Home Blog Page 3443

মহাবিদ্যালয় গ্ৰন্থাগাৰিকৰ বিশেষ প্ৰশিক্ষণ সম্পন্ন

নাজিৰা

অসম মহাবিদ্যালয় গ্ৰন্থাগাৰিক সংস্থাৰ উদ্যোগত  আৰু ভাৰত চৰকাৰৰ বিশ্ববিদ্যালয় অনুদান আয়োগৰ উল্লেখযোগ্য  ইনফ্লিবনেট (UGC_ Inflibnet) কেন্দ্ৰৰ সহযোগত সোমবাৰে দিনৰ ২-৩০ বজাৰ পৰা ভিডিঅ’ কনফেৰেঞ্চযোগে শতাধিক গ্ৰন্থাগাৰিকৰ যোগদানত এক বিশেষ প্ৰশিক্ষণ অনুষ্ঠিত হয়। ইনফ্লিবনেটৰ বৈজ্ঞানিক য়াত্ৰিক পেটেল, ড° এইচ জি হোছামণি আৰু ডি আৰ ভাগেলাই মুখ্য প্ৰশিক্ষক হিচাপে যোগদান কৰা এই প্ৰশিক্ষণত গ্ৰন্থাগাৰ পৰিচনাৰ ছফ্টৱেৰ SOUL:3.0 ৰ যোগেদি অসমৰ মহাবিদ্যালয় সমূহৰ গ্ৰন্থাগাৰৰ পৰা বর্তমান ক’ভিড ১৯ সৃষ্ট লকডাউনৰ সময়ত তথা আগত দিনত উচ্চ শিক্ষাৰ শিক্ষণ-শিকন প্ৰক্ৰিয়াক বৈদ্যুতিন মাধ্যমৰ যোগেদি কেনেদৰে আগবঢ়াই নিব পাৰি, সেই বিষয়ে প্ৰশিক্ষণ দিয়ে। বৰ্তমান পৰিস্থিতিক এক প্ৰত্যাহ্বান হিচাপে লৈ পঢ়ুৱৈসকলে পুথিভঁৰাললৈ নহাকৈ নিজ নিজ স্থানৰ পৰাই পুথিভঁৰালৰ বিভিন্ন তথ্য তথা গ্ৰন্থ পঢ়াৰ সুবিধা এই নতুন ছফ্টৱেৰ সংস্কৰণৰ জৰিয়তে পুথিভঁৰাল সেৱা অসমত অতি কম দিনৰ ভিতৰতে আগবঢ়াবলৈ সক্ষম হ’ব বুলি সংস্থাৰ সভাপতি শ্ৰীমন্ত মাধৱ বৰা আৰু সম্পাদক ড° প্ৰশান্ত কুমাৰ ডেকাই জানিবলৈ দিয়ে। প্ৰথম পৰ্যায়ত শতাধিক গ্ৰন্থাগাৰিকে ইতিমধ্যে যোগদান কৰাৰ পিছতো অসমৰ প্ৰায় দুই শতাধিক গ্ৰন্থাগাৰিক এই প্ৰশিক্ষণৰ পৰা বঞ্চিত হোৱাত সংস্থাই পুনৰ মঙলবাৰে দিনৰ ২-৩০ বজাত দ্বিতীয়টো প্ৰশিক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিছে বুলি সংস্থাৰ প্ৰচাৰ সচিব ড° ৰাজেন্দ্ৰ মোহন দেৱ শৰ্মাই এক প্ৰেছ বিজ্ঞপ্তিত জানিবলৈ দিয়ে।

