Home Blog Page 3454

গোলাঘাটৰ ব্যক্তিগত শিক্ষানুষ্ঠানৰ শিক্ষকৰ আৰ্থিক সাহায্য প্ৰদান

গোলাঘাট

গোলাঘাটৰ ব্যক্তিগত খণ্ডৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান শ্ৰী সত্য সাই বিদ্যা বিহাৰ বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী তথা কৰ্মচাৰীবৃন্দই ৰাজ্য চৰকাৰৰ ক’ভিড-১৯ পুঁজিলৈ তেওঁলোকৰ দৰমহাৰ পৰা মুঠ  ৪৩,৩৬৫ টকাৰ আৰ্থিক সাহায্য আগবঢ়ায়৷ শ্ৰী সত্য সাই বিদ্যা বিহাৰ বিদ্যালয়ৰ অধ্যক্ষ শুভাশীষ ৰাজখোৱাই গোলাঘাট জিলা প্ৰশাসনৰ জৰিয়তে এই ধনৰাশি ৰাজ্য চৰকাৰলৈ আগবঢ়ায়।

সোণতলীৰ বগুৰীগুৰি গাঁও পঞ্চায়তত চৰকাৰী চাউল বিতৰণত দুৰ্নীতি : কৰ্তৃপক্ষক অভিযোগ দাখিল বঞ্চিত হিতাধিকাৰীৰ

সোণতলী

চৰকাৰী চাউল বিতৰণৰ অনিয়ম জড়িত এজন অৱসৰী গাঁওবুঢ়াৰ পুত্ৰই নিজৰ ইচ্ছামতে হিতাধিকাৰীৰ মাজত চাউল বিতৰণ কৰি প্ৰকৃতক বঞ্চিত কৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ লগতে বঞ্চিতৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। লকডাউনত সমগ্ৰ ৰাজ্যৰ দৰিদ্ৰ লোকসকল অধিক পৰিমাণে ক্ষতি গ্ৰন্থ হৈছে। ৰেচন কাৰ্ড নথকা প্ৰতিগৰাকী দৰিদ্ৰ পৰিয়ালক ৫ কেজিকৈ চাউল দিয়াৰ নামত ব্যাপক অনিয়ম সংগঠিত হৈছে বগুৰিগুৰী গাঁও পঞ্চায়তত। ছমৰীয়া ৰাজহ চক্ৰৰ অধীনস্থ ৫৩ নম্বৰ বগুৰীগুৰিৰ প্ৰায় ১২১ গৰাকী দৰিদ্ৰ পৰিয়ালক ৰেচন কাৰ্ডত নাম নথকা চৰকাৰী বিনামূলীয়া চাউল নিদি বহু সংখ্যক ৰেচন কাৰ্ডধাৰী পৰিয়ালক চাউল দিয়াত ৰাইজ জাঙুৰ খাই উঠিছে । ডেকাচাং গাঁৱৰ এই দৰিদ্ৰ বঞ্চিত লোকসকলৰ নাম সুলভ মূল্যৰ দোকানীয়ে তালিকা স্থানীয় গাঁওবুঢ়াক দিয়ে যদিও ডেকাচাং গাঁৱৰ অৱসৰ প্ৰাপ্ত গাঁওবুঢ়া জবেদ আলীৰ পুত্ৰ আব্দুচ ছামাদ আৰু বৰ্তমান দায়িত্বত থকা গাঁওবুঢ়া আব্দুল কালামে নিজ মইমতালিৰে তালিকা প্ৰস্তুত কৰি একাংশ ৰেচন কাৰ্ডধাৰী লোককো চাউল বিতৰণ কৰাক লৈ সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্ঠি হৈছে। উল্লেখ্য যে বঞ্চিত দৰিদ্ৰ লোকসকলে ইতিমধ্যে এই সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষক লিখিত অভিযোগ দিছে।

