Home Blog Page 3321

বটদ্ৰৱাত অসম দৰ্শন আঁচনিৰ পথ আৰু উন্নয়ণ মূলক কামৰ আধাৰশিলা বিধায়িকা আঙুৰলতাৰ ।

বটদ্ৰৱাত অসম দৰ্শন আঁচনিৰ পথ আৰু উন্নয়ণ মূলক কামৰ আধাৰশিলা বিধায়িকা আঙুৰলতাৰ

বটদ্ৰৱা।

চতুৰ্থ পৰ্য্যায়ৰ লক ডাউনৰ পিছত স্বাভাৱিক জীৱনযাত্ৰা আৰম্ভ কৰাৰ সময়তে  বটদ্ৰৱাত একে দিনাই  পথ আৰু উন্নয়ণমূলক কামৰ আধাৰশিলা স্থাপন কৰিলে বিধায়িকা আঙুৰলতা ডেকাই। চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ অন্তত, আজি আনলক হোৱাৰ তৃতীয় দিনা বটদ্ৰৱাত আধাৰশিলাৰে উন্নয়ণী ত্বৰান্বিত কৰাৰ বাবে অধিক তৎপৰ হৈ পৰিল বিধায়িকা আঙুৰলতা ডেকা। প্ৰকাশ থাকে যে অসম দৰ্শন আঁচনিৰ অধীনত     সাৰ্বজনীন গৰখীয়া থান জামুগুৰি উন্নীতকৰণ ৪৯.৫৮ লাখ টকা, আইভেটি আই কনকলতা থান সংযোগী পথ  ৫৯.২৯ লাখ টকা,  নৰোৱা কুঁজিসত্ৰ সংযোগী পথ  ৫১.৭৭ লাখ টকা, কোবাইকটা সত্ৰ সংযোগী পথ ৫১.৭৯লাখ টকা, নৰোৱা বালিসত্ৰ উন্নয়ন ৪৩.৯৬ লাখ টকা ধাৰ্য্য কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থান সংযোগী পথ সমূহ উন্নীতকৰণৰ কৰি বটদ্ৰৱাক বিশ্ব ধৰ্মীয় পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তোলাৰ প্ৰয়াস হিচাপে এই নিৰ্মাণ কাৰ্য্য আৰম্ভ কৰা হৈছে বুলি বিধায়িকা গৰাকীয়ে জানিবলৈ দিয়ে। উল্লেখ্য যে বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিকৰ বিদ্যালয়ৰ পৰা শলগুৰি সত্রহৈ বটদ্ৰৱা থান সংযোগী পথ, বটদ্ৰৱা কৰৈগুড়ি চাৰিআলিৰ  পৰা বটদ্রৱা থান সংযোগী দুটি পথৰ উপৰিও ঐতিহ্যমণ্ডিত গৌৰীনাথ শিৱমন্দিৰ সংযোগী পথটিৰ নিৰ্মাণৰ লক্ষ্যৰে বিগত সপ্তাহত আধাৰশিলা কৰা হৈছে বুলি বিধায়িকা গৰাকীয়ে জনাইছে।

সোনোৱাল কছাৰী কথিত ভাষাত “তীখৰ আৰু চুটিবাই” অডিঅ’ আকাৰে মুক্তি লাভ ।

সোনোৱাল কছাৰী কথিত ভাষাত "তীখৰ আৰু চুটিবাই" অডিঅ' আকাৰে মুক্তি লাভ ।

বৰদলনিৰ :  