পথৰুঘাট দুগ্ধ উৎপাদক ছ’চাইটিৰ হাঁহাকাৰ : লকডাউনৰ বাবে পানীৰ দৰত বিক্ৰী গাখীৰ

দৰঙৰ গো-পালকসকলে এতিয়া লকডাউনৰ বাবে পানীৰ দৰত বিক্ৰী কৰিবলগীয়া হৈছে গাখীৰ ৷

দৰং

লকডাউনৰ বাবে দৰঙৰ গো-পালকসকলৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা৷ পানীৰ দৰত বিক্ৰী কৰিবলগীয়া হৈছে গাখীৰ৷ ২০০ গো-পালকক লৈ গঠিত পথৰুঘাট দুগ্ধ উৎপাদক ছ’চাইটিত প্ৰতিদিনে ২০০০ হাজাৰৰ পৰা ২৫০০ পৰ্যন্ত গাখীৰ উৎপাদন কৰি অভিলেখ সৃষ্টি কৰাৰ লগতে জিলাখনৰ বিভিন্ন হোটেলত গাখীৰ যোগান ধৰা  ছ’চাইটিটোৱে গাখীৰেৰে তৈয়াৰি বিভিন্ন ধৰণৰ সু-স্বাদ মিঠাই, দৈ, পনীৰ, ঘী, ক্ৰীম আদি তৈয়াৰ কৰিছিল যদিও এমাহ ধৰি লকডাউনৰ বাবে হোটেলসমুহ বন্ধ হৈ থকাৰ বাবে গো -পালকসকলে যোগান ধৰা গাখীৰৰ এক তৃতীয়াংশ গাখীৰহে দুগ্ধ উৎপাদক সমিতিয়ে ক্ৰয় কৰিব বাধ্য হৈছে৷ যাৰ বাবে গো-পালকসকলে অতিৰিক্ত গাখীৰ গাঁৱে গাঁৱে হোম ডেলিভাৰী কৰিবলগীয়া হৈছে৷ বিক্ৰী কৰিবলগীয়া হৈছে প্ৰতি লিটাৰ গাখীৰত ৩০-৩৫ টকাত৷ আনহাতে লকডাউনৰ বাবে বিবাহ, উৎসৱ পাৰ্বন নোহোৱাৰ বাবে দুগ্ধ উৎপাদক সমিতিয়ে নিতৌ গাখীৰৰে তৈয়াৰ কৰা মিঠাই, দৈ, ক্ৰীম আদি বিক্ৰী নোহোৱাৰ বাবে ২০০ গো-পালকেৰে গঠিত সমিতিখনে লোকচানৰ সন্মুখীন হৈছে৷ এই সন্দৰ্ভত গো-পালকসকলক সকাহ দিবলৈ চৰকাৰে ব্যৱস্থা গ্ৰহণৰ বাবে অনুৰোধ জনাইছে পথৰুঘাট দুগ্ধ উৎপাক সমিতিয়ে৷

বোকাজানত ড্ৰাগছসহ আটক ১

বোকাজান নগৰত সোমবাৰে আৰক্ষীয়ে এজন যুৱকক ড্ৰাগছসহ আটক কৰে ।

বোকাজান

 বোকাজান নগৰৰ মাজমজিয়াত সোমবাৰে আৰক্ষীয়ে এখন নম্বৰ প্লেট বিহীন বাইকত অহা এজন যুৱকক ড্ৰাগছসহ আটক কৰিবলৈ সক্ষম হয়। ধৃত যুৱকজন বালিপথাৰৰ দিলাওজানৰ ধীৰাজ চিংফৌ বুলি জানিব পৰা গৈছে। আৰক্ষী সূত্ৰে জানিব পৰা মতে ডিমাপুৰৰ পৰা বাইকেৰে দিলাওজান অভিমুখে গৈ থকা অৱস্থাত আৰক্ষীয়ে তেওঁক  নিজৰাপাৰত ৰখাই তালাচী চলাই হেলমেটত লুকুৱাই অনা অৱস্থাত ৯.৭০ গ্ৰাম আৰু ৯.৮৫ গ্ৰামৰ দুই পেকেট ব্ৰাউন ছুগাৰ জব্দ কৰাৰ লগতে যুৱকজনক আটক কৰে৷ জব্দ কৰা ড্ৰাগছখিনিৰ মূল্য প্ৰায় ষাঠি হাজাৰ টকা বুলি প্ৰকাশ। উল্লেখযোগ্য যে এই যুৱকজনৰ লগত তল বালিজানৰ নয়নজ্যোতি শইকীয়া আৰু সঞ্জয় নামৰ আন দুজন যুৱক আছিল যদিও পলাই সাৰে বুলি আৰক্ষীয়ে প্ৰকাশ কৰে৷

