Home Blog Page 3450

শিৱসাগৰৰ সাংবাদিকক মাস্ক, ছেনিটাইজাৰ বিতৰণ ৰটাৰী ক্লাবৰ

শিৱসাগৰ ৰটাৰী ক্লাবে সংবাদ কৰ্মীসকলক একোখনকৈ মাস্ক আৰু একোটাকৈ ছেনিটাইজাৰ প্ৰদান কৰে।

শিৱসাগৰ

 ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ স্বাৰ্থত বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে ভাৰততো চলি আছে লকডাউন। এনে এক আতংকময় পৰিবীৱেশৰ মাজত নিজৰ জীৱনকো তুচ্চ জ্ঞান কৰি ক’ৰ’ণাৰ বিৰুদ্ধে যুঁজত ৰাইজক সজাগ কৰি ৰখাৰ লগতে জিলাখনৰ বিভিন্ন প্ৰান্তৰ বা-বাতৰি প্ৰচাৰ কৰি দেশ আৰু জাতিৰ স্বাৰ্থত কাম কৰি যোৱা সংবাদ কৰ্মীসকলক সন্মান জনোৱাৰ লগতে উৎসাহিত কৰিবৰ বাবে শিৱসাগৰ ৰটাৰী ক্লাবে বৃহস্পতিবাৰে একোখনকৈ মাস্ক আৰু একোটাকৈ ছেনিটাইজাৰ প্ৰদান কৰে। শিৱসাগৰ প্ৰেছ ক্লাবৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই মাস্ক আৰু ছেনিটাইজাৰ বিতৰণ অনুষ্ঠানৰ আঁতধৰে ড° প্ৰশান্ত প্ৰতিম শৰ্মা আৰু ডাঃ অঞ্জনা শৰ্মাই৷

লংকাত বজৰং দলৰ জৰুৰীকালীন কৰ্মত নিয়োজিত কৰ্মীক মাস্ক,গামোচা বিতৰণ

লংকাত বজৰং দলৰ জৰুৰীকালীন কৰ্মত নিয়োজিত কৰ্মীক মাস্ক,গামোচা বিতৰণ

লংকা

সমগ্ৰ দেশত লকডাউন চলি থকা সময়তে আজি লংকাত বজাৰং দলে এক প্ৰসংসনীয় পদক্ষেপ  লোৱা পৰিলক্ষিত হয়। দেশৰ সংকটকালীন সময়ত লংকা চহৰৰ জৰুৰীকালীন সেৱাত নিয়োজিত সকলো চিকিৎসক-নাৰ্চ, আৰক্ষী-জোৱান, চৰকাৰী কৰ্মচাৰী, চাফাই কৰ্মী আৰু সাংবাদিকক দুপৰীয়া এসাজ আহাৰ, এখনকৈ বিহুবান আৰু মাস্ক বিতৰণ কৰে। বজৰং দলৰ উক্ত কৰ্মৰাজীক লংকাৰ সচেতন মহলে প্ৰসংশা কৰা পৰিলক্ষিত হৈছে।

টিংখাঙত প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিত ভুৱা হিতাধিকাৰী : তদন্তৰ দাবী

