Home Blog Page 3377

কাশ্মীৰী মহিলা সাংবাদিকলৈ সাহসিকতা ফটো সাংবাদিকতা বঁটা ।

কাশ্মীৰী মহিলা সাংবাদিকলৈ সাহসিকতা ফটো সাংবাদিকতা বঁটা ।

দৈনন্দিন বাৰ্তা :

মহিলা মিডিয়া ফেডাৰেছনে কাশ্মীৰৰ ফ্ৰীলায়েন্স জাৰ্ণেলিষ্ট মাছাৰট জাৰ্হা (২৬)ক চলিত বৰ্ষৰ ফটো সাংবাদিকতাৰ সন্মানীয় অঞ্জা নিইদৰিংহাছ সাহসিকতা বঁটাৰে সন্মানিত কৰিছে৷ উল্লেখ্য যে এইগৰাকী সাংবাদিক কাশ্মীৰৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ পৰা সাংবাদিকতাত স্নাতক৷ তেওঁ ৱাশ্বিংটন প’ষ্ট, অল জাজিৰা আৰু দ্য কাৰাভান আলোচনী আদিৰ লগত জড়িত৷ এই বঁটাটো পুলিৎজাৰ বঁটা জয়ী এপি ফটোগ্ৰাফাৰৰ নামত উৎসৰ্গিত৷ এইজন সাংবাদিকক ২০১৪ চনত আফগানিস্থানত হত্যা কৰিছিল৷ এই বঁটাত আছে ২০০০০ ডলাৰ৷ এই বঁটা বিপদক নেওচি বাতৰিৰ ছবি লোৱা মহিলা সাংবাদিকক দিয়া হয়৷ উল্লেখ্য যে নিইদৰিংহাছে ২০০৫ চনত আইডব্লিউএমএফ সাংবাদিকতাৰ সাহসিকতা বঁটা লাভ কৰিছিল৷ প্ৰাপ্ত তথ্য মতে জাৰ্হা শ্ৰীনগৰত জন্ম৷  তেওঁ কাশ্মীৰ প্ৰতিবাদকাৰী আৰু ভাৰতীয় নিৰাপত্তাৰক্ষীৰ মাজত হোৱা সংঘৰ্ষ ছবিৰে প্ৰতিফলিত কৰিছে৷

খুড়ীয়েকৰ কাতৰ অনুৰোধৰ প্ৰতি সঁহাৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ।

খুড়ীয়েকৰ কাতৰ অনুৰোধৰ প্ৰতি সঁহাৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ।

দৈনন্দিন বাৰ্তা:

তিনিচুকীয়া জিলাৰ ১২৬ নং শদিয়া বিধানসভা সমষ্টিৰ হাঁহখাটী গাঁও পঞ্চায়তৰ অন্তৰ্গত মূলুক গাঁৱত একমাত্ৰ পুত্ৰৰ সৈতে ভগা পঁজাত বাস কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ খুড়ীয়েক ৰহিলা সোনোৱাল (৮২)। প্ৰায় এমাহ পূৰ্বৰে পৰা বেমাৰত ভূগি আছে  ৰহিলা সোণোৱালে। বেমাৰত ভুগি থকাৰ আৰু মুখ্যমন্ত্ৰীক সহায়ৰ বাবে কাতৰ আহ্বান জনোৱাৰ  বাতৰি বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ হোৱাৰ পিছতেই মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে কালি প্ৰশাসনৰ লোক উপস্থিত হৈ ৰোগাক্ৰান্ত মহিলাগৰাকীৰ সবিশেষ তথ্য লোৱাৰ পিছত আজি ১২৬ নং শদিয়া বিধানসভা সমষ্টিৰ বিধায়ক বলিন চেতিয়া উপস্থিত হয়। বিধায়ক গৰাকীয়ে মুখ্যমন্ত্ৰীৰ সৈতে টেলিফোনযোগে খুড়ীয়েকৰ সৈতে বাৰ্তালাপ কৰোৱাই।  বিধায়ক গৰাকীয়ে কাইলৈ মহিলাগৰাকীক উন্নত চিকিৎসাৰ বাবে ব্ৰহ্মপুত্ৰ হস্পাতাললৈ নিব বুলি জানিব দিছে। উল্লেখযোগ্য যে, মহিলাগৰাকীয়ে অৰ্থাৎ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ খুড়ীয়েকে তেখেতক  সৰুৰে পৰা তুলি-তালি ডাঙৰ-দীঘল কৰিছিল।  আর্থিকভাৱে জুৰুলা পৰিয়ালটোৱে ৰহিলা সোণোৱালৰ চিকিৎসাৰ বাবে দুবিঘাকৈ খেতি মাটি বন্ধকত দিব লগা হৈছিল। ভতিজাকে খুড়ীয়েকৰ কৰুণ বিননি শুনাত ঘৰখনলৈ যেন এক আশাৰ ৰেঙণি কঢ়িয়াই আনিছে। 

