Home Blog Page 3354

তৈলক্ষেত্ৰ ব্যক্তিগত খণ্ডত আটাছুৰ সকীয়নি : শীঘ্ৰে সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী

নাজিৰা

ক’ৰোনা সংকটৰ সময়তে কেন্দ্ৰীয় চৰকাৰে অসমৰ অবিভক্ত শিৱসাগৰ জিলাৰ অ’এনজিচিৰ অধীনৰ ৮ খন তৈলক্ষেত্ৰ ব্যক্তিগত কোম্পানীক গতাই দিয়া কাৰ্যক তীব্ৰ বিৰোধিতা কৰাৰ লগতে উক্ত সিদ্ধান্ত বাতিলৰ দাবী জনাইছে অসমৰ শক্তিশালী জনগোষ্ঠীয় সংগঠন টাই আহোম ছাত্ৰ সন্থাই। বৰ্তমানৰ পৰিস্থিতিত চৰকাৰে মৃত উদ্যোগসমূহ কৰ্মসংস্থাপনহীন যুৱকৰ জড়িয়তে জীয়াই তোলাৰ থল আছিল তেনে সময়তে কিন্তু বিজেপি চৰকাৰে এই তৈলক্ষেত্ৰসমূহ ব্যক্তিগতকৰণ কৰি বাৰে বাৰে পুঁজিপতিক সহায় কৰাহে পৰিলক্ষিত হৈছে৷ উল্লেখ্য যে ঐতিহাসিক অবিভক্ত শিৱসাগৰ জিলাৰ লগতে উজনি অসমৰ উদ্যোগিক বিকাশৰ অন্যতম সম্পদ হৈছে তৈল সম্পদ৷ ৰাজহুৱা খণ্ডৰ নৱৰত্ন উদ্যোগ অ’এনজিচিয়ে ৰাজ্যখনৰ লগতে দেশৰ অৰ্থনীতিত এক গুৰুত্বপূৰ্ণ অৰিহণা আগবঢ়াই আহিছে৷ কিন্তু পুঁজিপতিৰ ভঁড়াল চহকী কৰিবলৈ গৈ চৰকাৰে এনেবোৰ সম্পদ বিক্ৰী কৰিছে৷ উল্লেখযোগ্য যে সংগঠনটো খাৰুৱা তেল উৎপাদনৰ বিৰোধী নহয়৷ কিন্তু অ’এনজিচিৰয়ে নিজাববীয়াকৈ উন্নত প্ৰযুক্তি ব্যৱহাৰ কৰি উৎপাদন বৃদ্ধি কৰক৷ এই সম্পদ শিৱসাগৰবাসী ৰাইজৰ সম্পদ আৰু ইয়াৰ জৰিয়তে শিৱসাগৰবাসী ৰাইজও সৰ্বাংগীণ বিকাশ হ’ব লাগিব৷ আটাছুৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি ধমেন গগৈ, যুটীয়া সম্পাদক মানস সন্দিকৈ আৰু নিপন বৰুৱা স্বাক্ষৰিত এক প্ৰেছ বাৰ্তা যোগে ভাৰত চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তক ধ্বিকাৰ দিয়াৰ লগতে এই সিদ্ধান্ত অতি সোনকালে বাতিল কৰিবলৈ দাবী জনাইছে৷ অন্যথা সংগঠনটোৱে অ’ এন জি চি আৰু কেন্দ্ৰীয় চৰকাৰৰ এনে হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তোলা হ’ব বুলি সকীয়াই দিয়ে৷

দৰঙৰ ছিপাঝাৰ খণ্ড উন্নয়ন বিষয়া হিচাপে মনিকা বৰগোহাঁইৰ যোগদান

ছিপাঝাৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া হিচাপে মঙগলবাৰে কাৰ্যভাৰ গ্ৰহণ কৰে মনিকা বৰগোহাঁয়ে ৷

