Home Blog Page 3322

তেল চোৰ দিনানাথ শ্বাহৰ ছ’নি পেট্ৰ কেমিকেল ইন্দ্ৰাষ্টি ত চি আই ডি ৰ অভিযান : ১৭ খন টেংকাৰ জব্দ : পাঁচ জনক আটক

বোকাজান  :  

দুৰ্নীতি মুক্ত অসম গঢ়াৰ সংকল্প লোৱা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰে শাসন ভাৰ লৈয়ে ৰাজ্যেৰ পৰা অবৈধ অৰুণাচল সুৰাৰ ছিণ্ডিকেট সমূলঞ্চ উৎখ্যাতৰ লক্ষ্যৰে ২০১৬ চনৰ  ১০ ডিচেম্বৰত কাৰ্বিআংলং জিলাত ৰাজ্যেৰ দুৰ্নীতি নিবাৰক আৰু অপৰাধ অনুসন্ধান শাখাই বৃহৎ অভিযান চলাইছিল । সেই অভিযানত জিলাখনৰ বোকাজান মহকুমাৰ খটখতিত কেইবাটাও অবৈধ অৰুণাচলি সুৰাৰ গুদামৰ পৰা  কেইবাকোটি টকাৰ ১১ ট্ৰাক ত কৈ অধিক সুৰা জব্দ কৰি গুৱাহাটীলৈ নি  ধ্বংস কৰিছিল ।সেই সময়ত ৰাজ্য চৰকাৰে জিলা খনৰ পৰা বহু চৰ্চিত অবৈধ চোৰাং তেলৰ সাম্ৰাজ্যতো হাতোৰাৰ কোব মাৰিব বুলি চৰ্চিত হৈছিল যদিও কোনো ৰহস্য জনক কাৰণত হাৰি গৈছিল অবৈধ তেলৰ ঘাটি সমূহ । কাৰ্বিআংলং জিলাত দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাই অবৈধ সুৰা ছিণ্ডিকেট বন্ধ কৰাৰ পৰৱৰ্তী সময়ত জিলা খনৰ বোকাজান মহকুমাৰ খটখতিত ৰাজ্য চৰকাৰ তথা জিলা প্ৰশাসনৰ চকুত ধূলি দি দিনানাথ শ্বাহ নামৰ বিহাৰ নিবাসী কোটিপতি ব্যৱসায়ী জনে তেওঁ ছানি পেট্ৰ কেমিকেল ইন্দ্ৰাষ্টি নামৰ থিনাৰ প্ৰস্তুত কৰা কাৰখানা তোৰ আঁৰ লৈ গঢ়ি তুলিছিল চোৰাং তেলৰ বিশাল সাম্ৰাজ্য । মঙ্গলবাৰে এই ছানি পেট্ৰ’ কেমিকেল ইন্দ্ৰাষ্টি ত গুৱাহাটীৰ পৰা অহা এটা সাতজনীয়া চি আই ডি দলে অতকিৰ্তে অভিযান চলাই দিনানাথ শ্বাহৰ কাৰখানাৰ বহু নথি পত্ৰ জব্দ কৰি নিয়াৰ লগতে সাত জন লোকক আটক কৰি গুৱাহাটীলৈ নিয়ে । ইয়াৰে বাবলো নামৰ এজন যুৱক দিনানাথৰ মেনেজাৰ বুলি জানিব পৰা গৈছে ।জানিব পৰা মতে দিনানাথৰ নিজৰ কেইবাখনো তেল পৰিবাহী ট্ৰেংকাৰ আছে আৰু এইসমূহ ট্ৰেংকাৰ ছানি পেট্ৰ কেমিকেলৰ বৃহৎ তলা বন্ধ চৌহদত ৰখাৰ লগতে আন একাংশ ট্ৰেংকাৰ খটখতি বজাৰ অঞ্চলত ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত দিনানাথ ৰ নামত থকা অবৈধ ট্ৰাক পাৰ্কিং টোত ৰখোৱা হয় । এই পাৰ্কিংটোত দিনানাথৰ টেংকাৰৰ লগতে মণিপুৰলৈ যাব লগীয়া অন্য ব্যক্তিৰো তেল পৰিবাহী টেংকাৰ সমূহ দুদিন তিনিদিন লৈকে ৰখাই থোৱা হয়। তেনে সময়তে দিনানাথ বাহিনীয়ে পত্যক খন টেংকাৰ গৰাকীক মেনেজ কৰি তাৰ পৰা তেল উলিয়াই খাৰুৱা তেলৰ এক চোৰাং  বজাৰ গঢ়ি তোলে খটখতিত । ইয়াৰ উপৰিও দিনানাথে তেওঁ ছানি পেট্ৰ কেমিকেল ইন্দ্ৰাষ্টিত নিজৰ তেল পৰিবাহী টেংকাৰ সমূহৰ পৰা অবৈধ ভাৱে তেল কাটি ৰাখি তাত নিজৰ কাৰখানা ত থিনাৰ প্ৰস্তুত কৰিবলৈ অনা জিৰ’ অইল মিশ্ৰণ কৰি এইসমূহ তেল  মণিপুৰৰ লগতে বৰ্হিৰাজ্যলৈ প্ৰেৰণ কৰি আহিছে । মঙ্গলবাৰে গুৱাহাটীৰ পৰা অহা চি আই ডি দলে গোপন খবৰৰ ভিত্তিত কাৰ্বিআংলং জিলা আৰক্ষী ক অৱগত নকৰাকৈ হঠাৎ দিনানাথৰ কলা সাম্ৰাজ্যেত অভিযান চলাই । এই অভিযানত সাত জনক আটক কৰাৰ লগতে মুঠ ১৭ খনকৈ টেংকাৰ আৰক্ষীয়ে জব্দ কৰে । তাৰে পাঁচ খনকৈ টেংকাৰ চি আই ডি দলটোৱে লগত গুৱাহাটীলৈ লৈ যায় বুলি জানিব পৰা গৈছে । চি আই ডি দলটোৱে দিনানাথৰ ৰাষ্ট্ৰীয় ঘাই পথৰ কাষত থকা অবৈধ পাৰ্কিংটো ছিল কৰি দিয়ে । উল্লেখযোগ্য যে পুৰ্বেও তেল চুৰি ঘটনাত জড়িত থকাৰ অভিযোগত দিনানাথৰ ৰঙিয়া থানাত গোচৰ ৰুজু হৈ আছে আৰু এই গোচৰতে ৰঙা ঘৰৰ আলহী হৈ জেলৰ ভাত খাবলগীয়া হৈছিল তেল চুৰটোৱে । ইমানৰ পাছতো দীৰ্ঘদিন ধৰি আৰক্ষী প্ৰশাসনৰ চকুত ধূলি দি চোৰাং তেলৰ ব্যৱসায় চলাই থকা দিনানাথ শ্বাহক অসম আৰক্ষীয়ে আচাৰ্যজনক ভাৱে কিছুদিন পূৰ্বে চাৰিজন কৈ দেহ ৰক্ষী প্ৰদান কৰাৰ ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিছে । অসম আৰক্ষীৰ চি আই ডি বিভাগৰ অধিক তদন্তই পৰৱৰ্ত্তী সময়ত দীনানাথৰ চোৰাং তেলৰ কলা ব্যৱসায় পোহৰলৈ আনিবলৈ কিমানদূৰ সক্ষম হব সেইয়া সময়ত লক্ষণীয় হব ।

