্মাণ কাৰ্য আৰম্ভ হোৱা দলংখন নিৰ্মাণ কৰাৰ নিবিধা লাভ কৰে সোণতলী আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যাপক নুৰজামাল হকে৷  জানিব পৰা মতে, ঠিকাদাৰ নুৰজামাল হকে যোৱা ডেৰ বছৰে সামান্য পৰিমাণৰ কাম কৰি সিংহভাগ ধন আত্মসাৎ কৰাৰ অভিযোগত তুলিছে ৰাইজে৷ আনকি ঠিকাদাৰ ৰূপী কলেজৰ অধ্যাপকজনে দলং নিৰ্মাণত অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে৷ আনহাতে ইয়াৰ পূৰ্বে ঠাইখনত ৰাইজৰ গাঠিৰ ধন খৰচ কৰি বাঁহৰ দলং নিৰ্মাণ কৰিছিল৷ স্থানীয় ৰাইজৰ আহ্বান মৰ্মে বিধায়িকা নন্দিতা দাসে এখন কাঠৰ দলং নিৰ্মাণৰ বাবে ১০ লাখ টকা আৱন্টণ দিছিল৷ কিন্তু ঠিকাদাৰ ৰূপী অধ্যাপকজনে দলং নিৰ্মাণত দুৰ্নীতি কৰি মোটা অংকৰ ধন আত্মহাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে৷ উল্লেখ্যনীয় যে, বিধায়িকা নন্দিতা দাসেও অধ্যাপক নুৰজামালৰ লগত মিলি ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে৷ ইপিনে স্থানীয় ৰাইজে দুৰ্নীতিৰ উচিত তদন্ত কৰি দুৰ্নীতিৰ লগত জড়িত থকা ব্যক্তিক শাস্তি দিয়াৰ উপৰিও দলংখন পুনৰ নিৰ্মাণৰ বাবে চৰকাৰক অনুৰোধ জনাইছে ৷

টিংখাঙত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, দলীয় নেতা কৰ্মীৰ আদৰণি

টিংখাং : অসম গণ পৰিষদৰ প্ৰতিষ্ঠাপক সভাপতি তথা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত কালি দুপৰীয়া টিংখাং বিধান সভা সমষ্টিত উপস্থিত হৈ দলীয় নেতা কৰ্মীক সাক্ষাৎ কৰে। এশ এবুৰি সমস্যাৰে জৰ্জৰিত সমষ্টিটোৰ প্ৰধান টিংখাং গান্ধী ময়দান প্ৰাংগণৰ সমীপত দলীয় নেতা কৰ্মীৰে কিছু প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে সময়ৰ বাবে মিলিত হয়। ক্ষন্তেকৰ বাবে সমষ্টিটোলৈ অহা মুখ্যমন্ত্ৰী গৰাকীয়ে দলীয় নেতা কৰ্মীক সম্বোধন কৰি দিয়া চমু ভাষণত ঐক্যবদ্ধ হৈ অসম গণ পৰিষদক দলটোক আগবঢ়াই নিবলৈ আহ্বান জনায়। সমষ্টিটোৰ জ্যেষ্ঠ অসম গণ পৰিষদৰ নেতা তথা কেন্দ্ৰীয় সমিতি অন্যতম সদস্য সুবোধ কুমাৰ গগৈ, টিংখাং বিধান সভা সমষ্টি কমিটীৰ সভাপতি শিৱ সোণোৱাল, সাধাৰণ সম্পাদক মৃদুল গগৈ প্ৰমুখ্যে বহুসংখ্যক দলীয় নেতা কৰ্মীয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক ফুলাম গামোচাৰে আদৰণি জনায়। টিংখাঙলৈ অহা সময়ছোৱাত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক নাহৰকটীয়া বিধান সভা সমষ্টিৰ প্ৰাক্তন বিধায়ক কুসুম্বৰ টাইৰাই গগৈয়ে সংগ দিয়া দেখা যায়। উজনি অসম ভ্ৰমণৰত  প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ হঠাতে টিংখাঙত উপস্থিত হৈ দলীয় নেতা কৰ্মীৰে মিলিত হোৱাত ৰাজনৈতিক তাৎপৰ্যবহন কৰিছে। উল্লেখ্য যে জাতীয়তাবাদৰ ঘাটি হিচাপে পৰিচিত সমষ্টিটোৰ আসনখন বিগত বিধান সভা নিৰ্বাচনত অগপই মিত্ৰতাৰ সূত্ৰে ভাৰতীয় জনতা পাৰ্টিক এৰি দিছিল। বৰ্তমান ভাৰতীয় জনতা পাৰ্টিৰ দখলত থকা সমষ্টিটোত ‘কা’ বিৰোধী আন্দোলন তুংগত থকাৰ লগতে সমষ্টিটোৰ সামগ্ৰিকভাৱে অনগ্ৰসৰ আছে।

