Home Blog Page 3438

যাত্ৰীৰ সুবিধাৰ বাবে ১ জুনৰ পৰা ২০০খন যাত্ৰীবাহী ৰে’ল চলাচল : বিয়লি ৪ বজালৈকে ২.৩৭ লাখৰো অধিক টিকট বুকিং

অনলাইন বাৰ্তা

যাত্ৰীৰ সুবিধাৰ বাবে ১ জুনৰ পৰা ২০০খন যাত্ৰীবাহী ৰে’ল চলোৱাৰ কথা ঘোষণা কৰিছে ভাৰতীয় ৰে’লৱেই৷ এই ৰে’লবোৰৰ বাবে আজি দিনৰ ১০ বজাত বুকিং আৰম্ভ হয় আৰু প্ৰায় ১ ঘণ্টাৰ ভিতৰত প্ৰায় ডেৰ লাখ টিকট বুকিং হয়। আনহাতে বিয়লি ৪ বজালৈকে ২.৩৭ লাখৰো অধিক টিকট বুকিং হয়৷ উল্লেখ্য যে ৰে’ল বিভাগে এচি বিশেষ ৰে’ল আৰু শ্ৰমিক বিশেষ ৰে’লৰ উপৰি এই ২০০খন ৰে’ল চলোৱাৰ কথা ঘোষণা কৰিছে। এই ৰে’লবোৰত সাধাৰণ শ্ৰেণীৰ বাবেও টিকট বুকিং কৰিব পাৰি। আনহাতে টিকট নিশ্চিত নহ’লে এই ৰে’লসমূহত যাত্ৰা কৰাৰ অনুমতি প্ৰদান কৰা নহয়৷ ৰে’ল বিভাগৰ তথ্য অনুসৰি ১ জুনৰ পৰা চলিবলগীয়া ৭৩খন ৰে’লৰ বাবে যাত্ৰীসকলে প্ৰায় এঘণ্টাত ১,৪৯,০২৫ টিকট বুকিং কৰিছে। ইয়াৰ অধীনত ২,৯০,৫১০জন লোকৰ টিকট বুকিং হৈছে। আনহাতে বিয়লি ৪ বজা পৰ্যন্ত ৫৫১৭২৪ জন যাত্ৰীৰ বাবে ২৩৭৭৫১ টিকট বুক হৈছে৷ ইপিনে, মন্ত্ৰী পীয়ুষ গোয়েলে কয় যে ১ জুনৰ পৰা চলিবলগীয়া ৰে’লবোৰৰ বাবে মাত্ৰ আঢ়ৈ ঘণ্টাত ছেকেণ্ড ক্লাছ যাত্ৰীবাহী ৰে’লৰ বাবে ৪ লাখতকৈ অধিক টিকটৰ বুকিং হৈছে। তেওঁ কয় যে টিকটৰ বুকিং দেখি অনুমান হৈছে যে অধিক সংখ্যক লোকে ঘৰলৈ যাব বিচাৰি আছে। লগতে বহু লোক নিজৰ কৰ্মক্ষেত্ৰলৈ যাবলৈ বিচাৰিছে। ইয়াৰ লগতে মন্ত্ৰীজনে কয় যে আগন্তুক দিনত ৰে’লৰ সংখ্যা বৃদ্ধি কৰিব। ৰে’লৱেৰ ৱেবছাইট আৰু এপৰ উপৰি এই ২০০খন ৰে’লৰ বাবে ১.৭ লাখ ছাৰ্ভিছ চেণ্টাৰৰ পৰাও বুকিং কৰিব পাৰিব।

বহিঃৰাজ্যত ভোকে লঘোণে আবদ্ধ হৈ থকা দৰঙৰ শ্ৰমিকে বিছাৰিছে অসম চৰকাৰৰ সহায়

দৰং

লকডাউনৰ বাবে বহিঃৰাজ্যত দৰং জিলাৰ  প্ৰায় ৫০ জনীয়া এটি শ্ৰমিকৰ দল কোঠাৰ ভিতৰত আবদ্ধ হৈ থকাৰ তথ্য পোহৰলৈ আহিছে৷ কৰ্মসূত্ৰে গুজৰাটৰ ছুৰাটত আবদ্ধ হৈ থকা দৰঙৰ শ্ৰমিকৰ দলটোত জিলাখনৰ কেইবাখনো গাঁৱৰ যুৱক আছে৷ লকডাউনৰ বাবে ২২ মাৰ্চৰ পৰা কোঠাতে আবদ্ধ হৈ  থকা  দলটি ভোকে লঘোণে কটাইছে দিন।কোম্পানীত কৰ্মৰত শ্ৰমিক কেইগৰাকীৰ কোম্পানী বন্ধ হৈ যোৱাত  হাতত নাই এতিয়া ধন৷ অসম চৰকাৰে বহিঃৰাজ্যত থকা লোকসকলৰ বাবে যোগান ধৰা ২০০০ টকাৰ পৰাও বঞ্চিত এই দলটি৷ উপায়ন্তৰ হৈ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ কাতৰ আহ্বান জনোৱাৰ উপৰি ছিপাঝাৰ আৰু মঙগলদৈ সমষ্টিৰ বিধায়ক ক্ৰমে বিনন্দ কুমাৰ শইকীয়া, গুৰুজ্যোতি দাসকো অনুৰোধ জনাইছে তৎকালে তেঁওলোকক উদ্ধাৰ কৰি আনিবলৈ৷

