Home Blog Page 3342

বহিঃ ৰাজ্যত অসমৰ গামোচাৰে প্ৰস্তুত কৰা মাস্কৰ চাহিদা : মুগাৰ মাস্ক বহি:ৰাজ্যলৈ প্ৰেৰণৰ বাবে সাঁজু কৰি তুলিছে নগাঁৱৰ এগৰাকী মহিলাই ।

বহি:ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে অসমীয়া শিপিনীৰ হাতত গঢ় লোৱা গামোচাৰে প্ৰস্তুত কৰা মাস্কৰ চাহিদা।

নগাঁও

বহি:ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে অসমীয়া শিপিনীৰ হাতত গঢ় লোৱা গামোচাৰে প্ৰস্তুত কৰা মাস্কৰ চাহিদা।নগাঁও জিলাৰ চামগুৰিৰ জ্যোতি জিমলী মহন্ত নামৰ মহিলাগৰাকীয়ে শেহতীয়া ভাৱে গুজৰাট, নতুন দিল্লীকে ধৰি বহি:ৰাজ্যৰ বিভিন্ন স্থানলৈ প্ৰেৰন কৰা গামোচাৰে নিৰ্মিত মাস্কে গ্ৰাহকৰ পৰা বিপুল সঁহাৰি লাভ কৰিবলৈ সক্ষম হয় । শেহতীয়া ভাৱে জ্যোতি জিমলী মহন্তই অসম চৰকাৰৰ গ্ৰামোন্নয়ণ বিভাগ আৰু ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত প্ৰস্তুত কৰিছে কেবা হাজাৰ “অসমী” ব্ৰেণ্ডৰ মাস্ক। তাঁতশালৰ উদ্যোগৰে স্বাৱলম্বী হোৱা জিমলীয়ে ধেমাজিৰ ৬ টা পৰিয়ালক লৈ আৰম্ভ কৰা তাঁতশাল উদ্যোগে বিগত সময়ছোৱাত যথেষ্ট লাভাম্বিত হৈছিল যদিও লক ডাউনৰ ফলত জিমলীৰ তাঁতশালৰ উদ্যোগ কেইদিনমানৰ কাৰণে বন্ধ হৈ পৰিছিল। সেই সময়তে উদ্যোগী মহিলা গৰাকীয়ে নতুন চিন্তাৰে  আৰম্ভ কৰিছিল গামোচাৰে প্ৰস্তুত কৰা মাস্ক বনোৱাৰ কাম।  জ্যোতি জিমলী মহন্তই তৈয়াৰ কৰা  দুহেজাৰ গামোচাৰ মাস্ক শেহতীয়াকৈ ক্ৰয় কৰিছে বিশ্ব বেংকে। গুজৰাট আৰু নতুন দিল্লীৰ কেইবাটাও প্ৰতিষ্ঠানে জিমলীৰ পৰা গামোচাৰ মাস্ক ক্ৰয় কৰি গ্ৰাহকৰ পৰা ব্যাপক সঁহাৰি লাভ কৰাৰ পিছত এতিয়া মুগাৰ মাস্ক প্ৰস্তুতৰ বাবে জিমলী মহন্তক অনুৰোধ জনায়। ইতিমধ্যে বহি:ৰাজ্যৰ প্ৰতিষ্ঠানৰ এই অনুৰোধৰ প্ৰতি সঁহাৰি জনাই জিমলীয়ে মুগা কাপোৰেৰে নিৰ্মিত মাস্ক  প্ৰস্তুত কৰি উলিয়াইছে  । উল্লেখযোগ্য যে মাস্ক প্ৰস্তুতকৰণৰে অসমীয়া শিপিনীক স্বাৱলম্বিতাৰ পথ দেখুওৱা জিমলী মহন্ত নামৰ মহিলা গৰাকীৰ এই সাফল্যই উৎসাহিত কৰিছে বহু অসমীয়া শিপিনীক। দুৰ্যোগৰ সময়তো দেশীয় বজাৰত অসমীয়া গামোচাৰ মাস্কৰ সমান্তৰাল ভাৱে কাপোৰৰ মাস্ক আৰু মুগাৰ মাস্কৰ চাহিদা বৃদ্ধি পোৱা ঘটনাই অসমীয়া বস্ত্ৰ উদ্যোগৰ প্ৰতি আশাৰ বতৰা কঢ়িয়াই আনিছে ।

