Home Blog Page 3340

নুমলীগড়তপুখুৰীত পৰি তিনি শিশুৰ সলিল সমাধিঃ অঞ্চল জুৰি শোকৰ ছাঁ ।

নুমলীগড় আৰক্ষী চকীৰ অধীনস্থ দৈগ্ৰোং চাহ বাগিচাত আজি একেটা পৰিয়ালৰে তিনিটিকৈ দেৱশিশু পুখুৰীত পৰি কৰুণ মৃত্যুক আঁকোৱালি লয় ।

মুৰফুলনী

 গোলাঘাট জিলাৰ মৰঙি মৌজাৰ নুমলীগড় আৰক্ষী চকীৰ অধীনস্থ দৈগ্ৰোং চাহ বাগিচাত আজি একেটা পৰিয়ালৰে তিনিটিকৈ দেৱশিশু পুখুৰীত পৰি কৰুণ মৃত্যুক আঁকোৱালি লোৱা ঘটনাই সমগ্ৰ মৰঙিবাসীকে শোকস্তব্ধ কৰি তুলিছে। ঘটনা বিবৰণী অনুসৰি দৈগ্ৰোং চাহ বাগিচাৰ ১১ নং লাইনৰ শেৱানুজ খেৰিয়াৰ দুই পুত্ৰ তিনি বছৰীয়া ইচ্ছা খেৰিয়া  আৰু ছবছৰীয়া সঞ্জয় খেৰিয়া  লগতে শেৱানুজ খেৰিয়াৰ ভাতৃ পাটৰাজ খেৰিয়াৰ পুত্ৰ তিনিবছৰীয়া দেৱাশীষ খেৰিয়া একেলগে খেলি আছিল। আন দিনাৰ দৰে আজিও মাক দেউতাক চাহ বাগিচালৈ কামৰ বাবে যোৱাত আইতাকৰ সৈতে ঘৰতে থৈ গৈছিল শিশুকেইটিক । আইতাকে ঘৰৰ কামত আত্মনিয়োগ কৰাৰ সময়লৈকে তিনিও শিশুৱে চোতালতে উমলি আছিল। কিন্তু কিছু সময়ৰ পাছত তেওঁ লক্ষ্য কৰে যে শিশু তিনিটি  চোতালত নাই।  লগে লগে স্থানীয় লাইনৰ চৌদিশে শিশু কেইটিক বিচাৰি চলাথ কৰে। শেষত ঘৰৰ পাছফালে সমীপতে থকা এটা পুখুৰীলৈ লক্ষ্য কৰাত এটি শিশু পানীত উপঙি থকা প্ৰত্যক্ষ কৰে। তৎক্ষণাত আইতাক গৰাকীয়ে পুখুৰীত নামি আন দুটি শিশুকো পানীত ডুব যোৱা অৱস্থাৰ পৰা উদ্ধাৰ কৰে। ঘটনাক কেন্দ্ৰ কৰি বাগিচাখনত হুৱা দুৱা পৰিস্থিতিৰ সৃষ্টি হয় আৰু তিনিটি শিশুকে তাৎক্ষণিকভাৱে লেটেকুজান চাহ বাগিচা চিকিৎসালয়লৈ নিয়া হয়, কিন্তু চিকিৎসকে শিশু কেইটিৰ ইতিমধ্যেই মৃত্যু হোৱা বুলি ঘোষণা কৰে। ইয়াৰ পিছত নুমলীগড় আৰক্ষীক বিষয়টো অৱগত কৰাত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ শিশু তিনিটিৰ মৃতদেহ  মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

সোণতলীত দলং মেৰামতি কাম আৰম্ভ কৰিলে ঠিকাদাৰে : দৈনন্দিন বাৰ্তাত প্ৰকাশ হৈছিল দলং নিৰ্মানৰ দুৰ্নীতিৰ অভিযোগ ৷

সোণতলীত দলং মেৰামতি কাম আৰম্ভ কৰিলে ঠিকাদাৰে

সোণতলী

  বৃহস্পতিবাৰৰ পৰা আৰম্ভ হল আৰিকাটি বৰদিয়া নয়াপাৰা সংযোগী কাঠৰ দলংৰ মেৰামতিৰ কাম ৷ এক বছৰ পূৰ্বে বকোৰ বিধায়িকা নন্দিতা দাসে SOPD ৰ অধীনত ৬৮ লাখ টকাৰ এখন কাঠৰ দলংখন নিৰ্মানৰ বাবে আধাৰশিলা স্থাপন কৰিছিল ৷ তাৰে কিছুদিন পিছত মিৰ্জাস্থিত পৰেশ কলিতা নামৰ এজন ঠিকাদাৰৰ নেতৃত্বত  দক্ষিণ কামৰূপৰ সোণতলীৰ আৰিকাটি বৰদিয়া নয়াপাৰা সংযোগী কাঠৰ  দলংখন নিৰ্মানৰ কাম আৰম্ভ কৰে যদিও প্ৰথমৰ পৰাই নিম্নমানৰ সামগ্ৰী দলংখনত ব্যৱহাৰ কৰি অহাৰ অভিযোগ তুলিছিল স্থানীয় ৰাইজে ৷ সেই বাতৰি যোৱা ২০ মে’ তাৰিখে দৈনন্দিন বাৰ্তাৰ ডিজিটেল সংস্কৰণত প্ৰকাশ হৈছিল ৷ দৈনন্দিন বাৰ্তাৰ বাতৰি প্ৰকাশ হোৱাৰ পিছতেই ঠিকাদাৰক কালিৰে পৰা দলংখন মেৰামতিৰ কাম আৰম্ভ কৰে৷ উল্লেখযোগ্য যে, এবছৰ নহওঁতে দলংখনৰ মাজৰ অংশ তলপিনে  বহিগৈ হালি যোৱাৰ ফলত অঞ্চলটোৰ ৰাইজে শংকিত হৈ পৰিছিল ৷ যিকোনো মুহূৰ্তত ডাঙৰ দুৰ্ঘটনা হোৱাৰ পূৰ্ণ সম্ভাৱনা প্ৰকোট  হৈ পৰিছিল দলংখনত ৷ কুৰিখনতকৈ অধিক গাঁৱৰ একমাত্ৰ যাতায়ত ব্যৱস্থা এই দলংখন বন্ধ হৈ পৰিলে স্তব্ধ হৈ পৰাৰ উপক্ৰম হৈছিল বৃহত্তৰ আৰিকাটি- পানীখাইতীকে ধৰি বহু কেইখন গাৱঁৰ ৰাইজৰ ৷ 

