Home Blog Page 3328

টংলাত কৃষক মুক্তি আক্ৰাছুকে ধৰি কেইবাটাও জাতীয় সংগঠনৰ মানৱ শৃঙ্খল কাৰ্য্যসূচী অখিল গগৈ, দেবাঙ্গনা কলিতা আৰু বলদেৱ তাঁতীৰ অতিশীঘ্ৰে বিনাস্বৰ্তে মুক্তিৰ দাবী

টংলা : আজি ওদালগুৰি জিলাৰ টংলা চহৰৰ মাজ মজিয়াত অবস্থিত  টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত  অসমৰ কেবাটাও  জাতীয় সংগঠন আৰু জনগোষ্ঠীয় ছাত্ৰ সংগঠনৰ যৌথ উদ্যোগত কাৰাবন্দী হৈ থকা জননেতা অখিল গগৈ, দেবাঙ্গনা কলিতা আৰু বলদেৱ তাঁতীৰ অতিশীঘ্ৰে আৰু বিনাস্বৰ্তে মুক্তিৰ দাবীত মানব শৃঙ্খল কাৰ্য্যসূচী ৰূপায়ণ কৰে। কাৰ্য্যসূচীত অংশগ্রহণ কৰে ওদালগুৰি জিলাৰ কৃষক মুক্তি সংগ্ৰাম সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, আক্ৰাছু, আটচা, সদৌ বিটিআৰ গৰিয়া মৰিয়া দেশী ছাত্র সন্থা, এবিএমচু, কলিতা জনগোষ্ঠী ছাত্ৰ সন্থা, আছাৰ ওদালগুৰি জিলা সমিতিৰ বিভিন্ন  বিষয়ববীয়াৰ লগতে সদস্য সকলে। মানৱ শৃঙ্খল কাৰ্য্যসূচীত অংশগ্রহণ কৰি ওদালগুৰি জিলাৰ কৃষক মুক্তি সংগ্রাম সমিতিৰ সম্পাদক পংকজ অসমিয়াই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে আজি আমি কৰনা মহামাৰী পৰিপ্ৰেক্ষিতত যি সাবধানতা অৱলম্বন কৰিব লাগে তাৰ সকলো নিয়ম বৰ্তাই ৰাখি সামাজিক দূৰত্ব মানি ওদালগুৰি জিলাৰ কৃষক মুক্তি সংগ্ৰাম সমিতি,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, আক্ৰাছু, আটচা, সদৌ বিটিআৰ গৰিয়া মৰিয়া দেশী ছাত্র সন্থা, এবিএমচু, কলিতা জনগোষ্ঠী ছাত্ৰ সন্থা, আছাৰ ওদালগুৰি জিলা সমিতিৰ বিভিন্ন বিষয়ববীয়াৰ লগতে সদস্য সকলে টংলাবাসী ৰাইজৰ সহযোগত প্ৰতিবাদী মানৱ শৃঙ্খল গঢ়ি তুলিছো, অখিল গগৈ, দেবাঙ্গনা কলিতা আৰু বলদেৱ তাঁতীৰ অতিশীঘ্ৰে বিনাস্বৰ্তে মুক্তি দিয়ক নহলে আমি ইয়াৰ পিছত তীব্র গণতান্ত্রিক আন্দোলন গড়ি তুলিম আৰু আমি ইয়াৰ পৰাই কব বিচাৰিছো বিজেপি,  আৰএছএছ আৰু অসমৰ বিজেপি নেতৃত্বাধীন চৰকাৰে গণতান্ত্রিক আন্দোলনক সন্মান কৰিবলৈ শিকক অন্যথা পৰিস্থিতি ভয়ংকৰ হ’ব। উল্লেখ্য যে মানৱ শৃঙ্খল কাৰ্য্যসূচীত অংশগ্রহণ কৰি ওদালগুৰি জিলা আক্ৰাছু পশ্চিমৰ সভাপতি হেমন্ত বড়া কোচে কয় যে যিহেতু বিশ্ব ত্ৰাসস মহামাৰী কভিড-১৯ পৰিপ্ৰেক্ষিতত সকলো ত্ৰাহিমান হৈ আছে তেনে সময়ত জননেতা অখিল গগৈক বিনাচৰ্তে মুক্তি দিয়ক কাৰণ ইয়াত এটা মানৱতাৰ কথা আছে যিহেতু মহামাৰী কভিড-১৯ৰ মাজতো অসমৰ বিভিন্ন প্ৰান্তত বিভিন্ন দল-সংগঠনে প্ৰতিবাদ কৰি আছে বা কৰিবলগীয়া হৈছে তেনে ক্ষেত্ৰত আমিও আক্ৰাছুৰ ফালৰ পৰা দাৱী জনাইছো অতিশীঘ্রেই জননেতা অখিল গগৈক বিনাচৰ্তে মুক্তি দিয়ক। 

