Home Blog Page 3321

বাংলাদেশত ৩০০ বছৰীয়া কালী মন্দিৰৰ পুনৰ্নিমাণ আৰম্ভ ভাৰতৰ

দৈনন্দিন বাৰ্তা ডেস্ক : বাংলাদেশৰ উত্তৰাঞ্চলৰ নাটোৰে জিলাত অৱস্থিত ৩০০ বছৰ পুৰণি শ্ৰীশ্ৰী জয় কালী মাতাৰ মন্দিৰ সোমবাৰৰ পৰা ভাৰতে পুনৰ্নিমাণ আৰম্ভ কৰিছে ৷ এই মন্দিৰৰ পুনৰ্নিমাণ কাৰ্য ভাৰতীয় সাহায্যত ৯৭ লাখ বাংলাদেশী টকাত আৰম্ভ কৰা হৈছে আৰু মন্দিৰটোত মুঠ ১.৩৩ কোটি বাংলাদেশী টকা উচ্চ প্রভাৱ সম্প্রদায় উন্নয়ন প্রকল্প (এইচআইচিডিপি)ৰ অধীনত ভাৰতে সম্পূৰ্ণ কৰাৰ আঁচনি লৈছে ৷ এই পুনৰ্নিমাণ কাৰ্য উদ্বোধন কৰে বাংলাদেশৰ তথ্য আৰু যোগাযোগ প্ৰযুক্তি ৰাজ্যিক পৰ্যায়ৰ মন্ত্ৰী জুনায়েদ আহমেদ পলক, ভাৰতীয় উচ্চায়ুক্ত ৰিভা গাংগুলী দাস, সাংসদ ছফিকুল ইছলাম আৰু নাটোৰেৰ মেয়ৰ উমা চৌধুৰী জলীয়ে৷ উদ্বোধনী অনুষ্ঠানত বাংলাদেশৰ এই পুৰণি মন্দিৰটো ভাৰতে পুনৰ্নিমাণ কৰি দিব বুলি উল্লেখ কৰে৷ বাংলাদেশৰ ঐতিহ্য আৰু সংস্কৃতিত ভাৰতে সহযোগিতাৰে কাম কৰিব বুলি জনায়৷ উল্লেখ্য যে নাটোৰেৰ শ্ৰীশ্ৰী জয় কালী মাতাৰ মন্দিৰটো হ’ল এটা পৌৰাণিক মন্দিৰ৷ ১৮ শতিকাৰ আৰম্ভণিতে এই মন্দিৰটো নাটোৰেৰ ৰাণী ভবানীৰ দেৱান আৰু দীঘাপতি ৰাজকীয় পৰিয়ালৰ প্ৰতিষ্ঠাতা দয়াৰাম ৰয়ে নিৰ্মাণ কৰিছিল৷ এই মন্দিৰটোৰ চৌহদত ভগৱান শিৱৰ এটা মন্দিৰ আছে ৷ এই মন্দিৰত প্ৰতি বছৰে দুৰ্গা আৰু কালী পূজা আয়োজন কৰে৷ উল্লেখ্য যে সেই দেশখনত ভাৰতে ৰামকৃষ্ণ মন্দিৰ নিৰ্মাণৰ লগতে শ্ৰীশ্ৰী আনন্দময়ী কালী মাতা মন্দিৰৰ বাবেও পুঁজি যোগান ধৰিছিল ৷

নগাঁৱত কংগ্ৰেছক মুখ্যমন্ত্ৰীৰ কটাক্ষ। কংগ্ৰেছে অসম্পূৰ্ণ কৰা দুখীয়া ৰাইজৰ ঘৰ আমি সম্পূৰ্ণ কৰিলো : মুখ্যমন্ত্ৰী সোণোৱাল