নাজিৰাৰ শিমলুগুৰি জংচনত দ্বিতীয় খন শ্ৰমিক এক্সপ্ৰেছত বহি: ৰাজ্যৰ পৰা আহিল ১৬ জন শ্ৰমিক । কোৱাৰেণ্টাইন চেণ্টাৰলৈ প্ৰেৰণ ।

নাজিৰাৰ শিমলুগুৰি জংচনত দ্বিতীয় খন শ্ৰমিক এক্সপ্ৰেছত বহি:ৰাজ্যৰ পৰা আহিল ১৬ জন শ্ৰমিক

দিলীপ হাজৰিকা : নাজিৰা

প্ৰথম,দ্বিতীয়,তৃতীয়,চতুৰ্থ পৰ্য্যায়ৰ লকডাউনৰ পিছত  শিৱসাগৰ জিলাৰ শিমলুগুৰি ৰে’ল জংচনত আহি পালেহি দ্বিতীয়খন শ্ৰমিক ৰেল৷ তামিলনাডু কম্বতুৰৰ পৰা অহা শ্ৰমিক এক্সপ্ৰেছ পুৱা ৯.১৫ বজাত শিমলুগুৰি জংচন আহি পোৱাৰ পিছতেই যাত্ৰী সকলক কৰোৱা হয় স্বাস্থ্য পৰীক্ষা । ইতিমধ্যে শিৱসাগৰ জিলাৰ শিমলুগুৰি ৰে’লৱে জংচন আহি  পালেহি কম্বতুৰৰ পৰা অহা শ্ৰমিক এক্সপ্ৰেছ।৯ বাজি ১৫ মিনিটত মিনিটত শিমলুগুৰি ৰে’লৱে জংচন আহি পোৱা শ্ৰমিক এক্সপ্ৰেছ  প্ৰায় পাঁচ ঘন্টা পলমকৈ আহি পায়৷শ্ৰমিক ৰেলখনত উজনি অসমৰ শিমলুগুৰি ৰে’লৱে জংচন আহি পোৱাৰ লগে লগেই যাত্ৰী সকলক  শিমলুগুৰি ৰে’লৱে জংচনত  কৰোৱা হয় স্বাস্থ্য পৰীক্ষা।স্বাস্থ্য পৰীক্ষা কৰোৱাৰ পিছত  চৈধ্য দিনৰ কোৱাৰেণ্টাইনৰ বাবে নিয়া হয় এই সকল লোকক৷চৰাইদেউ জিলাৰ পাঁচজন আৰু শিৱসাগৰ জিলাৰ ১১ গৰাকীসহ মুঠ ১৬ জনব্যক্তি শিমলুগুৰি ৰে’লৱে জংচনলৈ এই শ্ৰমিক এক্সপেছৰ যোগেদি আহি নামিছে৷তিনিখন বাছেৰে লৈ যোৱা হৈছে ভিন্ন প্ৰান্তত স্থাপন কৰা কোৱাৰেন্টাইন চেন্টাৰলৈ৷ 

অসংগঠিত ক্ষেত্ৰত অতি ভয়ানক হৈ পৰিছে পৰিস্থিতি । ভাৰতত মে’ মাহতে কাম হেৰুৱালে ১২ কোটি ২০ লাখে ।

