Home Blog Page 3359

শীতলপাটী গাঁৱৰ পথ নিৰ্মাণৰ আঁচনি সলনি : স্মাৰকপত্ৰ প্ৰদান, আন্দোলনৰ হুমকি

ডিৰাক সীমান্ত

ডুমডুমা বিধান সভা সমষ্টিৰ অন্তৰ্গত কাকজান গাঁও পঞ্চায়তৰ অধীনস্থ চুক্ৰেটিং চাহ বাগিচাৰ কাষত থকা শীতলপাটী এখন ভিতৰুৱা আৰু অতি অনুন্নত গাঁও৷ শীতলপাটী গাঁৱলৈ যাবলৈ ভাল বাট-পথ কোনো এটাও নাই। বহু কষ্টেৰে সেই ঠাইৰ ৰাইজৰ লগতে স্কুল-কলেজত পঢ়া ল’ৰা-ছোৱালীয়ে অহা-যোৱা কৰে৷ গাঁওখনৰ ৰাইজৰ মতে বহু আবেদন-নিবেদন জনোৱাৰ অন্তত সম্প্ৰতি প্ৰধানমন্ত্ৰীৰ গ্ৰাম চৰক যোজনাৰ অধীনত পেকেজ নং এ এছ ২৩-৩৭১ৰ আৱন্টন মতে ঠিকাদাৰ উৎপল বৰদলৈয়ে ডুমডুমা-ফিল’বাৰী গড়কাপ্তানী পথৰপৰা শীতলপাটী গাঁৱলৈ ৪.৫ কিঃমিঃ দৈৰ্ঘ্যৰ পথচোৱা নিৰ্মাণৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হোৱাৰ সময়তে কোনো দুষ্টচক্ৰৰ হস্তক্ষেপত আঁচনিখন স্থানান্তৰ কৰি কিছু দূৰৱৰ্তী ঠাইৰ বকপাৰালৈ লৈ যায় আৰু একেখন আঁচনিৰ অধীনত পথ নিৰ্মাণৰ কাম আৰম্ভ কৰিবলৈ লৈছে । ইয়াৰ কাৰণতে শীতলপাটী গাৱৰ ৰাইজ অতি ক্ষুদ্ধ হৈ পৰিছে আৰু মঙলবাৰে তিনিচুকীয়া জিলাৰ ৰাজ্যিক পথ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তাৰ ওচৰত গাঁওখনৰ ১১২ গৰাকী কৃষক-বনুৱা স্বাক্ষৰিত এখন স্মাৰকপত্ৰ দাখিল কৰিছে৷ গ্ৰাম্যবাসীয়ে এই বিষয়ত জিলা উপায়ুক্ত আৰু ডুমডুমাৰ বিধায়ক দুৰ্গা ভূমিজৰ তৎকালীন হস্তক্ষেপ দাবী কৰিছে৷ স্মাৰকপত্ৰখনত উল্লেখ কৰা মতে চুক্ৰেটিং চাহ বাগিযা কৰ্তৃপক্ষই পথটো নিৰ্মাণত কোনো হকা-বধা নকৰা স্বত্বেও কাৰ প্ৰৰোচনাত পৰি আঁচনিখন স্থানান্তৰ হ’ল তাৰ তদন্ত শীঘ্ৰে কৰিব লাগে।  যি কোনো বিনিময়ত পূৰ্বৰ শীতলপাটী গাঁৱৰ পথ নিৰ্মাণৰ আঁচনিখন শীঘ্ৰে কাৰ্যকৰী কৰিবলৈও তেওঁলোকে দাবী উত্থাপন কৰিছে৷ প্ৰয়োজনত তীব্ৰ আন্দোলন আৰম্ভ কৰিব বুলিও তাৰ নেতৃস্থানীয় ব্যক্তি তথা স্মাৰক পত্ৰৰ প্ৰথম স্বাক্ষৰকাৰী বাবুল ৰায়ে সংবাদ মহলক অৱগত কৰিছে৷

সংকটত অসম, গুৱাহাটীত অনিয়ন্ত্ৰিত পৰিস্থিতি : প্ৰব্ৰজিতৰ জৰিয়তে একেদিনাই আক্ৰান্ত ৪০, অতিক্ৰমিলে ১৫৪

