Home Blog Page 3355

বাঁহ উদ্যোগ: আশা আৰু সম্ভাৱনা

ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে  আত্মনিৰ্ভৰশীল ভাৰত আৰু থলুৱা সামগ্ৰীৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ওপৰত যি ইংগিত দিলে তাক লৈ আজিৰ এই সংকটময় সময়তো আমি আশাবাদী হৈ উঠিছোঁ ৷ আগন্তুক দিনবোৰত নিৱনুৱা সমস্যাই যি ভয়ানক ৰূপ লব পাৰে বুলি এক ধাৰণা গঢ় লৈ উঠিছে তেনে সময়ত প্ৰধানমন্ত্ৰীৰ বক্তব্যই আমাৰ যুৱক যুৱতীসকলক যথেষ্ট সাহস দিছে ৷ অনাগত দিনত মধ্যভোগীৰ চকু নপৰাকৈ এই আঁচনিসমূহ ৰাইজৰ মাজলৈ নিব পাৰিলেই আত্মনিৰ্ভৰশীল ভাৰতৰ সপোন সাৰ্থক হব ৷ দেশৰ প্ৰতিখন ৰাজ্যৰ প্ৰাকৃতিক সমল আৰু জলবায়ু ভিন্ন ৷ এই সমল সমূহৰ প্ৰকৃত ব্যৱহাৰ কৰিব পাৰিলেই ৰাজ্যখন স্বনিৰ্ভৰশীল হোৱাত নিশ্চয় সহায়ক হব ৷ অসমৰ বিভিন্ন প্ৰাকৃতিক সম্পদৰ ভিতৰত বাঁহ অন্যতম ৷ চাহপাত, কয়লা, খাৰুৱাতেলৰ বৃহৎ উদ্যোগৰ প্ৰতি চৰকাৰ, পুজিপতি ব্যৱসায়ী আদি সকলো উৎসাহী যদিও দেশৰ ভিতৰত সৰ্বাধিক বাঁহ উৎপাদন কৰা ৰাজ্য হোৱাৰ পিচতো বাঁহৰ যথোচিত উদ্যোগ এটা গঢ়াৰ সদিচ্ছাৰ অভাৱ যেন আমাৰ বোধ হয় ৷ সঠিক প্ৰশিক্ষণ পালে থলুৱা বহু নিবনুৱা যুৱক যুৱতীয়ে এই উদ্যোগৰ লগত জড়িত হৈ স্বনিৰ্ভৰশীল হ’ব পাৰিব ৷ সম্প্ৰতি বাঁহৰ ৰপ্তানিৰ লগত কিমানজন অসমীয়া যুৱক জড়িত হৈ আছে তাৰ নিশ্চিত তথ্য আমাৰ হাতত নাই যদিও এই সংখ্যা নিচেই তাকৰ বুলি আমি নিশ্চিত ৷ দৈনন্দিন ব্যৱহাৰৰ বিভিন্ন আচবাব আৰু সামগ্ৰী বাঁহেৰে অতি উন্নতমানৰ কৰি নিৰ্মাণ কৰিব পাৰি। ভাল বজাৰ আৰু প্ৰশিক্ষণৰ দিহা কৰিলে আৰু বহুতকে এই ক্ষেত্ৰৰ প্ৰতি আগ্ৰহী কৰিব পৰা যাব। বজাৰৰ অভাৱত বা বজাৰখনৰ লগত যোগসূত্ৰ স্থাপন কৰিব নোৱাৰাৰ বাবে বহুতেই বাঁহৰ শিল্পকৰ্মত দখল থকাৰ পিচতো এই কৰ্মক জীৱিকা হিচাপে লব পৰা নাই ৷ এইক্ষেত্ৰত চৰকাৰৰ প্ৰত্যক্ষ সহযোগ আৰু নেতৃত্ব লাগিব ৷ বিভিন্ন চৰকাৰী আঁচনিৰ অধীনত ৰাজসাহায্যযুক্ত ঋণৰ বাবে নিজৰ বাঁহৰ সামগ্ৰী নিৰ্মাণৰ ক্ষুদ্ৰ উদ্যোগটোৰ ভৰষাত আগবাঢ়ে যদিও বেংকৰ বা চৰকাৰী কাৰ্যালয়ৰ মেঁৰপেচত সপোন পূৰণ নহয়। নীতি নিৰ্দেশনাৰ মাজেৰেই এনেবোৰ প্ৰক্ৰিয়া সৰলীকৰণত চৰকাৰে গুৰুত্ব প্ৰদান কৰিব লাগিব ৷ কিছুবছৰ আগতে নলবাৰীৰ যুৱ উদ্যোগী এগৰাকীৰ বাঁহেৰে মৃতদেহ কঢ়িওৱা বিজ্ঞানসন্মত কফিন নিৰ্মাণ আৰু ৰপ্তানি কৰাৰ তেখেতৰ  বৃহৎ পৰিকল্পনা কেনেকৈ চৰকাৰী বিত্তীয় সাহায্য নোপোৱাৰ বাবেই স্তব্ধ হৈ পৰিছিল তাৰ দুখজনক বৰ্ণনা শুনি সান্ত্বনা বা সাহস দিয়াৰ ভাষা বিচাৰি পোৱা নাছিলো ৷ বৰ্তমান চৰকাৰৰ দিনত অন্তত তেনে নিজৰ লগতে আন দহজনক সংস্থাপন দিব পৰা আঁচনি কাগজৰ ভাজতে ধ্বংস হৈ নাযাব বুলি আশা ৰাখিছোঁ ৷ ৰাজ্যচৰকাৰে এই ক্ষেত্ৰত নিজেই উদ্যোগ ললে বৰ্তমানৰ জটিল সময়তো আমি বহু যুৱক যুৱতীৰ সংস্থাপনৰ বাট মুকলি কৰি দিব পাৰিম ৷

