Home Blog Page 3344

শিমলুগুৰিত শ্ৰমিক এক্সপ্ৰেছত চাৰি জিলাৰ ৪১ যাত্ৰীৰ আগমন

শিমলুগুৰিত শ্ৰমিক এক্সপ্ৰেছত চাৰি জিলাৰ ৪১ যাত্ৰীৰ আগমন

নাজিৰা

শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ শিমলুগুৰিৰ ৰে’লৱে জংচনত আজি বিয়লি প্ৰথমবাৰৰ বাবে বহিঃৰাজ্যৰ পৰা শ্ৰমিক এক্সপ্ৰেছ যোগেদি অহা ৪১ গৰাকী যাত্ৰীক নমোৱাৰ পাছত কোৱাৰেণ্টাইনৰ ব্যবস্থা কৰা হয় ৷ যোৱা দুই-তিনি দিন ধৰি নাজিৰা মহকুমা প্ৰশাসনৰ উদ্যোগত ব্যাপক প্ৰস্ততি চলোৱাৰ অন্তত বিয়লি ৩ বজাত চেন্নাইৰ পৰা অহা শ্ৰমিক এক্সপ্ৰেছৰ যোগেদি শিমলুগুৰিত শিৱসাগৰ জিলাৰ ৭ গৰাকী, চৰাইদেউ জিলাৰ ৩১ গৰাকী, ডিব্ৰুগড় জিলাৰ ২ গৰাকী আৰু তিনিচুকীয়াৰ ১ গৰাকী যাত্ৰী নামে৷ শিমলুগুৰিত স্বাস্থ্য বিভাগৰ দ্বাৰা প্ৰাৰম্ভিক পৰীক্ষাৰ অন্তত শিৱসাগৰ জিলাৰ নাজিৰাৰ দুজনক গড়গাঁও মহাবিদ্যালয়ৰ কোৱাৰেণ্টাইন চেণ্টাৰলৈ, শিৱসাগৰৰ ৫ গৰাকীক শিৱসাগৰৰ আৰু চৰাইদেউৰ ৩১ গৰাকীক নিজ নিজ জিলাৰ প্ৰতিনিধিৰ যোগেদি কোৱাৰেণ্টাইন কেন্দ্ৰলৈ লৈ যোৱাৰ লগতে বাকী ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ কেইজনক উক্ত জিলালৈ প্ৰেৰণ কৰাৰ ব্যবস্থা কৰা হয়৷ আজি শিমলুগুৰিৰ ৰে’লৱে জংচনত মহকুমাধিপতি সম্প্ৰীতি গোস্বামীয়ে সম্পূৰ্ণ তদাৰক কৰাৰ লগতে জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষক উপস্থিত থাকে৷ আনহাতে নাজিৰা মহকুমা কোৱাৰেণ্টাইন তদাৰকী কমিটিৰ সভাপতি বিধায়ক দেবব্ৰত শইকীয়া, উপাধ্যক্ষ ময়ুৰ বৰগোহাঁই, উপদেষ্টা প্ৰহ্লাদ গোৱালা প্ৰমুখ্যে মহকুমা আৰক্ষী বিষয়া দ্বীপজ্যোতি তালুকদাৰ  উপস্থিত থাকে৷ আনহাতে নাজিৰাৰ গড়গাঁও মহাবিদ্যালয় কোৱাৰেণ্টাইন চেণ্টাৰত কালি সন্ধিয়া পৰ্যন্ত ৪৪ গৰাকী ব্যক্তি কোৱাৰেণ্টাইনত আছিল আৰু ১২ গৰাকীক ঘৰলৈ পঠোৱাৰ ব্যবস্থা কৰা হয় বুলি জানিব পৰা গৈছে।