গুৱাহাটী

ক্ৰমাৎ অনিয়ন্ত্ৰিত পৰিস্থিতিলৈ গতি কৰিছে ক’ৰোনা ভাইৰাছৰ সংক্ৰমণে। ভয়াবহ হৈছে শেহতীয়া পৰিস্থিতি। প্ৰব্ৰজিত লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে বাঢ়িছি ক’ৰোনাক্ৰান্তৰ সংখ্যা। মঙলবাৰে আগবেলাতে ওলাল নতুনকৈ ২০ জন ক’ৰোনাক্ৰান্ত ৷ সন্ধিয়ালৈ পুনৰ ওলাল ২০ জন। এইকেইজন সৰুসজাই কোৱাৰেণ্টাইন চেণ্টাৰত আছিল।সোমবাৰে বিয়লি জিএমচিএইছত মৃত্যু হোৱা ৰঙিয়াৰ নিকতবৰ্তী ডিমুৰ বাসিন্দা অমূল্য কলিতাৰ দেহত মৰণোত্তৰভাৱে ধৰা পৰিল ক’ৰোনা সংক্ৰমণ। লগে লগে কামৰূপ, বাইহাটা, নলবাৰী, ৰঙিয়া ,ছয়গাঁও আদিত ক’ৰোনা সংক্ৰমণৰ কথা পোহৰলৈ আহিল। সোমবাৰে সন্ধিয়া তথা মাজৰাতিলৈ যোৰহাট, গোলাঘাটত দুজনকৈ, কোকৰাঝাৰ, নগাৱঁত এজনকৈ আক্ৰান্ত হৈছিল। আটাইকেইজন বাহিৰৰ পৰা সোমাইছিল অসমত। মঙলবাৰে পুৱাই ওলাল মৃনাল গগৈ নামৰ মাজুলীৰ এজন যুবক। হুৱাদুৱাৰ সৃষ্টি হয় দ্বীপ জিলাখনত। পাঁচ কুৰিতকৈ অধিক লোকৰ আগমণ হৈছে বহিঃৰাজ্যৰ পৰা। সকলোৰে ভয় আৰু শংকা সেই সকলৰ প্ৰতি। গুৱাহাটীৰ ফটাশীলৰ জীতেন্দ্ৰ পাটীল নামৰ এজনো হ’ল আক্ৰান্ত। চাংসাৰী আলু গোদামৰ মালিক, ফাঁচি বজাৰৰ হোটেলৰ মালিক আৰু পৰিয়ালৰ সদস্য মাংৰু ছাহানীৰ সংস্পৰ্শলৈ অহা একাধিকৰ দেহত ওলাল ক’ৰোনা ভাইৰাছ। দিনটোৰ আগবেলাতে মুম্বাইৰ পৰা অহা শিশুসহ হোজাইৰ দুজন, চেন্নাইৰ পৰা ঘূৰি অহা বাইহাটা, নলবাৰী, ৰঙিয়া আদিৰ সাতজন, বিশ্বনাথ আৰু নলবাৰীৰ দুজনকৈ, নগাঁৱৰ এজনসহ অনেকৰ দেহত ওলাল ক’ৰোনা ভাইৰাছ।এনেকৈ বিয়লি পৰ্যন্ত আক্ৰান্তই অতিক্ৰম কৰিলে ১৫৪ সীমাৰেখা। আৰোগ্য হৈছে ৪১ জন আৰু মৃত্যু হ’ল চাৰিজনৰ। হাস্পাতালত আছে ১০৮ জন। এইসংখ্যা যিকোনো সময়তে বৃদ্ধি তথা সালসলনি হোৱাতো নিশ্চিত৷ ইফালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডিমুৰ মৃত অমুল্য কলিতাৰ ঘৰত উপস্থিত হয়৷

খাদ্য সামগ্রী বিতৰণ

১০৩জন নাপিত সম্প্ৰদায়ৰ পৰিয়ালক খাদ্য সামগ্রী বিতৰণ কৰে ধুবুৰীৰ অগ্রণী সামাজিক সংগঠন আগৰৱাল সমাজ সমিতিয়ে

ধুবুৰী

লকডাউনৰ সময়ত আটাইতকৈ দুখত থকা নাপিত পৰিয়াল তীব্র খাদ্য সংকটৰ সন্মুখীন হোৱাত ধুবুৰীৰ অগ্রণী সামাজিক সংগঠন আগৰৱাল সমাজ সমিতিয়ে মঙলবাৰে অগ্নশ্ৰী ভৱনত ১০৩জন নাপিত সম্প্ৰদায়ৰ পৰিয়ালক  খাদ্য সামগ্রী বিতৰণ কৰে। সমিতিৰ সভাপতি সুৰেশ হৰলালকা সম্পাদক দীনেশ ধনবাত, সদস্য সঞ্জয় চাচোৰিয়া, নৰেশ মুকিম, প্ৰমুখ বিতৰণ কার্যসূচীত অংশগ্রহণ কৰে।

