Home Blog Page 3320

অনলাইন পৰীক্ষাৰ সময়সূচীয়ে বিপাঙত পেলাইছে অভিভাৱকক, ব্যক্তিগত খণ্ডৰ বিদ্যালয় কৰ্তৃপক্ষক সময়সূচী সালসলনি কৰাৰ আহ্বান

নগাঁও : ক’ৰোণাৰ বাবে অনলাইন সেৱাৰ জৰিয়তে পাঠদান চলাই থকা ব্যক্তিগত খণ্ডৰ বিদ্যালয় সমূহে শেহতীয়াভাৱে অহা আগষ্ট মাহৰ পৰা ছয়মহীয়া পৰীক্ষা সমূহ অনলাইন যোগে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে। কিন্তু অনলাইন পৰীক্ষাৰ বাবে ব্যক্তিগত খণ্ডৰ বিদ্যালয় সমূহে ঘোষণা কৰা সময় সূচীয়ে বিপাঙত পেলাইছে অভিভাৱক সকলক। পূৰ্বতে বিদ্যালয় সমূহে লিখিত পৰীক্ষা অনুষ্ঠিত কৰা সময়তে বৰ্তমানৰ অনলাইন পৰীক্ষাও অনুষ্ঠিত কৰিব বিচৰা কাৰ্যত চিন্তিত কৰি তুলিছে অভিভাৱক সকলক। কাৰণ স্মাৰ্টফোনৰ জৰিয়তে সন্তানক পৰীক্ষাত অৱতীৰ্ণ কৰোৱাত অসুবিধাৰ সন্মুখীন হৈছে অভিভাৱক সকলক। সাধাৰণতে বৃত্তিগত কাৰণত ঘৰৰ পৰা বাহিৰলৈ যাবলগীয়া হোৱা সময়তে সন্তানৰ অনলাইন পৰীক্ষাৰ সময়সূচী ঘোষণা হোৱাত চৰম অসুবিধাৰ সন্মুখীন হৈছে অধিকাংশ অভিভাৱক। কাৰণ নিজৰ নিত্যপ্ৰয়োজনত ব্যৱহৃত স্মাৰ্ট ফোন সন্তানৰ বাবে এৰি থৈ যাব লগা হলে যথেষ্ট অসুবিধাৰ সন্মুখীন হব অভিভাৱক সকল। সেয়ে অধিকাংশ অভিভাৱকেই অনলাইন পৰীক্ষাৰ সময়সূচী সলনিৰ আহ্বান জনাইছে। উল্লেখযোগ্য যে, বৰ্তমানৰ সময়সূচী অনুসৰি পুৱা ১০বজাৰ পৰা ১২বজালৈ অনলাইন পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা। কিন্তু অভিভাৱক সকলে ইয়াৰ পৰিৱৰ্তে পুৱা ৭বজাৰ পৰা ৯বজালৈ অথবা বিয়লি ৪বজাৰ পৰা ৬বজালৈ পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে আহ্বান জনাইছে।

বিভা হিমাংশু মেম’ৰিয়েল ট্ৰাষ্টৰ উদ্যোগত চন্দ্ৰপূৰ হাজংবড়িৰ বানাক্ৰান্ত পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ

গুৱাহাটী : গুৱাহাটী মহানগৰীৰ বিভা-হিমাংশু মেম’ৰিয়েল ট্ৰাষ্ট সদায় দুৰ্গত লোকৰ কাষত থিয় দি আহিছে। সেই অনুসৰি বিগত বৰ্ষ সমূহৰ দৰে এইবাৰো বিভা হিমাংশু মেম’ৰিয়েল ট্ৰাষ্টৰ উদ্যোগত দুৰ্গত সকলক কেইবাপ্ৰকাৰেও সহায় সহযোগিতা আগবঢ়োৱা হয় । তাৰ ভিতৰত যোৱা লকডাউনৰ সময় চোৱাত মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত বিভা হিমাংশু মেম’ৰিয়েল ট্ৰাষ্টৰ স্বত্বাধিকাৰী সঞ্জয় গোস্বামী আৰু নন্দিতা শৰ্মা গোস্বামীয়ে মহানগৰীৰ বিভিন্ন প্ৰান্তৰ দুখীয়া-দৰিদ্ৰ পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে । লগতে হাতীগাওঁ স্থিত মাদাৰ বৃদ্ধা আশ্ৰমৰ ১৩গৰাকী বৃদ্ধাক জীৱনৰ অন্তিম সময়ছোৱাত সম্পূৰ্ণ ব্যয় বহন কৰি তীৰ্থ যাত্ৰালৈ প্ৰেৰণ কৰাৰ দৰে মহৎ কাম কৰি আহিছে । লগতে ২০১৭চনৰ পৰা ট্ৰাষ্ট-এ প্ৰতিবছৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ দুগৰাকীকৈ দৰিদ্ৰ মেধাবী শিক্ষার্থীক স্নাতক পৰ্যন্ত অধ্যয়নৰ ব্যয় বহন কৰি আহিছে । সমাজৰ দুখীয়া-দৰিদ্ৰৰ কাষত সদায় থিয় দিয়া বিভা-হিমাংশু মেম’ৰিয়েল ট্ৰাষ্ট-এ এইবাৰো বাৰিষাৰ এই বলিয়া বানত যিসকল লোকে নিজৰ ঘৰ-বাৰী হেৰুৱাই সৰ্বস্বান্ত হৈছে সেইসকল লোকৰ মাজত উপস্থিত হৈ মহানগৰীৰ চন্দ্ৰপুৰৰ হাজংবড়ি অঞ্চলত প্ৰায় ১৬০ ঘৰৰো অধিক দুৰ্গত পৰিয়ালক খাদ্য বস্তু আৰু মাস্ক প্ৰদান কৰে । খাদ্য সামগ্ৰী বিতৰণ কাৰ্য্যসূচীত উপস্থিত থাকে বিভা-হিমাংশু মেম’ৰিয়েল ট্ৰাষ্টৰ স্বত্বাধিকাৰী সঞ্জয় গোস্বামী আৰু নন্দিতা শৰ্মা গোস্বামীয়ে । বিভা-হিমাংশু মেম’ৰিয়েল ট্ৰাষ্টৰ স্বত্বাধিকাৰী নন্দিতা শৰ্মা গোস্বামীয়ে বানাক্ৰান্ত সকলৰ মাজত উপস্থিত হয় কয় যে বলিয়া বানত চন্দ্ৰপুৰ-হাজংবড়ি অঞ্চলৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত প্ৰলয়ংকাৰী বানে যি ক্ষয় ক্ষতি কৰিলে, তাৰপৰা বানাক্ৰান্ত পৰিয়ালক সামান্য সকাহ দিয়াৰ বাবেই ট্ৰাষ্টৰ জৰিয়তে এনেদৰে সামৰ্থ অনুযায়ী খাদ্য বস্তু সমূহ প্ৰদান কৰা হয় । আনহাতে কৰোনাৰ সংক্ৰমণ প্ৰতিহত কৰাৰ বাবে ৰাজ্য চৰকাৰে যি নীতি-নিৰ্দেশনা জাৰি কৰিছে তাক মানি চলিবলৈকো আহ্বান জনায় বিভা-হিমাংশু মেম’ৰিয়েল ট্ৰাষ্টৰ স্বত্বাধিকাৰী নন্দিতা শৰ্মা গোস্বামীয়ে। বিশেষকৈ মুখমণ্ডলত মাক্স পৰিধান কৰি সামাজিক দূৰত্ব মানি চলাৰ ওপৰত অধিক গুৰুত্ব দিবলৈ আহ্বান জনায় । খাদ্য সামগ্ৰী বিতৰণ কাৰ্যসূচীত উপস্থিত থাকে হাজংবড়ি অঞ্চলৰ গাঁও বুঢ়া দেৱজিত ৰংপি, গাঁও কল্যান সমিতিৰ সভাপতি বলোৰাম হাজৰিকা , গাঁও সুৰক্ষা বাহিনীৰ নায়ক ৰাজেন আবং আৰু বিদ্যা ভাৰতীৰ প্ৰকল্প প্ৰমুখ ভূষণ গোস্বামী ।