তৃতীয় সৰ্ব বৃহৎ জনজাতি সোনোৱাল কছাৰীসকল নিজা ভাষা-সাহিত্য আৰু সংস্কৃতিৰে চহকী । এই জনজাতিটোৰ কথিত ভাষাত পোন প্ৰথম বাৰৰ বাবে সোনোৱালী ক্ৰিয়েচনৰ উদ্যোগত  সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ “বুঢ়ী আইৰ সাধু”ৰ তীখৰ আৰু চুটিবাই সাধুটো যোৱা ৩০ মে’ তাৰিখে  অডিঅ’ আকাৰে মুক্তি দিয়া হয় সোনোৱালী ক্ৰিয়েচনৰ নিজা ফেচবুক পেজ সোনোৱালী ক্ৰিয়েচনত। লগতে তেওঁলোকৰ ইউটিউব চেনেলটো সাধুটো উপলব্ধ।সাধুটি  সোনোৱাল কছাৰী কথিত ভাষালৈ অনুবাদ কৰিছে জিতুল ৰাজ সোনোৱালে । প্ৰযোজনা ডেনী সোনোৱাল । পৰিকল্পনা আৰু পাঠ হোমেন সোনোৱাল ।  সাধুটিৰ ব্যৱস্থাপনা আৰু সম্পাদনা কৰিছে কল্পজিৎ সোনোৱালে । সাধুটিত সংলাপ আগবঢ়াইছে ক্ৰমে প্ৰসেন সোনোৱাল, হিমাদ্ৰী বৰুৱা, ডাঃ শান্তিৰাম দাস আৰু কল্পজিৎ সোনোৱালে । যিটো সময়ত বিভিন্ন জাতি জনগোষ্ঠীয়ে বিভিন্ন কাৰণত হওঁক  বা প্ৰাশ্চাত্য সংস্কৃতিৰ প্ৰভাৱিত হৈ নিজৰ ভাষা -সংস্কৃতি বিলুপ্তিৰ পথত ঠেলি দিছে ঠিক তেনে সময়তেই সোনোৱালী ক্ৰিয়েচনৰ উদ্যোগত  কেইজনমান ব্যক্তিৰ প্ৰচেষ্টাত  সোনোৱাল কছাৰীসকলৰ ভাষা-সাহিত্য আৰু সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ হৈ কাম কৰা দেখা গৈছে । যিটো সোনোৱাল কছাৰী তথা অসমীয়া সাহিত্যৰ কাৰণে শুভ লক্ষণ বুলি ক’ব পাৰি । ইয়াৰ আগতেও সোনোৱালী ক্ৰিয়েচনৰ উদ্যোগত সম্পূৰ্ণ সোনোৱাল কছাৰী কথিত ভাষাত কবিতা আবৃত্তি প্ৰতিযোগিতা আৰু গীতৰ প্ৰতিযোগিতা আয়োজন কৰি  ৰাইজৰ বিপুল সমাদৰ পাবলৈ সক্ষম হৈছিল । সোনোৱাল কছাৰী কথিত ভাষাত ভৱিষ্যতেও বিভিন্ন পদক্ষেপ হাতত লোৱা হ’ব বুলি ক্ৰিয়েচনৰ কৰ্মকৰ্তাসকলে জানিবলৈ দিছে ।

লকডাউনৰ মাজতেই হোজাই মোৰাঝাৰত ভূ-মাফিয়াৰ গুণ্ডাগিৰী। মহিলাৰ গা’ত পেট্ৰল ঢালি জীৱন্তে জ্বলাই দিয়াৰ চেষ্টা ভু মাফিয়াৰ ৷

খেতিপথাৰত টেক্টৰেৰে হালমাৰি থাকাতেই দা লাঠিৰে খন্ড যুদ্ধ ৷

ডবকা

হোজাই জিলাৰ মোৰাঝাৰৰ দক্ষিণ চামৰআলী গাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। চামৰআলী গাঁৱত কিছুদিন পুৰ্বে ভুমি বিবাদক কেন্দ্ৰ কৰি কেবাজন লোকক জীৱন্তে জ্বলাই দিয়াৰ ঘটনাৰ মাৰ নাযাওঁতেই আজি পুনৰ  সংঘটিত হ’ল আন এক জঘন্য ঘটনা।দীৰ্ঘদিনীয়া ভূমি বিবাদক কেন্দ্ৰ কৰি ছালেহা বেগম নামৰ এগৰাকী মহিলাৰ গা’ত পেট্ৰল ঢালি জুই লগাই জীৱন্তে হত্যাৰ চেষ্টা কেবাজন ভু-মাফিয়াৰ। লাঠিৰে টেক্টৰক প্ৰহাৰ কৰাৰ পিছতেই খেতি পথাৰত ভিতৰতেই জুই লাগি এক ভয়ংকৰ পৰিবেশৰ সৃষ্টি হয়৷দক্ষিণ চামৰআলী গাঁৱৰ ৰহিম উদ্দিন আৰু বুৰহান উদ্দিনে পেট্ৰল ঢালি জুই দি ছালেহা বেগম নামৰ মহিলা গৰাকীক প্ৰাণে মৰাৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপিত কৰি স্থানীয় চৌধুৰী বজাৰ আৰক্ষী চকীত দাখিল কৰিছে এজাহাৰ।আৰক্ষীয়ে মহিলা গৰাকীক উদ্ধাৰ কৰি চিকিৎসীলয়ত ভৰ্তি কৰিছে৷গাওঁখনতৰ ধন বল আৰু বাহু বল থকা একাংশ ভূ মাফিয়াৰ দপদপনিত এতিয়া নিৰীহ লোকৰ নিদ্ৰাহৰণ হৈ পৰিছে। ধন আৰু বাহু বলেৰে আৰক্ষী প্ৰশাসনক মেনেজ কৰাৰ ভয় ভাবুকি দি নিৰীহ লোকৰ ভুমি বলপূৰ্বক ভাৱে দখল কৰাৰ বৃহৎ ষড়যন্ত্ৰ অব্যাহত আছে  জিলা খনত। অকল সেয়াই নহয়, ধনেৰে আৰক্ষীক মেনেজ কৰাৰ কল কৌশলেৰে সাধাৰণ সহজ সৰল লোকক চলাই গৈছে মানসিক  নিৰ্যাতন।কিছুদিন পুৰ্বে ডবকা ভেলৌগুৰি,হোজাই ইছলাম নগৰ, ডবকা ভগীৰাম গাও, লংকা আদি বিভিন্ন স্থানত ভুমি কেন্দ্ৰিক সংঘাতেই সচেতন মহলে উদ্বেগ প্ৰকাশ কৰিছে৷ডবকা ভগীৰাম গাৱত লকডাউনৰ সময়তে এটা ভু মাফিয়া চক্ৰৰ নিৰ্দেশত মহাবিৰ গৌড় আৰু মঙ্গল সিং গোড়ৰৰ ম্যাদি মাটি স্থানীয় জমিৰ নামৰ এজন লো দখল কৰি বেৰ দিয়ে,কেৱল বেৰ দিয়াই নহয় ম্যাদি মাটি কাটি অভিযুক্ত জমিৰ আৰু দুষ্ট চক্ৰটোৱে জমিৰে বসবাস কৰা তজি মাটিত পেলাই৷এই ক্ষেত্ৰত মহাবিৰ গৌড় আৰু মঙ্গল সিং গৌড়ে ডবকা থানাত দুবাৰ কৈ গোচৰ তৰাৰ বিপৰিতে ঘটনাৰ সবিশেষ উল্লেখ কৰি ডবকা ৰাজহ চক্ৰ বিষয়াক লিখিত অভিযোগ দাখিল কৰিছে যদিও আৰক্ষী আৰু চক্ৰ বিষয়াই তদন্ত অব্যাহত ৰাখিছে৷উল্লেখ যোগ্য যে প্ৰতিটো ভুমি কেন্দ্ৰিক সংঘাতৰ আৰত আছে ভু মাফিয়া চক্ৰ৷এই প্ৰতিটো ভূ মাফিয়া চক্ৰৰ সৈতে একাংশ উচ্চ পদস্থ বিষয়াৰ সু সম্পৰ্ক থকাৰ বাবে মাটিৰ প্ৰকৃত মালিক সকলে বিভিন্ন কষ্ট ভোগ কৰিবলগীয়া হৈছে জিলা খনত৷উচটনি দিয়া ভু মাফিয়া চক্ৰক নাকী লাগাব নোৱাৰিলে জিলা খনত ভূমি কেন্দ্ৰিক সংঘাত দিনক দিনে বৃদ্ধি হোৱাৰ সম্ভৱনা আছে বুলি মতপোষন কৰিছে ৷