ডাঃ প্ৰণৱ চক্ৰৱৰ্তী

নলবাৰী, ৯৮৬৪১৪৯৬৬৪

আধ্যাত্মক পাহৰি যোৱাটো মানৱতাৰ বাবে অভিশাপ

ভৌতিক বিকাশৰ লগে লগে আধ্যাত্মৰো বিকাশ হ’ব লাগে, নহ’লে সন্তুলন নেথাকে ৷ আধ্যাত্মৰ অবিহনে ভৌতিক বিকাশ আধৰুৱা হৈ থাকে যাৰ বাবে সময়ে – সময়ে সমাজত বিশৃংখলতা , দুৰ্যোগ আদি আহি পৰে ৷ সকলো বস্তু সম্পূৰ্ণ থাকিলেও মানুহে মনত শান্তি নাপায়, দুখত ম্ৰিয়মাণ হৈ পৰে ৷ সংসাৰত যিমান কৰিলোঁ , একো কামত নহা হ’ল ৷ ভাবিছিলো সাংসাৰিক জীৱনত কামত আহিব , কিন্তু দুখৰ কাৰণ হৈ পৰিল ৷ এই বুলি মানুহে খেদ প্ৰকাশ কৰি দুখ কৰে ৷ সেয়ে আমি মায়াৰ পাশত আৱদ্ধ হ’ব নালাগে, আমি মায়াকহে নচুৱাব লাগে ৷
    এনে এটা সময় আছিল যেতিয়া আমি ধৰ্মক, আধ্যাত্ম জ্ঞানক বুজিছিলো আৰু জ্ঞানীৰ দৰে কৰ্ম কৰিছিলোঁ ৷ কিন্তু আজি এনে এক পৰিস্থিতিৰ সন্মুখীন হ’লোঁ যে সকলোৱে আমাক বিশ্বাসঘাতকতা কৰিছে ৷ মানৱ শৰীৰো ৰৈ নেথাকিল, ইও দিনকদিনে বিদায় ল’ব ধৰিছে ৷ সময় বাগৰি গৈ আছে , সময়েই কাল হৈ পৰিল, ই আমাক শেষ কৰিহে এৰিব ৷ সেইবাবে সময় থাকোঁতে শৰীৰৰ ভিতৰত থকা শক্তিক জানি ল’ব লাগে ৷ এই শক্তিয়ে সকলোকে নচুৱাই আছে ৷ ই কি শক্তি ? What is the energy ? Which is making us alive through which we are in action.
     আমাৰ ধৰ্ম শাস্ত্ৰই কৈছে – ই হ’ল পৰমাত্মাৰ শক্তি আত্মা ৷ এই আত্মাৰ জ্ঞান অবিহনে মানুহে নিজেই নিজক চিনি নাপায়, আনক কি চিনি পাব বা পৰমাত্মাক কেনেকৈ চিনি পাব? ধৰ্ম শাস্ত্ৰত এই আত্মাৰ বিষয়ে ব্যাখ্যা কৰি থোৱা আছে , কিন্তু আত্মা আমাৰ ভিতৰত আছে ৷ সেয়ে আমি নিজ হৃদয়ত অনুসন্ধান কৰিব লাগে ৷ আধ্যাত্মই আত্মাৰ জ্ঞান দিয়ে ৷ এই আধ্যাত্মক পাহৰি যোৱাটো মানৱতাৰ বাবে অভিশাপৰ বিষয় ৷
     আমি দোকান, বজাৰলৈ যাওঁ প্ৰয়োজনীয় বস্তু কিনিবৰ বাবে৷ যদি বজাৰলৈ গৈ একো নিকিনাকৈ খালি হাত, খালি মোনাৰে উভতি ঘৰলৈ আহো, তেন্তে বজাৰলৈ এনেয়ে যোৱা হ’ল , কামত নাহিল ৷ সেইদৰে আমি মনু্ষ্য জন্ম লৈ সংসাৰৰ বজাৰলৈ আহিছো কিবা এটা প্ৰাপ্ত কৰিবলৈ ৷ যদি একো নোলোৱাকৈ ঘূৰি যাওঁ তেনেহ’লে অহাৰ সাৰ্থকতা নেথাকিব ৷ হয়তো মাতৃ গৰ্ভৰ কথা পাহৰি যাব পাৰোঁ ৷ সংসাৰলৈ সন্ত মহাপুৰুষো আহে,তেওঁলোকক সুধি ল’ব পাৰোঁ ৷ তেওঁলোকে সোঁৱৰাই দিব কি উদ্দেশ্য আৰু কি প্ৰাপ্ত কৰিবৰ বাবে সংসাৰলৈ আহিছোঁ ৷ সেয়ে সংসাৰত সন্ত -মহাপুৰুষ বিচাৰিব লাগে আৰু মানৱ জীৱনৰ উদ্দেশ্যক প্ৰাপ্ত কৰিব লাগে ৷