‘কা’ বাতিলৰ দাবীত আছুৰ মানব শৃংখল

তিনিচুকীয়া : নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আজি সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে, জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত ১২খন আঞ্চলিক ছাত্ৰ সন্থাই নিজ নিজ অঞ্চলত ‘মানৱ শৃংখল’ কাৰ্যসূচী ৰূপায়ণ কৰে৷ কৰ’না সংক্ৰান্তীয় ল’বলগীয়া সম্পূৰ্ণ সাৱধানতা তথা সামাজিক দূৰত্বৰ নীতি পালন কৰি উক্ত কাৰ্যসূচীটো সফলভাৱে ৰূপায়ণ কৰা হয়৷ কাৰ্যসূচীত উপস্থিত থাকে সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমৰ জ্যোতি গোঁহাই৷ কাৰ্যসূচীটোত সহযোগিতা আগবঢ়ায় অসম সাহিত্য সভা, কা বিৰোধী যৌথ মঞ্চৰ বিষয়ববীয়া, সদৌ মৰাণ ছাত্ৰ সন্থা, মটক যুৱ ছাত্ৰ সন্মিলন, সদৌ তাই আহোম ছাত্ৰ সন্থা, চাহ জনগোষ্ঠী ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকলে৷ এই কাৰ্যসূচীৰ জৰিয়তে আছুৱে স্পষ্টকৈ কেন্দ্ৰ তথা ৰাজ্য চৰকাৰক সকীয়াই দিব বিচাৰিছে যে ছাত্ৰ সন্থাই কেতিয়াও ‘কা’ মনা নাছিলে আৰু ভৱিষ্যতেও নামানে৷ লাগিলে পৰিস্থিতি যিয়েই নহওঁক কিয় আছুৱে এই আইন বাতিলৰ বাবে যিকোনো পৰিস্থিতিৰ সন্মুখীন হ’বলৈ সাজু আছে।

ভাৰতত যোৱা ২৪ ঘণ্টাত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৪৭,৭০৩

দৈনন্দিন বাৰ্তা ডেস্ক : ভাৰতত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা নিতৌ বৃদ্ধি পাই আছে৷ আক্ৰান্তৰ সংখ্যা ১৫ লাখ স্পৰ্শ কৰিবলৈ বেছি ক্ষণ নাই৷ যোৱা ২৪ ঘণ্টাত ভাৰতবৰ্ষত ৪৭,৭০৩ জন আক্ৰান্ত হয়৷ ইয়াকে লৈ দেশত মুঠ আক্ৰান্তৰ সংখ্যা হ’ল ১৪ লাখ ৮৩ হাজাৰ ১৫৬ জন৷ যোৱা ২৪ ঘণ্টাত দেশত মুঠ সংক্ৰমণৰ হাৰ হ’ল ৯.০৩ শতাংশ। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ মতে  যোৱা ২৪ ঘণ্টাত ৬৫৪ জন লোক ক’ৰোনাত মৃত্যু হয়৷ ইয়াকে লৈ দেশত মুঠ ৩৩,৪২৫ জন লোক ক’ৰোনাত মৃত্যু হৈছে৷ ইয়াৰ ভিতৰত মহাৰাষ্ট্ৰত সৰ্বাধিক ১৩,৮৮৩ জনৰ মৃত্যু হৈছে৷ দিল্লীত ৩৮৬৩, তামিলনাডুত ৩৫৭১, গুজৰাটত ২৩৫৮ জন লোক ক’ৰোনাত মৃত্যু হৈছে৷