ৰাজপথত ট্ৰাক চালকক মাস্ক পিন্ধালে মঙলদৈৰ বিধায়কে

ৰাজপথত ট্ৰাক চালকক মাস্ক পিন্ধালে মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাসে

মঙলদৈ

মাস্ক নিপিন্ধাকৈ ঘৰৰ পৰা যাতে বাহিৰলৈ কোনো লোক ওলাই নাহে তাৰ সজাগতা সৃষ্টিৰ উদ্দেশ্যৰে সোমবাৰে দৰং বিজেপিৰ উদ্যোগত মঙলদৈৰ ভিন্ন স্হানত মাস্ক বিতৰণ কৰে৷ জিলা বিজেপিৰ সভাপতি অমৰ শৰ্মাৰ নেতৃত্বত চলোৱা এই অভিযানত মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাসৰ লগতে প্ৰাক্তন সভানেত্ৰী নিলিমা দেৱী উপ সভানেত্ৰী শেৱালি গোস্বামী কলিতা জিলা সম্পাদক মণ্টু ডেকা, মহিলা গোটৰ সভানেত্ৰী প্ৰেমদা ভূঞা সমন্বীতে দিলিপ ডাউকা, গিতিমা দাস, মৃনাল চহৰীয়া, কবিতা অধিকাৰী আদি বৃহৎ দলে অংশগ্ৰহণ কৰে৷ সামাজিক দূৰত্ব ৰক্ষা কৰি চাইকেল মটৰ চাইকেল পথাচাৰীসহ ট্ৰাকৰ ড্ৰাইভাৰকো মাস্ক পিন্ধাই মঙলদৈৰ বিধায়কে৷ তাৎপৰ্যপূৰ্ণ যে মাস্ক বিতৰণ কৰি থকা অৱস্থাতে দুখন কেটিএম বাইক লৈ দুটা বাইক ষ্টাণ্ট সময়ত উপস্থিত হয় যদিও বিজেপিৰ দলটোক দেখা পাই ঘটনাস্হলীৰ পৰাই ততাতৈয়াকৈ পলায়ন কৰিব বিচাৰে৷ ইয়াৰে নম্বৰ প্লেটবিহীন এজন যুৱক পথতে বাগৰি পৰে৷ থিতাতে বাইকৰ দিশ সলনি কৰিব গৈ এনেদৰে বাগৰি পৰে যদিও বিজেপিৰ দলটোৱে দৌৰাদৌৰিকৈ উদ্ধাৰ কৰে৷ অৱশ্যে দুই যুৱকৰ দলটোয়ে মুখত মাস্ক লগােৱাৰ সলনি আঁতৰি যায়৷ লক্ষনীয় যে মাস্ক পৰিধান নকৰাকৈ ঘৰৰ পৰা বাহিৰলৈ ওলাই অহাসকলক ৫০০ টকা জৰিমনা বিহিব বুলি চৰকাৰে শেহতীয়াভাৱে ঘোষণা কৰিছিল যদিও মঙলদৈত এনেদৰে মাস্ক নিপিন্ধাকৈ ওলাই অহা সকলক জিলা বিজেপিয়ে এক শিক্ষা দিয়া পৰিলক্ষিত হয়৷

