Home Blog Page 3366

বিভিন্ন ফল-মূলেৰে চহকী অসম : অসমক প্ৰকৃতাৰ্থত আত্মনিৰ্ভৰ্শীল কৰি তুলিবলৈ থলুৱা ফল-মূল হ’ব পাৰে অন‍্যতম উপযুক্ত সাধন

বিভিন্ন ফল-মূলেৰে চহকী অসম : অসমক প্ৰকৃতাৰ্থত আত্মনিৰ্ভৰ্শীল কৰি তুলিবলৈ থলুৱা ফল-মূল হ'ব পাৰে অন‍্যতম উপযুক্ত সাধন

আমে মলিয়াই, কঁঠালে মুচিয়াই বহাগী অহাৰ বাতৰি দিয়ে। আমৰ ডালত কুলিৰ বিননীয়ে বসন্তৰ বা উতলা কৰে। বসন্তৰ বুকুতে বিভিন্ন ফলৰ গছত ফুল ফুলিবলৈ আৰম্ভ কৰে। প্ৰাকৃতিকভাৱেই অসমত ভিন্ন প্ৰকৃতিৰ ফল-মূল উৎপন্ন হয়। পথৰ কাষৰ বা হাবিৰ মাজৰ গৰাকীহীন আম, কঁঠাল, জামুক, লেটেকু, পনিয়লৰ খাওঁতা নাছিল এটা সময়ত। আজি দিন সলনি হ’ল যদিও এই ফল-মূলৰ উৎপাদন তুলনামূলকভাবে কমা নাই। অথচ ইয়াৰ বাণিজ‍্যিক লাভা-লাভ আহৰণৰ ক্ষেত্ৰত আগবাঢ়িব পৰা নাই।   

এতিয়া সমাগত জহৰ দিন। এইয়া বিধে-বিধে ফল লগাৰ বতৰ। লকডাউনৰ সময়ছোৱাত নিৰৱে-নিঃশব্দে প্ৰকৃতিয়ে ৰূপ সলাইছে। অসমৰ গাঁৱে-ভূঞে, চুকে-কোনে বিভিন্ন ফলৰ গছত শোভা কৰিছে বিভিন্ন টেঙা-মিঠা-কেহা ফলে। এই ফল-মূলবোৰৰ উপকাৰীতা বা ঔষধি গুণৰ বিষয়ে পুণৰাই কোৱাৰ প্ৰয়োজন নাই যদিও অসমীয়াই এই ফলবোৰৰ উপযুক্ত মৰ্যাদা দিব জনা নাই।         

 ফলৰ ৰজা আম, কঁঠাল, জামুক, সুমথিৰা বেল, লেটেকু, পনিয়ল, লিচু, আহোম-বগৰী, প্লাম, ডালিম, অমৰা, আমলখী, টেঙাজাতীয় ফল – পৰা-আমলখী, কৰ্জা, ৰবাব টেঙা, বৰ টেঙা, চকলা টেঙা, বিলম্ব বা পটল টেঙা আদি বিধে-বিধে এতিয়া গছৰ ডাল শোভা কৰিছে।      

     ডালিম, লিচু, লেটেকু, পনিয়ল, আহোম বগৰী, বেল আদি কিছু ফল ইতিমধ‍্যে খাবৰ হৈছে। ফলৰ ৰজা আমৰ আচাৰ প্ৰস্তুতৰ সময় এইয়াই। পদুনাৰে চাট্‌নি খোৱা লোভ হয়তু সকলোৰে আছে । জলফাই, ঔটেঙা, আনাৰসৰ ফুল ফুলিছ, ঠিক তেনদৰে ৰবাব টেঙা, সুমথিৰা, অমৰা, প্লাম, আমলখী, জামুকৰ কলি পেলাইছে‌।