নগাঁও জিলা আবকাৰী বিভাগৰ সোপাধিলা নীতি : সান্ধ্য আইনৰ মাজতে পুৰণিগুদাম জলাহগাঁৱৰ ননৈ পাৰৰ লগতে বিভিন্ন স্হানত চুলাইৰ ৰমৰমীয়া বেহা

নগাঁও

নগাঁও জিলাৰ চামগুৰি ৰাজহ চক্ৰৰ  অন্তৰ্গত গেন্ধালি, সুতাৰ গাওঁ, খাটোৱালকে আদি কৰি  পুৰণিগুদামৰ জলাহগাঁৱৰ ননৈ নৈৰ পাৰত অবৈধ চুলাই মদৰ ৰমৰমীয়া ব্যৱসায় চলি থকাৰ অভিযোগ উঠিছে৷ নগাঁও জিলা আবকাৰী বিভাগৰ সোপাঢিলা নীতিৰ বাবেই একাংশই এতিয়াও চলাই অবৈধভাৱে চলাই গৈছে চুলাই মদৰ ৰমৰমীয়া ব্যৱসায়। ক’ৰোনা ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি লকডাউনৰ সমান্তৰালভাৱে ঘোষণা কৰা সান্ধ্য আইনকো নেওচি এতিয়া পুৰণিগুদামৰ জলাহগাঁৱৰ ননৈ নৈৰ পাৰত চলিছে চুলাই মদৰ ৰমৰমীয়া বেহা। যিসময়ত ক’ৰোনা ভাইৰাছৰ ভয়াৱহতাৰ বাবে চৰকাৰে সন্ধিয়া ৭ বজাৰ পৰা পুৱা ৭বজালৈ সান্ধ্য আইন ঘোষণা কৰি অধিক জনসমাগম ৰোধ কৰাৰ লগতে মাস্ক পৰিধান কৰা আৰু সামাজিক দূৰত্ব বজাই ৰখাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে তেনে সময়তে একাংশ চুলাই মদ ব্যৱসায়ীয়ে চৰকাৰ-প্ৰশাসনক বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰি সকলো নীতি নিৰ্দেশনা ভৰিৰে মোহাৰি চলাই আছে এই কাৰ্য। যি কাৰ্য দেখিও এতিয়া নিমাত প্ৰশাসন আৰু আৱকাৰী বিভাগ৷ অৱশ্যে এই সন্দৰ্ভত পুৰণিগুদাম আৰক্ষীয়ে প্ৰায়েই স্থানীয় ৰাইজৰ সহযোগত নিয়মীয়া তহলদাৰী কৰি আহিছে। উল্লেখ্য যে ধনতোলা, চকৰিপাম আৰু কাবি গাঁৱৰ পৰা প্ৰতিদিনাই অবৈধ চুলাই সৰবৰাহ কৰি ননৈ নৈ পাৰত চলাই আছে ৰমৰমীয়া বেহা৷ সন্ধিয়া হ’লেই উক্ত স্থানত মুখত মাস্ক পৰিধান নকৰাকৈ সমবেত হয় বহু লোক, যাৰ ফলত বিনষ্ট হয় সামাজিক দূৰত্ব৷ এই সন্দৰ্ভত আৱকাৰী বিভাগৰ লগতে চামগুৰি ৰাজহ চক্ৰ বিষয়াগৰাকীক স্থানীয় ৰাইজে অভিযোগ দি আহিছে যদিও আজি পৰ্যন্ত এই চুলাই মদৰ সৰবৰাহ তথা ব্যৱসায় ৰোধ কৰিবৰ বাবে কোনো ধৰণৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা নাই। আনহাতে, আবকাৰী বিভাগে সংবাদ মাধ্যমত বাতৰি পৰিবেশন হ’লে মাজে সময়ে উক্ত অঞ্চলসমূহত তহলদাৰী কৰে যদিও নাটকীয়ভাৱে কোনো লোকক আটক কৰিবলৈ সক্ষম নোহোৱা বিষয়টোৱে বিশেষ ৰহস্যৰ সৃষ্টি কৰিছে।স্হানীয় ৰাইজৰ অভিযোগ চুলাই মদ ব্যৱসায়ী আৰু আবকাৰী বিভাগৰ মাজত থকা গোপন বুজাবুজিৰ বাবেই জলাহগাৱঁৰ ননৈ নৈৰ পাৰত চুলাই মদ ব্যৱসায়ীয়ে মুকলিভাৱে ব্যৱসায় চলাই গৈছে। লগতে স্থানীয় ৰাইজে সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত নগাঁও জিলা উপায়ুক্তৰ হস্তক্ষেপৰ দাবী জনাইছে৷ আনহাতে পথাৰৰ মাজত এই কাৰ্য চলাৰ বাবে সেই স্থানত অভিযান চলোৱা সক্ষম নহ’ব বুলি আবকাৰী বিভাগে অজুহাত দেখুৱাই বিষয়টোৰ পৰা ফালৰি কটাও পৰিলক্ষিত হৈছে৷ উল্লেখ্য যে জলাহগাঁৱৰ ননৈ নৈৰ পাৰৰ লগতে চামগুৰি আৰু পুৰণিগুদামৰ বিভিন্ন অঞ্চলত চুলাই মদৰ ৰমৰমীয়া বেহা চলাই থকাৰ তথ্য মজুত থকাৰ পাছতো আবকাৰী বিভাগ আৰু প্ৰশাসনে এই কল ব্যৱসায়ীক কিয় নাকী লগাব পৰা নাই সেয়া স্থানীয় সচেতন মহলৰ মাজত বৰ্তমান ৰহস্যৰ বিষয় হৈ পৰিছে৷