পুনৰ ১১ জনৰ শৰীৰত ক’ভিড-১৯ ৰ উপস্থিতি খাৰুপেটীয়াত ।

দলগাও

দৰঙতো দ্ৰুত হাৰত বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা । বুধবাৰৰ দিনটোত ছিপাঝাৰ সামূহিক স্বাস্থ্য কেন্দ্ৰত আছুতীয়া কক্ষত থকা দুজন আৰু খাৰুপেটীয়া মহাবিদ্যালয়ৰ কোৱাৰান্টাইন  চেন্টাৰত থকা  ১১ জন লোকৰ শৰীৰত ক’ভিড-১৯ ৰ উপস্থিতি ধৰা পৰে । এই ১৩ জন লোককে মঙলদৈ অসামৰিক চিকিৎসালয়ৰ আছুতীয়া কক্ষত ৰখাৰ ব্যৱস্থা কৰা হৈছে । নতুনকৈ আক্ৰান্ত হোৱা ১৩ জন লোককে ধৰি মঙলদৈ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা ক’ভিড আক্ৰান্তৰ সংখ্যা ২০ জনলৈ বৃদ্ধি পালে । বুধবাৰে আক্ৰান্ত হোৱা ১৩ জন ব্যক্তি হ’ল – লালপুল নদীকাষৰ আমিন আলি (২০) আৰু ফোৰচেদ আলম (২২), খিলাধাৰীৰ আচিবুৰ ৰহমান (২৩), ৩ নং চিকণমাটিৰ বাৰেক আলি (২৮), কেগৰাপুল্লীৰ লোকমান হাকিম (২০), নদীকাষৰ নাজিম আলি(১৯), বুৰীগাঁৱৰ চাজিকুল হক(২২), ৩ নং ধলপুৰৰ আব্দুল জব্বৰ (১৭), শান্তিপুখুৰীৰ হিমাংশু চৰৱান(২৯), মোৱামাৰীৰ আবুল হুছেইন  (২১), ৩ নং আৰিমাৰীৰ ৰফিকুল ইছলাম  (৪০), ৪ নং শিয়ালমাৰীৰ হানিফ আলী  (২১) আৰু বৰগুলীৰ চাহিদুল হক (১৯)। ইয়াৰে আমিন আলী আৰু ফোৰচেদ আলম ছিপাঝাৰ সামূহিক স্বাস্থ্য কেন্দ্ৰৰ আছুতীয়া কক্ষত আছিল আৰু পূৰ্বৰ ক’ভিড আক্ৰান্ত নিজামুদ্দিন আলীৰ লগত প্ৰত্যক্ষভাৱে সংস্পৰ্শত অহা। আনহাতে আন ১১জন খাৰুপেটীয়া মহাবিদ্যালয়ৰ কোৱাৰেণ্টাইন চেণ্টাৰত আছিল আৰু তেওঁলোক পূৰ্বৰ ক’ভিড আক্ৰান্ত ছিকন্দৰ আলী, শ্বেখ ফৰিদ আৰু নজৰুল ইছলামৰ লগত  প্ৰত্যক্ষ সংস্পৰ্শত আহিছিল।