ৰাইজৰ মতামত…

“দৈনন্দিন বাৰ্তা’ কাকতৰ ৱেব পট্ৰেলত প্ৰকাশ পোৱা *নগাঁৱৰ উপায়ুক্তৰ সৰলতাৰ সুযোগ লৈ বহুৱাইছে দুৰ্নীতিৰ বজাৰ*”- শীৰ্ষক বাতৰিটো মোৰ দৃষ্টিগোচৰ হৈছে। বাতৰিটোত প্ৰকাশ হোৱা ধৰণে মই এম এছ ডি পি, বিধায়ক আৰু সাংসদ পুজিৰ নামত কোনো বজাৰ মুকলি কৰা নাই। আনকি, বিভিন্ন আচনিৰ নামত ঠিকাদাৰ, বিভিন্ন নিৰ্মাণ সমিতিৰ লোকৰ পৰা প্ৰতিটো কামৰ বিপৰীতে কমিচন আদায় কৰাটো মিছা আৰু ভিত্তিহীন। জিলা পৰিকল্পনা বিষয়াৰ কাৰ্যালয়ত বিভিন্ন পুজি মোকলাই দিয়াৰ বাবে ফাইল পোট‌আপৰ নামত মানুহক হাৰাশাস্তি কৰা নাই। এই ক্ষেত্ৰত জিলা উপায়ুক্তৰ সৰলতাৰ সুযোগ লোৱাৰ কথাটো তেনেই মিছা। মই কোনো মন্ত্ৰী-বিধায়ক বা নেতাৰ ঘনিষ্ঠ বুলি দম্ভালি মৰাটো কথাটো মনেসজা আৰু ভিত্তিহীন। সাংবাদিক আৰু আৰ টি আই কৰ্মী এ জে আকন্দ‌ক কোনো দুষ্ট চক্ৰ‌ই ভূল আৰু মিছা তথ্যৰ যোগান ধৰি মোৰ বিৰুদ্ধে বাতৰি পৰিৱেশন কৰাই জনমানসত হেয় প্ৰতিপন্ন কৰিব বিচাৰিছে। সেয়ে এনে বাতৰি পৰিৱেশন ভৱিষ্যতে নকৰিবলৈ মই বিনম্ৰ ভাবে অনুৰোধ জনাইছোঁ।