 প্ৰব্ৰজিত শ্ৰমিকৰ বাবে বিশেষ ৰে’ল আৰম্ভ হোৱাৰ সময়তে পোহৰলৈ আহে নিবনুৱাৰ ছবি৷ প্ৰতিদিনে ৰে’লত নিজৰ ৰাজ্যলৈ ওভতিছে হাজাৰ হাজাৰ শ্ৰমিক৷ লকডাউন উঠিলে পৰিস্থিতি স্বাভাৱিক হ’লেও এই শ্ৰমিকসকল কৰ্ম স্থানলৈ ঘুৰি গ’লেও কাম পুনৰ পাবনে তাৰ কোনো নিশ্চয়তা নাই৷ ফলত অসংগঠিত ক্ষেত্ৰত পৰিস্থিতি অতি ভয়ানক হৈ পৰিছে৷ এই সংক্ৰান্তত এটা বেচৰকাৰী সংগঠনে কৰা সমীক্ষা মতে যোৱা মাহত কাম হেৰুৱাইছিল ১২ কোটিৰো অধিক লোকে৷ সময়ৰ লগে লগে এই সংখ্যা যে বাঢ়িব তাক লৈ আলোচনা কৰিছে বিশেষজ্ঞ মহলে৷ ২০১৪ চনত ক্ষমতাত অহাৰ সময়ত দৰিদ্ৰ, নিন্ম শ্ৰেণীৰ কৰ্মসংস্থাপনত জোৰ দিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে৷ ২০১৯ চনত দ্বিতীয়বাৰ বিপুল সংখ্যাগৰিষ্ঠতা লৈ ক্ষমতাত বহে এনডিএ৷ প্ৰতিশ্ৰুতি পুৰণত ব্যৰ্থ বুলি বিৰোধী বাৰম্বাৰ সৰৱ হৈ আছে৷ কিন্তু কেতবোৰ চেষ্টা কৰিছিল মোডী চৰকাৰে৷ ক’ৰোনা ভাইৰাছ সংক্ৰমণ ৰোধৰ বাবে তিনি মাহ লকডাউন দিয়াৰ সময়তে সেই চেষ্টাত চেঁচা পানী পৰে৷ এনেদৰে বিশেষজ্ঞ মহলে মত প্ৰকাশ কৰে৷ ফলত বৃহৎ সংকটৰ সন্মুখীন হয় কেন্দ্ৰ৷ যিমানে সময় পাৰ হৈ গৈছে সিমানে শোচনীয় হৈ পৰিছে প্ৰব্ৰজিত শ্ৰমিকৰ অৱস্থা৷ বেচৰকাৰী ক্ষেত্ৰত কর্মসংস্থান, অর্থনীতিৰ গতিপ্রকৃতি লৈ গৱেষণা আৰু সমীক্ষাকাৰী বেচৰকাৰী সংস্থা চেণ্টাৰ ফৰ মণিটাৰিং ইণ্ডিয়ান ইক’নমি (চিএমআইআই)ৰ তৰফৰ পৰা দাবী কৰা মতে কেৱল মাত্ৰ মে’ মাহতে কাম হেৰুৱাইছে ১২ কোটি ২০ লাখ মানুহে৷ প্ৰব্ৰজিত শ্ৰমিক ঘৰলৈ ঘুৰি যোৱাৰ চিত্ৰই ইয়াক নুবুজালেও কর্মস্থলত বন্দী হৈ থকাসকলক ধৰিলে তেওঁলোক বৰ্খাস্ত হোৱা নাই৷ কিন্তু প্ৰব্ৰজিত শ্ৰমিক ৰে’ল আৰম্ভ হোৱাত ভয়াৱহ চিত্ৰ ভাহি অহাৰ আৰম্ভ কৰে৷ চিএমআইআইৰ এই প্ৰতিবেদনত কোৱা হৈছে যে সকলোতকৈ বেছি ক্ষতি হৈছে দিন হাজিৰা কৰা শ্ৰমিক আৰু যিসকলে নিজে সৰু সৰু ব্যৱসায় কৰে সেইসকল লোকৰ৷ ইয়াৰ মাজত ফুটপাথৰ ব্যৱসায়ী, নিৰ্মাণ উদ্যোগৰ শ্ৰমিক, ৰিক্সা-অ’ট’ চালক আদি পেশাৰ লোকসকল৷ বিভিন্ন ক্ষেত্ৰত উন্নয়নৰ বহুজাতিক পৰামৰ্শদাতা সংস্থা আইপিই গ্ল’বেলৰ মতে ভাইৰাছক এৰি বেছিভাগ মানুহ মৰিব অভাৱত৷ সংস্থাৰ পৰিচালন সঞ্চালক অশ্বজিৎ সিঙে কয়, বহু বছৰ ধৰি দৰিদ্ৰতা দূৰীকৰণত ভাৰত চৰকাৰে কৰা সকলো প্ৰচেষ্টা মাত্ৰ কেইটামান মাহতে বিফল কৰি দিছে৷

ডবকাৰ চাংমাজীত অঘটন ৷ বাঢ়নী পানীয়ে উটুৱাই নিলে এজনক ৷

ডবকাৰ প্ৰতিবেদক

হোজাইত বানপানীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সময়তে আজি ডবকাত সংঘটিত হল অঘটন ৷ ডবকাত বাঢ়নী পানীয়ে এজন যুৱকক উটুৱাই লৈ যায় ৷ যুৱকজন চাংমাজী গাঁও পঞ্চায়তৰ ৯ নং ৱাৰ্ডৰ ৰহিম উদ্দিনৰ ২৫ বছৰীয়া  পুত্ৰ ইকৰাম হুছেইন বুলি জানিব পৰা গৈছে ৷ বৰ্তমানলৈকৈ সন্ধান নাই যুৱকজনৰ ৷ এই ঘটনাই ডবকাত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ৷ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে যদিও বাতৰি লিখালৈকৈ কোনো সন্ধান উলিয়াব পৰা নাই ৷

বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ সৰৱ প্ৰতিবাদঃ ভয় দেখুৱাই গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰাৰ পৰিণতি বিষম হ’ব : বলদেৱ তেলীক শীঘ্ৰে এৰাৰ দাবী ।

