নাজিৰা : দৰিদ্ৰতা ছাত্ৰ-ছাত্ৰী অধ্যয়নৰ বাবে হেঙাৰ হ’ব নোৱাৰে তাৰে প্ৰমাণ কৰি দেখুওৱালে নাজিৰাৰ চূণপোৰা হেমেনাবাৰীৰ দৰিদ্ৰ পৰিয়ালৰ এগৰাকী সন্তানে।চূণপোৰা হেমেনাবাৰীৰ নিবাসী জীৱন গগৈ আৰু তুলু গগৈৰ পুত্ৰ অভিজিৎ গগৈয়ে গড়গাওঁ এম জি এম চিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ পৰা ডিষ্টিংচন লাভ কৰিবলৈ সক্ষম হৈছে।দৰিদ্ৰ পৰিয়ালৰ অভিজিৎ গগৈয়ে ইংৰাজী ৭০,অসমীয়া ৯২,তৰ্ক বিজ্ঞান ৯৫,ৰাজনীতি বিজ্ঞান ৯৩,শিক্ষা ৮৪,সমাজতত্ব-৭৬ নম্বৰে মুঠ ৪৩৪ নম্বৰ লাভ কৰি শতকৰা ৮৬’৬%ৰে ডিষ্টিংচন লাভ কৰিছে।ভৱিষ্যতে সুনাগৰিক হোৱাৰ আশা অভিজিৎৰ।অতি দৰিদ্ৰ পৰিয়ালৰ অভিজিৎ গগৈৰ পিতৃ-মাতৃৰ নাই কোনো জীৱিকা স্থল।অভিজিৎৰ ঘৰলৈ যোৱা বাট-পথ অৱস্থাও শোচনীয়,এজাক নেৰানেপেৰা বৰষুণ দিলেই বোকাময় হৈ পৰে পথছোৱা।ইয়াৰ পিছতো অভিজিৎ গগৈ থমকি ৰ’ব লগা হোৱা নাছিল।পিতৃয়ে হাজিৰা কৰি পোৱা টকা-পইচা আৰু এম জি এম চিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ পৰা লাভ কৰা সা-সুবিধাৰ বাবে আজি অভিজিৎ গগৈয়ে ডিষ্টিংচন লাভ কৰি নাজিৰা চূণপোৰা হেমেনাবাৰীলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়।দৰিদ্ৰ পৰিয়ালৰ অভিজিৎ গগৈৰ পিতৃ-মাতৃয়ে পৰৱৰ্তী পৰ্য্যায়ত অধ্যয়নৰ কোনো ব্যক্তিৰ সহায়ৰ হাতো বিচাৰিলে সংবাদ মাধ্যমৰ যোগে।
পাৰিপাৰ্শ্বিক প্ৰভাৱ নিৰ্ধাৰণ প্ৰাধিকৰণৰ অধ্যক্ষ পদত অৱসৰপ্ৰাপ্ত মুখ্য অভিযন্তা প্ৰদ্যুৎ কুমাৰ চৌধুৰী ।
দৈনন্দিন বাৰ্তাৰ ডিজিটেল ডেস্ক:
কেন্দ্ৰীয় চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰণালয়ে এক নিৰ্দেশনা যোগে ৰাজ্যিক পৰ্যায়ৰ পাৰিপাৰ্শ্বিক প্ৰভাৱ নিৰ্ধাৰণ প্ৰাধিকৰণ, অসমৰ এখন কমিটি পুনৰ গঠন কৰি দিছে৷ ১৯৮৬ চনৰ পৰিৱেশ সংৰক্ষণ আইন অনুযায়ী গঠন কৰা এই কমিটিখনৰ অধ্যক্ষৰ দায়িত্ব অৰ্পণ কৰিছে গড়কাপ্তানী বিভাগৰ অৱসৰপ্ৰাপ্ত মুখ্য অভিযন্তা প্ৰদ্যুৎ কুমাৰ চৌধুৰীক৷ গড়কাপ্তানী বিভাগৰ অৱসৰপ্ৰাপ্ত মুখ্য অভিযন্তা চৌধুৰীয়ে অধ্যক্ষতাৰ এই কমিটিখনত সদস্য হিচাপে আছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰিৱেশ বিজ্ঞান বিভাগৰ মূৰব্বী অধ্যাপক ড° হৰি প্ৰসাদ শৰ্মা আৰু ৰাজ্যিক বন বিভাগৰ সচিব৷ কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনাত উল্লেখ থকা মতে এই কমিটিখনৰ কাৰ্যকাল হৈছে ৩ বছৰ৷ আনহাতে এই কমিটিখনক সহযোগ কৰিবৰ বাবে ৯ জনীয়া সদস্যৰে গঠিত এখন ৰাজ্যস্তৰীয় বিশেষজ্ঞ মূল্যাংকন কমিটিও গঠন কৰা হৈছে৷ এই কমিটিখনৰ অধ্যক্ষৰ দায়িত্ব অৰ্পণ কৰা হৈছে অৱসৰপ্ৰাপ্ত ভাৰতীয় বন বিষয়া স্বপন কুমাৰ শীল শৰ্মাক৷ মূলতঃ ৰাজ্যখনৰ পৰিৱেশ আৰু জৈৱ বৈচিত্ৰ্যৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ যাতে প্ৰয়োজনীয় আৰু খৰতকীয়া ব্যৱস্থা গ্ৰহণ কৰিব