– পংকজ কুমাৰ দাস

লেখকৰ ঠিকনা: ভকত পমুৱা,যোৰহাট,

ফোন:৬০০৩১৫৯০৪৮

যাত্ৰীৰ সুবিধাৰ বাবে ১ জুনৰ পৰা ২০০খন যাত্ৰীবাহী ৰে’ল চলাচল : বিয়লি ৪ বজালৈকে ২.৩৭ লাখৰো অধিক টিকট বুকিং

অনলাইন বাৰ্তা

যাত্ৰীৰ সুবিধাৰ বাবে ১ জুনৰ পৰা ২০০খন যাত্ৰীবাহী ৰে’ল চলোৱাৰ কথা ঘোষণা কৰিছে ভাৰতীয় ৰে’লৱেই৷ এই ৰে’লবোৰৰ বাবে আজি দিনৰ ১০ বজাত বুকিং আৰম্ভ হয় আৰু প্ৰায় ১ ঘণ্টাৰ ভিতৰত প্ৰায় ডেৰ লাখ টিকট বুকিং হয়। আনহাতে বিয়লি ৪ বজালৈকে ২.৩৭ লাখৰো অধিক টিকট বুকিং হয়৷ উল্লেখ্য যে ৰে’ল বিভাগে এচি বিশেষ ৰে’ল আৰু শ্ৰমিক বিশেষ ৰে’লৰ উপৰি এই ২০০খন ৰে’ল চলোৱাৰ কথা ঘোষণা কৰিছে। এই ৰে’লবোৰত সাধাৰণ শ্ৰেণীৰ বাবেও টিকট বুকিং কৰিব পাৰি। আনহাতে টিকট নিশ্চিত নহ’লে এই ৰে’লসমূহত যাত্ৰা কৰাৰ অনুমতি প্ৰদান কৰা নহয়৷ ৰে’ল বিভাগৰ তথ্য অনুসৰি ১ জুনৰ পৰা চলিবলগীয়া ৭৩খন ৰে’লৰ বাবে যাত্ৰীসকলে প্ৰায় এঘণ্টাত ১,৪৯,০২৫ টিকট বুকিং কৰিছে। ইয়াৰ অধীনত ২,৯০,৫১০জন লোকৰ টিকট বুকিং হৈছে। আনহাতে বিয়লি ৪ বজা পৰ্যন্ত ৫৫১৭২৪ জন যাত্ৰীৰ বাবে ২৩৭৭৫১ টিকট বুক হৈছে৷ ইপিনে, মন্ত্ৰী পীয়ুষ গোয়েলে কয় যে ১ জুনৰ পৰা চলিবলগীয়া ৰে’লবোৰৰ বাবে মাত্ৰ আঢ়ৈ ঘণ্টাত ছেকেণ্ড ক্লাছ যাত্ৰীবাহী ৰে’লৰ বাবে ৪ লাখতকৈ অধিক টিকটৰ বুকিং হৈছে। তেওঁ কয় যে টিকটৰ বুকিং দেখি অনুমান হৈছে যে অধিক সংখ্যক লোকে ঘৰলৈ যাব বিচাৰি আছে। লগতে বহু লোক নিজৰ কৰ্মক্ষেত্ৰলৈ যাবলৈ বিচাৰিছে। ইয়াৰ লগতে মন্ত্ৰীজনে কয় যে আগন্তুক দিনত ৰে’লৰ সংখ্যা বৃদ্ধি কৰিব। ৰে’লৱেৰ ৱেবছাইট আৰু এপৰ উপৰি এই ২০০খন ৰে’লৰ বাবে ১.৭ লাখ ছাৰ্ভিছ চেণ্টাৰৰ পৰাও বুকিং কৰিব পাৰিব।

বহিঃৰাজ্যত ভোকে লঘোণে আবদ্ধ হৈ থকা দৰঙৰ শ্ৰমিকে বিছাৰিছে অসম চৰকাৰৰ সহায়

দৰং

লকডাউনৰ বাবে বহিঃৰাজ্যত দৰং জিলাৰ  প্ৰায় ৫০ জনীয়া এটি শ্ৰমিকৰ দল কোঠাৰ ভিতৰত আবদ্ধ হৈ থকাৰ তথ্য পোহৰলৈ আহিছে৷ কৰ্মসূত্ৰে গুজৰাটৰ ছুৰাটত আবদ্ধ হৈ থকা দৰঙৰ শ্ৰমিকৰ দলটোত জিলাখনৰ কেইবাখনো গাঁৱৰ যুৱক আছে৷ লকডাউনৰ বাবে ২২ মাৰ্চৰ পৰা কোঠাতে আবদ্ধ হৈ  থকা  দলটি ভোকে লঘোণে কটাইছে দিন।কোম্পানীত কৰ্মৰত শ্ৰমিক কেইগৰাকীৰ কোম্পানী বন্ধ হৈ যোৱাত  হাতত নাই এতিয়া ধন৷ অসম চৰকাৰে বহিঃৰাজ্যত থকা লোকসকলৰ বাবে যোগান ধৰা ২০০০ টকাৰ পৰাও বঞ্চিত এই দলটি৷ উপায়ন্তৰ হৈ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ কাতৰ আহ্বান জনোৱাৰ উপৰি ছিপাঝাৰ আৰু মঙগলদৈ সমষ্টিৰ বিধায়ক ক্ৰমে বিনন্দ কুমাৰ শইকীয়া, গুৰুজ্যোতি দাসকো অনুৰোধ জনাইছে তৎকালে তেঁওলোকক উদ্ধাৰ কৰি আনিবলৈ৷