দৰং 

ছিপাঝাৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া হিচাপে মঙগলবাৰে কাৰ্যভাৰ গ্ৰহণ কৰে মনিকা বৰগোহাঁয়ে৷ দৰং জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ৰমেন মালাকাৰৰ উপস্থিতিত ছিপাঝাৰ উন্নয়ন খণ্ডত ভাৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া হিচাবে কাৰ্যভাৰ গ্ৰহণ কৰে৷ ইয়াৰ পূৰ্বে মনিকা বৰগোহাঁই দলগাঁও শিয়ালমাৰী উন্নয়ন খণ্ডত ভাৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া হিচাবে কৰ্মৰত আছিল৷ ছিপাঝাৰ উন্নয়ন খণ্ডত  দীৰ্ঘদিনৰ পৰা খণ্ড উন্নয়ন বিষয়া নথকাত ২৫ টাকৈ পঞ্চায়ত এলেকাৰ গাঁও সমূহত উন্নয়নৰ ক্ষেত্ৰত যথেষ্ট আহুকালৰ সন্মুখীন হৈছিল৷ কাৰ্যভাৰ গ্ৰহণ কৰিয়ে মনিকা বৰগোহাঁইয়ে সাংবাদিকক জানিবলৈ দিয়ে যে প্ৰধানমন্ত্ৰী আবাস যোজনাৰ অধীনৰ গৃহসমূহ সম্পূৰ্ণ কৰাত গুৰুত্ব প্ৰদান কৰাৰ উপৰি বৰ্তমান সময়ত ক’ভিড-১৯য়ে যি মহামাৰী ৰূপ ধাৰণ কৰিছে এই ক্ষেত্ৰত ৰাইজক সজাগ সচেতন কৰি যোদ্ধাৰ ভূমিকা পালন কৰিব বুলি জানিব দিয়ে৷