পৰা যায় তাৰ বাবে এই বিশেষ প্ৰাধিকৰণ গঠন কৰা হৈছে৷ প্ৰাধিকৰণৰ অধ্যক্ষ আৰু সদস্যসকলে চৰকাৰী নিয়ম অনুযায়ী পৰিৱেশ সংৰক্ষণ তথা পাৰিপাৰ্শ্বিক প্ৰভাৱ নিৰ্ধাৰণৰ হকে কাম কৰি যোৱাৰ কথাও কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনাটোত উল্লেখ আছে৷ কেন্দ্ৰীয় চৰকাৰৰ এই ঘোষণাত অসম চৰকাৰৰ বন আৰু পৰিৱেশ বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ধন্যবাদ জ্ঞাপন কৰিছে আৰু নৱ গঠিত কমিটিখনক অভিনন্দন জ্ঞাপন কৰিছে।
আত্মঘাতী হল এগৰাকী ছাত্ৰী।
কৰিমগঞ্জ : উচ্চমাধ্যমিক পৰীক্ষাত উৰ্ত্তীন হ’ব নোৱাৰি মৃত্যুৰ পথ আকোৱালি লয় এগৰাকী ছাত্ৰীয়ে । আত্মহত্যাৰ পথ বাছিলোৱা ছাত্ৰী গৰাকীৰ ঘৰ কৰিমগঞ্জ চহৰৰ বিপিনপাল ৰোড এলেকাত। কৰিমগঞ্জ মহাবিদ্যালয়ৰ বানিজ্য শাখাৰ ছাত্ৰী আছিল ৰাজশ্ৰী দেব। মাধ্যমিক পৰীক্ষাত দ্বীতিয় স্থান দখল কৰিলেও উচ্চমাধ্যমিক পৰীক্ষাত উৰ্ত্তীন হ’ব নোৱাৰি চিপলৈ আত্মহত্যা কৰে। ঘৰত কোন নথকাৰ সুযোগলৈ এনে ঘটনা সংঘটিত কৰে।
বিহাৰত বজ্ৰপাতত মৃত্যু ৮৩ জন লোকৰ।
দৈনন্দিন বাৰ্তাৰ ডেস্ক :
বিহাৰৰ বিভিন্ন জিলাত বৃহস্পতিবাৰে বজ্ৰপাতত ৮৩ জন লোকৰ মৃত্যু হয়৷ বিহাৰ চৰকাৰৰ মতে ৰাজ্যখনৰ বিভিন্ন জিলাত বজ্ৰপাতত ৮৩ জন লোকৰ মৃত্যু হয়৷ প্ৰাপ্ত তথ্য মতে বিহাৰত পথাৰত কাম কৰি থকা অৱস্থাত এই লোকসকলৰ বজ্ৰপাতত মৃত্যু হয়৷ বিহাৰ চৰকাৰে মৃত্যুৰ তালিকা ইতিমধ্যে লাভ কৰিছে৷ লগতে জিলা ভিত্তিত মৃত লোকৰ তালিকা প্ৰকাশ কৰিছে৷ এই মৃতসকলৰ ভিতৰত গোপালগঞ্জ জিলাৰ অধিক লোক আছে বুলি প্ৰকাশ৷ এইখন জিলাত ১৩জন লোকৰ মৃত্যু হয়৷ আনহাতে উত্তৰ প্ৰদেশতো একে ধৰণেৰে কেইবাজনো লোকৰ মৃত্যু হয়৷ বিহাৰ আৰু উত্তৰ প্ৰদেশত বজ্ৰপাতত নিহত লোকৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে৷
ছিপাঝাৰত আৰক্ষী বিষয়াৰ মানসিক অত্যাচাৰত আত্মাহত্যাৰ চেষ্টা যুৱকৰ ।সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্ত্তি ।

ছিপাঝাৰ : ছিপাঝাৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চন্দ্ৰ কলিতাৰ আতিষৰ্য্যত অতিষ্ঠ হৈ এজন যুৱকে আত্মহত্যা কৰাৰ পথ বাচি ল’বলগীয়া হোৱা ঘটনাই সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, ছিপাঝাৰ থানাৰ অন্তৰ্গত গনেশ কুৱৰীৰ ২ নং মাজৰচুবাৰ ইমৰাণ আলী (২৮) নামৰ যুৱক এজনৰ বিৰুদ্ধে একেটা অঞ্চলৰে জনৈক আফতাজুল হকে ছিপাঝাৰ থানাত এটা গোচৰ তৰিছিল।