খাৰুপেটীয়াত ক’ৰোনাত আক্ৰান্ত যুৱক

খাৰুপেটীয়া

 খাৰুপেটীয়াত এজন যুৱকৰ শৰীৰত ক’ৰোনা পজিটিভ হোৱাৰ সন্দেহৰ খবৰ বিয়পি পৰাৰ লগে লগে অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। জানিব পৰা মতে দৰং জিলাৰ শ্যামপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ১নং আৰিমাৰী গাঁৱৰ আমিনুল ইছলামে শিক্ষাগ্ৰহণৰ উদ্দেশ্যে মুম্বাইলৈ গৈছিল। মুম্বাইৰ পৰা চাৰিজন যুৱক ক্ৰমে বুঢ়ীগাঁৱৰ তৰিকুল ইছলাম আৰু তফিকুল ইছলাম, চিকনমাটিৰ জুমৰ আলী, বাইগৰমাৰীৰ আক্ৰামুল হক ঘৰলৈ যাত্ৰা কৰিছিল যদিও লকডাউনৰ বাবে পশ্চিম বঙ্গৰ হাওৰাত থাকিবলৈ লয়। দুমাহ হাওৰা এজন আলহীৰ ঘৰত থাকি চলিত মাহৰ ১৪ তাৰিখে তাৰ পৰা পঠিয়াই দিয়ে৷ যুৱককেইজনে এএছ ২৫ ডিচি ৯৮২৪ নম্বৰৰ চাৰিচকীয়া বাহনেৰে খাৰুপেটীয়ালৈ যাত্ৰা আৰম্ভ কৰে। চলিত মাহৰ ২১ তাৰিখে যুৱক কেইজনে স্ব-ইচ্ছাই গুৱাহাটীৰ সৰুসজাই কোৱাৰেণ্টাইন কেন্দ্ৰত স্বাস্থ্য পৰীক্ষা কৰায়। পিছ দিনা অৰ্থাৎ চলিত মাহৰ ২২ তাৰিখে ঘৰত আহি উপস্থিত হৈ সচৰাচৰ সকলোৰে লগত উঠা বহা কৰি আহিছে যুৱক কেইজন। অাকস্মাৎ বৃহস্পতিবাৰে ৰাতি আৰিমাৰী গাঁৱৰ আমিনুল ইছলাম নামৰ যুৱকজনৰ শৰীৰত ক’ৰোনা পজিটিভ থকা বুলি ফোন যোগেৰে জনোৱা হয়। পিছ দিনাৰ পৰাই গাঁওখনত তীব্ৰ উত্তেজনাই বিৰাজ কৰে। বুধবাৰে আমিনুল ইছলামসহ পৰিয়ালৰ চাৰিজন ব্যক্তিক জিলা প্ৰশাসনে মঙলদৈ অসামৰিক চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা কৰোৱাই কোৱাৰেণ্টাইন চেণ্টাৰত ৰাখে পৰিয়ালটোক। আনহাতে বাইগৰমাৰী গাঁৱৰ আক্ৰামুল হক নামৰ যুৱকজনকো কোৱাৰেণ্টাইন চেণ্টাৰলৈ যোৱা হয়। তেওঁৰ লগত অহা এই ব্যক্তিসকলকো চিনাক্ত কৰি আছুতীয়া কক্ষত ৰখাৰ লগতে প্ৰয়োজনীয় পৰীক্ষা-নিৰীক্ষা কৰাৰ ব্যৱস্থা কৰিব জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে। ইয়াৰ উপৰি গাঁৱত থকা সময়ছোৱাত আমিৰুল যিসকললোকৰ সংস্পৰ্শলৈ আহিছিল তেওঁলোককো বিচাৰি উলিয়াবলৈ প্ৰয়োজনীয় পদক্ষেপ হাতত লোৱা হৈছে বুলি জানিবলৈ দিয়ে।