নগাঁও জিলা আবকাৰী বিভাগৰ সোপাধিলা নীতি : সান্ধ্য আইনৰ মাজতে পুৰণিগুদাম জলাহগাঁৱৰ ননৈ পাৰৰ লগতে বিভিন্ন স্হানত চুলাইৰ ৰমৰমীয়া বেহা

নগাঁও

নগাঁও জিলাৰ চামগুৰি ৰাজহ চক্ৰৰ  অন্তৰ্গত গেন্ধালি, সুতাৰ গাওঁ, খাটোৱালকে আদি কৰি  পুৰণিগুদামৰ জলাহগাঁৱৰ ননৈ নৈৰ পাৰত অবৈধ চুলাই মদৰ ৰমৰমীয়া ব্যৱসায় চলি থকাৰ অভিযোগ উঠিছে৷ নগাঁও জিলা আবকাৰী বিভাগৰ সোপাঢিলা নীতিৰ বাবেই একাংশই এতিয়াও চলাই অবৈধভাৱে চলাই গৈছে চুলাই মদৰ ৰমৰমীয়া ব্যৱসায়। ক’ৰোনা ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি লকডাউনৰ সমান্তৰালভাৱে ঘোষণা কৰা সান্ধ্য আইনকো নেওচি এতিয়া পুৰণিগুদামৰ জলাহগাঁৱৰ ননৈ নৈৰ পাৰত চলিছে চুলাই মদৰ ৰমৰমীয়া বেহা। যিসময়ত ক’ৰোনা ভাইৰাছৰ ভয়াৱহতাৰ বাবে চৰকাৰে সন্ধিয়া ৭ বজাৰ পৰা পুৱা ৭বজালৈ সান্ধ্য আইন ঘোষণা কৰি অধিক জনসমাগম ৰোধ কৰাৰ লগতে মাস্ক পৰিধান কৰা আৰু সামাজিক দূৰত্ব বজাই ৰখাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে তেনে সময়তে একাংশ চুলাই মদ ব্যৱসায়ীয়ে চৰকাৰ-প্ৰশাসনক বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰি সকলো নীতি নিৰ্দেশনা ভৰিৰে মোহাৰি চলাই আছে এই কাৰ্য। যি কাৰ্য দেখিও এতিয়া নিমাত প্ৰশাসন আৰু আৱকাৰী বিভাগ৷ অৱশ্যে এই সন্দৰ্ভত পুৰণিগুদাম আৰক্ষীয়ে প্ৰায়েই স্থানীয় ৰাইজৰ সহযোগত নিয়মীয়া তহলদাৰী কৰি আহিছে। উল্লেখ্য যে ধনতোলা, চকৰিপাম আৰু কাবি গাঁৱৰ পৰা প্ৰতিদিনাই অবৈধ চুলাই সৰবৰাহ কৰি ননৈ নৈ পাৰত চলাই আছে ৰমৰমীয়া বেহা৷ সন্ধিয়া হ’লেই উক্ত স্থানত মুখত মাস্ক পৰিধান নকৰাকৈ সমবেত হয় বহু লোক, যাৰ ফলত বিনষ্ট হয় সামাজিক দূৰত্ব৷ এই সন্দৰ্ভত আৱকাৰী বিভাগৰ লগতে চামগুৰি ৰাজহ চক্ৰ বিষয়াগৰাকীক স্থানীয় ৰাইজে অভিযোগ দি আহিছে যদিও আজি পৰ্যন্ত এই চুলাই মদৰ সৰবৰাহ তথা ব্যৱসায় ৰোধ কৰিবৰ বাবে কোনো ধৰণৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা নাই। আনহাতে, আবকাৰী বিভাগে সংবাদ মাধ্যমত বাতৰি পৰিবেশন হ’লে মাজে সময়ে উক্ত অঞ্চলসমূহত তহলদাৰী কৰে যদিও নাটকীয়ভাৱে কোনো লোকক আটক কৰিবলৈ সক্ষম নোহোৱা বিষয়টোৱে বিশেষ ৰহস্যৰ সৃষ্টি কৰিছে।স্হানীয় ৰাইজৰ অভিযোগ চুলাই মদ ব্যৱসায়ী আৰু আবকাৰী বিভাগৰ মাজত থকা গোপন বুজাবুজিৰ বাবেই জলাহগাৱঁৰ ননৈ নৈৰ পাৰত চুলাই মদ ব্যৱসায়ীয়ে মুকলিভাৱে ব্যৱসায় চলাই গৈছে। লগতে স্থানীয় ৰাইজে সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত নগাঁও জিলা উপায়ুক্তৰ হস্তক্ষেপৰ দাবী জনাইছে৷ আনহাতে পথাৰৰ মাজত এই কাৰ্য চলাৰ বাবে সেই স্থানত অভিযান চলোৱা সক্ষম নহ’ব বুলি আবকাৰী বিভাগে অজুহাত দেখুৱাই বিষয়টোৰ পৰা ফালৰি কটাও পৰিলক্ষিত হৈছে৷ উল্লেখ্য যে জলাহগাঁৱৰ ননৈ নৈৰ পাৰৰ লগতে চামগুৰি আৰু পুৰণিগুদামৰ বিভিন্ন অঞ্চলত চুলাই মদৰ ৰমৰমীয়া বেহা চলাই থকাৰ তথ্য মজুত থকাৰ পাছতো আবকাৰী বিভাগ আৰু প্ৰশাসনে এই কল ব্যৱসায়ীক কিয় নাকী লগাব পৰা নাই সেয়া স্থানীয় সচেতন মহলৰ মাজত বৰ্তমান ৰহস্যৰ বিষয় হৈ পৰিছে৷