এই গোচৰৰ ভিত্তিত ছিপাঝাৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে ইমৰানক ঘৰত বিচাৰি যায় আৰু তেওঁক লগ নাপাই পৰিয়ালৰ লোকক দাবী ধমকি দিয়ে। পৰৱৰ্তী সময়ত আৰক্ষী বিষয়াজনে ইমৰানক দিনে নিশাই ফোন কৰি দাবী ধমকি দিয়াৰ লগতে ধনো দাবী কৰে বুলি পৰিয়ালৰ লোকে অভিযোগ কৰিছে। আৰক্ষীৰ হেচাত উপায়ন্তৰ হৈ যুৱকজনে আত্মহত্যাৰ চেষ্টা চলায়। আজি দিনৰ প্ৰায় ১১-৩০ বজাত ইমৰান আলীয়ে ঘৰৰ পিছফালে থকা এডাল গছত গামোচাৰে চিপ লৈছিল যদিও তৎমুহূৰ্ততে পৰিয়ালৰ লোকে দেখা পায়। তেওঁলোকে ততালিকে গছৰ ডালটো কাটি দিয়াত যুৱকজন মৃত্যু মুখৰ পৰা বাচে যদিও বৰ্তমান বিপদমুক্ত নহয় বুলি জানিব পৰা গৈছে। পৰিয়ালৰ লগতে গাঁৱৰ আন লোকে ইমৰানক ততালিকে চিকিৎসালয়লৈ নিয়ে আৰু আমিনগাঁৱৰ নাৰায়না চুপাৰস্পেচিয়েলিটি হস্পিতালত ভৰ্তি কৰে। ঘটনা সন্দৰ্ভত ইমৰান আলীৰ মাতৃ চানভানু বেগমে আজি দৰঙৰ আৰক্ষী অধীক্ষকৰ ওচৰত সমগ্ৰ ঘটনা বিবৰি এখন এজাহাৰ দাখিল কৰে। আইন শৃংখলাৰ দায়িত্বত থকা এইগৰাকী চন্দ্ৰ কলিতা নামৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই সামান্য অজুহাততে মানুহক বিভিন্ন হাৰাশাস্তি কৰাৰ লগতে ধন দাবী কৰাৰো অভিযোগ দীৰ্ঘদিন ধৰি উত্থাপিত হৈ আহিছে।
জুয়ে পোৰা সোণ হৈ উজ্বলিল মাজুলীৰ নিকিতা ।
উজনি মাজুলী : দৰিদ্ৰতা যে শিক্ষাৰ বাবে হেঙাৰ হব নোৱাৰে তাকেই পুনৰ এবাৰ প্ৰমাণ কৰি দেখুৱালে মাজুলীৰ নিকিতা তামুলীয়ে | মানুহ ঘৰলৈ যাবলৈ নাই কোনো বাট পথৰ ব্যৱস্থা ৷ আনৰ ঘৰৰ বাৰিৰ চুকেৰে হেঙাৰ পাৰ হৈ ফিচাৰিৰ পাৰে পাৰে গৈ পায় নিকিতাৰ বাসগৃহ ৷ প্ৰৱল ইচ্ছা শক্তি, ধৈয্য আৰু একাগ্ৰতাৰে আৰ্থিক দৈন্যতা, হাজাৰ বাধা বিঘিনি অতিক্ৰম কৰি সদ্য ঘোষিত উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত পৰীক্ষাত সুখ্যাতিৰে ৮২ শতাংশ নম্বৰেৰে উৰ্ত্তীন হৈ মাজুলীলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷ মাজুলী ৰতনপুৰ গাঁৱৰ নিকিতা তামুলীৰ পিতৃ জিতেন তামুলি পেচাত এজন পাচলি ব্যৱসায়ী ৷ দৈনন্দিন চাইকেল চলাই আনৰ ঘৰে ঘৰে গৈ পাচলি বিক্ৰী কৰি আৰু মাজে সময়ে দিন হাজিৰা কৰি পৰিয়ালটি কানে কান মাৰি পোহপাল দি আহিছে পিতৃ জিতেন তামুলীয়ে । বান বিধস্ত শালমৰাৰ পৰা ব্ৰক্ষ্মপুত্ৰৰ খহনীয়াত মাটি ভেটি হেৰুৱাই জিতেন তামুলী উঠি আহিছিল ৰতনপুৰলৈ ৷ কপালৰ ঘাম মাটিত পেলাই পাচলি বেপাৰ কৰি ঘৰৰ তিনিটা প্ৰানী কোনোমতে চলি আছে ৷ ঘৰখনৰ একমাত্ৰ সন্তান নিকিতাই বোকাৰ পদুম হৈ ঘৰখনলৈ হাঁহি বিৰিঙাইছে ৷ দেউতাকৰ চকুত আনন্দৰ লোটক ৷ এতিয়া মেধাবী ছাত্ৰী গৰাকীৰ গাওঁ পঞ্চায়তৰ প্ৰতিনিধিলৈ এটাই আহ্বান ঘৰলৈ যাব পৰা এটা পথৰ ব্যৱস্থা কৰি দিয়াৰ ৷ আনৰ ঘৰৰ বাৰিৰ চুকেৰে বিদ্যালয়লৈ অহা যোৱা কৰি সুখ্যাতি অৰ্জন কৰা নিকিতাই ঘৰলৈ যাবলৈ এটা সুচল পথৰ ব্যৱস্থা হ’ৱনে সেয়াই অঞ্চলৰ সকলোৰে মনত এতিয়া প্ৰশ্ন ৷
জামুগুৰিহাটৰ কোৱাৰেন্টাইন চেন্টাৰত আন এগৰাকীৰ দেহত ক’ভিড পজিটিভ ৷ ৬৭ গৰাকীৰ ফলাফল নিগেটিভ অহাত গৃহলৈ যোৱাৰ অনুমতি ৷