ধনশিৰিত ভাৰতৰ অন্যতম স্বাধীনতা সেনানী শ্বহীদ কুশল কোঁৱৰৰ ৭৭ তম মৃত্যু বাৰ্ষিকী উদযাপন । অসাৰ প্ৰতিপন্ন হ’ল শ্বহীদ জনাৰ নামত উদ্যান স্হাপনৰ মুখ্যমন্ত্ৰীৰ ঘোষণা।

দৈনন্দিন বাৰ্তা:

ভাৰতৰ স্বাধীনতা আন্দোলনৰ সেনানী শ্বহীদ  কুশল কোঁৱৰৰ ৭৭ তম মৃত্যু  দিৱসটি তেখেতৰ কৰ্মস্হলী  ধনশিৰি মহকুমাৰ সৰুপথাৰতো ধনশিৰি মহকুমা প্ৰশাসনৰ উদ্যোগত  অনুষ্ঠিত কৰা হয়৷  পুৱা ন বজাত সৰুপথাৰ ৰাজহুৱা ভৱন চৌহদত শ্বহীদ গৰাকীৰ প্ৰতিমূৰ্ত্তিত ধনশিৰি মহকুমাৰ মহকুমাধিপতি দিবাকৰ নাথে বন্তি প্ৰজ্বলন আৰু পুস্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধা নিবেদন কৰে৷ ইয়াৰ উপৰিও সৰুপথাৰ সুমহীয়া স্বাস্হ্য কেন্দ্ৰটো শ্বহীদ জনাৰ মৃত্যু তিথি উপলক্ষে শ্ৰদ্ধাঞ্জলি অৰ্পন কৰা হয়৷  কিন্তু ইয়াৰ মাজতে অভিযোগ উঠিছে অসম চৰকাৰে শ্বহীদ জনৰ ত্যাগক চৰম অপমান কৰাৰ৷ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ২০১৮ চনত আজিৰ দিনটোতে শ্বহীদ কুশল কোঁৱৰৰ বাসগৃহলৈ আহি সৰুপথাৰ ৰেল ষ্টেচনৰ সমীপত ৰেল বগৰোৱা স্হানত শ্বহীদ কুশল কোঁৱৰৰ স্মৃতি ৰক্ষাৰ স্বাৰ্থত এখন উদ্যান স্থাপন কৰা হ’ব বুলি ঘোষণা কৰিছিল৷ স্বাধীনতা সেনানীয়ে বৃটিছ সেনাবাহিনীৰ ৰেল বগৰোৱা স্হান সৰুপথাৰৰ শুকান নলাৰ কাষতে স্হাপন কৰাৰ কথা আছিল মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা স্বহীদ স্মৃতি উদ্যানখন৷ কিন্তু সেই ঘোষণা আজিও কাৰ্য্যকৰী নহ’ল৷ উকা হৈয়ে থাকিল শুকান নলাৰ পাৰ৷ সৰুপথাৰৰ ৰেল ষ্টেছনৰ উন্নয়নৰ লগতে মুখ্যমন্ত্ৰীৰ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা আজিও কাৰ্য্যকৰী নহল৷ এই ক্ষেত্ৰত অসম চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰাত উদ্বেগ প্ৰকাশ কৰে মুক্তি যুঁজাৰু সংস্থাৰ লগতে সৰুপথাৰৰ বিভিন্ন দল-সংগঠনে৷

নাজিৰা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়লৈ সফলতা আনিলে নাউজিচে ।

নাজিৰা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়লৈ সফলতা আনিলে নাউজিচে ।