‘কন্যকা’ৰ আৰ্হি শদিয়াত প্ৰয়োগ কৰাৰ চিন্তা বিধায়ক বলীন চেতিয়াৰ

জামুগুৰিহাট

চতিয়াৰ ‘কন্যকা’ বহুমুখী কৃষি পাম পৰিদৰ্শন কৰিবলৈ সদলবলে শদিয়াৰ পৰা আহি বৃহস্পতিবাৰে চতিয়া পালেহি বিধায়ক বলীন চেতিয়া৷ বিধায়ক পদ্ম হাজৰিকাৰ একক প্ৰচেষ্টাত গঢ় লৈ উঠা কন্যকা বহুমুখী কৃষি পামে ইতিমধ্যে ৰাজ্যজুৰি চৰ্চা লাভ কৰাৰ সময়তে বিধায়ক বলীন চেতিয়াও বৃহস্পতিবাৰে পামখনত উপস্থিত হৈ অভিভুত হৈ পৰে৷ জামুগুৰিহাটৰ জীয়াভৰলী নদীৰ দাঁতিচৰত দুহেজাৰ বিঘা মাটিত চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ একক প্ৰচেষ্টাত গঢ় লৈ উঠা কন্যকা বহুমুখী কৃষি পামৰ জৰিয়তে বহু নিবনুৱাই কৰ্মসংস্থাপনৰ পথ লাভ কৰাৰ উপৰি পামখনত উৎপাদিত কৃষিজাত সামগ্ৰীয়েও ইতিমধ্যে বজাৰ দখল কৰিবলৈ সক্ষম হৈছে৷ তদশপৰি কন্যকা বহুমুখী পামতেই গো-পালন, গাহৰী পালন, মৎস্য পালনৰ জৰিয়তে বহু নিবনুৱা কৰ্মমুখী হোৱাৰ উপৰি গাখীৰ, মাছ, মাংস বিক্ৰী কৰিও স্বাৱলম্বিতাৰ পথ বিচাৰি পাইছে৷ তদুপৰি চাৰিশ গোট গঠন কৰি ৪ হাজাৰ যুৱকেও কন্যকাৰ জৰিয়তেই স্বাৱলম্বিতাৰ পথ বিচাৰি পাইছে৷ যাৰ বাবে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বিভিন্ন লোকৰ লগতে মন্ত্ৰী বিধায়কসকলেও বিধায়ক পদ্ম হাজৰিকাৰ প্ৰচেষ্টাত গঢ় লোৱা পামখন পৰিদৰ্শন কৰিবলৈ আগবাঢ়ি আহিছে৷ কন্যকাত উপস্থিত হৈ অভিভূত হৈ পৰা বিধায়ক বলীন চেতিয়াই সাংবাদিকৰ আগত কয় যে শদিয়া এখন কৃষিপ্ৰধান ঠাই আৰু শদিয়াৰ কৃষকসকলে যথেষ্ট কষ্ট স্বীকাৰ কৰে যদিও উৎপাদিত সামগ্ৰীৰ উচিত মূল্য নাপায়৷ চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই সু-সংগঠিত ৰূপত যুৱকসকলক একত্ৰিত কৰি যিদৰে কৃষিকৰ্মৰ প্ৰতি যুৱপ্ৰজন্মক আগ্ৰহি কৰি তুলিছে সেয়া আদৰ্শস্বৰূপ বুলি সাংবাদিকৰ আগত বিধায়ক বলীন চেতিয়াই উল্লেখ কৰি চতিয়া সমষ্টিৰ কন্যকাৰ আৰ্হিত শদিয়াতো এনে প্ৰচেষ্টা হাতত লোৱাৰ উদ্দেশ্যৰেই কন্যকা পৰিদৰ্শন কৰিবলৈ অহা বুলিও ব্যক্ত কৰে বিধায়কগৰাকীয়ে৷ এনে আৰ্হি প্ৰয়োগ কৰিলে চতিয়াৰ দৰেই শদিয়াৰ কৃষকসকলেও উৎপাদিত সামগ্ৰীৰ উচিত মূল্য পাব বুলি আশা কৰে বিধায়ক বলীন চেতিয়াই৷ উল্লেখ্য যে দুকুৰি যুৱকক লগত লৈ অহা বিধায়ক বলীন চেতিয়াই কন্যকাৰ উৎপাদিত খাটি সৰিয়হৰ মিঠাতেল, গামোছা, গো-পালন, ম’হ পালন, মৎস্য পালনকে ধৰি প্ৰতিটো উৎপাদিত সামগ্ৰী আৰু প্ৰত্যেকটো পদ্ধতিৰ পুংখনুপুংখভাৱে পৰ্যবেক্ষণ কৰে৷ আনহাতে এইদৰে বিধায়কগৰাকী শদিয়াৰ পৰা চতিয়া সমষ্টিলৈ কন্যকাৰ কামকাজ স্বচক্ষে চাবলৈ অহাৰ বাবে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই আনন্দ প্ৰকাশ কৰাৰ লগতে শদিয়াতো বিধায়কগৰাকীয়ে কন্যকাৰ পদ্ধতি প্ৰয়োগ কৰাৰ চিন্তাচৰ্চাক আদৰণি জনায় চতিয়াৰ বিধায়কগৰাকীয়ে৷