হোজাই জিলা আৰক্ষী অধীক্ষকৰ কভিড-১৯ সন্দৰ্ভত সকলোকে সজাগ হবলৈ আহবান ।

হোজাই জিলা আৰক্ষী অধীক্ষকৰ কভিড-১৯ সন্দৰ্ভত সকলোকে সজাগ হবলৈ আহবান

লংকা

হোজাই জিলা আৰক্ষী অধীক্ষকে কʼৰণা সন্দৰ্ভত জিলাখনৰ সকলোকে সজাগ হৈ থকাৰ আহ্বান জনাইছে। সাংবাদিকৰ সন্মুখত অধীক্ষক গৰাকীয়ে কয় যে  বিশেষকৈ ৰেলৰ জৰিয়তে বহিঃ ৰাজ্যৰ পৰা শ শ মানুহ অসমলৈ বৰ্তমান আহি আছে  তাৰ সমান্তৰাল ভাবে আহি আছে হোজাই জিলালৈও।    উল্লেখ যে সম্প্ৰতি হোজাই জিলাখন কৰ’ণাত আক্রান্ত সংখ্যা প্ৰতিদিনে বাঢ়ি অহাত এনেয়ে জিলাখনৰ সকলো আতংকিত হৈ আছে।   তেখেতে হোজাইত  গাওঁৱে-ভূঞে,চহৰে নগৰে কোৱাৰেণ্টাইন নকৰা সন্দেহজনক লোকক দেখিলে প্ৰশাসনক খৱৰ জনাবলৈ জনসাধাৰণকআহ্বান জনোৱাৰ লগতে বহিঃ ৰাজ্যৰ পৰা অহা প্ৰত্যেজনে কোৱাৰেণ্টাইন লৈ  ভয় নাখাই নিজক কোৱাৰেণ্টাইন কৰাই স্বাস্ব্য বিভাগৰ নিৰ্দেশ মৰ্মে ঘৰলৈ গৈ নিজৰ লগতে আনৰ জীৱন বচাবলৈও আহ্বান জনায়  ।  লগতে তেওঁ কয় কʼৰণাৰ  বিৰুদ্ধে  জিলাখনত স্বাস্হ্য বিভাগকে ধৰি আৰক্ষী,প্ৰশাসন প্ৰতি মূৰ্হততে সস্তম হৈ আছে ।

পকিবলৈ লোৱা বিস্তৃৰ্ণ খেতিপথাৰ পানীৰ তলত : ত্ৰাণ সাহায্য পঠিয়ালে বদৰুদ্দিন আজমলে ।