পুনৰ নলবাৰী জিলাত ওলাল দুজনকৈ ক’ৰোনা ভাইৰাছ আক্ৰান্ত লোক

নলবাৰী জিলাত ওলাল দুজনকৈ ক’ৰোনা ভাইৰাছ আক্ৰান্ত লোক

নলবাৰী

বৰ্তমান সময়ত ক’ৰোনা ভাইৰাছ সন্ত্ৰাসৰ বাবে অব্যাহত সমগ্ৰ দেশজুৰি চতুৰ্থ পৰ্যায়ৰ লক ডাউন। তদুপৰি অসমৰ বিভিন্ন জিলাত বহিঃৰাজ্যৰ পৰা অহা বিভিন্ন লোকৰ সমাগম ঘটি আছে। যাৰ বাবে অসমতো এতিয়া ক’ভিড-১৯ আক্ৰান্ত লোকৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি হৈ যায় আছে৷ মঙলবাৰে নলবাৰীত পুনৰ ওলাল দুজন ক’ৰোনা ভাইৰাছত আক্ৰান্ত লোক। আক্ৰান্ত লোক দুজন হ’ল জিলাখনৰ  ডাঙোৱাপাৰাৰ নিতুল হক (২২) আৰু আনজন মুকালমুৱাৰ মহিদুল আলী৷ নিতুল বিগত ১৬ মে’ত ৰাজধানী এক্সপ্ৰেছ যোগে লক্ষ্ণৌৰ পৰা আহিছিল। আনহাতে মহিদুল বিগত ১৭ মে’ত তামিলনাডুৰ কাম্বাতুৰৰ পৰা আহিছিল শ্ৰমিক এক্সপ্ৰেছ যোগে। উল্লেখ্য যে দুয়োজন লোক নলবাৰী জিলা প্ৰশাসনৰ তৰফৰ পৰা জৱাহৰ নৱোদয় বিদ্যালয়ত সাজি উলিওৱা কোৱাৰেণ্টাইন চেণ্টাৰত আছিল৷

স্বাস্থ্যকৰ্মীক জিলা প্ৰশাসনৰ সম্বৰ্ধনা

লখিমপুৰ

সমগ্ৰ বিশ্বজুৰি ক’ৰোনা ভাইৰাছে সন্ত্ৰাসৰ সৃষ্টি কৰিছে। এই ভাইৰাছত ভাৰতবৰ্ষৰ লগতে ইয়াৰ বহু লোক সংক্ৰমণৰ বলি হৈছে৷ এই পর্যন্ত ৰাজ্যখনত শতাধিক লোক আক্ৰান্ত হোৱাৰ বিপৰীতে ৪১ জনে আৰোগ্য লাভ কৰিছে। ৰাজ্যখনৰ অন্যান্য জিলাৰ লগত সংগতি ৰাখি লখিমপুৰ জিলাৰ স্বাস্থ্যকৰ্মীসকলেও নিজ নিজ অঞ্চলত কঠোৰ পৰিশ্ৰম কৰি আহিছে। এইক্ষেত্ৰত লখিমপুৰ জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য অভিযানৰ সহযোগত স্বাস্থ্যকৰ্মীসকলৰ মনোবল বৃদ্ধিৰ বাবে এক পদক্ষেপ হিচাপে মঙলবাৰে জিলা উপায়ুক্ত ডাঃ জীৱন বি আৰু জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ গুনীন কুমাৰ গগৈয়ে লখিমপুৰ জিলাৰ অন্তৰ্গত নাওবৈচা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত এক সম্বৰ্দ্ধনা কাৰ্যসূচীত অংশগ্ৰহণ কৰে। অনুষ্ঠানটোত আশাকৰ্মী, আশা ছুপাৰভাইজাৰ, এএনএম, এমপিডব্লিউ, লেৱৰেটৰি টেকনিছিয়ান আদিকে ধৰি মুঠ ১১ জন স্বাস্থ্যকৰ্মীক জিলা উপায়ুক্ত ডাঃ জীৱন বিয়ে একোখনকৈ মানপত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰে। পৰৱৰ্তী সময়ত জিলাৰ সকলো খণ্ড প্ৰাথমিক পৰ্যায়ত একোখনকৈ মানপত্ৰ প্ৰদানেৰে কৰ্মক্ষেত্ৰত ইতিমধ্যে অৰিহণা যোগোৱা হ’ব বুলি জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ গুনীন কুমাৰ গগৈয়ে জনাইছে৷