অচিৰেই দিল্লী আৰক্ষীয়ে আৰম্ভ কৰিব প্লাজমা ৱাৰিয়ৰছ নামেৰে এক বিশেষ অভিযান

দৈনন্দিন বাৰ্তা ডিজিটেল ডেস্কঃ কোৰোনা চিকিৎসাৰ বাবে দিল্লী আৰক্ষীৰ ২,৫০০ বিষয়া- জোৱানে দান কৰিব প্লাজমা। অচিৰেই দিল্লী আৰক্ষীয়ে প্লাজমা ৱাৰিয়ৰছ নামেৰে আৰম্ভ কৰিব এক অভিযান। ইতিমধ্যেই দিল্লী আৰক্ষীৰ ২৬ গৰাকী আৰক্ষীয়ে দান কৰিছে প্লাজমা। কিছুদিনৰ পাছতে বহু কেইগৰাকীমান আৰক্ষীয়ে দান কৰিব প্লাজমা। পিছৰ পৰ্যায়ত ক্ৰমান্বয়ে কোৰোনাত আক্ৰান্ত আৰক্ষীৰ বিষয়া- জোৱানে লোকসকলে দান কৰিব প্লাজমা।

চাৰিবাৰ ফলাফল নিগেটিভ : পঞ্চমবাৰ ফলাফল অহাৰ আগতেই হাইদৰাবাদত ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু সহকাৰী উপ পৰিদৰ্শকৰ

দৈনন্দিন বাৰ্তা ডেস্ক :

ক’ৰোনা ভাইৰাছ সংক্ৰমণে ভয়াৱহ ৰূপ লৈছে হাইদৰাবাদত ৷ যোৱা শুকুৰবাৰে ক’ভিড-১৯ত আক্ৰান্ত হৈ এজন সহকাৰী উপ পৰিদৰ্শকৰ হাইদৰাবাদত মৃত্যু হয় ৷ তেওঁ চাৰিবাৰ ক’ৰোনা ভাইৰাছৰ পৰীক্ষা কৰাৰ পাছত প্ৰতিবাৰতে নিগেটিভ পায়৷ কিন্তু পঞ্চমবাৰ পৰীক্ষা কৰাৰ কিছু সময়ৰ পাছতে তেওঁৰ মৃত্যু হয় ৷ যোৱা মাহত সহকাৰী উপ পৰিদৰ্শকজনে চাৰিবাৰকৈ পৰীক্ষা কৰাৰ পাছত তেওঁ ভাইৰাছত আক্ৰান্ত হৈছে বুলি জানিব পৰা নাছিল৷ কিন্তু শ্বাসপ্ৰশ্বাসজনিত আৰু ক’ভিড-১৯ৰ উপসৰ্গ দেখাত তেওঁক চিকিৎসালয়ত ভৰ্ত্তি কৰে৷ অৱশেষত যোৱা শুকুৰবাৰে তেওঁৰ মৃত্যু হয়৷ উল্লেখ্য যে চিকিৎসালয়ত ভৰ্ত্তি কৰাৰ পাছত তেওঁৰ ক’ভিড-১৯ পৰীক্ষা কৰা হয়৷ তেতিয়াও ফলাফল নিগেটিভ আহে ৷ কিন্তু পঞ্চম তথা চূড়ান্ত পৰীক্ষাৰ ফলাফল অহাৰ আগতেই তেওঁৰ মৃত্যু হয়৷ ইয়াৰ পাছতে ৰাজ্যখনত তেলেংগানা চৰকাৰে দিয়া কিটবোৰকলৈ বিভিন্ন প্ৰশ্নৰ উদয় হৈছে৷ উল্লেখ্য যে হাইদৰাবাদ হ’ল তেলেংগানাৰ সৰ্বাধিক আক্ৰান্ত এলেকা ৷ এতিয়ালৈকে তেলেংগানাত ৪৮৭৮০ জন লোক ক’ৰোনাত আক্ৰান্ত হৈছে ৷ তাৰে ২৮৭০০ লোক সুস্থ হৈছে৷ আনহাতে মৃত্যুৰ মুখত পৰিছে ৪০৯ জন৷ শনিবাৰৰ দিনা ক’ভিড-১৯ত নতুনকৈ ১২৮৪জন লোক আক্ৰান্ত হয়৷ শনিবাৰৰ দিনা ক’ৰোনাত আক্ৰান্ত হৈ ৰাজ্যখনত পাঁচজন লোকৰ মৃত্যু হয় ৷ 