জামুগুৰিহাটত ভোডাফোনৰ নিন্মমানৰ নেটৱৰ্ক সেৱা

জামুগুৰিহাট

লকডাউনৰ সময়চোৱাত দেশ-বিদেশৰ প্ৰতিটো  খবৰ জানিবৰ বাবেই ম’বাইল ফোনটোকেই সাৰথি কৰি লৈছে বহুলোকে৷ কিন্তু জামুগুৰিহাটত ভোডাফোনৰ নেটৱৰ্ক সেৱা অতি নিম্নমানৰ হোৱাত এই সেৱা ব্যৱহাৰকাৰী লোকসকল বিগত প্ৰায় কুৰি দিনৰো অধিক দিন যথেষ্ট অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে৷ ফলত এনেবোৰ খবৰ নতুবা যোগাযোগৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে উপভোক্তা ৰাইজ৷ ভোডাফোনৰ ছিম ব্যৱহাৰকাৰী লোকসকলে যদি কাৰোবালৈ ফোন নতুবা ইণ্টাৰনেট ব্যৱহাৰ কৰিব বিচাৰে তেন্তে এলাপেচাকৈ ফোনটোও নালাগে নতুবা ইণ্টাৰনেট খোল খালেও ইয়াৰ স্পীড অতিকৈ নিম্নমানৰ হোৱাত কোনো কাম কৰিব নোৱাৰে উপভোক্তা গ্ৰাহকে৷ প্ৰযুক্তিবিদ্যাৰ যুগত ম’বাইল ফোনতেই বহু লোকে কাম কৰিব লগা হয় যদিও জামুগুৰিহাটত ভোডাফোন কোম্পানীৰ গ্ৰাহকসকলে এতিয়া ম’বাইল ফোনত নেটৱৰ্ক বিচাৰি হাবাথুৰি খাবলগা পৰিস্থিতিৰ সৃষ্টি হৈছে৷ অভিযোগ অনুসৰি জামুগুৰি কেন্দ্ৰস্থলত ভোডাফোনৰ নেটৱৰ্ক সামান্য উন্নত যদিও এক কিঃমিঃ আঁতৰি গ’লেই এই যন্ত্ৰনাৰ মুখামুখি হ’ব লগা হয় প্ৰতিগৰাকী গ্ৰাহক ৰাইজ৷ বৰ্তমান সময়ত ম’বাইলৰ গ্ৰাহকসকলে মাহিলী নতুবা তিনিমহীয়া কোম্পানীৰ পেক উচিত মূল্য দি নিজৰ নম্বৰটোত ভৰাই লোৱাৰ পিছতো কোম্পানীৰ এনে নিম্নমানৰ সেৱাই অতিষ্ঠ কৰি তুলিছে উপভোক্তা ৰাইজক৷ সেয়ে ভোডাফোনৰ বহু সংখ্যক গ্ৰাহক অন্য ম’বাইল সেৱাৰ কোম্পানীলৈ যোৱাৰ চিন্তাচৰ্চা কৰিছে৷ শীঘ্ৰে যদি জামুগুৰিহাটত ভোডাফোন কোম্পানীৰ সেৱা উন্নত নকৰে তেন্তে ভোডাফোনৰ সেৱা গ্ৰহণ কৰি থকা উপভোক্তা গ্ৰাহক অন্য ম’বাইল সেৱালৈ ধাৱবান হোৱাটো নিশ্চিত হৈ পৰিছে৷

বহিঃৰাজ্যৰ পৰা অহা লোকৰ সংখ্যা ৪২০ জনলৈ বৃদ্ধি দৰঙত : চিকিৎসালয়ৰ আছুতীয়া কক্ষৰ পৰা ঘৰলৈ যাবলৈ অনুমতি ২৩ গৰাকী লোকক