মাজুলীত এন এম অ’-এবিভিপিৰ ৰক্তদান শিবিৰৰ আয়োজন

বনগাঁও

নেচনেল মেডিক’জ অৰ্গেনাইজেছন, অসমৰ উদ্যোগত অহা ৩১ মে’ তাৰিখে বিশ্ব ধঁপাত নিষেধ দিৱসৰ সৈতে সঙ্গতি ৰাখি আৰু অসমৰ চিকিৎসালয় সমূহৰ খালি থকা ব্লাড বেংকত পৰ্যাপ্ত ৰক্ত জমা কৰাৰ লক্ষ্যৰে সমগ্ৰ অসমত ৰক্তদান শিবিৰৰ আয়োজন কৰিছে। অন্যান্য জিলাৰ দৰে মাজুলীতো নেচনেল মেডিক’জ অৰ্গেনাইজেছন চমুকৈ এন এম অ’ৰ উদ্যোগত আৰু সেৱা ভাৰতী পূৰ্বাঞ্চল- অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, মাজুলী জিলাৰ সহযোগত অহা ৩১ মে’ৰ পুৱা ১০ বজাত গড়মূৰস্থিত পীতাম্বৰ দেৱগোস্বামী অসামৰিক চিকিৎসালয়ত ৰক্তদান শিবিৰৰ আয়োজন কৰিছে। এক বিবৃতিত ৰক্তদান শিবিৰৰ আয়োজক তথা এবিভিপিৰ নেতা বিশ্বজিৎ খাউণ্ড আৰু সেৱা ভাৰতীৰ সংগঠক বাবুল নেওগে মাজুলীবাসী ৰাইজক সহযোগিতা কৰিবলৈ আহ্বান জনায়৷ কোনো ব্যক্তিয়ে ৰক্ত দিবলৈ ইচ্ছা কৰিলে ৬০০০৭০৩৯৪৬ নম্বৰত যোগাযোগ কৰিবলৈ আয়োজকদ্বয়ে আহ্বান জনায়।

বৰদিকৰাই নদীৰ তীব্ৰ গৰাখহনীয়াই কঢ়িয়াইছে ভাবুকি : অস্তিত্বৰ সংকটত নামেৰী-বৰদিকৰাই ঘাট বনভোজথলী

বৰদিকৰাই নদীৰ তীব্ৰ গৰাখহনীয়াই কঢ়িয়াইছে ভাবুকি : অস্তিত্বৰ সংকটত নামেৰী-বৰদিকৰাই ঘাট বনভোজথলী