জামুগুৰিহাট : মাৰাত্মক ক’ৰনা ভাইৰাছে সমগ্ৰ ৰাজ্যতে লৈছে ভয়াবহ ৰূপ ৷ সজাগ সচেতনতাৰ অবিহনে এই ভাইৰাছৰ পৰা পৰিত্ৰাণ পোৱাতো অসম্ভৱ হৈ পৰিছে ৷ প্ৰতিদিনেই আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ সময়তেই জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ কোৱাৰেন্টাইন চেন্টাৰতো আজি ক’ভিডত আক্ৰান্ত হৈছে আন এগৰাকী যুৱক ৷ কেৰেলাৰপৰা ২২ জুনত উভতি অহা ২নং ননকে গটাইমাৰীৰ ছফিকুল আলি(২২) নামৰ যুৱকগৰাকীৰ ছোৱাব সংগ্ৰহ কৰাৰ পিছত ২৩ জুনত ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ পৃথকীকৰণ কেন্দ্ৰত ৰখা হৈছিল ৷ কিন্তু আজি ছোৱাব পৰীক্ষাৰ ফলাফল পজিটিভ অহাত স্বাস্থ্যবিভাগে যুৱকজনক তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে৷ইয়াকে লৈ বহি:ৰাজ্যৰপৰা আহি কেন্দ্ৰটোত কোৱাৰেন্টাইনত থকা ৪ গৰাকীৰ দেহত ক’ভিড পজিটিভ ধৰা পৰে৷উল্লেখ্য যে যোৱা ২০ জুনতো কেন্দ্ৰটোত কোৱাৰেন্টাইন হৈ থকা ৩ গৰাকী যুৱকৰ দেহত ক’ভিড পজিটিভ ধৰা পৰিছিল ৷ প্ৰণিধানযোগ্য যে ২৩ জুনত তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ কৰ্মচাৰী নিপুল দাস নামৰ যুৱকগৰাকীও কভিড ১৯ ত আক্ৰান্ত হৈছিল ৷ ক’ভিডত আক্ৰান্ত নিপুল দাসে ফলাফল লাভ কৰাৰ প্ৰাক মুহূৰ্তলৈকে বজাৰ সমাৰো কৰিছিল ৷ যাৰবাবে নিপুলৰ সংস্পৰ্শলৈ অহা ৩৫ গৰাকী লোকক স্বাস্থ্যবিভাগে চিনাক্ত কৰি হোম কোৱাৰেন্টাইন কৰোৱাৰ লগতে ১নং মাজগাঁও আৰু লুকুৰাচুক হাটবৰ গাঁও দুখনক প্ৰশাসনে কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰিছিল ৷ ইয়াৰোপৰি নিপুলৰ সংস্পৰ্শলৈ অহা লোকসকলৰ ছোৱাব সংগ্ৰহ কৰি পৰীক্ষাৰ বাবেও প্ৰেৰণ কৰিছে স্বাস্থ্যবিভাগে ৷ যাৰবাবে ছোৱাবৰ ফলাফল নহা পৰ্য্যন্ত গণ সংক্ৰমনৰ আশংকাত ভীতিবিহবল হৈ আছে জনসাধাৰণ ৷ আনহাতে সমগ্ৰ চতিয়া সমষ্টিত বৰ্তমানলৈকে ১২ গৰাকী লোক ক’ভিডত আক্ৰান্ত হোৱাৰ বিপৰীতে ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ কোৱাৰেন্টাইন চেন্টাৰত থকা ১৩৩ গৰাকী যুৱকৰ ভিতৰত ৬৭ গৰাকীৰ ফলাফল নিগেটিভ অহাত কালি চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই নদুৱাৰ ৰাজহ চক্ৰ বিষয়া, জামুগুৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া,চিকিৎসক-চিকিৎসা কৰ্মীৰ উপস্থিতিত প্ৰতিগৰাকী যুৱককে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ টোপোলা প্ৰদান কৰি নিজ গৃহলৈ যোৱাৰ অনুমতিৰ লগতে সকলো ব্যৱস্থা কৰোৱাই বিধায়কগৰাকীয়ে ৷
বিদ্যা নিকেতনৰ সাফল্যৰ পিছত এইবাৰ অসমত শিশু শিক্ষা সমিতিৰ ‘শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যা নিকেতন’ স্থাপন ।
গুৱাহাটী :