এছবিআইত সঘন বিজুতি : গ্ৰাহক সেৱা কেন্দ্ৰত দুৰ্ভোগ।

টিংখাং

ভাৰতীয় ষ্টেট বেংকৰ কাৰিকৰী বিজুতিৰ বাবে গ্ৰাহকসকল সঘনে দুৰ্ভোগ ভূগিব লগা হৈছে। বিগত প্ৰায় এমাহ ধৰি এছ বি আইত হোৱা বিজুতিৰ বাবে গ্ৰাহকসকলৰ মাজত হাহাকাৰময় পৰিৱেশ সৃষ্টি হৈছে। মূলত কাৰিকাৰী বিজুতিৰ বাবে বেংকটোৰ কামকাজ এক প্ৰকাৰে স্থবিৰ হৈ পৰিছে বুলি জানিব পৰা গৈছে। জানিব পৰা মতে দেশৰ অন্যতম ৰাজহুৱা খণ্ডৰ বেংক প্ৰতিষ্ঠানটোত হোৱা কাৰিকৰী বিজুতিৰ বাবে গ্ৰাহকসকলে সময় মতে নিজৰ জমাকৃত ধন উলিওৱাৰ পৰা বঞ্চিত হ’ব লগা হৈ আহিছে। একেদৰে জৰুৰী সময়ছোৱাত আন ঠাইলৈ ধন পঠোৱাৰ ক্ষেত্ৰতো যথেষ্ট অসুবিধাৰ সন্মুখীন হ’ব লগা হৈছে। লকডাউনৰ পৰিপ্ৰেক্ষিতত দেশৰ দৰিদ্ৰ মহিলা, শ্ৰমিক, কৃষককে ধৰি বিভিন্ন লোকক কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে আৰ্থিক সাহায্য প্ৰদান কৰিছে।এই চৰকাৰী সাহায্য হিতাধিকাৰীৰ বেংক একাউণ্টত জমা কৰি আহিছে। বিশেষকৈ প্ৰধানমন্ত্ৰী জনধন যোজনা আঁচনিৰ অধীনত খোলা সমগ্ৰ দেশৰ দৰিদ্ৰ প্ৰতি গৰাকী মহিলাৰ একাউণ্টত  ৫০০ টকাকৈ জমা কৰিছে। প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ পেকেজৰ ধন এপ্ৰিল মাহৰ পাছত চলিত মাহৰ বাবে দ্বিতীয় কিস্তিৰ ধন সোমবাৰৰ পৰা হিতাধিকাৰী মহিলাসকলৰ একাউণ্টত জমা হৈছে। চৰকাৰে আগবঢ়োৱা আৰ্থিক সাহায্য বেংকৰ পৰা নিবলৈ সামাজিক ব্যৱধান বৰ্তাই ৰাখি হিতাধিকাৰীসকলে বেংকৰ সন্মুখনত দীঘলীয়া শাৰী পাতিব লগা হৈছে। কিন্তু ঘণ্টাৰ পাছত ঘণ্টা ধৰি শাৰী পতাৰ পাছতো হিতাধিকাৰী তথা গ্ৰাহকসকলে বেংকত হোৱা কৰিকৰী বিজুতিৰ বাবে ধন উলিওৱাৰ পৰা বঞ্চিত হ’ব লগা হৈছে। বেংক শাখাৰ লগতে গ্ৰাহক সেৱা কেন্দ্ৰসমূহত হোৱা চৰম অচলাৱস্থাই গ্ৰাহক সকলক মাজত ব্যাপক ক্ষোভ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। বেংকত হোৱা সঘন কাৰিকৰী বিজুতি অতি শীঘ্ৰে নিৰাময় কৰিবলৈ গ্ৰাহকসকলে সংশ্লিষ্ট কৰ্তৃপক্ষৰ প্ৰতি আহবান জনাইছে।

গোলাঘাটত ৭ মে’ৰ পৰা ঘৰে ঘৰে হ’ব ক’ভিড -১৯ৰ পৰীক্ষা

ক'ভিড-১৯ৰ লগত মুখামুখি হ’বলৈ ৰাজ্য চৰকাৰৰ নিৰ্দেশ অনুসৰি গোলাঘাটতো সাজু হৈছে জিলা প্ৰশাসন