জামুগুৰিহাট

নেৰানেপেৰা মুষলধাৰ বৰষুণৰ বাবেই ক্ৰমাৎ ফেনেফুটুকাৰে বাঢ়িছে জামুগুৰিহাটৰ উত্তৰাঞ্চলৰ মাজেৰে অৰুণাচলৰ সুউচ্চ পাহাৰৰপৰা বৈ অহা বৰদিকৰাই নদী৷ ভৰ বাৰিষাৰ পূৰ্ৱেই নদীখনে চপৰা চপৰে খহাইছে গড়া৷ বহু বিঘা কৃষিভূমি ইতিমধ্যে নদীখনৰ বুকুত জাঁহ গৈছে৷ নদীখনৰ গাতে লাগি থকা নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ নিকটৱৰ্তী বনভোজথলী “নামেৰী-বৰদিকৰাই ঘাট”টোও এতিয়া সংকটৰ গৰাহত৷ নদীখনৰ সিপাৰে থকা নামেৰীৰ অপৰূপা সৌন্দৰ্যই বনভোজকাৰী দলৰ বাবে আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰা এই বৰদিকৰাই ঘাটত বিগত সাত আঠ বছৰ ধৰি বহু সংখ্যক বনভোজ দলৰ সমাগমেৰে ডিচেম্বৰৰ শেষৰ সপ্তাহৰপৰা জানুৱাৰী মাহ পৰ্যন্ত বনভোজ দলৰ উপস্থিতিয়ে উখল মাখল হৈ থকা এই নামেৰি-বৰদিকৰাই ঘাটৰ খহনীয়াৰ ভয়াবহ ৰূপ দেখি এতিয়া চিন্তিত হৈ পৰিছে সচেতন ৰাইজৰ লগতে স্থানীয় লোকসকল৷ ইফালে ভৰ বাৰিষাৰ বতৰৰ বহু পূৰ্ৱেই এইবেলি খৰস্ৰোতা হৈ পৰা নদীখনে ভাবুকী কঢ়িয়াই আনিছে অঞ্চলটোৰ ১৫ খনৰো অধিক গাঁৱলৈ৷অঞ্চলটোৰ ১ নং বৰদিকৰাই, বামুনিপাম, খকণবস্তি, গড়বিল আদি কৰি নিকটৱৰ্তী গাঁওসমূহৰ জনসাধাৰণে তেওঁলোকৰ জীৱন আৰু সম্পত্তিক লৈ যথেষ্ট চিন্তিত হৈ পৰিছে৷ ইতিমধ্যে বৰদিকৰাই নদীৰ গৰাখহনীয়াত ৰাইজৰ বহু বিঘা কৃষিভূমি নিঃশ্চিহ্ন হৈছে৷ কালি তীব্ৰ গৰাখহনীয়াৰ কৱলত পৰা এই বৰদিকৰাই ঘাটত চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই নদুৱাৰ খণ্ড উন্নয়ন বিষয়া ৰাজীৱ বৰা, অভিযন্তা দিব্যজ্যোতি হাজৰিকা, কণিষ্ঠ অভিযন্তা অভিজিত ভট্টাচাৰ্য, পশ্চিম মূঢ়াদল গাঁও পঞ্চায়তৰ সভাপতি দীপক নেৱাৰ, মূঢ়াদল জিলা পৰিষদৰ সদস্য কিশোৰ দাহালকে ধৰি চৰকাৰী বিষয়ববীয়া-পঞ্চায়ত প্ৰতিনিধিসকলক লগত লৈ গৰাখহনীয়াস্থলী পৰিদৰ্শন কৰে৷ গৰাখহনীয়াস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে নদীৰ খহনীয়া ৰোধৰ ক্ষেত্ৰত বান নিয়ন্ত্ৰণ ব’ৰ্ড, জলসম্পদ বিভাগকে আদি কৰি কেবাটাও বিভাগৰ শীৰ্ষ বিষয়াসকলৰ লগত এক টেলিফোনিক বাৰ্তালাপত মিলিত হৈ আলোচনা কৰি শীঘ্ৰেই ব্যৱস্থা গ্ৰহণৰ চেষ্টা কৰে৷ ইয়াৰোপৰি খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ জৰিয়তে পঞ্চায়তৰ প্ৰতিনিধিসকলকো গৰাখহনীয়া ৰোধৰ বাবে পাৰ্কুপাইনৰ ব্যৱস্থা তৎকালীনভাৱে কৰাৰো নিৰ্দেশ দিয়ে বিধায়ক হাজৰিকাই৷ মুষলধাৰ বৰষুণৰ বাবে প্ৰতিকুল হৈ পৰা বতৰকো নেওচি গৰাখহনীয়া হোৱা স্থানত বিধায়ক গৰাকী এইদৰে উপস্থিত হৈ তৎকালীনভাৱে গৰাখহনীয়া ৰোধ কৰিবৰ বাবে লোৱা প্ৰচেষ্টাৰ শলাগ লৈছে অঞ্চলবাসী ৰাইজে৷ নদীখনৰ গৰাখহনীয়া স্থায়ীভাৱে প্ৰতিৰোধ কৰাৰ লগতে প্ৰচুৰ সম্ভাৱনাময় বনভোজস্থলী বৰদিকৰাই ঘাটৰ সুৰক্ষাৰ বাবে অসম চৰকাৰৰ জলসম্পদ বিভাগকো এক স্থায়ী পদক্ষেপ গ্ৰহণ কৰিবলৈও দাবী জনাইছে অঞ্চলবাসী ৰাইজে৷

নগাঁৱৰ কচুৱাত পি এম কৃষাণ নিধি আঁচনিত ব্যাপক লুন্ঠন : জিলা উপায়ুক্তক অভিযোগ পত্ৰ দাখিল

নগাঁৱৰ কচুৱাত পি এম কৃষাণ নিধি আঁচনিত ব্যাপক লুন্ঠন : জিলা উপায়ুক্তক অভিযোগ পত্ৰ দাখিল