আব্দুল হাকিম,ডবকা  

মৰ্মান্তিক দৃশ্য, যিফালে চকু যায় পানীয়েই পানী৷ পিছে ঠাইখন কোনো নদী নহয়, খাল-বিল নহয়৷ এই পানীৰ তলত বুৰ গৈ আছে কৃষকৰ বছৰটোক লৈ দেখা সমস্ত সপোন৷ হোজাই জিলাৰ যোগীজানৰ কান্দুলিমাৰী, বাৰফুটীয়া গাঁও এতিয়া পানীৰ তলত৷ সপোনৰ খেতি পথাৰ, সোণোৱালী হৈ অহা ধান খেতিৰ এতিয়া চিন চাব নাই৷ যিফালে চকু যায় পানীয়েই পানী৷ নিজৰ খেতিডৰা, ঘৰ দুৱাৰ এৰি থৈ মানুহে তিথাপি লৈছে মথাউৰিত৷ অকনমান খাদ্য, এখন ত্ৰিপালৰ বাবে য’ত হাহাকাৰ৷ৰাইজৰ বিপত্তি দেখি সাংসদ মৌলানা বদৰুদ্দিন আজমল আৰু মহম্মদ ছিৰাজুদ্দিন আজমলৰ নিৰ্দেশত আজি আজমল চিএছআৰৰ অধীনস্থ স্বেচ্ছাসেৱী সংস্থা মৰ্কজুল মা আৰিফৰ এটা দলে খাদ্য সামগ্ৰী, ত্ৰিপাল আদি বিতৰণ কৰি ৰাইজক কিছু সকাহ দিয়ে৷ হোজাইৰ কেন্দুগুৰি, বজ্ৰপুৰ আদি এলেকাতো ত্ৰাণ সাহায্য দিয়ে মৰ্কজৰ স্বেচ্ছাসেৱকৰ দলে৷ চিৰা, পানী, বিস্কুট, চাবোন আদি বানপীড়িত ৰাইজক প্ৰদান কৰে৷ লক্ষ্যণীয় কথাটো হৈছে আজমল চিএছআৰৰ মুখ্য কাৰ্যবাহী বিষয়া মৌলানা বদৰুদ্দিন আজমল চাহাবে ভিডিঅ কলৰ জৰিয়তে ত্ৰাণ সাহায্য বিতৰণ কাৰ্যসূচীৰ তদাৰক কৰে৷

নগাঁৱত সঘনাই উদ্ধাৰ হৈছে পি পি কিট : শংকিত সৰ্বসাধাৰণ ৰাইজ ।

 নগাঁও

নগাঁৱত সঘনাই পি পি কিট উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে সকলোকে উদ্বিগ্ন কৰি তুলিছে। জানিব পৰা মতে, বিগত দুই/তিনিটা দিনৰ ভিতৰত নগাঁও চহৰকে ধৰি দাতিকাষৰীয়া বিভিন্ন ঠাইত কৰোণা ভাইৰাছৰ বিজানু থকাৰ সম্ভাৱনা থকা এই পি পি কিটসমুহ উদ্ধাৰ হৈছে। ইতিমধ্যে নগাঁও চহৰৰ ধিং গেটৰ ডিউ কেয়াৰ হস্পিতাল সমীপৰ ধিং ৰোডৰ কাষত কালি এটা পি পি কিট উদ্ধাৰ হোৱাৰ লগতে উক্ত এলেকাত আজিও মেৰিয়াই থকা অৱস্থাত আন এটা কিট উদ্ধাৰ হয়। আনহাতে, কালি উৰিয়াগা‍ঁৱৰ বাইপাচ চ’ক আৰু বেবেজীয়াৰ সমীপৰ বৰহোলাত উদ্ধাৰ হৈছিল পি পি কিট। অৱশ্যে স্থানীয় লোকে প্ৰত্যক্ষ কৰি কিটসমুহ কৌশলেৰে জ্বলাই দিয়ে। উল্লেখ্য যে মহামাৰী কৰোণা ভাইৰাছৰ পৰা হাত সাৰিবলৈ বিশেষকৈ স্বাস্থ্য  কৰ্মীৰ লগতে কোৱাৰেনন্টাইন শিবিৰত  বহি:ৰাজ্য ফেৰত লোকসকলক খাদ্যৰ যোগান ধৰা আৰু তেওঁলোকক বহি:ৰাজ্যৰ পৰা অহা লোক সকলক স্কীনিং আদি কামৰ লগত জৰিয়তে  বিষয়া-কৰ্মচাৰী আৰু স্বাস্থ্য কৰ্মী সকলে এই পি পি কিট ব্যৱহাৰ কৰে। একক ব্যৱহাৰ যোগ্য এই পি পি কিট সমুহ নিয়ম অনুসৰি এবাৰ ব্যৱহাৰ কৰাৰ পিছত জ্বলাই দিব লাগে যদিও কি কাৰণত এই কিট সমুহ নগাঁৱৰ ৰাজপথত সঘনাই উদ্ধাৰ হৈছে। এই লৈ এতিয়া সকলো উদ্বিগ্ন হোৱাৰ লগতে শংকিত হৈ পৰিছে। যিহেতু এই কিটসমুহ শিক্ষিত তথা স্বাস্থ্য নতুবা কৰোণা ভাইৰাছ সন্দৰ্ভত জ্ঞান থকা লোক সকলে ব্যৱহাৰ কৰে, সেয়ে কি স্বাৰ্থত এই শিক্ষিত লোক সকলে পথৰ দাতিত মাৰত্মক ৰূপী পি পি কিটসমুহ পেলাই থৈ যায়, তাক লৈ বিভিন্ন প্ৰশ্নৰ অৱতাৰণা হৈছে। এই ক্ষেত্ৰত সৰ্বসাধাৰণ ৰাইজক সজাগ আৰু সচেতন হৈ থাকিবলৈ আহ্বান জনাইছে সচেতন লোকে। পি পি কিট যতে ততে পলোৱা দেখা মাত্ৰেই আৰক্ষী তথা জিলা প্ৰশাসনক খবৰ দিবলৈ আহ্বান জনাইছে ভু-ৰখা মহলটোৱে।