২১ৰ নিৰ্বাচন আৰু অখিল গগৈ…

মদন মোহন পাগবন্ধা

২০১৬ চনৰ শেষ শৰাইঘাট ৰণত যুঁজ কৰি বিজেপিৰ মিত্ৰজোঁটৰ এখন চৰকাৰ ৰাইজে পাতিলে জনগণে কি পালে কি নাপালে আপোনালোকে দেখিলে। এতিয়া ২১ ৰ নিৰ্বাচন সমাগত অসমত বলিছে চৰকাৰ বিৰোধী বিক্ষিপ্ত বতাহ। আমাৰ দৃষ্টিত বিৰোধী বতাহ আৰু সেই বিৰোধী বতাহ বেলতলৈ যোৱাটো এক বেলেগ কথা। এনে সময়তে আহি পৰিছে অখিল গগৈৰ প্ৰসংগ। ইতিমধ্যে এক তৃতীয় মৰ্চাৰ গঠন প্ৰক্ৰিয়া আৰম্ভ হৈছে। এতিয়া কথা হৈছে অসমৰ যি চৰকাৰ তাৰ বিৰোধী সমূহ শক্তি একেলগে মাৰ বান্ধি থিয় হ’ব পাৰিবনে? যদিহে বিৰোধী শক্তি সমূহ বিভাজিত হৈ চৰকাৰ সলনিৰ অলীক স্বপ্ন দেখিছে তেওঁ তেন্তে মূৰ্খৰ স্বৰ্গত বাস কৰিছে। কাৰণ বিৰোধীৰ ভোট বিভাজন হৈ বর্তমানৰ চৰকাৰে কোৱাৰ দৰে ১০০ আসন প্ৰাপ্তিৰ বাট মোকোলাই দিয়া হ’ব। এতিয়া আহো অখিল গগৈ প্ৰসংগলৈ। আমি যি দেখিছোঁ এই সময়ত সকলোৰে চকুৰ আগত বিকল্প এখন মুখ ভাঁহি আহিছে সেইখন হ’ল অখিল গগৈ। অখিল গগৈ এতিয়া অকল নিম্ন মধ্যবিত্তৰ এক প্ৰতিবাদী সত্তা হৈ থকা নাই। অখিল এতিয়া অসমৰ সকলো জনতাৰ এক গ্রহণযোগ্য নেতা হিচাপে প্ৰতিপন্ন হৈছে। এই সময়ছোৱাত এটা কথা মন কৰিছোঁ অসমৰ প্ৰতিটো জাতীয় দল-সংগঠনে অখিল গগৈৰ পক্ষত থিয় দিছে। এই কথাই তেওঁৰ গ্রহণযোগ্যতাক প্ৰতিপন্ন কৰিছে। এতিয়া অখিল গগৈৰ কিন্তু কিছু দায়িত্ব আছে আমি আগতেই কৈছো যে প্ৰতিবাদ কৰা আৰু প্ৰতিবাদী ৰাইজক সংগঠিত কৰি এখন চৰকাৰ সলনি কৰা কিন্তু জটিল কাম। এই ক্ষেত্ৰত অসমৰ চুকে কোণে ৰাইজক সংগঠিত কৰিব লাগিব। চৰকাৰে এই সময়ত অখিল গগৈক মুকলি কৰি দিলেও এইয়া কিন্তু হ’ব সাময়িক। যদি কিবা কাৰণত আকৌ আন্দোলনে ব্যাপক বা বিক্ষিপ্ত ৰূপ লয় তেন্তে তেওঁক আকৌ কাৰাগাৰলৈ নিক্ষেপ কৰিলেও একো আচৰিত হ’ব লগা নাই। গতিকে এই সময়ছোৱাত অসমৰ প্ৰতিটো বিৰোধী শক্তিক একত্ৰিত কৰি গগৈ এক শক্তিশালী ভেটি নিৰ্মাণ কৰিবই লাগিব। কাৰণ নিৰ্বাচনত ভোটৰ অংক হ’ব য’ত থাকিব জাতি ধৰ্ম আঞ্চলিক সমস্যা আদি। এটা কথা ঠিক অসমৰ ৰাইজৰ কিন্তু অঞ্চলিকতাবাদক বৰ সহজে বিশ্বাস নকৰিব। কাৰণ অসম গণ পৰিষদে ৰাইজক কি দিলে সকলোৱে দেখিলে। গতিকে এই বিশ্বাসো কিন্তু গগৈয়ে অসমৰ ৰাইজক দিব লাগিব। মুঠৰ ওপৰত চৰকাৰ বিৰোধী আঞ্চলিকতাবাদী শক্তি, জনগোষ্ঠীয় আঞ্চলিকতাবাদী শক্তি, সমূহ বিৰোধী ঐক্য আৰু অসমৰ সৰ্বস্তৰৰ জনগণক একত্ৰিত কৰি এক বিশ্বাস জন্মাই সংগঠিত কৰাৰ দায়িত্বও কিন্তু অখিল গগৈৰে।

