নাজিৰা : আগন্তুক অসম বিধান সভাৰ সাধাৰণ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অসম গণ পৰিষদৰ নাজিৰা জিলা সমিতিয়ে দলীয় কাম-কাজ ক্ষীপ্ৰ কৰি তোলা পৰিলক্ষিত হৈছে। দলৰ প্ৰচাৰ আৰু প্ৰসাৰ তৃণমূল পৰ্যায়লৈ নিয়াৰ লক্ষ্যৰে জিলা সমিতিয়ে ইয়াৰ তথ্য আৰু প্ৰযুক্তি কোষ গঠন কৰিছে। এই উদ্দেশ্যে নাজিৰা জিলা সমিতিৰ কাৰ্যালয়ত কালি বিয়লি জিলা সভাপতি গণেশ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত এখন সভাত জিলা সমিতিৰ তথ্য আৰু প্ৰযুক্তি কোষ গঠন কৰে। সভাত অসম গণ পৰিষদৰ কেন্দ্ৰীয় উপ-সভাপতি তথা প্ৰাক্তন মন্ত্ৰী তথা আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকা আৰু কেন্দ্ৰীয় সমিতিৰ সম্পাদক তুলসী গগৈ পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে। জিলা সমিতিৰ সম্পাদকে আঁত ধৰি বিস্তৃত আলোচনা আগবঢ়োৱা সভাত মৃদুল মহন্ত, প্ৰাঞ্জল বৰঠাকুৰ, অৰুণ কোঁৱৰ, পংকজ মহন্ত আৰু শান্তনু বৰগোঁহাইক আহ্বায়ক হিচাপে লৈ অগপৰ নাজিৰা জিলা সমিতিৰ তথ্য আৰু প্ৰযুক্তি কোষটো গঠন কৰা হয়।
ৰাজ্যৰ ঔদ্যোগিক নীতিৰ অধ্যাদেশৰ বিৰোধিতা আলফাৰ চেয়াৰমেন অৰবিন্দ ৰাজখোৱাৰ : আত্মঘাটি সিদ্ধান্ত আখ্যা, প্ৰত্যাহাৰৰ দাবী ।
নাজিৰা : অসম চৰকাৰৰ মন্ত্ৰী পৰিষদে শেহতীয়াকৈ অনা ঔদ্যোগিক নীতিৰ অধ্যাদেশে অসমক ঔদ্যোগিকৰণৰ জৰিয়তে এখন আগশাৰীৰ ৰাজ্যত পৰিণত কৰি নিবনুৱা সমস্যাৰ আশু সমাধান কৰিব, সেই কথাৰ নিশ্চয়তা নাথাকিলেও এই কথাত তিলমানো সন্দেহ নাই যে এই অধ্যাদেশৰ জৰিয়তে অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ হাতত বাকী থকা সমূহ কৃষি ভূমি বহিৰাগত উদ্যোগীৰ হাতলৈ বিনা বাধাই খিলঞ্জীয়া মানুহৰ স্বাৰ্থক ভৰিৰে মোহাৰি হস্তান্তৰ কৰা হ’ব। এই অভিযোগ উত্থাপিত কৰিছে আলফাৰ চেয়াৰমেন অৰবিন্দ ৰাজখোৱাই। এক বিবৃত্তিত তেওঁ কয় যে সন্দেহ একেবাৰেই নোহোৱা হ’ল যে অসমৰ সমূহ বনাঞ্চলত এতিয়াও যিখিনি জৈৱ-বৈচিত্ৰ বাকী আছে, সেইয়াও আগন্তুক তিনিবছৰৰ ভিতৰতেই বিলুপ্ত হ’ব। অসমত এতিয়াও বহু হাজাৰ বিঘা মাটি ঔদ্যোগিক অঞ্চল হিচাবে অব্যৱহৃত হৈ পৰি আছে। বহু হাজাৰ হাজাৰ বিঘা মাটি বহিৰাগত তথা সন্দেহজনক নাগৰিকে বেদখল কৰি বহি আছে। আমি নিশ্চিত যে এই তথ্য অসম চৰকাৰৰ হাতত ইতিমধ্যেই আছে আৰু চৰকাৰ সম্পূৰ্ণ ৰূপে জ্ঞাত। লাজ লাগে যদিও আজি আমি এই কথা চৰকাৰক উনুকিয়াই দিবলৈ বাধ্য। ইয়াৰ পিছতো এনে কি