নগাঁও

নগাঁও জিলাৰ বিভিন্ন কৃষি চক্ৰৰ অধীনত প্ৰধানমন্ত্ৰী কৃষি সন্মান নিধি( পি এম কৃষাণ সন্মান নিধি) আচনিত ব্যাপক দুৰ্নীতি-অনিয়ম সংঘটিত হোৱাৰ অভিযোগ সৰ্বত্ৰ উত্থাপিত হৈছে। জুৰীয়া, ৰূপহী, বটদ্ৰৱাৰ পিছত এইবাৰ জিলাখনৰ কচুৱা কৃষি চক্ৰৰ অন্তৰ্গত কচুৱা, আলিটাঙনী, জুৰিৰপাৰ, মাধৱপাৰা আদি গাঁৱতো পি এম কৃষাণ সন্মান নিধি আঁচনিত শ শ ভূৱা হিতাধিকাৰীৰ নামত ব্যাপক লুন্ঠন চলিছে। এই সন্দৰ্ভত কালি স্থানীয় সমাজকৰ্মী আব্দুল জব্বৰে নগাঁও জিলা উপায়ুক্তক দাখিল কৰা অভিযোগ পত্ৰত উল্লেখ কৰা মতে, বৃহত্তৰ কচুৱা অঞ্চলত এটা দুষ্ট চক্ৰ‌ই বহু ভূৱা হিতাধিকাৰীৰ নাম কৌশলেৰে অন্তৰ্ভুক্ত কৰি বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰ(চি এচ পি)ৰ জৰিয়তে লক্ষ লক্ষ টকা আত্মসাৎ কৰিছে। উল্লেখিত গাঁৱৰ একাংশ লোক কৃষক নোহোৱা স্বত্বেও পি এম কৃষাণ নিধি আচনিত নিজৰ নাম অন্তৰ্ভুক্ত কৰাই কৃষকৰ ধন আত্মসাৎ কৰিছে। উদাহৰণ স্বৰূপে কচুৱা অঞ্চলৰ মতিউৰ ৰহমান নামৰ এজন লোকৰ পৰিয়ালত ছজন সদস্যৰ নাম এই আচনিত সন্নিবিষ্ট কৰাই কৃষকৰ ধন লাভ কৰিবলৈ সক্ষম হৈছে। অঞ্চলটোত তেনে পৰিয়াল আছে য’ত একেটা পৰিয়ালৰ একাধিক নাম অন্তৰ্ভুক্ত কৰা কৃষকৰ ধনৰ ওপৰত লুন্ঠন চলাইছে। এই সমগ্ৰ দুৰ্নীতি প্ৰক্ৰিয়াত ইউ বি আই বেংকৰ কামপুৰ শাখা, ভাৰতীয় ষ্টেট বেংক কামপুৰ শাখাৰ অধীনত থকা মাধৱপাৰা চি এচ পি, অসম গ্ৰামীণ বিকাশ বেংক কামপুৰ শাখাৰ অন্তৰ্গত জুৰিৰপাৰ, কচুৱা, মাধৱপাৰা, লুতুমমাৰী, চান্দখলা, কঠালগুৰি আদি ঠাইৰ চি এচ পিৰ বানিজ্যিক প্ৰতিনিধি জৰিত আছে। তেওঁলোকেই শ শ ভূৱা হিতাধিকাৰীৰ নামত নিজৰ আঙুলিৰ ছাপ( ফিংগাৰ প্ৰীন্ট) ব্যৱহাৰ কৰি লাখ লাখ টকা একাউণ্টৰ পৰা উঠাই লৈছে। সেয়ে সমাজকৰ্মী গৰাকীয়ে সঠিক তদন্তৰ জৰিয়তে উক্ত আচনিত দুৰ্নীতি-অনিয়ম সংঘটিত কৰা দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰী, চি এচ পিৰ লগতে দুষ্ট চক্ৰটোৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে। তদন্ত কৰিলেই একাংশ ৰাজনৈতিক দলৰ নেতা-পালিনেতাৰ লগতে বহু কেইটা চি এচ পিৰ মুখা খোল বুলি সচেতন মহলে মন্তব্য কৰিছে। সমগ্ৰ লুন্ঠন কাৰ্যৰ লগত মুলতঃ জৰিত থকা চি এচ পিৰ বানিজ্যিক প্ৰতিনিধিক ধৰিলেই উৰহি গছৰ ওৰ উলাই পৰিব বুলি চৰ্চা লাভ কৰিছে।