ৰজাঘৰীয়া ও পুৰাতত্ত্ব বিভাগৰ আওকাণ : লাকুৱাত ধ্বংসৰ গঢ়াহত ঐতিহাসিক আমলখি দেওশাল

গেলেকী :  ৬০০ বছৰীয়া আহোম ৰাজত্বকালৰ সোণালী স্বাক্ষ্যৰ বহন কৰি যোৱা এইখন অসমতেই আছে বুৰঞ্জীপ্ৰসিদ্ধ বহু মূল্যৱান ঐতিহাসিক সমলসমূহ। নাজিৰা মহকুমা অন্তৰ্গত লাকুৱাত আছে ঐতিহাসিক আমলখি দেওশাল। আহোম সকলৰ অন্যতম উপাস্য দেৱতাৰ আৰাধনাস্থলী হ’ল লাকুৱাৰ এই আমলখি দেওশাল। লাকুৱাৰ দিচাং নদীৰ কাষত অৱস্থিত এই দেওশালখনৰ মাটি ৰঙা আছিল বাবে দেওশালখন ৰঙাগড় আমলখি দেওশাল নামেৰেও জনাজাত বুলি লেছেৰি বুটলা বুৰঞ্জীত উল্লেখ আছে। এই দেওশালত প্ৰতিবাৰ বছৰৰ অন্তৰত অনুষ্ঠিত হৈ আহিছে আহোম সকলৰ অন্যতম ধৰ্মীয় কাৰ্য ওমফা পূজা। লোক বিশ্বাস অনুসৰি অতি জাগ্ৰত এই আমলখি দেওশালখন স্বৰ্গদেউ লক্ষ্মীসিংহৰ দিনত ঘনশ্যাম বুঢ়াঁগোহাঁইৰ তৎপৰতাত স্থাপন কৰা বুলি কোনো বুৰঞ্জীবিদে উল্লেখ কৰিছে। কিন্তু অতি পৰিতাপৰ কথা যে শিৱসাগৰ আৰু চৰাইদেউ জিলা অধীনৰ প্ৰায়বোৰ কৃতিচিহ্নৰ লগতে ঐতিহাসিক উক্ত দেওশালখন আজি পৰিত্যক্ত। সম্প্ৰতি ৰজাঘৰীয়া ও পুৰাতত্ত্ব বিভাগৰ অমনোযোগিতাৰ বাবেই আজি ধ্বংসৰ গৰাহত পৰিছে লাকুৱাৰ ঐতিহাসিক দেওশালখন। দিচাং নদীৰ গৰাখহনীয়াই দেওশালখনৰ বিস্তৰ ভূমি কিছু বছৰৰ পূৰ্বে ক্ষতিগ্ৰস্ত কৰাৰ লগতে বাঢ়নী পানীৰ তলত জাগ্ৰত দেওশালখন। বাৰিষা আহিলেই অহা-যোৱা কৰা পথ হেৰাই দেওশালখনৰ। বিভিন্ন সময়ত মন্ত্ৰী, বিধায়ক তথা স্থানীয় জনপ্ৰতিনিধিয়ে আমলখি দেওশালত উপস্থিত হৈ বিভিন্ন ধৰ্মীয় কাৰ্য পালন কৰি আহিছে। কিন্তু আজিলৈকে চৰকাৰে উন্নয়নৰ কোনো ধৰণৰ ব্যৱস্থা হাতত লোৱা নাই। যি সময়ত ৰাজ্য চৰকাৰে ধৰ্মীয় অনুষ্ঠানবোৰ সংৰক্ষণ, উন্নয়নৰ বাবে আঁচনি গ্ৰহণ কৰিছে। সেই সময়ত পুৰাতত্ত্ব বিভাগে লাকুৱাৰ আমলখি দেওশাল উন্নয়নত কোনো ধৰণৰ গুৰুত্ব নিদিয়াত ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।