মঙলদৈত ক’ভিড-১৯ৰ নতুন কোৱাৰাণ্টাইন কেন্দ্ৰ স্থাপনৰ বুজ ল’লে মন্ত্ৰী ভবেশ কলিতাই

মঙলদৈত ক'ভিড-১৯ৰ নতুন কোৱাৰাণ্টাইন কেন্দ্ৰ স্থাপনৰ বুজ ল’লে মন্ত্ৰী ভবেশ কলিতাই

মঙলদৈ

ৰাজ্যত বহিঃৰাজ্যৰ পৰা নিতৌ শ শ লোকৰ গৃহমুখী আগমণ ঘটাৰ  লগে লগে বৃদ্ধি পাইছে ক’ৰোনা আক্ৰান্ত লোকৰ সংখ্যা। ইয়াৰ সমান্তৰালকৈ দৰঙৰ গৃহমুখী লোকসকলৰ সফল কোৱাৰাণ্টাইনৰ বাবে অধিক তৎপৰ হৈ পৰিছে দৰং জিলা প্ৰশাসন। মঙলবাৰে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এই সম্পৰ্কত আয়োজিত এক জৰুৰী সভাত জিলাৰ ক’ভিড-১৯ ৰ দায়িত্বৰত তথা জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাই জিলাখনৰ নতুন নতুন কোৱাৰাণ্টাইন কেন্দ্ৰ স্থাপনৰ বেলিকা আৱশ্যকীয় সা-সুবিধাসমূহৰ বুজ লয়৷ জিলা উপায়ুক্ত দিলীপ কুমাৰ বৰা, অতিৰিক্ত উপায়ুক্তসকল, চক্ৰ বিষয়া তথা খণ্ড উন্নয়ন বিষয়াসকলৰ লগতে স্বাস্থ্য, জনস্বাস্হ্য কাৰিকৰী, শিক্ষা আদি বিভিন্ন বিভাগৰ বিষয়াসকল উপস্থিত থকা এই সভাত মন্ত্ৰীজনে সকলোকে ক’ভিড-১৯ৰ বিপক্ষে যুঁজাৰ বেলিকা নিজ নিজ কৰ্তব্য সুচাৰুৰূপে সমাপন কৰিবলৈ আহ্বান জনায়৷ আনহাতে, পুৱাৰ ভাগত জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয় আন এখন গুৰুত্বপূৰ্ণ সভা। ছিপাঝাৰ, মঙলদৈ, দলগাঁও তথা কলাইগাঁৱৰ বিধায়কসকল ক্ৰমে বিনন্দ শইকীয়া, গুৰুজ্যোতি দাস, ইলিয়াছ আলী, মহেশ্বৰ বড়ো, জিলা উপায়ুক্ত দিলীপ কুমাৰ বৰা,  আৰক্ষী অধীক্ষক অমৃত ভূঞা, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ৰমেণ মালাকাৰ, অতিৰিক্ত উপায়ুক্ত,  চক্ৰ বিষয়া, খণ্ড উন্নয়ন বিষয়াসকলৰ উপৰি স্বাস্থ্য, জনস্বাস্থ্য, শিক্ষা, তথ্য আৰু জনসংযোগ বিষয়া আদি উপস্থিত থকা এই সভাত জিলাখনৰ সম্ভাব্য ক’ভিড-১৯ ৰ সংক্ৰমণৰ লগত যুঁজিবলৈ সমষ্টি পৰ্য্যায়ত, গাঁও পঞ্চায়ত, ৱাৰ্ড পৰ্যায়ত তিনিখনকৈ হোম কোৱাৰেণ্টাইন ব্যৱস্থাপনা কমিটি গঠন কৰি পৃথক পৃথক ৰণকৌশল প্ৰস্তুত কৰা হয়। সভাত ভাষণ দি উপায়ুক্তজনে কয়, “এতিয়া আমি পূৰ্ণ পৰ্যায়ত সাজু হ’বৰ সময় হ’ল। এই কুক্ষণত আমি প্ৰত্যেকেই সমুখ সমৰৰ ৰণুৱা। এতিয়াৰে পৰা সভা-সমিতি পাতি বিষয়াবৰ্গসকলক বহাই ৰাখি পৰাপক্ষত সময় অপচয় কৰিবলৈ আৰু সময় নাই। আশা কৰিছোঁ সকলোৱে নিজৰ দায়িত্বসমহ বুজি ৰণক্ষেত্ৰত আগুৱাই সফল ভূমিকা পালন কৰিব।” ইয়াৰ পিছতে উপায়ুক্তজনে বিধায়ক, আৰক্ষী অধীক্ষক আদিক নিজ হাতে পোছাকত লগাই দিয়ে একোটাকৈ বেজ৷ ‘মই গৰ্বিত ক’ৰোনা যুঁজাৰু ৰূপে’ বুলি লিপিবদ্ধ থকা এই বেজটো লগাই দি উপায়ুক্তজনে সকলোকে ক’ৰোনা যুঁজত শংকিত নহৈ আগবাঢ়ি যাবলৈ উৎসাহিত কৰে৷