গুৱাহাটীৰ মাজমজিয়াত দিন-দুপৰতে বাইক চুৰি

গুৱাহাটীৰ বেলতলাত দিন-দুপৰতে বাইক চুৰি

গুৱাহাটী

আজি দিনৰ প্ৰায় ১ বজাত গুৱাহাটীৰ বেলতলাৰ ড° ভৱেন্দ্ৰ নাথ শইকীয়া পথৰ পৰা এখন নীলা পালছাৰ বাইক, দুজন যুৱকে চুৰি কৰি লৈ যায়। এই সমগ্ৰ দৃশ্য চি.চি. কেমেৰাত ইতিমধ্যে বন্দী হৈছে। চি.চি টিভিত দেখা গৈছে যে অতি কৌশলেৰে দুজন যুৱকে বাইকখন চুৰি কৰি লৈ যায়। এই সন্দৰ্ভত বাইকখনৰ গৰাকী মোচাদ্দিক হুছেইনে জনায় যে দিনৰ প্ৰায় ১২-৪৫ বজাত তেওঁ অফিচিয়েল কিছু কামৰ বাবে সেই পথৰ সমীপতে তেওঁৰ AS-01-DB8748 বাইকখন ৰখায় মানুহ এজন লগ ধৰিব যায়। প্ৰায় আধাঘন্টা মানৰ ব্যৱধানত তেওঁ উপস্থিত হৈ আহি দেখে যে নিৰ্দিষ্ট স্থানত বাইকখন নেদেখি আচৰিত হৈ পৰে। অৱশ্যে তেওঁ বেছি ব্যাকুল নহৈ ততালিকে বেলতলা আৰক্ষীক খবৰ দিয়াৰ লগতে তাত এটি গোচৰো ৰুজু কৰে। পুলিছে ইতিমধ্যে তদন্ত আৰম্ভ কৰি চি.চি টিভিত বন্দী সমগ্ৰ দৃশ্য অতি সোনকালেই উলিয়াবলৈ সক্ষম হয়।

চাহ শ্ৰমিকৰ নায‍্য প্ৰাপ্তিৰ দাবী আটছাৰ : অসম চাহ নিগমৰ অধীনস্থ বাগিচাসমূহৰ দুৰৱস্থা, চৰকাৰৰ নাই কাণসাৰ ।

অসম চাহ নিগমৰ অধীনস্থ বাগিচাসমূহৰ দুৰৱস্থা, চৰকাৰৰ নাই কাণসাৰ

কলিয়াবৰ : 

কলিয়াবৰ মহকুমাৰ ডিজু ভেলী চাহ বাগিচা চিকিৎসালয়ৰ দুৰৱস্থা। বাগিচাৰ চিকিৎসালয়খনত নাই চিকিৎসক, চিকিৎসাকৰ্মী, নাই পৰ্য‍্যাপ্ত ঔষধ। বছৰ-বছৰ ধৰি অসম চাহ নিগমৰ ডিজু ভেলী চাহ বাগিচাৰ কৰ্তৃপক্ষৰ আওকণীয়া মনোভাৱৰ বাবে দুখীয়া দৰিদ্ৰ চাহ শ্ৰমিককসকলে নাপায় সু-চিকিৎসা। চাহ শ্ৰমিকসকলৰ আহ্বান-গোঁহাৰিক তিল মাত্ৰও গুৰুত্ব নিদিয়া বাগিচা চিকিৎসালয় পৰিদৰ্শন কৰে নগাঁও জিলা চাহ জনজাতি ছাত্ৰ সন্থাৰ এক প্ৰতিনিধি দলে। পৰিদৰ্শন কালত চিকিৎসক, চিকিৎসাকৰ্মীৰ অনুপস্থিতি আৰু পৰ্যাপ্ত ঔষধ নথকা চিকিৎসালয়খন পৰিদৰ্শন কৰি আশ্চৰ্য‍্য প্ৰকান কৰে দলটোৱে। দলটোল প্ৰতিনিধিয়ে চাহ শ্ৰমিককসলক পৰ্য‍্যাপ্ত চিকিৎসা সেৱা আগবঢ়াবলৈ বাগিচা কৰ্তৃপক্ষক দাবী জনোৱাৰ লগতে চৰকাৰকো বিষয়টো প্ৰতি গুৰুত্ব দিবলৈ আহ্বান জনায়।আনহাতে, ভাজপা চৰকাৰখনে পূৰ্বৰ প্ৰতিশ্ৰুতি পূৰণ নকৰি অসমৰ আদিবাসী লোকক চৰম প্ৰতাৰণা কৰিছে বুলি ক্ষোভ প্ৰকাশ কৰে ছাত্ৰ সংগঠনটোৱে।জানিব পৰা অভিযোগ মতে বহু  বছৰ পূৰ্বৰ পৰা বাগিছা কৰ্তৃপক্ষই ভৱিষ‍্যনিধি আৰু অৱসৰকালিন অনান‍্য সা-সুবিধাৰ বাবে মজুৰীৰ পৰা সংগ্ৰহ কৰা ধন দুখীয়া বৃদ্ধ বিধৱা শ্রমিক সকলে পাবলগীয়া ধন মুকলি কৰি দিয়া নাই। এই সম্পুৰ্ণ ধনৰাশি মুকলি কৰি দিয়াৰ দুবছৰৰ আগতেই প্ৰতিশ্ৰুতি দিছিল যদিও আজি পৰ্য‍্যন্ত এটকাও নাপালে অসৱসৰ লোৱা শ্ৰমিকসকলে। নিৰ্বাচনৰ প্ৰাকমুহতত ভাজপা চৰকাৰখনে অসমৰ চাহ উদ্যোগিক ক্ষেত্ৰখনৰ উন্নতিকল্পে গুৰুত্বপুৰ্ণ ভুমিকা লব বুলি দিয়া প্ৰতিশ্ৰুতিৰ ওলোটা ছবি এখনখনহে অতিকৈ চকুত পৰিছে। অসম চাহ নিগম অধিনস্থ বাগিচাসমূহৰ কেইবাটাও কলঘৰ জহি-খহি গৈছে যদিও এই কলঘৰসমূহ পুণৰ নিৰ্মাণত কোনো গুৰুত্ব নিদিলে চৰকাৰখনত। গতিকে অসম চৰকাৰৰ উদোগ মন্ত্ৰী মাননীয় শ্রীচন্দ্ৰমোহন পাটোৱাৰী আৰু বিত্ত আৰু স্বাস্থ্য মন্ত্ৰী মাননীয় শ্রীহিমন্ত বিশ্ব শৰ্মাক অসম চাহ নিগম অধীনস্থ বাগিচাৰ সমস্যা সমাধানৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে ছাত্ৰ সংগঠনটোৱে।বিশেষ সুত্ৰে জানিব পৰা মতে যোধা ২ মে’ তাৰিখে ৰাজু তাচা নামৰ এজন ব‍্যক্তিক অসাংবিধানিকৰূপে ডিজু ভেলী চাহ বাগিচাৰ কাৰ্য্যালয়ত ভৱিষ‍্য নিধিৰ কামত নিযুক্তি দিয়ে। বাগিচাখনৰ পৰিচালকে নিয়ম বহিৰ্ভূতভাৱে কোনো ন‍্যস্ত স্বাৰ্থ জড়িত মহলৰ হেঁচাত ৰাজু তাচা নিযুক্তি দিছে বুলি অভিযোগ কৰে সদৌ অসম আদিবাস ছাত্ৰ সন্থাই‌।