টিংখাং

শূন্য সহনশীলতাৰ নীতিৰে পৰিচালিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰখনক এইবাৰ কৃষি বিভাগত সংঘটিত কেলেংকাৰীয়ে ৰাজ্যৰ সৰ্বত্ৰে তুমুল জোকাৰণিৰ সৃষ্টি হৈছে। ৰাজ্যখনৰ বিভিন্ন জিলাৰ ঠাইৰ লগতে ডিব্ৰুগড় জিলাৰ টিংখাঙতো প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিখনৰ সঠিকভাৱে ৰূপায়ণত ব্যাপক দুৰ্নীতি অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে। টিংখাঙত সমষ্টিটোৰ বিধায়ক বিমল বড়াৰ অকৰ্মন্যতাৰ লগতে কৃষি বিভাগৰ চৰম দায়িত্বহীনতাৰ বাবে আঁচনিখনৰ ৰূপায়ণত অনিয়ম হোৱাৰ অভিযোগ উঠিছে। জিলাখনৰ অন্যতম কৃষি প্ৰধান বিধান সভা সমষ্টিটোৰ অন্তৰ্গত লেঙেৰী আৰু টিংখাং মৌজাৰ প্ৰকৃত কৃষকৰ সলনি একাংশ ভুৱা কৃষকৰ নাম আঁচনিখনৰ হিতাধিকাৰীৰ তালিকাত অন্তৰ্ভূক্ত হোৱাৰ অভিযোগ উঠিছে। প্ৰাপ্ত অভিযোগ মতে সমষ্টিটোৰ দুয়োটা মৌজাৰ শ’লগুৰি, দিল্লীবাৰীকে ধৰি প্ৰায় প্ৰতিখন গাঁও পঞ্চায়ততে ভুৱা কৃষকৰ নাম সন্নিবিষ্ট হোৱাত ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। মন্ত্ৰী অতুল বৰা নেতৃত্বাধীন কৃষি বিভাগটোৰ জৰিয়তে ৰাজ্যৰ কৃষকসকলক আৰ্থিক সাহায্য আগবঢ়োৱা আঁচনিখনৰ হিতাধিকাৰী বাচনি কৰাত শাসক দল ভাৰতীয় জনতা পাৰ্টীৰ নেতা কৰ্মী জড়িত থকাৰ বাবে ব্যাপকভাৱে অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উঠিছে। তদুপৰি শাসকীয় মিত্ৰদল অসম গণ পৰিষদ দলৰ একাংশ নেতা কৰ্মীয়ে হিতাধিকাৰী বাচনি প্ৰক্ৰিয়াত জড়িত থকাৰ অভিযোগ উঠিছে।হিতাধিকাৰীৰ তালিকাত একেটা পৰিয়ালৰ কেবাজনোলোকৰ লগতে শাসক দলৰ নেতা-কৰ্মীৰ নাম ব্যাপক হাৰত অন্তভূক্ত হৈছে। ইয়াৰ উপৰি একাংশ হিতাধিকাৰীয়ে বিভিন্ন বেংকত থকা একাউণ্টৰ জৰিয়তে একাধিকবাৰ প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ ধন লাভ কৰিবলৈ সক্ষম হৈছে। আঁচনিখনৰ বাবে হিতাধিকাৰীৰ তালিকাত অচিনাকী লোকৰ নাম অন্তৰ্ভূত হোৱাৰ লগতে এজন লোকৰ নাম দুবাৰ কৈ সন্নিবিষ্ট হৈছে। জানিব পৰা মতে অঞ্চলটোৰ বহুলোকে বেংক একাউণ্টৰ পৰা আঁচনিখনৰ ধন উলিয়াই খৰচ কৰিছে। এই ব্যাপক অনিয়মত কৃষি বিভাগৰ বিষয়া কৰ্মী জড়িত থকাৰো অভিযোগ উঠিছে। অঞ্চলটোত বিভাগটোৰ বিষয়া কৰ্মীয়ে ক্ষেত্ৰ পৰিদৰ্শন নকৰাৰ বাবে একাংশ লোকে অবাধে অনিয়ম সংঘটিত কৰিবলৈ সুবিধা লাভ কৰি চৰকাৰী আঁচনিখনক প্ৰহসনত পৰিণত কৰি তুলিছে।জিলাখনৰ পিছপৰা অঞ্চলটোৰ একাংশ কৃষকে মাটিৰ ভুৱা নথি পত্ৰ জৰিয়তে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ ধন লাভ কৰিবলৈ সক্ষম হোৱাৰ আঁৰত টিংখাং ৰাজহ চক্ৰৰ একাংশ কৰ্মচাৰী জড়িত থকাৰ অভিযোগ উঠিছে। এডৰাও খেতি পথাৰ নথকালোকেও কৃষকৰ বাবে আৱণ্টিত ধন লাভ কৰা কাৰ্যই প্ৰকৃত খেতিয়কসকলক ক্ষোভিত কৰি তুলিছে। অঞ্চলটোৰ ক্ষোভিত কৃষকসকলে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিত সংঘটিত চূড়ান্ত অনিয়মৰ সন্দৰ্ভত এক উচ্চ পৰ্যায়ৰ তদন্ত কৰি দোষীক কঠোৰ শাস্তি বিহিবলৈ প্ৰশাসনক দাবী কৰিছে। শেহতীয়াভাৱে সমগ্ৰ ৰাজ্যখনতে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিখনৰ ৰূপায়ণ সংঘটিত হোৱা ব্যাপক দুৰ্নীতিৰ সন্দৰ্ভত বিভাগীয় মন্ত্ৰী অতুল বৰাই এক উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ জাৰী কৰা বুলি জানিব পৰা গৈছে। এই তদন্তৰ আওতাত পৰিলে কৃষি প্ৰধান টিংখাং বিধান সভা সমষ্টিত বহু ৰৌ বৰালি জালত পৰা সম্ভাৱনা আছে।ইপিনে টিংখাং অঞ্চলত আঁচনিখনৰ বাবে বাচনি কৰা হিতাধিকাৰীৰ তালিকাখনত আসোঁৱাহ থকাৰ কথা কৃষি বিভাগে স্বীকাৰ কৰা বুলি জনিব পৰা গৈছে।