মঙলদৈ

বহিঃৰাজ্যৰ পৰা ৰে’লযোগে আহি বৃহস্পতিবাৰে পুনৰ দৰঙত উপস্থিত হয় ২৭ জন লোক। এই লোকসকলক আৰক্ষীৰ সহযোগত চিকিৎসালয়লৈ আনি স্বাস্থ্য পৰীক্ষা কৰোৱাৰ অন্তত কোৱাৰাণ্টাইনত  ৰখাৰ ব্যৱস্থা কৰা হৈছে। জিলা স্বাস্থ্য বিভাগৰ এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি বুধবাৰে নিশা আহি দৰঙত উপস্থিত হোৱা ৩১ জন লোককো যাৱতীয় স্বাস্থ্য পৰীক্ষা কৰোৱাই কোৱাৰান্টাইন কৰা হৈছে। এই কেইজনকে ধৰি বৃহস্পতিবাৰ পৰ্যন্ত বহিঃৰাজ্যৰ পৰা দৰঙলৈ অহা লোকৰ সংখ্যা ৪২০ জনলৈ বৃদ্ধি পালে৷ ইফালে বৃহস্পতিবাৰে দুপৰীয়া পৰ্যন্ত  জিলাখনৰ পৰা ১০৭২ টা শ্লেষৰ নমুনা পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ বিপৰীতে ৭৩৭ টা নমুনাৰ প্ৰতিবেদন দৰং জিলা স্বাস্থ্য বিভাগৰ হাতত আহি পৰিছে। প্ৰতিবেদন অনুসৰি কোনোটো নমুনাতেই কভিড-১৯ৰ উপস্থিতি ধৰা পৰা নাই। বহিঃৰাজ্যৰ পৰা আহি চিকিৎসালয়ৰ আছুতীয়া কক্ষত থকা ৯১ জন ব্যক্তিৰ শ্লেষৰ নমুনাতো ক’ভিড-১৯ৰ উপস্থিতি ধৰা পৰা নাই৷ অৱশ্যে ইয়াৰে ২৩ জনক বৃহস্পতিবাৰে চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ অনুমতি দিয়া হয়। এই ২৩ জনৰ ভিতৰত জনাৰাম চৌকা আদৰ্শ চিকিৎসালয়ৰ পৰা ৭ জনক, দুনী আদৰ্শ চিকিৎসালয়ৰ পৰা ৮ জনক, দেওমৰনৈ সামূহিক স্বাস্থ্যকেন্দ্ৰৰ পৰা ৭ জনক আৰু খাৰুপেটীয়া সামূহিক স্বাস্থ্য কেন্দ্ৰৰ পৰা এজনক ঘৰলৈ যাবলৈ দিয়া হয়। চিকিৎসালয়ৰ আছুতীয়া কক্ষৰ পৰা ঘৰলৈ যাবলৈ অনুমতি দিয়া হৈছে যদিও  তেওঁলোকক ঘৰতে পৰিয়ালসহ আছুতীয়াকৈ থাকিবলৈ পৰামৰ্শ প্ৰদান কৰা হৈছে৷

আন্তঃৰাষ্ট্ৰীয় চাহ দিৱসৰ দিনা যোৰহাটৰ বিশিষ্ট চাহ উদ্যোগপতি কমল জালানৰ ক্ষুদ্ৰ চাহ খেতিয়কলৈ আহ্বান : অসমৰ চাহ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ অপ্ৰাণ চেষ্টা

আন্তঃৰাষ্ট্ৰীয় চাহ দিৱসৰ দিনা যোৰহাটৰ বিশিষ্ট চাহ উদ্যোগপতি কমল জালানৰ ক্ষুদ্ৰ চাহ খেতিয়কলৈ আহ্বান : অসমৰ চাহ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ অপ্ৰাণ চেষ্টা

টীয়ক

বৃহস্পতিবাৰে আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস। অসমৰ চাহে আন্তঃৰাষ্ট্ৰীয় বজাৰত এক সুকীয়া আসন ইতিমধ্যে দখল কৰিছে৷ ৰাজ্যখনৰ অৰ্থনীতিৰ ই মেৰুদণ্ডস্বৰূপ, অৱশ্যে বৰ্তমান দেশত চলি থকা লকডাউনৰ ফলত বৃহৎ লোকচানৰ সন্মুখীন হৈছে অসমৰ চাহ উদ্যোগটোৱে। তৎসত্তেও ৰাষ্ট্ৰসংঘই ২১ মে’ দিনটোতে প্ৰথমবাৰৰ চাহ দিৱস হিচাপে স্বীকৃতি প্ৰদান কৰি ১৯৭ বছৰ গৰকা চাহ উদ্যোগটোৰ লগত জড়িত সকলোকে উৎসাহিত কৰি তুলিছে। সেয়ে দেশৰ জটিল পৰিস্থিতিৰ বাবে এই দিৱস অনুষ্টুপীয়াকৈ উদযাপন কৰে নটাই। উল্লেখযোগ্য যে এই বিশেষ দিনটোত যোৰহাটৰ জিলাৰ চেনিজানস্থিত অন্যতম অগ্ৰণী চাহ উদ্যোগ শ্যাম টিৰ স্বত্বাধিকাৰী কমল জালানে সকলোকে আন্তঃৰাষ্ট্ৰীয় চাহ দিৱসৰ শুভেচ্ছা জনোৱাৰ লগতে কোনো কাৰণতে ক্ষুদ্ৰ চাহ খেতিয়কসকলক শংকিত তথা হতাশ নহৈ ধৈৰ্য সহকাৰে পুনৰ চাহ খেতিত মনোনিৱেশ কৰি অনাগত দিনত অসমৰ চাহক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰি নিজৰ লগতে ৰাজ্যখনৰ অৰ্থনীতি উন্নয়ন অৰিহণা যোগাবলৈ আৰু লকডাউনৰ ফলত প্ৰতিজন খেতিয়কৰ হোৱা লোকচানৰ প্ৰতি মন নিদি অধিক উদ্যমেৰে নিজৰ কৰ্মত ব্ৰতি হ’বলৈ আহ্বান জনায়।