           অসমৰ থলুৱা ফল-মূলৰ বাণিজ‍্যিক লাভা-লাভৰ ক্ষেত্ৰত অসম মুঠেই আগবঢ়া নহয়। কাৰণ যিয়েই নহওক, কিন্তু এই জটিল সময়ছোৱাত স্বনিৰ্ভৰশীল হোৱাৰ যি এক বসনা মানুহৰ মনত জাগৃত হৈছে, সেই বাসনাক প্ৰকৃত ৰূপ দিবলৈ অসমৰ থলুৱা ফল-মূল এক অন‍্যতম সাধন হ’ব পাৰে। এই ক্ষেত্ৰত ৰাজ‍্যৰ আগ্ৰহী নিবনুৱাক কৃষি-ভিত্তিক উদ‍্যোগ স্থাপন কৰি অসমত উৎপন্ন হোৱা প্ৰচুৰ পৰিমাণৰ ফল-মূলক বাণিজ‍্যিক ক্ষেত্ৰখনত আগুৱাই যোৱাৰ এক বলিস্থ পদক্ষেপ অসম চৰকাৰৰ কৃষি আৰু বিপনন বিভাগটোৱে ল’ব পাৰে। এনে পদক্ষেপ ল’বৰ ইয়ে এক উপযুক্ত সময়। জহকালৰ ফলমূলবোৰৰ কিছুসংখ‍্যক খাব পৰা হৈছে, আন কিছুসংখ‍্যক দুই-এমাহৰ ভিতৰতে খাব পৰা হ’ব। বিশেষকৈ টেঙা জাতীয় ফলৰ ক্ষেত্ৰত অসম বিশেষভাবে চহকী। টেঙাজাতীয় ফল মানে আচাৰ বা ৰস বাবে উপয়ুক্ত। তদুপৰি আম, লিচু, আনাৰসো অসম তথা উত্তৰ পূৱত প্ৰচুৰ পৰিমাণে উৎপন্ন হয়। তৎস্বত্বেও আচাৰ, ফলৰ ৰস, জাম-জলীৰ ব‍্যৱসায়ীক উৎপাদনত অসমৰ অৱস্থা মুঠেই সন্তোষজনক নহয়‌। এছিয়াৰ এখন বৃহৎ কলৰ বজাৰ থকাৰ পিছতো অসমে কলৰ পৰা প্ৰস্তুত হোৱা বিভিন্ন ৰুচিকৰ খাদ‍্য বা জনপ্ৰিয় ‘বানানা শ্বেক’ অসমত উৎপাদন নহয়। 

         এই জটিল সময়ছোৱাত পৃথিৱীৰ মানৱ জাতিয়ে লাভ কৰা আত্মনিৰ্ভৰতাৰ শিক্ষাই অসমৰ বাণিজ‍্যিক ক্ষেত্ৰখনতো আত্মনিৰ্ভৰ হোৱাৰ বাটত প্ৰশস্ত কৰিব। এই বাটত নিশ্চয়কৈ সাধন হিচাপে চিহ্নিত কৰিব পাৰি অসমৰ থলুৱা ফলমূলক। এই লকডাউনৰ সমছোৱাত অত‍্যাধুনিক সংৰক্ষণৰ আহিলা বা সাধনৰ অভাৱে অসমত উৎপাদিত হোৱা শাক-পাচলি নষ্ট হ’ল, কৃষকৰ দুৰৱস্থা হ’ল। সমগ্ৰ অসমত উৎপাদিত বিলাহী, জলকীয়া যিটো হাৰত নষ্ট হ’ল, সি আছিল অভাৱনীয়। কিন্তু এই দুয়োবিধ পাচলি সংৰক্ষণযোগ‍্য খাদ‍্য আচাৰ, চচ জাতীয় খাদ‍্য সামগ্ৰীৰ বাবে অতি উপযুক্ত। কিন্তু চৰকাৰী হেমাহীয়ে হওক বা আন কাৰণেতেই হওক শাক-পাচলি ব‍্যাপক হাৰত নষ্ট হ’ল। এতিয়া সমাগত সময়ত অসমৰ গাঁৱে-ভূঞে উৎপাদন হ’বলগীয়া বৃহৎ পৰিমাণৰ ফল-মূলৰ অৱস্থা যাতে বিলাহী-জলকীয়াৰ দৰে নহয়, তাৰ প্ৰতি চৰকাৰে এতিয়াৰ পৰাই সু-পৰিকল্পিত আঁচনিৰ জৰিয়তে অসমৰ অৰ্থনেতিক অৱস্থাৰ উন্নতিৰ ব‍্যৱস্থা কৰক। এনে পৰিকল্পনাই অসমৰ অজস্ৰজনক সংস্থাপনৰ বাট মুকলি কৰিব।