শীতলপাটী গাঁৱৰ পথ নিৰ্মাণৰ আঁচনি সলনি : স্মাৰকপত্ৰ প্ৰদান, আন্দোলনৰ হুমকি

ডিৰাক সীমান্ত

ডুমডুমা বিধান সভা সমষ্টিৰ অন্তৰ্গত কাকজান গাঁও পঞ্চায়তৰ অধীনস্থ চুক্ৰেটিং চাহ বাগিচাৰ কাষত থকা শীতলপাটী এখন ভিতৰুৱা আৰু অতি অনুন্নত গাঁও৷ শীতলপাটী গাঁৱলৈ যাবলৈ ভাল বাট-পথ কোনো এটাও নাই। বহু কষ্টেৰে সেই ঠাইৰ ৰাইজৰ লগতে স্কুল-কলেজত পঢ়া ল’ৰা-ছোৱালীয়ে অহা-যোৱা কৰে৷ গাঁওখনৰ ৰাইজৰ মতে বহু আবেদন-নিবেদন জনোৱাৰ অন্তত সম্প্ৰতি প্ৰধানমন্ত্ৰীৰ গ্ৰাম চৰক যোজনাৰ অধীনত পেকেজ নং এ এছ ২৩-৩৭১ৰ আৱন্টন মতে ঠিকাদাৰ উৎপল বৰদলৈয়ে ডুমডুমা-ফিল’বাৰী গড়কাপ্তানী পথৰপৰা শীতলপাটী গাঁৱলৈ ৪.৫ কিঃমিঃ দৈৰ্ঘ্যৰ পথচোৱা নিৰ্মাণৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হোৱাৰ সময়তে কোনো দুষ্টচক্ৰৰ হস্তক্ষেপত আঁচনিখন স্থানান্তৰ কৰি কিছু দূৰৱৰ্তী ঠাইৰ বকপাৰালৈ লৈ যায় আৰু একেখন আঁচনিৰ অধীনত পথ নিৰ্মাণৰ কাম আৰম্ভ কৰিবলৈ লৈছে । ইয়াৰ কাৰণতে শীতলপাটী গাৱৰ ৰাইজ অতি ক্ষুদ্ধ হৈ পৰিছে আৰু মঙলবাৰে তিনিচুকীয়া জিলাৰ ৰাজ্যিক পথ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তাৰ ওচৰত গাঁওখনৰ ১১২ গৰাকী কৃষক-বনুৱা স্বাক্ষৰিত এখন স্মাৰকপত্ৰ দাখিল কৰিছে৷ গ্ৰাম্যবাসীয়ে এই বিষয়ত জিলা উপায়ুক্ত আৰু ডুমডুমাৰ বিধায়ক দুৰ্গা ভূমিজৰ তৎকালীন হস্তক্ষেপ দাবী কৰিছে৷ স্মাৰকপত্ৰখনত উল্লেখ কৰা মতে চুক্ৰেটিং চাহ বাগিযা কৰ্তৃপক্ষই পথটো নিৰ্মাণত কোনো হকা-বধা নকৰা স্বত্বেও কাৰ প্ৰৰোচনাত পৰি আঁচনিখন স্থানান্তৰ হ’ল তাৰ তদন্ত শীঘ্ৰে কৰিব লাগে।  যি কোনো বিনিময়ত পূৰ্বৰ শীতলপাটী গাঁৱৰ পথ নিৰ্মাণৰ আঁচনিখন শীঘ্ৰে কাৰ্যকৰী কৰিবলৈও তেওঁলোকে দাবী উত্থাপন কৰিছে৷ প্ৰয়োজনত তীব্ৰ আন্দোলন আৰম্ভ কৰিব বুলিও তাৰ নেতৃস্থানীয় ব্যক্তি তথা স্মাৰক পত্ৰৰ প্ৰথম স্বাক্ষৰকাৰী বাবুল ৰায়ে সংবাদ মহলক অৱগত কৰিছে৷

সংকটত অসম, গুৱাহাটীত অনিয়ন্ত্ৰিত পৰিস্থিতি : প্ৰব্ৰজিতৰ জৰিয়তে একেদিনাই আক্ৰান্ত ৪০, অতিক্ৰমিলে ১৫৪