দৰঙত কভি’ড আক্ৰান্ত ৰোগী ২৬ জনলৈ বৃদ্ধি পালে ৷

দৰঙৰ ছিপাঝাৰ প্ৰথমিক স্বাস্থ্যকেন্দ্ৰত কোৱাৰেইন্টাইনত থকা দুগৰাকী লোক কোভিদ-১৯ ত আক্ৰান্ত ৷

দৰঙৰ পৰা জয়দেৱ ডেকা ৷

দৰঙৰ ছিপাঝাৰ প্ৰথমিক স্বাস্থ্যকেন্দ্ৰত কোৱাৰেইন্টাইনত থকা দুগৰাকী লোক কোভিদ-১৯ ত আক্ৰান্ত ৷ যোৱা  ২৮ মে’ তাৰিখে সৰু সজাই কোৱাৰেন্টাইন কেন্দ্ৰৰ পৰা পলাই অহা কোভিদ আক্ৰান্ত দৰঙৰ বেচিমাৰীৰ নিজামুদ্দিনৰ লগত জালুকবাৰীৰ পৰা এ এচ ০১-এইচ চি -৮৭২৭ নম্বৰৰ  চুইফট ডিজায়াৰ খনত খাৰুপেটীয়াৰ কোভি’ড আক্ৰান্ত আমিন আলি আৰু ফৰচিদ আলি নামৰ লোক দুজন দৰঙলৈ আহিছিল ৷ দৰং আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি গাড়ীসহ আটাইকেইজনকে আটক কৰি নিজামুদ্দিনক মঙ্গলদৈ অসামৰিক চিকিৎসালয়লৈ নিয়াৰ বিপৰীতে এই লোক দুজনক ছিপাঝাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত কোৱাৰেইন্টাইনত ৰখাৰ মাজতে শ্বোৱাব আৰু তেজৰ নমূনা পৰীক্ষাৰ ফলাফলত আজি আমিন আৰু ফৰচিদ কোভি’ড আক্ৰান্ত বুলি ধৰা পৰে ৷ দৰঙত এই পৰ্যন্ত ২৬ গৰাকী লোক আক্ৰান্ত হৈছে কোভি’ড ৰোগত ৷

নাজিৰাত ভাৰতীয় ৰাষ্ট্ৰীয় মজদুৰ কংগ্ৰেছৰ সংবাদমেল । তৈলক্ষেত্ৰ পুজিপতি গোষ্ঠীক গতোৱা , সংবিধান প্ৰদত্ত শ্ৰম আইন সংশোধন আৰু শ্ৰমিক বিৰোধী নীতিৰ তীব্র বিৰোধিতা : ব্যাপক গণ আন্দোলনৰ হুংকাৰ নাজিৰা ।