আফ্ৰিকান ছোৱাইন ফিভাৰৰ আতংকত গাহৰি নিধন : সক্ৰিয় চোৰাং মাংস ব্যৱসায়ী

টিংখাং

ৰাজ্যখনত আফ্ৰিকান ছোৱাইন ফিভাৰত আক্ৰান্ত হৈ গাহৰিৰ অপমৃত্যু হোৱাত উজনি অসমৰ গাহৰি পালকসকলে বিস্তৰ ক্ষতিৰ সন্মুখীন হ’ব লগাত পৰিছে। সম্প্ৰতি উজনি অসমৰ প্ৰায় সকলোবোৰ জিলাতে গাহৰিৰ মাংসৰ ব্যৱসায় নিষিদ্ধ হৈ আছে। অসম চৰকাৰে গাহৰিৰ দেহত আফ্ৰিকান ছোৱাইন ফিভাৰত সংক্ৰমণ ধৰা পৰা পাছতে গাহৰি মাংসৰ বেচা কিনাত নিষিদ্ধ ঘোষণা কৰিছিল। ইয়াৰ পাছৰে পৰা বজাৰত মুকলিকৈ গাহৰিৰ মাংসৰ বেচা কিনা সম্পূৰ্ণভাৱে বন্ধ হৈ আছে। অৱশ্যে ভিতৰুৱা কেতবোৰ ঠাইত একাংশলোকে চোৰাংকৈ গাহৰিৰ মাংসৰ ৰমৰমীয়া চলাই থকা বুলি জানিব পৰা গৈছে।পূৰ্বৰ তুলনাত গাহৰি মাংসৰ চাহিদা যথেষ্ট হ্ৰাস পোৱাৰ লগতে ব্যাপক হাৰত মাংসৰ দাম কমি আহিছে। জানিব পৰা মতে ৰাজ্যখনত আফ্ৰিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণৰ আগলৈকে প্ৰতি কিল’গ্ৰাম গাহৰি মাংস দুশ ষাঠি টকাৰ পৰা দুশ আশী টকা পৰ্যন্ত দৰত বিক্ৰী হৈছিল। বৰ্তমান বজাৰত মুকলিভাৱে বিক্ৰী বন্ধ হৈ থকাৰ বাবে চোৰাংভাৱে কম মূল্যত গাহৰিৰ মাংস বিক্ৰী হৈ আছে বুলি জানিব পৰা গৈছে। জানিব পৰা মতে প্ৰতি কিল’গ্ৰাম গাহৰিৰ মূল্য এশ টকাৰ পৰা ডেৰশ টকালৈ হ্ৰাস পাইছে।ফলত গাহৰিৰ পালকসকলে ব্যাপক লোকচানৰ সন্মুখীন হ’ব লগা হৈছে। আনহাতে একাংশ চতুৰ ব্যৱসায়ীয়ে আফ্ৰিকান ছোৱাইন ফিভাৰৰ আতংক বিয়পাই উজনিত গাঁৱে গাঁৱে ব্যাপকহাৰত গাহৰিৰ নিধন যজ্ঞ চলাই থকা বুলি জানিব পৰা গৈছে। এই নিধন কৰা গাহৰি বিলাকৰ মাংস কম মূল্যত চোৰাংভাৱে ঠায়ে ঠায়ে বিক্ৰী কৰি আছে। গাহৰিৰ মাংস গোপনে উজনিৰ বিভিন্ন জিলাত সৰবৰাহ হৈ থকাৰ কথা জানিব পৰা গৈছে।অবাধে চলি থকা গাহৰি মাংসৰ ব্যৱসায় ৰোধৰ বাবে আৰক্ষীয়ে কঠোৰ পন্থা অৱলম্বন কৰা পৰিলক্ষিত হৈছে। জানিব পৰা মতে আৰক্ষীয়ে ইতিমধ্যে মাংসৰ চোৰাং ব্যৱসায়ত জড়িত কেবাজনো লোকক আটক কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে আফ্ৰিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণৰ ফলত শিৱসাগৰ, ধেমাজি, লখিমপুৰ, ডিব্ৰুগড়ৰ জিলাৰ বৃহৎ সংখ্যক আক্ৰান্ত হৈ অপমৃত্যু হয়। মৃত গাহৰিসমূহ নৈপৰীয়া একাংশ লোকে দিচাং, দিহিং, ব্ৰহ্মপুত্ৰকে ধৰি বহুকেইখন নৈ পেলাই দিছিল।ৰাজ্যখনৰ গাহৰি পালকসকলে ব্যাপক ক্ষতিৰ সন্মুখীন হোৱাৰ পাছতো চৰকাৰীভাৱে কোনোধৰণৰ সাহায্য লাভ কৰা নাই। এই সন্দৰ্ভত চৰকাৰক উপযুক্ত পদক্ষেপ গ্ৰহণ কৰি ক্ষতিগ্ৰস্ত লোকসকলক সাহায্য প্ৰদান কৰিবলৈ সচেতন মহলে আহবান জনাইছে। ৰাজ্যৰ বহু গ্ৰাম্য সমাজত গাহৰি পালনৰ জৰিয়তে স্বাৱলম্বী হৈ পৰিয়ালক পোহপাল দি আহিছে। তদুপৰি বহু নিবনুৱাই সম্পূৰ্ণ বিজ্ঞান সন্মত পদ্ধতিৰে ব্যৱসায়িকভাৱে গাহৰি পালন কৰি নিজৰ লগতে আন বহুতে কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰিছে। সম্প্ৰতি ৰাজ্যখনত আফ্ৰিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণৰ বাবে গাহৰি পালকসকল গভীৰ সংকটৰ সন্মুখীন হ’ব লগা হৈছে। ইয়াৰ প্ৰভাৱ ৰাজ্যৰ অৰ্থনীতিতো পৰাৰ সম্ভাৱনা আছে। কিয়নো ৰাজ্যখনৰ লগতে গাহৰিৰ মাংসই চুবুৰীয়া নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশতো চাহিদা পূৰণ কৰি আহিছিল। জানিব পৰা মতে অসমৰ লগতে চুবুৰীয়া ৰাজ্যকেইখনলৈ প্ৰতি সপ্তাহত দুখন বিশেষ ৰেলেৰে উত্তৰ প্ৰদেশ, বিহাৰ আদিৰ পৰা বৃহৎ সংখ্যক গাহৰি আমদানি কৰা হয়।