নগাঁও, ২৭ জুলাই: “কংগ্ৰেছে অসম্পূৰ্ণ কৰি থৈ যোৱা ২লাখ ৮৬হাজাৰ ইন্দিৰা আৱাস যোজনাৰ ঘৰ আমি সম্পূৰ্ণ কৰিছোঁ । আমি অসমত ৩ লাখ ঘৰ দুখীয়াৰ বাবে নিৰ্মান কৰিলো আৰু এতিয়া পুনৰ ২৫ হাজাৰ ঘৰ দুখীয়া ৰাইজৰ বাবে নিৰ্মান কৰিম।” আজি নগাঁৱৰ খগেন মহন্ত প্ৰেক্ষাগৃহত প্ৰধানমন্ত্ৰী আৱাস যোজনা (চহৰাঞ্চল)ৰ দ্বিতীয় পর্যায়ৰ গৃহ নিৰ্মানৰ আধাৰশিলা অনুষ্ঠান উপলক্ষে আয়োজিত সভাত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। নগাঁও চহৰৰ চকীটুপত এটি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ শিলান্যাস কৰাৰ পিছতে অভিযান সঞ্চলকালয় প্ৰধান মন্ত্ৰী আৱাস যোজনা (চহৰাঞ্চল) অসম আৰু নগাঁও পৌৰসভাৰ উদ্যোগত নগাঁও চহৰৰ খগেন মহন্ত প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰধানমন্ত্ৰী মোডীৰ পদক্ষেপক প্ৰশংসা কৰি ৰাজ্যৰ উন্নয়ণৰ বিষয়ে ব্যক্ত কৰে। মুখ্যমন্ত্ৰীৰ উপৰিও নগৰ উন্নয়ণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰিকা, মন্ত্ৰী কেশৱ মহন্ত, নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা, বিধায়ক ৰমাকান্ত দেউৰী, বিধায়ক ডিম্বেশ্বৰ দাস আৰু প্ৰাক্তন মন্ত্ৰী ৰাজেন গোঁহাইয়ে অংশগ্ৰহণ কৰা এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ প্ৰথম পৰ্য্যায়ৰ গৃহ লাভ কৰা তিনি গৰাকী আৰু দ্বিতীয় পৰ্য্যায়ৰ তিনি গৰাকী হিতাধিকাৰীক তেওঁলোকে লাভ কৰা অনুদানৰ চেক সমূহ প্ৰদান কৰা হয় । আনহাতে উক্ত অনুষ্ঠানত ৰাজ্যৰ দুহেজাৰ হিতাধিকাৰীৰ একাউণ্টত ডাইৰেক্ট ইলেকট্ৰনিক মানি ট্ৰেণ্সফাৰৰ জৰিয়তে ২২ কোটি টকা প্ৰদানৰ শুভাৰম্ভনি কৰা হয়। ইপিনে প্ৰধান মন্ত্ৰী মোডীৰ ৰামৰাজ্যৰ অৰ্থ হৈছে সকলোৰে সুখ-সমৃদ্ধি বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে বানপানী, বাঘজানৰ অগ্নিকাণ্ড, কোভিড- ১৯ ৰ দৰে দুৰ্যোগৰ মাজতো সাহসৰে যুঁজ দিয়া অসমৰ ৰাইজক কৃতজ্ঞতা জ্ঞাপন কৰে। ৰাইজৰ সহযোগিতাৰ বাবেই অসমত কৰ’নাত আৰোগ্যৰ হাৰ বৃদ্ধি সম্ভৱ হোৱা বুলিও মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে। সভাত জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই কয় যে পূৰ্বে নগৰ উন্নয়ণ বিভাগৰ কাম-কাজ নাই বুলিয়ে ৰাইজে ভাবিছিল। কিন্তু এতিয়া নগৰ উন্নয়ণ বিভাগৰ কাম-কাজ ৰাইজে দেখিবলৈ পাইছে। অনুষ্ঠানতে ভাষণ প্ৰদান কৰি স্বাস্থ্য আৰু নগৰ উন্নয়ণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰিকাই নগাঁৱত ২০০কোটি টকা ব্যায় সাপক্ষে নিৰ্মান হ’ব লগা পানীযোগান আঁচনিৰ কামৰ শুভাৰম্ভনি হ’ব বুলি জানিবলৈ দিয়ে । অনুষ্ঠানত বিধায়ক ৰূপক শৰ্মাই বিগত ৪ বছৰত নগাঁৱত দুহেজাৰ ইন্দিৰা আৱাস যোজনাৰ ঘৰ সম্পূৰ্ণ হোৱা বুলি উল্লেখ কৰি লগতে কয় যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সদিচ্ছাত নগাঁও চহৰত ৯খন দলং আৰু ৪৩১টা পকী পথৰ কাম সম্পূৰ্ণ হৈছে। আনহাতে নগাঁও চহৰ অঞ্চলতে বিগত ৪ বছৰত ১০৩৪ টা প্ৰধানমন্ত্ৰী আৱাস যোঁজনাৰ গৃহ সম্পূৰ্ণ হৈ উঠিছে । সেয়ে পূৰ্বৰ তুলনাত বৰ্তমানৰ কাৰ্যকালত উন্নয়ণৰ যি পাৰ্থক্য সেয়া ৰাইজে নিজে নিৰূপণ কৰিব। নগাঁৱৰ অঅতিৰিক্ত উপায়ুক্ত জয়ন্ত বৰাই আঁত ধৰা অনুষ্ঠানত অসম চৰকাৰৰ নগৰ উন্নয়ণ বিভাগৰ প্ৰধান সচিব নিৰজ বাৰ্মা,প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ পৰিচালন সঞ্চালক শুভাশিস দাস, জিলা উপায়ুক্ত যাদৱ শইকীয়াৰ লগতে জিলা প্ৰশাসনৰ বিষয়াসকল উপস্থিত থাকে । আনহাতে নগাঁৱৰ সভাৰ পৰা চতিয়াৰ এক চৰকাৰী অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৰাওনা হয়।