ৰূপজ‍্যোতি গোস্বামী

কলিয়াবৰ, নগাঁও ফোন : ৯৭০৬০৪৪৯৩৪

দৰঙত ৰাজ্যৰ বাহিৰৰ পৰা অহা লোকক চিকিৎসালয়ত আছুতীয়াকৈ ৰখাৰ ব্যৱস্থা

মঙলদৈ

ৰাজ্যৰ বাহিৰৰ পৰা আহি দৰঙত উপস্হিত হোৱা লোকৰ স‌ংখ্যা ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে৷ শুকুৰবাৰে পুৱতি নিশাও ১৫ জনকৈ লোক আহি উপস্থিত হৈছে  জিলাখনত৷ আৰক্ষীৰ সহযোগত এই লোকসকলক চিকিৎসালয়লৈ আনি স্বাস্থ্য পৰীক্ষা কৰোৱাৰ লগতে চিকিৎসালয়ত আছুতীয়াকৈ ৰখাৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰে তিনিজনক ছিপাঝাৰ সামূহিক স্বাস্থ্য কেন্দ্ৰত ৰখাৰ বিপৰীতে  দুজনকৈ লোকক দুনী আদৰ্শ চিকিৎসালয় আৰু খাৰুপেটীয়া সামূহিক চিকিৎসালয়ত আৰু ৮ জন লোকক মঙলদৈ অসামৰিক চিকিৎসালয়ত আছুতীয়াকৈ ৰখা হৈছে। লক্ষ্যণীয়ভাৱে মঙলদৈ অসামৰিক চিকিৎসালয়ত ৰখা ৮ জন লোকৰ ভিতৰত এগৰাকী কৰ্কট ৰোগী৷ ইতিমধ্যে  আটাইকেইজনৰে  শ্লেষৰ নমুনা সংগ্ৰহ কৰি কভি’ড- ১৯ৰ পৰীক্ষাৰ বাবে তেজপুৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণৰ ব্যৱস্থা কৰা হৈছে। উল্লেখযোগ্য যে এই আটাইকেইজনলোক চেন্নাইৰ পৰা ৰে’লযোগে আহি দৰঙত উপস্থিত হৈছিল। বৃহস্পতিবাৰে উপস্থিত হোৱা ছজন লোককে ধৰি এতিয়ালৈকে বহিঃৰাজ্যৰ পৰা আহি দৰঙত উপস্থিত হোৱা লোকৰ সংখ্যা দুটি শিশুসহ হ’লগৈ মুঠ ২১ জন৷ ইফালে বৃহস্পতিবাৰে ৫৮ টা শ্লেষৰ নমুনা কভিড-১৯ৰ পৰীক্ষাৰ বাবে তেজপুৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰিছে দৰং জিলা স্বাস্থ্য বিভাগে৷ আনহাতে বুধবাৰ পৰ্যন্ত জিলাখনৰ পৰা গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ পঠিওৱা ৫৫৮ টা  শ্লেষৰ নমুনাৰ  ভিতৰত ৩৯১ টা নমুনাৰ প্ৰতিবেদন দৰং জিলা স্বাস্থ্য বিভাগৰ হাতত আহি পৰিছে আৰু কোনোটো নমুনাতেই কভিড-১৯ ৰ উপস্থিতি ধৰা পৰা নাই।

ধৰ্ষণৰ গোচৰত গ্ৰেপ্তাৰ বিজেপিৰ হোজাই জিলা সমিতিৰ সংখ্যালঘূ মৰ্চাৰ সভাপতি

ধৰ্ষণৰ গোচৰত গ্ৰেপ্তাৰ বিজেপিৰ হোজাই জিলা সমিতিৰ সংখ্যালঘূ মৰ্চাৰ সভাপতি

লংকা

লংকাৰ এগৰাকী মহিলাক টকা দিয়াৰ প্ৰলোভনেৰে  ধষৰ্ণৰ চেষ্টা কৰাৰ অভিযোগত  হোজাই জিলাৰ লংকা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে হোজাই জিলা বিজেপিৰ সংখ্যালঘূ মৰ্চাৰ সভাপতি ক’মৰুল হক চৌধুৰীক। লংকা আৰক্ষীয়ে নিজ ঘৰৰ পৰা আটক কৰে বিজেপিৰ সংখ্যালঘূ মৰ্চাৰ জিলা সভাপতিজনক। লংকা আৰক্ষীয়ে ২১৯/২০  নম্বৰত ৰুজু কৰা গোচৰৰ ভিত্তিত বিজেপি নেতাজনক ভাৰতীয় দণ্ডবিধিৰ ৩৭৬/৫১১/৫০৬ ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা হৈছে। উল্লেখ যে মহিলাগৰাকীৰ স্বামীয়ে কমৰুল হকৰ পৰা ৩৫ হাজাৰ টকা পোৱাৰ অজুহাতত পোৱা টকাখিনি ওভতাই দিম বুলি ১১ মে’ৰ দিনা মহিলাগৰাকীক কমৰুলে ঘৰলৈ মাতি অনাৰ পিছত নিজৰ কোঠা বন্ধ কৰি ধৰ্ষণৰ  চেষ্টা কৰা বুলি মহিলাগৰাকীয়ে লংকা আৰক্ষী থানাত ধৰ্ষণৰ অভিযোগত এজাহাৰ দাখিল কৰে।আনহাতে কমৰুলৰ গ্ৰেপ্তাৰৰ খবৰ লাভ কৰি কিছু বিজেপি কৰ্মীয়ে লংকা আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। শেহতীয়াকৈ জানিব পৰা মতে ৰাজ্যিক সাধাৰণ সম্পাদকে এক নিৰ্দেশ যোগে কমৰুলক নিলম্বন কৰা হৈছে।  অসামাজিক কাৰ্যত জড়িত থকাৰ বাবে সংখ্যালঘু মৰ্চাৰ সভাপতি পদৰ পৰা সকলো দায়িত্ব আৰু দলৰ প্ৰাথমিক সদস্যৰ পৰা নিলম্বন কৰা হৈছে।  ইপিনে সংবাদ মাধ্যমৰ আগত সভাপতি ক’মৰুল হকে কয় যে  এয়া তেওঁৰ বিৰুদ্ধে মাথোঁ এক ষড়যন্ত্ৰ৷ কয়লা চিণ্ডিকেটৰ বিৰুদ্ধে এটা ফেচবুক প’ষ্ট দিয়াৰ পাছতে তেওক ষড়যন্ত্ৰমূলকভাৱে আৰক্ষীয়ে ভূৱা গোচৰত তেওঁক  গ্ৰেপ্তাৰ কৰিছে বুলি মত প্ৰকাশ কৰে৷