প্ৰধান মন্ত্ৰী কিষাণ সন্মান নিধিৰ তালিকাত নাই বহু প্ৰকৃত কৃষকৰ

প্ৰধান মন্ত্ৰী কিষাণ সন্মান নিধিৰ তালিকাত নাই বহু প্ৰকৃত কৃষকৰ

কলিয়াবৰ

 প্ৰকৃত সন্মানৰ পৰা বঞ্চিত প্ৰকৃত কৃষক‌। কৃষকৰ মৰ্য‍্যদাক লৈ যেন বহুৱালী কৰিলে এচাম ন‍্যস্তস্বাৰ্থ জড়িত ৰাজনেতিক নেতা-পালিনেতাই। চাকৰিয়াল, ছাত্ৰ-বৃদ্ধতো বাদেই কোনো দিনে পথাৰ নগৰকা মহিলাই লাভ কৰিছে কিষাণ সন্মান। এনে ঘটনাই ঘটিছে প্ৰধান মন্ত্ৰী কিষাণ সন্মান নিধিৰ তালিকাত। অসমৰ প্ৰতিটো পঞ্চায়তৰ প্ৰতিখন গাঁৱতে ভূৱা কৃষকৰ নামে ভিৰ কৰিছে হিতাধিকাৰীৰ তালিকত। পঞ্চায়তৰ প্ৰতিনিধি আৰু ৰাজনৈতিক দলীয় নেতা-পালিনেতাৰ কুচক্ৰান্ত আৰু স্বজন তোষণৰ প্ৰভাৱত প্ৰকৃত কৃষকে দিনতে আন্ধাৰ দেখিছে। হিতাধিকাৰীৰ বাবে বান্ধি দিয়া সকলো নীতি নিয়ম জলাঞ্জলি দি ৰাজনৈতিক ক্ষমতাৰে নিজ অঙহী-বঙহীৰে তালিকা পূৰাই চৰকাৰী ধনৰ উদৰস্থ কৰাৰ অসৎ অভিসন্ধি পোহৰলৈ অহাত ক্ষোভত ফাটি পৰিছে অসমবাসী। ইয়াৰ ব‍্যতিক্ৰম নহয় নগাঁও জিলাৰ কলিয়াবৰ মহকুমাৰ গাঁওসমূহো।কলিয়াবৰ মহকুমাৰ কলিয়াৰ উন্নয়ন খণ্ড আৰু পশ্চিম কলিয়াবৰ উন্নয়ন খণ্ডৰ অন্তৰ্তগত প্ৰতিখন গাঁৱত লকডাউনৰ সময়ছোৱাত এনে অনিয়মে ভূতৰ ওপৰত দানহ পৰাদি পৰিছে। কৰ্ম সংস্থাপন আৰু জীৱিকাৰ জটিল সন্ধিক্ষণত প্ৰতিজন বঞ্চিত কৃষক ক্ষুব্ধ। কলিয়াবৰ মহকুমাৰ পূৱ পূথৰীয়া পঞ্চায়তৰ মাধতাৰী গাঁৱৰ নৰেন নেওগ নামৰ ব‍্যক্তিজনে যোৱা দুবছৰ পূৱথৰীয়া গাঁৱৰ হিৰু কাকতি আৰু শিলঘাটৰ আবুবক্কৰ চিদ্দিকৰে সৈতে মিলি শাক-পাচলি আৰু ধান খেতি কৰি জীৱিকা নিৰ্বাহ কৰি আছে‌। চৰকাৰী কোনো সা-সুবিধা নোহোৱাকৈয়ে গাঁঠিৰ ধন ভাঙি খেতি কৰি অতি কষ্টৰে দুটকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। কিন্তু প্ৰধান মন্ত্ৰী কিষাণ সন্মান নিধিৰ বাবে আবেদন জনোৱাৰ পিচতো নৰেন নেওগৰ নাম তালিকাভূক্ত নহ’ল। তাৰ পৰিৱৰ্তে নেওগে অভিযোগ কৰা মতে, কেতিয়াও পথাৰত খোজ দি নোপোৱা গাঁৱৰে বহুকেইগৰাকী মহিলাই প্ৰধান মন্ত্ৰী কিষাণ সন্মান নিধিৰ তালিকাভূক্ত হোৱাৰ লগতে চৰকাৰী চাকৰীয়াল আৰু চচল পৰিয়ালেও এই সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে। সাধাৰণ খাটি খোৱা লোকৰ বাবে চৰকাৰী আঁচনিৰ ধন প্ৰকৃত হিতাধিকাৰীয়ে লাভ নকৰাত নৰেন নেওগ ব‍্যথিত, ক্ষোভিত। একমাত্ৰ পুত্ৰ বহিঃ ৰাজ‍্যৰ হায়দৰাবাদত কৰ্মৰত যদিও গাঁৱত থকা পিতৃ-মাতৃক সহায় কৰিব পৰা বিধৰ চাকৰি নহয়। সেয়ে পত্নীৰ সৈতে মাধতাৰী গাঁৱত বাস কৰা নৰেন নেওগে খেতিৰ জৰিয়তেই দুবেলা-দুমুঠি উপাৰ্জন কৰে। নেওগে জনোৱা মতে, বৰ্তমান লকডাউনৰ সময়ত ভেন্দি, কোমোৰা, লাও, জিকা, ভোলৰ উপযুক্ত বজাৰ নোপোৱাত যথেষ্ট লোকচানৰ সন্মুখীন হৈছে। তথাপিও, দিন ভাল হোৱাৰ আশাত নতুনকৈ বেঙেনা আৰু বিলাহীৰ খেতি আৰম্ভ কৰিছে। নিজাববীয়াকৈ কৃটিম জলসিঞ্চনৰ ব‍্যৱস্থা কৰি প্ৰায় পোন্ধৰ বিঘা মাটিত বুৰৈ খেতি কৰিছে। কিন্তু শেহতীয়াকৈ লকডাউনৰ ফলত সাৰ আৰু কীটশাশক দ্ৰব‍্যৰ অভাৱৰ ফলত ব‍্যৱসায়ীক ভিত্তিত কৰা শাক-পাচলিৰ উৎপাদনত বিৰূপ প্ৰভাৱ পৰিছে। এইয়া মাত্ৰ এজন প্ৰকৃত কৃষকৰ মনোবেদনা। ইতিমধ‍্য তালিকা লৈ উঠা অভিযোগৰ ভিত্তিত অসমৰ জিলাই-জিলাই তদন্তৰ নিৰ্দেশ দিছে অসম চৰকাৰে। এইসময়ত সকলোৰে মনত এটাই প্ৰশ্ন, এই তদন্তৰ ফলত প্ৰধান মন্ত্ৰী কিষাণ সন্মান নিধিত তালিকাভূক্ত নোহোৱা এনে লাখ-লাখ প্ৰকৃত কৃষকে ন‍্যায় পোৱাৰ লগতে দোষীয়ে শাস্তি পাবনে?