ভাল বাৰ্তা : ক’ৰোনা ভাইৰাছৰ ঔষধ সাজু , জাপানে দিলে ব্যৱহাৰৰ অনুমতি ।

দৈনন্দিন বাতা নিজা প্ৰতিবেদনঃ

কেলিফৰ্ণিয়াৰ এটা বায়’টেক কোম্পানীয়ে জনোৱা মতে তেওঁলোকৰ পৰীক্ষামূলক ঔষধ প্ৰতিকাৰৰ ক্ষেত্ৰত ক’ভিড-১৯ত অসুস্থ হৈ পৰা চিকিৎসালয়ত থকা পাঁচ দিনীয়া ৰোগীৰ ওপৰত প্ৰয়োগ কৰে৷ ইয়াৰ পাছতে ৰোগীৰ লক্ষণবোৰ উন্নতি ঘটা দেখিবলৈ পোৱা গৈছে৷ এই ঔষধ ৰোগীৰ শিৰাত দিয়া হয়৷ জাপানৰ এজন ক’ভিড-১৯ ৰোগীৰ চিকিৎসাৰ বাবে ইয়াক অনুমোদন কৰা হৈছে৷ আনহাতে মাৰ্কিন যুক্তৰাষ্ট্ৰত জৰুৰী অৱস্থাৰ ৰোগীক এই ঔষধ দিবলৈ অনুমতি দিয়া হৈছে৷ গিলিয়াড ছাইন্সে সোমবাৰে কিছু সবিশেষ দি কৈছে যে মেডিকেল জাৰ্নেলত সম্পূৰ্ণ ফলাফল অতি সোনকালে প্ৰকাশ হ’ব৷ পৰীক্ষা নিৰীক্ষাৰ পাছত ৰেমিডিছিভিয়াৰ এটা ড্ৰাগছ হিচাপে আবিৰ্ভূত কৰা হৈছে য’ত আশা কৰা হৈছে যে মাৰাত্মক ক’ৰোনা ভাইৰাছ ৰোগৰ বিৰুদ্ধে যুঁজ কৰাত সহায় কৰিব৷ নেচনেল ইনষ্টিটিউটছ অব হেল্থৰ নেতৃত্বত এটা বৃহৎ অধ্যয়ন পৰিচালিত হৈছিল য’ত দেখা গৈছিল যে এই ঔষধটো চিকিৎসালয়ত ভৰ্ত্তি গুৰুতৰ অসুস্থ ৰোগীৰ পুনৰুদ্ধাৰৰ গড় সময় হ্ৰাস কৰে৷ এই ঔষধটো পুনৰুদ্ধাৰৰ দিনবোৰ ১৫ দিনৰ পৰা ১১ দিন কমি যায়৷ কোম্পানীটোৰ নেতৃত্বত প্ৰায় ৬০০ ৰোগীক অধ্যয়ন কৰা হৈছিল৷ তাত অলপীয়া নিউমোনিয়াত ভোগা ৰোগীক অক্সিজেনৰ প্ৰয়োজন হোৱা নাছিল৷ সকলোকে পাঁচ দিনৰ পৰা ১০ দিনৰ বাবে যাদৃচ্ছিকভাৱে ঔষধ দিয়া হৈছিল৷ লগতে সাধাৰণ যত্ন লোৱা হৈছিল৷ গিলিয়াদে কয় যে গৱেষণাৰ একাদশ দিনা পাঁচ দিনৰ বাবে ৰোগীৰ প্ৰতিকাৰৰ ব্যৱস্থা কৰা হৈছিল য’ত ৰোগীৰ উন্নতি হোৱাৰ ৬৫ শতাংশ বেছি আছিল৷ ইয়াৰ মাজত চিকিৎসা আৰু স্বাসযন্ত্ৰৰ ব্যৱস্থা প্ৰয়োজন মতে অন্তর্ভুক্ত আছে৷ দহ দিন চিকিৎসাত ভাল প্ৰমাণিত হোৱা নাছিল৷ পাঁচ দিনৰ ভিতৰত মৃত্যু হ’ব লগা ৰোগীক ঔষধ দিয়া নাছিল৷ যাৰ ১০ দিনৰ বাবে ঔষধ দিছিল তেওঁলোকৰ মাজত দুজনৰ মৃত্যু হৈছিল৷ আনহাতে ষ্টেণ্ডাৰ্ড কেয়াৰ লোৱাসকলৰ মাজত চাৰিজনৰ মৃত্যু হৈছিল৷ এই ঔষধ সেৱনকাৰীৰ মাজত বমিভাৱ আৰু মুৰৰ বিষৰ অভিযোগ বেছি আছিল৷ মিনেছ’টা মেডিকেল চেণ্টাৰ বিশ্ববিদ্যালয়ৰ সংক্ৰামক ৰোগ বিশেষজ্ঞ ডাঃ ৰাধা ৰাসিংহামে উল্লেখ কৰে যে এই গৱেষণাৰ কিছু সীমাবদ্ধতা আছে৷ সেয়ে এটা নিয়ন্ত্ৰিত গোট আছে যি ৰেমডেছিভিৰ কিছু সুবিধা পাইছে আৰু ইয়াৰ পৰা সহায় আছে৷

