Home Blog Page 3323

দিখৌ নদীৰ বুকুত জাহ যোৱাৰ উপক্ৰম ঐতিহাসিক গৰখীয়া দ’ল : বিজ্ঞান সন্মত ভাৱে সৌন্দৰ্যবৰ্ধন আৰু সংৰক্ষণৰ দাবী সংগ্ৰামী যুৱ — ছাত্ৰ পৰিষদৰ।

দিখৌ নদীৰ বুকুত জাহ যোৱাৰ উপক্ৰম ঐতিহাসিক গৰখীয়া দ'ল

দিলীপ হাজৰিকা : নাজিৰা :

ছশ বছৰীয়া আহোম ৰাজত্ব কালৰ গৌৰৱময় ইতিহাসৰ সোণালী স্বাক্ষৰ বহন কৰা পৌৰানিক কৃৰ্তিচিহ্ন সমূহৰ উপযুক্ত সংৰক্ষণ আৰু সৌন্দৰ্যবৰ্ধনৰ ক্ষেত্ৰত চৰকাৰী বিয়াগোম বিভাগ আছে যদিও বিভাগীয় বিষয়া — কৰ্মচাৰীৰ দায়িত্বজ্ঞানহীনতাৰ বাবে অসমৰ এই জাতীয় সম্পদ সমূহৰ কালৰ বুকুত ধ্বংশ হব ধৰিছে । অসমৰ বিভিন্ন প্ৰান্তৰ লগতে বিশেষকৈ শিৱসাগৰ জিলাৰ প্ৰান্তে প্ৰান্তে সিচৰিত হৈ থকা অধিকাংশ পৌৰানিক কৃৰ্তিচিহ্ন নি: শেষ হোৱাৰ উপক্ৰম ঘটিছে । ইয়াৰ এক জ্বলন্ত উদাহৰণ নাজিৰা মহকুমাৰ ন – মাটি অঞ্চলৰ দিখৌ নদীৰ কাষতে থকা ঐতিহাসিক গৰখীয়া দ’ল । ১৬০৩ –১৬৪৮ খৃষ্টাব্দৰ ভিতৰত স্বৰ্গদেউ প্ৰতাপ সিংহৰ ৰাজ্বত্ব কালত অসম তথা বিশ্বৰ প্ৰথমটো আষ্টকোণীয়া ভেটি বিন্যাসৰে নিৰ্মিত মাই দ’ল অথবা মহেশ্বৰ ঘৰ ৰূপে খ্যাত  এই গৰখীয়া দ’ল টো চৰকাৰী বিয়াগোম বিভাগ পত্নতত্ত্ব সঞ্চালকালয়ৰ বিষয়া – কৰ্মচাৰীৰ দায়িত্ব জ্ঞান হীনতাৰ বাবে সম্প্ৰতি দিখৌ নদীৰ বুকুত জাহ যোৱাৰ উপক্ৰম ঘটিছে । স্থানীয় ৰাইজে পত্নতত্ত্ব বিভাগৰ লগতে অসম চৰকাৰৰ  জলসম্পদ ( ৱাননিয়ন্ত্ৰণ ) বিভাগৰ কৰ্তৃপক্ষলৈ বাৰম্বাৰ আবেদন – নিবেদন কৰিও এই জাতীয় সম্পদটিৰ উপযুক্ত সংৰক্ষণ আৰু সৌন্দৰ্যবৰ্ধনৰ উপৰি দিখৌ নদীৰ মথাউৰী  নিৰ্মাণৰ ক্ষেত্ৰত সঠিক পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ।  যাৰ বাবে মাত্ৰ একফালংমান দ’লৰ পৰা মঠাউৰী খহনীয়ালৈ বাকী থকাত ৰাইজ চিন্তিতহৈ পৰিছে । এই ঐতিহাসিক গৰখীয়া দ’লৰ উপযুক্ত সংৰক্ষণ আৰু সৌন্দৰ্যবৰ্ধনৰ লগতে দ’লৰ সন্মুখ ভাগৰ দিখৌ নদীৰ খহনীয়া মঠাউৰী অংশ বিজ্ঞান সন্মতভাৱে প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণৰ বাবে বিভিন্ন সময়ত বহু জাতীয় — জনগোষ্ঠীয় সংগঠনৰ লগতে স্থানীয় ৰাইজে কৰ্তৃপক্ষৰ ওচৰত দাবী তথা আবেদন — নিৱেদন কৰি অহাৰ পিছতো বিশেষ কোনো সহাৰি জনোৱা নাই । শেহতীয়াকৈ এই ঐতিহাসিক জাতীয় সম্পদটিৰ চৌহদ পৰিস্কাৰ পৰিচন্ন ভাৱে ৰাখি উপযুক্ত সংৰক্ষণ আৰু সৌন্দৰ্যবৰ্ধনৰ ব্যৱস্থা কৰাৰ লগতে দিখৌ নদীৰ মঠাউৰী বিজ্ঞান সন্মত ভাৱে খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ” সংগ্ৰামী যুৱ — ছাত্ৰ পৰিষদ , অসম” য়ে । সংগঠনটোৰ শিৱসাগৰ জিলা সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক ভাস্কৰ নাথ , নাজিৰা আঞ্চলিক সমিতিৰ সভাপতি মুজিবুৰ ৰহমান আৰু সাধাৰণ সম্পাদক পংকজ দত্তই  এক বিবৃতি যোগে  উক্ত দাবী জনাই দ’লৰ চৌহদ পৰ্যটন স্থলী হিচাপে গঢ় দিবলৈ বিবৃতিটোৰ জৰিয়তে চৰকাৰী বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে । ইয়াৰ অন্যথা জাতীয় স্বাৰ্থত ” সংগ্ৰামী যুৱ – ছাত্ৰ পৰিষদ ,অসম ” য়ে তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ’ব বুলি বিবৃতিটোত লগতে সকীয়াই দিয়ে ।