টিংখাঙত দুটা কোৱাৰেণ্টাইন শিবিৰ : তিনি পৰিয়াল হোম কোৱাৰেণ্টাইন

টিংখাং

বহিঃৰাজ্যত কাম কৰিবলৈ যোৱা লোকসকল নিজ গৃহলৈ ক’ৰোনা ভাইৰাছৰ বাবে ঘূৰি আহিছে।এইলোকসকলক ৰাজ্যৰ স্বাস্থ্য বিভাগে কোৱাৰেণ্টাইন কৰাৰ ব্যৱস্থা কৰিছে। সমগ্ৰ ৰাজ্যখনৰ লগতে ডিব্ৰুগড় জিলাৰ টিংখাঙত স্থানীয় প্ৰশাসনৰ সহযোগত স্বাস্থ্য বিভাগে প্ৰথম পৰ্যায়ত দুটা কোৱাৰেণ্টাইন শিৱিৰ স্থাপন কৰিছে। জানিব পৰা মতে বৃহত্তৰ টিংখাং অঞ্চলৰ তিনি সহস্ৰাধিক লোক বহিঃৰাজ্যত কৰ্মৰত হৈ আছে। ইয়াৰে অধিক সংখ্যক লোক নিজা ঘৰলৈ অহাৰ আগ্ৰহ কৰিছে। ইতিমধ্যে অঞ্চলটোৰ দুগৰাকী লোক প্ৰথমখন ৰে’লত আহি ডিব্ৰুগড়ত উপস্থিত হোৱা বুলি জানিব পৰা গৈছে। এই দুয়োগৰাকীকে জিলাখনৰ জকাইত স্থাপন কৰা কোৱাৰেণ্টাইন শিবিৰত স্বাস্থ্য বিভাগে ৰখা বুলি লগতে জানিব পৰা গৈছে৷ বহিঃৰাজ্যত কৰ্মৰত লোকসকলৰবাবে টিংখাঙৰ শ’লগুৰি উচ্চ মাধ্যমিক আৰু শ্ৰীবাঙ্গোৰ উচ্চ মাধ্যমিক বিদ্যালয়ত এই দুটা শিৱিৰ স্থাপন কৰিছে। শ’লগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ত থকা শিবিৰত পঞ্চাছ গৰাকী আৰু আনটো শিবিৰত পঞ্চাছ গৰাকী মুঠ এশ গৰাকীলোকক  কোৱাৰেণ্টাইন কৰাৰ ব্যৱস্থা কৰিছে।শিবিৰ দুয়োটাতে বহিঃৰাজ্যত কাম কৰিবলৈ যোৱা স্থানীয় অঞ্চলটোৰ লোকসকলক কোৱাৰেণ্টাইনত ৰখাৰ ব্যৱস্থা কৰিছে। স্থানীয় প্ৰশাসন কোৱাৰেণ্টাইনৰ বাবে সম্পূৰ্ণ সাজু হৈ আছে। এই পৰ্যন্ত বহিঃৰাজ্যৰ পৰা কোনো লোক শিবিৰলৈ অহা নাই যদিও দুই এদিনৰ ভিতৰতে বহুলোক ৰে’ল যোগে আহি  পাবহি । এই দুটাৰ শিবিৰৰ লগতে অঞ্চলটোৰ কেবাখনো শিক্ষানুষ্ঠানত কোৱাৰেণ্টাইন শিবিৰ স্থাপন কৰাৰ সম্ভাৱনা আছে। স্থানীয় আৰক্ষীয়ে শিবিৰ দুটাত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি ৰাখিছে। ইপিনে অঞ্চলটোৰ দিল্লীবাৰী আৰু সাপকাঁইটৰ তিনিটা পৰিয়ালক স্বাস্থ্য বিভাগে হোম কোৱাৰেণ্টাইন কৰি ৰাখিছে। গুৱাহাটীৰ বি বৰুৱা কেঞ্চাৰ হাস্পতালৰ পৰা চিকিৎসা কৰি ঘৰলৈ অহা দিল্লীবাৰীৰ এজন ৰোগীৰ পৰিয়ালটোক হোম কোৱাৰেণ্টাইন কৰা হৈছে। এই ৰোগীজনৰ স্বাস্থ্যৰ বুজ ল’বলৈ যোৱা সাপকাঁইটৰ ৰোগীৰ আত্মীয় দুটা পৰিয়ালকো হোম কোৱাৰেণ্টাইনত ৰখা হৈছে। উল্লেখ্য যে বি বৰুৱা হাস্পতালত কৰ্মৰত এগৰাকী লোকৰ আত্মীয় ক’ৰোনা ভাইৰাছ সংক্ৰমণৰ ফলত মৃত্যুক সাৱতি লোৱাৰ পিছতে চিকিৎসালয়খনত চিকিৎসা লোৱা ৰোগীসকলক বিশেষ সতৰ্কতা অৱলম্বন কৰি হোম কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰিছে।