দৈনন্দিন বাৰ্তা :

নাজিৰা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ নাউজিচ চাৰমি খানে ৮৩.৫% নম্বৰ লাভ কৰি বিদ্যালয় খনলৈ গৌৰৱ কঢ়িয়াই আনিছে৷ নাজিৰা নগৰৰ নিবাসী নজিৰুল খান আৰু মুজিদা ৰহমানৰ কন্যা নাউজিচে অসমীয়াত ৮৪, ইংৰাজীত ৮৭, সাধাৰণ গণিতত ৫৯, সাধাৰণ বিজ্ঞানত ৮৭, সমাজ বিজ্ঞানত ৮৪ আৰ আৰু আই টিত ১০০ নন্বৰ লাভ কৰে। তেওঁৰ এনে সফলতাত বিদ্যালয় খনৰ শিক্ষক-শিক্ষয়িত্ৰী সকলক অতি আনন্দিত হোৱাৰ লগতে নাউজিচ চাৰমি খানৰ উজ্বল ভবিষৎ কামনা কৰে।

ডাক্তৰৰ কথা : ডাক্তৰ শোৱা নাই, অনিঃশেষ কৃতজ্ঞতা ।

 ✍ ৰাজীৱ কমল শইকীয়া

অনুজীৱৰ ত্ৰাসৰ এই সময়ছোৱাত বিশ্বৰ বিভিন্ন প্ৰান্তৰ চৰকাৰী, বেচৰকাৰী হাস্পতালৰ অনেক চিকিৎসক তথা চিকিৎসা কৰ্মীও কৰ’ণাত আক্ৰান্ত হৈছে। বৰ্তমান মানৱ জাতিৰ মূল ৰক্ষকৰ ভূমিকাত অৱতীৰ্ণ এই লোকসকলৰ মাজৰ বহু গৰাকীয়ে সমৰ্পণৰ জড়িয়তে অদৃশ্য শত্ৰুৰ লগত কৰা যুদ্ধখনত জীৱন হেৰুওৱাৰ বাতৰিও আমি শুনিবলৈ পাইছোঁ। তথাপিও স্থবিৰ যোৱা নাই চিকিৎসক বা এই সেৱাৰ লগত সংযুক্ত অন্য সকলৰ অকৃত্ৰিম দায়বদ্ধ-কৰ্তব্য। বীজাণু বিধৰ অতি দ্ৰুত প্ৰসাৰতা ৰোধ কৰি দি মানৱ জাতিক কৰ’ণামুক্ত কৰি তুলিবলৈ অতন্দ্ৰতাৰে কৰ্মত মগ্ন এই সকল দেৱ-তুল্য মানুহৰ বিৰামহীন সেৱা দেখি শ্ৰদ্ধাত শিৰ দোঁখাই আহে। বাতৰিত আমি সকলোৱে দেখিবলৈ পাইছোঁ গৰমৰ কথা চিন্তা নকৰাকৈয়ে বাতানুকুল বা অবাতানুকুল সকলো হস্পিতাল, কোৱাৰেণটাইন শিবিৰ ইত্যাদি সকলোতে নি:সংকোচে পিপিই কিট পৰিধান কৰি কভিড-১৯ৰ চিকিৎসা আগবঢ়াই থকা তেখেতসকলৰ ছবি বা দৃশ্য-শ্ৰৱ্য ৰূপ। তাক দেখি প্ৰতিজন অনুভৱী মানুহে নিৰলে উচুপি উঠিছে। নিজৰ পৰিয়াল-পৰিজনৰ পৰা দূৰ হৈ থাকি, মানৱ জাতিক হতাশ হৈ যাবলৈ নিদিয়াকৈ ৰাখি, এই চৰম বিপদ সংকুলতাৰ পৰা পৰিত্ৰাণৰ অৰ্থেও কি কৰা নাই তেখেত সকলে। সংকট-মোচনৰ উদ্দেশ্যেৰে তেখেতসকলে কৰা ত্যাগৰ ওচৰত ঋণগ্ৰস্ত আমি কিয়েইবা কৰিব পাৰোঁ, মাথোঁ অন্তৰ পৰা অনিঃশেষ কৃতজ্ঞতা আগবঢ়ালোঁ লগতে প্ৰাৰ্থনাত চামিল কৰি ললোঁ তেখেত সকলৰ কুশল কামনাৰ কথাও। একবিংশ শতিকাৰ এই সময়, ইতিহাস লিখোঁতাসকলে তেখেতসকলৰ লগতে সন্মানীয় প্ৰশাসন, পুলিচ, সাংবাদজগত আৰু শ্ৰদ্ধাৰ চুইপাৰ সকলৰ কথাও ধন্যবাদ-কৃতজ্ঞতাৰ দীপ্তমান আখৰেৰে লিপিবদ্ধ কৰি, নিজেও সমগ্র মানৱ জাতিৰ হৈ উপকাৰত বান্ধ খাই থাকিব, এই কথা নিশ্চিত।