‘কন্যকা’ৰ আৰ্হি শদিয়াত প্ৰয়োগ কৰাৰ চিন্তা বিধায়ক বলীন চেতিয়াৰ

জামুগুৰিহাট

চতিয়াৰ ‘কন্যকা’ বহুমুখী কৃষি পাম পৰিদৰ্শন কৰিবলৈ সদলবলে শদিয়াৰ পৰা আহি বৃহস্পতিবাৰে চতিয়া পালেহি বিধায়ক বলীন চেতিয়া৷ বিধায়ক পদ্ম হাজৰিকাৰ একক প্ৰচেষ্টাত গঢ় লৈ উঠা কন্যকা বহুমুখী কৃষি পামে ইতিমধ্যে ৰাজ্যজুৰি চৰ্চা লাভ কৰাৰ সময়তে বিধায়ক বলীন চেতিয়াও বৃহস্পতিবাৰে পামখনত উপস্থিত হৈ অভিভুত হৈ পৰে৷ জামুগুৰিহাটৰ জীয়াভৰলী নদীৰ দাঁতিচৰত দুহেজাৰ বিঘা মাটিত চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ একক প্ৰচেষ্টাত গঢ় লৈ উঠা কন্যকা বহুমুখী কৃষি পামৰ জৰিয়তে বহু নিবনুৱাই কৰ্মসংস্থাপনৰ পথ লাভ কৰাৰ উপৰি পামখনত উৎপাদিত কৃষিজাত সামগ্ৰীয়েও ইতিমধ্যে বজাৰ দখল কৰিবলৈ সক্ষম হৈছে৷ তদশপৰি কন্যকা বহুমুখী পামতেই গো-পালন, গাহৰী পালন, মৎস্য পালনৰ জৰিয়তে বহু নিবনুৱা কৰ্মমুখী হোৱাৰ উপৰি গাখীৰ, মাছ, মাংস বিক্ৰী কৰিও স্বাৱলম্বিতাৰ পথ বিচাৰি পাইছে৷ তদুপৰি চাৰিশ গোট গঠন কৰি ৪ হাজাৰ যুৱকেও কন্যকাৰ জৰিয়তেই স্বাৱলম্বিতাৰ পথ বিচাৰি পাইছে৷ যাৰ বাবে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বিভিন্ন লোকৰ লগতে মন্ত্ৰী বিধায়কসকলেও বিধায়ক পদ্ম হাজৰিকাৰ প্ৰচেষ্টাত গঢ় লোৱা পামখন পৰিদৰ্শন কৰিবলৈ আগবাঢ়ি আহিছে৷ কন্যকাত উপস্থিত হৈ অভিভূত হৈ পৰা বিধায়ক বলীন চেতিয়াই সাংবাদিকৰ আগত কয় যে শদিয়া এখন কৃষিপ্ৰধান ঠাই আৰু শদিয়াৰ কৃষকসকলে যথেষ্ট কষ্ট স্বীকাৰ কৰে যদিও উৎপাদিত সামগ্ৰীৰ উচিত মূল্য নাপায়৷ চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই সু-সংগঠিত ৰূপত যুৱকসকলক একত্ৰিত কৰি যিদৰে কৃষিকৰ্মৰ প্ৰতি যুৱপ্ৰজন্মক আগ্ৰহি কৰি তুলিছে সেয়া আদৰ্শস্বৰূপ বুলি সাংবাদিকৰ আগত বিধায়ক বলীন চেতিয়াই উল্লেখ কৰি চতিয়া সমষ্টিৰ কন্যকাৰ আৰ্হিত শদিয়াতো এনে প্ৰচেষ্টা হাতত লোৱাৰ উদ্দেশ্যৰেই কন্যকা পৰিদৰ্শন কৰিবলৈ অহা বুলিও ব্যক্ত কৰে বিধায়কগৰাকীয়ে৷ এনে আৰ্হি প্ৰয়োগ কৰিলে চতিয়াৰ দৰেই শদিয়াৰ কৃষকসকলেও উৎপাদিত সামগ্ৰীৰ উচিত মূল্য পাব বুলি আশা কৰে বিধায়ক বলীন চেতিয়াই৷ উল্লেখ্য যে দুকুৰি যুৱকক লগত লৈ অহা বিধায়ক বলীন চেতিয়াই কন্যকাৰ উৎপাদিত খাটি সৰিয়হৰ মিঠাতেল, গামোছা, গো-পালন, ম’হ পালন, মৎস্য পালনকে ধৰি প্ৰতিটো উৎপাদিত সামগ্ৰী আৰু প্ৰত্যেকটো পদ্ধতিৰ পুংখনুপুংখভাৱে পৰ্যবেক্ষণ কৰে৷ আনহাতে এইদৰে বিধায়কগৰাকী শদিয়াৰ পৰা চতিয়া সমষ্টিলৈ কন্যকাৰ কামকাজ স্বচক্ষে চাবলৈ অহাৰ বাবে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই আনন্দ প্ৰকাশ কৰাৰ লগতে শদিয়াতো বিধায়কগৰাকীয়ে কন্যকাৰ পদ্ধতি প্ৰয়োগ কৰাৰ চিন্তাচৰ্চাক আদৰণি জনায় চতিয়াৰ বিধায়কগৰাকীয়ে৷