দিলীপ হাজৰিকা : নাজিৰা

– নাজিৰাৰ বিধায়ক তথা অসম বিধান সভাৰ বিৰোধী নেতা দেৱব্ৰত শইকীয়াই অসম চৰকাৰৰ বিৰুদ্ধে তীব্ৰ বিষোদগাৰ প্ৰকাশ কৰি জনতাৰ অধিকাৰ নস্যাৎ কৰা চৰকাৰৰ ধাৰবাহিক কাণ্ডৰ প্ৰতিবাদ কৰিছে । শীঘ্ৰে চৰকাৰে এনে কাৰ্য্যৰ পৰিণতি ভূগিবলৈ সাজু হ’ব লাগিব বুলিও আঙুলী টোঁৱাই কয় যে কেৱল “কা” বিৰোধী আন্দোলন কৰাৰ বাবেই আদিবাসী সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সভাপতি বলদেৱ তেলীক আবাস গৃহৰ পৰা উঠাই নি গ্ৰেপ্তাৰ কৰা কাৰ্য্য চূড়ান্ত ভাৱে নিন্দনীয় । কভিড১৯ ৰোগৰ বাবে চৰকাৰে জাৰি কৰি ৰখা লকডাউনৰ অনুশাসনত বৰ্ত্তি ৰোৱা অৱস্থাত পুলিচে গ্ৰেপ্তাৰ কৰি পেলোৱা কাৰ্য্য মুঠেও গ্ৰহণ যোগ্য হ’ব নোৱাৰে । যদি নাগৰিকে আইন ভংগ কৰে গ্ৰেপ্তাৰৰ বাবে সংবিধান প্ৰতিষ্ঠতি আইন আছে আৰু সেই আইনত গণতান্ত্ৰিক প্ৰমূল্যৰ নীতি আছে । লকডাউনৰ সময়ত গ্ৰেপ্তাৰ কৰি অনা কাৰ্য্য কেৱল অগণতান্ত্ৰিক নহয় মানৱতাৰ বিৰুদ্ধেও অন্যায় । অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ জীৱনৰ অতিক্ৰম কৰি অহা খিনিলৈ আঙুলিয়াই দি দেৱব্ৰত শইকীয়াই কয় “তেওঁ নিজে সংগ্ৰামী সত্বাৰ মাজেৰে চৰকাৰ বিৰোধী  আন্দোলনৰ নেতৃত্ব দি আজিৰ ৰাজনৈতিক পথাৰত ভৰি দি মুখ্যমন্ত্ৰী হৈছে, গতিকে   আমাৰ গণতান্ত্ৰিক অধিকাৰ কাঢ়ি নল’ব” । মুখ্যমন্ত্ৰীক এনে কাৰ্য্যৰ যোগেদি প্ৰশাসন ব্যৱস্থাক বিপৰ্য্যস্ত নকৰিবলৈ আহ্বান জনায় । অসমৰ স্বাৰ্থৰ পৰিপন্থী আৰু চৰকাৰৰ  জনবিৰোধী নীতিৰ প্ৰতিবাদ কৰা ৰাইজৰ গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰাৰ পৰিণতিতে ৰাইজ সদল বলে মাৰ-বান্ধি ৰাজপথলৈ ওলাই আহিব আৰু প্ৰশাসন বিপদত পৰিব বুলি উল্লেখ কৰে দলপতিজনে । ধাৰাবাহিক ভাৱে গণতান্ত্ৰিক আন্দোলন কৰি চৰকাৰৰ নীতিৰ বিৰোধিতা কৰিলেই বিজেপি চৰকাৰখনে গ্ৰেপ্তাৰ কৰি পুলিচৰ ভয় দেখুৱায়.। আন্দোলনকাৰীক বাকৰূদ্ধ কৰাৰ কাণ্ডক প্ৰতিবাদ জনোৱা বিৰোধী দলপতিজনে দিল্লী বিশ্ববিদ্যালয়ৰ অসমীয়া ছাত্ৰী দেৱাঙ্গনা কলিতা আৰু তেওঁৰ সহপাঠী গৰাকীৰ গ্ৰেপ্তাৰৰো  প্ৰতিবাদ কৰে.। এনে স্বৈৰাচাৰী চৰকাৰী পন্থাই কভিড১৯ বিপৰ্য্যয়ৰ মাজত ৰাজনৈতিক বাতাবৰণটোকে বিনাশ ঘটোৱা বুলি কয় ।

নাজিৰাত অনুপ,দাদু,ধুনুৰ ছত্ৰছায়াত দিনে নিশাই অবৈধ মাটি খনন : কোৰাণেৰে ধন চপাইছে আৰক্ষী,ৰাজহ চক্ৰ কাৰ্যালয় কৰ্মচাৰীয়ে : বনবিভাগ কুম্ভকৰ্ণ নিদ্ৰাত মগ্ন ।