গুৱাহাটী

ক্ৰমাৎ অনিয়ন্ত্ৰিত পৰিস্থিতিলৈ গতি কৰিছে ক’ৰোনা ভাইৰাছৰ সংক্ৰমণে। ভয়াবহ হৈছে শেহতীয়া পৰিস্থিতি। প্ৰব্ৰজিত লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে বাঢ়িছি ক’ৰোনাক্ৰান্তৰ সংখ্যা। মঙলবাৰে আগবেলাতে ওলাল নতুনকৈ ২০ জন ক’ৰোনাক্ৰান্ত ৷ সন্ধিয়ালৈ পুনৰ ওলাল ২০ জন। এইকেইজন সৰুসজাই কোৱাৰেণ্টাইন চেণ্টাৰত আছিল।সোমবাৰে বিয়লি জিএমচিএইছত মৃত্যু হোৱা ৰঙিয়াৰ নিকতবৰ্তী ডিমুৰ বাসিন্দা অমূল্য কলিতাৰ দেহত মৰণোত্তৰভাৱে ধৰা পৰিল ক’ৰোনা সংক্ৰমণ। লগে লগে কামৰূপ, বাইহাটা, নলবাৰী, ৰঙিয়া ,ছয়গাঁও আদিত ক’ৰোনা সংক্ৰমণৰ কথা পোহৰলৈ আহিল। সোমবাৰে সন্ধিয়া তথা মাজৰাতিলৈ যোৰহাট, গোলাঘাটত দুজনকৈ, কোকৰাঝাৰ, নগাৱঁত এজনকৈ আক্ৰান্ত হৈছিল। আটাইকেইজন বাহিৰৰ পৰা সোমাইছিল অসমত। মঙলবাৰে পুৱাই ওলাল মৃনাল গগৈ নামৰ মাজুলীৰ এজন যুবক। হুৱাদুৱাৰ সৃষ্টি হয় দ্বীপ জিলাখনত। পাঁচ কুৰিতকৈ অধিক লোকৰ আগমণ হৈছে বহিঃৰাজ্যৰ পৰা। সকলোৰে ভয় আৰু শংকা সেই সকলৰ প্ৰতি। গুৱাহাটীৰ ফটাশীলৰ জীতেন্দ্ৰ পাটীল নামৰ এজনো হ’ল আক্ৰান্ত। চাংসাৰী আলু গোদামৰ মালিক, ফাঁচি বজাৰৰ হোটেলৰ মালিক আৰু পৰিয়ালৰ সদস্য মাংৰু ছাহানীৰ সংস্পৰ্শলৈ অহা একাধিকৰ দেহত ওলাল ক’ৰোনা ভাইৰাছ। দিনটোৰ আগবেলাতে মুম্বাইৰ পৰা অহা শিশুসহ হোজাইৰ দুজন, চেন্নাইৰ পৰা ঘূৰি অহা বাইহাটা, নলবাৰী, ৰঙিয়া আদিৰ সাতজন, বিশ্বনাথ আৰু নলবাৰীৰ দুজনকৈ, নগাঁৱৰ এজনসহ অনেকৰ দেহত ওলাল ক’ৰোনা ভাইৰাছ।এনেকৈ বিয়লি পৰ্যন্ত আক্ৰান্তই অতিক্ৰম কৰিলে ১৫৪ সীমাৰেখা। আৰোগ্য হৈছে ৪১ জন আৰু মৃত্যু হ’ল চাৰিজনৰ। হাস্পাতালত আছে ১০৮ জন। এইসংখ্যা যিকোনো সময়তে বৃদ্ধি তথা সালসলনি হোৱাতো নিশ্চিত৷ ইফালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডিমুৰ মৃত অমুল্য কলিতাৰ ঘৰত উপস্থিত হয়৷

খাদ্য সামগ্রী বিতৰণ

১০৩জন নাপিত সম্প্ৰদায়ৰ পৰিয়ালক খাদ্য সামগ্রী বিতৰণ কৰে ধুবুৰীৰ অগ্রণী সামাজিক সংগঠন আগৰৱাল সমাজ সমিতিয়ে

ধুবুৰী

লকডাউনৰ সময়ত আটাইতকৈ দুখত থকা নাপিত পৰিয়াল তীব্র খাদ্য সংকটৰ সন্মুখীন হোৱাত ধুবুৰীৰ অগ্রণী সামাজিক সংগঠন আগৰৱাল সমাজ সমিতিয়ে মঙলবাৰে অগ্নশ্ৰী ভৱনত ১০৩জন নাপিত সম্প্ৰদায়ৰ পৰিয়ালক  খাদ্য সামগ্রী বিতৰণ কৰে। সমিতিৰ সভাপতি সুৰেশ হৰলালকা সম্পাদক দীনেশ ধনবাত, সদস্য সঞ্জয় চাচোৰিয়া, নৰেশ মুকিম, প্ৰমুখ বিতৰণ কার্যসূচীত অংশগ্রহণ কৰে।