ফ্ৰান্সৰ পৰা ভাৰতলৈ উৰা মাৰিলে প্ৰথম পৰ্যায়ৰ ৫ খন ৰাফেল বিমান

দৈনন্দিন বাৰ্তা ডেস্ক : সকলো বিতৰ্কৰ অৱসান ঘটাই ফ্ৰান্সৰ পৰা ভাৰতলৈ উৰা মাৰিলে প্ৰথম পৰ্যায়ৰ পাঁচখন ৰাফেল বিমান ৷ অহা ২৯ জুলাই, বুধবাৰে সেই বিমানকেইখন হাৰিয়ানাৰ অম্বালাত ভাৰতীয় বায়ুসেনাত যোগ দিবহি৷ উল্লেখ্য যে মুঠ ৩৬ খন এনে বিমান পৰ্যায়ক্ৰমে ভাৰত পাবহি৷ দ্বিতীয় পৰ্যায়ৰ বিমান আহিব হাচিমাৰা বায়ুসেনাৰ ঘাঁটিলৈ ৷ উল্লেখ্য যে ২০১৬ চনত ফ্ৰান্স ভ্ৰমণ যাওতে প্ৰথম ৰাফেল চুক্তিৰ ঘোষণা কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ ৫৯ হাজাৰ কোটি টকাত ফ্ৰান্সৰ যুদ্ধবিমান প্ৰস্তুতকাৰী কোম্পানী এভিয়েছনৰ সৈতে ৩৬ খন ৰাফেল বিমান কিনিবলৈ চুক্তি কৰে৷ সেই চুক্তিলৈ কংগ্ৰেছ আৰু বিৰোধীয়ে প্ৰশ্ন উত্থাপন কৰিছিল ৷ এই সকলো বিতৰ্কৰ অৱসান ঘটাই সোমবাৰে ভাৰতলৈ উৰা মাৰিলে প্ৰথম পৰ্যায়ৰ পাঁচখন ৰাফেল বিমান৷ এই বিমান উৰণৰ বাবে প্ৰশিক্ষণৰ বাবে ভাৰতীয় ১২ জন পাইলট আৰু অভিযন্তাক লৈ গৈছিল৷ তেওঁলোকে বিমানকেইখন উৰুৱাই আনিছে ৷ ইয়াৰ লগতে ইন্ধনৰ বাবে সংযুক্ত আৰব আমিৰশ্বাহিত থকা ফ্ৰান্সৰ বায়ুসেনা ঘাঁটিত মঙলবাৰে ৰ’বহি৷ তাৰ পাছতে অম্বালা অভিমুখে উৰিব যুদ্ধ বিমানকেইখন ৷