দিলীপ হাজৰিকা : নাজিৰা 

— শিৱসাগৰ জিলা বন সংমণ্ডল বিভাগৰ একাংশ বিষয়া আৰু নাজিৰা মহকুমাৰ একাংশ আৰক্ষী বিষয়াৰ ছত্ৰছায়াত নাজিৰা মহকুমাৰ অন্তৰ্গত শেনআলি,চানবেচা,বাউলীমৈদাম,কপহুৱা,মাদুৰি,মঠিয়াছিগা,মেজেঙ্গা,নামতি,গেলেকীত  দিনে নিশাই চৰকাৰক ৰাজহ ফাঁকি দি ভু-মাফিয়া সকলে অবৈধ মাটি খনন অব্যাহত ৰাখি সন্ত্ৰাস চলাই আহিছে | গুৰু গোঁসাই নামানি নাজিৰা নগৰত পুৱাৰ পৰা গধূলিলৈকে অবৈধ মাটি গাড়ীৰ বাবে জনজীৱন স্তব্দ হৈ পৰিছে | আজিৰ পৰা তিনিমাহ ধৰি নাজিৰাৰ একাংশ আৰক্ষী,বনবিষয়াক সাপ্তাহিক ধনৰ টোপোলা আগবঢ়াই ভূ-মাফিয়াসকলে লাখ লাখ টকা ৰাজহ ফাঁকিৰে বনবিভাগৰ বিনা অনুজ্ঞাপত্ৰে অবৈধ মাটি খনন অব্যাহত ৰাখিছে | নাজিৰা মহকুমা প্ৰশাসনৰ চকুৰ সন্মুখতে ভূ-মাফিয়া সকলে ৰাজহ ফাঁকিৰে মাটি খনন কৰি থকাৰ পিছতো কিন্ত সেইসকলক নাকী লগাবলৈ সক্ষম হোৱা নাই | নাজিৰা মহকুমালৈ নৱনিয়ুক্তি হৈ অহা মহকুমাধিপতি সম্প্ৰতি গোস্বামীকো নাজিৰা জ্যেষ্ঠ নাগৰিক,জাতি-জনগোষ্ঠীয় সংগঠন লগতে সৰ্বসাধাৰণ ৰাইজে অবৈধ মাটি,বালি খননৰ বিষয়ে অৱগত কৰি আহিছে যদিও মহকুমাধিপতি গৰাকী চকু মুদা কুলি ভাৱত নিমগ্ন হৈ আছে বুলি ৰাইজে অভিযোগ তুলিছে | উল্লেখ্য যে নাজিৰা ৰেৱতী কপহুৱা অঞ্চলত থকা অএনজিচিৰ এটা তৈলখাদৰ চৌহদৰ মাটি অনুপ,দাদু নামৰ ভু-মাফিয়া দুজনে আৰক্ষীক ধনৰ টোপোলা আগবঢ়াই মাটি খনন কৰি নি:শেষ কৰিলে | স্থানীয় ৰাইজে এই সন্দৰ্ভত প্ৰশাসনক বাৰম্বাৰ অৱগত কৰিছিল যদিও ৰাইজৰ কথালৈ প্ৰশাসনে গুৰুত্ব আৰোপ নকৰিলে | বৰ্তমান অনুপ,দাদু এই ভূ-মাফিয়া দুজনে আৰক্ষীক ধনেৰে মেনেজ কৰি নাজিৰা বিভিন্ন প্ৰান্তত বনবিভাগৰ নথিপত্ৰ অবিহনে অবৈধ মাটি খনন কৰি সংবাদ মাধ্যমকো বৃথাংগুষ্ঠ দেখুৱাই সন্ত্ৰাস চলাই আহিছে | গ্ৰামাঞ্চলৰ বাট পথৰ পৰা নাজিৰা নগৰৰ মাজেৰে যোৱা ঐতিহাসিক  ধোদৰ আলিটো সম্পূৰ্ণ বিধস্ত কৰি তুলিছে অবৈধ মাটি গাড়ীসমূহে | পুৱাৰে পৰা নগৰত চলাচল কৰি থকা মাটি গাড়ী সমূহৰ বাবে বিদ্যালয়লৈ অহা কণ কণ ছাত্ৰ ছাত্ৰীসকলো ভীষণ সমস্যাৰ সন্মুখীন হৈ আহিছে যদিও প্ৰশাসনে আজিকোপতি গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই | নগৰত তীব্ৰ বেগেৰে অবৈধ মাটি,বালি গাড়ীসমূহ চলাচল কৰি সন্ত্ৰাস চলাই অহাৰ ফলত পদপথেৰে অহাযোৱা কৰা পথচাৰী সকলৰো জীৱনৰ প্ৰতি ভয়ংকৰ ভাবুকি আহি পৰিছে | উল্লেখ্য যে বৰ্তমানৰ শাসনাধিস্ত চৰকাৰখনৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অতি ঘনিষ্ঠ এজন ব্যক্তি নাজিৰাত থকাৰ হেতুকে সেইজন ব্যক্তিৰ নাম লৈ একাংশ প্ৰশাসনিক বিষয়াই এফালৰ পৰা মাটি,বালি,শিল,কয়লাৰ পৰা কোৰাণেৰে খমখমীয়া অবৈধ ধন সংগ্ৰহ কৰাৰো এক অভিযোগ উত্থাপিত হৈ আহিছে | সংবাদ মাধ্যমত এই সমগ্ৰ দুৰ্নীতিৰ কথা সবিস্তাৰে প্ৰায়ে প্ৰকাশ হৈ থকাৰ ফলত সংবাদসেৱী সকলৰ ওপৰতো ক্ষোভিত হৈ পৰিছে একাংশ আৰক্ষী | জিলা বনবিভাগৰ এচাম বিষয়াই অবৈধ মাটি,বালি মাফিয়া সকলৰ বিৰুদ্ধে নাজিৰাত অভিযান চলাবলৈ আহি ৰাইজক এখন নাটক দেখুৱাই পিছমূহুৰ্ত্তত বিলাসী হোটেলত চাহ,ভাত খোৱাৰ চলেৰে মোটা কমিচনৰ ধন সংগ্ৰহ কৰি অহা ঘটনাও সৰ্বজনবিদিত | এনেদৰেই পাহাৰসম দুৰ্নীতিৰে পৰিপূৰ্ণ হৈ পৰিছে নাজিৰা প্ৰশাসন যন্ত্ৰটো | ৰাজ্যৰ মূখ্যমন্ত্ৰীয়ে দূৰ্নীতিৰ ক্ষেত্ৰত যিমানেই শূণ্যসহনশীলতা গ্ৰহণ কৰি আহিছে নাজিৰাত একাংশ প্ৰশাসনিক বিষয়াই সিমানেই দুৰ্নীতিৰে পাহাৰ সদৃশ সম্পত্তি গঢ়ি তুলিছে | নাজিৰাত ৰাজনৈতিক একাংশ নেতা-পালিনেতাৰ লগতে একাংশ জাতি-জনগোষ্ঠীয় কেইজনমান নেতাৰ নাম লৈ  ভূ-মাফিয়াৰ পৰা আৰম্ভ কৰি বালি,শিল,কয়লা,অএনজিচিৰ তেল,লোহা চোৰ পৰ্যন্ত এক বৃহৎ ছিণ্ডিকেট চক্ৰ গড় লৈ উঠিছে | নাজিৰাত জাতি জনগোষ্ঠীয় সংগঠনৰ একাংশ নেতাই নেতাগিৰি দেখুৱাই নাজিৰাৰ দুই এজন সংবাদসেৱীৰ কান্দত ভৰ দি একাংশ সংবাদসেৱীকো ধনৰ টোপোলা আগবঢ়াই এখন বৃহৎ ক’লা সাম্ৰাজ্য গঢ়ি তুলিছে | ব্যৱসায়ীৰ পৰা আৰম্ভ কৰি চৰকাৰী বিষয়ালৈকে বিভিন্ন অজুহাত দেখুৱাই ব্লেক মেইলিং কৰি এই চক্ৰটোৱে নাজিৰাৰ সংবাদ মাধ্যমকো ভয় ভাবুকি প্ৰদান কৰি অহাৰো নজিৰ আছে |

