Home Blog Page 3319

মুস্কান – ৰং অথবা হাঁহিৰ বৰণ

ৰাজীৱ কমল শইকীয়া

মুস্কান এটা মিঠা শব্দ। মূল উৰ্দু। হিন্দী ভাষাৰে  আহি আমাৰ স্পন্দনত বিয়পি কলিজাৰ আপোন হৈ পৰা সুমিষ্টতাৰে ভৰপূৰ,  লৱণু কোমল এই শব্দৰ আমাৰ মাতৃভাষাত অৰ্থ হৈছে- মিচিকণি অৰ্থাৎ হাঁহি। হাঁহিৰ বিভিন্ন- স্মিতহাস, প্ৰাণখোলা হাঁহি ইত্যাদি অনেক। পিছে আজি, ইয়াৰ ভাগবোৰৰ কথা আলোচনা নকৰি, মূলতঃ হাঁহিৰ কথাহে পাতিম। তাহানিতে ৰূপকোঁৱৰে যে আমালৈ থৈ গৈছিল-

“হাঁহা সখী মোৰ

হাঁহা সখী মোৰ

হাঁহিৰে ফাকু খেলা…।” 

এই অমৃত সম্পত্তিৰ উত্তৰাধিকাৰী আমি বোৰে, ইয়াৰ যথোপযুক্ত আপডাল কৰিছোঁনে বাৰু?  ব্যৱহাৰিক অৰ্থত- আমি হাঁহি আৰু হঁহুৱাই আছোঁনে?  নিজক সুখী কৰাৰ লগতে সমাজ-মুখত বিয়াপাই থ’ব পাৰিছোনে অম্লান মুচকান? সখী পতাৰ সলনি,  আমি বাৰু প্ৰতিদ্বন্দী কিম্বা শত্ৰু বেছিকৈ গোটাইছোঁ নেকি? ইত্যাদি প্ৰশ্নৰ আতিসহ্যৰ চিকাৰ হয়নে আপোনাৰ মন-মস্তিষ্ক? যদি হয়, তেন্তে দেৰি নকৰিব। সময় তথা অতি ব্যস্ততাৰ অচেতনতাৰ তাগিদাত সন্তুষ্টি সূৰ্য্যৰ কক্ষপথৰ পৰা সামান্য বিচ্যুতি ঘটিছিল যদিও আপোনাৰ হৃদয়খন এতিয়াও নিভাঁজ তথা নিৰ্মলতাৰে সৌন্দৰ্য্যময় হাঁহি-নক্ষত্ৰ কেন্দ্ৰীক হৈয়েই আছে। ধমনি, অলিন্দ, নিলয়েৰে প্ৰৱাহিত, স্পন্দনৰ সমস্ত সৌন্দৰ্য্যশালী অদাহ্য অনুভূতিৰ ৰঙ ওঁঠত বিৰিঙাই ৰাখক| দেখিব- প্ৰতিদ্বন্দী কমি আহি অনেক সখীয়ে আৱৰি ধৰিব। কৃত্ৰিম হাঁহি সুলকি, নিৰ্মল হাঁহিৰ ফাকু খেল চলি থাকিব অন্তহীন… লগতে সেই অমৃত সম্পত্তিৰো আপডাল আপোনাআপুনি হ’ব। আহকচোন আমি মুস্কানৰ মিতালী পাতোঁ। হাঁহিৰে ফাকু খেলোঁ। আমাৰ হাততে আৰু এনেকুৱা অজস্ৰ অমৃত সম্পত্তি আছে। সেইবোৰ অন্তঃকৰণেৰে জুকিয়াই চাই হৃদয়ঙ্গম কৰি গৈ থাকোঁ আহক। ইয়ো হ’ব তেতিয়া মুখত মুস্কাকান চিৰস্থায়ী কৰি থ’বলৈ অভিনৱ ফাকু খেলা। আনক নিজৰ লগত বলেৰে বন্ধাৰ, তুলনা কৰাৰ হাবিয়াসৰ কি দৰকাৰ আছে। আপোনাৰ অনিঃশেষ মৃদু হাঁহি বা প্ৰাণখোলা হাঁহিতেই দেখোন জগতখন যোগ হোৱাৰ প্ৰৱল সম্ভাৱনা থাকে! হাঁহিত কৈ ডাঙৰ হাথিয়াৰ আৰু একো নাই। আপোনাৰ-মোৰ মুখত ই জিলিকি থাকিলে, ঘোৰ শত্ৰুও প্ৰেমিক হৈ যাব পাৰে পলকতে। প্ৰত্যেকেই হাঁহিক জীৱন জুৰি স্থায়ী কৰাৰ কিটিপটো আয়ত্ব কৰি ল’ব জানিলেই, উচুপনি, কান্দোনে কিম্বা কান্দোনৰ কাৰণসমূহে স্বনিৰ্বাসন ল’বলৈ মজবুৰ হৈ পৰিব… এদিন। 