নাজিৰাত ভাৰতীয় ৰাষ্ট্ৰীয় মজদুৰ কংগ্ৰেছৰ সংবাদমেল

নাজিৰা

 ” ভাৰতবৰ্ষৰ পৰিবৰ্তন আৰু বিকাশৰ শ্ল’গান আওৰাই দিল্লী আৰু দিছপুৰৰ শাসনৰ গাদীত বহা বি জে পি নেৰ্তৃত্বাধীন চৰকাৰে পৰিবৰ্তনৰ নামত দেশৰ সুৰক্ষা আৰু বিকাশৰ বাবে গ্ৰহণ কৰা কাৰ্যই শ্ৰমিক — কৃষক তথা জসাধাৰণক আতংকিত কৰি তুলিছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পূৰ্বৰ চৰকাৰে ৬০ বছৰত কৰিব নোৱাৰা কাম ৬০ মাহতে কৰাৰ প্ৰতিশ্ৰুতি দি শাসন ভাৰলৈ ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ বিশ্ব বৰেণ্য নেতা মহামানৱ মহাত্মা গান্ধীৰ সপোনৰ ৰামৰাজ্য আৰু জনসাধাৰণৰ আশা আকাংক্ষা পূৰণৰ মূল মন্ত্ৰৰে , বিজ্ঞান প্ৰযুক্তি প্ৰয়োগৰ কথা কোৱাৰ বিপৰীতে সম্পূৰ্ণ আধ্যাত্মিক চিন্তাৰে শাসন ব্যৱস্থা প্ৰৱৰ্তনৰ চমক সৃষ্টিৰে ইতিহাস ৰচনা কৰিছে । ” আজি বিয়লি নাজিৰা অসম চাহ কৰ্মচাৰী সংঘৰ কাৰ্যালয়ত আয়োজন কৰা এখন সংবাদমেলত বৰ্তমানৰ চৰকাৰৰ বিষয়ে সমালোচনা কৰে ভাৰতীয় ৰাষ্ট্ৰীয় মজদুৰ কংগ্ৰেছৰ শিৱসাগৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক পূৰ্ণ কান্ত বুঢ়াগোহাঁয়ে । তেখেতে লগতে কয় যে , স্বাধীন দেশৰ জাতীয় অৰ্থনীতি সুদৃঢ় কৰাৰ বাবে দেশ বিদেশৰ বিনিয়োগকাৰীক আদৰিবলৈ ৰাজভড়ালৰ জমা ধনৰ সৰাধ পাতি , বৰ্তমান কৰ’না ভাইৰাছৰ ভয়াবহ পৰিস্থিতিত জনসাধাৰণক স্বদেশী আৰু স্বনীৰ্ভৰশীল হ’বলৈ উপদেশ দিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেৰ্তৃত্বাধীন চৰকাৰে ভাৰতবৰ্ষৰ ৪৯ খন তৈলক্ষত্ৰৰ লগতে অ’ এন জি চি অসম সম্পদৰো ৮ খনকৈ তৈলক্ষেত্ৰ পুজিপতি কোম্পানীক গতাই দিয়াৰ সিদ্ধান্ত কোনো কাৰণতে মানি লোৱা নহ’ব । এনে সিদ্ধান্ত ষড়যন্ত্ৰ মূলক আৰু স্বেচ্ছাচাৰী সিদ্ধান্ত বুলি অভিহিত কৰি আই এন টি ইউ চিৰ জিলা সাধাৰণ সম্পাদকজনে এনে সিদ্ধান্ত শীৰ্ঘ্ৰে প্ৰত্যাহাৰৰ দাবী জনাই লগতে কয় , ভাৰতবৰ্ষৰ স্বাধীনতাৰ পাছত জাতীয় অৰ্থনীতি সুৰক্ষা আৰু বিকাশৰ বাবে কৃষি আৰু আনুসংগিক উদ্যোগিকৰণ , প্ৰকৃতি প্ৰদত্ত সম্পদৰ ভিত্তিত শিল্প – উদ্যোগ স্থাপন , বেংক , বীমা আদি সকলো দিশতে ৰাষ্ট্ৰীয় ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়াৰ উপৰিও ব্যক্তিগত ক্ষত্ৰটো কিছু শিল্পী উদ্যোগ প্ৰতিষ্ঠাৰ যোগেদি মিশ্ৰিত অৰ্থনীতিৰ এক পৰিকল্পিত কৰ্ম আচনিৰে দেশৰ শাসন ব্যৱস্থা পৰিচালনা কৰা হৈছিল । গণতান্ত্ৰিক ভাৱে নিৰ্বাচিত চৰকাৰ এখনৰ , শাসক – বিৰোধী উভয় পক্ষৰে , ক্ষমতা সৰ্বচ্চ চিন্তা চৰ্চাৰ বাবে দেশৰ পৰিকল্পিত ব্যৱস্থাক সংকটাপূৰ্ণ কৰি এনে সংকট নিৰ্মূল কৰিবলৈ বৰ্তমানৰ চৰকাৰে একখ তথা স্বেচ্ছাচাৰী ভাৱে গ্ৰহণ কৰা সিদ্ধান্ত সমূহে দেশখনক পুনৰ পুজিপতি শ্ৰেণীৰ হাতত গতাই দি গণতান্ত্ৰিক ব্যৱস্থাক ব্যাহত কৰিব বিচাৰিছে । এই ষড়যন্ত্ৰৰ অংশ স্বৰূপে প্ৰতিৰক্ষা , বৈদেশিক পৰিক্ৰমা আৰু অৰ্থনীতৰ আনুসংগিক গুৰুত্বপূৰ্ণ বিষয় সমূহত ব্যক্তিগত তথা বৈদেশিক বিনিয়োগ আছে প্ৰকৃতি প্ৰদত্ত ৰাষ্ট্ৰীয় সম্পদসমূহ  ব্যক্তিগত পুজিপতি শ্ৰমিক গতাই দিবলৈ জনসাধাৰণে বি জে পি নেৰ্তৃত্বাধীন চৰকাৰক দিল্লী আৰু দিছপুৰৰ শাসন ক্ষমতা দিয়া নাই । এনে পৰিস্থিতিত অ’ এন জি চি অসম সম্পদৰ অধীনস্থ তৈলক্ষেত্ৰ সমূহ ব্যক্তিগত কোম্পানীক গতাই দিয়া কাৰ্য কোনো কাৰণতে অসমৰ জনসাধাৰণে মানি ল’ব নোৱাৰে । বি জে পি য়ে ব্যক্তিগত কোম্পানীৰ লগত গোপন বুজাবুজি কৰি অ’ এন জি চি অসম সম্পদক ইয়াৰ পৰা বিতাৰণ কৰি অসমৰ পনীয়াসোণ সদৃশ খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছ লুণ্ঠন কৰিব বিছৰা কাৰ্যৰ প্ৰতীবাদত ধাৰাবাহিক ভাৱে প্ৰতিৰোধ সংগ্ৰাম গঢ়ি তুলিব বুলি সংবাদ মেল যোগে আই এন টি ইউ চিয়ে সকীয়াই দিয়ে । অসম চাহ কৰ্মচাৰী সংঘৰ নাজিৰা শাখাৰ সাধাৰণ সম্পাদক চিন্ময় বড়া , প্ৰনৱ ৰাজকটকী আদিয়ে অংশগ্ৰহণ কৰা সংবাদ মেলত লগতে প্ৰকাশ কৰে যে , শ্ৰমিক কৃষকৰ সংবিধান প্ৰদত্ত আইন ব্যাপক সংশোধনৰ নামত বি জে পি চৰকাৰখনে পুজিপতি মালিক পক্ষক সকাহ দিব বিচাৰিছে । নিজৰ পৰিশ্ৰমেৰে দেশৰ অৰ্থনীতি লৈ বিপুল বৰঙনি আগবঢ়োৱা ৮৫ শতাংশ শ্ৰমিক কৃষকৰ পৰিৱৰ্তে নগণ্য পুজিপতি শ্ৰেণীৰ স্বাৰ্থতহে শ্ৰম আইন সংশোধন কৰা কাৰ্যৰ প্ৰতিবাদতো ভাৰতীয় ৰাষ্ট্ৰীয় মজদুৰ কংগ্ৰেছে সমগ্ৰ দেশতে ট্ৰেড ইউনিয়ন সমূহৰ যৌথ মঞ্চই এলানি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা বুলি সদৰি কৰি পূৰ্ণ কান্ত বুঢ়াগোহাঁয়ে সংবাদ মেলত লগতে কয় , আন্তৰ্জাতিক শ্ৰম সংস্থাৰ শ্ৰম সংগঠন কৰাৰ অধিকাৰ আৰু কৰ্তৃপক্ষৰ লগত , ন্যায় সংগত দাবী দাৱা কৰা অধিকাৰ এই দুয়োটা মূল নিৰ্দেশনাকে নি: শেষ কৰিব বিচাৰিছে । আনহাতে ইতিহাস প্ৰসিদ্ধ গণতান্ত্ৰিক শ্ৰম আন্দোলনৰ ফলত বিশ্বৰ সকলো দেশতে শ্ৰমিকৰ কামৰ সময় নিৰ্ধাৰিত ৮ ঘণ্টাৰ পৰিৱৰ্তে ১২ ঘণ্টা কৰিবলৈ লোৱা কাৰ্য শ্ৰমিক আইনক অৱমাননা কৰিব বিচাৰিছে । গতিকে এনে জনবিৰোধী নীতিৰ বিৰুদ্ধে আই এন টি ইউ চিয়ে তীব্ৰ গণ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ’ব বুলি সংবাদমেল যোগে শাসক — চৰকাৰক সকীয়াই দিয়ে ।