জামুগুৰিহাটত ভোডাফোনৰ নিন্মমানৰ নেটৱৰ্ক সেৱা

জামুগুৰিহাট

লকডাউনৰ সময়চোৱাত দেশ-বিদেশৰ প্ৰতিটো  খবৰ জানিবৰ বাবেই ম’বাইল ফোনটোকেই সাৰথি কৰি লৈছে বহুলোকে৷ কিন্তু জামুগুৰিহাটত ভোডাফোনৰ নেটৱৰ্ক সেৱা অতি নিম্নমানৰ হোৱাত এই সেৱা ব্যৱহাৰকাৰী লোকসকল বিগত প্ৰায় কুৰি দিনৰো অধিক দিন যথেষ্ট অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে৷ ফলত এনেবোৰ খবৰ নতুবা যোগাযোগৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে উপভোক্তা ৰাইজ৷ ভোডাফোনৰ ছিম ব্যৱহাৰকাৰী লোকসকলে যদি কাৰোবালৈ ফোন নতুবা ইণ্টাৰনেট ব্যৱহাৰ কৰিব বিচাৰে তেন্তে এলাপেচাকৈ ফোনটোও নালাগে নতুবা ইণ্টাৰনেট খোল খালেও ইয়াৰ স্পীড অতিকৈ নিম্নমানৰ হোৱাত কোনো কাম কৰিব নোৱাৰে উপভোক্তা গ্ৰাহকে৷ প্ৰযুক্তিবিদ্যাৰ যুগত ম’বাইল ফোনতেই বহু লোকে কাম কৰিব লগা হয় যদিও জামুগুৰিহাটত ভোডাফোন কোম্পানীৰ গ্ৰাহকসকলে এতিয়া ম’বাইল ফোনত নেটৱৰ্ক বিচাৰি হাবাথুৰি খাবলগা পৰিস্থিতিৰ সৃষ্টি হৈছে৷ অভিযোগ অনুসৰি জামুগুৰি কেন্দ্ৰস্থলত ভোডাফোনৰ নেটৱৰ্ক সামান্য উন্নত যদিও এক কিঃমিঃ আঁতৰি গ’লেই এই যন্ত্ৰনাৰ মুখামুখি হ’ব লগা হয় প্ৰতিগৰাকী গ্ৰাহক ৰাইজ৷ বৰ্তমান সময়ত ম’বাইলৰ গ্ৰাহকসকলে মাহিলী নতুবা তিনিমহীয়া কোম্পানীৰ পেক উচিত মূল্য দি নিজৰ নম্বৰটোত ভৰাই লোৱাৰ পিছতো কোম্পানীৰ এনে নিম্নমানৰ সেৱাই অতিষ্ঠ কৰি তুলিছে উপভোক্তা ৰাইজক৷ সেয়ে ভোডাফোনৰ বহু সংখ্যক গ্ৰাহক অন্য ম’বাইল সেৱাৰ কোম্পানীলৈ যোৱাৰ চিন্তাচৰ্চা কৰিছে৷ শীঘ্ৰে যদি জামুগুৰিহাটত ভোডাফোন কোম্পানীৰ সেৱা উন্নত নকৰে তেন্তে ভোডাফোনৰ সেৱা গ্ৰহণ কৰি থকা উপভোক্তা গ্ৰাহক অন্য ম’বাইল সেৱালৈ ধাৱবান হোৱাটো নিশ্চিত হৈ পৰিছে৷

বহিঃৰাজ্যৰ পৰা অহা লোকৰ সংখ্যা ৪২০ জনলৈ বৃদ্ধি দৰঙত : চিকিৎসালয়ৰ আছুতীয়া কক্ষৰ পৰা ঘৰলৈ যাবলৈ অনুমতি ২৩ গৰাকী লোকক