মহান উদ্দেশ্য আগত ৰাখি অসমৰ খিলঞ্জীয়া খেতিয়কৰ হাতত বাকী থকা মাটিখিনিও বহিৰাগতৰ হাতত বিনা বাধাই গতাই দিবলৈ অসম চৰকাৰ উঠি পৰি লাগিছে, সেইয়া আমাৰ বোধগম্য নহয়। আমি যোৱা ৮ বছৰ ধৰি অসমৰ মাটি আৰু থলুৱা মানুহসকলৰ সাংবিধানিক সুৰক্ষাৰ বাবে দিল্লীৰ লগত আলোচনা কৰি আছো। ত্ৰিপাক্ষিক আলোচনাৰ বাবে ৰাজ্য চৰকাৰৰ সমৰ্থন আমাৰ বাবে অপৰিহাৰ্য আৰু কাম্য। ‘কা’ৰ জৰিয়তে থলুৱা মানুহসকলৰ সাংবিধানিক সুৰক্ষাৰ বিষয়টোক নস্যাৎ কৰাৰ পিছতো আমি অত্যন্ত ধৈৰ্য সহকাৰে আলোচনা আগবঢ়াই আহিছো। এতিয়া জাতি, মাটি আৰু ভেটিৰ কথা কোৱা এই অসম চৰকাৰেই আমাৰ মানুহৰ মাটিখিনিও বহিৰাগতৰ হাতত তুলি দিবলৈ বিচৰাত আমি অত্যন্ত ক্ষোভিত হৈছো। এই আত্মঘাটী সিদ্ধান্তই আমাৰ অসমৰ সকলো থলুৱা জাতি-জনগোষ্ঠীক নি:শেষ কৰি পেলাব। আমাৰ হাতত এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদৰ বাহিৰে অন্য বিকল্প নাই। নিজ মানুহৰ চৰকাৰেই যেতিয়া আমাৰ পিঠিত কুঠাৰাঘাত কৰিছে, কেন্দ্ৰক দুখিবলৈ ৰাস্তা নাই যিহেতু সাংবিধানিকভাৱে ভূমি ৰাজ্য চৰকাৰৰ অধীনস্থ বিষয়। আমি আমাৰ নিজৰ ভূমি আৰু অধিকাৰৰ সুৰক্ষাৰ বাবে সজোৰে প্ৰতিবাদ কৰো।এই হঠকাৰী সিদ্ধান্ত তৎকালীনভাৱে বাতিল কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনায়|
ছেপ্টেম্বৰলৈ পিছুৱাই গ’ল জে ই ই-এন ই ই টি ।
দৈনন্দিন বাৰ্তা ডেস্ক :
ক’ৰোনা ভাইৰাছ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি পিছুৱাই দিয়া হ’ল জে ই ই-এন ই ই টি ৷ কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰী ৰমেশ পোখৰিৱাল নিশংকই এই কথা জনাইছে৷ মন্ত্ৰীজনে জনোৱা মতে অহা ছেপ্টেম্বৰ পৰ্যন্ত পিছুৱাই গ’ল এই বছৰৰ নেচনেল এলিজিবিলিটি কাম এণ্ট্ৰেন্স টেষ্ট বা এন ই ই টি আৰু জয়েণ্ট এণ্ট্ৰেন্স এক্সামিনেচন বা জে ই ইৰ মেইন পৰীক্ষা৷ শুকুৰবাৰে ৰাতি এই কথা ঘোষণা কৰে কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰী ৰমেশ পোখৰিৱাল নিশংকই ৷ মূল পৰীক্ষা পিছুৱাই যোৱাত জে ই ই এডভান্স পৰীক্ষাও পিছুৱাই গ’ল৷ দেশত ক’ৰোনা ভাইৰাছ সংক্ৰমণৰ হোৱা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আৰু বিশেষজ্ঞক লৈ গঠিত পেনেলৰ ৰিপৰ্টৰ ওপৰত ভিত্তি কৰি এই সিদ্ধান্ত লয় মন্ত্ৰালয়ে৷ অভিযান্ত্ৰিকৰ মূল প্ৰৱেশিকা পৰীক্ষা হ’ব ১-৬ ছেপ্টেম্বৰৰ ভিতৰত আৰু জে ই ই এডভান্স পৰীক্ষা হ’ব ২৭ ছেপ্টেম্বৰত৷ চিকিৎসা পঢ়াৰ ক্ষেত্ৰত প্ৰৱেশিকা পৰীক্ষা এন ই ই টি হ’ব ১৩ ছেপ্টেম্বৰত ৷ এই কথা টুইট কৰি জনায় মন্ত্ৰীজনে ৷