ঢকুৱাখনা মাজ জালভাৰীত সমবায় এজেণ্টৰ চাউল কেলেংকাৰী ।

বঞ্চিত বহু প্ৰকৃত হিতাধিকাৰী : চাকৰিয়াল, পেঞ্চনাৰ আৰু কিছুমান ভুৱা হিতাধিকাৰীক চাউল বিতৰণ কৰা দেখুৱাই দূৰ্নীতি

ঢকুৱাখনা

ঢকুৱাখনা মাজ জালভাৰী সমবায় এজেণ্টৰ বিৰুদ্ধে প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰি ভুৱা হিতাধিকাৰীৰ নামত চাউল বিতৰণৰ অভিযোগ উত্থাপিত হৈছে। উল্লেখযোগ্য যে ঢকুৱাখনা মাজ জালভাৰী গাঁৱৰ অনন্ত শইকীয়া নামৰ এজেণ্ট জনে বহু বছৰ ধৰি সমবায় চাকৰিয়াল, পেঞ্চনাৰ আৰু কিছুমান ভুৱা হিতাধিকাৰীক চাউল বিতৰণ কৰা দেখুৱাই দূৰ্নীতি কৰি আহিছিল।এই কথা পোহৰলৈ অহাৰ পিছত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে।অভিযোগ অনুসৰি ল’ক ডাউনৰ সময়ত চৰকাৰে ৰেচন কাৰ্ড নথকা দুখীয়া লোকক চাউল আৰু এহেজাৰ টকা কৈ বিতৰণ কৰা সময়ত বঞ্চিত হয় বহুতো প্ৰকৃত হিতাধিকাৰী ।
তেওঁলোকে ঢকুৱাখনাৰ মহকুমাধিপতি আৰু যোগান বিভাগত খবৰ কৰাত ওলাই পৰে জোলোঙাৰ মেকুৰী । সমবায় এজেণ্ট অনন্ত শইকীয়াই ইমান দিনে প্ৰকৃত হিতাধিকাৰীৰ বিপৰীতে ভুৱা হিতাধিকাৰীৰ নামত চাউল সংগ্ৰহ কৰি চোৰাংকৈ বিক্ৰী কৰি আহিছিল । আনকি ধূৰন্ধৰ এই এজেণ্ট জনে নিজ পত্নী ৰুণু শইকীয়াৰ নামতে ‘মুখ্যমন্ত্ৰী অন্ন সুৰক্ষা’ আৰু ‘দৰিদ্ৰ সীমাৰেখা তলৰ’ দুখনকৈ কাৰ্ড বনাই চাউল সংগ্ৰহ কৰাৰ তথ্য পোহৰলৈ আহে।ইয়াৰোপৰি এজেণ্ট অনন্ত শইকীয়াৰ পত্নীৰ সম্পৰ্কীয় চাকৰিয়াল কেইবাটাও পৰিয়ালক দৰিদ্ৰ সীমাৰেখাৰ তলৰ দেখুৱাই চাউল বিতৰণ কৰাৰ তথ্য পোহৰলৈ আহিছে । ইপিনে এজেণ্ট অনন্ত শইকীয়াৰ কৃষক ভাতৃক এই সুবিধাৰ বঞ্চিত কৰি ৰখাৰ ভয়ঙ্কৰ তথ্যও পোহৰলৈ আহিছে ।এই লৈ বঞ্চিত হিতাধিকাৰী সকলে ঢকুৱাখনা মহকুমাধিপতি আৰু যোগান বিভাগত অভিযোগ দাখিল কৰিছে যদিও কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভিত হৈ পৰিছে ।সেয়েহে গাঁওবাসীয়ে এই বিষয়ত এক উচিত তদন্ত কৰি দোষীক উপযুক্ত শাস্তি প্ৰদানৰ দাবী জনাইছে ।