 গোলাঘাট

 ক’ভিড-১৯ৰ লগত মুখামুখি হ’বলৈ ৰাজ্য চৰকাৰৰ নিৰ্দেশ অনুসৰি গোলাঘাটতো সাজু হৈছে জিলা প্ৰশাসন। মঙলবাৰে জিলা উপায়ুক্তৰ সভাকক্ষত  অনুষ্ঠিত হোৱা সংবাদমেলত এইকথা সদৰি কৰে উপায়ুক্ত বিভাস চন্দ্ৰ মোডীয়ে। জিলাখনৰ প্ৰায় দুই লাখ চৌত্ৰিছ হাজাৰ ঘৰত হ’ব ক’ভিড-১৯ পৰীক্ষণ। ইতিমধ্যে আঠাৱন্নটা স্বাস্থ্যকৰ্মীৰ দল গঠন কৰা হৈছে। এজনকৈ মেডিকেল অফিচাৰ সম্বলিত প্ৰতিটো গোটে জিলাখনৰ প্ৰতিটো অঞ্চলৰ প্ৰতিঘৰত কৰিব এই পৰীক্ষা।  কাৰোবাৰ শৰীৰত ক’ভিড-১৯ৰ কিবা লক্ষণ দেখা পালে দ্বিতীয় পৰ্যায়ত চিকিৎসক আৰু লেৱৰটৰী টেকনিচিয়ানৰ দল উপস্থিত হৈ উক্ত ব্যক্তিজনৰ দেহৰ নমুনা সংগ্ৰহ কৰিব। জিলাখনত থকা ১৪৪ টা ছাব চেন্টাৰৰ আশা কৰ্মী, এছ পি ডব্লিউ আদিৰ জৰিয়তে গঠন কৰা হৈছে এই চিকিৎসা  কৰ্মীৰ দলবোৰ। ইতিমধ্যে জিলাখনত ক’ৰ’ণা আক্ৰান্তৰ বাবে মুঠ ৬৭০ খন বিচনা প্ৰস্তুত কৰি তোলা হৈছে। পৰবৰ্তী সময়ত অধিক সম্প্ৰসাৰণ কৰিব। সমগ্ৰ বিশ্বতে এতিয়া এক আতংকময় পৰিবেশে বিৰাজ কৰা জীৱকুলৰ এনে সংকটৰ সময়ত ক’ৰ’ণাৰ সৈতে সাহসিকতাৰে মুখামুখি হ’বলৈ ৰাইজক আহ্বান জনাইছে। পৰীক্ষণৰ সময়ত কোনো অশুভ পৰিৱেশৰ সৃষ্টি নকৰি সকলো সময়তে প্ৰশাসনৰ লগতে চিকিৎসা কৰ্মীসকলক সহযোগ কৰি ক’ৰ’ণা প্ৰতিৰোধৰ বাবে একত্ৰিত হ’বলৈও অনুৰোধ কৰে। তদুপৰি এই সময়ছোৱাত কোনো সামাজিক বিৰোধ সৃষ্টি নহ’বৰ বাবে গাঁও পঞ্চায়তৰ সদস্য বা ৱাৰ্ডৰ সদস্যসকলৰ সহায় লোৱা বুলিও ব্যক্ত কৰে উপায়ুক্তগৰাকীয়ে। চেম্বাৰ্চ অৱ কমাৰ্চৰ লগত হোৱা আলোচনা মৰ্মে  লকডাউনৰ এই সময়ছোৱাত গোলাঘাট চহৰত দোকানবোৰ এ, বি, চি-তিনিটা গোটত বিভক্ত কৰি খোলাৰ ব্যৱস্থা কৰিছে। এ গোটৰ দোকানবোৰ খোলা থাকিলে বি আৰু চি বন্ধ থাকিব। অৱশ্যে অত্যাৱশ্যকীয় সামগ্ৰী, ফাৰ্মাচী, কৃষি সামগ্ৰী তথা হাৰ্ডৱেৰ দোকানবোৰ এই গোটত অন্তৰ্ভুক্ত নহ’ব। মঙলবাৰে চহৰখনৰ সকলো দোকানত এই মাৰ্ক কৰা হ’য় আৰু তৎকালীনভাৱে এই ব্যৱস্থা কাৰ্যকৰী হ’ব।