যোৱা ২৪ ঘণ্টাত দেশত ক’ৰোনাৰ সংক্ৰমণৰ হাৰ ৯.৬৯ শতাংশ

দৈনন্দিন বাৰ্তা ডেস্ক :ক’ৰোনা ভাইৰাছত যোৱা দুটা দিনত দেশত এক লাখৰো অধিক লোক আক্ৰান্ত হয়৷ ফলত আক্ৰান্তৰ সংখ্যা ১৪ লাখ স্পৰ্শ কৰিলেগৈ৷ প্ৰতি দিনে সংক্ৰমণৰ সংখ্যা বৃদ্ধি পোৱাত প্ৰশাসন আৰু চিকিৎসকসকল চিন্তিত হৈ পৰিছে৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ পৰিসংখ্যা মতে যোৱা ২৪ ঘণ্টাত ৪৯ হাজাৰ ৯৩১ জন লোক ক’ৰোনাত আক্ৰান্ত হয়৷ এই বৃদ্ধিক লৈ দেশত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ১৪ লাখ ৩৫ হাজাৰ ৪৫৩ জন হ’লগৈ৷ উল্লেখ্য যে প্ৰতি দিনাই মানুহৰ পৰীক্ষা হৈছে৷ তাৰ মাজতে ক’ভিড পজিটিভৰ ৰিপৰ্ট আহিছে৷ ক’ভিড পজিটিভ বা সংক্ৰমণৰ হাৰ যোৱা ২৪ ঘণ্টাত দেশত ৯.৬৯ শতাংশ। যোৱা ২৪ ঘণ্টাত দেশত পৰীক্ষা হৈছে ৫ লাখ ১৫ হাজাৰ ৪৭২ জন৷ ইপিনে মৃত্যুৰ হিচাপত স্পেইন আৰু ফ্ৰান্সক চেৰ পেলাই ভাৰত ওপৰত আছে৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ মতে যোৱা ২৪ ঘণ্টাত ক’ৰোনাত আক্ৰান্ত হৈ ৭০৮জন লোকৰ মৃত্যু হয়৷ ইয়াকে লৈ দেশত ক’ৰোনাত মুঠ মৃত্যুৰ সংখ্যা ৩২ হাজাৰ ৭৭১জন হ’লগৈ৷ ইয়াৰে ভিতৰত মহাৰাষ্ট্ৰত সৰ্বাধিক ১৩৬৫৬, দিল্লীত ৩৮২৭, তামিলনাডুত ৩৪৯৪ আৰু গুজৰাটত ২৩২৬ জন লোকৰ মৃত্যু হৈছে৷

সুশান্ত অভিনীত চলচ্চিত্র শেষৰখন চলচ্চিত্র ‘দিল বেচাৰা’ই গঢ়িলে অভিলেখ

দৈনন্দিন বাৰ্তা সাংস্কৃতিক বাৰ্তাঃ সুশান্ত সিং ৰাজপুতৰ জীৱনকালৰ শেষৰখন ছবিয়ে গঢ়িলে অভিলেখ। তিনিঘন্টাত IMDBত ১০ৰেটিংৰে জিলিকি উঠিল সুশান্ত সিং ৰাজপুত অভিনীত শেষৰখন চলচ্চিত্র দিল বেচাৰাই। নিজস্ব অভিনয়েৰে দৰ্শকৰ হৃদয়ত কম দিনৰ ভিতৰতে স্থান লাভ কৰিছিল সুশান্ত সিং ৰাজপুতে। সুশান্তৰ আত্মহত্যাৰ ঘটনা আজিও ৰহস্যৰ আৱৰ্তত সোমাই থাকিল। তথাপিও সুশান্তৰ মৃত্যুক সহজভাৱে মান লব পৰা নাই তেওঁৰ অনুৰাগীয়ে। ছবিখন হটষ্টাৰত মুক্তি লাভ কৰিছিল ২৪জুলাত। মুক্তিৰ পিছতে প্ৰবল ধুমুহাৰ গতিত দৰ্শক বৃদ্ধি পাই হটষ্টাৰত আৰু তাৰ দুঘণ্টাৰ পিছতে ক্ৰাচ হৈ যায় হটষ্টাৰ। টুইটাৰযোগে এই খবৰ দিয়ে ছবিখনৰ পৰিচালকে।