হোজাইত কোৱাৰেণ্টাইনৰ ভয়ত চলন্ত ৰেʼলৰ চেইন টানি পলোৱাৰ চেষ্টা ৫৬ জন যাত্ৰীৰ।

মুম্বাইৰ পৰা ডিব্ৰুগড়লৈ যাত্ৰী কঢ়িয়াই অনা যাত্ৰীবাহী ৰেলৰ চেইন টানি পলায়নৰ চেষ্টা হোজাই জিলাৰ বহু যাত্রীৰ।

হোজাই

 মুম্বাইৰ পৰা ডিব্ৰুগড়লৈ যাত্ৰী কঢ়িয়াই অনা যাত্ৰীবাহী ৰেলৰ চেইন টানি পলায়নৰ চেষ্টা হোজাই জিলাৰ বহু যাত্রীৰ।নিশা দুই বজাত হোজাই ৰে’ল ষ্টেচন পাৰ হোৱাৰ কিছু মূহুৰ্তৰ পাছতেই হঠাৎ ৰেলখনৰ চেইন টানি পলায়নৰ চেষ্টা চলাইছিল হোজাই জিলাৰ বহু যাত্রীয়ে। পলায়নৰ চেষ্টা চলোৱা যাত্ৰী সকলৰ ভিতৰত ৫৬ জনক হোজাই CRF আৰু আৰক্ষীয়ে লগে লগে ধৰিবলৈ সক্ষম হয় । তাৰে ভিতৰত মোৰাঝাৰৰ থানাৰ অন্তৰ্গত ৩১ জন, লংকা থানাৰ অন্তৰ্গত ১৬ জন, যমুনামুখ থানাৰ অন্তৰ্গত ২ জন, হোজাই থানাৰ অন্তৰ্গত ২ জন, ডবকা থানাৰ অন্তৰ্গত ৪ জন আৰু খেৰনী কাৰ্বি আংলঙৰ ১ জন যাত্ৰী আছিল। পলায়ন কাৰি যাত্ৰী সকলৰ ভিতৰত এগৰাকী মহিলাসহ শিশু আছিল।মুম্বাইৰ পৰা অহা এই যাত্ৰীসকলৰ অধিকাংশই শ্ৰমিক আছিল।যাত্ৰী বাহী ৰেলখনৰ পৰা আৰু কিমান জন লোক পলায়ন কৰিছে সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই যদিও পলায়নৰ চেষ্টা চলোৱা ৫৬ গৰাকী যাত্ৰীক আবদ্ধ কৰি আটাইকে কোৱাৰেণ্টাইন চেণ্টাৰত ৰখাৰ ব্যৱস্থা কৰিছে হোজাই প্ৰশাসনে।নিশা দুই বজাত সংঘটিত হোৱা এই ঘটনাই হোজাইত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল।