লাকুৱাত আলফাৰ ২৯তম শ্বহীদ দিৱস পালন

গেলেকী :  শিৱসাগৰ আৰু চৰাইদেউ জিলা অসম-নাগালেণ্ড ও অসম-অৰুণাচল সীমান্তৱৰ্তী অঞ্চলসমূহত বিদ্ৰোহী সংগঠনসমূহৰ চলা-ফুৰা, কাম-কাজ কৰাৰ সন্দেহজনক স্থিতিসমূহ কেতিয়াও নুই কৰিব নোৱাৰি। শেহতীয়াকৈ নাজিৰা মহকুমা অন্তৰ্গত লাকুৱাত সংযুক্ত মুক্তি বাহিনী অসম চমুকৈ আলফাৰ ২৯ তম শ্বহীদ দিৱস পালন কৰাৰ খবৰ পোৱা গৈছে। ২৭ জুলাই দিনা উক্ত শ্বহীদ দিৱস পালন কৰে আলোচনাপন্থী আলফাৰ সংগ্ৰামী লোকসকলে। সম্প্ৰতি অসমৰ মুক্তিকামী জনসাধাৰণৰ বাবে প্ৰাণ আহুতি দিয়া জাতীয় শ্বহীদ সকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলী জনাই লাকুৱাস্থিত আলোচনাপন্থী আলফাৰ মুখ্য কাৰ্যালয় নৱ নিৰ্মাণ কেন্দ্ৰত অনুষ্টুপীয়াকৈ আয়োজন কৰা হয় আলফাৰ শ্বহীদ দিৱস। উল্লেখ্য যে আলোচনা পন্থী আলফাৰ সদস্য আৰু তেওঁলোকৰ পৰিয়ালবৰ্গৰ উপস্থিতিত আয়োজন কৰা এই অনুষ্ঠানত সংগঠনটোৰ সভাপতি অৰবিন্দ ৰাজখোৱাই সংগঠনটোৰ পতাকা উত্তোলন কৰি মূল কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। ইয়াৰ পিছতে শ্বহীদ স্তম্ভত বন্তি প্ৰজ্বলন, পুস্পাঞ্জলি জ্ঞাপন কৰি শ্বহীদ সকলক স্মৰণ কৰা হয়। পতাকা উত্তোলন কৰি দিয়া ভাষণত সভাপতি ৰাজখোৱাই কয় যে ক’ৰণা ভাইৰাছৰ সংক্ৰমণৰ ফলত সৃষ্টি হোৱা পৰিৱেশৰ বাবে দেশৰ অৰ্থনীতি ভাঙি থানবান হোৱাৰ উপক্ৰম হৈছে। ইয়াৰ ফলত দেশৰ দৰিদ্ৰ জনসাধাৰণে যথেষ্ট অসুবিধাৰ মাজেদি দিন অতিবাহিত কৰিব লগা হ’ব। সশস্ত্ৰ সংগ্ৰামৰ পন্থা পৰিহাৰ কৰি অসমত শান্তি প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে মূলসুঁতিলৈ উভতি অহা আলোচনাপন্থী আলফা সদস্য সকলেও একেই পৰিস্থিতিৰ সন্মুখীন হ’ব লগা হৈছে। আনহাতে দেশৰ জনসাধাৰণে অতিবাহিত কৰি থকা এই জটিল সময়ত আলফা শ্বহীদ সকলক স্মৰণ কৰি সভাপতি ৰাজখোৱাই সকলোকে ধৈৰ্য্য সহ আগবাঢ়িবলৈ আহ্বান জনায়। য’ত কেইবাগৰাকীও শীৰ্ষ আলোচনাপন্থী আলফা নেতাই অংশগ্ৰহণ কৰে।