হোজাইত পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগ ওপৰৰ পৰা তললৈ গেলিছে : শিলাদিত্য দেৱ

লংকা

 পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগৰ হোজাই সমষ্টিৰ দুই উন্নয়ন ব্লকত আঁচনিসমূহত সম্পূৰ্ণ দুৰ্নীতি হোৱা কথা স্বীকাৰ কৰিছে হোজাই সমষ্টিৰ বিধায়ক শিলাদিত্য দেৱে। বিজেপিৰ এজন নেতাই গুৱাহাটীত থাকিয়েই  হোজাইত এই দুৰ্নীতি চলাই আছে বুলিও তেওঁ মত প্ৰকাশ কৰে।  সম্ভৱত বৃহস্পতিবাৰে আবেলি হোজাই জিলাৰ সদৰ শংকৰদেব নগৰৰ উপায়ুক্তৰ সভাকক্ষত  অনুষ্ঠিত হোৱা জিলাখনৰ পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগৰ  পৰ্যালোচনা সভালৈ হোজাইৰ বিধায়ক শিলাদিত্য তথা  লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰক নিমন্ত্ৰণ নকৰাকৈ লৈ অসন্তুষ্টি প্ৰকাশ বিধায়ক শিলাদিত্যৰ। উল্লেখ যে উক্ত সভাত উপস্হিত আছিল বিভাগটোৰ মন্ত্ৰী নব কুমাৰ দলে৷ বিধায়ক শিলাদিত্য দেবৰ ভাষ্য অনুসৰি, ২০১৬ চনত স্বীকৃতি দিয়া নৱ নিৰ্মিত হোজাই জিলাৰ হোজাই সমষ্টিৰ দুটা ব্লক ক্ৰমে যোগীযান আৰু ধলপুখুৰী ব্লকত প্ৰথম অৱস্থাত আছিল বহু দুৰ্নীতি৷ পিছত লাহে লাহে দুৰ্নীতি মুক্ত কৰা হয়৷ হোজাই জিলাৰ উন্নয়ন ব্লক সমূহৰ কোনো ভাল পদক্ষেপ ম‌ই দেখা পোৱা নাই৷ এটাই উদ্দেশ্য প‌ইচা আহিব প‌ইচা লুণ্ঠন কৰিব লাগে, কমিছন য’ৰ পৰা আহিব তাত দিব লাগে আৰু ইয়াত কোনো তদন্ত নহয় আৰু তাৰ বাবে ম‌ই অসমৰ মন্ত্ৰীক তিনি বছৰ ধৰি অনুৰোধ কৰি আছিলো যে মন্ত্ৰী আহক আৰু এখন পৰ্যালোচনাৰ বাবে এখন সভা দিয়ক৷ কিন্তু ১৪ মে’ত পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়নৰ মন্ত্ৰী নৱ কুমাৰ দলে হোজাইৰ শংকৰদেৱ নগৰত উপস্হিত হৈ বিভাগটোৰ আঁচনিৰ ওপৰত পৰ্যালোচনা কৰে যদিও বিভাগৰ ফালৰ পৰা মোক কোনো জনোৱা নাই৷ ম‌ই নিজে মন্ত্ৰীক ফোন কৰিছিলো যে ম‌ই উপস্হিত থাকিম নে নাই কিন্তু মন্ত্ৰীয়ে স্পষ্ট কৈ কোনো উত্তৰ নিদিলে। লগতে লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰকো মতা নাছিল বুলি ম‌ই অৱগতো হ’লো। হোজাই জিলাৰ অন্তৰ্গত প্ৰতিটো উন্নয়ন ব্লকত দুৰ্নীতি চলি আছে। মুখ্যমন্ত্ৰীকো ম‌ই এই কথাখিনি অৱগত কৰাম৷ যদি এনেদৰে হৈ থাকে আমাক যদি সভালৈ নামাতে আমি বিধায়ক হৈ থকাৰ কি লাভ? আমি অভিযোগ দিয়াৰ পিছতো যদি কোনো  সমাধান নহয় আমি বিধায়ক হৈ থকাৰ কি দৰকাৰ? যাৰ যি মন যায় হোজাই লৈ বদলি কৰি আহি দুৰ্নীতি কৰিব নেকি? এতিয়াতো এনেকুৱাই লাগিছে ম‌ই বেছি মাত বোল কৰো বাবে মোক নামাতিলে৷ ম‌ই সঁচা কথা ক‌ওঁ বাবে ম‌ই বিতৰ্কিত৷ ম‌ই ৰাইজৰ প্ৰতিনিধি, যদি ইয়াত দুৰ্নীতি হৈছে স্পষ্ট কৰিব লাগিব৷ নে ফাঁকি মাৰি গুচি যাম। পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগটো এটা ব্যৰ্থ বিভাগ৷ আনহাতে তেওঁ আৰু কয় যে হোজাই জিলা পৰিষদ গঠন কৰা ক্ষেত্ৰটো আমাৰ পৰা কোনো আলোচনা কৰা নাছিল৷ সভাপতি বিজেপি আৰু উপ সভাপতি কংগ্ৰেছৰ সদস্যক লৈ কিয় বনোৱা হ’ল।গুৱাহাটীৰ কোন সেইজন আহি তেওঁ এনেদৰে গঠন কৰিবলৈ নিৰ্দেশ দিলে৷ কোন হয় অসমৰ বিজেপি নেতা যি গুৱাহাটীত বহি বহি হোজাই জিলাত দুৰ্নীতি কৰাই আছে? আমি সকলো সময়ত ফাদিল কৰিম৷  ম‌ই এতিয়া প্ৰতিবাদ কৰিম। কাক আৰক্ষীৰ পৰা এৰিব লাগে, কোনখন ট্ৰাক এৰাব লাগে সেইয়া গুৱাহাটীৰ পৰা ফোন কৰা ব্যক্তিজন কোন অতি সোনকালে আপোনালোকে গম পাব। তেওঁলোকে নিৰ্বাচনত কাক টিকট দিব পাৰিব, কাক নোৱাৰিব সেইবোৰ কৰিব পাৰিব কিন্তু সংগঠনক কোনো প্ৰভাব পেলাব নোৱাৰে৷