বিদ্যা ভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থানৰ অধীনস্থ শিশু শিক্ষা সমিতি, অসমে সমগ্ৰ ৰাজ্যত ৫৫৬ খন বিদ্যালয়ৰ জৰিয়তে শিক্ষাৰ ক্ষেত্ৰত এক নতুন দিগন্তৰ সূচনা কৰি গুণগত মানদণ্ডৰ শিক্ষা প্ৰদানত ঈৰ্ষণীয় সফলতা লাভ কৰিবলৈ সমৰ্থ হৈছে। বিগত সময়ছোৱাত এই বিদ্যালয়সমূহৰ পৰা একাধিক মেধাৱী ছাত্ৰ-ছাত্ৰীয়ে উন্নত ফলাফল দাঙি ধৰাৰ লগতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত কেইবাবাৰো অসমৰ ভিতৰতে শীৰ্ষস্থান লাভ কৰি আহিছে। এনে ধাৰাবাহিক সফলতাৰ অন্তত শিশু শিক্ষা সমিতি, অসমে গুৱাহাটীৰ চন্দ্ৰপুৰত এখন পূৰ্ণাংগ আৱাসিক উচ্চতৰ মাধ্যমিক বিদ্যালয় স্থাপন কৰি অসমৰ শিক্ষাৰ ক্ষেত্ৰখনত সাফল্যৰ পৰিসৰ বৃদ্ধি কৰিবলৈ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। ইয়াক এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচনা কৰিছে সংস্থাটোৱে। এই অনুযায়ী ২০২০-২১ শিক্ষা বৰ্ষত পাঠদান আৰম্ভ কৰিব পৰাকৈ ইতিমধ্যে গুৱাহাটীত শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যা নিকেতন স্থাপন কৰা হৈছে। এই উচ্চতৰ মাধ্যমিক বিদ্যা নিকেতনত অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যমতে পাঠদানৰ সুবিধা থাকিব আৰু শিক্ষানুষ্ঠানখন সম্পূৰ্ণৰূপে আৱাসিক হ’ব। প্ৰাৰম্ভিক পৰ্যায়ত বিদ্যালয়খনত কলা আৰু বাণিজ্য শাখাত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধীনত পাঠদান কৰা হ’ব। প্ৰতিটো শাখাতে ন্যুনতম মাচুলত ৫০ জন শিক্ষাৰ্থীয়ে নামভৰ্তি কৰাৰ সুযোগ পাব। শিক্ষাৰ্থীসকলে যাতে কৃতকাৰ্যতা লাভ কৰিব পাৰে আৰু পৰ্যাপ্ত দিহা-পৰামৰ্শ পাব পাৰে তাৰ বাবে অভিজ্ঞ, দূৰদৃষ্টিসম্পন্ন, কৌশলী আৰু যুৱ শিক্ষকক নিযুক্তি দিয়া হৈছে। শিক্ষাৰ্থীসকলে যাতে দ্ৰুত পৰিৱৰ্তনশীল পৃথিৱীখনৰ সৈতে নিজকে খাপ খুৱাই ল’ব পাৰে তাৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়, কটন বিশ্ববিদ্যালয়, বি বৰুৱা মহাবিদ্যালয় আদিৰ দৰে আগশাৰীৰ শিক্ষানুষ্ঠানসমূহৰ অভিজ্ঞ সমল ব্যক্তিসকলৰ দ্বাৰাও সময়ে সময়ে পাঠদনাৰ ব্যৱস্থা কৰা হ’ব। এই নব্য শিক্ষানুষ্ঠানখনৰ আন এক বিশেষত্ব হিচাপে কেৰিয়াৰ কাউন্সেলিঙৰ লগতে SSC, NDA আদিৰ দৰে প্ৰতিযোগিতামূলক পৰীক্ষাসমূহত বহিব পৰাকৈ বিনামূলীয়া ক’চ্ছিঙৰ ব্যৱস্থা কৰা হৈছে। শিক্ষানুষ্ঠানখনৰ অধ্যক্ষৰ দায়িত্ব অৰ্পণ কৰা হৈছে কটন বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অৱসৰপ্ৰাপ্ত মূৰব্বী অধ্যাপক অম্লানদীপ দাসক। অধ্যাপক দাসে সুদীৰ্ঘ শৈক্ষিক অভিজ্ঞতাৰে শিক্ষাৰ্থীসকল প্ৰতিটো খোজতে আগুৱাই লৈ যাবলৈ সাজু হৈ আছে। এই শিক্ষানুষ্ঠানখনত নামভৰ্তিৰ বাবে আমাৰ ৱেবছাইট www.sumvn.org ৰ জৰিয়তে আবেদন জনাব পাৰিব। এই আবেদন প্ৰক্ৰিয়া ১৫ জুলাইলৈকে অব্যাহত থাকিব। ১৬ জুলাইত নামভৰ্তিৰ বাবে যোগ্য বিবেচিত প্ৰাৰ্থীসকলৰ তালিকা প্ৰকাশ কৰা হ’ব আৰু ৩১ জুলাইৰ ভিতৰত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ নিৰ্দেশনাৱলীৰ ভিত্তিত নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হ’ব। শিক্ষানুষ্ঠানখনত ইংৰাজী আৰু অসমীয়া দুয়োটা মাধ্যমতে পাঠ গ্ৰহণ কৰিব পাৰিব। ইয়াৰ লগতে স্প’কেন ইংলিছ, কমিউনিকেশ্যন স্কিল আৰু ছ’ফ্ট স্কিলৰ দৰে বিষয়সমূহৰো পাঠদানৰ ব্যৱস্থা থাকিব। অধিক তথ্য তথা আন যিকোনো আপডেটৰ বাবে www.sumvn.org ভিজিট কৰিব পাৰিব বুলি শিশু শিক্ষা সমিতিয়ে জনাইছে।