  বিজয় কুমাৰ বিশ্বাস

সহকাৰী পৰিকল্পনা বিষয়া, নগাঁও

জেঠ মহীয়া বানৰ কবলত সোণতলীৰ বহু অঞ্চলৰ কৃষি ভুমিঃ কৃষকৰ মাজত হাহাকাৰ ৷

জেঠ মহীয়া বানৰ কবলত সোণতলীৰ বহু অঞ্চলৰ কৃষি ভুমিঃ কৃষকৰ মাজত হাহাকাৰ ৷

সোণতলী

বিগত কেইবাদিন ধৰি হৈ থকা  মুষলাধাৰ বৰষুণৰ ফলত কলহী নৈৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে ছয়গাঁও সমষ্টিৰ অন্তৰ্গত কেইবাখনো গাঁৱৰ খেতি পথাৰ৷ জানিব পৰামতে ধাৰাসাৰ বৰষুণৰ ফলত দক্ষিণ কামৰূপত সৃষ্টি হৈছে ভয়াৱহ বানৰ৷ ভয়াৱহ বানে প্লাৱিত কৰিছে বহুসংখ্যক  ৰাজহ গাও।বিশেষকৈ দক্ষিণ কামৰূপ তথা মেঘালয় পাহাৰৰ পানী নামি অহাত কলহী, জলজলী নৈৰ পানী ওফন্দি উঠিছে৷ ইপিনে কলহী নৈৰ বাঢ়নী পানীয়ে ছয়গাঁও সমষ্টিৰ লাৰুৱাজান, চাম্পুপাৰা গাঁও, চাম্পুপাৰা পথাৰ, হাতীশলাপাম, হাতীশলা গাঁও, কৰাইবিল, চৌধুৰীপাম, টপাৰ পথাৰ, অগ্ৰদূত পাম, আদি অঞ্চলৰ ইৰিধান খেতি প্লাৱিত কৰিছে৷ কলহী নৈৰ বাঢ়নী পানীয়ে অঞ্চলসমূহৰ বাট-পথবোৰ বুৰাই পেলাইছে৷ ফলত অঞ্চলবোৰ যোগাযোগ বিচ্ছিন্ন হৈছে৷ বাঢ়নী পানীয়ে শ শ বিঘা ইৰিধান খেতি বুৰাই পেলোৱাত বহুসংখ্যক পৰিয়াল আৰ্থিকভাৱে লোকচানৰ সন্মুখীন হৈছে৷ আনহাতে বকো সমষ্টিৰ জলজলী নৈৰ বাঢ়নী পানীয়ে সোণতলী এলেকাধীন ১নং, ২নং আৰু ৩নং মালিবাৰী, ডেকাচাং, জাওকাটা, বগুৰিগুৰীৰ লগতে বহু পাৰ্শ্বৱৰ্তী অঞ্চলবোৰ প্লাৱিত কৰিছে৷ ফলত ইৰিধান খেতি সমূহ ভয়াৱহ বানে বুৰাই পেলাইছে৷ অঞ্চলবোৰৰ বাট-পথতো বানত বুৰ (ডুব) গৈছে৷ ভয়াৱহ বানৰ ফলত ছয়গাঁও, বকোৰ বানপীড়িত অঞ্চলৰ বিদ্যুৎ যোগানো ব্যাহত হোৱা বুলি জানিব পৰা গৈছে৷ আনহাতে ভয়াৱহ বান ক্ৰমান্বয়ে বৃদ্ধি পোৱাত পৰিস্থিতি জটিল ৰূপ লৈছে৷ ইফালে  ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ বাঢ়ি অহাৰ ফলত সোণতলীৰ আৰিকাটি, কাছাৰীপাম, পানীখাইতী, বৰ আৰিকাটি, বেজৰসুতি, কমলাপুৰ, পল্লিমংগল, গৰৈমাৰীবিলৰজান, ৰঙাপানী, টাঙনমাৰী, চাউৰদিয়া, বৰদিয়া নয়াপাৰা আদিকে ধৰি বহু অঞ্চলৰ কৃষি সামগ্ৰী সম্পুৰ্ণভাবে বানৰ কবলত পৰিছে যাৰ বাবে কৃষকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ ইপিনে মুখলধাৰে হৈ থকা বৰষুণৰ ফলত কে,ডি, এম হাই স্কুলৰ খেলপথাৰখনত কৃতিম বানৰ সৃষ্টি হোৱা পৰলক্ষিত হৈছে ৷

লংকাত বানপীৰিত ৰাইজৰ বুজ ল’বলৈ উপস্হিত হ’ল মন্ত্ৰী কেশৱ মহন্ত ।

লংকাত বানপীৰিত ৰাইজৰ বুজ ল'বলৈ উপস্হিত হ'ল মন্ত্ৰী কেশৱ মহন্ত ।

লংকা

  ক’ৰণাৰ আতংকৰ মাজতেই, ৰাজ্যত বানৰ সংহাৰী ৰূপ । তাৰ সমান্তৰাল ভাৱে লংকা লস্কৰপথাৰ অঞ্চলৰ কাষেৰে বৈ যোৱা কপিলীৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে কপিলীপৰীয়া বিভিন্ন অঞ্চল । উক্ত কপিলীপৰীয়া বানাক্ৰান্ত ৰাইজৰ কাষত আজি উপস্হিত হয় মন্ত্ৰী কেশৱ মহন্ত । মন্ত্ৰী গৰাকী লংকাৰ খাৰিখানাত উপস্হিত হৈ কপিলী পাৰে পাৰে প্ৰায় ৬-৭ কি.মি নিজ কনভয়ৰে গৈ উপস্হিত হয় ফৰমাপাৰ অঞ্চলত । ফৰমাপাৰত নিজৰ কনভয় ৰাখি খোজকাঢ়ি প্ৰায় এক কি.মি. গৈ বানাক্ৰান্ত ৰাইজৰ বুজ লোৱাৰ লগতে এছ ডি আৰ এফ বাহিনীৰ নৌকাৰে কপিলীৰ বাঢ়নী পানীয়ে যোৱা কালি ভঙা  যমুনাশ্বীটৰ প্ৰায়  ৩০ কি.মি.দূৰত্বৰ বান্ধটো পৰিদৰ্শন কৰে ।। বানাক্ৰান্ত ৰাইজক আজিৰ পৰা সাহাৰ্য্য প্ৰদান কৰা হ’ব বুলিও মন্তব্য প্ৰকাশ কৰে  মন্ত্ৰী মহোদয়ে ।মন্ত্ৰীৰ লগত উক্ত পৰিদৰ্শন কালত উপস্হিত থাকে বিধায়ক শিলাদিত্য দেব, অতিৰিক্ত উপায়ুক্ত প্ৰশান্ত বৰুৱা,উপ- আৰক্ষী অধীক্ষক দিপ্তী মালী আৰু বিজেপি নেতা কৰ্মী ।