দৰঙত গীতেৰে কৰ’না ভাইৰাছৰ সজাগতা সৃষ্টিৰ প্ৰয়াস শিক্ষক সোনাৰাম ডেকাৰ

দৰঙত গীতেৰে কৰ’না ভাইৰাছৰ সজাগতা সৃষ্টিৰ প্ৰয়াস শিক্ষক সোনাৰাম ডেকাৰ

মঙলদৈ পৰা অজয় ডেকা।

কৰ’না  মহামাৰীৰ বাবে সমগ্ৰ দেশত চলি থকা লকডাউনৰ ৰাজ্যখনৰ প্ৰতিখন শিক্ষানুষ্ঠান বন্ধ হৈ পৰিছে। লকডাউনৰ সময়ছোৱাত দৰং জিলাৰ পৰীক্ষিত নাৰায়ণ উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী প্ৰধান শিক্ষক সোনাৰাম ডেকাই ব্যক্তিগতভাবে লৈছে এক প্ৰশংসনীয় পদক্ষেপ। আধুনিক তথ্য প্ৰযুক্তিৰ সহায়ত তেওঁ ছাত্ৰ ছাত্ৰীক পাঠদান কৰাৰ লগতে কৰ’না ভাইৰাছৰ ভয়াবহতা আৰু এইক্ষেত্ৰত ৰাইজে পালন কৰিবলগীয়া নীতি নিয়ম সমূহ গীতৰ মাজেৰে প্ৰকাশ কৰি সমাজত সজাগতা সৃষ্টিৰ বাবে প্ৰয়াস কৰিছে। নিজ বিদ্যালয়ৰ চৌহদৰ প্ৰাকৃতিক পৰিৱেশত কেইগৰাকীমান স্থানীয় প্ৰতিষ্ঠিত বাদ্যযন্ত্ৰীৰ সহযোগত সামাজিক ব্যৱধান অক্ষুণ্ণ ৰাখি মোবাইলত গীত ৰেকৰ্ডিং কৰি চছিয়েল মিডিয়াত সেই গীত সমূহ প্ৰচাৰ কৰিছে শিক্ষক গৰাকীয়ে। শিক্ষক গৰাকীৰ এনে পদক্ষেপত বৰ্তমানৰ আৰু প্ৰাক্তন ছাত্ৰী কেইগৰাকীমানেও কণ্ঠদান কৰিছে। জানিব পৰা মতে, সহকাৰী প্ৰধান শিক্ষক সোনাৰাম ডেকাই কৰ’না ভাইৰাছ আৰু সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত এটা – দুটাকৈ মুঠ সাতটা গীত ৰচনা কৰাৰ লগতে সুৰ কৰি সীমাশ্ৰী ডেকা, অনামিকা ডেকা, হিমাশ্ৰী মেধি, নিৰ্মালী মেধি, নন্দিতা চহৰীয়াৰ লগত কণ্ঠদান কৰিছে। হিমাক্ষী প্ৰিয়ম মেধি, বৰষাৰাণী ডেকাই ঘোষিকাৰ দায়িত্ব পালন কৰা গীত কেইটিত ৰবীন্দ্ৰ ডেকা, তীৰ্থ চহৰীয়া, দুৰ্গা ডেকা, উপেন চহৰীয়া, সমীৰণ ৰাজবংশী, অতুল ডেকা, বুলু ডেকা, কুলেন ডেকা, লোহিত ডেকা, অমৰেন্দ্ৰ ডেকা বাদ্যযন্ত্ৰ বজাই সহযোগ কৰিছে। বহিঃৰাজ্যত থকা ককায়েকলৈ বুলি ভনীয়েকে গোৱা ‘ককাইদেউ অ’ ভালকৈ থাকিবি দেই, ককাইদেউ অ’ সাৱধানে থাকিবি দেই, চেনিটাইজ কৰিবি মাস্কখন পিন্ধিবি লকডাউন মানিবি দেই/ লকডাউনৰ মাজত ঘৰত অকলে থকা বৃদ্ধ পিতৃলৈ বুলি কন্যাই গাইছে – ‘অ’ মোৰ দেউতা কেনেকৈ চলিছ তই, অ’ মোৰ দেউতা খাবলৈ পাইছ নে নাই —–‘/ ‘কৰ’নাৰ আহিছে ঐ ৰাম, বিধ্বংসী ৰূপেৰে ঐ ৰাম—–‘ গীতকে ধৰি সাতটা শ্ৰুতিমধুৰ তথা সমাজলৈ বাৰ্তা বাহক গীতে ইতিমধ্যে ৰাইজৰ বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। গীত কেইটি মোবাইলত ৰেকৰ্ডিং কৰি প্ৰচাৰ কৰাত সহযোগ কৰিছে ঋষিকেশ ডেকা, হিমাক্ষী প্ৰিয়ম মেধি, ইন্দ্ৰপ্ৰসাদ ডেকা আৰু অপূৰ্ব ডেকাই।Attachments area