যদি আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে, তেনেহ’লে ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে।

গহপুৰ নিগমৰ দৰিদ্ৰ ৰোগীয়া আইতাক সহায়ৰ হাত বিশ্বনাথ জিলা পৰিষদৰ সভানেত্রী লাৱণ্য চাৰিঙীয়াই ।

গহপুৰ নিগমৰ দৰিদ্ৰ ৰোগীয়া আইতাক সহায়ৰ হাত বিশ্বনাথ জিলা পৰিষদৰ সভানেত্রী লাৱণ্য চাৰিঙীয়াই ।

দৈনন্দিন বাৰ্তা :

সংবাদ মাধ্যমত বাতৰি প্ৰকাশৰ পিছতেই গহপুৰ নিগমৰ দৰিদ্ৰ ৰোগীয়া আইতাক সহায়ৰ হাত বিশ্বনাথ জিলা পৰিষদৰ সভানেত্রী লাৱণ্য চাৰিঙীয়াই। গহপুৰ নিগমৰ পাৰ্বতী নাথ নামৰ এগৰাকী সত্তোৰোৰ্দ্ধৰ আইতাৰ জীৱন দুৰ্দশাৰ কথা প্ৰকাশ পাইছিল সংবাদ মাধ্যমত। সাত বছৰ কাল ৰোগীয়া দেহাৰে কেইটামান ফটা বস্তাত মজিয়াত শুই জীৱন নিৰ্বাহ কৰিছিল। এক অস্বাস্থ্যকৰ পৰিৱেশত দিন-নিশা পাৰ কৰিছিল আইতা গৰাকীয়ে। বিশ্বনাথ জিলা পৰিষদৰ সভানেত্রী লাৱণ্য চাৰিঙীয়া উপস্থিত হৈ আইতা গৰাকীৰ স্বাস্থ্য অৱস্থা বুজ লৈ আইতাক কিছু খাদ্য সামগ্ৰী প্ৰদান কৰা লগতে খোৱা পানী বাবে এটা দালকল প্ৰদান কৰে। ইয়াৰোপৰি পূৱ ডুবিয়া পঞ্চায়ৰ সভাপতি উপস্থিত হৈ নিজা ববীয়াকৈ এটা পানী ফিল্টাৰ দিয়া কথা সদৰী কৰে।

মোডী চৰকাৰৰ আর্থিক পেকেজে অর্থনীতিৰ চকা ঘুৰাব নোৱাৰে : প্ৰধানমন্ত্ৰীৰ অন্যতম মুখ্য আৰ্থিক উপদেষ্টা মণ্ডলীৰ সদস্যা অসীমা গোৱেলে ।

দৈনন্দিন বাৰ্তা :