মাজবাটত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ : মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ তিনিটা এ কে-৫৬ ৰাইফলৰ লগতে তিনিটা মেগজিনসহ ২০ জাই সজিব গুলী

ওৰাং : বি টি চি নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত মঙ্গলবাৰে পুৱতি নিশা পুনৰ মাজবাটত বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ  উদ্ধাৰ। মাজবাট আৰক্ষী থানাৰ অন্তৰ্গত দেউচানীৰ পাগলা নৈৰ পাৰত মাটিত পুটি থোৱা অৱস্থাত উদ্ধাৰ কৰে এই বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰখিনি৷ ওদালগুৰি জিলাৰ অতিৰিক্ত আৰক্ষী অধিক্ষক বিদুৎ দাস বড়ো, উপ আৰক্ষী অধীক্ষক মইদুল ইছলামৰ নেতৃত্বত চলিছিল এই অভিজান৷ এই অভিজানত সহযোগ কৰে মাজবাট আৰক্ষী থানাৰ আৰক্ষী বিষয়া ৰাজা ইৰছাদ আৰু ৰৌতা আৰক্ষী থানাৰ আৰক্ষী বিষয়া হেমন্ত বৰুৱাই৷ গোপন সূত্ৰৰ খবৰৰ ভিত্তিত ওদালগুৰি আৰক্ষীয়ে নিশা চলাইছিল এই অভিযান। অভিযান চলাই ওদালগুৰি আৰক্ষীয়ে পাগলা নৈৰ পাৰত মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰে তিনিটা এ কে-৫৬ ৰাইফলৰ লগতে তিনিটা মেগজিন আৰু ২০ জাই সজিব গুলী৷ মাৰণাস্ত্ৰ উদ্ধাৰ হোৱাক লৈ  বি টি চি পৰিষদীয় নিৰ্বাচন ৰক্তাক্ত হোৱাৰ আশংকা প্ৰকাশ কৰিছে সচেতন ৰাইজে। বড়ো ভূমিত উগ্ৰপন্থী সংগঠনে বড়ো শান্তি চুক্তি স্বাক্ষৰ কৰাৰ পিছত চৰকাৰৰ হাতত জমা দিছিল বৃহৎ পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ। কিন্তু লক্ষণীয়ভাৱে সঘনাই বড়ো ভূমিত অবৈধ মাৰনাস্ত্ৰ উদ্ধাৰ হৈছে। এয়া কোনো উগ্ৰপন্থী সংগঠনৰ মাৰণাস্ত্ৰ নে? প্ৰকৃততে উগ্ৰপন্থী সংগঠনে চৰকাৰৰ ওচৰত জমা দিয়া নাছিল মাৰণাস্ত্ৰসমূহ। এই প্ৰশ্ন এতিয়া সাধাৰণ ৰাইজৰ মুখে মুখে৷