নাছাৰ সতৰ্কতা : ২৪ জুলাইত বিশাল গ্ৰহাণু পাবহি পৃথিৱীৰ কাষলৈ

দৈনন্দিন বাৰ্তা ডেস্ক :

নেচনেল এৰ’নেটিকছ এণ্ড স্পেচ এডমিনিষ্ট্ৰেচন অৰ্থাৎ নাছাই সতৰ্কতা জাৰি কৰিছে যে ২৪ জুলাইত এটা বিশাল গ্ৰহাণু যাক “গ্ৰহাণু ২০২০ এনডি” বুলি কোৱা হৈছে, পৃথিৱী পাৰ হৈ যাব৷ ইয়াৰ লগতে জনাইছে যে দুটা গ্ৰহাণু আছে যি দেওবাৰে আমাৰ গ্ৰহটো পাৰ হ’ব বুলি আশা কৰা হৈছে ৷ নাছাই নামকৰণ কৰা গ্ৰহাণু দুটা হ’ল ২০১৬ ডিৱাই ৩০ আৰু ২০২০ এমই ৩ ৷ “সম্ভাব্য ক্ষতিকাৰক এষ্টেৰয়ডছ (পিএইচএ)” বৰ্তমানে পৃথিৱীৰ নিকটৱৰ্তী ভাবুকিস্বৰূপ গ্ৰহাণুবোৰৰ সম্ভাব্যতা পৰিমাণ কৰি এনে পেৰামিটাৰবোৰৰ ওপৰত ভিত্তি কৰি সংজ্ঞায়িত কৰা হৈছে৷ বিশেষকৈ ০.০৫ এই বা তাৰ কম নূন্যতম কক্ষপথ ছেদ কৰাৰ দূৰত্বসহ সমগ্ৰ গ্ৰহাণু পিএইচএ হিচাপে বিবেচিত হয় ৷ নাছাৰ এক বিবৃতিত এই কথা কোৱা হৈছে৷ নাছাৰ মতে গ্ৰহাণু ২০২০ এনডি প্ৰায় ১৭০ মিটাৰ দীঘল আমাৰ গ্ৰহৰ ০.০৩৫ জ্যোতির্বিদ্যা ইউনিট (৫,০৮৬,৩২৮ কিলোমিটাৰ) ওচৰত থাকিব৷ গ্ৰহাণুটোৱে প্ৰতি ঘণ্টাত ৪৮,০০০ কিলোমিটাৰ তীব্ৰ গতিত ভ্ৰমণ কৰিছে ৷ পৃথিৱীৰ দূৰত্বই এই গ্ৰহাণুটোক “সাম্ভাৱ্য বিপদজনক” হিচাপে চিহ্নিত কৰিছে৷ ২০১৬ ডিৱাই ৩০ প্ৰতি ঘণ্টাত ৫৪,০০০ কিলোমিটাৰ গতিত পৃথিৱীৰ দিশে আহিছে, ২০২০ এমই ৩ প্ৰতি ঘণ্টাত ১৬,০০০ কিলোমিটাৰ বেগত ভ্ৰমণ কৰিছে৷ ২০১৬ ডিৱাই ৩০ হ’ল ১৫ ফুট প্ৰস্তৰ বায়ুৰ ওপৰেৰে যোৱা সৰু গ্ৰহাণু ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ পৰা ওলাই অহা গঁড়টো এতিয়াও ৩৭ নং ৰাষ্ট্ৰীয় পথৰ দাঁতিত। গঁড়টোৰ চিকিৎসাৰ বিশিষ্ট পশু চিকিৎসক পদ্মশ্ৰী কুশল কুমাৰ শৰ্মাৰ নেতৃত্বত ব‍্যস্ত এটা চিকিৎসকৰ দল।