মোডী চৰকাৰৰ আর্থিক পেকেজে অর্থনীতিৰ চকা ঘুৰাব নোৱাৰে৷ আত্মনিৰ্ভৰ ভাৰত প্ৰকল্পৰ আওতাত প্ৰায় ২১ লাখ কোটি টকাৰ আৰ্থিক পেকেজক লৈ কেন্দ্ৰক বৃহৎ প্ৰশ্ন উত্থাপন কৰিলে প্ৰধানমন্ত্ৰীৰ অন্যতম মুখ্য আৰ্থিক উপদেষ্টা মণ্ডলীৰ সদস্যা অসীমা গোৱেলে৷ চেম্বাৰ অব কমাৰ্চৰ এক ভাৰ্চুৱেল সভাত ভাষণ আগবঢ়াই তেওঁ কয়,  আৰ্থিক ব্যৱস্থা পুনৰুদ্ধাৰ কৰিবলৈ মানুহৰ চাহিদা বঢ়োৱাৰ দিশত বেছি জোৰ দিয়া উচিত আছিল চৰকাৰৰ৷ বহু ফাঁকফুকৰে গৈছে এই পেকেজ৷ অনতিপলমে পেকেজটোক লৈ পুনৰ বিবেচনা আৰম্ভ কৰক কেন্দ্ৰই৷ আৰ্থিক উদ্দীপক যিবোৰ ত্ৰাণৰ কথা কোৱা হৈছে তাত সকলো কেইটাই অৰ্থনৈতিক ক্ষেত্ৰৰ সৈতে যুক্ত৷ ইয়াত জনসাধাৰণৰ চাহিদা নাবাঢ়ে৷ যোগান আৰু চাহিদাৰ মাজত সামঞ্জস্য নাথাকিলে দেশৰ অৰ্থনীতি লাহে লাহেই থাকিব৷ অৰ্থনীতিত ক’ৰোনাৰ আঘাত বেছিদিন স্থায়ী নহয়৷ ক’ৰোনাৰ সংকটত সম্পদৰ ক্ষয়ক্ষতি হোৱা নাই৷ পৰিস্থিতি এবাৰ স্বাভাৱিক হ’লে আৰম্ভ কৰিলে দ্ৰুত অৰ্থ ব্যৱস্থাৰ দ্ৰুত উন্নতি সম্ভৱ৷ মোডী চৰকাৰৰ আৰ্থিক পেকেজত হয়তু কল কাৰখানা খুলিব৷ উৎপাদন হ’ব৷ পণ্যৰ যোজান বাঢ়িব৷ কিন্তু চাহিদা বাঢ়ি নাযায়৷ কাৰণ মানুহৰ হাতত কি কৰি টকা তুলি দিয়া হ’ব, তাৰ কথা কোৱা নাই পেকেজে৷ এনেদৰে কয় অৰ্থনীতিবিদ অসীমা গোৱেলে ৷

লকডাউনৰ পিছত যাত্ৰাৰ বাবে সাজু মাজুলীৰ মৃৎ শিল্পীৰ বনিজৰ নাও ।

লকডাউনৰ পিছত যাত্ৰাৰ বাবে সাজু মাজুলীৰ মৃৎ শিল্পীৰ বনিজৰ নাও ।

দৈনন্দিন বাৰ্তা:

দীৰ্ঘদিনীয়া লকডাউনৰ ফলত ব্যৱসায় কৰিবলৈ যাব নোৱাৰি গভীৰ সংকটৰ সন্মুখীন হোৱা উজনি মাজুলীৰ মৃৎশিল্পৰ ব্যৱসায়ী সকল এতিয়া ভৰ বাৰিষা মৰণত শৰণ দি বনিজলৈ যাত্ৰাৰ বাবে সাজু হৈ উঠিছে। ব্যৱসায়ৰ বাবে সাজু হোৱা ব্যৱসায়ী সকলৰ পৰা জানিব পৰা মতে, ইতিমধ্যে তেওঁলোকৰ ৫০ শতাংশ কলহ টেকেলি নষ্ট হৈছে। বৰ্তমানো বহুতো লোকে প্ৰকৃতিৰ প্ৰতিকূলতাৰ বাবে বনিজলৈ যাবলৈ সাহস গোটাব পৰা নাই আৰু তেওঁলোকৰ কলহ টেকেলিসমূহ নদীৰ পাৰতে যহি খহি যাবলৈ আৰম্ভ কৰিছে। উল্লেখযোগ্য যে, শালমৰাৰ লোকসকলে মৃৎ শিল্পৰ ব্যৱসায়ৰ জৰিয়তে বছৰটোৰ ভাত মোকোলাই। কিন্তু চলিত বৰ্ষত ব্যৱসায়ৰ ভৰপক সময়তে ক’ভিড ১৯ৰ বাবে লক ডাউন আৰম্ভ হোৱাত কোনোজন ব্যৱসায়ীয়েই বনিজলৈ যাব নোৱাৰি বৰ্তমান গভীৰ আৰ্থিক সংকটৰ সন্মুখীন হৈছে। এনে পৰিপ্ৰেক্ষিতত এই মৃৎ শিল্পৰ ব্যৱসায়ীসকলক আৰ্থিক সাহাৰ্য প্ৰদান কৰিবলৈ সচেতন মহলে চৰকাৰলৈ আহ্বান জনাইছে।