দৰঙৰ ভেৰুৱাৰ ভাস্কৰ কলিতা নামৰ যুৱকজনৰ দুয়োটা বৃক্ক বিকল ৷ অসমৰ ৰাইজৰ সহায় ভিক্ষা পত্নীৰ ৷

দৰঙৰ পৰা জয়দেৱ ডেকা ৷

দৰঙৰ এটা পৰিয়ালৈ নামি আহিছে কাল ধুমুহা ৷ দুটা বৃক্ক বিকল হৈ বিছনাত শৰ্যাশায়ী এজন যুৱক ৷ চিকিৎসাৰ বাবে প্ৰয়োজন ২৫ লাখ টকা ৷ নাম ভাস্কৰ কলিতা ৷ ছিপাঝাৰ সমষ্টিৰ ভেৰুৱাৰ ৩৩ বছৰীয়া যুৱক বিছনাত মৃত্যুৰ সৈতে চৎফতাই আছে চিকিৎসাৰ অভাৱত ৷ পত্নী আৰু ৫ বছৰীয়া পুত্ৰৰ সৈতে জীৱন নিৰ্বাহ কৰা ভাস্কৰ কলিতাৰ দুয়োটা বৃক্ক বিকল হোৱাত সৰগ ভাঙি পৰিছে পত্নীৰ ৷ লকডাউনৰ সময়তে হঠাৎ অসুস্থ হৈ পৰাত গুৱাহাটী জি এন আৰ চি হস্পিতালত ভৰ্ত্তি কৰিছিল যদিও পৰিক্ষাৰ অন্তত দুয়োটা বৃক্ক বিকল হোৱাৰ কথা চিকিৎসকে জানিব দিয়ে পৰিয়ালক ৷ চিকিৎসাৰ বাবে ধনৰ অভাৱত মাত্ৰ দুদিন চিকিৎসালয়ত চিকিৎসা কৰিয়ে ঘৰলৈ ঘুৰাই আনিবলগীয়া হৈছিল ভাস্কৰ কলিতাক ৷ ভেৰুৱাৰ কেইজনমান যুৱকে কিছু আৰ্থিক ভাৱে সহায় কৰিছে যদিও সেয়া পৰ্যাপ্ত নহয় ৷ দুখৰ বিষয় ঘৰৰ ভেটিতোৰ বাহিৰে অলপো খেতি মাটি নথকা পৰিয়ালতোৱে প্ৰতিমাহে কিনিৱ লাগে চাউল ৷ অন্ন সুৰক্ষা আঁচনিৰ কাৰ্ড এখন পাৱলৈ সক্ষম হৈছিল যদিও দৰং জিলা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ বিষয়াই কাৰ্ডখনৰ পৰাও বঞ্চিত কৰিলে ৷ স্থানীয় বিধায়কৰ ভুমিকাও সন্দেহজনক ৷ চৰকাৰৰ কোনো আঁচনিয়ে ঢুকি নোপোৱা পৰিয়ালতোৱে এতিয়া অসমৰ ৰাইজৰ পৰা বিছাৰিছে সহায় ভিক্ষা ৷ ভাস্কৰ কলিতাৰ পত্নীৰ কাতৰ আহব্বান ৷ মোক আপোনালোকে স্বামীৰ সৈতে জীয়াই থাকিবলৈ দিয়ক ৷ মোৰ ৫ বছৰীয়া পুত্ৰক আপোনালোকে অকনমাণ মৰম কৰক ৷ যদিহে আপুনি এই পৰিয়ালতোক সহায় কৰি যুৱকজনক জীয়াই থকাত সহায় কৰে ৷ তেনেহলে  গ্ৰামীণ বিকাশ বেংক দুনী শাখাত থকা পত্নীৰ 7065026017919 একাউণ্ট নম্বৰত দিব পাৰিব ৷ IFSC Code—- UTBIORRBAGB । আপোনাৰ অলপমান সহায়ে হয়তো জীৱন ৰক্ষা পৰিব ভাস্কৰ কলিতা নামৰ যুৱকজনৰ ৷