CAA বিৰোধী শক্তিবোৰ একগোট হ’বনে ?

দৈনন্দিন বাৰ্তা ডেস্ক : নাগৰিকত্ব সংশোধনী বিল বা আইনৰ বিৰুদ্ধে অসমত আৰম্ভ হোৱা প্ৰৱল প্ৰতিবাদী কাৰ্যসূচীৰ কথা অসমৰ জনতাই বোধহয় পাহৰা নাই৷ কোনো সংগঠনৰ বেনাৰ নোলোৱাকৈ মূলত ছাত্ৰসমাজে আৰম্ভ কৰা এই আন্দোলনত অসমৰ প্ৰায় সৰ্বস্তৰৰ লোকে অংশগ্ৰহণ কৰিছিল৷ অসমৰ বিভিন্ন দল-সংগঠন, শিল্পী, শিক্ষক, বুদ্বিজীৱিয়ে অংশ লোৱা প্ৰতিবাদী কাৰ্যসূচী সমূহ দেখি ৰজাঘৰ একপ্ৰকাৰ গণবিচিন্ন হোৱাৰ ভয়ত কম্পমান হৈছিল৷ আমাৰ দৰে সাধাৰণ মানুহবোৰৰ ভাৱ হৈছিল জনতাৰ ইচ্ছাৰ বিপৰীতে যোৱা শাসকীয় চৰকাৰখনক যেন এইবাৰ অতি সহজে ওফৰাই পেলাব৷ কিন্তু দিন যোৱাৰ লগে লগে কৰ’না মহামাৰীৰ বাবেই হওক বা অন্য কোনো কাৰনতে হওঁক দল-সংগঠনবোৰৰ মাজত সমন্বয় গঢ়ি তোলাৰ বাবে কোনোৱে যেন আগভাগ নোলোৱা হ’ল৷ সকলোৱে এক উমৈহতীয়া ৰাজনৈতিক মঞ্চ গঢ়ি জনবিৰোধী চৰকাৰখনক এশিকনি দিয়াৰ পৰিৱেশ আজি ধূসৰ হৈ পৰিল৷ নিৰ্বাচনত জয় লাভ কৰি চৰকাৰ গঠন কৰিব পাৰিলেই ’কা’ বাতিল কৰিব পাৰিব তেনে নহয়৷ দিল্লীৰ নিৰ্দেশত উঠা-বহা কৰা চৰকাৰবোৰে ইচ্ছা কৰিয়েই ৰাইজৰ ওপৰত যিকোনো আইন জাপি দিলে অসমৰ জনতা চুপ হৈ বহি নাথাকে – এই কথা প্ৰমাণ কৰি অসমীয়াৰ স্বাভীমানক জীয়াই ৰখাৰ এই সুৱৰ্ণ সুযোগটো যাতে হাতৰ পৰা হেৰাই নাযায় তাৰ বাবে ’কা’ বিৰোধী আন্দোলনত জড়িত প্ৰতিটো দল সংগঠনৰ নেতৃত্বই সতৰ্ক হোৱা দৰকাৰ৷ ৰাইজে সকলো নজৰ কৰি আছে৷

সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ নতুন ৰহস্য, গ্ৰেপ্তাৰ হ’ব পাৰে প্ৰেমিকা ৰিয়া চক্ৰৱৰ্তী