নাজিৰা মহকুমাত নাগালেণ্ডৰ পাণৰ ছিণ্ডিকেট : আটক ৬

নাজিৰা

লকডাউন উলংঘা কৰি শিৱসাগৰ জিলা তথা নাজিৰা মহকুমাত অব্যাহত আছে নাগালেণ্ডৰ পাণৰ ছিণ্ডিকেট। দেশত ক’ৰোনা ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ বাবে কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্য চৰকাৰে ৰাজ্যত লকডাউন ঘোষণা কৰাৰ উপৰি আন্তঃৰাজ্যিক সীমান্তও ছীল কৰি থৈছে।তেনেস্হলত একাংশ কয়লা মাফিয়া আৰু পাণ ব্যৱসায়ীয়ে সীমান্ত অঞ্চলসমূহৰ যোগেদি চলাই গৈছে কয়লা আৰু নাগালেণ্ডৰ পাণৰ ছিণ্ডিকেট।দেওবাৰে সন্ধ্যা গেলেকী আৰক্ষীয়ে গোপন সূত্ৰম পম খেদি নাগালেণ্ডৰ পৰা অনা কেইবা লক্ষাধিক টকাৰ পাণসহ দুখন বলেৰ’ পিক আপ ভান জব্দ কৰাৰ লগতে ৬ জন ব্যক্তিক গ্ৰেপ্তাৰ কৰি পৰৱৰ্তী সময়ত ব্যক্তিগত জামিনত মুক্তি দিয়ে। ঘটনা সন্দৰ্ভত জানিব পৰা মতে দেওবাৰে বিয়লি লকাডাউন তথা সীমান্ত ছীল  আৰু সান্ধ্য আইন কৰি উলংঘা কৰি নাগালেণ্ডৰ পাণ ছিণ্ডিকেট চক্ৰ এটাই গোপনে নাগালেণ্ডৰ পৰা দুখন বলেৰ’ পিক আপ ভেনেৰে গেলেকীলৈ পাণ কঢ়িয়াই অনাৰ খবৰ লাভ কৰে গেলেকী আৰক্ষীয়ে৷ আৰক্ষীয়ে এই খবৰ লাভ কৰাৰ পাছতে গেলেকী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দ্বীপেন্দ্ৰ ছেত্ৰীৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে সীমান্তৰ শিঙিবিল অঞ্চলৰ পৰা কেইবালক্ষাধিক টকাৰ পাণসহ দুখন গাড়ী জব্দ কৰি গেলেকী থানালৈ আনে। আৰক্ষীয়ে এ এচ-৪বি চি-২৮৪১ আৰু এন এল-০৪ডি-৫৯০৭ নম্বৰৰ দুখন পাণ ভৰ্তি বলেৰ’ পিক আপ ভান জব্দ কৰাৰ লগতে ৰমজান আলি, মুজিবুৰ হুছেইন, মহম্মদ হুছেইন, ইদুল আলি, ৱাজিদ আলি আৰু মহম্মদ কুতুবুদ্দিন নামৰ নামৰ ৬ জন ব্যক্তিক গ্ৰেপ্তাৰ কৰে। পৰবৰ্তী পৰ্যায়ত আৰক্ষীয়ে এক গোচৰ পঞ্জীয়ন কৰি গ্ৰেপ্তাৰ কৰালোক কেইজনক ব্যক্তিগত জামিনত মুক্তি দিয়ে।

মঙলদৈত দুৰ্ঘটনাগ্ৰস্ত বাহনৰ পৰা উদ্ধাৰ গাঞ্জা

মঙলদৈত দুৰ্ঘটনাগ্ৰস্ত বাহনৰ পৰা উদ্ধাৰ গাঞ্জা

মঙলদৈ

দৰং জিলাৰ মঙলদৈ আৰক্ষী থানাৰ অন্তৰ্গত ১৫ ৰাষ্ট্ৰীয় ঘাইপথৰ পুণিয়া চকত দেওবাৰে আবেলি প্ৰায় দুই বজাত সংঘটিত হয় এক পথ দুৰ্ঘটনা। দুৰ্ঘটনা  সংঘটিত কৰা বাহনখনৰ পৰা ৰহস্যজনকভাৱে উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ গাঞ্জা৷ ঘটনাৰ বিৱৰণী অনুসৰি জিলাখনৰ খাৰুপেটীয়া দিশৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা এ এছ ০৩ ই ২২৮৬  নম্বৰৰ   ছেন্ট্ৰো গাড়ীখনে বিপৰীত দিশৰ পৰা আহি থকা এ এছ ২৫-চি চি ২৭৯৯ নম্বৰৰ ডি আইখনক প্ৰচণ্ড জোৰে খুন্দা মাৰে। খুন্দা মৰাৰ পিছতে বাহনখনত প্ৰায় ডেৰ কুইণ্টল গাঞ্জা থকাৰ কথা পোহৰলৈ আহে।ঘটনাৰ খবৰ পোৱাৰ লগে লগে মঙলদৈৰ আৰক্ষী  ঘটনাস্হলীত উপস্থিত হৈ বাহনসহ গাঞ্জাখিনি জব্দ কৰি থানালৈ লৈ আহে। মঙলদৈ সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিৰঞ্জন বৰুৱাই ছেন্ট্ৰোখনৰ  নম্বৰ সলাই লোৱাৰ সন্দেহ প্ৰকাশ কৰিছে উল্লেখযোগ্য যে গাড়ীখনৰ নম্বৰ প্লেটৰ তলত আন এখন নম্বৰ প্লেট উদ্ধাৰ হোৱা ঘটনাই উক্ত দুৰ্ঘটনাৰ কাণ্ডক আৰু অধিক ৰহস্যময় কৰি তুলিছে৷ ইপিনে গাঞ্জা আৰু দুখনকৈ নম্বৰ প্লেট উদ্ধাৰ হোৱা সমস্ত ঘটনাৰ অনুসন্ধান আৰু তদন্ত অব্যাহত ৰাখিছে মঙলদৈ আৰক্ষীয়ে৷