উক্ত বিষয় সম্পৰ্কে আজি ইংৰাজী ২৬ জুন ২০২০ তাৰিখে শিশু শিক্ষা সমিতি অসমৰ প্ৰান্তীয় কাৰ্যালয়ত এক সংবাদ মেল অনুষ্ঠিত কৰা হয়। শিশু শিক্ষা সমিতি অসমৰ সহ প্ৰান্ত প্ৰচাৰ প্ৰমুখ শৈলেন্দ্ৰ পাণ্ডেই আঁত ধৰা সংবাদ মেলখনক সম্বোধন কৰি শিশু শিক্ষা সমিতি অসমৰ সাধাৰণ সম্পাদক কুলেন্দ্ৰ কুমাৰ ভাগৱতীয়ে কয় যে আমাৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰতি বছৰে উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত ভাল ফলাফল লাভ কৰি অহাটোৱে আমাৰ সফলতাক প্ৰতিফলিত কৰে। ইতিমধ্যে কেইখনমান নিকেতনে নিজা প্ৰচেষ্টাৰে উচ্চতৰ মাধ্যমিকৰ পাঠদান আৰম্ভ কৰিছেও। উক্ত বিষয়টোৰ প্ৰতি চিন্তা কৰি আৰু ৰাইজৰ আগ্ৰহৰ প্ৰতি লক্ষ্য ৰাখি এই বছৰৰ পৰা আমি উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ পুৰ্ণাংগ বিদ্যালয় এখন আৰম্ভ কৰিবলৈ লৈছো। বিদ্যালয়খনৰ শৈক্ষিক দিশটোৰ প্ৰতি আলোকপাত কৰি ৰেক্টৰ তথা অধ্যক্ষ ড০ অম্লানদীপ দাসে কয় যে আমাৰ পাঠদান অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাতে হব। প্ৰথম পৰ্যায়ত কলা আৰু বাণিজ্য এই দুয়োটা বিভাগত আৰম্ভ কৰিলেও শীঘ্ৰে বিজ্ঞানৰ শ্ৰেণীও আৰম্ভ কৰা হব। পাঠ্যক্ৰমৰ ওপৰিও আমাৰ শিক্ষাৰ্থীসকলৰ বাবে অন্যান্য প্ৰতিযোগিতামূলক পৰীক্ষা আদিৰ কোচ্ছিঙৰ ব্যৱস্থাও থাকিব।
শৈলেন্দ্ৰ পাণ্ডেই বিদ্যা ভাৰতীৰ লক্ষ আৰু উদ্দেশ্যৰ বিষয়ে আলোকপাত কৰি কয় যে বিদ্যা ভাৰতীয়ে দেশৰ প্ৰতিটো বৰ্গৰ ছাত্ৰ-ছাত্ৰীয়ে যাতে গুণগত শিক্ষা লাভ কৰে তাৰ প্ৰতি ইয়াৰ প্ৰতিষ্ঠাৰ দিনৰে পৰাই অহৰহ প্ৰচেষ্টা চলাই আহিছে। বিদ্যা ভাৰতীয়ে প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীক সুনাগৰিক কৰি গঢ়ি তোলাৰ প্ৰতি সংকল্পবদ্ধ হৈ নিজৰ প্ৰচষ্টা চলাই আহিছে। এই ক্ষেত্ৰত আমাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়খনে বিশেষ ভূমিকা লব বুলি তেওঁ আশা প্ৰকাশ কৰে। লগতে সকলো সাংবাদিক বন্ধুক ধন্যবাদ জ্ঞাপন কৰি মেল খনৰ সামৰণি মাৰে।
ব্ৰহ্মপুত্ৰ আৰু সোৱণশিৰিৰ বাঢ়নি পানীত প্লাৱিত নামনি মাজুলীৰ কৰতিপাৰ গাওঁ পঞ্চায়ত ; বান সাহাৰ্য শিবিৰ মুকলি ।