দৈনন্দিন বাৰ্তা ডিজিটেল ডেস্কঃ বলিউদৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাকলৈ সৃষ্টি হৈছে নতুন ৰহস্যৰ। সুশান্তৰ পিতৃয়ে পুত্ৰৰ আকস্মিক মৃত্যুক এতিয়াও সহজে ল’ব পৰা নাই। অভিনেতা সুশান্ত সিং ৰাজপুতৰ পিতৃ কে কে সিঙে দাখিল কৰা এজাহাৰত বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে সুশান্তৰ প্ৰেয়সী ৰিয়া চক্ৰৱৰ্তীৰ ওপৰত। সুশান্ত সিং ৰাজপুতৰ পিতৃয়ে এজাহাৰত তেওঁৰ পুত্ৰৰ মৃত্যুৰ কাৰণে ৰিয়া চক্ৰৱৰ্তীক দায়ী বুলি উল্লেখ কৰিছে। সুশান্তক আত্মহত্যা কৰিবলৈ উচতিন দিয়াৰ অভিযোগ তুলি সুশান্তৰ প্ৰেমিকা ৰিয়া চক্ৰৱৰ্তীৰ লগতে আন দুজনৰ বিৰুদ্ধে গোচৰ তৰিছে সুশান্তৰ পিতৃ কে কে সিঙে। এজাহাৰত উল্লেখ কৰা অনুসৰি ৰিয়া চক্ৰৱৰ্তীয়ে বিগত এবছৰত তেওঁ চিনি নোপোৱা কোনো অজ্ঞাত ব্যক্তিলৈ সুশান্তৰ একাউণ্টৰ পৰা ১৫কোটি টকা ট্ৰেঞ্চফাৰ কৰিছে। আনহাতে সুশান্তক পাগল প্ৰতিপন্ন কৰি মানসিক ৰোগীৰ ঠিকনালৈ পঠিয়াবলৈ পূৰ্ণ প্ৰয়াস কৰিছিল ৰিয়া চক্ৰৱৰ্তীয়ে। ইয়াৰ কাৰণে মানসিক অস্থিৰতাৰ ঔষধ খোৱাবলৈ আৰম্ভ কৰিছিল সুশান্তক। তাৰ পিছত ড্ৰাগছ অভাৰডোজৰ জোৰত লাহে লাহে মানসিক স্থিতাৱস্থা হেৰুৱাই পেলাইছিল সুশান্তই।উল্লেখযোগ্য যে, পিতৃৰ এজাহাৰৰ ভিত্তিত মুম্বাই আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ৩৪১, ৩৪২, ৩৮০, ৪০৬, ৪২০, ৩০৬, ৫০৬ আৰু ১২০ বি ধাৰাত এফ আই আৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।