ধুলা গাঁও পঞ্চায়তত এমজিএনৰেগা আঁচনিৰ নামত অনিয়ম : তদন্তৰ দাবী সাংগঠনিক সম্পাদকৰ

ধুলা গাঁও পঞ্চায়তত এমজিএনৰেগা আঁচনিৰ নামত অনিয়ম

খাৰুপেটীয়া

ধুৱা চাঙত পৰিণত হৈছে ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বাক্য। ৰাজ্যখনৰ শিক্ষা আৰু গড়কাপ্তানী বিভাগৰ তথা ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে কামৰ প্ৰতি ৰাইজ সন্তুষ্ট হলেহে মুকলাই দিয়া হ’ব আঁচনিৰ ধন। সেই কথাষাৰ ধোৱা চাঙত পৰিণত হ’বলৈ ধৰিছে ধুলা গাঁও পঞ্চায়তত। আঁচনি ৰূপায়ণৰ নামত কেৱল লুণ্ঠন চলাইছে পঞ্চায়ততখনত। গাওঁ পঞ্চায়তখনত এমজিএনৰেগা আৰু চতুৰ্দশ বিত্তীয় আঁচনিৰ নামত ব্যাপক দুৰ্নীতি অনিয়মৰ অভিযোগ উত্থাপিত কৰিছে স্থানীয় ৰাইজৰ লগতে সংখ্যালঘু সংগ্ৰাম পৰিষদে। অভিযোগ অনুযায়ী দৰং জিলাৰ পূৱ মঙ্গলদৈ উন্নয়ন খণ্ডৰ অন্তৰ্গত ধুলা  গাঁও পঞ্চায়তৰ ১নং মাগুৰমাৰী গাঁৱৰ মজিবুৰ আলী ঘৰৰ পৰা মেহেৰ আলীৰ ঘৰলৈ যোৱা পথ পুনৰ নিৰ্মাণৰ বাবে বিভাগীয় কৰ্তৃপক্ষই ২০১৯-২০ বৰ্ষৰ এমজিএনৰেগা আঁচনিৰ নামত ৩,৬৭,২৩২  টকা আৰু  ২০১৯-২০ বৰ্ষৰ এমজিএনৰেগা আঁচনিৰ নামত জলফু আলীৰ ঘৰৰ পৰা ভিক্কু আলীৰ ঘৰলৈ যোৱা পথ পুনৰ নিৰ্মাণৰ বাবে মুঠ ৬,৮৭,৪,৭৮ টকা আৱন্টন দিয়ে। জনসাধাৰণৰ সুবিধাৰ্থে গাঁৱলীয়া বাট পথবোৰ সুচল কৰিবৰ বাবে চৰকাৰে বৃহৎ পৰিমাণৰ ধন আৱণ্টন দিছে যদিও ঠিকাদাৰৰূপি জনপ্ৰতিনিধিসকলে চৰকাৰী নিয়ম নীতিক জলাঞ্জলি দি নামমাত্ৰ কাম কৰি অধিকাংশ ধন আত্মসাৎ কৰিছে উক্ত আঁচনি দুখনত৷ তাৎপৰ্যপূৰ্ণ যে আঁচনি ৰূপায়ণৰ নামত  আৱণ্টিত হোৱা টকাৰ বেছি পৰিমানে গাঁও পঞ্চায়তৰ সদস্য সচিব, কম্পিউটাৰ সহায়ক, জি আৰ এছ আৰু কণিষ্ঠ অভিযন্তাৰ পকেটলৈ যোৱা বুলি অভিযোগ উত্থাপিত কৰিছে একাংশই। ফাইলৰ লগতে প্ৰতিখন টেবুলত ধন নিদিলে পাছ নহয় কোনো আঁচনিৰ বিল। এক গোপন সূত্ৰে জানিব পৰা মতে আঁচনিবোৰৰ প্ৰত্যেকখন বিল পাছ কৰাৰ সময়ত পঞ্চায়তৰ সচিব, কম্পিউটাৰ সহায়ক, জিআৰএছকে আদি কৰি কণিষ্ঠ অভিযন্তাজনকো শতাংশ হিচাপত টকা দিয়াৰ পাছত কাম নেদেখাকৈ ঘৰত বহিয়েই বিল পাছ কৰা বুলি জানিব পৰা গৈছে। বিভাগীয় কৰ্তৃপক্ষৰ চকুত ধুলি দি এই সকল দুৰ্নীতিগ্ৰস্থ বিষয়াসকলে পঞ্চায়তখনত চলাইছে ব্যাপক লুণ্ঠন। যাৰ ফলত অৰ্ধ নিৰ্মিত পথ চোৱাৰে বাৰিষা কালত পথযাত্ৰীসকলে বাইকতো বাদেই খোজকাঢ়িও যাতায়াতৰ ক্ষেত্ৰত বাধা বিঘ্নিত হোৱাৰ সম্ভাৱনা আছে৷ সেয়েহে ধুলা গাঁও পঞ্চায়তত ৰূপায়ণ হোৱা আঁচনিবোৰত সংঘটিত হোৱা ব্যাপক দুৰ্নীতি সন্দৰ্ভত উচ্চ পৰ্যায়ৰ তদন্ত বিচাৰিছে স্থানীয় ৰাইজৰ লগতে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক ছফিকুল ইছলামে।