কৃষিমন্ত্ৰীৰ গৃহ সমষ্টিত কৃষকৰ কান্দোনঃ বানৰ বাবে কেঁচাতে কাটিছে বড়ো ধান

কৃষিমন্ত্ৰীৰ গৃহ সমষ্টিত কৃষকৰ কান্দোনঃ বানৰ বাবে কেঁচাতে কাটিছে বড়ো ধান

মুৰফুলনী

গোলাঘাট জিলাত কৰু’ণা মহামাৰীৰ সংহাৰৰ মাজতে ভূতৰ ওপৰত দানহ পৰাদি এতিয়া বানৰ তাণ্ডৱ ।বানৰ বাবে নুমলীগড়ৰ বহু কৃষকৰ নিদ্ৰা নাই এতিয়া।বানৰ বাবে কেঁচাতে কাটিব লগীয়া হৈছে বড়ো ধান।কৃষি মন্ত্ৰীৰ গৃহ সমষ্টিতে বান্ধ চিঙি কৃষকৰ শ শ বিঘা বড়ো ধানৰ খেতিত সোমাইছে পানী ।এক অবৰ্ণনীয় পৰিস্থিতি।গোলাঘাট জিলাৰ কৃষিমন্ত্ৰী গৃহ সমষ্টি  মিচিং অধ্যুষিত নিকৰি এলেংমাৰী অঞ্চল এতিয়া কান্দিছে কৃষকে ।মূৰৰ ঘাম পানী কৰি কৰা শ শ বিঘা বড়ো ধান কেঁচাতে কাটিব লগীয়া হৈছে কৃষকে।কিয়নো এলেংমাৰী বান্ধৰ ওপৰেৰে এতিয়া বৈছে ব্ৰহ্মপুত্ৰ নৈৰ বাঢ়নী পানী।চপৰা চপৰে খহিছে নৈ পাৰ।কৃষিমন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টিৰ এই এলেংমাৰী কৃষি বান্ধটো সময়মতে মেৰামতি নকৰাৰ বাবে এতিয়া নিকৰি, এলেংমাৰী, গুটুং, নৈগাঁও, বৰতল,গৰৈমাৰি আদি কৰি প্ৰায় 50 খন গাঁওৰ শ শ বিঘা বড়ো ধানৰ খেতি পানীৰ তলত যোৱা উপক্ৰম। যাৰ বাবে প্ৰতিকূল বতৰক নেওচি কৃষকে কেঁচাতে কাটিছে বড়ো ধন।বছৰি বৰলুইতৰ বাঢ়নী পানীয়ে এই এলেংমাৰি জানৰ ওপৰত নিমাৰ্ণ কৰা মথাউৰি ভাঙি দিচৈ পঞ্চায়তৰ অন্তৰ্গত প্ৰায়খিনি গাৱঁৰ বছৰেকৰ ধান মাৰি লৈ যায়।এই লোকসকলৰ প্ৰধান খেতি হৈছে বড়ো খেতি।বড়ো ধানৰ খেতিতেই নিৰ্ভৰ এই কৃষিজীৱী লোক সকল ।বেলেগ শালি খেতি বা ৰবি খেতি ওপৰত নিৰ্ভয় নকৰে এই সকল কৃষকে । এলেংমাৰি জানৰ ওপৰত বছৰি মথাউৰি নিমাৰ্ণ হয়,আৰু বছৰি মথাউৰি পানীয়ে ভাঙে। বছৰি চৰকাৰৰ ৰাজকোষৰ লাখ-লাখ টকাৰ খৰছ মথাউৰি নিৰ্মাণত।গতিকে ইয়াৰ এটা স্থায়ী সমাধান কৰিবৰ বাবে আহ্বান জনাইছে চৰকাৰক ।