সোণতলীত নিৰ্যাতিত তিনি সন্তানৰ মাতৃ : এজাহাৰ দাখিল আমিৰ আলীৰ বিৰুদ্ধে

সোণতলী

প্ৰতিগৰাকী নাৰীয়ে বিচাৰে এগৰাকী জীৱন সংগী  আৰু এই জীৱন সংগীক লৈয়ে সপোন দেখে ভৱিষ্যৎ জীৱনৰ৷ জীৱন সংগীক লৈয়ে নাৰীয়ে আৰম্ভ কৰে নতুন জীৱন আৰু ভৱিষ্যতৰ আশা- আকাংখ্যাভৰা সংসাৰ৷ পিছে এই ভৱিষ্যৎ জীৱন যাত্ৰাৰ মাজতে কোনোবা নাৰী যদি জীৱনসংগী হেৰুৱইছে তেন্তে তাইৰ কিধৰণৰ কৰুণ মৰ্মবেদনাৰ সৃষ্টি হ’ব পাৰে সেয়া এগৰাকী ভূক্তভোগীৰ বাহিৰে আন কোনোৱে উপলদ্ধি কৰিব নোৱাৰে৷ জীৱন সংগীবিহীন হৈ তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা এগাৰকী নাৰীয়ে এনে পৰিস্থিতিত আত্মীয়স্বজনৰ আস্থা আৰু বিশ্বাস ওপৰতে জীৱাই থকাৰ সপোন দেখে৷ বিশ্বাসত লয় তাইক ছাঁ দিব পৰা আত্মীয়ক৷ পিছি এই আত্মীয়তা আৰু সম্পৰ্কক বিস্বাসত লৈ কামৰূপ জিলাৰ সোণতলী আৰক্ষী চকী  অন্তৰ্গত এগৰাকী স্বামীহীন তিনিগৰাকী সন্তানৰ মাতৃয়ে  ঘৰৰ জ্যেষ্ঠজনৰ হাতত কিদৰে নিৰ্যাতিত, শোষিত আৰু লাঞ্চিত হৈছে৷ উল্লেখ্য, আজিৰ পৰা প্ৰায় পোন্ধৰ বছৰ আগতে সোণতলী আৰক্ষী চকীৰ অন্তৰ্গত নিম্বুটাৰী গাঁৱৰ আনাৰ আলীৰ পুত্ৰ ৰূপচান আলীৰ লগত জাওঁকাটা গাঁৱৰ ছানিয়াৰা বেগম সামাজিকভাৱে বিবাহপাশত আবদ্ধ হৈছিল।  সুখৰ সংসাৰ চলি থকাৰ মাজতে তিনি সন্তানৰ মাতৃ হৈছিল ছানিয়াৰা৷ এনে অৱস্থাত নিয়তিৰ নিৰ্দয়ৰ বাবে প্ৰায় ডেৰ বছৰ পূৰ্বে স্বামীহাৰা হয় ছানিয়াৰা৷ ইফালে, মহিলাগৰাকীৰ স্বামী ৰূপচান আলীৰ মৃত্যুৰ পিছৰে পৰা তেওঁৰ সহোদৰ ডাঙৰ ভাই আমিৰ আলীয়ে মহিলাগৰাকীক বিয়া পতাৰ প্ৰলোভন দেখুৱাই ইমান দিনে অবৈধ সম্পৰ্ক তথা যৌন নিৰ্যাতন চলাই আহিছিল৷ এনেতে দুৰ্ভোগীয়া ছানিয়াৰাই বিয়া পতাৰ কথা কোৱাত বৰ্তমান লম্পট চৰিত্ৰৰ আমীৰ আলীয়ে অস্বীকাৰ কৰে। উপায়ন্তৰ হৈ মহিলাগৰাকীয়ে গাঁৱৰ মুখীয়ালসকলক ঘটনাটো অৱগত কৰে। তাৰ পিছত এই সম্পৰ্কে গাঁৱত ৰাইজ মেল বহে যদিও নিৰ্যাতিতা মহিলাগৰাকীয়ে একো ফল নাপালে। অৱশেষত মহিলাগৰাকীয়ে আমিৰ আলীৰ বিৰুদ্ধে সোণতলী আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে যদিও আৰক্ষীয়ে এইক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব  প্ৰদান  কৰা নাই বুলি অভিযোগ তুলিছে মহিলা গৰাকীয়ে৷ ন্যায়প্ৰাপ্তিৰ শেষ আশ্ৰয়স্থলীত দ্বাৰস্থ হৈ নিৰ্যাতিতা মহিলা ছানিয়াৰাই কিবা ন্যায় পাবনে? এগৰাকী মাতৃৰ জীৱন ধ্বংস কৰা লম্পট আমিৰে পাবনে উচিত শাস্তি? এয়াই সচেতন মহলৰ মাজত এক লাখ টকীয়া প্ৰশ্ন৷

ৰাজ‍্যৰ স্বাস্থ‍্য আৰু শিক্ষা খণ্ডলৈ সহায় আগবঢ়াইছে তথ‍্য প্ৰযুক্তি তথা বিজ্ঞান আৰু প্ৰযুক্তি বিভাগে : মন্ত্ৰী কেশৱ মহন্ত

ৰাজ‍্যৰ স্বাস্থ‍্য আৰু শিক্ষা খণ্ডলৈ সহায় আগবঢ়াইছে তথ‍্য প্ৰযুক্তি তথা বিজ্ঞান আৰু প্ৰযুক্তি বিভাগে : মন্ত্ৰী কেশৱ মহন্ত