মঙলদৈ

বহিঃৰাজ্যৰ পৰা ৰে’লযোগে আহি বৃহস্পতিবাৰে পুনৰ দৰঙত উপস্থিত হয় ২৭ জন লোক। এই লোকসকলক আৰক্ষীৰ সহযোগত চিকিৎসালয়লৈ আনি স্বাস্থ্য পৰীক্ষা কৰোৱাৰ অন্তত কোৱাৰাণ্টাইনত  ৰখাৰ ব্যৱস্থা কৰা হৈছে। জিলা স্বাস্থ্য বিভাগৰ এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি বুধবাৰে নিশা আহি দৰঙত উপস্থিত হোৱা ৩১ জন লোককো যাৱতীয় স্বাস্থ্য পৰীক্ষা কৰোৱাই কোৱাৰান্টাইন কৰা হৈছে। এই কেইজনকে ধৰি বৃহস্পতিবাৰ পৰ্যন্ত বহিঃৰাজ্যৰ পৰা দৰঙলৈ অহা লোকৰ সংখ্যা ৪২০ জনলৈ বৃদ্ধি পালে৷ ইফালে বৃহস্পতিবাৰে দুপৰীয়া পৰ্যন্ত  জিলাখনৰ পৰা ১০৭২ টা শ্লেষৰ নমুনা পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ বিপৰীতে ৭৩৭ টা নমুনাৰ প্ৰতিবেদন দৰং জিলা স্বাস্থ্য বিভাগৰ হাতত আহি পৰিছে। প্ৰতিবেদন অনুসৰি কোনোটো নমুনাতেই কভিড-১৯ৰ উপস্থিতি ধৰা পৰা নাই। বহিঃৰাজ্যৰ পৰা আহি চিকিৎসালয়ৰ আছুতীয়া কক্ষত থকা ৯১ জন ব্যক্তিৰ শ্লেষৰ নমুনাতো ক’ভিড-১৯ৰ উপস্থিতি ধৰা পৰা নাই৷ অৱশ্যে ইয়াৰে ২৩ জনক বৃহস্পতিবাৰে চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ অনুমতি দিয়া হয়। এই ২৩ জনৰ ভিতৰত জনাৰাম চৌকা আদৰ্শ চিকিৎসালয়ৰ পৰা ৭ জনক, দুনী আদৰ্শ চিকিৎসালয়ৰ পৰা ৮ জনক, দেওমৰনৈ সামূহিক স্বাস্থ্যকেন্দ্ৰৰ পৰা ৭ জনক আৰু খাৰুপেটীয়া সামূহিক স্বাস্থ্য কেন্দ্ৰৰ পৰা এজনক ঘৰলৈ যাবলৈ দিয়া হয়। চিকিৎসালয়ৰ আছুতীয়া কক্ষৰ পৰা ঘৰলৈ যাবলৈ অনুমতি দিয়া হৈছে যদিও  তেওঁলোকক ঘৰতে পৰিয়ালসহ আছুতীয়াকৈ থাকিবলৈ পৰামৰ্শ প্ৰদান কৰা হৈছে৷

আন্তঃৰাষ্ট্ৰীয় চাহ দিৱসৰ দিনা যোৰহাটৰ বিশিষ্ট চাহ উদ্যোগপতি কমল জালানৰ ক্ষুদ্ৰ চাহ খেতিয়কলৈ আহ্বান : অসমৰ চাহ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ অপ্ৰাণ চেষ্টা

আন্তঃৰাষ্ট্ৰীয় চাহ দিৱসৰ দিনা যোৰহাটৰ বিশিষ্ট চাহ উদ্যোগপতি কমল জালানৰ ক্ষুদ্ৰ চাহ খেতিয়কলৈ আহ্বান : অসমৰ চাহ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ অপ্ৰাণ চেষ্টা

টীয়ক

বৃহস্পতিবাৰে আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস। অসমৰ চাহে আন্তঃৰাষ্ট্ৰীয় বজাৰত এক সুকীয়া আসন ইতিমধ্যে দখল কৰিছে৷ ৰাজ্যখনৰ অৰ্থনীতিৰ ই মেৰুদণ্ডস্বৰূপ, অৱশ্যে বৰ্তমান দেশত চলি থকা লকডাউনৰ ফলত বৃহৎ লোকচানৰ সন্মুখীন হৈছে অসমৰ চাহ উদ্যোগটোৱে। তৎসত্তেও ৰাষ্ট্ৰসংঘই ২১ মে’ দিনটোতে প্ৰথমবাৰৰ চাহ দিৱস হিচাপে স্বীকৃতি প্ৰদান কৰি ১৯৭ বছৰ গৰকা চাহ উদ্যোগটোৰ লগত জড়িত সকলোকে উৎসাহিত কৰি তুলিছে। সেয়ে দেশৰ জটিল পৰিস্থিতিৰ বাবে এই দিৱস অনুষ্টুপীয়াকৈ উদযাপন কৰে নটাই। উল্লেখযোগ্য যে এই বিশেষ দিনটোত যোৰহাটৰ জিলাৰ চেনিজানস্থিত অন্যতম অগ্ৰণী চাহ উদ্যোগ শ্যাম টিৰ স্বত্বাধিকাৰী কমল জালানে সকলোকে আন্তঃৰাষ্ট্ৰীয় চাহ দিৱসৰ শুভেচ্ছা জনোৱাৰ লগতে কোনো কাৰণতে ক্ষুদ্ৰ চাহ খেতিয়কসকলক শংকিত তথা হতাশ নহৈ ধৈৰ্য সহকাৰে পুনৰ চাহ খেতিত মনোনিৱেশ কৰি অনাগত দিনত অসমৰ চাহক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰি নিজৰ লগতে ৰাজ্যখনৰ অৰ্থনীতি উন্নয়ন অৰিহণা যোগাবলৈ আৰু লকডাউনৰ ফলত প্ৰতিজন খেতিয়কৰ হোৱা লোকচানৰ প্ৰতি মন নিদি অধিক উদ্যমেৰে নিজৰ কৰ্মত ব্ৰতি হ’বলৈ আহ্বান জনায়।