বান আহে বাৰে বাৰে…

✍️অংশুমান ভূঞা

অসম এখন সুজলা সুফলা, শস্য শ্যামলা, প্ৰাকৃতিক সৌন্দৰ্যৰ লগতে সম্পদতো চহকী ৰাজ্য। তথাপি কিন্তু এই ৰাজ্যখনৰ সমস্যাৰ আদি-অন্তই নাই। এইবাৰ আকৌ নতুন শত্ৰু কৰ’নাই অথাই সাগৰত পেলাই ৰাজহাঁ‌ড় বেঁ‌কা কৰি পেলাইছে। তাৰ লগে লগে প্ৰতিবছৰে অহাৰ দৰে এইবাৰো বানে সংহাৰী ৰূপ ধাৰণ কৰি ৰাইজৰ আলাই-আথানিৰ আদি-অন্ত নোহোৱা কৰিছে। প্ৰতি বছৰেই অসমবাসী এই যমৰ-যাতনাৰ মুখামুখি হৈ আহিছে। ঘৰ-বাৰী, খেতি-পথাৰ সকলো ধ্বংস কৰাৰ লগতে প্ৰতিবছৰৰ সংহাৰী বানত বনৰীয়া-ঘৰচীয়া জীৱ-জন্তুৰ উপৰিও মানুহৰো প্ৰাণহানি হৈ আহিছে। কৃষিনিৰ্ভৰ ৰাজ্যখনত বছৰি ক’ত কৃষি মাটি নৈৰ বুকুত জাহ গৈছে নাইবা কৃষিৰ অনুপযোগী হৈ পৰিছে। নদীয়ে যেনেদৰে অসম ভূমিক প্ৰাণ দিছে, ঠিক তেনেদৰে প্ৰাণ কাঢ়িও আছে। খৰালি শান্ত-শিষ্ট আৰু বাৰিষা ৰুদ্ৰমূৰ্তি ধাৰণ কৰা লুইতক নিয়ন্ত্ৰণ কৰি ইয়াৰ শকতিৰে ৰাজ্যখনক উন্নয়নৰ দিশলৈ আগুৱাই লৈ যোৱাৰ ভালেমান থল আছিল যদিও অসমৰ এই গুৰুতৰ সমস্যাটোৰ প্ৰতি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত কোনো গুৰুত্ব নাই। ভাৰত ৰাষ্ট্ৰৰ সকলো সমস্যাৰ বোজা অসম ৰাজ্যৰ ওপৰত পৰে যদিও ৰাজ্যখনৰ সমস্যাৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ আওকণীয়া মনোভাব চিৰকলীয়া। এতিয়াও চীনা আগ্ৰাসনত সন্ত্ৰস্ত হৈ ব্ৰহ্মপুত্ৰৰ বুকুভেদি সুৰংগ নিৰ্মাণৰ আঁ‌চনি লোৱা হৈছে যদিও অতদিন ৰাইজৰ দুখত পৰিণত হোৱা লুইতক সম্পদৰূপত গঢ় দিবলৈ কোনো সদিচ্ছা নেদেখুৱালে। হাজাৰ কাকূতি-মিনতি কৰাৰ পাছতো আজিলৈকে ৰাষ্ট্ৰীয় দুৰ্য্যোগ ৰূপেই ঘোষিত নহ’ল। নিয়মমাফিক কেতিয়াবা সময় পালে হেলিকপ্টাৰেৰে আকাশমাৰ্গৰ পৰাই দুখৰ সমভাগী হৈ ঘঁ‌ৰিয়ালৰ চকুপানী টোকে আৰু ক্ষয়-ক্ষতিৰ তুলনাত নামমাত্ৰ আৰ্থিক সাহায্যৰে নিচুকায়। অন্য ৰাজ্যৰ ক্ষেত্ৰত দৌৰ মাৰি যাবলৈ সময় পোৱাৰ লগতে সাহায্যৰ পেকেজো ডাঙৰ হয়। ৰাজ্যিক পৰ্যায়তো সেই একেই আওকণীয়া মনোভাব। বিগত সময়ছোৱাত কেইবাটাও ৰাজনৈতিক দলে শাসনৰ গাদীত বহিলে যদিও কোনো এটা দলেই সমস্যাটোৰ ফলপ্ৰসূ সমাধানৰ ক্ষেত্ৰত আন্তৰিকতাৰে দিহা নকৰিলে। ফলত সমস্যা হৈয়েই ৰৈছে, বৰঞ্চ আগতকৈ ই বেছি ভয়াবহহে হৈ গৈ আছে। প্ৰতি বছৰৰ বানে ৰাজ্যখনৰ অৰ্থনৈতিক দিশটোত ৰামটাঙোন শোধাই আহিছে। ৰাজনৈতিক দলবোৰৰ বাবে ই এক শক্তিশালী ৰাজনৈতিক হাথিয়াৰ হৈ আহিছে। প্ৰতি নিৰ্বাচনৰ প্ৰাক্-মুহূৰ্তত বানপানী নিয়ন্ত্ৰণৰ ব্যৱস্থাৰ সুৱদি সুৰীয়া ভাষণে চৌদিশ ৰজনজনাই যায় যদিও সময়ত সেই একেই যমৰ-যাতনা। ৰাজনৈতিক পাশাখেলত কৃষিজীৱী-শ্ৰমজীৱী সাধাৰণ জনতাৰ সপোন-জীৱন বন্দী হৈ ৰয়। এনে অসহনীয় দুখ-দুৰ্দশা দেখিও নেতাগণৰ গাৰ নোম নলৰে। বান অহাৰ পাছতেই পৰৱৰ্তী বৰ্ষৰ বাবে ভালেমান চমকপ্ৰদ আঁ‌চনি ঘোষণা কৰা হয় যদিও খৰালিটো বিভাগবোৰ শুই থাকি বাৰিষাৰ আগমুহূৰ্তত খদমদম লগায়। মাজে মাজে আকৌ বিদেশ ভ্ৰমণ কৰি অহা নেতাৰ মুখত শুনা যায় বিদেশৰ অত্যাধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ কৰি বানপানী ৰোধৰ কথা। কিন্তু সময়ত সকলো ফুটুকাৰ ফেন। তাৰ পৰিৱৰ্তে বাস্তৱত দেখিবলৈ পালো ‘নমামি’ উৎসৱৰ। পূজা-পাতলেৰে নদী কি নিয়ন্ত্ৰণ কৰিলে ৰাইজে নিজ চকুৰে দেখিলেই। ৰাইজৰ কোটি কোটি টকাৰ শৰাধ ঘটিল। সেই টকাখিনি যদি সততাৰে ৰাইজৰ কামত খটুৱালেহেঁ‌তেন, অন্ততঃ কিছু ৰাইজে সকাহ পালেহেঁ‌তেন। তাৰ মাজতে যিখিনি কাম হয় তাতো দুৰ্নীতিৰ হাতোৰা, বিজ্ঞানসন্মত পৰিকল্পনাৰ অভাৱ। ফলত পানী বাঢ়িলেই প্ৰতিবাৰে বান্ধ, মথাউৰি সকলো ভাঙি-ছিঙি যায়। এনেদৰে প্ৰতি বছৰে ৰাইজৰ কষ্টৰ টকাবোৰ অথলেহে গৈ আছে। এচামৰ বাবে বানপানী খীৰতী গাইত পৰিণত হৈছে বাবেই এই অৱহেলা। এই দুৰ্নীতিৰ হাতোৰা ওপৰ মহলালৈ বিয়পি থাকে বাবেই দোষীৰ শাস্তিৰো উম-ঘাম পোৱা নাযায়। এইবাৰ সংশ্লিষ্ট বিভাগ, চৰকাৰে কৰ’না আৰু লকডাউনক বান নিয়ন্ত্ৰণত বাধাস্বৰূপে দেখা দিয়া বুলি গা সাৰিব খুজিছে। তেনে পলায়নবাদী মনোভাবৰ পৰিৱৰ্তে এই সমস্যাটিৰ এক স্থায়ী সমাধানৰ বাবে আন্তৰিকতা দেখাওক। পৰিকল্পনাহীন পাল মৰা কাম আৰু ঘঁ‌ৰিয়ালৰ চকুপানীয়ে ৰাজ্যখন বচাব নোৱাৰে, ডুবাবহে।    

ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী

দৈনন্দিন বাৰ্তা ডিজিটেল ডেস্ক : কৰ্ণাটকৰ প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ৰাজা মদনগোপাল নায়ক ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে৷ তেওঁ ৰাজ্যখনৰ উত্তৰাঞ্চলৰ কালাবুৰাগিৰ এখন চিকিৎসালয়ত মৃত্যু হয়৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭০ বছৰ৷ প্ৰাক্তন মন্ত্ৰীজন যোৱা সোমবাৰে ক’ৰোনাত আক্ৰান্ত হোৱাত ইএছআই হাস্পতালত ভৰ্ত্তি কৰায়৷ তাৰ পাছত ২৩ জুলাইত তেওঁক নিজৰ ঠাই য়াদিগিৰ জিলাৰ সুৰপুৰলৈ লৈ যোৱা হয়৷ উল্লেখ্য যে কালাবুৰাগি এলেকাটো ৰাজ্যখনৰ উত্তৰাঞ্চলৰ আৰু বেংগালুৰুৰ পৰা ৬৩০ কিলোমিটাৰ নিলগত৷ তেওঁ ১৯৯২-৯৪ চনত বীৰাপ্পা মৈলী নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰৰ এজন মন্ত্ৰী আছিল৷ তেওঁ নিউমোনিয়া আৰু হৃদৰোগত আক্ৰান্ত হয়৷ উল্লেখ্য যে তেওঁ হ’ল ক’ভিড-১৯ত আক্ৰান্ত হৈ মৃত্যু হোৱা ৰাজ্যখনৰ প্ৰথম ৰাজনীতিবিদ৷