নাজিৰাত বিৰল প্ৰজাতিৰ বৰকাছ উদ্ধাৰ

শিৱসাগৰ জিলাৰ নাজিৰাত উদ্ধাৰ হয় বিৰল প্ৰজাতিৰ বৰ কাছ

নাজিৰা

 চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ মাজতেই শিৱসাগৰ জিলাৰ নাজিৰাত উদ্ধাৰ হয় বিৰল প্ৰজাতিৰ বৰ কাছ। নাজিৰা ৰে’ল ষ্টেচনত উদ্ধাৰ হোৱা বিৰল প্ৰজাতি বৰকাছটো স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি বন বিষয়া অজিত গগৈক আৰু স্থানীয় সাংবাদিক খবৰ দিয়ে৷ স্থানীয় সাংবাদিক তথা বন বিভাগৰ বিষয়াই খবৰটো লাভ কৰি উক্ত স্থানত উপস্থিত হৈ বৰ কাছটোৰ সন্দৰ্ভত নাজিৰা মহকুমাৰ মহকুমাধিপতিক অৱগত কৰে। ৰে’ল ষ্টেচনৰ কাষতে থকা পিতনিৰ পৰা পাৰলৈ উঠি অহা বুলি সন্দেহ কৰা হৈছে প্ৰায় ২০ কেজি ওজনৰ বৰ কাছটো। পৰৰ্ৱতী সময়ত নাজিৰা মহকুমাধিপতি সম্প্ৰীতি গোস্বামীৰ সহযোগত ঐতিহাসিক বৰবৰুৱা বৰপুখুৰীত কাছটো মেলি দিয়ে৷

বহিঃৰাজ্যৰপৰা অহা ১৬ গৰাকী যুৱক উপস্থিত জামুগুৰিহাটত : এহাজাৰ লোকক ৰাখিব পৰাকৈ সাজুহৈ উঠিছে চতিয়া সমষ্টিৰ পাঁচটাকৈ কোৱাৰেণ্টাইন চেন্টাৰ

এহাজাৰ লোকক ৰাখিব পৰাকৈ সাজুহৈ উঠিছে চতিয়া সমষ্টিৰ পাঁচটাকৈ কোৱাৰেণ্টাইন চেন্টাৰ