থলুৱা হাঁহ-কুকুৰা বিক্ৰী কৰি জীৱন আগুৱাই নিয়া এগৰাকী বীৰাংগনা

থলুৱা হাঁহ-কুকুৰা বিক্ৰী কৰি জীৱন আগুৱাই নিয়া এগৰাকী বীৰাংগনা

ডিৰাক সীমান্ত

জীৱন যুঁজত হাৰ নমনা এগৰাকী সাহসী যোদ্ধা। জীৱনৰ কোনো কঠোৰ পৰিস্থিতিতে ভাগি পৰা নাই তাই। সময়ৰ কণ্টকময় পথত সাহসেৰে আগুৱাই গৈছে তিনিচুকীয়া জিলাৰ বৃহত্তৰ ডিৰাক অঞ্চলৰ বৰমেচাই গাঁৱৰ নৱনিতা নেওগ বৰুৱা নামৰ মহিলাগৰাকীয়ে। পুৱাই স্কুতিখন লৈ ঘৰৰ পৰা ওলাই আহে নৱনিতা। লক্ষ্য থলুৱা হাঁহ  কুকুৰাৰ ক্ৰয় কৰা। ৯ বছৰ ধৰি এইদৰেই থলুৱা হাঁহ, কুকুৰা বৃহত্তৰ অঞ্চলটোৰ গাঁওসমূহৰ লগতে গ্ৰাম্য বজাৰৰ পৰা ক্ৰয় কৰি তিনিচুকীয়া, ডুমডুমা, ৰূপাই, কাকপথাৰত বিক্ৰী কৰি পৰিয়ালক পোহপাল দি আহিছে নৱনিতাই। নৱনিতাৰ পৰিয়ালত আছে দুটি পুত্ৰ সন্তান আৰু স্বামী। জীৱনৰ বাটত বহু সমস্যাৰো সন্মুখীন হৈছে মহিলাগৰাকীয়ে। তথাপি হতাশ হোৱা নাই কোনোদিনে। কোনো চৰকাৰী আঁচনিয়ে ঢুকি পোৱা নাই নৱনিতা নেওগ বৰুৱাক। এনেদৰে উপাৰ্জনৰ পথ বাচি লোৱা অৰ্থাৎ স্বাৱলম্বী হোৱা নৱনিতা হওক আজিৰ কৰ্ম সংস্থাপনহীনতা সময়ত আন বহুজনৰ বাবে আদৰ্শ। উল্লেখযোগ্য যে প্ৰথম অৱস্থাত নৱনিতাই বাইচাইকেলেৰে ব্যৱসায় চলাই বিক্ৰী কৰি লাভ কৰা টকাৰে এখন স্কুতি কিনি চলাই আছে ব্যৱসায়৷