ক’ৰোনা ভাইৰাছ সংক্ৰমণ : ৰক্তত ভিটামিন ডিৰ পৰিমাণ কম হ’লে বিপদজনক

দৈনন্দিন বাৰ্তা ডিজিটেল ডেস্কঃ ৰক্তত ভিটামিন ডিৰ পৰিমাণ কম হ’লে বিপদজনক হৈ পৰে৷ ফলত ক’ৰোনা ভাইৰাছ সংক্ৰমণ হোৱাৰ প্ৰৱল সম্ভাৱনা থাকে৷ ইজৰাইলৰ গৱেষকসকলে এই কথা পোহৰলৈ আনিছে৷ ভিটামিন ডি হ’ল এটা হৰমন৷ সূৰ্যৰ পোহৰত চালত ই উৎপন্ন হয়৷ শৰীৰত কেলচিয়াম আৰু ফচফেটৰ পৰিমাণ নিয়ন্ত্ৰণ কৰাত সহায় কৰে, যি হাড়, দাঁত আৰু পেশী সুস্থ কৰি ৰাখে৷ কম প্লাজমা ভিটামিন ডি স্তৰৰ প্ৰকৃত তথ্য ব্যৱহাৰ কৰি ক’ৰোনা ভাইৰাছ ৰোগৰ সংক্ৰমণ আৰু চিকিৎসালয়ত ভৰ্ত্তিৰ সম্ভাৱনাক লৈ মূল্যায়ন কৰি চাইছিল বুলি গৱেষকসকলে জনায়৷ ফেবিছ নামৰ জাৰ্নেলখনত প্ৰকাশিত বৰ্তমান গৱেষণা মতে গৱেষক দলটোৱে ৭৮০৭ জন লোকৰ তথ্য পৰীক্ষা কৰিছে যাৰ সম্প্ৰতি ক’ভিড-১৯ পৰীক্ষাৰ লগতে ভিটামিন ডি ৰক্ত পৰীক্ষা  কৰিছে৷ অনুসন্ধানত দেখা গৈছে যে ৰক্তত কম পৰিমাণে ভিটামিন ডি থাকিলে ক’ভিড-১৯ সংক্ৰমণৰ সম্ভাৱনাৰ সৈতে স্বতন্ত্ৰভাৱে জড়িত হিচাপে চিহ্নিত হয়৷ অধ্যয়নটোৰ মতে ৭৮০৭ জন লোকৰ ভিতৰত ৭৮২ (১০.১ শতাংশ)  জন ক’ভিড-১৯ পজিটিভ আৰু ৭০২৫ (৮৯.৯ শতাংশ) নিগেটিভ আছিল৷ গৱেষকসকলে দেখিবলৈ পায় যে ক’ভিড-১৯ৰ ক্ষেত্ৰত পৰীক্ষাত পজিটিভতকৈ নিগেটিভৰ মাজত গড় প্লাজমা ভিটামিন ডি স্তৰ উল্লেখযোগ্যভাৱে কম আছিল৷ গৱেষণাৰ সময়ত দেখা গৈছিল যে ক’ভিড-১৯ পজিটিভসকল যুৱক আৰু সৰহভাগেই পুৰুষ৷ বিশ্লেষণত দেখা গৈছে যে ৫০ বছৰৰ বেছি বয়সৰ সকল ক’ৰোনাৰ বাবে চিকিৎসালয়ত ভৰ্ত্তি হোৱাৰ সম্ভাৱনা থাকে ৷