ভূ-মাফিয়া লাডেনক আটক

নগাঁও,

দীৰ্ঘদিন ধৰি ভয়-ভাবুকিৰে নগাঁও চহৰৰ বৰভেটি, ইছলামপট্টি, মোল্লাপট্টি আৰু হয়বৰগাঁও আদি অঞ্চলত মাটি দখলৰ  বিভিন্ন অভিযোগত অভিযুক্ত লাডেন ওৰফে ৰফিক চোকদাৰক যোৱানিশা ইছলামপট্টিৰ পৰা নগাঁও আৰক্ষীয়ে আটক কৰে। উল্লেখ্য যে ভূ-মাফিয়া লাডেনৰ কু-কীৰ্তিৰ বিষয়ে ইতিমধ্যে সংবাদ মাধ্যমত  বাতৰি পৰিৱেশিত হৈছিল যদিও  নগাঁও আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাছিল । ইপিনে যোৱা ২৭ মাৰ্চত লাডেনে গুণ্ডাবাহিনী লৈ খাইৰুল ইছলাম নামৰ এজন লোকৰ মাটি দখল কৰাৰ ওপৰিও লোকজনৰ পত্নীক  চোকা অস্ত্ৰৰে আক্ৰমণ কৰিছিল। উক্ত ঘটনা সন্দৰ্ভত নগাঁও সদৰ আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হয় যদিও ৰহস্যজনক ভাৱে আৰক্ষীয়ে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিল। ইয়াৰ উপৰিও লাডেন বাহিনীয়ে নগাঁৱৰ জ্যোতি ফ্লৰ মিলৰ সন্মুখৰ দীপ্তি ৰাজখোৱা আৰু টংক ৰাজখোৱাৰ ম্যাদি পট্টাৰ মাটি দখল কৰি ঘৰ-বাৰী নিৰ্মান কৰাৰো অভিযোগ উঠিছিল। আনকি লক-ডাউনৰ সময়ছোৱাতো লাডেন ওৰফে ৰফিক চোকদাৰৰ  সন্ত্ৰাস অব্যাহত আছিল ।নিজকে এগৰাকী প্ৰাক্তন মন্ত্ৰীৰ ঘনিষ্ঠ বুলি পৰিচয় দিয়া লাডেন ওৰফে ৰফিক চোকদাৰ বিগত কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত ৰাজনৈতিক ভাৱে প্ৰভাৱশালী হোৱাৰ সুবাদতে তেওঁৰ বিৰুদ্ধে মাত-মতা  লোকক গুলীয়াই হত্যা কৰাৰ ভাবুকিও প্ৰদান কৰিছিল। কিন্তু চামগুৰি আৰক্ষীয়ে দুদিন পূৰ্বে পুৰণিগুদাম পেট্ৰল পাম্পত ডকাইটি কৰিবলৈ অহা ৫জনীয়া ডকাইটৰ এটা দলক গ্ৰেপ্তাৰ কৰাৰ পিছত কালি ডকাইটৰ দলৰ সৈতে সম্পৰ্ক থকাৰ সন্দেহত  নগাঁও আৰক্ষীয়ে লাডেনক আটক কৰে ।  ডকাইটৰ দলটোক লাডেনে অবৈধ অস্ত্ৰ-শস্ত্ৰ যোগান ধৰাৰ অভিযোগ উঠিছে । আনহাতে চামগুৰি আৰক্ষীয়ে নগাঁও সদৰ থানাৰ পৰা লাডেনক সোধা-পোচাৰ বাবে লৈ যায়।ভূ-মাফিয়া লাডেনক আৰক্ষীয়ে আটক কৰাত নগাঁও চহৰবাসীয়ে সন্তুষ্টি প্ৰকাশ কৰিছে ।