বৰঘূলী আক্ৰমণৰ লগত জড়িত দুজন গ্ৰেপ্তাৰ । ২৬ মে’ত সংঘটিত হৈছিল জল সম্পদ বিভাগৰ ঠিকাদাৰ-কৰ্মচাৰী আক্ৰমণৰ ঘটনা ।

কলিয়াবৰ

কলিয়াবৰ মহকুমাৰ বৰঘূলীত ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ মাজতে সংঘটিত হৈছিল এক আক্ৰমণৰ ঘটনা। যোৱা ২৬ তাৰিখে কলিয়াবৰ বৰঘূলীত গৰাখহনীয়া প্ৰতিৰোধত নিয়োজিত একাংশ ঠিকাদাৰ,জলসম্পদৰ কৰ্মচৰীক আক্ৰমণত জড়িতৰ অভিযোগত দুজনক গ্ৰেপ্তাৰ।  ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত  ১০৯/১২০বি/১৪৭/১৪৮/১৪৯/৩৩৮/৩৩২/২৯৪/৩০৭ নম্বৰ ধাৰাত চৈধ্যজন অভিযুক্তৰ বিৰুদ্ধে ৩৩/২০২০ নম্বৰ গোচৰ উলুৱনী আৰক্ষী নিৱেশত পঞ্জীয়ন হৈছিল। চৈধ্যজন অভিযুক্তৰ ভিতৰত দুজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে‌। ধৃত অভিযুক্ত দুজনক জিয়াবুৰ ৰহমান আৰু চাইফূল ইচলাম বুলি চিনাক্ত কৰা হৈছে।
উল্লেখযোগ‍্য যে, ঈদৰ পিচদিনাই ব্ৰহ্মপুত্ৰই খহাই নিছিল অঞ্চলটোৰ নিৰ্মাণ সম্পূৰ্ণ নোহোৱা এটা আৰ. চি. চি. মছজিদ। সেই ক্ষোভৰ মাজতে ব্ৰহ্মপুত্ৰত পাৰ্কুপাইনৰ কাম কৰি থকা ঠিকাদাৰৰ কৰ্মচাৰী আৰু কৰ্মী ৰাইজৰ ৰোষৰ বলি হ’ব লগা হয়। ক্ষোভিত ৰাইজে শিলগুটি আৰু ইটাৰে কৰা আক্ৰমণত মেচিন নাওখনত থকা কেইবাজনো কৰ্মচাৰী আৰু কৰ্মী আঘাটপ্ৰাপ্ত হৈ চিকিৎসাধীন হ’বলগীয়া হয়। এখন মেচিন নাৱেৰে বৰঘূলিৰ মছজিদৰ খহনীয়াৰ বুজ ল’বলৈ অহা জলসম্পদ বিভাগৰ ঠিকাদাৰ-অভিযন্তাক পহু খেদা দিয়ে।