কলিয়াবৰ

 দেশত ক’ৰোনাৰ সঙ্কটৰ সময়ত দেশৰ সকলো স্তৰ শঙ্কিত। সংক্ৰমণ বাঢ়ি অহাৰ লগে লগে দেশৰ চিকিৎসা খণ্ডত বাঢ়িছে অভাৱনীয় তৎপৰতা। চিকিৎসা বিভাগক সহায়ৰ দিশত দেশৰ প্ৰশাসন, আৰক্ষী, দুৰ্যোগ প্ৰশমন বিভাগৰ দৰে জৰুৰীকালীন সেৱা সদা সষ্টম। সেই সকলো বিভাগক নিৰৱাচ্ছিন্নভাৱে সহায় কৰিছে একেই তৎপৰতাৰে সহায় আগবঢ়াই আহিছে দেশৰ তথ‍্য প্ৰযুক্তি তথা বিজ্ঞান আৰু প্ৰযুক্তি বিভাগে। এই ক্ষেত্ৰত অসমৰ তথ‍্য প্ৰযুক্তি তথা বিজ্ঞান আৰু প্ৰযুক্তি বিভাগো পিছ পৰি ৰোৱা নাই। ক’ভিড-১৯ৰ সঙ্কটৰ সময়ত সক্ৰিয়তা আৰু উদ‍্যমৰ পৰিচয় দিছে ৰাজ‍্যৰ তথ‍্য প্ৰযুক্তি তথা বিজ্ঞান আৰু প্ৰযুক্তি বিভাগে। স্বাস্থ‍্য আৰু অনলাইন শিক্ষা উভয়তে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে দুয়োটা বিভাগে‌৷ ক’ৰোনা সঙ্কটৰ সময়ত অসম চৰকাৰৰ স্বাস্থ‍্য বিভাগক সকলো প্ৰকাৰে সহায় সহযোগ আগবঢ়াইছে ৰাজ‍্যৰ তথ‍্য প্ৰযুক্তি তথা বিজ্ঞান আৰু প্ৰযুক্তি বিভাগে। এই কথা সদৰি কৰিছে বিভাগীয় মন্ত্ৰী কেশৱ মহন্তই। ৰাজ‍্যত ক’ৰোনা সংক্ৰণৰ প্ৰাৰম্ভিক সময়ৰ পৰা বৰ্তমান মুহূৰ্তলৈকে বিশেষ তৎপৰতা প্ৰদৰ্শন কৰি আহিছে দুয়োটা বিভাগে। বৰ্তমান সঙ্কটৰ সময়তো বিভাগীয় মন্ত্ৰীৰ নেতৃত্বত ৰাজ‍্যৰ প্ৰতিটো বিভাগৰে ৱেব ছাইটসমূহত উপলব্ধ হৈ আছে তৎকালীন সময়ৰ তথ‍্য। বিশেষকৈ স্বাস্থ‍্য আৰু শিক্ষা খণ্ডত প্ৰযুক্তি বিভাগ দুটাই গতিশীলতা প্ৰদানৰ বাবে অহোপুৰুষাৰ্থ কৰি আছে। ৰাজ‍্যৰ ক’ৰোনা সংক্ৰমিত ব‍্যক্তিৰ চিকিৎসাৰ বাবে স্বাস্থ‍্য বিভাগে আয়োজন কৰা চিকিৎসক আৰু স্বস্থ‍্যকৰ্মীসকলৰ প্ৰশিক্ষণৰ সময়ৰ পৰা সংক্ৰমিত ব‍্যক্তিৰ তথ‍্য আৰু বহিঃৰাজ‍্যৰ পৰা অহা ব‍্যক্তিসকলৰ পৰিচয়লৈকে সকলোখিনি স্বাস্থ‍্য সম্পৰ্কীয় কাৰ্য‍ত সক্ৰিয়তাৰে নিজৰ ভূমিকা পালন কৰিছে। এই ক্ষেত্ৰত স্বাস্থ‍্য বিভাগটোৰ লগত ছাঁৰ দৰে সহায়ৰ হাত আগবঢ়াবলৈ যত্নৰ ত্ৰুটি কৰা তথ‍্য, বিজ্ঞান প্ৰযুক্তি বিভাগে। মন্ত্ৰী কেশৱ মহন্তৰ তদাৰকত এদল কুশলী বিষয়া-কৰ্মচাৰীয়ে ৰাজ‍্যৰ ক’ৰোনাকালৰ প্ৰতিটো তথ‍্য প্ৰতিপলে নিৰ্ভুলভাৱে পাব পৰাকৈ সষ্টম কৰি ৰাখিছে ৰাজ‍্যৰ তথ‍্য প্ৰযুক্তি তথা বিজ্ঞান আৰু প্ৰযুক্তি বিভাগক। তদুপৰি ক’ৰোনা সংক্ৰমণৰ প্ৰতিৰোধকল্পে বন্ধ হৈ থকা ৰাজ‍্যৰ শিক্ষা প্ৰতিষ্ঠানসমূহৰ পাঠ‍্যক্ৰম চলাই নিয়াৰ বাবেও বিভাগী কাৰ্য‍সূচী আগবঢ়াই নিয়া হৈছে। সেই উদ্দেশ‍্যে ৰাজ‍্যৰ অনলাইন শিক্ষা ব‍্যৱস্থাতো গতিশীলতা প্ৰদানৰ বাবে তথ‍্য প্ৰযুক্তি বিভাগটোৰ অন্তৰ্গত আমট্ৰনে নতুন উদ‍্যমেৰে ৰাজ‍্যৰ শিক্ষাখণ্ডক সহায়ৰ বাবে যত্ন অব‍্যাহত ৰাখিছে। তাৰ সমান্তৰালকৈ ক’ৰোনা সন্ত্ৰাসে দেশৰ বাবে এক যোগাত্মক প্ৰভাৱ পেলোৱাৰো ইঙ্গিত দিছে। সেই সম্পৰ্কেও মন্ত্ৰীগৰাকীয়ে মন্তব‍্য দাঙি ধৰি কয় যে ক’ৰোনাৰ ভয়াবহতাৰ পিচত ইতিমধ‍্যে চীন এৰি বহুকেইটা বহুৰাষ্ট্ৰীয় প্ৰযুক্তি কাৰিকৰী প্ৰতিষ্ঠানে ভাৰতত তেওঁলোকৰ নিৰ্মাণ কাৰখানা প্ৰতিষ্ঠা কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে। সেই প্ৰতিষ্ঠানসমূহক অসমত কাৰখানা প্ৰতিষ্ঠা কৰাত আগ্ৰাধিকাৰ দিবলৈ অনুৰোধ জনাই ভাৰত চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰিছে। অসম চৰকাৰে সেই প্ৰতিষ্ঠানসমূহৰ বাবে ৰাজ‍্যত ইতিপূৰ্বে সাজু হৈ থকা যাৱতীয় সকলো প্ৰকাৰৰ আন্তঃগাঠনিৰ বিষয়েও পত্ৰত বিস্তৃতভাৱে জনাইছে। স্মৰ্তব‍্য যে গুৱাহাটীৰ সমীপৰ বৰঝাৰ আৰু আৰু আজাৰাত স্থাপিত চফ্‌টৱেৰ প্ৰযুক্তি পাৰ্কে এই দিশত যুগান্তকাৰী পদক্ষে ল’বলৈ সক্ষম। বৃহস্পতিবাৰে কলিয়াবৰত বিভাগ দুটাৰ যাৱতীয় কাৰ্য‍ৰ বিৱৰণ দাঙি ধৰে বিভাগীয় মন্ত্ৰী তথা কলিয়াবৰ সমষ্টিৰ বিধায়ক কেশৱ মহন্তই। উল্লেখযোগ‍্য যে ৰাজ‍্যৰ ক’ৰোনা সংক্ৰমণ প্ৰতিৰোধ অভিযানৰ নগাঁও আৰু শোণিতপুৰ জিলাৰ দায়িত্ববাহী মন্ত্ৰী ৰূপে সুচাৰু ৰূপে সক্ৰিয়তাৰে দায়িত্ব পালন কৰি আছে ৰাজ‍্যৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্বত থকা মন্ত্ৰী কেশৱ মহন্তই। বহু ব‍্যস্ততাৰ মাজতে এই সঙ্কট কালত মন্ত্ৰীৰ নিজা তৎপৰতাত কলিয়াবৰ সমষ্টিৰ প্ৰতিখন গাঁৱৰ প্ৰতিজন গৃহস্থৰ পদুলিয়ে পদুলিয়ে খাদ‍্য-সামগ্ৰী বিতৰণ কৰিছে ধাৰাবাহিকভাৱে। বৃহস্পতিবাৰে তেজপুৰত ক’ৰোনা সম্পৰ্কীয় পৰ্য‍ালোচনা সভাত অংশগ্ৰহণ কৰি কলিয়াবৰত উপস্থিত হয় যদিও প্ৰতিকূল বতৰৰ বাবে খাদ‍্য-সামগ্ৰী বিতৰণ কাৰ্য‍সূচী স্থগিত ৰাখে মন্ত্ৰী কেশৱ মহন্তই।

