Home Blog Page 3361

চি পি আই নেতা শিৱ প্ৰসাদ বৰগোঁহাইৰ স্মৃতিচাৰণ সভা সম্পন্ন ।

চি পি আই নেতা শিৱ প্ৰসাদ বৰগোঁহাইৰ স্মৃতিচাৰণ সভা সম্পন্ন ।

নাজিৰা : আজি ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ নিষ্ঠাবান প্ৰবীন কৰ্মী কমৰেড শিৱপ্ৰসাদ বৰগোহাঁই দেৱৰ আদ্যশ্ৰাদ্ধৰ দিনটোত তেখেতক সোঁৱৰি এখনি স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰা হয়৷ স্মৃতি চাৰণ সভাত সভাপতিত্ব কৰে অৱসৰপ্ৰাপ্ত কৰ্মচাৰী তথা সমাজকৰ্মী গংগাপ্ৰসাদ বৰগোহাঁইয়ে ৷ ৯০ বছৰ বয়স গছকা কমৰেড শিৱপ্ৰসাদ বৰগোহাঁই এজন তেনেই সাধাৰণ কৃষকৰ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল ৷ দেশে স্বাধীনতা লাভ কৰাৰ সময়তে শাসকগোষ্ঠীয়ে আৰ চি পি আই কৰ্মী সকলৰ ওপৰত চলোৱা নিৰ্যাতন কমৰেড শিৱপ্ৰসাদ বৰগোহাঁইয়েও ভুগিব লগীয়া হৈছিল ৷ তেখেত দুবছৰ দিন ধৰি জেল খাটিব লগীয়াও হৈছিল৷ জোকতলি মৌজাৰ প্ৰথম চাৰিজন আৰ চি পি আই সদস্য ভিতৰত অন্যতম আছিল শিৱপ্ৰসাদ বৰগোহাঁই ৷ পাছলৈ তেওঁ চি পি আই দলত যোগদান কৰি প্ৰাক্তন সাংসদ ও প্ৰাক্তন বিধায়ক দ্ৰুপদ বৰগোহাঁই দেৱৰ সৈতেও কাম কাজ কৰিছিল ৷ স্মৃতি চাৰণ সভাত বুৰঞ্জীবিদ, অৱসৰপ্ৰাপ্ত অধ্যাপক তথা কমিউনিষ্ট নেতা কমৰেড জিতেন বৰপাত্ৰগোহাঁই আৰু চি পি আই ৰাষ্ট্ৰীয় পৰিষদৰ সদস্য তথা জিলা সম্পাদক কনক গগৈয়ে কমৰেড শিৱপ্ৰসাদ বৰগোহাঁইয়ে সাম্যবাদী আদৰ্শত বিশ্বাস ৰাখি কৃষক শ্ৰমিকৰ মুক্তি বিচাৰি যি পথ গ্ৰহণ কৰিছিল বুলি কয়৷ এজন সাধাৰণ কৃষক হিচাপে তেওঁ গ্ৰহণ কৰা নিস্বাৰ্থভাবে যি সেৱা আগবঢ়াই থৈ গ’ল সেইয়া অনুকৰণীয় বুলি কয় আৰু আজি বহু শিক্ষিত লোকেও ৰাজনৈতিক আৰু অৰ্থনৈতিক ভাৱে অসচেতনতাৰ হোৱাৰ বাবে দেশৰ এনে অৱস্থা হোৱা বুলি কয় লগতে নৱপ্ৰজন্মক দেশৰ স্বাৰ্থত নিজৰ নিজৰ অৱদান খিনি উজাৰি দিবলৈ আহ্বান জনায় ৷ সভাত পাৰ্টিৰ নাজিৰা মহকুমা পৰিষদৰ সম্পাদক যোগেন চেতিয়াকে ধৰি ভালেকেইজন কৰ্মকৰ্তা উপস্থিত থাকে৷ সভাখনি আঁত ধৰে কমৰেড নিত্য বৰগোহাঁইয়ে ৷