কলিয়াবৰ : শুকুৰবাৰৰে পৰা ৰাষ্ট্ৰীয় পথৰ দাঁতিত অৱস্থান লোৱা গঁড়টোয়ে এতিয়াও সেই স্থান এৰা নাই। বানত দিশহাৰা হৈ ৩৭ নং ৰাষ্ট্ৰীয় পথৰ কাষত অৱস্থান লোৱা গঁড়টো কিছু সুস্থ হৈ উঠিছে। ৰাষ্ট্ৰীয় পথৰ দক্ষিণ দাঁতিৰ পৰা ৰাষ্ট্ৰীয় উদ‍্যানৰ দিশত অৱস্থান লৈ থকা অসুস্থ গঁড়টো বিশিষ্ট পশু চিকিৎসক পদ্মশ্ৰী ডা০ কুশল কুমাৰ শৰ্মাৰ তত্বাৱধানত এটি চিকিৎসকৰ দলে পৰ্য‍্যবেক্ষণ কৰি আছে।ডা০ শৰ্মাই প্ৰকাশ কৰা মতে, গঁড়টো ক্ৰমাৎ সুস্থ হৈ উঠিছে যদিও চকুৰ বিসঙ্গতি থকাৰ  বাবে কিছু অসুবিধাত পৰিছে। কালিৰে পৰা খাদ‍্য গ্ৰহণ কৰাৰ লগতে গঁড়টোক পৰ্য‍্যাপ্ত চিকিৎসা সাহাৰ্য‍্য আগবঢ়োৱাৰ ফলত যথেষ্ট সুস্থ দেখা গৈছে। প্ৰায় ২৭ বছৰ বয়সৰ বয়ষ্ক গঁড়টো পুৱা কিছু দুৰ সাঁতুৰিছিল বুলিও প্ৰকাশ কৰে ডা০ শৰ্মাই। সেয়ে গঁড়টৈ বিশেষ ব‍্যৱস্থাৰে উদ্ধাৰৰ পৰিকল্পনা সদ‍্যহাতে পৰিহাৰ কৰিছে বুলিও চিকিৎসক গৰাকীয়ে কয়। কুঠৰীৰৰ সমীপৰ বাঘমাৰীত অৱস্থান লৈ থকা গঁড়টোৰ সুৰক্ষাৰ বাবে নিয়োজিত হৈ আছে উদ‍্যান কৰ্তৃপক্ষ, বন বিভাগ আৰু জখলাবন্ধা আৰক্ষী প্ৰশাসন।

প্ৰিয় চহৰ খন হঠাৎ অপ্ৰিয় হৈ পৰিল- “গুৱাহাটী”

সকলোৰে যেন প্ৰিয় চহৰ খন আজি হঠাৎ অপ্ৰিয় হৈ পৰিল।  কাৰণ এটাই- কৰণাৰ আতংক। গুৱাহাটী ত বৃদ্ধি পোৱা কভিড ১৯ পজিতিভ ৰোগী ৰ বাবে এতিয়া যেন সকলোৱে আপোন চহৰ খনৰ পৰা আঁতৰি থাকিব বিচাৰিছে। কোনোবা যদি গাঁৱৰ ঘৰৰ গুচি আহিছে,কোনোবাই আন ঠাইলৈ ৰাওনা হৈছে। ইতিমধ্যে গুৱাহাতীৰ বহুত কেইটা অঞ্চলত কৰণাই সংহাৰী ৰূপ ধাৰণ কৰিছে।যাৰ বাবে লক ডাউন ৰ দৰে সিদ্ধান্ত চৰকাৰে লব লগা হৈছে।
দিনক দিনক কৰণা ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ লগতে বৃদ্ধি পাইছে মৃতকৰ সংখ্যাও। সকলো ফালেই যেন গণ সংক্ৰমণৰ আশংকা। ইতিমধ্যে ৰাজ্যৰ ১০ খনৰো অধিক জিলাই গুৱাহাটী ৰ সৈতে অহা যোৱা বন্ধ কৰিছে।  সেই জিলা সমূহলৈ কোনো ব্যক্তি গুৱাহাটীৰ পৰা আহিব নোৱাৰিব।লগতে গুৱাহাটী লৈ যাব ও নোৱাৰিব। যাৰ ফলত এলাগী হৈ পৰিছে গুৱাহাটী।।সকলোৰে প্ৰিয় চহৰ খন আজি হঠাৎ অপ্ৰিয় হৈ পৰিল। কোনোৱে যেন গুৱাহাটী ক যোৱা ৰ কথা শুনিব য়ে নোখোজে। সকলোৱে যেন গুৱাহাটীৰ পৰা দূৰত থাকিব হে বিচাৰে। আপোন চহৰ খনৰ সুস্থ পৰিবেশ অতি সোনকালে ভাৰতবৰ্ষৰ ঘূৰি আহক তাৰেই কামনা কৰিছোঁ।। সকলো যেন আগৰ দৰেই হয়, সকলোৱে যেন আকৌ প প্ৰিয় চহৰ খনলৈ যাবলৈ মন মেলে।তাৰেই অপেক্ষা প্ৰতিজনৰ।