পুনৰ নলবাৰী জিলাত ওলাল দুজনকৈ ক’ৰোনা ভাইৰাছ আক্ৰান্ত লোক

নলবাৰী জিলাত ওলাল দুজনকৈ ক’ৰোনা ভাইৰাছ আক্ৰান্ত লোক

নলবাৰী

বৰ্তমান সময়ত ক’ৰোনা ভাইৰাছ সন্ত্ৰাসৰ বাবে অব্যাহত সমগ্ৰ দেশজুৰি চতুৰ্থ পৰ্যায়ৰ লক ডাউন। তদুপৰি অসমৰ বিভিন্ন জিলাত বহিঃৰাজ্যৰ পৰা অহা বিভিন্ন লোকৰ সমাগম ঘটি আছে। যাৰ বাবে অসমতো এতিয়া ক’ভিড-১৯ আক্ৰান্ত লোকৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি হৈ যায় আছে৷ মঙলবাৰে নলবাৰীত পুনৰ ওলাল দুজন ক’ৰোনা ভাইৰাছত আক্ৰান্ত লোক। আক্ৰান্ত লোক দুজন হ’ল জিলাখনৰ  ডাঙোৱাপাৰাৰ নিতুল হক (২২) আৰু আনজন মুকালমুৱাৰ মহিদুল আলী৷ নিতুল বিগত ১৬ মে’ত ৰাজধানী এক্সপ্ৰেছ যোগে লক্ষ্ণৌৰ পৰা আহিছিল। আনহাতে মহিদুল বিগত ১৭ মে’ত তামিলনাডুৰ কাম্বাতুৰৰ পৰা আহিছিল শ্ৰমিক এক্সপ্ৰেছ যোগে। উল্লেখ্য যে দুয়োজন লোক নলবাৰী জিলা প্ৰশাসনৰ তৰফৰ পৰা জৱাহৰ নৱোদয় বিদ্যালয়ত সাজি উলিওৱা কোৱাৰেণ্টাইন চেণ্টাৰত আছিল৷

স্বাস্থ্যকৰ্মীক জিলা প্ৰশাসনৰ সম্বৰ্ধনা

লখিমপুৰ

সমগ্ৰ বিশ্বজুৰি ক’ৰোনা ভাইৰাছে সন্ত্ৰাসৰ সৃষ্টি কৰিছে। এই ভাইৰাছত ভাৰতবৰ্ষৰ লগতে ইয়াৰ বহু লোক সংক্ৰমণৰ বলি হৈছে৷ এই পর্যন্ত ৰাজ্যখনত শতাধিক লোক আক্ৰান্ত হোৱাৰ বিপৰীতে ৪১ জনে আৰোগ্য লাভ কৰিছে। ৰাজ্যখনৰ অন্যান্য জিলাৰ লগত সংগতি ৰাখি লখিমপুৰ জিলাৰ স্বাস্থ্যকৰ্মীসকলেও নিজ নিজ অঞ্চলত কঠোৰ পৰিশ্ৰম কৰি আহিছে। এইক্ষেত্ৰত লখিমপুৰ জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য অভিযানৰ সহযোগত স্বাস্থ্যকৰ্মীসকলৰ মনোবল বৃদ্ধিৰ বাবে এক পদক্ষেপ হিচাপে মঙলবাৰে জিলা উপায়ুক্ত ডাঃ জীৱন বি আৰু জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ গুনীন কুমাৰ গগৈয়ে লখিমপুৰ জিলাৰ অন্তৰ্গত নাওবৈচা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত এক সম্বৰ্দ্ধনা কাৰ্যসূচীত অংশগ্ৰহণ কৰে। অনুষ্ঠানটোত আশাকৰ্মী, আশা ছুপাৰভাইজাৰ, এএনএম, এমপিডব্লিউ, লেৱৰেটৰি টেকনিছিয়ান আদিকে ধৰি মুঠ ১১ জন স্বাস্থ্যকৰ্মীক জিলা উপায়ুক্ত ডাঃ জীৱন বিয়ে একোখনকৈ মানপত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰে। পৰৱৰ্তী সময়ত জিলাৰ সকলো খণ্ড প্ৰাথমিক পৰ্যায়ত একোখনকৈ মানপত্ৰ প্ৰদানেৰে কৰ্মক্ষেত্ৰত ইতিমধ্যে অৰিহণা যোগোৱা হ’ব বুলি জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ গুনীন কুমাৰ গগৈয়ে জনাইছে৷