নলবাৰীত মৌ-মাখিৰ বাহ বিতৰণ ।

নলবাৰী : প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ সকলো কৃষক সকলৰ আয় দুগুণ বৃদ্ধি কৰাৰ বাবে বিভিন্ন ধৰণৰ পৰিকল্পনা হাতত লোৱা দেখা গৈছে। সেইমৰ্মে প্ৰধান মন্ত্ৰী গৰাকীৰ এই পৰিকল্পনাক দিঠক ৰূপ দিয়াৰ উদ্দেশ্যে বিবেকানন্দ পাৰ্বতীয়া কৃষি অনুসন্ধান সংস্থা শালমৰাৰ সহযোগত আৰু নলবাৰী কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত আজি নলবাৰী জিলাৰ চেংনৈৰ কৃষক সকলৰ মাজত মৌ-মাখি পালনৰ বাবে মৌ মাখি বাহ প্ৰদান কৰা হয়। মৌ মাখি পালনেৰে কৃষক সকল স্বাৱলম্বী হোৱাৰ উপৰিও আয় বৃদ্ধি হব বুলি বিবেকানন্দ পাৰ্ব্বতীয়া কৃষি অনুসন্ধান সংস্থাই আশা প্ৰকাশ কৰে। আজিৰ এই অনুষ্ঠানটোত নলবাৰী জিলাৰ স্থানীয় বিধায়ক অশোক শৰ্মা, কৃষি বিজ্ঞান কেন্দ্ৰ নলবাৰী বিষয়ববীয়া সকলৰ লগতে বিবেকানন্দ পাৰ্ব্বতীয়া কৃষি অনুসন্ধান সংস্থাৰ বিষয়ববীয়া সহ কৃষক ৰাইজ উপস্থিত থাকে।

ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু চিকিৎসকৰ ।

দৈনন্দিন বাৰ্তা ডেস্ক:

লোক নায়ক জয় প্ৰকাশ হাস্পতালৰ জ্যেষ্ঠ চিকিৎসক ডাঃ অসীম গুপ্তা ক’ৰোনাত আক্ৰান্ত হৈ শনিবাৰে মৃত্যু হৈছে৷ ৫৬ বছৰীয়া গুপ্তা ক’ৰোনত আক্ৰান্ত হোৱাৰ কথা ৬ জুনত পোহৰলৈ আহিছিল৷ উল্লেখ্য যে এনাষ্ঠেছিয়াৰ আগশাৰীৰ বিশেষজ্ঞ ডাঃ গুপ্তা ক’ৰোনাৰ বিপক্ষে যুঁজত কৰ্তব্যত আছিল৷ ৬ জুনত তেওঁৰ পৰীক্ষাৰ ফলাফল পজিটিভ আহিল৷ তাৰ পাছত তেওঁক কোৱাৰেণ্টাইনত ৰখা হয়৷ কিন্তু ৭ জুনত তেওঁৰ অৱস্থা গুৰুতৰ হৈ পৰে৷ তেতিয়া তেওঁক লোক নায়ক জয় প্ৰকাশ হাস্পতালৰ আইচিইউত ভৰ্ত্তি কৰা হয়৷ মৃত্যুৰ সময়ত চিকিৎসকজনে পত্নী আৰু দুজন পুত্ৰক এৰি থৈ গৈছে৷ উল্লেখ্য যে তেওঁৰ পত্নীও ক’ভিড-১৯ত আক্ৰান্ত হৈছিল কিন্তু কিছুদিনৰ আগতে তেওঁ আৰোগ্য হয়৷

দাম কমিছে পেট্ৰল-ডিজেলৰ ।

দৈনন্দিন বাৰ্তা ডেস্ক:

দাম কমিছে পেট্ৰল আৰু ডিজেলৰ৷ ২১ দিন ধৰি দাম বাঢ়ি থকাৰ পাছত দাম কমিল৷ দেশৰ মেট্ৰো চহৰবোৰৰ ভিতৰত দেওবাৰৰ দিনটোত কলকাতাত শনিবাৰৰ দামেই থাকিল ৷ কলকাতাত পেট্ৰলৰ দাম প্ৰতি লিটাৰত ৮২.‌০৫ টকা আৰু ডিজেলৰ দাম প্ৰতি লিটাৰত ৭৫.‌৫২ টকা৷ দিল্লীত পেট্ৰলৰ দাম প্ৰতি লিটাৰত ৮০.‌৩৮ টকা আৰু ডিজেলৰ দাম প্ৰতি লিটাৰত ৮০.‌৪০ টকা ৷ মুম্বাইত পেট্ৰলৰ দাম প্ৰতি লিটাৰত ৮৭.‌১৪ টকা আৰু ডিজেলৰ দাম প্ৰতি লিটাৰত ৭৮.‌৭১ টকা৷ চেন্নাইত পেট্ৰলৰ দাম প্ৰতি লিটাৰত ৮৩.‌৫৯ টকা আৰু ডিজেলৰ দাম প্ৰতি লিটাৰত ৭৭.‌৬১ টকা ৷ কাৰণ হিচাপে জানিব পৰা মতে আমেৰিকা আৰু চীনত নতুনকৈ ক’ৰোনা সংক্ৰমণ হোৱাত শুকুৰবাৰে আন্তৰ্জাতিক বজাৰত তেলৰ দাম বঢ়া নাই ৷