১ আগষ্টৰ পৰা আনলক ৩.০ : পুনৰ মুকলি হোৱাৰ সম্ভাৱনা চিনেমা হলৰ দোৱাৰ

দৈনন্দিন বাৰ্তা ডেস্ক : ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবৰ বাবে অব্যাহত থকা আনলক ২ অহা ৩১ জুলাইত শেষ হ’ব৷ ইয়াৰ পাছতে আহিব আনলক ৩৷ এই আনলক ৩ৰ বাবে চৰকাৰে নতুন নীতি নিৰ্দেশনা প্ৰস্তুত কৰিব যিবোৰ আগষ্টৰ পহিলা দিনটোৰ পৰা বলবৎ হ’ব ৷ এই আনলক ৩ত কেতবোৰ দিশত নিষেধাজ্ঞা থাকিব যদিও আন কেতবোৰ দিশত শিথিলতা আহি পৰিব৷ প্ৰাপ্ত সূত্ৰই জনোৱা মতে এইবাৰ চিনেমা হলবোৰ চৰকাৰে ১ আগষ্টৰ পৰা খুলিবলৈ অনুমতি দিয়াৰ সম্ভাৱনা আছে৷ অৱশ্যে ইয়াত থাকিব কঠোৰ নীতি নিয়ম৷ তাৰে ভিতৰত সামাজিক দূৰত্ব বজাই ৰাখিব লাগিব৷ আনহাতে মানৱসম্পদ উন্নয়ন মন্ত্ৰালয়ে বিদ্যালয়বোৰ খোলাৰ সন্দৰ্ভত আলোচনা কৰিছে৷ মানৱসম্পদ উন্নয়ন মন্ত্ৰী ৰমেশ পোখৰিয়ালে কয় যে বহু অভিভাৱকে শিক্ষানুষ্ঠান খোলাত পক্ষপাতী নহয় ৷ সূত্ৰটোৱে জনোৱা মতে জিমবোৰ তৃতীয় পৰ্যায়ৰ আনলকত খোলাৰ সম্ভাৱনা আছে ৷ ইপিনে তথ্য আৰু সম্প্রচাৰ মন্ত্ৰালয়ে গৃহ মন্ত্ৰালয়ক চিনেমা হলবোৰ খুলিবলৈ প্ৰস্তাৱ দিছে ৷ চিনেমা হলবোৰ পুনৰ খুলিলে ৫০ শতাংশ দৰ্শকহে প্ৰৱেশ কৰিব পাৰিব৷ থিয়েটাৰবোৰত ২৫ শতাংশ আসন ৰাখিব পাৰিব আৰু সামাজিক দূৰত্ব মানি চলিব লাগিব ৷

গাঁৱে গাঁৱে পকেট মিটিঙেৰে মুদৈবড়ীত গণ সুৰক্ষা পাৰ্টিৰ প্ৰচাৰ। নৰেন্দ্ৰ চন্দ্র ডেকাৰ হৈ প্ৰচাৰ অভিযানত কোচ ৰাজ পৰিয়ালৰ সদস্য হেমপ্ৰভা দেৱী