দৰঙত প্ৰধান মন্ত্ৰীৰ কিষাণ সন্মান আঁচনিৰ নামত ব্যাপক দুৰ্নীতি : আঞ্চলিক পঞ্চায়তৰ সদস্যাৰ লগতে একেখন ঘৰত দহগৰাকীৰ নামত সোমাল ধন

মঙলদৈ

লকডাউনৰ সময়চোৱাত কৃষকসকলক সকাহ দিয়াৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰধানমন্ত্ৰী কিষাণ সন্মান আচনি প্ৰৱৰ্তন কৰি কৃষকসকলৰ একাউণ্টত পোনপটীয়াকৈ ধন সোমাই দিছিল। কিন্তু এই আঁচনিৰ বাবে হিতাধিকাৰী বাচনিৰ দায়িত্ব আছিল জিলা কৃষি বিষয়াৰ। বিশেষকৈ দৰং জিলা কৃষি বিষয়াই তেওঁৰ তলতীয়া কৰ্মচাৰীৰ জৰিয়তে হিতাধিকাৰী বাচনি কৰে। এইখিনিতে লাগে অথন্তৰ। কৃষি বিভাগৰ গ্ৰামসেৱকসকলে মণ্ডল আৰু তৃণমূল পৰ্যায়ৰ বিজেপি নেতাৰ সহযোগত প্ৰস্তুত কৰে হিতাধিকাৰীৰ তালিকা। এই তালিকাত সোমাই পৰে বিজেপি নেতাসকলৰ মনপচন্দৰ দলীয় কৰ্মীৰ নাম যাৰ অধিকেই নহয় কৃষক। আনহাতে শিক্ষক স্বামীৰ আঞ্চলিক পঞ্চায়তৰ সদস্যা পত্নীৰ নামো হিতাধিকাৰীৰ তালিকাত স্থান লাভ কৰিছে। উল্লেখযোগ্য যে ছিপাঝাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰামগাঁও নিবাসী তথা বানেইকুছি মজলীয়া বিদ্যালয়ৰ শিক্ষক জনৈক গজেন্দ্ৰ কলিতাৰ পত্নী নিলিমা কলিতা সৰাবাৰী আঞ্চলিক পঞ্চায়তৰ সদস্যা। পঞ্চায়ত প্ৰতিনিধি নিলিমা কলিতা প্ৰকৃততে কৃষক নহয় যদিও তেওঁৰ নামত প্ৰধানমন্ত্ৰী কিষাণ সন্মান আচনি ধন সোমোৱাৰ লগতে তেওঁৰ বৰজনা অৰ্থাৎ গিৰিয়েকৰ ককায়েক যোগেন্দ্ৰ কলিতা, তেওঁৰ পত্নী কিৰণ কলিতা, দুই পুত্ৰ দিগন্ত কলিতা আৰু ৰাতুল কলিতা, আন এগৰাকী বৰজনা নীলকান্ত কলিতা, তেওঁৰ পত্নী ভানুমতী কলিতা, পুত্ৰদ্বয় জয়ন্ত কলিতা, কমলজ্যোতি কলিতা, কমলজ্যোতিৰ পত্নী দীপান্বীতা দাস কলিতাকে ধৰি একেটা পৰিয়ালৰ মুঠ দহগৰাকী সদস্যৰ নাম তালিকাভুক্ত হৈছে। আনহাতে গাওঁখনৰ যথেষ্ট সংখ্যক প্ৰকৃত কৃষকৰ নাম তালিকাত নথকাত বিষয়টোৱে চৰ্চা