ধুবুৰীত গোৱালপাৰা ডাক সংমণ্ডলৰ ভ্ৰাম্যমাণ ডাক সেৱা

ধুবুৰীত গোৱালপাৰা ডাক সংমণ্ডলৰ ভ্ৰাম্যমাণ ডাক সেৱা

ধুবুৰী

আজি ধুবুৰীত ভ্ৰাম্যমাণ ডাক সেৱা আৰম্ভ কৰে। এই উপলক্ষে ধুবুৰী প্ৰধান ডাকঘৰ চৌহদত গোৱালপাৰা ডাক সংমণ্ডলৰ অধীক্ষক দেবৰাজ শেঠীয়ে এই সেৱা মুকলি কৰে। ভ্ৰাম্যমাণ ডাক সেৱাৰ যোগেদি সমগ্ৰ ধুবুৰী জিলাতে বিশেষকৈ ভিতৰুৱা গ্ৰাম্য অঞ্চলসমূহত ডাকঘৰৰ দ্বাৰা উপলদ্ধ সেৱাসমূহ বিশেষকৈ ছেভিংছ, ৰেকাৰিং ডিপোজিট, সুকন্যা সমৃদ্ধি একাউণ্ট, ডাক জীৱন বীমাৰ লেনদেনৰ সেৱা আগবঢ়োৱা হ’ব। ইয়াৰ উপৰি আই পি পি বি একাউণ্ট আৰু আধাৰযুক্ত যিকোনো বেংক একাউণ্টৰ পৰা টকা উঠোৱাৰ  সুবিধাৰ লগতে ভাৰত চৰকাৰৰ বিভিন্ন জনসুৰক্ষামূলক আঁচনি যেনে প্ৰধানমন্ত্ৰী জীৱন সুৰক্ষা আঁচনি, প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা আঁচনি আৰু অটল পেঞ্চন আঁচনি আদিৰ সেৱা আগবঢ়োৱা হ’ব। উল্লেখযোগ্য যে আজি ধুবুৰী জিলাৰ গোলকগঞ্জৰ পাৰ্শ্বৱৰ্তী গাঁওসমূহত এই সেৱা আগবঢ়োৱা হয় আৰু কাইলৈ ঝগৰাৰপাৰ অঞ্চলত ভ্ৰাম্যমাণ ডাক সেৱা আগবঢ়োৱা হ’ব বুলি ডাক  অধীক্ষক দেবৰাজ শেঠী আৰু সহ-অধীক্ষক গিৰিকান্ত ডেকাই জানিবলৈ দিয়ে।

ব্যৱসায়ী দুৰ্লভ গগৈৰ দেহাৱসান

টিংখাং

ডিব্ৰুগড় জিলাৰ টিংখাং কুঁৱৰীগাঁৱৰ পদুমনিৰ ক্ষুদ্ৰ ব্যৱসায়ী  দুৰ্লভ গগৈ (৩৯)ৰ ২৬ মে’ৰ পুৱা ১০ বজাত ডিব্ৰুগড়ৰ এখন ব্যক্তিগত নাৰ্চিংহোমত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে। প্ৰয়াত নকুল গগৈ আৰু প্ৰয়াত ইলাছী গগৈৰ তৃতীয় পুত্ৰ দুৰ্লভ গগৈয়ে দীৰ্ঘদিন অন্ত্ৰজনিত ৰোগত আক্ৰান্ত হৈ অহাৰ পৰৱৰ্ত্তী সময়ত ক্ৰমাৎ শাৰীৰিক অৱনতি ঘটাত যোৱা প্ৰায় দুমাহৰ পৰা চিকিৎসালয়ত নিয়মীয়া চিকিৎসা কৰাই থাকিবলগীয়া হৈছিল৷ ২৫ মে’ত পৰিস্থিতি হঠাতে অধিক জটিল হৈ পৰাত ততাতৈয়াকৈ আত্মীয়লোকে ডিব্ৰুগড়স্থিত ব্যক্তিগত নাৰ্চিংহোমত ভৰ্ত্তি কৰাইছিল আৰু চিকিৎসাধীন অৱস্থাত মৃত্যু হয়।সৰবৰহী ব্যক্তিগৰাকীয়ে মৃত্যুৰ সময়ত পত্নীৰ সৈতে আঢ়ৈ বছৰীয়া একমাত্ৰ কন্যা, ককায়েক, বৌৱেক, ভ্ৰাতৃ, ভগ্নী, পেহী, ভতিজীসহ অনেক আত্মীয় স্বজনক এৰি গৈছে। ব্যৱসায় সূত্ৰে পদুমনি গাঁৱত বসবাস কৰা দুৰ্লভ গগৈৰ নিথৰ দেহ কালি চিকিৎসালয়ৰ পৰা অনাৰ পাছত বিয়লি গড়গুৰি গাঁৱত থকা পিতৃগৃহত সৎকাৰ কৰা হয়৷ তেওঁৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰে।