নিজা বাসগৃহতে বন্তি জ্বলাই সতী ৰাধিকা দিৱস পালনৰ আহ্বান অনুসূচিত জাতি ছাত্ৰ সন্থাৰ

শিৱসাগৰ

 অহা ৭ মে’ত সতী ৰাধিকা দিৱস৷ সতী ৰাধিকা অসমীয়া ধৰ্মীয় সমাজখনৰ এক দলীল। সতী ৰাধিকা সেইগৰাকী মহিয়সী নাৰী, যি জাতিভেদ আৰু অস্পৃশ্যতাৰ বিৰুদ্ধে থিয় দিবলৈ সক্ষম হৈছিল। সতী ৰাধিকা সেইগৰাকী নাৰী যিয়ে জাত্যাভিমানী আৰু ৰক্ষণশীল সমাজৰ মুখত চূন সানিবলৈ সক্ষম হৈছিল। শংকৰী যুগত নিজৰ গুণ আৰু কৰ্মৰ জৰিয়তে সতীত্বৰ চিনাকী দিবলৈ সক্ষম হৈছিল এইগৰাকী মহিয়সী নাৰী সতী ৰাধিকাই। এইদৰে মন্তব্য কৰে সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পৰশজ্যোতি দাস। তেওঁ কয় যে সংস্কাৰমুখী অসমীয়া সমাজখনৰ বাবে সতী ৰাধিকা হ’ল এক উজ্বল নিদৰ্শন। সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাই বিগত সময়ত অসমত সতী ৰাধিকা সমন্বয় ক্ষেত্ৰ স্থাপনৰ বাবে অসম চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছিল আৰু প্ৰতিবাদ পৰ্যন্ত সাব্যস্ত কৰিছিল। শেহতীয়াকৈ অসম চৰকাৰে এই দাবীৰ প্ৰতি সঁহাৰি জনাইছে আৰু মাজুলী জিলাতেই সতী ৰাধিকা সমন্বয় ক্ষেত্ৰ স্থাপনৰ কথা ঘোষণা কৰিছে। এয়া সমগ্ৰ জাতিটোৰ বাবে সন্থাৰ দ্বাৰা এক সাফল্য বুলি অভিহিত কৰিছে সম্পাদকজনে। সতী ৰাধিকা কৈৱৰ্ত কুলৰ জীয়ৰী হোৱাৰ বাবে কেৱল কৈৱৰ্ত কুলৰ পূজনীয় নাৰী নহয়, সতী ৰাধিকা সমগ্ৰ অসমৰ অসমীয়া সমাজৰ বাবে পৰম পূজনীয় মহিয়সী নাৰী বুলি অভিহিত কৰিছে সন্থাই। তেওঁ কয় যে যিহেতু এইবছৰ সতী ৰাধিকা দিৱস সামাজিকভাৱে উলহ মালহৰে পালন কৰাৰ পৰিবেশ নাই৷ সেয়ে অসমবাসী ৰাইজ, অনুসূচিত জাতি ৰাইজ তথা কৈৱৰ্ত জাতিৰ ৰাইজে অহা ৭ মে’ত সন্ধ্যা নিজা নিজা বাসগৃহতেই বন্তি প্ৰজ্বলন কৰি এইবাৰৰ সতী ৰাধিকা দিবস পালন কৰাৰ আহ্বান জনাইছে অনুসূচিত জাতি ছাত্ৰ সন্থাই।

চিৰাঙত খেতিপথাৰতে নষ্ট শাক-পাচলি

At Chirang vegetables are waste in the field.