সতী ৰাধিকাৰ প্ৰতিমূৰ্ত্তিৰ তলত বন্তি প্ৰজ্বলন কৰি সতী ৰাধিকা দিৱস পালন অনুসূচিত জাতি ছাত্ৰ সন্থাৰ

শিৱসাগৰ

 শংকৰী যুগতেই জাতিবাদ আৰু অস্পৃশ্যতাবাদৰ বিৰুদ্ধে থিয় দিবলৈ সক্ষম হৈছিল অসমৰ কৈৱৰ্ত কোলত জন্মগ্ৰহণ কৰা এগৰাকী নাৰী, যাক জগতগুৰু শংকৰদেৱে সতী হিচাপে স্বীকৃতি দি গৈছে। সতী ৰাধিকা হ’ল সংস্কাৰমুখী অসমীয়া সমাজখনৰ বাবে এক আদৰ্শ। সতী ৰাধিকাই এক আলৌকিকতাৰে নিজা গুণ আৰু কৰ্মৰ জৰিয়তে সমগ্ৰ অসমৰ ধৰ্মীয় সমাজখনক এক উচিত শিক্ষা দি গৈছিল। সেইগৰাকী মহিয়সী নাৰীক স্মৰণ কৰি বৃহস্পতিবাৰে সতী ৰাধিকা দিৱসত সদৌ শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাই শিৱসাগৰ জিলাৰ নামডাংস্থিত সতী ৰাধিকাৰ প্ৰতিমূৰ্ত্তিৰ তলত বন্তি প্ৰজ্বলন কৰি সতী ৰাধিকা দিৱস পালন কৰে। সামাজিক দূৰত্ব বজাই ৰাখি পালন কৰা এই কাৰ্যসূচীত উপস্থিত থাকে সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক পৰশজ্যোতি দাসৰ লগতে শিৱসাগৰ জিলা সমিতিৰ সভাপতি মতিক্য প্ৰসাদ দাস, সম্পাদক মৃদুল দাস আৰু উপসভাপতি বিদ্যুৎ দাস। উল্লেখযোগ্য যে সতী ৰাধিকা দিৱসৰ দিনা সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাই সমগ্ৰ অসমবাসী ৰাইজক নিজা বাসগৃহতে বন্তি প্ৰজ্বলন কৰি এইবাৰৰ সতী ৰাধিকা দিৱস পালন কৰাৰ আহ্বান জনাইছিল। এই সন্দৰ্ভত কেন্দ্ৰীয় সাধাৰণ সম্পাদকগৰাকীয়ে কয় যে বৃহস্পতিবাৰে অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সমূহ জিলা সমিতি, আঞ্চলিক সমিতি, মহকুমা সমিতি, শাখা সমিতিৰ প্ৰতিজন বিষয়ববীয়াই নিজা নিজা বাসগৃহত বন্তি প্ৰজ্বলন কৰি সতী ৰাধিকা দিৱস পালন কৰিছে। তদুপৰি সন্থাৰ আহ্বানক সঁহাৰি জনোৱা অসমৰ প্ৰতিগৰাকী ব্যক্তিলৈ সন্থাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছে।