ওৰাং মাজবাট,ৰৌতাৰ কোৱাৰেনটাইন ব্যৱস্থাপনাত ২৩০ জনলৈ বৃদ্ধি, ৰৌতা কোৱাৰেনটাইন ব্যৱস্থাৰ পৰা ৬২গৰাকী মুকলি কৰিলে হোম কোৱাৰেনটাইন থকাৰ নিৰ্দেশ ।

ওৰাং মাজবাট,ৰৌতাৰ কোৱাৰেনটাইন ব্যৱস্থাপনাত ২৩০ জনলৈ বৃদ্ধি

ওদালগুৰি

ওদালগুৰি জিলাৰ মাজবাট আৰক্ষী থানাৰ  অন্তৰ্গত মাজবাট মহাবিদ্যালয় শিৱিৰত ৯৮ জন ,  মাজবাট ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ ৫ জন,ৰৌতা আৰক্ষী থানাৰ অধীনস্থ  দণ্ড চহৰীয়া উচ্চতম মাধ্যমিক বিদ্যালয়ৰ গাৰ্লছ হোষ্টেলত ৮১জন, ৰৌতা পৰিদৰ্শন ভবনত ৪ জন ইয়াৰে এগৰাকী গৰ্ভবতী মহিলা,ওৰাং আৰক্ষী থানাৰ অধীনত ওৰাং খন্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ২০জন,কলাগুৰু  বিষ্ণুৰাভা কলেজত ২০ জন আৰু পাউৰীপোটা ৰাজ্যিক চিকিৎসালয়ত ২জনকৈ মুঠ ২৩০গৰাকী হ’ল বহি: ৰাজ্যৰ  মহাৰাষ্ট্ৰ, দিল্লী, চেন্নাই, হাইদৰাবাদ, তেলেংগানা আদিৰ পৰা অহা লোকক প্ৰশাসনে শিৱিৰস্ত কৰিছে  । ইতিমধ্যে ওদালগুৰি জিলাত  বিভিন্ন শিৱিৰ সমূহত উক্ত বহি: ৰাজ্যৰ পৰা অহা লোক সকলক কোৱাৰেনটিন কৰা বুলি প্ৰশাসনৰ তৰফৰ পৰা জনা গৈছে । ওদালগুৰি জিলাৰ ৰৌতাৰ দণ্ড চহৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গাৰ্ল হোষ্টেলত  ৰৌতাত  যোৱা ১৯মে  তাৰিখে যি কোৱাৰেনটিন শিৱিৰ স্থাপন হৈছিল ৷ তাত ২৭মে তাৰিখলৈ মুঠ ৮১ জন ব্যক্তি আছিল যদিও , প্ৰশাসনে আজি ৬২ জনক ঘৰলৈ যাবলৈ দিয়াত উক্ত শিৱিৰস্থ ব্যক্তি সকলে সস্থিৰ নিশ্বাস পেলোৱা পৰিলক্ষিত হৈছে । শিৱিৰত থকা চেন্নাইৰ পৰা    মুঠ ৬২   জন ব্যক্তিক চিকিৎসা বিভাগে পৰীক্ষা কৰি নিগেটিভ  বুলি ফলাফল দিছে ৷৷ইতিমধ্যে  এই ৬২ গৰাকী লোকক হোম কোৱাইনটাইন হবলৈ নিৰ্দেশ দি দুয়োখন হাততে  ছিল মোহৰ মাৰি  দিয়া হৈছে ৷ হাইদৰাবাদৰ পৰা অহা ১৯গৰাকী কোৱাইনটাইন শিবিৰটোত আছে ৷আৰু একেদিনাই আৰু বৰ্হি ৰাজ্যৰ পৰা অহা ৬২গৰাকী পুনৰ কোবাইটান ব্যৱস্থাপনাত ৰখা হৈছে ৷যোৱা ২৭ মেত কোবাইনটাইন শিবিৰটোত ওৰাং খন্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া লক্ষন কুমাৰ বড়ো ,বিপিএম পংকজ সভাপণ্ডিত ,ৰৌতা আদৰ্শ চিকিৎসালয়ৰ চিকিৎসা বিষয়া ডা° চন্দন চাহু,বিটিএড সাংবাদিক সংস্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক নব কুমাৰ ডেকা আদি সকলে উপস্থিত থাকি সহায় সহযোগিতা আগবঢ়ায় ৷ মাজবাট ৰাজহ চক্ৰ বিষয়া, ওৰাং,মাজবাট ,ৰৌতা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সকলেও পূন সহায় সহযোগিতা কৰা দেখিবলৈ পোৱা গৈছে ৷