চাইকেল, এক পুৰণি সুবাস

ৰশ্মিৰেখা ভট্টাচাৰ্য

এসময়ত চাইকেলে যাতায়তৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। নতুন ৰেলী চাইকেল এখন চোতালত থিয় কৰিব পৰাটো  আছিল  অভিজাত্যৰ চানেকি। ডাকোৱালৰ চাইকেলৰ টিলিঙাৰ মাতে কঢ়িয়াই  আনিছিল ক’তজনলৈ আশাৰ ৰেঙনি, হেঁপাহৰ প্ৰিয়জনৰ বতৰা। কলেজীয়া ডেকা ল’ৰাৰ বাবে, চহৰত চাকৰি কৰিবলৈ পুৱাতে ওলাই যোৱা গাঁৱৰ ডেকাজনৰ বাবে চাইকেলখনেই  আছিল উত্তম সাৰথি। পথৰ মাজেৰে চিকচিকিয়া চাইকেলখনেৰে টিলিঙা বজাই যোৱা ডেকাজন  আছিল জীয়ৰীহঁতৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু। যুগৰ পৰিৱৰ্তনৰ লগে লগে চাইকেলৰ টিলিঙাৰ মাত কৰ’বাত হেৰাই গ’ল। বিভিন্ন দুচকীয়া, চাৰিচকীয়া যান-বাহনৰ পয়োভৰে চাইকেলক এলাগী কৰি তুলিলে। কৰ’না ভাইৰাছৰ দ্ৰুত সংক্ৰমণ হেতু প্ৰযোজ্য হোৱা লকডাউনে চাইকেলখনক পুনৰ এক নতুন মাত্ৰা প্ৰদান কৰিছে। বৰ্হিৰাজ্যত থকা  আমাৰ বহু ডেকাল’ৰা কৰ্মচ্যুত হৈ লকডাউনৰ আৰম্ভণিতে গাড়ী মটৰৰ  চলাচল বন্ধ থকা বাবে  চাইকেল চলাই চলাই নিজ ঘৰলৈ উভতি আহিছিল… এইবিলাক বাতৰি  আমি বিভিন্ন নিউজ চেনেল তথা ছ’চিয়েল মিডিয়াত দেখিবলৈ পাইছোঁ। লকডাউনৰ  আগত তথা পিছতো তেলৰ দাম বৃদ্ধিৰ পৰিপ্ৰেক্ষিততো বহুলোকে চাইকেলখনক পুনৰ  আপোন কৰি লোৱা দেখা গৈছে। বৰ্তমান ব্যক্তিগত যান-বাহনসমূহ  আৰক্ষীৰ কঠোৰ পহৰাৰ মাজেৰে পাৰ হ’ব লগা হোৱাৰ বাবেও বহুলোকে নিৰহ-নিপানি, নিমাখিত চাইকেলখন ব্যৱহাৰ কৰিবলৈ লোৱা পৰিলক্ষিত হৈছে। প্ৰশ্ন হয়, বাইক তথা  অত্যাধুনিক চাৰিচকীয়া বাহনসমূহৰ লগতে চাইকেলৰ চাহিদা  আকৌ বজাৰত বাঢ়িব নেকি?  আমাৰ মাজলৈ  আকৌ ঘূৰি  আহিব নেকি হেৰাই যোৱা চাইকেলখন? 

নাজিৰাত, ক’ভিড-১৯ টেষ্ট কিট ক্ৰয়ৰ ক্ষেত্ৰত বিধায়ক দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া