ডবকা যমুনানৈত অচিনাক্ত মৃতদেহ উদ্ধাৰ, পৰিচয় বিচাৰি হাহাকাৰ আৰক্ষীৰ ।

ডবকা : হোজাই জিলাৰ ডবকাৰ যমুনানৈত এটা অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। শনিবাৰে সন্ধিয়াৰ ভাগত যমুনানৈত পানীত উপঙি থকা অৱস্থাত এই মৃতদেহটো আৰক্ষীয়ে উদ্ধাৰ কৰে। হোজাইৰ নাম ডবকা  গাঁৱৰ নৈৰ পৰা উদ্ধাৰ হয় এই মৃতদেহটো। প্ৰায় ৪০-৪২  বছৰীয়া পুৰুষৰ মৃতদেহটো কোনো লোকে হত্যা কৰি নদীত উটুৱাই দিয়াৰ সন্দেহ কৰা হৈছে। মৃতদেহৰ শৰীৰৰ বিভিন্ন অংগত আঘাতৰ চিন স্পষ্ট। আৰক্ষীয়ে এই অচিনাক্ত মৃতদেহ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। বাতৰি লিখা লৈকৈ লোক জনৰ পৰিছয় উদ্ধাৰ কৰিব পৰা নাই আৰক্ষীয়ে। কোনো লোকে লোক জনৰ পৰিছয় পালে পৰিয়ালৰ লগতে আৰক্ষীক অৱগত কৰাৰ অনুৰোধ জনাইছে ডবকা আৰক্ষীয়ে।

গহপুৰ সেৱা ভাৰতী পুৰ্বাঞ্চলৰ উদ্যোগত ৰক্তদান কাৰ্যসূচী, উপস্থিত বিধায়ক উৎপল বৰা ।

দৈনন্দিন বাৰ্তা ডেস্ক :

ৰক্তদান জীৱন দান ৷ এই মহান উদ্দেশ্যক সাক্ষী কৰি দেওবাৰে গহপুৰ শংকৰদেৱ শিশু নিকেতনত অনুস্থিত কৰা হয় ৰক্ত দান শিবিৰ। বিজেপি যুৱ মচাৰ ৩৪ জন কৰ্মীয়ে ৰক্ত দান কৰে। গহপুৰ সেৱা ভাৰতী পুৰ্বাঞ্চলৰ উদ্যোগত অনুষ্ঠিত হোৱা ৰক্তদান শিবিৰত উপস্থিত থাকে গহপুৰ সমষ্টিৰ বিধায়ক উৎপল বৰা, বিশ্বনাথ জিলা বিজেপি সম্পাদক নোমল বৰুৱা আৰু বিশ্বনাথ জিলা পৰিষদৰ সভানেত্ৰী লাৱণ্য চাৰিঙীয়া আৰু সমষ্টিৰ মণ্ডলৰ সভাপতি, যুৱ মচা বিষয়ববীয়া লগতে দলীয় কৰ্মী সকল। ৰক্তদান কৰি মহানতাৰ পৰিচয় দিয়ে ৷

দুদিন জখলাবন্ধা চিকিৎসালয় বন্ধ : জখলাবন্ধা চিকিৎসালয়ত চিকিৎসক, চিকিৎসা কৰ্মীৰ স্বাৱ পৰীক্ষা, হ’ম কোৱাৰেণ্টানৰ নিৰ্দেশ ।