অইলৰ বাঘজান ৱেলত বিষ্ফোৰন । শ শ লোকৰ গাঁও এৰি পলায়ন ।

অইলৰ বাঘজান ৱেলত বিষ্ফোৰন । শ শ লোকৰ গাঁও এৰি পলায়ন ।

তিনিচুকীয়া

ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি থকা অইল ইণ্ডিয়াৰ ৫ নং ৱেলত হোৱা বিষ্ফোৰনৰ ফলত ভয়াবহ ভাবে গেছ ৰ্নিগত হয় ।  বিষ্ফোৰনৰ ফলত সমগ্ৰ বাঘজান অঞ্চলটো গেছেৰে ধুঁৱলী-কুঁৱলী কৰি তোলে । যাৰ ফলত আতংকিত হৈ স্থানীয় ৰাইজে টালি টোপোলা বান্ধি নিজ ঘৰ এৰি প্ৰায় দুই শতাধিক পৰিয়াল পলায়ন কৰে । স্থানীয় ৰাইজৰ মতে অইলৰ অকমন্যতাৰ বাবেই এই বিষ্ফোৰনটো হব লগা হল । ইফালে অইল কতৃপক্ষই  নিৰ্গত গেছ বন্ধ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে যদিও সফল হব পৰা নাই । আৰক্ষী অগ্নিনিৰ্বাহক বাহীনি আৰু অইল কতৃপক্ষই সমগ্ৰ অঞ্চল ঘেৰি নিৰাপত্তাৰ ব্যবস্থা কৰি ৰাখিছে যদিও যিকোনো সময়তে জুই লাগি ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ সম্ভাবনা প্ৰবল হৈ পৰিছে । ইফালে আছু, মটক মৰান আৰু প্ৰকৃতিপ্ৰেমী সংগঠনে মানব জীবন-সম্পত্তি, ৰাষ্ট্ৰীয় উদ্যান জীৱকুলৰ ৰক্ষাৰ বাবে অইলক দাবী জনাইছে । আৰু জিলাখনত ভবিষ্যতে নিৰাপত্তা ব্যবস্থা সুনিশ্বিত কৰিহে অইলে ৱেল স্থাপন কৰিব পাৰিব বুলি সকীয়নি প্ৰদান কৰিছে সংগঠন কেইটাই ।