জামুগুৰিহাট

ক’ৰোনা ভাইৰাছে আনি দিয়া বিভীষিকাময় পৰিস্থিতিৰ মাজতে বহিঃৰাজ্যত কৰ্মৰত ১৬গৰাকী চতিয়া সমষ্টিৰ যুৱক মঙলবাৰে পুৱা ৮ বজাত জামুগুৰিহাটত উপস্থিত হয়হি। তামিলনাডুত কৰ্মৰত চতিয়া সমষ্টিৰ যুৱক কেইগৰাকী বাছ যোগে পুৱা ৮ বজাত জামুগুৰিহাটত উপস্থিত হোৱাৰ পাছত আটাইকেইগৰাকী যুৱককে জামুগুৰি পৰিপূৰক স্বাস্থ্য কেন্দ্ৰলৈ লৈ অহা হয় আৰু চিকিৎসক আৰু স্বাস্থ্য কৰ্মীৰ দলে যুৱক কেইজনক স্বাস্থ্য পৰীক্ষা কৰাৰ অন্তত ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ত স্থাপন কৰা কোৱাৰেণ্টাইন চেন্টাৰলৈ প্ৰেৰণ কৰা হয়। নদুৱাৰ ৰাজহ চক্ৰ বিষয়া আকাশদ্বীপ কাকতি, নদুৱাৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া ৰাজীৱ বৰা, চিকিৎসক ডাঃ হৰেণ শইকীয়া, স্বাস্থ্য কৰ্মী আৰু জামুগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মানিক বৰমুদৈৰ উপস্থিতিত চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই এই সমগ্ৰ প্ৰক্ৰিয়াটো তদাৰক কৰাৰ লগতে বহিঃৰাজ্যত কৰ্মৰত হৈ বৰ্তমান ঘৰলৈ ঘুৰি অহা সমষ্টিটোৰ প্ৰতিগৰাকী ব্যক্তিয়েই যাতে কোৱাৰেণ্টাইন চেন্টাৰত ৰখাৰ সময়ত কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তাৰ তীক্ষ্ণ নজৰ ৰাখি সকলো ব্যৱস্থা সম্পূৰ্ণ কৰি তোলাৰ বাবে তদাৰক কৰে। বিধায়কগৰাকীয়ে সাংবাদিকক জানিবলৈ দিয়া মতে চতিয়া সমষ্টিৰ প্ৰায় ছহাজাৰৰো অধিক লোক বহিঃৰাজ্যত কৰ্মৰত হৈ আছে আৰু এই সকলৰ ভিতৰত এতিয়া প্ৰায় চাৰি হাজাৰ লোকে সমষ্টিলৈ ঘুৰি অহাৰ বাবে যোগাযোগ কৰিছে৷ জটিল পৰিস্থিতিৰ সময়ত ঘৰলৈ ঘুৰি অহি কোৱাৰেণ্টাইন চেণ্টাৰত প্ৰথম ১৪ দিন থকাৰ সময়ত ব্যক্তিসকলে খাদ্য, পানী, বিজুলী বাটিকে ধৰি যাতে একো ক্ষেত্ৰতেই যাতে সমস্যাত নপৰে তাৰ প্ৰতি গুৰুত্ব দি কোৱাৰেণ্টাইন চেণ্টাৰসমূহ সকলো ফালৰ পৰাই সাজু কৰি তোলা হৈছে৷ বিধায়কগৰাকীয়ে আৰু জানিবলৈ দিয়া মতে সমষ্টিৰ নাগশংকৰ হাইস্কুল, জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়, ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়, বাৰেচহৰীয়া সামূহিক ভৱনকে, চাৰিদুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়কে ধৰি কেইবাটাও স্থানত ইতিমধ্যেই বহিঃৰাজ্যৰ পৰা অহা লোকসকলক ৰাখিবৰ বাবে অস্থায়ীভাৱে কোৱাৰেণ্টাইন চেণ্টাৰ স্থাপন কৰা হৈছে৷ এই কোৱাৰেণ্টাইন চেণ্টাৰসমূহত এহাজাৰ লোকক ৰাখিব পৰা যাব আৰু যিহেতু বহিঃৰাজ্যৰ পৰা ঘুৰি অহা লোকসকল ভাগে ভাগে সমষ্টিলৈ আহিব গতিকে বহিঃৰাজ্যৰ পৰা অহা ৪-৫ হাজাৰ লোকক এই কোৱাৰেণ্টাইন চেণ্টাৰত ৰাখিব পৰা যাব বুলিও বিধায়কগৰাকীয়ে মন্তব্য কৰাৰ লগতে যুদ্ধকালীন প্ৰস্তুতিৰে কামত অগ্ৰসৰ হৈছে বুলিও জানিব দিছে বিধায়ক পদ্ম হাজৰিকাই৷