কলিয়াবৰ : কভিড-১৯ সংক্ৰমিত ধুতিৰাম মুণ্ডাৰ সংক্ৰমণক লৈ স্বাস্থ‍্য বিভাগৰ বৰমূৰীয়াৰ আলোচনা জখলাবন্ধা চিকিৎসালয়ত। কভিড – ১৯ সংক্ৰমণৰ প্ৰতিৰোধকল্পে জখলাবন্ধা চিকিৎসালয় দুদিনৰ বাবে বন্ধৰ নিৰ্দেশ উৰ্দ্ধতন কৰ্তৃপক্ষৰ। এশ শতাংশ পৰিস্কৰণৰ ব‍্যৱস্থা হোৱাৰ পিচত অহা মঙ্গলবাৰৰ পৰাহে চিকিৎসা সেৱা পুনৰ আৰম্ভ হব। জখলাবন্ধা চিকিৎসালয়লৈ যোৱা ২৫ জুন বৃহস্পতিবাৰে জ্বৰ আৰু পায়খানাত আক্ৰান্ত হৈ চিকিৎসাৰ বাবে আহিছিল নিজৰিৰ ধুতিৰাৰাম মুণ্ডা। চিকিৎসা সেৱা গ্ৰহণ কৰি শনিবাৰে ঘৰলৈ উভতাৰ পিছত কডিড – ১৯ সংক্ৰমণ প্ৰমাণিত হোৱাত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় চিকিৎসালয়ত। যোৱা ২০ জুনত বহিঃ ৰাজ‍্যৰ পৰা আহি স্বাৱ পৰীক্ষা কৰিবলৈ দিছিল যদিও ধুতিৰামে এই বিষয়ে চিকিৎসকক অৱগত কৰা নাছিল। সেই লৈ পোনপটীয়াকৈ সংস্পৰ্শলৈ অহা চিকিৎসক-চিকিৎসাকৰ্মী সহ চিকিৎসালয়ৰ আন সকলোৰে পৰীক্ষাৰ বাবে স্বাৱ সংগ্ৰহ কৰে। সেই লৈ নগাঁও জিলাৰ যুটীয়া স্বাস্থ‍্য সঞ্চালক অতুল চন্দ্ৰ পাটৰ উপস্থিত হৈ জখলাবন্ধা চিকিৎসালয়ৰ অধীক্ষক তথা মহকুমা স্বাস্থ‍্য বিষয়া ডা° খেমন্ত শইকীয়া আৰু চিকিৎসকৰ সৈতে এক আলোচনাত মিলিত হয়। কলিয়াবৰ মহকুমাধিপতি বিতুপন নেওগেও চিকিৎসক প্ৰতিনিধি দলটোৰে বিষয়টোৰ সন্দৰ্ভত মত বিনিযভয় কৰে। উল্লেখযোগ‍্য যে, কলিয়াবৰৰ নিজৰিৰ ধুতিৰাম মুণ্ডা (৪৫)ৰ লগত অহা জিকিল এক্কা (২৪) আৰু গোবিন্দ মূড়া (২৫)ৰো কভিড – ১৯ সংক্ৰমণ প্ৰমাণিত হোৱাত তিনিওকে নগাঁও চিকিৎসালয়লৈ শনিবাৰেই প্ৰেৰণ কৰে। শনিবাৰে সন্ধ‍্যা কুঁৱৰীটোলৰ একেটা পৰিয়ালৰ সাতজনক কভিড – ১৯ সংক্ৰমিত হোৱাৰ পিছত চিকিৎসালয়লৈ নিয়াৰ সময়ত ব‍্যাপক উত্তেজনাৰ সৃষ্টি হয় কলিয়াবৰত। আৰক্ষীৰ প্ৰত‍্যক্ষ সহযোগতহে স্বাস্থ‍্য কৰ্মীয়ে আটাইকে নগাঁও চিকিৎসালয়লৈ প্ৰেৰণ কৰিবলৈ সক্ষম হয়।

এইমছৰ সঞ্চালক ৰণদীপ গুলাৰিৱাৰ মতামত : এবাৰ ক’ৰোণাত আক্ৰান্ত হৈ উঠাৰ পাছত দ্বিতীয়বাৰ আক্ৰান্ত হোৱাৰ সম্ভাৱনা বহু কম ।

দৈনন্দিন বাৰ্তা প্ৰতিবেদন :