উজনি-মাজুলী: ব্ৰহ্মপুত্ৰ আৰু সোৱণশিৰি নদীৰ বাঢ়নি পানীয়ে মাজুলী জিলাৰ মঠাউৰিৰ বাহিৰ ফালে থকা এলেকাসমূহ প্লাৱিত কৰিছে। ইতিমধ্যে জিলা প্ৰশাসনে বানৰ কৱলত পৰা জনসাধাৰণক আপাতকালীন সহায়-সাহাৰ্য আগবঢ়াবলৈ জিলাখনৰ দুৰ্যোগ প্ৰশমন ব্যৱস্থাপনা প্ৰণালী সস্তম কৰি তুলিছে। ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ লগতে সোৱণশিৰিৰ বাঢ়নি পানীৰ প্ৰভাৱত পৰা নামনি মাজুলীৰ কৰতিপাৰ গাঁও পঞ্চায়ত এলেকাৰ কৰতিপাৰ হাইস্কুলত জিলা প্ৰশাসনে আজি দুপৰীয়া চলিত বৰ্ষৰ প্ৰথমটো বান সাহাৰ্য শিবিৰ মুকলি কৰে। এই শিবিৰত মলুৱাল কলিতা গাঁৱৰ তিনিটা বন্যাৰ্ত পৰিয়ালৰ ১৫গৰাকী সদস্যই আশ্ৰয় গ্ৰহণ কৰিছে। প্ৰশাসনে ক’ভিড-১৯ৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে প্ৰযোজ্য হৈ থকা সকলো জৰুৰী সতৰ্কতামূলক কাৰ্যব্যৱস্থা গ্ৰহণৰ লগতে প্ৰট’কল অনুসৰণ কৰি এই সাহাৰ্য শিবিৰ পৰিচালনাৰ ব্যৱস্থা কৰিছে। শিবিৰাৰ্থী বন্যাৰ্ত লোকসকলৰ প্ৰতিগৰাকীকে শিবিৰলৈ অহাৰ সময়তে জিলা স্বাস্থ্য বিভাগৰ দ্বাৰা টেম্পেৰেচাৰ স্ক্ৰীণিঙ কৰাৰ উপৰি প্ৰশাসনৰ ফালৰ পৰা মাস্ক আৰু হাত ধোৱাৰ সামগ্ৰী আদি যোগান ধৰা হয়। শিবিৰত স্বাস্থ্য বিভাগৰ এটা দলো ইতিমধ্যে নিয়োজিত কৰা হৈছে। মাজুলীৰ উপায়ুক্ত শ্ৰীবিক্ৰম কৈৰী, আইএএছে দুপৰীয়া এই শিবিৰ পৰিদৰ্শন কৰি শিবিৰাৰ্থীসকললৈ প্ৰশাসনৰ ফালৰ পৰা আগবঢ়োৱা সা-সুবিধাৰ বুজ লোৱাৰ লগতে শিবিৰত ক’ভিড-১৯ প্ৰট’কল কেনেদৰে অনুসৰণ কৰা হৈছে, সেয়া নিৰীক্ষণ কৰে। একেদৰে মাজুলীৰ ৰাজহ চক্ৰ বিষয়া অচ্যুৎ বৰুৱায়ো বিয়লি শিবিৰটো পৰিদৰ্শন কৰি শিবিৰাৰ্থী সকলৰ খবৰ লয়।
সত্তৰ বছৰ বয়সতো অক্লান্ত শিল্পী গম্ভীৰ নাথ ৷ ৰজাঘৰীয়াৰ পৰা আজিও বঞ্চিত প্ৰাপ্ত সন্মানৰ পৰা ৷
✍ দ্বীপেন শইকীয়া
সুৰকাৰ,গীতিকাৰ,দক্ষ কন্ঠ শিল্পী,শংকৰী সংস্কৃতিৰ একনিষ্ঠ সাধক তথা অভিনয় জগতৰ একালৰ সংবেদনশীল অভিনেতা গম্ভীৰ নাথে জীৱনৰ সত্তৰটা বসন্ত অতিক্ৰম কৰাৰ পাছতো থমকি ৰোৱা নাই। বিভিন্ন প্ৰতিকূলতাক নেওচি তেওঁ নিজৰ শিল্প কৰ্ম অব্যাহত ৰাখিছে। নগাঁও জিলাৰ নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত জামুগুৰি গাঁৱত ঘৰ এই গৰাকী আজন্ম শিল্পী গম্ভীৰ নাথৰ ৷ অঞ্চলটোৰ লগতে ৰাজ্যখনৰ সাংস্কৃতিক ক্ষেত্ৰখনত গম্ভীৰ নাথক নজনা-নুশুনা লোক হয়তো খুৱ কমেইহে আছে । প্ৰচাৰ বিমুখ এইগৰাকী শিল্পীয়ে জীৱনৰ তিনিকুৰি দহটা বসন্ত অতিক্ৰমিও নজহা-নপমাকৈ ধৰি ৰাখিব পাৰিছে নিজৰ শিল্পী সত্বাক ৷ সেই কথা তেওঁৰ সুৱদীসুৰীয়া কণ্ঠই আজিও প্ৰমাণ কৰি আহিছে ৷ অসমীয়াৰ হৃদস্পন্দন স্বৰূপ গুৰুজনাৰ সৃষ্ট বিখ্যাত “কালি দমন” অংকীয়া নাটখনিৰ পৰিচালক হিচাপে দৰ্শক ৰাইজৰ অন্তৰাত্মাত আধ্যাত্মিক ভাৱৰ সূচনাৰে নৱজাগৰণৰ সৃষ্টি কৰা এইগৰাকী শিল্পী এগৰাকী সুদক্ষ নাট পৰিচালক। তাৰোপৰি গুৰুজনাৰ “ৰাম বিজয়”, “ৰুক্মিণী হৰণ” আদি নাটকত কৰা হৃদয়স্পৰ্শী অভিনয়ৰ লগতে “কৃষক বিদ্ৰোহ”, “জেৰেঙাৰ সতী”, “ভোগজৰা”,”ৰক্ত মুকুট”,”মণিৰাম দেৱান”, “শকুনিৰ প্ৰতিশোধ”, পৰশুৰাম” আদি পাঁচ কুৰিৰো অধিক নাটকত কৰা সাৱলীল অভিনয়ৰ দ্বাৰা দৰ্শক ৰাইজৰ হৃদয়ত থিতাপি ল’বলৈ সক্ষম হৈছিল