ইলেক্ট্ৰনিকছ প্ৰস্তুতকাৰীক আকৰ্ষণ কৰিবলৈ ভাৰতৰ ৫০,০০০ কোটি টকাৰ আঁচনি : ৫ লাখ প্ৰত্যক্ষ, ১৫ লাখ পৰোক্ষ চাকৰি পোৱাৰ আশা ।

দৈনন্দিন বাতা নিজা প্ৰতিবেদনঃ

কেন্দ্ৰীয় মন্ত্ৰী ৰবিশংকৰ প্ৰসাদে পাঁচটা বিশ্ব আৰু পাঁচটা ভাৰতীয় ম’বাইল ফোন প্ৰস্তুতকাৰকৰ ঘৰুৱা উৎপাদন তীব্ৰ কৰাৰ লক্ষ্যৰে বৈদ্যুতিন উৎপাদন প্ৰকল্পৰ নীতি নিৰ্দেশনা প্ৰকাশ কৰে৷ প্ৰডাকচন লিংক ইনছেণ্টিভ স্কীম (এছপিচাএছ) আৰু পৰিবৰ্তিত ইলেক্ট্ৰনিকছ মেনুফেকচাৰিং ক্লাষ্টাৰছ প্ৰকল্পৰ তিনিটা প্ৰকল্প যি ইলেকট্ৰিকছ আৰু আইটি মন্ত্ৰালয়ৰ দ্বাৰা ১  এপ্ৰিলত ৫০,০০০ কোটি টকাৰ বিজ্ঞপ্তি দিয়া হৈছিল৷ পিএলআই প্রকল্পত ভাৰতত উৎপাদিত পণ্যবোৰৰ বেচিক বৰ্দ্ধিত বিক্ৰয় ৪ শতাংশৰ পৰা ৬ শতাংশ পৰ্যন্ত উৎসাহ প্ৰদান কৰিব৷ লগতে বেচিক বছৰবোৰব কোম্পানীৰ বাবে পাঁচ বছৰৰ উপযুক্ত সংস্থাবোৰ আওতাভূক্ত কৰা হ’ব৷ এচপিচিএছ ইলেক্ট্ৰনিক পণ্যবোৰ চিনাক্তকৰণৰ তালিকাৰ বাবে মূলধন ব্যয়ৰ ওপৰত ২৫ শতাংশ আৰ্থিক উৎসাহ প্ৰদান কৰিব৷ ইএমচি ২.০ বিশ্বব্যাপী বৈদ্যুতিন ইলেক্ট্ৰনিকছ উৎপাদনকাৰীসকলৰ যোগান চেইনৰ আকৰ্ষণৰ বাবে সহায় আগবঢ়াব৷ তিনিটা প্ৰকল্পৰ বাবে আবেদন পোৱাত সংশ্লিষ্ট আইএফচিআই, চৰকাৰী ছেক্টৰৰ এনবিএফচিৰ দ্বাৰা জীৱন দিছে৷ মিটৱাইৰ তথ্য মতে ২০১৮-১৯ চনত ম’বাইল হেণ্ডছেট উৎপাদন ২৯ কোটি ইউনিটৰ ১.৭০ কোটি টকা৷ ২০১৪ চনত ৬ কোটি ইউনিটৰ ১৯০০০ কোটি টকা৷ প্ৰকল্পবোৰৰ ২০২৫ চনৰ মাজত ম’বাইল ফোন আৰু তাৰ যন্ত্রাংশৰ উৎপাদন বাঢ়ি প্ৰায় ১০,০০,০০০ কোটি টকা কৰি দিব আৰু প্ৰায় ৫ লাখ প্ৰত্যক্ষ আৰু ১৫ লাখ পৰোক্ষ চাকৰি পাব বুলি আশা কৰা হৈছে বুলি চৰকাৰে জনাইছে৷

কনফেডাৰেছন অব ইণ্ডিয়ান ইণ্ড্ৰাষ্টিজৰ ১২৫ বছৰীয়া অনুষ্ঠানত প্ৰধানমন্ত্ৰী : পুনৰ শক্তিশালী হৈ উঠিব দেশৰ উদ্যোগ প্ৰতিষ্ঠান ।