টংলা :  ওদালগুৰি জিলাৰ মুদৈবড়ী পৰিষদীয় সমষ্টিৰ বিভিন্ন স্থানত নব কুমাৰ শৰণীয়াৰ নেতৃত্বত জনমত গঢ়ি উঠা গণ সুৰক্ষা পাৰ্টিৰ প্ৰচাৰ অভিযান চলি আছে যদিও মহামাৰী কভিড-১৯ৰ পৰিপ্ৰেক্ষিতত বি টি চিৰ নিৰ্বাচন স্থগিত কৰা হৈছিল যদিও লকডাউন শিথিলতাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্য্য আৰম্ভ হৈছে তাৰ ব্যতিক্রম নহয় গণ সুৰক্ষা পাৰ্টিও সোমবাৰে ওদালগুৰি জিলাৰ মুদৈবড়ী পৰিষদীয় সমষ্টিৰ  অন্তৰ্গত তামৰু, নামজলাহ, গোঁহাইখাট, ডলা, টংলা, চিত্ৰনগৰ ৱাৰ্ড নং ০৪ ত গণ সুৰক্ষা পাৰ্টি(GSP)ৰ নিৰ্বাচনী আলোচনা। এই আলোচনাত উপস্থিতি থাকে বিশিষ্ট সমাজসেৱীকা, কোচ ৰাজপৰিয়ালৰ সদস্য হেমপ্ৰভা দেৱী, মুদৈবাৰী পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী নৰেন্দ্ৰ চন্দ্ৰ ডেকাৰ পত্নী নমিতা চহৰীয়া ডেকা, মুদৈবাৰী সমষ্টি গণ সুৰক্ষা পাৰ্টিৰ সাংগঠিনক সম্পাদক মাধৱ বৰুৱা আদি। সভাত অংশগ্রহণ কৰি কোচ ৰাজ পৰিয়ালৰ সদস্য তথা সমাজ সেৱীকা হেমপ্ৰভা দেৱীয়ে কয় যে,  আমি আশা কৰিছোঁ যে এইবাৰ বি টি চিত পৰিবৰ্তন নিশ্চিত ভাবে আহিব, কাৰণ বি টি চিত বসবাস কৰা বিভিন্ন জাতিৰ মাটিৰ সমস্যা, ভাষাৰ সমস্যা আদিৰ বাবে ৰাইজে উচিত সিদ্ধান্ত গ্ৰহণ কৰিব আৰু ৰাইজে এইবাৰ বিবেক ভোট দি পৰিবৰ্তন আনিব। বি টি চিত সঘনাই উদ্ধাৰ হোৱা বৃহৎ অস্ত্র ভাণ্ডাৰৰ বিষয়ে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, এতিয়াও বিটিচিত এনেকৈ অস্ত্র ভাণ্ডাৰ উদ্ধাৰ হোৱাটো অসমৰ ৰাজ্য তথা বিটিচিত কেইটামান মাহ আগলৈকে শাসন কৰা বিপিএফ চৰকাৰৰ বিফলতা যাৰ কাৰণে প্ৰত্যেক বাৰে বিটিচি নিৰ্বাচনৰ পূৰ্বে এনে বৃহৎ অস্ত্র ভাণ্ডাৰ উদ্ধাৰ হয়।