মঙলদৈত শতাধিক শিল্পীলৈ খাদ্য, মাস্ক, ছেনিটাইজাৰ বিতৰণ বিধায়ক গুৰুজ্যোতিৰ

মঙলদৈত শতাধিক শিল্পীলৈ খাদ্য, মাস্ক, ছেনিটাইজাৰ বিতৰণ বিধায়ক গুৰুজ্যোতিৰ

মঙলদৈ

মঙলদৈ সমষ্টিৰ শুকনানী ওজাপালিৰ পাছত দেওবাৰে ব্যাসৰ শতাধিক ওজাপালি শিল্পীলৈ মাস্ক, ছেনিটাইজাৰসহ খাদ্যৰ টোপোলা আগবঢ়ালে মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাসে। আউলাচৌকা নৱজ্যোতি বালিকা হাইস্কুল চৌহদত অনুস্হিত এক অনুষ্টুপীয়া আৰু সংক্ষিপ্ত সভাত এই সাহায্য প্ৰদান কৰি বিধায়ক গুৰুজ্যোতি দাসে কয়, আপোনালোকৰ যন্ত্ৰণা বুজিছো, ৩ মাহে সভা গাই ফূৰাৰ সলনি ঘৰতে আছে কষ্টৰে। কিন্তু আমাৰ ভালৰ বাবেই এই পৰিস্হিতিত সহবাস কৰিব লাগিব। আজি কি দিছো সেয়া নাভাবিব, কিন্তু আপোনালোকৰ ভোটৰে জয়ী হোৱা জনপ্ৰতিনিধি গৰাকী আপোনালোকৰ লগত সুখে-দুখে সদায় আছে। কাৰ্যসূচীত দৰং বিজেপিৰ সভাপতি অমৰ শৰ্মা, প্ৰণৱ বৰুৱা, দুৰ্লভ শৰ্মা, শেৱালি গোস্বামী, গীতিমা দাস, মৃণাল চহৰীয়া আদি কেবাজনেও ভাগ লয়। পশ্চিম মঙলদৈ মণ্ডল বিজেপিৰ সভাপতি নীল বৰুৱাই আঁতধৰা সভাত শিল্পীসকলে থিতাতে ধ্ৰুপদী ৰাগ পৰিৱেশন কৰি সকলোকে মোহিত কৰে। একেদৰে, বিধায়কগৰাকীৰ এনে পদক্ষেপত সন্তুষ্টি ব্যক্ত কৰে।

সাংবাদিক সুৰেশ চন্দ্ৰ বৰঠাকুৰৰ মৃত্যুত শোক

টিংখাং

অসম বাৰ্তাজীৱী সংঘৰ প্ৰতিষ্ঠাপক উপ সভাপতি তথা বিশ্বনাথ জিলা বাৰ্তাজীৱী সংঘৰ উপদেষ্টা সুৰেশ চন্দ্ৰ বৰঠাকুৰৰ মৃত্যুত ডিব্ৰুগড় জিলা বাৰ্তাজীৱী সংঘই গভীৰ শোক প্ৰকাশ কৰিছে। ডিব্ৰুগড় জিলা বাৰ্তাজীৱী সংঘৰ সভাপতি অমৰজ্যোতি আৰন্ধৰা আৰু সাধাৰণ সম্পাদক দীপজয় শইকীয়াই আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিৰ জৰিয়তে জ্যেষ্ঠ সাংবাদিকজনৰ মৃত্যুত শোক প্ৰকাশ কৰাৰ লগতে তেওঁৰ আত্মাৰ সদগতি কামনা কৰি শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। তেওঁৰ মৃত্যুত অসমৰ সংবাদ জগতৰ অপূৰণীয় ক্ষতি বুলিও মত প্ৰকাশ কৰে। আনহাতে যোৰহাট জিলা বাৰ্তাজীৱী সংঘৰ সভাপতি অঞ্জন বৰা আৰু জ্ঞানাৰুণ কুমাৰ গগৈয়েও গভীৰ শোক প্ৰকাশ কৰে৷