কাৰ্বি আংলং জিলাত উল্লেখনীয় সেৱা ১০৮ৰ

কাৰ্বি আংলং জিলাৰ অধীনত ১০৮ ব্যৱস্থাই জৰুৰীকালীন সেৱা আগবঢ়োৱা সেৱাই ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিছে

দেওপানী

সমগ্ৰ বিশ্বতেই ক’ভিড-১৯ মহামাৰীয়ে যি ত্ৰাস চলাই আছে তেনে ভয়ানক সময়তে দেশতো অব্যাহত আছে লকডাউন কাৰ্যসূচী৷ তেনে সময়তে অসম চৰকাৰৰ অধীনৰ এক জৰুৰীকালীন মানৱ সেৱাত উৎসৰ্গিত বিভাগ ১০৮ৰ কৰ্মচাৰীসকলেও আগবঢ়াই আহিছে তেওঁলোকৰ নিষ্ঠা আৰু কৰ্তব্যৰ পাৰদৰ্শিতা৷ সমগ্ৰ ৰাইজৰ লগতে পাহাৰীয়া জিলা কাৰ্বি আংলঙতো ১০৮ সেৱাই বিপদ কালত ৰাইজৰ কাষত ঠিয় দি আহিছে প্ৰতিটো ক্ষণত৷ বৰ্তমান জৰুৰীকালীন সময়ত কাৰ্বি আংলং জিলাৰ অধীনত ১০৮ ব্যৱস্থাই জৰুৰীকালীন সেৱা আগবঢ়োৱা সেৱাই ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিছে৷ চৰকাৰী তথ্য অনুসৰি এই সময়চোৱাত ৬৬ গৰাকী ক’ভিড-১৯ত, ৩৪৯ গৰাকী গৰ্ভৱতী, ১৭২ গৰাকী পেটৰ বিষত, ৬০ গৰকী টিউমাৰত, ৩৭ গৰাকী শ্বাসপ্ৰশ্বাস সমস্যাত, ৩৩ গৰাকী জ্বৰত, ৩৯ গৰাকী হৃদপিণ্ড আদি অসুখত ভোগা লোকক সেৱা আগবঢ়াইছে৷ ১০৮ সেৱাত জড়িতসকলৰ এনে মানৱ সেৱাৰ  বাবে বিভিন্ন অঞ্চলৰ ৰাইজে প্ৰশংসা কৰিছে৷