কুসুমটোলাত দুষ্প্ৰাপ্য কাছ উদ্ধাৰ ।

কুসুমটোলাত দুষ্প্ৰাপ্য কাছ উদ্ধাৰ ।

জামুগুৰিহাট

জামুগুৰিহাটৰ কুসুমটোলাত আজি কেইগৰাকী মান যুৱকে এটি দুষ্প্ৰাপ্য কাছ উদ্ধাৰ কৰি বনবিভাগক চমজাই দিয়ে। কুসুমটোলাৰ ঐতিহাসিক শুকান পুখুৰীৰ সমীপৰ বাকৰিত প্ৰায় ১৫ কেজি ওজনৰ কাছটো দিনৰ ২ মান বজাত বিচৰণ কৰি থকা স্থানীয় দুজন মান যুৱকে প্ৰত্যক্ষ কৰে আৰু ইয়াৰ পিছতে কাছটো কৰায়ত্ব কৰি স্থানীয় যুৱক মিন্টু নাথে কুসুমটোলাস্হ বনবিভাগৰ লগত যোগাযোগ কৰে।পিছত ঘটনাস্হলীত বনবিভাগৰ লোক উপস্থিত হৈ কাছটো লৈ আহে ।জানিব পৰা মতে দুষ্প্ৰাপ্য প্ৰজাতিৰ কাছটো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ষষ্ঠ সংযোজনৰ বিলত অহা কাইলৈ বনবিভাগে এৰি দিব।কাছটো উদ্ধাৰ কৰি বনবিভাগক চমজাই দিয়াৰ বাবে সচেতন ৰাইজে স্থানীয় যুৱক কেইজনক প্ৰশংসা কৰিছে ।

ৰূপহীহাটত শিশুৰ মুখৰ আহাৰ কাঢ়ি খাইছে একাংশ কৰ্মী-বিষয়া-মুখ্য সেৱিকাই । ১২০ টকাৰ বিপৰীতে অংগনবাদী কৰ্মীয়ে বিলাইছে নিম্ন মানৰ ডেৰ-দুই কেজি পৰিমাণৰ শিশু খাদ্য ।