নলবাৰীত চিআৰপিএফ বাহিনীৰ ৮২ সংখ্যক স্থাপিত বৰ্ষপূৰ্তি দিৱস

নলবাৰী : দেশ মাতৃৰ সেৱা আগবঢ়াই নিজৰ কৰ্তব্য পালনেৰে আজি সমগ্ৰ ভাৰতবৰ্ষতে চিআৰপিএফ বাহিনীৰ ৮২ সংখ্যক স্থাপিত বৰ্ষপূৰ্তি সম্পূৰ্ণ হ’ল। চিআৰপিএফ বাহিনী অকল ভাৰতৰে নহয় পৃথিৱীৰ ভিতৰত এক ডাঙৰ অৰ্ধসামৰিক বাহিনীৰ দল। ইয়াৰ প্ৰাথমিক ভূমিকা হিচাপে ৰাজ্য তথা জিলা সমূহত সমূহত সহায় আগবঢ়োৱা, আইন ব্যৱস্থাৰ ৰক্ষাৰ লগতে উগ্ৰপন্থী-মাওবাদী আদিৰ পৰা দেশক সুৰক্ষা প্ৰদান কৰা। ইয়াৰ উপৰিও চিআৰপিএফ বাহিনীৰ নিজৰ কৰ্তব্য সত্য আৰু নিষ্ঠাৰে পালন কৰাৰ উপৰিও সামাজিক দিশতো মনোনিৱেশ কৰাত পৰিলক্ষিত হৈছে। আজি চিআৰপিএফ বাহিনীৰ ৮২ সংখ্যক বৰ্ষপুৰ্তি দিৱস উপলক্ষে নলবাৰী জিলাৰ ১৩৬ নং বেটেলিয়ন চিআৰপিএফ বাহিনীয়ে ও জিলাখনৰ সৰিয়হতলীস্থিত সেনাবাহিনীৰ চাউনীত এই দিৱস উদযাপন কৰে। ১৩৬ নং বেটেলিয়ন চিআৰপিএফ বাহিনীৰ কামানডেন্ট পি চি চৌহানে এই অনুষ্ঠানত অংশগ্ৰহণ কৰি বিগত সময়ত শ্বহীদ হোৱা চিআৰপিএফ জোৱান সকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।  লগতে সকলো চিআৰপিএফ বাহিনীৰ বিষয়ববীয়া আৰু জোৱানসকলক বিগত বছৰ বছৰ ধৰি সত্য আৰু নিষ্ঠাৰে দেশ মাতৃৰ সেৱা আগবঢ়াই থকা বাবে ধন্যবাদ জনায়। অনাগত দিনত দেশৰ সুৰক্ষাৰ হকে চিআৰপিএফ বাহিনীয়ে সদায় আগভেটি থিয় দি থাকিব দৃঢ় সংকল্প গ্ৰহণ কৰে। অনুষ্ঠানৰ শেষত কামানডেন্ট পি চি চৌহানে বৰ্তমান সমগ্ৰ বিশ্বতে অব্যাহত থকা কৰণা ভাইৰাচৰ প্ৰতি সাৱধানতা অৱলম্বন কৰি নিজকে বচাই মজবুত হৈ নিজৰ কৰ্তব্য পালন কৰিবলৈ জোৱান সকলক আহবান জনায়।    

ৰাজস্থান চৰকাৰ ভংগৰ ষড়যন্ত্ৰ বন্ধ কৰাৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