সোণতলীত নিৰ্যাতিত তিনি সন্তানৰ মাতৃ : এজাহাৰ দাখিল আমিৰ আলীৰ বিৰুদ্ধে

সোণতলী

প্ৰতিগৰাকী নাৰীয়ে বিচাৰে এগৰাকী জীৱন সংগী  আৰু এই জীৱন সংগীক লৈয়ে সপোন দেখে ভৱিষ্যৎ জীৱনৰ৷ জীৱন সংগীক লৈয়ে নাৰীয়ে আৰম্ভ কৰে নতুন জীৱন আৰু ভৱিষ্যতৰ আশা- আকাংখ্যাভৰা সংসাৰ৷ পিছে এই ভৱিষ্যৎ জীৱন যাত্ৰাৰ মাজতে কোনোবা নাৰী যদি জীৱনসংগী হেৰুৱইছে তেন্তে তাইৰ কিধৰণৰ কৰুণ মৰ্মবেদনাৰ সৃষ্টি হ’ব পাৰে সেয়া এগৰাকী ভূক্তভোগীৰ বাহিৰে আন কোনোৱে উপলদ্ধি কৰিব নোৱাৰে৷ জীৱন সংগীবিহীন হৈ তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা এগাৰকী নাৰীয়ে এনে পৰিস্থিতিত আত্মীয়স্বজনৰ আস্থা আৰু বিশ্বাস ওপৰতে জীৱাই থকাৰ সপোন দেখে৷ বিশ্বাসত লয় তাইক ছাঁ দিব পৰা আত্মীয়ক৷ পিছি এই আত্মীয়তা আৰু সম্পৰ্কক বিস্বাসত লৈ কামৰূপ জিলাৰ সোণতলী আৰক্ষী চকী  অন্তৰ্গত এগৰাকী স্বামীহীন তিনিগৰাকী সন্তানৰ মাতৃয়ে  ঘৰৰ জ্যেষ্ঠজনৰ হাতত কিদৰে নিৰ্যাতিত, শোষিত আৰু লাঞ্চিত হৈছে৷ উল্লেখ্য, আজিৰ পৰা প্ৰায় পোন্ধৰ বছৰ আগতে সোণতলী আৰক্ষী চকীৰ অন্তৰ্গত নিম্বুটাৰী গাঁৱৰ আনাৰ আলীৰ পুত্ৰ ৰূপচান আলীৰ লগত জাওঁকাটা গাঁৱৰ ছানিয়াৰা বেগম সামাজিকভাৱে বিবাহপাশত আবদ্ধ হৈছিল।  সুখৰ সংসাৰ চলি থকাৰ মাজতে তিনি সন্তানৰ মাতৃ হৈছিল ছানিয়াৰা৷ এনে অৱস্থাত নিয়তিৰ নিৰ্দয়ৰ বাবে প্ৰায় ডেৰ বছৰ পূৰ্বে স্বামীহাৰা হয় ছানিয়াৰা৷ ইফালে, মহিলাগৰাকীৰ স্বামী ৰূপচান আলীৰ মৃত্যুৰ পিছৰে পৰা তেওঁৰ সহোদৰ ডাঙৰ ভাই আমিৰ আলীয়ে মহিলাগৰাকীক বিয়া পতাৰ প্ৰলোভন দেখুৱাই ইমান দিনে অবৈধ সম্পৰ্ক তথা যৌন নিৰ্যাতন চলাই আহিছিল৷ এনেতে দুৰ্ভোগীয়া ছানিয়াৰাই বিয়া পতাৰ কথা কোৱাত বৰ্তমান লম্পট চৰিত্ৰৰ আমীৰ আলীয়ে অস্বীকাৰ কৰে। উপায়ন্তৰ হৈ মহিলাগৰাকীয়ে গাঁৱৰ মুখীয়ালসকলক ঘটনাটো অৱগত কৰে। তাৰ পিছত এই সম্পৰ্কে গাঁৱত ৰাইজ মেল বহে যদিও নিৰ্যাতিতা মহিলাগৰাকীয়ে একো ফল নাপালে। অৱশেষত মহিলাগৰাকীয়ে আমিৰ আলীৰ বিৰুদ্ধে সোণতলী আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে যদিও আৰক্ষীয়ে এইক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব  প্ৰদান  কৰা নাই বুলি অভিযোগ তুলিছে মহিলা গৰাকীয়ে৷ ন্যায়প্ৰাপ্তিৰ শেষ আশ্ৰয়স্থলীত দ্বাৰস্থ হৈ নিৰ্যাতিতা মহিলা ছানিয়াৰাই কিবা ন্যায় পাবনে? এগৰাকী মাতৃৰ জীৱন ধ্বংস কৰা লম্পট আমিৰে পাবনে উচিত শাস্তি? এয়াই সচেতন মহলৰ মাজত এক লাখ টকীয়া প্ৰশ্ন৷