দৈনন্দিন বাতা নিজা প্ৰতিবেদনঃ

দেশৰ উদ্যোগ প্ৰতিষ্ঠানবোৰ পুনৰ শক্তিশালী হৈ উঠিব৷ এই কথা উল্লেখ কৰিছে কনফেডাৰেছন অব ইণ্ডিয়ান ইণ্ড্ৰাষ্টিজ (চিআইআই)ৰ ১২৫ বছৰ উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দিয়া ভাষণত৷ এই কামত চিআইআইক আগুৱাই আহিবলৈ প্ৰধানমন্ত্ৰীয়ে আহ্বান জনায়৷ আন্তৰ্জাতিক ক্ষেত্ৰত দেশৰ উদ্যোগ প্ৰতিষ্ঠানবোৰক উৎপাদনৰ কথা লক্ষ্য কৰিবলৈ কয় প্ৰধানমন্ত্ৰীয়ে৷ ইয়াৰ লগতে আন দেশৰ কৌশলগত সম্পর্ক বজায় ৰাখিবলৈ কয়৷ দেশত প্ৰথম পৰ্যায়ত লকডাউন আৰম্ভ হোৱাৰ পৰা ইয়াত প্ৰথম অৰ্থনীতিক লৈ বক্তব্য ৰাখিলে প্ৰধানমন্ত্ৰীয়ে৷ আত্মনিৰ্ভৰ দেশ গঢ়ি তুলিবলৈ আহ্বান জনাই প্ৰধানমন্ত্ৰীয়ে কয় চৰকাৰ আপোনালোকৰ লগত আছে৷ প্রধানমন্ত্রী গৰিব কল্যাণ যোজনাত ৭৪ কোটি মানুহে সুবিধা পাইছে বুলি মোডীয়ে উল্লেখ কৰি কয় এই সংকটৰ সময়ত ভাৰতে ১৫০ খন দেশক চিকিৎসাৰ সৰঞ্জাম দি সহায় কৰিছে৷ কয়লা ক্ষেত্ৰক বেচৰকাৰীকৰণ কৰা হৈছে আৰু বিভিন্ন বিনিয়োগৰ পথ খোলা হৈছে৷ কৃষকে অধিকাৰ ঘুৰাই পাইছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে দেশত সকলো ফচল বিক্ৰী কৰিব পাৰিছে কৃষকসকলে৷ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ সংজ্ঞা সলনি কৰা হৈছে৷ সুনিৰ্দিষ্ট পৰিকল্পনাৰে সংস্কাৰ কৰা হৈছে বুলি মোডীয়ে কয় যে ৫০ কোটি মানুহক ইপিএখ কনট্ৰিবিউচন আৰু ৫০ হাজাৰ কোটিৰ অধিক লোকক আৰ্থিক সাহায্য দিয়া হৈছে৷ তদুপৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ক’ৰোনাৰ বিৰুদ্ধে যুঁজ কৰা হ’ব আৰু অৰ্থনীতি শক্তিশালী কৰা হ’ব৷

ক’ৰোনা ভাইৰাছৰ সংক্রমণত উত্তৰ পূৰ্বাঞ্চলৰ সবাতোকৈ ক্ষতিগ্ৰস্ত ৰাজ্য অসম, ত্ৰিপুৰা ।

দৈনন্দিন বাতা নিজা প্ৰতিবেদনঃ

সংখ্যাৰ ফালৰ পৰা বেছি নহয় যদিও সোমবাৰে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যবোৰৰ ক’ৰনা ভাইৰাছ সম্পৰ্কে এক ডাঙৰ তথ্য জানিব পৰা গৈছে৷ ত্ৰিপুৰাত এদিনতে ১০০টাৰো বেছি আক্ৰান্ত সংযোজন কৰা হৈছে৷ অৰুণাচল প্ৰদেশত সংক্ৰমণ ৪ ৰ পৰা ২০ আৰু মণিপুৰত ৭৮ৰ পৰা ৮৩ পাইছেগৈ৷ এই অঞ্চলত অসম আৰু ত্ৰিপুৰা সবাতোকৈ ক্ষতিগ্রস্থ ৰাজ্য৷ অসমত এই মুহূৰ্তত দেশৰ অন্যতম দ্ৰুত বৃদ্ধি ৰাজ্য৷ যোৱা এসপ্তাহত  সংক্ৰমণৰ সংখ্যা প্ৰায় তিনি গুণ বাঢ়িছে৷ ২৫ মে’ত ৫২৬ৰ পৰা ১৫১৩লৈ বাঢ়িছে৷ ৪.৫ দিনত ইয়াৰ সংখ্যা হ’ল দুগুণ৷ সোমবাৰে ৰাজ্যখনত ১৯২জন আক্ৰান্ত হয়৷ ত্ৰিপুৰাত ধালাই জিলাৰ বিএছএফ শিবিৰৰ ১৫০জন আক্ৰান্ত হয়৷ আনহাতে অসম আৰু আন কেইখনমান ৰাজ্যত প্ৰৱজিত শ্ৰমিকৰ পৰা নতুনকৈ আক্ৰান্ত হৈছে৷ ত্ৰিপুৰাত ৪১৮ লৈ আক্ৰান্তৰ সংখ্যা বাঢ়িছে৷ যোৱা এটা সপ্তাহত ৰাজ্যখনত ২২০জন নতুন আক্ৰান্ত পোৱা যায়৷ নাগালেণ্ডত সোমবাৰে পোৱা ছজনক লৈ মুঠ আক্ৰান্তৰ সংখ্যা হ’লগৈ ৪৯ জন৷ মেঘালয়ত নতুন এজনসহ মুঠ ২৮জন আৰু মিজোৰাম, ছিক্কিমত এজনকৈ আক্ৰান্ত৷ 