নগাঁৱৰ অধিকাংশ উন্নয়ন খণ্ডতে সৌৰ চাকি স্থাপনৰ নামত কেলেংকাৰী

নগাঁও

নগাঁও জিলাৰ বাজিগাঁও উন্নয়ন খণ্ডত সৌৰ চাকি স্থাপনৰ নামত ব্যাপক কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উঠিছে। আৰ টি আই কৰ্মী  আব্দুল জলিল আকন্দ‌ই অভিযোগ কৰা মতে, বাজিগাঁও উন্নয়ন খণ্ডত তথ্য জনাৰ অধিকাৰ আইন আইনৰ অধীনত যোৱা ২১ জানুৱাৰীত আবেদন কৰা হৈছিল যদিও আজি পৰ্যন্ত বিচৰা তথ্য দিয়াৰ পৰা বিৰত থাকে। পৰৱৰ্তী সময়ত নিয়ম অনুসৰি আকন্দ‌ই জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াৰ ওপৰত প্ৰথম আপীল কৰ্তৃপক্ষই হিচাপে প্ৰথম আপীল দাখিল কৰে। এই আবেদন দাখিল কৰাৰ দুমাহ অতিক্ৰম কৰাৰ পিছতো শুনানী গ্ৰহণ কৰাতো দূৰৰে কথা কোনো চিঠিও দিয়া নাই। সমান্তৰাল ভাবে কঠিয়াতলী, বঢ়মপুৰ, কলিয়াবৰ উন্নয়ন খণ্ডতো  একে তথ্য বিচাৰি আবেদন কৰাৰ পিছত কোনো উত্তৰ নিদিয়াত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াৰ ওচৰত আপীল কৰিছিল যদিও কোনো শুনানী গ্ৰহণ কৰা নাই। এই উন্নয়ন খণ্ড সমুহত অকল সৌৰ চাকিয়েই নহয় চতুৰ্দশ বিত্তীয় আয়োগৰ অধীনত ৰূপায়ণ কৰা অধিকাংশ আচনিতে ব্যাপক কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ তুলিছে আকন্দ‌ই। এই সমগ্ৰ দুৰ্নীতি অনিয়ম কাৰ্যত পঞ্চায়ত সচিব, কনিষ্ঠ অভিযন্তা আৰু ঠিকাদাৰৰ লগত মিলি অতি নিম্ন মানৰ কাম কৰি ব্যাপক লুন্ঠন চলাইছে। যাৰ বাবে দুৰ্নীতি অনিয়ম‌ ফাদিল হোৱাৰ ভয়ত তথ্য দিয়াৰ পৰা বিৰত আছে বুলি আকন্দ‌ই অভিযোগ কৰিছে।

হোজাইৰ ঠেপেলাগুৰিত বানপানীৰ মাজতে পথৰ কাষতেই সত্কাৰ মৃতব্যক্তিক ।

হোজাইৰ ঠেপেলাগুৰিত বানপানীৰ মাজতে পথৰ কাষতেই সত্কাৰ মৃতব্যক্তিক ।

লংকা

 হোজাইত কপিলী নৈৰ জলপৃষ্ঠ ফেনেফূটুকাৰে বঢ়াত ,নৈ খনৰ কাষৰীয়া বহু অঞ্চল বৰ্তমান জলমগ্ন। হোজাই জিলাৰ  যমুনাচিট,ৰাইকটা,কোমৰাকটা,ঠেপেলাগুৰী,নভঙা আদি কৰি বহু অঞ্চল বৰ্তমান বানৰ কৱলত। বৰ্তমানো অপৰিবৰ্তিত ৰূপত বান । সেয়েহে  হোজাইৰ ঠেপেলাগুৰিত হোজাই-কাৰ্বিআংলং সংযোগী পথৰ কাষতেই  মৃতদেহ সত্কাৰৰ ব্যৱস্হা স্হানীয় গাঁওবাসীৰ  । উল্লেখ্য যে,হোজাইৰ ঠেপেলাগুৰিৰ গাঁওৰ  নিৰ্বাসী  উত্তম থাউচেন(৭০) বহু দিনৰ পৰা আক্ৰান্ত হৈ আছিল বেমাৰত। আৰু যোৱা নিশা  নিজ ঘৰতেই মৃত্যুক সাৱটি লয় উত্তম থাউচেন নামৰ ব্যক্তি জনে। গাঁওখনৰ  চাৰিওদিশে ক’তো এডুখৰ ওখ শুকান ঠাই নোপোৱাত , এনেদৰে পথৰ কাষতেই সত্কাৰৰ ব্যৱস্হা কৰিছে স্হানীয় গাঁওবাসীয়ে ।