মাজুলীত পলসৰ উদ্যোগত অমৰ শিশুপ্ৰাণ অমৰেন্দ্ৰ বৰুৱা সোঁৱৰণী ৰচনা প্ৰতিযোগিতাৰ আয়োজন ।
উজনি-মাজুলী : মাজুলীৰ যুৱ কবি সাংবাদিক পাপু বৰাৰ দ্বাৰা সম্পাদিত আৰু প্ৰকাশিত কাব্যালোচনী পলসৰ উদ্যোগত অমৰ শিশুপ্ৰাণ অমৰেন্দ্ৰ বৰুৱাৰ পবিত্ৰ স্মৃতিত মাজুলী ভিত্তিত ৰচনা প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে| দুটা শাখাত অনুস্থিত হ’ব লগা প্ৰতিযোগিতাৰ নিম্ন শাখাত তৃতীয় শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ আৰু উচ্চ শাখাত নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব পাৰিব| ৰচনা প্ৰতিযোগিতাখনিৰ নিম্ন শাখাৰ বিষয় হৈছে ”মাজুলীৰ বান সমস্যা” আৰু উচ্চ শাখাৰ বিষয় “মাজুলী-যোৰহাট সংযোগী দলং”| ইচ্ছুক প্ৰতিযোগীয়ে তেওঁলোকৰ ৰচনাসমূহ অহা ১২ জুলাই ২০২০ৰ ভিতৰত পোৱাকৈ ডাক যোগে পাপু বৰা, নতুন খলিহামাৰী, ডাক-ভূৰামৰা, জিলা-মাজুলী, পিন-৭৮৫১০৪ অথবা মেইল papumajuli@gmail.comত ৫০০ শব্দৰ ভিতৰত সম্পূৰ্ণ ঠিকনা ফোন নম্বৰসহ প্ৰেৰণ কৰিব লাগিব| প্ৰতিযোগিতাত স্থানপ্ৰাপ্তসকলক অমৰ শিশুপ্ৰাণ অমৰেন্দ্ৰ বৰুৱাৰ পবিত্ৰ স্মৃতিত হ’বলগা ‘সাহিত্য সন্মিলন’ত মান পত্র, গ্ৰন্থৰ টোপোলা আৰু নগদ ধনেৰে পুৰস্কৃত কৰা হ’ব| সবিশেষ জানিবৰ বাবে পলসৰ সম্পাদক পাপু বৰাৰ লগত ৭০০২৬২৪৭৫২ ফোন নম্বৰত যোগাযোগ কৰিব পাৰিব|
জয়া তিনিআলি-ম’হখুটি পথৰ দুৰৱস্থা : সংগ্ৰামী যুৱ-ছাত্ৰ পৰিষদ, অসমৰ প্ৰতিক্ৰিয়া।
নাজিৰা : শিৱসাগৰ জিলাৰ বকতা মৌজাৰ অন্তৰ্গত জয়া তিনিআলি-ম’হখুটি পথৰ দুৰৱস্থাই ৰাইজৰ পানীত হাঁহ নচৰা অৱস্থা কৰিছে। বকতাৰ ৪২ খন গাৱঁৰ যাতায়তৰ মূল পথটিৰ দুৰৱস্থাই ৰাইজক জীয়াতু ভোগাইছে। দৈনিক শ শ অ’এনজিচিৰ গধুৰ যান-বাহন চলাচলৰ ফলত পথটি অতি জৰাজীৰ্ণ হৈ পৰিছে। সাধাৰণ এজাক বৰষুণতেই বৰ্তমান পথটোত গাড়ী লাগি ধৰে। এই ক্ষেত্ৰত গড়কাপ্তানি বিভাগ আৰু অ’এনজিচিয়ে চকু মুদা কুলিৰ ভাও ধৰিছে। উন্নয়নৰ ফটা ঢোল বজোৱা বিজেপি চৰকাৰ বিয়াগোম গড়কাপ্তানি বিভাগটো এই ক্ষেত্ৰত কুম্ভকৰ্ণ নিদ্ৰাত। আগন্তুক দিনত সংশ্লিষ্ট পক্ষৰ এই দায়সৰা মনোভাৱ অব্যাহত থাকিলে সংগ্ৰামী যুৱ-ছাত্ৰ পৰিষদ অসমে অনিৰ্দিষ্টকালীন পথ বন্ধৰ দৰে কাৰ্যসূচী ল’বলৈ বাধ্য হ’ব বুলি সংগঠনটোৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ভাস্কৰ নাথে এক প্ৰেছ বিজ্ঞপ্তি যোগে সকীয়াই দিয়ে।