আফ্ৰিকান ছোৱাইন ফিভাৰৰ আতংকত গাহৰি নিধন : সক্ৰিয় চোৰাং মাংস ব্যৱসায়ী

টিংখাং

ৰাজ্যখনত আফ্ৰিকান ছোৱাইন ফিভাৰত আক্ৰান্ত হৈ গাহৰিৰ অপমৃত্যু হোৱাত উজনি অসমৰ গাহৰি পালকসকলে বিস্তৰ ক্ষতিৰ সন্মুখীন হ’ব লগাত পৰিছে। সম্প্ৰতি উজনি অসমৰ প্ৰায় সকলোবোৰ জিলাতে গাহৰিৰ মাংসৰ ব্যৱসায় নিষিদ্ধ হৈ আছে। অসম চৰকাৰে গাহৰিৰ দেহত আফ্ৰিকান ছোৱাইন ফিভাৰত সংক্ৰমণ ধৰা পৰা পাছতে গাহৰি মাংসৰ বেচা কিনাত নিষিদ্ধ ঘোষণা কৰিছিল। ইয়াৰ পাছৰে পৰা বজাৰত মুকলিকৈ গাহৰিৰ মাংসৰ বেচা কিনা সম্পূৰ্ণভাৱে বন্ধ হৈ আছে। অৱশ্যে ভিতৰুৱা কেতবোৰ ঠাইত একাংশলোকে চোৰাংকৈ গাহৰিৰ মাংসৰ ৰমৰমীয়া চলাই থকা বুলি জানিব পৰা গৈছে।পূৰ্বৰ তুলনাত গাহৰি মাংসৰ চাহিদা যথেষ্ট হ্ৰাস পোৱাৰ লগতে ব্যাপক হাৰত মাংসৰ দাম কমি আহিছে। জানিব পৰা মতে ৰাজ্যখনত আফ্ৰিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণৰ আগলৈকে প্ৰতি কিল’গ্ৰাম গাহৰি মাংস দুশ ষাঠি টকাৰ পৰা দুশ আশী টকা পৰ্যন্ত দৰত বিক্ৰী হৈছিল। বৰ্তমান বজাৰত মুকলিভাৱে বিক্ৰী বন্ধ হৈ থকাৰ বাবে চোৰাংভাৱে কম মূল্যত গাহৰিৰ মাংস বিক্ৰী হৈ আছে বুলি জানিব পৰা গৈছে। জানিব পৰা মতে প্ৰতি কিল’গ্ৰাম গাহৰিৰ মূল্য এশ টকাৰ পৰা ডেৰশ টকালৈ হ্ৰাস পাইছে।ফলত গাহৰিৰ পালকসকলে ব্যাপক লোকচানৰ সন্মুখীন হ’ব লগা হৈছে। আনহাতে একাংশ চতুৰ ব্যৱসায়ীয়ে আফ্ৰিকান ছোৱাইন ফিভাৰৰ আতংক বিয়পাই উজনিত গাঁৱে গাঁৱে ব্যাপকহাৰত গাহৰিৰ নিধন যজ্ঞ চলাই থকা বুলি জানিব পৰা গৈছে। এই নিধন কৰা গাহৰি বিলাকৰ মাংস কম মূল্যত চোৰাংভাৱে ঠায়ে ঠায়ে বিক্ৰী কৰি আছে। গাহৰিৰ মাংস গোপনে উজনিৰ বিভিন্ন জিলাত সৰবৰাহ হৈ থকাৰ কথা জানিব পৰা গৈছে।অবাধে চলি থকা গাহৰি মাংসৰ ব্যৱসায় ৰোধৰ বাবে আৰক্ষীয়ে কঠোৰ পন্থা অৱলম্বন কৰা পৰিলক্ষিত হৈছে। জানিব পৰা মতে আৰক্ষীয়ে ইতিমধ্যে মাংসৰ চোৰাং ব্যৱসায়ত জড়িত কেবাজনো লোকক আটক কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে আফ্ৰিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণৰ ফলত শিৱসাগৰ, ধেমাজি, লখিমপুৰ, ডিব্ৰুগড়ৰ জিলাৰ বৃহৎ সংখ্যক আক্ৰান্ত হৈ অপমৃত্যু হয়। মৃত গাহৰিসমূহ নৈপৰীয়া একাংশ লোকে দিচাং, দিহিং, ব্ৰহ্মপুত্ৰকে ধৰি বহুকেইখন নৈ পেলাই দিছিল।ৰাজ্যখনৰ গাহৰি পালকসকলে ব্যাপক ক্ষতিৰ সন্মুখীন হোৱাৰ পাছতো চৰকাৰীভাৱে কোনোধৰণৰ সাহায্য লাভ কৰা নাই। এই সন্দৰ্ভত চৰকাৰক উপযুক্ত পদক্ষেপ গ্ৰহণ কৰি ক্ষতিগ্ৰস্ত লোকসকলক সাহায্য প্ৰদান কৰিবলৈ সচেতন মহলে আহবান জনাইছে। ৰাজ্যৰ বহু গ্ৰাম্য সমাজত গাহৰি পালনৰ জৰিয়তে স্বাৱলম্বী হৈ পৰিয়ালক পোহপাল দি আহিছে। তদুপৰি বহু নিবনুৱাই সম্পূৰ্ণ বিজ্ঞান সন্মত পদ্ধতিৰে ব্যৱসায়িকভাৱে গাহৰি পালন কৰি নিজৰ লগতে আন বহুতে কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰিছে। সম্প্ৰতি ৰাজ্যখনত আফ্ৰিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণৰ বাবে গাহৰি পালকসকল গভীৰ সংকটৰ সন্মুখীন হ’ব লগা হৈছে। ইয়াৰ প্ৰভাৱ ৰাজ্যৰ অৰ্থনীতিতো পৰাৰ সম্ভাৱনা আছে। কিয়নো ৰাজ্যখনৰ লগতে গাহৰিৰ মাংসই চুবুৰীয়া নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশতো চাহিদা পূৰণ কৰি আহিছিল। জানিব পৰা মতে অসমৰ লগতে চুবুৰীয়া ৰাজ্যকেইখনলৈ প্ৰতি সপ্তাহত দুখন বিশেষ ৰেলেৰে উত্তৰ প্ৰদেশ, বিহাৰ আদিৰ পৰা বৃহৎ সংখ্যক গাহৰি আমদানি কৰা হয়।