সুস্থ হৈ উঠিল কলিয়াবৰৰ মিছামুখত উদ্ধাৰ আঘাতপ্ৰাপ্ত বিষাক্ত মুগা ফেঁটী

সুস্থ হৈ উঠিল কলিয়াবৰৰ মিছামুখত উদ্ধাৰ আঘাতপ্ৰাপ্ত বিষাক্ত মুগা ফেঁটী

কলিয়াবৰ

চিকিৎসা প্ৰদানৰ পিছত স্থানীয় ৰাইজৰ জিংঘাসাৰ বলি হৈ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মুগা ফেঁটীটো সুস্থ হৈ আজি মক্ত হৈ পুণৰ প্ৰকৃতিৰ বুকুলৈ গতি কৰে।যোৱা ২৪ মে’ তাৰিখে কলিয়াবৰৰ মিছামুখৰ অনিল বড়োৰ ভঁৰালৰ তলত উদ্ধাৰ হৈছিল দুটা বিষাক্ত মুগা ফেঁটী সাপ। তাৰে এটা সাপ স্থানীয় ৰাইজৰ ক্ষোভৰ বলি হৈ যাঁঠিৰ খোচত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল। স্থানীয় প্ৰকৃতিপ্ৰেমী সঞ্জীৱ ডেকাই দুয়োটা সাপ উদ্ধাৰ কৰি সুস্থ মুগা ফেঁটীটো মুক্ত কৰি দিয়াৰ পিচত আঘাতপ্ৰাপ্ত সাপটো শিলঘাট খণ্ড বন বিষয়াৰ কাৰ্য‍ালয়ত চিকিৎসাৰ ব‍্যৱস্থা কৰা হৈছিল। ধাৰাবাহিকভাৱে তিনিদিন স্থানীয় পশু চিকিৎসক ডাঃ সুৰুজ প্ৰতীম কাকতিৰ তত্বাৱধানত চিকিৎসা প্ৰদানৰ অন্তত সম্পূৰ্ণ সুস্থ হৈ উঠে বিষাক্ত সাপটো। ডাঃ সুৰুজ প্ৰতীমক চিকিৎসাৰ সময়ত সহায় কৰে কলিয়াবৰ উচ্চতৰ মাধ‍্যমিক বিদ‍্যালয়ৰ অধ‍্যক্ষ আৰু সাপটো উদ্ধাৰকাৰী সঞ্জীৱ ডেকাই। সম্পূৰ্ণ সুস্থ সাপটো শিলঘাট কামাখ‍্যা সংৰক্ষিত বনাঞ্চলত আজি মুক্ত কৰি দিয়ে সঞ্জীৱ ডেকাই। তিনিওগৰাকী প্ৰকৃতিপ্ৰেমীৰ এই কাৰ্য‍ক প্ৰকৃতিপ্ৰেমীয়ে শলাগ লৈছে।

লংকাত কপিলীৰ পানীয়ে বুৰাই পেলালে বহু অঞ্চল

লংকাত কপিলীৰ পানীয়ে বুৰাই পেলালে বহু অঞ্চল

লংকা

সমগ্ৰ অসমতে ক’ৰোনাই তীব্র ৰূপ ধাৰণ কৰা সময়তে ভূতৰ ওপৰত দানৱ পৰাদি হোজাই জিলাৰ বিভিন্ন অঞ্চলত বানে  সংহাৰী ৰূপ লৈছে। বিগত দিনকেইটাত পৰি থকা নেৰানেপেৰা বৰষুণে বহু অঞ্চল বুৰাই পেলোৱাৰ লগতে জনজীৱন স্তব্ধ কৰি পেলাইছে। নিয়মিত বৰষুণৰ ফলত কপিলীৰ বাঢ়নী পানীয়ে লংকাৰ কাষৰীয়া লস্কৰপথাৰ,  ঠাইচুপাৰ,  ফৰমাপাৰ আদি অঞ্চলত ঘৰ দুৱাৰ, কৃষি ভূমি বুৰাই পেলাইছে। উপায়ন্তৰ হৈ  বহু পৰিয়ালে পথৰ দাঁতিত আশ্ৰয় লব লগা হৈছে। ইপিনে হোজাইৰো বহু অঞ্চল কপিলী নৈৰ জলপৃষ্ঠ নিশাটোৰ ভিতৰতেই ক্ৰমাৎ ফেনে ফুটুকাৰে বঢ়াৰ ফলত নৈ পৰিয়া বহু অঞ্চল বৰ্তমান জলমগ্ন। হোজাইৰ লস্কৰ পথাৰ, যমুনাচিট, ৰাইকটা, কোমৰাকটা, নভঙা আদি কৰি ১৫ৰ অধিক গাঁও বৰ্তমান বানৰ কৱলত৷ অঞ্চলটোৰ বহু ৰাইজৰ ঘৰ বৰ্তমান বানৰ কৱলত। আনহাতে আকৌ, হোজাই-পশ্চিম কাৰ্বি-আংলং সংযোগী পথ বৰ্তমান পানীৰ তলত৷