ৰক্ষকেই হব পাৰে ভক্ষক ! এন-৯৫ মাস্কৰ পিছত অতিমাত্ৰা ছেনিটাইজাৰ ব্যৱহাৰ নকৰিবলৈ স্বাস্থ্য মন্ত্ৰালয়ৰ সতৰ্কবাণী

দৈনন্দিন বাৰ্তা ডিজিটেল ডেস্কঃ কোৰোনা সংক্ৰমণৰ পৰা বাচিবলৈ প্ৰথমে এন-৯৫ মাস্ক প্ৰয়োজনীতাৰ কথা সকলোৱে কৈছিল যদিও শেহতীয়াকৈ কেন্দ্ৰই এক নিৰ্দেশনা জাৰি কৰি কৈছিল যে- এন-৯৫ মাস্কে এজন ব্যক্তি কোৰোনা সংক্ৰমণৰ পৰা বচাব নোৱাৰে, গতিকে পৰাপক্ষত এন-৯৫ মাস্কবিধ ব্যৱহাৰ কৰাটো সকলোৱে এৰিব লাগে। স্বাস্থ্য মন্ত্ৰণালয়ৰ ফালৰ পৰা জাৰি কৰা হৈছে নতুন নিৰ্দেশনা, অতিমাত্ৰা ছেনিটাইজাৰ ব্যৱহাৰ নকৰিব। অন্যথা স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক হ’ব পাৰে। ছেনিটাইজাৰ ব্যৱহাৰ সন্দৰ্ভত স্বাস্থ্য মন্ত্ৰালয়ে জাৰি কৰিছে বিশেষ সতৰ্কবাণী। স্বাস্থ্য মন্ত্ৰালয়ে জানিবলৈ দিয়া অনুসৰি হেণ্ড ছেনিটাইজাৰ অতিমাত্ৰা ব্যৱহাৰ কৰিলে ক্ষতিকাৰক হ’ব পাৰে। ছেনিটাইজাৰৰ অত্যাধিক ব্যৱহাৰে ছালক সুস্থ ৰখা ভাল বেক্টেৰিয়াবোৰক মাৰি পেলায়। যাৰ ফলত পাছত সমস্যা হ’ব পাৰে। উল্লেখ কৰিব পাৰি যে, ছেনিটাইজাৰৰ পৰিৱৰ্তে চাবোন আৰু পানীৰ ব্যৱহাৰ কৰিব লাগে।

জ্যোতিস্মান শৰ্মা

নগাঁও পৌৰসভা এলেকাৰ চাৰি ৱাৰ্ডৰ দুই শতাধিক কৃতী ছাত্ৰ ছাত্ৰীক বিধায়ক ৰূপক শৰ্মাৰ সম্বৰ্ধনা

নগাঁও : নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত পৌৰসভা এলেকাৰ ৭,৮,৯, ১০ নং পৌৰমহলা অঞ্চলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু  উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত কৃতকাৰ্যতা লাভ কৰা ছাত্ৰ-ছাত্ৰী সকলক আজি  বিধায়ক ৰূপক শৰ্মাই সম্বৰ্ধনা জনায়।ছাত্র-ছাত্ৰী  সকলক উৎসাহিত কৰা উদ্দেশ্যেৰে আয়োজিত  গাম্ভীৰ্যপূৰ্ণ সম্বৰ্ধনা অনুষ্ঠানটত প্ৰায় দুই শতাধিক ছাত্র-ছাত্ৰীক বিধায়ক গৰাকীয়ে সম্বৰ্ধনা জনায়।এই উপলক্ষে চহৰখনৰ   কিৰনবালা গোস্বামী হাইস্কুল, ৰন্তকান্ত বৰকাকতী  হাইস্কুল, নগাঁও বেঙ্গলী ছোৱালী বিদ্যালয়  আৰু নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত অনুষ্ঠিত সভাত কৃতকাৰ্যতা লাভ কৰা পৌৰমহলাৰ ছাত্র-ছাত্ৰী সকলক মানপত্ৰ, গামোচা,কিতাপৰ টোপোলা, কলমৰ লগতে মাক্সেৰে সম্বৰ্ধনা জনোৱা হয়। সামাজিক দুৰত্ব বজাই ৰাখি অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানত বিধায়ক ৰূপক শৰ্মাৰ লগতে   বিদ্যালয় সমূহৰ শিক্ষক-শিক্ষয়ত্ৰী আৰু  পৌৰমহলাৰ প্ৰাক্তন পৌৰ আয়ুক্ত সকল উপস্থিত থাকে।