লাভ কৰিছে। এই সন্দৰ্ভত সাংবাদিকে দৰং জিলাৰ কৃষি বিষয়া ভৰত চন্দ্ৰ দেউৰীক সোধাত তেওঁ গা এৰা মন্তব্য কৰি চাকৰিৰ পৰা নিলম্বন হোৱাৰ বাবেহে অপেক্ষা কৰি আছে বুলি কয়। ইফালে লক্ষীমপুৰ গাঁও পঞ্চায়ৰ অন্তগৰ্ত বালিপোতা, লক্ষীমপুৰ গাঁৱত এজনো মুছলমান সম্পদায়ৰ লোক বাস নকৰাৰ পিছতো গাঁও দুখনৰ পৰা তালিকাত দুয়োখন গাঁৱত ১৮-২০ জনকৈ তালিকাভুক্ত হোৱাত সকলোৰে চকু কপালত উঠিছে৷ কাৰ ভুলৰ বাবে এজনো মুছলমান নোহোৱা গাঁও দুখনত ১৮-২০ জনকৈ মুছলমান লোক অন্তভূক্ত হ’ল আৰু সেই টকাসমূহ কাৰ পকেটত সোমাল সেয়া তদন্ততহে ওলাই পৰিব৷ গাঁও দুখনৰ সচেতন লোকসকলে এটা উচিত তদন্ত কৰাৰ বাবে জিলা প্ৰশাসন আৰু চৰকাৰলৈ অাহ্বান জনাইছে৷

হাজোৰ পথাৰ পৰিভ্ৰমণ কৃষি মন্ত্ৰী অতুল বৰাৰ

গুৱাহাটী

আজি কৃষি আৰু পশুপালন মন্ত্ৰী অতুল বৰাই বিধায়িকা সুমন হৰিপ্ৰিয়া আৰু বিভাগীয় বিষয়া সহ হাজোৰ ৰামদিয়া আৰু বঙালপাৰা অঞ্চল পৰিদৰ্শন কৰি কৃষক সকলৰ সমস্যাৰ বুজ লয়। মন্ত্ৰী বৰাই বঙালপাৰা গাঁওত ১২৫ হেক্টৰ ভূমিত ধান খেতি কৰা যুৱ কৃষকৰ লগত মত বিনিময় কৰি তেওঁলোকৰ কৰ্মস্পৃহাৰ শলাগ লয়। অঞ্চলটোৰ খেতিয়ক সকলে  বিভাগীয়ভাবে যোগান ধৰা ধানৰ উন্নত বীজ  DRR 42 আৰু হাইব্ৰিড বীজ DRD 775, DRRH 3 ব্যৱহাৰ কৰি সুফল পোৱা বুলি অৱগত কৰে। পৰিদৰ্শন কালত জনস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি খেতিত অত্যধিক ৰাসায়নিক সাৰ আৰু কীটনাশক আদি  প্ৰয়োগৰ পৰা বিৰত থাকি জৈৱিক পদ্ধতিৰে খেতি কৰিবলৈ কৃষকসকলক আহ্বান জনায়।  লকডাউনৰ ফলত ক্ষতিগ্ৰস্ত কৃষকসকলক ক্ষতিপূৰণ আদায় দিয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও কৃষক সকলক তেওঁ আশ্বাস দিয়ে। কৃষিমন্ত্ৰীৰ এই পথাৰ পৰিদৰ্শনে স্হানীয় কৃষক সকলক যথেষ্ট উৎসাহ যোগোৱা বুলি কৃষকসকলে প্ৰকাশ কৰিছে।