নাগ্ৰীজুলিত বিপিএফৰ নেতা কৰ্মীৰ পদত্যাগৰ জোৱাৰ। আলাউদ্দিন আহমেদৰ নেতৃত্বত দুই শতাধিক বিপিএফ নেতা-কৰ্মীৰ পদত্যাগ ।

নাগ্ৰীজুলিত বিপিএফৰ নেতা কৰ্মীৰ পদত্যাগৰ জোৱাৰ।

তামুলপুৰ

বিটিচি পৰিষদীয় নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত বিটিচিৰ ২৭ নং নাগ্ৰীজুলি পৰিষদীয় সমষ্টিত বিপিএফ দলৰ দুই শতাধিক নেতা-কৰ্মীয়ে পদত্যাগ কৰিছে। তামুলপুৰ জিলা সংখ্যালঘু কোষৰ সভাপতি তথা ২৭ নং নাগ্ৰীজুলি পৰিষদীয় সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী আলাউদ্দিন আহমেদে আজি সংবাদ মাধ্যমৰ আগত বিপিএফ দলৰ পৰা নেতা-কৰ্মী সকলে পদত্যাগ কৰা সম্পৰ্কে ক্ষোভ প্ৰকাশ কৰি কয় যে বিগত পোন্ধৰ বছৰ ধৰি তেওঁ বিপিএফ দলৰ বিভিন্ন পদত অধিষ্ঠিত হৈ নিষ্ঠা আৰু সততাৰে সেৱা আগবঢ়াই আহিছিল। এইবাৰৰ পৰিষদৰ নিৰ্বাচনত ২৭ নং নাগ্ৰীজুলি পৰিষদীয় সমষ্টিত বিপিএফ দলে নিজাববীয়াকৈ কোনো প্ৰাৰ্থী প্ৰক্ষেপ কৰা নাছিল। সেয়েহে তেওঁ বিপিএফ দলৰ পৰা ভিতৰুৱা  সমৰ্থনত  নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা  আগবঢ়াই মনোনয়ন পত্ৰও দাখিল কৰিছিল। কিন্তু শেহতীয়াভাবে বিপিএফ দলে নাগ্ৰীজুলি পৰিষদীয় সমষ্টিত ৰবীন্দ্ৰ বিশ্বাসক সমৰ্থন দিয়াত তেওঁ বিপিএফ দলৰ তামুলপুৰ জিলা সংখ্যালঘু কোষৰ সভাপতি পদৰ পৰা পদত্যাগ কৰাৰ উপৰিও প্রাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰে। তেওঁ জানিবলৈ দিয়া মতে তেওঁৰ পদত্যাগ পত্ৰ ইতিমধ্যে যোৱা ২৮ মে’ত ডাক সেৱা যোগে তামুলপুৰ জিলা বিপিএফৰ সভাপতি-সম্পাদকলৈ প্ৰেৰণ কৰিছে। ইপিনে যুৱ নেতা আলাউদ্দিন আহমেদৰ নেতৃত্বত ৪ নং কালীপুৰস্থিত ১ নং পূৱ-কুমাৰীকাটা ভিচিডিচিৰ কাৰ্যালয়ত আজি দিনটোৰ ভিতৰত লক ডাউনৰ নীতি-নিয়ম আৰু সামাজিক দূৰত্ব বৰ্তাই ৰাখি  বিপিএফ দলৰ মূল-সমিতি, যুৱ সমিতি, মহিলা সমিতিৰ দুই শ গৰাকী নেতা-কৰ্মীয়ে পদত্যাগ কৰে। এই সকল নেতা-কৰ্মীয়ে ৰবীন্দ্ৰ বিশ্বাসক বিপিএফ দলে সমৰ্থন  দিয়া কাৰ্যত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰি বিপিএফ দলৰ বিভিন্ন পদবীৰ লগতে  প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰিছে। এই সন্দৰ্ভত বিপিএফ নেতা ভক্ত বাহাদুৰ লিম্বুয়ে সংবাদ মাধ্যমৰ আগত কয় যে বিপিএফ দলে ২৭ নং নাগ্ৰীজুলি পৰিষদীয় সমষ্টিত নিজাববীয়া প্ৰাৰ্থী প্ৰক্ষেপ নকৰি বিপিএফৰ মিত্ৰদল বিজেপিক আসনখন এৰি দিছিল। কিন্তু বিপিএফৰ একাংশ নেতা-কৰ্মী-সমৰ্থকে বিজেপি দলৰ প্ৰক্ষেপিত প্ৰাৰ্থী গৰাকীক সমৰ্থন নজনাই সেই সকলে সেই সময়ৰ বিপিএফৰ নেতা আলাউদ্দিন আহমেদক সমৰ্থন জনাই নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰিবলৈ হেঁচা দিয়ে। সেই মৰ্মে আলাউদ্দিন আহমেদে কেইবাহাজাৰ সমৰ্থকক লগত লৈ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন পাত্ৰ দাখিল কৰিছিল। কিন্তু শেহতীয়াভাবে বিপিএফ দলে নাগ্ৰীজুলি পৰিষদীয় সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী ৰবীন্দ্ৰ বিশ্বাসক সমৰ্থন দিছে। এনে ক্ষেত্ৰত বিপিএফ দলৰ নেতা-কৰ্মীৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি হয়। আৰু সেই বাবেই তেওঁলোকে বিপিএফ দলৰ পৰা পদত্যাগ কৰা বুলি ভক্ত বাহাদুৰ লিম্বুয়ে সংবাদ মাধ্যমৰ আগত সদৰী কৰে। ভক্ত বাহাদুৰ লিম্বুৰ উপৰিও আজি পদত্যাগী কেইবা গৰাকীও নেতা-কৰ্মীয়ে অভিযোগ কৰি  বিগত ১৫ বছৰ ধৰি নাগ্ৰীজুলিত বিপিএফ দলৰ হৈ নিষ্ঠাৰে কাম কৰি অহা জেষ্ঠ্য তথা তৃণমূল পৰ্য্যায়ৰ কৰ্মীৰ সৈতে কোনো ধৰণৰ আলাপ-আলোচনা নকৰি কেইগৰাকী মান বিপিএফ নেতাই ৰবীন্দ্ৰ বিশ্বাসক বিপিএফ দলৰ পৰা সমৰ্থন জনোৱা বুলি জানিব পাৰি ক্ষোভিত হৈ এই সকলে আজি বিপিএফ দলৰ পৰা পদত্যাগ কৰে বুলিও ব্যক্ত কৰে। আজি বিপিএফ দল পদত্যাগী সদস্যসকলে আগন্তুক বিটিচি পৰিষদীয় নিৰ্বাচনত ২৭ নং নাগ্ৰীজুলি পৰিষদীয় সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী আলাউদ্দিন আহমেদক সমৰ্থন জনাই কাম কৰি যাব বুলিও মত প্ৰকাশ কৰে।