গৰৈমাৰীত ৰাইজৰ হাতত আটক মহিলাসহ ২ ড্ৰাগছ ব্যৱসায়ী

গৰৈমাৰীত ৰাইজৰ হাতত আটক মহিলাসহ ২ ড্ৰাগছ ব্যৱসায়ী

সোণতলী

দীৰ্ঘদিনৰে পৰা এচাম দুষ্ট চক্ৰই নিৰ্বিঘ্নে চলাই অহা ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে সচেতন ব্যক্তিসকলে বিশেষ তৎপৰতা অৱলম্বন কৰিছে দক্ষিণ কামৰূপত৷ উল্লেখ্য যে দক্ষিণ কামৰূপৰ ছয়গাঁও আৰক্ষী থানাৰ অন্তৰ্গত গৰৈমাৰীৰ চাম্পুপাৰা, শিঙিমাৰী অঞ্চলৰ পিছত এইবাৰ ঘোৰামাৰা গাঁৱত ১০ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ধৰা পৰিছে এক দম্পতী৷ জানিব পৰা মতে ড্ৰাগছ ব্যৱসায়ী দুজন ছয়গাঁৱৰ দাস পাৰা গাঁৱৰ জামাল উদ্দিন আৰু তেওঁৰ পত্নী নুৰজাহান বেগম৷ ইতিমধ্যে ধৃত ড্ৰাগছ ব্যৱসায়ী দুজনক ৰাইজে জোৰশিমুলী আৰক্ষীৰ হাতত গতাই দিছে৷  আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ী দুজনৰ পৰা দুটা মবাইল ফোন আৰু এটা নম্বৰবিহীন আপাছি বাইক জব্দ কৰিছে বুলি জানিব পৰা গৈছে৷ গৰৈমাৰী অঞ্চলত  বাৰে বাৰে সচেতন ৰাইজৰ হাতত ড্ৰাগছ ব্যৱসায়ী কৰায়ত্ত হোৱাৰ পিছতো জিলা প্ৰশাসন আৰু স্থানীয় আৰক্ষীয়ে কি কাৰণে এই অসামাজি চক্ৰটোৰ মূল ঘাটি উৎখাৎ কৰা নাই সেইটোৱে আজিৰ তাৰিখত সচেতন মহলৰ মাজত লাখটকীয়া প্ৰশ্ন উত্থাপন হৈছে৷

নভেল ক’ৰ’ণা ভাইৰাছ পটভূমিত প্ৰথমখন অসমীয়া গ্ৰন্থৰ প্ৰস্তুতি সম্পূৰ্ণ

ক'ৰ’ণা সম্পৰ্কীয় প্ৰথমখন অসমীয়া গ্ৰন্থ 'ক'ৰোনা- শ্বাসৰুদ্ধ সময়ৰ দস্তাবেজ'

নগাঁও

আজি বিশ্বৰ মানৱ জাতি তথা মানৱ সভ্যতা গভীৰ সংকটত। মাত্ৰ কেইটামান মাহৰ পূৰ্বে আধুনিক বিজ্ঞান তথা তথ্য প্ৰযুক্তিৰে আকাশ চুব পৰা চীনৰ য়ুহান প্ৰদেশত আবিৰ্ভাৱ ঘটিছিল এটা অচিন ভাইৰাছৰ। মাত্ৰ এটা সপ্তাহৰ ভিতৰত  সদাব্যস্ত য়ুহানলৈ এই অচিন ভাইৰাছটোৱে  নমাই আনিলে মৰিশালীৰ নিস্তব্ধতা। যি সময়ত নভেল ক’ৰ’ণা ক’ভিড-১৯ নামৰ ভাইৰাছে চীনত নৰসংহাৰ চলাইছিল সেইখিনি সময়ত সমগ্ৰ বিশ্ববাসীয়ে সপোনতো ভবা নাছিল এই ক’ভিড-১৯ৰ আগ্ৰাসনে মাত্ৰ কেইটামান মাহৰ ভিতৰত সমগ্র বিশ্বকে স্তব্ধ কৰি দিব বুলি। অতি তীব্ৰগতিত সংক্ৰমিত বিষাক্ত ক’ভিড-১৯এ সমগ্ৰ বিশ্বৰ দুশৰো অধিক দেশত প্ৰৱেশ কৰিবলৈ সময় লাগিল মাত্ৰ চাৰিটা মাহ।আজি বিশ্বৰ গতিশীল মানৱ জাতিক লকডাউনৰ নামত পিঞ্জৰাবদ্ধ কৰিলে নভেল ক’ৰোনাই। আধুনিক বিশ্বক গতিৰুদ্ধ কৰি দিয়া ক’ভিড-১৯ৰ ভয়াবহ নৰসংহাৰৰ ওচৰত হাৰ মানিবলৈ বাধ্য হ’ল বিশ্বৰ বহু শক্তিশালী ৰাষ্ট্ৰ। দিশহাৰা তথা অসহায় হৈ পৰিছে সৌৰজগতত বিচৰণ কৰি ফুৰা আধুনিক বিজ্ঞান৷ এই বিষাক্ত ভাইৰাছটো আৰু বিশ্ব মানৱৰ জীৱনলৈ নামি অহা অভিশপ্ত এই সময়খিনিৰ পটভূমিত নগাঁৱৰ সাংবাদিক মুৰুলী বৰুৱাই লিখি উলিয়াইছে ক’ৰ’ণা সম্পৰ্কীয় প্ৰথমখন অসমীয়া গ্ৰন্থ ‘ক’ৰোনা- শ্বাসৰুদ্ধ সময়ৰ দস্তাবেজ’৷ গ্ৰন্থখন প্ৰকাশৰ বাবে আগবাঢ়ি আহিছে অসমৰ এক অভিজাত প্ৰকাশন গোষ্ঠী নগাঁৱৰ ‘ক্ৰান্তীকাল’ প্ৰকাশন৷ প্ৰায় ২৫০ পৃষ্ঠাৰ এই গ্ৰন্থখনৰ বেটুপাতৰ পৰিকল্পনা প্ৰকাশক কৈলাশ ৰাজখোৱাৰ৷ জুন মাহৰ পহিলা সপ্তাহতে গ্ৰন্থ উন্মোচিত হ’ব৷