এবাৰ ক’ৰোণাত আক্ৰান্ত হৈ উঠাৰ পাছত দ্বিতীয়বাৰ আক্ৰান্ত হোৱাৰ সম্ভাৱনা বহু কম ৷ এই কথা কৈছে এইমছৰ সঞ্চালক ৰণদীপ গুলাৰিৱাই৷ তেওঁ কয় যে যি এবাৰ ক’ৰোণাত আক্ৰান্ত হৈ উঠিছে, তেওঁৰ শৰীৰত ইতিমধ্যে এণ্টিব’ডী তৈয়াৰ হৈ গৈছে ৷ ফলত তেওঁ যদি আনৰ সংস্পৰ্শলৈ যায়, তেওঁৰ শৰীৰত পুনৰ ক’ৰোণা সোমোৱাৰ সম্ভাৱনা বহু কম৷ যদিওবা সোমাই তেওঁক একো কৰিব নোৱাৰে ৷ ইয়াৰ লগতে তেওঁ কয় যে তেজত এণ্টিব’ডীৰ ক্ষমতা কিমান দিন থাকিব এই বিষয়ে এতিয়াই নিশ্চিতকৈ একো ক’ব পৰা নহ’ব৷ দেশত এতিয়াও গোষ্ঠী সংক্ৰমণ আৰম্ভ হোৱা নাই ৷ এই কথা জনালে এইমছৰ সঞ্চালকজনে৷ দেশৰ কেইখনমান ৰাজ্যত ৭০%–৮০% ক’ৰোণাত আক্রান্ত হৈছে৷ সমগ্ৰ দেশত গোষ্ঠী সংক্ৰমণ আৰম্ভ নহ’লেও এই ৰাজ্যকেইখনত গোষ্ঠী সংক্ৰমণ আৰম্ভ হৈ গৈছে৷ কাৰণ সেই ৰাজ্যকেইখনত তীব্ৰ গতিত বাঢ়িছে আক্ৰান্তৰ সংখ্যা৷ বাৰিষাত ক’ৰোণা কমিব বুলি নিশ্চয়কৈ ক’ব নোৱাৰিলে গুলাৰিৱাই৷ তেওঁ কয় যে গ্ৰীষ্ম আৰম্ভ হোৱাৰ সময়ত বহুৱে কৈছিল যে ইয়াৰ প্ৰকোপ কমিব৷ কিন্তু নকমিল৷ বৰং বাঢ়িলহে৷ আনহাতে বাৰিষাৰ সময়ত কেতবোৰ ৰোগ দেখা যায় ৷

বাঘজান কাণ্ডৰ সন্দৰ্ভত আয়োজন কৰা গণ শুনানীত অশগ্ৰহণ দল-সংগঠনৰ প্ৰতিনিধিৰ ।

তিনিচুকীয়া : বিগত ২৭ মে’ত বাঘজানৰ BGR ৫ নং তৈলখাদত সংঘটিত বিস্ফোৰণত ফলত অস্বাভাৱিক তেল আৰু গেছ নিৰ্গমন আৰু পৰৱৰ্তী সময়ত অগ্নিকাণ্ডৰ ফলত হোৱা বন্যপ্ৰানী, জৈৱবৈচিত্ৰ, বায়ু, পানীৰ গুনগত মানদণ্ড তথা বন আৰু পৰিৱেশৰ ওপৰত হোৱা অন্যান্য ক্ষয়-ক্ষতিৰ পৰিমাণ নিৰূপণৰ বাবে এজনীয়া তদন্ত সমিতি গঠন কৰি অতিৰিক্ত প্ৰধান মুখ্য বন সংৰক্ষক এম কে যাদৱক দায়িত্ব অৰ্পন কৰিছিল। উক্ত সমিতিখনে অঞ্চলটোত সকলো ধৰণৰ ক্ষয়-ক্ষতিৰ লগতে সকলো সমস্যাৰ সম্পৰ্কে জনসাধাৰণৰ তথা দল-সংগঠনৰ পৰা মতামত গ্ৰহণ কৰিবলৈ তিনিচুকীয়া আৱৰ্ত্ত ভৱনত ২৬-২৮ জুনলৈ তিনিদিনিয়াকৈ এক গণ শুনানীৰ আয়োজন কৰিছিল। সেই গণ শুনানীত দেওবাৰে সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণ, সাধাৰণ সম্পাদক নৱ মৰাণ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি সুৰজিৎ মৰাণ, সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমৰজিৎ গোহাঁই, মটক যুৱ ছাত্ৰ সন্মিলনৰ সম্পাদক ধৰণী গোহাঁই, চাহ জনজাতি ছাত্ৰ সন্থাৰ পৰেশ গোৱালা, গোৰ্খা ছাত্ৰ সন্থা, তিনিচুকীয়া জিলা সমিতিৰ সম্পাদক অশোক লামাৰ লগতে সমূহ সংগঠনৰ প্ৰায় অৰ্ধশতাধিক নেতৃত্বই অংশগ্ৰহণ কৰি অইল ইণ্ডিয়া লিমিটেডে ভৱিষ্যতে পৰিৱেশ সংবেদনশীল আৰু জনবাসতিপূৰ্ণ এলেকাৰ ভিতৰত সকলো খনন কাৰ্য বন্ধ কৰা, বাঘজান কাণ্ডৰ ফলত ক্ষতিগ্ৰস্থ হোৱা সকলো পৰিয়ালক সকলো ধৰণৰ উচিত ক্ষতিপুৰণৰ লগতে নিকটৱৰ্তী গাঁ‌ওসমূহত শিৱিৰত বসবাস কৰি থকা লোকসকলক সাহায্য প্ৰদান কৰা, মতাপুং-মাগুৰি বিল আৰু ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱকুলক সম্পূৰ্ণৰূপে সুৰক্ষা প্ৰদাণ কৰা, অইল ইণ্ডিয়া লিমিটেডৰ যিকোনো কাম কাজ তথা পৰিত্যক্ত খাদ সমূহত সম্পূৰ্ণৰূপে সুৰক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ এইজনীয়া সমিতিখনৰ জৰিয়তে দাবী জনাই।