লাডাখত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী : শান্তি ভংগ কৰিছে ‘সাম্ৰাজ্যবাদী’ চীনে ৷
দৈনন্দিন বাৰ্তা ডেস্ক :
আগতে কোনো খবৰ নিদিয়াকৈ শুকুৰবাৰে পুৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী লাডাখত উপস্থিত হয় ৷ গালৱানত সংঘৰ্ষ হোৱাৰ পাছত প্ৰধানমন্ত্ৰী মোডীৰ এয়াই প্ৰথম লাডাখ ভ্ৰমণ ৷ সীমান্ত চকীৰ পৰা সেনা চিকিৎসালয়লৈকে ঘুৰি জোৱানসকলৰ সৈতে প্ৰধানমন্ত্ৰীয়ে কথা পাতে ৷ বিশেষজ্ঞসকলৰ মতে প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণে সেনাৰ মনোবল বহু বঢ়াই তুলে ৷ ইয়াৰ লগতে চীনকো কঠোৰ বাৰ্তা দিলে ৷ প্ৰধানমন্ত্ৰীৰ সৈতে আছিল তিনি সেনা বাহিনীৰ প্ৰধান চিডিএছ জেনেৰেল বিপিন ৰাৱাট আৰু স্থল বাহিনীৰ প্ৰধ মনোজ মুকুন্দ নাৰভান ৷ নিমুত প্ৰধানমন্ত্ৰীয়ে কয়, ইতিহাস সাক্ষী, পৃথিৱীৰ পৰা সাম্ৰাজ্যবাদী শেষত হৈ গৈছে ৷ ইয়াৰ লগতে জোৱানসকলক ভূয়সী প্ৰশংসা কৰি কয়, ভাৰতমাতাৰ শত্ৰুৱে তোমালোকৰ অগ্নি দেখিছে ৷ এই পাহাৰৰ মাজত তোমালোকৰ বাহু শক্তিশালী ৷ তোমালোকৰ আত্মবিশ্বাস এই পাহাৰৰ চূড়াৰ দৰে অটল ৷ শুকুৰবাৰে পুৱা প্ৰধানমন্ত্ৰীৰ তৰফৰ পৰা এখন ছবি টুইট কৰে ৷ তাত দেখা গৈছে যে সেনাৰ তম্বুত বহি আছে মোডী ৷ লগত ৰাৱাট, নাৰভান আৰু সেনাৰ বিষয়ববীয়া ৷ সকলোৰে মাজত যথেষ্ট দূৰত্ব৷ প্ৰাপ্ত খবৰ মতে মোডীৰ সৈতে তাত সেনা, বায়ুসেনা আৰু আইটিবিপিৰ বিষয়াসকল আছিল ৷ প্রধানমন্ত্রী দপ্তৰৰ পৰা জনোৱা মতে নিমুত ৰয় প্ৰধানমন্ত্ৰী ৷ শুকুৰবাৰে দিনৰ ভাগত তাত উপস্থিত হয়৷ আজিয়েই ঘুৰি আহিব ৷ সিন্ধুৰ তীৰত এই নিমু সমুদ্ৰপৃষ্ঠৰ পৰা ১১ হাজাৰ ফুট উচ্চতাত আছে ৷ চাৰিওদিশে আছে জানস্কাৰ পৰ্বত শ্ৰেণী ৷ বিশ্বৰ কঠিনতম অঞ্চল বুলি ক’ব পাৰি৷ উল্লেখ্য যে বৃহস্পতিবাৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙো লাডাখ যোৱাৰ কথা আছিল ৷ কিন্তু শেষ মুহূৰ্তত বাতিল হয় ৷ কিয় বাতিল হ’ল জনা নাযায় ৷ কিন্তু প্ৰধানমন্ত্ৰীয়ে নিজে লাডাখলৈ গৈ দিলে বাৰ্তা ৷ উল্লেখ্য যে ১৫ জুনত পূৱ লাডাখৰ গালৱানত ভাৰত-চীনৰ মুখামুখি সংঘৰ্ষত ২০ জন জোৱান শ্বহীদ হৈছিল ৷ চীনে প্ৰকাশ কৰা নাছিল হতাহতৰ সংখ্যা৷ তাৰ মাজতো জানিব পৰা মতে ৪৫ জন চীনা সেনা হতাহত হয় ৷ প্ৰধানমন্ত্ৰীয়ে কয় যে সমগ্ৰ পৃথিৱীত যেতিয়া ‘বিকাশবাদ’ প্ৰাসংগিক তেতিয়া ‘সাম্ৰাজ্যবাদী’ চীনে শান্তি ভংগ কৰিছে ৷ সকলো দেশতে ‘সাম্ৰাজ্যবাদী’ৰ বিৰুদ্ধে একগোট হৈছে বুলি তেওঁ কয় ৷ গালৱানৰ নিহতসকলৰ প্ৰতি শ্ৰদ্ধা জনাই মোডীয়ে কয়, গালৱানৰ যি বীৰত্ব আমি দেখিছো সেয়া সমগ্ৰ দেশে মনত ৰাখিব ৷ সমগ্ৰ বিশ্বক দেখুৱাই দিছে ভাৰত তথা ভাৰতীয় সেনা কিমান শক্তিশালী৷ আপোনালোকৰ সংকল্প এই উপত্যকাতকৈ শক্তিৰ ৷ আপোনালোকৰ ইচ্ছাশক্তি এই পৰ্বতৰ দৰেই অটল ৷ আমি সেইসকল তোক যি বাঁহিধাৰী শ্ৰীকৃষ্ণৰ ধ্বজা ধৰি সুদৰ্শন চক্ৰধাৰী শ্ৰীকৃষ্ণৰ আদৰ্শ মনা বুলি প্ৰসংগ ক্ৰমে প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে ৷
মৌলানা মুফতি খাইৰুল ইছলামৰ জানাজাত লক্ষাধিক লোকৰ সমগমক লৈ চিন্তিত জিলা প্ৰশাসন । গনসংক্ৰমণৰ আশংকাত শংকিত ৰাইজ ।
নগাঁও : ইছলাম ধৰ্মৰ জনপ্ৰিয় ধৰ্মগুৰু, উত্তৰ পূৱ ভাৰতৰ আমীৰে শ্বৰীয়ত মৌলানা মুফতি খাইৰুল ইছলামৰ জানাজাত শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ যোৱা গুণমুগ্ধৰ জনসমাগমে চিন্তিত কৰি তুলিছে জিলা প্ৰশাসনৰ লগতে নগঁঞা ৰাইজক। সমগ্ৰ ভাৰতবৰ্ষৰে প্ৰখ্যাত ধৰ্মীয় নেতা গৰাকীৰ বিয়োগত শোকস্তব্ধ হৈ পৰিছিল ইছলাম ধৰ্মালম্বী ৰাইজ। সেয়ে কালি বিয়লি জনপ্ৰিয় ধৰ্মীয় নেতাগৰাকীৰ জানাজাত ভাগ ল’বলৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা নগাঁৱৰ জুৰীয়ালৈ ব্যাপক জনস্ৰোতৰ সৃষ্টি হয় । এ আই ইউ ডি এফৰ ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামৰ পিতৃ মৌলানা মুফতি খাইৰুল ইছলামক শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ যোৱা গুণমুগ্ধৰ জনসমাগমৰ ভিডিঅ’ সামাজিক মাধ্যমত বিয়পি পৰাৰ পিছতে চিন্তিত হৈ পৰিছে জিলা প্ৰশাসন। জানিব পৰা মতে, কৰ’না ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি জনপ্ৰিয় ধৰ্মীয় নেতাগৰাকীৰ জানাজাত সামাজিক ব্যৱধানৰ দিশটোৰ ওপৰত গুৰুত্ব আৰোপ কৰি জনপ্ৰিয় ধৰ্মীয় নেতাগৰাকীৰ জানাজাত অংশ লবলৈ ৰাইজক জিলা প্ৰশাসনে আহ্বান জনাইছিল । জিলা প্ৰশাসনৰ এনে আহ্বানৰ বিপৰীতে জনপ্ৰিয় ধৰ্মীয় নেতা গৰাকীৰ জানাজাত বহুকেইগৰাকী হাইপ্ৰফাইল ৰাজনৈতিক নেতাৰ উপৰি হেজাৰ হেজাৰ লোকে অংশগ্ৰহণ কৰিছিল। জনপ্ৰিয় ধৰ্মীয় নেতা গৰাকীৰ বিয়োগত সকলো শোকস্তব্ধ হৈ পৰে যদিও লক্ষাধিক লোকে তেওঁৰ জানাজত অংশগ্ৰহণ কৰাৰ বিষয়টোৱে জিলাখনৰ ৰাইজক শংকিত কৰি তোলে। উল্লেখ্য নগাঁৱত ভ্ৰমণ বৃত্তান্ত নথকা ভালেকেইজন লোক কোভিড-১৯ ত ইতিমধ্যে আক্ৰান্ত হয় । তেনেস্থলত ধৰ্মীয় নেতাগৰাকীৰ জানাজাত লক্ষাধিক লোকৰ সমাগমে কৰ’না ভাইৰাছৰ গনসংক্ৰমণৰ কাৰক হৈ পৰিব পাৰে বুলি বহুতেই শংকা প্ৰকাশ কৰে ।