২ লাখৰ ঘৰ অতিক্ৰম কৰিলে দেশত ক’ৰোনা আক্ৰান্তৰ সংখ্যাই : বিশ্বত ক’ৰোনা আক্রান্তৰ তালিকাত ষষ্ঠ স্থানলৈ দৌৰত ভাৰত ।

দৈনন্দিন বাতা নিজা প্ৰতিবেদনঃ

বিশেষজ্ঞসকলে ভাবিছিল যে গৰম পৰিলে ক’ৰোনা ভাইৰাছৰ শক্তি কমিব৷ বহুৱে ভাবিছিল সময়ৰ লগে লগে ক’ৰোনা কমিব আৰু দুৰ্বল হৈ পৰিব ভাইৰাছ৷ কিন্তু  এই কথা মিছাত পৰিণত হৈছে৷ শক্তি কমাৰ কোনো লক্ষণ নাই৷ হাজাৰ হাজাৰ মানুহৰ শৰীৰত এই ভাইৰাছে আশ্ৰয় লৈছে৷ মৃত্যুৰ সংখ্যা বাঢ়ি গৈছে৷ উল্লেখ্য যে মঙলবাৰৰ দিনা ক’ৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা প্ৰায় দুই লাখ পালেগৈ৷ প্ৰাপ্ত তথ্য মতে দেশত ২ লাখ ৭ হাজাৰ ৬১৫ জন হয়গৈ ক’ৰনাত আক্ৰান্তৰ সংখ্যা৷ ইয়াৰে ভিতৰত আৰোগ্যৰ সংখ্যা হ’ল ১ লাখ ৩০৩  জন৷ আনহাতে ক’ৰনাত মৃত্যু হৈছে ৫৮২৯ জন লোক৷ দেশত ক’ৰনা সংক্ৰমণৰ গতি উর্দ্ধমুখী৷ আনহাতে চিকিৎসাত এণ্টিভাইৰেল ৰেমডেছিভিৰ প্ৰয়োগৰ সবিশেষ দিলে ভাৰতৰ সর্বোচ্চ ঔষধ নিয়ন্ত্রক সংস্থাই৷ ক’ভিডৰ উপসর্গ আছে যদি এনে ব্যক্তিৰ শৰীৰত এই ঔষধ প্ৰয়োগ কৰা যাব৷ শিশুৰ শৰীৰতো ইয়াক প্ৰয়োগ কৰা যাব৷  ইপিনে বিশ্বৰ আন কেইবাখনো দেশৰ লগতে ভাৰততো আনলক-১.০ আৰম্ভ হৈছে৷ কিন্তু বিশ্ব স্বাস্থ্য সংস্থাই জনাইছে যে ক’ৰনা ভাইৰাছৰ শক্তি ক্ষয়ৰ কোনো প্ৰমাণ পোৱা নাই৷ ইটালী চিকিৎসকৰ দাবী তেওঁলোকৰে নস্যাৎ কৰিছে৷ 

কাৰ্বিআংলং জিলাত ৩ টা কৈ দুৰ্ধষ চোৰাং চিকাৰী আটক ।

কাৰ্বিআংলং জিলাত ৩ টা কৈ দুৰ্ধষ চোৰাং চিকাৰী আটক ।

বোকাজান :