অভিজিত মজুমদাৰ (অংকু) বেলশৰ, নলবাৰী 9101003298 Email: abhijitmazumdar99@gmail.com

কৰিমগঞ্জত গৰু চোৰ কৰিবলৈ অহা বাংলাদেশী ৰাইজৰ প্ৰহাৰত মৃত্যু

 কৰিমগঞ্জ : ভাৰত-বাংলাদেশ সীমান্ত পাৰ হৈ অসমৰ কৰিমগঞ্জ জিলাত অবৈধভাৱে প্ৰৱেশ কৰি গাঁৱৰ পৰা গৰু চোৰ কৰিবলৈ অহা তিনিজন বাংলাদেশী নাগৰিকক শনিবাৰে নিশা ৰাইজে প্ৰহাৰ কৰি নিহত কৰে৷ আৰক্ষীয়ে এই কথা জনাইছে৷ কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক কুমাৰ সঞ্জিত কৃষ্ণই এক লিখিত বিবৃতিত কয় যে পাথৰকান্দি আৰক্ষী থানাৰ অন্তৰ্গত বগৰীজান চাহ বাগিচাত কেতবোৰ অজ্ঞাত আততায়ীয়ে যোৱা নিশা তিনিজন সন্দেহজনক বাংলাদেশী নাগৰিকক হত্যা কৰে৷ অনুসন্ধান কৰি জানিব পৰা মতে এই বাংলাদেশী নাগৰিককেইজনে সীমান্ত পাৰ হৈ বগৰীজান এলেকাত গৰু চোৰ কৰিবলৈ প্ৰৱেশ কৰিছিল বুলি আৰক্ষী অধীক্ষকজনে লগতে কয়৷ আৰক্ষীয়ে জনোৱা মতে এই নিহত লোককেইজনৰ পৰা ৰচী, ফেঞ্চিং কাটাৰ আৰু তাঁৰৰ লগতে খাদ্য সামগ্ৰী উদ্ধাৰ কৰা হৈছে৷ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে বুলি আৰক্ষী অধীক্ষকজনে জনাইছে ৷

মুখ্যমন্ত্ৰীৰ নামত অপপ্ৰচাৰ। ছ’ছিয়েল মিডিয়াত সক্ৰিয় অপৰাধী চক্ৰ । জনসংযোগৰ মতে এয়া ‘ফেইক নিউজ’