কলিয়াবৰত ২ ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ : হিৰ’ইন জব্দ

কলিয়াবৰৰ জখলাবন্ধা আৰক্ষী নিৱেশৰ অন্তৰ্গত ন-জানৰ পৰা দুজন ড্ৰাগ্‌ছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰে।

কলিয়াবৰ

কলিয়াবৰৰ জখলাবন্ধা আৰক্ষী নিৱেশৰ অন্তৰ্গত ন-জানৰ পৰা দুজন ড্ৰাগ্‌ছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰে। বৃহস্পতিবাৰে নিশা এক গোপন সূত্ৰৰ পম খেদি বাগৰী টহলদাৰী চকীৰ অন্তৰ্গত কুঠৰীৰ ন-জানৰ পৰা চাৰিটা সন্দেযুক্ত হিৰ’ইনৰ টেমা জব্দ কৰে আৰক্ষীয়ে। গ্ৰেপ্তাৰ কৰা ড্ৰাগছ্ সৰবৰাহকাৰী দুজন হ’ল ক্ৰমে কামালুদ্দিন আৰু ইণ্টাজুল আলিক ৩৭ নং ৰাষ্ট্ৰীয় পথত এ এছ ০২ বি ০৪৮৩ বাহনখনৰ পৰাই আৰক্ষীয়ে আটক কৰি সোধা পোচাৰ অন্তত গ্ৰেপ্তাৰ কৰে।

কলিয়াবৰৰ বেঙেনাআটি, বৰুৱাআটিত মন্ত্ৰী কেশৱ মহন্ত : ভূৰবন্ধাৰ পৰা আমবাগান গড়কাপ্তানী পথ নিৰ্মাণৰ শুভাৰম্ভণী

কলিয়াবৰ সমষ্টিৰ প্ৰতিটো পৰিয়ালৰ কাষত স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্ত

কলিয়াবৰ

 ক’ৰোনা সংক্ৰমণ প্ৰতিহত কৰিবলৈ সমগ্ৰ ৰাষ্ট্ৰতে বলৱৎ চতুৰ্থ পৰ্য‍ায়ৰ লকডাউন। এই জটিল সময়ছোৱাত কলিয়াবৰ সমষ্টিৰ প্ৰতিটো পৰিয়ালৰ কাষত স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্ত। অগপ দলীয় কৰ্মীক লগত লৈ পদুলিয়ে পদুলিয়ে খাদ‍্য তথা অত‍্যাৱশ‍্যকীয় সামগ্ৰী বিতৰণ কৰিছে। ধাৰাবাহিকভাৱে যোৱা এঘাৰ দিন এই বিতৰণ প্ৰক্ৰিয়া চলি থকাৰ পিছত শুকুৰবাৰে দ্বাদশ দিনত ভৰি দিলে। শুকুৰবাৰে বেঙেনাআটি, বৰুৱাআটি গাঁৱত সাহায‍্য সামগ্ৰী বিতৰণ কৰে। উপস্থিত গাঁওবাসীক ক’ৰোনা সন্ত্ৰাসৰ বিৰুদ্ধে ৰাইজক সজাগ হৈ একত্ৰিতভাৱে যুঁজিবলৈ আহ্বান জনায়৷ এই বিতৰণকালত মন্ত্ৰী কেশৱ মহন্তই ভূৰবন্ধাৰ পৰা আমবাগান গড়কাপ্তানী পথ নিৰ্মাণৰ শুভাৰম্ভণী কৰে।

মুখ্যমন্ত্ৰীৰ সংবাদমেল

* অসমে বিচাৰে দুসপ্তাহৰ লকডাউন বৃদ্ধি৷

* অসমত লকডাউনকালীন দৈনিক লোকচান এহেজাৰ কোটি৷

* বহিৰাজ্যৰ পৰা  অহা শ্ৰমিক-কৰ্মী হ’ব অসমৰ স্কীল ফৰ্চ, বোজাৰ পৰিবৰ্তে বহিংৰাজ্যৰ পৰা অহা শ্ৰমিক-কৰ্মী হ’ব অসমৰ স্কীল ফৰ্চ৷

* বোজাৰ পৰিবৰ্তে সম্পদ হ’ব৷ অসমে দিব নিযুক্তি৷

* সাংবাদিক সকলে বহু ৰিক্স লৈছে ক’ৰোনা ভাইৰাছৰ বাতৰি পৰিবেশনৰ কৰিছে৷ তাৰ বাবে মই ধন্যবাদ, কৃতজ্ঞতা জনাইছো। সকলো সুৰক্ষিত থাকক৷