কাৰ্বিআংলং জিলা আৰক্ষীয়ে আজি সেনা বাহিনী আৰু চি আৰ পি এফৰ সহযোগত গঁড় চিকাৰীৰ বিৰুদ্ধে জিলা খনত বৃহৎ অভিযান চলাই ৩ টা কৈ দুৰ্ধষ চোৰাং চিকাৰী আটক কৰাৰ লগতে বুজন সংখ্যক সজীৱ  গুলীসহ  বহু অস্ত্ৰশস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। যোৱা ২৮ মে তাৰিখে জিলা খনৰ ধনশিৰি ত আৰক্ষী আৰু গঁড় চিকাৰীৰ মাজত এক ভয়ানক সংঘৰ্ষৰ সূত্ৰপাত হৈছিল আৰু এই সংঘৰ্ষত এজন চোৰাং চিকাৰী নিহত হোৱাৰ বিপৰীতে আন কেইবাজনো দুৰ্ধৰ্ষ চিকাৰী পলাই গৈছিল। আৰক্ষীয়ে তেতিয়াৰ পৰাই জিলা খনত মণিপুৰৰ পৰা নিয়ন্ত্ৰিত চোৰাং চিকাৰীৰ দলটোৰ বিৰুদ্ধে জিলা খনত জাল পেলাইছিল আৰু আজি গোপন খবৰৰ ভিত্তিত বকলিয়াঘাট আৰক্ষী থানাৰ অন্তৰ্গত পাট্ৰাদিছাত আৰক্ষীয়ে অভিযান চলাই গঁড়ৰ খড়গ চুৰি চক্ৰৰ অন্যতম দূৰ্ধৰ্ষ সদস্য বিকি থাপাক আটক কৰে ৷ বিক্কি থাপাৰ ঘৰ নগাওঁ জিলাৰ জখলাবন্ধা থানা এলেকাত  বুলি জানিব পৰা গৈছে ৷ পিছত অপৰাধীটোৰ স্বীকাৰোক্তিৰ ভিত্তিত ডিফু আৰু ধনশিৰিত যৌথ অভিযান চলাই আৰক্ষীয়ে মণিপুৰৰ লামকা চুড়চান্দপুৰৰ ডেভিড চিয়া ওৰফে চামবৈ আৰু নগাওঁ জিলাৰ চালনা নপানীৰ চিমন লাক্ৰা নামৰ দুটা গঁড় চিকাৰী আটক কৰিবলৈ সক্ষম হয় ৷  দূৰ্ধৰ্ষ গঁড় চিকাৰী কেইটাৰ স্বীকিৰোত্তিৰ ভিত্তিত আৰক্ষীয়ে আঞ্জুকপানী থানাৰ থেকেৰাজানত অভিযান চলাই এটা AK 81, দুটা AK56, এটা DBBL এটা chinease granede,  6 তা মেগাজীন ১২ জাই বৰৰ গুলী , ৪০০ জাই গুলী আৰু বহুতো আপত্তিজনক সামগ্ৰী জব্দ কৰে ৷ ধৃত অপৰাধী কেইটা কাজিৰঙাত অলপতে সংঘটিত হোৱা গঁড় হত্যাতো জড়িত আছিল বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰে ৷

পাখিমৰীয়া-খাগৰিজান উন্নয়ন খণ্ডত বি ডি অ’ৰ কমিচনৰাজ !

নগাঁও :