দৈনন্দিন বাৰ্তা ডেস্ক : ৰাজস্থানৰ বিসম্বাদী কংগ্ৰেছী নেতা শচীন পাইলটৰ নেতৃত্বত ১৯ জনকৈ বিধায়কে বিদ্ৰোহ ঘোষণা কৰাৰ পিছত সৃষ্টি হোৱা ৰাজনৈতিক অস্হিৰতাই দিনক দিনে নতুন ৰুপ লৈছে৷ ৰাজস্থান উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ৰ ৰায় বিদ্ৰোহী পক্ষলৈ যোৱাৰ পিছত বিধান সভাৰ বিশেষ অধিবেশনত অনুষ্ঠিত কৰি সংখ্যা গৰিষ্ঠতা প্ৰমাণৰ বাবে মুখ্যমন্ত্ৰী গেহলটে ৰাজ্যপালক দুখনকৈ পত্ৰ প্ৰেৰণ কৰে৷ তৎস্বত্বেও ৰাজ্যপালগৰাকীয়ে বিশেষ অধিবেশন অনুষ্ঠিত কৰাৰ কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰে কংগ্ৰেছে৷ ৰাজস্থান চৰকাৰ ভংগৰ ষড়যন্ত্ৰ বন্ধ কৰাৰ দাবীত আজি গুৱাহাটী মহানগৰীত ৰাজ্যিক কংগ্ৰেছ কমিটীয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ দিনৰ ১২ বজাত গুৱাহাটী ক্লাৱত কংগ্ৰেছ সভাপতি ৰিপুন বৰাৰ নেতৃত্বত কেইবাশতাধিক কংগ্ৰেছ কৰ্মীৰ উপস্থিতিত প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰীসকলে বিজেপি হুছিয়াৰ, নৰেন্দ্ৰ মোডী গো বেক, বিধায়ক কিনা বেচা বন্ধ কৰক, সংবিধান ৰক্ষা কৰক, গণতন্ত্ৰ হত্যাকাৰী বিজেপি হুছিয়াৰ আদি ধ্বনিৰে প্ৰতিবাদস্হলী উত্তাল কৰি তোলে ৷ এই ক্ষেত্ৰত প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জেষ্ঠ্য কংগ্ৰেছ নেতা তৰুণ গগৈয়ে কয় যে ৰাজস্থানৰ ৰাজ্যপালে বিজেপি আৰ এছৰ এজেন্ট হিচাপ কাম কৰিছে৷ কংগ্ৰেছৰ সংখ্যা গৰিষ্ঠ আছে, তথাপি বিজেপিয়ে বিধায়ক কিনা বেচা কৰি চৰকাৰ গঠনৰ বাবে গনতন্ত্ৰক হত্যা কৰিবলৈ কুন্ঠাবোধ কৰা নাই৷ মুখ্যমন্ত্ৰী গৰাকীয়ে বিশেষ অধিবেশন অনুষ্ঠিত কৰিবলৈ ৰাজ্যপাললৈ পত্ৰ প্ৰেৰণ কৰিছে যদিও বিশেষ অধিবেশন অনুষ্ঠিত কৰাৰ পদক্ষেপ গ্ৰহণ নকৰা বুলি গগৈয়ে উল্লেখ কৰে৷ সভাপতি ৰিপুন বৰাই এই ক্ষেত্ৰত কয় যে বিজেপি গণতন্ত্ৰক ভৰিৰে মোহৰি যি কোনো প্ৰকাৰে চৰকাৰ গঠন কৰিব লাগে৷ তেওঁলোকৰ মূল উদ্দেশ্য হ’ল ক্ষমতা ৷ সেইবাবেই যিকোনো প্ৰকাৰে বিধায়ক বেচা কিনা কৰি হলেও ৰাজস্থানত চৰকাৰ গঠন কৰিবলৈ উঠিপৰি লাগিছে৷ বিজিপিয়ে সংবিধান ধ্বংস কৰাৰ গুৰুতৰ অভিযোগ উথ্থাপন কৰে ৰিপুন বৰাই ৷ উল্লেখ্য যে কংগ্ৰেছ কেইবাগৰাকী বিধায়কৰ লগতে জেষ্ঠ্য কংগ্ৰেছ নেতাৰ লগতে যুৱ কংগ্ৰেছৰ বিষয়ববীয়া প্ৰতিবাদ স্হলীত অংশ গ্ৰহণ কৰে ৷

হোজাইৰ নীলবাগানত সংখ্যালঘূ ছাত্ৰ ইউনিয়নৰ উত্তাল প্ৰতিবাদ।

হোজাই : অসমৰ বান আৰু গৰা খহনীয়াৰ কৱলত পৰা লোকসকলক উপযুক্ত সাহাৰ্য্য আৰু ক্ষতিপূৰণৰ দাবী তুলি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দ্দেশ মৰ্মে আজি হোজাই জিলা আমছুৱে নীলবাগানত এক প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে৷ আমছুৰ হোজাই জিলা সমিতিৰ প্ৰায় শতাধিক কৰ্মীয়ে হাতে হাতে বেনাৰ প্লেকাৰ্ড লৈ সামাজিক দূৰত্ব বজাই ৰাখি মানৱ শৃংখল কাৰ্য্যসূচী ৰপায়ন কৰে৷ আমছু কৰ্মী সকলে চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে সমগ্ৰ নীলবাগানৰ পৰিবেশ উত্তাল কৰি তুলে৷ প্ৰায় আধা ঘন্টাজুৰি প্ৰতিবাদ কৰাৰ অন্তত ডবকা ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ বানাক্ৰান্ত আৰু গৰাসহনীয়াৰ কৱলত পৰা লোকসকলক উপযুক্ত ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপনৰ দাবী সন্মিলীত স্মাৰক পত্ৰ প্ৰদান কৰে।