ভুল চিকিৎসাৰ বলি হৈ মৃত্যুক আকোৱালি লোৱা প্ৰমীলা ছেত্ৰীৰ বাসগৃহত উপস্থিত দল-সংগঠনৰ বিষয়ববীয়া ।
ডিৰাক সীমান্ত : তিনিচুকীয়া জিলাৰ ডুমডুমাস্থিত ওঝা নাৰ্চিং হোমত যোৱা ২৯ জুন তাৰিখে এগৰাকী প্ৰসুতিয়ে চিকিৎসকৰ ভুলৰ বাবে দুৰ্ভাগ্যজনকভাৱে কৰুণ মৃত্যুক আকোৱালি লবলগীয়া হৈছিল । ওঝা নাৰ্চিং হোমত কৰ্মৰত চিকিৎসক ডা• প্ৰকাশ গুপ্তাৰ ভুল চিকিৎসাৰ ফলত ফিল’বাৰী বৰগাওঁৰ শিৱ ছেত্ৰীৰ পত্নী প্ৰমীলা ছেত্ৰী (২৯) নামৰ প্ৰসুতিগৰাকীৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপিত হৈছে । প্ৰসুতীগৰাকী ঘৰৰ পৰা সু-শৰীৰে ডুমডুমাৰ ওঝা নাৰ্চিং হোমলৈ স্বাস্থ্য পৰীক্ষাৰ বাবে গৈছিল যদিও চিকিৎসাধীন অৱস্থাতেই প্ৰসুতিগৰাকীৰ মৃত্যু হৈছিল । পিছত চিকিৎক ডাঃ প্ৰকাশ গুপ্তা আৰু ওঝা নাৰ্ছিং হোম কতৃপক্ষই ঘটনাক অন্য এক ৰূপ দিয়াৰ চেষ্টা কৰি প্ৰসুতিগৰাকীক ডুমডুমাৰ পৰা এখন এম্বুলেঞ্চেৰে তিনিচুকীয়াৰ আৰ. চি. আগৰৱালা নামৰ এখন ব্যক্তিগত নাৰ্চিং হোমত লৈ যায় । তাৰ পাছতেই প্ৰসুতিগৰাকীক পুণৰ তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ লৈ যোৱাৰ পিছতেই চিকিৎক গৰাকী উক্ত স্থানৰ পৰা পলায়ন কৰে। আজি প্ৰয়াত প্ৰমীলা ছেত্ৰীৰ ফিল’বাৰী বৰগাওঁস্থিত বাসগৃহত সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণ, উপ সভাপতি অনিৰুদ্ধ মৰাণ, দিলিপ মৰাণ, প্ৰতাপ মৰাণ, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি সুৰজিৎ মৰাণ, যুটীয়া সম্পাদক তমাল গুপ্তা , চুতীয়া ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্য্যকৰি সভাপতি সমীৰণ বৰা, গোৰ্খা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক নোমল ছেত্রী, জিলা সভাপতি সন্তোষ ছেত্রী, সম্পাদক অশোক কুমাৰ লামা ,উপ- সভাপতি দুৰ্গা ছেত্রীকে আদি আটাইকেইটা সংগঠনৰ জিলা আৰু আঞ্চলিক পৰ্য্যায়ৰ বিষয়ববীয়াসকল উপস্থিত থাকে । আটাইকেইটা সংগঠনৰ বিষয়ববীয়াই অভিযুক্ত চিকিৎসক ডা• প্ৰকাশ গুপ্তাৰ লগতে ওঝা নাৰ্চিং হোমৰ বিৰুদ্ধে তদন্ত কৰি উচ্চিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাবলৈ জিলা উপায়ুক্ত আৰু জিলা আৰক্ষী অধীক্ষকক দাবি জনাইছে লগতে তদন্ত সম্পূৰ্ণ নোহোৱাৰ আগত