মুখ্যমন্ত্ৰীৰ সমষ্টিত জলপৰিবহনৰ পয়া লগা অৱস্থা, বাৰিষা নচলিলে চলিব কেতিয়া ৰ’ৰ’ জাহাজ, পনবন্দী মাজুলীবাসী ।

উজনি মাজুলী : মাজুলী আৰু যোৰহাট সংযোগী জল পৰিবহণ ব্যৱস্থাক উন্নীত কৰাৰ উদ্দেশ্যে অসম চৰকাৰে ২০১৮ চনৰ ১১ অক্টোবৰৰ পৰা প্রৱর্তন কৰিছিল অত্যাধুনিক ৰ’ ৰ’ জাহাজ। নিমাতি-মাজুলী ফেৰী সেৱালৈ অহা যুগান্তকাৰী পৰিবৰ্তনৰ দিনটোত উপস্থিত থাকি ফিটা কাটি নৌকা বিহাৰেৰে শুভ উদ্বোধন কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৈছিল এই জাহাজে মাজুলীৰ পৰিবহনলৈ এক নতুন গতি প্ৰদান কৰিব৷ ইয়াৰ দ্বাৰা সাধাৰণ মানুহৰ লগতে নদীদ্বীপটোৰ ব্যৱসায়িক ক্ষেত্ৰখনতো নতুন মাত্ৰা প্ৰদান কৰিব। প্ৰায় ১০০ জন যাত্ৰীক কঢ়িয়াই নিয়াৰ লগতে ২৫ খন সৰু গাড়ী আৰু আঠখন ট্ৰাক কঢ়িয়াই নিব পৰা ক্ষমতা থকা জাহাজখন পাই উৎফুল্লিত হৈ পৰিছিল মাজুলীবাসী। পিছে অসম চৰকাৰৰ সদিচ্ছাৰ অভাৱত সাত মাহ চলিয়েই চলাচল বন্ধ হৈ পৰিল ৰ’ ৰ’ জাহাজৰ৷ ৰঙা ফিটাৰ মেৰপেছত পৰি ১০ কোটি টকাৰ ব্যয় সাপেক্ষত নিৰ্মাণ কৰা অত্যাধুনিক ৰ’ ৰ’ জাহাজে এতিয়া নিমাতি ঘাটত মৃত্যুৰ ক্ষণ গণিছে৷ ভাৰতীয় জলমার্গ প্রাধিকৰণৰ পৰিচালনাত চলাচল কৰা জাহাজখনৰ চলাচল কৰি থকাৰ সময়তো সৰহভাগ দিন বিকল হৈ থকাৰ উপৰি নদীত জলস্তৰ হ্রাস হোৱাৰ অজুহাতত জাহাজখন বন্ধ থকাৰ লগতে বাৰিষাৰ সময়ছোৱাতো জাহাজখন বন্ধ ৰাখিছিল। একেদৰে লাভ কম হোৱা, কর্মচাৰীৰ সংখ্যা উপযুক্ত নোহোৱা আদিকো কাৰণ হিচাপে দেখুৱাব খোজা ভাৰতীয় জলমার্গ প্রধিকৰণে চলাচলৰ সাত মাহৰ পিছত একেবাৰেই বন্ধ কৰি দিলে ৰ’ ৰ’ জাহাজৰ চলাচল। এতিয়া নিমাতি ঘাটত ফুলদানী হৈ পৰি ৰৈছে প্ৰায় ১০ কোটি টকীয়া অত্যাধুনিক ৰ’ ৰ’ জাহাজ। খোদ মুখ্যমন্ত্ৰীৰ সমষ্টিতে জলপৰিবহন ব্যৱস্থাৰ এই দশা। ইফালে ব্ৰহ্মপুত্ৰত জলস্তৰ সামান্য বৃদ্ধি হলেই তাৎক্ষণিকভাৱে নিমাতি-মাজুলী সংযোগী ফেৰী সেৱা বন্ধ কৰি নিচিন্ত হৈ থকা আভ্যন্তৰীণ জলপৰিবহন বিভাগটোৰ কাণ্ড কাৰখানাই বিতুষ্ট কৰি তুলিছে মাজুলীবাসীক। পূৰ্বে ভৰ বাৰিষাৰ সময়তো ফেৰী চলিছিল। মাজুলীবাসী সন্মুখীন হোৱা সমস্যাৰ প্ৰতি লক্ষ্য ৰাখিয়েই পূৰ্বে বিভাগটোৰ বিষয়া কৰ্মচাৰীয়ে সুকলমে ফেৰী সেৱা আগবঢ়াই আহিছিল। আৰু এতিয়া নদীৰ পাৰ দেখি নোপোৱা বিভাগটোৰ উৰ্ধতম বিষয়াই নদীত পানী বাঢ়িলেই ফেৰী বন্ধ কৰি দায়িত্ব সামৰা কাণ্ডত ক্ষোভিত হৈ পৰিছে মাজুলীবাসী। অত্যাৱশ্যকীয় আৰু জৰুৰী সেৱাৰ বাবে যোৰহাটৰ ওপৰত নির্ভয় কৰি অহা মাজুলীবাসী এতিয়া ফেৰী ঘাট বন্ধৰ বাবে বিভিন্ন সমস্যাৰ সন্মুখীন হ’ব লগা হৈছে। ৰ’ৰ’ ফেৰীখনো নিমাতীতে তেনেদৰে পৰি ৰোৱাত নানান সমস্যাৰ সন্মুখীন হৈছে মাজুলীবাসী। ইফালে বিশ্বনাথৰ কংগ্ৰেছ ভৱনত এক সংবাদমেলত মাজুলীৰ এই গুৰুত্বপূৰ্ণ বিষয়টো উত্থাপন কৰি শীঘ্ৰে ৰ’ৰ’ জাহাজখন চলাচলৰ ব্যবস্থা কৰিবৰ বাবে দাবী জনায় কংগ্ৰেছে। অলপতে মাজুলীৰ বান পৰিস্থিতি পৰ্যবেক্ষণৰ বাবে মাজুলীলৈ আহিবলৈ আহি ফেৰী বন্ধৰ বাবে নিমাতি ঘাটৰ পৰাই উভতি যাব লগা হয় কংগ্ৰেছ দলৰ মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী। ফেৰী ঘাটত পৰিত্যক্ত অৱস্থাত থকা ৰ’ ৰ’ জাহাজখন দেখি অবাক হৈ পৰে বিধায়ক কুৰ্মী। বানৰ এই জটিল সময়ত সুকলমে ব্ৰহ্মপুত্ৰত চলি থাকিব পৰা ক্ষমতা থকা ফেৰীখন এনেদৰে পেলাই থোৱাত ক্ষোভ প্ৰকাশ কৰে বিধায়ক জনে। শীঘ্ৰে ৰ’ৰ’ জাহাজখন কাৰ্যক্ষম কৰি তুলিবৰ বাবে দাবী জনাইছে বিধায়ক কুৰ্মীয়ে|