পাণবাৰী

দেশত তৃতীয় পৰ্যায় লকডাউনৰ ফলত কৃষকৰ মাজত হাহাকাৰ হৈছে৷ লকডাউনৰ ফলত কৃষকৰ পাচলি পথাৰতে গেলি-পচি যাবলৈ ধৰাত চিৰাং জিলাৰ পাণবাৰী থানাৰ অন্তৰ্গত আলুখুন্দা অঞ্চলৰ কৃষকে মূৰে কপালে হাত দিব লগা হৈছে৷ উল্লেখ্য যে চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত বিষডোবা,১,২,৩ নং গৰাইমাৰী, বিচীমাৰী, নিজদামুগাঁও, আবগুৰী আদি অঞ্চলত শ শ বিঘা শাক-পাচলিৰ খেতিতে নষ্ট হৈ পৰিছে৷ মন কৰিব লগা যে বিলাহী, ভাত কেৰেলা, পটল, কোমোৰা, বেঙেনা, নেমু, কল, জিঙা আদি খেতিপথাৰতে পচিবলৈ ধৰিছে। ইফালে কুচলাইগুৰি গাঁৱত কৃষকসকলে এই বিলাহী খেতিৰ পৰা এটা বিলাহীও বিক্ৰী কৰিব পৰা নাই বজাৰত। বন্ধৰ ফলত খেতিপথাৰতে নষ্ট হৈছে পাচলী৷ একমাত্ৰ কৃষি প্ৰধান অঞ্চলত চৰকাৰে কৃষকসকলৰ কাৰণে বিভিন্ন আঁচনি ঘোষণা কৰে যদিও এই অঞ্চলবোৰত চৰকাৰৰ কোনো আঁচনিয়ে স্পৰ্শ নকৰে। লকডাউনত সকলোৱেই ঘৰত আবদ্ধ হৈ থকাৰ বাবে পাচলি কিনিবলৈ মানুহ নাই৷ যফলত কৃষকে মূৰে কপালে হাত দিব লগা অবস্থা হৈছে। বিজনী জিলা এবিএমছুয়ে এই কৃষকসকলক ক্ষতিপূৰণ দিবলৈ চৰকাৰক দাবী জনাইছে৷

শিৱসাগৰত বৃহৎ পৰিমাণৰ গুটখা জব্দ

শিৱসাগৰ

শিৱসাগৰ নগৰৰ থানামুখৰ ৪ নং ৱাৰ্ডৰ ইৰ্টাজা আনছাৰি নামৰ এজন লোকৰ ঘৰৰ পৰা আৰক্ষীয়ে এই বৃহৎ পৰিমাণৰ গুটখা জব্দ কৰিবলৈ সক্ষম হয়।মৰানৰ এক পাইকাৰী ব্যৱসায়ীৰ পৰা প্ৰায় ৭ লাখ ৬০ হাজাৰ টকাৰ গুটখা ক্ৰয় কৰিছিল আনছাৰিয়ে৷ মঙলবাৰে পুৱা গুটখাবোৰ গাড়ীৰ পৰা নমাই থকাৰ অৱস্থাত আৰক্ষীয়ে জব্দ কৰে। গুটখাখিনি জব্দ কৰাৰ লগতে আৰক্ষীয়ে ইৰ্টাজা আনছাৰি আৰু তেওঁৰ ভায়েকক জেৰাৰ বাবে জিম্মাত লৈছে।

দৰঙৰ পাথৰিঘাট ৰাজহ চক্ৰৰ ১৪ খন গাঁও বানপানীত বুৰ যোৱাৰ আশংকা

14 villagese under the Patharighat circle of Darrang will suspect to occure in flood.