ৰাজ্যৰ ভিতৰতে প্ৰথম আৰু নৱম স্থানপ্ৰাপ্ত দুয়োগৰাকী ছাত্ৰক সম্বৰ্ধনা চ’ছিয়েল মিডিয়া গ্ৰুপ দৃষ্টিৰ ।

ৰাজ্যৰ ভিতৰতে প্ৰথম আৰু নৱম স্থানপ্ৰাপ্ত দুয়োগৰাকী ছাত্ৰক সম্বৰ্ধনা চ'ছিয়েল মিডিয়া গ্ৰুপ দৃষ্টিৰ ।

দৰঙৰ চ’ছিয়েল মিডিয়া গ্ৰুপ দৃষ্টিয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰতে প্ৰথম আৰু নৱম স্থানপ্ৰাপ্ত দুগৰাকী ছাত্ৰক নিজ নিজ বাসগৃহত জনালে সম্বৰ্ধনা৷  ঐক্য-সংহতি আৰু ভাতৃত্ববোধৰ মূল মন্ত্ৰৰে শিক্ষা-সাহিত্য আৰু সংস্কৃতিৰ দিশত সেৱা আগবঢ়াই অহা চ’ছিয়েল মিডিয়া গ্ৰুপ “দৃষ্টি”ৰ সদস্য সকলে বিগত দিনত সমাজিক  ক্ষেত্ৰত বিভিন্ন গঠনমূলক কাম কৰি অহা পৰিলক্ষিত হৈছে। বিশেষকৈ ছাত্ৰ-ছাত্ৰী সকলক শিক্ষাৰ ক্ষেত্ৰত সদস্য সকলে বিভিন্ন সময়ত বিভিন্ন ধৰনে অনুপ্ৰেৰণা আৰু  সহায়-সহযোগ আগবঢ়াই আহিছে। প্ৰতি বছৰে কৃতী ছাত্ৰ-ছাত্ৰী সকলক দৃষ্টিয়ে ৰাজহুৱাভাৱে   অভিনন্দন জনায় আহিছে যদিও এইবাৰ বিশ্বব্যাপী কৰ’ণা মহামাৰীৰ বাবে দৃষ্টিৰ সদস্য সকলে এইবাৰ সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰতে প্ৰথম স্থান লাভ কৰা ধৃতিৰাজ বাস্তৱ কলিতা আৰু নৱম স্থান লাভ কৰা ভৃগু মোহন কুমাৰৰ বাসগৃহত উপস্থিত হৈ কীৰ্তিমান দুগৰাকীক ফুলাম গামোচা,  ফুলাম জাপি, ফুলৰ থোপা,  অভিনন্দন পত্ৰ আৰু কিতাপৰ টোপোলাৰে বিশেষ ভাৱে অভিনন্দন জনায়৷ দৰং গৌৰৱ প্ৰথম আৰু নৱম স্থানপ্ৰাপ্ত দুয়োগৰাকী ছাত্ৰই ভৱিশ্যতে যাতে দৰঙৰ বাবে গৌৰৱ কঢ়িয়াই আনিৱ পাৰে তাৰে কামনা কৰে চ’ছিয়েল মিডিয়া গ্ৰুপ দৃষ্টিয়ে৷

দৰঙৰ ভেৰুৱাৰ কুলদীপ পৰাশৰে দুটাকৈ বিষয়ত ১০০% নম্বৰ লাভ কৰিও অৰ্থৰ অভাৱত উচ্চ শিক্ষাৰ পৰাও বঞ্চিত হ’ব নেকি !