দৰঙৰ নামখলাত শিক্ষাৰ সজুলি প্ৰদান অধ্যাপক খনিন্দ্ৰ কলিতাৰ

দৰঙৰ নামখলাত শিক্ষাৰ সজুলি প্ৰদান অধ্যাপক খনিন্দ্ৰ কলিতাৰ ৷

দৰং

কৰ’নাৰ আতংকময় পৰিবেশত দেশজুৰি চলি থকা তৃতীয় পৰ্যায়ৰ লকডাউনৰ সময়ত ব্যতিক্ৰমী মহানুভৱতা৷ লকডাউনৰ সৰ্বাত্মকৰূপত প্ৰভাৱ পৰিছে অসমৰ প্ৰায়বোৰ অঞ্চলত৷ এই লকডাউন ফলত বহু মানুহৰ খাদ্য সামগ্ৰীৰ নাটনি হৈছে যদিও একাংশ দল-সংগঠন তথা ছাত্ৰ নেতা, সমাজ সচেতক ৰাইজ আগুৱাই আহিছে দৰিদ্ৰক সহায়ৰ উদ্দেশ্যে৷ ইফালে বিদ্যালয়বোৰত বন্ধৰ ফলত ছাত্ৰ-ছাত্ৰীসকল ঘৰতেই অধ্যয়নত ব্যস্ত৷ সেয়ে ছাত্ৰ-ছাত্ৰীৰ বাবে ব্যতিক্ৰমী উদেশ্য আগত ৰাখি উপস্থিত হ’ল দৰঙৰ স্বস্বগাঁও দগিয়াপাৰাত এজন শিক্ষিত লোক৷ এই গাঁওখনতে জন্মলাভ কৰা ঐতিহ্যমণ্ডিত দৰং মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক খনিন্দ্ৰ কুমাৰ কলিতা৷ সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য অৰূপ কলিতাক লগত লৈ প্ৰায় ১৫০জন ছাত্ৰ-ছাত্ৰীক পাঠদান কৰাৰ উপৰি কিছু শিক্ষাৰ সজুলি বিতৰণ কৰে৷ খনিদ্ৰ কলিতাই মতপ্ৰকাশ কৰে যে লকডাউন সময়ত যাতে ছাত্ৰ-ছাত্ৰীৰ ওপৰত কোনো ধৰণৰ  প্ৰভাৱ নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ সকলোকে আহ্বন জনায়৷

থানাত মহিলা আৰক্ষীক চৰ মৰাৰ ভাবুকি দি গ্ৰেপ্তাৰ ৰূপাৰানী ভূঞা : ন্যায়িক জিম্মালৈ প্ৰেৰণ