১৫ আগষ্টত অযোধ্যাৰ ৰাম জন্মভূমিত পাকিস্তানৰ সন্ত্ৰাসবাদী আক্ৰমণ কৰাৰ পৰিকল্পনা

উত্তৰ প্ৰদেশৰ অযোধ্যাৰ ৰাম জন্মভূমিত অহা ১৫ আগষ্টত পাকিস্তানৰ গুপ্তচৰ সংস্থা আইএছআইয়ে সন্ত্ৰাসবাদী আক্ৰমণ কৰাৰ পৰিকল্পনা কৰিছে৷ চোৰাংচোৱা এজেন্সীৰ সূত্ৰত এই কথা প্ৰকাশ৷ চোৰাংচোৱা এজেন্সী ‘ৰ’ই প্ৰকাশ কৰা মতে আক্ৰমণৰ বাবে আইএছআইয়ে লস্কৰ আৰু জৈশ সন্ত্ৰাসবাদীক আফগানিস্থানত প্ৰশিক্ষণ দিছে৷ অযোধ্যাত আক্ৰমণৰ বাবে পাকিস্তানী এজেন্সীয়ে তিনিটাৰ পৰা পাঁচটা সন্ত্ৰাসবাদী গোট প্ৰেৰণ কৰিবললৈ পৰিকল্পনা কৰিছে৷ ভাৰতীয় চোৰাংচোৱাই প্ৰকাশ কৰে যে পাকিস্তানৰ সন্ত্ৰাসবাদী গোটে পৃথক আক্ৰমণ চলাবলৈ চাব আৰু এনেদৰে ভাৰতৰ অভ্যন্তৰীণ আক্ৰমণ কৰিব৷ এই সন্ত্ৰাসবাদীৰ বাবে ভিভিআইপি প্ৰধান লক্ষ্য৷ ইতিমধ্যে প্ৰতিৰক্ষামূলক ব্যৱস্থা কটকটীয়া কৰা হৈছে৷ দিল্লী, অযোধ্যা আৰু কাশ্মীৰত তালাচী চলোৱা হৈছে৷

ন’ বলৰ সিদ্ধান্ত দিয়াৰ নিয়ম সলনি আইচিচিৰ

দৈনন্দিন বাৰ্তা ডেস্ক : বিভিন্ন মেগা টুৰ্নামেণ্টত আম্পায়াৰৰ ভুলৰ বাবে খেলৰ গতি সলনি হয় ৷ এনেবোৰ কথা লক্ষ্য কৰি আছে আইচিচিয়ে ৷ এইবাৰ আইচিচিয়ে ন’ বলৰ ক্ষেত্ৰত নিয়ম সলনি কৰিব ৷ এদিনীয়া ক্ৰিকেটত ঘটিব এই অভিনৱ ঘটনা ৷ এতিয়া ন’ বল কল কৰাৰ সিদ্ধান্ত ফিল্ড আম্পায়াৰৰ হাতত নাথাকিব ৷ আনুষ্ঠানিকভাৱে টিভি আম্পায়াৰে এইবাৰ ন’ বলৰ কথা ক’ব পাৰিব ৷ অহা বৃহস্পতিবাৰে ইংলেণ্ড আৰু আয়াৰলেণ্ডৰ মাজত হ’ব লগা এদিনীয়া ক্ৰিকেট ছিৰিজত আৰম্ভ হ’ব এই নতুন নিয়ম৷ অৰ্থাৎ আইচিচি ছুপাৰ লীগত হ’ব এই নিয়ম ৷ ফলত থাৰ্ড আম্পায়াৰৰ কাম বাঢ়িব ৷ ইপিনে পাতল হৈ পৰিব ফিল্ডত থকা আম্পাৰৰ কাম ৷