গুৱাহাটী : টকা নাই ! বানাক্ৰান্তক   সাহাৰ্য দিব লাগিব ৰাইজেই। আপোনাৰ অলপ অৱদানে বিৰিঙাব পাৰে হাজাৰজন দুৰ্গতৰ মুখত হাঁহি। ঠিক  এইদৰে জনোৱা হৈছে আহ্বান। এফালে মুখ্যমন্ত্ৰীৰ হাস্যময়ী ফটো,আনফালে জনসংযোগ বিভাগৰ লগ’ সহ সচিবালয় শাখাত থকা ষ্টেট বেংক অৱ  ইণ্ডিয়াৰ বেংক একাউণ্ট নম্বৰ। অতি পৰিকল্পিত আৰু নিখুঁত ভাবে প্ৰস্তুত কৰা বিজ্ঞাপনটো আকৌ প্ৰচাৰ কৰা হৈছে স্বয়ং মুখ্যমন্ত্ৰীৰ হাততে থকা তথ্য আৰু জনসংযোগ বিভাগৰ দ্বাৰা।বিভিন্ন জনৰ হাত বাগৰি ছ’চিয়েল মিডিয়াত ব্যাপক ভাৱে প্ৰচ্চলন হোৱাৰ পিছত চকু পৰিল জনসংযোগ বিভাগৰ।লগেলগে এই বিজ্ঞাপনটোযে আচল নহয়, এক ভূৱা বিজ্ঞাপনহে,জনসংযোগে  স্পষ্ট কৰিলে।বিভাগীয় ভাবে দায়িত্ব পালন কৰি জনসংযোগে স্পষ্ট কৰিলেও দুষ্ট চক্ৰৰ অপপ্ৰচাৰে ইতিমধ্যে বহু দূৰ শিপালেগৈ।ডিজিটেল যুগত সকলোৰে হাতে হাতে থকা স্মাৰ্টফোনত বিয়পি পৰিচে এই অপপ্ৰচাৰ।কিন্তু কোনে চলাইছে এই অপপ্ৰচাৰ ? ৰাজনৈতিক কাৰণত নে মুখ্যমন্ত্ৰীৰ ভাৱমুৰ্তী নাশ কৰিবলৈ,চৰকাৰখনৰ ব্যৰ্থতা উদঙাই দূৰৰ পৰা ৰং চাবলৈ কৰা হৈছে অপচেষ্টা?ৰাইজ এতিয়া বিভ্ৰান্ত।ডিজিটেল ব্যৱস্থাৰ সুযোগ লৈ বহুতে লেকাম নথকা ছ’চিয়েল মিডিয়াত বিভিন্ন উৰা-বাতৰি,অপ-প্ৰচাৰ চলাই আহিছে।আইনে ঢুকি পোৱাৰ আগতেই অপপ্ৰচাৰ চলোৱা পক্ষ আত্মগোপন কৰিবলৈ সক্ষম হৈছে।কংগ্ৰেছৰ আমোলত বিসম্বাবৰ সময়ত একাংশই তেতিয়াৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ৰাজনৈতিক উচ্চাকাংক্ষী ঘনিষ্ঠৰ জৰিয়তে ছ’চিয়েল মিডিয়াত অহৰহ অপ-প্ৰচাৰ চলাইছিল।সেইচক্ৰটো এতিয়া কংগ্ৰেছ এৰি শাসকীয় পক্ষত আছে।গতিকে ৰাইজে এনে অপ-প্ৰচাৰ তথা ভুৱাসংবাদৰ বাবে সকলো পক্ষকে সন্দেহ কৰিছে,শাসক আৰু বিৰোধী দুয়োপক্ষকে।দোষীক বিচাৰি উলিওৱাৰ ভাৰ চৰকাৰৰ হাততে আছে।চৰকাৰেই ৰাইজক  আশ্বস্ত কৰিব লাগিবযে মুখ্যমন্ত্ৰীৰ নামত অপ-প্ৰচাৰ চলোৱা পক্ষ কাৰ দ্বাৰা আৰু কি উদ্দেশ্যৰে পৰিচালিত হৈছে,সেই কথা।লগতে তথ্য আৰু জনসংযোগ বিভাগৰো দায়িত্ব বাঢ়িৰ।ফেইক নিউজ বুলি কৈয়েই দায়িত্বৰ ইতি নেপেলাই নিজ চৰকাৰ আৰু বিভাগীয় মুৰব্বীৰ বিৰুদ্ধে চলা এনে অপপ্ৰচাৰৰ আঁৰৰ ৰহস্য উদঙাই দিব লাগিব।।

৫ আগষ্টত অযোধ্যাত ৰাম মন্দিৰৰ ভূমি পূজাত অংশ ল’ব প্ৰধানমন্ত্ৰীয়ে

দৈনন্দিন বাৰ্তা ডেস্ক :