নগাঁও জিলাত তৃতীয়জন কভিড -১৯ সংক্ৰমিত ব‍্যক্তি চিনাক্ত : মন্ত্ৰী কেশৱ মহন্তৰ প্ৰতিক্ৰিয়া

আঞ্জুকপানী গাঁও পঞ্চায়ত এলেকাত খাদ‍্য-সামগ্ৰী বিতৰণ কৰে ৰাজ‍্যৰ জলসম্পদ মন্ত্ৰী তথা কলিয়াবৰ সমষ্টিৰ বিধায়ক কেশৱ মহন্তই

কলিয়াবৰ

 নগাঁও জিলাত তৃতীয়জন কভিড-১৯ সংক্ৰমণৰ বিষয়ে প্ৰতিক্ৰিয়া আগবঢ়ালে মন্ত্ৰী কেশৱ মহন্তই। কভিড-১৯ৰ সংক্ৰমণ প্ৰতিৰোধ অভিযানৰ নগাঁও আৰু শোণিতপুৰ জিলাৰ মুৰব্বী কেশৱ মহন্তই নগাঁৱত ক’ৰোনা সংক্ৰমিত ব‍্যক্তিসকলক তৎকালীন চিকিৎসাৰ ব‍্যৱস্থা কৰিছে বুলি জনাইছে। মঙলবাৰে বিয়লি নগাঁৱত জিলা পৰ্য‍ায়ৰ এক পৰ্য‍ালোচনা সভাত মিলিত হ’ব বুলিও জনাই। লগতে জনসাধাৰণক চৰকাৰী নীতি-নিয়ম আৰু সাৱধানতা অৱলম্বন কৰি নিজকে নিৰোগী কৰি ৰাখিবলৈ আহ্বান জনায়৷ মঙলবাৰে কলিয়াবৰ সমষ্টিত ধাৰাবাহিকভাৱে পঞ্চদশ দিৱসত আঞ্জুকপানী গাঁও পঞ্চায়ত এলেকাত খাদ‍্য-সামগ্ৰী বিতৰণ কৰি ৰাজ‍্যৰ জলসম্পদ মন্ত্ৰী তথা কলিয়াবৰ সমষ্টিৰ বিধায়ক কেশৱ মহন্তই এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