দৰঙৰ ভেৰুৱাৰ কুলদীপ পৰাশৰে দুটাকৈ বিষয়ত ১০০% নম্বৰ লাভ কৰি সকলো কেইটা বিষয়ত লেটাৰ নম্বৰ পাই ডিষ্টিংচন পাবলৈ সক্ষম হয় ।

দৰঙৰ পৰা জয়দেৱ ডেকা :

সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰিক্ষাত দুটাকৈ বিষয়ত ১০০% নম্বৰ লাভ কৰি সকলো কেইটা বিষয়ত লেটাৰ নম্বৰ পাই ডিষ্টিংচন পাবলৈ সক্ষম হোৱা এজন মেধাৱী ছাত্ৰ চৰম হতাশাগ্ৰস্ত৷ দৰিদ্ৰতাই উচ্চ শিক্ষাৰ বাবে  হেঙাৰ হৈ পৰিছে মেধাৱী ছাত্ৰ  গৰাকীৰ৷ সৰুৰে পৰা অত্যাধিক মেধাসম্পন্ন দৰঙৰ ভেৰুৱাৰ কুলদীপ পৰাশৰ নামৰ ছাত্ৰ গৰাকীৰ পিতৃয়ে পঢ়াৰ বাবে সামগ্ৰী যোগান ধৰিব নোৱাৰাৰ বাবে দিপীলা হাইস্কুলৰ প্ৰধান শিক্ষক চমক কলিতাই দশম শ্ৰেণীলৈ পঢ়াৰ দায়িত্ব বহন কৰিছিল৷  দিপীলা হাইস্কুলৰ পৰা কুলদীপ পৰাশৰে পৰীক্ষাত অৱতীৰ্ণ হৈ সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰিক্ষাত সাধাৰণ গণিত আৰু ঐচ্ছিক গণিতত ১০০ শতাংশ নম্বৰ পোৱাৰ উপৰিও সাধাৰণ বিজ্ঞানত ছাত্ৰ গৰাকীয়ে ৯৭ নম্বৰ পাৱলৈ সক্ষম হয়৷ চৰকাৰী বিদ্যালয়ত অধ্যয়নৰত কুলদীপ পৰাশৰৰ পিতৃয়ে টিউচনৰ ব্যৱস্থা কৰি দিব নোৱাৰিলে যদিও ৫৫৬ নম্বৰ লাভ কৰে ছাত্ৰ গৰাকীয়ে৷ ফলাফল ঘোষণা হোৱাৰ পিছতে পৰিয়ালৰ মাজত আনন্দময় পৰিবেশে বিৰাজ কৰিলে যদিও অৰ্থৰ অভাৱত উচ্চ শিক্ষাৰ বাবে হেঙাৰ হৈ পৰিছে ছাত্ৰ গৰাকীৰ৷ বিজ্ঞান শাখাত নামভৰ্তি কৰিব বিছৰা মেধাৱী  ছাত্ৰ গৰাকী এতিয়া চৰম বিপৰ্যয়ৰ সন্মুখীন হৈছে৷ উল্লেখযোগ্য যে ছাত্ৰ গৰাকীৰ পিতৃ ১৯৯৯ চনত নিযুক্তি পোৱা এগৰাকী শিক্ষক৷ দুখৰ বিষয় চৰকাৰে ১৯৯৯ চনত নিযুক্তি পোৱা শিক্ষক সকলক চাকৰিৰ পৰা অব্যাহতি দিয়াত   ছাত্ৰ গৰাকীৰ পিতৃ দেবেন শৰ্মাৰ পৰিয়াললৈয়ো নামি আহিছিল দুৰ্যোগ৷ শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত নিয়োজিত হৈ পোহৰৰ বাট দেখুৱাই দিয়া দেবেন শৰ্মাৰ মেধাৱী ছাত্ৰ কুলদীপ পৰাশৰে এতিয়া উচ্চ শিক্ষাৰ বাবে এন্ধাৰ দেখিছে৷ ছাত্ৰগৰাকীৰ লগতে পৰিয়ালটিয়ে শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে ছিপাঝাৰ সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়াক অনুৰোধ জনাইছে উচ্চ শিক্ষাৰ বাবে কুলদীপ পৰাশৰৰ পঢ়াৰ দায়িত্ব বহন কৰিবলৈ৷ আপুনিও যদি মেধাৱী ছাত্ৰ  গৰাকীক সহায়ৰহাত আগবঢ়াব খোজে তেনেহলে উচ্চ শিক্ষা লাভ কৰিব পাৰিব কুলদীপ পৰাশৰে৷ আপোনাৰ অলপমান সহায়ে ছাত্ৰ গৰাকীৰ জীৱন সলনি কৰিব পাৰিব৷