৫ আগষ্টত অযোধ্যাত হ’ব লগা ৰাম মন্দিৰৰ ভূমি পূজাত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ প্ৰধানমন্ত্ৰী অযোধ্যাত সেইদিনা দিনৰ ১১ বজাৰ পৰা দিনৰ ১.১০ বজালৈকে থাকিব৷ প্ৰাপ্ত তথ্য মতে সেইদিনা পুৱা ৫ বজাৰ পৰা ভূমি পূজনৰ প্ৰাৰ্থনা আৰু আন কাৰ্যসূচী আৰম্ভ হ’ব ৷ ভূমি পূজা কাশী আৰু বাৰানসীৰ পূজাৰীয়ে কৰিব, য’ত প্ৰধানমন্ত্ৰী মোডীৰ সংসদীয় অঞ্চলতো ‘ভূমি পূজা’ অনুষ্ঠানত অংশ থাকিব ৷ উল্লেখ্য যে উচ্চতম ন্যায়ালয়ৰ দ্বাৰা আদেশপ্ৰাপ্ত শ্ৰীৰামজন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টৰ সদস্যসকলে শনিবাৰে অযোধ্যাত সভাৰ আহ্বান কৰে আৰু দুটা তাৰিখ ক্ৰমে ৩ আগষ্ট আৰু ৫ আগষ্টত একমত হয়৷ এই সভাত শ্ৰীৰামজন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টৰ গুৰুত্বপূৰ্ণ সদস্যৰ লগতে ট্ৰাষ্টৰ সাধাৰণ সম্পাদক চম্পত ৰায়, ট্ৰাষ্টৰ সভাপতি নৃত্য গোপাল দাস, গোবিন্দ দেৱ গিৰি, স্বামী পৰমানন্দ, কামেশ্বৰ চৌপাল, ড° অনিল মিশ্ৰ, ভীমেলেন্দ্ৰ মোহন প্ৰতাপ মিশ্ৰ, মহন্ত দিনেন্দ্ৰ দাস, অনুজ ঝা, ডি এম অযোধ্যা, কৃষ্ণ গোপাল ছাংঘ শ্ৰী কাৰয়াভাস, নৃপেন্দ্ৰ মিশ্ৰ, কে কে শৰ্মা, কমল নয়ন দাস, নৃত্য গোপাল দাস উপস্থিত থাকে ৷ ট্ৰাষ্টৰ সভাপতি নৃত্য গোপাল দাসৰ মুখপাত্ৰ মহন্ত কমল নয়ন দাসে কয় যে তেওঁলোকে গ্ৰহ আৰু নক্ষত্ৰৰ গণনা কৰি প্ৰধানমন্ত্ৰী অহাৰ সন্দৰ্ভত ৩ আৰু ৫ আগষ্ট, এই দুটা দিন ধাৰ্য কৰিছিল ৷ ট্ৰাষ্টৰ সাধাৰণ সম্পাদক চম্পত ৰয়ে জনোৱা মতে বাৰিষাৰ পাছত দেশৰ ১০ কোটি পৰিয়ালৰ পৰা ৰাম মন্দিৰৰ বাবে সহায় ল’ব আৰু তিনিৰ পৰা চাৰে তিনি বছৰৰ ভিতৰত মন্দিৰৰ নিৰ্মাণৰ আৰ্হি সম্পূৰ্ণ হৈ উঠিব ৷

চি বি এচ ই পৰীক্ষাত নগাঁৱলৈ গৌৰৱ কঢ়িয়ালে দুই কৃৰ্তিমানে

নগাঁও, ১৯ জুলাই: সদ্যঘোষিত চি বি এচ ই পৰীক্ষাত মেধাৰ দৌৰত পুনৰ  প্ৰত্যাশিতভাৱে জিলিকিছে নগাঁও জিলাৰ কেইবাগৰাকীও ছাত্র-ছাত্ৰী। চি বি এচ চি পৰীক্ষাত নগাঁৱৰ নেচনেল একাডেমিৰ পৰা প্ৰথম স্থান দখল কৰি ৯৮ শতাংশৰে এনিশা পৰাশৰ আৰু  ৯৭ শতাংশৰে দ্বিতীয় স্থান দখল কৰি হিৰক জ্যোতি বিকাশে নগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিছে । নগাঁও চহৰৰ নিবাসী অংকুৰ শৰ্মা আৰু অনুভা শৰ্মাৰ জীয়ৰী এনিশা পৰাশৰ আৰু খনিন্দ্ৰ মোহন দাস আৰু হীৰা দাসৰ পুত্ৰ হীৰক জ্যোতি বিকাশৰ সাফল্যত বিদ্যালয়ৰ শিক্ষক শিক্ষয়ত্ৰীৰ লগতে নগাঁওবাসীয়ে কৃৰ্তিমান দুগৰাকীক শলাগ লয়।