খটখটিত বৃহৎ সংখ্যক নিচা জাতীয় টেবলেটসহ আটক ১

খটখটিত বৃহৎ সংখ্যক নিচা জাতীয় টেবলেটসহ আটক ১

বোকাজান 

প্ৰায় চাৰি দিন পূৰ্বে নগালেণ্ড সীমান্তৰ খটখটি আৰক্ষীৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথৰ নিয়মীয়া তালাচীত আৰক্ষীয়ে বৃহৎ পৰিমাণৰ গাঞ্জা উদ্ধাৰ কৰাৰ পাছত বুধবাৰৰ নিশা খটখটি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মবালিক ব্ৰহ্মই লাহৰিজান সীমান্তৰ দুদু কলনিত অভিযান চলাই পুনৰ ২৯ হাজাৰ স্পাম’ প্ৰক্সিভম নামৰ নিচা জাতীয় টেবলেটসহ ডিমাপুৰৰ অৰুণ দেৱবৰ্মা নামৰ এজন লোকক আটক কৰে। আৰক্ষী সূত্ৰই জনোৱা মতে লাহৰিজানৰ দুদু কলনিত এক চোৰাং চক্ৰই  স্থানীয় আলি উপাধিৰ এজন লোকৰ সহযোগত বৃহৎ সংখ্যক নিচা জাতীয় টেবলেট সৰবৰাহৰ খবৰ লাভ কৰে আৰক্ষী বিষয়া মবালিক ব্ৰহ্মাই। তেনে খবৰৰ ভিত্তিত আৰক্ষী বিষয়া গৰাকীৰ নেতৃত্বত উক্ত অঞ্চলত অভিযান চলাই প্ৰায় ৫ লক্ষাধিক মূল্যৰ নিচা জাতীয় টেবলেট উদ্ধাৰ কৰি ধৃত লোকজনক আটক কৰে৷ ইফালে আৰক্ষীৰ অভিযান কালত স্থানীয় আলি উপাধিৰ লোকজন আৰু ডিমাপুৰৰ আনজন লোক পলাই যাবলৈ সক্ষম হয়।