ডুমডুমা স্থিত ওঝা নাৰ্ছিং হোম বন্ধ ৰাখিবলৈ দাবী তুলিছে দল সংগঠনে। অন্যহাতে, প্ৰয়াত প্ৰমীলা ছেত্ৰীৰ তিনি বছৰীয়া কন্যা শিশুগৰাকীৰ ভৱিষ্যত নিৰাপত্তাৰ লগতে শিক্ষা ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক আহ্বান জনাই । ইফালে আজি প্ৰয়াত প্ৰমীলা ছেত্রীৰ বাসগৃহত উপস্থিত হয় ১৪ নং লক্ষিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ডুমডুমা বিধানসভা সমষ্টিৰ সাংসদ প্ৰতিনিধি মুলেন্দ্ৰ মৰাণ। মুলেন্দ্ৰ মৰাণে আমাক জানিবলৈ দিয়া মতে ডুমডুমা ওঝা নাৰ্ছিং হোমত চিকিৎসকৰ ভুলৰ বাবে যি আকস্মিক ঘটনা হৈ গল উক্ত ঘটনা অতি ক্ষিপ্ৰতাৰে তদন্ত কৰা হ’ব বুলি আশ্বাস দিয়াৰ লগতে দুখীক উচিত শাস্তি প্ৰদান কৰিব বুলি উল্লেখ কৰে । লগতে সাংসদ প্ৰতিনিধি গৰাকীয়ে মৃতকৰ আদ্য শ্ৰাদ্ধৰ বাবে কিছু আৰ্থিক সাহাৰ্য্য প্ৰদান কৰে ।

স্বাস্থ্য সন্মত মাছৰ খুচুৰা বজাৰ ৰাইজৰ বাবে মুকলি কৰিলে বিধায়ক ৰূপক শৰ্মাই ।
নগাঁও : কৰ’না মহামাৰীৰ ভয়াবহতাৰ মাজতে নগাঁও সদৰ সমষ্টিত চৰকাৰৰ উন্নয়ন মূলক আচঁনিৰ কামকাজ অব্যাহত আছে । নগাঁও চহৰত ৰূপায়িত কেতবোৰ উন্নয়ন মূলক আচঁনিৰ লগতে শেহতীয়াকৈ হয়বৰগাঁও স্হিত মাছৰ খুচুৰা বজাৰখন স্বাস্হ্য সন্মত ভাবে পুনৰ নিৰ্মাণ কৰি উলিওৱা হৈছে।আজি এই মাছৰ বজাৰখনৰ আনুষ্ঠানিক ভাবে মুকলি কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই । উল্লেখ্য যে দীৰ্ঘদিন ধৰি এই বজাৰখনৰ অস্বাস্হ্যকৰ পৰিবেশৰ লগতে বজাৰগৃহটোৰ ওপৰৰ চালিৰ জৰাৰ্জীন অৱস্থাৰ বাবেই এজাক বৰষুণ আহিলেই বিক্ৰেতা সকলৰ লগতে ক্ৰেতা সকলে বজাৰখনত থাকিব নোৱাৰা পৰিবেশৰ সৃষ্টি হৈছিল। ফলস্বৰূপে স্হানীয় ৰাইজে বজাৰখনত সমগ্ৰী ক্ৰয় কৰিব যাবলৈও কুন্ঠাবোধ কৰিছিল।আজি মাছৰ খুচুৰা বজাৰখন আনুষ্ঠানিক ভাবে মুকলি কৰি বিধায়ক ৰূপক শৰ্মাই কয় যে বিক্ৰেতা সকলৰ লগতে স্হানীয় ৰাইজে বজাৰখন পৰিস্কাৰ, স্বাস্থ্য সন্মত আৰু উন্নত কৰি তুলিবলৈ আহ্বান জনাই আহিছিল। ৰাইজৰ সুবিধা আৰু আহ্বানৰ প্ৰতি লক্ষ্য ৰাখি মাছৰ খুচুৰা বজাৰখনৰ পুনৰ নিৰ্মাণ কৰি উলিওৱা হৈছে।সুন্দৰভাৱে নিৰ্মাণ কাৰ্য সমাপ্ত হৈ উঠা বজাৰখনৰ জৰিয়তে নগঞা ৰাইজ উপকৃত হব বুলি আমি আশা কৰিছো।আজি বজাৰ মুকলি অনুষ্ঠানত বিধায়ক গৰাকীৰ লগতে প্ৰাক্তন পৌৰপতি দিগন্ত দাস প্ৰমুখ্যে পৌৰসভাৰ বিভিন্ন বিষয়া কৰ্মচাৰী উপস্থিত থাকে।স্মৰ্তব্য যে কিছুদিন পূর্বে নগাঁও চহৰৰ বৰবজাৰ স্হিত মূল মাছৰ বজাৰখনো স্বাস্থ্য সন্মত ভাবে পুনৰ নিৰ্মাণ কৰি ৰাইজৰ বাবে মুকলি কৰি দিয়ে বিধায়ক ৰূপক শৰ্মাই।