হোজাইত ককালৰ হাড় ভাঙা অসহায় ব্যক্তিক ১০ হেজাৰ টকাৰ আৰ্থিক সাহাৰ্য জমিয়তৰ।

হোজাইত ককালৰ হাড় ভাঙা অসহায় ব্যক্তিক ১০ হেজাৰ টকাৰ আৰ্থিক সাহাৰ্য জমিয়তৰ।

হোজাই

হোজাই জিলাৰ লংকা উদালীৰ লাচিত পথাৰ গাৱৰ মুজিবুৰ ৰহমান নামৰ এগৰাকী ব্যক্তিয়ে ঈদৰ আগ দিনাখন এক আকস্মিক পথ দুৰ্ঘটনাত পতিত হৈ বৰ্তমান চটফটাইছে বিছনাত। অতি দৰিদ্ৰ ঘৰৰ মুজিবুৰ ৰহমানে জীবিকা হিচাপে ঘোড়াৰ গাড়ী চলাই পৰিয়ালৰ ৯ গৰাকী সদস্যক পোহ পাল দি আহিছিল।পৰিয়ালৰ এক মাত্ৰ উপাৰ্জন কাৰী মুজিবুৰ ৰহমানে ঈদৰ আগদিনা নিজ ঘোড়াৰ গাড়ীলৈ ঈদৰ বজাৰ কৰিবলৈ গৈ পথ দুৰ্ঘটনাত পতিত হৈ বিছনাত ছটফটাই থকাৰ সময়তেই আজি মৌলানা মুস্তাক আনফৰ নেতৃত্বাধীন অসম ৰাজ্যিক জমিয়ত উলামাৰ সম্পাদক মৌলানা কলিম উদ্দিনে তেখেতৰ টীম লগতলৈ মুজিবুৰৰ ঘৰত উপস্থিত হৈ নগত ১০ হেজাৰ টকাৰ আৰ্থিক সাহাৰ্য্য আগবঢ়াই। পৰিয়ালৰ ৯ গৰাকী সদস্যৰ একমাত্ৰ উপাৰ্জনকাৰী মুজিবুৰ ৰহমানৰ বৰ্তমান যথেষ্ট সহায়ৰ প্ৰয়োজন হৈছে।এইক্ষেত্ৰত চৰকাৰ আৰু হৃদয়বান ব্যক্তিসকলৰ পৰা অসহায় মুজিবুৰ ৰহমানে সহায়ৰ হাত বিচাৰিছে।