গেলেকী :  নাজিৰা সমষ্টিৰ বিধায়ক তথা ৰাজ্যৰ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া। ক’ভিড-১৯ টেষ্ট কিট ক্ৰয়ৰ ক্ষেত্ৰত অধিক মূল্য পৰিশোধ কৰিছে অসম চৰকাৰে। দেৱব্ৰত শইকীয়া ক’ভিড-১৯ পৰীক্ষাৰ বাবে অসম চৰকাৰে ক্ৰয় কৰা টেষ্ট কিট সমূহৰ মূল্যক লৈ কেতবোৰ অভিযোগ উত্থাপন কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই৷ তেওঁৰ উত্থাপিত অভিযোগ অনুসৰি ক’ভিড-১৯ ৰ বাবে ভিন্ন সামগ্ৰী ক্ৰয় কৰাৰ সময়ত হৈছে খেলিমেলিৰ৷ লগতে তেওঁলৈ অহা এটা মেইলযোগে তেওঁৰ অৱগত কৰোৱা হৈছিল যে অসমৰ মুখ্যমন্ত্ৰী আৰু ভাৰতৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত অসমৰ স্বাস্থ্য বিভাগৰ বাবে টেষ্ট কিট ক্ৰয় কৰাৰ বাবদ পৰিশোধ কৰিছে উচ্চ হাৰ৷ তেওঁক প্ৰদান কৰা সেই অভিযোগত উল্লেখ আছিল যে ৪৯০ টকা দৰত উত্তৰ প্ৰদেশত টেষ্ট কিট কিনাৰ পৰিৱৰ্তে অসমত প্ৰায় ৬৫৫ টকাৰ ব্যৱধানেৰে প্ৰায় ১১ শ টকাতকৈয়ো অধিক মূল্যত ক্ৰয় কৰিছিল অনুৰূপ মানসম্পন্ন টেষ্ট কিট৷ এই অভিযোগ তেওঁ জুন মাহত পোৱাৰ পাছতে জুলাইৰ মাহত আনুমানিক ২০/২১ তাৰিখে তেওঁ অভিযোগ আৰু তেওঁৰ হাতত থকা তথ্যখিনি তদন্তৰ বাবে অসমৰ উপ-লোকায়ুক্তক তেওঁ প্ৰদান কৰিছিল৷ সকলো কাম স্বচ্ছতাৰে হৈছে নে নাই সেই জনাৰ লগতে, যদিহে তাত কিবা ক্ৰুটি আছে সেই ক্ৰুটি সমূহ দূৰ কৰাৰ বাবে বিহীত ব্যৱস্থা ল’ব পাৰে। সেই উদ্দেশ্য তেওঁ উপ-লোকায়ুক্তক অৰ্পণ কৰে সকলো তথ্য৷ লগতে বৰ্তমান পৃথকীকৰণ কেন্দ্ৰত ৰখা তথা নিজ গৃহত পৃথকীকৰণ হৈ থকা ব্যক্তিসকলে স্বাস্থ্য বিভাগৰ বিৰুদ্ধে কৰা ভিন্ন অভিযোগ সন্দৰ্ভত তেওঁ ছ’চিয়েল মিডিয়া ফেচবুকত এক ভিডিঅ’যোগে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে৷

কঁঠালে প্ৰতিৰোধ কৰে বহু জটিল ৰোগ, এটা কঁঠাল গুটিৰ দাম হৈছেগৈ ১৫ টকা

দৈনন্দিন বাৰ্তা ডিজিটেল ডেস্কঃ কঁঠাল, কৰ’নাৰ লগতে বহু জটিল ৰোগ প্ৰতিৰোধ কৰাৰ গুণৰ বাবে এইবাৰ চৰ্চালৈ আহিছে আপোনাৰ মোৰ চিৰ পৰিচিত কঁঠাল। । বিভিন্ন গৱেষণাত প্ৰকাশ পাইছে যে, কঁঠালত থকা গুণাগুণে বৃদ্ধি কৰিব পাৰে ৰোগ প্ৰতিৰোধ ক্ষমতা।কঁঠালত প্ৰচূৰ পৰিমাণে আছে ভিটামিন চি আৰু এণ্টি অক্সিডেণ্ট। কঁঠাল আৰু কঁঠালগুটিৰ আছে কৰ্কট ৰোগ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা। কঁঠালে দেহত উত্‍পন্ন হোৱা বিভিন্ন ক্ষতিকাৰক পদাৰ্থক নিঃশেষ কৰিব পাৰে। প্ৰচূৰ পৰিমাণে প্ৰটিনো আছে কঁঠালৰ গুটিৰ। মনকৰিবলগীয়া যে, গৱেষণাত কঁঠালৰ ইমান খিনি গুণাগুণ প্ৰমাণিত হোৱাৰ পিছতে এতিয়া আন্তঃৰাষ্ট্ৰীয় বজাৰত বাঢ়িছে কঁঠালৰ চাহিদা। আন্তঃৰাষ্ট্ৰীয় বজাৰত এতিয়া মাত্ৰ এটা কঁঠাল গুটিৰ দাম হৈছেগৈ ১৫ টকা।

জ্যোতিস্মান শৰ্মা