লকডাউনৰ সময়তো সক্ৰিয় বনজ সম্পদ লুণ্ঠন অব‍্যাহত

জখলাবন্ধা খণ্ড বন বিষয়া-বনৰক্ষীৰ তৎপৰতাত জব্দ অবৈধ কাঠ ভৰ্তি বাহন

কলিয়াবৰ

লকডাঊনৰ জটিল সময়ছোৱাত ৰাজ‍্যত অবৈধ বন সম্পদ ধ্বংস যজ্ঞ অব‍্যাহত। তাৰ মাজতে কলিয়াবৰত চোৰাং কাঠসহ বাহন জব্দ কৰিছে বন বিভাগে। জখলাবন্ধা বন বিভাগে বুধবাৰে নিশা গোপন সূত্ৰৰ পম খেদি বামুণী ওপৰ গাঁৱত ধৰিলে এ. এছ. ০৩ এ. চি. ১০২৬ নম্বৰৰ টাটা ডি আই বাহনখন। বাহনখনে কাৰ্বি আংলংৰ পৰা মূল্যবান কাঠ কঢ়িয়াই আনিছিল।উল্লেখযোগ‍্য যে, যোৱা ফেব্ৰুৱাৰী মাহৰ পৰা নগাঁও জিলাৰ শালনা স্থিত বন বিভাগৰ উত্তৰাঞ্চল বন বিষয়াৰ নেতৃত্বত জব্দ হৈছে কেইবালাখ টকাৰ অবৈধ কাঠ ভৰ্তি সাতখনকৈ বাহন।

গেছৰ অভাৱত বন্ধ উজনিৰ বহু চাহ ফেক্টৰী ! সমস্যাই যেন লগ এৰা নাই ক্ষুদ্ৰ চাহ খেতিয়কক

গেছৰ অভাৱত বন্ধ উজনিৰ বহু চাহ ফেক্টৰী ! সমস্যাই যেন লগ এৰা নাই ক্ষুদ্ৰ চাহ খেতিয়কক

টীয়ক

 অসমৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ  সমস্যা আজি কোনো নতুন খবৰ নহয় প্ৰতিবছৰে কেচাপাতৰ উপযুক্ত মূল্যৰ অভাৱকে আদি কৰি অলেখ সমস্যাই বাধা দি আহিছে এই সকল শিক্ষিত  ক্ষুদ্ৰ চাহ কৃষকক৷ সমগ্ৰ দেশ  মহামাৰি প্ৰকোপত লক  ডাউনৰ হোৱাৰ প্ৰভাৱ অন্য সকলৰ দৰেই বাৰুকৈয়ে পৰিচিল এই চাহ উদ্যোগটোত৷ চতুৰ্থ পৰ্যায়ৰ লক ডাউনৰ সময়ত চৰকাৰে দিয়া কিছু শিথিলতাৰ বাবে  এই খেতিয়ক সকললৈ আংশিক সকাহ আহিছিল যদিও৷ পুনৰ এক নতুন সংকতৰ সন্মুখিন হৈছে উজনীৰ বহু চাহ ফেক্টৰি ৷ অসম গেছ কোম্পানীযে যোগান ধৰা গেছেৰে যি সমূহ ফেক্টৰী চলি আছিল সেই সমূহ চাহ ফেক্টৰীত পৰ্যাপ্ত গেছ যোগান ধৰাত ব্যৰ্থ হোৱাত ফেক্টৰী সমূহ বন্ধ হোৱাৰ উপক্ৰম হৈছে৷ এনে সময়ত ফেক্টৰি সমূহে কেঁচাচাহপাত ক্ৰয় কৰা বন্ধ কৰি দিয়াত এক বৃহৎ লোকচানৰ সন্মূখিন হৈছে এই ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ লগতে বৃহৎ উদ্যোগটো ৷