মঙলদৈ

অৱশেষত আৰক্ষী গ্ৰেপ্তাৰ কৰিলে বিৰ্তকিত প্ৰবক্তা ৰূপাৰাণী ভূঞাক। বুধবাৰে দৰং জিলা আৰক্ষীয়ে ৰূপাৰাণী ভূঞাক গ্ৰেপ্তাৰ কৰি বৰ্তমান থানাতে ৰাখিছে। প্ৰবক্তাগৰাকীয়ে কিছুদিনৰ পৰা সামাজিক মাধ্যমত আপলোড কৰা বিতৰ্কিত পোষ্টৰ ওপৰত ভিত্তি কৰি বহুকেইটা সংগঠনে এজাহাৰো দাখিল কৰিছিল। উল্লেখ্য যে মঙলদৈ থানাৰ মহিলা কোষৰ উপ পৰিদৰ্শিকাক দুৰ্ব্যৱহাৰ কৰাকলৈবুধবাৰে কাৰাগাৰলৈ প্ৰেৰণ কৰে মঙলদৈ মহাবিদ্যালয়ৰ প্ৰৱক্তা ৰূপাৰাণী ভূঞা। ছ’চিয়েল মিডিয়াত চৈয়দ আব্দুল মালিকৰ কবিতা বিকৃতকৰণ, সাম্প্ৰদায়িক পোষ্ট লিখা আদি কেবাটাও বিষয়কলৈ দৰং আৰক্ষীয়ে দিনৰ ভাগত সোধপোচ কৰি থকাৰ সময়তে তদন্তকাৰী বিষয়া টুইংকল গোস্বামীক চৰিয়াবলৈ উদ্যত হয়। এইলৈ ২৬৪/২০ নং গোচৰ ৰুজু কৰে আৰু আৰক্ষীয়ে কৰ্তব্যত বাধা দানৰ ধাৰাত কাৰাগাৰতৈ প্ৰেৰণ কৰে৷ লক্ষনীয় যে ভূঞাৰ বিৰুদ্ধে মঙলদৈ থানাত দুটা আৰু হাতীগাঁও থানাত মুঠতে ৩টা গোচৰ ৰুজু হয়। বিপৰীতে ভূঞাই ছ’চিয়েল মিডিয়াত ভাবুকি, অশালীন ব্যৱহাৰ কৰাকলৈ আন এটা গোচৰ ৰুজু কৰে। সমুদায় ৪টা গোচৰৰ তদন্ত চলি আছিল আৰু বুধবাৰে বক্তব্য গ্ৰহণৰ বাবে ভূঞা উপস্হিত হয় দিনৰ প্ৰায় ১২ বজাত। তদন্তৰ সময়ত পোনতে আৰক্ষী অধীক্ষকৰ কাৰ্যালয় আৰু পাছলৈ মঙলদৈ থানাৰ মহিলা কোষত দৰঙৰ হেডকোৱাৰ্টাৰ ডিএছপি মামনি হাজৰিকাই ভূঞাৰ বক্তব্য গ্ৰহণ কৰাৰ উপৰি উপ পৰিদৰ্শক টুইংকল গোস্বামীয়েও সোধপোচ কৰে। কিন্তু ভূঞাই বাৰে বাৰে তেওঁৰ বিৰুদ্ধে এফবিত পোষ্ট দিয়াসকলক কিয় আটক কৰা নাই তাকলৈ বাক বিতণ্ডাত লিপ্ত হয়। ইয়াৰ মাজতে বৈদ্যুতিন মাধ্যমত বক্তব্য ৰাখিবলৈ ওলাই অহাত ভূঞাক হাতত ধৰি বাধা দিয়াত গোস্বামীক চৰিয়াম বুলি ভাবুকি দিয়ে। সমগ্ৰ সময়চোৱাত তীব্ৰ বাক বিতণ্ডাৰ পাছত আবেলি ৫ বজাত উপ পৰিদৰ্শক গোস্বামীয়ে দিয়া এজাহাৰৰ ভিত্তিত কাৰাগাৰলৈ প্ৰেৰণ কৰা বুলি মঙলদৈ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিৰঞ্জন বৰুৱাই সদৰি কৰে। আৰক্ষীয়ে ভূঞাক আৰু জিম্মাত নলয় বুলিও প্ৰকাশ কৰে। ইপিনে ভূঞাক কৰায়ত্ত কৰাকলৈ গুণমুগ্ধসকলে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি হিন্দুৰ নাম ল’লেই সাম্প্ৰদায়িক হৈ যায় বুলি ক্ষোভ প্ৰকাশ কৰে। তেওলোকে ভূঞাই দাখিল কৰা আনখন এজাহাৰ সন্দৰ্ভত কি পদক্ষেপ লৈছে তাক লৈ প্ৰশ্নৰ অৱতাৰণা কৰিছে।