মঙলদৈত বজাৰ পৰিদৰ্শন উপায়ুক্ত দিলীপ কুমাৰ বৰাৰ

মঙলদৈত বজাৰ পৰিদৰ্শন উপায়ুক্ত দিলীপ কুমাৰ বৰাৰ

মঙলদৈ

চহৰ অঞ্চলৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠান, ক্ষুদ্ৰ ব্যৱসায়ীয়ে মানিব লাগিব চৰকাৰী নীতি নিৰ্দেশনা। প্ৰতিখন দোকানৰ সন্মুখত হাত ধোৱাৰ বাবে চাবোন পানী ৰখাৰ লগতে ছেনিটাইজাৰ ৰাখিব লাগিব। সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ ব্যৱস্থা গ্ৰহণ নকৰিলে আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ’ব৷ এইদৰে কয় দৰং জিলাৰ উপায়ুক্ত দিলীপ কুমাৰ বৰাই। মঙলদৈ চহৰৰ একাংশ লোকে ঈদৰ বজাৰৰ নামত জধে মধে বজাৰলৈ ওলাই অহা আৰু কোনো ধৰণৰ লকডাউনৰ নামনাৰ অভিযোগ উঠাৰ পিছতে নৱ নিযুক্ত উপায়ুক্ত গৰাকীয়ে আজি হৰ্থাতে বজাৰখন পৰিদৰ্শন কৰি একাংশ ব্যৱসায়ী আৰু গ্ৰাহকক কঠোৰ সকীয়নি প্ৰদান কৰে। পৰিদৰ্শন কালত তেওঁ দোকান সন্মূখৰ সমূহত হাত ধোৱা পানী আছে নে নাই, ছেনিটাইজাৰৰ ব্যৱস্থা আছে নে নাই আৰু সামাজিক দূৰত্ব কেনেকৈ বৰ্তাই ৰাখিছে সেয়া নিৰিক্ষণ কৰে। তেওঁ এই সমূহ ব্যৱস্থা ৰাখিবলৈ কঠোৰ নিৰ্দেশ দিয়ে। আৰক্ষী অধীক্ষক অমৃত ভূঞাৰ সৈতে পৰিদৰ্শন কালত বিনা কাৰণত একাংশ লোকে বজাৰলৈ ওলাই অহাত সেই সকলৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিয়ে। আনহাতে ভাৰতীয় ষ্টেট বেংকৰ মঙলদৈ শাখাৰ সন্মুখত শ শ লোকে ভিৰ কৰা প্ৰত্যক্ষ কৰি উপায়ুক্ত গৰাকী আচম্বিত হৈ পৰে। চৰকাৰী কঠোৰ নিৰ্দেশনাৰ পিছতো একাংশ ষাঠি উৰ্ধৰ লোক আৰু শিশু অভিভাৱকৰ সৈতে বেংকলৈ অহাত তেওঁলোকৰ সৈতে মত বিনিময় কৰি ঘৰলৈ উভতি যাবলৈ নিৰ্দেশ দিয়ে। বান্দিয়া গাঁৱৰ লটিফা বেগমে ৬ মহীয়া কেচুৱা লৈ বেংকত শাৰী পাতি থকাত আৰক্ষীৰ বাহনৰে ঘৰলৈ পঠিয়াই দিয়ে উপায়ুক্তগৰাকীয়ে। সেইদৰে ৰেহেনা বেগম নামৰ বাঘপৰিৰ আন এগৰাকী মহিলায়ো ডেৰ বছৰীয়া শিশু কোলাত লৈ বজাৰ কৰি থকা প্ৰত্যক্ষ কৰি উপায়ুক্তই তেওঁকো আৰক্ষীৰ বাহনেৰে ঘৰলৈ পঠিয়াই দিয়ে। মঙলদৈ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিৰঞ্জন বৰুৱাই শিশুসহ দুয়োগৰাকী মাতৃকে স্বগৃহত থৈ আহে। ইফালে ষাঠিৰ উৰ্ধৰ ব্যক্তিসকলক ঘৰতে সোমাই থাকিবলৈ উপায়ুক্তই অনুৰোধ জনোৱাৰ লগতে তেওঁলোকৰ বেংক সম্পকীয় কামকাজ থাকিলে বেংকৰ কৰ্মচাৰীয়ে গৈ ঘৰতে কৰি দিব বুলি জানিব দিয়ে। এইক্ষেত্ৰত জিলা প্ৰশাসন বা বেংকৰ বিষয়াৰ সৈতে যোগাযোগ কৰিবলৈ উপায়ুক্তই আহবান জনায়। ষাঠি উৰ্ধৰ কোনো লোকেই বেংকলৈ আহিব নালাগে তেওঁলোকৰ কাম সমূহ ঘৰতে কৰি দিয়া হ’ব এইদৰে কয় উপায়ুক্ত দিলীপ কুমাৰ বৰাই। আনহাতে মাঘ বিহুৰ সময়ত সমগ্ৰ অসমবাসীয়ে ঘৰতে বিহু উদযাপন কৰাৰ দৰে সমাগত ঈদো ঘৰত থাকিয়ে পালন কৰিবলৈ আহবান জনায়। ঈদৰ বজাৰৰ নামত কাপোৰ কিনাৰ নামত ৰাইজক ওলাই নাহিবলৈ তেওঁ আহবান জনায়। পিছত উপায়ুক্ত দিলীপ কুমাৰ বৰাই সংবাদ মাধ্যমৰ আগত মন্তব্য আগবঢ়ায় বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা ক’ৰোনা ভাইৰাছৰ কোনো প্ৰতিষেধক আজিলৈ ওলোৱা নাই বুলি কৈ একমাত্ৰ সামাজিক দূৰত্ব আৰু ঘৰতে আবদ্ধ থকাই ইয়াৰ একমাত্ৰ প্ৰতিষেধক। যদিও দৰং জিলাৰ গ্ৰীণ জোনত অন্তৰ্ভুক্ত হৈছে ৰাইজে এতিয়াহে অধিক সৰ্তক হোৱাৰ প্ৰয়োজন বুলি তেওঁ কয়। ইফালে নৱনিযুক্ত উপায়ুক্ত গৰাকীয়ে বজাৰ পৰিদৰ্শন আকস্মিক পৰিদৰ্শন কৰি দিয়া কঠোৰ নিৰ্দেশনাক মঙলদৈবাসীয়ে আদৰণি জনাইছে। মঙলদৈ নাগৰিক মঞ্চ, মঙলদৈ জিলা কৰ্মচাৰী পৰিষদ, দৰং জিলা ছাত্ৰ সন্থা, যুৱ-ছাত্ৰ পৰিষদ, সাহিত্য সভা, মঙলদৈ প্ৰেছ ক্লাব, মঙ্গলদৈ বণিক সন্থাও আদৰণি জনাইছে।