নাথ৷ আনহাতে নিজৰ সৃষ্টিমূলক গীতৰ পৰিৱৰ্তেও ড° ভূপেন হাজৰিকা, পাৰ্বতিপ্ৰসাদ বৰুৱা, বিষ্ণু ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা,ৰুদ্ৰ বৰুৱা আদি স্বনামধন্য শিল্পী সকলৰ গীতৰ সুমধুৰ পৰিৱেশনৰ জৰিয়তেও নাথে শিল্পীপ্ৰাণ মনৰ বহিঃপ্ৰকাশ ঘটাই সুন্দৰৰ আলিবাট কাটিবলৈ সক্ষম হৈছে। নগাঁও জিলাৰ চুকেকোণে শিল্পী সত্বাৰ জীৱনৰ বিৰল পৰিচয় দাঙি ধৰিও নগাঁৱৰ শ্ৰীমন্ত শংকৰ মিশ্যনৰ উদ্যোগত বিগত ১৯৭৬ চনতেই চুবুৰীয়া ৰাজ্য অৰুণাচলৰ আলং, পাচিঘাট, তিৰাপ আদিত শংকৰী কলা সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে নাথে প্ৰায় ১০ বছৰ কাল ধৰি কৰি অহা অভূতপূৰ্ব সেৱাৰ কথা আজিৰ নতুন প্ৰজন্মৰ বাবে এক অনুকৰণীয় হৈ ৰ’ব ৷তেখেতৰ এই সুদূৰপ্ৰসাৰী সাংস্কৃতিক সচেতনতাই সেই সময়ত আমাৰ সংস্কৃতিক চুবুৰীয়া প্ৰদেশখনত এক উচ্চতম পৰ্যায়লৈ লৈ গৈছিল ৷ সংস্কৃতিক এইদৰে পোহৰাই তোলা লোকজনৰ জীৱন অলেখ সমস্যাৰে ভাৰাক্ৰান্ত। ৰজাঘৰো আজি উদাসীন গম্ভীৰ নাথৰ দৰে শিল্পী সকলক লৈ ৷ নাথৰ সাংস্কৃতিক কৰ্ম দক্ষতা ইতিমধ্যে সাংস্কৃতিক মহাসভা, অসমৰ দৃষ্টিগোচৰ হোৱাত যথেষ্ট পলমকৈ হ’লেও বিগত ২০১৯ বৰ্ষৰ পাঁচ জানুৱাৰীত উজনি অসমৰ শিৱসাগৰত মহাসভাৰ নৰ্থ ইষ্ট সাংস্কৃতিক মহোৎসৱত জীৱন জোৰা সাধনা বঁটাৰে তেওঁক সন্মান যাচে ৷ আনহাতে নাথৰ সৃষ্টি কৰ্মৰ প্ৰতি সদয় হৈ নিজ গাঁও জামুগুৰিৰ সাৰ্বজনীন গৰখীয়া থান, আঞ্চলিক গোষ্ঠী, কৃষ্টি সাংস্কৃতিক গোষ্ঠী, নাট্য গোষ্ঠী, শাখা সাহিত্য সভা, আলোক সন্ধানী সমাজ আদি অনুষ্ঠান-প্ৰতিষ্ঠানেও আনুষ্ঠানিকভাৱে সন্মান-সম্বৰ্ধনা জ্ঞাপন কৰাৰ বিপৰীতে নগাঁও ভাওনা সমাৰোহৰ তৰফৰ পৰা তেখেতলৈ পৰম “বৈষ্ণৱ হিতৈষী” হিচাপেও স্বীকৃতি আগবঢ়াই ৷ আকাশ বাণী নগাঁও কেন্দ্ৰত নাথৰ গীত আৰু সাক্ষাৎকাৰ প্ৰকাশৰ উপৰিও “দধী মন্থন“, “পুতনা বধ” আদি অংকীয়া নাটতো অভিনয় কৰি সমাজৰ সমাদৰ বুটলিছে ৷ বিভিন্ন মঞ্চত পৰিৱেশন কৰা নাথৰ সুৱদীসুৰীয়া কণ্ঠৰ বাবেও শ্ৰোতা জনতাৰ হৃদয় ৰাজ্যত বিপুল মুৰ্চনা তুলি ভূয়সী প্ৰশংসা অৰ্জন কৰিবলৈ সক্ষম হয় এইগৰাকী সংগীতশিল্পী ৷ উল্লেখযোগ্য যে অৰুণাচলৰ আলঙৰ এক সাংস্কৃতিক অনুষ্ঠানত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাক সৌভাগ্যক্ৰমে নাথে লগ পোৱাৰ সেই মধুৰ ক্ষণত নাথে মঞ্চত গীত পৰিৱেশনত আপ্লুত হৈ সুধাকণ্ঠই তেওঁক নিজে মঞ্চলৈ মাতি একেলগে একেখন মঞ্চতে ’কত জোৱানৰ মৃত্যু হ’ল, কাৰ জীৱন-যৌৱন গ’ল’ শীৰ্ষক হৃদয়স্পৰ্শী কালজয়ী গীতটি সুধাকণ্ঠ ভূপেন হাজৰিকাৰ লগত যুটীয়াকৈ গোৱাৰো নাথৰ বিৰল সৌভাগ্য ঘটিছিল ৷ সেয়ে এই সকল শিল্পীক উচিত সময়ত প্ৰাপ্য সন্মান প্ৰদান কৰিবলৈ নগাঁৱৰ বিভিন্ন সামাজিক সাংস্কৃতিক অনুষ্ঠান প্ৰতিষ্ঠানে চৰকাৰৰ ওচৰত আহ্বান জনাইছে ৷
লেখকৰ ফোন নং- ৮৭২৪৯১০১৪৪