১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী ১ নং সৰুমেছাই (কুৰুকানী) গাঁও সংযোগী পথৰ দুৰৱস্থা : চৰকাৰ কিম্বা জন প্ৰতিনিধিৰ নাই কোনো কানসাৰ ।
ডিৰাক সীমান্ত : চৰকাৰ আহে চৰকাৰ যায়, কিন্তু ৰাইজৰ যাতায়াত সমস্যাৰ কোনো সমাধান নহয় ৷ বছৰৰ পিছত বছৰ অতিবাহিত হ’ল, ইখনৰ পিছত সিখনকৈ চৰকাৰ আহিল আৰু গ’ল, কিন্তু কোনো পৰিৱর্তন নহ’ল ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী ১ নং সৰুমেছাই (কুৰুকানী) গাঁও সংযোগী পথটোৰ । শাসনাধিস্থিত বিজেপি নেতৃত্বাধীন সোনোৱাল চৰকাৰখনে উন্নয়নৰ নামত বহুতো প্ৰতিশ্ৰুতি আগবঢ়াইছিল যদিও ফুটুকাৰ ফেনত পৰিণত হৈছে উন্নয়নৰ প্ৰতিশ্ৰুতিসমূহ। যিমানেই উন্নয়ন জয়ঢোল নবজাওঁক কিয় এতিয়া গ্রাম্য পথৰ মৃত্যু ঘণ্টা বাজিছে । তিনিচুকীয়া জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তী ১২৬ নং শদিয়া বিধানসভা সমষ্টিৰ, কাকপথাৰ উন্নয়ন খণ্ডৰ তথা ডিৰাক আৰু মাইথং গাওঁ পঞ্চায়তৰ অন্তৰ্গত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী ১ নং সৰুমেছাই (কুৰুকানী) গাঁও সংযোগী পথটোৰ দুৰৱস্থাৰ বাবেই সুদীৰ্ঘ কাল যমৰ যাতনা ভুগি আহিছে অঞ্চলবাসীয়ে । বাৰিষাৰ লগে লগে পথটো পংকময় আৰু ঠায়ে ঠায়ে পুখুৰীসদৃশ গাত সৃষ্টি হৈ পৰাৰ ফলত গাড়ী মটৰ চলাচলত বহু অসুবিধা সন্মুখীন হ’ব লগা হয় । পথটোৰ এনে দুৰৱস্থাৰ ফলত বেমাৰ-আজাৰ হ’লে ৰোগীক চিকিৎসালয়লৈ নিয়া, ছাত্ৰ-ছাত্ৰীসকল বিদ্যালয়লৈ অহা যোৱা কৰা, কৃষি উৎপাদিত সামগ্ৰীসমূহ বজাৰলৈ নিয়া, ঘৰলৈ অন্য সামগ্ৰী অনাকে আদি কৰি বিভিন্নধৰণৰ অসুবিধাৰ সন্মুখীন হ’ব লগা হোৱাৰ লগতে বিপদসংকুলভাবে যাত্ৰা কৰিব লগা হৈছে অঞ্চলটোৰ ৰাইজ । শতবৰ্ষ গৰকা গাঁওখনৰ মুখ্য পথটো আজিকোপতি চকুত নপৰিল চৰকাৰ, পঞ্চায়ত প্ৰতিনিধি, স্থানীয় বিধায়ক কিম্বা নেতা পালিনেতাসকলৰ । উল্লেখযোগ্য যে, ১২৬ নং শদিয়া বিধান সভা সমষ্টিৰ বিধায়ক বলীন চেতিয়াই একেৰাহে তৃতীয়টো কাৰ্যকাল পাৰ কৰিবলৈ মাজত মাথোঁ কেইটামান মাহ বাকী, কিন্তু আজি পৰ্যন্ত বিধায়কগৰাকীৰ চকুত নপৰিল বিধস্তময় পথটো । স্থানীয় ৰাইজে উক্ত পথটো অতি সোনকালে পকীকৰণ ব্যৱস্থা কৰিবলৈ স্থানীয় বিধায়ক আৰু বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছে ।