দৰং  

দৰঙত লকডাউনৰ সময়ত ৰাতিৰ ভিতৰতে এটা ডোং একাংশ দুষ্ট চক্ৰৰ লোকে মাছৰ লোভত কেইবাঠাইতো বান্ধি পেলোৱাত সৃষ্টি হৈছে ব্যাপক  প্ৰতিক্ৰিয়া৷ যাৰ বাবে বাৰিষাৰ বানত প্ৰায় ১৪ খনকৈ গাঁৱৰ লোক এইবাৰ বুৰ যাব বানপানীত৷ পাথৰিঘাট ৰাজহ চক্ৰ এলেকাৰ পাতিদৰঙত এই ঘটনা সংঘটিত হৈছে৷ টংলাৰ পৰা পাথৰিঘাট দ্বিগজ নদীলৈ বৈ অহা বলনটি পাতিদৰঙৰ কেইবাঠাইতো একমাত্ৰ মাছৰ লোভত একাংশ দুষ্ট চক্ৰৰ লোকে বান্ধি পেলোৱাত বৃহত্তৰ ১৪ খন গাঁওৰ কৃষকৰ মাজত হাঁহাকাৰ সৃষ্টি হৈছে৷ দৰঙৰ পাথৰিঘাট ৰাজহ চক্ৰ এলেকাৰ প্ৰায়বোৰ গাঁৱেই  হৈছে বানপীড়িত এলেকা৷ গাঁওবোৰৰ লোকসকল কৃষিৰ ওপৰত নিৰ্ভৰ কৰি জীৱন নিৰ্বাহ কৰে যদিও একাংশ দুষ্ট চক্ৰৰ লোকে মাছৰ লোভত পাতিদৰঙৰ কেইবাঠাইতো ডোংটি বান্ধি পেলোৱাত বাৰিষা পাতিদৰং, কৈকাৰা, খাৰখোৱাপাৰা, হীৰাপাৰা, বৰেৰী, পোটাপুখুৰী, আঠকুৰিয়াপাৰাকে ধৰি প্ৰায় ১৪ খন গাঁৱৰ লোকে বাৰিষা কৰিব নোৱাৰিব খেতি৷ এই ১৪ খন গাঁৱৰ লোক বাৰিষা বানপানীত বুৰ যোৱাৰ আশংকা কৰিছে ডোংটি পুটি পেলোৱাৰ বাবে৷ এই সন্দৰ্ভত বৃহত্তৰ অঞ্চলৰ লোকে পাথৰিঘাট ৰাজহ চক্ৰ বিষয়াক ২৮ এপ্ৰিলত লিখিত অভিযোগ দাখিল কৰিছে যদিও এই পৰ্যন্ত ডোংটি পৰ্যবেক্ষণ কৰা নাই কোনো বিষয়াই৷ যদিহে বাৰিষাৰ পূৰ্বে ডোংটি মুক্ত নকৰে তেনেহ’লে বাৰিষা ১৪ খন গাঁৱৰ লোকে পাৰ কৰিব লাগিব দূৰ্বিসহ জীৱন৷ সেয়ে ডোংটি পৰ্যবেক্ষণ কৰি লকডাউনৰ সময়ত সুবিধা গ্ৰহন কৰি ৰাতিৰ ভিতৰতে ডোংটি পুটি পেলোৱা লোকসকলক চিনাক্ত কৰি উচিত শাস্তিৰ দাবী জনাইছে গঞা ৰাইজে৷

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নাজিৰা সংমণ্ডল কাৰ্যালয়ৰ একাংশ বিষয়াৰ বিৰুদ্ধে ব্যাপক অনিয়মৰ অভিযোগ : তদন্তৰ দাবী