নগাঁও জিলাৰ পাখিমৰীয়া আৰু খাগৰিজান উন্নয়ন খণ্ডত বিভিন্ন আঁচনি ৰূপায়ণৰ নামত কমিচন ৰাজ চলোৱাৰ অভিযোগ উঠিছে। বৰ্তমান দুয়োটা উন্নয়ন খণ্ডতে ৰাজনৈতিক প্ৰভাৱ খটুৱাই খণ্ড উন্নয়ন বিষয়াৰ পদ দখল কৰিবলৈ সক্ষম হোৱা শেৱালি চক্ৰৱৰ্তীয়ে দীৰ্ঘদিন ধৰি এম জি এনৰেগা, চতুৰ্দশ বিত্তীয় আয়োগ, চতুৰ্থ বিত্তীয় আয়োগ আদি আচনিৰ অধীনত ৰূপায়ণ কৰিব লগা কামৰ বিপৰীতে ব্যাপক পৰিমাণৰ কমিচন আদায় কৰি আহিছে কনিষ্ঠ অভিযন্তা, গাঁও পঞ্চায়ত সচিব, জি আৰ এচ আদি বিষয়া-কৰ্মচাৰীৰ পৰা। এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আৰ টি কৰ্মী এ জে আকন্দ‌ই। আকন্দ‌ই অভিযোগ কৰা মতে, উন্নয়ন খণ্ড বিষয়া গৰাকীয়ে নিজৰ স্বামী আৰ এচ এচৰ নেতা হোৱাৰ দোহাই দি কোনো গুৰু গোহাঁই নমনা হৈছে। উল্লেখ্য যে পাখিমৰীয়া উন্নয়ন খণ্ডত ৮ টা আৰু খাগৰিজান উন্নয়ন খণ্ডৰ অন্তৰ্গত ১১টা গাঁও পঞ্চায়ত আছে। উন্নয়ন খণ্ড বিষয়া গৰাকীৰ অকৰ্মন্যতাৰ বাবে ইয়াৰে অধিকাংশ গাঁও পঞ্চায়তত চৰকাৰী আচনি ৰূপায়ণত ব্যাপক দুৰ্নীতি-অনিয়ম সংঘটিত হোৱাৰ অভিযোগ সৰ্বত্ৰ উঠিছে। পাখিমৰীয়া উন্নয়ন খণ্ডত সৌৰচাকি স্থাপনত সংঘটিত হোৱা দুৰ্নীতি-অনিয়মৰ তথ্য ফাদিল হোৱাৰ ভয়ত বিগত তিনি মাহ উকলি যোৱাৰ পিছতো আজি পৰ্যন্ত তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত কৰা আবেদনৰ তথ্য দিয়া নাই। উল্লেখ্য যে এ জে আকন্দ‌ই চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ ২৬ তাৰিখে খণ্ড উন্নয়ন বিষয়াৰ ওচৰত আবেদন কৰিছিল। ইফালে, চৰকাৰে গাঁও পঞ্চায়তৰ জৰিয়তে দৰিদ্ৰ শ্ৰমিক ৰাইজক মাস্ক বিতৰণৰ নামত ব্যাপক ধনৰ খেলেমেলি সংঘটিত কৰাৰো অভিযোগ উঠিছে। বিভাগীয় নিৰ্দেশ অনুসৰি প্ৰতিটো গাঁও পঞ্চায়তত ২০০০ লোকক মাস্ক দিব লাগে যদিও মাত্ৰ ১০০০ কৈ দিয়া বুলি চৰ্চা চলিছে। এটা মাস্কৰ দাম ২৫টকা নিৰ্ধাৰণ কৰিছে যদিও ১০০০ মাস্কৰ ধন আত্মসাতৰ ফন্দি ৰচনা কৰাৰ অভিযোগো উঠিছে‌। এ জে আকন্দ‌ই এই সমগ্ৰ দুৰ্নীতি-অনিয়ম সন্দৰ্ভত এক তদন্ত কৰিবলৈ দাবী উত্থাপন কৰিছে।

নগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া দেৱাশীষ বৈশ্যৰ তৎপৰতা : আৰ টি আইৰ তথ্য দিবলৈ কাৰা নিৰ্দেশ ।

নগাঁও : 

নগাঁও জিলাৰ বিভিন্ন উন্নয়ন খণ্ডত সৌৰচাকি স্থাপনৰ নামত ব্যাপক দুৰ্নীতি- অনিয়ম সংঘটিত হোৱাৰ অভিযোগ সংবাদ মাধ্যমৰ  শিৰোনামা দখল কৰি আহিছিল। এই আচনি ৰূপায়ণৰ ক্ষেত্ৰত সংঘটিত হোৱা দুৰ্নীতি সন্দৰ্ভত সংবাদ মেলযোগে নগাঁও জিলাৰ কেবাটাও উন্নয়ন খণ্ডৰ কেলেংকাৰী উদঙাই দিছিল আৰ টি আই কৰ্মী এ জে আকন্দ‌ই। ইতিমধ্যে আকন্দ‌ই জিলাখনৰ চাৰিটা উন্নয়ন খণ্ড ক্ৰমে কলিয়াবৰ, বাজিয়াগা‍ঁও, বঢ়মপুৰ আৰু কঠিয়াতলী এলেকাত স্থাপন কৰা সৌৰচাকি সন্দৰ্ভত কিছু তথ্য বিচাৰি আবেদন কৰিছিল যদিও উন্নয়ন খণ্ড বিষয়া অথবা পঞ্চায়ত সচিব সকলে বিগত চাৰিমাহে তথ্য দিয়াৰ পৰা বিৰত আছিল। অৱশেষত নিৰ্দিষ্ট সময় উকলি যোৱাৰ পিছত নগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াৰ ওচৰত প্ৰথম আপীল দাখিল কৰাৰ পিছত অতি তৎপৰতা গ্ৰহণ কৰে জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া দেৱাশীষ বৈশ্য‌ই। সেই অনুসৰি আজি এক শুনানী গ্ৰহণ কৰি খণ্ড উন্নয়ন বিষয়া আৰু পঞ্চায়ত সচিব সকলক মাতি আনি কিয় ইমান দিনে তথ্য দিয়া নাই তাৰ বাবে ককৰ্থনা কৰে। আনকি, অতি শীঘ্ৰে বিচৰা তথ্য প্ৰদান কৰিবলৈ সংশ্লিষ্ট বিষয়া-কৰ্মচাৰী সকলক নিৰ্দেশ দিয়ে।