নাজিৰাত বিৰল প্ৰজাতিৰ বৰকাছ উদ্ধাৰ

শিৱসাগৰ জিলাৰ নাজিৰাত উদ্ধাৰ হয় বিৰল প্ৰজাতিৰ বৰ কাছ

নাজিৰা

 চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ মাজতেই শিৱসাগৰ জিলাৰ নাজিৰাত উদ্ধাৰ হয় বিৰল প্ৰজাতিৰ বৰ কাছ। নাজিৰা ৰে’ল ষ্টেচনত উদ্ধাৰ হোৱা বিৰল প্ৰজাতি বৰকাছটো স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি বন বিষয়া অজিত গগৈক আৰু স্থানীয় সাংবাদিক খবৰ দিয়ে৷ স্থানীয় সাংবাদিক তথা বন বিভাগৰ বিষয়াই খবৰটো লাভ কৰি উক্ত স্থানত উপস্থিত হৈ বৰ কাছটোৰ সন্দৰ্ভত নাজিৰা মহকুমাৰ মহকুমাধিপতিক অৱগত কৰে। ৰে’ল ষ্টেচনৰ কাষতে থকা পিতনিৰ পৰা পাৰলৈ উঠি অহা বুলি সন্দেহ কৰা হৈছে প্ৰায় ২০ কেজি ওজনৰ বৰ কাছটো। পৰৰ্ৱতী সময়ত নাজিৰা মহকুমাধিপতি সম্প্ৰীতি গোস্বামীৰ সহযোগত ঐতিহাসিক বৰবৰুৱা বৰপুখুৰীত কাছটো মেলি দিয়ে৷