নাজিৰা

 এফালে অব্যাহত আছে তৃতীয় পৰ্যায়ৰ লকডাউন, আনফালে বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত শ শ পৰিয়াল আৰু ইয়াৰ মাজতেই জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নাজিৰা সংমণ্ডল কাৰ্যালয়ৰ একাংশ বিষয়াৰ বিৰুদ্ধে উত্থাপন হৈছে ব্যাপক অনিয়মৰ। উল্লেখযোগ্য যে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নাজিৰা সংমণ্ডল কাৰ্যালয়ৰ অধীনত থকা প্ৰায়সংখ্যক পানী যোগান প্ৰকল্পয়েই সম্প্ৰতি বিকল হৈ আছে। কাৰ্যক্ষম নোহোৱাকৈ পৰিতক্ত অৱস্থাত বহু পানী যোগান প্ৰকল্প পৰি আছে নাজিৰা মহকুমাটোৰ প্ৰান্তে প্ৰান্তে। বিকল তথা কাৰ্যক্ষম নোহোৱাকৈ পৰি থকা প্ৰকল্প সমূহ মেৰামতিৰ ব্যৱস্থাৰে জনসাধাৰণক বিশুদ্ধ পানী যোগানৰ বাবে লক্ষ লক্ষ টকাৰ চৰকাৰী ধন অনুমোদন হয় যদিও প্ৰকল্প সমূহ কাৰ্যকৰী হৈ নুঠাত বৰ্তমানেও মহকুমাটোৰ গ্ৰামাঞ্চল আৰু নগৰাঞ্চলৰ শ শ পৰিয়াল খোৱাপানীৰ পৰা বঞ্চিত হৈ আছে এতিয়াও। ইফালে, নাজিৰা মহকুমাৰ বিভিন্ন অঞ্চলত বিকল হৈ পৰি থকা পানী যোগান প্ৰকল্পবোৰ মেৰামতিৰ বাবে কোটি টকা অনুমোদন হয় যদিও ইয়াৰ বহুকেইটা প্ৰকল্পৰ কাম নোহোৱাকৈয়ে একাংশ ঠিকাদাৰক বিল আদায় দিয়াৰ অভিযোগ উত্থাপিত হৈছে। অভিযোগ মতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নাজিৰাস্থিত কাৰ্যালয়ৰ অধীনৰ বিভিন্ন শিতানৰ বাবে প্ৰায় দুই কোটি আৱণ্টন হয় আৰু ইয়াৰ সৰহসংখ্যক ধন কাম নকৰাকৈ একাংশ ঠিকাদাৰক কমিছনৰ বিনিময়ত মোকলাই দিয়ে। কাৰ্যালয়টোৰ একাংশ বিষয়াৰ গোপন মিতিৰালিৰ ফলত বছা বছা ঠিকাদাৰে বিল আদায় পোৱাৰ বিপৰীতে আন এচাম ঠিকাদাৰে কাম সম্পূৰ্ণ কৰাৰ পিছতো প্ৰাপ্য বিলৰ পৰা মাহ মাহ ধৰি বঞ্চিত হোৱাৰো অভিযোগ উঠিছে। ফলত কাম সম্পূৰ্ণ কৰাৰ পিছতো গাঁঠীৰ ধন বিনিয়োগ কৰি প্ৰাপ্য বিল আদায় ননোপোৱাত শলঠেকত পৰিছে বহু ঠিকাদাৰ৷ পানী যোগান প্ৰকল্পৰ নামত অহা দুই কোটি টকা কোন কোন শিতানত ব্যয় হল বা কোনখন প্ৰকল্পৰ কাম সম্পূৰ্ণ হোৱাৰ পিছত বিল আদায় দিলে, ইয়াৰ এক তদন্তৰ দাবী জনাইছে সচেতন মহলে।

দৰঙত সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৬ বজালৈ সান্ধ্য আইন

মঙলদৈ

 সমগ্র বিশ্বত ছানি ধৰা ক’ভিড-১৯ৰ কবলৰ পৰা দেশবাসীক সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থত ১৭ মে’ পৰ্যন্ত লকডাউন বাহাল ৰাখিবলৈ নিৰ্দেশনা জাৰি কৰিছে৷ এই নিৰ্দেশনাৰ সমান্তৰালকৈ দৰং জিলাৰ দণ্ডাধীশে সমগ্র জিলাখনত সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৬ বজালৈকে ভাৰতীয় দণ্ডবিধি ১৪৪ ধাৰাৰ অধীনত সান্ধ্য আইন জাৰি কৰিছে৷ সেই সময়খিনিত জনসাধাৰণৰ চাল চলনত কঠোৰভাৱে নিষেধাজ্ঞা জাৰি কৰিছে। এই ক্ষেত্ৰত চিকিৎসা, আৰক্ষী, অগ্নিনিৰ্বাপণ, টেলিকম তথা বিদ্যুৎ  বিভাগৰ দৰে জৰুৰীকালীন সেৱাসমূহক  ৰেহাই  দিয়া হ’ব৷ সামগ্ৰী কঢ়িওৱা যান-বাহনৰ ক্ষেত্ৰত এই নিষেধাজ্ঞা প্ৰযোজ্য নহ’ব৷