পাঁচখন ৰাফেল যুদ্ধবিমানৰ সংযুক্তিকৰণত সমৃদ্ধ ভাৰতীয় বায়ুসেনা : পাঞ্জাৱৰ আম্বালাত অত্যাধুনিক যুদ্ধ বিমান অৱতৰণ

দৈনন্দিন বাৰ্তা ডেস্ক : পাঁচখন ৰাফেল যুদ্ধবিমানৰ সংযুক্তিকৰণত সমৃদ্ধ হ’ল ভাৰতীয় বায়ুসেনা৷ বুধবাৰে পাঞ্জাৱৰ আম্বালা বায়ুসেনাৰ বিমান বন্দৰত এই যুদ্ধ বিমানকেইখন অৱতৰণ কৰে৷ এই বিমানকেইখন বায়ুসেনাৰ ১৭ নং গ’ল্ডেন এৰোছ স্কোৱাড্ৰনত সংযুক্ত কৰা হ’ব৷ ফলত বায়ুসেনাৰ স্কোৱাড্ৰন শক্তি সংখ্যা বাঢ়ি ৩১ হ’লগৈ৷ আনহাতে ২০২২ চনৰ ভিতৰত বাকী ৰাফেল যুদ্ধ বিমানবোৰ পাবহি আৰু তেতিয়া তাৰ সংখ্যা ৩২ স্কোৱাড্ৰন হ’ব৷ আনহাতে অনুমোদিত স্কোৱাড্ৰনৰ শক্তি হ’ল ৪২৷ ষ্টেট-অফ-অাৰ্ট ৪.৫ জেনেৰেচন ৰাফেল জেট শব্দৰ দুগুণ গতিত উৰিব পাৰে৷ ইয়াৰ সৰ্বোচ্চ গতি ১.৮ মেক৷ ইয়াৰ বিভিন্ন ধৰণৰ সুযোগ সুবিধাবোৰৰ ভিতৰত আছে বৈদ্যুতিন অস্ত্ৰ সৰঞ্জাম, বায়ু প্ৰতিৰক্ষা, ভূমি সুৰক্ষা আৰু গভীৰতাত আক্ৰমণ কৰাৰ ব্যৱস্থা৷ উল্লেখ্য যে চীনৰ জে২ চিংডু জেটক পঞ্চম প্ৰজন্মৰ যুদ্ধ বিমান বুলি কোৱা হয়৷ আনহাতে ৰাফেল হ’ল ৪.‌৫ প্রজন্মৰ যুদ্ধবিমান। জে২তকৈ বেছি ইন্ধন আৰু অস্ত্ৰ কঢ়িয়াই নিব পাৰে ৰাফেলে৷ ইৰাক, ছিৰিয়া, লিবিয়া, আফগানিস্থানৰ দৰে দেশত যুদ্ধৰ সময়ত আমেৰিকাই এই যুদ্ধ বিমান ব্যৱহাৰ কৰিছে৷ প্ৰতিখন বিমানত অস্ত্ৰ মজুতৰ বাবে ১৪ টা স্থান আছে৷ আকাশৰ পৰা মিছাইল এৰিবলৈ সক্ষম ৰাফেল৷ মেক ৪ গতিত ১৯০ কিলোগ্ৰামৰ মিছাইল বিয়ণ্ড ভিচুৱেল ৰেঞ্জ বা বিভিআৰে ১০০ কিলোমিটাৰৰ অধিক দূৰত এৰিব পাৰে এই যুদ্ধ বিমানে৷ মন কৰিব লগা যে পাকিস্তানৰ এফ-১৬ যুদ্ধ বিমানে বিভিআৰ ৭৫ কিলোমিটাৰ পৰ্যন্ত যাব পাৰে৷

চীন, পাকিস্তানক সতৰ্ক কৰিলে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে

দৈনন্দিন বাৰ্তা ডেস্ক :পাঁচখন ৰাফেল যুদ্ধ বিমান বুধবাৰে ভাৰতৰ মাটিত অৱতৰণ কৰাৰ লগে লগে অধিক শক্তিশালী হৈ পৰিল ভাৰতীয় বায়ুসেনা৷ ৭০০০ কিলোমিটাৰ পথ অতিক্ৰম কৰি দিনৰ তিনি বজাত আম্বালাত এই যুদ্ধ বিমানকেইখন অৱতৰণে কৰে৷ ইপিনে ভাৰতৰ সীমান্ত সোমোৱাৰ লগে লগে এছক’ৰ্ট দি উৰাই আনিলে সুখই বিমানেৰে৷ পাঁচখন ফৰাচী ৰাফেল যুদ্ধবিমানক অভ্যৰ্থনা জনোৱাৰ বাবে আম্বালা বিমান বন্দৰত উপস্থিত আছিল বায়ুসেনাৰ প্ৰধান আৰ কে এছ ভাদৌৰিয়া৷ ৰাফেল যুদ্ধ বিমান অৱতৰণৰ পাছত ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আদৰণি জনাই চীন আৰু পাকিস্তানক সতৰ্ক কৰি দিয়ে৷ ভাৰতৰ সংহতিত ভাবুকিস্বৰূপ হৈ পৰা এই শক্তিবোৰৰ বিৰুদ্ধে ভাৰতীয় বায়ুসেনাই নতুন শক্তিৰে কাম কৰিব৷ কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে টুইটাৰত লিখে, নিৰাপদে আম্বালাত অৱতৰণ কৰিলে বিমানকেইখন৷ ৰাফেল যুদ্ধবিমান মাটিত স্পৰ্শ কৰাৰ লগে লগে ভাৰতৰ সামৰিক ইতিহাসত নতুন যুগৰ সূচনা হ’ল৷ বহুমুখী ক্ষমতাসম্পন্ন এই বিমানকেইখনে বায়ুসেনাৰ শক্তিত বৈপ্লৱিক পৰিৱৰ্তন ঘটাব৷ বিমানকেইখন নিৰাপদে অনাৰ বাবে ভাৰতীয় বায়ুসেনাকো তেওঁ অভিনন্দন জনায়৷ নিৰ্দ্ধাৰিত সময়ৰ ভিতৰত ভাৰতৰ হাতত বিমানকেইখন তুলি দিয়াৰ বাবে ফ্ৰান্স চৰকাৰ আৰু যুদ্ধবিমান নিৰ্মাণকাৰী কোম্পানী দাছল্টক ধন্যবাদ দিয়ে প্ৰতিৰক্ষা মন্ত্ৰীজনে৷ ৰাফেল কিনাৰ বাবে সকলো কৃতিত্ব প্ৰধানমন্ত্ৰী মোডীক দিয়ে ৰাজনাথ সিঙে৷ তেওঁ লিখে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বাবেই ৰাফেল যুদ্ধবিমান কিনাত সম্ভৱ হ’ল৷ দীৰ্ঘদিনৰ এই প্ৰক্ৰিয়াৰ পাছত ফ্ৰান্স চৰকাৰৰ সৈতে আলোচনা কৰি তেওঁৱেই ৰাফেল কিনাৰ সিদ্ধান্ত লয়৷ এই সাহসিকতা আৰু তাৎক্ষণিক সিদ্ধান্তৰ বাবে মই তেওঁক ধন্যবাদ জনাইছো৷ আনহাতে বুধবাৰে ৰাফেল যুদ্ধবিমান আম্বালাত অৱতৰণৰ সময়ত নিশ্চিদ্ৰ নিৰাপত্তাৰ ব্যৱস্থা কৰা হয়৷ বিমান বন্দৰৰ সংলগ্ন গাঁও ধুলকোট, বলদেৱনগৰ, গাৰনালা আৰু পঞ্জখোৰাত ১৪৪ ধাৰা জাৰি কৰা হয়৷ কোনো ধৰণৰ ছবি তোলা, ভিডিঅ’ কৰা নিষিদ্ধ কৰা হৈছে৷ বিমান বন্দৰৰ ৩ কিলোমিটাৰ পৰিধিত কোনেও ব্যক্তিগত ড্ৰোন আকাশত উৰুৱাব নোৱাৰিব৷