 এ জে আকন্দ‌, নগাঁও

শিশু, কিশোৰী, গৰ্ভৱতী মহিলা, প্ৰসূতি আৰু পুষ্টিহীনতাত ভোগা শিশুক পুষ্টিকৰ আহাৰ খুওৱাৰ নামত ব্যাপক দুৰ্নীতি-অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে ৰূপহীত সংহত শিশু উন্নয়ন প্ৰকল্পৰ বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে। আন সময়ৰ কথাতো বাদেই কৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে দেশজুৰি বলবৎ কৰা দীঘলীয়া তলাবন্ধৰ সময় ছোৱাতো দৰিদ্ৰ পৰিয়ালৰ শিশু আৰু পুষ্টিহীনতাত ভোগা শিশুৰ আহাৰৰ নামত আবন্টিত ধনৰ ওপৰতো সামুহিক লুন্ঠন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। দেশজুৰি বলবৎ হৈ থকা তলাবন্ধৰ ফলত সমাজ কল্যাণ বিভাগৰ অধীণস্থ অংগণবাড়ী কেন্দ্ৰ সমূহ বন্ধ হৈ থকা হেতুকে কেন্দ্ৰীয় চৰকাৰে এক নিৰ্দেশনা অনুসৰি প্ৰতিটো অংগণবাড়ী কেন্দ্ৰৰ শিশু সকলক পুষ্টিকৰ খাদ্যৰ বাবদ প্ৰতিদিনে আঠ টকাকৈ আৰু পুষ্টিহীনতাত ভোগা প্ৰতিটো শিশুৰ বাবে প্ৰতিদিনে ১২ টকাকৈ দিয়াৰ ব্যৱস্থা কৰে। সেই মৰ্মে ইতিপূৰ্বে অংগনবাড়ী কেন্দ্ৰসমুহৰ বেংক একাউন্টত চৰকাৰে নিৰ্দিষ্ট পৰিমাণৰ ধন জমা দিয়ে। সেই মৰ্মে ১৫ দিনত প্ৰতিটো শিশুৰ বাবদ ১২০ টকাকৈ আৰু পুষ্টিহীনতাত ভোগা প্ৰতিটো শিশুৰ বাবদ ১৮০ টকাকৈ চৰকাৰে আবন্টন দিয়ে। সেই ধনৰে অংগণবাড়ী কেন্দ্ৰৰ কৰ্মীয়ে হিতাধিকাৰীৰ ঘৰলৈ গৈ পুষ্টিকৰ শিশু খাদ্য সামগ্ৰী যোগান ধৰিব লাগে। উত্থাপিত অভিযোগ অনুসৰি, ৰূপহীহাটৰ একাংশ অংগনবাড়ী কেন্দ্ৰ‌ই পুষ্টিকৰ খাদ্য যোগান ধৰাৰ নামত ১৫ দিনৰ বাবদ ঠাই বিশেষ মাত্ৰ এক-ডেৰ কেজি চাউল, আধা কেজি দাইল, অলপ চয়াবিন যোগান ধৰি ব্যাপক পৰিমাণৰ লুন্ঠন চলোৱাৰ অভিযোগ উঠিছে। যি একাংশ শিশু আৰু পুষ্টিহীনতাত ভোগা শিশুক খাদ্য সামগ্ৰী যোগান ধৰিছে তাৰ মূল্য মাত্ৰ ৮০ টকা মানহে হ’ব বুলি সৰ্বত্ৰ চৰ্চা লাভ কৰিছে। এইদৰে প্ৰতিটো শিশুৰ বিপৰীতে আবন্টিত ধনৰ এটা অংশ আত্মসাৎ কৰা হৈছে বুলিও ৰাইজে অভিযোগ কৰিছে। এই ধন ৰূপহী সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া পাৰুল তামুলী, একাংশ মুখ্য সেৱিকা, অংগণবাড়ী কেন্দ্ৰৰ কৰ্মী, কেন্দ্ৰ পৰিচালনা সমিতিৰ সভাপতিৰ মাজত ভাগ বটোৱাৰা হয় বুলিও অভিযোগ উত্থাপিত হৈছে। উল্লেখ্য যে ৰূপহী সংহত শিশু উন্নয়ন প্ৰকল্পৰ অন্তৰ্গত ২৯৪টা অংগনবাড়ী কেন্দ্ৰ আছে। ইয়াৰে দুই কুৰিৰো অধিক কেন্দ্ৰ কেৱল কাগজে কলমেহে চলি আছে। অথচ বিগত দিন সমূহত সেই অংগণবাড়ী কেন্দ্ৰ সমূহৰ নামতো প্ৰতিমাহে শিশু, গৰ্ভৱতী মহিলা, প্ৰসূতিক পুষ্টিকৰ খাদ্য খুওৱাৰ নামত হেজাৰ হেজাৰ টকা আত্মসাৎ কৰি আহিছে। সমাজ কল্যাণ বিভাগৰ এক সূত্ৰৰ পৰা জানিব পৰা মতে, তলাবন্ধৰ বাবে অংগণবাড়ী কেন্দ্ৰ সমূহ বন্ধ থাকিলেও সমাজ কল্যাণ বিভাগৰ সঞ্চালকৰ কাৰ্যালয়ৰ পৰা অংগণবাড়ী কেন্দ্ৰ সমূহলৈ শিশু, কিশোৰী, গৰ্ভৱতী মহিলা আৰু প্ৰসূতিৰ বাবে নিয়মীয়াকৈ চাউল-মটৰৰ যোগান অব্যাহত আছে। সেই অনুসৰি, ৰূপহী সংহত শিশু উন্নয়ন প্ৰকল্পটোৰ অধীণস্থ প্ৰায় অধিকাংশ অংগণবাড়ী কেন্দ্ৰ সমূহলৈ প্ৰতি হিতাধিকাৰীৰ বিপৰীতে ৮২ দিনৰ বাবে খাদ্য সামগ্ৰী আবন্টন দিয়া হৈছে। চৰকাৰী নিৰ্দেশনা অনুসৰি প্ৰতি গৰাকী গৰ্ভৱতী মহিলা আৰু প্ৰসূতিৰ বাবে প্ৰতি দিনে ১০০ গ্ৰামকৈ চাউল, ৬০ গ্ৰামকৈ মটৰ, প্ৰতিটো শিশুক প্ৰতি দিনে  ৮০ গ্ৰামকৈ চাউল আৰু ৩০ গ্ৰামকৈ মটৰ যোগান ধৰিব লাগে। সেই হিচাপত প্ৰতি গৰাকী গৰ্ভৱতী মহিলা আৰু প্ৰসূতিক ৮২ দিনৰ বিপৰীতে ৮ কেজি দুশ গ্ৰামকৈ চাউল, ৪ কেজি ৯২০ গ্ৰামকৈ মটৰ, প্ৰতি গৰাকী শিশুক ৮২দিনৰ বিপৰীতে ৬ কেজি ৫৬০ গ্ৰামকৈ চাউল আৰু ২ কেজি ৪৬০ গ্ৰামকৈ মটৰ যোগান ধৰিব লাগে। কিন্তু ৰূপহীৰ প্ৰায় অধিকাংশ কেন্দ্ৰৰ হিতাধীকাৰীকেই মাত্ৰ ৪-৫ কেজিকৈ চাউল আৰু ২৫০ গ্ৰামৰ পৰা ১ কেজি পৰ্যন্ত মটৰ যোগান ধৰাৰ অভিযোগ উঠিছে। উক্ত সংহত শিশু প্ৰকল্পৰ অধীনস্থ বহু অংগনবাড়ী কৰ্মীয়ে শ শ ভুৱা হিতাধিকাৰীৰ নামত পুষ্টিকৰ খাদ্য যোগান ধৰাৰ ভুৱা তথ্যৰেই হাজাৰ হাজাৰ টকাৰ ওপৰত অবাধ লুন্ঠন চলোৱাৰ অভিযোগো উঠিছে। আনকি অংগণবাড়ী কেন্দ্ৰৰ হিতাধিকাৰীৰ তালিকাত বহু ধনী আৰু সম্ভ্ৰান্ত ঘৰৰ মহিলা-শিশুৰ নাম অন্তৰ্ভুক্ত থকাত সেই সকলে যিহেতু চাউল-মটৰ কাহানিও নিনিয়ে সেয়েহে তেওঁ লোকৰ বিপৰীতে আবন্টিত খাদ্য বজাৰত বিক্ৰী কৰা হয় বুলিও অভিযোগ উঠিছে। উল্লেখ্য যে সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া পাৰুল তামুলী যোগদানৰ পিছৰে পৰা ৰূপহীত ব্যাপক দুৰ্নীতি অনিয়ম সংঘটিত হৈছে বুলি চৰ্চা হৈছে। পৰৱৰ্তী প্ৰতিবেদনত তথ্য সহকাৰী ফাদিল কৰা হ’ব।