বকোৰ বদলা-ৰাঙ্গাপানীত মাতৃস্নেহৰ অপুৰ্ব নিদৰ্শন ৷

বকোৰ বদলা-ৰাঙ্গাপানীত মাতৃস্নেহৰ অপুৰ্ব নিদৰ্শন ৷

 সোণতলী

পৃথিৱীৰ এক অন্যতম শব্দ হৈছে মা৷ যাৰ বিষয়ে বৰ্ণনা কৰিলে হয়তো দিন-ৰাতি এক হৈ পৰিব৷ মা হৈছে এজন পূৰ্নাংঙ্গ নাৰী৷ সন্তান গৰ্ভধাৰন, সন্তান জন্ম দিয়াৰ লগতে তাক ডাঙৰ দীঘল কৰাজনেই হৈছে মা যাক অভিভাৱক হিচাপে আমি জানো৷ মা হৈছে সন্তানৰ সুঃখ দুখৰ অধিকাৰী৷ সন্তানৰ সকলো কষ্ট মায়ে সহ্য কৰিবলৈ সদায় প্ৰস্তুত থাকে৷ বুকুৰ মাজত কষ্ট ৰাখিও সন্তানৰ সন্মুখত আনন্দৰ মিছা চাকি জ্বলাই পোহৰ দিয়া জনেই মা৷ কিন্তুু তাৰ পিছতো কিছুমান কুলাঙ্গাৰ সন্তানৰ বাবে বিদ্ধাশ্ৰমত থাকিবলগীয়া হয় মাতৃ ৷ বৃদ্ধাশ্ৰমত থাকিও  নিজৰ সন্তানৰ বাবে চকুলো টুকিব লগা হাজাৰ হাজাৰ উদাহৰণ এতিয়াও আছে ৷ দৈনিক মাতৃৰ উপৰত অমানসিক অত্যাচাৰ হোৱা বাতৰি শিৰোনাম দখল কৰি আহিছে৷ মা হেৰুৱা জনেহে জানে মাতৃৰ মৰম কি! মা নথকাজনৰ কষ্ট কোনেও নেদেখে৷ জন্মদাতৃ মা যেতিয়া হেৰাই যায় তেতিয়া মাৰ দৰে ভালপোৱা আন কাৰোবাৰ তাত বিচাৰি পোৱা নাযায়৷ কিন্তুু এইখন পৃথিৱীত দৈবকীয়ে জন্মদিয়া শ্ৰীকৃষ্ণ সম্পুৰ্ণৰূপে লালন পালন কৰিছিল যশোদায়৷ তেনেদৰে মা আমিনায়  হজৰত মহম্মত (ছঃ) জন্ম দিছিল যদিও হালিমাৰ দুগ্ধ পান কৰি ডাঙৰ দীঘল হৈছে বুলি ইতিহাসৰ পৰা জনা যায়৷ কবলৈ গলে আজিৰ যুগত এইবোৰ কথা সাথৰলৈ ৰূপান্তৰিত হৈছে৷ মাতৃপ্ৰেম, মাতৃস্নেহ আজিৰ সমাজত নাইকিয়া হৈ গৈ আছে৷ এটা সময়ত যে এইবোৰ বিলুপ্ত হব সেয়া এক প্ৰকাৰে শিশ্চিত বুলি কলেও ভুল নহব৷ মানৱজাতিৰ একাংশই সদায় নিজৰ স্বাৰ্থৰ পিছে পিছে দৌৰি থকাৰ সময়ত মাতৃস্নেহৰ অপূৰ্ব নিদৰ্শন দাঙি ধৰিলে এজনী ছাগলীয়ে৷ দক্ষিণ কামৰূপৰ বকোৰ বদলা ৰাঙ্গাপানী বজাৰ সমীপত এজনী ছাগলীৰ মাতৃস্নেহৰ নিদৰ্শন চাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে৷ উল্লেখ্য যে, বদলা-ৰাঙ্গাপানী বজাৰ সমীপৰ আচৰফ আলীৰ ঘৰত কিছুদিন পূৰ্বে এজনী ভেৰাক কুকুৰে কামুৰি মাৰি পেলায়৷ ভেৰাজনীৰ মৃত্যুৰ কেইদিনমান পূৰ্বে এটা পোৱালী জন্ম হয় যদিও ভেৰাৰ মৃত্যুৰ পিছত মাতৃৰ দুগ্ধ পান কৰিবলৈ পোৱালীজনীয়ে চিঞৰী থাকে৷ অভিভাৱক আচৰফ আলীয়ে পোৱালীটোৰ অৱস্থা চাই নিজেও উপায়হীন পৰে৷ উল্লেখযোগ্য যে, পোৱালীজনীৰ এনে অৱস্থাত সেই ঘৰৰে ছাগলী এজনীয়ে ভেৰাৰ পোৱালীটোক নিজৰ দুগ্ধ পান কৰিবলৈ সুবিধা দি মাতৃস্নেহৰ শ্ৰেষ্ট নিদৰ্শন দাঙি ধৰিলে৷ ছাগলীজনীৰ এনে কৰ্মই সমগ্ৰহ বদলা-ৰাঙ্গাপানীত বিশেষ চৰ্চা লাভ কৰিছে বুলি জনা গৈছে৷

যোৰহাট জিলাৰ চাহ জনজাতি উন্নয়ন পৰিষদৰ অধ্যক্ষই টীয়ক-মৰিয়নি সাংবাদিকৰ মাজত বিতৰণ কৰিলে খাদ্যসামগ্ৰী

যোৰহাট জিলাৰ চাহ জনজাতি উন্নয়ন পৰিষদৰ অধ্যক্ষই টীয়ক-মৰিয়নি সাংবাদিকৰ মাজত বিতৰণ কৰিলে খাদ্যসামগ্ৰী ।

টীয়কৰ পৰা অঞ্জন প্ৰকাশ ।

যোৰহাট জিলাৰ চাহ জনজাতি উন্নয়ন পৰিষদৰ অধ্যক্ষ তৰুণ ৰাজোৱাৰে টীয়কৰ কলিয়াপানী ব্লক বিজেপিৰ কাৰ্যালয়ত আজি টীয়ক প্ৰেছ ক্লাৱৰ সদস্যসলক কিছু খাদ্য সামগ্ৰী যোগান ধৰে।ক’ৰোণা মহামাৰীৰ আতংকৰ সময়ত সাংবাদিকসকলে নিজৰ জীৱন তথা পৰিয়ালৰ কথা নাভাবি জৰুৰীকালীন অৱস্থাটো বাতৰি সংগ্ৰহ কৰি সাধাৰণ জনতাক সজাগ তথা তথ্য অৱগত কৰাৰ ক্ষেত্ৰত যি ভূমিকা গ্ৰহণ কৰিছে তাৰ প্ৰতি সহাৰি প্ৰদৰ্শন কৰি সাধ্য অনুসৰি চাউল,ডাইল,আলু,পিয়াজ,নিমখ,বিস্কুট আদিৰ টোপোলা বিতৰণ কৰে আৰু সকলোকে অধিক সতৰ্কতাৰে নিজৰ গুৰুদ্বায়িত্ব পালন কৰিবলৈ আহ্বান জনায়। উল্লেখযোগ্য যে অধ্যক্ষগৰাকীয়ে ইয়াৰ পূৰ্বে মৰিয়নি প্ৰেছ ক্লাৱৰ সদস্য সকলৰ মাজতো খাদ্য সামগ্ৰী বিতৰণ কৰি সাংবাদিকসকলৰ প্ৰতি কিছু সহায়ৰ হাত আগবঢ়াইছে বুলি জানিবলৈ দিছে।